Rural Prosperity

লাখপতি দিদি পদক্ষেপ

পৰিয়ালৰ আয় বৃদ্ধি কৰাৰ পৰা মহিলাৰ নেতৃত্বত গ্ৰাম্য উদ্যোগ গঢ়ি তোলালৈ

Posted On: 15 NOV 2026 12:11PM

লাখপতি দিদি পদক্ষেপে মহিলাসকলৰ উদ্যোগশীলতা আৰু জীৱিকাৰ বিভিন্ন উৎসৰ বিকাশৰ জৰিয়তে পৰিয়ালসমূহৰ বাবে বহনক্ষম আয়ৰ ব্যৱস্থা গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হৈছে। এই পদক্ষেপটো দীনদয়াল অন্ত্যোদয় যোজনা–ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ জৰিয়তে আত্মসহায়ক গোটসমূহৰ নেটৱৰ্কক ব্যৱহাৰ কৰি গ্ৰাম্য মহিলাসকলক আৰ্থিক সুবিধা, দক্ষতা বিকাশৰ সুযোগ আৰু বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰা হয়। এই পদক্ষেপৰ ৰূপায়ণত নীতি পৰিকল্পনা, প্ৰতিষ্ঠানিক ব্যৱস্থা শক্তিশালীকৰণ আৰু সম্প্ৰদায়ৰ সক্ৰিয় অংশগ্ৰহণৰ এক পৰ্যায়ক্ৰমে গ্ৰহণ কৰা পদ্ধতি প্ৰতিফলিত হৈছে।

২০২৬ চনৰ জুন মাহলৈকে এই পদক্ষেপৰ জৰিয়তে ৩.৭৬ কোটি মহিলাক ‘লাখপতি দিদি’ হিচাপে গঢ়ি তোলা হৈছে। ২০২৯ চনৰ মাৰ্চ মাহৰ ভিতৰত এই সংখ্যা ৬ কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদে কৰা এক স্বতন্ত্ৰ মূল্যায়ন অনুসৰি, লাখপতি দিদি পৰিয়ালসমূহৰ গড় মাহিলি ঘৰুৱা আয় ৬১ শতাংশ বৃদ্ধি পাইছে আৰু গড় মাহিলি সঞ্চয়ৰ পৰিমাণ ৬১.৭ শতাংশ বৃদ্ধি পাইছে।

জীৱন নিৰ্বাহৰ ন্যূনতম পৰ্যায়ৰ পৰা বহনক্ষম জীৱিকাৰ দিশে

লাখপতি দিদি পদক্ষেপটো গ্ৰাম্য ভাৰতত মহিলাসকলৰ অৰ্থনৈতিক অংশগ্ৰহণ শক্তিশালী কৰাৰ এক উল্লেখযোগ্য প্ৰচেষ্টা। বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি আৰু উদ্যোগৰ বিকাশৰ জৰিয়তে পৰিয়ালসমূহৰ আয় বৃদ্ধি কৰাই এই পদক্ষেপৰ মূল লক্ষ্য। ২০২৩ চনৰ ১৫ আগষ্টত চৰকাৰে এই পদক্ষেপৰ কথা ঘোষণা কৰিছিল। প্ৰাৰম্ভিক পৰ্যায়ত আত্মসহায়ক গোটৰ (এছ.এইচ.জি.) সৈতে জড়িত পৰিয়ালৰ ২ কোটি মহিলাক এই পদক্ষেপৰ অধীনলৈ অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত এই লক্ষ্য বৃদ্ধি কৰি ৩ কোটি কৰা হয়। ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ২০২৯ চনৰ মাৰ্চৰ ভিতৰত ৬ কোটি ‘লাখপতি দিদি’ গঢ়ি তোলাৰ লক্ষ্যৰ কথা প্ৰকাশ কৰা হয়।

‘লাখপতি দিদি’ হৈছে এনে এগৰাকী আত্মসহায়ক গোটৰ সদস্যা, যাৰ পৰিয়ালৰ বাৰ্ষিক আয় কমেও ১ লাখ টকা। এই মাপকাঠিত ব্যক্তিগত উপাৰ্জনৰ পৰিৱৰ্তে সমগ্ৰ পৰিয়ালৰ মুঠ আয় বিবেচনা কৰা হয়। যোগ্য কৃষি আৰু অকৃষি কাৰ্যকলাপৰ পৰা হোৱা উপাৰ্জন এই লক্ষ্যত অন্তৰ্ভুক্ত কৰা হয়। সকলো ব্যয় বাদ দিয়াৰ পিছত আয়ৰ পৰিমাণ গণনা কৰা হয় আৰু কৃষিৰ বিভিন্ন ঋতু অথবা ব্যৱসায়িক চক্ৰজুৰি এই আয়ৰ ধাৰাবাহিকতা আৰু বহনক্ষমতা অটুট থাকিব লাগে।

এই পদক্ষেপটো দীনদয়াল অন্ত্যোদয় যোজনা–ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ প্ৰতিষ্ঠানিক নেটৱৰ্কৰ ওপৰত ভিত্তি কৰি গঢ়ি তোলা হৈছে। ইয়াৰ উদ্দেশ্য হৈছে গ্ৰাম্য মহিলাসকলক কেৱল জীৱন নিৰ্বাহৰ বাবে কৰা কাৰ্যকলাপৰ সীমাৰ পৰা উলিয়াই আনি অধিক বহনক্ষম জীৱিকাৰ সুযোগ প্ৰদান কৰা। এই পদক্ষেপৰ পদ্ধতিত জীৱিকাৰ উৎসৰ বৈচিত্ৰ্যকৰণ, আৰ্থিক অন্তৰ্ভুক্তি, দক্ষতা বিকাশ আৰু উদ্যোগ স্থাপনৰ বাবে সহায়-সমৰ্থনক একত্ৰিত কৰা হৈছে।

৩.৭৬ কোটি গ্ৰাম্য আত্মসহায়ক গোটৰ মহিলাক ‘লাখপতি দিদি’ হিচাপে গঢ়ি তোলা হৈছে

২০২৬ চনৰ জুন মাহলৈকে ৩.৭৬ কোটি গ্ৰাম্য আত্মসহায়ক গোটৰ মহিলাক ‘লাখপতি দিদি’ হিচাপে গঢ়ি তোলা হৈছে আৰু ৫.৭০ কোটি মহিলাক সম্ভাৱ্য ‘লাখপতি দিদি’ হিচাপে চিনাক্ত কৰা হৈছে।

ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, আহমেদাবাদে লাখপতি দিদি পদক্ষেপৰ বিষয়ে কৰা এক স্বতন্ত্ৰ মূল্যায়নত ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৬,৫৩১ গৰাকী উত্তৰদাতাক সামৰি লোৱা হৈছিল। এই মূল্যায়নত পৰিয়ালসমূহৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি পৰিলক্ষিত হৈছে। পৰিয়ালৰ গড় মাহিলি আয় ৬১ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে গড় মাহিলি সঞ্চয় ৬১.৭ শতাংশ বৃদ্ধি পাইছে।

প্ৰতিষ্ঠানিক ভেটি: ডি.এ.ৱাই.-এন.আৰ.এল.এম. আৰু আত্মসহায়ক গোটৰ  নেটৱৰ্ক

লাখপতি দিদি পদক্ষেপটো দীনদয়াল অন্ত্যোদয় যোজনা–ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (ডি.এ.ৱাই.-এন.আৰ.এল.এম.)-ৰ জৰিয়তে ৰূপায়ণ কৰা হয়। চৰকাৰে ২০১১ চনৰ জুন মাহত ডি.এ.ৱাই.-এন.আৰ.এল.এম. আৰম্ভ কৰিছিল। এই অভিযানৰ অধীনত দৰিদ্ৰ গ্ৰাম্য পৰিয়ালৰ মহিলাসকলক আত্মসহায়ক গোট গঠন কৰি সংগঠিত কৰা হয়। এই গোটসমূহে নিয়মীয়া সঞ্চয় আৰু সামূহিক আৰ্থিক কাৰ্যকলাপক উৎসাহিত কৰে। ইয়াৰ উপৰি, গোটৰ সদস্যাসকলক বেংক, ঋণ, প্ৰশিক্ষণ আৰু বজাৰৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে।

২০২৬ চনৰ ১২ নৱেম্বৰলৈকে ডি.এ.ৱাই.-এন.আৰ.এল.এম. ৰ অধীনত প্ৰায় ১০.১৩ কোটি সদস্যাক ৯৪.৪০ লাখ আত্মসহায়ক গোটৰ সৈতে সংগঠিত কৰা হৈছিল। আত্মসহায়ক গোটসমূহে এক বিস্তৃত প্ৰতিষ্ঠানিক গাঁথনিৰ জৰিয়তে কাম কৰে। গাঁও পৰ্যায়ৰ সংগঠন আৰু ক্লাষ্টাৰ পৰ্যায়ৰ ফেডাৰেচনসমূহে এই নেটৱৰ্ক অধিক শক্তিশালী কৰে।

এই প্ৰতিষ্ঠানিক ভেটিয়ে লাখপতি দিদি পদক্ষেপ ৰূপায়ণৰ বাবে এক কাৰ্যকৰী ব্যৱস্থা প্ৰদান কৰিছে। ইয়াৰ ফলত চৰকাৰে পৃথক গাঁথনি গঢ়ি তোলাৰ পৰিৱৰ্তে ইতিমধ্যে থকা সম্প্ৰদায়ভিত্তিক প্ৰতিষ্ঠানসমূহৰ ওপৰত নিৰ্ভৰ কৰি এই পদক্ষেপ আগবঢ়াই নিব পাৰিছে।

পদক্ষেপটোৰ ক্ৰমবিকাশ আৰু সম্প্ৰসাৰণ

এই পদক্ষেপটো ধাৰাবাহিকভাৱে গ্ৰহণ কৰা কেইবাটাও নীতিগত সিদ্ধান্ত আৰু ৰূপায়ণমূলক ব্যৱস্থাৰ জৰিয়তে ক্ৰমে বিকশিত আৰু সম্প্ৰসাৰিত হৈছে। ২০২১ চনত চৰকাৰে ৰাজ্যসমূহক আত্মসহায়ক গোটৰ সৈতে জড়িত পৰিয়ালসমূহৰ মাজত বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টি কৰা আৰু কৃষি তথা অকৃষি কাৰ্যকলাপৰ উৎসৰ বৈচিত্ৰ্যকৰণক উৎসাহিত কৰিবলৈ পৰামৰ্শ দিছিল। ২০২৩ চনৰ আগষ্ট মাহত চৰকাৰে ২ কোটি গ্ৰাম্য আত্মসহায়ক গোটৰ মহিলাক ‘লাখপতি দিদি’ হিচাপে গঢ়ি তোলাৰ লক্ষ্য ঘোষণা কৰে। এই লক্ষ্য পূৰণৰ বাবে সম্প্ৰদায়ভিত্তিক প্ৰতিষ্ঠানসমূহ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি চৰকাৰে ২০২৩ চনৰ নৱেম্বৰৰ পৰা ২০২৪ চনৰ মাৰ্চ মাহলৈকে সম্প্ৰদায়ভিত্তিক কৰ্মীসকলৰ বাবে সুসংগঠিত প্ৰশিক্ষণৰ ব্যৱস্থা কৰে। প্ৰায় ৫.৫ লাখ ব্যক্তিক ১২টা প্ৰশিক্ষণ মডিউলৰ জৰিয়তে মুঠ ১৫ ঘণ্টাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।

২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত অন্তৱৰ্তীকালীন বাজেটত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘লাখপতি দিদি’ৰ লক্ষ্য ৩ কোটিলৈ বৃদ্ধি কৰা হয়। এই সময়ছোৱাতে লাখপতি দিদি পৰ্টেলো মুকলি কৰা হয়। ২০২৪ চনৰ মে’ মাহত ডিজিটেল আজীৱিকা পঞ্জীয়ন ব্যৱস্থাৰ জৰিয়তে প্ৰতিটো পৰিয়ালৰ জীৱিকাৰ উৎস আৰু আয়ৰ তথ্য নথিভুক্ত কৰাৰ কাম আৰম্ভ হয়। এই প্ৰক্ৰিয়াৰ অধীনত ল’ক’ছ (LokOS) প্লেটফৰ্মত মহিলাসকলক ‘সম্ভাৱ্য লাখপতি দিদি’ হিচাপে চিনাক্ত কৰা হয়। প্ৰশিক্ষিত সম্প্ৰদায়িক সম্পদ ব্যক্তিসকলে প্ৰতিটো পৰিয়ালৰ বাবে ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰে। ইয়াৰ পিছত পৰিয়ালসমূহক দক্ষতা বিকাশ, বিত্তীয় সাহায্য, সম্পদ আৰু বজাৰৰ সুবিধাৰ ক্ষেত্ৰত সমন্বিত সহায় আগবঢ়োৱা হয়। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক অভিযানসমূহে একেটা পঞ্জীয়নৰ জৰিয়তে এই পদক্ষেপৰ অগ্ৰগতি নিৰীক্ষণ কৰে। ২০২৪ চনৰ আগষ্ট মাহৰ ভিতৰত ১ কোটি মহিলাই ‘লাখপতি দিদি’ৰ মৰ্যাদা লাভ কৰিছিল।

ইয়াৰ পিছত ২০২৫ চনৰ জুলাইত ‘দিদি বিজনেছ প্লেন’সঁজুলি আৰু সম্প্ৰদায়িক সম্পদ ব্যক্তিসকলৰ বাবে বিত্তীয় সাক্ষৰতা সম্পৰ্কীয় এপ্লিকেচন মুকলি কৰাৰ জৰিয়তে অধিক ডিজিটেল পদক্ষেপ গ্ৰহণ কৰা হয়। ২০২৫ চনৰ আগষ্ট মাহত ‘লাখপতি দিদি’ হিচাপে গঢ়ি তোলা মহিলাৰ সংখ্যা ২ কোটিলৈ বৃদ্ধি পোৱাৰ কথা প্ৰকাশ কৰা হয়। ২০২৫ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্ধাৰিত সময়ৰ পূৰ্বেই এই পদক্ষেপে ৩ কোটি মহিলাৰ লক্ষ্যত উপনীত হয়। পৰৱৰ্তী সময়ত ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰে ২০২৯ চনৰ মাৰ্চৰ ভিতৰত ৬ কোটি ‘লাখপতি দিদি’ গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় লক্ষ্য পুনৰ নিৰ্ধাৰণ কৰে।

 

চিনাক্তকৰণ আৰু ৰূপায়ণৰ কাঠামো

এই পদক্ষেপত সম্প্ৰদায়ৰ নেতৃত্বত চিনাক্তকৰণ আৰু ৰূপায়ণৰ এক প্ৰক্ৰিয়া অনুসৰণ কৰা হয়। ইয়াৰ অধীনত সামাজিক আৰু অৰ্থনৈতিক শ্ৰেণী নিৰ্বিশেষে আত্মসহায়ক গোটৰ সকলো সদস্যাক সমান সুযোগ প্ৰদান কৰা হয়। আলোচনাৰ জৰিয়তে সম্ভাৱ্য ‘লাখপতি দিদি’সকলক চিনাক্ত কৰা হয়। প্ৰশিক্ষিত সমুদায়িক সম্পদ ব্যক্তিসকলে এই প্ৰক্ৰিয়াত সহায় কৰে। তেওঁলোকে পৰিয়ালসমূহৰ জীৱিকাৰ উৎসসমূহৰ মূল্যায়ন কৰাৰ লগতে মহিলাসকলক অতিৰিক্ত আয়ৰ সুযোগ চিনাক্ত কৰাত সহায় কৰে। এই পদক্ষেপৰ ৰূপায়ণৰ কাঠামোত কেইবাটাও পৰ্যায় অনুসৰণ কৰা হয়।

1. চিনাক্তকৰণ: আত্মসহায়ক গোটৰ নেটৱৰ্ক আৰু ল’ক’ছ প্লেটফৰ্মৰ জৰিয়তে সম্ভাৱ্য হিতাধিকাৰীসকলক চিনাক্ত কৰা হয়।

2. আয়ৰ মূল্যায়ন: পৰিয়ালৰ জীৱিকাৰ উৎস, আয় আৰু ব্যয়ৰ সবিশেষ তথ্য নথিভুক্ত কৰা হয়। ডিজিটেল আজীৱিকা পঞ্জীয়নে নিৰীক্ষণৰ বাবে এক উমৈহতীয়া কাঠামো প্ৰদান কৰে।

3. উদ্যোগৰ পৰিকল্পনা: সম্প্ৰদায়িক সম্পদ ব্যক্তিসকলে প্ৰতিগৰাকী মহিলাৰ পৰিয়ালৰ বাবে পৃথক ব্যৱসায়িক পৰিকল্পনা প্ৰস্তুত কৰে। এই পৰিকল্পনাসমূহ একত্ৰিত কৰি উমৈহতীয়া প্ৰয়োজনীয়তা আৰু বিভিন্ন খণ্ডৰ উদ্যোগৰ সম্ভাৱনা চিনাক্ত কৰা হয়।

4. ৰূপায়ণৰ ক্ষেত্ৰত সহায়-সমৰ্থন: মহিলাসকলক তিনি বছৰ ধৰি সমন্বিতভাৱে সহায় আগবঢ়োৱা হয়। ইয়াৰ ভিতৰত প্ৰশিক্ষণ, বিত্তীয় সাহায্য, জীৱিকাৰ বাবে প্ৰয়োজনীয় সম্পদ আৰু বজাৰত প্ৰৱেশৰ সুবিধা অন্তৰ্ভুক্ত।

5. নিৰীক্ষণ: ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক অভিযানসমূহে ডিজিটেল তথ্যৰ জৰিয়তে পদক্ষেপৰ অগ্ৰগতি পৰ্যালোচনা কৰে। ৰাজ্যিক অভিযানসমূহে প্ৰতিবেদিত সফলতাৰ তথ্যসমূহৰ সত্যতাও পৰীক্ষা কৰে।

এই প্ৰক্ৰিয়াই পৰিয়াল পৰ্যায়ৰ পৰিকল্পনাক প্ৰতিষ্ঠানিক সহায়-সমৰ্থনৰ সৈতে সংযুক্ত কৰে। ইয়াৰ উপৰি, স্থানীয় জীৱিকাৰ প্ৰয়োজনীয়তা অনুসৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাতো সহায় কৰে।

নেতৃত্বৰ বাস্তৱ ৰূপায়ণ: কৌশলগত পৰিকল্পনাৰ পৰা কাৰ্যকৰীকৰণলৈ

এই পদক্ষেপৰ ৰূপায়ণত নীতি পৰিকল্পনা, প্ৰতিষ্ঠানিক ব্যৱস্থা শক্তিশালীকৰণ আৰু সম্প্ৰদায়ৰ সংগঠিত অংশগ্ৰহণৰ ক্ষেত্ৰত এক পৰ্যায়ক্ৰমে গ্ৰহণ কৰা পদ্ধতি প্ৰতিফলিত হৈছে।

• এই পদক্ষেপৰ প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছিল ২০২১ চনৰ ২১ অক্টোবৰত, যেতিয়া চৰকাৰে ৰাজ্যসমূহলৈ এখন পৰামৰ্শাৱলী জাৰি কৰিছিল। ইয়াত দীনদয়াল অন্ত্যোদয় যোজনা–ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ পৰিয়ালসমূহৰ মাজত কৃষি আৰু অকৃষি উভয় ক্ষেত্ৰতে বহনক্ষম আৰু বৈচিত্ৰ্যপূৰ্ণ জীৱিকাৰ উৎস গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ২০২১ চনৰ ২৯ ডিচেম্বৰত চৰকাৰে ৰাজ্যসমূহক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনায়।

• পৰৱৰ্তী সময়ত, ২০২২ চনৰ ১০ জুন তাৰিখৰ এখন পত্ৰযোগে পৰিয়ালৰ আয়ৰ ব্যৱধান চিনাক্ত কৰা আৰু লক্ষ্যভিত্তিক পদক্ষেপৰ পৰিকল্পনাৰ বাবে প্ৰমাণভিত্তি প্ৰস্তুত কৰাৰ উদ্দেশ্যে ম’বাইল এপ্লিকেচন-ভিত্তিক পৰিয়ালৰ আয় সমীক্ষা প্ৰৱৰ্তন কৰা হয়।

• ২০২৩ চনৰ ৬ ছেপ্টেম্বৰত চৰকাৰে এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰে, য’ত ৰাজ্যিক অভিযানসমূহ, উন্নয়ন সহযোগী সংস্থাসমূহ আৰু সংশ্লিষ্ট মন্ত্ৰালয়সমূহে অংশগ্ৰহণ কৰে। এই সন্মিলনত চৰকাৰে ‘২ কোটি লাখপতি আত্মসহায়ক গোটৰ দিদি গঢ়ি তোলাৰ কৌশলগত টোকা’ প্ৰকাশ কৰে। এই কৌশলত ডি.এ.ৱাই.-এন.আৰ.এল.এম. ৰ বিদ্যমান নেটৱৰ্কৰ সদ্ব্যৱহাৰৰ জৰিয়তে এক প্ৰতিষ্ঠানভিত্তিক পদ্ধতি গ্ৰহণ কৰা হৈছিল। এই কৌশল প্ৰস্তুত কৰোঁতে চাৰিটা গুৰুত্বপূৰ্ণ বিষয় বিবেচনা কৰা হৈছিল। বহনক্ষম জীৱিকাৰ কাৰ্যকলাপ আৰু ঋণ পৰিশোধৰ সামৰ্থ্য নিশ্চিত কৰিবলৈ অতিৰিক্ত ঋণৰ প্ৰয়োজন আছিল। পৰিয়ালৰ আয় জোখাৰ বাবে এক সামঞ্জস্যপূৰ্ণ মূল্যায়ন ব্যৱস্থা প্ৰয়োজন আছিল। ৰাজ্যসমূহৰ সামৰ্থ্যৰ মাজত থকা পাৰ্থক্যৰ বাবে স্থানীয় পৰিস্থিতি অনুসৰি সহায় আগবঢ়োৱাৰ প্ৰয়োজনীয়তা আছিল। লগতে, পৰিয়াল পৰ্যায়ৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ সম্প্ৰদায়ভিত্তিক প্ৰতিষ্ঠানসমূহক পৰ্যাপ্ত প্ৰশিক্ষণ দিয়াৰো প্ৰয়োজন আছিল। এই বিষয়সমূহ ২০২৩ চনৰ ১০ অক্টোবৰত প্ৰধানমন্ত্ৰীৰ সন্মুখত উপস্থাপন কৰা হয়। পৰৱৰ্তী সময়ত গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এখন বিস্তৃত কাৰ্যপৰিকল্পনা দাখিল কৰে আৰু ২০২৩ চনৰ ১৬ অক্টোবৰত ৰূপায়ণৰ বাবে কাৰ্যকৰী নিৰ্দেশনাসমূহ জাৰি কৰে।

• ৰাজ্যসমূহৰ সৈতে হোৱা আলোচনাৰ জৰিয়তে জীৱিকাৰ ১২টা অগ্ৰাধিকাৰপ্ৰাপ্ত উপ-খণ্ড চিনাক্ত কৰা হয়। ইয়াৰ ভিতৰত বাঁহ, মৌ, ছাগলী পালন, কুকুৰা পালন আৰু তছৰ ৰেচম আদি অন্তৰ্ভুক্ত আছিল।

• ২০২৪ চনজুৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাষণ আৰু প্ৰত্যক্ষ মত-বিনিময়ৰ জৰিয়তে এই পদক্ষেপৰ ৰূপায়ণৰ ক্ষেত্ৰত নেতৃত্বৰ ধাৰাবাহিক মনোযোগ অব্যাহত থাকে। প্ৰধানমন্ত্ৰীয়ে ‘মন কি বাত’ আৰু অন্যান্য ৰাষ্ট্ৰীয় ভাষণত এই পদক্ষেপৰ কথা উল্লেখ কৰে। তেওঁ আত্মসহায়ক গোটৰ মহিলাসকল, ড্ৰোন পৰিচালক আৰু উদ্যোগীসকলৰ সৈতেও মত-বিনিময় কৰে। ২০২৪ চনৰ জুলাই মাহত এখন কাৰ্যসম্পাদন পৰ্যালোচনা সমিতিৰ বৈঠক অনুষ্ঠিত হয়। ইয়াৰ উপৰি, ২০২৪-২৫ চনত গুৱাহাটী, শ্ৰীনগৰ, জয়পুৰ, হায়দৰাবাদ, বেংগালুৰু আৰু ৰায়পুৰত আঞ্চলিক পৰামৰ্শমূলক বৈঠকৰ আয়োজন কৰা হয়। এই বৈঠকসমূহে ৰাজ্যিক অভিযানসমূহৰ সৈতে মত-বিনিময়ৰ সুযোগ সৃষ্টি কৰাৰ লগতে পদক্ষেপৰ ৰূপায়ণৰ অগ্ৰগতি সম্পৰ্কে আলোচনাৰ সুবিধা প্ৰদান কৰে।

• ২০২৫ চনৰ জানুৱাৰী মাহত কৰ্তব্য পথত অনুষ্ঠিত গণৰাজ্য দিৱসৰ পেৰেডত ‘লাখপতি দিদি’ বিষয়ক এখন প্ৰতীকপট প্ৰদৰ্শন কৰা হয়। ২০২৫ চনৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত চৰকাৰে পুনৰ সতেজকৰণ প্ৰশিক্ষণৰ আয়োজন কৰে। ২০২৫ চনৰ মাৰ্চ মাহত কৃষি, পশুপালন আৰু ক্ষুদ্ৰ, লঘু তথা মজলীয়া উদ্যোগ বিভাগসমূহৰ সৈতে আঁচনিসমূহৰ মাজত সমন্বয় স্থাপনৰ বিষয়ত আলোচনা আৰম্ভ কৰা হয়। ২০২৫ চনৰ অক্টোবৰ মাহত চৰকাৰে এটা শিক্ষণ পৰ্টেল আৰু চেটবট প্ৰৱৰ্তন কৰে।

• ২০২৫-২৬ চনত চৰকাৰে তথ্য ব্যৱস্থাপনা আৰু নিৰ্ভৰযোগ্যতা অধিক শক্তিশালী কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। ইয়াৰ অধীনত আয়ৰ অস্বাভাৱিক তথ্যসমূহ চিনাক্ত কৰিবলৈ পৰীক্ষণ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়। ৰাজ্যিক অভিযানসমূহক তথ্যৰ অসংগতি দূৰ কৰি প্ৰতিবেদিত পৰিসংখ্যাসমূহৰ সত্যতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হয়। ইয়াৰ ফলত পদক্ষেপৰ অগ্ৰগতিৰ মূল্যায়নৰ বিশ্বাসযোগ্যতা বৃদ্ধি পায়। ২০২৬ চনত ডিজিটেল আৰু প্ৰতিষ্ঠানিক পদক্ষেপৰ জৰিয়তে ৰূপায়ণৰ ক্ষেত্ৰত সহায়-সমৰ্থন অধিক সম্প্ৰসাৰিত কৰা হয়। ২০২৬ চনৰ ২১ ফেব্ৰুৱাৰীত ব্যক্তিগত উদ্যোগৰ বাবে ঋণ আবেদন কৰাৰ এটা এপ্লিকেচন প্ৰৱৰ্তন কৰা হয়। ইয়াৰ পিছত ২০২৬ চনৰ মে’ মাহত ল’ক’ছ-ৰ উন্নীত সংস্কৰণ মুকলি কৰা হয়। গয়া আৰু পুষ্কৰত আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হয়। ২০২৬ চনৰ ২৮-২৯ জুনত অনুষ্ঠিত ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ সন্মিলন ত সকলো ৰাজ্যক সামৰি এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। ২০২৬ চনৰ ২৯ জুনত উৎপাদক গোট আৰু উদ্যোগসমূহৰ বাবে এটা প্লেটফৰ্মৰ লগতে সৰ্বসাধাৰণৰ বাবে উপলব্ধ ‘লাখপতি দিদি ডেশ্বব'ৰ্ড’ মুকলি কৰা হয়।

সামগ্ৰিকভাৱে, এই পদক্ষেপৰ ৰূপায়ণ পদ্ধতিয়ে কেৱল লক্ষ্য নিৰ্ধাৰণৰ মাজতে নেতৃত্বৰ ভূমিকা সীমাবদ্ধ নাৰাখি ইয়াৰ গুৰুত্ব অধিক বিস্তৃতভাৱে প্ৰতিফলিত কৰিছে। চৰকাৰে প্ৰমাণভিত্তিক পৰিকল্পনাৰ সৈতে প্ৰতিষ্ঠানিক সামৰ্থ্য বিকাশৰ প্ৰচেষ্টাক একত্ৰিত কৰিছে। লগতে, বিদ্যমান সম্প্ৰদায়ভিত্তিক নেটৱৰ্কৰ সদ্ব্যৱহাৰ কৰি বিভিন্ন বিভাগৰ মাজত সমন্বয় স্থাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নিয়মীয়া পৰ্যালোচনা, ডিজিটেল সঁজুলি আৰু তথ্যৰ সত্যতা নিৰূপণৰ ব্যৱস্থাই নিৰীক্ষণ আৰু দায়বদ্ধতা অধিক শক্তিশালী কৰিছে। এই সকলোবোৰ পদক্ষেপৰ সমন্বয়ৰ ফলত ৰাষ্ট্ৰীয় পৰ্যায়ত সমন্বিতভাৱে পৰিচালিত এই পদক্ষেপটো বিকেন্দ্ৰীকৃত আৰু সম্প্ৰদায়ৰ নেতৃত্বত পৰিচালিত প্ৰতিষ্ঠানসমূহৰ জৰিয়তে কাৰ্যকৰী কৰি তোলা সম্ভৱ হৈছে।

মহিলাৰ নেতৃত্বত গ্ৰাম্য সমৃদ্ধি গঢ়ি তোলা

লাখপতি দিদি পদক্ষেপে মহিলাসকলক কেন্দ্ৰ কৰি গ্ৰাম্য জীৱিকাৰ বিকাশৰ এক দৃষ্টিভংগী প্ৰতিফলিত হৈছে। ইয়াত বৰ্তমানৰ সামূহিক প্ৰতিষ্ঠানসমূহৰ সৈতে উদ্যোগ পৰিকল্পনা আৰু বিত্তীয় সাহায্যৰ সমন্বয় সাধন কৰা হৈছে। ইয়াৰ লক্ষ্য কেৱল পৰিয়ালৰ আয় বৃদ্ধি কৰাতে সীমাবদ্ধ নহয়। ই জীৱিকাৰ বৈচিত্ৰ্যকৰণ, উদ্যোগশীলতা আৰু সামূহিক নেতৃত্বৰ বিকাশতো গুৰুত্ব আৰোপ কৰে। মহিলাসকলক সক্ৰিয় অৰ্থনৈতিক অৱদানকাৰী হিচাপে গঢ়ি তোলাৰ জৰিয়তে এই পদক্ষেপে গ্ৰাম্য পৰিয়ালসমূহক শক্তিশালী কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। লগতে, ই সামগ্ৰিক গ্ৰাম্য অৰ্থনৈতিক বিকাশৰ বাবে নতুন পথো মুকলি কৰিছে।

তথ্যসূত্ৰ

গ্ৰামোন্নয়ন মন্ত্ৰালয়

https://lakhpatididi.gov.in/insight-hub/

পিআইবি বেকগ্ৰাউণ্ডাৰ

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2024/aug/doc2024829382701.pdf

Click here to see pdf

***

পিআইবি গৱেষণা/SS/RR

(Explainer ID: 160834) आगंतुक पटल : 75
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Nepali , हिन्दी , Bengali , Kannada