Infrastructure

ভাৰতৰ জলপথৰ নতুন দিগন্ত: সুৰক্ষা, প্ৰযুক্তি আৰু উন্নয়নৰ এক নতুন যাত্ৰা

Posted On: 16 OCT 2026 12:05PM

 

ভাৰতত জলপথেৰে যাতায়াত আৰু সামগ্ৰী পৰিবহণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে দেশখনে এক অধিক সুৰক্ষিত আৰু আধুনিক আভ্যন্তৰীণ জলপৰিবহণ ব্যৱস্থা গঢ়ি তুলিছে। জলপথসমূহৰ জৰীপ আৰু নৌ-যাতায়তৰ উপযোগী জলপথৰ নিয়মীয়া ৰক্ষণাবেক্ষণে নৌ-যাতায়াতৰ পথসমূহ সুৰক্ষিত আৰু ব্যৱহাৰোপযোগী কৰি ৰাখিছে। ইয়াৰ লগতে ব্ৰহ্মপুত্ৰ নদীত স্থাপন কৰা ভাৰতৰ প্ৰথমটো নদীকেন্দ্ৰিক লাইটহাউছে ২৪ ঘণ্টাই নৌ-যাতায়তৰ বাবে দূৰ-দূৰণিলৈ সংকেত আৰু দিক্‌নিৰ্দেশনা প্ৰদান কৰি আহিছে। ডিজিটেল মঞ্চসমূহৰ জৰিয়তে জলপথৰ পানীৰ গভীৰতা, যাত্ৰাপথ আৰু বতৰৰ অৱস্থাৰ বিষয়ে তাৎক্ষণিক তথ্য লাভ কৰিব পৰা হৈছে। এই সকলো পদক্ষেপৰ সমন্বিত প্ৰচেষ্টাই জলপথত নৌ-যাতায়তৰ সুৰক্ষা বৃদ্ধি কৰাৰ লগতে যাত্ৰা অধিক নিৰ্ভৰযোগ্য আৰু পূৰ্বানুমানযোগ্য কৰি তুলিছে। একে সময়তে, ভাৰতৰ জলপথসমূহৰ জৰিয়তে বৰ্ধিত পৰিমাণৰ সামগ্ৰী পৰিবহণৰ ক্ষেত্ৰতো এই ব্যৱস্থাসমূহে গুৰুত্বপূৰ্ণ সহায় আগবঢ়াইছে।

জলপথৰ সম্প্ৰসাৰণৰ জৰিয়তে নৌ-যাতায়ত ব্যৱস্থা অধিক শক্তিশালীকৰণ

ভাৰতৰ নদী আৰু জলপথসমূহে দেশৰ পৰিবহণ ব্যৱস্থাত ক্ৰমাৎ অধিক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। অৰ্থনৈতিক বিকাশৰ এক শক্তিশালী মাধ্যম হিচাপে জলপথসমূহক গঢ়ি তোলা হৈছে, কিয়নো ই সামগ্ৰী পৰিবহণৰ এক কম ব্যয়বহুল আৰু পৰিৱেশ অনুকূল ব্যৱস্থা প্ৰদান কৰে। জলপথেৰে এক টন সামগ্ৰী পৰিবহণৰ ব্যয় পথ পৰিবহণৰ তুলনাত প্ৰায় এক-তৃতীয়াংশ আৰু ৰে’ল পৰিবহণৰ তুলনাত প্ৰায় আধা। ইয়াৰ উপৰি, জলপথেৰে পৰিবহণ কৰিলে কাৰ্বন নিৰ্গমনৰ পৰিমাণো যথেষ্ট কম হয়। ইয়াৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ ওপৰত যান-বাহনৰ চাপ হ্ৰাস পায় আৰু সেইবোৰ যাত্ৰী তথা সময়-সংবেদনশীল সামগ্ৰী পৰিবহণৰ বাবে অধিক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব পৰা যায়।

দেশত জাহাজ চলাচল আৰু নৌ-যাতায়তৰ প্ৰসাৰৰ উদ্দেশ্যে মুঠ ১১১টা ৰাষ্ট্ৰীয় জলপথ ( National Waterways -NW) চমুকৈ এন.ডব্লিউ. চিনাক্ত কৰা হৈছে। এই জলপথসমূহৰ মুঠ দৈৰ্ঘ্য ২০,১৮৭ কিলোমিটাৰ, যিবোৰ ২৩খন ৰাজ্য আৰু ৪খন কেন্দ্ৰীয়শাসিত অঞ্চলত বিস্তৃত হৈ আছে। ইয়াৰে ৩২টা ৰাষ্ট্ৰীয় জলপথ বৰ্তমান কাৰ্যক্ষম হৈ আছে।

জলপথসমূহৰ ক্ৰমবৰ্ধমান অৰ্থনৈতিক গুৰুত্বৰ প্ৰতিফলন ইয়াৰ জৰিয়তে হোৱা সামগ্ৰী পৰিবহণৰ দ্ৰুত বৃদ্ধিত স্পষ্টভাৱে দেখা যায়। আভ্যন্তৰীণ জলপথেৰে সামগ্ৰী পৰিবহণৰ পৰিমাণ ২০১৪–১৫ বিত্তীয় বৰ্ষৰ ২৯ মিলিয়ন মেট্ৰিক টন (এম.এম.টি.)-ৰ পৰা বৃদ্ধি পাই ২০২৫–২৬ বিত্তীয় বৰ্ষত ২১৮ এম.এম.টি.ত উপনীত হৈছে। ইয়াৰ বাৰ্ষিক যৌগিক বৃদ্ধিৰ হাৰ (চি.এ.জি.আৰ.) হৈছে ২০.১৩ শতাংশ। এই বৃদ্ধিয়ে ‘মেৰিটাইম ইণ্ডিয়া ভিজন ২০৩০ (Maritime India Vision 2030)’ ৰ অধীনত নিৰ্ধাৰণ কৰা ২০০ এম.এম.টি.ৰ লক্ষ্যক ইতিমধ্যে অতিক্ৰম কৰিছে। সেয়েহে, ভাৰতৰ আভ্যন্তৰীণ জলপথসমূহ এতিয়া কেৱল সম্ভাৱনাৰ মাজতে সীমাবদ্ধ হৈ থকা নাই; বৰং ই বাস্তৱ অৰ্থনৈতিক সাফল্য আৰু দেশৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ এক গুৰুত্বপূৰ্ণ চালিকাশক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।

জলপথৰ সম্প্ৰসাৰণৰ ফলত নদীৰ অৱস্থা আৰু বিভিন্ন জলপথৰ নৌ-যাতায়াতৰ উপযোগিতা বুজি পোৱাৰ বাবে অধিক সুৰক্ষিত আৰু স্মাৰ্ট নৌ-যাতায়াত সহায়ক ব্যৱস্থা তথা আন্তঃগাঁথনিৰ ব্যৱস্থা কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। নদীৰ পৰিৱৰ্তিত অৱস্থাৰ মাজতো জাহাজসমূহৰ নৌ-যাতায়াত সুচল কৰি ৰখাৰ বাবে জলজৰীপ আৰু নৌ-পথৰ ৰক্ষণাবেক্ষণৰ কাম কৰা হৈছে। ডিজিটেল প্লেটফৰ্মসমূহে পানীৰ গভীৰতা, যাত্ৰাপথ, জাহাজৰ চলাচল আৰু বতৰৰ বিষয়ে তথ্য প্ৰদান কৰিছে। ভাৰতৰ প্ৰথমটো নদীভিত্তিক লাইটহাউছকে ধৰি নতুন নৌ-যাতায়াত আন্তঃগাঁথনিয়ে দিনে-নিশাই নৌ-যাতায়াতৰ বাবে অতিৰিক্ত সহায় আগবঢ়াইছে।

.

জলজৰীপ: নদীসমূহৰ বিষয়ে সঠিক জ্ঞান অৰ্জন

নদী এখনৰ উপৰিভাগৰ পৰা চালে ইয়াক অপৰিৱৰ্তিত যেন লাগিব পাৰে, কিন্তু নৌ-যাতায়তৰ উপযোগী নদীপথৰ গঠন বাহিৰৰ পৰা দৃশ্যমান নহয়। ঋতুভেদে আৰু নদীৰ বিভিন্ন অংশত পানীৰ স্তৰৰো পৰিৱৰ্তন ঘটে। এই পৰিৱৰ্তনসমূহে নৌ-যাতায়তৰ বাবে উপলব্ধ যাত্ৰাপথত প্ৰভাৱ পেলাব পাৰে। সেয়েহে, আভ্যন্তৰীণ জলপথৰ উন্নয়ন আৰু সুৰক্ষিত নৌ-যাতায়ত নিশ্চিত কৰিবলৈ নদীৰ অৱস্থা সম্পৰ্কে নিৰন্তৰ আৰু সঠিক তথ্য আহৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়।

জলজৰীপ

জলজৰীপ হৈছে জলভাগৰ জৰীপ আৰু ইয়াৰ ভৌতিক বৈশিষ্ট্যসমূহৰ বৰ্ণনা কৰাৰ এক বৈজ্ঞানিক প্ৰক্ৰিয়া। ইয়াৰ অন্তৰ্গত জলভাগৰ তলিভাগৰ গঠন, পানীৰ গভীৰতা, পানীৰ প্ৰবাহৰ দিশ আৰু সম্ভাৱ্য বিপদসমূহৰ বিষয়ে তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে নৌ-যাতায়তৰ সুবিধা প্ৰদান কৰাৰ লগতে সাগৰীয় কাৰ্যকলাপ, বৈজ্ঞানিক গৱেষণা, পৰিৱেশ সংৰক্ষণ আৰু পূৰ্বানুমানমূলক সেৱাসমূহৰ ক্ষেত্ৰতো সহায় আগবঢ়োৱা। জলজৰীপৰ এক গুৰুত্বপূৰ্ণ লক্ষ্য হৈছে জৰীপ কৰা অঞ্চলটোৰ স্পষ্ট, বিস্তৃত আৰু শেহতীয়া চিত্ৰ দাঙি ধৰা, নৌ-যাতায়তৰ চাৰ্ট আৰু মানচিত্ৰ প্ৰস্তুত কৰা।

ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (Inland Waterways Authority of India- IWAI)-এ ৰাষ্ট্ৰীয় জলপথসমূহত জলজৰীপৰ কাম সম্পন্ন কৰে। এই জৰীপসমূহৰ জৰিয়তে নদীৰ গভীৰতা, নদীৰ তলিভাগৰ গঠন, বালিচৰ, পানীৰ প্ৰবাহৰ বৈশিষ্ট্য আৰু নৌ-যাতায়তৰ উপযোগিতাত প্ৰভাৱ পেলোৱা নদীৰ আকৃতি-প্ৰকৃতিৰ পৰিৱৰ্তনসমূহ জোখ-মাখ কৰি বিশ্লেষণ কৰা হয়।

এই জৰীপৰ অন্তৰ্গত থালৱেগ জৰীপে নদীৰ কোনো নিৰ্দিষ্ট অংশৰ আটাইতকৈ গভীৰ আৰু নৌ-যাতায়তৰ উপযোগী জলপথটো চিনাক্ত আৰু নিৰীক্ষণ কৰাত সহায় কৰে। আনহাতে, টাৰ্মিনেল আৰু জেটি জৰীপৰ জৰিয়তে টাৰ্মিনেল আৰু জেটিৰ ওচৰৰ পানীৰ গভীৰতা তথা জাহাজৰ প্ৰৱেশপথৰ অৱস্থা নিৰূপণ কৰা হয়।

নিৰন্তৰ জলজৰীপ আৰু মূল্যায়নৰ ফলত নৌ-যাতায়তৰ উপযোগী জলপথ উন্নয়ন, নদীৰ তলিভাগৰ অতিৰিক্ত পলস আৰু বালি আঁতৰোৱাৰ পৰিকল্পনা  নৌ-যাতায়তৰ সুৰক্ষা নিশ্চিতকৰণ আৰু দেশজুৰি আভ্যন্তৰীণ জলপৰিবহণৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সঠিক আৰু তথ্যভিত্তিক সিদ্ধান্ত গ্ৰহণ কৰাত সহায়ক হয়।

নদী, হ্ৰদ বা অন্যান্য জলভাগৰ তলিভাগত জমা হোৱা পলস, বালি আৰু অন্যান্য গেদীয় পদাৰ্থ আঁতৰোৱাৰ প্ৰক্ৰিয়াক খনন কাৰ্য বুলি কোৱা হয়। ৰাষ্ট্ৰীয় জলপথসমূহৰ বিভিন্ন অংশত নৌ-যাতায়তৰ উপযোগিতা বৃদ্ধি কৰা আৰু জাহাজসমূহৰ সুৰক্ষিত চলাচল নিশ্চিত কৰাৰ উদ্দেশ্যে এই খনন কাৰ্য সম্পন্ন কৰা হয়।

.

কিছুমান নদীপথৰ অংশত নদীৰ অৱস্থাৰ দ্ৰুত পৰিৱৰ্তন ঘটিব পাৰে। সেয়েহে, প্ৰতিটো জলপথৰ নিজস্ব প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি জৰীপৰ সঘনতা নিৰ্ধাৰণ কৰা হয়।

২০২৬ চনৰ ছেপ্টেম্বৰলৈকে ২২টা ৰাষ্ট্ৰীয় জলপথত নিয়মীয়া থালৱেগ জৰীপ কৰা হৈছিল। সংশ্লিষ্ট জলপথৰ প্ৰয়োজনীয়তা অনুসৰি সাপ্তাহিক, পষেকীয়া অথবা মাহেকীয়া ভিত্তিত এই জৰীপসমূহ সম্পন্ন কৰা হয়।

এই নিৰীক্ষণ ব্যৱস্থাৰ অধীনত ভাৰত-বাংলাদেশ প্ৰট’কল পথৰ ভাৰতীয় অংশটোও সামৰি লোৱা হৈছিল। এইটো হৈছে আভ্যন্তৰীণ জলপথৰ এক পৰিবহণ নেটৱৰ্ক, যিয়ে নিৰ্ধাৰিত নদীপথসমূহৰ জৰিয়তে ভাৰত আৰু বাংলাদেশৰ মাজত সামগ্ৰী পৰিবহণৰ সুবিধা প্ৰদান কৰে।

ন্যূনতম উপলব্ধ জলগভীৰতা (এল.এ.ডি.): নৌ-যাতায়তৰ এক গুৰুত্বপূৰ্ণ মাপকাঠি

জলজৰীপৰ অন্যতম গুৰুত্বপূৰ্ণ ফলাফল হৈছে ন্যূনতম উপলব্ধ জলগভীৰতা (Least Available Depth) চমুকৈ এল.এ.ডি.  (LAD)। এল.এ.ডি. বুলিলে কোনো নৌ-যাতায়তৰ জলপথত উপলব্ধ পানীৰ সৰ্বনিম্ন গভীৰতাক বুজোৱা হয়। নিৰ্দিষ্ট জলপথৰ কোনো এটা অংশ আৰু নিৰ্দিষ্ট সময়ছোৱাৰ বাবে এই গভীৰতা নিৰ্ধাৰণ কৰা হয়।

এল.এ.ডি.-এ জাহাজৰ চলাচল আৰু নৌ-যাতায়তৰ পৰিকল্পনাত পোনপটীয়াকৈ প্ৰভাৱ পেলায়। ইয়াৰ ওপৰত ভিত্তি কৰি জাহাজৰ অনুমোদিত ড্ৰাফ্ট অৰ্থাৎ পানীৰ তলত নিমজ্জিত হৈ থকা জাহাজৰ অংশটোৰ গভীৰতা নিৰ্ধাৰণ কৰা হয়। ইয়াৰ ফলত জাহাজখনে কিমান পৰিমাণৰ সামগ্ৰী কঢ়িয়াব পাৰিব, সেয়াও প্ৰভাৱিত হয়।

ইয়াৰ উপৰি, এল.এ.ডি.-ৰ তথ্যই জাহাজৰ যাত্ৰাৰ সময়সূচী প্ৰস্তুত কৰা আৰু ঋতুভিত্তিক নৌ-যাতায়তৰ সিদ্ধান্ত গ্ৰহণ কৰাত সহায় কৰে। সেয়েহে, জলপথৰ সুৰক্ষা নিশ্চিত কৰা, জাহাজৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা আৰু সামগ্ৰী পৰিবহণৰ পৰিকল্পনা অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত ই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

নৌ-যাতায়তৰ সহায়ক ব্যৱস্থা: জাহাজসমূহক সুৰক্ষিতভাৱে পথ প্ৰদৰ্শন

জাহাজসমূহে যাতে সুৰক্ষিতভাৱে চলাচল কৰিব পাৰে, তাৰ বাবে নিৰ্ভৰযোগ্য ব্যৱস্থাৰ প্ৰয়োজন, যিয়ে জাহাজসমূহক যাত্ৰাপথ চিনাক্ত কৰা, বিপদজনক স্থানসমূহৰ বিষয়ে সতৰ্ক কৰা আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলাত সহায় কৰে। সামুদ্ৰিক নৌ-যাতায়ত সহায়ক ব্যৱস্থা আইন, ২০২১ ৰ অধীনত এই ব্যৱস্থাসমূহক আনুষ্ঠানিকভাৱে নৌ-যাতায়তৰ সহায়ক ব্যৱস্থা (এ.টি.অ.এন.) হিচাপে স্বীকৃতি দিয়া হৈছে।

নৌ-যাতায়তৰ সহায়ক ব্যৱস্থা বুলিলে জাহাজৰ বাহিৰত অৱস্থিত এনে কোনো যন্ত্ৰ, ব্যৱস্থা বা সেৱাক বুজোৱা হয়, যিবোৰ ব্যক্তিগত জাহাজ আৰু জাহাজৰ যাতায়াতৰ সুৰক্ষা তথা কাৰ্যদক্ষতা বৃদ্ধি কৰাৰ উদ্দেশ্যে স্থাপন আৰু পৰিচালনা কৰা হয়।

এই ব্যৱস্থাসমূহৰ ভিতৰত আলোকযুক্ত বয়য , ৰাডাৰ সংকেত প্ৰেৰণকাৰী যন্ত্ৰ, লেম্প পোষ্ট, জলপথৰ সীমা আৰু দিশ নিৰ্দেশক চিহ্ন, লাইটহাউছ, আলোকবাহী জাহাজ আদি অন্তৰ্ভুক্ত। এই সকলোবোৰে জাহাজসমূহক সঠিক দিশ নিৰ্ণয় কৰাত, বিপদৰ পৰা আঁতৰি থাকিবলৈ আৰু সুৰক্ষিতভাৱে গন্তব্যস্থানত উপনীত হোৱাত সহায় কৰে।

বয়য: বয়য হৈছে পানীত ওপঙি থকা এনে এক বিশেষ চিহ্ন বা বস্তু, যাক নিৰ্দিষ্ট স্থানত লংগৰ বা আন ব্যৱস্থাৰ সহায়ত স্থিৰ কৰি ৰখা হয়। ইয়াৰ জৰিয়তে নাৱিকসকলক পথৰ দিশ নিৰ্দেশনা দিয়া, সম্ভাৱ্য বিপদৰ বিষয়ে সতৰ্ক কৰা, পানীৰ তলত থকা বস্তুৰ অৱস্থান চিহ্নিত কৰা অথবা লংগৰ পেলোৱাৰ পৰিৱৰ্তে জাহাজ বান্ধি ৰখাৰ সুবিধা প্ৰদান কৰা হয়।

বয়যৰ প্ৰধান প্ৰকাৰসমূহ হ’ল—

পাৰ্শ্বীয় চিহ্ন নৌ-যাতায়তৰ নিৰ্ধাৰিত পথৰ দুয়োকাষৰ সীমা চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

দিশসূচক চিহ্নই কোনো বিপদজনক স্থানৰ কোন দিশেৰে সুৰক্ষিতভাৱে পাৰ হ’ব পাৰি, সেই বিষয়ে নিৰ্দেশনা দিয়ে।

বিচ্ছিন্ন বিপদসূচক চিহ্নই পানীৰ তলত থকা শিল বা অন্যান্য নিৰ্দিষ্ট বিপদজনক বস্তুৰ অৱস্থান চিহ্নিত কৰে।

সুৰক্ষিত জলাঞ্চলৰ চিহ্নই নৌ-যাতায়তৰ বাবে সুৰক্ষিত পানী থকা অঞ্চল বা জলপথৰ অৱস্থান সূচিত কৰে।

বিশেষ চিহ্নই নিৰ্দিষ্ট বিশেষ অঞ্চল, জলপথৰ বৈশিষ্ট্য বা নৌ-যাতায়তৰ সৈতে জড়িত বিশেষ তথ্য চিহ্নিত কৰে।

জৰুৰীকালীন জাহাজৰ ধ্বংসাৱশেষ চিহ্নিতকৰণ বয়যে জাহাজৰ ধ্বংসাৱশেষ থকা বিপদজনক স্থানসমূহ তাৎক্ষণিকভাৱে চিহ্নিত কৰি জাহাজসমূহক সতৰ্ক কৰে।

.

 

ৰাডাৰ বীকন: ৰাডাৰ বীকন হৈছে এক উচ্চ কাৰ্যক্ষমতাসম্পন্ন, একক যন্ত্ৰ, যাক বন্দৰ আৰু পোতাশ্ৰয় কৰ্তৃপক্ষই নাৱিকসকলক স্থিৰ বা ওপঙি থকা নৌ-যাতায়তৰ সহায়ক ব্যৱস্থাসমূহৰ অৱস্থান সহজে চিনাক্ত কৰাত সহায় কৰিবলৈ ব্যৱহাৰ কৰে।

এই যন্ত্ৰটোৱে ৰাডাৰ সংকেতৰ জৰিয়তে সঁহাৰি প্ৰদান কৰে আৰু প্ৰায় সকলো ধৰণৰ বতৰত কাৰ্যক্ষম হৈ থাকে। কুঁৱলী, প্ৰতিকূল বতৰ বা সাগৰৰ উত্তাল অৱস্থাই ইয়াৰ কাৰ্যক্ষমতাত বিশেষ প্ৰভাৱ পেলাব নোৱাৰে। ফলস্বৰূপে, ই নাৱিকসকলক নৌ-যাতায়তৰ সহায়ক ব্যৱস্থাসমূহৰ অৱস্থান নিৰ্ভৰযোগ্যভাৱে চিনাক্ত কৰাত আৰু সুৰক্ষিতভাৱে যাত্ৰা কৰাত সহায় কৰে।

.

লাইটহাউছ আৰু লাইটশ্বিপৰ সঞ্চালকালয় (ডি.জি.এল.এল.) ভাৰতৰ উপকূলীয় অঞ্চলসমূহত সাধাৰণ নৌ-যাতায়তৰ সহায়ক ব্যৱস্থাৰ উন্নয়ন, ৰক্ষণাবেক্ষণ আৰু পৰিচালনাৰ দায়িত্বত আছে। ইয়াৰ উপৰি, এই সঞ্চালকালয়ে নৌ-যাতায়তৰ সহায়ক ব্যৱস্থা আৰু জাহাজ যাতায়াত সেৱাৰ প্ৰশিক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় কৰ্তৃপক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে।

ভাৰত হৈছে সাগৰত জীৱনৰ সুৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় চুক্তি (এছ.এ.এল.এছ.)-ৰ স্বাক্ষৰকাৰী দেশ। এই চুক্তি অনুসৰি, ইয়াৰ চুক্তিবদ্ধ চৰকাৰসমূহে উপযুক্ত নৌ-যাতায়তৰ সহায়ক ব্যৱস্থাৰ বিকাশ আৰু পৰিচালনা নিশ্চিত কৰিব লাগে। ভাৰতে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক নৌ-যাতায়ত সহায়ক সংস্থা (আই.এ.এল.এ.)-ই জাৰি কৰা নৌ-যাতায়তৰ সহায়ক ব্যৱস্থা সম্পৰ্কীয় পৰামৰ্শ আৰু নিৰ্দেশনাসমূহো অনুসৰণ কৰে।

ৰাষ্ট্ৰীয় জলপথসমূহত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে এক সুসংগঠিত আৰু শক্তিশালী নৌ-যাতায়তৰ সহায়ক ব্যৱস্থা ৰক্ষণাবেক্ষণ কৰে। নৌ-যাতায়তৰ প্ৰয়োজনীয়তা অনুসৰি বিভিন্ন জলপথত এই সহায়ক ব্যৱস্থাসমূহৰ ভিন্ন ভিন্ন সংমিশ্ৰণ ব্যৱহাৰ কৰা হয়।

এই আন্তঃগাঁথনিৰ এক উল্লেখযোগ্য উদাহৰণ হৈছে ৰাষ্ট্ৰীয় জলপথ-৩ । কেৰালা ৰাজ্যত অৱস্থিত এই জলপথটো দেশৰ আভ্যন্তৰীণ জলপৰিবহণ নেটৱৰ্কৰ এক গুৰুত্বপূৰ্ণ অংশ। পশ্চিম উপকূলীয় খাল ব্যৱস্থাই কোট্টাপুৰামৰ পৰা কোল্লামলৈ সংযোগ স্থাপন কৰিছে আৰু ইয়াৰ সৈতে চাম্পাক্কাৰা আৰু উদ্যোগমণ্ডল খালসমূহো সংযুক্ত হৈ আছে।

এই জলপথৰ সমগ্ৰ নৌ-যাতায়তযোগ্য অংশত ২৪ ঘণ্টাই জাহাজৰ সুৰক্ষিত চলাচলৰ সুবিধাৰ্থে নৌ-যাতায়তৰ সহায়ক ব্যৱস্থা স্থাপন কৰা হৈছে। এই জলপথত মুঠ ৩১২টা সৌৰশক্তিচালিত আলোকযুক্ত ফাইবাৰগ্লাছ ৰিইনফৰ্চড প্লাষ্টিক বয়য আৰু ১৭টা বীকন লেম্প পোষ্ট স্থাপন কৰা হৈছে। এই ব্যৱস্থাসমূহে দিন-ৰাতি নিৰ্বিশেষে জাহাজসমূহক পথ নিৰ্দেশনা প্ৰদান কৰি সুৰক্ষিত আৰু সুচল নৌ-যাতায়তত সহায় কৰে।

নদীকেন্দ্ৰিক লাইটহাউছ: ২৪ ঘণ্টাই নৌ-যাতায়তৰ সহায় আৰু দিক্‌নিৰ্দেশনা

২০২৬ চনৰ মাৰ্চত ভাৰতৰ আভ্যন্তৰীণ নৌ-যাতায়ত ব্যৱস্থাই এক নতুন দিগন্তত প্ৰৱেশ কৰে। দেশখনে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত প্ৰথমবাৰৰ বাবে চাৰিটা নদীকেন্দ্ৰিক লাইটহাউছ স্থাপনৰ কথা ঘোষণা কৰে। ব্ৰহ্মপুত্ৰ নদীক ৰাষ্ট্ৰীয় জলপথ-২ হিচাপে নিৰ্ধাৰণ কৰা হৈছে।

এই পদক্ষেপে আভ্যন্তৰীণ জলপথসমূহত নৌ-যাতায়তৰ সহায়ক ব্যৱস্থা  অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য অগ্ৰগতি সূচাইছে। এই চাৰিটা লাইটহাউছ পাণ্ডু, বগীবিল, শিলঘাট আৰু বিশ্বনাথ ঘাটত স্থাপন কৰা হৈছে।

৭৪ কোটি টকা ব্যয়সাপেক্ষ এই প্ৰকল্পটোত নৌ-যাতায়তৰ বাবে দিক্‌নিৰ্দেশনা প্ৰদানৰ লগতে আধুনিক নিৰীক্ষণ ব্যৱস্থাও সংযোজন কৰা হ’ব। ইয়াৰ ফলত জলপথেৰে নৌ-যাতায়ত অধিক সুৰক্ষিত আৰু সুচল কৰাৰ লগতে নদীপথৰ পৰিস্থিতি নিৰীক্ষণ আৰু নৌ-যাতায়ত ব্যৱস্থাপনাৰ ক্ষেত্ৰতো উন্নত সুবিধা লাভ কৰা যাব।

  • লাইটহাউছৰ উচ্চতা: লাইটহাউছসমূহ ভূমিৰ পৰা ২০ মিটাৰ উচ্চতালৈ নিৰ্মাণ কৰা হ’ব, যিয়ে নৌ-যাতায়তৰ বাবে সহজে চিনাক্ত কৰিব পৰা গুৰুত্বপূৰ্ণ দিক্‌নিৰ্দেশক চিহ্ন হিচাপে কাম কৰিব।
  • ভৌগোলিক পৰিসৰ: এই লাইটহাউছসমূহৰ ভৌগোলিক পৰিসৰ ১৪ নটিকেল মাইললৈ বিস্তৃত হ’ব, যাৰ ফলত দূৰ-দূৰণিলৈ নৌ-যাতায়তৰ দিক্‌নিৰ্দেশনা লাভ কৰাত সুবিধা হ’ব।
  • পোহৰৰ পৰিসৰ: লাইটহাউছসমূহৰ পোহৰৰ পৰিসৰ ৮ৰ পৰা ১০ নটিকেল মাইলৰ ভিতৰত হ’ব, যিয়ে বিশেষকৈ নিশাৰ সময়ত জাহাজসমূহৰ চলাচলত সহায় কৰিব।
  • সৌৰশক্তিচালিত ব্যৱস্থা: লাইটহাউছসমূহ সম্পূৰ্ণৰূপে সৌৰশক্তিৰে পৰিচালিত হ’ব। ইয়াৰ ফলত পৰিৱেশ অনুকূল আৰু নিৰ্ভৰযোগ্য শক্তিৰ উৎস নিশ্চিত হ’ব।
  • বতৰ নিৰীক্ষণৰ ব্যৱস্থা: বতৰ পৰ্যবেক্ষণৰ বাবে সংবেদক স্থাপন কৰা হ’ব, যাৰ জৰিয়তে নৌ-যাতায়ত আৰু সুৰক্ষাৰ সৈতে জড়িত অতিৰিক্ত তথ্য লাভ কৰিব পৰা যাব।
  • পৰ্যটন আৰু জনসাধাৰণৰ সুবিধা: লাইটহাউছ চৌহদত সংগ্ৰহালয়, মুকলি মঞ্চ কেফেটেৰিয়া আৰু সুন্দৰকৈ সজোৱা ৰাজহুৱা স্থানৰ ব্যৱস্থা থাকিব।
  • অতিৰিক্ত আকৰ্ষণ: শিশুৰ খেলপথাৰ আৰু স্মৃতিচিহ্ন বিক্ৰীৰ দোকান স্থাপন কৰা হ’ব, যিয়ে জনসাধাৰণৰ ব্যৱহাৰ আৰু পৰ্যটনমূলক কাৰ্যকলাপক উৎসাহিত কৰিব।

ব্ৰহ্মপুত্ৰৰ বাবে ইয়াৰ গুৰুত্ব কি?

ভাৰতৰ আভ্যন্তৰীণ জলপথত প্ৰথমবাৰৰ বাবে লাইটহাউছ আন্তঃগাঁথনি স্থাপনৰ এই পদক্ষেপে এক নতুন অধ্যায়ৰ সূচনা কৰিছে। বৰ্ধিত পৰিবহণ কাৰ্যকলাপৰ সৈতে জড়িত ব্ৰহ্মপুত্ৰ নদীপথত ই নৌ-যাতায়তৰ সুৰক্ষা নিশ্চিত কৰাৰ এক নতুন ব্যৱস্থা সংযোজন কৰিছে। ৰাষ্ট্ৰীয় জলপথ-২-এ অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈ ৮৯১ কিলোমিটাৰ দৈৰ্ঘ্যৰ নৌ-যাতায়তযোগ্য জলপথেৰে সংযোগ স্থাপন কৰিছে। এইটো ভাৰতৰ সকলো জলপথৰ ভিতৰত আটাইতকৈ দীঘল নৌ-যাতায়তযোগ্য অংশ।

এই জলপথে অঞ্চলটোৰ মাজেৰে সামগ্ৰী, যাত্ৰী আৰু পৰ্যটকৰ যাতায়াতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰি, ই চাহ, কয়লা আৰু সাৰৰ সৈতে জড়িত যোগান শৃংখলসমূহৰ বাবেও এক গুৰুত্বপূৰ্ণ পৰিবহণ মাধ্যম হিচাপে কাম কৰে।

২০২৪–২৫ বিত্তীয় বৰ্ষত ৰাষ্ট্ৰীয় জলপথ-২ৰ জৰিয়তে সামগ্ৰী পৰিবহণৰ পৰিমাণ ০.৯০ নিযুত মেট্ৰিক টনৰ পৰা বৃদ্ধি পাই ২০২৫–২৬ বিত্তীয় বৰ্ষত ১.২৯ নিযুত মেট্ৰিক টনত উপনীত হয়। এই বৃদ্ধিয়ে জলপথটোৰ কাষে কাষে অধিক শক্তিশালী নৌ-যাতায়ত আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাক অধিক স্পষ্ট কৰি তুলিছে।

নতুনকৈ স্থাপন কৰা লাইটহাউছসমূহে ২৪ ঘণ্টাই নৌ-যাতায়তৰ বাবে দিক্‌নিৰ্দেশনা আৰু সহায় আগবঢ়াব। সেয়েহে, এই প্ৰকল্পটোৱে ব্ৰহ্মপুত্ৰ নদীৰ কাষে কাষে নৌ-যাতায়তৰ সুৰক্ষা, প্ৰযুক্তিগত সহায় আৰু পৰ্যটনৰ বিকাশ—এই তিনিওটা দিশক একত্ৰিত কৰিছে।

ডিজিটেল নৌ-যাতায়ত আৰু তাৎক্ষণিক তথ্য ব্যৱস্থা

প্ৰযুক্তিয়ে ভাৰতৰ আভ্যন্তৰীণ জলপথসমূহত নৌ-যাতায়তৰ পদ্ধতিত ব্যাপক পৰিৱৰ্তন আনিছে। ডিজিটেল মঞ্চসমূহৰ জৰিয়তে জলপথৰ অৱস্থা, জাহাজৰ চলাচল, পানীৰ গভীৰতা, বতৰ আৰু জলপথৰ যান-চলাচল সম্পৰ্কীয় তথ্যসমূহ একত্ৰিতভাৱে উপলব্ধ কৰা হৈছে।

ইয়াৰ ফলত নাৱিক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰয়োজন অনুসৰি, সঠিক সময়ত আৰু উপযুক্ত স্থানত নৌ-যাতায়তৰ বাবে অত্যাৱশ্যকীয় তথ্য লাভ কৰিব পাৰে। এই ব্যৱস্থাই নৌ-যাতায়তৰ পৰিকল্পনা উন্নত কৰা, সম্ভাৱ্য বিপদৰ বিষয়ে আগতীয়াকৈ সতৰ্ক হোৱা আৰু জলপথেৰে যাতায়াত অধিক সুৰক্ষিত তথা দক্ষ কৰি তোলাত সহায় কৰে।

ডিজিটেল জলজৰীপ চাৰ্ট: নদীৰ তথ্য এতিয়া ডিজিটেল পৰ্দাত

আধুনিক জলজৰীপ চাৰ্টৰ জৰিয়তে অধিক সুৰক্ষিত নৌ-যাতায়ত নিশ্চিত কৰাৰ উদ্দেশ্যে নাৱিকসকলক ডিজিটেল মাধ্যমত নৌ-যাতায়ত সম্পৰ্কীয় তথ্য প্ৰদান কৰা হয়। ২০২৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে ১৮টা কাৰ্যক্ষম আৰু জোৱাৰ-ভাটাৰ প্ৰভাৱ থকা জলপথৰ বাবে ইলেক্ট্ৰনিক নেভিগেচনেল চাৰ্ট প্ৰস্তুত কৰা হৈছে। এই চাৰ্টসমূহ পি.এ.এন.আই. (PANI) আৰু আই.ডব্লিউ.এ.আই. ভেছেল ট্ৰেকাৰ (IWAI Vessel Tracker)-ৰ দৰে ডিজিটেল পৰ্টেলত আপলোড কৰা হৈছে।

২০১৪ চনৰ পূৰ্বে এই সুবিধা কেৱল ৰাষ্ট্ৰীয় জলপথ-১ ত উপলব্ধ আছিল। এই জলপথটোৱে হালদিয়াৰ পৰা প্ৰয়াগৰাজলৈ গংগা–ভাগীৰথী–হুগলী নদী ব্যৱস্থাক সামৰি লৈছে। পৰৱৰ্তী সময়ত এই সুবিধাৰ সম্প্ৰসাৰণে ডিজিটেল মাধ্যমত উপলব্ধ নৌ-যাতায়তৰ তথ্যৰ পৰিসৰ যথেষ্ট বৃদ্ধি কৰিছে।

এই ডিজিটেল চাৰ্টসমূহে ভৌতিক জলজৰীপৰ পৰিপূৰক হিচাপে কাম কৰে। নদীৰ গভীৰতা, জলপথৰ গঠন আৰু অন্যান্য জৰীপ-সম্পৰ্কীয় তথ্যসমূহক নৌ-যাতায়তৰ বাবে উপযোগী ডিজিটেল ৰূপত উপস্থাপন কৰাৰ ফলত নাৱিকসকলে যাত্ৰাপথৰ বিষয়ে অধিক স্পষ্ট আৰু শেহতীয়া তথ্য লাভ কৰিব পাৰে। ইয়াৰ ফলত জলপথৰ পৰিকল্পনা উন্নত কৰা আৰু নৌ-যাতায়ত অধিক সুৰক্ষিত তথা দক্ষ কৰি তোলাত সহায় হয়।

.

পি.এ.এন.আই. (PANI) আৰু আই.ডব্লিউ.এ.আই. ভেছেল ট্ৰেকাৰ (IWAI Vessel Tracker): নৌ-যাতায়তক তাৎক্ষণিক তথ্যৰ সৈতে সংযুক্তকৰণ

নৌ-যাতায়তৰ বাবে কেৱল জলপথৰ গভীৰতা জনাটোৱেই যথেষ্ট নহয়। ইয়াৰ বাবে জলপথৰ আন্তঃগাঁথনি, যাতায়াতৰ সুবিধা আৰু জৰুৰীকালীন সেৱাসমূহৰ বিষয়েও সঠিক তথ্যৰ প্ৰয়োজন হয়। পি.এ.এন.আই. (PANI) পৰ্টেল অৰ্থাৎ পৰ্টেল ফ’ৰ এছেট এণ্ড নেভিগেচন ইনফ’ৰমেচন (Portal for Asset and Navigation Information)-এ নদীপথেৰে নৌ-যাতায়ত আৰু আন্তঃগাঁথনি সম্পৰ্কীয় তথ্যসমূহ এটা একক ডিজিটেল মঞ্চত উপলব্ধ কৰায়।

পি.এ.এন.আই. (PANI) পৰ্টেলত ৰাষ্ট্ৰীয় জলপথসমূহ আৰু সেইবোৰৰ সৈতে জড়িত বিভিন্ন সম্পদৰ বিষয়ে তথ্য প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত নৌ-যাতায়তৰ উপযোগী জলপথ ,আন্তঃগাঁথনিগত সুবিধা আৰু নদীৰ ইপাৰৰ পৰা সিপাৰলৈ সংযোগ স্থাপন কৰা বিভিন্ন নিৰ্মাণ অন্তৰ্ভুক্ত। সামগ্ৰী পৰিবহণৰ সুবিধাৰ্থে এই পৰ্টেলত জেটিৰ সৈতে সংযোগ আৰু জৰুৰীকালীন সেৱা সম্পৰ্কীয় তথ্যও উপলব্ধ কৰা হয়।

আই.ডব্লিউ.এ.আই. ভেছেল ট্ৰেকাৰ আৰু পি.এ.এন.আই. (PANI) পৰ্টেলে একেলগে ৱেব আৰু মোবাইলভিত্তিক ই-নেভিগেচন ব্যৱস্থা গঠন কৰিছে। এই ব্যৱস্থাৰ জৰিয়তে জাহাজৰ তাৎক্ষণিক অৱস্থান নিৰীক্ষণ, শেহতীয়া নৌ-যাতায়তৰ যাত্ৰাপথ আৰু জলপথৰ গভীৰতা সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰি।

এই সুবিধাসমূহে নাৱিক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক উন্নত পৰিকল্পনা কৰাত সহায় কৰাৰ লগতে আভ্যন্তৰীণ জলপথসমূহত জাহাজৰ চলাচল অধিক সুৰক্ষিত, সুচল আৰু কাৰ্যক্ষম কৰি তোলে।

নৌদৰ্শিকা: নদী যান-চলাচলৰ সমন্বিত ব্যৱস্থাপনাৰ দিশে

নৌদৰ্শিকা,ৰাষ্ট্ৰীয় নদী যান-চলাচল আৰু নৌ-যাতায়ত ব্যৱস্থা ২০২৫ চনত সুৰক্ষিত, দক্ষ আৰু বহনক্ষমভাৱে নৌ-যাতায়ত নিশ্চিত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছিল। এই ব্যৱস্থাত নৌ-যাতায়তৰ সহায়ৰ বাবে ন্যূনতম উপলব্ধ জলগভীৰতা  সম্পৰ্কীয় তাৎক্ষণিক তথ্য অন্তৰ্ভুক্ত কৰা হৈছে।

পি.এ.এন.আই. (PANI) আৰু এল.এ.ডি.আই.এছ. (LADIS)-ৰ দৰে পূৰ্বৰে পৰা থকা ডিজিটেল মঞ্চসমূহৰ লগতে নৌদৰ্শিকাই নদীপথৰ যান-চলাচল আৰু নৌ-যাতায়ত ব্যৱস্থাপনাৰ বাবে এক বিশেষ ডিজিটেল ব্যৱস্থা সংযোজন কৰিছে। ইয়াৰ জৰিয়তে নদীপথত জাহাজৰ চলাচল অধিক সুৰক্ষিত আৰু সুচাৰুৰূপে পৰিচালনা কৰা, লগতে উপলব্ধ জলগভীৰতাৰ তথ্যৰ ভিত্তিত নৌ-যাতায়তৰ পৰিকল্পনা উন্নত কৰাত সহায়ক হ’ব।

নদী তথ্য সেৱা (আৰ.আই.এছ.): নদীপথৰ যান-চলাচলৰ তথ্য নেটৱৰ্ক

নদী তথ্য সেৱা (আৰ.আই.এছ.)-এ ডিজিটেল নৌ-যাতায়ত ব্যৱস্থাক আৰু এখোজ আগুৱাই লৈ যায়। এই ব্যৱস্থাত জাহাজৰ অৱস্থান নিৰীক্ষণৰ প্ৰযুক্তি, বতৰ আৰু পানীৰ অৱস্থা নিৰ্ণয় কৰা সংবেদক তথা তথ্য-প্ৰযুক্তিভিত্তিক ব্যৱস্থাসমূহক একত্ৰিত কৰা হয়।

ইয়াৰ জৰিয়তে জাহাজ পৰিচালক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই তাৎক্ষণিক তথ্য লাভ কৰিব পাৰে। লগতে, জাহাজসমূহ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰসমূহৰ মাজত যোগাযোগ স্থাপনতো এই ব্যৱস্থাই সহায় কৰে।

এই তথ্যৰ আদান-প্ৰদানে জলপথৰ যান-চলাচল অধিক দক্ষতাৰে পৰিচালনা কৰা, পৰিস্থিতিৰ সৈতে সংগতি ৰাখি দ্ৰুত সিদ্ধান্ত গ্ৰহণ কৰা আৰু আভ্যন্তৰীণ জলপথত নৌ-যাতায়ত অধিক সুৰক্ষিত তথা সুচল কৰি তোলাত সহায় কৰে।

গংগা নদীত নদী তথ্য সেৱা

ৰাষ্ট্ৰীয় জলপথ-১ অৰ্থাৎ গংগা নদীৰ তিনিটা অংশত নদী তথ্য সেৱা (আৰ.আই.এছ.) কাৰ্যকৰী কৰা হৈছে। এই অংশকেইটা হৈছে—হালদিয়া–ফাৰাক্কা, ফাৰাক্কা–পাটনা আৰু পাটনা–বাৰাণসী।

এই ব্যৱস্থাত ৪টা নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু ১৩টা বেছ ষ্টেচন অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগতে স্বয়ংক্ৰিয় চিনাক্তকৰণ ব্যৱস্থাৰ সঁজুলি আৰু অতি উচ্চ কম্পনাংকভিত্তিক যোগাযোগ ব্যৱস্থা সংযোজন কৰা হৈছে। এই নেটৱৰ্কত বতৰ সম্পৰ্কীয় তথ্য সংগ্ৰহৰ বাবে বতৰ নিৰীক্ষণকাৰী সংবেদকো স্থাপন কৰা হৈছে।

ইয়াৰ উপৰি, বিভাগীয় ৩০খন জাহাজত আৰ.আই.এছ. কনছ’ল স্থাপন কৰা হৈছে। এই সকলো উপাদানৰ সমন্বয়ে ৰাষ্ট্ৰীয় জলপথ-১-ত জাহাজৰ চলাচল নিৰীক্ষণৰ বাবে এক তাৎক্ষণিক তথ্যভিত্তিক ব্যৱস্থা গঢ়ি তুলিছে। ইয়াৰ জৰিয়তে জাহাজৰ অৱস্থান আৰু চলাচলৰ বিষয়ে তথ্য লাভ কৰাৰ লগতে জলপথৰ যান-চলাচল অধিক সুৰক্ষিত আৰু দক্ষতাৰে পৰিচালনা কৰাত সহায় হয়।

সুৰক্ষিত নৌ-যাতায়তৰ বাবে এক সমন্বিত দৃষ্টিভংগী

ভাৰতৰ জলপথসমূহত সুৰক্ষিত নৌ-যাতায়ত নিশ্চিত কৰাৰ বাবে নদীৰ অৱস্থাৰ বিষয়ে নিৰন্তৰ জ্ঞান, নিৰ্ভৰযোগ্য আন্তঃগাঁথনি আৰু সময়োপযোগী তথ্যৰ প্ৰয়োজন। জলজৰীপৰ জৰিয়তে নদীৰ পৰিৱৰ্তিত অৱস্থা বুজিবলৈ সহায় হয়, আনহাতে নৌ-যাতায়তৰ সহায়ক ব্যৱস্থাসমূহে জলপথত দৃশ্যমান দিক্‌নিৰ্দেশনা প্ৰদান কৰে।

ডিজিটেল মঞ্চসমূহে পানীৰ গভীৰতা, যাত্ৰাপথ, বতৰ আৰু যান-চলাচল সম্পৰ্কীয় তাৎক্ষণিক তথ্যৰ জৰিয়তে নৌ-যাতায়ত ব্যৱস্থাত অধিক সূক্ষ্মতা আৰু নিৰ্ভুলতা সংযোজন কৰিছে। এই সকলো ব্যৱস্থাৰ সমন্বয়ে আভ্যন্তৰীণ জলপথত নৌ-যাতায়ত অধিক পূৰ্বানুমানযোগ্য আৰু পৰিস্থিতিৰ সৈতে খাপ খুৱাব পৰা কৰি তুলিছে।

জলপথেৰে জাহাজৰ চলাচল বৃদ্ধি পোৱাৰ লগে লগে এই সমন্বিত দৃষ্টিভংগীয়ে সুৰক্ষিত, দক্ষ আৰু দিনে-নিশাই অবিৰত নৌ-যাতায়ত নিশ্চিত কৰাৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তোলাত সহায় কৰিছে।

তথ্যসূত্ৰসমূহ

বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়

https://shipmin.gov.in/en/division/iwt-1

https://shipmin.gov.in/en/content/dgll

https://shipmin.gov.in/sites/default/files/Marine%20Aids%20to%20Navigation%20Act%202021as%20Notified.pdf

https://iwai.gov.in/hydrography-0

https://dgll.nic.in/about-DGLL/Service-reminder/Buoys-page

https://www.dgll.nic.in/About-DGLL/Service-reminder/Racon

https://iwai.gov.in/offerings/national-waterway/national-waterways1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2289149&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2275554&reg=3&lang=1

https://iwai.gov.in/least-available-depth-lad

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2289149&reg=48&lang=2

https://iwai.gov.in/digital-platform

https://iwai.gov.in/offerings/national-waterway/national-waterways3?page=1

https://www.facebook.com/IWAI.MoPSW/videos/indias-waterways-are-entering-a-smarter-safer-and-more-connected-future-with-nau/1350068953607450/

https://www.facebook.com/IWAI.MoPSW/videos/dredging-is-the-process-of-removing-sediments-from-the-bottom-of-waterbodies-dre/1170286874124187/

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2290484&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2235574&reg=3&lang=1

https://www.pib.gov.in/newsite/PrintRelease.aspx?lang=2&reg=48&relid=188636

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2003047&lang=2

https://www.facebook.com/IWAI.MoPSW/videos/indias-waterways-are-entering-a-smarter-safer-and-more-connected-future-with-nau/1350068953607450/

পিআইবি বেকগ্ৰাউণ্ডাৰ

https://www.pib.gov.in/প্ৰেছবিবৃতি পৃষ্ঠা.aspx?PRID=2255798&lang=2

 

pdf চাবলৈ ক্লিক কৰক

***

পিআইবি গৱেষণা/SS/RR

(Explainer ID: 160486) आगंतुक पटल : 15
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी