Economy

মহিলা, কৰ্ম আৰু উদ্যোগ: উন্নত জীৱিকাৰ বাবে ভাৰতৰ প্ৰচেষ্টা

Posted On: 15 OCT 2026 12:11PM

ভাৰতত মহিলাৰ সংস্থাপনৰ বিষয়টোৱে বৰ্তমান অংশগ্ৰহণৰ স্তৰৰ পৰা উন্নত মানৰ দক্ষতাৰ দিশলৈ গতি কৰিছে। পি.এল.এফ.এছ.-ৰ তথ্য অনুসৰি মহিলাৰ শ্ৰম শক্তিত অংশগ্ৰহণৰ হাৰ (এল.এফ.পি.আৰ.) ২০১৭-১৮ত ২৩.৩% ৰ পৰা ২০২৫ত ৪০% লৈ বৃদ্ধি পাইছে, আনহাতে শ্ৰমিক জনসংখ্যা অনুপাত (ডব্লিউ.পি.আৰ.) ২২% ৰ পৰা ৩৮.৮% লৈ বৃদ্ধি পাইছে। এই উন্নতিৰ ওপৰতেই ভিত্তি কৰি, নীতি সমৰ্থনে আনুষ্ঠানিক উদ্যোগৰ স্বীকৃতি, ঋণ, বজাৰৰ সুবিধা, সুৰক্ষিত কৰ্মস্থল, দক্ষতা বিকাশ আৰু নতুন জীৱিকাৰ পথৰ জৰিয়তে মহিলাৰ কৰ্মোদ্যমক শক্তিশালী কৰিছে। সম্প্ৰতি কৰ্মক্ষেত্ৰত মহিলাৰ অধিক অংশগ্ৰহণক শক্তিশালী আয়, সুৰক্ষা আৰু অৰ্থনৈতিক উন্নয়নলৈ ৰূপান্তৰ কৰাত গুৰুত্ব প্ৰদান কৰা হৈছে।

মহিলাৰ নিয়োগ বৃদ্ধি আৰু অৰ্থনৈতিক সুযোগৰ সম্প্ৰসাৰণ

ভাৰতত মহিলাৰ নিয়োগ বৰ্তমান সময়ত কেৱল উপস্থিতিৰ আওতাতে সীমাবদ্ধ হৈ ৰোৱা নাই। শ্ৰম শক্তিত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ দিশটোৱে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ লগতে নিয়োগৰ প্ৰকৃতি আৰু গুনগত মানৰ ওপৰত অধিক গুৰুত্ব প্ৰদানৰ দিশটোকো চিহ্নিত কৰিছে। অধিক হাৰত মহিলাই শ্ৰম শক্তিৰ ক্ষেত্ৰত প্ৰৱেশ কৰাৰ ফলত, তেওঁলোকে কামৰ জৰিয়তেই অগ্ৰগতিৰ সুযোগ আৰু পৰিসৰ বৃদ্ধি কৰিছে ৷ নিয়োগে আয়, সুৰক্ষা, স্বীকৃতি আৰু অৰ্থনৈতিক পছন্দৰ ওপৰত অধিক নিয়ন্ত্ৰণ প্ৰদান কৰাৰ ফলতেই অৰ্থনৈতিক সবলীকৰণ অধিক সুদৃঢ় হয়।

এই ব্যাপক পৰিৱৰ্তনক মহিলাসকলক সুৰক্ষিত কৰ্মস্থল, সামাজিক সুৰক্ষা, উদ্যোগ, আনুষ্ঠানিকীকৰণ আৰু বিত্তীয় সুযোগৰ সুবিধা প্ৰদান নীতিৰ জৰিয়তে আগবঢ়াই নিয়া হৈছে৷এই পদক্ষেপবোৰে অৰ্থনীতিত মহিলাৰ অংশগ্ৰহণৰ মান সুৰক্ষিত আৰু দৃঢ় কৰি এক শক্তিশালী সুযোগলৈ ৰূপান্তৰিত কৰাত সহায় কৰে ৷

পৰিমাণগত পৰিৱৰ্তন: কৰ্মশক্তিত অংশগ্ৰহণৰ বৃদ্ধি

শেহতীয়া বছৰবোৰত ভাৰতৰ শ্ৰম বজাৰত মহিলাৰ অংশগ্ৰহণৰ হাৰ যথেষ্ট বৃদ্ধি হৈছে। ১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ মহিলাৰ বাবে, শ্ৰম শক্তিত অংশগ্ৰহণৰ হাৰ (এল.এফ.পি.আৰ.) ২০১৭-১৮ত ২৩.৩% ৰ পৰা ২০২৫ত ৪০.৪% লৈ বৃদ্ধি পাইছে।

এই বৃদ্ধিয়ে কৰ্মৰত মহিলাৰ সংখ্যাকো বৰ্দ্ধিত কৰিছে। মহিলাৰ শ্ৰমিক জনসংখ্যা অনুপাত (ডব্লিউ.পি.আৰ.) ২০১৭-১৮ত ২২. ০% ৰ পৰা ২০২৫ত ৩৮.৮% লৈ বৃদ্ধি পাইছে। ২০২৫ বৰ্ষত ভাৰতত ১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ আনুমানিক সৰ্বমুঠ ২০ কোটি মহিলা নিয়োজিত হৈ আছিল।

শ্ৰম শক্তিত অংশগ্ৰহণৰ হাৰ (এল.এফ.পি.আৰ.) হৈছে জনসংখ্যাৰ সেই অংশ, যিসকলে কাম কৰি আছে বা কাম বিচাৰি আছে কিম্বা নিয়োগৰ বাবে উপযুক্ত।

শ্ৰমিক জনসংখ্যা অনুপাত (ডব্লিউ.পি.আৰ.) হৈছে জনসংখ্যাত নিয়োজিত ব্যক্তিৰ অনুপাত।

শ্ৰমিক, উদ্যোগী আৰু অৰ্থনৈতিক অৱদানকাৰী হিচাপে মহিলা

অংশগ্ৰহণৰ হাৰ বৃদ্ধিৰ লগে লগে, অৰ্থনৈতিক ক্ষেত্ৰত মহিলাৰ গুৰুত্বৰ ধাৰণাটোও সলনি হৈছে।

উদ্যোগত মহিলাৰ ক্ৰমবৰ্ধমান উপস্থিতি

শেহতীয়াকৈ যথেষ্টসংখ্যক মহিলাই উদ্যোগ আৰম্ভ কৰি নিজৰ ব্যৱসায় প্ৰতিষ্ঠা কৰিছে। মহিলাৰ উদ্যোগে উপাৰ্জন, সম্পত্তি আহৰণ আৰু ব্যৱসায় বৃদ্ধিৰ সুযোগ সৃষ্টি কৰি অৰ্থনৈতিক অংশগ্ৰহণ ব্যাপক কৰে। ই আৰ্থিক স্বাধীনতা শক্তিশালী কৰাৰ লগতে দক্ষতা আৰু সম্পদৰ সুবিধাক সম্প্ৰসাৰণ কৰে।

  • মহিলাৰ মালিকানাধীন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম.এছ.এম.ই.): ২০২৬ৰ অক্টোবৰলৈকে, প্ৰায় ৩.৬৯ কোটি পঞ্জীয়নভুক্ত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মহিলাৰ মালিকানাধীন আছিল, যিটো হাৰ সামগ্ৰিক পঞ্জীয়নৰ প্ৰায় ৩৮%।
  • ষ্টাৰ্টআপত মহিলা: মাৰ্চ ২০২৬ লৈকে, ১. ০৭ লাখতকৈ অধিক স্বীকৃত ষ্টাৰ্টআপত কমেও এগৰাকী মহিলা সঞ্চালক বা অংশীদাৰ আছিল। এয়া হৈছে সমুদায় স্বীকৃত ষ্টাৰ্টআপৰ প্ৰায় ৪৮%।

প্ৰযুক্তি আৰু উচ্চ-দক্ষতা খণ্ডত মহিলা

  • উদ্যোগৰ লগতে, উৎপাদন আৰু উচ্চ-দক্ষতা খণ্ডতো সম্প্ৰতি মহিলাৰ অংশগ্ৰহণ বিস্তাৰিত হৈছে।
  • ২০২৬ৰ জুলাইলৈকে, মোবাইল ফোন উৎপাদনত প্ৰত্যক্ষ কৰ্মশক্তিৰ প্ৰায় ৭০% অংশগ্ৰহণকাৰী মহিলা। ব্যাপ্ত ইলেক্ট্ৰনিক্স উৎপাদন খণ্ডত, বিগত দশকত সৃষ্টি হোৱা কৰ্মশক্তিৰ প্ৰায় ৩০% মহিলা।
  • মহিলাসকলে ছেমিকণ্ডাক্টৰ উদ্যোগতো উল্লেখযোগ্য স্থিতি গঢ়ি তুলিছে। তেওঁলোকে সৰ্বমুঠ কৰ্মশক্তিৰ প্ৰায় ২৫% আৰু ভাৰতৰ চিপ ডিজাইন আৰু অভিযান্ত্ৰিক কৰ্মশক্তিত প্ৰায় এক চতুৰ্থাংশ (মাৰ্চ ২০২৫ লৈকে) অৱদান আগবঢ়াইছে (মাৰ্চ ২০২৫ লৈকে)।
  • অসামৰিক বিমান খণ্ডতো বিশেষ ভূমিকাসমূহত মহিলাৰ অংশগ্ৰহণ যথেষ্ট বৃদ্ধি পাইছে। ভাৰতত পাইলটৰ মুঠ সংখ্যা ১৫% মহিলা, যি বিশ্বৰ সৰ্বাধিক অংশৰ ভিতৰতে এটা। ইয়াৰ উপৰিও, মহিলাসকলে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লাৰৰ ১৫%, ফ্লাইট ডিচপেচাৰৰ ১১% আৰু অসামৰিক বিমান পৰিবহণ সঞ্চালকালয় (ডি.জি.চি.এ.)-ত ফ্লাইট অপাৰেচন ইন্সপেক্টৰৰ ১৫% (জুন ২০২৫ লৈকে) অংশগ্ৰহণ কৰিছে৷
  • এই সম্প্ৰসাৰণ গৱেষণা পৰিৱেশ তন্ত্ৰতো প্ৰত্যক্ষ কৰা গৈছে। গৱেষণা আৰু উন্নয়ন পৰিসংখ্যা ২০২৫-২৬ ৰ প্ৰতিবেদনত দেখা গৈছে যে বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিকতা আৰু গণিত (এছ.টি.ই.এম.)-ৰ গৱেষণা কেৰিয়াৰতো মহিলাৰ অংশগ্ৰহণ ২০০০-০১ত ১৩% ৰ পৰা ২০০০-২১ত ১৮.৬% আৰু ২০২৩-২৪ত ২৯% লৈ বৃদ্ধি পাইছে।

স্বীকৃতিৰ পৰা বৃদ্ধিলৈ মহিলা নেতৃত্বাধীন উদ্যোগ নিৰ্মাণ

মহিলাসকলে বিভিন্ন খণ্ডত ব্যৱসায় গঢ়ি তোলাৰ লগে লগে, তেওঁলোকৰ দীৰ্ঘম্যাদী গতিৰ বাবে সমৰ্থন শক্তিও অধিক প্ৰয়োজনীয় হিচাপে বিবেচিত হৈছে৷ আনুষ্ঠানিক স্বীকৃতি, বিত্ত আৰু বজাৰৰ সুবিধাৰ ক্ষেত্ৰই হৈছে মহিলা নেতৃত্বাধীন উদ্যোগক শক্তিশালী কৰাৰ মূল আধাৰ।

আনুষ্ঠানিকীকৰণ: মহিলাৰ কামক অৰ্থনৈতিক পৰিচয় দিয়া

বহু মহিলা নেতৃত্বাধীন অৰ্থনৈতিক কাৰ্যকলাপ ক্ষুদ্ৰ পৰিসৰত আৰম্ভ হয়, যাৰ বাবে এই ক্ষেত্ৰত আনুষ্ঠানিক স্বীকৃতি এক গুৰুত্বপূৰ্ণ দিশ ৷ আনুষ্ঠানিকীকৰণে চৰকাৰী পৰিচয় প্ৰদান কৰে আৰু ঋণ, চৰকাৰী আঁচনি, দক্ষতা আৰু ব্যৱসায় উন্নয়ন সেৱাৰ সুবিধা উন্নত কৰে।

ক. স্বাৱলম্বিনী আঁচনি (২০২৫): এই আঁচনিয়ে যুৱতীসকলক ব্যৱসায়িক ধাৰণাৰ পৰা উদ্যোগ সৃষ্টিলৈকে উদ্যোগ প্ৰশিক্ষণ, বিত্ত আৰু বজাৰ নিৰ্দেশনা, আৰু আইনী সহায়ৰ জৰিয়তে সমৰ্থন কৰে। নিৰ্বাচিত অংশগ্ৰহণকাৰীয়ে বহনক্ষম উদ্যোগ বিকাশত সহায় কৰিবলৈ ২১ সপ্তাহৰ পৰামৰ্শ আৰু প্ৰত্যক্ষ শ্ৰমৰ সহায়ো লাভ কৰে।

২০২৫ৰ ফেব্ৰুৱাৰীত অসম, মেঘালয়, মিজোৰাম, উত্তৰ প্ৰদেশ আৰু তেলেংগানাৰ ছখন উচ্চ শিক্ষা প্ৰতিষ্ঠানত এই আঁচনিক পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছিল।

স্বাৱলম্বিনী পাইলটৰ অধীনত নিৰ্দ্ধাৰণ কৰা লক্ষ্য সমূহ ইতিমধ্যে অৰ্জন কৰা হৈছে।

  • মুঠ ৮২ জন শিক্ষকক ফেকাল্টী ডেভেলপমেণ্ট প্ৰগ্ৰামৰ অধীনত প্ৰশিক্ষণ দিয়া হৈছে ৷
  • ১২০০ জন অংশগ্ৰহণকাৰীৰ ভিতৰত ১২৭৬ জন অংশগ্ৰহণকাৰীক উদ্যমিতা সজাগতা আঁচনিৰ অধীনত প্ৰশিক্ষণ দিয়া হৈছে; আৰু
  • মুঠ ৬০০ জন অংশগ্ৰহণকাৰীৰ ভিতৰত ৬০২ জন অংশগ্ৰহণকাৰীক উদ্যমিতা বিকাশ আঁচনিৰ অধীনত প্ৰশিক্ষণ দিয়া হৈছে।

খ. যশস্বিনী অভিযান (২০২৪): এই অভিযানৰ লক্ষ্য হৈছে ২০২৯ৰ ভিতৰত উদ্যম পঞ্জীয়ন পৰ্টেল আৰু উদ্যম সহায় প্লেটফৰ্মত লিংগ সমতা অৰ্জন কৰি উদ্যোগত মহিলাৰ অংশগ্ৰহণ বৃদ্ধি কৰা।ই মহিলাৰ মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগ (এম.এছ.ই.)-ৰ বাবে নিৰ্ধাৰিত ৩% ৰাজহুৱা ক্ৰয়ৰ লক্ষ্যও প্ৰচাৰ কৰে।

এই আঁচনিয়ে সজাগতা, প্ৰত্যক্ষ সহায় আৰু ক্ষমতা বৃদ্ধিৰ পদক্ষেপৰ জৰিয়তে স্থিত আৰু সম্ভাৱ্য মহিলা উদ্যোগীসকলকো সমৰ্থন কৰে।২০২৬ৰ জুলাইলৈকে, যশস্বিনী অভিযানে ২২ লাখতকৈ অধিক মহিলাৰ মালিকানাধীন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ পঞ্জীয়নত সহায় কৰিছিল। ইয়াৰ উপৰিও, ২০২৫-২৬ বিত্তীয় বৰ্ষত, মহিলাৰ মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ পৰা মুঠ ক্ৰয়ৰ হাৰ আছিল ৩.৮%, যিয়ে ইতিমধ্যে ৩% ৰাজহুৱা ক্ৰয়ৰ লক্ষ্য অতিক্ৰম কৰিছে।

ঋণ: উদ্যোগৰ বৃদ্ধিৰ বাবে বিত্ত যোগান

আনুষ্ঠানিকীকৰণে উদ্যোগবোৰক স্বীকৃত ব্যৱসায়িক পৰিৱেশ তন্ত্ৰলৈ আগবঢ়াই নিয়ে৷ আনহাতে বিত্তৰ সুবিধাই তেওঁলোকৰ বিনিয়োগ, উদ্ভাৱন আৰু সম্প্ৰসাৰণৰ সক্ষমতা বৃদ্ধি কৰে৷

মহিলা নেতৃত্বাধীন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ বাবে বিত্তীয় সহায়

ক. প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পি.এম.এম.ৱাই.): ২০১৫ত আৰম্ভ কৰা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ লক্ষ্য হৈছে অ-কৰ্পৰেট আৰু অ-কৃষি আয় সৃষ্টিকাৰী কাৰ্যকলাপত নিয়োজিত ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ২০ লাখ টকালৈকে বন্ধকী-মুক্ত ঋণৰ সুবিধা সম্প্ৰসাৰণ কৰা।

  • আৰম্ভণিৰে পৰা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা ই ২০২৬ৰ এপ্ৰিললৈকে সৰ্বমুঠ ৫৭.৭৯ কোটিৰো অধিক ঋণ অনুমোদন কৰিছিল, য’ত মহিলা উদ্যোগীয়ে অনুমোদিত সমুদায় ঋণৰ দুই-তৃতীয়াংশ দখল কৰিছে।

খ. ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে ঋণ নিশ্চয়তা আঁচনি: এই আঁচনিখন ক্ষুদ্ৰ আৰু লঘু উদ্যোগলৈ ঋণ প্ৰদান শক্তিশালী কৰিবলৈ আৰু সেৱা নোপোৱা আৰু তুলনামূলকভাবে কম সেৱা প্ৰাপ্ত উদ্যোগীসকলৰ বাবে বিত্তীয় সুবিধা উন্নত কৰিবলৈ আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত, মহিলা নেতৃত্বাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগে ৯০% উন্নত কভাৰেজৰ নিশ্চয়তা লাভ কৰে৷ লগতে মাচুলত ১০% ৰেহাইতো নিশ্চয়তা লাভ কৰে।

  • ২০২৬ৰ ফেব্ৰুৱাৰীলৈকে (২০০০-০১ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ), এই আঁচনিয়ে মহিলাৰ মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে প্ৰায় ৩০.৭৫ লাখ অনুমোদন নিশ্চিত কৰিছে, যাৰ মূল্য প্ৰায় ২.০৭ লাখ কোটি টকা।

গ. প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (পি.এম.ই.জি.পি.): পি.এম.ই.জি.পি. হৈছে এক ঋণ-সংযুক্ত ৰাজসাহায্য আঁচনি যিয়ে অ-কৃষি খণ্ডত নতুন ক্ষুদ্ৰ উদ্যোগক সমৰ্থন কৰে। হিতাধিকাৰীয়ে বেংক ঋণৰ বিপৰীতে ৰাজসাহায্য সহায় লাভ কৰে। এই আঁচনিৰ অধীনত, মহিলাসকল নগৰ অঞ্চলত ২৫% আৰু গ্ৰাম্য অঞ্চলত ৩৫% ৰাজসাহায্য লাভৰ বাবে যোগ্য।

  • ২০২৬ৰ মে’লৈকে, প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী (পি.এম.ই.জি.পি.)-ৰ অধীনত সহায় পোৱা সকলো ক্ষুদ্ৰ উদ্যোগৰ প্ৰায় ৪০% মহিলা আছিল। তেওঁলোকে বিতৰণ কৰা মুঠ ৰাজসাহায্যৰ প্ৰায় ৪৫% লাভ কৰিছিল।

মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপৰ বাবে বিত্তীয় সহায়

২০১৬ত আৰম্ভ কৰা ষ্টাৰ্টআপ ইণ্ডিয়া হৈছে উদ্ভাৱনী প্ৰচাৰ আৰু শক্তিশালী ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ মুখ্য পদক্ষেপ। ইয়াৰ অধীনত, চৰকাৰে বিভিন্ন খণ্ডত আৰু তেওঁলোকৰ ব্যৱসায়িক চক্ৰৰ বিভিন্ন পৰ্যায়ত পুঁজি যোগান পদক্ষেপৰ জৰিয়তে ষ্টাৰ্টআপক সমৰ্থন কৰে।

ক. ষ্টাৰ্টআপৰ বাবে পুঁজি (এফ.এফ.এছ.): ২০১৬ত প্ৰতিষ্ঠিত, এফ.এফ.এছ.-এ চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়াৰ (ছেবি)-পঞ্জীয়নভুক্ত বিকল্প বিনিয়োগ পুঁজি (এ.আই.এফ.)-ক মূলধন প্ৰদান কৰি ষ্টাৰ্টআপৰ পুঁজি যোগানক সমৰ্থন কৰে। পাছলৈ, বিকল্প বিনিয়োগ পুঁজিবোৰে ইকুইটি আৰু ইকুইটি-সংযুক্ত সঁজুলিৰ জৰিয়তে ষ্টাৰ্টআপত বিনিয়োগ কৰে।

  • ২০২৬ৰ জানুৱাৰীলৈকে, সমৰ্থিত বিকল্প বিনিয়োগ পুঁজিবোৰে ২০২৫ ৰ পৰা মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপত প্ৰায় ২,৯৯৫ কোটি টকা বিনিয়োগ কৰিছে।

খ. ষ্টাৰ্টআপ ইণ্ডিয়া বীজ পুঁজি আঁচনি (এছ.আই.এছ.এফ.এছ.): ২০২১ত আৰম্ভ কৰা এই আঁচনিয়ে অনুমোদিত ইনকিউবেটৰৰ জৰিয়তে বিভিন্ন খণ্ডৰ ষ্টাৰ্টআপক বীজ পুঁজি প্ৰদান কৰে।

  • ২০২৬ৰ জানুৱাৰীলৈকে এই আঁচনিৰ অধীনত সমৰ্থিত ইনকিউবেটৰবোৰে মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপৰ বাবে প্ৰায় ২৯৪ কোটি টকাৰ পুঁজি অনুমোদন কৰিছিল।

গ. ষ্টাৰ্টআপৰ বাবে ঋণ নিশ্চয়তা আঁচনি (চি.জি.এছ.এছ.): ২০২৩ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা, চি.জি.এছ.এছ.-এ যোগ্য ষ্টাৰ্টআপৰ বাবে বন্ধকী-মুক্ত ঋণ পুঁজি যোগানক সমৰ্থন কৰে। ই বেংক, বিত্তীয় প্ৰতিষ্ঠান, অনা-বেংকিং বিত্তীয় কোম্পানী (এন.বি.এফ.চি.) আৰু চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অৱ ইণ্ডিয়া (ছেবি)-ৰ পঞ্জীয়নভুক্ত কৃষি আন্তঃগাঁথনি পুঁজিৰ দ্বাৰা আগবঢ়োৱা ঋণৰ ওপৰত ঋণ নিশ্চয়তা প্ৰদান কৰে।

  • ২০২৬ৰ জানুৱাৰীলৈকে, মহিলা নেতৃত্বাধীন ষ্টাৰ্টআপক প্ৰায় ৩৯ কোটি টকাৰ ঋণৰ নিশ্চয়তা প্ৰদান কৰা হৈছে।

বজাৰৰ সুবিধা: মহিলাৰ কামক ক্ৰেতাৰ সৈতে সংযোগ

 

বজাৰৰ সুবিধাই মহিলা উদ্যোগীসকলক অধিকসংখ্যক ক্ৰেতাৰ ওচৰলৈ যাবলৈ আৰু চাহিদা, গুণগত মান, ব্ৰেণ্ডিং আৰু মূল্য নিৰ্ধাৰণ ভালদৰে বুজিবলৈ সহায় কৰে।

ক. ৱ’মেনিয়া পদক্ষেপ: ৱ’মেনিয়া হৈছে চৰকাৰী ই-মাৰ্কেটপ্লেচৰ এক অন্তৰ্ভুক্তি-কেন্দ্ৰিক পদক্ষেপ যিয়ে মহিলাৰ মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগ আৰু আত্মসহায়ক গোটসমূহক আনুষ্ঠানিক চৰকাৰী ক্ৰেতাৰ সৈতে সংযুক্ত কৰে। এক সমৰ্পিত ডিজিটেল আন্তঃপৃষ্ঠৰ জৰিয়তে, তেওঁলোকে হস্ততাঁত, মৰাপাট, নাৰিকলৰ আঁহ আৰু গৃহ-সজ্জাৰ দৰে সামগ্ৰীসমূহ পঞ্জীয়ন আৰু তালিকাভুক্ত কৰিব পাৰে।

  • ২০২৬ৰ জুলাইলৈকে, গভাৰ্মেণ্ট ই-মাৰ্কেটপ্লেচ (জি.ই.এম.)-ত ২.১৭ লাখতকৈ অধিক মহিলাৰ মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগ পঞ্জীয়ন হৈছিল (চৰকাৰী সংস্থা / বিভাগ / ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান (পি.এছ.ইউ.)-ৰ দ্বাৰা ক্ৰয় কৰা বিভিন্ন সামগ্ৰী আৰু সেৱাৰ বাবে এক সমৰ্পিত ই-বজাৰ)।
  • ২০২৫-২৬ বিত্তীয় বৰ্ষত, মহিলাৰ অংশগ্ৰহণেৰে মুঠ চুক্তিৰ মূল্য ২৮,০০০ কোটি টকা অতিক্ৰম হৈছিল, যি হাৰ পূৰ্বৰ বছৰৰ তুলনাত ২৭.৬% বৃদ্ধি হৈছিল।
  • মহিলাসকলে গভাৰ্মেণ্ট ই-মাৰ্কেটপ্লেচ (জি.ই.এম.)-ৰ জৰিয়তে প্ৰদান কৰা মুঠ অৰ্ডাৰ মূল্যৰ ৫.৬% লাভ কৰিছে, যিয়ে ৩% বাধ্যতামূলক ক্ৰয়ৰ লক্ষ্য অতিক্ৰম কৰিছে।

বিতং তথ্যৰ বাবে, চাব পাৰে:  ৱ’মেনিয়া : মহিলা উদ্যোগীসকলৰ বাবে অন্তৰ্ভুক্ত বজাৰ প্ৰৱেশ গঢ়ি তোলা

খ. ক্ৰয় আৰু বিপণন সহায় আঁচনি (পি.এম.এছ.): এই আঁচনিখনে পঞ্জীয়নভুক্ত ক্ষুদ্ৰ আৰু লঘু উদ্যোগক বাণিজ্য মেলা, প্ৰদৰ্শনী, বিক্ৰেতা উন্নয়ন কাৰ্যসূচী, ই-কমাৰ্চ আৰু পেকেজিং সহায়ৰ জৰিয়তে বজাৰৰ সুবিধা লাভ কৰাত সহায় কৰে। মহিলাৰ মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাণিজ্য মেলাৰ বাবে নিৰ্মিত স্থানৰ ভাড়াত ১০০% ৰাজসাহায্যৰ যোগ্যতা নিশ্চিত কৰে।

গ. ক্ষুদ্ৰ আৰু লঘু উদ্যোগ বাণিজ্য সক্ষমতা আৰু বিপণন (টি.ই.এ.এম.) পদক্ষেপ: ক্ষুদ্ৰ আৰু লঘু উদ্যোগ ক ডিজিটেল বিপণনৰ সুবিধা প্ৰদান কৰিবলৈ, টি.ই.এ.এম. পদক্ষেপটো তিনি বছৰৰ বাবে (২০২৪-২৭) ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ কাৰ্যদক্ষতা বৃদ্ধি আৰু ত্বৰান্বিতকৰণ (আৰ.এ.এম.পি.) কাৰ্যসূচীৰ অধীনত আৰম্ভ কৰা হৈছিল। ইয়াৰ লক্ষ্য হৈছে ক্ষুদ্ৰ আৰু লঘু উদ্যোগক নতুন বজাৰৰ সুবিধা, গ্ৰাহকৰ ভিত্তি সম্প্ৰসাৰণ আৰু ডিজিটেল বাণিজ্যৰ বাবে মুক্ত নেটৱৰ্ক(অ’.এন.ডি.চি.)-ৰ জৰিয়তে আয় বৃদ্ধিত সহায় কৰা।

  • ২০২৫-২৬ লৈকে, এই পদক্ষেপৰ অধীনত ১,৭০০ মহিলাৰ মালিকানাধীন ক্ষুদ্ৰ আৰু লঘু উদ্যোগ পঞ্জীয়ন হৈছিল।

বজাৰৰ সুবিধাই উদ্যোগৰ মূল্য শৃংখল সম্পূৰ্ণ কৰে। আনুষ্ঠানিকীকৰণে উদ্যোগক পৰিচয় দিয়ে, ঋণে উৎপাদন সক্ষম কৰে, আৰু বজাৰ সমৰ্থনে উৎপাদনক আয় আৰু বহনক্ষম বৃদ্ধিলৈ ৰূপান্তৰ কৰে।

উদীয়মান খণ্ডসমূহৰ বাবে দক্ষতাৰ যোগান শৃংখল গঢ়ি তোলা

প্ৰযুক্তি আৰু বিশেষ খণ্ডত মহিলাৰ সুযোগ সম্প্ৰসাৰিত হোৱাৰ লগে লগে, এই ভূমিকাবোৰৰ সুযোগ ব্যাপক কৰিবলৈ ভৱিষ্যতৰ বাবে দক্ষতাৰ ধাৰণাটো গুৰুত্বপূৰ্ণ হৈ পৰে।

প্ৰধান দক্ষতা বিকাশ আঁচনিৰ অধীনত উদীয়মান খণ্ডত প্ৰশিক্ষিত মহিলা প্ৰাৰ্থী (২০২১-২০২২ ৰ পৰা ২০২৫-২০২৬লৈ)

আঁচনি

উদ্দেশ্য        

 

খণ্ড

নবীকৰণযোগ্য শক্তি

 

 

কৃত্ৰিম বুদ্ধিমত্তা

ছেমিকণ্ডাক্টৰ

 

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা

৪.০ (পি.এম.কে.ভি.ৱাই. ৪. ০)

ভৱিষ্যতমুখী আৰু নতুন যুগৰ প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা সহ প্ৰশিক্ষণৰ ওপৰত গুৰুত্ব

২০,৩৯৩

৫,৯২৭

 

৭৬,৬৭১

 

ৰাষ্ট্ৰীয় শিক্ষানবিচ প্ৰচাৰ আঁচনি (এন.এ.পি.এছ.)

পৰম্পৰাগত আৰু উদীয়মান খণ্ডত প্ৰত্যক্ষ বৃত্তি সহায়ৰ সৈতে বেতনভুক্ত কৰ্মস্থলত প্ৰশিক্ষণৰ জৰিয়তে শিক্ষানবিচ প্ৰশিক্ষণক প্ৰচাৰ কৰে

১,৫৩৪

-

১৯,৮৯৯

 

ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই.টি.আই.) ৰ জৰিয়তে শিল্পী প্ৰশিক্ষণ আঁচনি (চি.টি.এছ.)

আই.টি.আই. ৰ জৰিয়তে বৃত্তিমূলক আৰু কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে।

৫১২

৩১

৫,৭৫৩

 

 

মহিলাৰ বাবে লক্ষ্যভিত্তিক পদক্ষেপ

ক. নাৰ্চাৰিং এছপিৰেচনছ থ্ৰু ভকেচনেল ট্ৰেইনিং ফ’ৰ ইয়ং এড’লেছেণ্ট গাৰ্লছ (নব্য): ২০২৫ত আৰম্ভ কৰা নব্যৰ লক্ষ্য হৈছে পি.এম.কে.ভি.ৱাই. ৪.০-ৰ অধীনত অ-পৰম্পৰাগত আৰু ভৱিষ্যতমুখী চাকৰিৰ ভূমিকাত ৩,৮৫০ গৰাকী কিশোৰীক লক্ষ্যভিত্তিক দক্ষতা প্ৰদান কৰা। ৩১ আগষ্ট ২০২৬ লৈকে, এই আঁচনিৰ অধীনত ১,১০৫ গৰাকী ছোৱালীক প্ৰশিক্ষণ দিয়া হৈছে।

খ. মহিলাৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ কেৰিয়াৰ: ২০২৫ত আৰম্ভ কৰা, এই কাৰ্যসূচীয়ে ছয়খন ৰাজ্যৰ মহিলা কলেজত ৩০ টা উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰিছে। এই কেন্দ্ৰসমূহে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ চহৰত ১৫০ টা শাখা কেন্দ্ৰক সমৰ্থন কৰিব।

ইয়াৰ লক্ষ্য হৈছে ২০,০০০ শিক্ষাৰ্থীক ব্যৱহাৰিক, উদ্যোগ-প্ৰাসংগিক কৃত্ৰিম বুদ্ধিমত্তা প্ৰশিক্ষণ আৰু প্ৰকল্প-ভিত্তিক অভিজ্ঞতা প্ৰদান। অংশগ্ৰহণকাৰীয়ে প্ৰমাণপত্ৰ, ইণ্টাৰ্ণশ্বিপ, এপ্ৰেণ্টিছশ্বিপছ, ফেল’শ্বিপ, কেৰিয়াৰ নিৰ্দেশনা আৰু কৃত্ৰিম বুদ্ধিমত্তাসক্ষম চাকৰিৰ সুবিধা লাভ কৰিব।

গ. উইমেন ইন ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং–ন’লেজ ইনভলভমেণ্ট ইন ৰিছাৰ্চ এডভান্সমেণ্ট থ্ৰু নাৰ্চাৰিং (ৱাইজ-কিৰণ): এই আঁচনিয়ে ফেল’শ্বিপ আৰু প্ৰাতিষ্ঠানিক কাৰ্যসূচীৰ জৰিয়তে বিজ্ঞান আৰু প্ৰযুক্তিৰ গৱেষণা আৰু উন্নয়নত মহিলাৰ অংশগ্ৰহণক প্ৰসাৰতা দিয়ে৷

  • ফেল’শ্বিপসমূহৰ ভিতৰত অন্তৰ্ভূক্ত হৈ আছে ৱাইজ ফেল’শ্বিপ ফ’ৰ পি.এইচ.ডি. (ৱাইজ-পি.এইচ.ডি.), ৱাইজ পোষ্ট-ডক্টৰেল ফেল’শ্বিপ (ৱাইজ-পি.ডি.এফ.), ৱাইজ–ছচাইটেল চেলেঞ্জেছ ৱিথ অপৰচুনিটিজ (ৱাইজ-স্কোপ), ৱাইজ ইণ্টাৰ্ণশ্বিপ ইন ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ (ৱাইজ-আই.পি.আৰ.) আৰু ৱিমেনছ ইনষ্টিংক্ট ফ’ৰ ডেভেলপিং এণ্ড আছাৰিং ইন চায়েণ্টিফিক হাইটছ এণ্ড ইনোভেচনছ (ৱিদুষী)৷ এই ফেল’শ্বিপসমূহে ডক্টৰেট আৰু পোষ্ট-ডক্টৰেট গৱেষণা, কেৰিয়াৰত পুনৰ প্ৰৱেশ, অনুবাদমূলক গৱেষণা, আৰু ইন্টেলেকচ্যুৱেল প্ৰপাৰ্টি ৰাইটক প্ৰশিক্ষণ আৰু নিৰন্তৰ গৱেষণাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাত সহায় কৰে।প্ৰাতিষ্ঠানিক কাৰ্যসূচীত অন্তৰ্ভূক্ত হৈছে- কনছলিডেচন অফ ইউনিভাৰ্চিটি ৰিচাৰ্ছ ফ’ৰ ইনোভেচন এণ্ড এক্সিলেন্স (কিউৰি), বিজ্ঞান জ্যোতি, জেণ্ডাৰ এডভান্সমেণ্ট ফ’ৰ ট্ৰেন্সফৰ্মিং ইনষ্টিটিউচনছ (গতি) আৰু দা ৱিমেন ইন স্পেচ লিডাৰশ্বিপ প্ৰগ্ৰেম (ৱাই.এছ.এল.পি.)।
  • ২০২৫-২৬ত, ১৮০গৰাকী মহিলাই পি.এইচ.ডি. কৰিছে, ৬০৬গৰাকী মহিলা বিজ্ঞানীয়ে পোষ্ট-ডক্টৰেট বা অনুবাদমূলক গৱেষণা সমৰ্থন লাভ কৰিছে, ২৬ গৰাকী জ্যেষ্ঠ বিজ্ঞানীয়ে গৱেষণা আৰু উন্নয়ন সমৰ্থন লাভ কৰিছে, আৰু ২৯,৪৪৩ গৰাকী স্কুলীয়া ছাত্ৰীক "বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতৰ অধ্যয়ন আৰু গৱেষণা কাৰ্যত সমৰ্থন কৰা হৈছে।
  • ১১০ ৰো অধিক মহিলা বিজ্ঞানীৰ চাকৰি লাভ, ৪৫০ৰো অধিক মহিলাৰ গৱেষণাক্ষেত্ৰত অংশগ্ৰহণ, দক্ষতা উন্নীতকৰণ বা কেৰিয়াৰ পুনৰ আৰম্ভ কৰা দেখা গৈছে।

এই পদক্ষেপবোৰে দক্ষতা আৰু গৱেষণা সমৰ্থনৰ জৰিয়তে উদীয়মান আৰু বিশেষ ক্ষেত্ৰত মহিলাৰ পথ শক্তিশালী কৰিছে।

সুৰক্ষিত কামৰ সুযোগ নিশ্চিত কৰা শ্ৰম সংস্কাৰ

মহিলাৰ বাবে, কৰ্মশক্তিত বিস্তৃত অংশগ্ৰহণ কেৱল চাকৰিৰ উপলব্ধতাৰ ওপৰতেই নিৰ্ভৰ নকৰে, সেই চাকৰিৰ গুণগত মান আৰু ধাৰাবাহিক স্থিতি ৰক্ষা কৰাৰ দিশটোও এই ক্ষেত্ৰত সমানেই গুৰুত্বপূৰ্ণ৷ শ্ৰম নিয়ন্ত্ৰণে এই পৰিস্থিতি গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

২০২৫ ৰ নৱেম্বৰত, চৰকাৰে ২৯ খন বিদ্যমান শ্ৰম আইনক চাৰিটা শ্ৰম সংহিতালৈ একত্ৰিত কৰিছে: মজুৰি সংহিতা, ২০১৯, ঔদ্যোগিক সম্পৰ্ক সংহিতা, সামাজিক সুৰক্ষা সংহিতা, আৰু পেচাগত সুৰক্ষা, স্বাস্থ্য আৰু কৰ্ম পৰিস্থিতি সংহিতা, ২০২০।

এই একত্ৰিত কাঠামোৰ ভিতৰত, কেইবাটাও নীতিয়ে মহিলাৰ কৰ্মস্থলৰ অধিকাৰ, নিৰাপত্তা, প্ৰতিনিধিত্ব আৰু নিয়োগৰ সুবিধা শক্তিশালী কৰে।

  • অভিযোগ প্ৰতিনিধিত্ব: অভিযোগ নিষ্পত্তি সমিতিত মহিলাৰ কৰ্মশক্তিৰ অংশ অনুসৰি মহিলাৰ প্ৰতিনিধিত্ব থাকিব লাগিব।
  • প্ৰসূতিকালীন সুবিধা: যোগ্য মহিলাসকলে সৰ্বাধিক ২৬ সপ্তাহৰ দৰমহাসহ প্ৰসূতিকালীন ছুটী লাভ কৰে। দত্তক গ্ৰহণ কৰা মাতৃ আৰু কমিছনিং মাতৃ (ছাৰোগেচীৰ জৰিয়তে সন্তান জন্ম দিয়া জৈৱিক মাতৃ) ১২ সপ্তাহৰ প্ৰসূতিকালীন ছুটী লাভ কৰে। অন্যান্য গুৰুত্বপূৰ্ণ ব্যৱস্থাসমূহ হ’ল:

> বিনামূলীয়া প্ৰসৱৰ আগৰ আৰু পাছৰ যত্ন প্ৰদান নাপালে মহিলাসকল ৩,৫০০ টকা চিকিৎসা বোনাছ লাভৰ বাবে যোগ্য।

> শিশুৰ ১৫ মাহ বয়সলৈকে কৰ্মদিনত মহিলাসকল দুটা স্তনপান বিৰতিৰ বাবে যোগ্য।

> কমেও ৫০ জন শ্ৰমিক থকা প্ৰতিষ্ঠানে ক্ৰেচ সুবিধা প্ৰদান কৰিব লাগিব। নিয়োগকৰ্তাই মহিলাক দিনত চাৰিবাৰ ক্ৰেচলৈ যাবলৈ অনুমতি দিব লাগিব য'ত জিৰণিৰ বিৰতিও অন্তৰ্ভুক্ত।

  • বিস্তাৰিত কামৰ সুযোগ: মহিলাসকলে নিশাৰ শ্বিফ্ট সহ সন্মতি আৰু নিৰ্ধাৰিত সুৰক্ষাৰ সৈতে সকলো প্ৰতিষ্ঠানতে কাম কৰিব পাৰে৷
  • লিংগ বৈষম্য নিষিদ্ধকৰণ: নিযুক্তি, মজুৰি আৰু নিয়োগৰ চৰ্তত লিংগ বৈষম্য নিষিদ্ধ।
  • নীতি প্ৰতিনিধিত্ব: কেন্দ্ৰীয় / ৰাজ্যিক পৰামৰ্শদাতা ব'ৰ্ডৰ এক-তৃতীয়াংশ মহিলা হ'ব লাগিব। ব'ৰ্ডে ন্যূনতম মজুৰি আৰু মহিলাৰ নিয়োগ সম্প্ৰসাৰণৰ ব্যৱস্থাৰ বিষয়ে পৰামৰ্শ দিব।

মহিলাৰ কামৰ বাবে শক্তিশালী পথ

মহিলাৰ কামৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগী ক্ৰমান্বয়ে মহিলাসকলৰ অনুকূল আৰু অৰ্থনৈতিকভাৱে আগবাঢ়িব পৰা পৰিস্থিতি শক্তিশালী কৰাত কেন্দ্ৰীভূত হৈছে। সুযোগ ব্যাপক হোৱাৰ লগে লগে, নিয়োগ, উদ্যোগ আৰু অৰ্থনীতিৰ নতুন ক্ষেত্ৰত মহিলাৰ অৱদান অধিক সুদৃঢ় হৈছে।

দক্ষতা, বিত্ত, বজাৰ আৰু সক্ষম কৰ্মস্থলৰ অধিক সুবিধাই এই পথবোৰক পূৰ্ণ সমৰ্থন কৰে। যিয়ে ভাৰতৰ সামগ্ৰিক বিকাশত মহিলাৰ ভূমিকা গভীৰ কৰিব আৰু বিকশিত ভাৰতৰ যাত্ৰাত মহিলা নেতৃত্বাধীন উন্নয়নক আগুৱাই নিব।

তথ্যসূত্ৰসমূহ

শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

https://www.labour.gov.in/static/uploads/2026/06/4b7ec0e8206aa4860576d6f75b432e97.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2078530&lang=2&reg=48

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2256177&lang=2&reg=48

বিত্ত মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2249915&lang=1&reg=3

ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2236871&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2209712&reg=48&lang=2

https://www.cgtmse.in/

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2236871&lang=1&reg=20

https://sansad.in/getFile/loksabhaquestions/annex/187/AS289_FewgL8.pdf?source=pqals

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2099687&lang=2&reg=3

https://www.msme.gov.in/offerings/schemes-and-services/details/prime-minister-employment-generation-programme-and-other-credit-support-schemes-1-MDMzETMtQWa

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2258590&lang=1&reg=1

https://www.msme.gov.in/offerings/schemes-and-services/details/marketing-promotion-schemes-1-QzMzETMtQWa

https://ramp.msme.gov.in/ramp/RAMP-initiative/msme-team-initiative/msme-team-initiative

https://www.msme.gov.in/static/uploads/2026/05/1bfda06b460e72543530b40817573495.pdf

https://dashboard.msme.gov.in/#

https://sambandh.msme.gov.in/PPP_Index.aspx

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2253019&lang=1&reg=3

https://www.startupindia.gov.in/content/sih/en/about-startup-india-initiative.html

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1595854&lang=2&reg=48

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2202984&lang=1&reg=3

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2127843&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2241313&reg=48&lang=2

দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2226498&lang=1&reg=3

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2204133&lang=1&reg=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2123510&lang=2&reg=3

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2225466&lang=1&reg=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2294851&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2149336&lang=2&reg=3

https://nstiwshimla.dgt.gov.in/en/node/2209

পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2246009&lang=1&reg=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2057970&lang=2&reg=3

https://mospi.gov.in/uploads/publications_reports/publications_reports1787307445576_78c40fd2-1acd-40fb-abb8-15f9491ba4b8_QBUSE_Bulletin_(2).pdf

https://www.mospi.gov.in/national-sample-survey-office

ইলেক্ট্ৰনিক্স আৰু আই টি মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2284808&reg=48&lang=2

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

https://sansad.in/getFile/annex/270/AU3029_YErb7m.pdf?source=pqars

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2298220&lang=1&reg=48

প্ৰেছ ইনফ’ৰমেচন ব্যুৰো (পিআইবি) আৰ্কাইভ

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2250664&lang=1&reg=3

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2181702&lang=2&reg=3

https://newindiasamachar.pib.gov.in/WriteReadData/Magazine//2026/May/M202605011.pdf

https://www.pib.gov.in/FactsheetDetails.aspx?Id=150499&reg=3&lang=1

https://www.pib.gov.in/PressNoteDetails.aspx?ModuleId=3&NoteId=154624&reg=48&lang=2

https://www.pib.gov.in/blogs/blogsdescr.aspx?feaaid=581&lang=1

ইনভেষ্ট ইণ্ডিয়া

https://www.investindia.gov.in/team-india-blogs/women-shaping-future-indian-industries

আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ

https://www.unwomen.org/sites/default/files/2024-03/un-women-womens-economic-empowerment-strategy-en.pdf

https://www.ilo.org/sites/default/files/wcmsp5/groups/public/%40ed_emp/%40emp_ent/%40ifp_seed/documents/publication/wcms_766156.pdf

https://www.worldbank.org/ext/en/topic/competitiveness/small-and-medium-enterprises-smes-finance#tab-context

https://digitalforwomen.worldbank.org/access-markets

PDF চাবলৈ ইয়াত ক্লিক কৰক

*****

পিআইবি গৱেষণা/SSH/RR

(Explainer ID: 160500) आगंतुक पटल : 11
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Kannada , Malayalam