Infrastructure
কাশ্মীৰক সংযোগকৰণ: উন্নয়নৰ বাবে আন্তঃগাঁথনি নিৰ্মাণ
Posted On:
17 OCT 2026 11:29AM
জম্মু-কাশ্মীৰৰ কঠিন ভৌগোলিক ভূখণ্ড ক্ৰমান্বয়ে সংযোগৰ নতুন যুগৰ দিশে অগ্ৰসৰ হৈছে। উধামপুৰ–শ্ৰীনগৰ–বাৰামুল্লা ৰে’ল সংযোগে উপত্যকাটোক ভাৰতৰ ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰিছে। এই প্ৰকল্পৰ এটা ডাঙৰ পদক্ষেপ হৈছে বিশ্বৰ সৰ্বোচ্চ ৰে’লৱে দলং চেনাব দলং। বন্দে ভাৰত ৰে’লসেৱাৰ সম্প্ৰসাৰণে যাত্ৰী চলাচল অধিক নিৰৱচ্ছিন্ন কৰি তুলিছে। নতুন মালবাহী টাৰ্মিনেলৰ দ্বাৰা কাশ্মীৰী আপেল, কেশৰ আৰু হস্তশিল্পক ৰাষ্ট্ৰীয় বজাৰলৈ পৰিবহণ কৰা হৈছে, যাৰ ফলত কৃষক আৰু ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ মুকলি হৈছে। পথ পৰিবহণৰ ক্ষেত্ৰত সোণামাৰ্গ আৰু জোজিলা সুৰংগই বছৰ বছৰজুৰি লাডাখলৈ নিৰৱচ্ছিন্ন যাত্ৰাৰ পথ প্ৰশস্ত কৰাৰ প্ৰতিশ্ৰুতি বহন কৰে। বিমান সংযোগৰ ক্ষেত্ৰত সম্প্ৰসাৰিত শ্ৰীনগৰ বিমানবন্দৰৰ লগতে উধামপুৰ আৰু কিষ্টৱাৰত নতুন বিমান সংযোগ কেন্দ্ৰ গঢ়ি তোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সকলোবোৰ উন্নয়নে কাশ্মীৰৰ সামগ্ৰী, বাণিজ্য আৰু পৰ্যটনক দেশৰ মূলসুঁতিৰ সৈতে শক্তিশালীভাৱে সংযোগ কৰি ৰাখিছে।
পুনৰ সংযোগ স্থাপন হোৱা এটা অঞ্চল
জম্মু-কাশ্মীৰৰ পাহাৰীয়া ভূখণ্ডই সংযোগ সম্পৰ্কীয় আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে দীৰ্ঘদিন ধৰি এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আহিছে। কিন্তু বিগত কেইবছৰমানৰ পৰা এই পৰিস্থিতি ক্ৰমাগতভাৱে সলনি হৈ আহিছে। আন্তঃগাঁথনি বিনিয়োগৰ এক নতুন ঢৌৱে অঞ্চলটোক দেশৰ বাকী অংশৰ সৈতে সংযোগ স্থাপনৰ ধৰণটোক নতুন ৰূপ দিছে। উধামপুৰ–শ্ৰীনগৰ–বাৰামুল্লা ৰে’ল সংযোগ (ইউ.এছ.বি.আৰ.এল.) প্ৰকল্প এই সম্প্ৰসাৰণৰ এক মূল উপাদান। এয়া হৈছে স্বাধীনতাৰ পিছত দেশত গ্ৰহণ কৰা অন্যতম প্ৰত্যাহ্বানমূলক ৰে’ল প্ৰকল্প। আজি ই কাশ্মীৰ উপত্যকাক ৰে’লযোগে দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰি ভাৰতৰ অভিযান্ত্ৰিকতাৰ অন্যতম কিৰীতি হিচাপে স্বীকৃতি লাভ কৰিছে।
ইউ.এছ.বি.আৰ.এল. প্ৰকল্পৰ সমান্তৰালভাৱে পথ, সুৰংগ, বিমানবন্দৰৰ আন্তঃগাঁথনিৰো নিৰন্তৰ সম্প্ৰসাৰণ কৰা হৈছে। এই নেটৱৰ্কত এতিয়া বন্দে ভাৰত এক্সপ্ৰেছৰ দৰে নতুন ৰে’লসেৱাৰ উপৰি ডাঙৰ ডাঙৰ পথ কৰিডৰ আৰু সুৰংগ অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰীনগৰৰ বিমানবন্দৰৰ ক্ষমতা বৃদ্ধি কৰা হৈছে আৰু উড়ান (ইউডিএএন) আঁচনিৰ অধীনত আঞ্চলিক বিমানবন্দৰসমূহ গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে, যাৰ ফলত যাত্ৰীবাহী যাতায়াত বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। মাল্টিমডেল কাৰ্গো টাৰ্মিনেল আৰু উন্নত মালবাহী সেৱাই সমগ্ৰ অঞ্চলটোত সামগ্ৰী পৰিবহণত সহায় কৰিছে। এই উন্নয়নসমূহে জম্মু-কাশ্মীৰৰ আন্তঃগাঁথনিৰ নিৰন্তৰ সম্প্ৰসাৰণ ঘটাইছে। ইয়াৰ ফলত সকলো বতৰতে নিৰৱচ্ছিন্ন ভ্ৰমণ নিশ্চিত হৈছে।
ৰে’লৱেঃ কাশ্মীৰক ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগকৰণ
উধামপুৰ–শ্ৰীনগৰ–বাৰামুল্লা ৰে’ল সংযোগ (ইউ.এছ.বি.আৰ.এল.) ৰাষ্ট্ৰীয় প্ৰকল্প
২০২৫ চনৰ জুন মাহত উদ্বোধন হোৱা ইউ.এছ.বি.আৰ.এল. প্ৰকল্পই হিমালয় অঞ্চলৰ সংযোগৰ আন্তঃগাঁথনিৰ উন্নতি সাধন কৰে। ৪৩,৭৮০ কোটি টকা ব্যয়েৰে নিৰ্মিত এই প্ৰকল্পটো জম্মু-কাশ্মীৰৰ উধামপুৰ, ৰিয়াছি, ৰামবন, শ্ৰীনগৰ, অনন্তনাগ, পুলৱামা, বুডগাম আৰু বাৰামুল্লা জিলালৈকে বিস্তৃত।
২৭২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটো কঠিন হিমালয় অঞ্চলৰ মাজেৰে বিস্তৃত; ইয়াত মুঠ ১১৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৩৬টা সুৰংগ আৰু ৯৪৩খন দলং আছে। অঞ্চলটোৰ কঠিন ভৌগোলিক পৰিস্থিতিৰ লগত খাপ খুৱাই আৰ্হি প্ৰস্তুত কৰা এই প্ৰকল্পটোৱে দুৰ্গম অঞ্চলসমূহক ৰাষ্ট্ৰীয় ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ কৰি পৰিবহণ, বাণিজ্য আৰু পৰ্যটনৰ বাবে নতুন সম্ভাৱনা মুকলি কৰে। ইউএছবিআৰএল প্ৰকল্পই ২১৫ কিলোমিটাৰতকৈ অধিক পথ (এটা সুৰংগ আৰু ৩২০খন দলঙকে ধৰি) নিৰ্মাণ কৰিছে, যিয়ে স্থানীয় জনগোষ্ঠীসমূহক সেৱা আগবঢ়াইছে। ইয়াৰ উপৰি ইউ.এছ.বি.আৰ.এল. প্ৰকল্পটো সুৰংগসমূহৰ ভিতৰত আৰু মুকলি ৰে’লৰ অংশ দুয়োটাতে সম্পূৰ্ণৰূপে বিদ্যুৎচালিত ।
ইউ.এছ.বি.আৰ.এল. প্ৰকল্পই অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশত যথেষ্ট অৰিহণা যোগাইছে। ইয়াৰ প্ৰভাৱৰ এটা মূল দিশ হৈছে নিয়োগ সৃষ্টি। এই প্ৰকল্পটোৱে ৫ কোটিতকৈ অধিক মানৱ দিনৰ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।
বন্দে ভাৰত এক্সপ্ৰেছ

চিত্ৰ ১ : জম্মু-কাশ্মীৰত বন্দে ভাৰত এক্সপ্ৰেছ
২০২৫ চনৰ জুন মাহত কাটৰা আৰু শ্ৰীনগৰৰ মাজত জম্মু-কাশ্মীৰত প্ৰথমবাৰৰ বাবে বন্দে ভাৰত এক্সপ্ৰেছ মুকলি কৰা হয়। ৰে’ল সংযোগ আৰু অধিক উন্নত কৰাৰ বাবে ২০২৬ চনৰ এপ্ৰিল মাহত শ্ৰীনগৰ–কাটৰা বন্দে ভাৰত এক্সপ্ৰেছ সেৱা জম্মু তাৱী ৰে’লৱে ষ্টেচনলৈ সম্প্ৰসাৰিত কৰা হয়।
জম্মুৰ পৰা শ্ৰীনগৰলৈ যাত্ৰা এতিয়া পাঁচ ঘণ্টাৰো কম সময়ত সম্পূৰ্ণ হ’ব পাৰে। দবাৰ সংখ্যা ৮ৰ পৰা ২০লৈ বৃদ্ধি কৰা হৈছে। এই ৰে’লবোৰ বিশেষভাৱে প্ৰতিকূল বতৰত চলাচল কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে। ই উচ্চ উচ্চতাৰ পৰিস্থিতিৰ বাবে উপযোগী উন্নত অপাৰেটিং ছিষ্টেম আৰু আধুনিক ইলেক্ট্ৰনিক সঁজুলিৰে সজ্জিত।
এই পথত বৰফ পৰিষ্কাৰ কৰা ৰে’লৰ ব্যৱস্থাও কৰা হৈছে, যিয়ে ট্ৰেকৰ পৰা বৰফ আঁতৰায় আৰু ৰে’ল সেৱাৰ বছৰজোৰা পৰিচালনা নিশ্চিত কৰাত সহায় কৰে। ইয়াৰ উপৰি ভূমিকম্পৰ জোকাৰণিয়ে ক্ষতি কৰিব নোৱাৰাকৈ বিশেষ ডেম্পাৰ স্থাপন কৰা হৈছে, যাৰ ফলত এই অধিক বিপদজনক অঞ্চলত ভ্ৰমণ নিৰাপদ আৰু আৰামদায়ক হৈ পৰিছে।
ইউ.এছ.বি.আৰ.এল. প্ৰকল্পৰ অধীনত অভিযান্ত্ৰিক কৃতিত্ব
ইউ.এছ.বি.আৰ.এল. প্ৰকল্পত চেনাব ৰে’ল দলং, অঞ্জি খাদ দলং, টি৫০ (T50) সুৰংগকে ধৰি কেইবাটাও ডাঙৰ অভিযান্ত্ৰিক কৃতিত্ব অন্তৰ্ভুক্ত কৰা হৈছে।
চেনাব ৰে’ল দলং
ইউ.এছ.বি.আৰ.এল. প্ৰকল্পৰ অধীনত জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাৰ চেনাব নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে বিশ্বৰ সৰ্বোচ্চ ৰে’লৱে দলং। ২০২৫ চনৰ জুন মাহত উদ্বোধন হোৱা চেনাব দলংখনৰ দৈৰ্ঘ্য ১৩১৫ মিটাৰ। ইয়াৰ তোৰণৰ দৈৰ্ঘ্য ৪৬৭ মিটাৰ আৰু ই নদীৰ তলৰ পৰা ৩৫৯ মিটাৰ ওপৰত আছে, যাৰ বাবে ই আইফেল টাৱাৰতকৈ ওখ। প্ৰচণ্ড ভূকম্পন আৰু প্ৰবল বতাহ সহ্য কৰিব পৰাকৈ এই দলংখন নিৰ্মাণ কৰা হৈছে। এই দলঙৰ ওপৰেৰে বন্দে ভাৰত এক্সপ্ৰেছ সেৱা আৰম্ভ হোৱাৰ ফলত জম্মু-কাশ্মীৰৰ মাজত ৰে’ল সংযোগৰ যথেষ্ট বিকাশ হৈছে।

চিত্ৰ ২: জম্মু-কাশ্মীৰৰ চেনাব ৰে’ল দলং
অঞ্জি খাদ দলং

চিত্ৰ ৩: জম্মু-কাশ্মীৰৰ অঞ্জি খাদ দলং
চেনাব নদীৰ উপনৈ অঞ্জি নদীৰ গভীৰ গিৰিখাদৰ ওপৰত নিৰ্মিত ভাৰতৰ প্ৰথমখন কেবল-ষ্টেড ৰে’ল দলং হৈছে অঞ্জি খাদ দলং। ইউ.এছ.বি.আৰ.এল. প্ৰকল্পৰ অংশস্বৰূপ অঞ্জি খাদ দলংখন ২০২৫ চনৰ জুন মাহত উদ্বোধন কৰা হৈছিল।
জম্মু-কাশ্মীৰৰ ৰিয়াছি জিলাত এই দলংখন অৱস্থিত। ইয়াক ওলোটা "Y" আকৃতিৰ এটা ১৯৩ মিটাৰ উচ্চতাৰ টাৱাৰে ধৰি ৰাখিছে, ইয়াৰ লগত সংলগ্ন কেবলবোৰে শক্তি প্ৰদান কৰে। মূল দলংখনৰ মুঠ দৈৰ্ঘ্য ৪৭৩.২৫ মিটাৰ। অঞ্চলটোৰ কঠিন ভৌগোলিক পৰিস্থিতি আৰু ভূকম্পনীয় প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ আৰ্হি প্ৰস্তুত কৰা হৈছিল।
সুৰংগ টি৫০ (Tunnel T50)

চিত্ৰ ৪ : জম্মু-কাশ্মীৰৰ সুৰংগ টি৫০
২০২৪ চনত উদ্বোধন কৰা টি৫০ সুৰংগটো হৈছে জম্মু-কাশ্মীৰৰ খাড়ি আৰু চাম্বাৰক সংযোগ কৰা ১২.৭৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’ল সুৰংগ। ইউ.এছ.বি.আৰ.এল. প্ৰকল্পৰ অধীনত নিৰ্মিত ই ভাৰতৰ আটাইতকৈ দীঘল পৰিবহণ সুৰংগ। ই কাশ্মীৰ উপত্যকা আৰু দেশৰ বাকী অংশৰ মাজত এক গুৰুত্বপূৰ্ণ ৰে’ল সংযোগ গঢ়ি তোলে।
হিমালয়ৰ জটিল ভূতাত্ত্বিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি নিউ অষ্ট্ৰিয়ান টানেলিং মেথড ব্যৱহাৰ কৰি এই সুৰংগটো নিৰ্মাণ কৰা হৈছিল। নিৰ্মাণৰ সময়ত অত্যধিক পানী ছিটিকি যোৱা, ভূমিস্খলন, ফল্ট জ’ন আৰু বিভাজন হোৱা আগ্নেয়গিৰিৰ শিলৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। এই সুৰংগটোত এটা মূল সুৰংগ আৰু এটা সমান্তৰাল জৰুৰীকালীন প্ৰস্থান সুৰংগ আছে। সুৰক্ষা নিশ্চিত কৰিবলৈ এই সুৰংগ দুটা প্ৰতি ৩৭৫ মিটাৰত সংযোগ কৰা হয়। ইয়াৰ উপৰি প্ৰতি ৫০ মিটাৰত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে, যাৰ ফলত কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষৰ পৰা সুৰংগটো নিৰীক্ষণ কৰিব পৰা যায়।
ৰে’লৱেৰ আন্তঃগাঁথনিক সমৰ্থন
জম্মু-কাশ্মীৰত ৰে’ল সংযোগ শক্তিশালী কৰাৰ বাবে আন্তঃগাঁথনি আৰু ৰে’ল নেটৱৰ্ক উন্নয়নত সহায়ক হোৱাত বিনিয়োগ বৃদ্ধি কৰা হৈছে। জম্মু-কাশ্মীৰত ৰে’লৱেৰ গড় বাৰ্ষিক বাজেট ২০০৯–১৪ চনৰ ভিতৰত ১,০৪৪ কোটি টকাৰ পৰা ২০২৬–২৭ চনত ১,০৮৬ কোটি টকালৈ বৃদ্ধি পাইছে।
বৈদ্যুতিকীকৰণ
ভাৰতীয় ৰে’লৱেই মিছন মোডত ৰে’ল বৈদ্যুতিকৰণ অব্যাহত ৰাখিছে, দেশৰ প্ৰায় ৯৯.৬% ব্ৰডগেজ (বিজি) ৰে’ল নেটৱৰ্কত এতিয়া বিদ্যুৎ সংযোগ কৰা হৈছে। জম্মু-কাশ্মীৰত বৰ্তমানৰ সমগ্ৰ ব্ৰডগেজ ৰে’ল নেটৱৰ্ক বিদ্যুৎ পৰিচালিত। সকলো নতুন ৰে’লপথ আৰু মাল্টি ট্ৰেকিং প্ৰকল্পৰ অনুমোদন আৰু আৰম্ভণিৰে পৰা বিদ্যুৎকৰণৰ ব্যৱস্থাৰে নিৰ্মাণ কৰা হৈছে।
ৰে’ল ষ্টেচনৰ পুনৰ উন্নয়ন
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত পুনৰ উন্নয়নৰ বাবে ভাৰতীয় ৰে’লৱেৰ ১,৩৪০টা ষ্টেচন চিনাক্ত কৰা হৈছে। ইয়াৰে চাৰিটা ষ্টেচন জম্মু-কাশ্মীৰত আছে- বুডগাম, জম্মু তাৱী, শ্বহীদ কেপ্তেইন তুষাৰ মহাজন (উধামপুৰ) আৰু শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰা ৰে’লৱে ষ্টেচন।
অন্যান্য আঞ্চলিক ৰে’লৱে পদক্ষেপ
জম্মু-কাশ্মীৰৰ সীমান্ত আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহত ৰে’ল সংযোগ শক্তিশালী কৰাৰ বাবে কেইবাটাও প্ৰকল্পৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াৰ ভিতৰত তলত উল্লেখ কৰা প্ৰকল্পসমূহো অন্তৰ্ভুক্ত।
- জলন্ধৰ কেণ্ট-জম্মু তাৱীৰ মাজৰ তৃতীয়টো ৰে’লপথ (২১৬ কি.মি)
- জম্মু আৰু শ্ৰী মাতা বৈষ্ণো দেৱী কাটৰাৰ মাজত অতিৰিক্ত ৰে’লপথ (৭৮ কি.মি)
- জম্মু/ৰিয়াছি আৰু পুঞ্চৰ মাজত নতুন ৰে’লপথ (১৯০ কি.মি)
পথ: পৃষ্ঠৰ সংযোগ শক্তিশালীকৰণ
ৰে’ল সংযোগৰ পৰিপূৰক হিচাপে পথ
ৰে’ল আন্তঃগাঁথনিৰ সমান্তৰালভাৱে জম্মু-কাশ্মীৰৰ পথ নেটৱৰ্ক সম্প্ৰসাৰণ কৰা হৈছে। ৰে’লৱে নেটৱৰ্কৰ বাহিৰৰ অঞ্চলসমূহৰ সৈতে শেষ মাইলৰ সংযোগ নিশ্চিত কৰাত পথসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰধানমন্ত্ৰী গ্ৰাম সাদক যোজনা (পি.এম.জি.এছ.ৱাই.-IV)ৰ অধীনত ২০২৬ চনৰ আগষ্ট মাহত মুঠ ৫৯৮.৪৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১১০টা পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছিল। ই ১,৫০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে এই প্ৰকল্পসমূহে উধামপুৰ-কাথুৱা-ডোডা-কিশোৱাৰ অঞ্চলৰ ৪৬,৯৭২ জন লোকক উপকৃত কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পসমূহৰ ভিতৰত কেইবাটাও পথ নিৰ্মাণত পেলনীয়া প্লাষ্টিকৰ ব্যৱহাৰো অন্তৰ্ভুক্ত কৰা হৈছে, যিয়ে অধিক বহনক্ষম আৰু পৰিৱেশ অনুকূল পথ নিৰ্মাণত অৰিহণা যোগাইছে।
সকলো বতৰৰ বাবে যাতায়াত নিশ্চিত কৰা, পথ সুৰক্ষা উন্নত কৰা, কৌশলগতভাৱে গুৰুত্বপূৰ্ণ অঞ্চলসমূহৰ প্ৰৱেশ বৃদ্ধিৰ বাবে হিমালয় অঞ্চলৰ উন্নয়নৰ এটা মূল উপাদান হৈ পৰিছে সুৰংগ নিৰ্মাণ।
সোণামাৰ্গ (জেড-মৰ্হ) সুৰংগ

চিত্ৰ ৫ : জম্মু আৰু কাশ্মীৰৰ সোণামাৰ্গ সুৰংগ
২০২৫ চনৰ জানুৱাৰী মাহত জেড-মৰ্হ সুৰংগ বুলিও জনাজাত সোণামাৰ্গ সুৰংগ প্ৰকল্পটো উদ্বোধন কৰা হৈছিল। এইটো ৬.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিমুখী সুৰংগ, যত আছে ৬.৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ সমান্তৰাল জৰুৰীকালীন প্ৰস্থান সুৰংগ আৰু ৫.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এপ্ৰ’চ ৰোড। ২,৭০০ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মিত এই সুৰংগটো সমুদ্ৰপৃষ্ঠৰ পৰা ২,৬৩৪ মিটাৰ উচ্চতাত অৱস্থিত। ইয়াৰ জৰিয়তে শ্ৰীনগৰৰ পৰা সোণামাৰ্গ হৈ লেহলৈ নিৰৱচ্ছিন্ন পথ সংযোগৰ ব্যৱস্থা কৰা হয়। ইয়াৰ নিৰ্মাণৰ ফলত পথৰ বৃহৎ হিমস্খলন আৰু ভূমিস্খলনপ্ৰৱণ অংশ বাইপাছ কৰাটো সম্ভৱ হৈছে। সোণামাৰ্গক বছৰজুৰি পৰ্যটকৰ বাবে সুলভ কৰি তুলি এই সুৰংগটোৱে শীতকালীন পৰ্যটন, দুঃসাহসিক ক্ৰীড়া আৰু স্থানীয় লোকৰ জীৱিকাৰ প্ৰসাৰ ঘটায়। জোজিলা সুৰংগৰ সৈতে একেলগে এই প্ৰকল্পই ৰাষ্ট্ৰীয় ঘাইপথ-১ৰ সংশ্লিষ্ট অংশৰ দৈৰ্ঘ্য ১৩ কিলোমিটাৰৰ পৰা ১১.৯৮ কিলোমিটাৰলৈ হ্ৰাস কৰে।
জোজিলা সুৰংগ
বালতল আৰু মিনামাৰ্গৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ ১ত এনএইচআইডিচিএলৰ দ্বাৰা ১৩.১৫৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিমুখী সুৰংগ নিৰ্মাণ কৰা হৈছে। সমুদ্ৰপৃষ্ঠৰ পৰা ২,৯০০-৩,৩১০ মিটাৰ উচ্চতাত অৱস্থিত ৬,৮০৮ কোটিটকীয়া এই প্ৰকল্পৰ লক্ষ্য হৈছে জম্মু-কাশ্মীৰ আৰু লাডাখৰ মাজত সমগ্ৰ বছৰটো আৰু সকলো ঋতুতে নিৰৱচ্ছিন্ন পথ সংযোগ নিশ্চিত কৰা। ২০২০ চনৰ অক্টোবৰত এই প্ৰকল্পৰ নিৰ্মাণ আৰম্ভ হয় আৰু ২০২৬ চনৰ জুনত মূল সুৰংগটোৰ খনন দুয়োটা মূৰৰ পৰা আন্তঃসংযোগ পৰ্যায়লৈ আগবাঢ়িছে।

চিত্ৰ ৬ : জম্মু আৰু কাশ্মীৰৰ জোজিলা সুৰংগ
সুৰংগটোত আধুনিক বায়ু চলাচল ব্যৱস্থা, স্বয়ংক্ৰিয়ভাৱে জুইৰ উপস্থিতি ধৰা পেলোৱা ব্যৱস্থা, চিচিটিভি, ভেৰিয়েবল মেছেজ চাইন (ভি.এম.এছ.) ব্যৱস্থা, এছ.চি.এ.ডি.এ. ব্যৱস্থা আৰু অন্যান্য উন্নত সুৰক্ষা তথা যান-বাহন ব্যৱস্থাপনা ব্যৱস্থা থাকিব। এই প্ৰকল্পত মুঠ ৪.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ দুটা যমজ একদিশীয় নীলগাৰি সুৰংগ, মুঠ ২৩৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ আঠটা কাট-এণ্ড-কভাৰ অংশ, মুঠ ৮১০ মিটাৰ দৈৰ্ঘ্যৰ চাৰিখন দলং আৰু ৪০টা কালভাৰ্ট আদিও অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি হিমস্খলনৰ পৰা সুৰক্ষাৰ বাবে ১৬,৯৬৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এপ্ৰ’চ ৰোডৰ কাষত স্নো টানেল, কেচ ডেম, ডিফ্লেক্টৰ ডেম, এয়াৰ-ব্লাষ্ট ৱাল আৰু অন্যান্য সুৰক্ষামূলক গাঁথনি নিৰ্মাণ কৰা হৈছে।
প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ পিছত সোণামাৰ্গ আৰু মিনামাৰ্গৰ মাজত যাত্ৰাৰ সময় দুঘণ্টাৰ পৰা প্ৰায় ৩০ মিনিটলৈ হ্ৰাস পাব বুলি আশা কৰা হৈছে। শীতকালত প্ৰচণ্ড বৰফ আৰু হিমস্খলনৰ প্ৰৱণতা থকা দুৰ্গম জোজিলা পাছত দুৰ্ঘটনা আৰু যাতায়াতত বাধাৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও এই প্ৰকল্পৰ জৰিয়তে হ্ৰাস পাব। এই সুৰংগটোৱে পৰ্যটন আৰু বাণিজ্যক উন্নীত কৰিব, দুৰ্গম আৰু সীমান্তৱৰ্তী অঞ্চললৈ যোৱাৰ সুবিধা প্ৰদান কৰিব। বছৰজুৰি নিৰৱচ্ছিন্ন পথ সংযোগে প্ৰতিৰক্ষা লজিষ্টিক আৰু কৌশলগত প্ৰস্তুতি শক্তিশালী কৰিব। ইয়াৰ উপৰি এই প্ৰকল্পই নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিব, অৰ্থনৈতিক উন্নয়নক উদ্দীপিত কৰিব আৰু স্থানীয় জনগোষ্ঠীসমূহৰ জীৱিকা আৰু জীৱনৰ মান উন্নত কৰাত সহায় কৰিব।
ড° শ্যামা প্ৰসাদ মুখাৰ্জী সুৰংগ (পূৰ্বতে চেনানী-নাশ্ৰী সুৰংগ নামেৰে জনাজাত)
২০১৭ চনত মুকলি কৰা ৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটো ভাৰতৰ অন্যতম দীঘলীয়া কাৰ্যক্ষম ঘাইপথ সুৰংগ আৰু এছিয়াৰ অন্যতম দীঘলীয়া দ্বিমুখী সুৰংগ। ই জম্মু-কাশ্মীৰৰ উধামপুৰক ৰামবনৰ সৈতে সংযোগ কৰে। ২৫০০ কোটি টকা ব্যয়ৰে নিৰ্মিত এই সুৰংগটোৱে যাত্ৰাৰ দূৰত্ব ৩১ কিলোমিটাৰ হ্ৰাস কৰাৰ লগতে ভ্ৰমণৰ ব্যয় দুঘণ্টা ৰাহি কৰে, যাৰ ফলত ইন্ধনৰ খৰচ হ্ৰাস পায়।
ঘাইপথ নেটৱৰ্কৰ সম্প্ৰসাৰণ
- দিল্লী–অমৃতসৰ–কাটৰা এক্সপ্ৰেছৱেঃ ৬৬৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই গ্ৰীণফিল্ড ঘাইপথটোৱে দিল্লীক অমৃতসৰ আৰু কাটৰাৰ সৈতে সংযোগ কৰে। ইয়াক দ্ৰুত পথ সংযোগ প্ৰদান, ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ত যানজঁট হ্ৰাস আৰু শ্ৰী মাতা বৈষ্ণো দেৱী মন্দিৰকে ধৰি প্ৰধান ধৰ্মীয় স্থানসমূহলৈ যোৱাৰ সুবিধাৰ বাবে বিকশিত কৰা হৈছে। এই এক্সপ্ৰেছৱেৰ মূল অংশসমূহ ২০২৬ চনৰ জুলাই মাহত উদ্বোধন কৰা হৈছিল, যিয়ে দিল্লী আৰু কাটৰাৰ মাজত সংযোগ উন্নত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হয়। সম্পূৰ্ণ হোৱা খণ্ডসমূহে দিল্লীৰ পৰা কাটৰালৈ যাত্ৰাৰ সময় প্ৰায় ১৪ ঘণ্টাৰ পৰা প্ৰায় ৬ ঘণ্টালৈ হ্ৰাস কৰাৰ আশা কৰা হৈছে। এই কৰিড’ৰে তীৰ্থযাত্ৰীৰ গতিবিধিৰ সুবিধা প্ৰদান কৰাৰ লগতে পথৰ কাষেৰে ঔদ্যোগিক কাৰ্যকলাপ, মালবাহী আৰু লজিষ্টিক সেৱা বৃদ্ধি কৰিব।
- ৰাফিয়াবাদ–কুপৱাৰা পথ (ৰাষ্ট্ৰীয় ঘাইপথ-৭০১): ২০২৫ চনৰ জুন মাহত ৰাষ্ট্ৰীয় ঘাইপথ-৭০১ৰ ৰাফিয়াবাদ–কুপৱাৰা অংশৰ আধাৰশিলা স্থাপন কৰি শেষ মাইললৈকে বিশেষকৈ সীমান্ত অঞ্চলত পথৰ সংযোগ সম্প্ৰসাৰণ আৰু শক্তিশালী কৰা হয়। এই প্ৰকল্পটো প্ৰজেক্ট বিকনৰ অন্তৰ্গত ৰাফিয়াবাদ–কুপৱাৰা–চৌকিবাল–টাংধৰ–চামকোট কৰিডৰৰ অংশ।
- শ্বপিয়ান বাইপাছ (ৰাষ্ট্ৰীয় ঘাইপথ-৪৪৪): ২০২৪ চনৰ মাৰ্চ মাহত ২২৪.৪৪ কোটি টকা ব্যয় সাপেক্ষে অনুমোদিত ৮.৯২৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ শ্বপিয়ান বাইপাছৰ আধাৰশিলা ২০২৫ চনৰ জুন মাহত স্থাপন কৰা হয়। এই বাইপাছৰ জৰিয়তে শ্বপিয়ান, পুলৱামা আৰু কুলগামৰ সংযোগ বৃদ্ধিৰ লগতে কৃষিজাত সামগ্ৰীৰ দ্ৰুত পৰিবহণৰ সুবিধা হ’ব।
বিমানবন্দৰ : বিমান সংযোগ সম্প্ৰসাৰণ
শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সম্প্ৰসাৰণ
শ্ৰীনগৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত চিভিল এনক্লেভ সম্প্ৰসাৰণৰ বাবে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ১,৬৭৭ কোটি টকাৰ এটা প্ৰকল্পত অনুমোদন জনোৱা হৈছিল। ভাৰতীয় বায়ুসেনাৰ বুডগাম বিমানবন্দৰৰ চৌহদৰ ভিতৰত ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই এই বিমানবন্দৰ পৰিচালনা কৰে। এই প্ৰকল্পই কাশ্মীৰ উপত্যকাত বিমান সংযোগ আৰু অধিক শক্তিশালী কৰিব।
৭৩.১৮ একৰ এলেকাত বিস্তৃত এই প্ৰকল্পত ৭১,৫০০ বৰ্গমিটাৰ এলেকাৰ নতুন টাৰ্মিনেল বিল্ডিং অন্তৰ্ভুক্ত কৰা হৈছে। এই টাৰ্মিনেলটোৱে পীক আৱাৰত ২৯০০ যাত্ৰী আৰু বছৰি এক কোটি যাত্ৰীক চম্ভালিব পাৰিব। বৃহৎ বিমানৰ বাবে স্থানকে ধৰি বিমানবন্দৰটোত পোন্ধৰটা পাৰ্কিং বে নিৰ্মাণ কৰা হ’ব। বিমানবন্দৰৰ বৰ্তমানৰ ৩৬৫৮ মিটাৰ দৈৰ্ঘ্যৰ ৰাণৱে ভাৰতীয় বায়ুসেনাৰ হাতত থাকিব। ইয়াৰ উপৰিও ১০০০ গাড়ী ৰখাব পৰাকৈ নতুন বহুস্তৰীয় পাৰ্কিং সুবিধা নিৰ্মাণ কৰা হ’ব। এই প্ৰকল্পত নিৰাপত্তাৰক্ষীৰ বাবে বেৰেক নিৰ্মাণৰ কামো অন্তৰ্ভুক্ত কৰা হৈছে।
নতুন টাৰ্মিনেল ভৱনটোত কাশ্মীৰৰ পৰম্পৰাগত স্থাপত্যৰ উপাদানসমূহ, স্থানীয় কাঠৰ খোদিত আৰু পৰম্পৰাগত শিল্পকৰ্মকে ধৰি আধুনিক বিমানবন্দৰৰ সুবিধাসমূহৰ সৈতে একত্ৰিত কৰা হ’ব। প্ৰকল্পটোত বৰষুণৰ পানী সংগ্ৰহ, প্ৰাকৃতিক পোহৰৰ সৰ্বাধিক ব্যৱহাৰ, আৰু স্থানীয়ভাৱে উপলব্ধ, পৰিৱেশ অনুকূল নিৰ্মাণ সামগ্ৰীৰ ব্যৱহাৰকে ধৰি বহনক্ষমতাক বিশেষ অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰকল্পটোৰ লক্ষ্য হৈছে বহনক্ষম নিৰ্মাণ পদ্ধতিৰ বাবে সংহত বাসস্থান মূল্যায়নৰ অধীনত ৫ তাৰকা সেউজ ৰেটিং (জিআৰইএইচএ) লাভ কৰা।
আঞ্চলিক আকাশী সংযোগ সম্প্ৰসাৰণ
আঞ্চলিক বিমান সংযোগ উন্নত কৰাৰ লগতে জম্মু-কাশ্মীৰৰ বাসিন্দাসকলৰ বাবে সুলভ আৰু নিৰাপদ ভ্ৰমণৰ বিকল্প প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে চৰকাৰে।
- উধামপুৰ আৰু কিষ্টৱাৰ দুয়োটা অঞ্চলে প্ৰমাণ কৰে যে আঞ্চলিক বিমান সেৱাই প্ৰধান নগৰ কেন্দ্ৰৰ পৰা দূৰৈৰ অঞ্চললৈ প্ৰৱেশ বৃদ্ধি কৰিব পাৰে। জম্মু-কাশ্মীৰত আঞ্চলিক বিমান সংযোগ সম্প্ৰসাৰণৰ বাবে উড়ান (ইউডিএএন) আঁচনিৰ অধীনত এই দুটা বিমানবন্দৰৰ উন্নয়নৰ পৰিকল্পনা কৰা হৈছে। বৰ্ধিত বিমানবন্দৰৰ সক্ষমতাই পৰ্যটন বৃদ্ধি কৰিব, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব, বিনিয়োগক উৎসাহিত কৰিব আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে শ্ৰীনগৰৰ ভূমিকা শক্তিশালী কৰিব বুলি আশা কৰা হৈছে।
সংযোগৰ পৰা অৰ্থনৈতিক সংহতিলৈ
মাল্টিমডেল লজিষ্টিক
২০২১ চনৰ অক্টোবৰ মাহত আৰম্ভ হোৱা পি এম গতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনিখনে ৰে’লপথ, পথ, বন্দৰ, অভ্যন্তৰীণ জলপথ, বিমানবন্দৰ আৰু লজিষ্টিক আন্তঃগাঁথনিক একক ভৌগোলিক তথ্য ব্যৱস্থা (জিআইএছ) ভিত্তিক সংহত পৰিকল্পনা মঞ্চত একত্ৰিত কৰিছিল। ইয়াত ৪৪টা কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল জড়িত হৈ আছে। এই কাঠামোৰ আধাৰত ২০২১ চনৰ ডিচেম্বৰ মাহত আৰম্ভ হোৱা গতি শক্তি মাল্টিমডেল কাৰ্গো টাৰ্মিনেল (জিচিটি) নীতিয়ে ব্যক্তিগত বিনিয়োগৰ জৰিয়তে আধুনিক ৰে’ল-সংযুক্ত মালবাহী টাৰ্মিনেলৰ বিকাশৰ বাবে উৎসাহিত কৰে।
আজিলৈকে দেশত ১৪২টা গতি শক্তি কাৰ্গো টাৰ্মিনেল কাৰ্যকৰী কৰা হৈছে। ২০২৪ চনত জম্মু-কাশ্মীৰৰ চাম্বাত এটা গতি শক্তি মাল্টিমডেল কাৰ্গো টাৰ্মিনেল আৰম্ভ হৈছিল আৰু এতিয়া ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে। ইয়াৰ উপৰি সমগ্ৰ দেশৰ আন ৩১০টা স্থানত জি.চি.টি. নিৰ্মাণৰ বাবে নীতিগত অনুমোদন প্ৰদান কৰা হৈছে। ইয়াৰে তিনিটা টাৰ্মিনেল জম্মু-কাশ্মীৰৰ কাথুৱা, অনন্তনাগ আৰু জম্মু জিলাত অনুমোদন দিয়া হৈছে।
জি.চি.টি. নীতিয়ে চিমেণ্ট, তীখা, শক্তি, খনন, কৃষি, লজিষ্টিক আৰু উৎপাদন আদি মূল খণ্ডসমূহক উপকৃত কৰিছে। ই ষ্ট’ৰেজ ৱেৰহাউচ, চাইলো, কল্ড ষ্ট’ৰেজ আৰু অন্যান্য মূল্য সংযোজিত লজিষ্টিক সুবিধাৰে সজ্জিত আধুনিক মাল্টিমডেল কাৰ্গো টাৰ্মিনেলৰ বিকাশক উৎসাহিত কৰিছে। ইয়াৰ ফলত স্থানীয় উদ্যোগ আৰু কৃষকৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি পাইছে, কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে আৰু আঞ্চলিক অৰ্থনৈতিক উন্নয়নৰ প্ৰসাৰ ঘটিছে।
প্ৰৱেশৰ পৰা সুযোগলৈ
এসময়ত ঋতুভিত্তিক বিচ্ছিন্নতাৰ বাবে পৰিচিত এই অঞ্চলটো এতিয়া ভাৰতৰ অৰ্থনৈতিক ভূগোলৰ এক অবিচ্ছেদ্য আৰু সুসংলগ্ন অংগ হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰে’ল, পথ আৰু বিমান সংযোগ প্ৰকল্পসমূহ এতিয়া বিচ্ছিন্ন পদক্ষেপ নহয়, ই এক সংহত নেটৱৰ্ক হিচাপে কাম কৰে। এই সমন্বিত উন্নয়নে স্থানীয় বাসিন্দা, কৃষক, ব্যৱসায়ী আৰু পৰ্যটন উদ্যোগৰ সৈতে জড়িতসকলৰ দৈনন্দিন জীৱনক ৰূপান্তৰিত কৰিছে। এই সম্প্ৰসাৰণে কৃষক আৰু স্থানীয় ব্যৱসায়ীসকলৰ অঞ্চলটোৰ বাহিৰৰ বজাৰত প্ৰৱেশ বৃদ্ধি কৰিছে। আপেল, শুকান ফল, পশমিনা চাদৰ, হস্তশিল্পকে ধৰি কাশ্মীৰৰ স্বকীয় সামগ্ৰীয়ে এতিয়া বৃহৎ বজাৰত প্ৰৱেশ কৰি অৰ্থনৈতিক বৈচিত্ৰ্যৰ প্ৰসাৰ ঘটাইছে। তদুপৰি উন্নত সংযোগে বিশেষকৈ সীমান্ত সুৰক্ষা, দুৰ্যোগ ব্যৱস্থাপনা আৰু সাহায্য অভিযানৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ কৌশলগত অৱস্থান শক্তিশালী কৰি তুলিছে।
তথ্যসূত্ৰসমূহ
Ministry of Railways
Ministry of Road Transport & Highways
Ministry of Civil Aviation
Ministry of Science and Technology
Ministry of Home Affairs
Cabinet Committee on Economic Affairs
Ministry of Personnel, Public Grievances & Pensions
Press Information Bureau (PIB)
Ministry of Information and Broadcasting
Click here to see pdf
****
PIB Research / KD/RR
(Explainer ID: 160493)
आगंतुक पटल : 10
Provide suggestions / comments