Economy

ৰাষ্ট্ৰীয় উদ্যমিতা দিৱস

Posted On: 09 NOV 2026 6:07PM

 ৯ নৱেম্বৰত পালন কৰা ৰাষ্ট্ৰীয় উদ্যমিতা দিৱসে ভাৰতৰ বিকশিত ভাৰত @ ২০৪৭ৰ যাত্ৰাত উদ্যোগীকৰণৰ ক্ৰমবৰ্ধমান ভূমিকাক উজ্জ্বল কৰি তোলে। ২.৬২ লাখতকৈ অধিক ডি.পি.আই.আই.টি. স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপৰ সৈতে ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, যাৰ ফলত যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি হৈছে আৰু সুযোগ সম্প্ৰসাৰণ হৈছে। ষ্টাৰ্টআপ ইণ্ডিয়া, ফাণ্ড অব ফাণ্ডছ ফৰ ষ্টাৰ্টআপ, চি.জি.এছ.এছ., এছ.আই.এছ.এফ.এছ., অটল ইনোভেচন মিছন আৰু পি.এম.ই.জি.পি.ৰ দৰে চৰকাৰী পদক্ষেপে উদ্ভাৱন, বিত্তীয় প্ৰৱেশ, মেণ্টৰশ্বিপ আৰু উদ্যোগ সৃষ্টিত সহায় কৰে। স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপৰ প্ৰায় আধা টায়াৰ-II আৰু টায়াৰ-III চহৰৰ পৰা সৃষ্টি হোৱাৰ লগতে গ্ৰাম্য উদ্যোগীকৰণ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে ভাৰতৰ ‘অমৃত পীড়ি’-এ ক্ৰমান্বয়ে ধাৰণাসমূহক উদ্যোগলৈ ৰূপান্তৰিত কৰিছে, জীৱিকা শক্তিশালী কৰিছে আৰু সৰ্বাংগীণ অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে।

ৰাষ্ট্ৰীয় উদ্যমিতা দিৱসঃ বিকশিত ভাৰতৰ বাবে যুৱক-যুৱতীৰ সবলীকৰণ

উচ্চাকাংক্ষী উদ্যোগীসকলৰ বাবে এটা সহায়ক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতে উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। এই অগ্ৰগতিৰ বিশেষ তাৎপৰ্য হৈছে ৰাষ্ট্ৰৰ প্ৰায় ৬৫% জনসংখ্যাই ৩৫ বছৰৰ তলৰ। এই জনগাঁথনিগত লভ্যাংশৰ সম্ভাৱনাক স্বীকাৰ কৰি চৰকাৰে উদ্যোগীকৰণকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰতীয় যুৱক-যুৱতীসকলক সৱলীকৰণৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে।

আপুনি জানেনে?

২০১৪ চনৰ ৯ নৱেম্বৰত স্থাপন হৈছিল দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়। এই দিনটো ৰাষ্ট্ৰীয় উদ্যমিতা দিৱস হিচাপে পালন কৰা হয়, যিয়ে ভাৰতৰ উন্নয়নৰ যাত্ৰাত উদ্যোগীকৰণৰ গুৰুত্বক প্ৰতিফলিত কৰে।

বিগত দশকত যুৱক-যুৱতীসকলে ক্ৰমান্বয়ে হিতাধিকাৰীৰ ভূমিকাৰ ঊৰ্দ্ধলৈ গৈ ৰাষ্ট্ৰীয় উন্নয়নৰ সক্ৰিয় অৱদানকাৰী হ’বলৈ সক্ষম হৈছে। আজি ‘অমৃত পীড়ি’ য়ে বিকশিত ভাৰত @ ২০৪৭ৰ দৃষ্টিভংগীৰ চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে। উদ্যোগীকৰণ এই ৰূপান্তৰৰ কেন্দ্ৰীয় বিষয়, যাৰ ফলত ভাৰতীয় যুৱক-যুৱতীসকলে ধাৰণাক উদ্যোগলৈ ৰূপান্তৰিত কৰিবলৈ, কৰ্মসংস্থাপন সৃষ্টি কৰিবলৈ আৰু অৰ্থনৈতিক বিকাশত অৰিহণা যোগাবলৈ সক্ষম হৈছে।

ভাৰতৰ উন্নয়ন যাত্ৰাত উদ্যোগীকৰণৰ গুৰুত্বক স্বীকাৰ কৰি ২০১৪ চনৰ ৯ নৱেম্বৰত দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয় স্থাপন কৰা হয়। এই দিনটো ৰাষ্ট্ৰীয় উদ্যমিতা দিৱস হিচাপে পালন কৰা হয়।

ভাৰতৰ উদ্যোগীকৰণ পৰিৱেশতন্ত্ৰত বিকাশৰ সূচক

আপুনি জানেনে?

২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত চৰকাৰে ৫৫,২০০ৰো অধিক ষ্টাৰ্টআপক স্বীকৃতি দিছে, যিটো ২০১৬ চনৰ পিছত এটা বছৰত সৰ্বাধিক ষ্টাৰ্টআপলৈ স্বীকৃতি।

চাকৰি প্ৰত্যাশীৰ পৰা চাকৰি সৃষ্টিকাৰীলৈ পৰিৱৰ্তনে ভাৰতৰ ক্ৰমবৰ্ধমান উদ্যোগী মনোভাবক প্ৰতিফলিত কৰিছে।

ভাৰতত বিশ্বৰ ৩য় বৃহত্তম ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ আছে। এই সংখ্যা যথেষ্ট বৃদ্ধি পাইছে, ২০১৪ চনৰ ৫০০টাৰ পৰা ২০২৬ চনৰ নৱেম্বৰ মাহলৈকে ২.৬২ লাখতকৈ অধিক ডি.পি.আই.আই.টি.-ৰ স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ গঢ় লৈ উঠিছে। ভাৰতীয় ষ্টাৰ্টআপে ক্ৰমান্বয়ে আইপিঅ’ মুকলি কৰিছে, চাকৰিৰ সৃষ্টি কৰিছে  আৰু বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।

উল্লেখযোগ্য যে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতে ষ্টাৰ্টআপৰ উপস্থিতি দেখা যায়। ২০২৬ চনৰ ৩১ মাৰ্চলৈকে স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপৰ সংখ্যা আৰু প্ৰত্যক্ষ নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰ প্ৰদেশ, দিল্লী আৰু গুজৰাটে আগশাৰীৰ ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে।

ষ্টাৰ্টআপে ২৫ লাখতকৈ অধিক চাকৰিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে (২০২৬ চনৰ অক্টোবৰ পৰ্যন্ত)। ২০২৪-২৫ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৫-২৬ বিত্তীয় বৰ্ষত স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপৰ সংখ্যা বছৰি ৫১.৬% বৃদ্ধি পাইছে, আনহাতে একে সময়ছোৱাত প্ৰত্যক্ষভাৱে সৃষ্টি হোৱা চাকৰিৰ সংখ্যা ৩৬.১% বৃদ্ধি পাইছে।

ইয়াৰ উপৰি ১.০৭ লাখতকৈ অধিক স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপৰ অন্ততঃ এগৰাকী মহিলা পৰিচালক বা অংশীদাৰ আছে, যিটো মুঠ স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপৰ ~৪৮% (২০২৬ চনৰ মাৰ্চলৈকে)।

ভাৰতৰ উদ্যোগীকৰণ পৰিৱেশতন্ত্ৰৰ সবলীকৰণ আঁচনিসমূহ

চৰকাৰী নীতি সমৰ্থন, উদ্ভাৱনকেন্দ্ৰিক পদক্ষেপ, বিত্তীয় খণ্ডত সহজ প্ৰৱেশ আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে সমগ্ৰ ভাৰততে উদ্যোগীকৰণৰ সম্প্ৰসাৰণ ঘটিছে।

ষ্টাৰ্টআপ ইণ্ডিয়া ইনিচিয়েটিভ

ষ্টাৰ্টআপ ইণ্ডিয়াৰ ইনিচিয়েটিভ ২০১৬ চনত আৰম্ভ কৰা হৈছিল। এই পদক্ষেপ এতিয়া কেৱল নীতিকেন্দ্ৰিক কাঠামোৰ পৰা এক ব্যাপক আৰু বহুমুখী মঞ্চলৈ বিকশিত হৈছে যিয়ে ষ্টাৰ্টআপসমূহক প্ৰতিটো পৰ্যায়তে প্ৰাৰম্ভিক ধাৰণাটোৰ পৰা কাৰ্যকলাপ সম্প্ৰসাৰণলৈকে সমৰ্থন কৰে। উদ্ভাৱন-নেতৃত্বাধীন উদ্যোগীকৰণক ত্বৰান্বিত কৰিবলৈ ষ্টাৰ্টআপ ইণ্ডিয়া ইনিচিয়েটিভৰ কেইবাখনো মূল আঁচনি আৰু ডিজিটেল প্লেটফৰ্ম আছে, যিয়ে ষ্টাৰ্টআপসমূহক সম্প্ৰসাৰণত পুঁজি, মেণ্টৰশ্বিপ আৰু সহায় প্ৰদান কৰে।

  • ষ্টাৰ্টআপৰ বাবে পুঁজিৰ পুঁজি (এফ.এফ.এছ.) : এফ.এফ.এছ. হৈছে ষ্টাৰ্টআপ ইণ্ডিয়া একচন প্লেনৰ অধীনত ডি.পি.আই.আই.টি.-ৰ এক ধ্বজাবাহী পদক্ষেপ, যি ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (এছ.আই.ডি.বি.আই)-ৰ দ্বাৰা পৰিচালিত। ১০,০০০ কোটি টকাৰ মূলধনৰ এই আঁচনিখনে ছেবি-পঞ্জীয়নভুক্ত বিকল্প বিনিয়োগ পুঁজি (এ.আই.এফ)-ৰ জৰিয়তে ষ্টাৰ্টআপসমূহক পুঁজি প্ৰদান কৰে। এই আঁচনিৰ লক্ষ্য হৈছে ঘৰুৱা বিপদাশংকা পুঁজিৰ সুবিধা বৃদ্ধি কৰা আৰু ভাৰতৰ উদ্যোগীকৰণৰ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰা। ২০২৬ চনৰ এপ্ৰিল মাহত ষ্টাৰ্টআপ ইণ্ডিয়া ফাণ্ড অব ফাণ্ডছ ২.০ ঘোষণা কৰা হৈছিল, য’ত ১০,০০০ কোটি টকাৰ পৃথক পুঁজি নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ প্ৰধান গুৰুত্ব হৈছে ভেঞ্চাৰ কেপিটেল আৰু গ্ৰ’থ কেপিটেল সংগ্ৰহ কৰা, বিশেষকৈ ডিপ-টেক, উদ্ভাৱনীমূলক উৎপাদন আৰু প্ৰাৰম্ভিক বিকাশ পৰ্যায়ৰ ষ্টাৰ্টআপৰ বাবে। এই পদক্ষেপৰ অধীনত চিডবি (এছ.আই.ডি.বি.আই.)-এ ১৬৬টা এ.আই.এফ.ক ১২,৬২৩ কোটি টকা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে, যিয়ে ১,৪৭৫টা ষ্টাৰ্টআপত (২০২৬ চনৰ অক্টোবৰ মাহলৈকে) ২৮,২৫৪ কোটি টকা বিনিয়োগ কৰিছে।
  • ষ্টাৰ্টআপৰ বাবে ঋণ নিশ্চয়তা আঁচনি (চি.জি.এছ.এছ.) : ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা চি.জি.এছ.এছ. কাৰ্যকৰী হয় আৰু ই যোগ্য ষ্টাৰ্টআপসকলক যোগ্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা জামিনমুক্ত ঋণ লাভ কৰাত সহায় কৰে। মূলধন সংগ্ৰহ বৃদ্ধিৰ বাবে আঁচনিখনৰ অধীনত প্ৰতিজন ঋণগ্ৰহণকাৰীৰ নিশ্চয়তা পৰিসৰ ২০২৫-২৬ বিত্তীয় বৰ্ষত ১০ কোটি টকাৰ পৰা ২০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। তদুপৰি ২৭টা চেম্পিয়ন খণ্ড, যেনে- মহাকাশ আৰু প্ৰতিৰক্ষা, জৈৱ প্ৰযুক্তি, ৰে’লৱে, পৰ্যটন আৰু আতিথ্য সেৱা, বিত্তীয় সেৱা আদিৰ বাবে বাৰ্ষিক নিশ্চয়তা মাচুল ১%লৈ হ্ৰাস কৰে। ২০২৬ চনৰ অক্টোবৰ মাহলৈকে এই আঁচনিৰ অধীনত ৫৩২টা ঋণ (মুঠ ১,৬৬২.৭১ কোটি টকা) নিশ্চিত কৰা হৈছে। এই ঋণ ৪১,৬৩৭ জন লোক নিয়োজিত থকা ষ্টাৰ্টআপক দিয়া হৈছে।
  • ষ্টাৰ্টআপ ইণ্ডিয়া ছিড ফাণ্ড আঁচনি (এছ.আই.এছ.এফ.এছ.) : ৯৪৫ কোটি টকাৰ মূলধনৰ সৈতে এছআইএছএফএছে ষ্টাৰ্টআপসমূহক ধাৰণাৰ প্ৰমাণ, প্ৰট’টাইপিং, প্ৰডাক্ট ট্ৰায়েল, বজাৰত প্ৰৱেশ আৰু বাণিজ্যিকীকৰণৰ বাবে আৰ্থিক সহায় আগবঢ়ায়। এখন বিশেষজ্ঞ পৰামৰ্শদাতা সমিতিয়ে (ইএচি) আঁচনিখনৰ ৰূপায়ণ, নিষ্পাদন আৰু নিৰীক্ষণৰ তদাৰক কৰে। এই আঁচনিৰ অধীনত ২৪৪টা ইনকিউবেটৰৰ জৰিয়তে ৩২খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪,১৯৪টা ষ্টাৰ্টআপক ৭৭৫.৬৭ কোটি টকাৰ ধন অনুমোদন কৰা হৈছে। ইয়াৰ ভিতৰত আছে ২,১৪৭টা মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপ আৰু টায়াৰ-II আৰু টায়াৰ-III চহৰৰ ২,৩৫৬টা ষ্টাৰ্টআপ।
  • ষ্টাৰ্টআপ ইণ্ডিয়া হাব : ‘ষ্টাৰ্টআপ ইণ্ডিয়া অনলাইন হাব’ (২০১৭) হৈছে এটা ডিজিটেল প্লেটফৰ্ম, যিয়ে ভাৰতৰ উদ্যোগীকৰণ পৰিৱেশতন্ত্ৰৰ অংশীদাৰসকলক আৱিষ্কাৰ, সংযোগ আৰু সহযোগিতা কৰাত সহায় কৰে। ই উদীয়মান উদ্যোগীসকলক বিনিয়োগকাৰী, মেণ্টৰ আৰু ইনকিউবেটৰৰ সৈতে সংযোগ কৰে। ইয়াৰ উপৰি ই পুঁজি, শৈক্ষিক প্ৰতিষ্ঠান, কৰ্পৰেট আৰু চৰকাৰী সংস্থাসমূহক একত্ৰিত কৰি এক সংযুক্ত আৰু সহযোগিতামূলক ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ সৃষ্টি কৰে।
  • নেচনেল মেণ্টৰশ্বিপ পৰ্টেল (এম.এ.এ.আৰ.জি.) : ‘মেণ্টৰশ্বিপ, এডভাইজৰী, এছিষ্টেন্স, ৰেজিলিয়েন্স এণ্ড গ্ৰ’থ’ (এম.এ.এ.আৰ.জি.) কাৰ্যসূচীয়ে উদ্যোগীসকলক অভিজ্ঞ মেণ্টৰৰ সৈতে সংযোগ কৰি ষ্টাৰ্টআপসমূহক মেণ্টৰশ্বিপ লাভ কৰাত সহজ কৰি তোলে। এই মেণ্টৰশ্বিপ বিভিন্ন খণ্ড, পৰ্যায় আৰু ভৌগোলিক স্থানৰ ষ্টাৰ্টআপসমূহৰ বাবে উপলব্ধ। ই কৌশলগত পথ নিৰ্দেশনা প্ৰদান কৰে, ব্যৱসায়িক বিকাশত সহায় কৰে আৰু ভাৰতৰ উদ্যোগীকৰণৰ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰে।
  • ষ্টাৰ্টআপ ইণ্ডিয়া ইনভেষ্টৰ কানেক্ট পৰ্টেল : চিডবি (এছ.আই.ডি.বি.আই)-ৰ সহযোগত বিকশিত কৰা ষ্টাৰ্টআপ ইণ্ডিয়া ইনভেষ্টৰ কানেক্ট পৰ্টেল (২০২৩)-এ ষ্টাৰ্টআপ, ভেঞ্চাৰ কেপিটেল ফাণ্ড আৰু বিনিয়োগকাৰীক সংযোগ কৰাত সহায় কৰে। ই বিশেষভাৱে প্ৰাৰম্ভিক পৰ্যায়ৰ ষ্টাৰ্টআপসমূহ সমৰ্থন কৰে। উদ্যোগীসকলে এখন আবেদনৰ জৰিয়তে একাধিক বিনিয়োগকাৰীৰ ওচৰলৈ যাব পাৰে, যাৰ ফলত তেওঁলোকৰ ব্যৱসায়িক ধাৰণাটো উপস্থাপন কৰাৰ প্ৰক্ৰিয়াটো সৰল হৈ পৰে আৰু সম্ভাব্য পুঁজিৰ সুযোগ লাভ কৰিব পাৰে। ২০২৬ চনৰ ৯ নৱেম্বৰলৈকে এই পৰ্টেলত ১১,৫৮২টা ষ্টাৰ্টআপ পঞ্জীয়ন কৰা হৈছে।

অটল উদ্ভাৱন অভিযান (এ.আই.এম.)

২০১৬ চনত নিটি আয়োগে আৰম্ভ কৰা এ.আই.এম. চৰকাৰৰ এক প্ৰধান পদক্ষেপ। ইয়াৰ লক্ষ্য হৈছে বিদ্যালয়, বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, ষ্টাৰ্টআপ আৰু উদ্যোগসমূহত উদ্ভাৱন আৰু উদ্যোগীকৰণৰ সংস্কৃতি গঢ়ি তোলা। এ.আই.এম.-এ উদ্ভাৱন কাৰ্যসূচী বিকশিত কৰা, অংশীদাৰিত্ব গঢ়ি তোলা আৰু ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ বাবে এক সংহত কাঠামো প্ৰদান কৰে। ২০২৪ চনৰ নৱেম্বৰ মাহত অনুমোদিত এ.আই.এম. ২.০ৰ বাজেট ২০২৮ চনৰ মাৰ্চলৈকে ২,৭৫০ কোটি টকা। ই অধিক অংশগ্ৰহণ, ষ্টাৰ্টআপৰ বাবে উন্নত সমৰ্থন আৰু আঞ্চলিক পৰ্যায়ত গভীৰ সহযোগিতাৰ জৰিয়তে ইয়াৰ ভেটি আৰু অধিক সম্প্ৰসাৰিত কৰে।

প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পি.এম.এম.ৱাই.)

২০১৫ চনত আৰম্ভ হোৱা পি.এম.এম.ৱাই.-এ ক্ষুদ্ৰ আৰু সৰু উদ্যোগসমূহক কোনো জামিন অবিহনে ২০ লাখ টকা পৰ্যন্ত ঋণ লাভ কৰাত সহায় কৰে। এই ঋণ অ-কৰ্পৰেট আৰু অ-কৃষি খণ্ডৰ আয় সৃষ্টিকাৰী কামৰ বাবে আগবঢ়োৱা হয়। এই আঁচনিখনত ঋণ লোৱাজনৰ আৰ্থিক প্ৰয়োজন আৰু তেওঁলোকৰ ব্যৱসায়িক বিকাশৰ পৰ্যায়ৰ ওপৰত ভিত্তি কৰি চাৰিটা ভাগত ঋণ প্ৰদান কৰা হয়।

 

ঋণৰ শ্ৰেণী

ঋণৰ পৰিমাণ

শিশু

৫০,০০০ টকা পৰ্যন্ত

কিশোৰ

৫০,০০০ টকাতকৈ অধিক আৰু ৫ লাখ টকা পৰ্যন্ত

তৰুণ

৫ লাখ টকাতকৈ অধিক আৰু ১০ লাখ টকা পৰ্যন্ত

তৰুণ প্লাছ

১০ লাখ টকাতকৈ অধিক আৰু ২০ লাখ টকা পৰ্যন্ত

 

এই ঋণসমূহে উৎপাদন, ব্যৱসায় আৰু সেৱা ব্যৱসায়ৰ লগতে কৃষি সম্পৰ্কীয় কাৰ্যকলাপ (যেনে- হাঁহ-কুকুৰা, দুগ্ধ আৰু মৌপালন)ৰ টাৰ্ম-ফাইনেন্সিং আৰু ৱৰ্কিং কেপিটেলৰ প্ৰয়োজনীয়তা পূৰণ কৰে।

২০২৬ চনৰ ৩০ অক্টোবৰলৈকে ২০২৬-২৭ বিত্তীয় বৰ্ষৰ সময়ছোৱাত পি.এম.এম.ৱাই.-ৰ অধীনত ৩.৩ লাখ কোটিতকৈ অধিক মূল্যৰ ২.৪৪ কোটিৰো অধিক ঋণ অনুমোদন কৰা হৈছিল।

মেইটি ষ্টাৰ্টআপ হাব (এম.এছ.এইচ.)

২০১৬ চনত স্থাপিত হোৱা মেইটি ষ্টাৰ্টআপ হাব (এম.এছ.এইচ.) ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ অন্তৰ্গত। ই প্ৰযুক্তিভিত্তিক উদ্ভাৱনক প্ৰসাৰিত কৰে আৰু ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰে। ই এখন কেন্দ্ৰীয় মঞ্চ হিচাপে কাম কৰে, ইনকিউবেচন কেন্দ্ৰ, উদীয়মান প্ৰযুক্তিৰ উৎকৃষ্টতা কেন্দ্ৰ আৰু উদ্ভাৱন তথা প্ৰযুক্তি-নেতৃত্বাধীন অৰ্থনৈতিক বৃদ্ধিৰ বাবে মেইটি (ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়)ৰ দ্বাৰা সমৰ্থিত অন্যান্য পদক্ষেপসমূহক সংযোগ কৰে। ২০২৬ চনৰ ৯ নৱেম্বৰৰ ভিতৰত এম এছ এইচে সমগ্ৰ ভাৰততে ৬,১৪৯টাতকৈও অধিক ষ্টাৰ্টআপ, ৫১৮টা ইনকিউবেটৰ আৰু ৩২৯টাতকৈও অধিক লেবৰ ক্ৰমবৰ্ধমান পৰিৱেশতন্ত্ৰক সমৰ্থন কৰি আছে।

টেকনলজী ইনকিউবেচন এণ্ড ডেভেলপমেণ্ট অব এণ্টাৰপ্ৰেনিউৰ্ছ (টি.আই.ডি.ই.) ২.০ আঁচনি

টি.আই.ডি.ই. ২.০ আঁচনি (২০১৯)-এ ইনকিউবেটৰ শক্তিশালী কৰি প্ৰযুক্তিভিত্তিক উদ্যোগীকৰণক প্ৰসাৰিত কৰে। এই ইনকিউবেটৰসমূহে তথ্য আৰু যোগাযোগ প্ৰযুক্তি ষ্টাৰ্টআপসমূহক সমৰ্থন কৰে, যি উদীয়মান প্ৰযুক্তি যেনে- আইঅ’টি, কৃত্ৰিম বুদ্ধিমত্তা, ব্লকচেইন আৰু ৰবটিক্স ব্যৱহাৰ কৰে। এই আঁচনিখনে স্বাস্থ্যসেৱা, শিক্ষা, কৃষি, বিত্তীয় অন্তৰ্ভুক্তি (ডিজিটেল পেমেণ্টকে ধৰি), আন্তঃগাঁথনি আৰু পৰিবহণ, আৰু পৰিৱেশ তথা পৰিষ্কাৰ প্ৰযুক্তি আদি খণ্ডত ব্যাপক সহায় আগবঢ়ায়। ই সমগ্ৰ দেশৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় গৱেষণা সংস্থাসমূহত অৱস্থিত ৫১টা ইনকিউবেটৰৰ জৰিয়তে কাম কৰে।

জেনেছিছ  (জেন-নেক্সট ছাপ’ৰ্ট ফৰ ইনোভেটিভ ষ্টাৰ্টআপ)

জেনেছিছ (জেন-নেক্সট ছাপ’ৰ্ট ফৰ ইনোভেটিভ ষ্টাৰ্টআপ) পদক্ষেপৰ লক্ষ্য হৈছে বিশেষকৈ সমগ্ৰ ভাৰতৰ টায়াৰ-II আৰু টায়াৰ-III চহৰসমূহত প্ৰায় ১,৬০০ প্ৰযুক্তি ষ্টাৰ্টআপৰ বিকাশ সাধন । ২০২২ চনত আৰম্ভ হোৱা এই পদক্ষেপে ডীপ-টেক উদ্ভাৱনক লাভান্বিত কৰিবলৈ আৰু উদীয়মান ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰিবলৈ পুঁজি আৰু সহায় আগবঢ়ায়। পাঁচ বছৰৰ ভিতৰত এই পদক্ষেপৰ বাবে ৪৯০ কোটি টকাৰ বাজেট আবণ্টন দিয়া হৈছে। ইয়াৰ লক্ষ্য হৈছে ষ্টাৰ্টআপ, চৰকাৰী প্ৰতিষ্ঠান, শিক্ষাবিদ আৰু কৰ্পৰেট জগতৰ মাজত সহযোগিতাৰ জৰিয়তে ভাৰতৰ প্ৰযুক্তি ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰক শক্তিশালী কৰা।

২০২৬ চনৰ আগষ্ট মাহত জেনেছিছ ‘এণ্টাৰপ্ৰেনিউৰ-ইন-ৰেচিডেন্স’ (ই.আই.আৰ)-ক’হৰ্ট-৩ আৰম্ভ কৰা হয়। এইটো এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কাৰ্যসূচী, যি উদীয়মান উদ্যোগী, উদ্ভাৱক, গৱেষক, ছাত্ৰ আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠাপকসকলক তেওঁলোকৰ উদ্ভাৱনী ধাৰণাসমূহক প্ৰযুক্তিভিত্তিক উদ্যোগলৈ ৰূপান্তৰিত কৰিবলৈ সহায় কৰে। লক্ষণীয়ভাৱে নিৰ্বাচিত উদ্ভাৱকসকলে ১০ লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য লাভ কৰিব পাৰে। ইয়াৰ লগতে ইনকিউবেচন, মেণ্টৰশ্বিপ আৰু প্ৰডাক্ট ডেভেলপমেণ্টৰ সহায় লাভ কৰিব পাৰে।

নিধি (নেচনেল ইনিচিয়েটিভ ফৰ ডেভেলপিং এণ্ড হাৰ্নেছিং ইনোভেচন)

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগে (ডি.এছ.টি.) ২০১৬ চনত আৰম্ভ কৰা নিধি (এন আই ডি এইচ আই) হৈছে এক ব্যাপক কাৰ্যসূচী, যিয়ে জ্ঞানভিত্তিক আৰু প্ৰযুক্তিচালিত ধাৰণা আৰু উদ্ভাৱনক সফল ষ্টাৰ্টআপলৈ ৰূপান্তৰিত কৰাত সহায় কৰে। ই এক উদ্ভাৱন ভিত্তিক উদ্যোগীকৰণ পৰিৱেশতন্ত্ৰৰ সৃষ্টি কৰে যিয়ে সম্পদ আৰু নিয়োগ সৃষ্টিৰ জৰিয়তে আৰ্থ-সামাজিক উন্নয়নক লাভান্বিত কৰে। ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰত নিধিয়ে উল্লেখযোগ্য অৱদান আগবঢ়াইছে। ই ১২,০০০ৰো অধিক ষ্টাৰ্টআপ আৰু ২০০ৰো অধিক প্ৰযুক্তি ব্যৱসায়িক ইনকিউবেটৰ (টি.বি.আই)-ক সমৰ্থন কৰিছে, যাৰ ফলত ১৩০,০০০ৰো অধিক চাকৰিৰ সৃষ্টি হৈছে। তদুপৰি ই ১১৫০ টাতকৈও অধিক বৌদ্ধিক সম্পদ (আই.পি.) সম্পত্তি (২০২৬ চনৰ ১১ অক্টোবৰলৈকে) সৃষ্টি কৰাত অৰিহণা যোগাইছে।

এস্পায়াৰ (এ স্কীম ফৰ প্ৰমটিং অব ইনোভেচন, ৰুৰেল ইণ্ডাষ্ট্ৰিজ এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপ)

এস্পায়াৰে গ্ৰাম্য আৰু অভাৱগ্ৰস্ত অঞ্চলত উদ্ভাৱন আৰু উদ্যোগীকৰণক প্ৰসাৰিত কৰে। ই ক্ষুদ্ৰ উদ্যোগ স্থাপন, দক্ষতা বিকাশ আৰু পুনৰ দক্ষতাৰ সুযোগ প্ৰদান আৰু ঔদ্যোগিক ক্লাষ্টাৰসমূহক কৰ্মশক্তি প্ৰদান কৰিবলৈ লিভলিহুড বিজিনেছ ইনকিউবেটৰ (এল.বি.আই.) স্থাপন কৰাত গুৰুত্ব আৰোপ কৰে। ২০২৬ চনৰ অক্টোবৰ মাহলৈকে ১০৯টা এল.বি.আই.ক অনুমোদন দিয়া হৈছে আৰু ১ লাখৰো অধিক হিতাধিকাৰীক দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (পি.এম.ই.জি.পি.)

প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচীয়ে (পি.এম.ই.জি.পি.) অ-কৃষি খণ্ডত নতুন ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰাত সহায় কৰি আত্মনিয়োগক প্ৰসাৰিত কৰে। ই হিতাধিকাৰীসকলক বেংক ঋণৰ সৈতে জড়িত আংশিক মূলধন ৰাজসাহায্য প্ৰদান কৰে, যাতে তেওঁলোকে এই উদ্যোগসমূহ স্থাপনৰ ব্যয় পূৰণ কৰাত সহায় কৰে।

এম এছ এম ই মন্ত্ৰালয়ৰ অধীনস্থ খাদী আৰু গ্ৰামোদ্যোগ আয়োগে (কে.ভি.আই.চি.) ৰূপায়ণ কৰা এই আঁচনিখনে ইয়াৰ ব্যাপক প্ৰসাৰ আৰু শেষ মাইলৰ ফলপ্ৰসূ ডেলিভাৰী নিশ্চিত কৰে।

প্ৰকল্প ব্যয়ৰ সীমা : এই আঁচনিখনে উৎপাদন খণ্ডত ৫০ লাখ টকা পৰ্যন্ত আৰু সেৱা খণ্ডত ২০ লাখ টকা পৰ্যন্ত ব্যয়ৰ প্ৰকল্পক সমৰ্থন কৰে।

এই আঁচনিখনে সাধাৰণ আৰু বিশেষ শ্ৰেণীৰ অধীনত সাহায্য প্ৰদান কৰে। বিশেষ শ্ৰেণীত অনুসূচিত জাতি/অনুসূচিত জনজাতি/অন্যান্য পিছপৰা সম্প্ৰদায়, সংখ্যালঘু, মহিলা, প্ৰাক্তন সেনাবাহিনী, বিশেষভাৱে সক্ষম ব্যক্তি আৰু তৃতীয় লিংগৰ আবেদনকাৰী; ইয়াৰ উপৰি উত্তৰ-পূব অঞ্চল, পাহাৰীয়া আৰু সীমান্তৱৰ্তী অঞ্চল আৰু আকাংক্ষিত জিলাৰ হিতাধিকাৰীসকলকো সামৰি লোৱা হৈছে।

 

হিতাধিকাৰী শ্ৰেণীৰ

গ্ৰামাঞ্চলত ৰাজসাহায্য

চহৰ অঞ্চলত ৰাজসাহায্য

সাধাৰণ শ্ৰেণী

প্ৰকল্প ব্যয়ৰ ২৫%

প্ৰকল্প ব্যয়ৰ ১৫%

বিশেষ শ্ৰেণী

প্ৰকল্প ব্যয়ৰ ৩৫%

প্ৰকল্প ব্যয়ৰ ২৫%

 

প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰছ আত্মনিৰ্ভৰ নিধি (পি.এম.-স্বনিধি)

২০২০ চনৰ জুন মাহত আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডাৰছ আত্মনিৰ্ভৰ নিধি (পি.এম.-স্বনিধি) হৈছে পদপথৰ বিক্ৰেতাসকলৰ বাবে এক ক্ষুদ্ৰ ঋণ আঁচনি।

বেংক ঋণ আৰু অন্যান্য ঋণৰ সুবিধাঃ এই আঁচনিখনে বিক্ৰেতাসকলৰ কাৰ্যকৰী মূলধনৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে জামিনবিহীন ঋণ প্ৰদান কৰে। সুতৰ ৰাজসাহায্য আৰু ঋণৰ নিশ্চয়তাৰ সৈতে ঋণৰ পৰিমাণ ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকালৈ আৰু তাৰ পিছত ৫০০০০ টকালৈ বৃদ্ধি কৰিব পাৰি। দ্বিতীয় ঋণ পৰিশোধ কৰাসকলে ৩০,০০০ টকাৰ সীমাৰেখাৰে ইউ.পি.আই.-লিংকড ৰুপে ক্ৰেডিট কাৰ্ডৰ বাবেও যোগ্য হ’ব পাৰে।

ডিজিটেল অংশগ্ৰহণ : খুচুৰা আৰু পাইকাৰী ডিজিটেল লেনদেনত বিক্ৰেতাসকলে ১,৬০০ টকা পৰ্যন্ত কেছবেক লাভ কৰে।

কল্যাণমূলক পৰিসীমাঃ ‘স্বনিধি সে সমৃদ্ধি’ৰ অধীনত বিক্ৰেতা আৰু তেওঁলোকৰ পৰিয়ালক আৰ্থ-সামাজিক প্ৰফাইলিঙৰ ভিত্তিত নিৰ্বাচিত আঠখন কেন্দ্ৰীয় চৰকাৰৰ কল্যাণমূলক আঁচনিৰ পৰা সুবিধা প্ৰদান কৰা হয়।

২০২৬ চনৰ ৯ নৱেম্বৰলৈকে এই আঁচনিখনে ৮০.৭ লাখতকৈ অধিক হিতাধিকাৰীৰ কাষ চাপিছে  আৰু ইয়াৰ অধীনত ২০,৪০০ কোটি টকাৰো অধিক ধন অনুমোদন কৰা হৈছে।

স্বাৱলম্বিনী যোজনা

২০২৫ চনত আৰম্ভ হোৱা এই আঁচনিখনে যুৱতীসকলক ব্যৱসায়িক ধাৰণা এটাৰ পৰা আৰম্ভ কৰি উদ্যোগ স্থাপনলৈকে উদ্যোগীকৰণ প্ৰশিক্ষণ, আৰ্থিক আৰু বজাৰৰ নিৰ্দেশনা আৰু আইনী সহায়ৰ জৰিয়তে সহায় আগবঢ়ায়। নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে বহনক্ষম উদ্যোগ গঢ়ি তুলিবলৈ ২১ সপ্তাহৰ মেণ্টৰশ্বিপ আৰু গাইডেন্স লাভ কৰে। লক্ষণীয় যে ‘স্বাৱলম্বিনী’ পাইলট প্রকল্পৰ অধীনত নির্ধাৰিত লক্ষ্যত ই উপনীত হৈছে৷

মহানগৰৰ পৰিসীমাৰ বাহিৰত উদ্যমিতা : টায়াৰ II, টায়াৰ III  আৰু গ্ৰাম্য ভাৰত

ভাৰতৰ উদ্যোগীকৰণৰ পৰিৱেশতন্ত্ৰ এতিয়া পৰম্পৰাগত মহানগৰ কেন্দ্ৰৰ বাহিৰলৈও সম্প্ৰসাৰিত হৈছে। ৫২% স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপ অ-মহানগৰ চহৰৰ পৰা আহে, যিয়ে উদ্ভাৱনৰ ভৌগোলিক সম্প্ৰসাৰণক প্ৰতিফলিত কৰে। ব্যৱসায়ীসকলে এতিয়া কম খৰচ, দক্ষ প্ৰতিভাৰ উপলব্ধতা, শক্তিশালী ঔদ্যোগিক ক্লাষ্টাৰ আৰু আন্তঃগাঁথনিৰ উন্নতিৰ বাবে দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰসমূহ নিৰ্বাচন কৰিছে। সমগ্ৰ ভাৰতত উদ্ভাৱন বিয়পি পৰাৰ লগে লগে এই উদীয়মান চহৰসমূহে উদ্যোগীকৰণ আৰু অৰ্থনৈতিক বিকাশৰ পৰৱৰ্তী ঢৌক আগুৱাই লৈ গৈছে। জীৱিকা আৰু উদ্যোগ উন্নয়নৰ সৈতে জড়িত বিশেষ কাৰ্যসূচীৰ জৰিয়তেও গ্ৰাম্য উদ্যোগীকৰণক প্ৰসাৰিত কৰা হৈছে।

  •  ২০২৬ চনৰ আগষ্ট মাহত চৰকাৰে দীনদয়াল অন্ত্যোদয়া যোজনা-ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (ডি.এ.ৱাই.-এন.আৰ.এল.এম)-ৰ অধীনত ৰাষ্ট্ৰীয় উদ্যমিতা অভিযান-II আৰম্ভ কৰে, যিটো ২০২৬ চনৰ ২১ নৱেম্বৰলৈকে তিনি মাহ ধৰি চলিব। এই অভিযানৰ লক্ষ্য হৈছে গ্ৰাম্য মহিলাৰ উদ্যোগীকৰণ শক্তিশালী কৰা আৰু ৬ কোটি লাখপতি দিদি সৃষ্টিৰ দৃষ্টিভংগীত অৰিহণা যোগোৱা।
  • ষ্টাৰ্টআপ গ্ৰাম্য উদ্যমিতা কাৰ্যসূচী (এছ.ভি.ই.পি)-ৰ লক্ষ্য হৈছে গ্ৰাম্য পৰিয়ালসমূহক স্থানীয় উদ্যোগ স্থাপন আৰু পৰিসৰ বৃদ্ধিৰে সহায় কৰি গ্ৰাম্য উদ্যোগীকৰণক প্ৰসাৰ কৰা। ২০২৬ চনৰ জুন মাহলৈকে এছ.ভি.ই.পি.-এ সমগ্ৰ দেশৰ ৪.৩২ লাখ গ্ৰাম্য উদ্যোগক সহায় কৰিছে। এই কাৰ্যসূচীত সামাজিক অন্তৰ্ভুক্তি আৰু উদ্যোগীকৰণৰ সুযোগৰ ন্যায্য প্ৰৱেশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ লগত জড়িত উদ্যোগীসকলৰ প্ৰায় ৮৬% অনুসূচিত জাতি, অনুসূচিত জনজাতি, সংখ্যালঘু আৰু অ’বিচি সম্প্ৰদায়ৰ।

এই পদক্ষেপসমূহে একেলগে স্থানীয় উদ্যোগসমূহৰ সৃষ্টিক শক্তিশালী কৰি তুলিছে, জীৱিকাৰ সুযোগসমূহ সম্প্ৰসাৰণ কৰিছে আৰু উদ্যোগীকৰণৰ জৰিয়তে ভৌগোলিকভাৱে অধিক সৰ্বাংগীণ উন্নয়নত অৰিহণা যোগাইছে।

বিকশিত ভাৰত ২০৪৭ৰ দিশত ভাৰতৰ যাত্ৰাক ত্বৰান্বিতকৰণ

ভাৰতৰ ষ্টাৰ্টআপ পৰিৱেশতন্ত্ৰ দ্ৰুত সম্প্ৰসাৰণৰ পৰ্যায়ৰ ঊৰ্ধ্বলৈ গৈ বাস্তৱ অৰ্থনীতিৰ সৈতে বহনক্ষম বিকাশ আৰু গভীৰ সংহতিৰ দিশত আগবাঢ়িছে। ২০৩০ চনৰ ভিতৰত দেশখনে লক্ষ্য নিৰ্ধাৰণ কৰা ৭.৩ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি আৰু ‘বিকশিত ভাৰত ২০৪৭’ৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে ষ্টাৰ্টআপসমূহে উদ্ভাৱনক আগুৱাই নিয়া, কৰ্মসংস্থাপন সৃষ্টি আৰু অৰ্থনৈতিক বৃদ্ধি শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব। ইয়াৰ সম্প্ৰসাৰিত অৱদানে ভাৰতৰ ক্ৰমবৰ্ধমান উদ্যোগীকৰণৰ সম্ভাৱনা আৰু উদ্ভাৱন-চালিত উদ্যোগসমূহৰ দীৰ্ঘম্যাদী আৰু সৰ্বাংগীণ উন্নয়নক কেনেদৰে সহায় কৰিব পাৰে, সেই কথা প্ৰতিফলিত কৰে।

তথ্যসূত্ৰসমূহ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় (পি.এম.অ'.)

https://www.pmindia.gov.in/en/news_updates/pm-inaugurates-digital-india-week-2022-in-gandhinagar

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2179001&reg=3&lang=1

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

https://www.investindia.gov.in/team-india-blogs/public-private-partnerships-driving-economic-growth

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2215334&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2127843&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2253019&reg=48&lang=2

https://www.startupindia.gov.in/content/sih/en/credit-guarantee-scheme-for-startups.html

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2227597&reg=3&lang=1

https://seedfund.startupindia.gov.in/about

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1886031&reg=48&lang=2

https://investorconnect.startupindia.gov.in/

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2328842&reg=6&lang=1

https://www.dpiit.gov.in/static/uploads/2025/07/93101e3d9cc67f0dea0ae0c93f6e8854.pdf

বিত্ত মন্ত্ৰালয়

https://www.mudra.org.in/

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

https://msh.meity.gov.in/assets/GENESIS_Admin%20Approval.pdf

https://msh.meity.gov.in/schemes/genesis

দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2155057&reg=3&lang=1

বিশ্ব বেংক

https://ppp.worldbank.org/country-profile-india

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি

https://www.imf.org/external/pubs/ft/fandd/2001/09/gerrard.htm

নিটি আয়োগ

https://www.niti.gov.in/divisions/division/ppp

অন্যান্য

https://x.com/rashtrapatibhvn/status/2088271329133031425

পিআইবি আৰ্কাইভ

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2199237&reg=3&lang=1

pdf চাবলৈ ইয়াত ক্লিক কৰক

****

পিআইবি গৱেষণা/KD/RR

(Explainer ID: 160756) आगंतुक पटल : 20
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Nepali , हिन्दी , Bengali , Telugu , Kannada