Infrastructure

প্ৰধানমন্ত্ৰী গতিশক্তিৰ পাঁচ বছৰ: ভাৰতৰ আন্তঃগাঁথনি পৰিকল্পনাৰ ৰূপান্তৰ

Posted On: 12 OCT 2026 1:43PM

 

প্ৰধানমন্ত্ৰী গতিশক্তি নেচনেল মাষ্টাৰ প্লেন (PM GatiShakti National Master Plan) চমুকৈ পি.এম.জি.এছ.-এন.এম.পি. (PMGS-NMP) এক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি মেপিং প্লেটফৰ্মৰ পৰা এটা বিস্তৃত পৰিকল্পনা কাঠামোলৈ বিকশিত হৈছে। ই মন্ত্ৰালয়, ৰাজ্য আৰু আন্তঃগাঁথনি নেটৱৰ্কসমূহক এটা ভৌগোলিক তথ্য ব্যৱস্থা (জি.আই.এছ.) ভিত্তিক প্লেটফৰ্মৰ জৰিয়তে একত্ৰিত কৰে, যাতে সমন্বিত পৰিকল্পনা আৰু প্ৰকল্প সমন্বয়ত সহায় কৰিব পাৰে। সম্প্ৰতি ই ৫৮ টা কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগ আৰু ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে।

বিকশিত ভাৰতৰ ইঞ্জিন হিচাপে আন্তঃগাঁথনি

ভাৰতে এনে এক বিশাল পৰিসৰত আন্তঃগাঁথনি নিৰ্মাণ কৰি আছে যাৰ বাবে খণ্ড আৰু পৰিবহনৰ মাধ্যমসমূহৰ মাজত সমন্বয়ৰ প্ৰয়োজন। পথ, ৰে’লৱে, বন্দৰ, বিমানবন্দৰ, জলপথ আৰু উপযোগীতাসমূহে প্ৰায়ে একেটা অঞ্চলতে পৰস্পৰক একেলগে সংযোজিত হৈ আছে। এই নেটৱৰ্কসমূহ একেলগে পৰিকল্পনা কৰিলে খৰচ আৰু সময় ৰাহি কৰাত, প্ৰকল্পসমূহৰ সমন্বয়ত আৰু বৰ্তমানৰ আন্তঃগাঁথনিৰ অধিক দক্ষ ব্যৱহাৰত সহায় কৰিব পাৰি। এই প্ৰক্ৰিয়াত বিভিন্ন আন্তঃগাঁথনি নেটৱৰ্কক এক উমৈহতীয়া পৰিকল্পনা কাঠামোৰ ভিতৰত একত্ৰিত কৰিবলৈ এক পদ্ধতিগত প্ৰয়োজনীয়তাৰ সৃষ্টি হৈছিল।

এই প্ৰয়োজনীয়তা পূৰণৰ বাবেই ২০২১ চনৰ ১৩ অক্টোবৰত প্ৰধানমন্ত্ৰী গতিশক্তি নেচনেল মাষ্টাৰ প্লেন আৰম্ভ কৰা হৈছিল। ই বিভিন্ন মন্ত্ৰালয়, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তথ্য এটা উমৈহতীয়া ভৌগোলিক তথ্য ব্যৱস্থা ভিত্তিক প্লেটফৰ্মলৈ আনিছিল। প্ৰধানমন্ত্ৰী গতিশক্তিয়ে পৰিকল্পনাকাৰীসকলক আন্তঃগাঁথনি, ভৌগোলিক বৈশিষ্ট্য, অৰ্থনৈতিক ক্ষেত্ৰ আৰু অন্যান্য প্ৰাসংগিক তথ্য একেলগে চাবলৈ সক্ষম কৰে, যিয়ে আন্তঃগাঁথনি প্ৰকল্পৰ বাবে তথ্য-চালিত পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণত সহায় কৰে। পাঁচ বছৰৰ পাছত, এই পদ্ধতি এটা দেশজোৰা পৰিকল্পনা কাঠামোলৈ বিকশিত হৈছে।

সংক্ষেপত প্ৰধানমন্ত্ৰী গতিশক্তি

প্ৰধানমন্ত্ৰী গতিশক্তি ছটা নীতিৰ দ্বাৰা পৰিচালিত, যিয়ে আন্তঃগাঁথনি পৰিকল্পনাক অধিক সমন্বিত, দক্ষ আৰু সমন্বয়পূৰ্ণ কৰিব বিচাৰে। ইয়াৰ ভিতৰত আছে সমন্বিত উন্নয়ন, বহু-মাত্ৰিক আন্তঃগাঁথনি, লাষ্ট মাইল সংযোগ, দ্ৰুত ভূমি অধিগ্ৰহণ, ন্যূনতম অনুমোদন আৰু পৰিৱেশৰ ওপৰত প্ৰভাৱ হ্ৰাস।

প্ৰধানমন্ত্ৰী গতিশক্তিৰ মুখ্য বৈশিষ্ট্যসমূহ হ'ল:

আপুনি জানেনে?

প্ৰধানমন্ত্ৰী গতিশক্তিয়ে বিভিন্ন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ আন্তঃগাঁথনি আঁচনিসমূহক সামৰি লয়, যেনে ভাৰতমালা, সাগৰমালা, অভ্যন্তৰীণ জলপথ, স্থল বন্দৰ আৰু ইউ.ডি.এ.এন. (UDAN)।

  • সাতটা আন্তঃগাঁথনি ইঞ্জিন: পথ, ৰে’লৱে, বন্দৰ, জলপথ, বিমানবন্দৰ, গণ পৰিবহন আৰু লজিষ্টিকছ আন্তঃগাঁথনি হৈছে এই পৰিকল্পনাৰ মূল খণ্ড।
  • সমগ্ৰ চৰকাৰৰ পৰিকল্পনা: ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনে ৫৮ টা কেন্দ্ৰীয় মন্ত্ৰালয় আৰু বিভাগ আৰু ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি লৈছে, যাৰ ফলত আন্তঃগাঁথনি প্ৰস্তাৱসমূহক খণ্ডসমূহৰ মাজত পৰিকল্পনা আৰু মূল্যায়ন কৰিব পৰা যায়।
  • সমন্বিত ডিজিটেল পৰিকল্পনা: নেচনেল মাষ্টাৰ প্লেনে আন্তঃগাঁথনি আৰু ভূ-স্থানীয় তথ্য এটা উমৈহতীয়া জি.আই.এছ. ভিত্তিক প্লেটফৰ্মত একত্ৰিত কৰে, যিয়ে স্থানীয় পৰিকল্পনা আৰু সিদ্ধান্ত গ্ৰহণত সহায় কৰে।
  • বহল তথ্যৰ প্ৰৱেশাধিকাৰ: ২৩০টা অনুমোদিত তথ্যসমষ্টিত প্ৰৱেশাধিকাৰ প্ৰদান কৰে। ইয়াৰ জৰিয়তে স্থানৰ উপযুক্ততা বিশ্লেষণ, সংযোগৰ মানচিত্ৰ প্ৰস্তুতকৰণ, পথৰ পৰিকল্পনা আৰু নিয়ম-নীতিৰ অনুপালন পৰীক্ষা কৰিব পাৰি।
  • ডাটা লেয়াৰ: ১২ অক্টোবৰ ২০২৬ তাৰিখলৈকে ২৩,৪৯৩ টাতকৈ অধিক ডাটা লেয়াৰে আন্তঃগাঁথনি আৰু অন্যান্য প্ৰাসংগিক তথ্য উমৈহতীয়া ভৌগোলিক তথ্য ব্যৱস্থা ভিত্তিক প্লেটফৰ্মলৈ আনিছে।

 আই.টি.এল.এ.: সমন্বিত পৰিবহন পৰিকল্পনা শক্তিশালী কৰা

প্ৰধানমন্ত্ৰী গতিশক্তিৰ পৰিপূৰক হিচাপে, কেন্দ্ৰীয় কেবিনেটে শেহতীয়াকৈ ইন্টিগ্ৰেটেড ট্ৰান্সপৰ্ট এণ্ড লজিষ্টইকচ অথৰিটি (Integrated Transport & Logistics Authority) চমুকৈ আই.টি.এল.এ. (ITLA) স্থাপনৰ অনুমোদন জনাইছে। এই প্ৰাধিকৰণে দীৰ্ঘম্যাদী পৰিবহন পৰিকল্পনা আৰু সমন্বয়ৰ ওপৰত গুৰুত্ব দিব।

আই.টি.এল.এ.-এ দহ বছৰ বা তাতকৈ অধিক সময়ৰ পৰিকল্পনাৰ সৈতে এখন ৰাষ্ট্ৰীয় পৰিবহন মাষ্টাৰ প্লেন প্ৰস্তুত কৰিব। ই খণ্ডীয় আৰু বাৰ্ষিক পৰিবহন পৰিকল্পনাৰ মূল্যায়ন কৰিব, আৰু ৫০০ কোটি টকা বা তাতকৈ অধিক ব্যয়ৰ প্ৰকল্পৰ কাৰিকৰী মূল্যায়ন কৰিব। প্ৰাধিকৰণে ইয়াৰ ৰূপায়ণৰ নিৰীক্ষণো কৰিব। ই ফাষ্টটেগ, বাহন, আৰু জি.এছ.টি.এন. ই-ৱে’ বিলৰ দৰে উৎসৰ পৰা তথ্য একত্ৰিত কৰি এটা নেচনেল ট্ৰান্সপ’ৰ্ট ডাটা ৰিপ’জিটৰী (National Transport Data Repository- NTDP)

বিকশিত কৰিব।

গতিশক্তিয়ে কেনেকৈ কাম কৰে: সমন্বয়ৰ পৰা প্ৰকল্প পৰিকল্পনালৈ

প্ৰধানমন্ত্ৰী গতিশক্তিৰ তিনিটা স্তৰৰ প্ৰাতিষ্ঠানিক কাঠামো আছে, য'ত তলত দিয়াবোৰ অন্তৰ্ভুক্ত:

  • সচিবসকলৰ ক্ষমতাপ্ৰাপ্ত গোট: কেবিনেট সচিবৰ অধ্যক্ষতাত ই.জি.অ’.এছ.-এ প্ৰধানমন্ত্ৰী গতিশক্তিৰ ৰূপায়ণৰ তদাৰকী কৰে আৰু মাষ্টাৰ প্লেনৰ পৰিৱৰ্তনসমূহ পৰ্যালোচনা, বিবেচনা আৰু অনুমোদন কৰে।
  • নেটৱৰ্ক পৰিকল্পনা গোট(এন.পি.জি.): এন.পি.জি.-এ আন্তঃগাঁথনি মন্ত্ৰালয় আৰু বিভাগৰ নেটৱৰ্ক পৰিকল্পনা বিভাগৰ মুৰব্বীসকলক একত্ৰিত কৰে। ই আন্তঃগাঁথনি প্ৰস্তাৱসমূহ পৰীক্ষা কৰে আৰু একীভূত পৰিকল্পনা, সংহতি আৰু অনুকূলন নিশ্চিত কৰে। ই প্ৰকল্প পৰিকল্পনাৰ বাবে নেচনেল মাষ্টাৰ প্লেনৰ অধীনত হোৱা উন্নয়নৰ নিৰীক্ষণো কৰে।
  • কাৰিকৰী সহায়ক গোট (টি.এছ.ইউ.): টি.এছ.ইউ.-ত ড'মেইন আৰু বিষয় বিশেষজ্ঞসকল থাকে যিয়ে মূল্যায়ন প্ৰক্ৰিয়াত সহায় কৰে। ই লজিষ্টিকছ বিভাগক প্ৰধানমন্ত্ৰী গতিশক্তি সচিবালয় হিচাপে নিজৰ ভূমিকা পালন কৰাত সহায় কৰে।

১১ আগষ্ট ২০২৬ তাৰিখলৈকে এন.পি.জি. এ প্ৰায় ১৮.৬৬ লাখ কোটি টকাৰ মুঠ আনুমানিক ব্যয়ৰ ৩৯৬ টা আন্তঃগাঁথনি প্ৰকল্পৰ মূল্যায়ন কৰিছিল। ইয়াৰে ২৫৬ টা প্ৰকল্প অনুমোদন কৰা হৈছিল, যাৰ ভিতৰত ১৯৮ টা ৰূপায়ণৰ অধীনত আছিল। প্ৰাতিষ্ঠানিক কাঠামোটো এটা ডিজিটেল প্লেটফৰ্মৰ দ্বাৰা সমৰ্থিত যিয়ে পৰিকল্পনাকাৰীসকলক ভূ-স্থানীয় তথ্য, উপগ্ৰহ চিত্ৰ আৰু বিশ্লেষণাত্মক সঁজুলি প্ৰদান কৰে।

গতিশক্তি বিশ্ববিদ্যালয়: সমন্বিত আন্তঃগাঁথনি পৰিকল্পনাৰ বাবে বিশেষজ্ঞ গঢ়ি তোলা

গতিশক্তি বিশ্ববিদ্যালয় হৈছে পৰিবহন আৰু লজিষ্টিকছ খণ্ডৰ ওপৰত সম্পূৰ্ণৰূপে কেন্দ্ৰীভূত প্ৰথমখন বিশ্ববিদ্যালয়। ২০২২ চনত স্থাপিত এই বিশ্ববিদ্যালয়খনে পৰিবহন সম্পৰ্কীয় শাখাসমূহত শিক্ষা, কাৰ্যবাহী প্ৰশিক্ষণ আৰু গৱেষণাক একত্ৰিত কৰে।

গতিশক্তি বিশ্ববিদ্যালয়ে বিশেষ শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণাৰ জৰিয়তে প্ৰধানমন্ত্ৰী গতিশক্তি নেচনেল মাষ্টাৰ প্লেন আৰু ৰাষ্ট্ৰীয় লজিষ্টিকছ নীতি (২০২২) ক সমৰ্থন কৰে। গতিশক্তি বিশ্ববিদ্যালয়ে দুয়োটা পদক্ষেপৰ ক্ষেত্ৰতে ন'ডেল এজেন্সী হিচাপে পাঠ্যক্ৰমৰ বিকাশ আৰু প্ৰসাৰৰ হকে কাম কৰে। এই সহযোগিতাই লজিষ্টিকছত উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰিবলৈ আৰু গৱেষণা তথা উদ্ভাৱনক প্ৰচাৰ কৰিবলৈ জ্ঞান কেন্দ্ৰৰ পৰিকল্পনাও কৰে। ২০২৬ চনৰ জুলাইলৈকে বিশ্ববিদ্যালয়খনে প্ৰধানমন্ত্ৰী গতিশক্তিৰ বাবে ডিজাইন কৰা পাঠ্যক্ৰমৰ জৰিয়তে ২.৪ লাখতকৈ অধিক বিষয়াক প্ৰশিক্ষণ দিছিল। বিশ্ববিদ্যালয়খনে সামুদ্ৰিক পৰিবহন, দলং আৰু সুৰংগ অভিযান্ত্ৰিক আৰু প্ৰতিৰক্ষা লজিষ্টিকছৰ দৰে বিশেষ ক্ষেত্ৰৰ লগতে সমন্বিত পৰিবহন পৰিকল্পনাৰ বাবে প্ৰায়োগিক গৱেষণাৰ ওপৰতো গুৰুত্ব বৃদ্ধি কৰি আছে।

তথ্যৰ পৰা সিদ্ধান্তলৈ: ডিজিটেল পৰিকল্পনাই পৰিকল্পনাকাৰীসকলক কেনেকৈ সহায় কৰিছে

নেচনেল মাষ্টাৰ প্লেনে আন্তঃগাঁথনি, ভৌগোলিক বৈশিষ্ট্য, আৰু জনগাঁথনিৰ ওপৰত GIS ভিত্তিক তথ্যসমূহ এটা উমৈহতীয়া প্লেটফৰ্মত একত্ৰিত কৰে। সমন্বিত আন্তঃগাঁথনি পৰিকল্পনাক সমৰ্থন কৰিবলৈ অৰ্থনৈতিক অঞ্চলসমূহকো বহু-মাত্ৰিক সংযোগ আন্তঃগাঁথনিৰ সৈতে মেপ কৰা হয়। ইয়াৰ ফলত পৰিকল্পনাকাৰীসকলে প্ৰকল্প পৰিকল্পনা কৰাৰ সময়ত বিভিন্ন আন্তঃগাঁথনি নেটৱৰ্ক আৰু প্ৰাসংগিক ভৌগোলিক তথ্য একেলগে চাব পাৰে।

প্লেটফৰ্মে স্থানীয় পৰিকল্পনা আৰু বিশ্লেষণাত্মক সঁজুলিৰ সৈতে তথ্য আপডেট আৰু সংহতিৰ বাবে ব্যৱস্থাক একত্ৰিত কৰে। ই প্ৰকল্পৰ তথ্য যোগ কৰা, দূৰত্বৰ জোখ, গ’/ন’-গ’ অঞ্চল (য'ত উন্নয়নত বাধা থাকিব পাৰে) চিনাক্ত কৰা আৰু অনুমতি লাভ কৰা আদি কাৰ্য্যকলাপত সহায় কৰিব পাৰে।

আন্তঃগাঁথনি আৰু আন্তঃগাঁথনি ন'ডসমূহৰ মেপিং

প্ৰধানমন্ত্ৰী গতিশক্তি নেচনেল মাষ্টাৰ প্লেনে বহু-মাত্ৰিক সংযোগ আন্তঃগাঁথনিৰ সৈতে অৰ্থনৈতিক, সামাজিক আৰু লজিষ্টিকছ ন'ডসমূহ মেপ কৰে। ইয়াৰ ফলত আন্তঃগাঁথনি সংযোগ আৰু চৌদিশৰ উন্নয়নৰ প্ৰেক্ষাপট পৰিকল্পনা প্ৰক্ৰিয়ালৈ আহে। প্লেটফৰ্মে অৰ্থনৈতিক অঞ্চল আৰু উন্নয়ন প্ৰকল্পসমূহক সমৰ্থন কৰিবলৈ প্ৰয়োজনীয় আন্তঃগাঁথনি সংযোগসমূহ, লগতে মানুহ, সামগ্ৰী আৰু সেৱাৰ নিৰৱচ্ছিন্ন চলাচলত প্ৰভাৱ পেলাব পৰা  সংযোগহীন অৱস্থাৰ কাৰকক চিনাক্ত কৰাত সহায় কৰে।

বস্ত্ৰ আৰু ঔষধ ক্লাষ্টাৰ, প্ৰতিৰক্ষা কৰিড’ৰ, ইলেক্ট্ৰনিক পাৰ্ক, ঔদ্যোগিক কৰিড’ৰ, মাছ ধৰা ক্লাষ্টাৰ আৰু কৃষি অঞ্চলৰ দৰে অৰ্থনৈতিক অঞ্চলসমূহক সমন্বিত আন্তঃগাঁথনি পৰিকল্পনাক সমৰ্থন কৰিবলৈ মেপ কৰা হয়।

উদাহৰণ: বিহাৰৰ খগৰীয়া-পূৰ্ণিয়া কৰিড’ৰ। উন্নীত কৰিড’ৰটোৱে পাঁচটা প্ৰধানমন্ত্ৰী গতিশক্তি অৰ্থনৈতিক ন'ডক সংযোগ কৰাৰ পৰিকল্পনা কৰা হৈছে, য'ত এটা বস্ত্ৰ ক্লাষ্টাৰ, মেগা ফুড পাৰ্ক আৰু মাছ/সামুদ্ৰিক খাদ্য পাৰ্ক, লগতে ১১ টা লজিষ্টিকছ ন'ড আছে। পৰিকল্পিত সংযোগে অঞ্চলটোৰ মাজেৰে সামগ্ৰী আৰু যাত্ৰীৰ দ্ৰুত চলাচলত সহায় কৰাৰ উদ্দেশ্য ৰাখিছে।

লজিষ্টিকছ ব্যৱস্থা সংযোগ কৰা

ইউনিফাইড লজিষ্টিকছ ইণ্টাৰফেচ প্লেটফৰ্ম (ইউ.এল.আই.পি.)-এ চৰকাৰী লজিষ্টিকছ ব্যৱস্থাৰ এ.পি.আই. ভিত্তিক সংহতি সক্ষম কৰে, আনহাতে লজিষ্টিকছ ডাটা বেংকে ই.এক্স.আই.এম. (EXIM) কণ্টেইনাৰ চলাচলৰ ৰিয়েল-টাইম ট্ৰেকিং প্ৰদান কৰে। এই প্ৰক্ৰিয়াই একেলগে লজিষ্টিকছ ইক'ছিষ্টেমত ডিজিটেল তথ্য বিনিময় আৰু দৃশ্যমানতা শক্তিশালী কৰে। ২০২৬ চনৰ জুলাইলৈকে ইউ.এল.আই.পি.-এ ১২ টা কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ৪৬ টা চৰকাৰী ব্যৱস্থাক ১৪২ টা এ.পি.আই.-ৰ জৰিয়তে সংযুক্ত কৰিছিল।

ভূ-স্থানীয় তথ্য বৃহত্তৰ ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা

ডিজিটেল ইক'ছিষ্টেমটো চৰকাৰী ব্যৱহাৰকাৰীৰ বাহিৰৰ  গোটতো সম্প্ৰসাৰিত হৈছে। ২০২৫ চনৰ অক্টোবৰত ভাস্কৰাচাৰ্য ৰাষ্ট্ৰীয় মহাকাশ প্ৰয়োগ আৰু ভূ-তথ্য বিজ্ঞান প্ৰতিষ্ঠান (Bhaskaracharya National Institute for Space Applications and Geo-informatics – BISAG-N)-এ বিকশিত কৰা প্ৰশ্ন-ভিত্তিক বিশ্লেষণ ব্যৱস্থা (Query-Based Analytics Mechanism)-ৰ জৰিয়তে পি.এম. গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন প্লেটফৰ্মটো ব্যক্তিগত খণ্ডৰ বাবেও মুকলি কৰা হয়। প্লেটফৰ্মে আন্তঃগাঁথনি পৰিকল্পনা আৰু বিনিয়োগৰ সিদ্ধান্তৰ বাবে নিৰ্বাচিত অ-সংবেদনশীল ডাটাছেটৰ নিয়ন্ত্ৰিত প্ৰৱেশাধিকাৰ প্ৰদান কৰে।

এই প্লেটফৰ্মে সম্প্ৰতি ভৌতিক আৰু সামাজিক আন্তঃগাঁথনি সম্পত্তি সামৰি ২৩০ টা অনুমোদিত ডাটাছেটৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰিছে। ব্যৱহাৰকাৰীসকলে স্থানৰ উপযুক্ততা বিশ্লেষণ, সংযোগ মেপিং, সম-সংযোগৰ পৰিকল্পনা আৰু নিয়ম পালনৰ পৰীক্ষা কৰিব পাৰে, আৰু বিশ্লেষণাত্মক প্ৰতিবেদন তৈয়াৰ কৰিব পাৰে।

তথ্যৰ পৰা নিৰীক্ষণলৈ

ডিজিটেল প্লেটফৰ্মে প্ৰকল্পৰ অগ্ৰগতিৰ ট্ৰেকিং আৰু আন্তঃগাঁথনি তথ্য আপডেট কৰাতো সহায় কৰে। প্ৰধানমন্ত্ৰী গতিশক্তি নেচনেল মাষ্টাৰ প্লেন ডেশ্বব'ৰ্ডে অগ্ৰগতি ট্ৰেক কৰিবলৈ আৰু কাৰ্যকৰী অন্তৰ্দৃষ্টি লাভ কৰিবলৈ বহু-খণ্ডৰ ৰিপ'ৰ্টিং প্ৰদান কৰে। ডাটা আপলোডিং আৰু মেনেজমেণ্ট চিষ্টেম-এ বিকেন্দ্ৰীভূত আৰু ৰিয়েল-টাইম ডাটাৰ মালিকীস্বত্ব আৰু আপডেট সক্ষম কৰে।

সামগ্ৰিক পদ্ধতিটোৱে তথ্য-চালিত সিদ্ধান্ত গ্ৰহণ, পৰিকল্পনা আৰু আন্তঃগাঁথনি উন্নয়নৰ প্ৰক্ৰিয়াক সমৰ্থন কৰিবলৈ ভূ-স্থানীয় তথ্য, উপগ্ৰহ চিত্ৰ আৰু এ.পি.আই. সংহতি ব্যৱহাৰ কৰে।

কাৰ্যক্ষেত্ৰত প্ৰধানমন্ত্ৰী গতিশক্তি

  • পুনে-বেংগালুৰু এক্সপ্ৰেছৱে’: ৬৯৯ কিমি এক্সপ্ৰেছৱে’, ২০২৭-২৮ চনত সম্পূৰ্ণ হোৱাৰ আশা কৰা হৈছে, যিয়ে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক ক্লাষ্টাৰসমূহক সংযোগ কৰিব। ইয়াৰ ভিতৰত আছে অট’মোবাইল আৰু যান্ত্ৰিক সজুলিৰ কাৰখানা, ঔষধ ক্লাষ্টাৰ, বিশেষ অৰ্থনৈতিক অঞ্চল আৰু প্ৰতিৰক্ষা কৰিড’ৰ। প্ৰকল্পটোৱে ১৫ টা ৰাষ্ট্ৰীয় ঘাইপথ, ২৫ টা ৰাজ্যিক ঘাইপথ আৰু ৬ টা ৰে’লৱে ষ্টেচনক সংযোগ কৰে, যিয়ে বহু-মাত্ৰিক সংযোগ সক্ষম কৰে। প্ৰধানমন্ত্ৰী গতিশক্তি নেচনেল মাষ্টাৰ প্লেন প্লেটফৰ্ম ব্যৱহাৰ কৰি, বনাঞ্চলৰ ভূমিৰ ওপৰত পৰা প্ৰভাৱ ১৯% হ্ৰাস কৰিবলৈ সংযোগ সমতা সংশোধন কৰা হৈছিল। প্ৰকল্পটোৱে যাত্ৰাৰ সময় ৭-৮ ঘণ্টা হ্ৰাস কৰিব বুলি আশা কৰা হৈছে। ই বছৰি প্ৰায় ১৬ কোটি লিটাৰ ইন্ধন ৰাহি কৰিব আৰু প্ৰায় ৩৯ কোটি কেজি কাৰ্বন নিৰ্গমন হ্ৰাস কৰিব।
  • যোগীঘোপা মাল্টিম'ডেল লজিষ্টিকছ পাৰ্ক, অসম: যোগীঘোপা মাল্টিম'ডেল লজিষ্টিকছ পাৰ্ক অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত। ই উত্তৰ-পূবত পথ, ৰেল আৰু অভ্যন্তৰীণ জলপথৰ মাজেৰে নিৰৱচ্ছিন্ন মাল পৰিবহন সক্ষম কৰিবলৈ ডিজাইন কৰা হৈছে। সমন্বিত পৰিকল্পনা আৰু চাহিদা বিশ্লেষণৰ বাবে প্ৰধানমন্ত্ৰী গতিশক্তি ব্যৱহাৰ কৰা হৈছিল। ধুবুৰী আৰু ফুলবাৰীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণাধীন চাৰিলেনযুক্ত দলংখনে যাত্ৰাৰ দূৰত্ব ২০৫ কিমিৰ পৰা ২০ কিমিলৈ আৰু যাত্ৰাৰ সময় প্ৰায় সাত ঘণ্টাৰ পৰা ৩০ মিনিটলৈ হ্ৰাস কৰাৰ পৰিকল্পনা কৰা হৈছে।
  • সেউজ শক্তি কৰিড’ৰ: লাডাখ-হাৰিয়ানা: পি.এম. গতিশক্তিৰ অধীনত এন.পি.জি.-য়ে (NPG) পৰামৰ্শ আগবঢ়োৱা এই প্ৰকল্পই ৫ গিগাৱাটৰ বিদ্যুৎ পৰিবহন ব্যৱস্থাৰ জৰিয়তে ১৩ গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ বিদ্যুৎ সঞ্চালন আৰু গ্ৰীডৰ সৈতে সংহতি সম্ভৱ কৰি তুলিব। ইয়াৰ অধীনত লাডাখৰ পাং আৰু হাৰিয়ানাৰ কৈথালৰ মাজত ৪৮০ কিলোমিটাৰ দৈৰ্ঘ্যৰ উচ্চ-ভল্টেজ প্ৰত্যক্ষ প্ৰবাহ (HVDC) বিদ্যুৎ পৰিবহন লাইন স্থাপন কৰা হ’ব। দুয়োটা মূৰত ৫ গিগাৱাট ক্ষমতাসম্পন্ন উচ্চ-ভল্টেজ প্ৰত্যক্ষ প্ৰবাহ টাৰ্মিনেল থাকিব। এই বিদ্যুৎ পৰিবহন ব্যৱস্থাটো হিমাচল প্ৰদেশ আৰু পঞ্জাৱৰ মাজেৰে পাৰ হৈ কৈথালত ৰাষ্ট্ৰীয় বিদ্যুৎ গ্ৰীডৰ সৈতে সংযুক্ত হ’ব। প্ৰকল্পটো ২০২৯–৩০ বিত্তীয় বৰ্ষৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

সংযুক্ত আন্তঃগাঁথনি ভৱিষ্যত গঢ়ি তোলা

আৰম্ভণিৰ পাঁচ বছৰৰ পিছত, প্ৰধানমন্ত্ৰী গতিশক্তি এটা ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পৰিকল্পনা পদক্ষেপৰ পৰা এটা বিস্তৃত ডিজিটেল পৰিকল্পনা ইক'ছিষ্টেমলৈ বিকশিত হৈছে। মন্ত্ৰালয়, ৰাজ্য, জিলা আৰু নতুন আন্তঃগাঁথনি ক্ষেত্ৰত ইয়াৰ সম্প্ৰসাৰণে ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি পৰিকল্পনাৰ বাবে অধিক সমন্বিত পদ্ধতি সৃষ্টি কৰিছে।

তথ্যসূত্ৰসমূহ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1763576&lang=2&reg=48

অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট সমিতি (CCEA)

https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=1968732&lang=2&reg=48

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

https://pmgatishakti.gov.in/pmgatishakti/login

https://pmgatishakti.gov.in/pmgatishakti/about_pmgati

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2178521&reg=48&lang=2

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2023/apr/doc2023427188001.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1964364&lang=2&reg=48

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2297818&reg=48&lang=1

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2022/nov/doc20221124135401.pdf

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1988824&lang=2&reg=48

https://www.dpiit.gov.in/offerings/schemes-and-services/details/pm-gati-shakti-kjNyATMtQWa

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2178521&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2178500&lang=1&reg=3

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2297818&lang=2&reg=48

https://pmgatishakti.gov.in/pmgatishakti/downloadfilenew/--srv--NMP_Files--1741588112582_PMGatiShakti_Compendium%20Vol-1.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1910456&lang=2&reg=48

পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2111288&lang=1&reg=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2268357&lang=1&reg=48

ৰে’ল মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2031049&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2286394&lang=1&reg=48

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2206603&lang=1&reg=1

গতি শক্তি বিশ্ববিদ্যালয়

https://gsv.ac.in/

https://gsv.ac.in/vice-chancellor/

ইলেক্ট্ৰনিক্স আৰু আই.টি. মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2301687&lang=1&reg=3

পিআইবি আৰ্কাইভ

https://www.pib.gov.in/PressNoteDetails.aspx?ModuleId=3&NoteId=153274&lang=1&reg=3

https://www.pib.gov.in/FactsheetDetails.aspx?id=151083&NoteId=151083&ModuleId=16&reg=48&lang=2

pdf চাবলৈ ইয়াত ক্লিক কৰক

***

পিআইবি গৱেষণা/SSH/RR

(Explainer ID: 160461) आगंतुक पटल : 9
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Tamil , Kannada