Rural Prosperity

প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনা

তৃণমূল পৰ্যায়ত প্ৰশাসনৰ সুদৃঢ়কৰণ

Posted On: 28 OCT 2026 6:34PM

প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনা হৈছে ৭,৩৯৫.৫৫ কোটি টকাৰ মুঠ আবণ্টনেৰে ২০২৬-২৭ বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষলৈ অনুমোদিত এখন কেন্দ্ৰীয়ভাৱে প্ৰায়োজিত আঁচনি। ই যোগ্য পৰম্পৰাগত গ্ৰাম্য স্থানীয় চৰকাৰী প্ৰতিষ্ঠানসমূহৰ লগতে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে। এই আঁচনিয়ে গ্ৰাম পঞ্চায়তসমূহক সমন্বিত আৰু অংশগ্ৰহণমূলক উন্নয়ন পৰিকল্পনাৰ কেন্দ্ৰ হিচাপে শক্তিশালী কৰাৰ প্ৰয়াস কৰে। ইয়াৰ বাৰ্ষিক লক্ষ্যসমূহৰ ভিতৰত আছে ২.৫৫ লাখৰো অধিক গ্ৰাম্য উন্নয়ন পৰিকল্পনা আৰু ২.৫৫ লাখৰো অধিক অনলাইন অডিট পৰিকল্পনা। প্ৰতিটো সমন্বিত সজাগতামূলক পদক্ষেপে কমেও এক কোটি নাগৰিকৰ কাষ চপাৰ লক্ষ্য ৰাখিব। তৃণমূল পৰ্যায়ৰ প্ৰশাসন উন্নত কৰাৰ বাবে ডিজিটেল সংহতিকৰণ, সামৰ্থ্য বিকাশ আৰু বিত্তীয় জবাবদিহিতা হৈছে পৰিকল্পিত মূল ব্যৱস্থা।

বিকশিত গ্ৰাম স্বৰাজৰ ৰূপৰেখা

২০২৬ চনৰ ২৮ অক্টোবৰত কেন্দ্ৰীয় কেবিনেটে 'প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনা'ত অনুমোদন জনাইছে। ই গ্ৰাম্য স্থানীয় প্ৰশাসনৰ ৰূপান্তৰৰ বাবে এখন কেন্দ্ৰীয়ভাৱে প্ৰায়োজিত আঁচনি। এই পদক্ষেপে তৃণমূল পৰ্যায়ৰ উন্নয়নক 'বিকশিত ভাৰত'ৰ ৰাষ্ট্ৰীয় ৰূপকল্পৰ সৈতে সংগতিপূৰ্ণ কৰি তোলে। ইয়াৰ লক্ষ্য হৈছে পঞ্চায়তসমূহক সৱল, স্বনিৰ্ভৰশীল, জবাবদিহি আৰু উৎকৃষ্ট কাৰ্যক্ষমতাসম্পন্ন স্থানীয় স্ব-শাসনৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰা।

প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনা: এক নজৰত

ৰূপায়ণৰ সময়সীমা

২০২৬-২৭ ৰ পৰা ২০৩০-৩১ লৈ

মুঠ বিত্তীয় আবণ্টন

৭,৩৯৫.৫৫ কোটি টকা

কেন্দ্ৰীয় চৰকাৰৰ অংশ

৪,৮৬৯.৪৮ কোটি টকা

ৰাজ্য চৰকাৰৰ অংশ

২,৫২৬.০৭ কোটি টকা

প্ৰত্যক্ষ হিতাধিকাৰী

প্ৰায় ৩২ লাখ নিৰ্বাচিত প্ৰতিনিধি, পঞ্চায়তৰ বিষয়ববীয়া আৰু অন্যান্য অংশীদাৰ।

প্ৰতিষ্ঠানিক পৰিসৰ

২.৫৫ লাখৰো অধিক পঞ্চায়ত আৰু পৰম্পৰাগত স্থানীয় নিকায়।

ভৌগোলিক পৰিসৰ

পঞ্চায়ত ব্যৱস্থা নথকা নৱম খণ্ড-বহিৰ্ভূত (non-Part IX) অঞ্চলসমূহৰ পৰম্পৰাগত গ্ৰাম্য স্থানীয় চৰকাৰী প্ৰতিষ্ঠানসমূহকে ধৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল।

ৰূপান্তৰৰ বাবে পুঁজিৰ যোগান

প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনাৰ মুঠ বিত্তীয় আবণ্টন হৈছে ৭,৩৯৫.৫৫ কোটি টকা। কেন্দ্ৰীয় চৰকাৰে ৪,৮৬৯.৪৮ কোটি টকাৰ বৰঙণি আগবঢ়াব। ৰাজ্য চৰকাৰসমূহে ২,৫২৬.০৭ কোটি টকাৰ বৰঙণি আগবঢ়াব। এই আঁচনিৰ সময়সীমা ষোড়শ বিত্ত আয়োগৰ সময়কালৰ সৈতে একেই। আয়োগে ২০২৬-২৭ বৰ্ষৰ পৰা ২০৩০-৩১ বৰ্ষৰ সময়ছোৱাত গ্ৰাম্য স্থানীয় নিকায়সমূহৰ বাবে প্ৰায় ৪.৩৫ লাখ কোটি টকাৰ অনুদানৰ পৰামৰ্শ দিছে। এই আঁচনিয়ে পঞ্চায়তসমূহক এই সম্পদসমূহ অধিক কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰাত সহায় কৰিব। ই ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ, চৰকাৰী আঁচনি, উপলব্ধ পুঁজি আৰু স্থানীয় আকাংক্ষাসমূহক সংযোগ কৰিব।

তৃণমূল পৰ্যায়ৰ ৰূপান্তৰৰ ছটা স্তম্ভ

প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনাই ছটা সামগ্ৰিক স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে যিয়ে স্থানীয় সীমাবদ্ধতাসমূহ চিনাক্তকৰণ সুদৃঢ় কৰিব, স্থানীয় পৰিকল্পনা আৰু প্ৰশাসনীয় সামৰ্থ্য উন্নত কৰিব, ডিজিটেল সংহতিকৰণক প্ৰসাৰিত কৰিব আৰু তৃণমূল পৰ্যায়ত সম্পদৰ স্বচ্ছ ব্যৱহাৰ নিশ্চিত কৰিব।

১. স্থানীয় প্ৰশাসনৰ কেন্দ্ৰ হিচাপে গ্ৰাম পঞ্চায়ত: প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনাই গ্ৰাম পঞ্চায়তসমূহক স্থানীয় উন্নয়ন পৰিকল্পনাৰ কেন্দ্ৰবিন্দুত ৰাখিছে। পঞ্চায়তসমূহে গাঁৱৰ অগ্ৰাধিকাৰ, চৰকাৰী পদক্ষেপ আৰু উপলব্ধ সম্পদসমূহৰ মাজত সমন্বয় সাধন কৰিব। এই দৃষ্টিভংগীয়ে ৰাষ্ট্ৰীয় উন্নয়নৰ লক্ষ্যসমূহক গ্ৰাম্য সম্প্ৰদায়ৰ প্ৰয়োজনীয়তা আৰু আকাংক্ষাৰ সৈতে সংযোগ কৰিব।

২. গ্ৰাম পঞ্চায়ত পৰ্যায়ত সামগ্ৰিক পৰিকল্পনা: এই আঁচনিয়ে কেন্দ্ৰ আৰু ৰাজ্যৰ বিভাগীয় পৰিকল্পনা প্ৰক্ৰিয়াসমূহক এক উমৈহতীয়া ডিজিটেল প্লেটফৰ্মলৈ আনিব। ই সামগ্ৰিক গ্ৰাম পঞ্চায়ত উন্নয়ন পৰিকল্পনা(জি.পি.ডি.পি.)-সমূহক  সমৰ্থন কৰিব। এই সমন্বিত দৃষ্টিভংগীয়ে বিভাগসমূহক ব্যৱধানসমূহ চিনাক্ত কৰাত, পদক্ষেপসমূহ সংগতিপূৰ্ণ কৰাত আৰু উপলব্ধ সম্পদসমূহ কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰাত সহায় কৰিব। সুকীয়া আঁচনিসমূহ প্ৰদানৰ বাবে বৰ্তমান থকা বিভাগীয় ব্যৱস্থাসমূহ অব্যাহত থাকিব।

৩. ডিজিটেল প্ৰশাসন: ই-গ্ৰাম স্বৰাজ আৰু বৰ্তমান থকা ই-পঞ্চায়ত ব্যৱস্থাৰ ওপৰত ভিত্তি কৰি, প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনাই এক উমৈহতীয়া ডিজিটেল প্লেটফৰ্মত তথ্যসমূহ একত্ৰিত কৰিব। এই প্লেটফৰ্মত চৰকাৰী আঁচনি, হিতাধিকাৰী, লাভালাভ, সম্প্ৰদায়ৰ সম্পদ আৰু উপলব্ধ সম্পদসমূহ অন্তৰ্ভুক্ত থাকিব। ই পঞ্চায়তসমূহক উন্নয়নৰ ব্যৱধানসমূহ চিনাক্ত কৰাত আৰু পৰিকল্পনা, সমন্বয় তথা নিৰীক্ষণ ব্যৱস্থা উন্নত কৰাত সহায় কৰিব। এই প্লেটফৰ্মে বিভিন্ন ৰাজ্যৰ গ্ৰাম পঞ্চায়তসমূহৰ মাজত জ্ঞানৰ আদান-প্ৰদান কৰাতো সহায় কৰিব।

ই-গ্ৰাম স্বৰাজ

২০২০ চনত আৰম্ভ কৰা ই-গ্ৰাম স্বৰাজ হৈছে পঞ্চায়তীৰাজ প্ৰতিষ্ঠানসমূহৰ বাবে এক কৰ্ম-ভিত্তিক সামগ্ৰিক এপ্লিকেচন। ই অনলাইন পেমেণ্টকে ধৰি এটা মাত্ৰ ডিজিটেল প্লেটফৰ্মত পঞ্চায়তৰ কাম-কাজৰ সকলো দিশ, অৰ্থাৎ পৰিকল্পনা, বাজেট প্ৰস্তুতকৰণ, হিচাপ ৰক্ষণ, নিৰীক্ষণ, সম্পদ ব্যৱস্থাপনা আদিক সামৰি লয়। অনলাইন পেমেণ্ট আৰু বিত্তীয় ব্যৱস্থাপনাৰ বাবে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা প্ৰণালী, সামগ্ৰী ক্ৰয়ৰ বাবে চৰকাৰী ই-মাৰ্কেটপ্লেচ, বহুভাষিক এআই-সক্ষম সেৱাৰ বাবে ভাষিণী, ভাৰতনেট সংযোগ নিৰীক্ষণৰ বাবে বি.এছ.এন.এল আৰু বতৰ সম্পৰ্কীয় তথ্যৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ দৰে বিভিন্ন চৰকাৰী ডিজিটেল প্লেটফৰ্মৰ সৈতে ই-গ্ৰাম স্বৰাজক সংলগ্ন কৰা হৈছে।

৪. স্থানীয় প্ৰয়োজনীয়তাৰ সৈতে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহৰ সংযোগ: এই আঁচনিয়ে চৰকাৰী পদক্ষেপসমূহক সহজবোধ্য ভাষাত বুজাবলৈ বৰ্তমান থকা প্ৰশিক্ষণ, ডিজিটেল আৰু প্ৰচাৰ প্লেটফৰ্মসমূহ ব্যৱহাৰ কৰিব। গ্ৰাম সভা আৰু পঞ্চায়তৰ মঞ্চসমূহে তথ্যসমৃদ্ধ সম্প্ৰদায়গত আলোচনাক উৎসাহিত কৰিব, যাৰ ফলত জন ভাগীদাৰী বা জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি পাব। পঞ্চম(PANCHAM)-এ ১৭ টা ভাৰতীয় ভাষাত এ.আই.-সক্ষম, বহুভাষিক আৰু দ্বিমুখী যোগাযোগৰ জৰিয়তে এই প্ৰয়াসক সমৰ্থন জনাব। এই প্লেটফৰ্মসমূহে ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহক স্থানীয় প্ৰয়োজনীয়তা আৰু গাঁৱৰ উন্নয়নৰ লক্ষ্যসমূহৰ সৈতে সংযোগ কৰাত সহায় কৰিব।

PANCHAM – পঞ্চায়ত এছিষ্টেন্স এণ্ড মেছেজিং চেটব’ট

২০২৬ চনৰ জানুৱাৰী মাহত আৰম্ভ কৰা পঞ্চম হৈছে পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি, বিষয়া আৰু নাগৰিকসকলৰ সৈতে প্ৰত্যক্ষ, সময়োচিত আৰু দ্বিমুখী ডিজিটেল মত বিনিময়ৰ বাবে এটা হোৱাটছএপ-ভিত্তিক সঁজুলি। পঞ্চমে আঁচনিৰ শেহতীয়া খবৰ, প্ৰশিক্ষণৰ সমল, জৰীপ আৰু পঞ্চায়তৰ সেৱা সম্পৰ্কীয় তথ্যসমূহ সহজে লাভ কৰাত সহায় কৰে, যিয়ে তৃণমূল পৰ্যায়ত স্বচ্ছ আৰু ফলপ্ৰসূ সেৱা প্ৰদান ব্যৱস্থাক সুদৃঢ় কৰে।

৫. দৃষ্টিকোণক কাৰ্যত পৰিণত কৰিবলৈ সামৰ্থ্য বিকাশ: প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনাই নিৰ্বাচিত প্ৰতিনিধি আৰু পঞ্চায়তৰ বিষয়ববীয়াসকলৰ সামৰ্থ্য সুদৃঢ় কৰিব। ইয়াক সমন্বিত চৰকাৰী অনলাইন প্ৰশিক্ষণ আৰু অসামৰিক সেৱাৰ সামৰ্থ্য বিকাশৰ ৰাষ্ট্ৰীয় একাডেমীৰ জৰিয়তে পৰিচালনা কৰা হ'ব। স্থানীয় প্ৰতিনিধিসকলক বিশেষ (উদাহৰণস্বৰূপে, অভিযান্ত্ৰিক আকলন প্ৰস্তুতকৰণ) আৰু সাধাৰণ, দুয়োধৰণৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। সামৰ্থ্য বিকাশে ডিজিটেল প্লেটফৰ্মসমূহৰ ফলপ্ৰসূ ব্যৱহাৰ, আঁচনি আৰু সম্পদৰ তথ্যৰ বিশ্লেষণ, সামগ্ৰিক পৰিকল্পনা আৰু নাগৰিকসকলৰ সৈতে যোগাযোগ কৰাত সহায় কৰিব। এই সামৰ্থ্যসমূহে পঞ্চায়তসমূহক স্থানীয় পৰ্যায়ৰ আলোচনাসমূহক উন্নয়নমূলক পৰিকল্পনা আৰু পৰৱৰ্তী ব্যৱস্থালৈ ৰূপান্তৰ কৰাত সহায় কৰিব।

৬. উপলব্ধ সম্পদসমূহৰ স্বচ্ছ আৰু কাৰ্যক্ষম ব্যৱহাৰ: এই আঁচনিয়ে বিত্ত আয়োগৰ অনুদান আৰু অন্যান্য পুঁজিসমূহ কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰিবলৈ পঞ্চায়তসমূহৰ সামৰ্থ্য বৃদ্ধি কৰিব। ই নিজস্ব উৎসৰ ৰাজহ বা OSR সংগ্ৰহতো সহায় কৰিব। অনলাইন হিচাপ ৰক্ষণ, হিচাপ পৰীক্ষণ আৰু ৰাজহুৱা প্ৰকাশে বিত্তীয় জবাবদিহিতা উন্নত কৰিব। এই ব্যৱস্থাসমূহে সম্পদৰ স্বচ্ছ ব্যৱহাৰক উৎসাহিত কৰিব আৰু আৰ্থিকভাৱে স্বনিৰ্ভৰশীল পঞ্চায়ত গঢ়ি তোলাত সহায় কৰিব।

ৰূপকল্পক পৰিমাপযোগ্য ফলাফললৈ ৰূপান্তৰ কৰা

প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনাই পৰিকল্পনা, নাগৰিকৰ সজাগতা, সামৰ্থ্য বিকাশ আৰু বিত্তীয় জবাবদিহিতাৰ বাবে বাৰ্ষিক লক্ষ্য নিৰ্ধাৰণ কৰে:

  • এই আঁচনিয়ে ই-গ্ৰাম স্বৰাজ পৰ্টেলত বাৰ্ষিক ২.৫৫ লাখৰো অধিক গ্ৰাম পঞ্চায়ত উন্নয়ন পৰিকল্পনা  প্ৰস্তুত কৰাত সহায় কৰিব। এই পৰিকল্পনাসমূহে গাঁৱৰ অগ্ৰাধিকাৰ, কেন্দ্ৰ আৰু ৰাজ্যৰ বিভাগীয় পদক্ষেপ আৰু উপলব্ধ সম্পদসমূহক একত্ৰিত কৰিব। সমন্বিত সজাগতা অভিযানসমূহে চৰকাৰী আঁচনি আৰু ৰাষ্ট্ৰীয় পদক্ষেপসমূহৰ বিষয়ে জনসাধাৰণৰ বুজাবুজি উন্নত কৰিব।
  • প্ৰতিটো সজাগতা সৃষ্টিৰ কাৰ্যসূচীত কমেও ১ কোটি নাগৰিকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ডিজিটেল প্লেটফৰ্ম, জনসম্পৰ্ক কাৰ্যসূচী, গ্ৰাম সভা আৰু পঞ্চায়তৰ মঞ্চসমূহে নাগৰিকৰ অংশগ্ৰহণ নিশ্চিত কৰাত সহায় কৰিব। এই সজাগতা সৃষ্টিৰ কাৰ্যসূচীসমূহৰ লক্ষ্য হ'ব প্ৰাসংগিক চৰকাৰী আঁচনি আৰু ৰাষ্ট্ৰীয় পদক্ষেপসমূহৰ বিষয়ে বুজাবুজি উন্নত কৰা আৰু ইয়াৰ স্থানীয় প্ৰভাৱসমূহৰ সন্দৰ্ভত তথ্যসমৃদ্ধ আলোচনাক উৎসাহিত কৰা।
  • প্ৰতি বছৰে প্ৰশাসনৰ প্ৰায় ৩২ লাখ অংশীদাৰক সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত নিৰ্বাচিত প্ৰতিনিধি, পঞ্চায়তৰ বিষয়ববীয়া আৰু অন্যান্য অংশীদাৰসকল অন্তৰ্ভুক্ত, যিসকলে সামৰ্থ্য বিকাশ আৰু প্ৰযুক্তিগত নিৰ্দেশনা লাভ কৰিব। এই পদক্ষেপসমূহে পৰিকল্পনা, নাগৰিকৰ সৈতে যোগাযোগ, সম্পদ ব্যৱস্থাপনা আৰু স্থানীয়ভাৱে প্ৰাসংগিক বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহৰ দিশত অগ্ৰগতিক সুদৃঢ় কৰিব।
  • এই আঁচনিয়ে প্ৰতি বছৰে কমেও ২.৫৫ লাখ অনলাইন অডিট পৰিকল্পনাক সমৰ্থন কৰিব। অডিটঅনলাইনৰ জৰিয়তে এই প্ৰাসংগিক অডিটসমূহ সময়মতে সম্পূৰ্ণ হ'ব বুলি আশা কৰা হৈছে। উন্নত হিচাপ ৰক্ষণ আৰু ৰাজহুৱা প্ৰকাশে উপলব্ধ পুঁজিসমূহৰ জবাবদিহিতা সুদৃঢ় কৰিব।

অডিট অনলাইন

পঞ্চায়তসমূহৰ বিত্তীয় ব্যৱস্থাপনা আৰু স্বচ্ছতা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে পঞ্চায়তীৰাজৰ হিচাপ-নিকাচৰ অনলাইন অডিট কৰিবলৈ ২০২০ চনত 'অডিটঅনলাইন' এপ্লিকেচন মুকলি কৰা হৈছিল। প্ৰতিখন ৰাজ্যৰে নিজা অডিট আইন/নিয়ম অনুসৰি এই এপ্লিকেচনটো ব্যৱহাৰোপযোগী কৰি সজাই ল'ব পাৰি।

আঁচনিখন কেনেদৰে ৰূপায়ণ কৰা হ'ব

প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনা বৰ্তমানৰ চৰকাৰী প্ৰতিষ্ঠান আৰু ব্যৱস্থাসমূহৰ জৰিয়তে পৰিচালিত হ'ব। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনসমূহে বাৰ্ষিক কাৰ্য পৰিকল্পনাসমূহ দাখিল কৰিব। ইয়াত আঁচনিখনৰ অধীনৰ কাৰ্যকলাপ, অগ্ৰাধিকাৰ আৰু প্ৰয়োজনীয়তাসমূহ নিৰ্দিষ্ট কৰি উল্লেখ কৰা হ'ব। নিৰ্ধাৰিত কেন্দ্ৰীয় ক্ষমতাপ্ৰাপ্ত সমিতিয়ে এই পৰিকল্পনাসমূহৰ মূল্যায়ন কৰি অনুমোদন জনাব। সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰযোজ্য পদ্ধতি আৰু নীতি-নিয়ম অনুসৰি সম্পন্ন হ'ব। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনসমূহে নিজৰ নিজৰ দায়িত্বৰ ভিতৰত থাকি কাৰ্যকলাপসমূহ হাতত ল'ব। পাৰস্পৰিক সমন্বয়ে বিভিন্ন প্ৰশাসনিক পৰ্যায়ত ইয়াৰ ৰূপায়ণত সহায় কৰিব। কাৰিকৰী সাহায্য, নিৰীক্ষণ আৰু পৰ্যালোচনাই ইয়াৰ ৰূপায়ণত সমৰ্থন জনাব। বৰ্তমান থকা প্ৰতিষ্ঠানিক, ডিজিটেল, সামৰ্থ্য বিকাশ আৰু যোগাযোগ ব্যৱস্থাসমূহে তৃণমূল পৰ্যায়ত সেৱা প্ৰদান ব্যৱস্থা সহজসাধ্য কৰি তুলিব।

এই আঁচনিত স্থায়ী পদ সৃষ্টিৰ কোনো ব্যৱস্থা ৰখা হোৱা নাই। অৱশ্যে, প্ৰয়োজন অনুসৰি ৰাজ্য, জিলা আৰু খণ্ড পৰ্যায়ত ঠিকাভিত্তিক কৰ্মচাৰী নিয়োগ কৰাৰ ব্যৱস্থা ইয়াত আছে। এই কৰ্মচাৰীসকলে কাৰিকৰী সাহায্য প্ৰদান কৰিব আৰু আঁচনিখনৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।

শক্তিশালী স্থানীয় প্ৰশাসনৰ জৰিয়তে গাঁৱৰ সবলীকৰণ

প্ৰধানমন্ত্ৰী বিকশিত গ্ৰাম স্বৰাজ যোজনাই গ্ৰাম্য প্ৰশাসনক অধিক ফলপ্ৰসূ আৰু জবাবদিহি কৰি তোলাৰ প্ৰয়াস কৰে। ই পৰিকল্পনা, ডিজিটেল ব্যৱস্থা, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু বিত্তীয় ব্যৱস্থাপনাক একত্ৰিত কৰে। গ্ৰাম্য উন্নয়নৰ সম্পদ আৰু ৰাষ্ট্ৰীয় পদক্ষেপসমূহ সম্প্ৰসাৰিত হোৱাৰ লগে লগে শক্তিশালী তৃণমূল প্ৰতিষ্ঠানৰ যি প্ৰয়োজনীয়তা আহি পৰিছে, তাৰ ক্ষেত্ৰত এই আঁচনিয়ে সঁহাৰি জনায়। ইয়াৰ লক্ষ্য হৈছে স্থানীয় প্ৰশাসনক অধিক সুসমন্বিত, স্বচ্ছ আৰু সম্প্ৰদায়ৰ অগ্ৰাধিকাৰসমূহৰ প্ৰতি সঁহাৰি জনাব পৰা কৰি তোলা। এই দৃষ্টিভংগীয়ে তৃণমূল পৰ্যায়ৰ প্ৰতিষ্ঠানসমূহক সৰ্বাংগীন গ্ৰাম্য উন্নয়নৰ মূল চালিকা শক্তি হিচাপে সুদৃঢ় কৰাৰ প্ৰয়াস কৰে, যিয়ে 'বিকশিত ভাৰত'ৰ বহল ৰূপকল্পত নিজৰ অৰিহণা যোগায়।

তথ্যসূত্ৰ

পঞ্চায়তী ৰাজ মন্ত্ৰালয়

https://x.com/mopr_goi/status/2014634258313445622

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2329491&reg=3&lang=1

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1845366&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2297553&reg=48&lang=2

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1907878&reg=48&lang=2

pdf চাবলৈ ইয়াত ক্লিক কৰক

***

পিআইবি গৱেষণা/RD/RR

(Explainer ID: 160626) आगंतुक पटल : 11
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Telugu , Kannada