Infrastructure
ভাৰত ঔদ্যোগিক বিকাশ যোজনা (ভব্য): বিনিয়োগৰ বাবে সাজু উৎপাদন পৰিৱেশতন্ত্ৰ গঢ়ি তোলা
Posted On:
14 OCT 2026 12:33PM
ভাৰত ঔদ্যোগিক বিকাশ যোজনা (Bharat Audyogik Vikas Yojna) চমুকৈ ভব্য (BHAVYA) হৈছে ৩৩,৬৬০ কোটি টকাৰ এক আঁচনি যাৰ জৰিয়তে ভাৰতত ১০০ খন প্লাগ-এণ্ড-প্লে (plug-and-play) ঔদ্যোগিক পাৰ্ক গঢ়ি তোলা হ'ব। এই পাৰ্কবোৰে আধুনিক ঔদ্যোগিক আন্তঃগাঁথনি, নিৰ্ভৰযোগ্য সেৱা আৰু দ্ৰুত অনুমোদন প্ৰদান কৰিব, যাতে নতুন উদ্যোগ স্থাপনৰ কাম কম সময়ৰ ভিতৰতে সম্ভৱ হয়। এই আঁচনিৰ লক্ষ্য হৈছে বিনিয়োগ আকৰ্ষণ কৰা, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (এম.এছ.এম.ই.)-ক সহায় কৰা, যোগান শৃংখল শক্তিশালী কৰা, চাকৰি সৃষ্টি কৰা আৰু অঞ্চলজুৰি ঔদ্যোগিক বৃদ্ধিক ত্বৰান্বিত কৰা।
উৎপাদন নীতিত নতুন অধ্যায়
ভাৰতৰ উৎপাদন খণ্ডত গাঁথনিগত পৰিৱৰ্তন হৈছে। এতিয়া ই জি.ডি.পি.ৰ ১৬-১৭ শতাংশ আৰু ২.৭ কোটিতকৈ অধিক শ্ৰমিকক নিয়োগ কৰিছে। ৰাষ্ট্ৰীয় উৎপাদন অভিযানৰ লক্ষ্য হৈছে ২০৩৫ ৰ ভিতৰত এই হাৰ ২৫ শতাংশলৈ বৃদ্ধি কৰা। উদ্যোগৰ গঠনো সলনি হৈছে লগতে মধ্যম আৰু উচ্চ-প্ৰযুক্তিৰ উদ্যোগে উৎপাদনৰ মূল্য সংযোজনৰ ৪৬.৩% দখল কৰিছে। ই উচ্চ মূল্যৰ আৰু প্ৰযুক্তি-নিৰ্ভৰ উৎপাদনৰ দিশে হোৱা পৰিৱৰ্তনক প্ৰতিফলিত কৰিছে।
উদ্যোগ বৃদ্ধিৰ লগে লগে নিৰ্ভৰযোগ্য আন্তঃগাঁথনি, দক্ষ লজিষ্টিক আৰু ধাৰণাযোগ্য অনুমোদনৰ প্ৰয়োজন। বিশ্বৰ যোগান শৃংখলা সম্প্ৰতি যথেষ্ট গতিশীল হৈছে, যাৰ ফলত সু-সংযুক্ত ঔদ্যোগিক স্থানৰ ধাৰণা অধিক গুৰুত্বপূৰ্ণ হৈছে।
উদ্যোগ আৰম্ভ হোৱাৰ আগতে প্ৰয়োজনীয় আন্তঃগাঁথনি আৰু সাধাৰণ সুবিধা প্ৰদান কৰি প্লাগ-এণ্ড-প্লে (plug-and-play) পাৰ্কে এই প্ৰয়োজনবোৰ একেলগে আগবঢ়াই নিয়ে। ই নতুন উৎপাদন ইউনিট স্থাপনৰ সময় আৰু খৰচ ৰাহি কৰে। এই পদ্ধতি দেশজুৰি প্ৰসাৰিত কৰিবলৈ, ভাৰত ঔদ্যোগিক বিকাশ যোজনাক ২০২৬ৰ মাৰ্চত ত কেবিনেটে অনুমোদন দিছিল আৰু ২০২৬ৰ ১০ এপ্ৰিলত ৩৩,৬৬০ কোটি টকাৰ ব্যয়েৰে জাননী জাৰি কৰা হৈছিল। ভাৰত ঔদ্যোগিক বিকাশ যোজনা আঁচনি ৰাজ্য আৰু ব্যক্তিগত ডেভেলপাৰৰ অংশীদাৰিত্বত ৰূপায়ণ কৰা হৈছে। এই আঁচনিয়ে দেশত উৎপাদন ক্ষমতা বৃদ্ধি আৰু সুৰক্ষিত অনুমোদন, ফলপ্ৰসূ একক উইণ্ড’ ব্যৱস্থা আৰু বিনিয়োগকাৰী-বান্ধৱ সংস্কাৰৰ জৰিয়তে ব্যৱসায় পদ্ধতি মসৃন কৰাৰ ওপৰত গুৰুত্ব দিয়ে। প্লাগ-এণ্ড-প্লে ঔদ্যোগিক পৰিৱেশতন্ত্ৰই প্ৰৱেশৰ বাধা কমাব আৰু উদ্যোগক বিনিয়োগৰ পৰা উৎপাদনৰ দিশলৈ ক্ষীপ্ৰতাৰে অগ্ৰসৰ হোৱাত সহায় কৰিব।
নীতিৰ বিৱৰ্তন: ২০২০ চনৰ পূৰ্বৰ ব্যৱস্থাৰ পৰা সম্পূৰ্ণ সাজু ঔদ্যোগিক পৰিৱেশতন্ত্ৰলৈ
ভাৰতত উৎপাদন বৃদ্ধিৰ পদ্ধতি সময়ৰ লগে লগে বিকশিত হৈছে। প্ৰতিটো পৰ্যায়ে দেশৰ উদ্যোগক সহায় কৰি নতুন অৰ্থনৈতিক সুযোগ সৃষ্টিৰ ক্ষমতা বৃদ্ধি কৰিছে।
প্ৰথম পৰ্যায়ত ঔদ্যোগিক ইষ্টেট আৰু বিশেষ অৰ্থনৈতিক অঞ্চল (Special Economic Zones) চমুকৈ এছ.ই.জেড. (SEZ) ৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এই প্ৰক্ৰিয়াই ঔদ্যোগিক মাটি, সাধাৰণ আন্তঃগাঁথনি আৰু নিয়ন্ত্ৰণাধীন প্ৰোৎসাহন প্ৰদান কৰিছিল। ২০২৬ ৰ ফেব্ৰুৱাৰী লৈকে, ভাৰতত ৩৭০ খন অধিসূচিত এছ.ই.জেড. আছিল। এই অঞ্চলবোৰে ৭.৮২ লাখ কোটি টকাৰ বিনিয়োগ আকৰ্ষণ কৰিছিল আৰু ৩১.৭ লাখতকৈ অধিক লোকৰ বাবে চাকৰি সৃষ্টি কৰিছিল।
পৰৱৰ্তী সময়ত পদ্ধতিটো ব্যক্তিগত ঔদ্যোগিক অঞ্চলৰ পৰা দেশজুৰি ডাঙৰ উৎপাদন কেন্দ্ৰলৈ বিস্তাৰিত হ'ল। ১৪ অক্টোবৰ ২০২৬ লৈকে, ইণ্ডিয়া ইণ্ডাষ্ট্ৰিয়েল লেণ্ড বেংক (India Industrial Land Bank) চমুকৈ আই.আই.এল.বি. (IILB) ত ৪,১৬৪ খন ঔদ্যোগিক পাৰ্ক মেপিং কৰা হৈছে। একে সময়তে, নেচনেল ইণ্ডাষ্ট্ৰিয়েল কৰিডৰ ডেভেলপমেণ্ট প্ৰগ্ৰাম (National Industrial Corridor Development Programme) চমুকৈ এন.আই.চি.ডি.পি. (NICDP) এ ঔদ্যোগিক মাটি প্ৰদানৰ বাহিৰতো ইয়াৰ পৰিসিমা পৰিসীমাৰ বঢ়ালে ৷ লগতে উৎপাদন অঞ্চলক সা-সুবিধা, লজিষ্টিক আৰু নগৰ সেৱাৰ সৈতে সংযুক্ত কৰি অধিক সংহত ঔদ্যোগিক স্থানৰ সৃষ্টি কৰিলে।
গুজৰাটৰ ধোলেৰা বিশেষ বিনিয়োগ অঞ্চল, মহাৰাষ্ট্ৰৰ শেন্দ্ৰা-বিডকিন ঔদ্যোগিক এলেকা, মধ্যপ্ৰদেশৰ বিক্ৰম উদ্যোগপুৰী আৰু উত্তৰ প্ৰদেশৰ ইণ্টিগ্ৰেটেড ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ গ্ৰেটাৰ নয়ডাৰ দৰে ঔদ্যোগিক কেন্দ্ৰসমূহে সমন্বিত পৰিকল্পনাৰ সুবিধাসমূহ প্ৰদৰ্শন কৰিছে।
সময় আৰু নীতিৰ পদ্ধতি:
|
সময়
|
নীতিৰ পদ্ধতি
|
কি যোগ হ'ল
|
|
২০২০ ৰ আগতে
|
ঔদ্যোগিক এলেকা আৰু এছ.ই.জেড.
|
ৰাজকোষীয় প্ৰোৎসাহন; ৰপ্তানিমুখী নিয়ামক পৰিসৰ
|
|
এন.আই.চি.ডি.পি.
|
সংহত আন্তঃগাঁথনিৰ সৈতে স্মাৰ্ট ঔদ্যোগিক চহৰ
|
পৰিকল্পিত ঔদ্যোগিক কেন্দ্ৰ, মাল্টিম’ডেল সংযোগ, প্লাগ-এণ্ড-প্লে পৰীক্ষা
|
|
বাজেট ২০২৬-২৭
|
খণ্ড-নিৰ্দিষ্ট প্লাগ-এণ্ড-প্লে পাৰ্ক (ৰাসায়নিক পাৰ্ক, পি.এম. মিত্ৰ)
|
নিৰ্দিষ্ট খণ্ডত ক্লাষ্টাৰ-ভিত্তিক মডেল
|
|
ভাৰত ঔদ্যোগিক বিকাশ যোজনা (২০২৬)
|
দেশজুৰি ১০০ খন প্লাগ-এণ্ড-প্লে পাৰ্কৰ প্ৰস্তাৱ
|
ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিসৰ, সামৰি লোৱা ক্ষেত্ৰ আৰু সংস্কাৰৰ সৈতে সংযুক্ত ৰূপায়ণ।
|
ভাৰত ঔদ্যোগিক বিকাশ যোজনাৰ কাঠামো
ভাৰত ঔদ্যোগিক বিকাশ যোজনাই ঔদ্যোগিক পাৰ্ক বিকাশৰ বাবে প্ৰতি একৰত ১ কোটি টকালৈকে আৰ্থিক সাহায্য দিয়ে। এই আঁচনিয়ে আভ্যন্তৰীণ পথ, বিদ্যুৎ যোগান, পানীৰ নেটৱৰ্ক, নলা ব্যৱস্থা, সাধাৰণ বৰ্জ্য শোধন সুবিধা, মূল্য সংযোজিত আন্তঃগাঁথনি আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তি সক্ষম প্ৰশাসনৰ দৰে অত্যাৱশ্যকীয় উপাদানসমূহক সামৰি লয়। ভূগৰ্ভস্থ উপযোগিতা কৰিড’ৰে উপযুক্ত নিৰীক্ষণ আৰু নিৰৱচ্ছিন্ন ঔদ্যোগিক কাৰ্যকলাপৰ বাবে বাধাহীন পৰিৱেশৰ সৃষ্টি কৰিব।

উদ্যানসমূহত পূৰ্বনিৰ্মিত কাৰখানাৰ শ্বেড, প্ৰয়োজন অনুসৰি নিৰ্মাণ কৰা গোট, পৰীক্ষণ আৰু প্ৰমাণীকৰণৰ সুবিধা তথা গুদামৰ ব্যৱস্থাও থাকিব। শ্ৰমিকৰ কল্যাণ আৰু উৎপাদনশীলতা উন্নত কৰিবলৈ শ্ৰমিকৰ বাসস্থান, স্বাস্থ্য সুবিধা, দক্ষতা বিকাশ কেন্দ্ৰ আৰু অন্যান্য সামাজিক সুবিধাৰ ব্যৱস্থা কৰা হৈছে। এই আঁচনিয়ে অনুমোদিত পুঁজিৰ ২৫% লৈকে বাহ্যিক আন্তঃগাঁথনি যেনে পথ, ৰে’ল আৰু শেষ মাইল লজিষ্টিক সংযোগৰ বাবে আৱণ্টনৰ ক্ষেত্ৰত সহায় কৰে, যাতে বৃহত্তৰ পৰিবহণ নেটৱৰ্কৰ সৈতে নিৰৱচ্ছিন্ন সংহতি নিশ্চিত হয়।
এই আঁচনি ছয় বছৰৰ বাবে, ২০২৬-২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩১-৩২ বিত্তীয় বৰ্ষলৈ ৰূপায়ণ কৰা হ'ব। প্ৰথম পৰ্যায়ত, ৫০ খন পৰ্যন্ত ঔদ্যোগিক পাৰ্ক প্ৰত্যাহ্বান পদ্ধতিৰে দুটা ৰাউণ্ডত বাছনি কৰা হ'ব। বাকী পাৰ্কবোৰ পৰৱৰ্তী পৰ্যায়ত বাছনি কৰা হ'ব ৷ ভাৰত ঔদ্যোগিক বিকাশ যোজনাৰ অধীনত সমৰ্থিত পাৰ্কৰ মুঠ সংখ্যা ১০০ খনলৈ বৃদ্ধি কৰা হ'ব। বাছনিত প্ৰকল্পৰ সাৰ্থকতা, মাটিৰ উপলব্ধতা আৰু ঔদ্যোগিক সম্ভাৱনা বিবেচনা কৰা হ'ব। প্ৰতিখন পাৰ্ক আঁচনিৰ নিৰ্দেশনা অনুসৰি ২৫ ৰ পৰা ১,০০০ একৰলৈ হ'ব। প্ৰকল্পবোৰ বিশেষ উদ্দেশ্য বাহনৰ জৰিয়তে ৰূপায়ণ আৰু পৰিচালনা কৰা হ'ব, যিয়ে উন্নয়ন, পৰিচালনা, বিনিয়োগকাৰীৰ সহায় আৰু দীৰ্ঘম্যাদী নিৰীক্ষণ প্ৰক্ৰিয়াৰ চোৱাচিতা কৰিব।

উৎপাদন কোম্পানী, ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ, ষ্টাৰ্টআপ আৰু বিনিয়োগকাৰীয়ে ভাৰত ঔদ্যোগিক বিকাশ যোজনাৰ অধীনত সাধাৰণ সুবিধা আৰু সুৰক্ষিত অনুমোদন লাভ কৰিব পাৰে।
জুন ২০২৬ ত, ভব্য (BHAVYA) পৰ্টেল আঁচনিৰ ৰূপায়ণ আৰু নিৰীক্ষণৰ বাবে মুকলি কৰা হৈছিল। পৰ্টেলে প্ৰকল্প দাখিল, মূল্যায়ন আৰু মূল্যায়নত সহায় কৰে আৰু এক স্বচ্ছ আৰু প্ৰতিযোগিতামূলক বাছনি প্ৰক্ৰিয়াক কাৰ্যক্ষম কৰে।
প্লাগ-এণ্ড-প্লে ঔদ্যোগিক পাৰ্ক: ধাৰণা আৰু বৈশিষ্ট্য
ট্ৰাংক আন্তঃগাঁথনি হৈছে উচ্চ-ক্ৰমৰ আন্তঃগাঁথনি উন্নয়ন যাৰ প্ৰাথমিক উদ্দেশ্য হৈছে উন্নয়নৰ মাজত ভাগ কৰিবলৈ 'কেচমেণ্ট' এলেকাত সেৱা আগবঢ়োৱা, যিটো সাধাৰণতে স্থানীয় চৰকাৰে প্ৰদান কৰে। ইয়াত আন্তঃগাঁথনিৰ মূল লাইনৰ উন্নয়নত অন্তৰ্ভুক্ত সেৱাসমূহ হৈছে পানী যোগান, নলা, নৰ্দমা/ছেপ্টেজ, পথ, ষ্ট্ৰীট লাইট, বিদ্যুৎ যোগান ইত্যাদি ৷
ট্ৰাংক আন্তঃগাঁথনি হৈছে উচ্চ-ক্ৰমৰ আন্তঃগাঁথনি উন্নয়ন যাৰ প্ৰাথমিক উদ্দেশ্য হৈছে উন্নয়নৰ মাজত ভাগ কৰিবলৈ 'কেচমেণ্ট' এলেকাত সেৱা আগবঢ়োৱা, যিটো সাধাৰণতে স্থানীয় চৰকাৰে প্ৰদান কৰে। ইয়াত আন্তঃগাঁথনিৰ মূল লাইনৰ উন্নয়নত অন্তৰ্ভুক্ত সেৱাসমূহ হৈছে পানী যোগান, নলা, নৰ্দমা/ছেপ্টেজ, পথ, ষ্ট্ৰীট লাইট, বিদ্যুৎ যোগান ইত্যাদি ৷
প্লাগ-এণ্ড-প্লে ঔদ্যোগিক পাৰ্ক হৈছে পূৰ্ব-বিকশিত ঔদ্যোগিক পৰিৱেশ তন্ত্ৰ য'ত মাটি, ট্ৰাংক আন্তঃগাঁথনি, সা-সুবিধা আৰু সাধাৰণ সুবিধা আগতীয়াকৈ উপলব্ধ কৰা হয়। বহু ক্ষেত্ৰত, একক উইণ্ড’ ব্যৱস্থাৰ জৰিয়তে অনুমোদন আৰু মৌলিক অনুমতি প্ৰক্ৰিয়াক সুৰক্ষিত কৰা হয়। ই উদ্যোগক আৰ্থিক সিদ্ধান্তৰ পৰা উৎপাদনলৈ দ্ৰুতভাৱে যাবলৈ দিয়ে, লগতে আগতীয়া খৰচ আৰু ৰূপায়ণৰ সময় কমায়।
যোগান শৃংখলা বিভিন্ন ক্ষেত্ৰত অধিক গতিশীল আৰু উৎপাদন অধিক সময়-সংবেদনশীল হোৱাৰ লগে লগে এইধৰণৰ মডেল অধিক প্ৰাসংগিক হৈছে। য'ত মাটিৰ উপলব্ধতা, সংযোগ, সা-সুবিধা আৰু নিয়ন্ত্ৰণ প্ৰক্ৰিয়া অনুমানযোগ্য হয়, তাতে বিনিয়োগকাৰীৰ প্ৰাধান্য অধিক হয় ৷
প্লাগ-এণ্ড-প্লে মডেলে ভাৰতত ইতিমধ্যে গতি লাভ কৰিছে। কেন্দ্ৰীয় বাজেট ২০২৫-২৬ ত, প্লাগ-এণ্ড-প্লে ঔদ্যোগিক পাৰ্ক বিকাশৰ বাবে ২,৫০০ কোটি টকা আৱণ্টন দিয়া হৈছিল। ভাৰতত বৰ্তমান ২৬০ খন প্লাগ-এণ্ড-প্লে ঔদ্যোগিক পাৰ্ক আছে, যিয়ে খণ্ড আৰু ৰাজ্যজুৰি আন্তঃগাঁথনি-সাজু উৎপাদন পৰিৱেশ তন্ত্ৰৰ ক্ৰমবৰ্ধমান স্থিতিক প্ৰতিফলিত কৰে।
প্লাগ-এণ্ড-প্লে মডেলটো সম্প্ৰতি খণ্ড-নিৰ্দিষ্ট ঔদ্যোগিক সুবিধালৈও সম্প্ৰসাৰিত কৰা হৈছে। জুলাই ২০২৬ ত, চৰকাৰে তিনিখন ৰাসায়নিক পাৰ্কৰ বাবে ভাৰত ঔদ্যোগিক বিকাশ যোজনা-ৰসায়ন আঁচনি অনুমোদন কৰিছিল। এই পাৰ্কবোৰে ৰাসায়নিক উৎপাদনৰ বাবে সাধাৰণ সুবিধা আৰু পৰিৱেশ সুৰক্ষা প্ৰদান কৰিব।

ধোলেৰা এছ.আই.আৰ.: এক সংহত ঔদ্যোগিক চহৰ
ধোলেৰা, গুজৰাট এক নতুন প্ৰজন্মৰ ঔদ্যোগিক চহৰ হিচাপে বিকশিত হৈছে। ইয়াত আৰম্ভণিৰে পৰা বহল পথ, নিৰ্ভৰযোগ্য সা-সুবিধা, ডিজিটেল নেটৱৰ্ক আৰু আধুনিক নগৰ সেৱা পৰিকল্পনা কৰা হৈছিল। উদ্যোগৰ বাবে প্লাগ-এণ্ড-প্লে পৰিৱেশ সৃষ্টি কৰি বিদ্যুৎ, পানী, গেছ আৰু নলাৰ ব্যৱস্থা একেটা উমৈহতীয়া ভূগৰ্ভস্থ নেটৱৰ্কৰ মাজেৰেই চলে ৷
এই চহৰখন সম্প্ৰতি উন্নত উৎপাদন খণ্ডৰ কেন্দ্ৰ হিচাপে বিকশিত হৈছে। এই ক্ষেত্ৰত ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু প্ৰতিৰক্ষা, সৌৰ উৎপাদন, সেউজ হাইড্ৰ’জেন, জৈৱ প্ৰযুক্তি আৰু গধুৰ অভিযান্ত্ৰিকী কেন্দ্ৰীভূত খণ্ডৰ ভিতৰত অন্তৰ্ভূক্ত হৈ আছে। বন্দৰ, বিমানবন্দৰ, এক্সপ্ৰেছৱে’ আৰু ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ (Dedicated Freight Corridor)-ৰ সৈতে শক্তিশালী সংযোগে ধোলেৰাক ঘৰুৱা আৰু বিশ্ব বজাৰৰ সৈতে সংযুক্ত কৰে। ইয়াৰ ফলাফলসমূহ হৈছে :
- ৪৯৫ একৰ ১১ টা প্লটত আৱণ্টন
- বিনিয়োগৰ সম্ভাৱনা: ৯৭,৩২৮ কোটি টকা
- চাকৰিৰ সম্ভাৱনা: ৬,০০০+ চাকৰি
ডাঙৰ প্ৰকল্পৰ বাবে মাটি আৱণ্টন , আৰু নৱীকৰণযোগ্য শক্তিৰ সৌৰ মডিউল উৎপাদন প্লাণ্টসহ টাটা ইলেক্ট্ৰনিকছৰ ছেমিকণ্ডাক্টৰৰ সুবিধা।
এক নতুন উৎপাদন পৰিৱেশতন্ত্ৰৰ দিশলৈ
ভাৰতৰ উৎপাদন ক্ষেত্ৰৰ এই ৰূপৰেখা ঔদ্যোগিক উন্নয়নৰ দিশত অধিক গুৰুত্ব প্ৰদানৰ ফলতেই বিকশিত হৈছে। ঔদ্যোগিক ইষ্টেটৰ পৰা পৰিকল্পিত উৎপাদন কেন্দ্ৰলৈ হোৱা পৰিৱৰ্তনে এই ৰূপান্তৰৰ পদ্ধতিক স্পষ্টকৈ প্ৰতিফলিত কৰিছে। ভাৰত ঔদ্যোগিক বিকাশ যোজনা (Bharat Audyogik Vikas Yojna) চমুকৈ ভব্য (BHAVYA)-এ এই পৰিৱৰ্তনৰ পৰৱৰ্তী পদক্ষেপকো একে দিশত প্ৰতিনিধিত্ব কৰিব। ই ভাৰতৰ উৎপাদন ব্যৱস্থাক শক্তিশালী কৰি বিশ্বজনীন উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা বৃদ্ধি কৰাৰ ব্যাপক প্ৰচেষ্টাৰ অংশ হিচাপে ঔদ্যোগিক উন্নয়নৰ বাবে অন্যান্য পদক্ষেপসমমূহ গ্ৰহণ কৰিব।
তথ্যসূত্ৰসমূহ
কেবিনেট
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2241785®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2288863®=48&lang=1
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2241814®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2114840®=3&lang=2
https://www.dpiit.gov.in/static/uploads/2025/07/a7f8726a772d283c2c10a7d02ab5b190.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2270334®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2264533®=3&lang=1
বিত্ত মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2219990®=3&lang=1
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
https://pmay-urban.gov.in/uploads/guidelines/Operational-Guidelines-of-PMAY-U-2.pdf
বস্ত্ৰ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2241103®=3&lang=2
নিটি আয়োগ
https://www.niti.gov.in/sites/default/files/2025-04/India_Hand_Power_Tools_Sector_Report.pdf
https://niti.gov.in/sites/default/files/2025-10/Reimagining_Manufacturing_Indias_Roadmap_to_Global_Leadership_in_Advanced_Manufacturing.pdf
ৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক উন্নয়ন সংস্থা
https://www.unido.org/sites/default/files/files/2019-11/International_Guidelines_for_Industrial_Parks.pdf
এন.আই.চি.ডি.চি.
https://nicdc.in/projects/4-projects-developed/dholera-special-investment-region-gujarat
https://dholera.gujarat.gov.in/advantage_dholera
https://dholera.gujarat.gov.in/business
আই.বি.ই.এফ.
https://dev.ibef.org/industry/manufacturing-sector-india
pdf চাবলৈ ইয়াত ক্লিক কৰক
*****
পিআইবি গৱেষণা/SSH/RR
(Explainer ID: 160468)
आगंतुक पटल : 11
Provide suggestions / comments