Economy
২০২৬-২৭ বিত্তীয় বৰ্ষত ভাৰতৰ বৰ্ধিত ৰপ্তানি: শক্তিশালী প্ৰদৰ্শন, নতুন মাইলৰ খুঁটি
ৰপ্তানিৰ ক্ষেত্ৰত একেৰাহে সাত মাহ ধৰি অভিলেখসংখ্যক বছৰেকীয়া বৃদ্ধি পঞ্জীয়ন
Posted On:
14 NOV 2026 8:35PM
২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰ মাহলৈকে ভাৰতৰ ৰপ্তানি ১৬.৬৬ শতাংশ বৃদ্ধি পাই ৫৬৮.৮৪ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে। বিভিন্ন সামগ্ৰী, সেৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ৰপ্তানিৰ ক্ষেত্ৰত এই উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে। ৰপ্তানি বৃদ্ধিৰ এই ধাৰা অব্যাহত ৰখাত ৰপ্তানি প্ৰসাৰমূলক ব্যৱস্থা, সম্প্ৰসাৰিত বাণিজ্যিক অংশীদাৰিত্ব আৰু উন্নত পৰিবহণ তথা লজিষ্টিক ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইয়াৰ ফলত ভাৰতীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ স্থিতি অধিক শক্তিশালী কৰিবলৈ সক্ষম হৈছে। এই ৰপ্তানি বৃদ্ধিয়ে ভাৰতৰ সামগ্ৰিক অৰ্থনৈতিক অগ্ৰগতিকো প্ৰতিফলিত কৰিছে। ২০২৬ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ বৃদ্ধিৰ হাৰ ৭.৮ শতাংশত উপনীত হোৱাৰ বিপৰীতে জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে নিবনুৱাৰ হাৰ হ্ৰাস পাই ৫.১ শতাংশ হৈছে। ইয়াৰ উপৰি, কেইবাটাও আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাই ২০২৬-২৭ বিত্তীয় বৰ্ষতো ভাৰতৰ অৰ্থনীতিয়ে শক্তিশালী বিকাশৰ ধাৰা অব্যাহত ৰাখিব বুলি পূৰ্বানুমান কৰিছে।
ভূমিকা
আন্তঃৰাষ্ট্ৰীয় বাণিজ্যই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক ঘৰুৱা বজাৰৰ পৰিসৰ অতিক্ৰম কৰি বিশ্বৰ বিভিন্ন বজাৰত নিজৰ ব্যৱসায় সম্প্ৰসাৰণৰ সুযোগ প্ৰদান কৰে। ই উৎপাদনশীলতা বৃদ্ধি কৰাৰ লগতে দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰতৰ ক্ষেত্ৰতো ৰপ্তানি অৰ্থনৈতিক বিকাশৰ এক অন্যতম প্ৰধান চালিকাশক্তি হিচাপে পৰিগণিত হৈছে। বিশ্ব অৰ্থনীতিৰ বিভিন্ন প্ৰত্যাহ্বান আৰু প্ৰতিকূল পৰিস্থিতিৰ মাজতো দেশৰ অৰ্থনৈতিক বিকাশৰ ধাৰা অব্যাহত ৰখাত ৰপ্তানি খণ্ডই বিশেষ অৰিহণা যোগাই আহিছে।
বিগত কেইবাবছৰ ধৰি ভাৰতৰ ৰপ্তানি খণ্ডই ধাৰাবাহিকভাৱে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰি আহিছে। ২০২১-২২ বিত্তীয় বৰ্ষত ৰপ্তানিৰ পৰিমাণে নতুন অভিলেখ সৃষ্টি কৰাৰ পিছৰে পৰা প্ৰতিটো পৰৱৰ্তী বিত্তীয় বৰ্ষতে ভাৰতে ৰপ্তানিৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতৰ মুঠ ৰপ্তানিৰ পৰিমাণ ৮৬৩.১ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হয়। ইয়াৰ জৰিয়তে দেশখনে একেৰাহে পাঁচটা বিত্তীয় বৰ্ষত সৰ্বাধিক ৰপ্তানিৰ নতুন অভিলেখ স্থাপন কৰে।
এই ইতিবাচক ধাৰা ২০২৬-২৭ বিত্তীয় বৰ্ষতো অব্যাহত আছে। সামগ্ৰিক ৰপ্তানিৰ মূল্য বৃদ্ধি আৰু বিকাশৰ লগতে বিভিন্ন সামগ্ৰী আৰু সেৱাৰ ৰপ্তানি তথা বিদেশৰ বজাৰসমূহতো ভাৰতৰ উপস্থিতি অধিক শক্তিশালী হৈছে।
২০২৬-২৭ বিত্তীয় বৰ্ষতো ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ ধাৰা অব্যাহত
২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰ মাহলৈকে ভাৰতৰ মুঠ ৰপ্তানিৰ পৰিমাণ আনুমানিক ৫৬৮.৮৪ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে। পূৰ্বৰ বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত এই পৰিমাণ ৪৮৭.৫৯ বিলিয়ন মাৰ্কিন ডলাৰ আছিল। অৰ্থাৎ পূৰ্বৰ বছৰৰ তুলনাত মুঠ ৰপ্তানি ১৬.৬৬ শতাংশ বৃদ্ধি লাভ কৰিছে।
এই উল্লেখযোগ্য বৃদ্ধিৰ মূলতে আছে সামগ্ৰী আৰু সেৱা—উভয় খণ্ডৰ ৰপ্তানিৰ ইতিবাচক প্ৰদৰ্শন। উক্ত সময়ছোৱাত সামগ্ৰী ৰপ্তানিৰ পৰিমাণ ২১.৯৬ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে সেৱা ৰপ্তানিৰ ক্ষেত্ৰত ১০.৯৩ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে।

২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰতিটো মাহতে ৰপ্তানিৰ ইতিবাচক বৃদ্ধি পঞ্জীয়ন
২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ছমাহতো ভাৰতৰ ৰপ্তানি খণ্ডৰ এই শক্তিশালী প্ৰদৰ্শনৰ ধাৰা অব্যাহত আছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ লৈকে দেশৰ মুঠ ৰপ্তানিৰ পৰিমাণ অভিলেখসংখ্যক ৪৭৯.০ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে। এই সময়ছোৱাত সামগ্ৰী আৰু সেৱা—উভয় খণ্ডৰ ৰপ্তানিয়ে সৰ্বকালৰ সৰ্বোচ্চ পৰিমাণৰ নতুন অভিলেখ স্থাপন কৰিছে।
- সামগ্ৰী ৰপ্তানি: ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে সামগ্ৰী ৰপ্তানিৰ পৰিমাণ ২৫৯.৭১ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে। যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত এই খণ্ডত ১৮.৪ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে।
- সেৱা ৰপ্তানি: ২০২৬ চনৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ভাৰতৰ সেৱা ৰপ্তানিৰ পৰিমাণ ২১৯.২৭ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে। যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত সেৱা ৰপ্তানিৰ ক্ষেত্ৰত ১০.২শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে।

২০২৬-২৭ বিত্তীয় বৰ্ষৰ অক্টোবৰত ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ ধাৰাই অধিক গতি লাভ কৰে। এই মাহত দেশৰ মুঠ ৰপ্তানিৰ পৰিমাণ আনুমানিক ৮৯.৯৯ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হয়। যোৱা বছৰৰ একে মাহৰ তুলনাত মুঠ ৰপ্তানিৰ পৰিমাণ ২৯.৯০ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে।
-
- সামগ্ৰী ৰপ্তানি: ২০২৬ চনৰ অক্টোবৰত ভাৰতৰ সামগ্ৰী ৰপ্তানিৰ পৰিমাণ ৪৫.০৬ শতাংশ উল্লেখযোগ্য বৃদ্ধিৰে ৪৯.৪৭ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে।
- সেৱা ৰপ্তানি: উক্ত মাহত সেৱা ৰপ্তানিৰ পৰিমাণ আনুমানিক ৪০.৫১ বিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছে। যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত এই খণ্ডত প্ৰায় ১৫.২ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে।
ভাৰতৰ ৰপ্তানি খণ্ডত বিভিন্ন ক্ষেত্ৰজুৰি ব্যাপক আৰু বহুমুখী বৃদ্ধি
ক) ভাৰতৰ ৰপ্তানিৰ এক শক্তিশালী স্তম্ভ হিচাপে সেৱা খণ্ডৰ অৱদান
বিগত এটা দশকত ভাৰতৰ সেৱা ৰপ্তানিৰ পৰিমাণ বিশ্বৰ গড় বৃদ্ধিৰ হাৰতকৈ অধিক দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে। ভাৰতৰ বৈদেশিক বাণিজ্যৰ বিকাশত সেৱা খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ভূ-ৰাজনৈতিক অস্থিৰতা আৰু আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ বিভিন্ন প্ৰতিকূলতাৰ মাজতো সেৱা ৰপ্তানিয়ে ভাৰতৰ বৈদেশিক বাণিজ্য খণ্ডক স্থিৰতা প্ৰদান কৰাত সহায় কৰিছে। ইয়াৰ ফলত বহিঃখণ্ডৰ সম্ভাৱ্য বিপদাশংকা আৰু দুৰ্বলতা হ্ৰাস পোৱাৰ লগতে দেশৰ বাণিজ্যিক স্থিতিশীলতা অধিক শক্তিশালী হৈছে।
২০১৫ চনৰ পৰা ২০২৫ চনলৈকে ভাৰতৰ সেৱা ৰপ্তানিৰ পৰিমাণ বছৰি গড়ে ১০.৩ শতাংশ যৌগিক বাৰ্ষিক বৃদ্ধিৰ হাৰে বৃদ্ধি পাইছে, যিটো বিশ্বৰ গড় বৃদ্ধিৰ হাৰ ৬.৬ শতাংশতকৈ অধিক। ইয়াৰ ফলস্বৰূপে, বিশ্বৰ মুঠ সেৱা ৰপ্তানিত ভাৰতৰ অংশীদাৰিত্ব ৩.১ শতাংশৰ পৰা বৃদ্ধি পাই ৪.৩ শতাংশত উপনীত হৈছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰ মাহলৈকে ভাৰতৰ মুঠ ৰপ্তানিৰ প্ৰায় ৪৫.৭ শতাংশ সেৱা ৰপ্তানিৰ পৰা আহিছে।
ইয়াৰ উপৰি, ভাৰতৰ ক্ৰমবৰ্ধমান বাণিজ্যিক চুক্তিৰ নেটৱৰ্কে সেৱা খণ্ডৰ বাবে বিদেশৰ বজাৰত প্ৰৱেশৰ নতুন সুযোগ সৃষ্টি কৰিছে। এই চুক্তিসমূহে বিভিন্ন দেশত ভাৰতীয় পেছাদাৰীসকলৰ কৰ্মসংস্থাপন আৰু পেছাগত গতিশীলতা সহজ কৰি তোলাৰ লগতে বিভিন্ন সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠানৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যৱসায় সম্প্ৰসাৰণৰ পথ মুকলি কৰিছে।
খ) বিভিন্ন খণ্ডৰ শক্তিশালী প্ৰদৰ্শনে ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ ধাৰাক অধিক শক্তিশালী কৰিছে
ভাৰতৰ সামগ্ৰী ৰপ্তানিৰ বৃদ্ধিৰ আঁৰত ঔদ্যোগিক সামগ্ৰীৰ লগতে কৃষিজাত আৰু পৰম্পৰাগত সামগ্ৰীসমূহৰ উল্লেখযোগ্য অৱদান আছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰ মাহলৈকে ভাৰতৰ শীৰ্ষ দহটা ৰপ্তানি শ্ৰেণীৰ ভিতৰত সাতটা শ্ৰেণীয়ে দুটা অংকৰ বৃদ্ধিৰ হাৰ পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে।প্ৰধানকৈ অধিক বৃদ্ধি লাভ কৰা ৰপ্তানি শ্ৰেণীসমূহৰ ভিতৰত আছে:
|
নিৰ্বাচিত ৰপ্তানি শ্ৰেণী
|
বছৰেকীয়া বৃদ্ধিৰ হাৰ
|
|
অন্যান্য খাদ্যশস্য*
|
১০৯.৭৪%
|
|
পেট্ৰ’লিয়ামজাত সামগ্ৰী
|
৪৭.৭১%
|
|
ইলেক্ট্ৰনিক সামগ্ৰী
|
৪৬.৯২%
|
|
মাংস, দুগ্ধজাত আৰু হাঁহ-কুকুৰাজাত সামগ্ৰী
|
৪০.৮১%
|
|
হস্তশিল্পজাত সামগ্ৰী ,হাতেৰে নিৰ্মিত কাৰ্পেটৰ বাহিৰে
|
৩৬.০৫%
|
|
অভিযান্ত্ৰিক সামগ্ৰী
|
২২.০০%
|
|
প্লাষ্টিক আৰু লিনোলিয়ামজাত সামগ্ৰী
|
১৯.৫৭%
|
|
জৈৱিক আৰু অজৈৱিক ৰাসায়নিক পদাৰ্থ
|
১৮.২১%
|
|
সামুদ্ৰিক সামগ্ৰী
|
১৩.৩২%
|
|
ৰত্ন আৰু অলংকাৰ
|
১২.১৬%
|
|
প্লাষ্টিক আৰু লিনোলিয়ামজাত সামগ্ৰী
|
১৯.৫৭%
|
|
জৈৱিক আৰু অজৈৱিক ৰাসায়নিক পদাৰ্থ
|
১৮.২১%
|
|
অন্যান্য খাদ্যশস্যৰ অন্তৰ্ভুক্ত শস্যসমূহৰ ভিতৰত ৰাই , যৱ, ওটছ, ফনিঅ’, কুইনোৱা আদি উল্লেখযোগ্য। অৱশ্যে, ইয়াৰ ভিতৰত ঘেঁহু, ধান, মাকৈ আৰু বাজৰা অন্তৰ্ভুক্ত নহয়।
|
ভাৰতৰ ৰপ্তানিৰ পৰিসৰ আৰু বৈচিত্ৰ্যৰ ক্ষেত্ৰতো উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰ মাহলৈকে অপেট্ৰ’লিয়ামজাত সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ ১৮.০১ শতাংশ বৃদ্ধি পাই ২৫৯.২২ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে।
|
ৰপ্তানি সফলতাই খণ্ডসমূহৰ মাজত আকৃতি লয়
|
|
ইলেক্ট্ৰনিক উপাদানৰ পৰা আৰম্ভ কৰি প্ৰক্ৰিয়াকৃত খাদ্যসামগ্ৰীলৈকে বিভিন্ন সামগ্ৰীৰ ৰপ্তানিৰ সফলতাই বিদেশৰ বজাৰত ভাৰতীয় সামগ্ৰীৰ বিস্তৃত পৰিসৰ আৰু বৰ্ধিত উপস্থিতিৰ পৰিচয় দাঙি ধৰিছে।
ইলেক্ট্ৰনিক সামগ্ৰীৰ বিস্তৃত পৰিসৰৰ ৰপ্তানিয়ে বৃদ্ধিৰ গতি ত্বৰান্বিত কৰিছে: ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ভাৰতৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানি ৪৪ শতাংশ বৃদ্ধি পাই ৩১.৯৭ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে। স্মাৰ্টফোনৰ লগতে অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰতো উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে।
- স্মাৰ্টফোনৰ বাহিৰৰ ইলেক্ট্ৰনিক সামগ্ৰী: এই সামগ্ৰীসমূহৰ ৰপ্তানি ৫৬.৫ শতাংশ বৃদ্ধি পাইছে, যি স্মাৰ্টফোনৰ ৰপ্তানি বৃদ্ধিৰ হাৰ ৩৫.৮ শতাংশতকৈ অধিক।
- ইলেক্ট্ৰনিক উপাদান আৰু সঁজুলি: বিভিন্ন উপাদান আৰু সঁজুলিৰ ৰপ্তানিতো ব্যাপক বৃদ্ধি দেখা গৈছে। অন্যান্য মাউণ্টেড চাৰ্কিট ব’ৰ্ডৰ ৰপ্তানি ৩,২১৯ শতাংশ বৃদ্ধি পাইছে।
- মেম’ৰি চিপ আৰু ছলিড-ষ্টেট ষ্ট’ৰেজ ডিভাইচ: এই দুয়োবিধ সামগ্ৰীৰ ৰপ্তানি ক্ৰমে ২,৩৩২ শতাংশ আৰু ১,৬৮১ শতাংশ বৃদ্ধি পাইছে।
- লোডেড চাৰ্কিট ব’ৰ্ড আৰু নেটৱৰ্কিং সঁজুলি: লোডেড চাৰ্কিট ব’ৰ্ডৰ ৰপ্তানি ৩০৪ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে নেটৱৰ্কিং সঁজুলিৰ ৰপ্তানি ৯৮ শতাংশ বৃদ্ধি পাইছে।
- প্ৰধান ৰপ্তানি গন্তব্যস্থান: এই সামগ্ৰীসমূহৰ অন্যতম প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰ হিচাপে ছিংগাপুৰ, চীন আৰু হংকঙৰ উল্লেখযোগ্য ভূমিকা আছে। মেম’ৰি চিপৰ বাবে মালয়েছিয়া আছিল প্ৰধান ৰপ্তানি গন্তব্যস্থান। আনহাতে, নেটৱৰ্কিং সঁজুলিৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নেদাৰলেণ্ডচ গুৰুত্বপূৰ্ণ বজাৰ হিচাপে পৰিগণিত হৈছে।
|
|
ভাৰতীয় কৃষিজাত সামগ্ৰীৰ বিশ্বজুৰি বৰ্ধিত চাহিদা
ইলেক্ট্ৰনিক সামগ্ৰীৰ লগতে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ভাৰতৰ কেইবিধমান কৃষিজাত সামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰতো উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে। বিশেষকৈ চাউল, প্ৰক্ৰিয়াকৃত খাদ্যসামগ্ৰী আৰু মাকৈৰ ৰপ্তানিয়ে আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতৰ স্থিতি অধিক শক্তিশালী কৰিছে।
- বাচমতী চাউলৰ ৰপ্তানি পূৰ্বৰ বছৰৰ একে সময়ছোৱাৰ তুলনাত ২৫ শতাংশ বৃদ্ধি পাই ১,৬০১ নিযুত মাৰ্কিন ডলাৰত উপনীত হৈছে। ইৰান, ছৌদি আৰব আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ অন্যতম প্ৰধান ৰপ্তানি বজাৰ।
- প্ৰক্ৰিয়াকৃত খাদ্যসামগ্ৰীৰ ৰপ্তানিৰ ক্ষেত্ৰতো ইতিবাচক বৃদ্ধি দেখা গৈছে। বিশেষকৈ হিমায়িত আলুৰ ৰপ্তানি ২১ শতাংশ বৃদ্ধি পাই ১৭৯ নিযুত মাৰ্কিন ডলাৰত উপনীত হৈছে।
- উল্লিখিত সামগ্ৰীসমূহৰ ভিতৰত হালধীয়া ডেণ্ট মাকৈৰ ৰপ্তানিয়ে সৰ্বাধিক বৃদ্ধি পঞ্জীয়ন কৰিছে। ইয়াৰ ৰপ্তানি ১,১৫৬ শতাংশ বৃদ্ধি পাই ১২৩ নিযুত মাৰ্কিন ডলাৰত উপনীত হৈছে। বাংলাদেশ, ভিয়েটনাম আৰু ফিলিপাইনছ ইয়াৰ অন্যতম প্ৰধান ৰপ্তানি বজাৰ।
|
বিশ্বৰ বিভিন্ন বজাৰত ভাৰতৰ ৰপ্তানিৰ পৰিসৰ আৰু উপস্থিতি ক্ৰমাগতভাৱে সম্প্ৰসাৰিত
ভাৰতৰ ৰপ্তানি বৃদ্ধিৰ ধাৰাই দেশৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহতো ইতিবাচক প্ৰভাৱ পেলাইছে। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা অক্টোবৰলৈকে ভাৰতৰ সামগ্ৰী ৰপ্তানিৰ শীৰ্ষ দহটা গন্তব্যস্থানৰ ভিতৰত আঠখন দেশত দুটা অংকৰ বৃদ্ধিৰ হাৰ পঞ্জীয়ন কৰা হৈছে।
|
নিৰ্বাচিত ৰপ্তানি গন্তব্যস্থান
|
বছেৰেকীয়া ৰপ্তানি বৃদ্ধিৰ হাৰ
|
|
ছিংগাপুৰ
|
১০৭.৫০%
|
|
মালয়েছিয়া
|
১০৬.৮৭%
|
|
স্পেইন
|
৮৮.৩৮%
|
|
দক্ষিণ আফ্ৰিকা
|
৬২.২০%
|
|
শ্ৰীলংকা
|
৬০.৪২%
|
|
হংকং
|
৪৭.৬১%
|
|
জাপান
|
৪১.০২%
|
|
চীন
|
৩৭.৭১%
|
|
জাৰ্মানী
|
১৪.৫৩%
|
|
আমেৰিকা যুক্তৰাষ্ট্ৰ
|
১৪.৪৮%
|
|
যুক্তৰাজ্য
|
১৩.৩০%
|
প্ৰধান ৰপ্তানি বজাৰসমূহৰ উপৰি অন্যান্য আন্তঃৰাষ্ট্ৰীয় বজাৰতো ৰপ্তানিৰ ধাৰাবাহিক বৃদ্ধি
ভাৰতৰ ৰপ্তানি সম্প্ৰসাৰণ কেৱল দেশখনৰ প্ৰধান ৰপ্তানি গন্তব্যস্থানসমূহতে সীমাবদ্ধ হৈ থকা নাই; বৰঞ্চ অন্যান্য আন্তঃৰাষ্ট্ৰীয় বজাৰসমূহতো ইয়াৰ প্ৰসাৰ ঘটিছে। বিভিন্ন অঞ্চলত ভাৰতীয় সামগ্ৰীৰ ৰপ্তানিৰ বৃদ্ধিয়ে দেশৰ বৈদেশিক বাণিজ্যৰ এই বহল পৰিসৰ আৰু বিশ্বৰ বিভিন্ন বজাৰত ভাৰতৰ ক্ৰমবৰ্ধমান উপস্থিতিৰ প্ৰতিফলন ঘটাইছে।

নতুন নতুন বজাৰত অধিক সংখ্যক ভাৰতীয় সামগ্ৰীৰ প্ৰৱেশ
নতুন বজাৰ বুলিলে এনে এক সামগ্ৰী আৰু দেশৰ সংমিশ্ৰণক বুজোৱা হৈছে, য’ত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে ৰপ্তানি পঞ্জীয়ন কৰা হৈছে, কিন্তু পূৰ্বৰ বছৰৰ একে সময়ছোৱাত সেই সামগ্ৰীৰ ৰপ্তানি পঞ্জীয়ন কৰা হোৱা নাছিল।
২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ভাৰতৰ ৰপ্তানিৰ পৰিসৰ আৰু অধিক সম্প্ৰসাৰিত হৈছে। এই সময়ছোৱাত নতুনকৈ ১,৯৮৫টা সামগ্ৰী-বজাৰ সংমিশ্ৰণৰ জৰিয়তে মুঠ ৬২২.১ নিযুত মাৰ্কিন ডলাৰৰ ৰপ্তানি সম্পন্ন হৈছে। এই নতুন ৰপ্তানি বজাৰসমূহত ২২৯খন দেশ আৰু অঞ্চললৈ ১১৬টা সামগ্ৰী গোটৰ ৰপ্তানি অন্তৰ্ভুক্ত হৈছে।
ইয়াৰ ভিতৰত শীৰ্ষ পাঁচটা সামগ্ৰী হ’ল:
- জাহাজ, নাও আৰু ভাসমান গাঁথনি: এই শ্ৰেণীৰ সামগ্ৰীৰ ৰপ্তানিৰ পৰিমাণ সৰ্বাধিক ২৯৩.৩ নিযুত মাৰ্কিন ডলাৰ। নতুন বজাৰসমূহলৈ হোৱা মুঠ ৰপ্তানিৰ ৪৭.২ শতাংশ ইয়াৰ অংশ।
- ৰূপৰ ৰপ্তানিৰ পৰিমাণ ৭০.৬ নিযুত মাৰ্কিন ডলাৰ, যিয়ে মুঠ ৰপ্তানিৰ ১১.৩ শতাংশ অংশ অধিকাৰ কৰিছে।
- ঘেঁহুৰ ৰপ্তানিৰ পৰিমাণ ৬১.৩ নিযুত মাৰ্কিন ডলাৰ, যিয়ে মুঠ ৰপ্তানিৰ ৯.৯ শতাংশ অংশ সামৰি লৈছে।
- ৰে’লৱে সঁজুলি আৰু ইয়াৰ যন্ত্ৰাংশৰ ৰপ্তানিৰ পৰিমাণ ৫৫.৮ নিযুত মাৰ্কিন ডলাৰ, যিয়ে মুঠ ৰপ্তানিৰ ৯.০ শতাংশ অংশ প্ৰতিনিধিত্ব কৰিছে।
- মটৰযান আৰু গাড়ীৰ ৰপ্তানিৰ পৰিমাণ ৯.৫ নিযুত মাৰ্কিন ডলাৰ, যিয়ে মুঠ ৰপ্তানিৰ ১.৫ শতাংশ অংশ সামৰি লৈছে।
বাণিজ্যিক চুক্তিৰ অংশীদাৰ দেশসমূহৰ সৈতে ভাৰতৰ ৰপ্তানি বাণিজ্য অধিক শক্তিশালী হৈছে
২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ভাৰতৰ বিভিন্ন বাণিজ্যিক চুক্তিৰ অংশীদাৰ দেশসমূহলৈ ৰপ্তানিৰ পৰিমাণো বৃদ্ধি পাইছে।
ক)আঞ্চলিক বাণিজ্যিক অংশীদাৰিত্বৰ ক্ষেত্ৰতো ভাৰতৰ ৰপ্তানিয়ে উল্লেখযোগ্য বৃদ্ধি পঞ্জীয়ন কৰিছে। দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা (আছিয়ান)ৰ সদস্য দেশসমূহলৈ ভাৰতৰ ৰপ্তানি ৫৮ শতাংশ বৃদ্ধি পাইছে। আনহাতে, দক্ষিণ এছিয়াৰ মুক্ত বাণিজ্য অঞ্চল (ছাফটা)-ৰ সদস্য দেশসমূহলৈ ৰপ্তানিৰ পৰিমাণ ২২ শতাংশ বৃদ্ধি লাভ কৰিছে।
খ) ছিংগাপুৰ, মালয়েছিয়া আৰু শ্ৰীলংকাৰ দৰে অংশীদাৰ বজাৰত উল্লেখযোগ্য ৰপ্তানি বৃদ্ধি।ব্যক্তিগত বাণিজ্যিক অংশীদাৰ দেশসমূহৰ ভিতৰত ছিংগাপুৰ, মালয়েছিয়া আৰু শ্ৰীলংকাই বিশেষভাৱে উল্লেখযোগ্য ৰপ্তানি বৃদ্ধি পঞ্জীয়ন কৰিছে। ছিংগাপুৰলৈ ভাৰতৰ ৰপ্তানি ১০৩ শতাংশ বৃদ্ধি পাই দুগুণতকৈও অধিক হৈছে। ইয়াৰ পিছতে মালয়েছিয়ালৈ ৰপ্তানি ৮৩ শতাংশ আৰু শ্ৰীলংকালৈ ৰপ্তানি ৭৩ শতাংশ বৃদ্ধি লাভ কৰিছে।
গ) দীৰ্ঘদিনীয়া বাণিজ্যিক অংশীদাৰ দেশসমূহলৈও ৰপ্তানি বৃদ্ধি অব্যাহত।জাপানলৈ ভাৰতৰ ৰপ্তানি ৪০ শতাংশ আৰু দক্ষিণ কোৰিয়ালৈ ২৪ শতাংশ বৃদ্ধি পাইছে। একেদৰে নেপাল, ভূটান আৰু থাইলেণ্ডলৈ ৰপ্তানিৰ পৰিমাণ ক্ৰমে ১৯ শতাংশ, ১৬ শতাংশ আৰু ৭ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছে।
ঘ) শেহতীয়াকৈ স্বাক্ষৰিত বাণিজ্যিক চুক্তিসমূহৰ অধীনত ৰপ্তানিৰ প্ৰদৰ্শন
- ওমান আৰু মৰিচাছ: শেহতীয়াকৈ বাণিজ্যিক চুক্তি সম্পাদন কৰা অংশীদাৰ দেশসমূহৰ ভিতৰত ওমান আৰু মৰিচাছলৈ ভাৰতৰ ৰপ্তানিয়ে সৰ্বাধিক বৃদ্ধি পঞ্জীয়ন কৰিছে। ওমানলৈ ৰপ্তানি ৪৭ শতাংশ আৰু মৰিচাছলৈ ৪৫ শতাংশ বৃদ্ধি পাইছে।
- অষ্ট্ৰেলিয়ালৈ ভাৰতৰ ৰপ্তানি ১১ শতাংশ বৃদ্ধি পোৱাৰ বিপৰীতে যুক্তৰাজ্যলৈ ৭ শতাংশ আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ সদস্য দেশসমূহলৈ ৫ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰা হৈছে।
ইয়াৰ উপৰি, অহা বছৰৰ আৰম্ভণিতে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী হোৱাৰ সম্ভাৱনাই ভাৰতীয় ৰপ্তানিক বৃহৎ ইউৰোপীয় বাণিজ্যিক বজাৰত অধিক প্ৰতিযোগিতামূলক সুবিধা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
ভাৰতৰ সামগ্ৰিক অৰ্থনৈতিক অগ্ৰগতিৰ পৰিপ্ৰেক্ষিতত ৰপ্তানি খণ্ডৰ বিকাশ
ভাৰতৰ ৰপ্তানি বৃদ্ধিয়ে দেশৰ সামগ্ৰিক অৰ্থনৈতিক অগ্ৰগতিক অধিক শক্তিশালী কৰি তুলিছে। শক্তিশালী ঘৰুৱা চাহিদা, নিয়োগৰ পৰিস্থিতিৰ ক্ৰমাগত উন্নতি আৰু সুদৃঢ় বৈদেশিক অৰ্থনৈতিক স্থিতিৰ সমান্তৰালভাৱে ৰপ্তানি খণ্ডৰ এই বৃদ্ধিয়ে দেশৰ অৰ্থনৈতিক বিকাশৰ ধাৰাক অধিক ত্বৰান্বিত কৰিছে।
এক শক্তিশালী ঘৰুৱা অৰ্থনৈতিক ভেটি
২০২৬-২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুন মাহত প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন বছৰৰ তুলনাত ৭.৮ শতাংশ বৃদ্ধি পাইছে, আনহাতে বিত্তীয় বৰ্ষটোৰ বাবে অৰ্থনৈতিক বিকাশৰ সম্ভাৱনা শক্তিশালী হৈ আছে। ভাৰতীয় ৰিজাৰ্ভ বেংক, অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকে ৭-৭.১ শতাংশ বৃদ্ধিৰ পূৰ্বানুমান কৰিছে। তেওঁলোকে উপভোগ, বিনিয়োগ, ৰপ্তানি আৰু সেৱা খণ্ডক অৰ্থনৈতিক বিকাশৰ প্ৰধান চালিকাশক্তি হিচাপে উল্লেখ কৰিছে।
২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰদৰ্শনৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি ভাৰতৰ জিডিপি প্ৰদৰ্শন চাওক
বছৰ বছৰ ধৰি দৰিদ্ৰতা হ্ৰাস
ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতিৰ প্ৰতিফলন দৰিদ্ৰতাৰ হ্ৰাসতো দেখা গৈছে। বিশ্ব বেংকৰ দৰিদ্ৰতা আৰু সমতা সম্পৰ্কীয় সংক্ষিপ্ত প্ৰতিবেদন (অক্টোবৰ ২০২৬) অনুসৰি, দৈনিক ৪.২০ মাৰ্কিন ডলাৰতকৈ কম আয়ৰ সৈতে জীৱন নিৰ্বাহ কৰা ভাৰতীয় লোকৰ হাৰ ২০১১ চনৰ ৫৭.৭ শতাংশৰ পৰা ২০২৩ চনত ১৬.১ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰ ফলত প্ৰায় ৪৯৬ নিযুত লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। একে সময়ছোৱাত চৰম দৰিদ্ৰতা, অৰ্থাৎ দৈনিক ৩ মাৰ্কিন ডলাৰতকৈ কম আয়ৰ সৈতে জীৱন নিৰ্বাহ কৰা লোকৰ হাৰ ২৭.১ শতাংশৰ পৰা ২.৬ শতাংশলৈ হ্ৰাস পাইছে।
ভাৰতৰ শ্ৰম বজাৰত সামগ্ৰিক উন্নতি
এই অৰ্থনৈতিক সম্প্ৰসাৰণৰ সমান্তৰালভাৱে, শেহতীয়া শ্ৰম বজাৰৰ সূচকসমূহে শ্ৰমিকৰ অংশগ্ৰহণ আৰু নিয়োগৰ ক্ষেত্ৰত উন্নতিৰ ইংগিত দিছে।
|
সূচক
|
সূচকটোৱে কি বুজায়
|
ক্ষেত্ৰ
|
এপ্ৰিল–জুন ২০২৬
|
জুলাই–ছেপ্টেম্বৰ ২০২৬
|
|
শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ (এল.এফ.পি.আৰ.)
|
কৰ্মৰত অথবা কৰ্মসংস্থাপন বিচাৰি থকা বা কাম কৰিবলৈ উপলব্ধ জনসংখ্যাৰ অংশৰ পৰিমাণ বুজায়
|
গ্ৰাম্য
|
৫৬.৯%
|
৫৮.১%
|
|
নগৰীয়া
|
৫০.২%
|
৫০.৪%
|
|
কৰ্মৰত জনসংখ্যাৰ অনুপাত (ডব্লিউ.পি.আৰ.)
|
মুঠ জনসংখ্যাৰ ভিতৰত নিয়োজিত ব্যক্তিৰ অনুপাত বুজায়
|
গ্ৰাম্য
|
৫৪.২%
|
৫৫.৬%
|
|
নগৰীয়া
|
৪৬.৮%
|
৪৬.৯%
|
ইয়াৰ উপৰি, ১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকসকলৰ মাজত নিবনুৱাৰ হাৰ ২০২৬ চনৰ এপ্ৰিল–জুন মাহৰ ৫.৪%ৰ পৰা জুলাই–ছেপ্টেম্বৰ মাহত ৫.১%লৈ হ্ৰাস পাইছে।
মহিলাৰ অংশগ্ৰহণত অগ্ৰগতি: গ্ৰাম্য মহিলাসকলৰ শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰ ২০২৬ চনৰ এপ্ৰিল–জুন মাহৰ ৩৭.২%ৰ পৰা জুলাই–ছেপ্টেম্বৰ মাহত ৩৯.২%লৈ বৃদ্ধি পাইছে। আনহাতে, নগৰীয়া মহিলাসকলৰ ক্ষেত্ৰত একে সময়ছোৱাত এই হাৰ ২৫.০%ৰ পৰা ২৫.৫%লৈ বৃদ্ধি পাইছে।
সেয়েহে, এই উন্নতি কেৱল নিবনুৱাৰ হাৰ হ্ৰাস পোৱাতে সীমাবদ্ধ নহয়; বৰঞ্চ শ্ৰমিক বজাৰত অধিক সংখ্যক লোকৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ লগতে নিয়োজিত লোকৰ অনুপাতো বৃদ্ধি পাইছে।
প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ আৰু বৈদেশিক মুদ্ৰাৰ ভঁৰাল
ভাৰতৰ বাহ্যিক অৰ্থনৈতিক অৱস্থাও অব্যাহত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ আৰু বৃহৎ বৈদেশিক মুদ্ৰাৰ ভঁৰালৰ দ্বাৰা শক্তিশালী হৈছে। ২০২৬ চনৰ এপ্ৰিল–ছেপ্টেম্বৰ সময়ছোৱাত নিট প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ পূৰ্বৰ বছৰৰ একে সময়ছোৱাৰ ৭.৪ বিলিয়ন মাৰ্কিন ডলাৰৰ পৰা বৃদ্ধি পাই ৮.৮ বিলিয়ন মাৰ্কিন ডলাৰ হৈছে।
ইয়াৰ উপৰি, ২০২৬ চনৰ ৬ নৱেম্বৰৰ তাৰিখে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ ভঁৰালৰ পৰিমাণ ৭১৯.৫৫ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে, যিয়ে দেশৰ বাহ্যিক অৰ্থনৈতিক স্থিতিশীলতা বজাই ৰখাৰ ক্ষেত্ৰত এক বৃহৎ সুৰক্ষামূলক ভঁৰাল হিচাপে কাম কৰিছে।
ভাৰতৰ ৰপ্তানিৰ ধাৰা অব্যাহত ৰখাত চৰকাৰী নীতিৰ সহায়তা
|
ভাৰতৰ বৈদেশিক বাণিজ্যৰ আইনী ভিত্তি
বৈদেশিক বাণিজ্য (উন্নয়ন আৰু নিয়ন্ত্ৰণ) আইন, ১৯৯২-এ ভাৰতৰ বৈদেশিক বাণিজ্যৰ বাবে আইনী কাঠামো প্ৰদান কৰে।
|
ভাৰতৰ ৰপ্তানি নীতিয়ে শুল্ক ৰেহাই, উৎপাদন ক্ষেত্ৰত সহায়, স্থানীয় পৰ্যায়ত ৰপ্তানিৰ বিকাশ আৰু লক্ষ্যভিত্তিক সাহায্যৰ জৰিয়তে ব্যৱসায়ীসকলক সহায় আগবঢ়ায়।২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা বৈদেশিক বাণিজ্য নীতি (এফ.টি.পি.) ২০২৩-এ ভাৰতৰ ৰপ্তানি আৰু আমদানিৰ বাবে এক সামগ্ৰিক নীতি-নিৰ্দেশনা প্ৰদান কৰে। ইয়াৰ সৈতে সংলগ্ন প্ৰক্ৰিয়াৰ হাতপুথিয়ে এই নীতিৰ বিভিন্ন ব্যৱস্থা কেনেদৰে কাৰ্যকৰী কৰা হয়, সেই বিষয়ে ব্যাখ্যা কৰে।
ৰপ্তানিৰ প্ৰতিযোগিতামূলক সক্ষমতা গঢ়ি তোলা
ৰপ্তানিমুখী উৎপাদনক সহায় কৰা
এফ.টি.পি.-ৰ উপকৰণসমূহে ৰপ্তানিমুখী উৎপাদনত ব্যৱহৃত কেঁচামাল আৰু সঁজুলিসমূহ লাভ কৰাত সুবিধা প্ৰদান কৰে।
|
আঁচনি
|
প্ৰধান ব্যৱস্থাসমূহ
|
|
অগ্ৰিম অনুমোদন আঁচনি(এ.এ.)
|
ৰপ্তানি সামগ্ৰীত প্ৰত্যক্ষভাৱে ব্যৱহৃত হোৱা কেঁচামালসমূহ শুল্কমুক্তভাৱে আমদানি কৰাৰ অনুমতি প্ৰদান কৰে। ২০২৫-২৬ বিত্তীয় বৰ্ষত ২৬,২৮৩খন অনুমোদনপত্ৰ জাৰি কৰা হৈছিল।
|
|
শুল্কমুক্ত আমদানি অনুমোদন আঁচনি(ডি.এফ.আই.এ.)
|
ৰপ্তানিৰ পিছত কেঁচামালসমূহ শুল্কমুক্তভাৱে আমদানি কৰাৰ সুবিধা প্ৰদান কৰে। ২০২৫-২৬ বিত্তীয় বৰ্ষত ৩,৫৭৯খন অনুমোদনপত্ৰ জাৰি কৰা হৈছিল।
|
|
ৰপ্তানি প্ৰোৎসাহনৰ বাবে মূলধনী সামগ্ৰী আঁচনি (ই.পি.চি.জি.)
|
উৎপাদনৰ পূৰ্বৰ পৰ্যায়, উৎপাদন পৰ্যায় আৰু উৎপাদনৰ পিছৰ পৰ্যায়ত ব্যৱহাৰৰ বাবে মূলধনী সামগ্ৰীসমূহ শূন্য আমদানি শুল্কত আমদানি কৰাৰ সুবিধা প্ৰদান কৰে। ২০২৫-২৬ বিত্তীয় বৰ্ষত ২১,৮৩৮খন অনুমোদনপত্ৰ জাৰি কৰা হৈছিল।
|
ৰপ্তানি কৰা সামগ্ৰীসমূহৰ সৈতে জড়িত যোগ্য কৰ আৰু শুল্কসমূহ ঘূৰাই দিয়াৰ ব্যৱস্থাৰ জৰিয়তে ৰপ্তানিকাৰকসকলক সকাহ প্ৰদান কৰা হয়।
|
আঁচনি
|
মুখ্য ব্যৱস্থাসমূহ
|
|
ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত আৰোপিত শুল্ক আৰু কৰৰ ৰেহাই আঁচনি। (আৰ.অ’.ডি.টি.ই.পি.)
|
৩১-১২-২০২৬ তাৰিখলৈকে এই আঁচনিখনৰ ম্যাদ বৃদ্ধি কৰা হৈছে। ইয়াৰ অধীনত ঘৰুৱা শুল্ক ক্ষেত্ৰৰ (ডি.টি.এ.) একক, অগ্ৰিম অনুমোদন (এ.এ.) ধাৰক, বিশেষ অৰ্থনৈতিক অঞ্চলৰ (এছ.ই.জেড.) একক আৰু ৰপ্তানিমুখী এককসমূহে (ই.অ’.ইউ.ছ.) যোগ্য ৰপ্তানি সামগ্ৰীৰ ওপৰত পূৰ্বে ৰেহাই নোপোৱা কৰ আৰু শুল্কসমূহ ঘূৰাই লাভ কৰে।
২০২১ চনৰ এপ্ৰিলৰ পৰা ২০২৫ চনৰ ডিচেম্বৰলৈকে ৰপ্তানিকাৰকসকলে এই আঁচনিৰ অধীনত মুঠ ৭৭,২৬২.৬০ কোটি টকাৰ সুবিধা লাভ কৰিছিল।
|
|
ৰাজ্যিক আৰু কেন্দ্ৰীয় কৰ তথা শুল্কসমূহৰ ৰেহাই আঁচনি। (আৰ.অ’.এছ.চি.টি.এল.)
|
এই আঁচনিখনৰ ম্যাদ ৩১-১২-২০২৬ তাৰিখলৈকে বৃদ্ধি কৰা হৈছে। ইয়াৰ অধীনত পোছাক আৰু প্ৰস্তুত পোছাকজাত সামগ্ৰীৰ ওপৰত পূৰ্বে ৰেহাই নোপোৱা ৰাজ্যিক আৰু কেন্দ্ৰীয় কৰ তথা শুল্কসমূহ ঘূৰাই দিয়া হয়।
২০২৫-২৬ বিত্তীয় বৰ্ষত এই আঁচনিৰ জৰিয়তে ৪৪৪টাতকৈ অধিক জিলাৰ ১৫,৪০০ৰো অধিক ৰপ্তানিকাৰক উপকৃত হৈছিল। ইয়াৰ অধিকাংশই আছিল ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ।
|
ৰপ্তানিত অংশগ্ৰহণৰ পৰিসৰ বৃদ্ধি: স্থানীয় উদ্যোগসমূহক বিশ্ববজাৰলৈ আগবঢ়াই নিয়া
এম.এছ.এম.ই., ষ্টাৰ্টআপ, হস্তশিল্পী আৰু ক্ষুদ্ৰ ৰপ্তানিকাৰকসকলৰ ৰপ্তানি কাৰ্যকলাপক সহায় কৰিবলৈ চৰকাৰে বিভিন্ন নীতি আৰু সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
a. ৰপ্তানিৰ কেন্দ্ৰ হিচাপে জিলা (ডি.ই.এইচ.)
ডি.ই.এইচ. পদক্ষেপৰ জৰিয়তে প্ৰতিখন জিলাক ৰপ্তানি পৰিকল্পনাৰ একোটা গোট হিচাপে গঢ়ি তোলা হৈছে। ইয়াৰ ফলত স্থানীয় উদ্যোগসমূহে নিজৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ সুবিধা লাভ কৰে।
‘আত্মনিৰ্ভৰ ভাৰত’ আৰু ‘ভোকেল ফৰ লোকেল’ অভিযানৰ সৈতে সংগতি ৰাখি এই পদক্ষেপে জিলাভিত্তিক অৰ্থনৈতিক বিকাশত সহায় কৰে।
২০২৬ চনৰ মাৰ্চ মাহলৈকে:
- ৫৯০খন জিলাৰ বাবে খচৰা ৰপ্তানি পৰিকল্পনা প্ৰস্তুত কৰা হৈছিল।
- ২৪৯খন জিলাই জিলা ৰপ্তানি প্ৰোৎসাহন সমিতিৰদ্বাৰা আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিছিল।
ডি.ই.এইচ. বিষয়ে অধিক পঢ়িবলৈ অনুগ্ৰহ কৰি জিলাসমূহক ৰপ্তানি কেন্দ্ৰ হিচাপে চাওক: ভাৰতৰ ৰপ্তানি প্ৰতি জিলালৈ লৈ যোৱা
b. ই-কমাৰ্চৰ জৰিয়তে ৰপ্তানি: বৈদেশিক বাণিজ্য নীতি (এফ.টি.পি.)-য়ে ডিজিটেল অৰ্থনীতিৰ অধীনত সামগ্ৰী আৰু সেৱাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ বাবে এক সুসংগঠিত কাঠামো প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে ই-কমাৰ্চ আৰু নতুন নতুন ৰপ্তানি মাধ্যমসমূহক উৎসাহিত কৰা হৈছে।
এই কাঠামোৰ এটা উল্লেখযোগ্য ব্যৱস্থা হৈছে ই-কমাৰ্চ ৰপ্তানি কেন্দ্ৰ (ই.চি.ই.এইচ.ছ.)।এই কেন্দ্ৰসমূহে সীমা অতিক্ৰমী ই-কমাৰ্চৰ জৰিয়তে ৰপ্তানি কাৰ্যকলাপ পৰিচালনাৰ বাবে প্ৰয়োজনীয় ব্যৱসায়িক আন্তঃগাঁথনি আৰু বিভিন্ন সুবিধা প্ৰদান কৰে।
ৰপ্তানি প্ৰোৎসাহন অভিযান (ই.পি.এম.): এক সংহত প্ৰচেষ্টা
২০২৫ চনৰ নৱেম্বৰ মাহত অনুমোদিত ৰপ্তানি প্ৰোৎসাহন অভিযানৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষলৈ মুঠ ২৫,০৬০ কোটি টকা ব্যয় নিৰ্ধাৰণ কৰা হৈছে। এই অভিযানৰ মূল উদ্দেশ্য হৈছে ৰপ্তানিৰ প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰা, ৰপ্তানিৰ পৰিমাণ বৃদ্ধি কৰা আৰু নিয়োগৰ সুযোগ সৃষ্টি কৰা। ইয়াৰ অধীনত বাণিজ্যিক বিত্তীয় সাহায্য, নিয়ম-নীতি পালন, আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ সুবিধা আৰু পৰিবহণ ব্যৱস্থাকে ধৰি বিভিন্ন ক্ষেত্ৰত আৰ্থিক আৰু অনা-আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই অভিযানত বিশেষকৈ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰা উদ্যোগী, অধিক শ্ৰমিক-নিৰ্ভৰশীল উদ্যোগ আৰু দেশৰ অভ্যন্তৰীণ তথা কম ৰপ্তানিমুখী অঞ্চলৰ ৰপ্তানিকাৰকসকলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
বাণিজ্যিক বাধা-বিঘিনিৰ সময়ত সাহায্য :ৰপ্তানিৰ সুবিধাৰ্থে স্থিতিস্থাপকতা আৰু পৰিবহণ ব্যৱস্থাৰ হস্তক্ষেপ হৈছে ই.পি.এম.-ৰ অধীনৰ এক বিশেষ ব্যৱস্থা, যাৰ বাবে ৪৯৭ কোটি টকা ধাৰ্য কৰা হৈছে। এই ব্যৱস্থাৰ জৰিয়তে বিশেষকৈ এম.এছ.এম.ই. উদ্যোগসমূহক সহায় আগবঢ়োৱা হয়। উপসাগৰীয় আৰু পশ্চিম এছিয়াৰ সামুদ্ৰিক পথত হোৱা বিঘিনিৰ ফলত পৰিবহণ ব্যয় বৃদ্ধি, বীমাৰ প্ৰিমিয়াম বৃদ্ধি আৰু যুদ্ধজনিত বিপদাশংকাৰ সৃষ্টি হ'লে ৰপ্তানিকাৰকসকলক আৰ্থিক সুৰক্ষা প্ৰদান কৰা হয়। এই সুবিধাৰ অধীনত যোগ্য পূৰ্বৰ ৰপ্তানি চালানৰ লগতে ভৱিষ্যতে সম্পন্ন হ'বলগীয়া ৰপ্তানিও সামৰি লোৱা হৈছে।
ই.পি.এম.-ৰ বিষয়ে অধিক পঢ়িবলৈ অনুগ্ৰহ কৰি ৰপ্তানি প্ৰসাৰ অভিযান: গ্লোবেল ট্ৰেডত এম.এছ.এম.ই.-ৰ বাবে এটা সংহত পথ নিৰ্মাণ চাওক
বিদেশী বজাৰৰ সম্ভাৱনা মুকলি কৰা: বাণিজ্যিক অংশীদাৰিত্বৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণ
বিশ্বৰ বিভিন্ন প্ৰত্যাহ্বানৰ মাজতো ভাৰতৰ ক্ৰমবৰ্ধমান বাণিজ্যিক অংশীদাৰিত্বই আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ সুযোগ বৃদ্ধি কৰাৰ লগতে দেশৰ অৰ্থনৈতিক স্থিতিস্থাপকতা আৰু শক্তিশালী কৰি তুলিছে।

ভাৰতৰ বাণিজ্যিক অংশীদাৰিত্বৰ পৰিৱৰ্তিত পৰিৱেশ : শেহতীয়াকৈ স্বাক্ষৰিত বাণিজ্যিক চুক্তিসমূহ কাৰ্যকৰী কৰাৰ লগতে ভাৰতে বিশ্বৰ বিভিন্ন দেশৰ সৈতে নিজৰ বাণিজ্যিক সম্পৰ্ক আৰু অধিক সম্প্ৰসাৰিত কৰাৰ উদ্দেশ্যে ৯খন বাণিজ্যিক চুক্তিৰ আলোচনাত আগবাঢ়িছে। ইয়াৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ , কানাডা, উপসাগৰীয় সহযোগিতা পৰিষদ আদি দেশ আৰু সংগঠনৰ সৈতে চলি থকা আলোচনা অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰি, ভাৰতে বৰ্তমান চাৰিখন বাণিজ্যিক চুক্তিৰ পুনৰীক্ষণ বা উন্নীতকৰণৰ বাবেও আলোচনা অব্যাহত ৰাখিছে। ইয়াৰ ভিতৰত ভাৰত-দক্ষিণ কোৰিয়া বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি আৰু আছিয়ান-ভাৰত সামগ্ৰী বাণিজ্য চুক্তি উল্লেখযোগ্য।
ভাৰতৰ বাণিজ্যিক অংশীদাৰিত্ব সম্পৰ্কে অধিক জানিবলৈ স্বাক্ষৰিত, ছীল কৰা আৰু ৰপ্তানি কৰা: ভাৰতৰ বাণিজ্যিক চুক্তিসমূহ কাৰ্য্যত চাওক শীৰ্ষক প্ৰতিবেদনখন চাব পাৰে।
বিশেষ অৰ্থনৈতিক অঞ্চল (এছ.ই.জেড.): ৰপ্তানি আন্তঃগাঁথনিৰ সম্প্ৰসাৰণ
বিশেষ অৰ্থনৈতিক অঞ্চলসমূহ হৈছে এনে নিৰ্দিষ্ট ভৌগোলিক অঞ্চল, যিসমূহত বাণিজ্য আৰু বিনিয়োগক উৎসাহিত কৰা হয়। এই অঞ্চলসমূহে দেশীয় আৰু বিদেশী বিনিয়োগ আকৰ্ষণ কৰা, আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰা আৰু ঔদ্যোগিক কাৰ্যকলাপৰ সম্প্ৰসাৰণৰ জৰিয়তে ৰপ্তানি বৃদ্ধিত সহায় কৰে। ইয়াৰ উপৰি, এই অঞ্চলসমূহে বৈদেশিক মুদ্ৰা আহৰণ কৰাৰ লগতে প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুযোগ সৃষ্টি কৰে। ফলস্বৰূপে স্থানীয় ব্যৱসায়-বাণিজ্য আৰু অৰ্থনীতিৰ বিকাশত সহায়ক ভূমিকা পালন কৰে।
২০২৬ চনৰ জুলাই মাহলৈকে মুঠ ৩৭২টা বিশেষ অৰ্থনৈতিক অঞ্চল জাননীযোগে ঘোষণা কৰা হৈছে। ২০২৬-২৭ বিত্তীয় বৰ্ষত নতুনকৈ ৮টা বিশেষ অৰ্থনৈতিক অঞ্চলৰ ঘোষণা কৰা হৈছে।
|
প্ৰতিষ্ঠান
|
খণ্ড
|
অৱস্থান
|
প্ৰস্তাৱিত বিনিয়োগ (প্ৰায় কোটি টকা)
|
প্ৰস্তাৱিত প্ৰত্যক্ষ / পৰোক্ষ নিয়োগ (আনুমানিক)
|
|
টাটা ছেমিকণ্ডাক্টৰ উৎপাদন ব্যক্তিগত লিমিটেড
|
ইলেক্ট্ৰনিক হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ, তথ্য প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি-সক্ষম সেৱাসহ।
|
ধোলেৰা বিশেষ বিনিয়োগ অঞ্চল, গুজৰাট।
|
৯১,০০০
|
২১,৯০০
|
|
এন.ডি.আৰ. আন্তঃগাঁথনি ব্যক্তিগত লিমিটেড।
|
বহুখণ্ডীয় উদ্যোগ
|
ৰাণীপেট জিলা, তামিলনাডু।
|
৩১৬.১০৭৫
|
১,০০০
|
|
পণ্ডিচেৰী ঔদ্যোগিক উন্নয়ন, প্ৰোৎসাহন আৰু বিনিয়োগ নিগম (পি.আই.পি.ডি.আই.চি.)
|
বহুখণ্ডীয় উদ্যোগ
|
পুডুচেৰী জিলা, পুডুচেৰী (কেন্দ্ৰীয় শাসিত অঞ্চল)।
|
১,২৫০
|
৫,০০০
|
|
ঔলগাৰেট পৌৰসভাৰ বিশেষ অৰ্থনৈতিক অঞ্চল (এছ.ই.জেড.)
|
তথ্য প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি-সক্ষম সেৱা
|
পুডুচেৰী জিলা, পুডুচেৰী (কেন্দ্ৰীয় শাসিত অঞ্চল)।
|
৭২৫
|
৩,৫০০
|
|
কগনিজেণ্ট টেকন'লজী ছলিউচনছ ইণ্ডিয়া ব্যক্তিগত লিমিটেড
|
তথ্য প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি-সক্ষম সেৱা
|
বিশাখাপট্টনম, অন্ধ্ৰ প্ৰদেশ।
|
১,৫৮২.৯৮
|
১৭,৩০২
|
|
হেটেৰ'জিনিয়াছ ইণ্টিগ্ৰেচন পেকেজিং ছলিউচনছ ব্যক্তিগত লিমিটেড
|
ছেমিকণ্ডাক্টৰ উদ্যোগ।
|
খোৰ্ধা, জটনি, ওড়িশা।
|
২৯৭.৩৯
|
২৫০
|
|
পলিমেটেক ইলেক্ট্ৰনিকছ লিমিটেড
|
ইলেক্ট্ৰনিকছ আৰু অভিযান্ত্ৰিক খণ্ড — ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদন।
|
নৱা ৰায়পুৰ, অটল নগৰ, ছত্তীশগড়।
|
১৩০
|
১,৩০০
|
|
এন.আই.ডি.পি. ডেভেলপাৰ্ছ ব্যক্তিগত লিমিটেড।
|
ডাটা চেণ্টাৰ নিৰ্মাণৰ বাবে তথ্য প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি-সক্ষম সেৱা বিশেষ অৰ্থনৈতিক অঞ্চল।
|
গ্ৰেটাৰ নয়ডা, গৌতম বুদ্ধ নগৰ জিলা, উত্তৰ প্ৰদেশ।
|
২,৪৪৮.৬৬
|
১৬৬
|
বিশেষ অৰ্থনৈতিক অঞ্চল (এছ.ই.জেড.) সম্পৰ্কে অধিক জানিবলৈ তলৰ প্ৰতিবেদনখন চাব পাৰে।
ৰ বিষয়ে অধিক পঢ়িবলৈ অনুগ্ৰহ কৰি চাওক: কেন্দ্ৰীয় বাজেট 2026–27: বিশ্বব্যাপী প্ৰতিযোগিতামূলকতা আৰু বৃদ্ধিৰ বাবে এছ.ই.জেড. শক্তিশালী কৰা ।
ৰপ্তানি প্ৰক্ৰিয়াৰ সৰলীকৰণ
ডিজিটেল সেৱা, সৰলীকৃত শুল্ক প্ৰক্ৰিয়া আৰু উন্নত লজিষ্টিক আন্তঃগাঁথনিৰ সুবিধা প্ৰদানৰ জৰিয়তে ভাৰতে ৰপ্তানি ব্যৱস্থাক অধিক সুদৃঢ় আৰু কাৰ্যকৰী কৰি তুলিছে।
|
ট্ৰেড কানেক্ট-এ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পৰ্কীয় তথ্য আৰু সেৱাসমূহ একেটা স্থানতে উপলব্ধ কৰি ভাৰতীয় ৰপ্তানিকাৰকসকলক সবলীকৰণৰ লগতে বিশ্বৰ বজাৰত প্ৰৱেশ সহজ কৰি তুলিবলৈ প্ৰস্তুত কৰা হৈছে।
|
|
আইচগেট-এ এটা একক ডিজিটেল গেটৱেৰ জৰিয়তে ভাৰতীয় শুল্ক বিভাগ আৰু ব্যৱসায়ীসকলক সংযোগ কৰে। ই শুল্ক সম্পৰ্কীয় প্ৰক্ৰিয়াসমূহ সৰল কৰি সীমা অতিক্ৰমী বাণিজ্যৰ সুবিধা প্ৰদান কৰে।
|
|
একত্ৰিত লজিষ্টিকছ ইণ্টাৰফেচ প্লেটফৰ্ম-এ এ.পি.আই.-ৰ জৰিয়তে চৰকাৰী লজিষ্টিকছ ব্যৱস্থাসমূহৰ সংহতি সাধন কৰে। ২০২৬ চনৰ জুলাই মাহলৈকে ইউ.এল.আই.পি.-এ ১২টা কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ৪৬টা ব্যৱস্থাক ১৪২টা এ.পি.আই.ৰ জৰিয়তে সংযুক্ত কৰিছে।
|
|
লজিষ্টিকছ ডাটা বেংক-এ আমদানি-ৰপ্তানি কণ্টেইনাৰসমূহৰ বাস্তৱ সময়ৰ তথ্য অনুসৰণ কৰে, যাৰ ফলত তথ্যৰ আদান-প্ৰদান আৰু লজিষ্টিকছৰ দৃশ্যমানতা উন্নত হয়।
|
|
ডাক ঘৰ ৰপ্তানি কেন্দ্ৰসমূহে বুকিং, ডিজিটেল নথিপত্ৰ আৰু শুল্ক নিষ্পত্তিৰ জৰিয়তে ডাকযোগে ৰপ্তানি প্ৰক্ৰিয়া সৰল কৰে। ২০২৬ চনৰ জানুৱাৰী মাহলৈকে সমগ্ৰ দেশত ১,০১৩টা ডি.এন.কে. কাৰ্যক্ষম হৈ আছে, যিয়ে দূৰৱৰ্তী অঞ্চলৰ ৰপ্তানিকাৰকসকলক বিশ্বৰ বজাৰত প্ৰৱেশৰ সুবিধা প্ৰদান কৰিছে।
|
ৰপ্তানি বৃদ্ধিত সহায়ক বিস্তৃত নীতিগত কাঠামো
‘মেক ইন ইণ্ডিয়া’, উৎপাদন-সংলগ্ন প্ৰোৎসাহন (পি.এল.আই.) আঁচনিসমূহ আৰু প্ৰধানমন্ত্ৰী মিত্ৰ পাৰ্কসমূহে উৎপাদন ক্ষমতা আৰু ৰপ্তানি সামৰ্থ্য শক্তিশালী কৰি ভাৰতৰ ৰপ্তানি বৃদ্ধিত সহায় আগবঢ়াইছে।
এই পদক্ষেপসমূহৰ পৰিপূৰক হিচাপে ৰাষ্ট্ৰীয় লজিষ্টিক নীতি, প্ৰধানমন্ত্ৰী গতিশক্তি আৰু সাগৰমালা কাৰ্যসূচীয়ে উন্নত সংযোগ ব্যৱস্থা আৰু লজিষ্টিক ব্যয় হ্ৰাস কৰাত সহায় কৰিছে। ইয়াৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত ভাৰতীয় ৰপ্তানিৰ প্ৰতিযোগিতামূলক সক্ষমতা অধিক শক্তিশালী হৈছে।
সামৰণি
ভাৰতৰ শেহতীয়া ৰপ্তানি প্ৰদৰ্শনে সামগ্ৰী আৰু সেৱা—উভয় ক্ষেত্ৰতে বৃদ্ধি প্ৰতিফলিত কৰিছে। বিভিন্ন সামগ্ৰী আৰু বাণিজ্যিক অংশীদাৰ দেশসমূহৰ মাজতো এই অগ্ৰগতি পৰিলক্ষিত হৈছে। ৰপ্তানিকাৰক, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, ব্যৱসায়ী আৰু চৰকাৰৰ সামূহিক প্ৰচেষ্টাই প্ৰতিযোগিতামূলক সক্ষমতা শক্তিশালী কৰা আৰু নতুন ক্ৰেতাৰ কাষ চাপিবলৈ সহায় কৰিছে। উৎপাদন ক্ষেত্ৰৰ প্ৰোৎসাহন, বজাৰত প্ৰৱেশৰ সুবিধা আৰু লজিষ্টিক সম্পৰ্কীয় পদক্ষেপৰ জৰিয়তে অব্যাহত নীতিগত সমৰ্থনে এই প্ৰচেষ্টাসমূহক শক্তিশালী কৰিছে।
ইয়াৰ উপৰি, বাণিজ্য প্ৰক্ৰিয়া সৰল কৰা, সংযোগ ব্যৱস্থা উন্নত কৰা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক নতুন বজাৰত প্ৰৱেশ কৰাত সহায় কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহেও এই সমৰ্থন অধিক সুদৃঢ় কৰি তুলিছে। এই পদক্ষেপসমূহে ভাৰতীয় উদ্যোগসমূহক অধিক বিস্তৃত বজাৰত নিজৰ উপস্থিতি আৰু ব্যৱসায়িক পৰিসৰ সম্প্ৰসাৰণ কৰাত ভৱিষ্যতেও সহায় কৰিব।
তথ্যসূত্ৰসমূহ
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
https://www.commerce.gov.in/files/2026-04/Annual_0.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2290437&lang=1®=3
https://content.dgft.gov.in/Website/om199.htm
https://content.dgft.gov.in/Website/Chapter_1_Revised_FTP_v1.2.2.pdf
https://content.dgft.gov.in/Website/dgftprod/a11b458e-0d61-460f-aef4-b201ed40a9aa/FTP2023_Chapter04.pdf
https://content.dgft.gov.in/Website/dgftprod/9f6336a2-e03d-4dbb-86eb-305615f0db13/FTP2023_Chapter05.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2318052&lang=1®=3
https://www.commerce.gov.in/files/2026-04/Annual_0.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2317338&lang=2®=48
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2287009&lang=1®=3
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2305826&lang=1®=3
https://content.dgft.gov.in/Website/Chapter%209%20FTP%20eCommerce.pdf
https://www.dgft.gov.in/CP/index.jsp?opt=export-promotion-mission
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2242410&lang=1®=3
https://www.trade.gov.in/pages/about-trade-connect-eplatform
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2026/nov/doc_10476_20261113_22550501.pdf
https://www.sezindia.gov.in/sites/default/files/approved_sez/State%20wise%20distribution%20of%20SEZs%20upto%2031.07.2026.pdf
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2304949&lang=2®=48
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2334642&lang=1®=1
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2026/oct/doc_10178_20261015_12230801.pdf
যোগাযোগ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2216466&lang=1®=3
নিটি আয়োগ
https://www.niti.gov.in/sites/default/files/2025-07/Trade-Watch-Quarterly.pdf
https://www.niti.gov.in/sites/default/files/2026-06/Trade-Watch-Quarterly-Jan-March-Q4-FY26.pdf
ভাৰতীয় ৰিজাৰ্ভ বেংক
https://www.rbi.org.in/scripts/BS_PressReleaseDisplay.aspx?prid=63742
https://www.rbi.org.in/Scripts/BS_PressReleaseDisplay.aspx?prid=63403
বিশ্ব বেংক
https://www.worldbank.org/en/news/press-release/2026/10/06/india-development-update-oct-2026
https://www.worldbank.org/en/news/press-release/2026/10/06/india-development-update-oct-2026
https://www.worldbank.org/en/news/press-release/2026/04/09/india-remains-among-the-fastest-growing-economies
https://documents1.worldbank.org/curated/en/099722104222534584/pdf/IDU-25f34333-d3a3-44ae-8268-86830e3bc5a5.pdf
আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি
https://www.imf.org/-/media/files/publications/weo/2026/october/english/text.pdf
https://www.imf.org/en/publications/weo/issues/2026/07/08/world-economic-outlook-update-july-2026
অৰ্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংস্থা
https://www.oecd.org/content/dam/oecd/en/publications/reports/2026/09/oecd-economic-outlook-interim-report-september-2026_8312492f/f751d02b-en.pdf
https://www.oecd.org/content/dam/oecd/en/publications/reports/2026/06/oecd-economic-outlook-volume-2026-issue-1_8be0dba6/2d1956f0-en.pdf
এছিয়ান উন্নয়ন বেংক
https://www.adb.org/sites/default/files/publication/1155601/asian-development-outlook-july-2026.pdf
প্ৰেছ ইনফৰ্মেচন ব্যুৰ’ৰ সংৰক্ষিত তথ্যসম্ভাৰ
https://www.pib.gov.in/PressNoteDetails.aspx?ModuleId=3&NoteId=158804&lang=1®=3
https://www.pib.gov.in/PressNoteDetails.aspx?ModuleId=3&NoteId=160423&lang=1®=3
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2026/aug/doc2026818961401.pdf
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2026/oct/doc_10178_20261015_12230801.pdf
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2026/mar/doc2026328835301.pdf
https://static.pib.gov.in/WriteReadData/specificdocs/documents/2026/mar/doc2026314824001.pdf
See in PDF
***
পি.আই.বি. গবেষণা/SS/RR
(Explainer ID: 160822)
आगंतुक पटल : 15
Provide suggestions / comments