Rural Prosperity

চৰচ মেলা ২০২৬

গ্ৰাম্য মহিলাৰ উদ্যোগসমূহক ৰাষ্ট্ৰীয় বজাৰলৈ সম্প্ৰসাৰণ

Posted On: 21 OCT 2026 11:03AM

কেন্দ্ৰীয় চৰকাৰৰ ডি.এ.ৱাই.-এন.আৰ.এল.এম. আঁচনিৰ অধীনত আয়োজিত চৰচ মেলাসমূহে গ্ৰাম্য মহিলা উদ্যোগীসকলক বৃহৎ বজাৰ, ক্ৰেতা, ব্যৱসায়িক সুযোগৰ সৈতে সংযোগ কৰে। বিজয়ৱাড়াত অনুষ্ঠিত মেলাখন দিল্লী-এন.চি.আৰ.ৰ বাহিৰত প্ৰথমখন ৰাষ্ট্ৰীয় চৰচ মেলা, য’ত ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মহিলা উদ্যোগীসকলক একত্ৰিত কৰা হৈছে। এই মঞ্চই লাখপতি দিদি কল্পদৃষ্টিৰ জৰিয়তে বহনক্ষম জীৱিকা আৰু আয় বৃদ্ধিৰ বাবে ডি.এ.ৱাই.-এন.আৰ.এল.এম.ৰ প্ৰচেষ্টাক শক্তিশালী কৰে। বিশেষ পেভিলিয়নে ব্যৱসায়িক শিক্ষণ, প্ৰতিষ্ঠানিক সমৰ্থন আৰু উদ্যোগ বিকাশৰ সুযোগ প্ৰদান কৰে। ই-চৰচ(e-SARAS)-ৰ দৰে ডিজিটেল প্লেটফৰ্মে ভৌতিক অনুষ্ঠানৰ বাহিৰেও বজাৰৰ প্ৰৱেশ সম্প্ৰসাৰণ কৰে, গ্ৰাম্য মহিলাসকলক তেওঁলোকৰ সামগ্ৰীসমূহ বহল বজাৰলৈ যোৱাত সহায় কৰে।

য'ত গ্ৰাম্য উদ্যোগসমূহে নতুন সুযোগ লাভ কৰে

ভাৰতৰ গ্ৰাম্য অৰ্থনীতি পৰম্পৰাগত দক্ষতা, হস্তশিল্প, উদ্যোগী প্ৰতিভাৰে চহকী। মহিলা আত্মসহায়ক গোটসমূহে (এছ.এইচ.জি.) এই প্ৰতিভাক স্থানীয় অৰ্থনীতিৰ সৈতে সংযোগ কৰাত সহায় কৰে। তেওঁলোকৰ এই সামগ্ৰীসমূহ হৈছে হস্ততাঁত আৰু হস্তশিল্পৰ পৰা আৰম্ভ কৰি সংসাধিত খাদ্য আৰু অন্যান্য স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীলৈকে। কিন্তু এটা উতপাদন বিকশিত কৰাটো মাত্ৰ প্ৰথম পদক্ষেপ। গ্ৰাম্য উদ্যোগীসকলকো লাভৱান হ’বলৈ গ্ৰাহক, বজাৰৰ তথ্য আৰু নতুন সুযোগৰ প্ৰয়োজন। চৰচ মেলাই মহিলা নেতৃত্বাধীন উদ্যোগসমূহক গ্ৰাহক, ক্ৰেতা আৰু বিভিন্ন প্ৰতিষ্ঠানৰ ওচৰলৈ লৈ আহি এই ব্যৱধান দূৰ কৰে। দীনদয়াল অন্ত্যোদয় যোজনা-ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (ডি.এ.ৱাই.-এন.আৰ.এল.এম.)ৰ অধীনত চৰকাৰে আয়োজন কৰা চৰচ মেলাৰ বিগত প্ৰায় তিনিটা দশকত যথেষ্ট বিকাশ হৈছে। সেইবোৰ এতিয়া কেৱল প্ৰদৰ্শনী নহয়। এই মেলাসমূহে সামগ্ৰী বিক্ৰী কৰাৰ বাবে, গ্ৰাহকৰ পছন্দসমূহ বুজিবলৈ, ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলাৰ বাবে আৰু বৃহৎ বজাৰত প্ৰৱেশৰ বাবে এক মঞ্চ প্ৰদান কৰে।

.

অন্ধ্ৰপ্ৰদেশৰ বিজয়াৱাড়াত অনুষ্ঠিত ৰাষ্ট্ৰীয় চৰচ মেলা হৈছে এই যাত্ৰাৰ এক নতুন পদক্ষেপ, কিয়নো এইখন দিল্লী-এন.চি.আৰ. অঞ্চলৰ বাহিৰত অনুষ্ঠিত হোৱা প্ৰথমখন ৰাষ্ট্ৰীয় চৰচ মেলা। ২০২৬ চনৰ ১৩ অক্টোবৰৰ পৰা ২০২৬ চনৰ ৩১ অক্টোবৰলৈ বিজয়ৱাড়াৰ পুন্নামী ঘাটত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰায় ১৫০০ মহিলা আত্মসহায়ক গোট (এছ.এইচ.জি.) উদ্যোগী আৰু লাখপতি দিদিয়ে ৬৫০ খনতকৈও অধিক ষ্টলৰ জৰিয়তে নিজৰ সামগ্ৰী প্ৰদৰ্শন কৰিছে। এই মেলাত আঞ্চলিক বস্ত্ৰশিল্প, হস্তশিল্প, প্ৰাকৃতিক আৰু সংসাধিত খাদ্য আৰু অন্যান্য গ্ৰাম্য সামগ্ৰীৰ প্ৰদৰ্শন কৰা হয়। ইয়াৰ উপৰি ইণ্ডিয়া ফুড ক’ৰ্ট, সাংস্কৃতিক পৰিবেশন আৰু নিবেদিত শিক্ষণ স্থানে অভিজ্ঞতা বৃদ্ধি কৰে।

ৰাষ্ট্ৰীয় চৰচ মেলাৰ বিকেন্দ্ৰীকৰণে এক ব্যাপক উন্নয়নৰ পদ্ধতি প্ৰতিফলিত কৰে, ই সমগ্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় মঞ্চসমূহক উৎপাদক আৰু গ্ৰাহকৰ ওচৰলৈ আনে। ইয়াৰ দ্বাৰা স্থানীয় দক্ষতাক নতুন বজাৰৰ সৈতে সংযোগ কৰা হয় আৰু মহিলা নেতৃত্বাধীন উদ্যোগসমূহৰ বৃদ্ধিত সহায় কৰা হয়। এই অনুষ্ঠানে অন্যান্য ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ বিকেন্দ্ৰীকৰণৰ পথ প্ৰশস্ত কৰে। এই পদ্ধতি আঞ্চলিক পৰ্যায়ত ব্ৰিকছ আৰু জি-২০ বৈঠকৰ দৰে আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আয়োজন কৰাৰ নীতিৰ সৈতে সামঞ্জস্যপূৰ্ণ।

গ্ৰাম্য জীৱিকাৰ পৰা বজাৰত প্ৰৱেশলৈকে : ডি.এ.ৱাই.-এন.আৰ.এল.এম.ৰ ভূমিকা

ডি.এ.ৱাই.-এন.আৰ.এল.এম. হৈছে গ্ৰাম্য দৰিদ্ৰতা হ্ৰাস আৰু মহিলাৰ অৰ্থনৈতিক সবলীকৰণৰ প্ৰসাৰৰ বাবে চৰকাৰৰ এক ধ্বজাবাহী কাৰ্যসূচী। ই আত্মসহায়ক গোট আৰু তেওঁলোকৰ ফেডাৰেচনৰ জৰিয়তে কাম কৰে, লগতে আৰ্থিক অন্তৰ্ভুক্তি আৰু বহনক্ষম জীৱিকাৰ ক্ষেত্ৰতো সহায় কৰে। এই অভিযানে মহিলাসকলক দক্ষতা, বিত্ত, প্ৰযুক্তি আৰু জীৱিকাৰ সুযোগ লাভ কৰাত সহায় কৰে। ই মহিলা নেতৃত্বাধীন উদ্যোগসমূহৰ বাবে পণ্যৰ দৃশ্যমানতা, ব্ৰেণ্ডিং আৰু ভৌতিক, ডিজিটেল তথা প্ৰতিষ্ঠানিক বজাৰৰ সৈতে সংযোগৰ জৰিয়তে বজাৰৰ পৰিৱেশ শক্তিশালী কৰে।

.

এই বজাৰ সংযোগ অতি গুৰুত্বপূৰ্ণ, কাৰণ এটা উদ্যোগৰ বৃদ্ধি কেৱল উৎপাদনৰ ওপৰত নিৰ্ভৰশীল নহয়। কিয়নো মহিলাসকলক নিজৰ স্থানীয় সম্প্ৰদায়ৰ বাহিৰতো নিজৰ সামগ্ৰী বিক্ৰী কৰাৰ সুযোগৰ প্ৰয়োজন। গ্ৰাহকৰ মতামত বৃদ্ধি, উন্নত পণ্য উপস্থাপন আৰু ক্ৰেতাৰ সৈতে অধিক পাৰস্পৰিক ক্ৰিয়াৰ দ্বাৰাও তেওঁলোকে লাভৱান হয়। চৰচ মেলাই এই প্ৰয়োজনীয়তা আৰু বজাৰৰ সুযোগৰ মাজত ব্যৱহাৰিক সেতু হিচাপে কাম কৰে। এই মেলাসমূহে এছ.এইচ.জি. উদ্যোগ, গ্ৰাহক, প্ৰতিষ্ঠানিক ক্ৰেতা আৰু অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰে। ইয়াত উদ্যোগীসকলে তেওঁলোকৰ সামগ্ৰীসমূহ পোনপটীয়াকৈ বিক্ৰী কৰিব পাৰে, গ্ৰাহকৰ পছন্দ বুজিব পাৰে আৰু বিভিন্ন কাৰ্যসূচীৰ বাহিৰেও স্থায়ী হ’ব পৰা অংশীদাৰিত্বৰ অন্বেষণ কৰিব পাৰে।

৬৫ জন হিতাধিকাৰীৰ পৰা এখন ৰাষ্ট্ৰীয় বজাৰলৈ

১৯৯৯ চনত প্ৰায় ৬৫ ​​জন হিতাধিকাৰীৰে দিল্লীত প্ৰথমখন ৰাষ্ট্ৰীয় চৰচ মেলা অনুষ্ঠিত হয়। তেতিয়াৰ পৰাই এই মঞ্চখন ৰাষ্ট্ৰীয়, আঞ্চলিক, ৰাজ্যিক আৰু জিলা পৰ্যায়লৈ সম্প্ৰসাৰিত হৈছে। আজিলৈকে মুঠ ১১৭খন ৰাষ্ট্ৰীয় চৰচ মেলা অনুষ্ঠিত হৈছে, যাৰ বাৰ্ষিক বিক্ৰী ২০০ কোটি টকাতকৈ অধিক। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহেও বছৰি কমেও দুখন ৰাজ্যিক পৰ্যায়ৰ চৰচ মেলাৰ আয়োজন কৰে, যাৰ ফলত সমগ্ৰ দেশতে প্ৰায় ৫০খন এনে অনুষ্ঠান অনুষ্ঠিত হয়। আঞ্চলিক আৰু জিলা পৰ্যায়ৰ অনুষ্ঠানসমূহে স্থানীয় উৎপাদকসকলক তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰাৰ উন্নত সুযোগ প্ৰদান কৰে। এই অনুষ্ঠানসমূহে বজাৰ আৱিষ্কাৰ, ব্ৰেণ্ডিং, ক্ৰেতা-বিক্ৰেতাৰ সম্পৰ্ক আৰু উদ্যোগ বিকাশত সহায় কৰে।

লাখপতি দিদিঃ জীৱিকাক অধিক বহনক্ষম কৰি তোলা

লাখপতি দিদিৰ পদক্ষেপ হৈছে ডি.এ.ৱাই.-এন.আৰ.এল.এম.ৰ অধীনত এক ফলপ্ৰসূ জীৱিকা উন্নয়নৰ পদক্ষেপ। ইয়াৰ ভিত্তি হৈছে আত্মসহায়ক গোট আৰু তেওঁলোকৰ ফেডাৰেচনৰ জৰিয়তে সংযুক্ত মহিলাৰ নেটৱৰ্ক। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে মহিলা আৰু তেওঁলোকৰ পৰিয়ালক বিভিন্ন জীৱিকাৰ সুযোগৰ জৰিয়তে বহনক্ষম আয়ৰ সৃষ্টি কৰাত সহায় কৰা। এগৰাকী লাখপতি দিদি হৈছে আত্মসহায়ক গোট (এছ.এইচ.জি.)-ৰ সদস্য, যাৰ পৰিয়ালৰ বাৰ্ষিক আয় কমেও ১ লাখ টকা আৰু তেওঁ ধাৰাবাহিকভাৱে এই আয় লাভ কৰি আহিছে। এই আয় কমেও চাৰিটা কৃষি ঋতু আৰু/বা ব্যৱসায়িক চক্ৰত জুখিব পাৰি। ২০২৩ চনৰ আগষ্ট মাহত এই পদক্ষেপে ৰাষ্ট্ৰীয় পৰ্যায়ত এক বৃহৎ উত্থান লাভ কৰিছিল যেতিয়া চৰকাৰে ২ কোটি লাখপতি দিদি সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। এই লক্ষ্য ২০২৪-২৫ চনৰ অন্তৰ্ৱৰ্তীকালীন বাজেটত ৩ কোটিলৈ বৃদ্ধি কৰা হৈছিল। ইয়াৰ পিছত ২০২৫ চনৰ ডিচেম্বৰৰ ভিতৰত এই পদক্ষেপে ৩ কোটি মাইলৰ খুঁটি স্পৰ্শ কৰে।

২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত চৰকাৰে লাখপতি দিদি যোজনাৰ অধীনত ছয় কোটিৰ বৃদ্ধিৰ লক্ষ্য ঘোষণা কৰিছিল। এই নতুন পৰ্যায়ত আয় বৃদ্ধি অটুট ৰখা আৰু উদ্যোগসমূহ বৃদ্ধি কৰাত বিশেষ গুৰুত্ব দিয়া হৈছে। বজাৰত প্ৰৱেশ, পণ্যৰ দৃশ্যমানতা, ব্ৰেণ্ডিং, আৰু নিৰ্ভৰযোগ্য বিক্ৰী চেনেল এই প্ৰচেষ্টাত অতি গুৰুত্বপূৰ্ণ। চৰচ মেলাই জীৱিকা উৎপাদনৰ পৰা উদ্যোগ বিকাশৰ এই যাত্ৰাত সহায় কৰে। এই মেলাসমূহে বাল্ক অৰ্ডাৰ, প্ৰতিষ্ঠানিক বিক্ৰী আৰু দীৰ্ঘম্যাদী বজাৰ সংযোগৰ সুযোগো সৃষ্টি কৰিব পাৰে। বিজয়ৱাড়া মেলাই সফল উদ্যোগী, ব্যৱসায়িক শিক্ষণ আৰু প্ৰতিষ্ঠানিক সমৰ্থনৰ বাবে এক নিৰ্দিষ্ট স্থানৰ জৰিয়তে এই সংযোগসমূহ উপলব্ধি কৰে। ইয়াত মহিলাসকলে নিজৰ অভিজ্ঞতাসমূহ ভাগ-বতৰা কৰিব পাৰে, নতুন পদ্ধতি শিকিব পাৰে আৰু নিজৰ উদ্যোগসমূহ শক্তিশালী কৰাৰ উপায় অন্বেষণ কৰিব পাৰে।

বিজয়ৱাড়া : আঞ্চলিক প্ৰভাৱ থকা এখন ৰাষ্ট্ৰীয় বজাৰ

বিজয়ৱাড়া মেলাত সমগ্ৰ ভাৰতৰ সামগ্ৰী আৰু পৰম্পৰাক একক বজাৰত একত্ৰিত কৰা হয়। দৰ্শকে পঞ্জাৱৰ ফুলকাৰী, জম্মু-কাশ্মীৰৰ পশ্মিনা, তেলেংগানাৰ ইকাট আৰু তেলিয়া বস্ত্ৰশিল্প, মিজোৰামৰ পাউঞ্চেই আদি সামগ্ৰী চাব পাৰে। ইয়াৰ উপৰি মীনাকৰি, ডোকৰা শিল্প, পিতলৰ কাম, কাঠৰ শিল্প, পৰম্পৰাগত চিত্ৰ প্ৰদৰ্শন কৰা ষ্টলসমূহো উপস্থিত থাকে।

.

মেলাখনৰ এটা প্ৰধান আকৰ্ষণ হৈছে “শক্তি – লাখপতি দিদিৰ আত্মা (SHAKTI - The Spirit of Lakhpati Didi)” শীৰ্ষক ১৬ ফুট উচ্চতাৰ শিল্পকৰ্ম। এয়া হৈছে পৰম্পৰাগত কাৰুকাৰ্যক প্ৰতিফলিত কৰা আৰু নিজৰ দক্ষতাৰ জৰিয়তে জীৱিকা, আত্মনিৰ্ভৰশীলতা, সমৃদ্ধি লাভ কৰা মহিলাসকলৰ সামূহিক শক্তিৰ প্ৰতীক।

এই মেলাত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক (নাবাৰ্ড) আৰু ৰাষ্ট্ৰীয় গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান (এন.আই.আৰ.ডি.পি.আৰ.)-কে ধৰি চৰকাৰী অংশীদাৰসকলে সহযোগ কৰে। ইয়াৰ আৰ্হি প্ৰস্তুতত প্ৰত্যক্ষ বিক্ৰী, শিক্ষণৰ সুযোগ, প্ৰদৰ্শন আৰু বিভিন্ন সংস্থাৰ সৈতে সংযোগ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে এই অনুষ্ঠানটো কেৱল দৰ্শনাৰ্থীৰ বাবেই নহয়, বহনক্ষম ব্যৱসায় গঢ়ি তুলিব বিচৰা উদ্যোগীসকলৰ বাবেও উপযোগী কৰি তোলা।

পণ্য, দক্ষতা আৰু সুযোগসমূহক সংযোগ কৰাৰ স্থান

বিজয়ৱাড়া ৰাষ্ট্ৰীয় চৰচ মেলাই পৰম্পৰাগত প্ৰদৰ্শনী আৰু খুচুৰা বিন্যাসৰ ঊৰ্ধ্বলৈও সম্প্ৰসাৰিত হৈছে, নিৰ্দিষ্ট বিষয়বস্তু, জ্ঞান আৰু নিয়োজিত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি একাধিক স্থান সৃষ্টি কৰিছে। এই স্থানসমূহে উদ্যোগসমূহক প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে, ইজনে সিজনৰ পৰা শিকিবলৈ, জ্ঞান বিনিময় কৰিবলৈ, চৰকাৰ আৰু বজাৰৰ অংশীদাৰসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ, পোনপটীয়া সম্প্ৰচাৰিত প্ৰদৰ্শনসমূহ চাবলৈ আৰু গাঁথনিগত ক্ৰেতা-বিক্ৰেতাৰ পাৰস্পৰিক ক্ৰিয়াৰ সুবিধা প্ৰদান কৰে।

লাখপতি দিদি মণ্ডপ : উদ্যোগী যাত্ৰাৰ পৰা জ্ঞান আহৰণ

লাখপতি দিদি পেভিলিয়নত সফল উদ্যোগ গঢ়ি তোলা মহিলাসকলে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত বছৰি ১০ লাখ টকাৰ ওপৰত উপাৰ্জন কৰা উদ্যোগীসকলো অন্তৰ্ভুক্ত, আনকি কিছুমানে ১ কোটি টকাৰো অধিক উপাৰ্জন কৰে। এই মহিলাসকলে তেওঁলোকৰ উদ্যোগীকৰণ যাত্ৰা, সামগ্ৰী, ব্যৱসায়িক আৰ্হি আৰু বজাৰ কৌশলসমূহ অন্যান্য আত্মসহায় গোটৰ সদস্যসকলৰ সৈতে ভাগ-বতৰা কৰে। তেওঁলোকৰ কাহিনীবোৰে উদ্যোগীকৰণৰ বিকাশত বিভিন্ন পথৰ ওপৰত আলোকপাত কৰে, য’ত কৃষি, অকৃষি জীৱিকা, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্তশিল্প, হস্ততাঁত, সেৱা আদি অন্তৰ্ভুক্ত। ইজনে সিজনৰ পৰা শিকিলে মহিলাসকলে নিজৰ দক্ষতা আৰু পৰিস্থিতিৰ লগত সৰ্বোত্তম পদ্ধতি বিচাৰি উলিয়াবলৈ সহায় কৰিব পাৰে।

শিক্ষণ আৰু জ্ঞান মণ্ডপ : ব্যৱসায়িক দক্ষতা গঢ়ি তোলা

শক্তিশালী সামগ্ৰীৰ বাবে শক্তিশালী ব্যৱসায়িক পদ্ধতিৰ প্ৰয়োজন। "শিক্ষণ আৰু জ্ঞান" পেভিলিয়নটো এছ.এইচ.জি. উদ্যোগী, ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান (এছ.আৰ.এল.এম.), ক্ৰেতা আৰু অন্যান্য অংশীদাৰসকলৰ মাজত কৰ্মশালা, বিশেষজ্ঞ আলোচনা, মাষ্টাৰক্লাছ আৰু অভিজ্ঞতা-বিনিময় অধিৱেশন আয়োজন কৰিবলৈ প্ৰস্তুত কৰা হৈছে। ইয়াৰ বিষয়সমূহৰ ভিতৰত আছে পেকেজিং, ব্ৰেণ্ডিং, ব্যৱসায়িক প্ৰস্তাৱ বিকাশ, ই-কমাৰ্চ আৰু ছ’চিয়েল মিডিয়া মাৰ্কেটিং। ৰাজহুৱা প্ৰতিষ্ঠান আৰু ব্যক্তিগত খণ্ডৰ সংস্থাসমূহৰ সৈতেও যোগাযোগক উৎসাহিত কৰা হয়, য’ত আছে নাবাৰ্ড, এফ.আই.চি.চি.আই., চি.আই.এল. আই.টি.চি., হিন্দুস্তান ইউনিলিভাৰ, এমাজন আৰু ফ্লিপকাৰ্ট। এই পাৰস্পৰিক ক্ৰিয়াই উদ্যোগীসকলক তেওঁলোকৰ উতপাদিত সামগ্ৰী উপস্থাপন উন্নত কৰাৰ ব্যৱহাৰিক উপায় শিকিবলৈ আৰু গ্ৰাহকৰ ওচৰলৈ লৈ যাবলৈ সহায় কৰিব পাৰে।

সমন্বয় মণ্ডপ : মহিলাসকলক সমৰ্থনৰ সৈতে সংযোগকৰণ

কেৱল বজাৰৰ প্ৰৱেশেই এটা উদ্যোগৰ বিকাশ সাধন কৰিবলৈ যথেষ্ট নহয়। উদ্যোগীসকলক ক্ৰেডিট, দক্ষতা, প্ৰযুক্তি, গুণগত প্ৰমাণপত্ৰ আৰু চৰকাৰী সহায়ৰো প্ৰয়োজন। সমন্বয় পেভিলিয়নে আত্মসহায়ক গোট (এছ.এইচ.জি.)ৰ সৈতে জড়িত মহিলা উদ্যোগীসকলক সংশ্লিষ্ট বিভাগ, বিত্তীয় প্ৰতিষ্ঠান, উন্নয়ন সংস্থা আৰু কাৰিকৰী প্ৰতিষ্ঠানৰ সৈতে সংযোগ কৰে। এই সংস্থা আৰু মঞ্চসমূহৰ ভিতৰত জনজাতীয় পৰিক্ৰমা মন্ত্ৰালয়, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়, বস্ত্ৰ মন্ত্ৰালয়, অ’.এন.ডি.চি., চৰকাৰী ই-মাৰ্কেটপ্লেচ (জি.ই.এম.), আৰু ট্ৰাইফেড আদি অন্তৰ্ভুক্ত। এই পেভিলিয়নৰ লক্ষ্য হৈছে মহিলাসকলক বিভিন্ন আঁচনি, সেৱা আৰু সহায়ক ব্যৱস্থাসমূহ বুজিবলৈ সুবিধা প্ৰদান কৰা।

প্ৰদৰ্শনী মণ্ডপ : সামগ্ৰীৰ উৎপাদন প্ৰক্ৰিয়া প্ৰদৰ্শন

এটা সম্পূৰ্ণ সামগ্ৰীৰ আঁৰত প্ৰায়ে দক্ষতা, সময় আৰু প্ৰযুক্তিৰ কাহিনী নিহিত হৈ থাকে। প্ৰদৰ্শনী মণ্ডপলৈ অহা দৰ্শকে এই উৎপাদন প্ৰক্ৰিয়াটো পোনপটীয়াভাৱে প্ৰত্যক্ষ কৰিব পাৰে। মহিলা উদ্যোগী আৰু শিল্পীসকলে পৰম্পৰাগত আৰু আধুনিক উৎপাদন পদ্ধতিৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শন কৰি আছে। এই কাৰ্যসমূহৰ ভিতৰত মৃৎশিল্প, বেজীৰ কাম, কাঁচৰ এম্ব্ৰয়ডাৰী আদি অন্যতম। লাখপতি দিদিৰ পোনপটীয়া সম্প্ৰচাৰ প্ৰদৰ্শনে হাতে-কামে শিক্ষা আৰু জ্ঞান বিনিময়ৰ সুযোগ প্ৰদান কৰে। ইয়াৰ দ্বাৰা দৰ্শকসকলে হাতেৰে নিৰ্মিত বস্তুৰ আঁৰৰ কাৰুকাৰ্য বুজিবলৈ সহায় কৰে আৰু ডেমো আৰু লাইভ লাৰ্নিং এলেকাই এক অনন্য অভিজ্ঞতা প্ৰদান কৰে।

.

ইণ্ডিয়া ফুড ক’ৰ্ট : আঞ্চলিক সোৱাদ আৰু মহিলাৰ উদ্যোগ

খাদ্য হৈছে এনে এক মাধ্যম যাৰ জৰিয়তে গ্ৰাম্য উদ্যোগসমূহে গ্ৰাহকৰ ওচৰলৈ যায়। ইণ্ডিয়া ফুড ক’ৰ্টত বিশুদ্ধ মছলা ব্যৱহাৰ কৰি পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা আঞ্চলিক খাদ্য পৰিবেশন কৰা ৫০টা ফুড ষ্টল আছে। এই অনুষ্ঠানত ২৮খনতকৈও অধিক ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ২০০ৰো অধিক মহিলা উদ্যোগীয়ে প্ৰথমবাৰৰ বাবে খাদ্য সেৱা খণ্ডত প্ৰৱেশ কৰিছে। দৰ্শকে গোলগাপ্পা, চাট, কাবাবৰ দৰে জনপ্ৰিয় ৰাজপথৰ খাদ্য উপভোগ কৰিব পাৰে। আঞ্চলিক খাদ্যৰ ভিতৰত আছে বিহাৰৰ লিট্টি-চোখা, হায়দৰাবাদী ডুম বিৰিয়ানি, অসমৰ কাঠফুলাৰ পিঠা, পঞ্জাবৰ কুঁহিয়াৰৰ ৰুটি আৰু সাগ। ইয়াৰ উপৰি কেৰালাৰ আট্টাপ্পাড়ীৰ পৰা ভানা সুন্দৰী আৰু ছত্তীশগড়ৰ পৰা চৌছেলাও ইয়াত উপলব্ধ। এই ফুড ক’ৰ্টে মহিলাসকলক ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ আঞ্চলিক খাদ্য আৰু পৰম্পৰা প্ৰদৰ্শন কৰাৰ সুযোগ প্ৰদান কৰে। ইয়াৰ উপৰি ই খাদ্য প্ৰস্তুত আৰু পৰিবেশন ব্যৱসায়ক মহিলা নেতৃত্বাধীন উদ্যোগীকৰণৰ বহল পৰিসৰৰ সৈতে সংযোগ কৰে।

.

সাংস্কৃতিক প্ৰদৰ্শন : ভাৰতৰ বৈচিত্ৰ্য উদযাপন

সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন অঞ্চলৰ পৰম্পৰাগত শিল্প, হস্তশিল্প, বস্ত্ৰশিল্প, সংগীত আৰু নৃত্য প্ৰদৰ্শন কৰা হয়, যিয়ে দৰ্শনাৰ্থীসকলক এক সমৃদ্ধ ৰাষ্ট্ৰীয় অভিজ্ঞতা প্ৰদান কৰে। এই প্ৰদৰ্শনসমূহে বহু সামগ্ৰীৰ আঁৰৰ ঐতিহ্যক উদযাপন কৰে। ইয়াৰ উপৰি বিভিন্ন ৰাজ্যক নিজৰ অনন্য সাংস্কৃতিক পৰিচয় প্ৰদৰ্শনৰ বাবে এখন মঞ্চ প্ৰদান কৰে।

ডিজিটেল সংহতি : ভৌতিক ষ্টলৰ পৰা ডিজিটেল বজাৰলৈকে

চৰচ মেলাত ব্যৱসায়িক কাৰ্যকলাপৰ প্ৰসাৰত ডিজিটেল পেমেণ্টে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইউপিআই ব্যৱহাৰৰ জৰিয়তে কৰা পেমেণ্ট সুবিধাজনক আৰু স্বচ্ছ, আৰু ফুড কৰ্টে মূলতঃ নগদবিহীন লেনদেন কৰে। ইয়াৰ উপৰি জ্যেষ্ঠ নাগৰিক আৰু নগদ ধনেৰে ধন পৰিশোধ কৰিবলৈ পছন্দ কৰাসকলৰ সুবিধাৰ কথা মনত ৰাখি কুপন ভিত্তিক নগদ ধন পৰিশোধ ব্যৱস্থাও উপলব্ধ। ইয়াৰ দ্বাৰা সকলোৰে বাবে এক সৰ্বাংগীণ আৰু সুবিধাজনক অভিজ্ঞতা নিশ্চিত কৰা হয়।

.

তদুপৰি এখন মেলা অন্ত পৰাৰ লগে লগে ইয়াৰ বজাৰৰ সুযোগ শেষ হোৱাৰ প্ৰয়োজন নাই। ই  ডিজিটেল ব্যৱস্থাই উদ্যোগসমূহক স্থান আৰু ভৌগোলিক সীমাৰ বাহিৰত গ্ৰাহকৰ ওচৰলৈ যোৱাত সহায় কৰিব পাৰে। সেয়েহে চৰচৰ পৰিৱেশতন্ত্ৰত ভৌতিক মেলা, লগতে চৰচৰ গেলেৰী আৰু ই-কমাৰ্চ চেনেল অন্তৰ্ভুক্ত কৰা হৈছে। ই-চৰচ প্লেটফৰ্মে গ্ৰাহকসকলক এছ.এইচ.জি. উদ্যোগীসকলে নিৰ্মাণ কৰা সামগ্ৰী আৱিষ্কাৰ আৰু ক্ৰয় কৰাৰ অনলাইন উপায় প্ৰদান কৰে। ইয়াৰ ফলত প্ৰত্যক্ষ বিক্ৰীৰ বাহিৰেও বজাৰৰ প্ৰসাৰ ঘটে আৰু মেলাৰ পিছতো পণ্য সামগ্ৰীৰ দৃশ্যমানতা অটুট থাকে।

২০২৫ চনত এটা নিবেদিত চৰচ মেলা ডিজিটেল এপ প্ৰৱৰ্তন কৰা হৈছিল। এই এপে আত্মসহায়ক নামভৰ্তি, উপস্থিতি পৰিচালনা আৰু কাৰ্যসূচী-সম্পৰ্কীয় তথ্য ভাগ-বতৰা কৰাত সহায় কৰে। এইদৰে ভৌতিক অনুষ্ঠান আৰু ডিজিটেল চেনেলে পৰিপূৰক বজাৰ প্ৰৱেশ প্ৰদান কৰে। চৰচ মেলাই গ্ৰাহক আৰু ক্ৰেতাৰ সৈতে প্ৰত্যক্ষ যোগাযোগ স্থাপন কৰে। ইফালে, অনলাইন ব্যৱস্থাসমূহে অনুষ্ঠানৰ পিছতো উতপাদিত সামগ্ৰীৰ প্ৰসাৰ আৰু বিক্ৰী বৃদ্ধি কৰাত সহায় কৰিব পাৰে।

বিভিন্ন অঞ্চললৈ ৰাষ্ট্ৰীয় বজাৰৰ সুবিধাৰ সম্প্ৰসাৰণ

বিজয়ৱাড়াত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় চৰচ মেলাই এই বজাৰ প্ৰৱেশ মঞ্চক নতুন এলেকালৈ সম্প্ৰসাৰিত কৰে। বিভিন্ন স্থানত এনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান আয়োজন কৰি এই অনুষ্ঠানসমূহে তেওঁলোকক স্থানীয় গ্ৰাহক, ক্ৰেতা আৰু প্ৰাতিষ্ঠানিক অংশীদাৰৰ ওচৰলৈ লৈ যায়। ইয়াৰ দ্বাৰা বিভিন্ন ৰাজ্যৰ উৎপাদকসকলেও বৃহৎ বজাৰত প্ৰৱেশৰ সুবিধা লাভ কৰে। এই পদ্ধতিয়ে ডি.এ.ৱাই.-এন.আৰ.এল.এম. আৰু লাখপতি দিদিৰ পদক্ষেপৰ বহল লক্ষ্যসমূহক সমৰ্থন কৰে। মহিলাসকলক কেৱল বহনক্ষম জীৱিকাৰ প্ৰয়োজনেই নহয়, তেওঁলোকৰ সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু বিক্ৰী বৃদ্ধিৰ উপায়ো প্ৰয়োজন। বিক্ৰী, শিক্ষণৰ সুযোগ আৰু প্ৰাতিষ্ঠানিক সংযোগক একত্ৰিত কৰা প্লেটফৰ্মসমূহ এই প্ৰক্ৰিয়াত সহায়ক হ’ব পাৰে।

দিল্লী-এন.চি.আৰ. অঞ্চলৰ বাহিৰত অনুষ্ঠিত হোৱা এই ৰাষ্ট্ৰীয় চৰচ মেলা ২০২৬ চনৰ ২ অক্টোবৰৰ পৰা আৰম্ভ হোৱা সেৱা পখোৱাড়াৰ সময়ত চৰকাৰে গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। সৰুস মেলাসমূহে ভকেল ফৰ লোকেল আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীকো প্ৰচাৰ কৰে। ই গ্ৰাহকক গ্ৰাম্য সামগ্ৰীৰ বিষয়ে জানিবলৈ আৰু সেইবোৰ নিৰ্মাণ কৰা মহিলা উদ্যোগীসকলৰ সৈতে পোনপটীয়াকৈ সাক্ষাৎ কৰাৰ সুযোগ প্ৰদান কৰে। এই মেলাসমূহে কেৱল পৰম্পৰাগত দক্ষতাসমূহ সংৰক্ষণ কৰাই নহয়, মহিলা নেতৃত্বাধীন উদ্যোগসমূহক শক্তিশালী কৰাৰ সুযোগো সৃষ্টি কৰে। মূলতঃ ৰাষ্ট্ৰীয় চৰচ মেলা হৈছে প্ৰতিটো সামগ্ৰী, শিল্পকৰ্ম আৰু উদ্যোগৰ আঁৰৰ মহিলাসকলৰ বিষয়ে অৱগত কৰা। ইয়াত দক্ষতাৰ পৰা উদ্যোগলৈ, উদ্যোগৰ পৰা বজাৰলৈ আৰু বজাৰৰ পৰা বহনক্ষম জীৱিকালৈ যোৱা এক যাত্ৰা প্ৰদৰ্শন কৰা হয়।

তথ্যসূত্ৰসমূহ

গ্ৰামোন্নয়ন মন্ত্ৰালয়

https://www.esaras.in/

https://x.com/esarasaajeevika?lang=en

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2322458&reg=48&lang=1

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

https://play.google.com/store/apps/details?id=com.esaras&hl=en_IN

ৰাষ্ট্ৰপতিৰ সচিবালয়

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2323813&reg=48&lang=2

তেলেংগানা চৰকাৰ

https://www.efms.serp.telangana.gov.in/Livelihoods/SARAS/Views/SarasHome.aspx

pdf চাবলৈ ক্লিক কৰক

***

পিআইবি গৱেষণা/KD/RR

(Explainer ID: 160528) आगंतुक पटल : 20
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Telugu_Vw , Kannada , Malayalam