Economy

পিএলআই আঁচনিৰ জৰিয়তে উৎপাদন খণ্ডৰ ৰূপান্তৰ

নীতিৰ পৰা উৎপাদনলৈ

Posted On: 13 NOV 2026 5:46PM

উৎপাদন আধাৰিত প্ৰেৰণা (পিএলআই) কাঠামোৱে ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ ঔদ্যোগিক নীতি হিচাপে আত্মপ্ৰকাশ কৰিছে। ১৪টা কৌশলগত খণ্ডক সামৰি লোৱা এই আঁচনিখনে দেশজুৰি বিনিয়োগ আকৰ্ষণ, উৎপাদন ক্ষমতা সম্প্ৰসাৰণ, ৰপ্তানি বৃদ্ধি আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, এই আঁচনিয়ে দেশীয় মূল্য সংযোজন শৃংখল শক্তিশালী কৰাৰ লগতে ভাৰতক এক প্ৰতিযোগিতামূলক উৎপাদন কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যৰ দিশে ভাৰত আগবাঢ়ি যোৱাৰ লগে লগে পিএলআই আঁচনিয়ে অধিক স্থিতিস্থাপক, উদ্ভাৱনীমূলক আৰু বিশ্ব অৰ্থনীতিৰ সৈতে সংযুক্ত এক ঔদ্যোগিক অৰ্থনীতিৰ ভেটি স্থাপন কৰিছে।

 

আত্মনিৰ্ভৰশীল ভাৰত গঢ়াৰ সংকল্পৰ আৰম্ভণি।

 

তামিলনাডুত সংযোজিত এটা স্মাৰ্টফোন, গুজৰাটত নিৰ্মিত এটা সৌৰ মডিউল, অথবা বাল্ক ড্ৰাগ পাৰ্কত উৎপাদিত এটা ঔষধি উপাদান—এইবোৰ কেৱল একোটা আছুতীয়া সফলতাৰ উদাহৰণ নহয়। বৰঞ্চ, এইবোৰ হৈছে এখন অধিক আত্মনিৰ্ভৰশীল, প্ৰযুক্তিনিৰ্ভৰ আৰু বিশ্ব অৰ্থনীতিৰ সৈতে গভীৰভাৱে সংযুক্ত ভাৰতৰ উত্থানৰ প্ৰমাণ।

ইলেক্ট্ৰনিকছ, বৈদ্যুতিক বাহন আৰু নবীকৰণযোগ্য শক্তিৰ দৰে খণ্ডসমূহত এতিয়া কেৱল উৎপাদন ক্ষমতা গঢ়ি তোলাতেই গুৰুত্ব দিয়া হোৱা নাই; বৰঞ্চ এক শক্তিশালী আৰু সম্পূৰ্ণ উৎপাদন ব্যৱস্থা গঢ়ি তোলাৰ দিশত গুৰুত্ব দিয়া হৈছে।

এই পৰিৱৰ্তনৰ কেন্দ্ৰবিন্দুত আছে ২০২০ চনত আৰম্ভ কৰা উৎপাদন সংযোজিত উদগনি আঁচনি (পিএলআই)। যোৱা ছবছৰত এই আঁচনিখনে বিভিন্ন খণ্ডত বিনিয়োগক উৎসাহিত কৰি নীতিগত লক্ষ্যক বাস্তৱ উৎপাদন ক্ষমতালৈ ৰূপান্তৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বিকশিত ভাৰত ২০৪৭ৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ এই যাত্ৰাত পৰৱৰ্তী পৰ্যায়ৰ সফলতা,দেশৰ মূল্য শৃংখল অধিক শক্তিশালী কৰা আৰু বিশ্বৰ উৎপাদন নেটৱৰ্কত ভাৰতৰ ভূমিকা অধিক সুদৃঢ় কৰাৰ ওপৰত নিৰ্ভৰ কৰিব ।

নীতিৰ পৰা উৎপাদনলৈ: পিএলআই আঁচনিৰ উত্থান

আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত আৰম্ভ কৰা উৎপাদন সংযোজিত উদগনি আঁচনিৰ মূল উদ্দেশ্য আছিল দেশৰ উৎপাদন খণ্ডৰ বিকাশ ত্বৰান্বিত কৰা।

প্ৰাৰম্ভিক পৰ্যায়ত এই আঁচনিখনৰ অধীনত মোবাইল ফোন নিৰ্মাণ, নিৰ্দিষ্ট ইলেক্ট্ৰনিক উপাদান, সক্ৰিয় ঔষধি উপাদান আৰু চিকিৎসা সঁজুলি আদি খণ্ডক অন্তৰ্ভুক্ত কৰা হৈছিল। পৰৱৰ্তী সময়ত আঁচনিখনৰ পৰিসৰ সম্প্ৰসাৰিত হৈ ঔষধ, বস্ত্ৰশিল্প, বিশেষ ধৰণৰ তীখা আদিকে ধৰি মুঠ ১৪টা কৌশলগত খণ্ডলৈ বিস্তৃত হয়। এই আঁচনিসমূহৰ বাবে মুঠ ১.৯১ লাখ কোটি টকা (১,৯১,০৪৯ কোটি টকা)ৰ অনুমোদিত বিত্তীয় আৱণ্টন ধাৰ্য কৰা হৈছে।

এই আঁচনিখনৰ মূল ধাৰণাটো অতি সহজ—যেতিয়া দেশীয় উদ্যোগসমূহৰ উৎপাদনৰ পৰিসৰ, গুণগত মান আৰু প্ৰতিযোগিতামূলক সক্ষমতা বৃদ্ধি পায়, তেতিয়া ইয়াৰ সমান্তৰালভাৱে বিনিয়োগ, ৰপ্তানি, কৰ্মসংস্থাপন আৰু উদ্ভাৱনৰো বিকাশ ঘটে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image003_20261113173740_1b2087.jpg

পৰিৱৰ্তনৰ আঁৰৰ পৰিসংখ্যা

ভাৰতৰ উৎপাদন আৰু ৰপ্তানি খণ্ডই পিএলআই আঁচনিৰ অধীনত থকা বিভিন্ন খণ্ডত ক্ৰমাগতভাৱে অগ্ৰগতি লাভ কৰিছে। ২০২১ চনৰ পৰা ২০২৫ চনলৈকে কেইবাটাও পিএলআই সমৰ্থিত খণ্ডত ৰপ্তানিৰ ক্ষেত্ৰত উল্লেখযোগ্য বৃদ্ধি পৰিলক্ষিত হৈছে। এই সময়ছোৱাত গড় বাৰ্ষিক ৰপ্তানি বৃদ্ধিৰ হাৰ আছিল—আই টি হাৰ্ডৱেৰ ৭৭.২%,এ চি চি বেটাৰী ৪৫.০%, ইলেক্ট্ৰনিকছ ৩৮.৮%, সৌৰ পি ভি মডিউল ২৩.৯%, আৰু বিশেষ ধৰণৰ তীখা ২২.৫%

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image004_20261113174332_0a54a5.jpg

২০২৬ চনৰ ৩০ জুনলৈকে ১৪টা খণ্ডত পিএলআই আঁচনিৰ অধীনত অনুমোদিত আবেদনৰ সংখ্যা আছিল ৭৯১টা। এই আঁচনিৰ অধীনত লাভ কৰা সামগ্ৰিক অগ্ৰগতিৰ পৰিসংখ্যাসমূহ হৈছে -প্ৰকৃত বিনিয়োগ ২.৫৮ লাখ কোটি টকাতকৈ অধিক (২,৫৮,৮৩৫ কোটি টকা)। সামগ্ৰিক উৎপাদন/বিক্ৰী ২৩.৭৯ লাখ কোটি টকাতকৈ অধিক। ১৫.৫৩ লাখ কোটি টকালৈ ৰপ্তানি বৃদ্ধি হোৱাৰ লগতে  ১৪.৫৭ লাখতকৈ অধিক প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন সৃষ্টি হৈছে। প্ৰত্যক্ষ কৰ্মসংস্থাপন ৮.৮১ লাখ। পৰোক্ষ কৰ্মসংস্থাপন ৫.৭৫ লাখ (আই টি হাৰ্ডৱেৰ, এল এচ ই এম আৰু সৌৰ পি ভি মডিউল খণ্ডত)। ইপিনে সামগ্ৰিক উদগনিৰ ধন বিতৰণৰ পৰিমাণ হৈছে ৩৬,৭৫৪ কোটি টকা। উদগনিৰ ধন বিতৰণৰ পৰিমাণে এই আঁচনিৰ কৰ্মদক্ষতাভিত্তিক বৈশিষ্ট্য প্ৰতিফলিত কৰে। অৰ্থাৎ, কোম্পানীসমূহে নিৰ্ধাৰিত বিনিয়োগ, উৎপাদন আৰু অন্যান্য যোগ্যতাৰ চৰ্ত পূৰণ কৰিলেহে উদগনিৰ ধন লাভ কৰে। প্ৰকল্পসমূহ আগবাঢ়ি উৎপাদন আৰম্ভ কৰাৰ লগে লগে সংশ্লিষ্ট আঁচনিৰ নিৰ্ধাৰিত নিয়ম অনুসৰি যোগ্য দাবীৰ ভিত্তিত উদগনিৰ ধন মুকলি কৰা হয়।

খণ্ডভিত্তিক ফলাফলসমূহেও দেশীয় উৎপাদন ব্যৱস্থাত স্থানীয় উপাদানৰ ব্যৱহাৰ আৰু নিৰ্ভৰশীলতা হ্ৰাস পোৱাৰ ইংগিত দিয়ে। ইয়াৰ এক উল্লেখযোগ্য উদাহৰণ হৈছে মোবাইল ফোনৰ আমদানি প্ৰায় ৭৭ শতাংশ হ্ৰাস পোৱাটো।

পিএলআই আঁচনিখনে প্ৰথমবাৰৰ বাবে ১৯১বিধ বাল্ক ড্ৰাগছৰ দেশীয় উৎপাদন সম্ভৱ কৰি তুলিছে। ইয়াৰ উপৰি, টেলিকম খণ্ডৰ ৰপ্তানিৰ পৰিমাণ ২১,০৩৩ কোটি টকাত উপনীত হৈছে।

এই ধাৰাসমূহে প্ৰতিফলিত কৰিছে যে ভাৰতৰ দেশীয় উৎপাদন ব্যৱস্থা ক্ৰমান্বয়ে বিশ্বৰ মূল্য শৃংখলৰ সৈতে অধিক গভীৰভাৱে সংযুক্ত হৈ পৰিছে। ইয়াৰ ফলত বিশ্বৰ উৎপাদন আৰু যোগান ব্যৱস্থাত ভাৰতৰ অংশগ্ৰহণ তথা ভূমিকা ক্ৰমাৎ শক্তিশালী হৈছে।

নতুন ঔদ্যোগিক ভাৰত গঢ়াৰ দিশত

বিভিন্ন খণ্ডত পিএলআই আঁচনিখনে নীতিগত লক্ষ্যসমূহক বাস্তৱ আৰু দৃশ্যমান ফলাফললৈ ৰূপান্তৰিত কৰিছে। নতুন কাৰখানা স্থাপন, সম্প্ৰসাৰিত উৎপাদন প্ৰণালী আৰু নতুন ঔদ্যোগিক ক্লাষ্টাৰৰ উত্থানে ভাৰতৰ উৎপাদন খণ্ডৰ পৰিৱেশলৈ পৰিৱৰ্তন আনিছে।

চৰকাৰৰ নীতিগত সহযোগিতাই উদ্যোগ, শ্ৰমিক আৰু উদ্যমীসকলৰ বাবে নতুন নতুন সুযোগ সৃষ্টি কৰাৰ লগতে বাস্তৱ ক্ষেত্ৰতো ইতিবাচক ফলাফল কঢ়িয়াই আনিছে।

স্পষ্ট ফলাফল পৰিলক্ষিত হোৱা কেইটামান গুৰুত্বপূৰ্ণ খণ্ড হৈছে—

বৃহৎ পৰিসৰৰ ইলেক্ট্ৰনিকছ উৎপাদন (এল এচ ই এম): ভাৰতৰ ডিজিটেল উৎপাদন খণ্ডৰ বিকাশৰ চালিকাশক্তি

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image005_20261113174451_8d248a.png

ইলেক্ট্ৰনিকছ উৎপাদন আৰু আই টি হাৰ্ডৱেৰ খণ্ড , পিএলআই আঁচনিৰ অধীনত সৰ্বাধিক লাভৱান হোৱা খণ্ড হিচাপে পৰিগণিত হৈছে। বৃহৎ পৰিসৰৰ ইলেক্ট্ৰনিকছ উৎপাদন (এল এচ ই এম) আঁচনিৰ কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পিছত, এই আঁচনিৰ অধীনত থকা কোম্পানীসমূহে ২০২৬ চনৰ জুনলৈকে উল্লেখযোগ্য সফলতা লাভ কৰিছে। এল এচ ই এম আঁচনিৰ অধীনত কোম্পানীসমূহৰ মুঠ বিনিয়োগ হৈছে ২০,৫৮০.২০ কোটি টকা , যি প্ৰাৰম্ভিক ৭,০০০ কোটি টকাৰ লক্ষ্যৰ প্ৰায় তিনিগুণ।

মুঠ উৎপাদন ১১,৬১,৫০৫ কোটি টকা,প্ৰত্যক্ষ কৰ্মসংস্থাপন ১,৬৯,২৪৯ জন, আ ৰ  মুঠ উদগনিৰ ধন বিতৰণ ১৯,০৯০.৯৮ কোটি টকা। (ইয়াৰ সমান্তৰালভাৱে, আই টি হাৰ্ডৱেৰ ২.০ আঁচনিৰ অধীনত বিনিয়োগ- ৯৫৪ কোটি টকা, উৎপাদন- ২৪,৩৮৬ কোটি টকা, প্ৰত্যক্ষ কৰ্মসংস্থাপন- ৫,২১৬ জন  আৰু উদগনিৰ ধন বিতৰণ    হৈছে  ৯৭.৮৪ কোটি টকা। ভাৰতৰ ইলেক্ট্ৰনিকছ উৎপাদনে ক্ৰমাগতভাৱে নতুন উচ্চতা স্পৰ্শ   কৰি ২০২৪-২৫ বৰ্ষৰ ১১.৩২ লাখ কোটি টকাৰ পৰা ২০২৫-২৬ বৰ্ষত ১৩.১১ লাখ কোটি টকা হৈছে। অৰ্থাৎ, এবছৰৰ ভিতৰতে উৎপাদনৰ ক্ষেত্ৰত ১৫.৮ শতাংশ বৃদ্ধি ঘটিছে। ২০১৪-১৫ বৰ্ষৰ তুলনাত বৰ্তমান ভাৰতৰ ইলেক্ট্ৰনিকছ উৎপাদন সাতগুণ বৃদ্ধি পাইছে। একেদৰে, ইলেক্ট্ৰনিকছ ৰপ্তানি ১১ গুণ বৃদ্ধি পাই ৪.২৪ লাখ কোটি টকাত উপনীত হৈছে। ইয়াৰ ফলত বিশ্বৰ বজাৰত ভাৰতৰ উপস্থিতি অধিক শক্তিশালী হৈছে। মোবাইল ফোন নিৰ্মাণে এই পৰিৱৰ্তনৰ অন্যতম প্ৰধান চালিকাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। ভাৰতত মোবাইল ফোনৰ উৎপাদন ৩৩ গুণ বৃদ্ধি পাই ৬.২৭ লাখ কোটি টকাত উপনীত হৈছে। উৎপাদনৰ পৰিমাণৰ হিচাপত ভাৰত বৰ্তমান বিশ্বৰ দ্বিতীয় বৃহত্তম মোবাইল ফোন নিৰ্মাতা দেশ। ২০১৪ চনত মোবাইল ফোনৰ ক্ষেত্ৰত নেট আমদানিকাৰক দেশ হিচাপে থকা ভাৰতে বৰ্তমান নেট ৰপ্তানিকাৰক দেশৰ স্থান লাভ কৰিছে। ভাৰতত ব্যৱহৃত মুঠ মোবাইল ফোনৰ ৯৯.২ শতাংশই এতিয়া দেশতে নিৰ্মিত।

ঔষধ উৎপাদন খণ্ড: বিশ্বৰ ঔষধ যোগান ব্যৱস্থাত ভাৰতৰ বৰ্ধিত ভূমিকা

 

ভাৰত বৰ্তমান উৎপাদনৰ পৰিমাণৰ হিচাপত বিশ্বৰ তৃতীয় বৃহত্তম আৰু মূল্যৰ হিচাপত একাদশ বৃহত্তম ঔষধ উৎপাদনকাৰী দেশ। বিশ্বৰ প্ৰায় ২০ শতাংশ জেনেৰিক ঔষধৰ যোগান ভাৰতৰ পৰাই হয়। ইয়াৰ উপৰি, বিশ্বৰ কেইবাখনো গুৰুত্বপূৰ্ণ বজাৰৰ ঔষধৰ চাহিদাৰ এক বৃহৎ অংশ ভাৰতে পূৰণ কৰি আহিছে।

২০২০-২১ চনৰ পৰা ২০২৮-২৯ চনলৈ কাৰ্যকৰী হোৱাকৈ ঔষধ উদ্যোগৰ বাবে ৰূপায়ণ কৰা উৎপাদন সংযোজিত উদগনি আঁচনিৰ অধীনত মুঠ ১৫,০০০ কোটি টকাৰ বিত্তীয় আৱণ্টন কৰা হৈছে। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে উচ্চ মূল্য সংযোজিত ঔষধি সামগ্ৰীৰ দেশীয় উৎপাদনক উৎসাহিত কৰা আৰু উৎপাদন প্ৰযুক্তিৰ উন্নীতকৰণ তথা আধুনিকীকৰণত সহায় কৰা।

ঔষধ উদ্যোগৰ প্ৰতি থকা শক্তিশালী আস্থাৰ প্ৰতিফলন হিচাপে ২০২৬ চনৰ ৩০ জুনলৈকে এই আঁচনিৰ অধীনত সামগ্ৰিক বিনিয়োগৰ পৰিমাণ ৪৬,৭৪৪ কোটি টকাত উপনীত হৈছে। একে সময়ছোৱাত মুঠ উৎপাদন আৰু বিক্ৰীৰ পৰিমাণ ৪,০২,৮৬৯ কোটি টকা, অৰ্থাৎ ৪.০২ লাখ কোটি টকাতকৈ অধিক হৈছে। ইয়াৰ উপৰি, ১,২১,২৯৪ জন লোকৰ প্ৰত্যক্ষ কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ লগতে ৬,৬৬২ কোটি টকাৰ উদগনিৰ ধন বিতৰণ কৰা হৈছে। এই আঁচনিয়ে উন্নত উৎপাদন প্ৰযুক্তিত বিনিয়োগ, ঔষধি সামগ্ৰীৰ বৈচিত্ৰ্যকৰণ আৰু ৰপ্তানিমুখী উৎপাদনৰ সম্প্ৰসাৰণত সহায় আগবঢ়াইছে।

ইয়াৰ সমান্তৰালভাৱে, ৬,৯৪০ কোটি টকাৰ বিত্তীয় আৱণ্টনেৰে ৰূপায়ণ কৰা বাল্ক ড্ৰাগছৰ বাবে পি এল আই আঁচনিৰ অধীনত সামগ্ৰিক বিনিয়োগৰ পৰিমাণ ৫,২১১ কোটি টকা, বিক্ৰীৰ পৰিমাণ ৩,৭৯২ কোটি টকা আৰু প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সংখ্যা ৫,১২৭ জনলৈ বৃদ্ধি পাইছে। এই আঁচনিৰ অধীনত ৮৮ কোটি টকাৰ উদগনিৰ ধনো বিতৰণ কৰা হৈছে। আনহাতে, ৩,৪২০ কোটি টকাৰ বিত্তীয় আৱণ্টনেৰে ৰূপায়ণ কৰা চিকিৎসা সঁজুলিৰ বাবে পি এল আই আঁচনিৰ অধীনত বিনিয়োগৰ পৰিমাণ ১,১৮৫ কোটি টকা, বিক্ৰীৰ পৰিমাণ ১৬,৬১২ কোটি টকা আৰু প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সংখ্যা ৫,৭৬৯ জনত উপনীত হৈছে। এই খণ্ডত ২৬৬.৬৪ কোটি টকাৰ উদগনিৰ ধন বিতৰণ কৰা হৈছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image006_20261113174500_b9d70e.png

দূৰসংযোগ আৰু নেটৱৰ্কিং সামগ্ৰী: আমদানিৰ বিকল্প হিচাপে দেশীয় উৎপাদনৰ সম্প্ৰসাৰণ

১২,১৯৫ কোটি টকাৰ বিত্তীয় আৱণ্টনেৰে ৰূপায়ণ কৰা উৎপাদন সংযোজিত উদগনি আঁচনিৰ অধীনত দূৰসংযোগ খণ্ডই প্ৰাৰম্ভিক সফলতা লাভ কৰা অন্যতম খণ্ড হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২১ চনৰ পৰা ২০২৫ চনলৈকে এই খণ্ডৰ ৰপ্তানিয়ে গড়ে বাৰ্ষিক ১.৫ শতাংশ বৃদ্ধি লাভ কৰাৰ বিপৰীতে আমদানিৰ পৰিমাণ বছৰি গড়ে ১৮.৫ শতাংশ হ্ৰাস পাইছে।

২০২৬ চনৰ ৩০ জুনলৈকে এই আঁচনিৰ অধীনত সামগ্ৰিক বিনিয়োগৰ পৰিমাণ ৫,৬২৭ কোটি টকাত উপনীত হৈছে। একে সময়ছোৱাত মুঠ উৎপাদন আৰু বিক্ৰীৰ পৰিমাণ ১,২০,৭২১ কোটি টকা হৈছে। ইয়াৰ উপৰি, এই আঁচনিৰ জৰিয়তে ৩৬,৩১৯ জন লোকৰ প্ৰত্যক্ষ কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ লগতে ২,৭৯৬ কোটি টকাৰ উদগনিৰ ধন বিতৰণ কৰা হৈছে।

এই ধাৰাই আমদানিৰ বিকল্প হিচাপে দেশীয় উৎপাদন ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত লাভ কৰা প্ৰাৰম্ভিক সফলতাক প্ৰতিফলিত কৰিছে। লগতে, ভাৰতীয় দূৰসংযোগ আৰু নেটৱৰ্কিং সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ আৰু প্ৰতিযোগিতামূলক সক্ষমতা বৃদ্ধিৰ জৰিয়তে বিদেশৰ বজাৰত ভাৰতৰ উপস্থিতি সম্প্ৰসাৰিত কৰাৰ পি এল আই আঁচনিৰ সামগ্ৰিক উদ্দেশ্যৰ সৈতেও সংগতি ৰাখিছে।

বগা সামগ্ৰী (এয়াৰ কণ্ডিচনাৰ আৰু এল ই ডি লাইট): গুৰুত্বপূৰ্ণ উপাদানসমূহৰ দেশীয় উৎপাদন ব্যৱস্থা গঢ়ি তোলা

প্ৰতিটো এয়াৰ কণ্ডিচনাৰ আৰু এল ই ডি লাইটৰ আঁৰত এনে কিছুমান উচ্চ মূল্য সংযোজিত উপাদানৰ এক বিস্তৃত যোগান শৃংখল থাকে, যিবোৰে উৎপাদন ব্যয় আৰু বজাৰত প্ৰতিযোগিতামূলক সক্ষমতা নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৬,২৩৮ কোটি টকাৰ বিত্তীয় আৱণ্টনেৰে ৰূপায়ণ কৰা বগা সামগ্ৰীৰ বাবে পি এল আই আঁচনিৰ জৰিয়তে ভাৰতে এই গুৰুত্বপূৰ্ণ উপাদানসমূহৰ দেশীয় উৎপাদন সক্ষমতা ক্ৰমাগতভাৱে গঢ়ি তুলিছে।

এই খণ্ডৰ ক্ৰমবৰ্ধমান অগ্ৰগতিৰ প্ৰতিফলন হিচাপে আঁচনিখনৰ বাবে বাজেটীয় আৱণ্টন ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ৩০৩.৫৪ কোটি টকাৰ সংশোধিত প্ৰাক্কলনৰ পৰা বৃদ্ধি কৰি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট প্ৰাক্কলনত ১,০০৩.৫৪ কোটি টকা কৰা হৈছে। আঁচনিখনৰ চতুৰ্থ পৰ্যায়ত ১৩খন আবেদন লাভ কৰা হৈছিল, য'ত মুঠ ১,৯১৪ কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। ২০২৫ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা ১০ নৱেম্বৰলৈকে আবেদন গ্ৰহণৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল আৰু এই পৰ্যায়ত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহৰ পৰা উল্লেখযোগ্য অংশগ্ৰহণ পৰিলক্ষিত হৈছিল। ২০২৬ চনৰ ৩০ জুনলৈকে এই আঁচনিৰ অধীনত সামগ্ৰিক বিনিয়োগৰ পৰিমাণ ৭,৬৭০ কোটি টকাত উপনীত হৈছে। একে সময়ছোৱাত মুঠ উৎপাদন আৰু বিক্ৰীৰ পৰিমাণ ৫৭,০৫৭ কোটি টকা হৈছে। ইয়াৰ উপৰি, ৫৪,০৪৯ জন লোকৰ প্ৰত্যক্ষ কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ লগতে ৫৯৩ কোটি টকাৰ উদগনিৰ ধন বিতৰণ কৰা হৈছে।

মটৰগাড়ী আৰু গাড়ীৰ উপাদান উদ্যোগ: যাতায়াত ব্যৱস্থাৰ বৈপ্লৱিক পৰিৱৰ্তনৰ চালিকাশক্তি

মটৰগাড়ী আৰু গাড়ীৰ উপাদানৰ বাবে ৰূপায়ণ কৰা উৎপাদন সংযোজিত উদগনি আঁচনিয়ে ভাৰতক উন্নত আৰু বহনক্ষম যাতায়াত ব্যৱস্থাৰ দিশে আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মুঠ ২৫,৯৩৮ কোটি টকাৰ বিত্তীয় আৱণ্টনেৰে ৰূপায়ণ কৰা এই আঁচনিখনে বৈদ্যুতিক বাহন,উন্নত স্বয়ংচালিত প্ৰযুক্তি আৰু উচ্চ মূল্য সংযোজিত গাড়ীৰ উপাদানসমূহৰ দেশীয় উৎপাদন তথা বিকাশত সহায় আগবঢ়াইছে। একে সময়তে, বিশ্বৰ মটৰগাড়ী উৎপাদন আৰু যোগান শৃংখলত ভাৰতৰ স্থান অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰতো এই আঁচনিয়ে সহায় কৰিছে।

এই খণ্ডৰ প্ৰতি চৰকাৰৰ নিৰন্তৰ সহযোগিতাৰ প্ৰতিফলন হিচাপে আঁচনিখনৰ বাবে বাজেটীয় আৱণ্টন ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ২,০৯১.২৬ কোটি টকাৰ সংশোধিত প্ৰাক্কলনৰ (আৰ ই) পৰা বৃদ্ধি কৰি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট প্ৰাক্কলনত (বি ই) ৫,৯৩৯.৮৭ কোটি টকা কৰা হৈছে। ২০২৬ চনৰ ৩০ জুনলৈকে এই আঁচনিৰ অধীনত সামগ্ৰিক বিনিয়োগৰ পৰিমাণ ৪৫,৪৭৭ কোটি টকাত উপনীত হৈছে। একে সময়ছোৱাত মুঠ উৎপাদন আৰু বিক্ৰীৰ পৰিমাণ ৬৪,৩৭৪ কোটি টকা হৈছে। ইয়াৰ উপৰি, এই আঁচনিৰ জৰিয়তে ৭১,৩৩৭ জন লোকৰ প্ৰত্যক্ষ কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ লগতে ৩,১৭৪.১৫ কোটি টকাৰ উদগনিৰ ধন বিতৰণ কৰা হৈছে।

খাদ্য প্ৰসংস্কৰন উদ্যোগ: কৃষিপথাৰৰ পৰা বিশ্বৰ বজাৰলৈ

 

খাদ্য প্ৰসংস্কৰন খণ্ডই উৎপাদন উদ্যোগৰ বিকাশৰ সৈতে গ্ৰাম্য অৰ্থনীতিৰ মূল্য সংযোজনক একত্ৰিত কৰিছে। মুঠ ১০,৯০০ কোটি টকাৰ বিত্তীয় আৱণ্টনেৰে খাদ্য সংসাধন উদ্যোগৰ বাবে উৎপাদন সংযোজিত উদগনি আঁচনি (পিএল আই এচ এফ পিআই) ২০২১-২২ চনৰ পৰা ২০২৬-২৭ চনলৈ ৰূপায়ণ কৰা হৈছে। ২০২৬ চনৰ ৩০ জুনলৈকে এই আঁচনিৰ অধীনত প্ৰায় ৩.৩৬ লাখ (৩,৩৫,৫১৬) প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ্মসংস্থাপন সৃষ্টি হৈছে। উল্লেখযোগ্য যে, ২০২৬-২৭ বিত্তীয় বৰ্ষৰ ভিতৰত ২.৫ লাখ কৰ্মসংস্থাপন সৃষ্টিৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্যক ইতিমধ্যে অতিক্ৰম কৰিছে।

পিএল আই এচ এফ পিআই আঁচনিৰ অধীনত লাভ কৰা কেইটামান উল্লেখযোগ্য সফলতা হ'ল:

  • খাদ্য প্ৰসংস্কৰন উদ্যোগৰ বাবে ৰূপায়ণ কৰা পিএল আই এচ এফ পিআই আঁচনিৰ অধীনত বিভিন্ন খাদ্য প্ৰসংস্কৰন শিতানত মুঠ ১৬৫খন আবেদনত অনুমোদন জনোৱা হৈছে।
  • অনুমোদিত হিতাধিকাৰীসকলৰ ভিতৰত ৬৯টা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ অন্তৰ্ভুক্ত হৈ আছে।
  • সমগ্ৰ দেশতে ২৭৪টা প্ৰকল্পৰ স্থান স্থাপন কৰা হৈছে, যিয়ে বিভিন্ন অঞ্চলত ঔদ্যোগিক বিকাশ আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ সম্প্ৰসাৰণত অৰিহণা যোগাইছে।
  • ২০২৬ চনৰ ৩০ জুনলৈকে হিতাধিকাৰী কোম্পানীসমূহে সামগ্ৰিকভাৱে ৯,২০৭ কোটি টকাৰ বিনিয়োগ কৰাৰ বিপৰীতে মুঠ উৎপাদন আৰু বিক্ৰীৰ পৰিমাণ ৫,১৩,১০৪ কোটি টকাত উপনীত হৈছে (যি ৫.১৩ লাখ কোটি টকাতকৈ অধিক)।
  • একে সময়ছোৱাত এই আঁচনিৰ অধীনত মুঠ ৩,২৭১.৪৪ কোটি টকাৰ উদগনিৰ ধন বিতৰণ কৰা হৈছে। ইয়াৰ ভিতৰত ২০২৫-২৬ বিত্তীয় বৰ্ষত ১,১৯৩ কোটি টকা আৰু ২০২৬-২৭ বিত্তীয় বৰ্ষৰ জুন মাহলৈকে ৫৫৬.৬৪ কোটি টকা বিতৰণ কৰা হৈছে।

এই অগ্ৰগতিক অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে পিএল আই এচ এফ পিআই আঁচনিৰ অধীনত হোৱা সঞ্চিত ধনৰ পৰা ২০২২-২৩ চনত বাজৰাভিত্তিক খাদ্য সামগ্ৰীৰ বাবে এক বিশেষ উৎপাদন সংযোজিত উদগনি আঁচনি (পিএল আই এচ এম বি পি) আৰম্ভ কৰা হয়। ২০২৬ চনৰ জুন মাহলৈকে এই আঁচনিৰ বাবে নিৰ্ধাৰিত মুঠ ৮০০ কোটি টকাৰ বিত্তীয় আৱণ্টনৰ ভিতৰত ৭৯৩.২৭ কোটি টকা ২৯টা আবেদনকাৰীক উদগনি প্ৰদানৰ বাবে অনুমোদন জনোৱা হৈছে। এই ২৯টা প্ৰতিষ্ঠানৰ ভিতৰত ৮টা বৃহৎ উদ্যোগ আৰু ২১টা ক্ষুদ্ৰ তথা মজলীয়া উদ্যোগ অন্তৰ্ভুক্ত হৈ আছে। ইয়াৰ জৰিয়তে বাজৰাভিত্তিক খাদ্য সামগ্ৰীৰ উৎপাদন, মূল্য সংযোজন আৰু বজাৰ সম্প্ৰসাৰণক উৎসাহিত কৰা হৈছে।

বিশেষ ধৰণৰ তীখা: ভাৰতৰ ঔদ্যোগিক মেৰুদণ্ড অধিক শক্তিশালীকৰণ

আন্তঃগাঁথনি, মটৰগাড়ী, প্ৰতিৰক্ষা আৰু অভিযান্ত্ৰিক উদ্যোগৰ পৰা আৰম্ভ কৰি কেইবাটাও কৌশলগত খণ্ডৰ বিকাশত বিশেষ ধৰণৰ তীখাই  মেৰুদণ্ডস্বৰূপ ভূমিকা পালন কৰে। বিশেষ ধৰণৰ তীখা হৈছে সাধাৰণ তীখা উৎপাদন প্ৰক্ৰিয়াৰ পৰৱৰ্তী পৰ্যায়ত প্ৰস্তুত কৰা এক উচ্চ মূল্য সংযোজিত সামগ্ৰী। দেশৰ এই খণ্ডৰ উৎপাদন সক্ষমতা শক্তিশালী কৰাৰ উদ্দেশ্যে চৰকাৰে ২০২১ চনত ৬,৩২২ কোটি টকাৰ বিত্তীয় আৱণ্টনেৰে বিশেষ ধৰণৰ তীখাৰ বাবে উৎপাদন সংযোজিত উদগনি আঁচনি আৰম্ভ কৰে। ২০২৬ চনৰ ৩০ জুনলৈকে এই আঁচনিৰ অধীনত সামগ্ৰিক বিনিয়োগৰ পৰিমাণ ২৭,৩৬৮ কোটি টকাত উপনীত হৈছে। একে সময়ছোৱাত মুঠ উৎপাদন আৰু বিক্ৰীৰ পৰিমাণ ৪,১৭০ কোটি টকা হৈছে। ইয়াৰ উপৰি, এই আঁচনিৰ জৰিয়তে ১৬,২০০ জন লোকৰ প্ৰত্যক্ষ কৰ্মসংস্থাপন সৃষ্টি হোৱাৰ লগতে ২৩৬ কোটি টকাৰ উদগনিৰ ধন বিতৰণ কৰা হৈছে।

উন্নত ৰাসায়নিক কোষ (এচিচি) বেটাৰী সংৰক্ষণ: স্বচ্ছ শক্তিৰ ভৱিষ্যৎক শক্তিশালী কৰাৰ দিশত

ভাৰতত বৈদ্যুতিক যাতায়াত ব্যৱস্থা আৰু স্বচ্ছ শক্তিৰ ব্যৱহাৰৰ দিশত দ্ৰুত পৰিৱৰ্তন ঘটিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দেশৰ ভিতৰতে বেটাৰী উৎপাদন ব্যৱস্থা গঢ়ি তোলাটো এক কৌশলগত অগ্ৰাধিকাৰ হিচাপে পৰিগণিত হৈছে। উন্নত ৰাসায়নিক কোষ (এচিচি) বেটাৰী সংৰক্ষণৰ বাবে,উৎপাদন সংযোজিত উদগনি আঁচনিত, ২০২১ চনৰ মে’ত ১৮,১০০ কোটি টকাৰ বিত্তীয় আৱণ্টনেৰে অনুমোদন জনোৱা হৈছিল। এই আঁচনিৰ মূল লক্ষ্য হৈছে দেশত ৫০ গিগাৱাট-ঘণ্টা GWh এচিচি বেটাৰী উৎপাদন ক্ষমতা গঢ়ি তোলাৰ লগতে বিশেষ প্ৰযুক্তিৰ এচিচি বেটাৰীৰ বাবে অতিৰিক্ত ৫ গিগাৱাট-ঘণ্টা উৎপাদন ক্ষমতা সৃষ্টি কৰা।

২০২৫ চনৰ আগষ্ট মাহলৈকে দুটা পৰ্যায়ত মুঠ ৪০ গিগাৱাট-ঘণ্টা উৎপাদন ক্ষমতা চাৰিটা হিতাধিকাৰী প্ৰতিষ্ঠানক আবণ্টন দিয়া হৈছে। আনহাতে, ২০২৬ চনত পৃথক নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে, বিদ্যুৎ গ্ৰীডৰ বৃহৎ পৰিসৰৰ স্থায়ী শক্তি সংৰক্ষণৰ বাবে, ১০ গিগাৱাট-ঘণ্টা উৎপাদন ক্ষমতা আবণ্টনৰ ব্যৱস্থা কৰা হৈছে।

এই আঁচনিৰ মূল উদ্দেশ্য হৈছে দেশৰ ভিতৰতে উন্নত বেটাৰী উৎপাদন ব্যৱস্থা শক্তিশালী কৰা আৰু আমদানিকৃত এচিচি বেটাৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। ইয়াৰ জৰিয়তে বৈদ্যুতিক বাহন আৰু নবীকৰণযোগ্য শক্তি সংৰক্ষণৰ বাবে প্ৰয়োজনীয় বেটাৰী প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ আত্মনিৰ্ভৰশীলতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। ২০২৬ চনৰ ৩০ জুনলৈকে এই আঁচনিৰ অধীনত সামগ্ৰিক বিনিয়োগৰ পৰিমাণ ৫,২৭০ কোটি টকাত উপনীত হৈছে। ইয়াৰ উপৰি, এই খণ্ডত ১,২৯২ জন লোকৰ প্ৰত্যক্ষ কৰ্মসংস্থাপন সৃষ্টি হৈছে।

উচ্চ দক্ষতাসম্পন্ন সৌৰ পি ভি: ভাৰতৰ সৌৰ শক্তি উৎপাদন উদ্যোগৰ শক্তিশালী ভেটি নিৰ্মাণ

ভাৰতৰ স্বচ্ছ শক্তিৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত সৌৰ শক্তিয়ে কেন্দ্ৰীয় ভূমিকা পালন কৰিছে। এই লক্ষ্য বাস্তৱায়িত কৰিবলৈ দেশৰ ভিতৰতে এক শক্তিশালী সৌৰ শক্তি উৎপাদন ব্যৱস্থা গঢ়ি তোলাটো অত্যন্ত প্ৰয়োজনীয়। এই উদ্দেশ্যে ২৪,০০০ কোটি টকাৰ বিত্তীয় আৱণ্টনেৰে উচ্চ দক্ষতাসম্পন্ন সৌৰ ফটোভল্টেইক মডিউলৰ বাবে উৎপাদন সংযোজিত উদগনি আঁচনি ৰূপায়ণ কৰা হৈছে। এই আঁচনিৰ জৰিয়তে সৌৰ মডিউলৰ দেশীয় উৎপাদনক উৎসাহিত কৰা, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু সমগ্ৰ সৌৰ শক্তি উৎপাদন মূল্য শৃংখলত দেশীয় মূল্য সংযোজন বৃদ্ধি কৰাত গুৰুত্ব দিয়া হৈছে। এই আঁচনিৰ অধীনত সম্পূৰ্ণ অথবা আংশিকভাৱে সংহত সৌৰ ফটোভল্টেইক মডিউল উৎপাদন কেন্দ্ৰ স্থাপনৰ বাবে মুঠ ৪৮,৩৩৭ মেগাৱাট উৎপাদন ক্ষমতাৰ প্ৰস্তাৱৰ বিপৰীতে আবণ্টন-পত্ৰ জাৰি কৰা হৈছে। ২০২৫ চনৰ ছেপ্টেম্বৰলৈকে এই আঁচনিৰ জৰিয়তে প্ৰায় ৫২,৯০০ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰি, এই খণ্ডত প্ৰায় ৪৪,৪০০ জন লোকৰ প্ৰত্যক্ষ কৰ্মসংস্থাপনৰো সৃষ্টি হৈছে।

 

 

https://static.pib.gov.in/WriteReadData/userfiles/image/2026/nov/image007_20261113174509_527ba0.jpg

 

নীতিৰ পৰা সমৃদ্ধিলৈ এক পৰিৱৰ্তনমুখী যাত্ৰা

২০২০ চনত এক নীতিগত পৰীক্ষা হিচাপে আৰম্ভ হোৱা যাত্ৰাই আজি ভাৰতৰ ঔদ্যোগিক ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ৰ ৰূপ পৰিগ্ৰহ কৰিছে। উৎপাদন সংযোজিত উদগনি আঁচনিয়ে কেৱল উৎপাদন বৃদ্ধিৰ বাবেই উদগনি প্ৰদান কৰা নাই, বৰঞ্চ দেশৰ সামগ্ৰিক চিন্তাধাৰাতো পৰিৱৰ্তন আনিছে। উৎপাদন এতিয়া কেৱল এক সাধাৰণ অৰ্থনৈতিক কাৰ্যকলাপ হৈ থকা নাই; ই ৰাষ্ট্ৰীয় কৌশলগত অগ্ৰাধিকাৰৰ বিষয় হিচাপে পৰিগণিত হৈছে।

পি এল আই আঁচনিৰ প্ৰকৃত সফলতা কেৱল পৰিসংখ্যাৰ মাজতেই সীমাবদ্ধ নহয়। ইয়াৰ সফলতা প্ৰতিফলিত হৈছে যোৱা ছয় বছৰৰ আগতে অস্তিত্বহীন হৈ থকা নতুন কাৰখানাসমূহৰ প্ৰতিষ্ঠাত, বৈদ্যুতিক বাহনৰ বেটাৰী প্ৰযুক্তিৰ বিকাশত নিয়োজিত অভিযন্তাসকলৰ কৰ্মত আৰু বিশ্বৰ বজাৰলৈ নিজৰ উৎপাদিত সামগ্ৰী প্ৰেৰণ কৰিবলৈ সক্ষম হোৱা কৃষকসকলৰ অগ্ৰগতিত। ভাৰতে এতিয়া কেৱল অধিক পৰিমাণে উৎপাদন কৰাই নহয়, বৰঞ্চ উৎপাদনৰ পদ্ধতি আৰু ধাৰণাতো নতুনত্ব আনিছে।

এই যাত্ৰাৰ পৰৱৰ্তী পৰ্যায়ৰ লক্ষ্যও স্পষ্ট—কেৱল বিশ্বৰ বজাৰৰ বাবে উৎপাদন কৰাই নহয়, বৰঞ্চ বিশ্বৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ নতুন উদ্ভাৱন আৰু প্ৰযুক্তিৰ বিকাশ সাধন কৰা।

তথ্যসূত্ৰ সমূহ

 বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় https://www.pib.gov.in/PressReleasePage.aspx?PRID=2247771&reg=3&lang=2

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=2108602&utm_source&reg=3&lang=2

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2246089&utm_source&reg=3&lang=2

বস্ত্ৰ মন্ত্ৰালয় https://www.pib.gov.in/PressReleasePage.aspx?PRID=2250951&reg=3&lang=2

ৰসায়ন আৰু সাৰ মন্ত্ৰালয়

https://pharma-dept.gov.in/sites/default/files/Annual%20Report%202025-26.pdf

নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়

https://sansad.in/getFile/loksabhaquestions/annex/187/AS368_BC8yvX.pdf?source=pqals

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2116602&reg=3&lang=2

ভাৰতৰ অৰ্থনৈতিক সমীক্ষা, ২০২৫-২৬

https://www.indiabudget.gov.in/economicsurvey/doc/echapter.pdf

https://www.indiabudget.gov.in/doc/eb/vol1.pdf

নিতি অয়োগ

https://www.niti.gov.in/sites/default/files/2026-11/Impact-Assessment-of-PLI-Schemes.pdf

পি আই বি আৰ্কাইভ

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2254015&reg=3&lang=2

https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2234442&reg=3&lang=2

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=155082&ModuleId=3&reg=3&lang=2

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=155232&ModuleId=3&reg=3&lang=2

Click here to see pdf

*****

পি আই বি  গৱেষণা

(Explainer ID: 160790

(Explainer ID: 160812) आगंतुक पटल : 1
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Bengali , Tamil