Economy

ভাৰতত সামাজিক সুৰক্ষাৰ পৰিসৰ

শ্ৰমিকৰ সুৰক্ষা শক্তিশালীকৰণ

Posted On: 31 OCT 2026 9:39AM

ভাৰতৰ সামাজিক সুৰক্ষা ব্যৱস্থাই ই.পি.এফ.অ’.-ৰ অধীনত অধিক শ্ৰমিকক সামৰি লোৱা, ডিজিটেল সংস্কাৰ আৰু বিভিন্ন কল্যাণমূলক পদক্ষেপৰ জৰিয়তে ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে। ই.পি.এফ.অ’.-এ যোগ্য সদস্যসকলক ভৱিষ্যনিধি সঞ্চয়, পেঞ্চন আৰু বীমাৰ সুবিধা প্ৰদান কৰে। বাধ্যতামূলক অন্তৰ্ভুক্তিৰ বাবে মজুৰিৰ সীমা ১৫,০০০ টকাৰ পৰা ২৫,০০০ টকালৈ বৃদ্ধি কৰাৰ ফলত অতিৰিক্ত ৫১ লাখতকৈ অধিক কৰ্মচাৰী ইয়াৰ অধীনলৈ অহাৰ সম্ভাৱনা আছে। ডিজিটেল পদক্ষেপসমূহে পঞ্জীয়ন, ধন উলিওৱা আৰু দাবী নিষ্পত্তিৰ প্ৰক্ৰিয়া অধিক সহজ আৰু সৰল কৰাৰ লক্ষ্য লৈছে। ই.পি.এফ.অ’.-ৰ উপৰি ই-শ্ৰম, পি.এম.-এছ.ৱাই.এম. আৰু প্ৰধানমন্ত্ৰী সামাজিক সহায়তা যোজনাৰ দৰে আঁচনিসমূহে অসংগঠিত খণ্ডৰ শ্ৰমিক আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলক সামাজিক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত সহায় আগবঢ়াইছে। এই পদক্ষেপসমূহে বিভিন্ন কৰ্মসংস্থাপনৰ শ্ৰেণী আৰু জীৱনৰ বিভিন্ন পৰ্যায়ত শ্ৰমিকসকলৰ বাবে সামাজিক সুৰক্ষাৰ সুবিধা লাভৰ পথ অধিক প্ৰশস্ত কৰি তুলিছে।

শ্ৰমিকৰ সুৰক্ষাৰ এক অন্যতম মূল স্তম্ভ হিচাপে সামাজিক সুৰক্ষা

 অৰ্থনীতিৰ পৰিৱৰ্তনৰ লগে লগে কৰ্মসংস্থাপনৰ ধৰণ আৰু জীৱিকা নিৰ্বাহৰ উৎসসমূহৰো নিৰন্তৰ পৰিৱৰ্তন ঘটিছে। অসংগঠিত খণ্ডৰ কৰ্মসংস্থাপন, গিগ আৰু ডিজিটেল প্লেটফৰ্মভিত্তিক কাম-কাজৰ সম্প্ৰসাৰণৰ লগতে আয়ৰ তাৰতম্য আৰু কৰ্মসংস্থাপনৰ অনিশ্চয়তাই শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে সামাজিক সুৰক্ষাৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি কৰিছে।

সামাজিক সুৰক্ষাই জীৱনৰ বিভিন্ন পৰ্যায়ত আয় হ্ৰাস বা বন্ধ হোৱা আৰু অন্যান্য জৰুৰীকালীন পৰিস্থিতিৰ বিৰুদ্ধে শ্ৰমিকসকলক সুৰক্ষা প্ৰদান কৰে। ইয়াৰ উপৰি, অৱসৰৰ সময়ত আৰু জীৱনৰ সংকটপূৰ্ণ তথা দুৰ্বল পৰিস্থিতিত আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাত সামাজিক সুৰক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

শেহতীয়া বছৰসমূহত ভাৰতে সামাজিক সুৰক্ষাৰ পৰিসৰ যথেষ্ট বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। ২০১৫ চনত সামাজিক সুৰক্ষাৰ আওতাত থকা লোকৰ হাৰ ১৯ শতাংশৰ পৰা ২০২৬ চনত ৬৮.৪ শতাংশলৈ বৃদ্ধি পাইছে। এই সম্প্ৰসাৰণৰ ফলত এশ কোটিতকৈও অধিক লোক সামাজিক সুৰক্ষা ব্যৱস্থাৰ অন্তৰ্ভুক্ত হৈছে।

ভাৰতীয় শ্ৰমিকসকলৰ বাবে সামাজিক সুৰক্ষাই কৰ্মজীৱন সমাপ্ত হোৱাৰ পিছতো আৰ্থিক নিৰাপত্তা প্ৰদান কৰে। কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা (ই.পি.এফ.অ’.)-এ যোগ্য শ্ৰমিকসকলৰ বাবে ভৱিষ্যনিধি, পেঞ্চন আৰু বীমা আঁচনি পৰিচালনাৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

কৰ্মচাৰী ভৱিষ্যনিধি সংস্থা  হৈছে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ অধীনস্থ এক বিধিবদ্ধ সংস্থা আৰু ই বিশ্বৰ অন্যতম বৃহৎ সামাজিক সুৰক্ষা প্ৰতিষ্ঠান। ইয়াৰ বিভিন্ন আঁচনিয়ে শ্ৰমিকসকলক অৱসৰকালীন সঞ্চয় গঢ়ি তোলা, পেঞ্চনৰ সুবিধা লাভ কৰা আৰু পৰিয়ালৰ সদস্যসকলৰ বাবে আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাত সহায় কৰে।

ই.পি.এফ.অ’.ৰ দ্বাৰা পৰিচালিত সামাজিক সুৰক্ষাৰ তিনিটা মূল স্তম্ভ

ই.পি.এফ.অ’.ৰ সামাজিক সুৰক্ষা ব্যৱস্থাটো তিনিটা মূল স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত। সেইকেইটা হৈছে—ভৱিষ্যনিধি সঞ্চয়, পেঞ্চনৰ সুবিধা আৰু বীমাজনিত সুৰক্ষা।

  • ই.পি.এফ. (২০২৬, আঁচনি ভৱিষ্যনিধি কৰ্মচাৰী)

সামাজিক সুৰক্ষা বিধি, ২০২০ (Social Security Code, 2020)-ৰ অধীনত প্ৰৱৰ্তিত নতুন কৰ্মচাৰী ভৱিষ্যনিধি আঁচনি, ২০২৬-এ পূৰ্বৰ কৰ্মচাৰী ভৱিষ্যনিধি আঁচনিৰ স্থান গ্ৰহণ কৰিছে।

ই.পি.এফ. ২০২৬-ৰ জৰিয়তে সদস্যসকলে নিজৰ আৰু নিয়োগকৰ্তাৰ বৰঙণি তথা জমা ধনৰ ওপৰত লাভ কৰা সুতৰ সহায়ত অৱসৰকালীন সঞ্চয় গঢ়ি তুলিব পাৰে। ইয়াৰ উপৰি, নিৰ্ধাৰিত চৰ্ত আৰু নিয়মাৱলী অনুসৰি ঘৰ নিৰ্মাণ বা ক্ৰয়, উচ্চ শিক্ষা, বিবাহ আৰু চিকিৎসাৰ দৰে নিৰ্দিষ্ট প্ৰয়োজনত ভৱিষ্যনিধিৰ ধনৰ একাংশ উলিয়াই লোৱাৰ সুবিধাও প্ৰদান কৰা হৈছে। এই আঁচনিয়ে শ্ৰমিকসকলৰ অৱসৰকালীন আৰ্থিক নিৰাপত্তা আৰু জৰুৰীকালীন প্ৰয়োজন পূৰণত সহায় কৰে।

  • কৰ্মচাৰী পেঞ্চন আঁচনি, ২০২৬ (ই.পি.এছ.)

সামাজিক সুৰক্ষা সংহিতা, ২০২০ ৰ অধীনত প্ৰৱৰ্তিত নতুন কৰ্মচাৰী পেঞ্চন আঁচনি, ২০২৬ এ পূৰ্বৰ ১৯৯৫ চনৰ কৰ্মচাৰী পেঞ্চন আঁচনিৰ স্থান গ্ৰহণ কৰিছে।

এই আঁচনিৰ অধীনত যোগ্য সদস্যসকলে অৱসৰ গ্ৰহণ, কৰ্মজীৱনৰ সমাপ্তি বা অক্ষমতাৰ ক্ষেত্ৰত মাহিলী পেঞ্চন লাভৰ সুবিধা লাভ কৰে। ইয়াৰ উপৰি, কোনো সদস্যৰ মৃত্যু হ'লে তেওঁৰ যোগ্য নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলকো পেঞ্চনৰ সুবিধা প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত স্বামী বা পত্নী, সন্তান আৰু অন্যান্য যোগ্য পৰিয়ালৰ সদস্যসকল অন্তৰ্ভুক্ত।

এই আঁচনিৰ মূল উদ্দেশ্য হৈছে অৱসৰকালত আৰু অনাকাংক্ষিত পৰিস্থিতিত শ্ৰমিক তথা তেওঁলোকৰ পৰিয়ালৰ বাবে দীৰ্ঘম্যাদী আৰ্থিক নিৰাপত্তা নিশ্চিত কৰা।

 

  • কৰ্মচাৰী জমা-সংলগ্ন বীমা আঁচনি, ২০২৬ (ই.ডি.এল.আই.)

সামাজিক সুৰক্ষা সংহিতা, ২০২০ৰ অধীনত প্ৰৱৰ্তিত নতুন কৰ্মচাৰী জমা-সংলগ্ন বীমা আঁচনি, ২০২৬এ পূৰ্বৰ ১৯৭৬ চনৰ কৰ্মচাৰী জমা-সংলগ্ন বীমা আঁচনিৰ স্থান গ্ৰহণ কৰিছে। এই আঁচনিখনে কৰ্মৰত অৱস্থাত কোনো যোগ্য ই.পি.এফ. সদস্যৰ মৃত্যু হ'লে তেওঁৰ পৰিয়ালৰ বাবে বীমাজনিত আৰ্থিক সুৰক্ষা প্ৰদান কৰে। এই আঁচনিৰ অধীনত সৰ্বাধিক ৭ লাখ টকালৈকে বীমাৰ সুবিধা লাভ কৰিব পাৰি।উল্লেখযোগ্য যে, এই বীমাৰ সুবিধা লাভ কৰিবলৈ সদস্যসকলে পৃথকে কোনো বীমাৰ প্ৰিমিয়াম পৰিশোধ কৰিব নালাগে। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে কৰ্মৰত অৱস্থাত কোনো শ্ৰমিকৰ মৃত্যু হ'লে তেওঁৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলক আৰ্থিক সহায় আৰু নিৰাপত্তা প্ৰদান কৰা।

কৰ্মশক্তিৰ বিভিন্ন শ্ৰেণীৰ মাজত ই.পি.এফ.অ’.-ৰ সামাজিক সুৰক্ষাৰ পৰিসৰ সম্প্ৰসাৰণ

বিগত বছৰসমূহত ভাৰতৰ আনুষ্ঠানিক কৰ্মসংস্থাপনৰ পৰিসৰ বৃদ্ধিৰ লগে লগে কৰ্মচাৰী ভৱিষ্যনিধি সংস্থায়ো নিজৰ কাৰ্যক্ষেত্ৰ আৰু সদস্যৰ সংখ্যা সম্প্ৰসাৰিত কৰিছে। ইয়াৰ অগ্ৰগতিৰ প্ৰতিফলন সদস্যৰ সংখ্যা বৃদ্ধি, প্ৰতিষ্ঠানিক অন্তৰ্ভুক্তি আৰু পেঞ্চন সুবিধাৰ সম্প্ৰসাৰণৰ মাজেৰে পৰিলক্ষিত হয়।

সময়ৰ লগে লগে ই.পি.এফ.অ’.-ৰ অধীনত বৰঙণি আগবঢ়োৱা সদস্যৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। ২০১৪-১৫ বিত্তীয় বৰ্ষত বৰঙণি আগবঢ়োৱা সদস্যৰ সংখ্যা ৩.৪৯ কোটি আছিল, যি ২০২৬ চনৰ ১৬ ছেপ্টেম্বৰলৈ প্ৰায় ৭.৯৮ কোটিলৈ বৃদ্ধি পাইছে। অৰ্থাৎ এই সময়ছোৱাত বৰঙণি আগবঢ়োৱা সদস্যৰ সংখ্যা প্ৰায় ৪.৪৯ কোটি বৃদ্ধি পাইছে।

২০২৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে ৭.৬৮ লাখ প্ৰতিষ্ঠানে ই.পি.এফ.অ’.-লৈ বৰঙণি আগবঢ়াই আহিছে। ইয়াৰ ফলত যোগ্য শ্ৰমিকসকলৰ মাজত সামাজিক সুৰক্ষাৰ সুবিধা সম্প্ৰসাৰণৰ বাবে এক বিস্তৃত প্ৰতিষ্ঠানিক ভিত্তি গঢ় লৈ উঠিছে।

সদস্যৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে পেঞ্চন প্ৰদানৰ পৰিসৰো সম্প্ৰসাৰিত হৈছে। ২০১৪-১৫ বিত্তীয় বৰ্ষত ই.পি.এফ.অ’.-এ ৫১.০৪ লাখ পেঞ্চনভোগীক পেঞ্চন প্ৰদান কৰিছিল। আনহাতে, ২০২৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে প্ৰায় ৮২ লাখ পেঞ্চনভোগীয়ে পেঞ্চনৰ সুবিধা লাভ কৰি আছে। অৰ্থাৎ এই সময়ছোৱাত পেঞ্চনভোগীৰ সংখ্যা ৩১ লাখতকৈও অধিক বৃদ্ধি পাইছে।

সামাজিক সুৰক্ষাৰ অধীনত প্ৰদান কৰা সেৱা আৰু সুবিধাৰ পৰিসৰো যথেষ্ট বৃদ্ধি পাইছে। ২০১৪-১৫ বিত্তীয় বৰ্ষত ১.৩০ কোটি দাবী  নিষ্পত্তি কৰা হৈছিল। ইয়াৰ বিপৰীতে, ২০২৬ চনৰ অক্টোবৰলৈকে বিগত এবছৰৰ সময়ছোৱাত ই.পি.এফ.অ’.-এ ৬.৪২ কোটি দাবী নিষ্পত্তি কৰিছে।

ইয়াৰ পৰা ই.পি.এফ.অ’.-ৰ সদস্য আৰু হিতাধিকাৰীসকলক প্ৰদান কৰা সেৱাৰ পৰিসৰ, কাৰ্যক্ষমতা আৰু সামাজিক সুৰক্ষাৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত হোৱা সম্প্ৰসাৰণৰ প্ৰতিফলন ঘটে।

ডিজিটেল আৰু সেৱামূলক সংস্কাৰৰ জৰিয়তে ই.পি.এফ.অ’.-ৰ ব্যৱস্থাক অধিক শক্তিশালীকৰণ

ই.পি.এফ.অ’.-এ সামাজিক সুৰক্ষাৰ সুবিধাসমূহ অধিক বিস্তৃত কৰাৰ লগতে দাবী নিষ্পত্তিৰ প্ৰক্ৰিয়া সৰলীকৰণ আৰু ডিজিটেল ব্যৱস্থাৰ সম্প্ৰসাৰণৰ জৰিয়তে সেৱা প্ৰদান ব্যৱস্থাটোক অধিক শক্তিশালী কৰি তুলিছে।

ইয়াৰ উপৰি, এই সংস্কাৰসমূহৰ মূল লক্ষ্য হৈছে নিয়ম-নীতিৰ সঠিক পালন নিশ্চিত কৰা, প্ৰশাসনিক জটিলতা আৰু আনুষ্ঠানিকতা হ্ৰাস কৰা তথা ভৱিষ্যনিধি আৰু পেঞ্চন সেৱাসমূহ সহজে লাভ কৰাৰ সুবিধা প্ৰদান কৰা। ইয়াৰ ফলত ই.পি.এফ.অ’.-ৰ সদস্য আৰু হিতাধিকাৰীসকলে অধিক সহজ, দ্ৰুত আৰু স্বচ্ছভাৱে সামাজিক সুৰক্ষাৰ সুবিধা লাভ কৰিব পাৰিব।

মজুৰিৰ ঊৰ্ধ্বসীমাৰ সংশোধন

সামাজিক সুৰক্ষাৰ পৰিসৰ সম্প্ৰসাৰণ: ই.পি.এফ.অ’.-ৰ বাধ্যতামূলক অন্তৰ্ভুক্তিৰ বাবে নিৰ্ধাৰিত মজুৰিৰ ঊৰ্ধ্বসীমা শেষবাৰৰ বাবে ২০১৪ চনৰ ছেপ্টেম্বৰ মাহত সংশোধন কৰা হৈছিল। সেই সময়ত মাহিলী মজুৰিৰ সীমা ৬,৫০০ টকাৰ পৰা ১৫,০০০ টকালৈ বৃদ্ধি কৰা হৈছিল।

পৰৱৰ্তী সময়ত ২০২৬ চনৰ ছেপ্টেম্বৰত এই সীমা পুনৰ বৃদ্ধি কৰি মাহিলী ২৫,০০০ টকা কৰাৰ অনুমোদন জনোৱা হয়। এই সংশোধনৰ ফলত অতিৰিক্ত ৫১ লাখতকৈ অধিক কৰ্মচাৰীক ই.পি.এফ.অ’.-ৰ বাধ্যতামূলক সামাজিক সুৰক্ষাৰ আওতালৈ অনাৰ সম্ভাৱনা আছে।

এই সংশোধনে সময়ৰ লগে লগে হোৱা মজুৰিৰ পৰিৱৰ্তন আৰু আনুষ্ঠানিক কৰ্মসংস্থাপনৰ সম্প্ৰসাৰণক প্ৰতিফলিত কৰে। সংশোধিত মজুৰিৰ ঊৰ্ধ্বসীমাই প্ৰযোজ্য আইনগত বিধানসমূহৰ অধীনত বাধ্যতামূলক সামাজিক সুৰক্ষাৰ বাবে যোগ্য কৰ্মচাৰীৰ পৰিসৰ বৃদ্ধি কৰিব।

ভৱিষ্যনিধিৰ ধন উলিওৱাৰ প্ৰক্ৰিয়া সৰলীকৰণ আৰু দাবী নিষ্পত্তিৰ গতি ত্বৰান্বিতকৰণ

আংশিক ধন উলিওৱাৰ নিয়ম সৰলীকৰণ: ই.পি.এফ.অ’.-এ আংশিকভাৱে ভৱিষ্যনিধিৰ ধন উলিওৱাৰ ক্ষেত্ৰত প্ৰযোজ্য পূৰ্বৰ ১৩টা পৃথক বিধান একত্ৰিত কৰি তিনিটা শ্ৰেণীত বিভক্ত কৰিছে। জৰুৰী আৰু অত্যাৱশ্যকীয় প্ৰয়োজন ,গৃহ নিৰ্মাণ বা বাসস্থান সম্পৰ্কীয় প্ৰয়োজন আৰু বিশেষ পৰিস্থিতি । অসুস্থতা বা চিকিৎসা, শিক্ষা আৰু বিবাহৰ সৈতে জড়িত ব্যয়সমূহ জৰুৰী আৰু অত্যাৱশ্যকীয় প্ৰয়োজন শ্ৰেণীৰ অন্তৰ্ভুক্ত। এই শ্ৰেণীবিভাজনৰ ফলত ভৱিষ্যনিধিৰ ধন উলিওৱাৰ ব্যৱস্থাটো অধিক সৰল আৰু সুসংগঠিত হৈছে। ইয়াৰ জৰিয়তে যোগ্য সদস্যসকলে নিজৰ প্ৰয়োজন অনুসৰি ভৱিষ্যনিধিত সঞ্চিত ধন অধিক সহজে লাভ কৰাৰ সুবিধা পাব।

ধন উলিওৱাৰ সীমা শিথিলকৰণ : কৰ্মচাৰীসকলে কৰ্মজীৱনৰ বিভিন্ন পৰ্যায়ত নিৰ্দিষ্ট আৰ্থিক প্ৰয়োজন পূৰণৰ বাবে নিজৰ ভৱিষ্যনিধি (পি.এফ.) সঞ্চয়ৰ পৰা আংশিক ধন উলিয়াব পাৰে। ইয়াৰ ফলত তেওঁলোকে জমা হোৱা সমগ্ৰ ধন উলিয়াই নোলোৱাকৈয়ে প্ৰয়োজন অনুসৰি সঞ্চিত ধনৰ একাংশ ব্যৱহাৰ কৰিব পাৰে।

ই.পি.এফ.অ’.-এ এই ব্যৱস্থাসমূহ অধিক সৰল কৰি শিক্ষাৰ বাবে সৰ্বাধিক ১০ বাৰ আৰু বিবাহৰ বাবে সৰ্বাধিক ৫ বাৰ আংশিক ধন উলিওৱাৰ সুবিধা প্ৰদান কৰিছে। পূৰ্বতে এই দুয়োটা উদ্দেশ্যৰ বাবে একেলগে মাত্ৰ ৩ বাৰ আংশিক ধন উলিওৱাৰ সীমা নিৰ্ধাৰিত আছিল।

২০২৫ চনৰ অক্টোবৰত প্ৰৱৰ্তন কৰা সংশোধিত ব্যৱস্থা অনুসৰি, নিৰ্ধাৰিত চৰ্তসমূহ পূৰণ কৰা যোগ্য সদস্যসকলে নিজৰ ভৱিষ্যনিধিৰ মুঠ জমা ধনৰ ৭৫ শতাংশ পৰ্যন্ত উলিয়াব পাৰে। ইয়াত কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ উভয়ৰে বৰঙণি অন্তৰ্ভুক্ত থাকে।

ইয়াৰ উপৰি, আংশিক ধন উলিওৱাৰ বাবে ন্যূনতম সেৱাকালৰ চৰ্ত ১২ মাহলৈ একে কৰা হৈছে। এই সংস্কাৰৰ ফলত কৰ্মচাৰীসকলে নিজৰ জৰুৰী আৰু প্ৰয়োজনীয় আৰ্থিক ব্যয় পূৰণৰ বাবে ভৱিষ্যনিধিৰ সঞ্চয় অধিক সহজে ব্যৱহাৰ কৰিব পাৰিব।

স্বয়ংক্ৰিয় দাবী নিষ্পত্তি : ই.পি.এফ.অ’.-এ যোগ্য অগ্ৰিম ধন উলিওৱাৰ দাবীৰ ক্ষেত্ৰত স্বয়ংক্ৰিয় নিষ্পত্তিৰ সীমা বৃদ্ধি কৰি ৫ লাখ টকা কৰিছে। ইয়াৰ ফলত যোগ্য সদস্যসকলৰ ধন উলিওৱাৰ দাবীসমূহ কোনো ধৰণৰ হস্তচালিত হস্তক্ষেপ অবিহনেই অধিক দ্ৰুতভাৱে নিষ্পত্তি কৰিব পৰা যায়।

বেংক একাউণ্ট পৰীক্ষণৰ প্ৰক্ৰিয়া সৰলীকৰণ : ই.পি.এফ.অ’.-এ যোগ্য অনলাইন দাবীৰ ক্ষেত্ৰত চেকৰ ছবি বা বেংকৰ দ্বাৰা প্ৰমাণিত পাছবুক আপলোড কৰাৰ বাধ্যবাধকতা আঁতৰাইছে। ইয়াৰ ফলত প্ৰয়োজনীয় নথি-পত্ৰৰ পৰিমাণ হ্ৰাস পাইছে আৰু দাবী নিষ্পত্তিৰ প্ৰক্ৰিয়া অধিক সহজ, দ্ৰুত আৰু সুবিধাজনক হৈ পৰিছে।

আইনগত বিধি পালন শক্তিশালীকৰণ আৰু ব্যৱসায় কৰাৰ সূচলতা বৃদ্ধি

বিশ্বাস (VISHWAS) আঁচনি, ২০২৬:  এই আঁচনিখনে কৰ্মচাৰী ভৱিষ্যনিধি আৰু বিবিধ বিধান আইন, ১৯৫২ আৰু সামাজিক সুৰক্ষা সংহিতা, ২০২০ৰ অধীনত ক্ষতিপূৰণ বা জৰিমনাৰ সৈতে জড়িত যোগ্য বিবাদসমূহ এবাৰতে নিষ্পত্তি কৰাৰ সুবিধা প্ৰদান কৰে।

এই আঁচনিৰ মূল উদ্দেশ্য হৈছে আইনী গোচৰ-মোকৰ্দমা হ্ৰাস কৰা আৰু ডিজিটেল তথা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন হোৱা প্ৰক্ৰিয়াৰ জৰিয়তে স্বেচ্ছামূলকভাৱে আইন আৰু নিয়ম পালনক উৎসাহিত কৰা। এই আঁচনিৰ অধীনত- ক্ষতিপূৰণ বা জৰিমনাৰ আদেশৰ বিৰুদ্ধে আপত্তি বা প্ৰত্যাহ্বান জনোৱা গোচৰ,যিবোৰ গোচৰত ধন আদায়ৰ প্ৰক্ৰিয়া চলি আছে বা আংশিকভাৱে ধন আদায় কৰা হৈছে, জাননী জাৰি কৰা হৈছে, কিন্তু চূড়ান্ত আদেশ এতিয়াও প্ৰদান কৰা হোৱা নাই আৰু যিবোৰ ক্ষেত্ৰত এতিয়াও জাননী জাৰি কৰা হোৱা নাই—এনে ধৰণৰ গোচৰসমূহ সামৰি লোৱা হৈছে ।

এই পদক্ষেপৰ জৰিয়তে নিয়োগকৰ্তাসকলৰ বাবে আইনগত আনুষ্ঠানিকতা সৰল কৰা, বিবাদ নিষ্পত্তিৰ সময় হ্ৰাস কৰা আৰু ব্যৱসায়িক পৰিৱেশ অধিক সহজ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

- ১৪ জুন, ২০২৪-ৰ পূৰ্বৰ যোগ্য বকেয়াৰ ক্ষেত্ৰত বিলম্বৰ সময়সীমা অনুসৰি মাহিলী ০.২৫%, ০.৫০% অথবা ১% হাৰত হ্ৰাসকৃত ক্ষতিপূৰণ আদায় কৰা হ'ব।

- নিয়োগকৰ্তাসকলে প্ৰযোজ্য বিধিগত সুত পৰিশোধ কৰিব লাগিব আৰু নিষ্পত্তি কৰা বিবাদসমূহৰ ক্ষেত্ৰত ভৱিষ্যতে কোনো ধৰণৰ আপীল নকৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব।

- এই আঁচনিখনে বিভিন্ন পৰ্যায়ত থকা গোচৰসমূহ সামৰি লয়। অৱশ্যে প্ৰৱঞ্চনা, ধনৰ অপব্যৱহাৰ, ইচ্ছাকৃতভাৱে তথ্য বিকৃত কৰা আৰু সম্পূৰ্ণৰূপে ক্ষতিপূৰণ আদায় হোৱা গোচৰসমূহ ইয়াৰ আওতাৰ বাহিৰত ৰখা হৈছে।ই.পি.এফ.অ’.ৰ নিয়োগকৰ্তাৰ অনলাইন পৰ্টেল-ৰ জৰিয়তে অনলাইনযোগে আবেদন দাখিল কৰিব পাৰি।

এমনেষ্টি (AMNESTY) আঁচনি, ২০২৬ : এই আচনি  হৈছে ই.পি.এফ.অ’.-এ প্ৰৱৰ্তন কৰা এককালীন বিশেষ আঁচনি। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে বিভিন্ন প্ৰতিষ্ঠানক তেওঁলোকৰ ভৱিষ্যনিধি ন্যাসসমূহ নিয়মীয়া আৰু আইনগতভাৱে স্বীকৃতিপ্ৰাপ্ত কৰাৰ সুবিধা প্ৰদান কৰা।

এই আঁচনিখনে আয়কৰ আইন, ১৯৬১ ৰ অধীনত স্বীকৃতি লাভ কৰা, কিন্তু কৰ্মচাৰী ভৱিষ্যনিধি আৰু বিবিধ বিধান আইন, ১৯৫২ অথবা সামাজিক সুৰক্ষা সংহিতা, ২০২০ৰ অধীনত আনুষ্ঠানিক ৰেহাই লাভ নকৰা ভৱিষ্যনিধি ন্যাসসমূহক সামৰি লয়। এই আঁচনিখনৰ জৰিয়তে সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে নিজৰ ভৱিষ্যনিধি ন্যাসসমূহৰ আইনগত স্থিতি নিয়মীয়া কৰাৰ সুযোগ লাভ কৰিব। এই আঁচনিখন ২৮ ডিচেম্বৰ, ২০২৬ লৈকে খোলা থাকিব।

- যোগ্য প্ৰতিষ্ঠানসমূহে নিৰ্ধাৰিত অন্তিম তাৰিখলৈকে তেওঁলোকৰ ভৱিষ্যনিধি ন্যাস স্থাপনৰ তাৰিখৰ পৰা পূৰ্বৰ সময়ছোৱাৰ বাবেও ৰেহাই লাভ কৰিব পাৰিব। এই আঁচনিৰ অধীনত কৰ্মচাৰীৰ ন্যূনতম সংখ্যা আৰু ভৱিষ্যনিধিৰ ধনৰ পৰিমাণ সম্পৰ্কীয় নিৰ্দিষ্ট বাধ্যতামূলক চৰ্তসমূহো শিথিল কৰা হৈছে।

- যোগ্য ভৱিষ্যনিধি ন্যাসসমূহে বিধি অনুসৰি প্ৰযোজ্য বৰঙণি জমা কৰিব লাগিব আৰু সদস্যসকলৰ একাউণ্টত প্ৰযোজ্য ই.পি.এফ. সুতৰ হাৰৰ সমান বা তাতকৈ অধিক হাৰত সুত জমা কৰিব লাগিব। এই চৰ্তসমূহ পূৰণ কৰা সাপেক্ষে, কেৱল আনুষ্ঠানিক ৰেহাইৰ অনুমোদন নথকাৰ বাবে আৰম্ভ কৰা কাৰ্যব্যৱস্থাসমূহ প্ৰত্যাহাৰ কৰা হ'ব। লগতে, ভৱিষ্যতে কেৱল এই কাৰণতে নতুনকৈ কোনো আইনী বা প্ৰশাসনিক কাৰ্যব্যৱস্থা আৰম্ভ কৰা নহ'ব।

ডিজিটেল সুবিধাৰ জৰিয়তে পঞ্জীয়ন প্ৰক্ৰিয়া সৰলীকৰণ

 

স্বয়ংক্ৰিয় পঞ্জীয়ন: ২০২০ চনৰ ফেব্ৰুৱাৰীৰ পৰা যোগ্য ৰাজহুৱা আৰু ব্যক্তিগত লিমিটেড কোম্পানীসমূহ তথা একক ব্যক্তি কোম্পানীসমূহে কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰ্টেলৰ জৰিয়তে ই.পি.এফ.অ’.ত স্বয়ংক্ৰিয় পঞ্জীয়নৰ সুবিধা লাভ কৰিব পাৰিছে।

এই সুবিধা এচ.পি.আই.চি.+আৰু এজাইল-প্ৰ’ প্ৰ-পত্ৰৰ জৰিয়তে কাৰ্যকৰী কৰা হৈছে। এই সংহত প্ৰ-পত্ৰসমূহৰ জৰিয়তে স্থায়ী একাউণ্ট নম্বৰ, কৰ কৰ্তনৰ একাউণ্ট নম্বৰ, পৰিচালকৰ চিনাক্তকৰণ নম্বৰ, বস্তু আৰু সেৱা কৰ চিনাক্তকৰণ নম্বৰ আদি বিভিন্ন সেৱাৰ সুবিধা একেটা ব্যৱস্থাৰ অধীনত প্ৰদান কৰা হয়। ইয়াৰ ফলত কোম্পানীসমূহৰ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক সহজ, দ্ৰুত আৰু সুবিধাজনক হৈ পৰিছে। লগতে প্ৰশাসনিক জটিলতা আৰু সময়ৰ অপচয় হ্ৰাস পাইছে।

উনিভাৰ্ছেল একাউণ্ট নম্বৰ (ইউ.এ.এন.)ৰ স্ব-উৎপাদন ব্যবস্থা : ২০১৯ চনৰ নৱেম্বৰ মাহৰ পৰা শ্ৰমিকসকলে নিজেই নিজৰ ইউনিভাৰ্ছেল একাউণ্ট নম্বৰ সৃষ্টি কৰাৰ সুবিধা লাভ কৰি আহিছে। এই ব্যৱস্থাই ই.পি.এফ.অ’.-ৰ বিভিন্ন সামাজিক সুৰক্ষা আঁচনিত শ্ৰমিকসকলৰ নাম পঞ্জীয়ন কৰাত সহায় কৰে।

২০২৫ চনৰ এপ্ৰিলত ই.পি.এফ.অ’.-এ আধাৰভিত্তিক মুখমণ্ডল চিনাক্তকৰণ প্ৰযুক্তি ৰ জৰিয়তে ইউ.এ.এন. সৃষ্টি আৰু সক্ৰিয়কৰণৰ সুবিধা প্ৰৱৰ্তন কৰে। উমংগ (UMANG) মোবাইল এপ্লিকেচনৰ জৰিয়তে উপলব্ধ এই সুবিধাই স্পৰ্শবিহীন আৰু সুৰক্ষিত ডিজিটেল প্ৰমাণীকৰণৰ ব্যৱস্থা নিশ্চিত কৰে। ২০২৬ চনৰ অক্টোবৰলৈকে প্ৰায় ১.৭৪ কোটি ইউ.এ.এন., শ্ৰমিকসকলে নিজে সৃষ্টি কৰা বুলি তথ্য প্ৰকাশ পাইছে। ইয়াৰ উপৰি, ২০১৭ চনৰ জানুৱাৰী মাহৰ পৰা ২০২৬ চনৰ ২১ অক্টোবৰলৈকে উমংগ এপ্লিকেচনৰ জৰিয়তে ই.পি.এফ.অ’.-ৰ সেৱাসমূহত প্ৰায় ৭০৯ কোটি লেনদেন সম্পন্ন হৈছে।

এই পৰিসংখ্যাসমূহে ই.পি.এফ.অ’.-ৰ সেৱা প্ৰদান ব্যৱস্থাত ডিজিটেল প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰ আৰু শ্ৰমিকসকলৰ বাবে অনলাইন সেৱাৰ সহজলভ্যতা প্ৰতিফলিত কৰে।

ইউনিভাৰ্ছেল একাউণ্ট নম্বৰ হৈছে ই.পি.এফ.অ’.-ৰ প্ৰতিগৰাকী সদস্যক প্ৰদান কৰা একক আৰু স্থায়ী চিনাক্তকৰণ নম্বৰ। এই নম্বৰে বিভিন্ন প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত সদস্যসকলৰ নামত থকা ভৱিষ্যনিধি একাউণ্টসমূহক এটা উমৈহতীয়া পৰিচয়ৰ অধীনত সংযুক্ত কৰে।

ইয়াৰ ফলত কোনো সদস্যই চাকৰি সলনি কৰিলেও তেওঁৰ পূৰ্বৰ ভৱিষ্যনিধিৰ সঞ্চিত ধন নতুন কৰ্মস্থলীৰ ভৱিষ্যনিধি একাউণ্টলৈ স্থানান্তৰ কৰাৰ সুবিধা লাভ কৰে। অৱশ্যে, এই সুবিধা লাভৰ বাবে নিয়োগকৰ্তাই ইউ.এ.এন.-ৰ তথ্যভাণ্ডাৰত থকা সদস্যজনৰ ব্যক্তিগত আৰু কৰ্মসংস্থাপন সম্পৰ্কীয় তথ্যসমূহ পৰীক্ষা আৰু সত্যাপন কৰাটো প্ৰয়োজনীয়।

সেয়েহে, ইউ.এ.এন.-এ চাকৰি পৰিৱৰ্তনৰ সময়তো শ্ৰমিকসকলৰ ভৱিষ্যনিধিৰ সঞ্চয়ৰ ধাৰাবাহিকতা আৰু পৰ্টেবিলিটি বজাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

আধাৰ সংযোগীকৰণৰ সৰলীকৰণ : ২০২৫ চনৰ আগষ্ট মাহৰ পৰা ই.পি.এফ.অ’.-ৰ সদস্যসকলে ইউ.এ.এন. মেম্বাৰ-ৰ জৰিয়তে নিজৰ আধাৰ সম্পৰ্কীয় তথ্য সংযোগ বা সংশোধন কৰাৰ সুবিধা লাভ কৰিছে।

যেতিয়া আধাৰ আৰু ইউ.এ.এন. প্ৰ'ফাইলত থকা তথ্যসমূহৰ মাজত মিল থাকে, তেতিয়া নিয়োগকৰ্তাই পোনপটীয়াকৈ সংশোধনৰ আবেদন অনুমোদন কৰিব পাৰে। আনহাতে, তথ্যসমূহৰ মাজত অমিল থাকিলে অনলাইনযোগে সংশোধনৰ বাবে সংশ্লিষ্ট ই.পি.এফ.অ’. কাৰ্যালয়লৈ প্ৰেৰণ কৰিব পাৰি।

যদি নিয়োগকৰ্তা উপলব্ধ নহয়, তেন্তে সদস্যসকলে সংশ্লিষ্ট ই.পি.এফ.অ’. কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ জৰিয়তে প্ৰয়োজনীয় সহায় লাভ কৰিব পাৰে।

ই.পি.এফ.অ’.-ৰ সেৱাসমূহৰ ডিজিটেল ৰূপান্তৰ

কেন্দ্ৰীভূত পেঞ্চন পৰিশোধ ব্যৱস্থা চি.পি.পি.এছ.

চি.পি.পি.এছ. হৈছে এক কেন্দ্ৰীভূত ব্যৱস্থা, যাৰ জৰিয়তে সমগ্ৰ ভাৰতৰ যিকোনো বেংকৰ শাখাৰ মাধ্যমেৰে পেঞ্চন পৰিশোধ কৰিব পাৰি।

এই ব্যৱস্থাৰ ফলত পেঞ্চনভোগীসকলে নিজৰ বাসস্থান বা বেংকৰ শাখা সলনি কৰিলেও পেঞ্চন পৰিশোধৰ আদেশ (পি.পি.অ’.) এটা কাৰ্যালয়ৰ পৰা আন এটা কাৰ্যালয়লৈ স্থানান্তৰ কৰাৰ প্ৰয়োজন নহয়। বিশেষকৈ অৱসৰৰ পিছত নিজৰ গৃহ চহৰ বা গাঁৱলৈ উভতি যোৱা পেঞ্চনভোগীসকলৰ বাবে এই ব্যৱস্থা যথেষ্ট সুবিধাজনক।

ইয়াৰ উপৰি, পেঞ্চন আৰম্ভ কৰাৰ সময়ত প্ৰয়োজনীয় সত্যাপনৰ বাবে বেংকৰ শাখালৈ সঘনাই যোৱাৰ প্ৰয়োজনীয়তাও হ্ৰাস কৰাত এই ব্যৱস্থাই সহায় কৰে।

ঘৰুৱা সেৱাৰ জৰিয়তে ডিজিটেল জীৱন প্ৰমাণপত্ৰ: ই.পি.এফ.অ’.-এ ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক (আই.পি.পি.বি.)-ৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰি কৰ্মচাৰী পেঞ্চন আঁচনিৰ  পেঞ্চনভোগীসকলৰ বাবে ঘৰত বহিয়েই ডিজিটেল জীৱন প্ৰমাণপত্ৰ দাখিল কৰাৰ সুবিধা প্ৰদান কৰিছে।

ই.পি.এফ.অ’.-এ প্ৰতিটো ডিজিটেল জীৱন প্ৰমাণপত্ৰৰ বাবদ ৫০ টকাৰ ব্যয় বহন কৰে। ফলস্বৰূপে, পেঞ্চনভোগীসকলে এই সেৱা সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰে। এই পদক্ষেপে বিশেষকৈ গ্ৰাম্য আৰু দুৰ্গম অঞ্চলত বসবাস কৰা বৃদ্ধ পেঞ্চনভোগীসকলক যথেষ্ট সহায় কৰে। ইয়াৰ জৰিয়তে— পেঞ্চনৰ ধাৰাবাহিকতা, পৰিয়াল পেঞ্চনৰ দ্ৰুত আৰম্ভণি  কেন্দ্ৰীভূত পেঞ্চন পৰিশোধ ব্যৱস্থা চি.পি.পি.এছ.-ৰ অধীনত পেঞ্চন সম্পৰ্কীয় তথ্যৰ শুদ্ধতা আৰু নিৰ্ভৰযোগ্যতা উন্নত কৰাত সহায় কৰে।

ই.পি.এফ.অ’.-ৰ পুনৰ্নিৰ্মিত ৱেবছাইট : ২০২৫ চনৰ ১ নৱেম্বৰত ই.পি.এফ.অ’.-এ নিজৰ পুনৰ্নিৰ্মিত ৱেবছাইট epfo.gov.in মুকলি কৰে। এই মোবাইল-অনুকূল পৰ্টেলটোৱে কৰ্মচাৰী, নিয়োগকৰ্তা আৰু পেঞ্চনভোগীসকলৰ বাবে এক উমৈহতীয়া ব্যৱহাৰকাৰী আন্তঃপৃষ্ঠ প্ৰদান কৰে।

ইয়াৰ জৰিয়তে পাছবুক, দাবীৰ প্ৰ-পত্ৰ, পেঞ্চন সেৱা, ব্যক্তিগত তথ্যৰ সংশোধন আৰু বিভিন্ন আঁচনিৰ তথ্য সহজে লাভ কৰিব পাৰি। পৃথক লগ-ইন ব্যৱস্থা আৰু “ই.পি.এফ.অ’. এণ্ড ইউ” শাখাই ব্যৱহাৰকাৰীসকলক প্ৰয়োজনীয় সেৱাসমূহ সহজে বিচাৰি উলিওৱাত সহায় কৰে। ইউ টিউব-ত উপলব্ধ ভিডিঅ'সমূহৰ জৰিয়তে ভৱিষ্যনিধিৰ জমা ধনৰ পৰিমাণ পৰীক্ষা কৰা, অগ্ৰিম ধনৰ বাবে আবেদন কৰা, পেঞ্চনৰ আবেদন দাখিল কৰা, ইলেক্ট্ৰনিক চালান-কাম-ৰিটাৰ্ণ দাখিল কৰা, প্ৰতিষ্ঠান পঞ্জীয়ন কৰা আৰু ইউ.এ.এন. সক্ৰিয় কৰাৰ দৰে সেৱাসমূহৰ ব্যৱহাৰিক পদ্ধতি ব্যাখ্যা কৰা হৈছে।

চুটি ডমেইন নাম আৰু উন্নত নেভিগেচন ব্যৱস্থাই বিভিন্ন ডিজিটেল ডিভাইচৰ জৰিয়তে ৱেবছাইটটো ব্যৱহাৰ কৰাটো অধিক সহজ কৰি তুলিছে।

ই.পি.এফ.অ’. ৩.০ – কোৰ বেংকিং-ভিত্তিক ৰূপান্তৰ: ই.পি.এফ.অ’. ৩.০-এ উদ্যোগ-মানৰ কোৰ বেংকিং ব্যৱস্থাৰ সক্ষমতা ব্যৱহাৰ কৰি ই.পি.এফ.অ’.-ৰ সেৱাসমূহ আধুনিকীকৰণ কৰিছে।

  • ইয়াত এক কোৰ বেংকিং সমাধানৰ সৈতে ক্লাউড-নেটিভ, এ.পি.আই.-ফাৰ্ষ্ট আৰু মাইক্ৰ'ছাৰ্ভিচ-ভিত্তিক মডিউলসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। এই মডিউলসমূহে একাউণ্ট পৰিচালনা, উদ্যোগিক সম্পদ পৰিকল্পনা, নিয়ম-নীতি পালন আৰু গ্ৰাহক সেৱাৰ দৰে কাৰ্যসমূহ সম্পন্ন কৰে। ইয়াৰ পৰ্যায়ক্ৰমে ৰূপায়ণৰ ব্যৱস্থাই সুৰক্ষিত, সম্প্ৰসাৰণযোগ্য আৰু নিৰৱচ্ছিন্ন সেৱা নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে।
  • এই পদক্ষেপে কাগজ-পত্ৰৰ ব্যৱহাৰ হ্ৰাস কৰা, দাবী নিষ্পত্তিৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰা আৰু সদস্যসকলৰ বিভিন্ন সেৱাৰ বাবে এক উমৈহতীয়া ডিজিটেল মঞ্চ প্ৰদান কৰাৰ ব্যৱস্থা কৰা হৈছে।
  • বিপদাশংকা পৰীক্ষাৰ জৰিয়তে বৈধতা নিশ্চিত কৰা দাবীসমূহ কোনো ধৰণৰ হস্তচালিত হস্তক্ষেপ অবিহনে স্বয়ংক্ৰিয়ভাৱে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত দাবী নিষ্পত্তিৰ সময় পূৰ্বৰ সৰ্বাধিক ২০ দিনৰ পৰা ৩ দিনতকৈও কম সময়লৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।
  • পৰিকল্পিত নতুন সুবিধাসমূহৰ ভিতৰত তাৎক্ষণিকভাৱে ধন উলিওৱাৰ সুবিধা, বহুভাষিক স্ব-সেৱা ব্যৱস্থা আৰু বেতন-প্ৰদান ব্যৱস্থাৰ সৈতে সংযুক্ত নিৰৱচ্ছিন্ন বৰঙণি জমা কৰাৰ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে।
  • এই আধুনিক ব্যৱস্থাটোৰ জৰিয়তে ৩০ কোটিতকৈও অধিক ই.পি.এফ.অ’. সদস্যক সেৱা প্ৰদান কৰাৰ লক্ষ্য ৰখা হৈছে।

ই.পি.এফ.অ’.-ৰ পৰিসৰৰ বাহিৰত: ভাৰতৰ বিস্তৃত সামাজিক সুৰক্ষা ব্যৱস্থা

ই.পি.এফ.অ’.-ৰ পৰিসৰৰ বাহিৰতো ভাৰতৰ সামাজিক সুৰক্ষা ব্যৱস্থা বিভিন্ন আঁচনি আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ জৰিয়তে সম্প্ৰসাৰিত হৈছে। এই ব্যৱস্থাসমূহে সমাজৰ দুৰ্বল শ্ৰেণীৰ লোক আৰু বিভিন্ন কৰ্মসংস্থাপনৰ সৈতে জড়িত শ্ৰমিকসকলক সহায় আগবঢ়ায়।

এই পদক্ষেপসমূহৰ জৰিয়তে সামাজিক সাহায্য, পেঞ্চনৰ সুবিধা, বিধিগত সুৰক্ষা আৰু ডিজিটেল মঞ্চৰ সমন্বয় সাধন কৰি অধিক সংখ্যক লোকৰ বাবে সামাজিক সুৰক্ষাৰ সুবিধা উপলব্ধ কৰাৰ ব্যৱস্থা কৰা হৈছে।

প্ৰধানমন্ত্ৰী সামাজিক সাহায্য আঁচনি

এই আঁচনিখনে যোগ্য জ্যেষ্ঠ নাগৰিক, বিধৱা মহিলা, বিশেষভাৱে সক্ষম ব্যক্তি আৰু পৰিয়ালৰ উপাৰ্জনকাৰী সদস্যৰ মৃত্যুৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সামাজিক সাহায্য প্ৰদান কৰে। ২০২৬ চনৰ অক্টোবৰ মাহত বৰ্তমানৰ ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচীৰ সংশোধনৰ জৰিয়তে এই আঁচনিখন পুনৰ প্ৰৱৰ্তন কৰা হৈছে। এই আঁচনিখন ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০–৩১ বিত্তীয় বৰ্ষলৈ অব্যাহত থাকিব।

এন.এছ.এ.পি.-ৰ অধীনস্থ বিভিন্ন উপ-আঁচনিসমূহৰ জৰিয়তে আগবঢ়োৱা সুবিধাসমূহ তলত উল্লেখ কৰা হ'ল—

বিশেষভাৱে সক্ষম ব্যক্তিৰ পেঞ্চন আঁচনিৰ অধীনত ৮০ বছৰৰ তলৰ হিতাধিকাৰীসকলক প্ৰতিমাহে ৩৭৫ টকা আৰু ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ হিতাধিকাৰীসকলক প্ৰতিমাহে ৬২৫ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ইয়াৰ উপৰি, নিৰ্ধাৰিত বিশেষভাৱে সক্ষমতাৰ হাৰ ৮০ শতাংশৰ পৰা হ্ৰাস কৰি ৪০ শতাংশ কৰা হৈছে আৰু ন্যূনতম বয়সৰ চৰ্ত আঁতৰোৱা হৈছে। ফলত জন্মৰ পৰাই যোগ্য বিশেষভাৱে সক্ষম ব্যক্তিসকলক এই আঁচনিৰ আওতালৈ অনাৰ ব্যৱস্থা কৰা হৈছে।

বৃদ্ধাৱস্থা পেঞ্চন আঁচনিৰ অধীনত ৬০–৭৯ বছৰ বয়সৰ ব্যক্তিসকলক প্ৰতিমাহে ২০০ টকা আৰু ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ ব্যক্তিসকলক প্ৰতিমাহে ৫০০ টকাৰ পেঞ্চন প্ৰদান কৰা হয়।

বিধৱা পেঞ্চন আঁচনিৰ অধীনত ৪০–৭৯ বছৰ বয়সৰ বিধৱা মহিলাসকলক প্ৰতিমাহে ৩০০ টকা আৰু ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ বিধৱা মহিলাসকলক প্ৰতিমাহে ৫০০ টকাৰ পেঞ্চন প্ৰদান কৰা হয়।

পৰিয়াল সাহায্য আঁচনিৰ অধীনত ১৮–৫৯ বছৰ বয়সৰ পৰিয়ালৰ প্ৰধান উপাৰ্জনকাৰী সদস্যৰ মৃত্যু হ’লে যোগ্য পৰিয়ালটোক এককালীন ২০,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই সাহায্যৰ মূল উদ্দেশ্য হৈছে উপাৰ্জনকাৰী সদস্যৰ মৃত্যুৰ ফলত আৰ্থিক সংকটৰ সন্মুখীন হোৱা পৰিয়ালটোক তাৎক্ষণিক আৰ্থিক সকাহ প্ৰদান কৰা।

সামাজিক সুৰক্ষা সংহিতা, ২০২০

সামাজিক সুৰক্ষা সংহিতা, ২০২০এ সামাজিক সুৰক্ষাৰ সৈতে জড়িত পূৰ্বৰ নখন কেন্দ্ৰীয় শ্ৰম আইন একত্ৰিত কৰি একক বিধানগত কাঠামো গঢ়ি তুলিছে। এই সংহিতাখনে ভৱিষ্যনিধি, পেঞ্চন, বীমা, মাতৃত্বকালীন সুবিধা, গ্ৰেচুইটি আৰু শ্ৰমিকৰ সুৰক্ষাৰ অন্যান্য সুবিধাসমূহৰ ব্যৱস্থা কৰিছে। ইয়াৰ বিধানসমূহে সংগঠিত আৰু অসংগঠিত উভয় খণ্ডৰ শ্ৰমিকৰ লগতে গিগ আৰু প্লেটফৰ্মভিত্তিক শ্ৰমিকসকলকো সামৰি লৈছে।

এই সংহিতা অনুসৰি, প্ৰযোজ্য চৰ্তসমূহ পূৰণ কৰা নিৰ্দিষ্ট-ম্যাদী কৰ্মচাৰীসকলে এবছৰৰ সেৱাকাল সম্পূৰ্ণ কৰাৰ পিছত আনুপাতিক হাৰত গ্ৰেচুইটি লাভ কৰাৰ সুবিধা পাব।

ইয়াৰ উপৰি, এই সংহিতাই গিগ আৰু প্লেটফৰ্মভিত্তিক শ্ৰমিকসকলকো সামাজিক সুৰক্ষা ব্যৱস্থাৰ অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিছে। এই আঁচনিসমূহৰ বিত্তীয় সাহায্যৰ বাবে এটা সামাজিক সুৰক্ষা পুঁজিৰ ব্যৱস্থাও কৰা হৈছে।

মহিলাসকলৰ বাবে বিশেষ ব্যৱস্থাসমূহৰ ভিতৰত যোগ্য মহিলাসকলৰ বাবে সৰ্বাধিক ২৬ সপ্তাহৰ মাতৃত্বকালীন সুবিধা, কৰ্মৰ প্ৰকৃতিৰ সৈতে সামঞ্জস্য থাকিলে ঘৰৰ পৰা কাম কৰাৰ সুবিধা আৰু নিৰ্ধাৰিত চৰ্ত পূৰণ কৰা প্ৰতিষ্ঠানসমূহত শিশুৰ যত্নৰ বাবে ক্ৰে'চ সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ উপৰি, এই সংহিতাখনে সামাজিক সুৰক্ষাৰ সুবিধাসমূহৰ ৰূপায়ণ আৰু প্ৰাপ্তি সহজ কৰাৰ উদ্দেশ্যে ডিজিটেল আৰু সৰলীকৃত নিয়ম-নীতি পালন ব্যৱস্থাৰো ব্যৱস্থা কৰিছে।

ই-শ্ৰম : অসংগঠিত শ্ৰমিকসকলৰ বাবে এক সংহত মঞ্চ

২০২১ চনৰ আগষ্ট মাহত আৰম্ভ কৰা ই-শ্ৰম পৰ্টেলে ভাৰতৰ অসংগঠিত শ্ৰমিকসকলৰ বাবে আধাৰ-সংযুক্ত প্ৰথমখন ৰাষ্ট্ৰীয় তথ্যভাণ্ডাৰ গঢ়ি তুলিছে। এই পৰ্টেলত পঞ্জীয়ন কৰা প্ৰতিগৰাকী শ্ৰমিকক একোটা ইউনিভাৰ্ছেল একাউণ্ট নম্বৰ প্ৰদান কৰা হয়। ২০২৬ চনৰ আগষ্ট মাহলৈকে এই পৰ্টেলত মুঠ ৩১.৮৯ কোটি পঞ্জীয়ন সম্পন্ন হৈছে। ২০২৪ চনৰ অক্টোবৰ মাহত আৰম্ভ কৰা ই-শ্ৰম ওৱান ষ্টপ চলিউচনে-এ ১৫খন সামাজিক সুৰক্ষা আৰু কল্যাণমূলক আঁচনিক একত্ৰিত কৰিছে। ইয়াৰ উপৰি, এই পৰ্টেলে শ্ৰমিকসকলক বিভিন্ন সেৱাৰ সৈতে সংযুক্ত কৰে—নেচনেল কৰ্মসংস্থাপন সেৱাই কৰ্মসংস্থাপনৰ সুযোগ আৰু চাকৰি বিচৰাৰ সুবিধা প্ৰদান কৰে। স্কিল  ইণ্ডিয়া ডিজিটেল হাবে দক্ষতা বিকাশ, প্ৰশিক্ষণ আৰু এপ্ৰেণ্টিছশ্বিপৰ সুবিধাৰ সৈতে সংযোগ স্থাপন কৰে আৰু মাই স্কিমে যোগ্যতাৰ ভিত্তিত উপযুক্ত চৰকাৰী আঁচনিসমূহ চিনাক্ত কৰাত সহায় কৰে।

 প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান-ধন আঁচনি (পি.এম.-এছ.ৱাই.এম.) 

প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান-ধন আঁচনি হৈছে ১৮–৪০ বছৰ বয়সৰ, মাহিলী উপাৰ্জন ১৫,০০০ টকা পৰ্যন্ত হোৱা যোগ্য অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে এক স্বেচ্ছামূলক আৰু বৰঙণিভিত্তিক পেঞ্চন আঁচনি। এই আঁচনিৰ অধীনত নিৰ্ধাৰিত চৰ্তসমূহ পূৰণ কৰা হিতাধিকাৰীসকলে ৬০ বছৰ বয়স সম্পূৰ্ণ কৰাৰ পিছত প্ৰতিমাহে ন্যূনতম ৩,০০০ টকাৰ নিশ্চিত পেঞ্চন লাভ কৰে। নামভৰ্তিৰ সময়ত বয়সৰ ওপৰত নিৰ্ভৰ কৰি হিতাধিকাৰীসকলে প্ৰতিমাহে ৫৫ টকাৰ পৰা ২০০ টকালৈ বৰঙণি জমা কৰিব লাগে। কেন্দ্ৰীয় চৰকাৰেও হিতাধিকাৰীয়ে আগবঢ়োৱা সমপৰিমাণৰ বৰঙণি প্ৰদান কৰে। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বৃদ্ধাৱস্থাৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰা। উল্লেখযোগ্য যে, ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় ৫০ শতাংশ অসংগঠিত খণ্ডৰ পৰা আহে। ইয়াৰ ফলত দেশৰ অৰ্থনীতিত এই খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা প্ৰতিফলিত হয়।

সাৰ্বজনীন সামাজিক সুৰক্ষাৰ দিশে

ভাৰতৰ সামাজিক সুৰক্ষা ব্যৱস্থা ই.পি.এফ.অ’.-ৰ অধিক বিস্তৃত অন্তৰ্ভুক্তি, ডিজিটেল সেৱা প্ৰদান আৰু শ্ৰমিক কল্যাণৰ ক্ষেত্ৰত বিভিন্ন সংস্কাৰৰ জৰিয়তে ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈ আহিছে।

ভৱিষ্যনিধি, পেঞ্চন, বীমা আৰু সামাজিক সাহায্যৰ সৈতে জড়িত বিভিন্ন পদক্ষেপে আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উভয় খণ্ডৰ শ্ৰমিকসকলক সামাজিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিছে। ইয়াৰ উপৰি, সৰলীকৃত নিয়ম-নীতি পালন ব্যৱস্থা আৰু প্ৰযুক্তিনিৰ্ভৰ ডিজিটেল মঞ্চসমূহে বিভিন্ন কল্যাণমূলক সুবিধা লাভৰ পথ অধিক সহজ কৰি তুলিছে। সামূহিকভাৱে এই পদক্ষেপসমূহে অধিক অন্তৰ্ভুক্তিমূলক, সুলভ আৰু সহজলভ্য সাৰ্বজনীন সামাজিক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাত অৰিহণা যোগাইছে।

তথ্যসুত্ৰসমূহ

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

 

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2311292&reg=48&lang=1
https://pmvbry-cdn.epfindia.gov.in/wp-content/uploads/2025/08/Annual-Report-2024-25.pdf
https://pmvbry-cdn.epfindia.gov.in/wp-content/uploads/2025/08/71.pdf

https://pmvbry-cdn.epfindia.gov.in/wp-content/uploads/2025/08/61.pdf

https://mis.epfindia.gov.in/ChartDashboard/
https://pmvbry-cdn.epfindia.gov.in/wp-content/uploads/2025/08/61.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2227132&lang=1&reg=6

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2136592&lang=2&reg=3
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2209767&lang=1&reg=6
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2118168&lang=2&reg=48
https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=2109829&reg=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2178522&lang=2&reg=48
https://www.linkedin.com/pulse/epfos-new-website-simpler-faster-mobile-friendly-epfoofficial-ahxsc

https://pmvbry-cdn.epfindia.gov.in/wp-content/uploads/2025/12/Draft_Minutes_of_114_EC.pdf

https://pmvbry-cdn.epfindia.gov.in/wp-content/uploads/2025/12/EC_meeting_Agenda_114.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2291296&lang=1&reg=1
https://shramsuvidha.gov.in/
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2108082&reg=48&lang=2

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2051703&reg=48&lang=2

https://web.umang.gov.in/landing/dashboard

https://dge.gov.in/sites/default/files/2026-09/1186_English.pdf

https://www.epfo.gov.in/about-us/


কেবিনেট

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2310811&reg=48&lang=2
https://www.labour.gov.in/static/uploads/2026/09/4f607a88c5342aeb980c6b999997caab.pdf


পি.আই.বি.  বেকগ্ৰাউণ্ডাৰ

 

https://www.pib.gov.in/FactsheetDetails.aspx?Id=150473&reg=3&lang=2

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2303053&reg=48&lang=1

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2022/mar/doc202232127301.pdf

 

 

PDF চাবলৈ ইয়াত ক্লিক কৰক

****

পি.আই.বি. গৱেষণা/SS/RR

(Explainer ID: 160666) आगंतुक पटल : 81
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Tamil , Kannada , Malayalam