Technology

ভাৰতত এডিটিভ মেনুফেকচাৰিং

নতুন প্ৰজন্মৰ ডিজিটেল উৎপাদনেৰে ভাৰতৰ ভৱিষ্যত নিৰ্মাণ

Posted On: 07 OCT 2026 12:14PM

এডিটিভ মেনুফেকচাৰিং (Additive Manufacturing) চমুকৈ এ.এম. (AM)-ৰ জৰিয়তে ডিজিটেল বিপ্লৱত ভাৰতে এক প্ৰতিযোগিতামূলক খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে এটা থ্ৰী ডি (3D) প্ৰিন্টিং প্ৰযুক্তি হিচাপে  ডিজিটেল ফাইলৰ দ্বাৰা উৎপাদন প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। নেশ্যনেল ষ্ট্ৰেটেজি ফৰ এডিটিভ মেনুফেকচাৰিং (National Strategy for Additive Manufacturing  )চমুকৈ এন.এছ.এ.এম. (NSAM) হৈছে ২০২২ চনত ভাৰতৰ এডিটিভ মেনুফেকচাৰিং পৰিস্থিতি তন্ত্ৰ গঢ়ি তোলাৰ উদ্দেশ্যে  প্ৰৱৰ্তন কৰা এক কৌশল। ই এতিয়ালৈকে এক সুস্থিৰ অগ্ৰগতি লাভ কৰিছে; ১,৫৪,০০০ ৰো অধিক ব্যক্তিক প্ৰশিক্ষণ দিছে আৰু ৫৬টা এডিটিভ মেনুফেকচাৰিং ষ্টাৰ্ট-আপক সহায় কৰিছে। এই কৌশল এতিয়া ইয়াৰ এন.এছ.এ.এম. ২.০ (NSAM 2.0) পৰ্যায়লৈ আগবাঢ়িছে, এন.এছ.এ.এম. ১.০ (NSAM 1.0)-তকৈও ডাঙৰ বজাৰৰ পৰিকল্পনা কৰিছে এ.এম.-ক আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ এক নিৰ্মাণ ব্লক হিচাপে স্থাপন কৰিছে।

ভাৰতৰ প্ৰযুক্তিৰ কাহিনীয়ে নতুন গতি লাভ কৰিছে

যোৱা দশকত প্ৰযুক্তিৰ ক্ষেত্ৰখনত ভাৰত কেৱল ব্যৱহাৰকাৰীৰ পৰা নিৰ্মাতালৈ পৰিণত হৈছে। ৰাজহুৱা ক্ষেত্ৰত ডিজিটেল আন্তঃগাঁথনিয়ে ইতিমধ্যে বিশ্বক দেখুৱাইছে ভাৰতে কিদৰে জনসংখ্যাৰ ভিত্তিত ডিজিটেল ব্যৱস্থা গঢ়িব পাৰে। সেই একেই দৃঢ়তা এতিয়া ডিজিটেল জগতৰ পৰা ভৌতিক জগতলৈও প্ৰসাৰিত হৈছে- ভাৰতে উৎপাদন কৰা সামগ্ৰীৰ ডিজাইন, নিৰ্মাণ আৰু কৌশলৰ দিশত৷ ইয়াতেই এডিটিভ মেনুফেকচাৰিং (Additive Manufacturing) চমুকৈ এ.এম. (AM) ধাৰণাটোৰ প্ৰাসংগিকতা আৰম্ভ হয়। এয়া হৈছে উদীয়মান প্ৰযুক্তি আৰু উদ্ভাৱন যিয়ে নীৰৱে ডিজিটেল ডিজাইনসমূহক বাস্তৱ, ভৌতিক বস্তুলৈ ৰূপান্তৰিত কৰিছে।

ভাৰতৰ উৎপাদন যাত্ৰাৰ পথত এডিটিভ মেনুফেকচাৰিং অন্যতম নতুন অভিযান্ত্ৰিক মাত্ৰা হৈ পৰিছে। বিশ্বব্যাপী এ.এম. মেচিনৰ বজাৰ ২০৩৫ চনৰ ভিতৰত ১৪৯ বিলিয়ন আমেৰিকান ডলাৰ স্পৰ্শ কৰিব বুলি অনুমান কৰা হৈছে, এ.এম.-ইলেক্ট্ৰনিক্স যোগান শৃংখল ১৮ বিলিয়ন ডলাৰৰ পৰা ১১২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাব। ইয়াৰ ফলত ভাৰতে পলিমাৰ, ধাতু, কম্পোজিট, চিৰামিক আৰু ছেমিকণ্ডাক্টৰ-গ্ৰেড সামগ্ৰীৰ ক্ষেত্ৰত এ.এম. প্লেটফৰ্মৰ প্ৰতিযোগিতামূলক উৎপাদক হোৱাৰ এক বাস্তৱ সুযোগ লাভ কৰিছে।

সৃষ্টিশীল মন, বিজ্ঞানক অনুঘটক ৰূপ দান, প্ৰযুক্তিৰ সবলীকৰণ

ভাৰতৰ উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ই.এছ.টি.আই.চি.-২০২৬ (ESTIC-2026)-ৰ দ্বিতীয় সংস্কৰণ ২০২৬ চনৰ ২৭–২৯ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। “সৃষ্টিশীল মন, বিজ্ঞানক অনুঘটক ৰূপ দান, প্ৰযুক্তিৰ সবলীকৰণ (Creative Minds, Catalyzing Science, Empowering Technologies)” শীৰ্ষক বিষয়বস্তুৰ আধাৰত নতুন দিল্লীৰ ভাৰত মণ্ডপমত এই অনুষ্ঠান অনুষ্ঠিত হ’ব। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি.এছ.আই.আৰ)-ৰ দ্বাৰা আয়োজিত ই.এছ.টি.আই.চি.-২০২৬-এ উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তিৰ লক্ষ্যক আগুৱাই লৈ যাব। ইয়াৰ ভিতৰত আছে এডিটিভ মেনুফেকচাৰিং আৰু ৰূপান্তৰমূলক প্ৰয়োগৰ সম্ভাৱনা থকা অন্যান্য উদীয়মান প্ৰযুক্তি। এই সন্মিলনে কৌশলগত সহযোগিতাৰ ক্ষেত্ৰত অনুঘটকৰ কাম কৰিব আৰু ২০৪৭ চনৰ ভিতৰত 'বিকশিত ভাৰত'ৰ দৃষ্টিভংগীক সমৰ্থন আগবঢ়াব। ১২ টা তাত্ত্বিক বা বিষয়ভিত্তিক খণ্ড সামৰি লোৱা এই অনুষ্ঠানত পূৰ্ণাংগ অধিৱেশন, কাৰিকৰী আলোচনা আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা থাকিব। ই.এছ.টি.আই.চি.-২০২৬ (ESTIC 2026)-ৰ কাৰ্যসূচীৰ ওপৰত অধিক পঢ়ক

এডিটিভ মেনুফেকচাৰিং প্ৰযুক্তি কি ?

এডিটিভ মেনুফেকচাৰিং কেৱল এক উৎপাদন সঁজুলি নহয় - ই এক ডিজিটেল অভিযান্ত্ৰিক ৰূপ; যিয়ে এটা ডিজিটেল ফাইল প্ৰস্তুত কৰে য’ত পৰ্যায়ক্ৰমে সামগ্ৰী জমা কৰা আৰু কেতিয়াবা সামগ্ৰীৰ গঠন নিয়ন্ত্ৰণ কৰি এটা সামগ্ৰী  প্ৰস্তুত কৰা হয়। ই কম্পিউটিং, ইলেক্ট্ৰনিক্স, ডিজাইন ছফ্টৱেৰ আৰু পদাৰ্থ বিজ্ঞানক একত্ৰীকৰণ কৰে। প্ৰতিটো এডিটিভ মেনুফেকচাৰিং সামগ্ৰী এটা ডিজিটেল ফাইল হিচাপে আৰম্ভ হয়, সেয়েহে প্ৰযুক্তিটো কম্পিউটাৰ-এইডেড ডিজাইন (চি.এ.ডি.), কৃত্ৰিম বুদ্ধিমত্তা আৰু পেটাৰ্ণ চিনাক্তকৰণৰ দৰে সঁজুলিৰ সৈতে গভীৰভাৱে জড়িত। এডিটিভ মেনুফেকচাৰিং-এ এটা সৰল কিন্তু অতি শক্তিশালী ধাৰণাৰ ওপৰত কাম কৰে ; সেয়া হৈছে- কোনো সামগ্ৰীক ধ্বংস কৰাৰ বিপৰীতে নতুন ধাৰণাৰে পুনৰ নিৰ্মাণ কৰা। ডিজিটেল ডিজাইন এটা কেনেকৈ ভৌতিক বস্তুলৈ পৰিণত হয়, তাক পৰ্যায়ক্ৰমে ইয়াত দেখুওৱা হ'ল:

  • ভাৰ্চুৱেল ডিজাইন: প্ৰক্ৰিয়াটো কম্পিউটাৰ-এইডেড ডিজাইন (চি.এ.ডি.) ফাইলত নিৰ্মিত ডিজিটেল ডিজাইনেৰে আৰম্ভ হয় - শূন্যৰ পৰা মডেলিং কৰা হয় নতুবা থ্ৰী ডি স্কেনাৰ ব্যৱহাৰ কৰি কেপচাৰ কৰা হয় বা আজিকালি ম'বাইল ফোনৰ ফটোৰ পৰা এ.আই. ব্যৱহাৰ কৰিও বনোৱা হয়।
  • এছ.টি.এল. ফাইল: এটা ষ্টেনডাৰ্ড টেচ্ছেলেশ্যন লেংগুৱেজ (Standard Tessellation Language) চমুকৈ এছ.টি.এল.  (STL)  ফাইলে এটা থ্ৰী ডি মডেলক ত্ৰিভূজাকাৰ পৃষ্ঠৰ সংগ্ৰহ হিচাপে প্ৰতিনিধিত্ব কৰে। ই এডিটিভ মেনুফেকচাৰিং-ৰ মডেল প্ৰস্তুত কৰাৰ বাবে সাধাৰণতে ব্যৱহৃত ফাইল ফৰ্মেটসমূহৰ ভিতৰত এটা। এই ফাইলে মেচিনক কি নিৰ্মাণ কৰিব লাগে তাৰ নিৰ্দেশনা দিয়ে।
  • স্লাইচিং: স্লাইচিং ছফ্টৱেৰে এই ডিজিটেল মডেলটোক শ শ বা হাজাৰ হাজাৰ অনুভূমিক স্তৰত ভাগ কৰে। এবাৰ হোৱাৰ পিছত ই মেচিনক প্ৰতিটো স্তৰতে কেনেকৈ প্ৰিন্ট কৰিব লাগে তাৰ নিৰ্দেশ দিয়ে।
  • প্ৰিন্টিং: স্লাইচ কৰা ফাইলটো এডিটিভ মেনুফেকচাৰিং মেচিনত দিয়া হয়, যিয়ে প্ৰতিটো স্তৰ পঢ়ি বস্তুটো খোজে খোজে নিৰ্মাণ কৰে।
  • এডিটিভ প্ৰক্ৰিয়া: চূড়ান্ত আকৃতিত গঢ় নোলোৱালৈকে এটা এডিটিভ মেনুফেকচাৰিং সামগ্ৰীৰ ক্ৰমাগত স্তৰ জমা কৰি নিৰ্মাণ কৰা হয়৷ প্ৰযুক্তিৰ বিৱৰ্তনে ডিজিটেল উৎপাদনক জমা আৰু গঠন নিয়ন্ত্ৰণত ইমান সঠিক পৰ্যায়লৈ লৈ গৈছে যে ডিজিটেল নিৰ্দেশনা অবিহনে প্ৰিন্টিং প্ৰক্ৰিয়াই শুদ্ধভাৱে নিৰ্মাণ কৰিব নোৱাৰে। বৰ্তমান বজাৰত আৰু গৱেষণা আৰু উন্নয়ন পৰ্যায়ত ৪০ টাতকৈও অধিক এনে প্ৰক্ৰিয়া আছে।
  • চূড়ান্ত সামগ্ৰী: প্ৰিন্টাৰে সামগ্ৰীৰ ক্ৰমাগত স্তৰসমূহ একেলগে ফিউজ কৰি এটা সম্পূৰ্ণ ত্ৰিমাত্ৰিক সামগ্ৰীত পৰিণত কৰে। এবাৰ প্ৰিন্ট কৰাৰ পাছত, বজাৰৰ উপযোগী কৰিবলৈ পোষ্ট প্ৰচেছিং কৰা হয়।

এডিটিভ মেনুফেকচাৰিং সামগ্ৰী

অসংখ্য প্ৰয়োগত, নিম্নলিখিত সামগ্ৰী শ্ৰেণীসমূহ এডিটিভ মেনুফেকচাৰিঙত বৈপ্লৱিক পৰিৱৰ্তনৰ কাৰক হৈ পৰিছে।

  • থাৰ্মোপ্লাষ্টিক: থাৰ্মোপ্লাষ্টিক পলিমাৰ হৈছে এডিটিভ মেনুফেকচাৰিং সামগ্ৰীৰ আটাইতকৈ জনপ্ৰিয় প্ৰকাৰ। এক্ৰাইল'নাইট্ৰাইল বিউটাডাইন ষ্টাইৰিন (এ.বি.এছ.), পলিকাৰ্বনেট (পি.চি.) আৰু পলিলেক্টিক এচিড (পি.এল.এ.) প্ৰতিটোৱে বিভিন্ন প্ৰয়োগত সুকীয়া সুবিধা প্ৰদান কৰে। পানীত দ্ৰৱণীয় পলিভিনাইল এলকহল (পি.ভি.এ.) সাধাৰণতে অস্থায়ী সমৰ্থন গাঁথনি সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয়, যিবোৰ পিছত দ্ৰৱীভূত কৰা হয়।
  • ধাতু: এডিটিভ মেনুফেকচাৰিঙত বিভিন্ন ধাতু আৰু ধাতুৰ মিশ্ৰণ ব্যৱহাৰ কৰা হয়, য'ত সোণ আৰু ৰূপৰ দৰে মূল্যবান ধাতুৰ পৰা ষ্টেইনলেছ ষ্টীল আৰু টাইটানিয়ামৰ দৰে ধাতুলৈকে অন্তৰ্ভুক্ত হৈ আছে।
  • চিৰামিক: জিৰকনিয়া, এলুমিনা আৰু ট্ৰাইকেলচিয়াম ফছফেটকে ধৰি বিভিন্ন চিৰামিকো এডিটিভ মেনুফেকচাৰিঙত ব্যৱহাৰ কৰা হয়। লগতে, পাউদাৰ গ্লাছ আৰু আঠাৰ বিকল্প স্তৰ একেলগে বেক কৰি সম্পূৰ্ণ নতুন শ্ৰেণীৰ গ্লাছ সামগ্ৰী বিকশিত কৰা হয়।
  • জৈৱ সামগ্ৰী: এডিটিভ মেনুফেকচাৰিং প্ৰয়োগত ব্যৱহৃত জৈৱ সামগ্ৰীসমূহৰ ভিতৰত চিলিকন, কেলচিয়াম ফছফেট আৰু জিংকৰ দৰে কঠিন সামগ্ৰী অন্তৰ্ভুক্ত যিয়ে নতুন হাড়ৰ বৃদ্ধিৰ সময়ত হাড়ৰ গঠনক সমৰ্থন কৰে। ষ্টেম কোষৰ পৰা তৈয়াৰী বায়'-ইংকতো গৱেষকসকলে ৰক্তবাহী নলী, মূত্ৰাশয় আৰু অন্যান্য বহু মানৱ অংগ গঠনৰ সম্ভাৱনাৰে অন্বেষণ কৰি আছে। লগতে যকৃতৰ কলা, বৃক্ক, হৃদয় আদি মানৱ অংগৰ থ্ৰী ডি প্ৰিন্টিং জৈৱ সামগ্ৰী আৰু জীৱন্ত কোষ ব্যৱহাৰ কৰি প্ৰিন্ট কৰা হৈছে।

ভাৰতীয় অৰ্থনীতিৰ মূল খণ্ডসমূহৰ ৰূপান্তৰ

এডিটিভ মেনুফেকচাৰিং এতিয়া আৰু লেব আৰু প্ৰট'টাইপতে সীমাবদ্ধ হৈ ৰোৱা নাই। ইয়াক ইতিমধ্যে ভাৰতৰ অৰ্থনীতি আৰু কৌশলগত ক্ষেত্ৰৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহত চৰকাৰ আৰু ব্যক্তিগত উদ্যোগীসকলৰ সঁহাৰিৰে পূৰ্ণৰূপত গ্ৰহণ কৰা হৈছে।

মহাকাশ

ভাৰতৰ মহাকাশ কাৰ্যসূচীয়ে পাতল, দ্ৰুত হাৰ্ডৱেৰ নিৰ্মাণৰ বাবে এডিটিভ মেনুফেকচাৰিং গ্ৰহণ কৰিছে। ২০২৪ চনৰ মে' মাহত আই.আই.টি. মাদ্ৰাজ-ইনকিউবেটেড ষ্টাৰ্ট-আপ অগ্নিকূল কছমছ (Agnikul Cosmos)-এ অগ্নিবাণ - ছৰ্টেড (Agnibaan – SorTeD) উৎক্ষেপণ কৰে, য'ত এটা একক-টুকুৰা, এডিটিভ মেনুফেকচাৰিং প্ৰিন্ট কৰা ছেমি-ক্ৰায়'জেনিক ৰকেট ইঞ্জিন আছে। এই মিছনে প্ৰদৰ্শন কৰিছিল কেনেকৈ এডিটিভ মেনুফেকচাৰিঙে জটিল ইঞ্জিন ডিজাইনৰ নিৰ্মানো সক্ষম কৰিব পাৰে আৰু মহাকাশ হাৰ্ডৱেৰৰ দ্ৰুত আৰু প্ৰকৃত বিকাশত সহায় কৰিব পাৰে। এন.এছ.এ.এম.-এ এডিটিভ মেনুফেকচাৰিং ব্যৱহাৰ কৰি গুৰুত্বপূৰ্ণ ইঞ্জিনৰ অংশ বিকাশৰ বাবে তেওঁলোকৰ গৱেষণা আৰু উন্নয়নত এনে বহু ষ্টাৰ্ট-আপক সহায় কৰি আছে।

প্ৰতিৰক্ষা

সশস্ত্ৰ বাহিনীয়ে দ্ৰুত, দুৰ্যোগ-প্ৰতিৰোধী নিৰ্মাণৰ বাবেও সম্প্ৰতি এডিটিভ মেনুফেকচাৰিং ৰ প্ৰয়োগৰ দিশত আগবাঢ়িছে। ভাৰতীয় সেনাই আহমেদাবাদত মাত্ৰ ১২ সপ্তাহত নিৰ্মিত প্ৰথম এডিটিভ মেনুফেকচাৰিং-প্ৰিন্ট কৰা দুমহলীয়া বাসগৃহ উদ্বোধন কৰে, আৰু পৰৱৰ্তী সময়ত এই প্ৰযুক্তি লাডাখৰ দৰে স্পৰ্শকাতৰ ভূখণ্ডৰ প্ৰিকাষ্ট প্ৰতিৰক্ষালৈও সম্প্ৰসাৰিত কৰিছে। এন.এছ.এ.এম.-এ এম.আৰ.অ. প্ৰয়োগ আৰু  বিকাশৰ উদ্দেশ্যে প্ৰতিৰক্ষাৰ বাহিনীৰ তিনিওটা শাখাকেই সম্প্ৰতি সহযোগিতা আগবঢ়াই আহিছে ৷

স্বাস্থ্যসেৱা

ভাৰতে এডিটিভ মেনুফেকচাৰিং ৰ জৰিয়তে আমদানিকৃত চিকিৎসা প্ৰযুক্তিৰ থলুৱা বিকল্প গঢ়ি তুলিছে। ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে এডিটিভ মেনুফেকচাৰিং ভিত্তিক চিকিৎসা সঁজুলি উৎপাদন আৰু অষ্টিঅ’ফৰ্জ (OsteoForge)-ৰ দৰে ষ্টাৰ্ট-আপক সমৰ্থন কৰিছে; যিয়ে এন.এছ.এ.এম.-ৰ অধীনত প্ৰাকৃতিক ৰেচম-ভিত্তিক ইমপ্লাণ্ট বিকাশ এডিটিভ মেনুফেকচাৰিং প্ৰিন্ট কৰি আছে। প্ৰযুক্তি উন্নয়ন ব'ৰ্ডে থলুৱা বায়'চিৰামিক সামগ্ৰীৰে নিৰ্মিত থ্ৰী ডি-প্ৰিন্ট কৰা হাড়ৰ গ্ৰাফ্টৰ প্ৰক্ৰিয়াকো সমৰ্থন কৰি আছে। প্ৰযুক্তিয়ে ৰোগীৰ নিৰ্দিষ্ট প্ৰয়োজন আৰু শৰীৰৰ বিজ্ঞান অনুসৰি কাষ্টমাইজড গ্ৰাফ্ট সৃষ্টি কৰিব পাৰে। ই আমদানি হ্ৰাস কৰি, ঘৰুৱা চিকিৎসা উৎপাদন ব্যৱস্থা অধিক শক্তিশালী কৰিব পাৰে আৰু অধিক ব্যক্তিগতকৃত স্বাস্থ্যসেৱাক সমৰ্থন কৰিব পাৰে।

ইলেক্ট্ৰনিক্স

ভাৰতৰ এডিটিভ মেনুফেকচাৰিং কেন্দ্ৰৰ নেটৱৰ্কে ইলেক্ট্ৰনিক্স-গ্ৰেড উৎপাদনত থলুৱা ক্ষমতা গঢ়ি তুলিছে। এন.এছ.এ.এম.-এ এডিটিভ মেনুফেকচাৰিং প্ৰিন্ট কৰা ইলেক্ট্ৰনিক্স উপাদান যেনে বেটাৰী, এণ্টেনা, ভেৰিষ্টৰ, কেপাচিটৰ আৰু বহুতো সফলতাৰে প্ৰদৰ্শন কৰিছে। বিশ্বব্যাপী প্ৰথম হিচাপে, আই.আই.এছ.চি.-এ এডিটিভ মেনুফেকচাৰিং প্ৰিন্টিং ব্যৱহাৰ কৰি ফটনিক ইণ্টিগ্ৰেটেড চাৰ্কিট ব্লক প্ৰদৰ্শন কৰিছে।

নিৰ্মাণ

ভাৰতে দ্ৰুত আৰু অধিক বহনক্ষম নিৰ্মাণৰ সম্ভাৱ্য ব্যৱস্থা হিচাপে থ্ৰী ডি প্ৰিন্টিং অন্বেষণ কৰি আছে। কেলভিন ছিক্স কে প্ৰ’ (Kelvin 6K Pro), এটা অন-ছাইট থ্ৰী ডি নিৰ্মাণ প্ৰিন্টাৰে, কম কাৰ্বন জিঅ'পলিমাৰ সামগ্ৰী ব্যৱহাৰ কৰি ৩০ দিনৰ ভিতৰত ২,৫০০ বৰ্গফুটৰ ঘৰ নিৰ্মাণৰ ক্ষমতা প্ৰদৰ্শন কৰিছে। প্ৰযুক্তিটোৱে সামগ্ৰী আৰু লজিষ্টিক খৰচ হ্ৰাস কৰা, কাৰ্বন নিৰ্গমন হ্ৰাস কৰা আৰু নিৰ্মাণ দক্ষতা উন্নত কৰাৰ সম্ভাৱনা আছে। প্ৰাৰম্ভিক প্ৰয়োগে চিমেণ্ট-ভিত্তিক নিৰ্মাণৰ তুলনাত ৩০% কম সামগ্ৰী আৰু লজিষ্টিক খৰচ আৰু ৯০% কম নিৰ্গমনৰ সম্ভাৱনা সূচায়।

এই বৰ্ধিত গতিশীলতাৰ আঁৰত এক স্পষ্ট চৰকাৰী পদক্ষেপ আছে। বিগত কেইটামান বৰ্ষত, কেন্দ্ৰই স্বতন্ত্ৰ পাইলট প্ৰকল্পৰ পৰা এডিটিভ মেনুফেকচাৰিঙৰ বাবে এক গাঁথনিগত, মিছন-ম'ড পদ্ধতিলৈ গৈছে - যিটো সমৰ্পিত পুঁজি, প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় কৌশলৰ দ্বাৰা সমৰ্থিত। এন.এছ.এ.এম. এতিয়া সৌৰ শক্তি সংৰক্ষণৰ বাবে কংক্ৰিট ভিত্তিক ছুপাৰকেপাচিটৰৰ বিকাশ কৰি আছে।

চৰকাৰী নীতিৰ পদক্ষেপ: ভাৰতীয় এডিটিভ মেনুফেকচাৰিং পৰিস্থিতি তন্ত্ৰৰ গঠন

এডিটিভ মেনুফেকচাৰিং-ক এক কৌশলগত, পৰৱৰ্তী প্ৰজন্মৰ উৎপাদন প্ৰযুক্তি হিচাপে স্বীকৃতি দি, ভাৰত চৰকাৰে এক গাঁথনিগত ৰাষ্ট্ৰীয় পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিছে। এই প্ৰচেষ্টা নেশ্যনেল ষ্ট্ৰেটেজি ফৰ এডিটিভ মেনুফেকচাৰিং (National Strategy for Additive Manufacturing) চমুকৈ এন.এছ.এ.এম. (NSAM)-ত নিহিত। ই বৰ্ধিত ৰাষ্ট্ৰীয় প্লেটফৰ্ম, প্ৰতিষ্ঠান আৰু পদক্ষেপৰ দ্বাৰা সমৰ্থিত যিয়ে পৰিস্থিতি তন্ত্ৰক শক্তিশালী কৰি আছে।

নেশ্যনেল ষ্ট্ৰেটেজি ফৰ এডিটিভ মেনুফেকচাৰিং (National Strategy for Additive Manufacturing) চমুকৈ এন.এছ.এ.এম. (NSAM)

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত নেশ্যনেল ষ্ট্ৰেটেজি ফৰ এডিটিভ মেনুফেকচাৰিং (National Strategy for Additive Manufacturing) চমুকৈ এন.এছ.এ.এম. (NSAM)-এ থ্ৰী ডি প্ৰিন্টিং আৰু এডিটিভ মেনুফেকচাৰিঙৰ বাবে ভাৰতৰ পথ প্ৰদৰ্শক নীতি কাঠামো হিচাপে কাম কৰে। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰতৰ সৈতে সংগতি ৰাখি, কৌশলটোৱে স্পষ্ট, সময়-সীমাবদ্ধতাৰে ৰাষ্ট্ৰীয় লক্ষ্য নিৰ্ধাৰণ কৰে। এই লক্ষ্যসমূহ কেন্দ্ৰ, ৰাজ্য, উদ্যোগ আৰু শিক্ষাৰ সহযোগত অনুসৰণ কৰা হৈছে।

ৰাষ্ট্ৰীয় কৌশলৰ লক্ষ্য হৈছে বিশ্বব্যাপী এডিটিভ মেনুফেকচাৰিং বজাৰৰ ৫% দখল কৰা আৰু ভাৰতৰ জি.ডি.পি.-ত প্ৰায় ১ বিলিয়ন আমেৰিকান ডলাৰ যোগ কৰা। যাৰ জৰিয়তে সামগ্ৰী, মেচিন, প্ৰক্ৰিয়া আৰু ছফ্টৱেৰ সামৰি ৫০টা ভাৰত-নিৰ্দিষ্ট এডিটিভ মেনুফেকচাৰিং প্ৰযুক্তি বিকশিত হ’ব ৷

কৌশলটোৱে ১০০টা নতুন এডিটিভ মেনুফেকচাৰিং ষ্টাৰ্ট-আপ গঠন আৰু ৫০০বিধ নতুন সামগ্ৰী উন্নীত কৰিব বিচাৰে। ই এডিটিভ মেনুফেকচাৰিং কৰ্মীবাহিনীৰ বাবে ১ লাখ দক্ষ শ্ৰমিকক প্ৰশিক্ষণ দিয়াৰ লক্ষ্যও ৰাখে। আন এটা উদ্দেশ্য হৈছে ১০টা বিদ্যমান আৰু উদীয়মান উৎপাদন খণ্ডত এডিটিভ মেনুফেকচাৰিং ক্ষমতা গঢ়ি তোলা।

এই উদ্দেশ্যসমূহক আৰু অধিক আগুৱাই নিবলৈ চৰকাৰে সাতটা বিশেষ উন্নয়ন আৰু নিয়োগ কেন্দ্ৰ স্থাপন কৰিছে। এই কেন্দ্ৰসমূহে গৱেষণা আৰু উন্নয়ন, দক্ষতা বিকাশ আৰু প্ৰযুক্তিৰ প্ৰত্যক্ষ প্ৰৱেশৰ অধিকাৰত সহায় কৰে।

আপুনি জানেনে?

ভাৰত চৰকাৰে অটল টিংকাৰিং লেবৰ জৰিয়তে বিদ্যালয় পৰ্যায়ত থ্ৰী ডি প্ৰিন্টিং দক্ষতা লালন-পালন কৰি আছে। প্ৰতিটো লেবে ১,২০০-১,৫০০ বৰ্গফুটৰ সমৰ্পিত উদ্ভাৱন কৰ্মক্ষেত্ৰ স্থাপনৰ বাবে ২০ লাখ টকাৰ অনুদান লাভ কৰে; য'ত ডু-ইট-ইয়ৰচেল্ফ (Do-it-Yourself - DIY) কিট যেনে থ্ৰী ডি প্ৰিন্টাৰ, ৰব’টিক্স, আৰু ইণ্টাৰনেট অৱ থিংছ (Internet of Things- IoT) সজ্জিত থাকে। ইয়াৰ ফলত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলে এডিটিভ মেনুফেকচাৰিঙৰ প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰে - যিয়ে শ্ৰেণীকোঠাৰ পৰাই ভাৰতৰ ভৱিষ্যত এডিটিভ মেনুফেকচাৰিং কৰ্মীবাহিনী গঢ়ি তোলাত সহায় কৰিব।

এন.এছ.এ.এম.-ৰ  অধীনত অগ্ৰগতি

মুকলিৰ চাৰি বছৰতকৈও অধিক সময়ৰ পাছত, নেশ্যনেল ষ্ট্ৰেটেজি ফৰ এডিটিভ মেনুফেকচাৰিং (National Strategy for Additive Manufacturing) এক সুস্থিৰ আৰু মাপযোগ্য অগ্ৰগতি লাভ কৰিছে। চৰকাৰ-সমৰ্থিত পদক্ষেপসমূহে দক্ষতা বিকাশ, উদ্যোগ, প্ৰযুক্তি উন্নয়ন আৰু খণ্ডভিত্তিক প্ৰয়োগৰ জৰিয়তে ভাৰতৰ এডিটিভ মেনুফেকচাৰিং পৰিস্থিতি তন্ত্ৰক শক্তিশালী কৰিছে।

১,৫৪,০০০ৰো অধিক ব্যক্তিক এডিটিভ মেনুফেকচাৰিং সম্পৰ্কীয় দক্ষতাত প্ৰশিক্ষণ দিয়া হৈছে, যাৰ ফলত এক বৰ্ধিত দক্ষ কৰ্মীবাহিনী সৃষ্টি হৈছে। ৫৬টা এডিটিভ মেনুফেকচাৰিং ষ্টাৰ্ট-আপকো সমৰ্থন কৰা হৈছে, যাৰ ফলত ভাৰতৰ উদ্ভাৱন আৰু উদ্যোগৰ ভিত্তি শক্তিশালী হৈছে। ৰাষ্ট্ৰীয় কেন্দ্ৰসমূহৰ নেটৱৰ্কে সামগ্ৰী, মেচিন, ডিজাইন ফৰ এডিটিভ মেনুফেকচাৰিং  (Design for Additive Manufacturing - DfAM) আৰু প্ৰিন্ট কৰা সামগ্ৰীকে ধৰি ৬৫টা ভাৰত-বিশেষ প্ৰযুক্তি বিকাশত সক্ষম কৰিছে। এই ক্ষমতাসমূহে মহাকাশ, চিকিৎসা সঁজুলি, ইলেক্ট্ৰনিক্স, শক্তি, খাদ্য প্ৰক্ৰিয়াকৰণ আৰু ফটনিক্সত সামগ্ৰী আৰু প্ৰট'টাইপৰ বিকাশত সহায় কৰি আছে।

নেশ্যনেল ষ্ট্ৰেটেজি ফৰ এডিটিভ মেনুফেকচাৰিং ২.০

নেশ্যনেল ষ্ট্ৰেটেজি ফৰ এডিটিভ মেনুফেকচাৰিং ২.০ এডিটিভ মেনুফেকচাৰিং বজাৰ ত্বৰান্বিত কৰাৰ বাবে ভাৰতৰ লক্ষ্যক সমৰ্থন কৰিবলৈ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত বৌদ্ধিক সম্পত্তি অধিকাৰ সৃষ্টি ত্বৰান্বিত কৰা, ডিজিটেল একত্ৰীকৰণৰ জৰিয়তে এডিটিভ মেনুফেকচাৰিং নেটৱৰ্ক বৃদ্ধি কৰা আৰু বাণিজ্যিকীকৰণৰ বাবে বিশ্বব্যাপী প্ৰতিযোগিতামূলক এডিটিভ মেনুফেকচাৰিং প্ৰযুক্তি বিকশিত কৰাৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে ক্লাষ্টাৰৰ জৰিয়তে মেচিন আৰু সামগ্ৰীৰ উপলভ্যতাৰ মান উন্নত কৰা আৰু এডিটিভ মেনুফেকচাৰিং ইলেক্ট্ৰনিক্স মূল্য শৃংখল শক্তিশালী কৰা।

নেশ্যনেল ষ্ট্ৰেটেজি ফৰ এডিটিভ মেনুফেকচাৰিং ২.০-এ এডিটিভ মেনুফেকচাৰিং ষ্টাৰ্ট-আপ ভিত্তি সম্প্ৰসাৰণ, ভাৰতীয় প্ৰতিৰক্ষাক ব্যাপক সমৰ্থন প্ৰদান আৰু বহনক্ষম উন্নয়ন লক্ষ্য-চালিত পাইলট কাৰ্যসূচীক প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে। ই গুণগত মান, যৌথ গৱেষণা আৰু প্ৰযুক্তি অংশীদাৰিত্বৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰাৰ পোষকতা কৰে। এই অগ্ৰাধিকাৰসমূহে ভাৰতৰ প্ৰযুক্তিগত ক্ষমতা শক্তিশালী কৰিব পাৰে আৰু অৰ্থনৈতিক, ঔদ্যোগিক আৰু সামাজিক প্ৰয়োগত এডিটিভ মেনুফেকচাৰিঙক মূলসুঁতিলৈ আনিব পাৰে।

নেশ্যনেল এডিটিভ মেনুফেকচাৰিং ছামিট

নেশ্যনেল এডিটিভ মেনুফেকচাৰিং ছামিট হৈছে ভাৰতৰ এডিটিভ মেনুফেকচাৰিং পৰিস্থিতি তন্ত্ৰক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক ৰাষ্ট্ৰীয় মঞ্চ। ই নীতি নিৰ্ধাৰক, বিজ্ঞানী, উদ্যোগ, ষ্টাৰ্ট-আপ, শিক্ষাবিদ আৰু অন্যান্য এডিটিভ মেনুফেকচাৰিং অংশীদাৰসকলক একেখন মঞ্চত একত্ৰিত কৰে। এই মঞ্চই নীতি, গৱেষণা, উদ্ভাৱন আৰু উদ্যোগত সমন্বিত অগ্ৰগতিক প্ৰসাৰিত কৰে।

ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে ২০২৬ চনৰ ১৩ মাৰ্চত নতুন দিল্লীত দ্বিতীয় নেশ্যনেল এডিটিভ মেনুফেকচাৰিং ছামিট সংস্কৰণ আয়োজন কৰে। নেশ্যনেল এডিটিভ মেনুফেকচাৰিং ছামিট ২০২৬-এ ভাৰতৰ এডিটিভ মেনুফেকচাৰিং পৰিস্থিতি তন্ত্ৰত সহযোগিতা অধিক শক্তিশালী কৰে। পৰিস্থিতি তন্ত্ৰৰ অংশীদাৰিত্ব গভীৰ কৰিবলৈ বুজাবুজি চুক্তি (MoU) বিনিময় কৰা হয়, লগতে নতুন এডিটিভ মেনুফেকচাৰিং সামগ্ৰী মুকলি কৰা হয়। পেনেল আলোচনাত নেশ্যনেল ষ্ট্ৰেটেজি ফৰ এডিটিভ মেনুফেকচাৰিং ২.০, প্ৰতিৰক্ষা গ্ৰহণ, উদ্যোগৰ দৃষ্টিভংগী আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়-সমৰ্থিত গৱেষণা আৰু উন্নয়ন কেন্দ্ৰসমূহ সামৰি লোৱা হয়। এই সন্মিলনে এডিটিভ মেনুফেকচাৰিং প্ৰয়োগৰ ওপৰত আন্তঃমন্ত্ৰালয় সমন্বয়কো শক্তিশালী কৰে। ৰাজ্য চৰকাৰ, উদ্যোগ আৰু আগশাৰীৰ গৱেষণা প্ৰতিষ্ঠানসমূহে এই মঞ্চক আৰু অধিক শক্তিশালী কৰে। এই প্ৰচেষ্টাসমূহে ভাৰতীয় অৰ্থনীতিৰ বিভিন্ন খণ্ডত এডিটিভ মেনুফেকচাৰিং ৰ বৰ্ধিত প্ৰাসংগিকতাৰ গুৰুত্ব গভীৰ কৰে।

বিকশিত ভাৰতৰ দিশে

এডিটিভ মেনুফেকচাৰিং ভাৰতৰ গৱেষণা লেবৰ পৰা কাৰখানা, প্ৰতিৰক্ষা প্ৰতিষ্ঠান আৰু চিকিৎসালয়লৈ ক্ৰমান্বয়ে আগবাঢ়িছে। কেন্দ্ৰীভূত চৰকাৰী নীতিৰ দ্বাৰা সমৰ্থিত হোৱাৰ ফলত ই থলুৱা উৎপাদন শক্তিশালী কৰিছে আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিছে।লগতে বৃহত্তৰ ঘৰুৱা প্ৰযুক্তিগত ক্ষমতাৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীকো সমৰ্থন কৰিছে। ভাৰতে ইয়াৰ এডিটিভ মেনুফেকচাৰিং পৰিস্থিতি তন্ত্ৰ সম্প্ৰসাৰণ কৰাৰ লগে লগে, ই দক্ষ নিয়োগ ব্যৱস্থাৰ সৃষ্টি কৰিছে আৰু ইয়াৰ প্ৰযুক্তি ভিত্তিক অধিক শক্তিশালী কৰিছে। প্ৰযুক্তিটোৱে ডিজিটেল উৎপাদন, উন্নত স্বয়ংক্ৰিয়তা আৰু নমনীয় উৎপাদনৰ জৰিয়তে উদ্যোগ ৫.০ ক সমৰ্থন কৰে। ইয়াৰ প্ৰয়োগে সম্পদৰ দক্ষতা, স্থানীয় উৎপাদন আৰু বহনক্ষম সমাধানৰ জৰিয়তে বহনক্ষম উন্নয়ন লক্ষ্যত অৰিহণা যোগাব পাৰে। লগতে, এই প্ৰচেষ্টাসমূহে এডিটিভ মেনুফেকচাৰিং-ক বিকশিত সময়ৰ দিশত  ভাৰতৰ যাত্ৰাৰ এক উদীয়মান অৱদানকাৰী হিচাপে প্ৰতিষ্ঠা কৰে।

তথ্যসূত্ৰ

এন.চি.এ.এম.

https://ncam.in/national-strategy-for-additive-manufacturing/

অটল ইন’ভেশ্যন মিছন

https://aim.gov.in/pdf/3D_Printing-Guidelines_and_Links.pdf

https://aim.gov.in/pdf/3D_Printing-Types.pdf

ইলেক্ট্ৰনিক্স আৰু আই টি মন্ত্ৰালয়

https://www.meity.gov.in/static/uploads/2024/02/35-1.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1887216&reg=48&lang=2

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2308145&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2027072&reg=48&lang=2

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1800915&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2239876

এন.আই.এছ.টি.

https://www.nist.gov/additive-manufacturing/research-areas/technologies/powder-bed-fusion

https://www.nist.gov/additive-manufacturing/research-areas/technologies/vat-photopolymerization

https://www.nist.gov/publications/upper-bound-feed-rates-thermoplastic-material-extrusion-based-additive-manufacturing

https://www.nist.gov/additive-manufacturing/research-areas/technologies/directed-energy-deposition

https://www.nist.gov/additive-manufacturing/research-areas/technologies/binder-jetting

অন্যান্য

https://www.lboro.ac.uk/research/amrg/about/the7categoriesofadditivemanufacturing/sheetlamination/

https://newsonair.gov.in/isro-successfully-tests-new-liquid-rocket-engine-at-mahendragiri-in-tamil-nadu/

https://frontiertech.niti.gov.in/story/ai-driven-3d-printing-robots-build-full-homes-in-30-days/

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2022161&reg=48&lang=2

https://cdn.digitalindiacorporation.in/wp-content/uploads/2026/03/pdf5.pdf

https://www.ugc.gov.in/pdfnews/8063467_Annexure--1-(NSAM).pdf

ভাৰতত এডিটিভ মেনুফেকচাৰিং

*****

পিআইবি গৱেষণা/SSH/RR

(Explainer ID: 160353) आगंतुक पटल : 8
Provide suggestions / comments