Technology

এগ্ৰি-ভল্টেইক

ভাৰতৰ কৃষিক্ষেত্ৰলৈ বিদ্যুৎ যোগান, এক বহনক্ষম ভৱিষ্যত নিৰ্মাণ

Posted On: 23 OCT 2026 11:32AM

কৃষি আৰু নৱীকৰণযোগ্য শক্তিৰ সংযোগস্থলতে কৃষিভূমিক অধিক উৎপাদনশীল কৰি তোলাৰ এক অভিনৱ পদ্ধতি নিহিত হৈ আছে। এগ্ৰি-ভল্টেইক পদ্ধতিয়ে একেডৰা মাটিতে শস্য উৎপাদন আৰু সৌৰ শক্তি উৎপাদনৰ ব্যৱস্থাক একত্ৰিত কৰে, যাৰ ফলত কৃষকসকলে উপাৰ্জনৰ পথ বহুলভাৱে প্ৰসাৰিত কৰাৰ লগতে ভাৰতৰ স্বচ্ছ শক্তিৰ উত্তৰণ প্ৰক্ৰিয়ালৈ বৰঙণি আগবঢ়াবলৈ সক্ষম হয়। খাদ্য আৰু সৌৰ বিদ্যুৎ উৎপাদনক একত্ৰিত কৰি, ই ভূমিৰ ফলপ্ৰসূ ব্যৱহাৰ, কৃষিক্ষেত্ৰৰ অধিক স্থায়িত্ব আৰু বহনক্ষম গ্ৰাম্য সমৃদ্ধিৰ দিশত এক আশাব্যঞ্জক পথ মুকলি কৰিছে।

কৃষিক্ষেত্ৰৰ বাবে সৌৰ শক্তি আৰু এক স্বচ্ছ ভৱিষ্যত

ভাৰতৰ অৰ্থনীতিত কৃষিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যি প্ৰায় ৪৬.১ শতাংশ জনসংখ্যাৰ জীৱিকাৰ এক প্ৰধান উৎস। ২০২৫-২৬ বৰ্ষত কৃষি আৰু আনুষংগিক খণ্ডৰ মুঠ সংযোজিত মূল্য ৫২.০৮ লাখ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। এই গুৰুত্বপূৰ্ণ খণ্ডটোক বৰ্তাই ৰাখিবলৈ জলসিঞ্চন আৰু অন্যান্য কৃষি কাৰ্যৰ বাবে নিৰ্ভৰযোগ্য আৰু সুলভ শক্তিৰ প্ৰয়োজন। ভাৰতৰ স্বচ্ছ শক্তিৰ উত্তৰণ প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ সমান্তৰালভাৱে সৌৰ শক্তিয়ে এই দৈনন্দিন প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত সহায় কৰিব পাৰে।  অধিক পঢ়িবলৈ ক্লিক কৰক: ভাৰতীয় কৃষি আৰু আনুষংগিক খণ্ডৰ নৱযুগ

ভাৰতৰ বিশাল কৃষিভূমিয়ে কৃষিকৰ্মৰ সৈতে সৌৰ শক্তিৰ সংযোগ স্থাপনৰ ক্ষেত্ৰত এক বৃহৎ সম্ভাৱনা কঢ়িয়াই আনিছে। ২০২৩-২৪ বৰ্ষৰ 'ভূমি ব্যৱহাৰ পৰিসংখ্যা' অনুসৰি, দেশৰ মুঠ পৰিজ্ঞাত মাটিকালি হৈছে ৩০৬.৯৬ নিযুত হেক্টৰ, যাৰ প্ৰায় ৫৫ শতাংশই হৈছে কৃষিভূমি। ইয়াৰে প্ৰকৃত খেতি কৰা মাটিৰ পৰিমাণ ১৩৮.৯৯ নিযুত হেক্টৰ আৰু মুঠ শস্য উৎপাদনৰ মাটিকালি ২১৭.৮৮ নিযুত হেক্টৰ। এই বিস্তৃত ভূমি পৰিসৰে কৃষি উৎপাদনৰ সমান্তৰালভাৱে সৌৰ বিদ্যুৎ উৎপাদনৰো সুযোগ প্ৰদান কৰে। কৃষকসকলে জলসিঞ্চনৰ পাম্প চলাবলৈ সৌৰ শক্তি ব্যৱহাৰ কৰিব পাৰে, যাৰ ফলত পৰম্পৰাগত বিদ্যুতৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায় আৰু লগতে উৎপাদন হোৱা অতিৰিক্ত বিদ্যুৎ গ্ৰিডলৈ যোগান ধৰি অতিৰিক্ত উপাৰ্জন কৰাৰো সুবিধা লাভ কৰে। উদাহৰণস্বৰূপে, সৌৰ শক্তি চালিত জলসিঞ্চনৰ পাম্পৰ জৰিয়তে শস্যপথাৰত পানী যোগান ধৰাৰ বাবে দিনৰ ভাগত প্ৰয়োজনীয় শক্তি লাভ কৰিব পাৰি, যিয়ে ডিজেল চালিত বিকল্পসমূহৰ ওপৰত থকা নিৰ্ভৰশীলতা বহু পৰিমাণে হ্ৰাস কৰে।

একেডৰা মাটিতে শস্য উৎপাদন আৰু সৌৰ বিদ্যুৎ উৎপাদন ব্যৱস্থাক একত্ৰিত কৰি এগ্ৰি-ভল্টেইকে এই সমন্বয়ক এক নতুন মাত্ৰা প্ৰদান কৰিছে। শস্যৰ শাৰীৰ ওপৰত বা মাজত স্থাপন কৰা সৌৰ পেনেলৰ জৰিয়তে কৃষিকৰ্ম অব্যাহত ৰখাৰ সমান্তৰালভাৱে বিদ্যুৎ উৎপাদন কৰিব পাৰি। শস্যৰ প্ৰকাৰ, পেনেলৰ আৰ্হি আৰু স্থানীয় পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ আংশিক ছাঁই মাটিৰ আৰ্দ্ৰতা হ্ৰাস পোৱা ৰোধ কৰাতো সহায় কৰিব পাৰে। এই পদ্ধতিয়ে ভূমি ব্যৱহাৰৰ ফলপ্ৰসূতা বৃদ্ধি কৰাৰ লগতে কৃষকৰ উপাৰ্জনৰ পথ প্ৰসাৰিত কৰিব পাৰে আৰু একেধাৰে খাদ্য তথা শক্তি সুৰক্ষা ব্যৱস্থাক অধিক সুদৃঢ় কৰিব পাৰে। গৱেষণা, ক্ষেত্ৰভিত্তিক প্ৰদৰ্শন আৰু নীতি নিৰ্ধাৰণৰ জৰিয়তে ভাৰতে ইয়াৰ বৈচিত্ৰ্যময় কৃষি পৰিৱেশৰ সৈতে এগ্ৰি-ভল্টেইক ব্যৱস্থাক খাপ খুৱাই লোৱাৰ উপায়সমূহৰ অন্বেষণ কৰি আছে। কৃষকৰ জীৱিকাক ভাৰতৰ সুদূৰপ্ৰসাৰী নৱীকৰণযোগ্য শক্তিৰ লক্ষ্যৰ সৈতে সামঞ্জস্য স্থাপন কৰাৰ ক্ষেত্ৰত ই এক আশাব্যঞ্জক পথ মুকলি কৰিছে।

 

"গ্ল'বেল চাউথক শক্তি প্ৰদান" বিষয়বস্তুৰ আধাৰত ২০২৬ চনৰ ২১-ৰ পৰা ২৩ অক্টোবৰলৈ নতুন দিল্লীত চলি থকা 'সপ্তম এগ্ৰি-ভল্টেইক বিশ্ব সন্মিলন'খনে সৌৰ শক্তি আৰু কৃষিক্ষেত্ৰৰ সমন্বয়ক তৰান্বিত কৰাৰ বাবে এক গোলকীয় মঞ্চ হিচাপে কাম কৰিছে। উদ্যোগ, গৱেষণা, নীতি নিৰ্ধাৰণ আৰু বিত্তীয় খণ্ডৰ অংশীদাৰসকলক একত্ৰিত কৰি এই সন্মিলনখনে ভূমিৰ ফলপ্ৰসূ ব্যৱহাৰক উদগনি যোগোৱা, কৃষিক্ষেত্ৰৰ বহনক্ষমতা সুদৃঢ় কৰা আৰু নিম্ন-কাৰ্বনযুক্ত অৰ্থনীতিলৈ উত্তৰণৰ প্ৰক্ৰিয়াত সমৰ্থন জনোৱাৰ উদ্দেশ্যৰে এগ্ৰি-ভল্টেইকৰ নৱাগত সম্ভাৱনাসমূহৰ ওপৰত আলোকপাত কৰিছে। সপ্তম এগ্ৰি-ভল্টেইক বিশ্ব সন্মিলনৰ বিষয়ে সবিশেষ পঢ়ক।

এগ্ৰি-ভল্টেইক: কৃষি আৰু নৱীকৰণযোগ্য শক্তিৰ মাজৰ সেঁতুবন্ধন

এগ্ৰি-ভল্টেইক, যাক কৃষি-সৌৰ বা দ্বৈত-ব্যৱহাৰ্য সৌৰ ব্যৱস্থা বুলিও জনা যায়, ই ভূমি ব্যৱহাৰৰ ফলপ্ৰসূতা সৰ্বাধিক স্তৰলৈ বৃদ্ধি কৰাৰ লগতে শস্যক ছাঁ প্ৰদান কৰে আৰু কৃষকসকলৰ বাবে অতিৰিক্ত লাভালাভৰ সৃষ্টি কৰে।

এগ্ৰি-ভল্টেইক ব্যৱস্থাৰ আৰ্হি আৰু কাৰ্যপ্ৰণালী

এগ্ৰি-ভল্টেইক ব্যৱস্থাই স্থানীয় কৃষি পৰিৱেশৰ সৈতে খাপ খোৱাকৈ কৃষি আন্তঃগাঁথনিক সৌৰ ব্যৱস্থাৰ সৈতে একত্ৰিত কৰে। এই প্ৰযুক্তিটো কেইবাটাও প্ৰধান উপাদানৰ জৰিয়তে পৰিচালিত হয়:

  • ওখ সৌৰ গাঁথনি: সৌৰ পেনেলসমূহ প্ৰত্যক্ষভাৱে মাটিত স্থাপন কৰাৰ পৰিৱৰ্তে, সেইবোৰক এনে এক উচ্চতাত স্থাপন কৰা হয় যাতে তলত থকা শস্যই পৰ্যাপ্ত সূৰ্যৰ পোহৰ আৰু বৰষুণৰ পানী পাব পাৰে। কৃষিকাৰ্যৰ বাবে ব্যৱহৃত এই ওখ সৌৰ পেনেলসমূহৰ তলেৰে কৃষকসকলে কোনো অসুবিধা নোহোৱাকৈ নিজৰ কৃষি-সঁজুলিসমূহো সহজে চলাচল কৰাব পাৰে।
  • আংশিক ছাঁ: পেনেলসমূহে প্ৰদান কৰা ছাঁই শস্যক অত্যধিক উত্তাপৰ পৰা ৰক্ষা কৰাত সহায় কৰে আৰু মাটিৰ পৰা পানীৰ বাষ্পীভৱন হ্ৰাস কৰে। ইয়াৰ ফলত বিশেষকৈ গ্ৰীষ্মপ্ৰধান বা শুকান অঞ্চলসমূহত উদ্ভিদৰ বিকাশৰ বাবে এক শীতল আৰু অধিক সুস্থিৰ পৰিৱেশৰ সৃষ্টি হয়।
  • ভূমিৰ দ্বৈত উৎপাদনশীলতা: এগ্ৰি-ভল্টেইক ব্যৱস্থাই শস্য উৎপাদন বা পশুপালনৰ সৈতে সৌৰ বিদ্যুৎ উৎপাদনক একত্ৰিত কৰি ভূমিৰ সৰ্বোত্তম ব্যৱহাৰ সুনিশ্চিত কৰে, যিয়ে কৃষিকাৰ্যৰ বাবে প্ৰয়োজনীয় বিদ্যুতৰ যোগান ধৰাৰ লগতে উৎপাদিত অতিৰিক্ত বিদ্যুৎ গ্ৰিডলৈ বিক্ৰী কৰি উপাৰ্জনৰ এক অতিৰিক্ত উৎসৰ সৃষ্টি কৰে।

ভাৰতত এগ্ৰি-ভল্টেইকৰ বিকাশ

২০২৫ চনৰ আগষ্ট মাহলৈকে ভাৰতত ৩৭.৫৪ মেগাৱাট স্থাপিত ক্ষমতাৰে ৩৬টা এগ্ৰি-ভল্টেইক প্ৰকল্প কাৰ্যক্ষম হৈ থকাৰ সমান্তৰালভাৱে আন ১০টা পৰীক্ষামূলক প্ৰকল্প নিৰ্মীয়মাণ অৱস্থাত আছিল। বিভিন্ন কৃষি-জলবায়ু অঞ্চলক সামৰি লোৱা এই প্ৰকল্পসমূহত ওখ গাঁথনি, মধ্যৱৰ্তী স্থানৰ আৰ্হি আৰু ট্ৰেকিং ব্যৱস্থা অন্তৰ্ভুক্ত আছে, যিয়ে কৃষি উৎপাদনৰ সৈতে সৌৰ বিদ্যুৎ উৎপাদনক একত্ৰিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবিকাশমান দৃষ্টিভংগীক প্ৰতিফলিত কৰে।

ভাৰতৰ এগ্ৰি-ভল্টেইকৰ সম্ভাৱনীয়তা

ভাৰতত এগ্ৰি-ভল্টেইকৰ ক্ষেত্ৰত বৃহৎ সম্ভাৱনা নিহিত হৈ আছে। এক অনুমান অনুসৰি দেশখনত এগ্ৰি-ভল্টেইকৰ সম্ভাৱনীয়তা ৩,০০০ গিগাৱাটৰ পৰা প্ৰায় ১৪,০০০ গিগাৱাটৰ ভিতৰত আছে, যিয়ে কৃষি আৰু নৱীকৰণযোগ্য শক্তিৰ সংযোগস্থলত থকা সুযোগৰ বিশাল পৰিসৰক প্ৰতিফলিত কৰে। এগ্ৰি-ভল্টেইক ব্যৱস্থাই কৃষকসকলৰ বাবে উপাৰ্জনৰ বৈচিত্ৰ্যকৰণৰো সুযোগ সৃষ্টি কৰিব পাৰে। কিছুমান ক্ষেত্ৰত, বাৰ্ষিক উপাৰ্জন প্ৰতি একৰত প্ৰায় ৬০,০০০ টকাৰ পৰা ১ লাখ টকাতকৈ অধিকলৈকে বৃদ্ধি পাব পাৰে।

এগ্ৰি-ভল্টেইক বিকাশৰ পৰিসৰ

  • ভূমিৰ উপযুক্ততা: পাৰিপাৰ্শ্বিক, কৃষি-বৈজ্ঞানিক আৰু কাৰিকৰী মাপকাঠীসমূহ প্ৰয়োগ কৰাৰ পিছত জি আই এছ আধাৰিত ৰাষ্ট্ৰীয় পৰীক্ষণত কৃষি-পিভিৰ বাবে উপযুক্ত ৪৭.৩৫ নিযুত হেক্টৰ "সীমিত কৃষিভূমি" চিনাক্ত কৰা হৈছে, যিয়ে এক সুৰক্ষিত আৰু জলবায়ু-সহনশীল ভূমিৰ ভিত্তিটোক প্ৰতিফলিত কৰে।
  • শস্যৰ সামঞ্জস্যতা: সৌৰ প্ৰকল্পৰ সমান্তৰালভাৱে খেতি কৰাৰ বাবে ফল-মূল, শাক-পাচলি, মছলাজাতীয় শস্য আৰু ঔষধি উদ্ভিদে আশাব্যঞ্জক বিকল্প প্ৰদান কৰে।
  • উচ্চ সম্ভাৱনাপূৰ্ণ ৰাজ্য: কৃষিভূমিৰ উপলব্ধতা, সৌৰ সম্পদ আৰু কৃষি-জলবায়ু পৰিস্থিতিৰ অনুকূল সংমিশ্ৰণৰ ফলত মহাৰাষ্ট্ৰ, ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশক উচ্চ সম্ভাৱনাপূৰ্ণ ৰাজ্য হিচাপে চিহ্নিত কৰা হৈছে। সামগ্ৰিকভাৱে এই ৰাজ্যসমূহে ভাৰতৰ আনুমানিক কৃষি-পিভি বিদ্যুৎ উৎপাদনৰ সম্ভাৱনীয়তাৰ প্ৰায় ৫০ শতাংশ সামৰি লয়।
  • মধ্যমীয়া সম্ভাৱনা: ওড়িশা, তামিলনাডু, কেৰালা, তেলেংগানা, বিহাৰ আৰু পশ্চিমবংগত মধ্যমীয়া সম্ভাৱনা পৰিলক্ষিত হৈছে।
  • অনুকূল অঞ্চলসমূহ: বৃহৎ পৰিসৰত প্ৰকল্প ৰূপায়ণৰ বাবে দেশৰ দক্ষিণ, পশ্চিম আৰু মধ্য অঞ্চলসমূহত সৌৰ বিকিৰণ, ভূমিৰ উপলব্ধতা আৰু উদ্যান শস্যৰ নিবিড়তাৰ আটাইতকৈ অনুকূল সংমিশ্ৰণ পৰিলক্ষিত হয়।

এগ্ৰি-ভল্টেইক উন্নয়নত চৰকাৰী পদক্ষেপসমূহ

সমগ্ৰ দেশজুৰি এগ্ৰি-ভল্টেইক ব্যৱস্থা গ্ৰহণ আৰু ইয়াৰ সম্প্ৰসাৰণক ত্বৰান্বিত কৰাৰ উদ্দেশ্যৰে ভাৰত চৰকাৰে নীতি, গৱেষণা, প্ৰযুক্তিগত বিকাশ আৰু ৰূপায়ণৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

  • প্ৰধানমন্ত্ৰী কিষাণ ঊৰ্জা সুৰক্ষা এৱম উত্থান মহাভিয়ান (পি এম কুসুম): ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰা এই আঁচনিয়ে কৃষিক্ষেত্ৰত সৌৰ শক্তিৰ ব্যৱহাৰত উদগনি যোগায়, ডিজেলৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰে আৰু কৃষকসকলৰ বাবে তেওঁলোকৰ উপাৰ্জনৰ পথ বৈচিত্ৰ্যময় কৰাৰ সুযোগ সৃষ্টি কৰে। এই আঁচনিত প্ৰায় ৩৪,৪২২ কোটি টকাৰ কেন্দ্ৰীয় বিত্তীয় সাহায্য প্ৰদানৰ পৰিকল্পনা কৰা হৈছে। ই লগতে বিকেন্দ্ৰীকৃত সৌৰ বিদ্যুৎ উৎপাদন আৰু কৃষি পাম্পসমূহৰ সৌৰকৰণৰ ব্যৱস্থা কৰে, যিয়ে কৃষিকৰ্মৰ সৈতে সৌৰ শক্তিৰ সংযোগ স্থাপনৰ জৰিয়তে উন্নয়নৰ নতুন পথ মুকলি কৰে। প্ৰধানমন্ত্ৰী কুসুম আঁচনি (PM KUSUM Scheme)
  • এগ্ৰি-ভল্টেইকৰ উৎকৃষ্টতা কেন্দ্ৰ: ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অন্তৰ্গত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সহযোগত ৰাষ্ট্ৰীয় সৌৰ শক্তি প্ৰতিষ্ঠানে এগ্ৰি-ভল্টেইকৰ গৱেষণা, প্ৰদৰ্শন আৰু দক্ষতা বিকাশৰ উদ্দেশ্যে এটা উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰিছে। এই কেন্দ্ৰটোৱে ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানত ১০০ কিলোৱাট ক্ষমতাসম্পন্ন এটা এগ্ৰি-ভল্টেইক ব্যৱস্থাকে ধৰি কেইবাটাও পৰীক্ষামূলক প্ৰকল্প হাতত লৈছে।

ভাৰত এগ্ৰি-ভল্টেইক মিত্ৰজোঁট

 

ভাৰতীয় ৰাষ্ট্ৰীয় সৌৰ শক্তি ফেডাৰেচনৰ তত্ত্বাৱধানত পৰিচালিত 'ভাৰত এগ্ৰি-ভল্টেইক মিত্ৰজোঁট' হৈছে এক বহু-অংশীদাৰযুক্ত মঞ্চ, যিয়ে সৌৰ শক্তি উৎপাদন আৰু কৃষিকাৰ্যৰ বাবে ভূমিৰ দ্বৈত ব্যৱহাৰক অগ্ৰগতি প্ৰদান কৰিছে। ২০২৩ চনত আৰম্ভ হোৱা এই মিত্ৰজোঁটৰ সদস্য সংখ্যা বৰ্তমান ৪০-ৰো অধিকলৈ বৃদ্ধি পাইছে আৰু ই নীতিগত পোষকতা, গৱেষণা তথা ক্ষেত্ৰভিত্তিক ৰূপায়ণৰ জৰিয়তে এগ্ৰি-ভল্টেইক ব্যৱস্থাক আগুৱাই নিয়াৰ উদ্দেশ্যে চৰকাৰী মন্ত্ৰালয়সমূহ আৰু উদ্যোগ খণ্ডৰ অংশীদাৰসকলৰ সৈতে মিলি কাম কৰি আছে। ভূমিৰ উৎপাদনশীলতা বৃদ্ধি, কৃষকৰ উপাৰ্জনৰ বৈচিত্ৰ্যকৰণ আৰু গ্ৰাম্যাঞ্চলত শক্তিৰ উপলব্ধতা সুদৃঢ় কৰাৰ উদ্দেশ্যে ই জ্ঞানভিত্তিক সমলৰ বিকাশ, পৰীক্ষামূলক প্ৰকল্পৰ প্ৰসাৰ আৰু সম্প্ৰসাৰণযোগ্য ব্যৱসায়িক আৰ্হিসমূহক সমৰ্থন আগবঢ়ায়।

ৰাজ্যভিত্তিক পদক্ষেপসমূহ

কেইবাখনো ৰাজ্যই অঞ্চলভিত্তিক আঁচনিৰ জৰিয়তে কৃষিক্ষেত্ৰত সৌৰ শক্তিৰ ব্যৱহাৰক সহজসাধ্য কৰি তুলিছে:

  • মুখ্যমন্ত্ৰী সৌৰ কৃষি বাহিনী যোজনা ২.০, মহাৰাষ্ট্ৰ: এই আঁচনিয়ে কৃষি গ্ৰাহকসকলক বিদ্যুৎ যোগান ধৰাত সহায় কৰাৰ উদ্দেশ্যে প্ৰায় ৩৫,০০০ একৰ চৰকাৰী আৰু ব্যক্তিগত ভূমিত ১৬,০০০ মেগাৱাটৰ সৌৰ প্ৰকল্পৰ জৰিয়তে সৌৰ বিদ্যুৎ উৎপাদনক ত্বৰান্বিত কৰিছে।
  • কিষাণ সূৰ্যোদয় যোজনা, গুজৰাট: পৰ্যায়ক্ৰমে সৌৰ আৰু অন্যান্য অগতানুগতিক শক্তি উৎপাদন প্ৰকল্পসমূহ কাৰ্যক্ষম কৰাৰ জৰিয়তে কৃষিকাৰ্যৰ বাবে দিনৰ ভাগত বিদ্যুৎ যোগান ধৰি কৃষকসকলৰ বিদ্যুতৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ এই আঁচনিয়ে সৌৰ শক্তিৰ ব্যৱহাৰ সম্প্ৰসাৰিত কৰিছে, য'ত প্ৰতিদিনে পুৱা ৫:০০ বজাৰ পৰা নিশা ৯:০০ বজালৈ সৰ্বাধিক ১৬ ঘণ্টাৰ বাবে বিদ্যুৎ যোগানৰ পৰিকল্পনা কৰা হৈছে।
  • সূৰ্য ৰথ আঁচনি, কৰ্ণাটক: এই আঁচনিয়ে সৌৰ শক্তি চালিত জলসিঞ্চনৰ পাম্পসমূহৰ প্ৰসাৰ ঘটায় আৰু কৃষকসকলক অতিৰিক্ত বিদ্যুতৰ জৰিয়তে উপাৰ্জন কৰাৰ সুবিধা প্ৰদান কৰে। সৌৰ পাম্পসমূহে ডিজেল চালিত পাম্পৰ ওপৰত থকা নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে কৃষকসকলক শস্যত পানী যোগান ধৰিবলৈ প্ৰয়োজনীয় শক্তি লাভ কৰাত সহায় কৰিব পাৰে।

ভাৰত চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে লগলাগি নীতিগত পদক্ষেপ আৰু নিৰ্দিষ্ট কাৰ্যসূচীৰ জৰিয়তে কৃষিক্ষেত্ৰত সৌৰ শক্তিৰ ব্যৱহাৰক আগুৱাই নিছে। এই প্ৰচেষ্টাসমূহে একে স্থানতে সৌৰ বিদ্যুৎ উৎপাদন আৰু কৃষি উৎপাদনৰ সুযোগ সৃষ্টি কৰি ভাৰতৰ এগ্ৰি-ভল্টেইকৰ পটভূমিক এক সুন্দৰ ৰূপ প্ৰদান কৰিছে।

কৃষিক্ষেত্ৰ আৰু স্বচ্ছ শক্তিৰ সমন্বয়ৰ জৰিয়তে সমৃদ্ধিৰ সঞ্চাৰ

পাৰিপাৰ্শ্বিক বহনক্ষমতাক আগুৱাই নিয়াৰ সমান্তৰালভাৱে কৃষিভিত্তিক জীৱিকাক সুদৃঢ় কৰিবলৈ এগ্ৰি-ভল্টেইক ব্যৱস্থাই ভাৰতক এক সুযোগ প্ৰদান কৰিছে। নৱীকৰণযোগ্য শক্তি উৎপাদনৰ সৈতে খাদ্য উৎপাদন ব্যৱস্থাক একত্ৰিত কৰি ই ভূমিৰ অধিক ফলপ্ৰসূ ব্যৱহাৰৰ সুযোগ প্ৰদান কৰিব পাৰে, অনুকূল পৰিস্থিতিত পানী সংৰক্ষণ কৰিব পাৰে আৰু অধিক আৰ্থিক স্থিৰতা গঢ়ি তুলিব পাৰে। পি এম-কুসুম আৰু এগ্ৰি-ভল্টেইকৰ সম্প্ৰসাৰণৰ বাবে প্ৰস্তাৱিত ব্যৱস্থাসমূহকে ধৰি ভাৰত চৰকাৰৰ পদক্ষেপসমূহে গ্ৰাম্য উন্নয়নক স্বচ্ছ শক্তিৰ লক্ষ্যৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰে। ইয়াৰ ৰূপায়ণ বৃদ্ধি পোৱাৰ লগে লগে, শক্তিৰ প্ৰয়োজনীয়তাৰ সৈতে কৃষি উৎপাদনশীলতাৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ স্থানীয়ভাৱে উপযুক্ত আৰ্হি, বৈজ্ঞানিক গৱেষণা আৰু কৃষকৰ অংশগ্ৰহণ অপৰিহাৰ্য হৈ পৰিব। এই পদ্ধতিয়ে ভাৰতৰ ব্যাপক আৰ্থিক স্থিৰতা আৰু এক অধিক সুদৃঢ় তথা বহনক্ষম ভৱিষ্যত গঢ়ি তোলাত অৰিহণা যোগাব পাৰে।

তথ্যসূত্ৰসমূহ

নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়

কৃষি আৰু কৃষক কল্যাণ বিভাগ

মহাৰাষ্ট্ৰ চৰকাৰ

গুজৰাট চৰকাৰ

কৰ্ণাটক চৰকাৰ

শক্তি আৰু সম্পদ প্ৰতিষ্ঠান (TERI)

ইণ্ডিয়া এগ্ৰিভল্টিকছ এলায়েন্স

ইণ্ডিয়া ব্ৰেণ্ড ইকুইটি ফাউণ্ডেচন

আমেৰিকাৰ শক্তি বিভাগ

এগ্ৰি-ভল্টেইক

*****

পিআইবি গৱেষণা/RD/RR

(Explainer ID: 160548) आगंतुक पटल : 2
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी