Social Welfare

বাল্য বিবাহ মুক্ত ভাৰত

বাল্য বিবাহমুক্ত ভাৰত গঢ়াৰ দিশত সামূহিক প্ৰচেষ্টাৰ দুটা বছৰ

Posted On: 06 NOV 2026 5:39PM

 বাল্য বিবাহ ভাৰতত এতিয়াও এক বৃহৎ সামাজিক সমস্যা হৈ আছে, যিয়ে কন্যা সন্তানৰ স্বাস্থ্য, শিক্ষা আৰু ভৱিষ্যত গঢ়াৰ সুযোগত নেতিবাচক প্ৰভাৱ পেলায়। অৱশ্যে,  ১৮ বছৰৰ পূৰ্বে বিয়া হোৱা ২০-২৪ বছৰ বয়সৰ মহিলাৰ সংখ্যা এন.এফ.এইচ.এছ.-৫ (২০১৯-২১)-ৰ ২৩.৩ শতাংশৰ পৰা এন.এফ.এইচ.এছ.-৬ (২০২৩-২৪) ত ২০.১ শতাংশলৈ হ্ৰাস হৈছে। ২০২৪ চনৰ ২৭ নৱেম্বৰত আৰম্ভ হোৱা বাল্য বিবাহমুক্ত ভাৰত অভিযানে আইনী সুৰক্ষা, ৰাইজৰ মাজত সজাগতা আৰু ৰাইজৰ অংশগ্ৰহণৰ জৰিয়তে বাল্য বিবাহ ৰোধ কৰাৰ প্ৰচেষ্টাক শক্তিশালী কৰাত অৰিহণা আগবঢ়াইছে। যাৰ জৰিয়তে ৬.৮৫ লাখ সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত হৈছে, ১২.৪৭ কোটি লোকক সাঙুৰি লোৱা হৈছে আৰু ৪২.০১ লাখ শপত গ্ৰহণ পঞ্জীয়ন সম্পন্ন হৈছে। ইতিমধ্যে দুই বছৰ সম্পূৰ্ণ কৰি এই অভিযানে ২০৩০ চনৰ ভিতৰত বাল্য বিবাহমুক্ত ভাৰত গঢ়াৰ ৰাষ্ট্ৰীয় লক্ষ্যৰ দিশত আগবাঢ়ি গৈ আছে।

বাল্য বিবাহমুক্ত ভাৰতৰ দিশে

আইনে বাল্য বিবাহ  নিষিদ্ধ কৰাৰ পাছতো ভাৰতত বাল্য বিবাহৰ সমস্যা এতিয়াও এক বৃহৎ সামাজিক সমস্যাৰূপে চিহ্নিত হৈ আছে। ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (এন.এফ.এইচ.এছ.-৬), ২০২৩-২৪ অনুসৰি, ২০-২৪ বছৰ বয়সৰ ২০.১ শতাংশ মহিলাৰ ১৮ বছৰ বয়সৰ পূৰ্বে বিয়া হৈছিল, যিটো এন.এফ.এইচ.এছ.-৫ (২০১৯-২১)-ৰ ২৩.৩ শতাংশৰ পৰা ৩.২ শতাংশ পইণ্টলৈ হ্ৰাস পাইছে ৷

এই প্ৰথাই ছোৱালীক কম বয়সতে গৰ্ভধাৰণৰ দৰে গুৰুতৰ স্বাস্থ্যজনিত বিকাৰৰ সন্মুখীন কৰায়, ঘৰুৱা হিংসাৰ আশংকা বঢ়ায়, শিক্ষাত বাধাৰ সৃষ্টি কৰে আৰু দৰিদ্ৰতা আৰু লিংগ বৈষম্যৰ চক্ৰটো বঢ়াই নিয়ে ৷

সেয়ে ভাৰতত এই ক্ষেত্ৰত কেইবাটাও স্তৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে : বাল্য বিবাহ বিৰোধী আইনৰ প্ৰণয়ন , যিয়ে বাল্য বিবাহ নিষেধ কৰে আৰু শাস্তি প্ৰদান কৰে, এখন আঁচনি যিয়ে কন্যা সন্তানৰ প্ৰতি মূল্যবোধৰ গঢ় দিয়ে আৰু ২০২৪ চনৰ নৱেম্বৰ মাহৰ পৰা বাল্য বিবাহ মুক্ত ভাৰত (বি.ভি.এম.বি.) নামেৰে এক ৰাষ্ট্ৰীয় অভিযান, যিয়ে উপৰোক্ত দুয়োটা দিশকে সামাজিক ক্ষেত্ৰত একত্ৰিত কৰে।

বাল্য বিবাহ নিষেধ আইন, ২০০৬ (পি.চি.এম.এ.)

এই সমস্যাৰ আইনী সমাধান হৈছে বাল্য বিবাহ নিষেধ আইন, ২০০৬ৰ প্ৰনয়ন ; যিয়ে বাল্য বিবাহৰ প্ৰচলনৰ বিৰুদ্ধে আইনী ভেটি হিচাপে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। এই বাল্য বিবাহ সংযম আইন, ১৯২৯ (সাৰদা আইন)-ৰ স্থলাভিষিক্ত হৈছে। ইয়াৰ জৰিয়তে আইনী দৃষ্টিভংগী বাল্য বিবাহ ৰোধ কৰাৰ পৰা বাল্য বিবাহ নিষিদ্ধ কৰালৈ সলনি হৈছে, লগতে ভুক্তভোগীক পূৰ্বতকৈ অধিক সুৰক্ষা আৰু সকাহ দিয়া হৈছে।

কাক ‘বাল্য’ৰ আওতাত ধৰা হয় ?

যিজন ল'ৰাই ২১ বছৰ সম্পূৰ্ণ কৰা নাই আৰু যিগৰাকী ছোৱালীয়ে ১৮ বছৰ সম্পূৰ্ণ কৰা নাই। বাল্য বিবাহ হৈছে সেই বিবাহ য'ত বিয়া হোৱা দুজনৰ যিকোনো এজন এই ‘বাল্য’ৰ বয়সৰ আওতাত অন্তৰ্ভূক্ত হয়।

বিবাহৰ স্থিতি:

বাল্য বিবাহত বহা ’শিশু’ পক্ষই সাধাৰণতে পৰৱৰ্তী সময়ত সাবালক হোৱাৰ দুই বছৰৰ ভিতৰত জিলা আদালতত আবেদন কৰি এই বিবাহৰ স্থিতি বাতিল কৰিব পাৰে৷ কিছুমান বিশেষ ক্ষেত্ৰত এই বিবাহক বাতিল হোৱা বুলি ধৰা হয় ৷ যেনে, যেতিয়া শিশুটিক সৰবৰাহ কৰা হয়, বলপূৰ্বক বা প্ৰতাৰণাৰে লৈ যোৱা হয় নতুবা অনৈতিক কামত ব্যৱহাৰ কৰা হয়।

অপৰাধ আৰু শাস্তি:

এই আইনৰ অধীনৰ অপৰাধবোৰ জামিনবিহীন আৰু আৰক্ষীয়ে ৱাৰেণ্ট অবিহনেই গ্ৰেপ্তাৰ কৰিব পৰা অপৰাধ। বাল্য বিবাহ কৰোৱা প্ৰাপ্তবয়স্ক পুৰুষ আৰু বাল্য বিবাহ পাতি দিয়া, বিবাহ অনুষ্ঠানৰ আয়োজন কৰা, সহায় কৰা, উৎসাহ দিয়া বা তাত উপস্থিত থকা লোক (মাক-দেউতাক আৰু অভিভাৱককে ধৰি), সকলোৰে দুই বছৰলৈকে কঠোৰ কাৰাদণ্ড কিম্বা ১ লাখ টকালৈকে জৰিমনা হ'ব পাৰে। অৱশ্যে মহিলা অপৰাধীক কাৰাদণ্ড বিহা নহয়।

ভুক্তভোগীৰ বাবে সকাহ:

এই আইনে ভৰণ-পোষণ, থকাৰ ব্যৱস্থা আৰু সন্তানৰ তত্ত্বাৱধানৰ ব্যৱস্থা কৰে, আৰু এনে বিবাহৰ ফলত জন্ম হোৱা সন্তানক বৈধ হিচাপেই স্বীকৃতি দিয়া হয়।

নিষেধাজ্ঞাৰে প্ৰতিৰোধ:

ন্যায়িক দণ্ডাধীশে সম্ভাৱ্য বাল্য বিবাহ ৰোধ কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰিব পাৰে। জিলা দণ্ডাধীশ আৰু বাল্য বিবাহ নিষেধ বিষয়াৰ এইক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে, বিশেষকৈ গণ-বিবাহৰ অনুষ্ঠান আৰু অক্ষয় তৃতীয়া আদিৰ দৰে উৎসৱৰ সময়ত তেওঁলোকে প্ৰয়োজনীয় হস্তক্ষেপ, সজাগতা সৃষ্টি আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয়ৰ জৰিয়তে এই কাম কৰে।

শিশু বিবাহ নিষেধ বিষয়া (চি.এম.পি.অ’.):

আইনখনৰ ধাৰা ১৬ ৰ অধীনত ৰাজ্য চৰকাৰে চৰকাৰী গেজেটত জাননী জাৰি কৰি চি.এম.পি.অ’. নিযুক্ত কৰিব পাৰে। তেওঁলোকৰ আইনী দায়িত্বৰ ভিতৰত বাল্য বিবাহ প্ৰতিৰোধ, গোচৰৰ বাবে প্ৰমাণ সংগ্ৰহ , ব্যক্তি আৰু সমাজক পৰামৰ্শ প্ৰদান, সজাগতাৰ সৃষ্টি , সামাজিক সচেতনতাৰ সৃষ্টি আৰু সময়ে সময়ে প্ৰতিবেদন আৰু তথ্যৰ যোগান আদি কাৰ্য অন্তৰ্ভূক্ত হৈ আছে। সমগ্ৰ ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণৰ ক্ষেত্ৰত সেয়ে কেৱল নিয়ম ভংগ হোৱাৰ পাছত ব্যৱস্থা গ্ৰহণেই যথেষেট নহয়,  বিবাহ সম্পন্ন হোৱাৰ পূৰ্বেই সজাগতা বিয়পোৱা, সামাজিক  সতৰ্কতাৰ সৃষ্টি আৰু সময়মতে হস্তক্ষেপৰো প্ৰয়োজন।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: ১৮ অক্টোবৰ ২০২৪ ত দিয়া ৰায়ত, ছ'চাইটি ফৰ এনলাইটেনমেণ্ট এণ্ড ভলণ্টেৰী একচন আৰু এনাডাৰ ভি ইউনিয়ন ভাৰত চৰকাৰ আৰু আনসকল (ৰিট আবেদন (চিভিল) নং ১২৩৪ / ২০১৭) গোচৰত মাননীয় উচ্চতম ন্যায়ালয়ে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক বিস্তৃত নিৰ্দেশনা দিছে। ইয়াত জিলা আৰু উপ-জিলা পৰ্যায়ত নিষ্ঠাবান, পূৰ্ণকালীন চি.এম.পি.অ’. কৰ্মৰত হৈ থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। সমন্বয়, নিৰীক্ষণ আৰু অভিযোগ নিষ্পত্তিৰ বাবে বিশেষ গোট, কেইবাটাও খণ্ডক সামৰি সজাগতা অভিযান আৰু মুখ্য বিষয়াসকলৰ প্ৰশিক্ষণৰ ওপৰতো সমানে গুৰুত্ব  প্ৰদান কৰা হৈছে। প্ৰযুক্তিৰ সহায়ত অভিযোগ দাখিল আৰু বিপদসম্ভাৱ্য অঞ্চলৰ তথ্য ভঁৰালৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছে।

এই ৰায়ে গুৰুতৰ শাস্তিৰ প্ৰদানৰ পৰিৱৰ্তে এই ধাৰণা শাস্তিৰ পৰা প্ৰতিৰোধ, সুৰক্ষা আৰু সবলীকৰণলৈ সলনি কৰিছে। কিন্তু কেৱল আইনেৰে এই প্ৰথাক জীয়াই ৰখা সামাজিক নিয়মবোৰ সলনি কৰিব নোৱাৰি, কিয়নো এইক্ষেত্ৰত ছোৱালীৰ শিক্ষা আৰু সবলীকৰণৰ কথাও আহি পৰে।

বেটি বচাও বেটি পঢ়াও (বি.বি.বি.পি.)

আইনে বাল্য বিবাহ নিষিদ্ধ কৰাৰ সময়তে বেটি বচাও বেটি পঢ়াও আঁচনিয়ে বাল্য বিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰত সামাজিক সজাগতা সৃষ্টিত অৰিহনা আগবঢ়ায় ৷ শিশু লিংগ অনুপাত আৰু  ছোৱালী আৰু মহিলাৰ জীৱনজোৰা সবলীকৰণৰ সমস্যা সমাধানৰ উদ্দেশ্যে  ২০১৫ৰ ২২ জানুৱাৰীত বি.বি.বি.পি. আৰম্ভ হৈছিল।

বি.বি.বি.পি. হৈছে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ নেতৃত্বত চলা কেইবাটাও মন্ত্ৰালয়ক সামৰি গ্ৰহন কৰা এক পদক্ষেপ। ই স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, শিক্ষা মন্ত্ৰালয়, দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয় আৰু সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে মিলি কাম কৰে। এই আঁচনি মিছন শক্তিৰ এটা অংশ হিচাপে চলোৱা হয়। ই সজাগতা সৃষ্টি, প্ৰচাৰ, সমাজক একত্ৰিত কৰা আৰু আচৰণ সলনি কৰাত গুৰুত্ব দিয়ে। ই ছোৱালীৰ জীৱন, সুৰক্ষা আৰু শিক্ষাৰ মানক উন্নীত কৰে।

বাল্য বিবাহ প্ৰতিৰোধ এই উদ্দেশ্যবোৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। ছোৱালীৰ শিক্ষাৰ প্ৰচাৰ , স্কুল এৰাৰ সমস্যাৰ সমাধান,  বৈষম্যমূলক সামাজিক নিয়মক প্ৰত্যাহ্বান আৰু পৰিয়ালৰ দৃস্টিত  কন্যা সন্তানক মূল্যবান কৰি তোলা- আদি কাৰ্যই বিবাহৰ বয়স পিছুওৱাত আৰু কিশোৰী ছোৱালীৰ বাবে জীৱন গঢ়াৰ সুযোগ বঢ়োৱাত সহায় কৰে।

আগৰ আইন-কানুনবোৰকে  ভেটি হিচাপে লৈ, বি.ভি.এম.বি.-এ বাল্য বিবাহ ৰোধ কৰিবলৈ আৰু অধিক তৎপৰতাৰে কাম কৰিছে। এই ক্ষেত্ৰত  চৰকাৰী আইন আৰু গাঁও তথা সমাজৰ মানুহ - দুয়ো পক্ষই একেলগে মিলি কাম কৰিছে।

বাল্য বিবাহ শূন্য কৰিবলৈ সামূহিক প্ৰতিশ্ৰুতি

আইনী কাঠামো আৰু বি.বি.বি.পি.-ৰ সমাজ কেন্দ্ৰিক দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে (এম.ডব্লিউ.চি.ডি.) ভাৰতক বাল্য বিবাহমুক্ত কৰাৰ উদ্দেশ্যৰে ২০২৪ চনৰ ২৭ নৱেম্বৰত ৰাষ্ট্ৰীয় বি.ভি.এম.বি. অভিযান আৰম্ভ কৰে ৷

ই চৰকাৰী প্ৰতিষ্ঠান, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসন, স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, ক্ষেত্ৰ কৰ্মী, বেচৰকাৰী সংস্থা, ধৰ্মীয় নেতা, যুৱ প্ৰজন্ম আৰু নাগৰিকক একেটা ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিৰ অধীনত একগোট কৰিছে। এই অভিযানে সামাজিক পৰ্যায়ত প্ৰতিৰোধ প্ৰক্ৰিয়াক শক্তিশালী কৰা, চি.এম.পি.অ’.-ৰ সৈতে ৰাইজৰ যোগাযোগ ব্যৱস্থা সহজ কৰা, বাল্য বিবাহৰ বিৰুদ্ধে অভিযোগ বৃদ্ধি আৰু বিপদাপন্ন ছোৱালীক সহায় কৰিবলৈ বিচাৰে।

এই অভিযানে শিশু বিবাহৰ প্ৰাদুৰ্ভাৱ কমোৱা আৰু বহনক্ষম উন্নয়ন লক্ষ্য (এছ.ডি.জি.) ৫.৩ ৰ সৈতে সংগতি ৰাখি ২০৩০ চনৰ ভিতৰত ভাৰতক বাল্য বিবাহমুক্ত কৰাৰ লক্ষ্য লৈছে। এন.এফ.এইচ.এছ.-৫ ৰ তথ্যৰ ভিত্তিত চিনাক্ত কৰা ২৫৭ খন অধিক প্ৰভাৱিত জিলাক অগ্ৰাধিকাৰ দি, এম.ডব্লিউ.চি.ডি.-এ এই অভিযানৰ সম্পূৰ্ণ খৰচ বহন কৰিবলৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, য’ত বাল্য বিবাহৰ প্ৰাদুৰ্ভাৱ ৰাষ্ট্ৰীয় গড়ৰ সমান বা তাতকৈ বেছি।

বি.ভি.এম.বি. পৰ্টেল: নাগৰিকক কামৰ সৈতে সংযুক্তকৰণ

বি.ভি.এম.বি. পৰ্টেল (https://stopchildmarriage.wcd.gov.in)-ক এই অভিযানৰ ডিজিটেল মেৰুদণ্ড হিচাপে গঢ়ি তোলা হৈছে, যিয়ে বি.ভি.এম.বি.-ৰ ফলপ্ৰসূ ৰূপায়ণ, নিৰীক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত এক কেন্দ্ৰীয় মঞ্চ দিয়ে।

পৰ্টেলে বাল্য বিবাহ নিষেধ বিষয়া (চি.এম.পি.অ’.)-ৰ বিৱৰণ ৰাইজৰ বাবে উপলব্ধ কৰে। ই বাল্য বিবাহৰ ঘটনাৰ অভিযোগ দাখিলত সহায় কৰে। ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ক্ষেত্ৰকৰ্মীয়েও সজাগতাৰ কাম আৰু সমাজক একগোট কৰাৰ প্ৰচেষ্টা লিপিবদ্ধ কৰিব পাৰে।

পৰ্টেলে নাগৰিক, প্ৰতিষ্ঠান আৰু জনপ্ৰতিনিধিক বি.ভি.এম.বি. শপত লোৱাৰ মঞ্চও দিয়ে, যিটো পদক্ষেক  মাইগভৰ জৰিয়তেও কৰোৱা হয়। এইদৰে, এই পৰ্টেলটোৱে একেলগে দুটা কাম কৰে - এফালে নাগৰিকৰ বাবে তথ্য আৰু অভিযোগ দিয়াৰ মঞ্চ হিচাপে, আনফালে সমগ্ৰ দেশতে অভিযানটোৰ অগ্ৰগতি আৰু ৰূপায়ণৰ ওপৰত চকু ৰাখিবলৈ এক নিৰীক্ষণ ব্যৱস্থা হিচাপে।

১০০ দিনীয়া বিশেষ সজাগতা অভিযান

অভিযানৰ প্ৰথম বছৰৰ শেষত ৰাষ্ট্ৰীয় প্ৰচেষ্টা ক্ষীপ্ৰ কৰিবলৈ এম.ডব্লিউ.চি.ডি.-এ ২০২৫ চনৰ ৪ ডিচেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ১০০ দিনীয়া নিৰন্তৰ সজাগতা অভিযান আৰম্ভ কৰে, লগতে একে সময়তে ৰাষ্ট্ৰীয় শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয়।

এই অভিযান ২৭ নৱেম্বৰ ২০২৫ ৰ পৰা ৮ মাৰ্চ ২০২৬ লৈকে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সাধাৰণ সজাগতাৰ পৰা লক্ষ্য নিৰ্ধাৰিত প্ৰতিষ্ঠানৰ সৈতে যোগাযোগলৈ আৰু শেষত সমাজ পৰ্যায়ত প্ৰতিশ্ৰুতিলৈ তিনিটা পৰ্যায়ত চলিছিল৷

পৰ্যায় আৰু সময়

 

লক্ষ্য গোট

 

মুখ্য কাম

 

পৰ্যায় ১: ২৭ নৱেম্বৰৰ পৰা ৩১ ডিচেম্বৰ ২০২৫

স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়

সজাগতা আৰু সংবেদনশীলতাৰ অধিবেশন, বিতৰ্ক, ৰচনা প্ৰতিযোগিতা, পাৰস্পৰিক কাম আৰু শপত গ্ৰহণ অনুষ্ঠান

পৰ্যায় ২: ১ ৰ পৰা ৩১ জানুৱাৰী ২০২৬

ধৰ্মীয় প্ৰতিষ্ঠান, ধৰ্মীয় নেতা, সমাজৰ প্ৰভাৱশালী লোক আৰু বিবাহৰ সৈতে জড়িত সেৱা প্ৰদানকাৰী

মন্দিৰ, মছজিদ আৰু অন্যান্য উপাসনাস্থলৰ সৈতে যোগাযোগ; কেটাৰাৰ, টেণ্ট হাউছ, ডিজে আৰু অন্যান্য সেৱা প্ৰদানকাৰীৰ সৈতে যোগাযোগ; তথ্য, শিক্ষা আৰু যোগাযোগ সামগ্ৰী প্ৰদৰ্শন

 

পৰ্যায় ৩: ১ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চ ২০২৬

গাঁও পঞ্চায়ত আৰু পৌৰ ৱাৰ্ড

সমাজক একগোট কৰা আৰু পঞ্চায়ত/ৱাৰ্ড অঞ্চলক বাল্য বিবাহমুক্ত বুলি ঘোষণা কৰা প্ৰস্তাৱ গ্ৰহণত সহায় কৰা

 

এই অভিযান কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ, জিলা প্ৰশাসন আৰু বিভিন্ন প্ৰতিষ্ঠান আৰু সমাজ পৰ্যায়ৰ অংশীদাৰৰ সমন্বিত প্ৰচেষ্টাৰে চলোৱা হৈছিল। চি.এম.পি.অ’.-ৰ ভূমিকা শক্তিশালী কৰা, স্থানীয় প্ৰতিষ্ঠানক একগোট কৰা আৰু শিশু বিবাহ প্ৰতিৰোধত সমাজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাত গুৰুত্ব দিয়া হৈছিল।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সজাগতা আৰু প্ৰচাৰৰ কাম কৰিবলৈ, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান আৰু নগৰীয়া স্থানীয় সংস্থাক জড়িত কৰিবলৈ আৰু জিলা আৰু তৃণমূল পৰ্যায়ত নিৰীক্ষণ শক্তিশালী কৰিবলৈ উৎসাহ প্ৰদান কৰা হৈছিল।

বাল্য বিবাহ মুক্ত ভাৰত: মুখ্য সাফল্য

বি.ভি.এম.বি. অভিযানে নিৰন্তৰ সজাগতা সৃষ্টি, প্ৰতিষ্ঠানসমূহৰ একত্ৰীকৰন, সমাজৰ অংশগ্ৰহণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থাৰ জৰিয়তে বাল্য বিবাহ নিৰ্মূল কৰাৰ ৰাষ্ট্ৰীয় প্ৰচেষ্টাক শক্তিশালী কৰাত সহায় কৰিছে। অভিযানৰ মুখ্য সাফল্যবোৰ এনেধৰণৰ:

১. ব্যাপক সজাগতা আৰু সমাজৰ সৈতে যোগাযোগ

  • গোটেই দেশত ৬.৮৫ লাখ সজাগতা কাৰ্যসূচী অনুষ্ঠিত হৈছে।
  • সজাগতা আৰু একগোট কৰাৰ কামৰ জৰিয়তে ১২.৪৭ কোটি অংশগ্ৰহণকাৰীক সাঙুৰি লোৱা হৈছে।
  • ১০০ দিনীয়া সজাগতা অভিযানে শিক্ষানুষ্ঠান, ছাত্ৰ-ছাত্ৰী, ধৰ্মীয় নেতা, বিয়াৰ সৈতে জড়িত সেৱা প্ৰদানকাৰী, পঞ্চায়তীৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্থানীয় সমাজৰ সৈতে যোগাযোগৰ বাবে এক সুশৃংখলিত কাঠামো প্ৰদান কৰিছে।

২. প্ৰতিষ্ঠানিক কাঠামোৰ শক্তিশালীকৰন

  • বি.ভি.এম.বি. পৰ্টেলত ৭১,৮৮২ জন বাল্য বিবাহ নিষেধ বিষয়া (চি.এম.পি.অ’.)-ৰ নাম তালিকাভুক্ত হৈ আছে।
  • ইয়াৰে ৫৯,৬৮৬ জন চি.এম.পি.অ’.-ক গাঁও পঞ্চায়ত পৰ্যায়ত নিযুক্ত কৰা হৈছে, যিয়ে তৃণমূলত প্ৰতিৰোধ ব্যৱস্থাৰ পৰিসৰ বঢ়াইছে।
  • পৰ্টেলে চি.এম.পি.অ’.-ৰ বিৱৰণ পোৱা আৰু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সজাগতা আৰু প্ৰতিৰোধৰ কাম নিৰীক্ষণ কৰাৰ উদ্দেশ্যে এক কেন্দ্ৰীয় মঞ্চ প্ৰদান কৰে।

৩. নাগৰিকৰ অংশগ্ৰহণ বৃদ্ধি

  • বি.ভি.এম.বি. পৰ্টেল আৰু মাইগভৰ জৰিয়তে ৪২.০১ লাখ শপত পঞ্জীয়ন হৈছে, ইয়াৰে ৪০.৯৬ লাখ শপত বি.ভি.এম.বি. পৰ্টেলৰ জৰিয়তে আৰু ১.০৫ লাখ শপত মাইগভৰ জৰিয়তে।
  • শপত লোৱাৰ এই পদক্ষেপে নাগৰিক, প্ৰতিষ্ঠান আৰু জনপ্ৰতিনিধিক বাল্য বিবাহমুক্ত ভাৰতৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰকাশ কৰাৰ সুযোগ দিছে।

৪. অভিযোগ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা

  • বি.ভি.এম.বি. পৰ্টেলত ৪,৫৩৬ টা বাল্য বিবাহৰ ঘটনা লিপিবদ্ধ হৈছে।
  • অক্ষয় তৃতীয়াৰ দৰে অধিক সংবেদনশীল সময়ত জিলা প্ৰশাসন, চি.এম.পি.অ’., আইন-শৃংখলা ৰক্ষাকাৰী সংস্থা আৰু সমাজৰ অংশীদাৰে মিলি সময়মতে হস্তক্ষেপ আৰু সমন্বিত ব্যৱস্থাৰ জৰিয়তে বাল্য বিবাহ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰি আহিছে।

কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰ, জিলা প্ৰশাসন আৰু তৃণমূল প্ৰতিষ্ঠানৰ সমন্বয়ে বাল্য বিবাহ নিৰ্মূলৰ দিশত  চৰকাৰ আৰু সমাজৰ সমাগ্ৰিক দৃষ্টিভংগীক দৃঢ় আৰু শক্তিশালী কৰিছে।

পৰ্টেলে চি.এম.পি.অ’.-ৰ বিৱৰণৰ মানচিত্ৰ আৰু ৰাইজৰ বাবে উপলব্ধ কৰা, ঘটনাৰ অভিযোগ জনোৱা, সজাগতাৰ কাম লিপিবদ্ধ কৰা, স্থানীয় একত্ৰিকৰন প্ৰক্ৰিয়াৰ নিৰীক্ষণ আৰু অনলাইনত শপত লোৱাত সহায় কৰে। এই সকলো কামে মিলি স্বচ্ছতা, সময়মতে অভিযোগ দাখিল, প্ৰমাণৰ ভিত্তিত নিৰীক্ষণ আৰু পৰ্যালোচনা ব্যৱস্থাক সুদৃঢ় কৰে।

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত অগ্ৰগতি

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বাল্য বিবাহৰ প্ৰাদুৰ্ভাৱ এন.এফ.এইচ.এছ.-৫ (২০১৯-২১)-ৰ ২৩.৩ শতাংশৰ পৰা এন.এফ.এইচ.এছ.-৬ (২০২৩-২৪) ত ২০.১ শতাংশলৈ হ্ৰাস পাইছে। অধিকাংশ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই পৰিমান এন.এফ.এইচ.এছ.-৫ ৰ পিছত হ্ৰাস পাইছে। দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউত আটাইতকৈ বেছি ১০.১ শতাংশ পইণ্ট হ্ৰাস পাইছে, আনহাতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ (৭.৪ শতাংশ পইণ্ট), অসম (৬.৫ শতাংশ পইণ্ট), বিহাৰ (৬.২ শতাংশ পইণ্ট) আৰু ত্ৰিপুৰা (৬.১ শতাংশ পইণ্ট) ক্ৰমাৎ হ্ৰাস পাইছে এই পৰিমান। ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গড় ৰাষ্ট্ৰীয় গড়তকৈ সন্তোষজনক স্থিতিত আছে, ইয়াৰ ভিতৰত কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিলনাডু, মিজোৰাম আৰু কেৰালাম অন্তৰ্ভুক্ত ৷

বাল্য বিবাহ মুক্ত ভাৰতৰ দুই বছৰ

ৰাষ্ট্ৰীয় পৰ্যায়ত শিশু বিবাহৰ হাৰ এন.এফ.এইচ.এছ.-৫ (২০১৯-২১)-ৰ ২৩.৩ শতাংশৰ পৰা এন.এফ.এইচ.এছ.-৬ (২০২৩-২৪)-ত ২০.১ শতাংশলৈ হ্ৰাস পাইছে।

শক্তিশালী আইনী ব্যৱস্থা, ব্যাপক সামাজিক অংশগ্ৰহণ আৰু বৰ্দ্ধিত তথ্যৰ পটভূমিত ই অগ্ৰগতিৰ হিচাপ লোৱা, চি.এম.পি.অ’. আৰু তৃণমূল অংশীদাৰৰ অৱদানক স্বীকৃতি প্ৰদান, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সফলকাম কাৰ্যাৱলীৰ পুনৰ প্ৰয়োগ আৰু বাল্য বিবাহ প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি নতুনকৈ দিয়াৰ সুযোগ দিয়ে।

নিষ্ঠাবান চি.এম.পি.অ’. ব্যৱস্থা শক্তিশালী কৰা, পৰ্টেলৰ তথ্যৰ মান আৰু পূৰ্ণতা উন্নীত কৰা, সজাগতা আৰু শপত গ্ৰহণ বঢ়োৱা আৰু সময়মতে অভিযোগ দাখিল আৰু প্ৰতিৰোধমূলক হস্তক্ষেপ নিশ্চিত কৰাৰ ক্ষেত্ৰত নিৰন্তৰ গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াত পঞ্চায়ত, নগৰীয়া স্থানীয় সংস্থা, শিক্ষানুষ্ঠান, পৰিয়াল, ধৰ্মীয় নেতা, যুৱ প্ৰজন্ম আৰু নাগৰিক সমাজৰ অংশগ্ৰহণৰ পদক্ষেপো অন্তৰ্ভুক্ত।

এন.এফ.এইচ.এছ.-ৰ তথ্যই দেখুৱাইছে যে বাল্য বিবাহৰ প্ৰাদুৰ্ভাৱ কমি আহিছে যদিও এইপৰ্যন্ত বহু ৰাজ্যত ইয়াৰ হাৰ সন্তোষজনক হৈ উঠা নাই ৷ সেয়ে এই প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। এই প্ৰচেষ্টা ২০৩০ চনৰ ভিতৰত বাল্য বিবাহমুক্ত ভাৰতৰ ৰাষ্ট্ৰীয় উদ্দেশ্য আৰু এছ.ডি.জি. লক্ষ্য ৫.৩ ৰ সৈতে সংগতি ৰাখি অব্যাহত আছে।

তথ্যসূত্ৰসমূহ

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

pdf ফাইলৰ বাবে ইয়াত ক্লিক কৰক।

****

পিআইবি গৱেষণা/SSH/RR 

(Explainer ID: 160738) आगंतुक पटल : 18
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Kannada