Social Welfare
নিচামুক্ত ভাৰত অভিযানৰ ছয় বছৰ
সজাগতাৰ পৰা এক গণ আন্দোলনলৈ
Posted On:
11 NOV 2026 12:22PM
যোৱা ১৫ আগষ্ট ২০২০ তাৰিখে ২৭২ খন জিলাত নিচামুক্ত ভাৰত অভিযান আৰম্ভ হৈছিল। ২০২৩ চনৰ ১৫ আগষ্টত সমগ্ৰ দেশৰ সকলো জিলালৈ ইয়াক সম্প্ৰসাৰিত কৰা হয়। ২০২৬ চনৰ ১০ নৱেম্বৰলৈকে এই অভিযানে ৩৫.৮৪ কোটিৰো অধিক লোকৰ কাষ চাপিছে। এই পদক্ষেপত ১৪.৩৩ কোটিতকৈ অধিক যুৱক আৰু ১১.৩২ কোটি মহিলা অন্তৰ্ভুক্ত হৈছে। ড্ৰাগছৰ চাহিদা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা (এন.এ.পি.ডি.ডি.আৰ.)-ৰ অধীনত সহায়ক সেৱাসমূহ দ্ৰুতগতিত বৃদ্ধি পাইছে। চিকিৎসা আৰু পৰামৰ্শ বিচৰা লোকৰ সংখ্যা ২০২০-২১ চনৰ ২.০৮ লাখৰ পৰা ২০২৫-২৬ চনত ৯.১১ লাখৰো অধিকলৈ বৃদ্ধি পাইছে। ২০২৬ চনৰ ১০ নৱেম্বৰলৈকে ২ লাখৰো অধিক নাগৰিকে নিচামুক্তি মিত্ৰ হিচাপে পঞ্জীয়ন কৰিছে।
৩৫ কোটি জনসাধাৰণৰ এক আন্দোলন
৪৭ নং অনুচ্ছেদৰ অধীনত ভাৰতৰ সংবিধানে ৰাজ্যক নিৰ্দেশ দিয়ে যে ঔষধৰ উদ্দেশ্যৰ বাহিৰে মাদক পানীয় আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ড্ৰাগছ সেৱন কৰাত নিষেধাজ্ঞা আৰোপ কৰিবলৈ চেষ্টা কৰিব লাগে। ২০১৮ চনত এটা ৰাষ্ট্ৰীয় সমীক্ষাত দেখা গৈছে যে ভাৰতত ৭ কোটিৰো অধিক লোক নিচাজাতীয় দ্ৰব্যৰ অপব্যৱহাৰ সম্পৰ্কীয় সমস্যাত ভুগিছিল, য’ত প্ৰায় ১.২ কোটি শিশু আৰু ৫৮ লাখ মহিলাও আছিল। মাদক দ্ৰব্যৰ ওপৰত নিৰ্ভৰশীলতাই ব্যক্তি, পৰিয়াল আৰু সমগ্ৰ সম্প্ৰদায়ক এক জটিল মানসিক-সামাজিক-চিকিৎসা বিষয় হিচাপে ক্ষতিগ্ৰস্ত কৰে।
এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে ১৫ আগষ্ট ২০২০ তাৰিখে মাদক দ্ৰব্য ব্যৱহাৰৰ (মদ, ভাং, অপিঅ’ইড আৰু অন্যান্য মনোসক্ৰিয় পদাৰ্থৰ ব্যৱহাৰ) আটাইতকৈ দুৰ্বল হিচাপে চিনাক্ত কৰা ২৭২খন জিলাত নিচামুক্তি ভাৰত অভিযান (এন.এম.বি.এ.) আৰম্ভ কৰে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ ফলাফল আৰু নিচাজাতীয় পদাৰ্থ ব্যৱহাৰৰ পৰিসৰ তথা আৰ্হিৰ ওপৰত প্ৰথম ৰাষ্ট্ৰীয় জৰীপৰ তথ্যৰ পৰা এই জিলাসমূহ নিৰ্বাচিত কৰা হৈছিল। ২০২২ চনৰ আগষ্ট মাহত ইয়াক ৩৭২খন জিলালৈ সম্প্ৰসাৰিত কৰা হয় আৰু ২০২৩ চনৰ ১৫ আগষ্টৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশৰ সকলো জিলালৈ ইয়াক সম্প্ৰসাৰিত কৰা হয়। মন্ত্ৰ্যালয়ে এই ছবছৰীয়া পৰিৱৰ্তনক সাংগঠনিকভাৱে জড়িত কৰাৰ পৰা সম্প্ৰদায়ক জড়িত কৰালৈ এক পৰিৱৰ্তন বুলি বৰ্ণনা কৰিছে। ৰাজ্য, জিলা আৰু স্থানীয় অংশীদাৰসকলে এই অভিযানৰ নেতৃত্ব লৈছে আৰু সেই নেতৃত্বই ইয়াক গণ আন্দোলন কৰি তুলিছে।
এন.এম.বি.এ.ই ২০২৬ চনৰ ১০ নৱেম্বৰলৈকে ১৪.৩৩ কোটিৰো অধিক যুৱক-যুৱতী আৰু ১১.৩২ কোটি মহিলাকে ধৰি ৩৫.৮৪ কোটিতকৈ অধিক লোকৰ কাষ চাপিছে। শিক্ষানুষ্ঠানসমূহত ৩৩.৫৭ লাখতকৈ অধিক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। ২০২১ চনত ইয়াৰ প্ৰসাৰ ১.৪ কোটি লোকৰ পৰা বৃদ্ধি পাইছে। যেতিয়া ২০২৫ চনৰ ১৮ নৱেম্বৰত অমৃতসৰত এই অভিযানে পাঁচ বছৰ সম্পূৰ্ণ কৰিছিল, তেতিয়া ২.১০ লাখৰো অধিক স্থানত ইয়াৰ বৰ্ষপূৰ্তি অনুষ্ঠানত ৬ কোটিতকৈ অধিক লোকে যোগদান কৰিছিল আৰু ই ২৩.৭৪ কোটি লোকৰ কাষ চাপিছিল।

সংবিধানৰ ৪৭ নং অনুচ্ছেদত ৰাষ্ট্ৰক নিৰ্দেশ দিয়া হৈছে যে ঔষধৰ উদ্দেশ্যৰ বাহিৰেও মাদক পানীয় আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক ড্ৰাগছ সেৱন কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ চেষ্টা কৰক। মন্ত্ৰ্যালয়ে ১৯৮৫-৮৬ চনৰ পৰা সুৰাপান আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ বাবে এক আঁচনি চলাই আহিছে।
২০১৮ চনত নতুন দিল্লীৰ এইমছৰ ৰাষ্ট্ৰীয় ড্ৰাগ ডিপেণ্ডেন্স ট্ৰিটমেণ্ট চেণ্টাৰ (এন ডি ডি টি চি)ৰ দ্বাৰা পৰিচালনা কৰা আৰু ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা ভাৰতত মাদক দ্ৰব্য ব্যৱহাৰৰ পৰিসৰ আৰু আৰ্হিৰ প্ৰথমখন ৰাষ্ট্ৰীয় জৰীপৰ জৰিয়তে এই কামৰ বিশালতা স্পষ্ট হৈ পৰিছিল। প্ৰায় ১৬ কোটি লোকে সুৰাপান কৰিছিল, ইয়াৰে ৫.৭ কোটিতকৈ অধিক লোকক ক্ষতিকাৰক বা নিৰ্ভৰশীল ব্যৱহাৰৰ বাবে সহায়ৰ প্ৰয়োজন হৈছিল। প্ৰায় ৩ কোটি ১০ লাখ লোকে ভাংজাতীয় সামগ্ৰী ব্যৱহাৰ কৰিছিল আৰু ২ কোটি ২৬ লাখ লোকে অপিঅ’ইড ব্যৱহাৰ কৰিছিল; ইয়াৰে প্ৰায় ২৫ লাখ ভাং নিৰ্ভৰশীল আছিল, আনহাতে প্ৰায় ৭৭ লাখ লোকক অপিঅ'ইড ব্যৱহাৰৰ বাবে সহায়ৰ প্ৰয়োজন হৈছিল। প্ৰায় ১ কোটি ২০ লাখ শিশু আৰু ৫৮ লাখ মহিলাকে ধৰি ৭ কোটিতকৈ অধিক লোক মাদক দ্ৰব্য ব্যৱহাৰৰ বিকাৰত আক্ৰান্ত হৈছিল।
ড্ৰাগছৰ চাহিদা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা হৈছে কেন্দ্ৰীয় খণ্ডৰ উপাদানসমূহ সামৰি লোৱা কেন্দ্ৰীয় পৃষ্ঠপোষকতাৰ এখন আঁচনি। ইয়াৰ দুটা উদ্দেশ্য হ’ল- প্ৰতিৰোধমূলক শিক্ষা, সজাগতা, চিনাক্তকৰণ, পৰামৰ্শ, চিকিৎসা আৰু পুনৰ্বাসনৰ জৰিয়তে ড্ৰাগছৰ চাহিদা হ্ৰাস কৰা আৰু ড্ৰাগছৰ ওপৰত নিৰ্ভৰশীল লোকসকলক সমাজলৈ ঘূৰি অহাৰ ক্ষেত্ৰত বাধা হৈ থিয় দিয়া কলংক আৰু বৈষম্য হ্ৰাস কৰা।
এই অভিযান কেনেকৈ অব্যাহত আছে
মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত নতুন দিল্লীত এনচিঅ’আৰডিৰ নৱম শীৰ্ষ পৰ্যায়ৰ বৈঠকত এন.এ.পি.ডি.ডি.আৰ.. আৰু এন.এম.বি.এ.-ৰ অগ্ৰগতি পৰ্যালোচনা কৰা হয়। এই অভিযানৰ সকলো অংশীদাৰৰ প্ৰচেষ্টাক শলাগ লোৱাৰ সমান্তৰালকৈ দেশত ড্ৰাগছৰ চাহিদা হ্ৰাস কৰাৰ লক্ষ্যৰে তিনি বছৰীয়া কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া হয়। এই প্ৰচেষ্টাসমূহক অধিক প্ৰতিষ্ঠানিক আৰু ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰিবলৈ তিনি তৰপীয়া নিৰীক্ষণ আৰু সমন্বিত ব্যৱস্থাৰ পৰামৰ্শ দিয়া হৈছিল। এই ব্যৱস্থাত অন্তৰ্ভুক্ত আছে :
১) মুখ্য সচিবৰ অধ্যক্ষতাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ পৰিচালনা আৰু নিৰীক্ষণ সমিতি, যিয়ে ত্ৰৈমাসিকভাৱে বৈঠকত মিলিত হ’ব আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ড্ৰাগছৰ চাহিদা হ্ৰাসৰ সকলো পদক্ষেপৰ তদাৰক, সমন্বয় আৰু নিৰীক্ষণৰ বাবে সকলো প্ৰাসংগিক অংশীদাৰ আৰু সংশ্লিষ্ট বিভাগৰ সৈতে এটা শীৰ্ষ সংস্থা আৰু উচ্চ পৰ্যায়ৰ টাস্ক ফ’ৰ্চ হিচাপে কাম কৰিব।
২) জিলা উপায়ুক্ত/উপায়ুক্তৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ ড্ৰাগছৰ চাহিদা হ্ৰাস সমিতি, যিয়ে মাহেকীয়া বৈঠকত মিলিত হ’ব আৰু বাধ্যতামূলক ত্ৰৈমাসিক পৰিদৰ্শন কৰিব।
৩) ব্লক উন্নয়ন বিষয়াৰ অধ্যক্ষতাত ব্লক পৰ্যায়ৰ ড্ৰাগছৰ চাহিদা হ্ৰাস সমিতি, যিয়ে মাহেকীয়াকৈ বৈঠকত মিলিত হৈ ক্ষেত্ৰ পৰিদৰ্শন কৰিব।
তিনি তৰপীয়া সমিতিৰ ভূমিকা
তিনি তৰপীয়া সমিতিসমূহৰ ভূমিকাসমূহ হ’ল-
১.ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল পৰ্যায়ৰ পৰিচালনা আৰু নিৰীক্ষণ সমিতি :
• এন.এ.পি.ডি.ডি.আৰ.. আৰু এন.এম.বি.এ.-ৰ অধীনত ৰাজ্যিক কাৰ্য পৰিকল্পনা ৰূপায়ণৰ বাবে সামগ্ৰিক তদাৰকী কৰা
• ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ড্ৰাগছৰ চাহিদা হ্ৰাস কৰাৰ বাবে সজাগতা সৃষ্টি, চিকিৎসা, পুনৰ্বাসন, পৰামৰ্শ, সামৰ্থ্য বিকাশ আৰু অন্যান্য প্ৰাসংগিক কাৰ্যৰ ক্ষেত্ৰসমূহৰ সৈতে জড়িত ত্ৰৈমাসিক আৰু বাৰ্ষিক লক্ষ্যসমূহ লাভ কৰাটো নিশ্চিত কৰা।
• সমাজ কল্যাণ, স্বাস্থ্য, গৃহ, যুৱ পৰিক্ৰমা, মহিলা আৰু শিশু উন্নয়ন, উচ্চ শিক্ষা, বিদ্যালয় শিক্ষা, দক্ষতা বিকাশ, পঞ্চায়তীৰাজ, গ্ৰাম্য উন্নয়ন, তথ্য আৰু সম্প্ৰচাৰ, স্থানীয় বেচৰকাৰী সংস্থা/চি এছ অ’ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ প্ৰচেষ্টাসমূহৰ সমন্বয় সাধন কৰা।
• বৰ্তমানৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ কাৰ্যসূচী আৰু আঁচনিসমূহত ড্ৰাগছৰ চাহিদা হ্ৰাস কৰা কাৰ্যকলাপসমূহৰ একত্ৰীকৰণ নিশ্চিত কৰা।
• শিক্ষানুষ্ঠান, গাঁও পঞ্চায়ত, ৱাৰ্ড, প্ৰত্যন্ত সম্প্ৰদায় আদিত চলোৱা সজাগতামূলক কাৰ্যসূচী পৰ্যালোচনা কৰা
• নিচামুক্ত ভাৰত অভিযান (এন.এম.বি.এ.) ৰূপায়ণ আৰু অধিক লোকৰ ওচৰলৈ যাবলৈ মাদক দ্ৰব্যৰ অপব্যৱহাৰ প্ৰতিৰোধৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় অনুষ্ঠানসমূহ পালন কৰাটো নিৰীক্ষণ কৰা।
• যুৱ ক্লাব, মাই ভাৰত স্বেচ্ছাসেৱক, বেচৰকাৰী সংস্থা, আধ্যাত্মিক সংগঠন আৰু অন্যান্য সংশ্লিষ্ট সংস্থা/ক্লাব/গোটসমূহক নিচামুক্তি মিত্ৰ (এন.এম.এম.) হিচাপে নিয়োজিত কৰাটো প্ৰসাৰ কৰা।
• নিচাসক্তৰ বাবে সংহত পুনৰ্বাসন কেন্দ্ৰ (আই.আৰ.চি.এ.), জিলা নিচামুক্তি কেন্দ্ৰ (ডি.ডি.এ.চি.), নিচাসক্তৰ চিকিৎসা সুবিধা (এ.টি.এফ.) আৰু অন্যান্য চিকিৎসা সুবিধাসমূহৰ উপলব্ধতা আৰু কাৰ্যকলাপ পৰ্যালোচনা কৰা। চিকিৎসাৰ বাবে পঞ্জীয়ন, আৰোগ্যৰ ফলাফল, পুনৰ ৰোগ প্ৰতিৰোধৰ ব্যৱস্থা আৰু ৰেফাৰেল ব্যৱস্থা নিৰীক্ষণ কৰা।
• চিকিৎসা সেৱাৰ সুলভতা আৰু মানদণ্ডৰ ব্যৱধান দূৰ কৰা।
• অধিক বিপজ্জনক জিলাসমূহ চিনাক্ত কৰা আৰু কেন্দ্ৰীভূত হস্তক্ষেপ পৰিকল্পনা অনুমোদন কৰা।
• উদীয়মান হটস্পট অঞ্চলত বিশেষ অভিযান নিৰ্দেশনা।
• শিক্ষক, পৰামৰ্শদাতা, স্বাস্থ্যসেৱা পেছাদাৰী, আইন প্ৰয়োগকাৰী কৰ্মী আৰু সম্প্ৰদায়ৰ স্বেচ্ছাসেৱকৰ বাবে পৰিচালিত প্ৰশিক্ষণ কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰা।
• পৰিৱেশন সূচকৰ বিপৰীতে জিলাৰ কৰ্মক্ষমতা পৰ্যালোচনা কৰা।
• এন.এম.বি.এ. পৰ্টেলত সময়মতে প্ৰতিবেদন দিয়াটো নিশ্চিত কৰা।
• স্থায়ীভাৱে কম প্ৰদৰ্শন দেখুওৱা জিলাসমূহৰ বাবে প্ৰত্যক্ষ সংশোধনীৰ ব্যৱস্থা।
• প্ৰতিৰোধ, চিকিৎসা আৰু পুনৰ্বাসন কাৰ্যকলাপৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্যিক সম্পদৰ অনুকূল ব্যৱহাৰৰ সুবিধা প্ৰদান কৰা।
• এন জি অ’, শিক্ষানুষ্ঠান আৰু নাগৰিক সমাজৰ সংগঠনৰ অংশীদাৰিত্বক উৎসাহিত কৰা।
• অধ্যক্ষৰ অনুমতি সাপেক্ষে অন্য যিকোনো বিষয়।
২. জিলা পৰ্যায়ৰ ড্ৰাগছৰ চাহিদা হ্ৰাস সমিতি:
• ৰাজ্যিক লক্ষ্যৰ সৈতে সংগতি ৰাখি জিলা পৰ্যায়ৰ ড্ৰাগছৰ চাহিদা হ্ৰাস পৰিকল্পনা প্ৰস্তুত আৰু কাৰ্যকৰী কৰা।
• জিলা-নিৰ্দিষ্ট দুৰ্বল জনসংখ্যা আৰু ভৌগোলিক হটস্পট চিনাক্ত কৰা।
• বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কৰ্মক্ষেত্ৰ আৰু সম্প্ৰদায়ত সজাগতা কাৰ্যসূচীৰ সমন্বয় কৰা।
• বিভাগ আৰু অংশীদাৰ সংস্থাৰ জৰিয়তে এন.এম.বি.এ.-ৰ কাম-কাজ নিয়মীয়াকৈ চলোৱাটো নিশ্চিত কৰা।
• বিদ্যালয়, সম্প্ৰদায়, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান আৰু চিকিৎসা কেন্দ্ৰৰ মাজত ৰেফাৰেল সংযোগ শক্তিশালী কৰা।
• পৰামৰ্শ আৰু পৰিয়ালক সহায় সেৱাৰ সুবিধা প্ৰদান কৰা।
• ডি.ডি.এ.চি., আই.আৰ.চি.এ., এ.টি.এফ. আৰু অন্যান্য চিকিৎসা সুবিধাসমূহৰ কাৰ্যকলাপ নিৰীক্ষণ কৰা।
• পঞ্জীয়ন, চিকিৎসা সম্পূৰ্ণ হোৱাৰ হাৰ, অনুসৰণ সেৱা আৰু পুনৰ্বাসনৰ ফলাফল পৰ্যালোচনা কৰা।
• পৰামৰ্শ, বিকাৰমুক্তকৰণ আৰু পুনৰ্বাসন সেৱাৰ উপলব্ধতা নিশ্চিত কৰা।
• বাধ্যতামূলক পৰিদৰ্শন কৰা
✓ডি.ডি.এ.চি.-সমূহ
✓আই.আৰ.চি.এ.-সমূহ
✓নিচাসক্তিৰ চিকিৎসাৰ সুবিধা
✓প্ৰতিৰোধমূলক কাম-কাজ গ্ৰহণ কৰা শিক্ষানুষ্ঠান
• সেৱাৰ মানদণ্ড, হিতাধিকাৰীৰ তথ্য আৰু আন্তঃগাঁথনিৰ মানদণ্ড পৰীক্ষা কৰা।
• গাঁও, ৱাৰ্ড আৰু নগৰীয়া বসতিস্থলত সজাগতা আৰু প্ৰতিৰোধমূলক কাম-কাজ প্ৰসাৰ কৰা।
• পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা, আত্মসহায়ক গোট আৰু বিশ্বাসভিত্তিক সংগঠনৰ অংশগ্ৰহণক উৎসাহিত কৰা।
• সজাগতা, চিকিৎসা আৰু পুনৰ্বাসনৰ সৈতে জড়িত জিলা পৰ্যায়ৰ তথ্যক মান্যতা প্ৰদান কৰা।
• এন.এম.বি.এ. পৰ্টেলৰ জৰিয়তে সময়মতে প্ৰতিবেদন দাখিল কৰাটো নিশ্চিত কৰা।
• স্বেচ্ছাসেৱকসকলৰ থকা-খোৱা, নিয়োগ আৰু নিয়মীয়া কাৰ্যকলাপৰ পৰ্যালোচনা। চিনাক্ত কৰা প্ৰত্যন্ত সম্প্ৰদায়সমূহত নিয়মীয়াকৈ প্ৰচাৰ কৰাটো নিশ্চিত কৰা।
• সুস্থ ব্যক্তিসকলৰ দক্ষতা আৰু জীৱিকাৰ সহায়ৰ বাবে দক্ষতা বিকাশ অভিযান আৰু সংশ্লিষ্ট বিভাগসমূহৰ সৈতে অভিসৰণৰ সুবিধা প্ৰদান কৰা।
• জিলাখনৰ সুস্থ ব্যৱহাৰকাৰীসকলৰ বাবে দক্ষতা বিকাশ আৰু পুনৰ্বাসনৰ পদক্ষেপৰ অগ্ৰগতি পৰ্যালোচনা আৰু নিৰীক্ষণ।
• অধ্যক্ষৰ অনুমতি সাপেক্ষে অন্য যিকোনো বিষয়।
৩. ব্লক পৰ্যায়ৰ ড্ৰাগছৰ চাহিদা হ্ৰাস সমিতি:
• এন.এম.বি.এ. কাৰ্যকলাপৰ ক্ষেত্ৰ পৰ্যায়ৰ নিৰীক্ষণ
• গাঁও, ৱাৰ্ড, বিদ্যালয়, মহাবিদ্যালয় আৰু সম্প্ৰদায়সমূহৰ মাজত সজাগতা আৰু প্ৰতিৰোধমূলক কাৰ্যকলাপ ৰূপায়ণৰ ওপৰত নিৰীক্ষণ কৰা।
• জিলা সমিতিৰ দ্বাৰা নিৰ্ধাৰিত মাহেকীয়া লক্ষ্যত উপনীত হোৱাটো নিশ্চিত কৰা।
• গাঁও, স্থানীয় নগৰ, প্ৰতিষ্ঠান আৰু মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ প্ৰতি দুৰ্বল জনসংখ্যাৰ মানচিত্ৰ প্ৰস্তুত কৰা।
• স্থানীয় বিপজ্জনক কাৰক আৰু হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ নবীকৃত তথ্য ৰখা।
• মাহেকীয়া পৰিদৰ্শন কৰা:
✓নিচামুক্তি আৰু চিকিৎসাৰ সুবিধা যেনে- ডি.ডি.এ.চি., এ.টি.এফ., আই.আৰ.চি.এ., অ’.ডি.আই.চি. ইত্যাদি
✓শিক্ষানুষ্ঠানসমূহে সজাগতামূলক কাম-কাজ পৰিচালনা কৰা
• প্ৰতিবেদন যুগুতোৱা কাৰ্যকলাপৰ পৰিচালনা আৰু মানদণ্ড পৰীক্ষা কৰা।
• পঞ্চায়ত, স্থানীয় নগৰীয়া সংস্থা, শিক্ষক, আশাকৰ্মী, অংগনৱাড়ী কৰ্মী, আত্মসহায়ক গোট, যুৱ গোট আৰু স্থানীয় নেতাক জড়িত কৰা।
• ড্ৰাগছ বিৰোধী পদক্ষেপৰ সম্প্ৰদায়ৰ মালিকীস্বত্বক প্ৰসাৰ কৰা।
• চিকিৎসা আৰু পুনৰ্বাসন সেৱাৰ প্ৰয়োজন হোৱা ব্যক্তিসকলক ৰেফাৰেল কৰাৰ সুবিধা প্ৰদান কৰা।
• সুস্থ ব্যক্তিসকলৰ বাবে অনুসৰণ আৰু পুনৰ সংযোগৰ প্ৰচেষ্টাত সহায় কৰা।
• স্বেচ্ছাসেৱকসকলৰ থকা-মেলা, নিয়োগ আৰু নিয়মীয়া কাৰ্যকলাপৰ পৰ্যালোচনা। চিনাক্ত কৰা প্ৰত্যন্ত সম্প্ৰদায়সমূহত নিয়মীয়াকৈ প্ৰচাৰ কৰাটো নিশ্চিত কৰা।
• মাহেকীয়া কাৰ্যকৰীকৰণ আৰু পৰিদৰ্শনৰ প্ৰতিবেদন জিলা সমিতিলৈ প্ৰেৰণ কৰা।
• জিলা পৰ্যায়ৰ সহায়ৰ প্ৰয়োজন হোৱা অভিযোগসমূহ বৃদ্ধি কৰা।
• জিলা আৰু ৰাজ্যিক সমিতিৰ দ্বাৰা জাৰি কৰা নিৰ্দেশনাসমূহ প্ৰতিষ্ঠান আৰু অংশীদাৰসকলে পালন কৰাটো নিৰীক্ষণ কৰা।
• পৰিদৰ্শনৰ সময়ত চিনাক্ত কৰা সমস্যাসমূহ সময়মতে বন্ধ কৰাটো নিশ্চিত কৰা।
• দক্ষতা বিকাশৰ প্ৰয়োজনীয়তা থকা সুস্থ ব্যক্তিক চিনাক্ত কৰা।
• সুস্থ ব্যক্তিসকলৰ নাম পঞ্জীয়ন আৰু উপলব্ধ দক্ষতা বিকাশ আঁচনিৰ সৈতে সংযোগৰ সুবিধা প্ৰদান কৰা।
• হিতাধিকাৰীৰ অংশগ্ৰহণ নিৰীক্ষণ আৰু জিলা পৰ্যায়ৰ সমিতিক নিয়মীয়াকৈ শেহতীয়া অগ্ৰগতিৰ তথ্য প্ৰদান কৰা।
• অধ্যক্ষৰ অনুমতি সাপেক্ষে অন্য যিকোনো বিষয়।
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিয়মিতভাৱে ৰাজ্য, জিলা আৰু ব্লক সমিতিৰ বৈঠক আহ্বান কৰিবলৈ উৎসাহিত কৰা হয় আৰু মন্ত্ৰ্যালয়ে মাহেকীয়া বৈঠক, চিন্তন শিৱিৰ (ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে পৰামৰ্শমূলক বৈঠক) আৰু ৰাষ্ট্ৰীয় সন্মিলনৰ জৰিয়তে আঁচনি ৰূপায়ণৰ পৰ্যালোচনা কৰে।
প্ৰচাৰ কাৰ্যসূচীৰ বাবে মন্ত্ৰ্যালয়ে প্ৰতিখন জিলাক বিত্তীয় বৰ্ষত ১০ লাখ টকা অনুদান হিচাপে প্ৰদান কৰে। এই ধনৰাশি ব্যৱহাৰৰ প্ৰমাণপত্ৰ আৰু অগ্ৰগতিৰ প্ৰতিবেদন লাভ কৰাৰ পিছত পৰৱৰ্তী কিস্তিসমূহ মুকলি কৰা হয়। তৃণমূল পৰ্যায়ত পঞ্চায়তীৰাজৰ অনুষ্ঠান-প্ৰতিষ্ঠান, স্থানীয় নেতা, অংগনৱাড়ী কৰ্মী, আশাকৰ্মীসকলে এই কাম সম্পন্ন কৰে। ৰাষ্ট্ৰীয় সেৱা আঁচনি (এন.এছ.এছ.) আৰু মেৰা যুৱ ভাৰত (মাই ভাৰত)ৰ স্বেচ্ছাসেৱকসকলেও ইয়াত অংশগ্ৰহণ কৰে।
কেন্দ্ৰীয় বাজেটত ২০২৬-২৭ চনত এন.এ.পি.ডি.ডি.আৰ..-ৰ বাবে ৩৩৩ কোটি টকা অনুমোদন দিয়া হৈছে। ২০২৫-২৬ বৰ্ষত এই ধনৰাশি আছিল ৪২০ কোটি টকা আৰু ২০২৪-২৫ চনত ২৬৮.৩২ কোটি টকা।

(আধ্যাত্মিকতাৰ পৰা শক্তি : আধ্যাত্মিক সংস্থাসমূহৰ সৈতে বুজাবুজিৰ চুক্তি (
সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত শক্তিশালী উপস্থিতি আৰু প্ৰভাৱ থকা আধ্যাত্মিক আৰু আস্থাভিত্তিক সংগঠনসমূহক ‘নিচামুক্তি ভাৰত অভিযান’ (এন.এম.বি.এ)-ত মূল অংশীদাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰ্যালয়ে এনে কেইবাটাও সংস্থাৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰি নিজৰ নেটৱৰ্ক ব্যৱহাৰ কৰি ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সজাগতা বিয়পাইছে। ইয়াৰ ভিতৰত ব্ৰহ্ম কুমাৰী, দ্য আৰ্ট অব লিভিং, সন্ত নিৰংকাৰী মিছন, সদৌ বিশ্ব গায়ত্ৰী পৰিবাৰ, ইস্কন, শ্ৰী ৰামচন্দ্ৰ মিছন, পতঞ্জলি বিশ্ববিদ্যালয়, শিৱানন্দ যোগ বেদান্ত ধন্বন্তৰী আশ্ৰম, অধ্যাত্ম বিজ্ঞান সৎসংগ কেন্দ্ৰ, চিন্ময় মিছন, দিব্যজ্যোতি জাগৃতি সংস্থা, হৰে কৃষ্ণ আন্দোলন আৰু বস্কোনেট (ডন বস্কো) আদি অন্যতম। এই সংস্থাসমূহে সামূহিক কাৰ্যসূচী, বিদ্যালয়ৰ অধিবেশন, বাইক ৰেলী, প্ৰতিযোগিতা, মোবাইল ভেন, সজাগতা দৌৰ, পৰামৰ্শ আৰু ধ্যান অধিৱেশনৰ জৰিয়তে সমগ্ৰ দেশতে ৭.৭২ কোটিতকৈ অধিক লোকৰ কাষ চাপিছে। তদুপৰি আন কেইবাটাও সংস্থাৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ প্ৰক্ৰিয়াও অব্যাহত আছে।
ষষ্ঠ বৰ্ষ: লক্ষ্য, কৌশল আৰু তথ্য
২০২৫ চনৰ আগষ্টৰ পিছত মন্ত্ৰ্যালয়ে ছটা ক্ষেত্ৰত এই অভিযানৰ বাবে ফলাফলভিত্তিক লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত আছে : নিচামুক্তি মিত্ৰ (এন.এম.এম)-ৰ প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ; প্ৰমাণভিত্তিক তথ্য, শিক্ষা আৰু যোগাযোগ সামগ্ৰী; ড্ৰাগছৰ দ্বাৰা দুৰ্বল আৰু বিপজ্জনক গোটসমূহৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হস্তক্ষেপ; নতুন বিশ্বাসভিত্তিক আৰু আধ্যাত্মিক অংশীদাৰ; সংশ্লিষ্ট মন্ত্ৰালয়ৰ সৈতে সমন্বয়; আৰু গুণগত মানৰ নিচামুক্তকৰণ, চিকিৎসা, পুনৰ্বাসন আৰু টেলিমেডিচিন সেৱা নিশ্চিত কৰা।
এই অভিযানৰ কাৰ্যকলাপৰ তথ্য সংগ্ৰহ কৰি জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এন.এম.বি.এ. ডেচব'ৰ্ডত প্ৰদৰ্শন কৰিবলৈ প্ৰথমটো এন.এম.বি.এ. মোবাইল এপ্লিকেচন সৃষ্টি কৰা হৈছিল। এন.এম.বি.এ.-ৰ ৱেবছাইটত এই অভিযানৰ তথ্য, সজাগতা ডেচব’ৰ্ড, নিচামুক্তি মিত্ৰ (এনএমএম)ৰ পঞ্জীয়ন, ই-প্ৰতিজ্ঞা আদি অন্থৰ্ভুক্ত কৰা হৈছিল।
২০২৬ চনৰ ২৪ এপ্ৰিলত, চণ্ডীগড়ত অনুষ্ঠিত ‘চিন্তন শিবিৰ’ৰ সময়ত উন্নীতকৃত ‘এন.এম.বি.এ. ২.০’ এপটো মুকলি কৰা হৈছিল। এই এপৰ জৰিয়তে নাগৰিকে ‘ই-প্ৰতিজ্ঞা’ কৰিব পাৰে, সজাগতামূলক সমল পঢ়িব পাৰে, হেল্পলাইনৰ সৈতে যোগাযোগ কৰিব পাৰে আৰু নিজৰ ওচৰৰ নিচামুক্তি কেন্দ্ৰৰ স্থান নিৰ্ণয় কৰিব পাৰে।
চিকিৎসা প্ৰক্ৰিয়াৰ নিৰীক্ষণ
এন.এ.পি.ডি.ডি.আৰ.. ব্যৱস্থাপনা তথ্য ব্যৱস্থাই সহায়ক কেন্দ্ৰসমূহ ভ্ৰমণ কৰা প্ৰতিজন হিতাধিকাৰীৰ তথ্য সংৰক্ষণ কৰে : ইয়াৰ ভিতৰত পঞ্জীয়ন, ক্লিনিকেল মূল্যায়ন, মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ ধৰণ, নিদান, চিকিৎসা আৰু অনুসৰণ অন্তৰ্ভুক্ত। প্ৰকল্প নিৰীক্ষণ গোটে আকস্মিক ভ্ৰমণৰ জৰিয়তে এই কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। এটা প্ৰকল্প অব্যাহত ৰখা আৰু ইয়াৰ বাবে অনুদান মুকলি কৰাটো সন্তোষজনক পৰিদৰ্শন প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰতিটো অনুদানপ্ৰাপ্ত সংস্থা নিটি আয়োগৰ ‘এন জি অ’ দৰ্পন’ পৰ্টেলত পঞ্জীয়ন কৰি নিজ নিজ ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰামৰ্শ দিয়া হ’ব লাগিব। ইয়াৰ উপৰি চিকিৎসালয়ৰ বাবে ৰাষ্ট্ৰীয় মূ্ল্যায়ন ব’ৰ্ড (এন.এ.বি.এইচ)-ৰ জৰিয়তে অনুদানপ্ৰাপ্ত প্ৰতিষ্ঠানসমূহক স্বীকৃতি প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে।
"ভাৰতত মাদক দ্ৰব্য ব্যৱহাৰৰ পৰিসৰ" শীৰ্ষক প্ৰথমটো ৰাষ্ট্ৰীয় সমীক্ষাৰ ফলাফল ২০১৯ চনত প্ৰকাশ কৰা হৈছিল। ইয়াত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত ড্ৰাগছ সেৱনৰ হিচাপ প্ৰদান কৰা হৈছিল। এই সমীক্ষাত ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১৮৬খন জিলাৰ প্ৰায় ২ লাখ পৰিয়ালক সামৰি লোৱা হৈছিল আৰু ১০ৰ পৰা ৭৫ বছৰ বয়সৰ ৪ লাখ ৭৩ হাজাৰৰো অধিক লোকৰ সাক্ষাৎকাৰ লোৱা হৈছিল। আন এটা পদ্ধতিত, উত্তৰদাতা-চালিত নমুনা সংগ্ৰহ, ১২৩খন জিলাৰ ড্ৰাগছ নিৰ্ভৰশীল ৭০,০০০ৰো অধিক লোকৰ কাষ চাপিছিল। এন.ডি.ডি.টি.চি.-ৰ ওপৰত ন্যস্ত কৰা দ্বিতীয়টো ৰাষ্ট্ৰীয় জৰীপে প্ৰথমবাৰৰ বাবে জিলা পৰ্যায়ৰ তথ্য প্ৰদান কৰিব, ২০২৭ চনত ইয়াৰ ফলাফলৰ আশা কৰা হৈছে।
মন্ত্ৰ্যালয়ে ষষ্ঠৰ পৰা একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জীৱন দক্ষতা মডিউল প্ৰস্তুত কৰিছে। এই মডিউলসমূহে শিক্ষকসকলক জীৱন দক্ষতা আৰু ড্ৰাগছ সম্পৰ্কীয় শিক্ষা প্ৰদান কৰিবলৈ আৰু অভিভাৱকৰ সৈতে যোগাযোগ কৰিবলৈ সক্ষম কৰে। ২০১৭ চনৰ ১ মাৰ্চৰ পৰা এটা ৰাষ্ট্ৰীয় টোল ফ্ৰী হেল্পলাইন কাৰ্যক্ষম হৈ আছে। ইয়াৰ পূৰ্বে ১৮০০-১১-০০৩১ নম্বৰত উপলব্ধ আছিল আৰু এতিয়া ১৪৪৪৬ নম্বৰত উপলব্ধ। ই ২৪ ঘণ্টীয়া টেলি-কাউন্সেলিং প্ৰদান কৰে আৰু ফোন কৰাসকলক তেওঁলোকৰ ওচৰৰ সহায় কেন্দ্ৰলৈ ৰেফাৰ কৰে। আজিলৈকে ইয়াৰ ৫ লাখ ১০ হাজাৰ ফোন আহিছে। ইয়াক আন দুটা ৰাষ্ট্ৰীয় হেল্পলাইনৰ সৈতেও একত্ৰিত কৰা হৈছে। নাৰ্কটিকছ কণ্ট্ৰোল ব্যুৰোৰ (এন.চি.বি.) ২৪ ঘণ্টীয়া টোল ফ্ৰী হেল্পলাইন ‘মানস’ (নম্বৰ ১৯৩৩)-ৰ জৰিয়তে নাগৰিকে কল, এছএমএছ, চেটবট, ইমেইল বা ৱেবৰ জৰিয়তে ড্ৰাগছ সম্পৰ্কীয় সমস্যাৰ তথ্য প্ৰদান কৰিব পাৰে। ২০২২ চনৰ ১০ অক্টোবৰত মুকলি কৰা ‘ৰাষ্ট্ৰীয় টেলি মানসিক স্বাস্থ্য কাৰ্যসূচী’ৰ অধীনত ‘টেলি-মানস’-এ মানসিক স্বাস্থ্যৰ পৰামৰ্শ আৰু যত্নৰ সুবিধা সম্প্ৰসাৰিত কৰে।
‘নিচামুক্তি মিত্ৰ’ হিচাপে নাগৰিকসকল
‘নিচামুক্ত ভাৰত অভিযান’ত যুৱক-যুৱতীসকলৰ অংশগ্ৰহণে নতুন দৃষ্টিভংগী, শক্তি আৰু সৃষ্টিশীলতাৰ সঞ্চাৰ ঘটাইছে, যিয়ে অভিযানৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। তৃণমূল পৰ্যায়ৰ অংশগ্ৰহণক শক্তিশালী কৰাৰ বাবে ড্ৰাগছৰ চাহিদা হ্ৰাসৰ প্ৰচেষ্টাত নাগৰিকসকলে সক্ৰিয়ভাৱে অৰিহণা যোগাব পৰাকৈ ‘নিচামুক্তি মিত্ৰ’ (এন.এম.এম.) পদক্ষেপ আৰম্ভ কৰা হৈছে। এই ব্যক্তিসকলে স্বেচ্ছাই পঞ্জীয়ন কৰি ড্ৰাগছৰ চাহিদা হ্ৰাস কৰি ড্ৰাগছমুক্ত সমাজ গঢ়ি তোলাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন কৰে। যিকোনো নাগৰিকে এন.এম.বি.এ. পৰ্টেলৰ জৰিয়তে ‘নিচামুক্তি মিত্ৰ’ হিচাপে পঞ্জীয়ন কৰিব পাৰে আৰু তেওঁলোকৰ অংশগ্ৰহণৰ স্তৰৰ ওপৰত ভিত্তি কৰি প্ৰমাণপত্ৰ আৰু এন.এম.বি.এ. বেজ লাভ কৰিব পাৰে। 'নিচামুক্তি মিত্ৰ' (এন.এম.এম.):
• ড্ৰাগছ সেৱনৰ কুপ্ৰভাৱৰ বিষয়ে সজাগতা বিয়পোৱা।
• মানুহক বিশেষকৈ যুৱক-যুৱতীসকলক ড্ৰাগছ আৰু অন্যান্য মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকিবলৈ উৎসাহিত কৰা।
• ড্ৰাগছ সেৱনৰ দ্বাৰা প্ৰভাৱিত ব্যক্তি বা পৰিয়ালক উপযুক্ত পৰামৰ্শ, চিকিৎসা আৰু পুনৰ্বাসন সেৱাৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰা।
• এন.এম.বি.এ. সজাগতা কাৰ্যকলাপ, অভিযান, প্ৰতিশ্ৰুতি কাৰ্যসূচী আৰু সম্প্ৰদায়ৰ অনুষ্ঠানত অংশগ্ৰহণ আৰু আয়োজন কৰা।
• ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সম্প্ৰদায় পৰ্যায়ৰ পৰিৱৰ্তনকাৰী হিচাপে কাম কৰা।
• নিজৰ সম্প্ৰদায়ত ড্ৰাগ ডি-এডিকচন প্লেজ, এন.এম.বি.এ.-ৰ ল'গ', শুভংকৰ আৰু হেল্পলাইন নম্বৰ ১৪৪৪৬ৰ প্ৰচাৰ কৰা।

২০২৬ চনৰ ১০ নৱেম্বৰলৈকে মন্ত্ৰালয়ৰ অভিযান পেজত ২ লাখৰো অধিক ‘মিত্ৰ’ পঞ্জীয়ন হৈছে। ২০২৬ চনৰ ১৭ জুনত আৰম্ভ কৰা ‘ব্যক্তিগত ডেচব’ৰ্ড’ৰ জৰিয়তে প্ৰতিজন ‘মিত্ৰ’ই নিজৰ কাৰ্যকলাপ অনুসৰণ কৰিব পাৰে, আই.ই.চি.-ৰ সমল লাভ কৰিব পাৰে আৰু এন.এম.বি.এ. ই-প্ৰতিজ্ঞা গ্ৰহণ কৰিব পাৰে।
"ড্ৰাগছ মুক্ত ভাৰত অভিযান বিকশিত ভাৰতৰ পৰিচয়" শীৰ্ষক বিষয়বস্তুৰে ২০২৬ চনৰ ১৭ জুনৰ পৰা ২৬ জুনলৈ ড্ৰাগছ মুক্ত ভাৰত সপ্তাহ উদযাপন কৰা হয়। প্ৰতিজ্ঞা অভিযান, ৰেলী, প্ৰতিযোগিতা, বাটৰ নাট, যোগাসনৰ অধিবেশনত ১ কোটি ৩১ লাখ লোকে অংশগ্ৰহণ কৰে। হৰিদ্বাৰত ই সামৰণি পৰে, য’ত বিভাগ আৰু সদৌ বিশ্ব গায়ত্ৰী পৰিবাৰৰ মাজত বুজাবুজি চুক্তি সম্প্ৰসাৰণ কৰা হয়। ২০২৬ চনৰ ১০ নৱেম্বৰলৈকে মন্ত্ৰালয়ৰ ‘অভিযান’ পৃষ্ঠাত ৪৬.৭৩ লাখৰো অধিক প্ৰতিজ্ঞা পঞ্জীয়ন কৰা হৈছে।
এন.এ.পি.ডি.ডি.আৰ..-ৰ অধীনত মন্ত্ৰ্যালয়ে পাঁচ ধৰণৰ সুবিধাৰ নেটৱৰ্ক সমৰ্থন কৰে। ইয়াৰ ভিতৰত আছে ৩৪৪টা ইন্টিগ্ৰেটেড ৰিহেবিলিটেচন চেণ্টাৰ ফৰ এডিক্টছ (আই.আৰ.চি.এ.), ৭১টা আউটৰিচ এণ্ড ড্ৰপ-ইন চেণ্টাৰ (অ.ডি.আই.চি.), ৪৫টা কমিউনিটি বেছড পিয়ৰ-লেড ইন্টাৰভেনচন চেণ্টাৰ (চি.পি.এল.আই.), ১৯৮টা ডি-এডিকচন চেণ্টাৰ (ডি.ডি.এ.চি.) আৰু চৰকাৰী চিকিৎসালয়ত ১৫৫টা এডিকচন ট্ৰিটমেণ্ট ফেচিলিটী (এ.টি.এফ.)।

• আই.আৰ.চি.এ.-সমূহে আন্তঃৰোগীৰ চিকিৎসা, পৰামৰ্শ আৰু পুনৰ্বাসন প্ৰদান কৰে। অ'ডিআইচিয়ে ব্যক্তিক পৰীক্ষা আৰু মূল্যায়ন কৰে, পৰামৰ্শ প্ৰদান কৰে আৰু চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। চি.পি.এল.আই.-সমূহে যুৱ স্বেচ্ছাসেৱকৰ জৰিয়তে প্ৰাৰম্ভিক পৰ্যায়ত বিপদজনক কিশোৰ-কিশোৰীসকলৰ মাজত নিচা প্ৰতিৰোধৰ কাম কৰে।
• ডি.ডি.এ.চি.-সমূহে জিলা মুখ্য কাৰ্যালয়ত এখন চালিৰ তলত আই.আৰ.চি.এ., অ’.ডি.আই.চি., আৰু চি.পি.এল.আই. সেৱা প্ৰদান কৰে।
• চৰকাৰী চিকিৎসালয়ত এ.টি.এফ.-সমূহ স্থাপন কৰা হৈছে। এই কাম উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে এন.ডি.ডি.টি.চি., এইমছ (যিটোক ১৫০টা এ.টি.এফ. স্থাপনৰ দায়িত্ব দিয়া হৈছিল) আৰু তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানৰ জৰিয়তে কৰা হৈছে।
মন্ত্ৰালয়ৰ ‘অভিযান’ পেজ অনুসৰি ২০২৬ চনৰ ১০ নৱেম্বৰলৈকে ৩৯.৯১ লাখ লোকক চিকিৎসা আৰু পুনৰ্বাসন কৰা হৈছে। সহায়ক কেন্দ্ৰত চিকিৎসা আৰু পৰামৰ্শ বিচৰা লোকৰ সংখ্যা ২০২০-২১ চনৰ ২.০৮ লাখৰ পৰা ২০২৫-২৬ চনত ৯.১১ লাখৰ ওপৰলৈ বৃদ্ধি পাইছে। তদুপৰি ৬.৬৮ লাখৰো অধিক সুস্থ হৈ উঠা নিচাসক্তই এন.এম.বি.এ.-ৰ ই-প্ৰতিজ্ঞা গ্ৰহণ কৰিছে।
এইমছ গুৱাহাটীত লাভ কৰা আৰোগ্য
অসমৰ কামৰূপ মহানগৰ জিলাৰ স্নাতক ডিগ্ৰীধাৰী ৩১ বছৰীয়া অমিতে (নাম সলনি কৰা হৈছে) অতিমাত্ৰা হেৰ’ইন সেৱন কৰি এইমছ গুৱাহাটীৰ জৰুৰীকালীন বিভাগত উপস্থিত হয়। এইমছ গুৱাহাটীত তেওঁ অপিঅ’ইড চাবষ্টিটিউচন থেৰাপী, হেপাটাইটিছ চিৰ চিকিৎসা, পৰিয়ালৰ সহায়ত ৰিলেপছ প্ৰিভেনচন থেৰাপী গ্ৰহণ কৰে। চিকিৎসালয়খনৰ নিচাসা্ক্তি চিকিৎসা সুবিধা (এ.টি.এফ.)য়ে তেওঁক চিকিৎসালয়ৰ পৰা ৰিলিজ দিয়াৰ পিছতো তেওঁৰ যত্ন অব্যাহত ৰাখিছিল। সুস্থ হোৱাৰ দুমাহৰ পৰা তিনি মাহৰ ভিতৰতে তেওঁ কাম বিচাৰি পালে আৰু এবছৰৰো অধিক সময় ধৰি ড্ৰাগছ সেৱন বন্ধ ৰাখিছে। এতিয়া চিকিৎসকৰ তত্ত্বাৱধানত তেওঁৰ ঔষধৰ মাত্ৰা হ্ৰাস কৰা হৈছে।
জম্মু-কাশ্মীৰঃ আন ঠাইত ৰূপায়ণ কৰিব পৰা এক আৰ্হি
এই অভিযানে ২০২৬ চনৰ ২ নৱেম্বৰলৈকে জম্মু-কাশ্মীৰৰ ১ কোটি ২৬ লাখৰো অধিক লোকৰ কাষ চাপিছে, য’ত ৭২.২৬ লাখ যুৱক-যুৱতী আৰু ৫৪.০৪ লাখ মহিলাও আছে। ইয়াৰ উপৰি ১১,১৫২ জন "নিচামুক্তি মিত্ৰ" জড়িত হৈ আছে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত মন্ত্ৰ্যালয়ে ড্ৰাগছ আসক্তসকলৰ বাবে এটা সংহত পুনৰ্বাসন কেন্দ্ৰ (আই.আৰ.চি.), তিনিটা অ’.ডি.আই.চি., দুটা চি.পি.এল.আই., ছটা ডি.ডি.এ.চি. আৰু ২১টা এ.টি.এফ.ক সহায় কৰি আছে। ইয়াৰ উপৰি হেল্পলাইনত ১১ হাজাৰৰো অধিক ফোনকল আহিছে।
২০২৬ চনৰ ২২ অক্টোবৰত কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ সমাজ কল্যাণমূলক আঁচনিসমূহ পৰ্যালোচনা কৰাৰ সময়ত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ সচিবে ড্ৰাগছ সেৱনৰ বিৰুদ্ধে এই সমন্বিত অভিযানক সমগ্ৰ দেশতে ৰূপায়ণ কৰিব পৰা আৰ্হি হিচাপে বৰ্ণনা কৰে। ‘১০০ দিনত ড্ৰাগছ মুক্ত জম্মু-কাশ্মীৰ অভিযান’ৰ অধীনত নিচাসক্তিৰ চিকিৎসাৰ সুবিধাসমূহে ৬৬,৫০০ৰো অধিক বহিঃৰোগীক সেৱা আগবঢ়াইছে। শ্ৰীনগৰৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়ে ‘চাৰ্কল অব কেয়াৰ’ আৰ্হি প্ৰৱৰ্তন কৰিছে, যিয়ে ব্যক্তিক ভৰ্তিৰ পৰা আৰম্ভ কৰি চিকিৎসা, পুনৰ্বাসন, সমাজত পুনৰ সংযোগ আৰু দীৰ্ঘম্যাদী নিৰীক্ষণলৈকে প্ৰতিটো পৰ্যায়তে সহায় কৰে। তদুপৰি, প্ৰস্তাৱিত ‘পুনৰ্বাসন আৰু আৰ্থ-সামাজিক পুনৰ সংযোগ পৰিকল্পনা, ২০২৬’ত ড্ৰাগছ সেৱনৰ দ্বাৰা প্ৰভাৱিতসকলৰ বাবে তিনি বছৰীয়া আৰোগ্যৰ কাঠামোৰ ৰূপৰেখা দাঙি ধৰা হৈছে।

দ্বিতীয়টো ৰাষ্ট্ৰীয় জৰীপে মাদক দ্ৰব্য ব্যৱহাৰৰ পৰিসৰ আৰু আৰ্হিৰ ওপৰত দেশখনক প্ৰথম জিলা পৰ্যায়ৰ তথ্য প্ৰদান কৰিব, যাৰ ফলাফল ২০২৭ চনত আশা কৰা হৈছে। চিন্তন শিবিৰ আৰু ৰাজ্য চৰকাৰ, বেচৰকাৰী সংস্থা, অনুদান-সাহায্য প্ৰতিষ্ঠান, বিশেষজ্ঞ আৰু স্বাস্থ্য, শিক্ষা আৰু কাৰাগাৰৰ বাবে সংশ্লিষ্ট মন্ত্ৰালয় আৰু বিশেষজ্ঞ বিভাগৰ সৈতে আঞ্চলিক আলোচনাৰ পিছত এন.এ.পি.ডি.ডি.আৰ.. নিজেই পুনৰ্গঠন কৰা হৈছে আৰু এখন সমিতিয়ে ইয়াৰ নিৰ্দেশনাসমূহ সংশোধন কৰি আছে।
২০২৬ চনৰ ছেপ্টেম্বৰ মাহত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিচাজাতীয় দ্ৰব্য বিৰোধী টাস্ক ফ’ৰ্চৰ মুৰব্বীসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে দেশখনে ২০২৯ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ড্ৰাগছৰ ব্যৱসায় সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হব। তেওঁ যুৱক-যুৱতীসকলৰ সুৰক্ষাক ২০৪৭ চনৰ ভিতৰত "বিকশিত ভাৰত"ৰ দৃষ্টিভংগীৰ অংশ হিচাপেও অভিহিত কৰে। এই অভিযান হৈছে সেই সংকল্পৰ চাহিদামুখী দিশ— য'ত সচেতন সম্প্ৰদায়, প্ৰাৰম্ভিক প্ৰতিৰোধ, সহজলভ্য চিকিৎসা আৰু মৰ্যাদাপূৰ্ণ পুনৰ্সংস্থাপন অন্তৰ্ভুক্ত হৈ আছে।
ছবছৰৰ পাছত ২৭২খন জিলাত অনুষ্ঠিত কাৰ্যসূচীৰ জৰিয়তে এই অভিযান ৩৫ কোটি লোকৰ সৈতে জড়িত এক গণ আন্দোলনত পৰিণত হৈছে, য’ত ২ লাখৰো অধিক পঞ্জীয়নভুক্ত এনএমএম (নিচামুক্তি মিত্ৰ) আৰু সমগ্ৰ দেশতে পাঁচ ধৰণৰ চিকিৎসা সুবিধাৰ নেটৱৰ্ক আছে। সহায়ৰ প্ৰয়োজন হোৱা যিকোনো ব্যক্তিৰ বাবে ১৪৪৪৬ হেল্পলাইন নম্বৰটো প্ৰথমটো যোগাযোগৰ মাধ্যম হৈ আছে।
তথ্যসূত্ৰসমূহ
সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়:
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2326763
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2247770
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2282425
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2191297
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2281067
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2293976
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2273549
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2237623
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2255464
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2291282
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2155555
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2261469
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2291288
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2307945
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2274105
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2278199
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2295740
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2327570
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2326852
https://www.pib.gov.in/newsite/PrintRelease.aspx?relid=188688
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2285464
https://www.dosje.gov.in/organisation/nasha-mukt-bharat-abhiyaan/
https://www.dosje.gov.in/schemes-and-services/national-action-plan-for-drug-demand-reduction/
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1897001
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2334758
গৃহ পৰিক্ৰমা মন্ত্ৰালয়ঃ
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2146784
মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়:
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2247567
বিত্ত মন্ত্ৰালয়ঃ
https://www.indiabudget.gov.in/doc/eb/sbe93.pdf
pdf চাবলৈ ইয়াত ক্লিক কৰক
***
পিআইবি গৱেষণা/KD/RR
(Explainer ID: 160783)
आगंतुक पटल : 29
Provide suggestions / comments