Social Welfare
টি.বি.-মুক্ত ভাৰতৰ দিশলৈ
প্ৰগতি, উদ্ভাৱন আৰু ৰাইজৰ অংশগ্ৰহণ
Posted On:
13 OCT 2026 4:37PM
টি.বি. ৰোগৰ বিৰুদ্ধে ভাৰতৰ যুঁজে ইতিমধ্যে এক বৃহৎ সফলতা লাভ কৰিছে। ২০১৫ ৰ পৰা ২০২৪ চনৰ ভিতৰত ভাৰতত প্ৰতি বছৰে নতুনকৈ চিহ্নিত হোৱা টি.বি. ৰোগীৰ সংখ্যা ২১% কমিছে, যিটো হাৰ একে সময়চোৱাত বিশ্বজনীন পৰ্যায়ত মাত্ৰ ১২%। টি.বি. ৰোগীয়ে ভাৰতত চিকিৎসা পোৱাৰ হাৰ ৯২%, যিটো হাৰ বিশ্বত ৭৮%। টি.বি. মুক্ত ভাৰত অভিযান (TB Mukt Bharat Abhiyaan) অধিক কাৰ্যক্ষম কৰাৰ ফলত এতিয়ালৈকে ২৮.১ কোটিতকৈ বেছি মানুহক স্ক্ৰীনিং কৰা হৈছে, ২০ লাখতকৈ বেছি মানুহক টি.বি. প্ৰিভেনটিভ ট্ৰিটমেণ্ট (TB Preventive Treatment) চমুকৈ টি.পি.টি. (TPT) দিয়া হৈছে, ৫.৭ লাখ নতুন নিক্ষয় মিত্ৰ যোগ হৈছে আৰু ৪৬,১১৮ খন গাঁও পঞ্চায়তক টি.বি. মুক্ত বুলি প্ৰমাণপত্ৰ দিয়া হৈছে। ৰাষ্ট্ৰীয় সঁহাৰি ব্যাপক কৰিবলৈ হাতত লোৱা এক্স-ৰে’ স্ক্ৰীনিং ৩৪ গুণ বঢ়িছে, টি.বি. মুক্ত ভাৰত এপ আৰু ইয়াত থকা এ.আই. চেটবট ‘খুশী (Khushi)’ মুকলি কৰা হৈছে, আৰু ঔষধ-প্ৰতিৰোধী টি.বি. ৰোগীৰ বাবে কম সময়ৰ আৰু অধিক সুৰক্ষিত বি-পাল্ম চিকিৎসা পদ্ধতি (বেডাকুইলিন, প্ৰেট’মানিড, লাইনেজ’লিড আৰু মক্সিফ্লক্সাচিন) প্ৰৱৰ্তন কৰাৰ লগতে উন্নত কৃত্ৰিম বুদ্ধিমত্তা-চালিত ট্ৰায়াজ সঁজুলি ব্যৱহাৰ কৰা হৈছে। এই অগ্ৰগতিৰ আধাৰত জইণ্ট স্কোৱাড ফৰ হেল্থ (Joint Squad for Health) চমুকৈ জে.অ.এছ.এইচ. (JOSH) অভিযানৰ জৰিয়তে যুৱক-যুৱতী আৰু সম্প্ৰদায়সমূহক টি.বি. ৰোগৰ বিষয়ে সজাগতা সৃষ্টি, আগতীয়াকৈ ৰোগ চিনাক্তকৰণ, সময়মতে চিকিৎসা গ্ৰহণ আৰু চিকিৎসা সম্পূৰ্ণ কৰাত উৎসাহিত কৰাৰ লগতে ৰোগটোৰ সৈতে জড়িত সামাজিক কলংক দূৰ কৰিবলৈ একত্ৰিত কৰা হৈছে। সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু সামূহিক পদক্ষেপ শক্তিশালী কৰি এই অভিযানে টি.বি. মুক্ত ভাৰত গঢ়াৰ দিশত জন আন্দোলনৰ ধাৰণাক অধিক শক্তিশালী কৰিছে।
আৰম্ভণি
ভাৰত যক্ষ্মা (Tuberculosis) চমুকৈ টি.বি. (TB) নিৰ্মূলৰ পথত আগবাঢ়িছে। বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল টিউবাৰকিউল’ছিছ ৰিপ’ৰ্ট ২০২৫ (Global Tuberculosis Report 2025) মতে ২০১৫-২০২৪ ৰ ভিতৰত ভাৰতত নতুন টি.বি. ৰোগী ২১% কমিছে, বিশ্বত ১২% কমিছে। ভাৰতৰ চিকিৎসাৰ হাৰ ৯২%, আনহাতে এই হাৰ বিশ্বজুৰি ৭৮%।

এই হাৰ বিশ্বত টি.বি. আক্ৰান্ত ৰোগী হ্ৰাসৰ সমগ্ৰ পৰিক্ৰমাৰ ভিতৰত আটাইতকৈ বৃহৎ পৰিমাণৰ হ্ৰাস হিচাপে চিহ্নিত হৈছে ৷ যিটো হাৰ তুলনামূলকভাবে বেছি ৰোগী থকা আন দেশতকৈও অধিক। একে সময়তে টি.বি. ৰোগত মৃত্যুৰ হাৰ ২৮% পৰ্যন্ত কমিছে। ভাৰত চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ কৰা, বহুমুখী পদ্ধতিৰে ৰোগ ধৰা পেলোৱা, স্ক্ৰীনিং আৰু চিকিৎসাৰ বাবে এই ভাল ফলাফল সম্ভৱ হৈছে। উন্নত প্ৰযুক্তি, স্থানীয় স্বাস্থ্য সেৱাৰ গুণগত মান উন্নীতকৰণ, ৰাইজৰ অংশগ্ৰহণ আৰু কম খৰচী চিকিৎসাই ভাৰতক এই মাৰাত্মক ৰোগ নিৰ্মূলৰ পথত আগুৱাই নিছে।

টি.বি. নিৰ্মূলৰ বাবে ৰাইজক একগোট কৰিবলৈ জে.অ.এছ.এইচ. (JOSH) অভিযান
টি.বি. নিৰ্মূলৰ এই গতিক আৰু বঢ়াবলৈ ১৩ অক্টোবৰ ২০২৬ ত ১১ খন ৰাজ্য আৰু ৫৫ খন জিলাত পৰীক্ষামূলকভাৱে দেশজুৰি ছচিয়েল মিডিয়া অভিযান হিচাপে জইণ্ট স্কোৱাড ফৰ হেল্থ (Joint Squad for Health) চমুকৈ জে.অ.এছ.এইচ. (JOSH) দল গঠন কৰা হৈছে। প্ৰতিটো জে.অ.এছ.এইচ. দলত মাই ভাৰত (MY BHARAT) স্বেচ্ছাসেৱক, এন.চি.চি. (NCC) কেডেট আৰু এগৰাকী প্ৰথম শ্ৰেণীৰ বিষয়া থাকে থাকে যিয়ে সময়মতে স্ক্ৰীনিং আৰু চিকিৎসাৰ বিষয়ে সজাগতা দিয়ে।
এই গঠনে যুৱক-যুৱতীক গাঁৱে গাঁৱে সজাগতাৰ কামত লগাইছে। সকলো মন্ত্ৰালয়, বিভাগ, স্বাস্থ্য প্ৰতিষ্ঠান, মাই ভাৰত স্বেচ্ছাসেৱক, যুৱ সংগঠন, ছাত্ৰ-ছাত্ৰী আৰু নাগৰিকক টি.বি.ৰ বিষয়ে সজাগতা, সোনকালে ধৰা পেলোৱা, চিকিৎসা সম্পূৰ্ণ কৰা আৰু চিকিৎসাজনিত আশংকা নথকা সমাজ গঢ়াৰ বাবে পোষ্ট, ফটো, ভিডিঅ' আৰু যুৱ নেতৃত্বৰ কাহিনীৰ জৰিয়তে সহায় কৰিবলৈ উৎসাহ দিয়া হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সাংসদ আৰু বিধায়কসকলৰ সৈতে টি.বি. মুক্ত অভিযানৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰিছে। কিন্তু এই অভিযান আগুৱাই নিবলৈ ৰাইজক জড়িত কৰাটো অতি জৰুৰী বুলি বিবেচিত হৈছে। জে.অ.এছ.এইচ. অভিযান ৰাইজৰ অংশগ্ৰহণ বঢ়োৱা, স্ক্ৰীনিং আৰু সোনকালে ৰোগ ধৰা পেলোৱাৰ গুৰুত্ব বুজোৱাৰ পৰৱৰ্তী পদক্ষেপ। এই অভিযানে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ প্ৰয়োজনীয়তাৰ লগতে সক্ৰিয় স্ক্ৰীনিং বঢ়াবলৈ আৰু লক্ষণ নথকা ৰোগী চিনাক্তকৰণৰ বাবে ৰাইজৰ অংশগ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিয়ে।
বিশেষকৈ দুৰ্বল আৰু পিছপৰা জনগোষ্ঠীৰ মাজত ৰাইজৰ অংশগ্ৰহণ আৰু সজাগতা সৃষ্টি কৰাটো ভয় আঁতৰোৱা আৰু চিকিৎসা আৰু স্ক্ৰীনিংৰ বিষয়ে সজাগতা বঢ়োৱাৰ ক্ষেত্ৰত অতি জৰুৰী। এই পদক্ষেপৰ সৈতে একেলগে এই অভিযানে প্ৰতিষ্ঠানৰ সহায় আৰু ৰাইজৰ সমন্বিত প্ৰচেষ্টাৰে টি.বি. মুক্ত ভাৰত বাস্তৱ কৰাৰ উদ্দেশ্য হাতত লৈছে।
টি.বি. আৰু লক্ষণ
টি.বি. কি?
টি.বি. ৰোগ মাইক’বেক্টেৰিয়াম টিউবাৰকিউল’ছিছ (Mycobacterium tuberculosis) নামৰ বেক্টেৰিয়াৰ দ্বাৰা হয়, সাধাৰণতে হাওঁফাওঁত হয়। কেতিয়াবা মগজু, বৃক্ক বা মেৰুদণ্ডৰ দৰে শৰীৰৰ আন অংশতো হ'ব পাৰে।
বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হ'লে মানুহজন অসুস্থ হ'ব পাৰে, কিন্তু কেতিয়াব অসুস্থ নহয়ো। নিষ্ক্ৰিয় টি.বি. বা সুপ্ত টি.বি. সংক্ৰমণো থাকে। নিষ্ক্ৰিয় টি.বি. থকা মানুহে আনক ৰোগ বিয়পাব নোৱাৰে, কিন্তু যিকোনো সময়তে সক্ৰিয় টি.বি. হৈ অসুস্থ হ'ব পাৰে। কেঁচুৱা আৰু শিশু, আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কম থকা লোকৰ সংক্ৰমিত হ'লে অসুস্থ হোৱাৰ সম্ভাৱনা বেছি। সঠিক চিকিৎসা নকৰিলে সক্ৰিয় টি.বি. মাৰাত্মক হ'ব পাৰে।

টি.বি.ৰ লক্ষণ
সক্ৰিয় টি.বি.ৰ লক্ষণ সাধাৰণতে বেক্টেৰিয়াই আক্ৰমণ কৰা ঠাই অনুযায়ী হয়, যদিও সকলো ধৰণৰ টি.বি. তে কিছুমান সাধাৰণ লক্ষণ থাকে।

সক্ৰিয় বা লক্ষণ থকা টি.বি. থকা লোকে টি.বি. বেক্টেৰিয়া আনলৈ বিয়পাব পাৰে। তেওঁলোকে কাহিলে, হাঁচি মাৰিলে বা কথা ক'লে বেক্টেৰিয়া থকা সৰু টোপাল শৰীৰৰ পৰা বতাহত বিয়পে আৰু ওচৰৰ মানুহে সেই বেক্টেৰিয়াযুক্ত বতাহ নিশ্বাসত লয় - বিশেষকৈ বতাহৰ চলাচল কম থকা ঠাইত।
টি.বি. বতাহৰ দ্বাৰা বিয়পে ৷ বিপৰীতে এইবোৰৰ কাৰ্যৰ দ্বাৰা টি.বি. নিবিয়পে:
- হাত মিলোৱা
- ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰা
- খাদ্য আৰু বাচন-বৰ্তন ভাগ কৰা
- দৈনন্দিন সামাজিক মিলামিচা
হাওঁফাওঁৰ টি.বি. থকা ৰোগীয়ে সঠিক ঔষধ খোৱাৰ কমেও ২ সপ্তাহৰ পিছত সাধাৰণতে সংক্ৰামক হৈ নাথাকে। হাওঁফাওঁৰ বাহিৰে শৰীৰৰ আন অংশত টি.বি. থকা লোকে সাধাৰণতে ৰোগ বিয়পাব নোৱাৰে।
লক্ষণ দেখা দিলে আপুনি কি কৰিব?
ৰাষ্ট্ৰীয় টি.বি. নিৰ্মূল কাৰ্যসূচীৰ অধীনত সমগ্ৰ দেশৰ সকলো চৰকাৰী স্বাস্থ্যসেৱা কেন্দ্ৰ আৰু বহুতো ব্যক্তিগত স্বাস্থ্যসেৱা কেন্দ্ৰত বিনামূলীয়া পৰীক্ষা আৰু চিকিৎসাৰ সুবিধা প্ৰদান কৰা হয়। যদি আপোনাৰ বা আপোনাৰ চিনাকি কোনো লোকৰ শৰীৰত টি.বি. ৰোগৰ লক্ষণ দেখা দিয়ে, তেন্তে—
নি-ক্ষয় সম্পৰ্ক (Ni-kshay Sampark) টি.বি. আৰু হেপাটাইটিছ হেল্পলাইন: ১৮০০-১১-৬৬৬৬ নম্বৰত ফোন কৰি পৰামৰ্শ লওক আৰু ওচৰৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰলৈ যাওক। চৰকাৰী কাৰ্যসূচীৰ অধীনত টি.বি. ৰোগৰ চিনাক্তকৰণ আৰু চিকিৎসা বিনামূলীয়াকৈ কৰা হয়।
টি.বি. আৰোগ্য সাথী (TB Aarogya Sathi) এপ: অধিক তথ্যৰ বাবে আপোনাৰ এণ্ড্ৰইড ফোনত এই এপটো ডাউনলোড কৰিব পাৰে। এই এপটোৱে টি.বি. ৰোগৰ চিনাক্তকৰণ আৰু চিকিৎসাৰ সুবিধা থকা নিকটৱৰ্তী কেন্দ্ৰসমূহ বিচাৰি উলিওৱাত সহায় কৰে। লগতে, ঔষধৰ পাৰ্শ্বক্ৰিয়া আৰু টি.বি. ৰোগীৰ পুষ্টি সম্পৰ্কীয় পৰামৰ্শও প্ৰদান কৰে।
ভাৰতত টি.বি. নিৰ্মূল কৰাৰ কৌশলগত পৰিকল্পনা
চৰকাৰে বহনক্ষম উন্নয়নৰ লক্ষ্য ৩ (SDG 3)-ৰ সৈতে সংগতি ৰাখি টি.বি. (TB) নিৰ্মূলৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। এই লক্ষ্যৰ উদ্দেশ্য হৈছে সকলোৰে বাবে সুস্বাস্থ্য নিশ্চিত কৰা আৰু সুস্থ জীৱন-যাপনৰ প্ৰসাৰ ঘটোৱা। ২০২০ চনৰ জুন মাহত ঘোষণা কৰা ভাৰতত টি.বি. নিৰ্মূলৰ ৰাষ্ট্ৰীয় কৌশলগত পৰিকল্পনা ২০২০–২৫ (National Strategic Plan to End TB in India 2020-25)-ৰ লক্ষ্য হৈছে নিৰ্মাণ, প্ৰতিৰোধ, চিনাক্তকৰণ আৰু চিকিৎসা (Build, Prevent, Detect and Treat) — এই চাৰিটা স্তম্ভৰ জৰিয়তে টি.বি. নিৰ্মূল কৰা। এই পৰিকল্পনাত আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰা, সংক্ৰমণৰ বিস্তাৰ হ্ৰাস কৰা, উপযুক্ত ঔষধ আৰু চিকিৎসা পদ্ধতিৰে ৰোগীসকলৰ চিকিৎসা কৰা আৰু ৰোগীসকলৰ বাবে সহায়ক ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

ৰাষ্ট্ৰীয় টি.বি. নিৰ্মূল কাৰ্যসূচী
২০২০ চনত ভাৰত চৰকাৰে সংশোধিত ৰাষ্ট্ৰীয় টি.বি. নিয়ন্ত্ৰণ কাৰ্যসূচী (Revised National Tuberculosis Control Programme—RNTCP)-ৰ নাম সলনি কৰি ৰাষ্ট্ৰীয় টি.বি. নিৰ্মূল কাৰ্যসূচী (National TB Elimination Programme—NTEP) ৰাখে। ইয়াৰ জৰিয়তে ২০৩০ চনৰ বিশ্বব্যাপী লক্ষ্যতকৈ আগতেই ভাৰতত টি.বি. নিৰ্মূল কৰাৰ লক্ষ্য প্ৰতিফলিত হৈছে। ৰাষ্ট্ৰীয় টি.বি. নিয়ন্ত্ৰণ কাৰ্যসূচীয়ে ৰাষ্ট্ৰীয় কৌশলগত পৰিকল্পনাৰ চাৰিটা স্তম্ভৰ ওপৰত ভিত্তি কৰি কাম কৰে: চিনাক্তকৰণ– চিকিৎসা–প্ৰতিৰোধ– নিৰ্মাণ। এই কাৰ্যসূচীৰ মূল কাৰ্যকলাপসমূহ হ’ল—
- উন্নত মানৰ পৰীক্ষাৰ জৰিয়তে টি.বি. ৰোগত আক্ৰান্ত ব্যক্তিসকলক আগতীয়াকৈ চিনাক্ত কৰা আৰু বিপদাপন্ন জনসংখ্যাৰ মাজত চিনাক্ত নোহোৱাকৈ থকা ৰোগীসকলক বিচাৰি উলিয়াবলৈ সক্ৰিয়ভাৱে সম্প্ৰদায়ভিত্তিক অভিযান চলোৱা।
- ঔষধ-প্ৰতিৰোধী টি.বি.কে ধৰি সকলো ধৰণৰ টি.বি.ৰ বাবে গুণগত মান নিশ্চিত কৰা ঔষধ আৰু চিকিৎসা পদ্ধতিৰে তৎকালীন চিকিৎসা প্ৰদান কৰা।
- ব্যক্তিগত খণ্ডত চিকিৎসা গ্ৰহণ কৰা ৰোগীসকলৰ সৈতে সংযোগ স্থাপন কৰা।
- প্ৰত্যক্ষ লাভ হস্তান্তৰ আৰু নি-ক্ষয় মিত্ৰ পদক্ষেপৰ জৰিয়তে ৰোগীকেন্দ্ৰিক চিকিৎসা সহায় আৰু পুষ্টি সম্পৰ্কীয় ব্যৱস্থা গ্ৰহণ কৰা।
- পৰিয়ালৰ সংস্পৰ্শলৈ অহা ব্যক্তি, শিশু, এইচ.আই.ভি.-ৰ সৈতে জীৱন-যাপন কৰা ব্যক্তি আৰু উচ্চ বিপদাপন্ন তথা দুৰ্বল জনসংখ্যাৰ মাজত সংস্পৰ্শ অনুসন্ধান আৰু টি.বি. প্ৰতিৰোধমূলক চিকিৎসাৰ ব্যৱস্থা কৰা।
- বায়ুবাহিত সংক্ৰমণ নিয়ন্ত্ৰণৰ ব্যৱস্থা গ্ৰহণ কৰা।
- সামাজিক নিৰ্ধাৰকসমূহৰ মোকাবিলা কৰিবলৈ বহুখণ্ডীয় পদক্ষেপ গ্ৰহণ কৰা।
চৰকাৰে ৰাষ্ট্ৰীয় টি.বি. নিয়ন্ত্ৰণ কাৰ্যসূচীৰ অধীনত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে।
প্ৰধানমন্ত্ৰী টি.বি. মুক্ত ভাৰত অভিযান
প্ৰধানমন্ত্ৰী টি.বি. মুক্ত ভাৰত অভিযান ২০২২ চনৰ ৯ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় টি.বি. নিৰ্মূল কাৰ্যসূচীৰ এক অতিৰিক্ত গুৰুত্বপূৰ্ণ উপাদান হিচাপে আৰম্ভ কৰা হৈছিল। এই পদক্ষেপৰ উদ্দেশ্য হৈছে সমাজৰ সকলো শ্ৰেণীৰ লোকক একত্ৰিত কৰি ইয়াক এক ‘জন আন্দোলন’ হিচাপে গঢ়ি তোলা আৰু দেশত টি.বি. নিৰ্মূলৰ দিশত অগ্ৰগতি ত্বৰান্বিত কৰা। ইয়াৰ উদ্দেশ্যসমূহ হ’ল—
- চিকিৎসাৰ ফলাফল উন্নত কৰাৰ বাবে টি.বি. ৰোগীসকলক অতিৰিক্ত সহায় আগবঢ়োৱা।
- সম্প্ৰদায়ৰ অংশগ্ৰহণ বৃদ্ধি কৰা।
- কৰ্পৰেট সামাজিক দায়বদ্ধতা (Corporate Social Responsibility—CSR)-ৰ ব্যৱহাৰ কৰা।
নি-ক্ষয় পোষণ যোজনা আৰু নি-ক্ষয় মিত্ৰ কাৰ্যসূচী
টি.বি. ৰোগীসকলে চিকিৎসাৰ ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ বিৰূপ প্ৰভাৱ প্ৰতিহত কৰিবলৈ অধিক প্ৰ’টিনযুক্ত খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজনীয়। ২০১৮ চনত আৰম্ভ কৰা নি-ক্ষয় পোষণ যোজনাৰ অধীনত প্ৰতিগৰাকী জাননীভুক্ত টি.বি. ৰোগীক প্ৰতিমাহে ১,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। ২০১৮ চনৰ এপ্ৰিল মাহত এই আঁচনিখন আৰম্ভ হোৱাৰ পৰা ১.৩৮ কোটি হিতাধিকাৰীৰ বেংক একাউণ্টলৈ পোনপটীয়াকৈ ৪,৪৫৪.৬৮ কোটি টকা প্ৰদান কৰা হৈছে।
টি.বি.ৰ চিকিৎসা দীঘলীয়া হয়। এই চিকিৎসা কমেও ৬ মাহ ধৰি চলে আৰু কেতিয়াবা ইয়াতকৈ অধিক সময়ৰো প্ৰয়োজন হয়। নি-ক্ষয় মিত্ৰ হৈছে এনে এগৰাকী ব্যক্তি, যিয়ে চিকিৎসাৰ এই সময়ছোৱাত টি.বি. ৰোগীসকলক সহায় আগবঢ়ায়। ব্যক্তি, বেচৰকাৰী সংস্থা, কৰ্পৰেট প্ৰতিষ্ঠান, ধৰ্মীয় আৰু সামূহিক গোট, চৰকাৰী বিষয়া তথা বিশিষ্ট ব্যক্তিসকলে স্বেচ্ছাসেৱক হিচাপে নি-ক্ষয় মিত্ৰ হ’ব পাৰে।
নি-ক্ষয় মিত্ৰই ৰোগীসকলৰ নিজৰ পকেটৰ পৰা হোৱা ব্যয় হ্ৰাস কৰাত সহায় কৰিবলৈ নিয়মীয়াকৈ খাদ্যৰ টোপোলা প্ৰদান কৰে। ইয়াৰ উপৰি, নিয়মীয়াকৈ খবৰ লৈ মনোসামাজিক সহায় আগবঢ়াব পাৰে আৰু আৰোগ্য লাভৰ পিছত ৰোগীসকলক পুনৰ স্বাভাৱিক জীৱন গঢ়ি তোলাত সহায় কৰিবলৈ বৃত্তিমূলক সহায় আগবঢ়াব পাৰে।
২০২৫ চনৰ ১২ নৱেম্বৰলৈকে—
- ৬,৭৭,৫৪১ গৰাকী ব্যক্তি আৰু প্ৰতিষ্ঠানে নি-ক্ষয় মিত্ৰ হিচাপে টি.বি. ৰোগীসকলৰ মাজত ৪৫ লাখতকৈও অধিক খাদ্যৰ টোপোলা বিতৰণ কৰিছে।
- ২ লাখতকৈও অধিক মাই ভাৰত স্বেচ্ছাসেৱকে নি-ক্ষয় মিত্ৰ হিচাপে সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছে। মাই ভাৰত হৈছে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ এক পদক্ষেপ, যিয়ে ১৫–২৯ বছৰ বয়সৰ যুৱক-যুৱতীসকলক বিভিন্ন চৰকাৰী বিভাগ, ব্যক্তিগত প্ৰতিষ্ঠান আৰু নাগৰিক সমাজৰ অংশীদাৰিত্বৰ সৈতে সংযোগ স্থাপন কৰি বাস্তৱ জীৱনৰ প্ৰত্যাহ্বান আৰু সমস্যাসমূহৰ সমাধানৰ দিশত কাম কৰিবলৈ সুবিধা প্ৰদান কৰে।
১০০ দিনীয়া টি.বি. মুক্ত ভাৰত অভিযান
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২০২৪ চনৰ ৭ ডিচেম্বৰত ভাৰতৰ অন্যতম তীব্ৰ টি.বি. নিৰ্মূল অভিযান হিচাপে ১০০ দিনীয়া টি.বি. মুক্ত ভাৰত অভিযান আৰম্ভ কৰে। দেশৰ ৩৩খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৪৭খন উচ্চ অগ্ৰাধিকাৰপ্ৰাপ্ত জিলাত এই অভিযান আৰম্ভ কৰা হৈছিল। টি.বি. ৰোগ আগতীয়াকৈ চিনাক্ত কৰাৰ বাবে বিপদাপন্নতাৰ মানচিত্ৰ প্ৰস্তুত কৰা আৰু উচ্চ বিপদাপন্ন জনসংখ্যাৰ মাজত পদ্ধতিগতভাৱে পৰীক্ষা সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।
জন আন্দোলনৰ জৰিয়তে ৩০,০০০ৰো অধিক নিৰ্বাচিত জনপ্ৰতিনিধি আৰু ২৪টা সংশ্লিষ্ট মন্ত্ৰালয়ৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা হৈছিল। ইয়াৰ লগতে নি-ক্ষয় মিত্ৰসকলৰ সহায়-সহযোগিতাই টি.বি. নিৰ্মূলৰ ক্ষেত্ৰত সমগ্ৰ সমাজ আৰু সমগ্ৰ চৰকাৰৰ অংশগ্ৰহণমূলক দৃষ্টিভংগী প্ৰতিফলিত কৰে। বৰ্তমান টি.বি. মুক্ত ভাৰত অভিযানৰ কৌশলসমূহ সম্প্ৰসাৰিত কৰি দেশৰ সকলো জিলাতে ৰূপায়ণ কৰা হৈছে।
২০২৬ চনৰ জুন মাহলৈকে এই তীব্ৰতৰ অভিযানে কেইবাটাও উল্লেখযোগ্য মাইলৰ খুঁটি অতিক্ৰম কৰিছে—
- ২৮.১ কোটিৰো অধিক লোকৰ টি.বি. পৰীক্ষা সম্পন্ন কৰা হৈছে।
- ২০ লাখ ব্যক্তিক টি.বি. প্ৰতিৰোধমূলক চিকিৎসা প্ৰদান কৰা হৈছে।
- ৫.৭ লাখ নতুন নি-ক্ষয় মিত্ৰ কাৰ্যসূচীৰ সৈতে সংযুক্ত হৈছে।
২০২৬ চনৰ মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা অভিযানৰ দ্বিতীয় পৰ্যায়ত ১.২ লাখ উচ্চ বিপদাপন্ন গাঁও আৰু ৱাৰ্ডত ১.৭ লাখতকৈও অধিক আয়ুষ্মান আৰোগ্য শিবিৰ অনুষ্ঠিত কৰা হয়। এই অভিযানত ৩২ লাখ শিক্ষাৰ্থী আৰু ১.৯ লাখ মাই ভাৰত স্বেচ্ছাসেৱকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। টি.বি. মুক্ত ভাৰত অভিযানৰ অধীনত চিকিৎসাৰ সফলতাৰ হাৰ ৯০ শতাংশলৈ বৃদ্ধি পাইছে, যি বিশ্বব্যাপী গড় ৮৮ শতাংশতকৈ অধিক।
নতুন পদক্ষেপসমূহ
ঔষধ-প্ৰতিৰোধী টি.বি.ৰ বাবে বিপাল্ম (BPaLM) চিকিৎসা পদ্ধতি: ঔষধ-প্ৰতিৰোধী টি.বি. ৰোগীসকলৰ চিকিৎসাৰ বাবে এই কাৰ্যসূচীৰ অধীনত নতুন, কম সময়ৰ, অধিক সুৰক্ষিত আৰু অত্যন্ত ফলপ্ৰসূ বিপাল্ম চিকিৎসা পদ্ধতি আৰম্ভ কৰা হৈছে। ইয়াত বেডাকুইলিন, প্ৰিট’মেনিড, লাইনেজ’লিড আৰু মক্সিফ্লক্সাচিন অন্তৰ্ভুক্ত কৰা হৈছে। এই চিকিৎসা পদ্ধতিৰ জৰিয়তে চিকিৎসাৰ সময়সীমা ৬ মাহলৈ হ্ৰাস কৰিব পৰা যাব। বৰ্তমানলৈকে ১৫,০০০ৰো অধিক বহুঔষধ-প্ৰতিৰোধী/ৰিফেম্পিচিন-প্ৰতিৰোধী টি.বি. (MDR/RR-TB) ৰোগীক এই চিকিৎসা পদ্ধতিৰ অধীনলৈ অনা হৈছে।
টি.বি. প্ৰতিৰোধমূলক চিকিৎসা: নিৰাময়ৰ দৰেই প্ৰতিৰোধো সমানেই গুৰুত্বপূৰ্ণ বুলি স্বীকাৰ কৰি, টি.বি.ৰ সংক্ৰমণ সক্ৰিয় ৰোগলৈ ৰূপান্তৰিত হোৱাটো প্ৰতিৰোধ কৰিবলৈ যোগ্য হিতাধিকাৰীসকলক টি.বি. প্ৰতিৰোধমূলক চিকিৎসা প্ৰদান কৰা হয়। লক্ষ্যভিত্তিক আৰু উদ্ভাৱনীমূলক পদ্ধতিৰ জৰিয়তে এই কাৰ্যসূচীয়ে বিগত বছৰসমূহত পৰিয়ালৰ সংস্পৰ্শলৈ অহা ব্যক্তি আৰু এইচ আই ভি (HIV)ৰ সৈতে জীৱন-যাপন কৰা লোকসকলক টি.বি. প্ৰতিৰোধমূলক চিকিৎসা প্ৰদান কৰি সফলতাৰে সুৰক্ষা প্ৰদান কৰিছে। এই পদক্ষেপক সক্ৰিয় আৰু তীব্ৰতৰ ৰোগী চিনাক্তকৰণ অভিযানৰ সৈতে সংযুক্ত কৰাৰ লগতে আন দুৰ্বল জনসমষ্টিসমূহলৈও সম্প্ৰসাৰিত কৰা হৈছে।

আয়ুষ্মান আৰোগ্য মন্দিৰসমূহ
আয়ুষ্মান আৰোগ্য মন্দিৰসমূহ হৈছে সকলোৰে বাবে সাৰ্বজনীন আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰা বৃহত্তৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনস্থ সামূহিক স্বাস্থ্য কেন্দ্ৰ। ২০২৬ চনৰ ১৩ অক্টোবৰৰ তথ্য অনুসৰি, ভাৰতত ১,৮৭,২৫০টা আয়ুষ্মান আৰোগ্য মন্দিৰ আছে। ইয়াৰ ভিতৰত উপ-স্বাস্থ্য কেন্দ্ৰ, প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, নগৰীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আয়ুষ (আয়ুৰ্বেদ, যোগ আৰু প্ৰাকৃতিক চিকিৎসা, ইউনানী, সিদ্ধ আৰু হোমিঅ’পেথী) কেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰসমূহ অন্তৰ্ভুক্ত। টি.বি.-ৰ লক্ষণ দেখা দিয়া লোকসকলে ৰোগ নিৰ্ণয়ৰ বাবে এই কেন্দ্ৰসমূহলৈ যাব পাৰে।

হিমাচল প্ৰদেশৰ কুল্লু জিলাৰ এটা আয়ুষ্মান আৰোগ্য মন্দিৰত স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ টি.বি. আৰু অন্যান্য ৰোগৰ পৰীক্ষা কৰি আছে (২০ ছেপ্টেম্বৰ, ২০২৫)। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়।
প্ৰযুক্তিগত আন্তঃগাঁথনি
টি.বি. ৰোগৰ আগতীয়া চিনাক্তকৰণ আৰু চিকিৎসাৰ বাবে ৯,৮০০ৰো অধিক দ্ৰুত আণৱিক পৰীক্ষা কেন্দ্ৰ আৰু ১০৭টা কালচাৰ আৰু ঔষধৰ প্ৰতি সংবেদনশীলতা পৰীক্ষাগাৰ আছে। এইটো বিশ্বৰ সৰ্ববৃহৎ নেটৱৰ্ক। আন আন ব্যৱস্থাসমূহ হ’ল—
- কৃত্ৰিম বুদ্ধিমত্তা (AI) সংযুক্ত ৫০০ৰো অধিক হাতেৰে কঢ়িয়াব পৰা বুকুৰ এক্স-ৰে যন্ত্ৰ সামূহিক পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা হৈছে। ইয়াৰ উপৰি, ১,৫০০টা যন্ত্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ প্ৰেৰণ কৰা হৈছে।
- নি-ক্ষয় ডিজিটেল মঞ্চই পুষ্টিৰ বাবে প্ৰদান কৰা সাহায্যৰ প্ৰত্যক্ষ লাভ হস্তান্তৰৰ সুবিধা প্ৰদান কৰে।
- এক্স-ৰে পৰীক্ষাত ৩৪ গুণ বৃদ্ধি: সমগ্ৰ দেশতে বৃহৎ পৰিসৰত হাতেৰে কঢ়িয়াব পৰা এক্স-ৰে যন্ত্ৰ ব্যৱহাৰৰ ফলত এই বৃদ্ধি সম্ভৱ হৈছে।
- টি.বি.মুক্ত ভাৰত এপ আৰু ‘খুশী’ চেটবট: শেহতীয়াকৈ মুকলি কৰা এই ডিজিটেল মঞ্চত কৃত্ৰিম বুদ্ধিমত্তা-চালিত চেটবট সংযুক্ত কৰা হৈছে। ই অভিযানৰ অগ্ৰগতি নিৰীক্ষণ, নাগৰিকসকলক টি.বি.-ৰ লক্ষণৰ বিষয়ে নিৰ্দেশনা প্ৰদান আৰু নিকটৱৰ্তী ৰোগ নিৰ্ণয় কেন্দ্ৰ বিচাৰি উলিওৱাত সহায় কৰে।
- সামৰ্থ্য বিকাশ: স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰেডিঅ’গ্ৰাফাৰৰ পদ বৃদ্ধি কৰাৰ লগতে ট্ৰুনেট (Truenat) আৰু চি.বি.এন.এ.এ.টি. CBNAAT ৰোগ নিৰ্ণয় যন্ত্ৰৰ সংখ্যা বৃদ্ধি কৰিছে।
দুৰ্গম কাশ্মীৰত টি.বি. ৰোগীৰ সন্ধান
কাশ্মীৰৰ বান্দিপোৰা জিলাৰ হিমালয় পৰ্বতমালাৰ ২,৪০০ মিটাৰ উচ্চতাত অৱস্থিত আৰু শীতকালত যোগাযোগ বিচ্ছিন্ন হৈ পৰা দুৰ্গম গুৰেজ উপত্যকাত ৰাষ্ট্ৰীয় টি.বি. নিৰ্মূল কাৰ্যসূচী, কাশ্মীৰৰ দলে এক তীব্ৰতৰ টি.বি. পৰীক্ষা অভিযান চলায়। উন্নত ৰোগ নিৰ্ণয় যন্ত্ৰ আৰু বহনযোগ্য এক্স-ৰে সঁজুলিৰে সজ্জিত ভ্ৰাম্যমাণ পৰীক্ষা বাহনৰ সহায়ত দলটোৱে তিনিদিনত ১,২৫০গৰাকী লোকৰ পৰীক্ষা সম্পন্ন কৰে আৰু অধিক পৰীক্ষাৰ বাবে ২৫০ৰো অধিক সম্ভাৱ্য টি.বি. ৰোগী চিনাক্ত কৰে।
ইয়াৰ লগতে ভাৰতীয় সেনা, স্থানীয় স্বাস্থ্যকৰ্মী, গাঁও প্ৰতিনিধি আৰু ধৰ্মীয় নেতাসকলৰ সৈতে সজাগতা সভাও অনুষ্ঠিত কৰা হয়। এই প্ৰচেষ্টাই ২০২৫ চনৰ ভিতৰত ‘টি.বি.-মুক্ত কাশ্মীৰ’ গঢ়ি তোলাৰ দিশত জম্মু-কাশ্মীৰৰ প্ৰতিশ্ৰুতিবদ্ধতা প্ৰতিফলিত কৰে।
এ.আই. নেতৃত্বাধীন পদক্ষেপ
চৰকাৰে টি.বি. ৰোগ ধৰা পেলোৱা, ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ বাবে এ.আই. ব্যৱস্থা ব্যৱহাৰ কৰিছে, স্বাস্থ্যসেৱাত প্ৰযুক্তি একত্ৰিত কৰি সেৱাৰ সুবিধা আৰু গতি উন্নত কৰাৰ বাবে। এইবোৰ হ'ল:
|
স্বাস্থ্যসেৱাৰ ক্ষেত্ৰ
|
এ.আই. সমাধান
|
প্ৰক্ৰিয়া, প্ৰযুক্তি
|
চিকিৎসাৰ অভিজ্ঞতা আৰু প্ৰভাৱ
|
|
টি.বি. স্ক্ৰীনিং
|
কফ এগেইনষ্ট টি.বি. (Cough Against TB – CATB)
|
ধ্বনি-ভিত্তিক এ.আই.: স্মাৰ্টফোন এপৰ জৰিয়তে ৰোগীৰ কাহৰ ৩ ছেকেণ্ডৰ ৰেকৰ্ডিং বিশ্লেষণ কৰি টি.বি.ৰ বৈশিষ্ট্যপূৰ্ণ ধ্বনিৰ আৰ্হি চিনাক্ত কৰা হয়।
|
১.৬২ লাখতকৈ বেছি স্ক্ৰীনিং; পৰম্পৰাগত পদ্ধতিতকৈ ১২-১৬% বেছি ৰোগী চিনাক্ত কৰা।
|
|
টি.বি. ব্যৱস্থাপনা
|
প্ৰতিকূল পৰিণামৰ পূৰ্বানুমান
|
পূৰ্বানুমানমূলক বিশ্লেষণ: এ.আই.-এ চিকিৎসা বিফল হোৱাৰ অধিক আশংকা থকা ৰোগী চিনাক্ত কৰে আৰু চিনাক্তকৰণৰ পিছত চিকিৎসা আৰম্ভ কৰা হয়।
|
দেশজুৰি ব্যৱহাৰৰ পিছত নেতিবাচক ফলাফল ২৭% কমিছে।
|
|
টি.বি. ট্ৰাইজেজ
|
ডিপ চি.এক্স.আৰ. (বুকুৰ এক্স-ৰে)
|
ৰেডিঅ’লজী এ.আই.: ডিজিটেল এক্স-ৰে স্বয়ংক্ৰিয়ভাৱে বিশ্লেষণ কৰি সম্ভাৱ্য টি.বি. ৰোগীৰ ক্ষেত্ৰত নডিউল আৰু গহ্বৰ চিনাক্ত কৰা হয়।
|
৮ খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ব্যৱহাৰ; বিশেষজ্ঞৰ অভাৱ পূৰণ কৰিবলৈ চৰকাৰক বিনামূলীয়াকৈ দিয়া হৈছে।
|
টি.বি. নিৰ্মূলৰ দিশে খোজ
ভাৰতত টি.বি. ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাটোৱে নিৰন্তৰ প্ৰতিশ্ৰুতি, ৰাইজৰ অংশগ্ৰহণ আৰু শক্তিশালী জনস্বাস্থ্য পদক্ষেপৰ সবল ভূমিকাকে প্ৰকাশ কৰে ৷ নিৰন্তৰ সজাগতা, যত্নৰ সুবিধা বঢ়োৱা আৰু সামূহিক দায়িত্বৰে, দেশখনে এনে ভৱিষ্যতৰ ওচৰ চাপিছে য'ত টি.বি. মুক্ত ভাৰত কেৱল সপোনেই নহয়, ই এক স্পৰ্শ কৰিব পৰা বাস্তৱ লক্ষ্য। জে.অ.এছ.এইচ. (JOSH) ছচিয়েল মিডিয়া অভিযানে টি.বি.ৰ বিষয়ে সজাগতা বঢ়াবলৈ আৰু টি.বি. নিৰ্মূলৰ বাবে ৰাইজক একগোট কৰাত সহায় কৰিবলৈ চেষ্টা কৰে। সকলো স্তৰৰ স্বাস্থ্য প্ৰতিষ্ঠান, যুৱক-যুৱতী আৰু ৰাইজক সামৰি এই পদক্ষেপসমূহৰ জৰিয়তে ভাৰতে এটা বিপজ্জনক আৰু গুৰুতৰভাবে প্ৰচলিত ৰোগ নিৰ্মূল কৰি বিকশিত ভাৰত ২০৪৭ গঢ়াৰ দিশে আগবাঢ়িছে।
তথ্যসূত্ৰসমূহ
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2189415
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2275402®=1&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2114549
https://www.pib.gov.in/PressReleasePage.aspx?PRID=1808582
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2184456
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2081662
https://mohfw.gov.in/?q=en/basicpage-
https://tbcindia.mohfw.gov.in/national-strategic-plan-to-end-tb-in-india-2020-25/
https://dghs.mohfw.gov.in/national-tuberculosis-elimination-programme.php
https://tbcindia.mohfw.gov.in/concept-note/
https://aam.mohfw.gov.in/
https://tbcindia.mohfw.gov.in/wp-content/uploads/2024/10/TB-Report_for-Web_08_10-2024-1.pdf
https://mohfw.gov.in/?q=/press-info/7783
https://www.mohfw.gov.in/?q=en/pressrelease-217
https://tbcindia.mohfw.gov.in/wp-content/uploads/2023/05/4193711960Social-action-plan-2013-Final-7th-Jan-14.pdf
https://tbcindia.mohfw.gov.in/wp-content/uploads/2023/05/4773363959TOG-Chapter-1-Introduction.pdf
পিআইবি বেকগ্ৰাউণ্ডাৰ
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2244661®=3&lang=1
pdf চাবলৈ ক্লিক কৰক
***
পিআইবি গৱেষণা/SSH/RR
(Explainer ID: 160465)
आगंतुक पटल : 18
Provide suggestions / comments