Others
ভাৰতীয় মানক ব্যুৰোৰ হ’লমাৰ্কিং
গ্ৰাহকৰ আস্থাৰ আঁৰৰ চিন
Posted On:
05 NOV 2026 2:00PM
হ’লমাৰ্কিঙে গ্ৰাহকক সোণ আৰু ৰূপৰ গহনাৰ বিশুদ্ধতাৰ বিষয়ে নিশ্চয়তা প্ৰদান কৰি সঠিক সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সহায় কৰে। ভাৰতীয় মানক ব্যুৰোৱে (বি.আই.এছ.) নিৰ্ধাৰিত মানদণ্ড, ডিজিটেল অনুসৰণ ব্যৱস্থা আৰু নিয়মীয়া পৰীক্ষাৰ জৰিয়তে এই প্ৰক্ৰিয়াটো চোৱাচিতা কৰে। ২০২১ চনত সোণৰ হ’লমাৰ্কিং বাধ্যতামূলক কৰাৰ পাছৰে পৰা ২০২৬ চনৰ ১৫ অক্টোবৰলৈকে ৬৫ কোটিৰো অধিক সোণৰ সামগ্ৰীত হ’লমাৰ্ক ইউনিক আইডেন্টিফিকেচন (এইচ.ইউ.আই.ডি. - HUID)নম্বৰ দিয়া হৈছে। একে সময়তে বি.আই.এছ.-ত পঞ্জীয়নভুক্ত গহনা বিপনীৰ সংখ্যাও ৪৩,১৫৩ ৰ পৰা ২,৩৬,৬২৪ লৈ বৃদ্ধি পাইছে। ৰূপৰ ক্ষেত্ৰত হ’লমাৰ্কিং এতিয়াও স্বেচ্ছামূলক হৈ আছে, কিন্তু ২০২৫ চনৰ ১ ছেপ্টেম্বৰ মাহৰ পৰা হ’লমাৰ্ক কৰা সকলো ৰূপৰ সামগ্ৰীৰ বাবে এইচ.ইউ.আই.ডি.-ভিত্তিক চিন দিয়াটো বাধ্যতামূলক কৰা হৈছে; আৰু ৯০ লাখৰো অধিক ৰূপৰ সামগ্ৰীত এইচ.ইউ.আই.ডি.-ৰে হ’লমাৰ্ক কৰা হৈছে। বি.আই.এছ. কেয়াৰ এপৰ জৰিয়তে ডিজিটেল পৰীক্ষা আৰু নিৰন্তৰ চোৱাচিতাই গ্ৰাহকক গহনাৰ বিৱৰণ পৰীক্ষা কৰাত সহায় কৰে আৰু বজাৰত অধিক স্বচ্ছতা আনে।
সোণ, আৰু গ্ৰাহকৰ আস্থাৰ প্ৰয়োজনীয়তা
যুগ যুগ ধৰি সোণে ভাৰতীয় পৰিয়ালত এক বিশেষ স্থান লাভ কৰি আহিছে, ই এক আৱেগজড়িত সম্পত্তিৰ ৰূপত থকাৰ লগতে মূল্যৰ ভঁৰাল হিচাপেও কাম কৰে। পৰিয়ালসমূহে প্ৰায়ে মুদ্ৰাস্ফীতিৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আৰু জৰুৰী পৰিস্থিতিত গহনা বন্ধক দি ঋণ ল'ব পৰাকৈ সোণ কিনি ৰাখে। কিন্তু সোণৰ গহনাৰ বিশুদ্ধতা নিৰূপন কৰাটো সদায় সহজ নহয়৷
সোণ স্বাভাৱিকতে অতি কোমল হোৱা হেতু গহনা হিচাপে পিন্ধিব পৰাকৈ ইয়াক আন ধাতুৰ সৈতে মিহলাই গহনাৰ ৰূপত তৈয়াৰ কৰা হয়। এই প্ৰক্ৰিয়া প্ৰয়োজনীয় যদিও, ইয়াৰ ফলত বিশুদ্ধতাৰ বিষয়ে ভুল তথ্য দিয়াৰ আৰু ভেজাল কৰাৰ সুযোগ সৃষ্টিৰ আশংকা থাকে। তদুপৰি বহুতো জোৰা থকা জটিল গহনা বা সোণৰ পানী চৰোৱা সামগ্ৰীৰ ক্ষেত্ৰত প্ৰকৃত সোণৰ পৰিমাণ উলিওৱাটো আৰু অধিক কঠিন হৈ পৰে। গ্ৰাহকক এনে কাৰ্যৰ পৰা ৰক্ষা কৰাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি চৰকাৰে সোণৰ সামগ্ৰীৰ মানদণ্ড নিৰ্ধাৰণ কৰা আৰু দেশত হ’লমাৰ্কিং প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে পদক্ষেপ লৈছিল।
হ’লমাৰ্কিং কি?
হ’লমাৰ্কিং হৈছে গ্ৰাহক সুৰক্ষাৰ এক গুৰুত্বপূৰ্ণ ব্যৱস্থা, যিয়ে নিৰ্ধাৰিত মান অনুসৰি মূল্যৱান ধাতুৰ সামগ্ৰীৰবিশুদ্ধতা প্ৰমাণ কৰে। ই গ্ৰাহকক সামগ্ৰী সঠিকভাৱে ক্ৰয় কৰাত সহায় কৰে আৰু সামগ্ৰীৰ বিশুদ্দ্ধতাৰ সম্পূৰ্ণসঠিক মান প্ৰকাশ কৰি গ্ৰাহকৰ অতিৰিক্ত মূল্য ভৰাৰ আশংকা কমায়।
হ’লমাৰ্কিং আঁচনি: স্বেচ্ছামূলক পৰিসৰৰ পৰা ব্যাপক পৰিসৰলৈ
ভাৰতীয় সোণৰ বজাৰত নিয়মৰ অভাৱ দূৰ কৰিবলৈ ২০০০ চনত স্বেচ্ছামূলক হ’লমাৰ্কিং আঁচনি আৰম্ভ কৰা হৈছিল। ভাৰতীয় মানক ব্যুৰোক (বি.আই.এছ.) ভাৰতত হ’লমাৰ্কিং আঁচনি চলোৱাৰ বাবে একমাত্ৰ সংস্থা হিচাপে নিৰ্বাচন কৰা হৈছিল। গ্ৰাহকক প্ৰতাৰণাৰ পৰা ৰক্ষা কৰিবলৈ বি.আই.এছ.ক এই আঁচনি ৰূপায়ণৰ দায়িত্ব দিয়া হৈছিল। লগতে সোনৰ ৰপ্তানিৰ ক্ষেত্ৰত প্ৰতিযোগিতা বৃদ্ধি কৰা আৰু ভাৰতক সোণৰ গহনাৰ এক অগ্ৰণী বিশ্বমানৰ বজাৰ হিচাপে গঢ়ি তোলাত সহায় কৰাৰ দায়িত্বও দিয়া হৈছিল।
ৰূপৰ সামগ্ৰীৰ বাবে হ’লমাৰ্কিং আঁচনি ২০০৫ চনত আৰম্ভ কৰা হৈছিল। বৰ্তমান ভাৰতত সোণ আৰু ৰূপ হ’লমাৰ্কিং আঁচনিৰ অধীনত আছে।
সোণৰ গহনাৰ বাবে ২০২১ চনৰ ২৩ জুনৰ পৰা দেশৰ ২৫৬ খন জিলাত হ’লমাৰ্কিং বাধ্যতামূলক কৰা হৈছিল। সোন-ৰূপৰ শুদ্ধতাৰ পৰীক্ষণ আৰু হ’লমাৰ্কিং কেন্দ্ৰৰ সম্প্ৰসাৰণৰ লগে লগে এতিয়া ইয়াৰ পৰিসৰ ৩৯২ খন জিলালৈ বৃদ্ধি পাইছে। হ’লমাৰ্কিং ব্যৱস্থাত আই.এছ. ১৪১৭ ৰ অধীনত সোনৰ ৭ টা ধৰনৰ বিশুদ্ধতাৰ মাপ নিৰ্ণয় কৰা হয়৷ সেইসমূহ হৈছে (প্ৰতি হাজাৰত বিশুদ্ধতা) - ৯কে (৩৭৫), ১৪কে (৫৮৫), ১৮কে (৭৫০), ২০কে (৮৩৩), ২২কে (৯১৬), ২৩কে (৯৫৮), আৰু ২৪কে (৯৯৫)৷
ৰূপৰ হ’লমাৰ্কিং স্বেচ্ছামূলক হৈ থকাৰ পাছতো, ২০২৫ চনৰ ১ ছেপ্টেম্বৰৰ পৰা বি.আই.এছ. আঁচনিৰ অধীনত হ’লমাৰ্ক কৰা যিকোনো ৰূপৰ সামগ্ৰীত হ’লমাৰ্ক ইউনিক আইডেন্টিফিকেচন (এইচ.ইউ.আই.ডি. - HUID) কোড থকাটো বাধ্যতামূলক কৰি ৰখা হৈছে। হ’লমাৰ্ক ইউনিক আইডেন্টিফিকেচন (এইচ.ইউ.আই.ডি.) হৈছে প্ৰতিটো হ’লমাৰ্ক কৰা গহনাৰ সামগ্ৰীত দিয়া বিশেষ ছয়টা সংখ্যা আৰু আখৰৰ এক কোড, যাৰ জৰিয়তে ইয়াক ট্ৰেক কৰিব পৰা যায়। সংশোধিত আই.এছ. ২১১২:২০২৫ মানদণ্ড অনুসৰি ৰূপৰ গহনা আৰু সামগ্ৰী ৮ টা বিশুদ্ধতাৰ শ্ৰেণীত (প্ৰতি হাজাৰত) হ’লমাৰ্ক কৰিব পৰা যায়: ৮০০ (৮০০.০), ৮৩৫ (৮৩৫.০), ৯০০ (৯০০.০), ৯২৫ (৯২৫.০), ৯৫৮ (৯৫৮.০), ৯৭০ (৯৭০.০), ৯৯০ (৯৯০.০), আৰু ৯৯৯ (৯৯৯.০)।
হ’লমাৰ্ক কৰা গহনা কেনেকৈ চিনিব
হ’লমাৰ্ক কৰা গহনা বা সামগ্ৰী কিনোতে তিনিটা গুৰুত্বপূৰ্ণ চিন চাব লাগে:
সোণৰ গহনা / সামগ্ৰীৰ বাবে:
- বি.আই.এছ. মানক চিন: এই চিনত বি.আই.এছ.-ৰ ল'গ' থাকে।
- বিশুদ্ধতা / সূক্ষ্মতাৰ চিন: গহনাৰ বিশুদ্ধতা দেখুৱায়, যেনে - ২২কে৯১৬৷
- এইচ.ইউ.আই.ডি. (হ’লমাৰ্ক ইউনিক আইডেন্টিফিকেচন) কোড: গহনাৰ বাবে দিয়া বিশেষ ছয়টা সংখ্যা আৰু আখৰৰ পৰিচয় নম্বৰ।
ৰূপৰ গহনা / সামগ্ৰীৰ বাবে:
- ‘ছিলভাৰ (SILVER)’ শব্দৰ সৈতে বি.আই.এছ. মানক চিন
- বিশুদ্ধতা / সূক্ষ্মতাৰ চিন: বিশুদ্ধতা দেখুৱায়, যেনে - ৯২৫
- এইচ.ইউ.আই.ডি.(হ’লমাৰ্ক ইউনিক আইডেন্টিফিকেচন) কোড: সামগ্ৰীৰ বাবে দিয়া বিশেষ ছয়টা সংখ্যা আৰু আখৰৰ পৰিচয় নম্বৰ।
এই তিনিটা চিহ্ন একেলগে থাকিলে ক্ৰয় কৰা গহনাৰ শুদ্ধতাৰ মানত অধিক নিশ্চয়তা পোৱা যায়, কিয়নো সোনৰ প্ৰকৃত সৌন্দৰ্য সদায় বিশুদ্ধতাৰ নিশ্চয়তাত হে আহে।

প্ৰায়োগিক ক্ষেত্ৰত হ’লমাৰ্কিং : আবেদনৰ পৰা পৰীক্ষণলৈ
বি.আই.এছ.-এ হলমাৰ্কিঙৰ বাবে এক সুশৃংখল প্ৰক্ৰিয়া স্থাপন কৰিছে, য'ত গহণা বিপনীৰ পঞ্জীয়ন, বিশুদ্ধতাৰ পৰীক্ষা, ডিজিটেল পৰিচয় আৰু নিয়মীয়া চোৱাচিতাৰ ব্যৱস্থাক অন্তৰ্ভুক্ত কৰিছে।

১. পঞ্জীয়ন আৰু পৰীক্ষা কেন্দ্ৰ
হ’লমাৰ্কযুক্ত গহনা বিক্ৰী কৰিব বিচৰা জুৱেলাৰে বি.আই.এছ.-ত পঞ্জীয়ন কৰাৰ সময়তে হ’লমাৰ্কিং প্ৰক্ৰিয়া আৰম্ভ হয়। ইয়াৰ বাবে গহণা ব্যৱসায়ীসকলে নেচনেল ছিংগল উইণ্ড’ ছিষ্টেম (এন.এছ.ডব্লিউ.এছ.) প’ৰ্টেলত : https://www.nsws.gov.in/ত অনলাইন আবেদন কৰিব পাৰে। এই পৰ্টেল পোনপটীয়াকৈ বা বি.আই.এছ. পৰ্টেল https://www.manakonline.inৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰি। পঞ্জীয়ন তৎকালীনভাবে কৰি দিয়া হয়, আৰু এই পঞ্জীয়ন বিনামূলীয়াকৈ অনিৰ্দ্ধাৰিত সময়লৈকে বৈধ থাকে।
ইয়াৰ পাছত জুৱেলাৰে তেওঁলোকৰ গহনা বি.আই.এছ. স্বীকৃতিপ্ৰাপ্ত সোনৰ বিশুদ্ধতা নিৰূপন আৰু হ’লমাৰ্কিং কেন্দ্ৰত (এ.এইচ.চি. - AHC) জমা দিব লাগে। এ.এইচ.চি. হৈছে গহনাৰ বিশুদ্ধতাৰ মান পৰীক্ষা কৰা পৰীক্ষা কেন্দ্ৰ। আন্তঃগাঁথনি, পৰীক্ষাৰ সুবিধা আৰু যোগ্য কৰ্মচাৰীৰ যোগ্যতা বাচনি কৰাৰ পাছত বি.আই.এছ.-এ এ.এইচ.চি. বোৰক স্বীকৃতি দিয়ে।
২. ডিজিটেল পৰ্টেলৰ জৰিয়তে হ’লমাৰ্কিং আবেদনৰ আৰম্ভণি
গহনা হ’লমাৰ্ক কৰাৰ উদ্দেশ্যে গহণা ব্যৱসায়ীসকলক পৰ্টেলৰ জৰিয়তে আবেদন কৰিবলৈ আৰু এ.এইচ.চি. লৈ গহনা পঠিওৱাৰ ক্ষেত্ৰত থকা সুযোগ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰা হয়। পঞ্জীয়নভুক্ত ব্যৱসায়ীয়ে http://www.manakonline.inত লগ ইন কৰি হ’লমাৰ্কিং বিকল্প বাছি আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। তেওঁলোকে গহণাৰ প্ৰকাৰ, পৰিমাণ, ওজন, নিৰূপিত বিশুদ্ধতা আৰু নিৰ্বাচিত এ.এইচ.চি. আদিৰ বিৱৰণ দি আবেদন জমা দিব লাগে।
আনহাতে, পৰ্টেল ব্যৱহাৰ নকৰাকৈ গহনা জমা দিয়া ব্যৱসায়ীৰ হৈ এ.এইচ.চি.ৰ কৰ্মচাৰীয়েও আবেদন কৰিব পাৰে। এই ডিজিটেল প্ৰক্ৰিয়াই প্ৰতিটো চালানৰ ৰেকৰ্ড সংগ্ৰহ কৰি ৰাখে আৰু সমগ্ৰ হ’লমাৰ্কিং প্ৰক্ৰিয়াক অনুসৰণত সহায় কৰে।
৩. পৰীক্ষা আৰু এইচ.ইউ.আই.ডি. সৃষ্টি
গহনা পৰীক্ষণ আৰু হ’লমাৰ্কিং কেন্দ্ৰত (এ.এইচ.চি.) গহণা পোৱাৰ পাছত নিৰ্ধাৰিত সঁজুলি আৰু পদ্ধতিৰে ইয়াৰ ওজন আৰু বিশুদ্ধতা পৰীক্ষা কৰা হয়।
হ’লমাৰ্কিং প্ৰক্ৰিয়াত ব্যৱহৃত যন্ত্ৰ আৰু সঁজুলি, যেনে ওজন কৰা তুলাচনী, এক্স-ৰে ফ্লুৰেচেন্স (এক্স.আৰ.এফ.) মেচিন আৰু লেজাৰ মাৰ্কিং মেচিনে কেন্দ্ৰীয় ছফ্টৱেৰলৈ পোনপটীয়াকৈ তথ্য পঠিয়াব পাৰিব লাগে। ইয়াৰ ফলত সমগ্ৰ প্ৰক্ৰিয়াটোত সৃষ্টি হোৱা প্ৰাসংগিক তথ্য ইলেক্ট্ৰনিকভাৱে ৰেকৰ্ড হয় আৰু মেনুৱেল প্ৰক্ৰিয়াৰে তথ্য অন্তৰ্ভূক্ত কৰাৰ প্ৰয়োজন কমে।
মেনুৱেল ব্যৱস্থাৰে তথ্য ভৰোৱাৰ সম্ভাৱনা দূৰ কৰিবলৈ ২০২৪ চনৰ ১ ছেপ্টেম্বৰৰ পৰা এক্সআৰএফ মেচিনৰ এপিআই ভিত্তিক সংযোগ কাৰ্যকৰী কৰা হৈছে, য’ত তুলাচনীৰ ব্যৱহাৰৰ ক্ষেত্ৰত সংহত ওজন ব্যৱস্থাও আছে।
পৰীক্ষাৰ পাছত বি.আই.এছ. চাৰ্ভাৰে প্ৰতিবিধ গহনাৰ সামগ্ৰীৰ বাবে বিশেষ ছয়টা সংখ্যা আৰু আখৰৰ এক এইচ.ইউ.আই.ডি. কোড সৃষ্টি কৰে। এইচ.ইউ.আই.ডি. কোড , বি.আই.এছ. মানক চিন আৰু প্ৰযোজ্য বিশুদ্ধতাৰ চিনৰ সৈতে গহনাৰ সামগ্ৰীত চিন দিয়া হয়।
এ.এইচ.চি. বোৰে এইচ.ইউ.আই.ডি. কোডসহ গহনাৰ সামগ্ৰী আৰু ইয়াৰ হ’লমাৰ্কৰ ফটোও তুলিব লাগে৷ ২০২৬ চনৰ ৮ জুনত কাৰ্যকৰী হোৱা ব্যৱস্থা অনুসৰি এই ফটো আৰু ওজন পোনপটীয়াকৈ মানক অনলাইন (Manak Online)-ত আপলোড কৰা হয়।
৪. ডিজিটেল নিৰীক্ষণ আৰু অনুসৰণ
বি.আই.এছ.-এ পৰ্টেলত এ.এইচ.চি. ত কৰা কামৰ তাৰিখ আৰু সময় ৰেকৰ্ড কৰাৰ সুবিধা প্ৰদান কৰিছে। এই সময়ৰ ৰেকৰ্ডে কামৰ প্ৰত্যক্ষ নিৰীক্ষণত সহায় কৰে আৰু হ’লমাৰ্ক কৰা গহনাসমূহ পোৱাৰ পৰা পঠিওৱালৈকে দৰকাৰ হোৱা সময় জুখিব পৰা যায়। ইয়াৰ দ্বাৰা লেজাৰ মাৰ্কিংৰ পূৰ্বে পৰীক্ষা কৰা হৈছিল নে নাই তাকো নিৰীক্ষণ কৰিব পৰা যায়।
তদুপৰি স্বয়ংক্ৰিয় ওজন লোৱা আৰু ট্ৰেন্সফাৰ এইচ.ইউ.আই.ডি. সুবিধাৰ দৰে ডিজিটেল পদক্ষেপে হ’লমাৰ্কিং যোগান শৃংখলত আৰম্ভণিৰে পৰা শেষলৈকে অনুসৰণ প্ৰক্ৰিয়াক শক্তিশালী কৰে। ট্ৰেন্সফাৰ এইচ.ইউ.আই.ডি..ৰ সুবিধাই সোণৰ গহনাৰ মালিকীস্বত্ব ব্যৱসায়ী বা দোকানৰ মাজত সলনি হ'লে বি.আই.এছ. মঞ্চৰ জৰিয়তে ডিজিটেল প্ৰক্ৰিয়াৰে বিশেষ এইচ.ইউ.আই.ডি. কোড পৰিৱৰ্তন কৰিবলৈ সক্ষম কৰে। ২০২৬ চনৰ ১ জুনত কাৰ্যকৰী হোৱা ফেজ ১ অনুসত কৰ্প’ৰেট জুৱেলাৰসকলৰ মাজত বা যিকোনো জুৱেলাৰৰ পৰা কৰ্পৰেট প্ৰতিষ্ঠানলৈ সোণ স্থানান্তৰ কৰোঁতে এইচইউআইডি স্থানান্তৰ কৰাৰ ব্যৱস্থা আছে, যিয়ে নকল বা প্ৰতাৰণামূলক হ’লমাৰ্কিং ৰোধত কৰাত সহায় কৰে।
৫. নিয়মীয়া চোৱাচিতা: বিপণীৰ বাহিৰৰ পৰিৱেশৰ নিৰীক্ষণ
ডিজিটেল নিৰীক্ষণে বি.আই.এছ.-ৰ ভৌতিক চোৱাচিতা আৰু নিয়মীয়া পৰীক্ষাও কৰে। বি.আই.এছ.-এ সময়ে সময়ে গহনা বিক্ৰীৰ দোকান পৰিদৰ্শন কৰে আৰু প্ৰাসংগিক ভাৰতীয় মানদণ্ড অনুসৰি পৰীক্ষাৰ বাবে হ’লমাৰ্কযুক্ত সামগ্ৰীৰ নমুনা ৰেণ্ডম প্ৰক্ৰিয়াত সংগ্ৰহ কৰে। বি.আই.এছ.-এ সময়ে সময়ে এ.এইচ.চি. বোৰতো পৰীক্ষা চলায় যাতে নিৰ্ধাৰিত প্ৰয়োজনীয়তাসমূহ মানি চলাৰ ক্ষেত্ৰত স্বচ্ছতা অক্ষুণ্ণ থাকে।
ই অভিযোগ / তথ্যৰ ভিত্তিত হ’লমাৰ্কৰ অপব্যৱহাৰৰ বিৰুদ্ধে অভিযানকে ধৰি কেইবাটাও ফলপ্ৰসূ কাৰ্যপন্থা প্ৰয়োগ কৰে৷ এই কাৰ্যই গ্ৰাহকক সুৰক্ষা দিয়াত আৰু হ’লমাৰ্কিং ব্যৱস্থাৰ প্ৰতি আস্থা শক্তিশালী কৰাত সহায় কৰে। ২০২৫-২৬ চনত নীতি উলংঘাৰ পৰিপ্ৰেক্ষিতত গহণা ব্যৱসায়ীৰ বিৰুদ্ধে ৩০ টাতকৈ অধিক বলবৎকাৰী কাৰ্য চলোৱা হৈছিল।
৬. কিনাৰ আগতে পৰীক্ষা কৰক: বি.আই.এছ. কেয়াৰ এপ

বি.আই.এছ.-এ গ্ৰাহকক বি.আই.এছ. কেয়াৰ এপৰ জৰিয়তে হ’লমাৰ্কযুক্ত সোণ আৰু ৰূপৰ গহনা ডিজিটেল প্ৰক্ৰিয়াৰে স্বতন্ত্ৰভাৱে পৰীক্ষা কৰিবলৈ সক্ষম কৰে। গ্ৰাহকে ইয়াৰ বিশেষ হ’লমাৰ্ক ইউনিক আইডেন্টিফিকেচন নম্বৰৰ জৰিয়তে হ’লমাৰ্ক কৰা সামগ্ৰী পৰীক্ষা কৰিব পাৰে।
এপটোৱে সামগ্ৰীৰ বিশুদ্ধতা, সামগ্ৰীৰ ধৰণ, বিপণী আৰু এছেইং আৰু হ’লমাৰ্কিং কেন্দ্ৰৰ আদিৰ বিৱৰণ দিয়ে। তদুপৰি ২০২৬ চনৰ ৮ জুনত কাৰ্যকৰী হোৱা ডিজিটেল উন্নয়নৰ পাছত এপটোৱে সামগ্ৰীৰ ফটো, ইয়াৰ চিন দিয়া হ’লমাৰ্ক আৰু স্বয়ংক্ৰিয়ভাৱে ৰেকৰ্ড কৰা ওজন চোৱাৰ সুবিধা প্ৰদান কৰে , যাৰ ফলত ক্ৰেতাই কিনাৰ আগতে ভৌতিক সামগ্ৰীটো চৰকাৰী ৰেকৰ্ডৰ সৈতে তুলনা কৰি চাব পাৰে। বি.আই.এছ. কেয়াৰ এপ বিনামূলীয়াকৈ এণ্ড্ৰয়ড আৰু আই.অ.এছ.-ত উপলব্ধ, ই ১২টা ভাষা সমৰ্থন কৰে।
ডিজিটেল অনুসৰণ, সঁজুলিৰ সংযোগ আৰু ভৌতিক চোৱাচিতাই একেলগে হ’লমাৰ্কিং ব্যৱস্থাত জবাবদিহিতা শক্তিশালী কৰে।
পলকতে হ’লমাৰ্কিং: সম্প্ৰসাৰিত পৰিসৰ আৰু সজাগতা
বি.আই.এছ.-এ পঞ্জীয়নভুক্ত জুৱেলাৰ আৰু এছেইং আৰু হ’লমাৰ্কিং কেন্দ্ৰৰ বৰ্দ্ধিত নেটৱৰ্কৰ জৰিয়তে হ’লমাৰ্কিংৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে, লগতে গ্ৰাহক সজাগতা কাৰ্যসূচীও চলাইছে।
২০২১ চনত সোণৰ হ’লমাৰ্কিং বাধ্যতামূলক হোৱাৰ পাছৰে পৰা ২০২৬ চনৰ ১৫ অক্টোবৰলৈকে ৬৫ কোটিৰো অধিক সোণৰ সামগ্ৰীত এইচ.ইউ.আই.ডি.-ৰে হ’লমাৰ্ক কৰা হৈছে। এই সময়ত বি.আই.এছ.-ত পঞ্জীয়নভুক্ত কৰ্মৰত জুৱেলাৰৰ সংখ্যা ৪৩,১৫৩ ৰ পৰা ২,৩৬,৬২৪ লৈ বৃদ্ধি পাইছে, আনহাতে স্বীকৃতিপ্ৰাপ্ত এছেইং আৰু হ’লমাৰ্কিং কেন্দ্ৰ ৰ সংখ্যা ৯৪৮ ৰ পৰা ১,৫৬৫ লৈ বৃদ্ধি পাইছে।
ৰূপৰ ক্ষেত্ৰত ২০২৫ চনৰ ১ ছেপ্টেম্বৰত স্বেচ্ছামূলক হ’লমাৰ্কিং আঁচনিৰ অধীনত জমা দিয়া সামগ্ৰীৰ বাবে এইচ.ইউ.আই.ডি. ভিত্তিত চিন দিয়া আৰম্ভ কৰা হৈছিল, যাৰ ফলত ৯০ লাখৰো অধিক ৰূপৰ সামগ্ৰীত এইচ.ইউ.আই.ডি.-ৰে হ’লমাৰ্ক কৰা হৈছে।
এই প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈছে গ্ৰাহক সজাগতা৷ ২০২৬ চনৰ ১ এপ্ৰিলৰ পৰা ৩১ অক্টোবৰলৈকে বি.আই.এছ.-ৰ আঞ্চলিক আৰু শাখা কাৰ্যালয়বোৰে সমগ্ৰ দেশতে ১,৫৮২ টা গ্ৰাহক সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছিল। এই কাৰ্যসূচীবোৰৰ ভিতৰত বাধ্যতামূলক প্ৰমাণপত্ৰৰ অধীনত মানদণ্ডৰ ওপৰত সজাগতা কাৰ্যসূচী, হ’লমাৰ্কিং, গ্ৰাম পঞ্চায়ত সজাগতা কাৰ্যসূচী আদি আছিল।

অধিক আস্থা আৰু স্বচ্ছতাৰ দিশে
হ’লমাৰ্কিঙে গহণা ক্ৰয়ৰ প্ৰক্ৰিয়াত মূল্যৱান ধাতুৰ বিশুদ্ধতাৰ নিশ্চিতিৰে গ্ৰাহকক আস্থাৰ যোগায়৷ বছৰ বছৰ ধৰি এই ব্যৱস্থা ব্যাপক পৰিসৰ, প্ৰযুক্তি আৰু শক্তিশালী অনুসৰণৰ জৰিয়তে বিস্তৃতৰূপত সম্প্ৰসাৰিত হৈছে। বিশেষ পৰিচয় কোডে গহনাৰ বিৱৰণ পৰীক্ষা কৰাত সহায় কৰে, আনহাতে ভৌতিক চোৱাচিতা আৰু নিয়মীয়া পৰীক্ষাই জবাবদিহিতাত সহায় কৰে। গ্ৰাহক সজাগতা পদক্ষেপে ক্ৰেতাক হ’লমাৰ্ক কৰা সামগ্ৰী চিনিবলৈ আৰু সঠিক সিদ্ধান্ত ল'বলৈ অধিক সহায় কৰে। প্ৰযুক্তি, স্বচ্ছতা আৰু জবাবদিহিতাক একেলগ কৰি বি.আই.এছ.-এ প্ৰতিটো হ’লমাৰ্কৰ এক অত্যাৱশ্যকীয় অংশ হিচাপে আস্থাক গঢ়ি তুলিছে।
তথ্যসূত্ৰসমূহ
গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়
https://www.bis.gov.in/wp-content/uploads/2020/12/brief-on-Hallmarking.pdf
https://www.bis.gov.in/hallmarking-overview/?lang=en
https://www.bis.gov.in/case-studies/bis-hallmark-green-tests-for-yellow-metal/?utm_
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2239540®=48&lang=2
https://www.bis.gov.in/hallmarking-overview/hallmarking-faqs/hallmarking-faq/?lang=en
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1904262®=48&lang=2
https://www.bis.gov.in/wp-content/uploads/2026/07/GuidelinesForAHCs.pdf
https://www.bis.gov.in/wp-content/uploads/2026/06/Guidelines-for-recognition-operation-of-AHCs.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2088051&lang=2®=48
https://sansad.in/getFile/annex/271/AU2602_qHfqdj.pdf?source=pqars
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2211859®=48&lang=2
পিআইবি বিজ্ঞপ্তি/বেকগ্ৰাউণ্ডাৰ
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1912343®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2284432&lang=2®=48
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2207673®=3&lang=1
pdf চাবলৈ ইয়াত ক্লিক কৰক
***
পিআইবি গৱেষণা/SSH/RR
(Explainer ID: 160737)
आगंतुक पटल : 53
Provide suggestions / comments