Technology

কচ্চ ভূমিকম্প, ২০০১

সংকটকালত নেতৃত্ব, জীৱনৰ পুনৰ্নিৰ্মাণ আৰু দৃঢ়তা গঢ়ি তোলা

Posted On: 16 NOV 2026 11:38AM

 

গুজৰাটৰ কোনেও ইয়াৰ বাবে পূৰ্ব-অনুশীলন কৰা নাছিল, তথাপিও নেতৃত্বই সময়ৰ আহ্বানৰ প্ৰতি সঠিক সঁহাৰি জনাইছিল। যোগাযোগ ব্যৱস্থা বিকল হোৱাৰ সময়তো স্থানীয় বিষয়াসকলে থিতাতে সিদ্ধান্ত গ্ৰহণ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে সেইদিনাই ৫০০ কোটি টকা মুকলি কৰি দিছিল। দুসপ্তাহৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত গঠিত এক নতুন কৰ্তৃপক্ষই পুনৰুদ্ধাৰৰ দায়িত্ব গ্ৰহণ কৰে। গাঁওবাসীয়ে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰিছিল আৰু পৰিয়ালসমূহে নিজৰ ঘৰৰ পুনৰ্নিৰ্মাণত নেতৃত্ব দিছিল। জিলা ন্যায়াধীশসকলে অভিযোগ নিবাৰক হিচাপে কাৰ্যনিৰ্বাহ কৰি অভিযোগসমূহৰ উচিত শুনানি গ্ৰহণ কৰিছিল। ২০০১ চনৰ অক্টোবৰ মাহত মুখ্যমন্ত্ৰীয়ে এই প্ৰক্ৰিয়াটো আৰু অধিক ত্বৰান্বিত কৰে। এঘাৰগৰাকী জ্যেষ্ঠ সচিবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত তালুকসমূহত সপ্তাহান্তৰ দিনবোৰ অতিবাহিত কৰিছিল আৰু প্ৰতি সোমবাৰে মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিছিল। তেওঁলোকৰ লক্ষ্য আছিল: প্ৰথম বৰ্ষপূৰ্তিৰ ভিতৰত চকুত পৰাকৈ অগ্ৰগতি লাভ কৰা। ২০০৪ চনৰ ভিতৰত প্ৰায় ১.৮৭ লাখ ঘৰ পুনৰ্নিৰ্মাণ কৰা হৈছিল। কচ্ছে প্ৰমাণ কৰি দেখুৱালে যে নম্ৰতা, তৎপৰতা আৰু বিশ্বাসেৰে এটা অঞ্চল পুনৰ গঢ়ি তুলিব পাৰি।

গুজৰাটক সলনি কৰি পেলোৱা এটা পুৱা

২০০১ চনৰ ২৬ জানুৱাৰীৰ পুৱা ৮:৪৬ বজাত গুজৰাটত ৬.৯ প্ৰাবল্যৰ এক ভূমিকম্পৰ সৃষ্টি হৈছিল, যাৰ অভিকেন্দ্ৰ আছিল কচ্ছ। এই ভূমিকম্পই নেতৃত্ব, প্ৰশাসন আৰু প্ৰাতিষ্ঠানিক দৃঢ়তাৰ এক অভূতপূৰ্ব পৰীক্ষা লৈছিল। ই জিলাৰ প্ৰশাসনিক মহকুমা হিচাপে পৰিচিত ১৮১ টা তালুকৰ প্ৰায় ৭,৬৩৩ খন গাঁৱত প্ৰভাৱ পেলাইছিল। এই স্থানসমূহত প্ৰায় এক কোটি লোক ক্ষতিগ্ৰস্ত হৈছিল আৰু ১৩,৮০৫ জন লোকে প্ৰাণ হেৰুৱাইছিল, যাৰ ভিতৰত কেৱল কচ্ছৰেই আছিল ১২,২২১ জন। প্ৰায় ১.৬৭ লাখ লোক আহত হৈছিল আৰু সমগ্ৰ অঞ্চলটোতে মানুহৰ দুৰ্দশাৰ মাত্ৰা আছিল অপৰিসীম।

দুলাখৰো অধিক ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল আৰু প্ৰায় ন লাখ ঘৰৰ ক্ষতিসাধন হৈছিল, যাৰ ফলত অগণন পৰিয়াল আশ্ৰয়হীন হৈ পৰিছিল। ১০,০০০-ৰো অধিক ক্ষুদ্ৰ আৰু মজলীয়া ঔদ্যোগিক প্ৰতিষ্ঠানৰ উৎপাদন বন্ধ হৈ পৰাত জীৱিকাৰ ক্ষেত্ৰতো সমানেই আঘাত পৰিছিল। প্ৰায় ৫০,০০০ কাৰিকৰেও নিজৰ জীৱিকা হেৰুৱাইছিল, যিয়ে সেইদিনাৰ মানৱীয় দুৰ্দশাৰ সমান্তৰালভাৱে এক অৰ্থনৈতিক সংকটৰো সৃষ্টি কৰিছিল। গুজৰাটত ঘূৰ্ণী বতাহ আৰু বানপানীৰ বাবে জৰুৰীকালীন পৰিকল্পনা আছিল যদিও ভূমিকম্পৰ বাবে কোনো নিৰ্দিষ্ট পৰিকল্পনা নাছিল।

তথাপিও, এই দুৰ্যোগ মোকাবিলা কৰিবলৈ প্ৰয়োজন আছিল ক্ষিপ্ৰ সিদ্ধান্ত, সমন্বিত কাৰ্যপন্থা আৰু এনে এক দৃষ্টিভংগীৰে পৰিচালিত দৃঢ় নেতৃত্বৰ, যি কেৱল তাৎক্ষণিক সাহায্যতে আৱদ্ধ নাথাকি এখন অধিক নিৰাপদ আৰু দৃঢ় গুজৰাট পুনৰ্নিৰ্মাণৰ দিশলৈকো প্ৰসাৰিত হয়।

প্ৰথম কেইঘণ্টামান: পৰিস্থিতি নিশ্চিত হোৱাৰ পূৰ্বেই ব্যৱস্থা গ্ৰহণ

২৬ জানুৱাৰীত সাহায্য সঞ্চালকগৰাকীয়ে গান্ধীনগৰৰ ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষত উপস্থিত হৈ সাহায্য অভিযানৰ সমন্বয়ৰ কাম আৰম্ভ কৰে। যোগাযোগ ব্যৱস্থা অতি সোনকালেই এক বৃহৎ প্ৰত্যাহ্বান হৈ পৰে, কিয়নো মাত্ৰ এঘণ্টাৰ ভিতৰতে ৰাজধানী অঞ্চলত লেণ্ডলাইন আৰু ম'বাইল নেটৱৰ্ক বিকল হৈ পৰে। পৰৱৰ্তী কেইঘণ্টামানৰ বাবে চেটেলাইট ফোন আৰু আৰক্ষীৰ ৱায়াৰলেচেই যোগাযোগৰ প্ৰধান মাধ্যম হৈ পৰিছিল।

ভূজত আৰক্ষী অধীক্ষকে সন্ধান আৰু উদ্ধাৰ অভিযানৰ দায়িত্ব গ্ৰহণ কৰে আৰু জিলা উপায়ুক্তই সাহায্য তথা যোগান ব্যৱস্থাৰ নেতৃত্ব দিয়ে। প্ৰায় দুঘণ্টাৰ ভিতৰতে এখন মুকলি পথাৰত চিকিৎসা শিবিৰ স্থাপন কৰি আহতসকলক চিকিৎসা প্ৰদান কৰা হয়। ব্ৰিগেডিয়াৰলৈ কৰা অনুৰোধৰ পাছতে সেনাৰ এটা প্লেটুন মোতায়েন কৰা হয় আৰু আৰক্ষীৰ পৰিয়ালসমূহে এক সামূহিক পাকঘৰ আৰম্ভ কৰে। একেদিনাই ভাৰত চৰকাৰেও পদক্ষেপ গ্ৰহণ কৰে আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিৰ বৈঠক অনুষ্ঠিত হয়।

তাৎক্ষণিক সাহায্যৰ বাবে ৫০০ কোটি টকাৰ অনুমোদন জনোৱা হয়, যাৰ ফলত কোনো পলম নকৰাকৈ জৰুৰী কামবোৰ আৰম্ভ কৰাটো সম্ভৱ হৈ উঠে। সশস্ত্ৰ বাহিনী আৰু অৰ্ধ-সামৰিক বাহিনীয়ে উদ্ধাৰ অভিযানত যোগদান কৰে আৰু আকাশমাৰ্গেৰে অঞ্চলটোলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হয়।

অভিযানৰ বাবে এক প্ৰতিষ্ঠান: ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ গঠন

সাহায্যৰ প্ৰথম পৰ্যায়ৰ কাম আগবঢ়াৰ লগে লগে মনোযোগ পুনৰ্সংস্থাপন আৰু পুনৰ্নিৰ্মাণৰ বৃহত্তৰ কামৰ ফালে ঢাল খায়। ২০০১ চনৰ ৮ ফেব্ৰুৱাৰীত গুজৰাট চৰকাৰে 'গুজৰাট ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ' গঠন কৰে, যাক চমুকৈ জি এছ ডি এম এ (GSDMA) বুলি জনা যায়। পুনৰ্নিৰ্মাণৰ কাম তদাৰক কৰাৰ লক্ষ্যৰে এখন চৰকাৰী প্ৰস্তাৱৰ জৰিয়তে ইয়াক স্থাপন কৰা হৈছিল। এই আৰ্হিটো সম্পূৰ্ণ নতুন নাছিল, কিয়নো ই ওড়িশা ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ আৰ্হিৰ ওপৰত আধাৰিত আছিল। ১৯৯৯ চনৰ প্ৰলয়ংকাৰী ঘূৰ্ণী বতাহৰ পাছত পুনৰুদ্ধাৰ কাৰ্যৰ নেতৃত্ব দিবলৈ ৰাজ্য চৰকাৰে সেই সংস্থাটো গঠন কৰিছিল। ভাৰত চৰকাৰে গুজৰাটকো নিজাববীয়াকৈ একেধৰণৰ এটা সংস্থা গঠন কৰিবলৈ পৰামৰ্শ দিছিল।

প্ৰথম অৱস্থাত জি এছ ডি এম এ 'সমিতি পঞ্জীয়ন আইন'ৰ অধীনত পঞ্জীয়নভুক্ত এখন সমিতি আছিল আৰু পাছলৈ ই আইনৰ দ্বাৰা প্ৰতিষ্ঠিত এক কৰ্তৃপক্ষ হৈ পৰে। এই পৰিৱৰ্তন ২০০৩ চনৰ 'গুজৰাট ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আইন'ৰ জৰিয়তে সম্ভৱ হৈছিল, যিয়ে কৰ্তৃপক্ষটোক এক সুদৃঢ় আইনী ভিত্তি প্ৰদান কৰিছিল।

পৰিচালনা সমিতিয়ে নীতি আৰু নিৰ্দেশনাসমূহ নিৰ্ধাৰণ কৰিছিল আৰু মুখ্যমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ জ্যেষ্ঠ মন্ত্ৰী তথা জ্যেষ্ঠ বিষয়াসকলৰ সৈতে ই গঠিত হৈছিল। ২০০১ চনৰ ১০ ফেব্ৰুৱাৰীত পৰিচালনা সমিতিয়ে এনে এক প্ৰাৰম্ভিক ৰূপৰেখা গ্ৰহণ কৰে, য'ত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহত ৰাইজৰ অৰ্থাৎ গাঁৱৰ লোকসকলৰ অংশগ্ৰহণ নিশ্চিত কৰা হৈছিল।

গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত গাঁওসমূহ স্থানান্তৰ কৰাৰ সিদ্ধান্তত গাঁও সমিতি আৰু গ্ৰাম সভাসমূহে অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰত চৰকাৰে ২০০১ চনৰ ১৩ ফেব্ৰুৱাৰীত 'ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতি' গঠন কৰে। ভূমিকম্পৰ পাছৰ দিনবোৰত প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰা এক সৰ্বদলীয় বৈঠকৰ পাছতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল।

ব্যয়ৰ হিচাপ: পুনৰুদ্ধাৰৰ বাবে পুঁজিৰ যোগান

ইমান বৃহৎ পৰিসৰত এটা অঞ্চলৰ পুনৰ্নিৰ্মাণৰ বাবে প্ৰচুৰ পুঁজিৰ প্ৰয়োজন আছিল আৰু ইয়াৰ প্ৰথম পদক্ষেপটো আছিল ব্যয়ৰ হিচাপ নিৰ্ধাৰণ কৰা। বিশ্ব বেংক আৰু এছীয় উন্নয়ন বেংকৰ যৌথ মূল্যায়ন অনুসৰি ক্ষতিৰ পৰিমাণ আছিল ৯,৯০৯ কোটি টকা। এই দুয়োটা আন্তঃৰাষ্ট্ৰীয় ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানে পুনৰ্নিৰ্মাণৰ বাবে প্ৰায় ১০,৫৭৫ কোটি টকা ব্যয় হ'ব বুলি অনুমান কৰিছিল। পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে নিজাববীয়াকৈ এই ব্যয়ৰ পৰিমাণ প্ৰায় ৮,৪৯৬ কোটি টকা নিৰ্ধাৰণ কৰিছিল, যিটো এই যৌথ অনুমানতকৈ কম আছিল। প্ৰতিষ্ঠান দুটাই প্ৰথম অৱস্থাত ক্ৰমে ১ বিলিয়ন মাৰ্কিন ডলাৰ (১০০ কোটি টকা) আৰু ৫০০ মিলিয়ন মাৰ্কিন ডলাৰ (৫০ কোটি টকা)ৰ ঋণ অনুমোদন জনাইছিল। পৰ্যালোচনাৰ পাছত এই ঋণৰ পৰিমাণ ক্ৰমে ৭০৩ মিলিয়ন মাৰ্কিন ডলাৰ (৭০.৩ কোটি টকা) আৰু ৩৫০ মিলিয়ন মাৰ্কিন ডলাৰ (৩৫ কোটি টকা)লৈ সংশোধন কৰা হয়। ৰাজ্য চৰকাৰে মুঠ ব্যয়ৰ প্ৰায় ৩০ শতাংশ, অৰ্থাৎ প্ৰায় ২,৬০৩ কোটি টকা নিজৰ পুঁজিৰ পৰা বহন কৰিছিল।

গৰাকীৰ দ্বাৰা পৰিচালিত ব্যৱস্থা: পৰিয়ালসমূহৰ মুখ্য ভূমিকা

পুঁজি নিশ্চিত হোৱাৰ পাছতে চৰকাৰে গৃহ নিৰ্মাণৰ প্ৰতি মনোনিৱেশ কৰে আৰু ২০০১ চনৰ ২৩ ফেব্ৰুৱাৰীত চাৰিটা গৃহ নিৰ্মাণ সাহায্য পেকেজ ঘোষণা কৰে। ক্ষয়ক্ষতিৰ পৰিমাণ, ভূমিকম্পৰ আশংকা আৰু বসতিৰ প্ৰকাৰ অনুসৰি এই সাহায্যৰ পৰিমাণ ভিন্ন আছিল। পৰৱৰ্তী সময়ত ২০০১ চনৰ ২৪ এপ্ৰিলত কচ্ছৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত চাৰিখন চহৰ— ভূজ, ভাচাউ, অংজাৰ আৰু ৰাপাৰৰ বাবে পঞ্চমটো পেকেজ ঘোষণা কৰা হয়।

পুনৰ্নিৰ্মাণ নীতিত 'গৰাকীৰ দ্বাৰা পৰিচালিত' এক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, যাৰ অধীনত পৰিয়ালসমূহে ঠিকাদাৰৰ পৰিৱৰ্তে নিজেই নিজৰ ঘৰ পুনৰ্নিৰ্মাণ কৰিছিল। পুনৰ্নিৰ্মাণ কাৰ্যত সহায় কৰিবলৈ চৰকাৰে পৰিয়ালসমূহক আৰ্থিক সাহায্য, কাৰিকৰী নিৰ্দেশনা আৰু সুৰক্ষিত ঘৰৰ আৰ্হি প্ৰদান কৰিছিল। বেচৰকাৰী সংস্থা আৰু ব্যক্তিগত অংশীদাৰসকলেও এই কাৰ্যত অংশগ্ৰহণ কৰিছিল আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্ব কাৰ্যসূচীৰ অধীনত তুলি লোৱা গাঁওসমূহত ঘৰ নিৰ্মাণ কৰিছিল। এই কাৰ্যসূচীৰ অধীনত প্ৰতিটো পক্ষই পুঁজিৰ বৰঙণি আগবঢ়াইছিল আৰু নিৰ্মাণকাৰ্য আগবঢ়াৰ লগে লগে পৰ্যায়ক্ৰমে ধন মুকলি কৰি দিয়া হৈছিল। চৰকাৰী নথি-পত্ৰসমূহত এই সমগ্ৰ কাৰ্যসূচীটোক 'পুনৰ্নিৰ্মাণ প্লাছ' হিচাপে বৰ্ণনা কৰা হৈছিল, যাক 'অধিক উন্নত ৰূপত পুনৰ্নিৰ্মাণ' বুলিও জনা যায়।

বাস্তৱ ক্ষেত্ৰত ৰূপায়ণ: কাৰ্যকৰীকৰণত নেতৃত্ব

ক্ষয়ক্ষতিৰ মূল্যায়ন

প্ৰথম পদক্ষেপটো আছিল ক্ষয়ক্ষতিৰ মূল্যায়ন কৰা, যাক জি-১ ৰ পৰা জি-৫ লৈকে এটা মাপকাঠিত শ্ৰেণীভুক্ত কৰা হৈছিল। এই মাপকাঠিত জি-১ মানে আছিল সামান্য ক্ষতি আৰু জি-৫ মানে আছিল সম্পূৰ্ণ ধ্বংস বা মেৰামতি কৰিব নোৱাৰা ক্ষতি। মুঠ ৪,৫৯২ জন লোকক লৈ গঠিত ২,০৫১ টা দলে জৰীপ চলাইছিল, যাৰ ভিতৰত ১,৭৯৪ জন ৰাজহ বিষয়া আছিল। প্ৰতিটো জৰীপ দলত তিনিজনকৈ সদস্য আছিল আৰু জৰীপ প্ৰক্ৰিয়াত স্থানীয় ৰাইজক জড়িত কৰা হৈছিল। পৰিয়ালসমূহে পুনৰ জৰীপৰ বাবে অনুৰোধ কৰিব পাৰিছিল আৰু ইয়াৰ সুবিধাৰ্থে আবেদনৰ সময়সীমা বৃদ্ধি কৰা হৈছিল।

অভিযোগ নিবাৰণ

অভিযোগসমূহ গাঁও সমিতি, জিলা সমিতি আৰু জিলা ন্যায়াধীশৰ দ্বাৰা নিষ্পত্তি কৰা হৈছিল। প্ৰতিখন জিলাতে জিলা ন্যায়াধীশগৰাকীক 'অভিযোগ নিবাৰক' হিচাপে নিযুক্ত কৰা হৈছিল। অভিযোগ নিবাৰক হৈছে এনে এগৰাকী বিষয়া যিয়ে প্ৰশাসনৰ বিৰুদ্ধে ৰাইজৰ অভিযোগসমূহৰ তদন্ত কৰে। অভিযোগ নিবাৰকে ৰাইজৰ পৰা পোনপটীয়াকৈ অভিযোগ গ্ৰহণ কৰিব পাৰিছিল আৰু সেইবোৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিব পাৰিছিল। ২০০৩ চনৰ অক্টোবৰ মাহলৈকে, অভিযোগ নিবাৰকসকলে ৪৭,১৫৬ খন আৱেদন লাভ কৰিছিল আৰু ইয়াৰে প্ৰায় ৯৯ শতাংশ নিস্পত্তি কৰা হৈছিল।10

প্ৰশাসনিক গাঁথনি

ৰাজ্য, জিলা, তালুক আৰু গাঁও পৰ্যায়ত এক চাৰিশৰীয়া গাঁথনি কাৰ্যকৰী কৰা হৈছিল আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত তালুকসমূহত অতিৰিক্ত জিলা উপায়ুক্ত নিযুক্তি দিয়া হৈছিল। প্ৰতিখন গাঁৱতে 'গ্ৰাম নৱৰচনা সমিতি' নামৰ এখন সমিতিয়ে সেই গাঁৱৰ পুনৰ্নিৰ্মাণৰ কাম তদাৰক কৰিছিল। ইয়াৰ সদস্যসকলৰ ভিতৰত আছিল চৰপঞ্চ অৰ্থাৎ নিৰ্বাচিত গাঁওপ্ৰধান, এগৰাকী মহিলা সদস্য, আৰু পিছপৰা শ্ৰেণী তথা সংখ্যালঘু সম্প্ৰদায়ৰ সদস্যসকল। প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বেচৰকাৰী সংস্থাৰ এজন প্ৰতিনিধিও এই সমিতিৰ অংশ আছিল।

চৰকাৰী বিভাগসমূহে কামবোৰ ৰূপায়ণ কৰিছিল, আনহাতে মুখ্য কাৰ্যবাহী বিষয়া ড° পি. কে. মিশ্ৰৰ নেতৃত্বত কৰ্তৃপক্ষই সেইবোৰৰ সমন্বয় আৰু নিৰীক্ষণ কৰিছিল। জিলা উপায়ুক্তসকলে যুটীয়া মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু কামৰ অনুমোদন দ্ৰুত কৰিবলৈ এখন কাৰ্যকৰী হাতপুথি প্ৰস্তুত কৰা হৈছিল।

সাহায্য আৰু গুণগত মানৰ ব্যৱস্থা

হিতাধিকাৰীসকলক কিস্তিত সাহায্য প্ৰদান কৰা হৈছিল, য'ত প্ৰতিটো পৰ্যায়তে এগৰাকী অভিযন্তাই নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ প্ৰমাণপত্ৰ প্ৰদান কৰিছিল।

মুঠ ১,০৮২ টা সামগ্ৰী বেংকে চিমেণ্ট আৰু অন্যান্য সামগ্ৰী যোগান ধৰিছিল, লগতে প্ৰায় ৩০,০০০ ৰাজমিস্ত্ৰী আৰু ৬,২০০ গৰাকী অভিযন্তাক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

প্ৰায় ২.৬ লাখ ঘৰ স্বতন্ত্ৰভাৱে পৰিদৰ্শন কৰা হৈছিল আৰু পুনৰ্নিৰ্মাণ কৰা ঘৰসমূহ স্বামী আৰু স্ত্ৰীৰ নামত যুটীয়াভাৱে পঞ্জীয়ন কৰা হৈছিল। নতুন নিৰ্মাণকাৰ্যত ভূমিকম্প-প্ৰতিৰোধী আৰু ঘূৰ্ণী বতাহ-প্ৰতিৰোধী ব্যৱস্থাসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল।

অগ্ৰগতিৰ পৰ্যালোচনা আৰু নতুন গতিবেগ সঞ্চাৰ

২০০১ চনৰ অক্টোবৰ মাহলৈকে হোৱা অগ্ৰগতিৰ পৰ্যালোচনাত সফলতাৰ লগতে মনোযোগৰ প্ৰয়োজন হোৱা কিছুমান সমস্যাও পোহৰলৈ আহে। কেইবাটাও পৰিয়ালে তেতিয়াও তম্বুৰ তলত বাস কৰি আছিল আৰু কিছুমান কাৰ্যালয় তথা বিদ্যালয় অস্থায়ী ভৱনৰ পৰাই চলি আছিল। গ্ৰাম্যাঞ্চলৰ তুলনাত চহৰ অঞ্চলৰ পুনৰ্নিৰ্মাণৰ কাম লেহেমীয়া আছিল, কিয়নো ইয়াৰ বাবে মাটিৰ জৰীপ, পথ বহলকৰণ আৰু মাটিৰ পুনৰ আবণ্টনৰ প্ৰয়োজন আছিল। ভূমিকম্পৰ পাছত নিৰ্মাণ কৰা কিছুমান নতুন গাঁৱত পানীৰ নাটনি বা স্থান সম্পৰ্কীয় অসুবিধাৰ বাতৰি পোৱা গৈছিল। আৱৰ্জনা পৰিষ্কাৰ কৰাৰ সন্দৰ্ভতো ব্যৱস্থা গ্ৰহণ কৰা হৈছিল, য'ত ২৭৬ গৰাকী চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা লোৱা হৈছিল। একেটা বিষয়তে স্থানীয় নিকায়ৰ সৈতে জড়িত ৭৩৮ জন লোকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰা হৈছিল।

২০০১ চনৰ অক্টোবৰ মাহত শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে আৰু ইয়াৰ পাছতে অগ্ৰগতিৰ এক নতুন পৰ্যালোচনা কৰা হয়। পৰ্যালোচনাৰ পাছত, বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ এঘাৰগৰাকী জ্যেষ্ঠ সচিবক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত তালুকসমূহৰ দায়িত্ব অৰ্পণ কৰা হয়। প্ৰতিগৰাকী সচিবে ২০০২ চনৰ জানুৱাৰী মাহৰ শেষলৈকে প্ৰতিটো সপ্তাহান্তত তিনিদিনকৈ নিজৰ নিৰ্ধাৰিত অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল। এই সময়ছোৱাত প্ৰতি সোমবাৰে মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ মূল লক্ষ্য আছিল ২০০২ চনৰ ২৬ জানুৱাৰীত ভূমিকম্পৰ প্ৰথম বৰ্ষপূৰ্তিৰ পূৰ্বেই চকুত পৰাকৈ অগ্ৰগতি লাভ কৰা। ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু সচিবসকলৰ পৰামৰ্শৰ ভিত্তিত কেইবাটাও নীতিগত আৰু কাৰ্যকৰী সমস্যাৰ সমাধান কৰা হৈছিল। এই পদক্ষেপসমূহৰ ফলস্বৰূপে পৰৱৰ্তী মাহবোৰত পুনৰ্নিৰ্মাণ আৰু পুনৰ্সংস্থাপনৰ গতি বৃদ্ধি পাইছিল।

ঘৰ, চহৰ আৰু জীৱিকা: ২০০৪ চনলৈ হোৱা অগ্ৰগতি

 

গৃহ নিৰ্মাণ

মেৰামতিৰ কাম প্ৰথম বছৰতে প্ৰায় সম্পূৰ্ণ হৈছিল, আনহাতে পৰৱৰ্তী বছৰবোৰত পুনৰ্নিৰ্মাণৰ কাম ক্ৰমান্বয়ে আগবাঢ়িছিল। ২০০২ চনৰ জানুৱাৰী মাহলৈকে প্ৰায় ৭.৭ লাখ ঘৰ মেৰামতি কৰা হৈছিল আৰু প্ৰায় ৬০,০০০ ঘৰ পুনৰ্নিৰ্মাণ কৰা হৈছিল।

পুনৰ্নিৰ্মাণ কৰা ঘৰৰ সংখ্যা ২০০৩ চনৰ জানুৱাৰীত প্ৰায় ১.৪৩ লাখলৈ আৰু ২০০৪ চনৰ জানুৱাৰীত প্ৰায় ১.৮৭ লাখলৈ বৃদ্ধি পায়। মুঠ নিৰ্ধাৰিত লক্ষ্য আছিল প্ৰায় ২.১৫ লাখ ঘৰ, সেয়েহে ২০০৪ চনৰ জানুৱাৰীৰ পৰিসংখ্যা আছিল লক্ষ্যৰ ৮৭ শতাংশ।

শিক্ষা আৰু স্বাস্থ্য

 

২০০৪ চনৰ জানুৱাৰী মাহলৈকে, মেৰামতিৰ বাবে চিনাক্ত কৰা আটাইকেইটা, অৰ্থাৎ ৪২,৬৭৮ টা প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা মেৰামতি কৰা হৈছিল। ধ্বংসপ্ৰাপ্ত ৮,২১২ টা শ্ৰেণীকোঠাৰ ভিতৰত তেতিয়ালৈকে ৭,৪৬৯ টা পুনৰ্নিৰ্মাণ কৰা হৈছিল, যিটো আছিল মুঠ পৰিমাণৰ ৯১ শতাংশ।

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ অৰ্থসাহায্যৰে ভূজৰ জিলা অসামৰিক চিকিৎসালয়খন পুনৰ্নিৰ্মাণ কৰা হৈছিল। প্ৰায় ১১৪ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত এই চিকিৎসালয়খনত 'বেছ আইছ'লেশ্বন' নামৰ এক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছিল, যিয়ে ভৱনসমূহক ভূমিকম্প প্ৰতিৰোধ কৰাত সহায় কৰে। ২০০৪ চনৰ ১৪ জানুৱাৰীত চিকিৎসালয়খন উদ্বোধন কৰা হয়, যাৰ জৰিয়তে স্বাস্থ্যখণ্ডৰ পুনৰুদ্ধাৰৰ এক গুৰুত্বপূৰ্ণ অংশ সম্পূৰ্ণ হৈ উঠে। ইয়াৰ উপৰিও ছয়খন সামূহিক স্বাস্থ্য কেন্দ্ৰ, ২৪ খন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, ১৮৪ খন উপ-কেন্দ্ৰ আৰু ১৮৩ খন অংগনৱাড়ী কেন্দ্ৰও নিৰ্মাণ কৰা হৈছিল।

চহৰৰ পুনৰ্নিৰ্মাণ

নগৰ পৰিকল্পনা আৰু নতুন আন্তঃগাঁথনিৰ বাবে ভূজ, অংজাৰ, ভাচাউ আৰু ৰাপাৰত অঞ্চল উন্নয়ন কৰ্তৃপক্ষ গঠন কৰা হৈছিল। এই কৰ্তৃপক্ষসমূহে পৰিকল্পনা প্ৰস্তুত কৰিবলৈ পৰামৰ্শদাতা প্ৰতিষ্ঠানসমূহক নিয়োজিত কৰিছিল, নিৰ্মাণৰ অনুমতি প্ৰদান কৰিছিল আৰু স্থানান্তৰিত কৰিবলগীয়া স্থানসমূহৰ উন্নয়ন কৰিছিল।

চাৰিখন চহৰৰ ভিতৰত তিনিখনৰ বাবে নগৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল, যাৰ বাবে হাজাৰ হাজাৰ মাটিৰ জৰীপ কৰিবলগীয়া হৈছিল আৰু বিবাদসমূহ নিষ্পত্তি কৰিবলগীয়া হৈছিল। নগৰীয়া আন্তঃগাঁথনিৰ কামৰ ভিতৰত প্ৰায় ৪০৩ কিলোমিটাৰ পথ, ৫৪৬ কিলোমিটাৰ পানীৰ পাইপলাইন আৰু ৫০৪ কিলোমিটাৰ নলা নিৰ্মাণৰ কাম অন্তৰ্ভুক্ত আছিল।

উন্নয়নৰ পৰিকল্পনা, নগৰ পৰিকল্পনা আৰু ঠিকাদাৰ নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছতহে এই কামবোৰ আৰম্ভ কৰিব পৰা গৈছিল। এই প্ৰকল্পত ১৩৪ টা পৌৰ ভৱনো অন্তৰ্ভুক্ত আছিল, যাৰ প্ৰায় ৪০ শতাংশ কাম ২০০৪ চনৰ জানুৱাৰী মাহৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিছিল।

জীৱিকা আৰু উদ্যোগ

ভাৰত চৰকাৰ আৰু গুজৰাট চৰকাৰে কচ্ছত নতুন ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ বাবে কৰ ৰেহাইৰ কথা ঘোষণা কৰিছিল। এই ৰেহাইসমূহৰ ভিতৰত সামগ্ৰীৰ ওপৰত আৰোপ কৰা আৱকাৰী শুল্ক, বিক্ৰী কৰ আৰু চুংগী কৰৰ ৰেহাই অন্তৰ্ভুক্ত আছিল। ২০০৪ চনৰ মাৰ্চ মাহলৈকে প্ৰায় ৪,৭৮৫ কোটি টকাৰ প্ৰস্তাৱিত বিনিয়োগেৰে ১৫১ টা নতুন ঔদ্যোগিক প্ৰকল্প কচ্ছত স্থাপন কৰা হৈছিল।

এক স্থায়ী ঐতিহ্য: দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰতিষ্ঠানসমূহ

এই পুনৰুদ্ধাৰ কাৰ্যই স্থায়ী সংস্কাৰৰো সূচনা কৰিছিল আৰু ২০০২ চনৰ ছেপ্টেম্বৰ মাহত গুজৰাটে 'ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা নীতি' গ্ৰহণ কৰিছিল। ২০০৩ চনত 'গুজৰাট ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা আইন' প্ৰণয়ন কৰা হৈছিল, যিয়ে দুৰ্যোগ নিবাৰণৰ কামক এক সুদৃঢ় আইনী ভিত্তি প্ৰদান কৰিছিল।

'গুজৰাট দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান' স্থাপন কৰা হৈছিল আৰু বিষয়া তথা সম্প্ৰদায়ৰ সদস্যসকলক প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। সমগ্ৰ ৰাজ্যখনৰ ৪৮৪ খন গাঁৱত 'আফাট সজ্জত সেনা' নামৰ গাঁও পৰ্যায়ৰ প্ৰস্তুতি দল গঠন কৰা হৈছিল।

২০০২ চনত ৰাজ্য চৰকাৰে গ্ৰাম সভাসমূহ সক্ৰিয় কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল আৰু দুৰ্যোগৰ প্ৰস্তুতিক ইয়াৰ এক স্থায়ী কাৰ্যসূচী হিচাপে অন্তৰ্ভুক্ত কৰিছিল। এই কামৰ স্বীকৃতি স্বৰূপে ২০০৩ চনত ৰাষ্ট্ৰসংঘৰ দুৰ্যোগ হ্ৰাসকৰণৰ 'ছাচাকাৱা বঁটা' প্ৰদান কৰা হৈছিল।

২০০৪ চনত প্ৰশাসনত উদ্ভাৱনৰ বাবে 'কমনৱেলথ এছ'চিয়েশ্যন ফৰ পাব্লিক এডমিনিষ্ট্ৰেচন এণ্ড মেনেজমেন্ট'ৰ তৰফৰ পৰা 'স্বৰ্ণ বঁটা' প্ৰদান কৰা হৈছিল। একেলগে এই সকলোবোৰ উন্নয়নমূলক কাম সমগ্ৰ দেশত প্ৰযোজ্য হোৱা ২০০৫ চনৰ 'দুৰ্যোগ ব্যৱস্থাপনা আইন'ৰ পূৰ্বেই সম্পন্ন হৈছিল।

নেতৃত্বৰ বিশ্লেষণ: কচ্ছৰ পৰা পোৱা ছটা শিক্ষা

 

প্ৰথমে কাম কৰক, তাৰ পাছত পৰিচালনা কৰক: প্ৰথম এঘণ্টাৰ ভিতৰতে লেণ্ডলাইন আৰু ম'বাইল নেটৱৰ্ক বিকল হোৱাৰ পাছতো কেইঘণ্টামানৰ ভিতৰতে সাহায্য প্ৰদান আৰম্ভ হৈছিল। ভূজত স্পষ্ট ভূমিকা আৰু একেদিনাই অনুষ্ঠিত ৰাষ্ট্ৰীয় সংকট ব্যৱস্থাপনা সমিতিৰ বৈঠকে সঁহাৰি প্ৰক্ৰিয়াটো সক্ৰিয় কৰি ৰাখিছিল।

অভিযানৰ বাবে এক প্ৰতিষ্ঠান গঢ়ি তোলা: মুখ্যমন্ত্ৰীৰ পৌৰোহিত্যত পৰিচালনা সমিতি আৰু স্পষ্ট নিৰ্দেশনাৰে দুসপ্তাহৰ ভিতৰতে জি এছ ডি এম এ গঠন কৰা হৈছিল। এই আৰ্হিটো ওড়িশাৰ পৰা গ্ৰহণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ২০০৩ চনৰ আইনখনৰ জৰিয়তে ইয়াক এক সুদৃঢ় আইনী ভিত্তি প্ৰদান কৰা হৈছিল।

ৰাইজক কেন্দ্ৰবিন্দুত ৰখা: চৰকাৰৰ পৰা লাভ কৰা আৰ্থিক সাহায্য, কাৰিকৰী নিৰ্দেশনা আৰু সুৰক্ষিত আৰ্হিৰ সহায়ত পৰিয়ালসমূহে নিজেই নিজৰ ঘৰ পুনৰ্নিৰ্মাণ কৰিছিল। গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত গাঁওসমূহ স্থানান্তৰ কৰাৰ সিদ্ধান্ততো গাঁও সমিতি আৰু গ্ৰাম সভাসমূহৰ মতামতে গুৰুত্ব লাভ কৰিছিল।

ব্যৱস্থাটোত নিৰপেক্ষতা গঢ়ি তোলা: মুকলি জৰীপ, পুনৰ জৰীপৰ অনুৰোধ আৰু প্ৰতিখন জিলাতে থকা অভিযোগ নিবাৰকে পৰিয়ালসমূহক তেওঁলোকৰ কথা কোৱাৰ সুযোগ দিছিল। পৰ্যায়ক্ৰমে ধনৰ পৰিশোধ আৰু প্ৰায় ২.৬ লাখ ঘৰৰ স্বতন্ত্ৰ পৰিদৰ্শনে নিৰ্মাণৰ গুণগত মান ৰক্ষা কৰাত সহায় কৰিছিল।

সততাৰে পৰ্যালোচনা কৰা আৰু ত্ৰুটি সংশোধন কৰা: ২০০১ চনৰ অক্টোবৰৰ পৰ্যালোচনাত পৰিয়ালসমূহে তম্বুত বাস কৰা সমস্যাৰ পৰা আৰম্ভ কৰি চহৰ অঞ্চলৰ লেহেমীয়া পুনৰ্নিৰ্মাণলৈকে সমস্যাসমূহ মুকলিকৈ তালিকাভুক্ত কৰা হৈছিল। তাৰ পাছত জ্যেষ্ঠ সচিবসকল, সাপ্তাহিক পৰ্যালোচনা আৰু এক নিৰ্দিষ্ট সময়সীমাৰ ব্যৱস্থাই কামৰ গতি বৃদ্ধিত সহায় কৰিছিল।

কেৱল ভৱন নহয়, সামৰ্থ্যও এৰি যোৱা: গুজৰাটে এখন নীতি, এখন আইন, এটা প্ৰশিক্ষণ প্ৰতিষ্ঠান আৰু ৪৮৪ খন গাঁৱত প্ৰস্তুতি দল লাভ কৰিছিল। এই প্ৰতিষ্ঠানসমূহক ২০০৩ চনত ছাচাকাৱা বঁটা আৰু ২০০৪ চনত স্বৰ্ণ বঁটাৰে স্বীকৃতি প্ৰদান কৰা হৈছিল।

 

কচ্চ ভূমিকম্প ২০০১

******

PIB Research/RD/RR

(Explainer ID: 160866) आगंतुक पटल : 47
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: हिन्दी , Bengali , English , Urdu , Kannada