Technology
নিমজ্জিত প্ৰযুক্তি
ভৌতিক আৰু ভাৰ্চুৱেল জগতৰ সংমিশ্ৰণ
Posted On:
26 OCT 2026 11:37AM
ভাৰতৰ শিক্ষা, উদ্যোগ আৰু সৃজনশীল ক্ষেত্ৰসমূহত নিমজ্জিত প্ৰযুক্তিবোৰৰ দ্ৰুত সম্প্ৰসাৰণ ঘটিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মুম্বাইৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন'লজিছৰ দৰে পদক্ষেপৰ জৰিয়তে এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিক্স আৰু এক্সটেণ্ডেড ৰিয়েলিটি (এ.ভি.জি.চি.-এক্স.আৰ.) পৰিস্থিতিতন্ত্ৰৰ প্ৰসাৰ ঘটাইছে। ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠিত এই প্ৰতিষ্ঠানটোৱে সৃজনশীল শিক্ষা, দক্ষতা আৰু উদ্ভাৱনক শক্তিশালী কৰিবলৈ গুগল, মেটা, এডোবি আৰু নেটফ্লিক্সৰ দৰে বিশ্বমানৰ প্ৰযুক্তি কোম্পানীসমূহৰ সৈতে সহযোগিতা কৰিছে। এই পৰিস্থিতিতন্ত্ৰক অধিক সমৰ্থন জনাই ২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত সমগ্ৰ ভাৰতৰ ১৫,০০০ মাধ্যমিক বিদ্যালয় আৰু ৫০০ খন মহাবিদ্যালয়ত এ.ভি.জি.চি. কণ্টেণ্ট ক্ৰিয়েটৰ লেবৰ বাবে ২৫০ কোটি টকা আৱণ্টন কৰা হৈছে।
ডিজিটেলৰ পৰা নিমজ্জিতলৈ: ভাৰতৰ পৰৱৰ্তী পদক্ষেপ

যোৱা এক দশকত ভাৰতে এক শক্তিশালী ডিজিটেল পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিছে, যিয়ে প্ৰযুক্তিৰ সৈতে আমাৰ দৈনন্দিন আদান-প্ৰদানৰ ধৰণক ৰূপান্তৰিত কৰিছে। ইউ.পি.আই., আধাৰ, ডিজিলকাৰ, উমং আৰু ভাষিনীৰ দৰে প্লেটফৰ্মসমূহে সেৱা আৰু তথ্যলৈ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰিত কৰিছে। ডিজিটেল প্লেটফৰ্মসমূহৰ ব্যাপক প্ৰসাৰৰ লগে লগে আমাৰ সন্মুখত থকা পৰৱৰ্তী সুযোগটো হৈছে এই আদান-প্ৰদানসমূহক অধিক পাৰস্পৰিক ক্ৰিয়াশীল, দৃশ্যগত আৰু অভিজ্ঞতামূলক কৰি তোলা। কৃত্ৰিম বুদ্ধিমত্তা, দ্ৰুতবেগী সংযোগ আৰু কম্পিউটিঙৰ দ্ৰুত অগ্ৰগতিয়ে ডিজিটেল সেৱাসমূহলৈ কেৱল প্ৰৱেশাধিকাৰ লাভ কৰাৰ পৰিৱৰ্তে সেইবোৰৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰাৰ এই ৰূপান্তৰক সম্ভৱ কৰি তুলিছে। অধিক পঢ়িবলৈ ক্লিক কৰক: ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ভাৰতৰ ৰূপান্তৰ -
এই উদীয়মান পৰ্যায়টো নিমজ্জিত প্ৰযুক্তিৰ দ্বাৰা গঢ় লৈ উঠিছে, যিয়ে ডিজিটেল সমলসমূহক মানুহে ভৌতিক জগতখন অনুভৱ কৰা প্ৰক্ৰিয়াটোৰ অধিক কাষলৈ লৈ আহে। ভাৰ্চুৱেল ৰিয়েলিটি, অগমেণ্টেড ৰিয়েলিটি, মিক্সড ৰিয়েলিটি আৰু ৩৬০-ডিগ্ৰীৰ অভিজ্ঞতাই পাৰস্পৰিক ক্ৰিয়াশীল পৰিৱেশ সৃষ্টি কৰিব পাৰে আৰু ব্যৱহাৰকাৰীসকলক ডিজিটেল সমলৰ সৈতে নতুন ধৰণে জড়িত হোৱাত সক্ষম কৰি তুলিব পাৰে। এই সামৰ্থ্যসমূহে ভাৰ্চুৱেল চিমিউলেচনৰ জৰিয়তে শিক্ষা ব্যৱস্থাক, নিমজ্জিত প্ৰশিক্ষণৰ জৰিয়তে স্বাস্থ্যসেৱাক আৰু ভাৰ্চুৱেল অন্বেষণৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰক ৰূপান্তৰিত কৰিব পাৰে। ইয়াৰোপৰি, এই প্ৰযুক্তিসমূহে সংস্কৃতি, গেমিং, মনোৰঞ্জন, খুচুৰা ব্যৱসায় আৰু অন্যান্য ক্ষেত্ৰসমূহত অধিক আকৰ্ষণীয় অভিজ্ঞতাৰ সৃষ্টি কৰিব পাৰে। এনে কৰাৰ জৰিয়তে, নিমজ্জিত প্ৰযুক্তিসমূহে ভাৰতৰ বৰ্তমানৰ ডিজিটেল পৰিস্থিতিতন্ত্ৰৰ প্ৰভাৱক পৰম্পৰাগত পৰ্দা-ভিত্তিক আদান-প্ৰদানৰ গণ্ডী অতিক্ৰম কৰি অধিক সম্প্ৰসাৰিত কৰিব পাৰে।
এই সুযোগৰ বিশালতা ভাৰতৰ দ্ৰুতগতিত বিকাশ লাভ কৰা নিমজ্জিত প্ৰযুক্তিৰ বজাৰত প্ৰতিফলিত হৈছে। ২০২৩ চনত এই বজাৰখনে ১,২৫৯.৫ মিলিয়ন মাৰ্কিন ডলাৰ ৰাজহ উপাৰ্জন কৰিছিল আৰু ই ২৯.৮ শতাংশ যৌগিক বাৰ্ষিক বিকাশৰ হাৰত (চি.এ.জি.আৰ.) বৃদ্ধি পাই ২০৩০ চনৰ ভিতৰত ৭,৮১৮.৭ মিলিয়ন মাৰ্কিন ডলাৰ হ'ব বুলি অনুমান কৰা হৈছে। নিজৰ ডিজিটেল পৰিস্থিতিতন্ত্ৰ, সম্প্ৰসাৰিত মধ্যবিত্ত শ্ৰেণী আৰু ই-কমাৰ্চৰ ক্ৰমবৰ্ধমান প্ৰসাৰৰ ওপৰত ভিত্তি কৰি, ভাৰত এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ আটাইতকৈ দ্ৰুতগতিত বিকাশ লাভ কৰা আঞ্চলিক বজাৰ হ'ব বুলি ভৱিষ্যতবাণী কৰা হৈছে। এই বিকাশে ভাৰতক কেৱল এখন বৃহৎ বজাৰ হৈ থকাৰ পৰিৱৰ্তে নিমজ্জিত প্ৰযুক্তিৰ এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰাৰ সুযোগ প্ৰদান কৰিছে। গৱেষণা, ষ্টাৰ্টআপ, প্ৰতিভা, সমল আৰু থলুৱা প্ৰযুক্তিৰ ক্ষেত্ৰত সক্ষমতা গঢ়ি তুলি ভাৰতে পৰৱৰ্তী প্ৰজন্মৰ নিমজ্জিত অভিজ্ঞতা গঢ় দিয়াৰ লগতে বিশ্বব্যাপী ডিজিটেল অৰ্থনীতিত নিজৰ স্থান শক্তিশালী কৰিব পাৰিব।
সৃজনশীল মন, বিজ্ঞানৰ ত্বৰান্বিতকৰণ, প্ৰযুক্তিৰ সবলীকৰণ

২০২৬ চনৰ ২৭ৰ পৰা ২৯ অক্টোবৰলৈ নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতৰ উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলনৰ দ্বিতীয় সংস্কৰণ 'ই.এছ.টি.আই.চি. ২০২৬ (ESTIC-2026', অনুষ্ঠিত হ'ব। এই অনুষ্ঠানটো “সৃজনশীল মন, বিজ্ঞানৰ ত্বৰান্বিতকৰণ, প্ৰযুক্তিৰ সবলীকৰণ” বিষয়বস্তুৰ আধাৰত আয়োজন কৰা হ'ব। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি.এছ.আই.আৰ.)-ৰ দ্বাৰা আয়োজিত 'ই.এছ.টি.আই.চি. ২০২৬ (ESTIC-2026)'-এ উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তিক আগুৱাই নিবলৈ বিভিন্ন মন্ত্ৰালয়, গৱেষক, উদ্ভাৱক, উদ্যোগৰ শীৰ্ষস্থানীয় ব্যক্তি, ডিপ-টেক ষ্টাৰ্টআপ আৰু বিশ্বস্তৰীয় বিশেষজ্ঞসকলক একত্ৰিত কৰিব। এই সন্মিলনত 'নিমজ্জিত প্ৰযুক্তি: জেনেৰেটিভ এক্সআৰ (XR) আৰু স্পেচিয়েল কম্পিউটিং'কে ধৰি ১২ টা বিষয়ভিত্তিক ক্ষেত্ৰ অন্তৰ্ভুক্ত থাকিব। ইয়াৰোপৰি অনুষ্ঠানটোত পূৰ্ণাংগ অধিৱেশন, কাৰিকৰী আলোচনা আৰু প্ৰদৰ্শনীৰো আয়োজন কৰা হ'ব। কাৰ্যসূচীৰ বিষয়ে অধিক পঢ়ক: ই.এছ.টি.আই.চি. ২০২৬ (ESTIC-2026)-ৰ ওপৰত অধিক পঢ়ক
নিমজ্জিত প্ৰযুক্তিৰ ধাৰণা

নিমজ্জিত প্ৰযুক্তিসমূহ হৈছে প্ৰযুক্তিৰ এক উদীয়মান শ্ৰেণী যিয়ে পাৰস্পৰিক ক্ৰিয়াশীল, আকৰ্ষণীয় আৰু বাস্তৱসন্মত ডিজিটেল অভিজ্ঞতাৰ সৃষ্টি কৰে। নিমজ্জিত প্ৰযুক্তিসমূহে ভৌতিক আৰু ডিজিটেল জগতখনক একত্ৰিত কৰিব পাৰে। এইবোৰে ব্যৱহাৰকাৰীসকলক ডিজিটেল সমলৰ সৈতে অধিক স্বাভাৱিক আৰু অভিজ্ঞতামূলক পদ্ধতিৰে আদান-প্ৰদান কৰাত সক্ষম কৰে। ব্যৱহাৰকাৰীসকলে ডিজিটেল বস্তুবোৰৰ সৈতে ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰিব পাৰে আৰু অনুকৰিত পৰিস্থিতিসমূহৰ প্ৰতি সঁহাৰি জনাব পাৰে। পৰম্পৰাগত ডিজিটেল মাধ্যমৰ বিপৰীতে, এই প্ৰযুক্তিসমূহে একাধিক ইন্দ্ৰিয়ক জড়িত কৰিব পাৰে আৰু উপস্থিতিৰ এক শক্তিশালী অনুভৱ সৃষ্টি কৰিব পাৰে। উদাহৰণস্বৰূপে, এজন শিক্ষাৰ্থীয়ে পৰ্দাত কেৱল চিত্ৰ চোৱাৰ পৰিৱৰ্তে এটা ভাৰ্চুৱেল পৰীক্ষাগাৰ অন্বেষণ কৰিব পাৰে। একেদৰে, এজন পৰ্যটকে সশৰীৰে ভ্ৰমণ কৰাৰ আগতে ভাৰ্চুৱেলভাৱে কোনো ঐতিহ্যক্ষেত্ৰ অন্বেষণ কৰিব পাৰে। নিমজ্জিত প্ৰযুক্তিৰ আটাইতকৈ সাধাৰণ তিনিটা ৰূপ হৈছে ভাৰ্চুৱেল ৰিয়েলিটি, অগমেণ্টেড ৰিয়েলিটি আৰু মিক্সড ৰিয়েলিটি। সামূহিকভাৱে, এই প্ৰযুক্তিসমূহক প্ৰায়ে এক্সটেণ্ডেড ৰিয়েলিটি বুলি কোৱা হয়।
এক্সটেণ্ডেড ৰিয়েলিটি (এক্স.আৰ.)
- এক্সটেণ্ডেড ৰিয়েলিটি (এক্স.আৰ.) হৈছে এনে কিছুমান প্ৰযুক্তি যিয়ে কম্পিউটাৰ চিষ্টেম আৰু পৰিধানযোগ্য সঁজুলিৰ জৰিয়তে বাস্তৱ আৰু ডিজিটেল পৰিৱেশৰ সংমিশ্ৰণ ঘটায়। ই মানুহ আৰু ডিজিটেল সমলৰ মাজত বিভিন্ন স্তৰৰ আদান-প্ৰদানৰ সৃষ্টি কৰে। এক্সআৰ (এক্স.আৰ.)-ৰ ভিতৰত ভাৰ্চুৱেল ৰিয়েলিটি (ভি.আৰ.), অগমেণ্টেড ৰিয়েলিটি (এ.আৰ.) আৰু মিক্সড ৰিয়েলিটি (এম. আৰ.) অন্তৰ্ভুক্ত।
· ভাৰ্চুৱেল ৰিয়েলিটি (ভি.আৰ.)-এ এক সম্পূৰ্ণ ডিজিটেল পৰিৱেশৰ সৃষ্টি কৰে যিয়ে ব্যৱহাৰকাৰীক আগুৰি ধৰে। উপস্থিতিৰ এক শক্তিশালী অনুভৱ সৃষ্টি কৰিবলৈ ই ঘাইকৈ দৃষ্টি আৰু শব্দক জড়িত কৰে। ব্যৱহাৰকাৰীসকলে বিশেষ সঁজুলি ব্যৱহাৰ কৰি এই অনুকৰিত পৰিৱেশটো অন্বেষণ কৰিব পাৰে আৰু ইয়াৰ সৈতে আদান-প্ৰদান কৰিব পাৰে।
· অগমেণ্টেড ৰিয়েলিটি (এ.আৰ.)-এ ব্যৱহাৰকাৰীৰ বৰ্তমানৰ ভৌতিক চৌপাশৰ সৈতে ডিজিটেল তথ্য সংযোজন কৰে। বাস্তৱ জগতৰ পৰিৱেশটো দৃশ্যমান কৰি ৰাখি ই দৃষ্টি আৰু শব্দক জড়িত কৰিব পাৰে। উদাহৰণস্বৰূপে, এ.আৰ.-এ ভৌতিক জগতখনৰ ওপৰত দিশ-নিৰ্দেশনা, তথ্য বা ডিজিটেল বস্তুবোৰ প্ৰদৰ্শন কৰিব পাৰে।
· মিক্সড ৰিয়েলিটি (এম. আৰ.)-এ এটা পাৰস্পৰিক ক্ৰিয়াশীল পৰিৱেশত ভৌতিক আৰু ডিজিটেল জগতখনক একত্ৰিত কৰে। ডিজিটেল বস্তুবোৰক ভৌতিক চৌপাশৰ সৈতে ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰাৰ সুবিধা প্ৰদান কৰি ই দৃষ্টি আৰু শব্দক জড়িত কৰিব পাৰে। ব্যৱহাৰকাৰীসকলে ডিজিটেল বস্তুবোৰক এনেদৰে চাব আৰু তাৰ সৈতে আদান-প্ৰদান কৰিব পাৰে যেন সেইবোৰ বাস্তৱ পৰিৱেশৰেই এটা অংশ।
৩৬০-ডিগ্ৰী ভিডিঅ' আৰু হেপ্টিক প্ৰযুক্তিৰ দৰে অন্যান্য আনুষংগিক প্ৰযুক্তিসমূহো এই বহল নিমজ্জিত প্ৰযুক্তি পৰিস্থিতিতন্ত্ৰৰ অন্তৰ্গত। ৩৬০-ডিগ্ৰী ভিডিঅ'ই ব্যৱহাৰকাৰীসকলক এটা দৃশ্য সকলো দিশৰ পৰা চোৱাৰ সুবিধা দিয়ে। ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ দৃষ্টিৰ দিশ সলনি কৰিব পাৰে আৰু ৰেকৰ্ড কৰা পৰিৱেশটোৰ বিভিন্ন অংশ অন্বেষণ কৰিব পাৰে। হেপ্টিক প্ৰযুক্তিয়ে স্পৰ্শ-ভিত্তিক প্ৰতিক্ৰিয়া প্ৰদান কৰিবলৈ কম্পন, চাপ বা অন্যান্য ভৌতিক অনুভূতি ব্যৱহাৰ কৰে। ই ভাৰ্চুৱেল বা পাৰস্পৰিক ক্ৰিয়াশীল অভিজ্ঞতাৰ সময়ত ভৌতিক অনুভূতিসমূহ অনুকৰণ কৰি ডিজিটেল আদান-প্ৰদানক অধিক বাস্তৱিক কৰি তুলিব পাৰে।
অভিজ্ঞতাৰ মাজত প্ৰৱেশ: ভাৰতে কেনেদৰে নিমজ্জিত প্ৰযুক্তি ব্যৱহাৰ কৰিছে
আই.আই.টি. মাদ্ৰাজৰ গৱেষকসকলে গ্ৰাম্য বিদ্যালয়সমূহৰ বাবে এ.আৰ. আৰু ভি.আৰ. (AR/VR) সমৰ্থিত শিক্ষণ সমাধান প্ৰস্তুত কৰি আছে। এই পদক্ষেপে মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ শিক্ষাদান আৰু শিক্ষণ প্ৰক্ৰিয়া উন্নত কৰাৰ উদ্দেশ্যে ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰিছে। ইয়াৰ লক্ষ্য হৈছে এনে এক নিমজ্জিত, ভি.আৰ.-ভিত্তিক শিক্ষণ পৰিৱেশৰ সৃষ্টি কৰা, য'ত শিক্ষাৰ্থীসকলে পাৰস্পৰিক ক্ৰিয়াশীল অভিজ্ঞতাৰ জৰিয়তে ইতিহাস, সমাজ বিজ্ঞান, বিজ্ঞান আৰু ভাষাৰ দৰে বিষয়সমূহ অন্বেষণ কৰিব পাৰে।
এই প্ৰযুক্তিসমূহে শ্ৰেণীকোঠাৰ শিক্ষণক অধিক আকৰ্ষণীয় কৰি তুলিব পাৰে। উদাহৰণস্বৰূপে, এটা এ.আৰ.-ভিত্তিক ম'বাইল এপ্লিকেচনে এনিমেটেড আলোকচিত্ৰ, পাৰস্পৰিক ক্ৰিয়াশীল মানচিত্ৰ আৰু সংৰক্ষিত ঐতিহাসিক নথিপত্ৰৰ জৰিয়তে ৫০০ বছৰৰ ভাৰতীয় ইতিহাসক জীৱন্ত কৰি তুলিব পাৰে। একেদৰে, ভি.আৰ. চিমিউলেচনৰ জৰিয়তে শিক্ষাৰ্থীসকলে সৌৰজগত অন্বেষণ কৰাৰ লগতে ত্ৰিমাত্ৰিক আৰ্হিৰে মানৱ শৰীৰ অধ্যয়ন কৰিব পাৰিব। বিমূৰ্ত ধাৰণাসমূহক দৃশ্যমান আৰু বোধগম্য কৰি তুলি এই পদ্ধতিসমূহে শিক্ষণ প্ৰক্ৰিয়াক সমৃদ্ধ কৰাৰ লগতে শিক্ষাৰ্থীসকলক উচ্চ শিক্ষাৰ বাবে প্ৰস্তুত হোৱাত সহায় কৰিব পাৰে।
চৰকাৰে ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক অধিক সুলভ আৰু আকৰ্ষণীয় কৰি তুলিবলৈ এক্সটেণ্ডেড ৰিয়েলিটি আৰু অন্যান্য ডিজিটেল প্ৰযুক্তিসমূহ ব্যৱহাৰ কৰিছে। দৰ্শনাৰ্থীৰ অভিজ্ঞতা উন্নত কৰিবলৈ আৰু সংগ্ৰহালয়ৰ সংগ্ৰহসমূহৰ তথ্য সংৰক্ষণ কৰিবলৈ সংস্কৃতি মন্ত্ৰালয়ে ডিজিটেল সঁজুলিসমূহ গ্ৰহণ কৰিছে। এনে এবিধ সঁজুলি হৈছে 'যতন' ছফ্টৱেৰ, যিয়ে সংগ্ৰহালয়ৰ সামগ্ৰী আৰু সেইবোৰৰ তথ্য ডিজিটেলাইজ কৰাত সহায় কৰে। এতিয়ালৈকে 'জে.এ.টি.এ.এন. (JATAN)' ব্যৱহাৰ কৰি ৮টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগ্ৰহালয় আৰু ভাৰতীয় পুৰাতত্ত্ব সৰ্বেক্ষণ (এ.এছ.আই.)-ৰ ২টা সংগ্ৰহালয় ডিজিটেলাইজ কৰা হৈছে। এই সংগ্ৰহসমূহ 'মিউজিয়ামছ অৱ ইণ্ডিয়া'ৰ ডিজিটেল ভঁৰালৰ জৰিয়তে উপলব্ধ, যাৰ জৰিয়তে মানুহে ভাৰতৰ ঐতিহ্যক অনলাইনযোগে অন্বেষণ কৰিব পাৰে।
এই ডিজিটেল ভেটিৰ ওপৰত ভিত্তি কৰি সংগ্ৰহালয়সমূহে দৰ্শনাৰ্থীসকলৰ বাবে পাৰস্পৰিক ক্ৰিয়াশীল অভিজ্ঞতাৰো প্ৰৱৰ্তন কৰিছে। কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ে গেলেৰী ভ্ৰমণক সমৃদ্ধ কৰিবলৈ এ.আই.-ভিত্তিক পাৰস্পৰিক ক্ৰিয়াশীল বৈশিষ্ট্য আৰু এ.আৰ. সঁজুলি মুকলি কৰিছে। ই ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা এখন ভাৰ্চুৱেল প্ৰদৰ্শনীৰ বাবে গুগল আৰ্টছ এণ্ড কালচাৰৰ লগতো সহযোগিতা কৰিছে। একেদৰে, কৰ্ণাটকৰ হাম্পি আৰু বিহাৰৰ নালন্দাত থকা এ.এছ.আই. সংগ্ৰহালয়সমূহে তেওঁলোকৰ সংগ্ৰহসমূহৰ ম'বাইল-ভিত্তিক ভাৰ্চুৱেল ভ্ৰমণৰ সুবিধা আগবঢ়ায়। এই পদক্ষেপসমূহে দৰ্শনাৰ্থীসকলক সামগ্ৰীসমূহ ডিজিটেলভাৱে অন্বেষণ কৰাত সহায় কৰে, যাৰ ফলত সাংস্কৃতিক অভিজ্ঞতাসমূহ সংগ্ৰহালয়ৰ চৌহদৰ বাহিৰতো অধিক আকৰ্ষণীয় আৰু সুলভ হৈ পৰে। কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ৰ ভাৰ্চুৱেল ভ্ৰমণৰ বাবে ক্লিক কৰক
ভাৰতৰ আন্তঃগাঁথনি পৰিকল্পনা আৰু পৰিচালনা প্ৰক্ৰিয়াকো নিমজ্জিত প্ৰযুক্তিসমূহে গঢ় দিছে। উন্নত আন্তঃগাঁথনি পৰিকল্পনাৰ বাবে দূৰসংযোগ বিভাগে ৫জি, আই.অ.টি. আৰু এ.আই.-ৰ সৈতে ডিজিটেল টুইন প্ৰযুক্তিক একত্ৰিত কৰি "সংগম: ডিজিটেল টুইন" শীৰ্ষক পদক্ষেপ আৰম্ভ কৰিছে। বাৰাণসী নগৰীয়া থ্ৰি-ডি স্পেচিয়েল পৰিকল্পনা প্ৰকল্পত দেখা পোৱাৰ দৰে, ডিজিটেল টুইন মেপিঙে ইতিমধ্যে নগৰ পৰিকল্পনাত সহায় আগবঢ়াইছে। নগৰ পৰিকল্পনা আৰু পৰিচালনা উন্নত কৰিবলৈ ডিজিটেল প্ৰতিলিপি সৃষ্টি কৰি, ২০৩৫ চনৰ ভিতৰত প্ৰধান নগৰীয়া কেন্দ্ৰসমূহৰ বাবে এটা 'ৰাষ্ট্ৰীয় ডিজিটেল টুইন' গঢ়ি তোলাটোৱেই হৈছে ভাৰতৰ লক্ষ্য।
ডিজিটেল টুইন কি?
ডিজিটেল টুইন হৈছে বাস্তৱ জগতৰ কোনো বস্তু, ব্যৱস্থা বা স্থানৰ এক ভাৰ্চুৱেল আৰ্হি। ই অৱস্থা আৰু আচৰণক প্ৰদৰ্শন কৰিবলৈ বাস্তৱ জগতৰ তথ্য ব্যৱহাৰ কৰে, যিয়ে ব্যৱহাৰকাৰীসকলক পৰিস্থিতি নিৰীক্ষণ কৰাত আৰু সাম্ভাৱ্য পৰিৱৰ্তনসমূহ ডিজিটেলভাৱে পৰীক্ষা কৰাত সহায় কৰে। উদাহৰণস্বৰূপে, এটা যন্ত্ৰৰ ডিজিটেল টুইনে সাম্ভাৱ্য ত্ৰুটিসমূহ চিনাক্ত কৰাত সহায় কৰিব পাৰে, আনহাতে এখন চহৰৰ আৰ্হিয়ে পৰিকল্পনাকাৰীসকলক আন্তঃগাঁথনি প্ৰকল্পসমূহ ৰূপায়ণ কৰাৰ আগতে সেইবোৰৰ সাম্ভাৱ্য প্ৰভাৱৰ মূল্যায়ন কৰাত সহায় কৰিব পাৰে। ইয়াৰ এটা উদাহৰণ হৈছে ইণ্ডিয়া ম'বাইল কংগ্ৰেছ ২০২৫-ত দূৰসংযোগ বিভাগৰ দ্বাৰা প্ৰদৰ্শিত 'মবিলিটি ডিজিটেল টুইন'। মানুহে কেনেদৰে ভ্ৰমণ কৰে আৰু বিভিন্ন অঞ্চলৰ মাজেৰে চলাচল কৰে তাক বিশ্লেষণ কৰিবলৈ ই দূৰসংযোগ ব্যৱস্থাৰ পৰা সংগ্ৰহ কৰা গতিশীলতাৰ তথ্য ব্যৱহাৰ কৰে। দিল্লীৰ বসন্ত কুঞ্জ আৰু চেণ্ট্ৰেল ভিষ্টাত কৰা প্ৰদৰ্শনীয়ে যাতায়াতৰ আৰ্হি পৰীক্ষা কৰিছিল আৰু মেট্ৰ' ষ্টেচনসমূহে সামৰি লোৱা অঞ্চলসমূহৰ মূল্যায়ন কৰাত সহায় কৰিছিল। অযোধ্যাত পৰ্যটকৰ আগমন, ভ্ৰমণৰ মাধ্যম আৰু অৱস্থানৰ আৰ্হি অধ্যয়ন কৰিবলৈ এই গতিশীলতাৰ তথ্য ব্যৱহাৰ কৰা হৈছিল। এই তথ্যসমূহে কৰ্তৃপক্ষক পৰিবহণ সংযোগৰ পৰিকল্পনা কৰাত, পৰ্যটন আন্তঃগাঁথনি উন্নত কৰাত আৰু প্ৰকল্পসমূহ চূড়ান্ত কৰাৰ আগতে অধিক সঠিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰিব পাৰে।
সৃজনশীল অৰ্থনীতি আৰু মনোৰঞ্জন
নিমজ্জিত প্ৰযুক্তি হৈছে ভাৰতৰ মিডিয়া আৰু মনোৰঞ্জন ক্ষেত্ৰৰ এক ক্ৰমবৰ্ধমান অংশ, যি এ.ভি.জি.চি.-এক্স.আৰ. গাঁথনিৰ সৈতে নিবিড়ভাৱে জড়িত। এক স্বতন্ত্ৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ গেমিং খণ্ড ২০২৪ চনৰ ৩.৮ বিলিয়ন ডলাৰৰ পৰা বৃদ্ধি পাই ২০২৯ বিত্তীয় বৰ্ষৰ . ভিতৰত ৯.২ বিলিয়ন ডলাৰ হ'ব বুলি অনুমান কৰা হৈছে, যিয়ে এই উদীয়মান অৰ্থনীতিৰ বিশালতাক প্ৰতিফলিত কৰে। ৱেভছ (WAVES) সন্মিলনৰ দৰে ৰাষ্ট্ৰীয় মঞ্চসমূহে ভাৰতৰ সৃজনশীল আৰু নিমজ্জিত মিডিয়াৰ সামৰ্থ্যক বিশ্বব্যাপী দৰ্শকৰ সন্মুখত অধিক সুন্দৰকৈ তুলি ধৰিছে।
নিমজ্জিত প্ৰযুক্তিৰ সবলীকৰণ: ভাৰতৰ প্ৰধান উদ্যোগসমূহ
নিমজ্জিত প্ৰযুক্তিক চৰকাৰৰ বহল এ.ভি.জি.চি.-এক্স.আৰ. গাঁথনিৰ জৰিয়তে সমৰ্থন জনোৱা হৈছে। এই গাঁথনিয়ে এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং, কমিক্স আৰু এক্সটেণ্ডেড ৰিয়েলিটিক সামৰি লৈছে। নিমজ্জিত প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ নীতিগত সমৰ্থন কোনো সুকীয়া আঁচনি হিচাপে নহয়, বৰঞ্চ এক বৃহৎ তথা একত্ৰিত প্ৰচেষ্টাৰ অংশ হিচাপেহে আগবঢ়োৱা হৈছে। অধিক পঢ়িবলৈ ক্লিক কৰক: এ.ভি.জি.চি.-এক্স.আৰ. বিপ্লৱৰ সবলীকৰণ
এ.ভি.জি.চি.-এক্স.আৰ. প্ৰসাৰণ কাৰ্যগোট (টাস্ক ফৰ্চ)
২০২২ চনৰ এপ্ৰিল মাহত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এ.ভি.জি.চি. প্ৰসাৰণ কাৰ্যগোট গঠন কৰিছিল। ই এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিক্স (এ.ভি.জি.চি.) উদ্যোগ, শৈক্ষিক জগত আৰু চৰকাৰৰ প্ৰতিনিধিসকলক একত্ৰিত কৰে। এই কাৰ্যগোটে খণ্ডটোৰ বিকাশ আৰু উন্নয়নক শক্তিশালী কৰিবলৈ সমন্বিত প্ৰচেষ্টাৰ বাবে এখন মঞ্চ প্ৰদান কৰে। ইয়াৰ কাৰ্যভাৰ তিনিটা মূল নীতিৰ দ্বাৰা পৰিচালিত হয়। এইবোৰৰ ভিতৰত ৰাজহুৱা-ব্যক্তিগত সহযোগিতা, আন্তঃমন্ত্ৰালয় সমন্বয় আৰু খণ্ডভিত্তিক উন্নয়নৰ বাবে এক সুসমন্বিত দৃষ্টিভংগী অন্তৰ্ভুক্ত।
ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন'লজিছ (আই.আই.চি.টি.)
টাস্ক ফৰ্চৰ পৰামৰ্শক্ৰমে, এ.ভি.জি.চি.-এক্স.আৰ. খণ্ডৰ বাবে দক্ষ প্ৰতিভা গঢ়ি তুলিবলৈ চৰকাৰে এটি ৰাষ্ট্ৰীয় উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰে। ই ২০২৫ চনত প্ৰতিষ্ঠিত 'ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন'লজিছ' (আই.আই.চি.টি.) হিচাপে গঢ় লৈ উঠে। ২০২৬ চনৰ মাৰ্চ মাহলৈকে, আই.আই.চি.টি.-য়ে (আই.আই.চি.টি.) এ.ভি.জি.চি.-এক্স.আৰ. খণ্ডৰ বিভিন্ন ক্ষেত্ৰত ১৮ টা পাঠ্যক্ৰম আৰম্ভ কৰিছে, য'ত ১৩৫ জনতকৈ অধিক শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে।
জেনেচিছ - উদ্ভাৱনী ষ্টাৰ্টআপসমূহৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ সমৰ্থন)
দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ (টায়াৰ-II আৰু টায়াৰ-III) চহৰসমূহত ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰক আগুৱাই নিবলৈ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে 'জেনেছিছ' আঁচনিত অনুমোদন জনায়। ২০২২ চনত আৰম্ভ হোৱা এই আঁচনিখনে পাঁচ বছৰৰ ভিতৰত প্ৰায় ১,৬০০ টা প্ৰযুক্তি ষ্টাৰ্টআপক সমৰ্থন জনোৱাৰ লক্ষ্য ৰাখিছে। ইয়াৰ ভিতৰত এ.আৰ., ভি.আৰ. আৰু স্পেচিয়েল কম্পিউটিঙৰ দৰে নিমজ্জিত প্ৰযুক্তিত কাম কৰা ষ্টাৰ্টআপসমূহো অন্তৰ্ভুক্ত। ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ষ্টাৰ্টআপ হাবৰ জৰিয়তে, এই আঁচনিয়ে বৰ্তমান ৮৪ টা এ.আৰ./ভি.আৰ. ষ্টাৰ্টআপক সমৰ্থন আগবঢ়াইছে। ই সমগ্ৰ দেশৰ ১০৬ টা ইনকিউবেটৰকো সহায় আগবঢ়ায়।
এ.ভি.জি.চি. কণ্টেণ্ট ক্ৰিয়েটৰ লেব
২০২৬-২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ অধীনত ১৫,০০০ খন মাধ্যমিক বিদ্যালয় আৰু ৫০০ খন মহাবিদ্যালয়ত এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু কমিক্স (এ.ভি.জি.চি.) কণ্টেণ্ট ক্ৰিয়েটৰ লেব স্থাপনৰ বাবে চৰকাৰে ২৫০ কোটি টকা আৱণ্টন কৰিছে। মুম্বাইৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ক্ৰিয়েটিভ টেকন'লজিছে (আই.আই.চি.টি.) এই পদক্ষেপৰ পৰিকল্পনা, সমন্বয় আৰু ৰূপায়ণৰ বাবে ন'ডেল এজেঞ্চী হিচাপে কাম কৰিব। এই লেবসমূহৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলক এনিমেচন, ভিজুৱেল ইফেক্টছ, গেমিং আৰু ডিজিটেল সমল নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহাৰিক দক্ষতাৰে সুসজ্জিত কৰা। এইসমূহে সৃজনশীল ধাৰণাসমূহ বিকাশ কৰাৰ লগতে উদ্যোগৰ বাবে প্ৰাসংগিক সঁজুলি আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি ব্যৱহাৰিক অভিজ্ঞতা অৰ্জন কৰাৰ সুযোগ প্ৰদান কৰিব। এই পদক্ষেপে যুৱ প্ৰতিভাক লালন-পালন কৰা আৰু ভাৰতৰ ক্ৰমবৰ্ধমান সৃজনশীল অৰ্থনীতিত উদীয়মান কেৰিয়াৰৰ বাবে শিক্ষাৰ্থীসকলক প্ৰস্তুত কৰাৰ প্ৰয়াস কৰিছে।
ৱেভ-এক্স হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা মুকলি কৰা এটা বিশেষ মিডিয়া-টেক ষ্টাৰ্টআপ এক্সিলাৰেটৰ আৰু ইনকিউবেটৰ। ই এ.ভি.জি.চি.-এক্স.আৰ. আৰু অন্যান্য উদীয়মান মিডিয়া প্ৰযুক্তিত কাম কৰা ষ্টাৰ্টআপসমূহক সহায় আগবঢ়ায়। ৱেভএক্সৰ লক্ষ্য হৈছে ষ্টাৰ্টআপসমূহক তেওঁলোকৰ প্ৰযুক্তি শক্তিশালী কৰাত, বজাৰৰ বাবে উপযোগী সমাধান বিকাশ কৰাত আৰু বিশ্বব্যাপী সুযোগসমূহ অন্বেষণ কৰাত সহায় কৰা।
ভাৰতৰ এ.ভি.জি.চি.-এক্স.আৰ. বিকাশৰ যাত্ৰাত নেতৃত্ব বহন কৰা ৰাজ্যসমূহ
- কৰ্ণাটকৰ এ.ভি.জি.চি.-এক্স.আৰ. নীতি ৩.০-য়ে এ.ভি.জি.চি.-এক্স.আৰ. কোম্পানীসমূহৰ বাবে দক্ষতা বিকাশ, আন্তঃগাঁথনি, উৎপাদন অনুদান আৰু আৰ্থিক উদগনি আগবঢ়ায়। ৰাজ্যখনে এ.ভি.জি.চি. আৰু আনুষংগিক খণ্ডত কৰ্মৰত কোম্পানীসমূহত বিনিয়োগ কৰিবলৈ ২০ কোটি টকাৰ মূলধনেৰে 'কিটভন এ.ভি.জি.চি. পুঁজি' পৰিচালনা কৰে।
- মহাৰাষ্ট্ৰৰ এ.ভি.জি.চি.-এক্স.আৰ. নীতি ২০২৫-ত ৩,২৬৮ কোটি টকাৰ বিত্তীয় পৰিকল্পনা আৰু ২০৫০ চনলৈ প্ৰসাৰিত এক দৃষ্টিভংগী নিহিত হৈ আছে। এই নীতিয়ে চৰকাৰী সমৰ্থন আৰু আন্তঃগাঁথনিৰ জৰিয়তে ৰাজ্যখনৰ এ.ভি.জি.চি.-এক্স.আৰ. পৰিস্থিতিতন্ত্ৰ সম্প্ৰসাৰণৰ বাবে এক সুনিৰ্দিষ্ট গাঁথনি প্ৰদান কৰে।
- তেলেংগানাৰ ২০১৬ চনৰ ইমেজ নীতিয়ে হায়দৰাবাদৰ ইমেজ টাৱাৰক কেন্দ্ৰ কৰি এনিমেচন, ভিএফএক্স, গেমিং আৰু কমিক্সৰ বাবে এক সুনিৰ্দিষ্ট গাঁথনি স্থাপন কৰিছিল। এই পৰিস্থিতিতন্ত্ৰত ১৫০ৰো অধিক এ.ভি.জি.চি. আৰু ভিএফএক্স কোম্পানী, ১৪০ৰো অধিক গেমিং আৰু এনিমেচন কোম্পানী, ৩০,০০০ প্ৰত্যক্ষ সংস্থাপন আৰু চফ্টৱেৰ টেকন'লজী পাৰ্কছ অৱ ইণ্ডিয়া-ইমেজৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা ১০০ টা ষ্টাৰ্টআপ আছে, যিবোৰ উৎপাদন আন্তঃগাঁথনি, প্ৰশিক্ষণ আৰু বিশ্বব্যাপী ক্লাউড প্ৰৱেশাধিকাৰৰ দ্বাৰা সমৰ্থিত।
- তামিলনাডুৰ এ.ভি.জি.চি.-এক্স.আৰ. নীতি ২০২৬-এ ২০০ৰো অধিক ষ্টাৰ্টআপ, প্ৰায় ২ লাখ সংস্থাপন আৰু ২০৩০ চনৰ ভিতৰত ভাৰতৰ এ.ভি.জি.চি.-এক্স.আৰ. বজাৰৰ ২০% অংশ অধিকাৰ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ই পৰৱৰ্তী তিনি বছৰৰ ভিতৰত চেন্নাইত মূল কেন্দ্ৰ হিচাপে "এলকোট ভিয়ান এ.ভি.জি.চি.-এক্স.আৰ. উৎকৰ্ষ কেন্দ্ৰ" আৰু কইম্বাটুৰ, মাদুৰাই, তিৰুচিৰাপল্লী, ছালেম আৰু তিৰুনেলভেলি অঞ্চলত উপকেন্দ্ৰসমূহ স্থাপনৰ বাবেও সমৰ্থন আগবঢ়ায়।
- কেৰালাৰ এ.ভি.জি.চি.-এক্স.আৰ. নীতি ২০২৪-এ এক বিশেষ প্ৰতিভাৰ ভেটি গঢ়ি তোলাৰ ওপৰত গভীৰ গুৰুত্ব আৰোপ কৰিছে। ই বিদ্যালয়ৰ পৰা উচ্চ শিক্ষালৈকে ভি.আৰ., এ.আৰ., গেমিং, ভি.এফ.এক্স. আৰু ডিজিটেল কলাক সামৰি লোৱা উদ্যোগ-অনুকূল চাকৰিৰ ভূমিকা, শিক্ষকৰ বিকাশ আৰু এ.ভি.জি.চি.-এক্স.আৰ. পাঠ্যক্ৰমৰ প্ৰস্তাৱ দিছে। এই মিছনৰ লক্ষ্য হৈছে ২০২৯ চনৰ ভিতৰত এ.ভি.জি.চি.-এক্স.আৰ. উদ্যোগত ৫০,০০০ নতুন চাকৰি সৃষ্টি কৰা, যিয়ে এক সমৃদ্ধিশালী জ্ঞান-ভিত্তিক অৰ্থনীতি গঢ়ি তোলাৰ ক্ষেত্ৰত কেৰালাৰ দায়বদ্ধতাক অধিক সুদৃঢ় কৰিব।
- মধ্যপ্ৰদেশৰ এ.ভি.জি.চি.-এক্স.আৰ. নীতি ২০২৫-এ উৎকৰ্ষ কেন্দ্ৰ, এ.ভি.জি.চি.-এক্স.আৰ. লেব আৰু নিৰ্দিষ্ট দক্ষতা বিকাশক বিনিয়োগৰ উদগনিৰ সৈতে একত্ৰিত কৰিছে। এই নীতিয়ে মূলধনী বিনিয়োগ, সংস্থাপন সৃষ্টি, উৎপাদন ব্যয়, গুণগত মানৰ প্ৰমাণপত্ৰ আৰু বৌদ্ধিক সম্পত্তি (IP) সৃষ্টিকো সমৰ্থন কৰে।
- উত্তৰ প্ৰদেশে নয়ডা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু প্ৰস্তাৱিত আন্তঃৰাষ্ট্ৰীয় ফিল্ম চিটিৰ সমীপৰ জেৱাৰত এখন এ.ভি.জি.চি.-এক্স.আৰ. পাৰ্ক নিৰ্মাণ কৰি আছে। এই পাৰ্কখনে এনিমেচন, ভি.এফ.এক্স., গেমিং, ম'চন কেপচাৰ, ভাৰ্চুৱেল প্ৰডাকচন আৰু এক্স.আৰ. সুবিধাসমূহ একত্ৰিত কৰিব। ইয়াৰ লক্ষ্য হৈছে বিনিয়োগ আকৰ্ষণ কৰা, ষ্টাৰ্টআপসমূহক সমৰ্থন জনোৱা, দক্ষ সংস্থাপন সৃষ্টি কৰা আৰু ৰাজ্যখনৰ ডিজিটেল সৃজনশীল অৰ্থনীতিক শক্তিশালী কৰা।
- ৰাজস্থানে এনিমেচন, ভি.এফ.এক্স., গেমিং, কমিক্স আৰু নিমজ্জিত প্ৰযুক্তিৰ পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰিবলৈ ২০২৪-২৫ বৰ্ষৰ ৰাজ্যিক বাজেটত ইয়াৰ এ.ভি.জি.চি.-এক্স.আৰ. নীতি ২০২৪ ঘোষণা কৰিছে। এই নীতিয়ে যোগ্য এনিমেচন/ভি.এফ.এক্স./এ.আৰ./ভি.আৰ. প্ৰকল্পৰ বাবে ৫০ লাখ টকালৈকে আৰু যোগ্য গেম বিকাশৰ বাবে ১ কোটি টকালৈকে উৎপাদন উদগনি প্ৰদান কৰে।
- নিৰ্দিষ্ট চৰকাৰী পদক্ষেপৰ জৰিয়তে গুজৰাটে সক্ৰিয়ভাৱে নিজকে এক গুৰুত্বপূৰ্ণ এ.ভি.জি.চি.-এক্স.আৰ. কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস কৰিছে। ৰাজ্যখন আন্তঃগাঁথনি, দক্ষতা বিকাশ আৰু ষ্টাৰ্টআপসমূহক সমৰ্থন জনোৱা এখন বিস্তৃত এ.ভি.জি.চি.-এক্স.আৰ. নীতি প্ৰস্তুত কৰাৰ চূড়ান্ত পৰ্যায়ত আছে। তদুপৰি, ৰাজ্যখনৰ ইতিমধ্যে এক শক্তিশালী শৈক্ষিক ভেটি আছে— এনিমেচন, ভি.এফ.এক্স. আৰু গেমিং পাঠ্যক্ৰম আগবঢ়োৱা ১৬ খন প্ৰতিষ্ঠান— যিয়ে দক্ষ প্ৰতিভাৰ এক নিৰন্তৰ যোগান ধৰিবলৈ প্ৰস্তুত।
ভৱিষ্যতৰ কৰণীয়
নিমজ্জিত প্ৰযুক্তিসমূহ কেৱল এক নতুন মনোৰঞ্জনৰ মাধ্যমেই নহয়। এইবোৰ ভাৰতৰ সৃজনশীল অৰ্থনীতি, শিক্ষা ব্যৱস্থা আৰু সাংস্কৃতিক সংৰক্ষণৰ বাবে এক কৌশলগত চালিকা শক্তি। সমন্বিত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে নিজৰ এ.ভি.জি.চি.-এক্স.আৰ. পৰিস্থিতিতন্ত্ৰক শক্তিশালী কৰি তোলাৰ লগে লগে, ই নিমজ্জিত সমল আৰু উদ্ভাৱনৰ এক বিশ্বব্যাপী কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ দিশত এক অনুকূল স্থিতিত উপনীত হৈছে। সৃজনশীলতা আৰু অত্যাধুনিক প্ৰযুক্তিৰ এই সংমিশ্ৰণ 'বিকশিত ভাৰত ২০৪৭'ৰ দৃষ্টিভংগীৰ সৈতে সম্পূৰ্ণৰূপে সামঞ্জস্যপূৰ্ণ, য'ত এখন প্ৰযুক্তিগতভাৱে সবলীকৃত তথা আত্মনিৰ্ভৰশীল ভাৰতে উদীয়মান ক্ষেত্ৰসমূহত নেতৃত্ব বহন কৰিব।
তথ্যসূত্ৰ:
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
সাংস্কৃতিক মন্ত্ৰালয়
যোগাযোগ মন্ত্ৰালয়
অন্যান্য
PDF চাবলৈ ইয়াত ক্লিক কৰক
*****
পিআইবি গৱেষণা/RD/RR
(Explainer ID: 160572)
आगंतुक पटल : 7
Provide suggestions / comments