Infrastructure

ভাৰতৰ ৰসায়ন আৰু পেট্ৰ’ৰসায়ন খণ্ড: ঔদ্যোগিক বিকাশৰ বাবে এক ভেটি

Posted On: 07 NOV 2026 10:27AM

ভাৰতৰ ৰসায়ন আৰু পেট্ৰ’ৰসায়ন উদ্যোগে ইয়াৰ উৎপাদনৰ ভেটি, বিনিয়োগৰ সম্ভাৱনা আৰু আন্তঃৰাষ্ট্ৰীয় যোগাযোগৰ পৰিসৰ বহল কৰি তুলিছে। উৎসৰ্গিত ঔদ্যোগিক উদ্যান আৰু একত্ৰিত আন্তঃগাঁথনিয়ে উৎপাদন ক্ষমতা বৃদ্ধি  আৰু বিনিয়োগ আকৰ্ষণৰ লক্ষ্য হাতত লৈছে। গৱেষণাৰ বাবে পুঁজি, বিশেষ প্ৰতিষ্ঠান আৰু দক্ষতা বিকাশে উন্নত ব্যৱহাৰৰ বাবে বিশেষজ্ঞতা গঢ়ি তুলিছে। মানদণ্ড আৰু কৰ্মস্থলীৰ সুৰক্ষাৰ ব্যৱস্থাই দায়িত্বশীল ঔদ্যোগিক পদ্ধতিক যথেষ্ট শক্তিশালী কৰি তুলিছে। এই প্ৰচেষ্টাবোৰে একেলগে এই খণ্ডক অধিক মূল্য সংযোজন, প্ৰযুক্তিগত ক্ষমতা আৰু বিশ্বৰ ৰসায়ন বজাৰত অধিক শক্তিশালী ভূমিকা লোৱাৰ দিশত আগুৱাই নিবলৈ সাজু কৰিছে।

 কৌশলগত গুৰুত্বসম্পন্ন এক উদ্যোগ 

ভাৰতৰ ৰসায়ন আৰু পেট্ৰ’ৰসায়ন উদ্যোগ হৈছে উৎপাদন, কৃষি আৰু ঔদ্যোগিক বিকাশৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। ইয়াৰ সামগ্ৰীয়ে ঔষধ, বস্ত্ৰ, নিৰ্মাণ, মটৰ গাড়ী, ইলেক্ট্ৰনিকছ আৰু গ্ৰাহক সামগ্ৰীকে ধৰি বিভিন্ন খণ্ডক সেৱা আগবঢ়ায়। ভাৰত হৈছে বিশ্বৰ ষষ্ঠ সৰ্ববৃহৎ ৰসায়ন উৎপাদক দেশ আৰু এছিয়াৰ চতুৰ্থ সৰ্ববৃহৎ দেশ। এই খণ্ডটোৰ বৰ্তমানৰ মূল্য প্ৰায় ২২০ বিলিয়ন আমেৰিকান ডলাৰ। ২০৩০ চনলৈকে এই সংখ্যা ৩০০ বিলিয়ন আমেৰিকান ডলাৰ আৰু ২০৪০ চনলৈ ১ ট্ৰিলিয়ন আমেৰিকান ডলাৰ হ’বগে বুলি অনুমান কৰা হৈছে।

ভাৰতে বিশেষ ৰসায়ন খণ্ডতো উল্লেখযোগ্য স্থান লাভ কৰিছে। ৰং আৰু ৰঞ্জক পদাৰ্থৰ ক্ষেত্ৰত দ্বিতীয় সৰ্ববৃহৎ উৎপাদক আৰু ৰপ্তানিকাৰক দেশ আৰু কৃষি ৰসায়নৰ বিশ্বৰ তৃতীয় সৰ্ববৃহৎ ৰপ্তানিকাৰক দেশ হিচাপে চিহ্নিত হৈছে ভাৰত। এই খণ্ডত প্ৰায় ১৩,০০০ টা বৃহৎ পৰিসৰৰ গোট আৰু ৪.৪৫ লাখ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ আছে। ৰসায়ন উৎপাদন, গৱেষণা আৰু ঔদ্যোগিক আন্তঃগাঁথনি আগুৱাই নিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে উৎসৰ্গিত ৰসায়ন উদ্যান, পুঁজিৰ সুযোগ, মানদণ্ড আৰু বিনিয়োগক উৎসাহ দিয়াৰ ব্যৱস্থা। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে বিশ্বৰ মূল্য শৃংখলাত ভাৰতৰ অংশগ্ৰহণ শক্তিশালী কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

ইণ্ডিয়া কেম ২০২৬: উদ্যোগ, বিনিয়োগ আৰু বিশ্ব বজাৰৰ সংযোগীকৰণ

২০২৬ ৰ ২২ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ মুম্বাইত চতুৰ্দশ ইণ্ডিয়া কেম ২০২৬ ৰ আয়োজিত হৈছিল। এই তিনিদিনীয়া অনুষ্ঠানে ৰসায়ন আৰু পেট্ৰ’ৰসায়ন খণ্ডত বিনিয়োগ আকৰ্ষণ কৰা আৰু বহনক্ষম বিকাশক উৎসাহ প্ৰদানৰ লক্ষ্য লৈছিল। ইয়াৰ বিষয়বস্তু আছিল, “এডভান্টেজ ইন্ডিয়া: এণ ইমাৰ্জিং গ্ল’বেল কেমিকেলছ হাব”, যিয়ে ভাৰতৰ ঔদ্যোগিক ক্ষমতা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সুযোগবোৰক আলোকপাত কৰিছিল। ৫,০০০ তকৈ অধিক দৰ্শনাৰ্থীৰ উপস্থিতিৰে এই অনুষ্ঠানে দেশৰ মঞ্চ, মুখ্য কাৰ্যবাহী বিষয়াৰ মঞ্চ আৰু খণ্ডভিত্তিক ঘূৰণীয়া মেজমেলৰ জৰিয়তে উদ্যোগৰ নেতা আৰু ব্যৱসায়ীসকলক একত্ৰিত কৰিছিল। প্ৰদৰ্শনীয়ে প্ৰযুক্তি, সঁজুলি আৰু বিনিয়োগৰ সুযোগ প্ৰদৰ্শন কৰিছিল; আনহাতে প্ৰথমবাৰৰ বাবে আয়োজিত ইণ্ডিয়া কেম যুৱ উদ্ভাৱন প্ৰত্যাহ্বানে ছাত্ৰ-ছাত্ৰীসকলক ব্যৱহাৰিক, গৱেষণাভিত্তিক সমাধান বিকশিত কৰিবলৈ উৎসাহ প্ৰদান কৰিছিল।

উৎপাদন ক্ষমতা আৰু ঔদ্যোগিক আন্তঃগাঁথনি শক্তিশালীকৰণ

ঘৰুৱা উৎপাদন শক্তিশালী কৰিবলৈ বিনিয়োগ, ঔদ্যোগিক আন্তঃগাঁথনি আৰু সহায়ক নীতিৰ পৰিৱেশৰ প্ৰয়োজন। ভাৰতে অধিকাংশ ৰসায়ন খণ্ডত স্বয়ংক্ৰিয় পথেৰে ১০০ শতাংশ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ অনুমতি দিয়ে। স্বয়ংক্ৰিয় পথৰ অধীনত, ভাৰতৰ বাহিৰত থকা এজন ব্যক্তিয়ে কৰা বিনিয়োগৰ বাবে চৰকাৰৰ পৰা আগতীয়া অনুমোদনৰ প্ৰয়োজন নহয়। ২০১৪ চনৰ পৰা ২০২৬ চনলৈ প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ প্ৰবাহ ১,০৪,৮৯৫ কোটি টকা হৈছিল, যিটো হাৰ ২০০৪ চনৰ পৰা ২০১৪ চনলৈ লাভ কৰা ৪৫,২৪০ কোটি টকাৰ দুগুণতকৈও অধিক।

প্ৰধান ৰসায়ন আৰু পেট্ৰ’ৰসায়নৰ উৎপাদন ২০১৫-১৬ চনত ৪৫,৬৩৮ হাজাৰ মেট্ৰিক টনৰ পৰা ২০২৪-২৫ চনত ৫৮,৬১৭ হাজাৰ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। এই গতিয়ে ঔদ্যোগিক ক্ষমতা বৃদ্ধি, বিশেষ উৎপাদন কেন্দ্ৰৰ বিকাশ আৰু এই খণ্ডত আন্তঃগাঁথনি উন্নত কৰাৰ পদক্ষেপবোৰক বিশেষ মাত্ৰা প্ৰদান কৰিছে।

পেট্ৰ’লিয়াম, ৰসায়ন আৰু পেট্ৰ’ৰসায়ন বিনিয়োগ অঞ্চল

পেট্ৰ’লিয়াম, ৰসায়ন আৰু পেট্ৰ’ৰসায়ন বিনিয়োগ অঞ্চলৰ ধাৰণাটো হৈছে এই খণ্ডক একত্ৰিতভাৱে উৎসাহ দিয়া। পেট্ৰ’লিয়াম, ৰসায়ন আৰু পেট্ৰ’ৰসায়ন বিনিয়োগ অঞ্চল হৈছে প্ৰায় ২৫০ বৰ্গ কিলোমিটাৰ এলেকাৰে এক বিশেষভাৱে নিৰ্ধাৰিত বিনিয়োগ অঞ্চল, য'ত প্ৰায় ৪০ শতাংশ এলেকা প্ৰক্ৰিয়াকৰণ কাৰ্যৰ বাবে ৰখা হয়। এই অঞ্চলবোৰে গোটভিত্তিক পদ্ধতি অনুসৰণ কৰে, য'ত উমৈহতীয়া আন্তঃগাঁথনি, মৌলিক সুবিধা আৰু সহায়ক সেৱা থাকে। ইয়াৰ ভিতৰত আছে পথ, ৰে'ল নেটৱৰ্ক, বন্দৰ, উমৈহতীয়া বৰ্জ্য শোধন প্ৰকল্প, নলা নিষ্কাশন প্ৰকল্প, পানী যোগান আৰু ভাপ উৎপাদন গোট। এই আন্তঃগাঁথনিয়ে ব্যৱসায় স্থাপনৰ বাবে অনুকূল প্ৰতিযোগিতামূলক পৰিৱেশ প্ৰদান কৰে।

  • ভাৰতত তিনিটা কাৰ্যক্ষম পেট্ৰ’লিয়াম, ৰসায়ন আৰু পেট্ৰ’ৰসায়ন বিনিয়োগ অঞ্চল আছে: গুজৰাটৰ দহেজ, অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম-কাকিনাডা আৰু ওড়িশাৰ পাৰাদ্বীপ।
  • এই অঞ্চলবোৰে একেলগে ৩.৪ লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰিছে।
  • ইহঁতে ৩.৭ লাখ চাকৰি সৃষ্টি কৰিছে আৰু ২,২০০ তকৈও অধিক ৰসায়ন উৎপাদন গোট স্থাপনত সহায় কৰিছে।

এই উমৈহতীয়া ঔদ্যোগিক পৰিৱেশে অধিক বিনিয়োগ আৰু মূল্য সংযোজনৰ বাবে এক ভেটি প্ৰদান কৰিছে।

ভৱ্য ৰসায়ন: উৎসৰ্গিত ৰসায়ন উদ্যান

তিনিটা উৎসৰ্গিত ৰসায়ন উদ্যান স্থাপনৰ লক্ষ্যৰে  ২০২৬ৰ জুলাইত অনুমোদন কৰা হৈছে ভাৰত ঔদ্যোগিক বিকাশ যোজনা ৰসায়ন আঁচনি। প্ৰতিখন উদ্যানে কমেও ৮ বৰ্গ কিলোমিটাৰ (২,০০০ একৰ) মাটি সামৰি ল'ব। কেন্দ্ৰই প্ৰতিখন উদ্যানৰ বাবে ১,০০০ কোটি টকালৈকে অনুদান দিব, যদিহে সংশ্লিষ্ট ৰাজ্য চৰকাৰে কমেও ৫০০ কোটি টকাৰ অৰিহণা প্ৰদান কৰে। এই আঁচনিৰ মুঠ আৰ্থিক ব্যয় ৩,০৩০ কোটি টকা। ইয়াৰ ভিতৰত ৩,০০০ কোটি টকা উমৈহতীয়া আন্তঃগাঁথনি আৰু মৌলিক সুবিধাৰ বাবে আবণ্টন দিয়া হৈছে, আনহাতে ৩০ কোটি টকা প্ৰশাসনিক খৰচৰ বাবে ৰখা হৈছে। এই আঁচনি ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০-৩১ বিত্তীয় বৰ্ষলৈ পাঁচ বছৰজুৰি চলিব।

এই উদ্যানবোৰে ৰসায়ন উদ্যোগত ব্যৱহাৰৰ বাবে সাজু প্লাগ-এণ্ড-প্লে আন্তঃগাঁথনি প্ৰদান কৰিব, যিয়ে সম্পদৰ ব্যৱহাৰ উন্নত কৰাত আৰু পৰিবহণৰ খৰচ কমোৱাত সহায় কৰিব। ই পৰিৱেশ অনুকূল পৰিৱেশ তন্ত্ৰৰ জৰিয়তে বহনক্ষম ঔদ্যোগিক বিকাশতো অৰিহনা যোগাব। ইয়াৰ ভিতৰত আছে উমৈহতীয়া বৰ্জ্য শোধন প্ৰকল্প, সংৰক্ষণ আৰু নিষ্কাশন সুবিধা আৰু বিপজ্জনক আৱৰ্জনা ব্যৱস্থাপনা আন্তঃগাঁথনিৰ দৰে কেন্দ্ৰীভূত সুবিধা। এই আঁচনিয়ে বিনিয়োগ আকৰ্ষণ, ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধি  আৰু বিশ্ব প্ৰতিযোগিতাৰ মান শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

প্লাষ্টিক উদ্যান: ডাউনষ্ট্ৰীম প্ৰক্ৰিয়াকৰণ শক্তিশালী কৰা

প্লাষ্টিক উদ্যান স্থাপনৰ আঁচনিয়ে ভাৰতৰ ডাউনষ্ট্ৰীম প্লাষ্টিক প্ৰক্ৰিয়াকৰণ উদ্যোগক সহায় কৰে। ই ঘৰুৱা ডাউনষ্ট্ৰীম প্লাষ্টিক প্ৰক্ৰিয়াকৰণ উদ্যোগত পলিমাৰ (এবিধ পেট্ৰ’ৰসায়ন) শোষণ ক্ষমতা আৰু মূল্য সংযোজন বৃদ্ধি কৰাত গুৰুত্ব দিয়ে। প্লাষ্টিক উদ্যান হৈছে প্লাষ্টিক সম্পৰ্কীয় ব্যৱসায় আৰু উদ্যোগৰ বাবে উৎসৰ্গিত ঔদ্যোগিক অঞ্চল। ইয়াৰ উদ্দেশ্য হৈছে প্লাষ্টিক প্ৰক্ৰিয়াকৰণ উদ্যোগৰ ক্ষমতাসমূহ একত্ৰিত কৰা আৰু সমন্বিতভাবে শক্তিশালী কৰা। ই বিনিয়োগ, উৎপাদন আৰু ৰপ্তানিক উৎসাহ দিয়ে আৰু লগতে কৰ্মসংস্থান সৃষ্টি কৰে। এই আঁচনিৰ অধীনত, চৰকাৰে প্ৰতিটো প্ৰকল্পৰ বাবে সৰ্বাধিক ৪০ কোটি টকাৰ সীমাৰে প্ৰকল্পৰ খৰচৰ ৫০ শতাংশলৈকে অনুদান পুঁজি আগবঢ়ায়। বাকী থকা প্ৰকল্পৰ খৰচ ৰাজ্য চৰকাৰ বা ইয়াৰ সংস্থা, লাভালাভ পোৱা উদ্যোগ আদিয়ে বহন কৰে।

এই উদ্যানবোৰে আৱৰ্জনা ব্যৱস্থাপনা আৰু পুনঃব্যৱহাৰ পদক্ষেপৰ জৰিয়তে পৰিৱেশ অনুকূল বিকাশকো উৎসাহ দিয়ে। ইয়াৰ ফলত এই ব্যৱস্থা ভাৰতৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা আৰু ৰসায়ন উদ্যোগ শক্তিশালী কৰাৰ প্ৰচেষ্টাৰ এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। ভাৰতত এইপৰ্যন্ত দহখন প্লাষ্টিক উদ্যান অনুমোদন দিয়া হৈছে, ইয়াৰে ৪ খনে ১০০ শতাংশ আন্তঃগাঁথনি সম্পূৰ্ণ কৰিছে আৰু ইয়াৰ ভিতৰত ৩ খন ২০২৫-২৬ চনত সম্পূৰ্ণ হৈছে।

গৱেষণা, উদ্ভাৱন আৰু দক্ষতা বিকাশ

ৰসায়নৰ ব্যৱহাৰ বিভিন্ন উদ্যোগত বৃদ্ধি পোৱাৰ লগে লগে, বিশেষ জ্ঞান আৰু কাৰিকৰী বিশেষজ্ঞতাৰ প্ৰয়োজনো বৃদ্ধি পাইছে। কেইবাটাও পদক্ষেপে খণ্ডভিত্তিক গৱেষণা, বিশেষ কাৰিকৰী শিক্ষা আৰু উদ্যোগমুখী দক্ষতা বিকাশৰ জৰিয়তে এই প্ৰচেষ্টাবোৰ আগুৱাই নিছে।

ৰসায়ন প্ৰচাৰ আৰু বিকাশ আঁচনি

ৰসায়ন প্ৰচাৰ আৰু বিকাশ আঁচনিয়ে জ্ঞান সৃষ্টি, প্ৰচাৰ আৰু গৱেষণাৰ প্ৰচাৰৰ জৰিয়তে ৰসায়ন আৰু পেট্ৰ’ৰসায়ন উদ্যোগৰ বিকাশত সহায় কৰে। ই খণ্ডভিত্তিক জ্ঞান বিতৰনৰ বাবে অধ্যয়ন, জৰীপ, তথ্যভাণ্ডাৰ আৰু প্ৰচাৰ সামগ্ৰীক সহায় কৰে। এই আঁচনিয়ে উল্লেখিত খণ্ডবোৰলৈ অসাধাৰণ অৱদান আগবঢ়োৱা লোকক স্বীকৃতি প্ৰদাক কৰি গৱেষণা আৰু উদ্ভাৱনকো উৎসাহ দিয়ে। ই কৰ্মশালা, আলোচনা চক্ৰ, অধ্যয়ন আৰু সম্পৰ্কিত কামৰ বাবে সংগঠন, উদ্যোগ সংস্থা আৰু অন্যান্য সংস্থাক অনুদান-সাহায্য (সাধাৰণ) প্ৰদান কৰে।

  • ২০১৬ চনৰ পৰা,  ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এইচ.আই.এল. (ভাৰত) লিমিটেডে ৰসায়ন প্ৰচাৰ আৰু বিকাশ আঁচনিৰ অধীনত কৃষক প্ৰশিক্ষণ কাৰ্যসূচী অব্যাহত ৰাখিছে।
  • কীটনাশক প্ৰস্তুতকৰণ প্ৰযুক্তি প্ৰতিষ্ঠানেও ২০২২-২৩ চনৰ পৰা এই ধৰণৰ কাৰ্যসূচীবোৰ অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰিছে। এই কাৰ্যসূচীবোৰৰ জৰিয়তে কীটনাশকৰ সুৰক্ষিত আৰু যথোপযুক্ত ব্যৱহাৰ আৰু সমন্বিত কীট ব্যৱস্থাপনা পদ্ধতিক উৎসাহ যোগোৱা হয়।
  • এই পদ্ধতিসমূহৰ লক্ষ্য হৈছে খাদ্য শস্য, খোৱা তেল, ফল আৰু শাক-পাচলিত কীটনাশকৰ অৱশিষ্ট হ্ৰাস কৰা। ২০২৬ ৰ আগষ্টলৈকে, ২৫০ তকৈও অধিক কাৰ্যসূচীয়ে দেশজুৰি ১ লাখতকৈ অধিক কৃষকক লাভান্বিত কৰিছে।

গৱেষণা, বিকাশ আৰু উদ্ভাৱন আঁচনি

২০২৫ ৰ নৱেম্বৰত আৰম্ভ হোৱা গৱেষণা, বিকাশ আৰু উদ্ভাৱন আঁচনিৰ ১ লাখ কোটি টকাৰ পুঁজিৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ গৱেষণা আৰু উদ্ভাৱনত বিনিয়োগ প্ৰক্ৰিয়াক উৎসাহ যোগোৱা হৈছে। ই ৰূপান্তৰকাৰী প্ৰকল্পৰ বাবে অনুকূল চৰ্তত দীৰ্ঘম্যাদী বিত্তীয় সাহায্য আৰু পুনঃবিত্তীয় সাহায্য প্ৰদান কৰে। এই আঁচনিৰ লক্ষ্য হৈছে উন্নত প্ৰযুক্তি গ্ৰহণ ব্যৱস্থাক ত্বৰান্বিত কৰা, ঔদ্যোগিক প্ৰতিযোগিতা শক্তিশালী কৰা আৰু জটিল আৰু উদীয়মান প্ৰযুক্তি ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাক উৎসাহ যোগোৱা।

২০২৬ ৰ ৮ অক্টোবৰ পৰা কাৰ্যকৰী হোৱাকৈ, উন্নত ৰসায়ন, পেট্ৰ’ৰসায়ন আৰু সামগ্ৰী প্ৰযুক্তি এই আঁচনিৰ অধীনত পুঁজিৰ বাবে যোগ্য অতিৰিক্ত প্ৰযুক্তি ক্ষেত্ৰ হিচাপে অন্তৰ্ভুক্ত হৈছে। এই অন্তৰ্ভুক্তিয়ে খণ্ডভিত্তিক গৱেষণা আৰু উদ্ভাৱন প্ৰক্ৰিয়াক শক্তিশালী কৰিব আৰু উন্নত ঔদ্যোগিক ব্যৱহাৰৰ বাবে থলুৱা প্ৰযুক্তি বিকশিত কৰাত সহায় কৰিব।

চি.আই.পি.ই.টি.: কাৰিকৰী শিক্ষা, দক্ষতা আৰু উদ্যোগ সহায়

কেন্দ্ৰীয় পেট্ৰ’ৰসায়ন অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান হৈছে কেন্দ্ৰীয়ভাৱে পুঁজি পোৱা এটা কাৰিকৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান। ই ভাৰতৰ পেট্ৰ’ৰসায়ন আৰু সম্পৰ্কিত উদ্যোগসমূহ আগুৱাই নিবলৈ দক্ষতা বিকাশ, প্ৰযুক্তি সহায়, শৈক্ষিক আৰু গৱেষণা ক্ষেত্ৰৰ কাম কৰে। চি.আই.পি.ই.টি.-এ কেইবাটাও কেন্দ্ৰ আৰু পৰীক্ষাগাৰৰ জৰিয়তে বিস্তৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত আছে দক্ষতা আৰু কাৰিকৰী সহায় কেন্দ্ৰ, প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা কেন্দ্ৰ আৰু পেট্ৰ’ৰসায়নত উন্নত গৱেষণা বিদ্যালয়। অন্যান্য সুবিধাসমূহৰ ভিতৰত আছে প্ৰযুক্তি আৰু সামগ্ৰী অনুকৰণৰ বাবে উন্নত গৱেষণা বিদ্যালয়, উন্নত পলিমাৰ ডিজাইন আৰু বিকাশ গৱেষণা পৰীক্ষাগাৰ।

  • চি.আই.পি.ই.টি.-ৰ নেটৱৰ্কত এতিয়া ৫১ টা কেন্দ্ৰ আছে, ইয়াৰে ১৯ টা ২০১৪ চনৰ পৰা স্থাপন কৰা হৈছে। এই তিনিটা কেন্দ্ৰ প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে উৎসৰ্গিত।
  • প্ৰতিষ্ঠানটোৱে প্ৰায় ৬.৭২ লাখ দক্ষ পেছাদাৰীক প্ৰশিক্ষণ দিছে, ইয়াৰে ৫.২১ লাখতকৈ অধিক ২০১৪-২৪ চনৰ সময়ত। ই একে সময়তে ৮.৫৩ লাখ প্ৰযুক্তি সহায়ক সেৱাৰ কামো সম্পূৰ্ণ কৰিছে।

উৎকৰ্ষ কেন্দ্ৰ

বৰ্তমানৰ প্ৰযুক্তিবোৰ আগুৱাই নিবলৈ, গৱেষণা শক্তিশালী কৰিবলৈ আৰু নতুন ব্যৱহাৰৰ বিকাশক উৎসাহ দিবলৈ উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰা হৈছে। ১৮ টা কেন্দ্ৰই ৮৫ টা পেটেণ্টৰ বাবে আবেদন কৰিছে, ৬০০ তকৈ অধিক গৱেষণা পত্ৰ প্ৰকাশ কৰিছে আৰু ১০৫ টা নতুন প্ৰযুক্তি আৰু সামগ্ৰী বিকশিত কৰিছে। এই সাফল্যবোৰে থলুৱা ক্ষমতা গঢ়ি তোলা আৰু ঔদ্যোগিক উদ্ভাৱনক সহায় কৰাত গৱেষণা প্ৰতিষ্ঠানবোৰৰ ভূমিকাক প্ৰকাশ কৰিছে।

মানদণ্ড, সুৰক্ষা আৰু দায়িত্বশীল ৰসায়ন ব্যৱহাৰ

ৰসায়ন আৰু পেট্ৰ’ৰসায়ন খণ্ডৰ দায়িত্বশীল বিকাশৰ বাবে মানদণ্ড আৰু কৰ্মস্থলীৰ সুৰক্ষা অতি আৱশ্যকীয়৷নিয়ন্ত্ৰণমূলক ব্যৱস্থাই সামগ্ৰীৰ মান নিশ্চিত কৰাত সহায় কৰে, আনহাতে লক্ষ্য নিৰ্ধাৰিত প্ৰশিক্ষণে ঔদ্যোগিক শ্ৰমিকসকলক বিপজ্জনক ৰসায়ন সুৰক্ষিতভাৱে চম্ভালিবলৈ সাজু কৰে।

মান নিয়ন্ত্ৰণ আদেশ

গ্ৰাহকক সুৰক্ষা প্ৰদান কৰিবলৈ, উচ্চ মানসম্পন্ন উৎপাদনক উৎসাহ দিবলৈ আৰু নিম্নমানৰ আমদানি ৰোধ কৰিবলৈ মান নিয়ন্ত্ৰণ আদেশ জাৰি কৰা হৈছে। ২০২৬ ৰ আগষ্ট লৈকে, ৩৭ টা মান নিয়ন্ত্ৰণ আদেশ বলৱৎ হৈছে, যিয়ে নিৰ্দিষ্ট ৰসায়ন আৰু পেট্ৰ’ৰসায়ন মানক বাধ্যতামূলক কৰিছে। এই আদেশসমূহে ঘৰুৱা উৎপাদক আৰু আমদানিকাৰকক ভাৰতীয় মানদণ্ড ব্যুৰ’ই নিৰ্ধাৰণ কৰা মানদণ্ডৰ মাপকাঠি মানি চলিবলৈ বাধ্য কৰায়।

কৰ্মস্থলীৰ সুৰক্ষা আৰু বিপজ্জনক ৰসায়ন ব্যৱস্থাপনা

বিকশিত ভাৰত @২০৪৭ কৰ্ম পৰিকল্পনাৰ অধীনত বৃহৎ দুৰ্ঘটনা বিপজ্জনক গোটৰ কৰ্মীসকলৰ বাবে দেশজোৰা প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ই “কৰ্মস্থলীত বিপজ্জনক ৰসায়নৰ সুৰক্ষিত ব্যৱহাৰ আৰু বিপজ্জনক ৰসায়নৰ সৈতে জড়িত বিপদ হ্ৰাস কৰা”-ৰ ওপৰত গুৰুত্ব দিয়ে। এই কাৰ্যসূচীটো ৫ বছৰত ২,৩৯৩ টা বৃহৎ বিপজ্জনক দুৰ্ঘটনাপ্ৰৱণ গোটৰ আটাইকেইটা গোটকে সামৰি লোৱাৰ বাবে ডিজাইন কৰা হৈছে। প্ৰতিটো প্ৰশিক্ষণ কাৰ্যসূচীয়ে ৫০ টা বৃহৎ দুৰ্ঘটনা বিপজ্জনক গোটৰ পৰা ১০০ জন অংশগ্ৰহণকাৰীক সামৰি লয় আৰু প্ৰতিটো গোটৰ পৰা দুজন কৰ্মচাৰীয়ে অংশ লয়।

আগষ্ট ২০২৬ লৈকে, দেশজুৰি ২১ টা প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই কাৰ্যসূচীবোৰত ১,৩৭৬ টা ঔদ্যোগিক গোটে অংশ লৈছে আৰু ২,৪৪১ জন কৰ্মীক প্ৰশিক্ষণ দিয়া হৈছে। এই পদক্ষেপে কৰ্মস্থলীৰ প্ৰস্তুতি শক্তিশালী কৰা আৰু বিপজ্জনক ৰসায়ন ব্যৱস্থাপনাৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।

একত্ৰিত আৰু প্ৰতিযোগিতামূলক উদ্যোগৰ দিশত

ভাৰতৰ ৰসায়ন আৰু পেট্ৰ’ৰসায়ন উদ্যোগে বিস্তৃত উৎপাদন কাম, ঔদ্যোগিক ব্যৱহাৰ আৰু ডাউনষ্ট্ৰীম সামগ্ৰীক সামৰি লয়। ইয়াৰ বিকাশত উৎপাদন ক্ষমতা বৃদ্ধি, বিশেষ ঔদ্যোগিক সুবিধা স্থাপন আৰু বিনিয়োগৰ বাবে সহায়ক পৰিৱেশ সৃষ্টিৰ লক্ষ্য জড়িত হৈ আছে। উৎপাদনৰ লগতে, গৱেষণা পদক্ষেপ আৰু কাৰিকৰী প্ৰতিষ্ঠানবোৰে জ্ঞান বিকাশ, প্ৰযুক্তিৰ অগ্ৰগতি আৰু কৰ্মী প্ৰশিক্ষণত অৰিহণা যোগায়। মানদণ্ড আৰু বিপজ্জনক ৰসায়ন ব্যৱস্থাপনাই সামগ্ৰীৰ অনুপালন আৰু কৰ্মস্থলীৰ সুৰক্ষাৰ বিষয়বোৰ সমাধান কৰে। ইণ্ডিয়া কেম ২০২৬ য়ে এই ঘৰুৱা বিকাশবোৰক আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণ, উদ্যোগৰ অন্তৰ্ভূক্তি আৰু সহযোগিতাৰ সুযোগৰ সৈতে সংযোগ কৰিছিল। এই ক্ষেত্ৰবোৰে সন্মিলিত প্ৰচেষ্টাৰে এই খণ্ডৰ ঔদ্যোগিক বিকাশ আৰু বিশ্বৰ সৈতে সংযোগ স্থাপনৰ ব্যাপক প্ৰচেষ্টাকে প্ৰতিফলিত কৰে।

তথ্যসূত্ৰসমূহ

ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়: ৰাসায়নিক আৰু পেট্ৰ’কেমিকেল বিভাগ

https://chemicals.gov.in/

https://chemicals.gov.in/sites/default/files/Reports/annual_report_2025-26_Eng_1.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2246357&reg=48&lang=2

https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2325901&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2294832&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2323590&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2120876&reg=3&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2220980&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2288866&lang=1&reg=48

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2327972&reg=48&lang=1

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2326667&reg=6&lang=1

অনুগ্ৰহ কৰি PDF চাওক

***

পিআইবি গৱেষণা/SSH/RR

(Explainer ID: 160741) आगंतुक पटल : 11
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English