Technology

সেউজ হাইড্ৰ’জেন

ভাৰতৰ স্বচ্ছ শক্তি ৰূপান্তৰৰ উদীয়মান স্তম্ভ

Posted On: 28 OCT 2026 11:07AM

সেউজ হাইড্ৰ’জেন ভাৰতৰ স্বচ্ছ শক্তি ৰূপান্তৰৰ এক শক্তিশালী স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে। নৱীকৰণযোগ্য বিদ্যুৎ ব্যৱহাৰ কৰি পানী বিভাজনৰ জৰিয়তে এইবিধ শক্তি উৎপাদন কৰা হয়। ই সাৰ উৎপাদন, পেট্ৰ’লিয়াম শোধন, লো আৰু তীখা নিৰ্মাণ, গধুৰ পথ পৰিবহণ তথা জাহাজ চলাচলৰ দৰে খণ্ডসমূহত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব পাৰে। নেচনেল গ্ৰীণ হাইড্ৰ’জেন মিছনে (এন.জি.এইচ.এম.) ঘৰুৱা নিৰ্মাণ, উৎপাদন, নিশ্চিত চাহিদা আৰু নিৰ্ভৰযোগ্য প্ৰমাণীকৰণত সহায় আগবঢ়ায়। সেউজ এমোনিয়াৰ নিলামৰ পৰা আৰম্ভ কৰি ভাৰতৰ প্ৰথমখন হাইড্ৰ’জেন ৰে’ললৈকে, প্ৰাৰম্ভিক প্ৰকল্পসমূহে এক উজ্জ্বল ভৱিষ্যতৰ পথ দেখুৱাইছে।

সেউজ হাইড্ৰ’জেন কিয় প্ৰয়োজন

হাইড্ৰ’জেন হৈছে এক শক্তি বাহক, যিয়ে শক্তি সঞ্চয় কৰি ৰাখে আৰু বিভিন্ন ব্যৱহাৰৰ বাবে যোগান ধৰে। এটা ফুৱেল চেলত ই অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি বিদ্যুৎ উৎপাদন কৰে, যাৰ উপজাত হিচাপে কেৱল পানী আৰু তাপ নিৰ্গত হয়; কোনো প্ৰদূষক যৌগ বা সেউজগৃহ গেছ নিৰ্গত নহয়। যদিও প্ৰকৃতিত বিশুদ্ধ হাইড্ৰ’জেন বৃহৎ পৰিমাণত পোৱা নাযায়, তথাপিও পানী বা প্ৰাকৃতিক গেছৰ দৰে যৌগৰ পৰা ইয়াক আহৰণ কৰিব পাৰি। সেয়েহে ইয়াৰ পাৰিপাৰ্শ্বিক প্ৰভাৱ ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় তাৰ ওপৰত নিৰ্ভৰ কৰে।

পৰম্পৰাগত পদ্ধতিবোৰ জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীল আৰু ই কাৰ্বন নিৰ্গমন কৰে। কিন্তু সৌৰ আৰু বতাহৰ দৰে নৱীকৰণযোগ্য শক্তিৰ পৰা উৎপাদিত বিদ্যুতৰ সহায়ত উৎপাদন কৰিলে এই কাৰ্বন নিৰ্গমন যথেষ্ট পৰিমাণে হ্ৰাস কৰিব পাৰি। নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰি পানী বিভাজনৰ জৰিয়তে প্ৰস্তুত কৰা এনে হাইড্ৰ’জেনকে সেউজ হাইড্ৰ’জেন বোলা হয়। জীৱাশ্ম ইন্ধনভিত্তিক পদ্ধতিৰ তুলনাত এই প্ৰক্ৰিয়াত কাৰ্বন অতি কম পৰিমাণে নিৰ্গত হয়। ভাৰতৰ প্ৰচুৰ সৌৰ আৰু বায়ু শক্তিয়ে ঘৰুৱা উৎপাদন সম্ভৱপৰ কৰি তুলিছে। ই দেশৰ শক্তিৰ উৎসসমূহ বহুমুখী কৰাৰ লগতে শক্তি নিৰাপত্তা সুদৃঢ় কৰে। লগতে, ই ২০৭০ চনৰ ভিতৰত নেট-জিৰ’ নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱাত ভাৰতক সহায় কৰে।

যিবোৰ খণ্ডত কাৰ্বন নিৰ্গমন হ্ৰাস কৰাটো কঠিন, সেইবোৰতেই সেউজ হাইড্ৰ’জেনৰ গুৰুত্ব আটাইতকৈ বেছি। ইয়াৰ কাৰণসমূহৰ ভিতৰত অত্যধিক উষ্ণতাৰ তাপৰ প্ৰয়োজনীয়তা, ৰাসায়নিক প্ৰক্ৰিয়া আৰু জীৱাশ্ম ইন্ধনৰ বিকল্পৰ অভাৱ অন্যতম। এনেধৰণৰ 'হাৰ্ড-টু-এবেট' অৰ্থাৎ নিৰ্গমন ৰোধ কৰিবলৈ কঠিন খণ্ডসমূহৰ ভিতৰত সাৰ, পেট্ৰ’লিয়াম শোধন, লো আৰু তীখা, গধুৰ পথ পৰিবহণ তথা জাহাজ চলাচল আদি উল্লেখযোগ্য। সাৰ আৰু শোধনাগাৰসমূহত ইতিমধ্যে হাইড্ৰ’জেন ব্যৱহাৰ কৰা হয়, সেয়েহে জীৱাশ্ম ইন্ধনভিত্তিক যোগানৰ ঠাইত সেউজ হাইড্ৰ’জেন প্ৰতিস্থাপন কৰিব পাৰি। ইয়াৰ উপৰি ই কম নিৰ্গমনযুক্ত তীখা উৎপাদন, নিৰ্বাচিত পৰিবহণ ব্যৱহাৰ আৰু শক্তি সঞ্চয়ত সহায় কৰিব পাৰে। যিবোৰ ক্ষেত্ৰত পোনপটীয়া বৈদ্যুতিকীকৰণ কঠিন বা কম ব্যৱহাৰিক, তাত ই বিশেষভাৱে উপযোগী।

ভাৰতৰ বাবে, ইয়াৰ বহুল ব্যৱহাৰে আমদানি কৰা জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে। লগতে বিশ্ব বজাৰত ইন্ধনৰ মূল্যৰ উঠা-নমাৰ পৰা হোৱা প্ৰভাৱো ই কমাব। এই খণ্ডটোৱে উৎপাদনত নতুন সুযোগ সৃষ্টি কৰাৰ লগতে বিনিয়োগ আকৰ্ষণ কৰিব, নিয়োগৰ সুবিধা উলিয়াব আৰু ৰপ্তানি সম্প্ৰসাৰণ কৰিব পাৰে। সম্পূৰ্ণ মূল্য শৃংখলত সক্ষমতা গঢ়ি তুলিলে ঘৰুৱা যোগান শৃংখল সুদৃঢ় হোৱাৰ লগতে ঔদ্যোগিক উদ্ভাৱনেও গতি লাভ কৰিব। এনেদৰে সেউজ হাইড্ৰ’জেনে আত্মনিৰ্ভৰশীলতা, বহনক্ষম ঔদ্যোগিক বিকাশ আৰু কম কাৰ্বনযুক্ত ভৱিষ্যত গঢ়াত সহায় আগবঢ়াব পাৰে।

হাইড্ৰ’জেনক কিহে "সেউজ" কৰি তোলে

ব্যৱহাৰৰ সময়ত হাইড্ৰ’জেনে কোনো কাৰ্বন ডাই-অক্সাইড নিৰ্গত নকৰে, সেয়েহে জলবায়ুৰ ওপৰত ইয়াৰ প্ৰভাৱ সম্পূৰ্ণৰূপে ইয়াক কেনেদৰে উৎপাদন কৰা হয় তাৰ ওপৰত নিৰ্ভৰ কৰে। ২০২৩ চনৰ আগষ্ট মাহত নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয় (এম.এন.আৰ.ই.)-এ ভাৰতৰ 'গ্ৰীণ হাইড্ৰ’জেন ষ্টেণ্ডাৰ্ড' অৰ্থাৎ সেউজ হাইড্ৰ’জেন মানদণ্ড অধিসূচিত কৰে। ১২ মহীয়া গড় হিচাপত নিৰ্ধাৰিত 'ৱেল-টু-গেট' ভিত্তিত প্ৰতি কিলোগ্ৰাম হাইড্ৰ’জেন উৎপাদনত যদি কাৰ্বন নিৰ্গমন ২ কিলোগ্ৰাম চি.অ’.২ সমতুল্যতকৈ অধিক নহয়, তেন্তে সেই হাইড্ৰ’জেনক সেউজ বুলি গণ্য কৰা হয়। ইয়াৰ জৰিয়তে আনুষ্ঠানিকভাৱে সেউজ হাইড্ৰ’জেনৰ সংজ্ঞা নিৰ্ধাৰণ কৰা বিশ্বৰ প্ৰথম কেইখনমান দেশৰ ভিতৰত ভাৰত অন্যতম হিচাপে পৰিগণিত হয়।

সৃজনশীল মন, বিজ্ঞানৰ গতিশীলতা, প্ৰযুক্তিৰ সবলীকৰণ

ভাৰতৰ উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলনৰ দ্বিতীয় সংস্কৰণ 'ই.এছ.টি.আই.চি.-২০২৬', ২০২৬ চনৰ ২৭ৰ পৰা ২৯ অক্টোবৰলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হৈছে। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ (চি.এছ.আই.আৰ.) উদ্যোগত আয়োজিত এই সন্মিলনখনৰ মূল বিষয়বস্তু হৈছে— "সৃজনশীল মন, বিজ্ঞানৰ গতিশীলতা, প্ৰযুক্তিৰ সবলীকৰণ"। ই কাৰ্বন আৱদ্ধকৰণ, ব্যৱহাৰ আৰু সংৰক্ষণৰ (চি.চি.ইউ.এছ.) দৰে শক্তি প্ৰযুক্তিকে ধৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উদীয়মান ক্ষেত্ৰসমূহৰ বিকাশ সাধন কৰে। ১২ টা বিষয়ভিত্তিক ক্ষেত্ৰক সামৰি লোৱা ইষ্টিক-২০২৬ ত পূৰ্ণাংগ অধিৱেশন, কাৰিকৰী আলোচনা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। এই সন্মিলনখনে ভাৰতৰ 'বিকশিত ভাৰত ২০৪৭' ৰ দৃষ্টিভংগীক সমৰ্থন জনাবলৈ কৌশলগত সহযোগিতাকো উৎসাহিত কৰে। কাৰ্যসূচীৰ বিষয়ে অধিক পঢ়ক: ই.এছ.টি.আই.চি.-২০২৬

 

সেউজ হাইড্ৰ’জেন কেনেকৈ উৎপাদন কৰা হয়?

সেউজ হাইড্ৰ’জেন প্ৰধানকৈ পানীৰ (এইচ.₂.অ’.) বিদ্যুৎ-বিশ্লেষণৰ (ইলেক্ট্ৰ’লাইছিছ) জৰিয়তে উৎপাদন কৰা হয়। বিদ্যুৎ-বিশ্লেষণত বিদ্যুৎ শক্তি ব্যৱহাৰ কৰি কোনো যৌগকে তাতকৈ সৰল পদাৰ্থলৈ বিভাজিত কৰা হয়। এই প্ৰক্ৰিয়াত নৱীকৰণযোগ্য বিদ্যুৎ ব্যৱহাৰ কৰি পানীক ন্যূনতম নিৰ্গমনেৰে হাইড্ৰ’জেন (এইচ.₂) আৰু অক্সিজেনলৈ (অ’.₂) বিভক্ত কৰা হয়।

2H2O → 2H2 + O2

ইয়াৰ মূল সঁজুলিটো হৈছে ইলেক্ট্ৰ’লাইজাৰ। ইয়াত বিদ্যুৎ উৎসৰ সৈতে সংযোজিত দুটা ইলেক্ট্ৰ’ড— এটা কেথ’ড আৰু এটা এন’ড থাকে। এইবোৰে এটা ইলেক্ট্ৰ’লাইট বা বিদ্যুৎ-বিশ্লেষ্য দ্ৰৱৰ মাজত কাম কৰে, যিয়ে কোষটোৰ মাজেৰে আয়নসমূহ চলাচল কৰাত সহায় কৰে। এটা ডায়েফ্ৰামে আয়নসমূহক পাৰ হ’বলৈ দি গেছ দুবিধক পৰস্পৰৰ পৰা পৃথক কৰি ৰাখে। যেতিয়া বিদ্যুৎ প্ৰবাহিত হয়, তেতিয়া কেথ’ডত হাইড্ৰ’জেন আৰু এন’ডত অক্সিজেন উৎপন্ন হয়। পৰৱৰ্তী ব্যৱহাৰৰ বাবে এই গেছসমূহ পৃথকে সংগ্ৰহ কৰা হয়। এনেদৰে এটা ইলেক্ট্ৰ’লাইজাৰে নৱীকৰণযোগ্য বিদ্যুৎ আৰু পানী ব্যৱহাৰ কৰি উদ্যোগ, পৰিবহণ আৰু অন্যান্য ব্যৱহাৰৰ বাবে কম নিৰ্গমনযুক্ত ইন্ধন প্ৰস্তুত কৰে।

আপুনি জানেনে?

বিদ্যুৎ-বিশ্লেষণৰ পূৰ্বে পানী বিশুদ্ধ কৰি লোৱা হয়, কাৰণ অশুদ্ধিয়ে কোষবোৰৰ ক্ষতি কৰিব পাৰে আৰু ইহঁতৰ আয়ুস হ্ৰাস কৰিব পাৰে। এম.এন.আৰ.ই.-ৰ মতে, প্ৰতি কিলোগ্ৰাম হাইড্ৰ’জেন উৎপাদনৰ বাবে প্ৰায় ৯ লিটাৰ খনিজবিহীন পানীৰ (ডিমিথাৰাইজড ৱাটাৰ) প্ৰয়োজন হয়। তাৰ পিছত, সংকোচনৰ (কম্প্ৰেছন) পূৰ্বে হাইড্ৰ’জেনখিনিক শুকান আৰু পুনৰ বিশুদ্ধ কৰা হয়। ভাৰতৰ সেউজ হাইড্ৰ’জেন মানদণ্ডই এই প্ৰতিটো পদক্ষেপৰ পৰা হোৱা নিৰ্গমনকো গণনা কৰে।

সেউজ হাইড্ৰ’জেনৰ প্ৰয়োগসমূহ

  • সাৰ: হাইড্ৰ’জেন আৰু নাইট্ৰ’জেনেৰে প্ৰস্তুত কৰা এমোনিয়া হৈছে ইউৰিয়াৰ দৰে নাইট্ৰ’জেনযুক্ত সাৰৰ মূল উপাদান। বৰ্তমান এই হাইড্ৰ’জেনৰ অধিকাংশই প্ৰাকৃতিক গেছৰ পৰা আহৰণ কৰা হয়। সেউজ হাইড্ৰ’জেনে ইয়াৰ স্থান ল’ব পাৰে আৰু অতি কম কাৰ্বন নিৰ্গমনেৰে সেউজ এমোনিয়া উৎপাদন কৰিব পাৰে।
  • পেট্ৰ’লিয়াম শোধনাগাৰ: পেট্ৰ’ল আৰু ডিজেলৰ পৰা ছালফাৰ আঁতৰাবলৈ শোধনাগাৰসমূহে হাইড্ৰ’জেন ব্যৱহাৰ কৰে, যাৰ ফলত ইন্ধনসমূহ অধিক স্বচ্ছভাৱে জ্বলে। তদুপৰি গধুৰ তেলক ডিজেল, এভিয়েশ্যন টাৰ্বাইন ফুৱেল আৰু নেফথাৰ দৰে লঘু ইন্ধনলৈ ৰূপান্তৰিত কৰিবলৈও ইয়াক ব্যৱহাৰ কৰা হয়। এই ইন্ধনসমূহ পথ পৰিবহণ, বিমান চলাচল আৰু উদ্যোগসমূহত ব্যৱহাৰ হয়। শোধনাগাৰৰ বেছিভাগ হাইড্ৰ’জেনেই জীৱাশ্ম ইন্ধনৰ পৰা আহে, সেয়েহে সেউজ হাইড্ৰ’জেনৰ যোগানে শোধন প্ৰক্ৰিয়াৰ নিৰ্গমন হ্ৰাস কৰিব পাৰে।
  • তীখা: পৰম্পৰাগত তীখা নিৰ্মাণত লোৰ আকৰিকৰ পৰা অক্সিজেন আঁতৰাবলৈ কয়লা ব্যৱহাৰ কৰা হয়, যাৰ ফলত কাৰ্বন ডাই-অক্সাইড নিৰ্গত হয়। 'ডাইৰেক্ট ৰিডিউচড আইৰন' পদ্ধতিত এই কামটো সেউজ হাইড্ৰ’জেনৰ জৰিয়তে কৰিব পাৰি। এনে কৰিলে এই ৰিডাকশ্যন স্তৰত কাৰ্বন ডাই-অক্সাইডৰ পৰিৱৰ্তে কেৱল জলীয় বাষ্পহে নিৰ্গত হয়।
  • নগৰীয়া গেছ নেটৱৰ্ক: সুৰক্ষা মানদণ্ড আৰু আন্তঃগাঁথনিৰ উপযোগিতা সাপেক্ষে নিৰ্দিষ্ট সীমিত অনুপাতত সেউজ হাইড্ৰ’জেনক প্ৰাকৃতিক গেছৰ সৈতে মিশ্ৰণ কৰিব পাৰি। ইয়াৰ ফলত বৰ্তমানৰ গেছ নেটৱৰ্কসমূহৰ জৰিয়তেই ঘৰ-দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান আৰু উদ্যোগসমূহলৈ এনে হাইড্ৰ’জেন-প্ৰাকৃতিক গেছৰ মিশ্ৰণ যোগান ধৰাটো সম্ভৱ হৈ উঠে। এনে মিশ্ৰণে বিদ্যমান বিতৰণ আন্তঃগাঁথনি ব্যৱহাৰ কৰিয়েই জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ আৰু সম্পৰ্কিত নিৰ্গমন হ্ৰাস কৰিব পাৰে।
  • পথ আৰু ৰে’ল পৰিবহণ: ফুৱেল-চেল চালিত বাহনসমূহে নিজৰ ভিতৰতে হাইড্ৰ’জেনক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰে, যিয়ে বৈদ্যুতিক মটৰসমূহ চলায়। ব্যৱহাৰৰ সময়ত এই বাহনসমূহৰ পৰা নিৰ্গত হোৱা একমাত্ৰ পদাৰ্থটোৱেই হ’ল জলীয় বাষ্প। দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিবলগীয়া আৰু ক্ষিপ্ৰ ইন্ধন ভৰোৱাৰ প্ৰয়োজন থকা বাছ, ট্ৰাক আৰু ৰে’লৰ বাবে এই পদ্ধতি বিশেষভাৱে উপযোগী।

আপুনি জানেনে?

ভাৰতৰ প্ৰথমখন দেশীয় প্ৰযুক্তিৰে নিৰ্মিত হাইড্ৰ’জেন চালিত ৰে’ল ২০২৬ চনৰ ১৭ জুলাইত জিন্দ–সোণিপট শাখাত উদ্বোধন কৰা হৈছিল। ১০ টা ডবাযুক্ত (কাৰ) এই ৰে’লছেটটোৱে প্ৰায় ২,৬০০ যাত্ৰী কঢ়িয়াব পাৰে। জিন্দৰ এক সুবিধাকেন্দ্ৰত প্ৰায় ৩,০০০ কিলোগ্ৰাম হাইড্ৰ’জেন মজুত ৰখা হয়। এই ৰে’লখনে কেৱল জলীয় বাষ্প আৰু তাপহে নিৰ্গত কৰে। অধিক পঢ়িবলৈ ক্লিক কৰক

  • জাহাজ চলাচল: সেউজ হাইড্ৰ’জেনক সেউজ এমোনিয়া আৰু সেউজ মিথানললৈ ৰূপান্তৰিত কৰিব পাৰি, যিবোৰ জাহাজৰ ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। দীঘলীয়া সাগৰীয় যাত্ৰাত এইবোৰে পৰম্পৰাগত সাগৰীয় ইন্ধনৰ স্থান ল’ব পাৰে। অৱশ্যে ইয়াৰ গ্ৰহণযোগ্যতা ইঞ্জিনৰ উপযোগিতা, সুৰক্ষাৰ প্ৰয়োজনীয়তা আৰু বন্দৰৰ আন্তঃগাঁথনিৰ ওপৰত নিৰ্ভৰ কৰে।
  • ৰপ্তানি: কম নিৰ্গমনযুক্ত ইন্ধন বিচৰা দেশসমূহক ভাৰতে সেউজ হাইড্ৰ’জেন তথা ইয়াৰ উপজাত দ্ৰব্য যেনে— সেউজ এমোনিয়া আৰু সেউজ মিথানল যোগান ধৰিব পাৰে। ভাৰতৰ প্ৰচুৰ নৱীকৰণযোগ্য শক্তিৰ সম্পদে এই যোগান প্ৰক্ৰিয়াত সহায় কৰিব পাৰে। এনে ৰপ্তানিয়ে ঔদ্যোগিক সুযোগ সৃষ্টি কৰাৰ লগতে কম নিৰ্গমনযুক্ত ইন্ধনৰ ক্ষেত্ৰত বিশ্ব দৰবাৰত ভাৰতৰ স্থিতি অধিক সুদৃঢ় কৰিব পাৰে। পঢ়িবলৈ ক্লিক কৰক: ভাৰতৰ সেউজ হাইড্ৰ’জেন উৎপাদন ক্ষমতা

চৰকাৰী দৃষ্টিভংগীত সমন্বয় সাধন

সমগ্ৰ খণ্ডটোতে সেউজ হাইড্ৰ’জেনৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবলৈ চৰকাৰে এক সংহত কৌশল অৱলম্বন কৰিছে। এই ব্যৱহাৰ বৃদ্ধিৰ উদ্দেশ্যে কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰালয়, বিভাগ, সংস্থা তথা প্ৰতিষ্ঠানসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰা হৈছে। প্ৰতিটো মন্ত্ৰালয়ৰ বাবে এক নিৰ্দিষ্ট ভূমিকা নিৰ্ধাৰণ কৰা হৈছে। উদাহৰণস্বৰূপে, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে শোধনাগাৰ আৰু নগৰীয়া গেছ বিতৰণত ইয়াৰ ব্যৱহাৰক উৎসাহিত কৰে; ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ে দেশীয় সেউজ এমোনিয়াভিত্তিক সাৰৰ উৎপাদন আৰু ব্যৱহাৰত উদগনি জনায়; পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে নিয়মাৱলী, মানদণ্ড আৰু ক’ড নিৰ্ধাৰণৰ জৰিয়তে পৰিবহণ খণ্ডত ইয়াৰ ব্যৱহাৰ সম্ভৱ কৰি তোলে; তীখা মন্ত্ৰালয়ে তীখা নিৰ্মাণত ইয়াৰ ব্যৱহাৰক অগ্ৰাধিকাৰ দিয়ে; বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে গোলকীয় অংশীদাৰসকলৰ সৈতে সহযোগিতামূলক সম্পৰ্ক গঢ়ি তোলাত সহায় কৰে।

ভাৰতৰ সেউজ হাইড্ৰ’জেন নীতি আন্তঃগাঁথনি

এন.জি.এইচ.এম.: সমগ্ৰ পৰিৱেশ তন্ত্ৰৰ বাবে এক অভিযান

ভাৰতক সেউজ হাইড্ৰ’জেন আৰু ইয়াৰ উপজাতসমূহৰ বিশ্বব্যাপী হাব হিচাপে গঢ়ি তুলিবলৈ এম.এন.আৰ.ই.-এ এন.জি.এইচ.এম. ৰূপায়ণ কৰি আছে। কেন্দ্ৰীয় কেবিনেটে ২০২৩ চনৰ জানুৱাৰী মাহত ১৯,৭৪৪ কোটি টকা ব্যয়েৰে এই মিছনত অনুমোদন জনাইছিল। ই ২০৩০ চনৰ ভিতৰত বাৰ্ষিক কমেও ৫ মিলিয়ন মেট্ৰিক টন উৎপাদন ক্ষমতাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ৰপ্তানি চাহিদাৰ সৈতে মিলি ই প্ৰতি বছৰে ১০ এম.এম.টি. পৰ্যন্ত হ’ব পাৰে। এই মিছনৰ উপাদানসমূহ তলত দিয়া ধৰণৰ—

ছাইট: বজাৰৰ দুয়োটা দিশতে সমৰ্থন

ষ্ট্ৰেটেজিক ইণ্টাৰভেনচনছ ফৰ গ্ৰীণ হাইড্ৰ’জেন ট্ৰাঞ্জিচন (ছাইট) কাৰ্যসূচী হৈছে এন.জি.এইচ.এম.-ৰ এক মূল উপাদান। ২০২৯–৩০ বৰ্ষলৈকে ইয়াৰ ব্যয়ৰ পৰিমাণ হৈছে ১৭,৪৯০ কোটি টকা। ই দুটা উদ্দেশ্যৰ বাবে উদগনি আগবঢ়ায়: ঘৰুৱা ইলেক্ট্ৰ’লাইজাৰ নিৰ্মাণ আৰু সেউজ হাইড্ৰ’জেন উৎপাদন। দুয়োটাই একেলগে দেশীয় সক্ষমতা শক্তিশালী কৰে আৰু উৎপাদন ত্বৰান্বিত কৰে।

মুখ্য অগ্ৰগতি

  • বাৰ্ষিক ৩,০০০ মেগাৱাট ক্ষমতাৰ ইলেক্ট্ৰ’লাইজাৰ নিৰ্মাণৰ বাবে ১৫ টা কোম্পানীক উদগনি প্ৰদান কৰা হৈছে। ই আমদানি কৰা যোগান শৃংখলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে।
  • ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত বাৰ্ষিক প্ৰায় ৮,০০০ টন সেউজ হাইড্ৰ’জেন উৎপাদন ক্ষমতা কাৰ্যক্ষম কৰা হৈছে।
  • বাৰ্ষিক ৮,৬২,০০০ টন সেউজ হাইড্ৰ’জেন উৎপাদন ক্ষমতাৰ বাবে উদগনি প্ৰদান কৰা হৈছে।

পাইলট প্ৰকল্পসমূহ

এন.জি.এইচ.এম.-এ নিৰ্গমন ৰোধ কৰিবলৈ কঠিন খণ্ডসমূহত জীৱাশ্ম ইন্ধন আৰু কেঁচামালৰ বিকল্প হিচাপে কাম কৰিবলৈ পাইলট প্ৰকল্পসমূহত সহায় আগবঢ়ায়। ইয়াৰ ভিতৰত তীখা, গধুৰ পৰিবহণ আৰু জাহাজ চলাচল অন্তৰ্ভুক্ত। এই পাইলট প্ৰকল্পসমূহৰ লক্ষ্য হৈছে প্ৰযুক্তিগত, নিয়ন্ত্ৰণমূলক আৰু আন্তঃগাঁথনিগত অভাৱসমূহ চিনাক্ত কৰা। ইয়াৰ উপৰি এইবোৰে যোগান শৃংখল আৰু প্ৰযুক্তিৰ সংহতিকো পৰীক্ষা কৰিব। এইবোৰৰ পৰা পোৱা অভিজ্ঞতাই বাণিজ্যিক স্তৰৰ সম্প্ৰসাৰণ আৰু প্ৰয়োজনীয় নীতিগত সহায়ৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিব। মিছনে ২০২৯–৩০ বৰ্ষলৈকে কম কাৰ্বনযুক্ত তীখাৰ বাবে ৪৫৫ কোটি টকা নিৰ্ধাৰণ কৰিছে। লগতে ২০২৫–২৬ বৰ্ষলৈকে পৰিবহণৰ বাবে ৪৯৬ কোটি টকা আৰু জাহাজ চলাচলৰ বাবে ১১৫ কোটি টকা নিৰ্ধাৰণ কৰিছে।

মুখ্য অগ্ৰগতি

  • তীখা খণ্ডত পাঁচটা পাইলট প্ৰকল্পৰ বাবে অনুমোদন জনোৱা হৈছে। ১০০% হাইড্ৰ’জেন ইনজেকশ্যন পৰীক্ষাৰ বাবে ৮৪ কোটি টকা অনুমোদন দিয়া হৈছে।
  • ১২টা প্ৰকল্পৰ অধীনত ৭০খন হাইড্ৰ’জেন চালিত বাহন মোতায়েন কৰা হ’ব, যাৰ ভিতৰত ২৭খন বাছ আৰু ৪৩খন ট্ৰাক অন্তৰ্ভুক্ত। এইবোৰৰ ভিতৰত ফুৱেল চেল ইলেক্ট্ৰিক বাহন (এফচিইভি) আৰু হাইড্ৰ’জেন ইণ্টাৰনেল কম্বাশ্বন ইঞ্জিন (এইচ.₂-আইচিই) বাহনসমূহ আছে।
  • এই প্ৰকল্পসমূহে ২১টা পথত ১৬টা হাইড্ৰ’জেন ৰিফুৱেলিং ষ্টেচনো সামৰি লৈছে। ইয়াৰ বাবে ৪১.৫৮ কোটি টকাৰ আৰ্থিক সাহাৰ্য মুকলি কৰি দিয়া হৈছে।
  • ভি.অ’. চিদাম্বৰনাৰ পোৰ্ট অথৰিটিয়ে সেউজ মিথানলৰ বাবে বাংকাৰিং আৰু ৰিফুৱেলিং সুবিধা গঢ়ি তুলিবলৈ এটা পাইলট প্ৰকল্প প্ৰদান কৰিছে। এই প্ৰকল্পটোৰ ব্যয় হৈছে ৩৮.১২ কোটি টকা, য’ত এম.এন.আৰ.ই.-ৰ ৩৫ কোটি টকাৰ অনুদানো অন্তৰ্ভুক্ত আছে।

সেউজ হাইড্ৰ’জেন হাব আৰু হাইড্ৰ’জেন ভেলী ইন’ভেচন ক্লাষ্টাৰ (এইচ.ভি.আই.চি.)

হাইড্ৰ’জেন পৰিবহণ কৰাটো যথেষ্ট কঠিন। এই সমস্যা সমাধানৰ বাবে মিছনে হাব আৰু এইচ.ভি.আই.চি.-সমূহক উদগনি দিয়ে। এনে ক্লাষ্টাৰভিত্তিক দৃষ্টিভংগীয়ে উৎপাদন, ব্যৱহাৰ আৰু আন্তঃগাঁথনিক একেলগে একত্ৰিত কৰে। ই প্ৰকল্পৰ ব্যৱহাৰিকতা উন্নত কৰাৰ লগতে বৃহৎ মাত্ৰাৰ উৎপাদনৰ সুবিধা (ইকনমিজ অৱ স্কেল) প্ৰদান কৰে। নিৰ্ধাৰিত হাবসমূহত থকা প্ৰকল্পসমূহে কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিসমূহৰ সুবিধাও লাভ কৰিব পাৰে। এনে হাব আৰু সম্পৰ্কিত প্ৰকল্পসমূহৰ বাবে মিছনে ২০২৫–২৬ বৰ্ষলৈকে ৪০০ কোটি টকাৰ ব্যৱস্থা ৰাখিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে সেউজ বিনিয়োগ আকৰ্ষণ কৰা আৰু উদ্ভাৱন ত্বৰান্বিত কৰা।

মুখ্য অগ্ৰগতি

  • এম.এন.আৰ.ই.-এ দীনদয়াল বন্দৰ (কাণ্ডলা, গুজৰাট), ভি.অ’. চিদাম্বৰনাৰ বন্দৰ (তুতিকোৰিন, তামিলনাডু) আৰু পাৰাদ্বীপ বন্দৰক (ওড়িশা) হাব হিচাপে স্বীকৃতি দিছে।
  • ২০২৫ চনৰ জুলাই মাহত কাণ্ডলা বন্দৰত দেশীয়ভাৱে নিৰ্মিত ১ মেগাৱাটৰ এক সেউজ হাইড্ৰ’জেন প্ৰকল্প কাৰ্যক্ষম কৰা হৈছিল।
  • চাৰিটা এইচ.ভি.আই.চি. প্ৰদান কৰা হৈছে: যোধপুৰ, ওড়িশা, পুণে আৰু কেৰালা।

সহায়কাৰী নীতি পৰিকাঠামো

সেউজ হাইড্ৰ’জেনক ব্যয়সাধ্য কৰি তুলিবলৈ মিছনে এক সৰ্বাংগীন চৰকাৰী দৃষ্টিভংগী অনুসৰণ কৰে। সুবিধা প্ৰদান আৰু প্ৰকল্পৰ সুচলতাৰ বাবে এম.এন.আৰ.ই.-এ কেন্দ্ৰীয় তথা ৰাজ্যিক বিভাগসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰে। আন্তঃৰাজ্যিক সংবহন মাচুল ৰেহাই দিয়া আৰু নৱীকৰণযোগ্য শক্তি বেংকিং সুচল কৰাটো ইয়াৰ অন্যতম প্ৰধান পদক্ষেপ। লগতে ইয়াত সময়সীমা নিৰ্ধাৰিত 'অপেন এক্সেছ' আৰু গ্ৰিড সংযোগ অন্তৰ্ভুক্ত আছে। চৰকাৰে নৱীকৰণযোগ্য ক্ষমতা, সংবহন, বেংকিং আৰু সংৰক্ষণৰ পৰিকল্পনাসমূহৰ মাজত সমন্বয় সাধন কৰিব। হাইড্ৰ’জেন কেন্দ্ৰসমূহলৈ সৌৰ উদ্যান, নিৰ্মাণ মণ্ডল আৰু বিশেষ অৰ্থনৈতিক অঞ্চলৰ (এছ.ই.জেড.) সম্প্ৰসাৰণ কৰা হ’ব পাৰে। তদুপৰি মিছনে আন্তঃৰাষ্ট্ৰীয় সেউজ বিত্তায়ন, সেউজ বণ্ড আৰু অভিনৱ বিত্তীয় ব্যৱস্থাসমূহৰ দিশটোও অন্বেষণ কৰিব।

মুখ্য অগ্ৰগতি

  • ২০৩০ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত কাৰ্যক্ষম হোৱা সেউজ হাইড্ৰ’জেন আৰু সেউজ এমোনিয়া প্ৰকল্পসমূহক ২৫ বছৰৰ বাবে আন্তঃৰাজ্যিক সংবহন ব্যৱস্থাৰ (আই.এছ.টি.এছ.) মাচুলৰ পৰা ৰেহাই দিয়া হৈছে। আই.এছ.টি.এছ. হৈছে ৰাজ্যৰ সীমাৰ সিপাৰে বিদ্যুৎ পৰিবহণৰ মাচুল। এই ৰেহায়ে বিদ্যুতৰ ব্যয় হ্ৰাস কৰে।
  • গ্ৰীণ এনাৰ্জী কৰিডৰ আঁচনিয়ে গ্ৰিডলৈ নৱীকৰণযোগ্য বিদ্যুৎ কঢ়িয়াই নিয়া লাইন আৰু চাব-ষ্টেচনসমূহত সহায় কৰে। এখন ৰাষ্ট্ৰীয় সংবহন পৰিকল্পনাই উৎপাদন আৰু ব্যৱহাৰ কেন্দ্ৰসমূহৰ মাজৰ সংযোগ উন্নত কৰে। অধিক পঢ়িবলৈ ক্লিক কৰক
  • বিশেষ অৰ্থনৈতিক অঞ্চল আইন, ২০০৫-ৰ ধাৰা ২৬-ৰ অধীনৰ শুল্ক সুবিধাসমূহ কেৱল নিজৰ ব্যৱহাৰৰ বাবে নৱীকৰণযোগ্য শক্তি সঁজুলি স্থাপন আৰু পৰিচালনা কৰা যোগ্য গোটসমূহলৈ সম্প্ৰসাৰণ কৰা হৈছে। ই নিজৰ বিদ্যুতৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে এছ.ই.জেড.-ৰ ভিতৰত নৱীকৰণযোগ্য শক্তি কেন্দ্ৰ স্থাপনৰ ব্যয় হ্ৰাস কৰিব পাৰে।
  • নৱীকৰণযোগ্য শক্তি ব্যৱহাৰ কৰি পানীৰ বিদ্যুৎ-বিশ্লেষণৰ জৰিয়তে সেউজ হাইড্ৰ’জেন বা সেউজ এমোনিয়া উৎপাদন কৰা স্বতন্ত্ৰ প্ৰকল্পসমূহক পৰিৱেশ প্ৰভাৱ মূল্যায়ন অধিসূচনা, ২০০৬-ৰ অধীনত পূৰ্ব পৰিৱেশ অনুমোদনৰ পৰা ৰেহাই দিয়া হৈছে। ই যোগ্য প্ৰকল্পসমূহৰ বাবে অনুমোদন প্ৰক্ৰিয়া সৰল কৰিব পাৰে।
  • বিশেষ অৰ্থনৈতিক অঞ্চল (এছ.ই.জেড.) বা ৰপ্তানিমুখী গোটৰ (ইঅ’ইউ) ভিতৰত অৱস্থিত নৱীকৰণযোগ্য শক্তি প্ৰকল্পসমূহে যেতিয়া কেৱল সেউজ হাইড্ৰ’জেন উৎপাদন প্ৰকল্প বা ইয়াৰ উপজাতসমূহৰ বাবে বিদ্যুৎ যোগান ধৰে, তেতিয়া সেইবোৰক এপ্ৰুভড লিষ্ট অৱ মডেলছ এণ্ড মেনুফেকচাৰাৰ্ছ (এ.এল.এম.এম.) আৰু ৰিভাইজড লিষ্ট অৱ মডেলছ এণ্ড মেনুফেকচাৰাৰ্ছ (আৰ.এল.এম.এম.)-ৰ প্ৰয়োজনীয়তাৰ পৰা ৰেহাই দিয়া হয়। প্ৰযোজ্য ৰেহাইৰ চৰ্ত সাপেক্ষে, ই যোগ্য প্ৰকল্পসমূহক নৱীকৰণযোগ্য শক্তি সঁজুলি ক্ৰয়ৰ ক্ষেত্ৰত অধিক নমনীয়তা প্ৰদান কৰে।
  • সেউজ হাইড্ৰ’জেন আৰু সেউজ এমোনিয়া নীতিত প্ৰযোজ্য ব্যৱস্থা সাপেক্ষে ১৫ দিনৰ ভিতৰত অপেন এক্সেছ আৰু ৩০ দিন পৰ্যন্ত অতিৰিক্ত নৱীকৰণযোগ্য বিদ্যুৎ বেংকিং কৰাৰ সুবিধা দিয়া হৈছে। অপেন এক্সেছে উৎপাদকসকলক তেওঁলোকৰ স্থানীয় বিতৰণ কোম্পানীৰ বাহিৰেও অন্যান্য উৎসৰ পৰা নৱীকৰণযোগ্য বিদ্যুৎ ক্ৰয় কৰাৰ অনুমতি দিয়ে। প্ৰযোজ্য নিয়মাৱলী সাপেক্ষে, বেংকিঙে অতিৰিক্ত বিদ্যুৎ ঋণ হিচাপে জমা ৰাখি পিছত ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰে।

নিয়মাৱলী আৰু মানদণ্ড                                                                            

মিছনে উদ্যোগৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি নিয়মাৱলী আৰু মানদণ্ডসমূহ গঢ়ি তুলিছে। ইয়াৰ উদ্দেশ্য হৈছে এই খণ্ডৰ বিকাশ সম্ভৱ কৰি তোলা আৰু আন্তঃৰাষ্ট্ৰীয় নিয়মসমূহৰ সৈতে সামঞ্জস্য স্থাপন কৰা।

মুখ্য অগ্ৰগতি

  • ভাৰতৰ সেউজ হাইড্ৰ’জেন মানদণ্ড অধিসূচিত কৰা হৈছে। ই ১২ মহীয়া সময়ছোৱাৰ গড় হিচাপত নিৰ্ধাৰিত ৱেল-টু-গেট ভিত্তিত প্ৰতি কিলোগ্ৰাম হাইড্ৰ’জেনত সৰ্বোচ্চ ২ কিলোগ্ৰাম চি.অ’.২ সমতুল্যৰ সীমা নিৰ্ধাৰণ কৰিছে। ই এক উমৈহতীয়া মাপকাঠী সৃষ্টি কৰিছে।
  • মানদণ্ডৰ বাবে পৰীক্ষাগাৰৰ সুবিধা, আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানগত সহায়ত পুঁজি যোগান ধৰিবলৈ আঁচনিৰ নিৰ্দেশনাৱলী জাৰি কৰা হৈছে।
  • সেউজ এমোনিয়া আৰু সেউজ মিথানলৰ বাবে মানদণ্ড অধিসূচিত কৰা হৈছে। এইবোৰে নিৰ্গমনৰ সীমা আৰু যোগ্যতাৰ চৰ্ত নিৰ্ধাৰণ কৰি উৎপাদন আৰু বাণিজ্যত সহায় আগবঢ়ায়।
  • এম.এন.আৰ.ই.-এ ২০২৫ চনৰ এপ্ৰিল মাহত 'গ্ৰীণ হাইড্ৰ’জেন চাৰ্টিফিকেচন স্কিম অৱ ইণ্ডিয়া' শুভাৰম্ভ কৰে। ব্যুৰ’ অৱ এনাৰ্জী এফিচিয়েন্সি (বি.ই.ই.)-এ নিৰীক্ষণ, সত্যাপন আৰু প্ৰমাণীকৰণৰ বাবে সংস্থাসমূহক স্বীকৃতি প্ৰদান কৰে।
  • স্বচ্ছ প্ৰমাণীকৰণ আৰু নিয়ম মানি চলাৰ সুবিধাৰ্থে ২০২৬ চনৰ জুন মাহত এটা বিশেষ পৰ্টেল আৰম্ভ কৰা হয়। এনে নিৰ্ভৰযোগ্য প্ৰমাণীকৰণে ভাৰতীয় উৎপাদকসকলক বিশ্বব্যাপী আত্মবিশ্বাসেৰে প্ৰতিযোগিতা কৰাত সহায় কৰিব।

গৱেষণা আৰু উন্নয়ন

সেউজ হাইড্ৰ’জেনক অধিক ব্যয়সাধ্য, কাৰ্যক্ষম, সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য কৰি তুলিবলৈ মিছনে গৱেষণা আৰু উন্নয়নত (আৰ.এণ্ড.ডি.) সহায় আগবঢ়ায়। উদ্যোগ আৰু চৰকাৰৰ এক নিৰ্ধাৰিত আৰ.এণ্ড.ডি. পুঁজিৰ সৈতে ষ্ট্ৰেটেজিক হাইড্ৰ’জেন ইন’ভেচন পাৰ্টনাৰশ্বিপ (শ্বিপ) হৈছে এক চৰকাৰী-বেচৰকাৰী অংশীদাৰিত্বৰ গাঁথনি। ২০২৪ চনৰ মাৰ্চ মাহত ৪০০ কোটি টকাৰ ব্যয়েৰে আৰ.এণ্ড.ডি.ৰ বাবে আঁচনিৰ নিৰ্দেশনাৱলী অধিসূচিত কৰা হৈছিল। ২০২৬ চনৰ জুন মাহলৈকে, ১১৩ কোটি টকা মূল্যৰ এক প্ৰাৰম্ভিক আৰ.এণ্ড.ডি. ৰোডমেপে হাইড্ৰ’জেন উৎপাদন, সংৰক্ষণ আৰু সুৰক্ষা প্ৰযুক্তিসমূহৰ অনুমোদিত প্ৰকল্পসমূহত সহায় আগবঢ়াইছে।

দক্ষতা বিকাশ

এক সমন্বিত দক্ষতা বিকাশ পদক্ষেপ কাৰ্যকৰী হৈ আছে। মিছনৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত সমগ্ৰ মূল্য শৃংখলত ৬ লাখতকৈ অধিক নিয়োগৰ সৃষ্টি কৰা। এতিয়ালৈকে ১৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত হাইড্ৰ’জেন সম্পৰ্কিত অৰ্হতাত ৮,১৪৯ গৰাকী প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু ৭,২৪৮ গৰাকীক প্ৰমাণিত কৰা হৈছে। এই প্ৰশিক্ষণে ইলেক্ট্ৰ’লাইজাৰৰ বাবে নৱীকৰণযোগ্য বিদ্যুৎ, বিদ্যুৎ-বিশ্লেষণ, সংৰক্ষণ, পৰিবহণ, সুৰক্ষা মানদণ্ড আৰু তীখা, মবিলিটি তথা শোধনৰ দৰে চূড়ান্ত ব্যৱহাৰক সামৰি লৈছে। উদ্ভাৱনৰ বাবে সেউজ হাইড্ৰ’জেন প্ৰযুক্তিত কাম কৰি থকা ষ্টাৰ্ট-আপসমূহৰ বাবে ১০০ কোটি টকা আৱণ্টন কৰা হৈছে। মুঠ ২২ কোটি টকা পুঁজিৰে প্ৰথম নটা ষ্টাৰ্ট-আপক অনুমোদন জনোৱা হৈছে।

আন্তঃৰাষ্ট্ৰীয় সহযোগিতা

প্ৰযুক্তি বিকাশ, বিনিয়োগ সংগ্ৰহ, ৰপ্তানি বজাৰ গঢ়ি তোলা আৰু মানদণ্ডৰ সামঞ্জস্য স্থাপনৰ বাবে মিছনে অংশীদাৰিত্বক উদগনি জনায়।

মুখ্য অগ্ৰগতি

  • এম.এন.আৰ.ই.-এ পোনপটীয়াকৈ বা নেচনেল ইনষ্টিটিউট অব্ ছ’লাৰ এনাৰ্জীৰ জৰিয়তে বুজাবুজি চুক্তি (এমঅ’ইউ), লেটাৰ্ছ অব্ ইনটেণ্ট বা যৌথ ঘোষণা পত্ৰত স্বাক্ষৰ কৰিছে। অংশীদাৰ দেশসমূহ হৈছে অষ্ট্ৰেলিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, চৌদি আৰৱ, ইউএই আৰু উজবেকিস্তান।
  • নেদাৰলেণ্ডছৰ সৈতে নৱীকৰণযোগ্য শক্তি বিষয়ক এক বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে।
  • ষ্ট্ৰেটেজিক ক্লিন এনাৰ্জী পাৰ্টনাৰশ্বিপৰ অধীনত এক ভাৰত–মাৰ্কিন হাইড্ৰ’জেন টাস্ক ফ’ৰ্চ গঠন কৰা হৈছে।
  • ভাৰত–মাৰ্কিন নিউ এণ্ড ইমাৰ্জিং ৰিনিউৱেবল এনাৰ্জী টেকন’লজি একচন প্লেটফৰ্মৰ (ৰিটেপ) এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে সেউজ হাইড্ৰ’জেন।

ৰাজ্যিক পৰ্যায়ৰ পদক্ষেপসমূহ

নেচনেল গ্ৰীণ হাইড্ৰ’জেন মিছনৰ পৰিপূৰক হিচাপে ছয়খন ৰাজ্যই নিৰ্ধাৰিত সেউজ হাইড্ৰ’জেন নীতি অধিসূচিত কৰিছে। গুজৰাট, অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু পশ্চিমবংগ হৈছে এনে নিৰ্ধাৰিত নীতি অধিসূচিত কৰা ৰাজ্য।

আন চাৰিখন ৰাজ্যই নিজৰ নিৰ্ধাৰিত সেউজ হাইড্ৰ’জেন নীতিক চূড়ান্ত ৰূপ দি আছে। হাৰিয়ানা, পাঞ্জাৱ, বিহাৰ আৰু কেৰালাই খচৰা নীতিৰ ওপৰত কাম কৰি আছে।

সাতখন ৰাজ্যই নিজৰ বৰ্তমানৰ ঔদ্যোগিক আৰু নৱীকৰণযোগ্য শক্তি নীতিৰ গাঁথনিত হাইড্ৰ’জেনক অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ ভিতৰত হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, তেলেংগানা আৰু ছত্তীশগড় অন্যতম।

ভৱিষ্যতৰ পথ

এক স্বচ্ছ, অধিক স্বাৱলম্বী আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক শক্তি অৰ্থনীতি গঢ়ি তোলাৰ দিশত নেচনেল গ্ৰীণ হাইড্ৰ’জেন মিছনে এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰিছে। ২০৩০ চনৰ ভিতৰত ভাৰতে বাৰ্ষিক ৫ মিলিয়ন মেট্ৰিক টন সেউজ হাইড্ৰ’জেন উৎপাদন ক্ষমতা গঢ়ি তোলাৰ লক্ষ্য লৈছে। এই পৰিৱৰ্তনে আমদানি কৰা জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে আৰু দেশৰ দীৰ্ঘম্যাদী শক্তি সুৰক্ষা সুদৃঢ় কৰিব পাৰে। এই মিছনৰ ফলত ২০৩০ চনৰ ভিতৰত আনুমানিক ১ লাখ কোটি টকাৰ পুঞ্জীভূত জীৱাশ্ম ইন্ধন আমদানি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

শক্তি সুৰক্ষাৰ উপৰিও এই মিছনে ঔদ্যোগিক বিকাশ, বিনিয়োগ আৰু নিয়োগৰ নতুন সুযোগ সৃষ্টি কৰিব বিচাৰিছে। ইয়াৰ জৰিয়তে ৮ লাখ কোটি টকাতকৈ অধিক বিনিয়োগ সংগ্ৰহ হোৱাৰ লগতে নিৰ্মাণ, আন্তঃগাঁথনি, গৱেষণা আৰু প্ৰকল্প উন্নয়নৰ ক্ষেত্ৰত ৬ লাখতকৈ অধিক নিয়োগ সৃষ্টি হোৱাৰ আশা কৰা হৈছে। লক্ষ্য নিৰ্ধাৰিত পৰিমাণৰ সেউজ হাইড্ৰ’জেন উৎপাদন আৰু ব্যৱহাৰে বাৰ্ষিক প্ৰায় ৫০ এম.এম.টি. কাৰ্বন ডাই-অক্সাইড নিৰ্গমন ৰোধ কৰাত সহায় কৰিব পাৰে। এই প্ৰচেষ্টাসমূহৰ জৰিয়তে চৰকাৰে ঔদ্যোগিক ডিকাৰ্বনাইজেশ্যন ত্বৰান্বিত কৰা, ঘৰুৱা উৎপাদন ব্যৱস্থা শক্তিশালী কৰা আৰু সেউজ হাইড্ৰ’জেন উৎপাদন, ব্যৱহাৰ তথা ৰপ্তানিৰ এক বিশ্বব্যাপী হাব হিচাপে ভাৰতক প্ৰতিষ্ঠা কৰাৰ লক্ষ্য ৰাখিছে। ই ২০৪৭ চনৰ ভিতৰত 'বিকশিত ভাৰত'ৰ বাবে ভাৰতৰ ব্যাপক দৃষ্টিভংগী আৰু ২০৭০ চনৰ ভিতৰত 'নেট-জিৰ’' নিৰ্গমন অৰ্জনৰ প্ৰতিশ্ৰুতিত অৰিহণা যোগাব।

তথ্যসূত্ৰ

কেবিনেট

নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয় (এম.এন.আৰ.ই.)

ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়

ৰে’ল মন্ত্ৰালয়

শক্তি মন্ত্ৰালয়

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় (এইচ.পি.চি.এল.)

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয় (চি.এছ.আই.আৰ.)

ভাৰতৰ সংসদ

প্ৰেছ ইনফ’ৰমেচন ব্যুৰো (পি.আই.বি.)

অন্যান্য উৎস

pdf চাবলৈ ইয়াত ক্লিক কৰক

***

পি.আই.বি. গৱেষণা/RD/RR

(Explainer ID: 160615) आगंतुक पटल : 6
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Kannada