Technology

ভাৰতৰ বৰ্দ্ধিত ছুপাৰকম্পিউটিং পৰিৱেশ তন্ত্ৰ

Posted On: 04 OCT 2026 5:53PM

 ভাৰতৰ ছুপাৰ কম্পিউটিঙৰ যাত্ৰা ১৯৯০ চনৰ আৰম্ভণিতে পৰম ৮০০০ৰ পৰা আৰম্ভ হৈ ২০১৫ চনত মুকলি কৰা নেশ্যনেল ছুপাৰ কম্পিউটিং মিছন (এন.এছ.এম.)-ৰ অধীনত এক ৰাষ্ট্ৰীয় পৰিৱেশ তন্ত্ৰলৈ বিকশিত হৈছে।২০২৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে ৬৮ পি.এফ. ক্ষমতাৰ ৪০ টা ছুপাৰ কম্পিউটাৰৰ সৈতে, এন.এছ.এম.-এ হাই-পাৰফৰমেন্স কম্পিউটিং (এইচ.পি.চি.)-ৰ সুবিধা সম্প্ৰসাৰণ কৰিছে।এই মিছনে থলুৱা চাৰ্ভাৰ, চফট্ ৱেৰ, কুলিং আৰু নেটৱৰ্কিং প্ৰযুক্তিও বিকশিত কৰিছে, একে সময়তে কম্পিউটেচনেল জীৱবিজ্ঞান, বতৰৰ আগজাননী আৰু জলবায়ু আৰ্হি, দুৰ্যোগ ব্যৱস্থাপনা, বিগ ডাটা বিশ্লেষণ, আৰু জ্যোতিৰ্বিজ্ঞানৰ প্ৰয়োগসমূহক সহায় কৰি আহিছে।

ভাৰতৰ ছুপাৰ কম্পিউটিং দক্ষতা নিৰ্মাণ  কম্পিউটিং ক্ষমতা গঢ়ি তোলাৰতৰ ছুপাৰ ক

শস্য উৎপাদনৰ আগতীয়া অনুমান কৰাৰ পৰা আৰম্ভ কৰি ৰোগৰ প্রাদুর্ভাব নিৰীক্ষণ, ঔষধ আৱিষ্কাৰৰ গতি ত্বৰান্বিত কৰা আৰু নদীৰ বানে প্ৰভাৱ পেলাব পৰা অঞ্চলসমূহ চিনাক্ত কৰালৈকে— হাই-পাৰফৰ্মেন্স কম্পিউটিং (High-Performance Computing) চমুকৈ এইচ.পি.চি. (HPC)-এ আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলোৱা সামাজিক প্ৰয়োগসমূহক সহায় কৰে।  জলবায়ু, মহাকাশ, স্বাস্থ্যসেৱা আৰু ইঞ্জিনিয়াৰিং আদি খণ্ডত বিশাল তথ্য ভাণ্ডাৰ প্ৰক্ৰিয়াকৰণ আৰু জটিল অনুকৰণ সমূহক সম্পন্ন কৰাত ই সহায় কৰে। ইয়াৰোপৰি ই দ্ৰুত বিশ্লেষণৰ সুবিধা প্ৰদান কৰে আৰু গৱেষকসকলক ক্ৰমাৎ জটিল হৈ পৰা বৈজ্ঞানিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত সহায় কৰে। বৈজ্ঞানিক আৱিষ্কাৰ আৰু প্ৰযুক্তিগত উদ্ভাৱন ত্বৰান্বিত কৰাৰ বাবে ই ক্ৰমে অপৰিহাৰ্য হৈ পৰিছে।

ছুপাৰকম্পিউটাৰসমূহ হৈছে হাই-পাৰফৰ্মেন্স কম্পিউটিং চিষ্টেম, যিবোৰ ব্যতিক্ৰমি গতিৰে জটিল গণনাসমূহ সম্পন্ন কৰিবলৈ প্ৰয়োগ কৰা হয়। একে সময়তে  বহুতো গণনা সম্পন্ন কৰিবলৈ ই এক বৃহৎ সংখ্যক প্ৰচেছৰক একেলগে সংযুক্ত কৰে। ইয়াৰ ফলত গৱেষকসকলে বিশাল তথ্যৰ ভাণ্ডাৰ বিশ্লেষণ কৰিবলৈ আৰু কাৰ্যক্ষমভাৱে চলাই নিবলৈ সমৰ্থ হয়। সেয়েহে ছুপাৰকম্পিউটাৰসমূহে উন্নত বৈজ্ঞানিক গৱেষণা আৰু কৌশলগত প্ৰয়োগৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰদান কৰে।

ভাৰতবৰ্ষৰ ক্ৰমবৰ্ধমান ডিজিটেল পৰিৱেশ তন্ত্ৰই উন্নত কম্পিউটিং আন্তঃগাঁথনিৰ চাহিদা বৃদ্ধি কৰিছে। বিশ্বৰ প্ৰায় ২০ শতাংশ তথ্য ভাৰতে সৃষ্টি কৰে। কৃত্ৰিম বুদ্ধিমত্তা, বতৰৰ আগজাননী আৰু মহাকাশ গৱেষণাৰ দৰে প্ৰয়োগসমূহৰ বাবে যঠেষ্ট কম্পিউটিং ক্ষমতাৰ প্ৰয়োজন হয়। সেয়েহে চৰকাৰে গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত ছুপাৰকম্পিউটিং ব্যৱহাৰৰ পৰিসৰ প্ৰসাৰিত কৰিছে। এই প্ৰচেষ্টাই থলুৱা সামৰ্থ্য শক্তিশালী কৰে আৰু 'আত্মনিৰ্ভৰ ভাৰত'ৰ দৃষ্টিভংগীক সমৰ্থন আগবঢ়ায়।

সৃষ্টিশীল মন, বিজ্ঞানক অনুঘটক ৰূপ দান, প্ৰযুক্তিৰ সবলীকৰণ

ভাৰতৰ উদীয়মান বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন ই.এছ.টি.আই.চি.-২০২৬ (ESTIC-2026)-ৰ দ্বিতীয় সংস্কৰণ ২০২৬ চনৰ ২৭–২৯ অক্টোবৰলৈ অনুষ্ঠিত হ’ব। “সৃষ্টিশীল মন, বিজ্ঞানক অনুঘটক ৰূপ দান, প্ৰযুক্তিৰ সবলীকৰণ (Creative Minds, Catalyzing Science, Empowering Technologies)” শীৰ্ষক বিষয়বস্তুৰ আধাৰত নতুন দিল্লীৰ ভাৰত মণ্ডপত এই অনুষ্ঠান অনুষ্ঠিত হ’ব। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ (চি.এছ.আই.আৰ)-ৰ দ্বাৰা আয়োজিত ই.এছ.টি.আই.চি.-২০২৬-এ উদীয়মান বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰসমূহক আগুৱাই লৈ যাব। ইয়াৰ ভিতৰত ছুপাৰকম্পিউটিং আৰু অন্যান্য উদীয়মান প্ৰযুক্তিও অন্তৰ্ভুক্ত। এই সন্মিলনে কৌশলগত সহযোগিতাৰ ক্ষেত্ৰত অনুঘটকৰ কাম কৰিব আৰু ২০৪৭ চনৰ ভিতৰত 'বিকশিত ভাৰত'ৰ দৃষ্টিভংগীক সমৰ্থন আগবঢ়াব। ১২ টা তাত্ত্বিক বা বিষয়ভিত্তিক খণ্ড সামৰি লোৱা এই অনুষ্ঠানত পূৰ্ণাংগ অধিৱেশন, কাৰিকৰী আলোচনা আৰু প্ৰদৰ্শনীৰ ব্যৱস্থা থাকিব। ই.এছ.টি.আই.চি.-২০২৬ (ESTIC 2026)-ৰ কাৰ্যসূচীৰ ওপৰত অধিক পঢ়ক

 

নেশ্যনেল ছুপাৰ কম্পিউটিং মিছন (এন.এছ.এম.)-ৰ আঁৰৰ কৌশল

দেশৰ কম্পিউটিং ক্ষমতা শক্তিশালী কৰাৰ উদ্দেশ্যে ২০১৫ চনৰ এপ্ৰিল মাহত নেশ্যনেল ছুপাৰ কম্পিউটিং মিছন (এন.এছ.এম.) মুকলি কৰা হৈছিল। প্ৰায় ৪,৫০০ কোটি টকাৰ আবণ্টনেৰে এই মিছন আৰম্ভ কৰা হৈছিল। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু ইলেক্ট্রনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ যুটীয়া প্ৰচেষ্টাত এই মিছন পৰিচালিত হয়।

ছুপাৰকম্পিউটিং খণ্ডত আত্মনিৰ্ভৰশীলতা গঢ়ি তোলা আৰু ভাৰতৰ হাই-পাৰফৰ্মেন্স কম্পিউটিং (এইচ.পি.চি.) ক্ষমতা শক্তিশালী কৰাটোৱেই এই মিছনৰ মূল লক্ষ্য। ই বৈজ্ঞানিক আৰু প্ৰযুক্তিগত ক্ষেত্ৰসমূহত গৱেষণা, উন্নয়ন আৰু সমস্যা সমাধানৰ বাবে ছুপাৰকম্পিউটিং ব্যৱহাৰক প্ৰসাৰিত কৰে। ই সামাজিক প্ৰয়োগৰ বাবে সমাধানৰ বিকাশতো সহায় কৰে। এই মিছনে ভাৰতত বিশ্বৰ সৈতে প্রতিযোগিতা কৰিব পৰাকৈ এক ছুপাৰকম্পিউটিং পৰিৱেশ তন্ত্ৰ প্ৰতিষ্ঠা কৰিব বিচাৰে।

পুনেৰ চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং (চি-ডেক) আৰু বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানে এই মিছন ৰূপায়ণ কৰে। থলুৱা ছুপাৰকম্পিউটিং আন্তঃগাঁথনি সৃষ্টিৰ বাবে এন.এছ.এম.-এ তিনিটা একেলগে চলা পৰ্যায়ৰ (একত্ৰীকৰণ, উৎপাদন, আৰু ডিজাইন তথা উৎপাদনৰ সহায়) 'বিল্ড এপ্রোচ' অনুসৰণ কৰে। এই দৃষ্টিভংগীয়ে কম্পিউটিং আন্তঃগাঁথনিৰ সম্প্ৰসাৰণৰ সৈতে থলুৱা ক্ষমতাৰ বিকাশ সাধন কৰে।

ছুপাৰকম্পিউটাৰ সম্পৰ্কে কিছু আকৰ্ষণীয় তথ্য

  • সাধাৰণ কম্পিউটাৰৰ বিপৰীতে, ছুপাৰকম্পিউটাৰসমূহ অতি উচ্চ গতিত বৃহৎ পৰিমাণৰ তথ্য প্ৰক্ৰিয়াকৰণ কৰাৰ বাবে প্ৰস্তুত কৰা হয়। ইয়াৰ বাবে একেলগে কাম কৰা একাধিক প্ৰচেছৰ বা কম্পিউটিং নোড ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত সিহঁতে পৰম্পৰাগত কম্পিউটাৰতকৈ বহুত কম সময়তে জটিল সমস্যাসমূহ সমাধান কৰিব পাৰে। এই নোডসমূহৰ মাজৰ উচ্চ-গতিৰ সংযোগে বৃহৎ পৰিমাণৰ গণনাৰ সময়ত তথ্যসমূহ কাৰ্যক্ষমভাৱে বিনিময় কৰাত সহায় কৰে।
  • ছুপাৰকম্পিউটাৰক কেতিয়াবা সমান্তৰাল কম্পিউটাৰ বুলিও কোৱা হয়, কিয়নো ছুপাৰকম্পিউটিঙত পেৰালেল প্ৰচেছিং বা সমান্তৰাল প্ৰক্ৰিয়াকৰণ ব্যৱহাৰ কৰিব পাৰি। সমান্তৰাল প্ৰক্ৰিয়াকৰণ মানে হৈছে যেতিয়া নিৰ্দিষ্ট সময়ত এটা একক গণনা সমাধান কৰিবলৈ একাধিক চি.পি.ইউ. (CPU)-এ একেলগে কাম কৰে।
  • ছুপাৰকম্পিউটাৰৰ শক্তি ফ্ল’টিং পইন্ট অপাৰেচনছ পাৰ ছেকেণ্ড (Floating Point Operations Per Second) চমুকৈ এফ.এল.অ.পি.এছ (FLOPS)-ত জোখা হয়। ইয়াৰ দ্বাৰা এই কম্পিউটাৰে এক ছেকেণ্ডত কিমান গণনা সম্পন্ন কৰিব পাৰে তাক বুজা যায় । এটা টেৰাফ্লপছ (টি.এফ.) মানে এক ছেকেণ্ডত এক ট্ৰিলিয়ন গণনা, আনহাতে এটা পেটাফ্লপছ (পি.এফ.) মানে এক ছেকেণ্ডত এক কুৱাড্ৰিলিয়ন (এশ কোটিৰ দৰে দহ কোটি কোটি) গণনা।
  • ২০২৬ চনত বিশ্বৰ আটাইতকৈ দ্ৰুতগামী ছুপাৰকম্পিউটাৰে প্ৰায় ২.১৯ এক্সাফ্লপছ গতি লাভ কৰিছে। ই প্ৰায় ২.১৯ কুইন্টিলিয়ন গণনা এক ছেকেণ্ডতে সম্পন্ন কৰিব পাৰে।

  মিছনৰ বৰ্তমানৰ স্থিতি 

এন.এছ.এম.-ৰ অধীনত ভাৰতে ছুপাৰকম্পিউটিং খণ্ডত আত্মনিৰ্ভৰশীলতা অর্জনত গুৰুত্ব আৰোপ কৰি এটা পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিছে। ইয়াৰ ভিতৰত ছুপাৰকম্পিউটাৰ ডিজাইন, বিকাশ, উৎপাদন, ছিষ্টেম চফটৱেৰ আৰু বিশেষ প্ৰয়োগসমূহ অন্তৰ্ভুক্ত হৈ আছে। এই বৰ্ধিত থলুৱা ক্ষমতাই আমদানিকৃত প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে। ই লগতে ভাৰতৰ ঘৰুৱা হাই-পাৰফৰ্মেন্স কম্পিউটিং পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰে।

এন.এছ.এম.-এ ভাৰতৰ বিভিন্ন শৈক্ষিক তথা গৱেষণা প্ৰতিষ্ঠানত মুঠ ১২৩ পেটাফ্লপছতকৈ অধিক সামূহিক ক্ষমতা সম্পন্ন মুঠ ৫০ টা ছুপাৰকম্পিউটাৰ প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছে। এই ছিষ্টেমসমূহে সিহঁতৰ প্ৰক্ৰিয়াকৰণ ক্ষমতাৰ ওপৰত ভিত্তি কৰি বিভিন্ন গণনামূলক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে।

পৰম (PARAM) শৃংখলাৰ বিৱৰ্তন

চি-ডেকৰ দ্বাৰা বিকশিত আৰু ১৯৯১ চনত উন্মোচিত পৰম ৮০০০ (PARAM 8000)-এ ১ গিগাফ্লপ গতিৰে থলুৱা ছুপাৰকম্পিউটিং খণ্ডত ভাৰতৰ প্ৰৱেশক চিহ্নিত কৰিছিল। ই পৰম শৃংখলাৰ ভেটি স্থাপন কৰিছিল, যি পৰম যুৱাৰ দৰে ৫৪ টেৰাফ্লপছ ক্ষমতাসম্পন্ন অধিক শক্তিশালী ছিষ্টেমৰ জৰিয়তে বিকশিত হৈ গণনামূলকভাৱে জটিল প্ৰয়োগসমূহক সমৰ্থন আগবঢ়াইছিল। ই বতৰৰ আগজাননী (যিয়ে বায়ুমণ্ডলীয় অৱস্থাৰ আগলি বতৰা দিয়ে) আৰু কম্পিউটচিয়েল ফ্লুইড ডাইনেমিক্স (যিয়ে তৰল প্ৰবাহ অধ্যয়ন কৰে) আদিৰ প্ৰয়োগক সমৰ্থন কৰিছিল। পৰৱৰ্তী সময়ত এই শৃংখলাই ঘৰুৱা গৱেষণা আৰু আন্তঃৰাষ্ট্ৰীয় নিয়োগ দুয়োটাৰে বাবে ভাৰতৰ ছুপাৰকম্পিউটিং ক্ষমতা সম্প্ৰসাৰিত কৰিছিল।

কম্পিউটিং ক্ষমতা সম্প্ৰসাৰণ

 ২০২৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে ভাৰতে সংযুক্ত ৬৮ পেটাফ্লপছ ক্ষমতা সম্পন্ন ৪০ টা ছুপাৰকম্পিউটাৰ নিয়োগ কৰিছে। ইয়াৰ ভিতৰত ১ পেটাফ্লপছতকৈ অধিক ক্ষমতাসম্পন্ন ১৩ টা উচ্চ-পৰ্যায়ৰ ছিষ্টেম অন্তৰ্ভুক্ত আছে। ইয়াৰোপৰি, ১২ টা মধ্যমীয়া পৰ্যায়ৰ ছিষ্টেমৰ ক্ষমতা ৫০০ টেৰাফ্লপছৰ পৰা ১ পেটাফ্লপছৰ ভিতৰত আছে। আন ১৫ টা ছিষ্টেমৰ ক্ষমতা ৫০০ টেৰাফ্লপছতকৈ কম। এই মেচিনসমূহ স্থানীয়ভাৱে নিৰ্মাণ কৰা হৈছে আৰু সমগ্ৰ দেশতে কাৰ্যক্ষম কৰি তোলা হৈছে। মিছনে আন্তঃগাঁথনি, প্ৰয়োগ, গৱেষণা আৰু উন্নয়ন, আৰু মানৱ সম্পদ উন্নয়নৰ দিশত অগ্ৰগতি অব্যাহত ৰাখিছে।

                বহনক্ষম উন্নয়নৰ বাবে ছুপাৰকম্পিউটিং

এন.এছ.এম.-এ ৰাষ্ট্ৰীয় উন্নয়নৰ ক্ষেত্ৰসমূহত উন্নত কম্পিউটিং প্ৰয়োগ কৰি ৰাষ্ট্ৰসংঘৰ ১১ টা বহনক্ষম উন্নয়ন লক্ষ্য (এছ.ডি.জি.)-ত অৱদান আগবঢ়াইছে। ইয়াৰ প্ৰয়োগসমূহে বানপানীৰ আগজাননী, বনজুই ব্যৱস্থাপনা আৰু জলবায়ু আৰ্হি নিৰ্মাণৰ জৰিয়তে জলবায়ুজনিত কাৰ্যপন্থাক সমৰ্থন কৰে, লগতে এইচ.পি.চি. প্ৰশিক্ষণৰ জৰিয়তে শিক্ষা আৰু দক্ষতা বিকাশ শক্তিশালী কৰে। এই মিছনে উদ্ভাৱন, থলুৱা প্ৰযুক্তি, অর্থনৈতিক বিকাশ আৰু শৈক্ষিক প্ৰতিষ্ঠান, উদ্যোগ তথা গৱেষণা প্ৰতিষ্ঠানসমূহৰ মাজত সহযোগিতাকো প্ৰসাৰিত কৰে।

এন.এছ.এম.-ৰ অধীনত ছুপাৰকম্পিউটিংৰ ৰাষ্ট্ৰীয় প্ৰয়োগসমূহ

এন.এছ.এম.-ৰ অধীনত স্থাপন কৰা ছুপাৰকম্পিউটাৰসমূহে বৃহৎ পৰিমাণৰ অনুকৰণ আৰু দ্ৰুত তথ্য প্ৰক্ৰিয়াকৰণত সমৰ্থন আগবঢ়ায়, যিয়ে বিভিন্ন খণ্ডত ৰাষ্ট্ৰীয় প্ৰয়োগসমূহ সক্ষম কৰি তুলিছে।

  • জেন’মিক্স আৰু ঔষধ আৱিষ্কাৰ প্লেটফৰ্ম: ই ঔষধ বিচাৰি উলিওৱাত আৰু পৰীক্ষা কৰাত সহায় কৰিবলৈ অণুৰ বৃহৎ সংহতি অধ্যয়ন কৰে। ক’ভিড-১৯ মহামাৰীৰ সময়ত বৰ্তমানৰ ঔষধসমূহ পৰীক্ষা কৰিবলৈ আৰু হৃদৰোগৰ সম্ভাৱনা আদি পাৰ্শ্বক্ৰিয়াৰ আগতীয়া অনুমান কৰিবলৈ ইয়াৰ ব্যৱহাৰ কৰা হৈছিল।
  • চহৰীয়া পৰিৱেশ সিদ্ধান্ত সহায়ক ব্যৱস্থা: বতৰ আৰু বায়ু প্ৰদূষণ নিৰীক্ষণ কৰিবলৈ ই বিশদ আৰ্হি ব্যৱহাৰ কৰে। ই প্ৰচুৰ বৰষুণ আৰু প্ৰদূষণৰ আগজাননী দিয়ে যাতে চহৰসমূহে তাৰ বাবে প্ৰস্তুতি চলাব পাৰে আৰু ক্ষতি হ্ৰাস কৰিব পাৰে,
  • ছিছমিক ইমেজিং চুইট: ভূগৰ্ভস্থ গঠনসমূহ মানচিত্ৰভুক্ত কৰিবলৈ উন্নত এলগ’ৰিদম ব্যৱহাৰ কৰি তেল আৰু গেছ অন্বেষণ উন্নত কৰাটোৱেই ইয়াৰ উদ্দেশ্য। ইয়াৰ কাৰ্যক্ষমতা বাণিজ্যিক ছিছমিক ইমেজিং সঁজুলিৰ সমতুল্য।
  • নদী অৱবাহিকাৰ বাবে বানৰ আগতীয়া সতৰ্কবাণী ব্যৱস্থা: ২ দিন আগতেই বানৰ আগজাননী দিবলৈ ই তথ্য বিশ্লেষণ আৰু ভৱিষ্যদ্বাণীমূলক আৰ্হিৰ সাহায্য লয়। মহানদী অৱবাহিকাত আন্তঃগাঁথনি আৰু সম্প্ৰদায় সমূহক সুৰক্ষিত কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হৈছে।
  • বনজুই বিয়পি পৰাৰ আৰ্হি: বনজুই কেনেদৰে বিয়পি পৰিব তাৰ আগজাননী দিবলৈ ই উপগ্ৰহীয় দূৰসংবেদীক গণনামূলক আৰ্হিৰ সৈতে সংমিশ্ৰণ কৰে। এটা এইচ.পি.চি. চিষ্টেম ব্যৱহাৰ কৰি ছিকিম হিমালয় আদি অঞ্চলত ইয়াক পৰীক্ষা কৰা হৈছে।
  • পদাৰ্থ বিজ্ঞান আৰু গণনামূলক ৰসায়ন বিজ্ঞানৰ প্ৰয়োগসমূহ: ই বিভিন্ন সজুলিৰ সমাহাৰেৰে পৰমাণু, অণু আৰু মিশ্ৰধাতুৰ অনুকৰণৰ অনুমতি দিয়ে। ইয়াৰ দ্বাৰা সিহঁতৰ আচাৰ-ব্যৱহাৰ অধ্যয়ন কৰাটো সহজ হৈ পৰে।

এই প্ৰয়োগসমূহে প্ৰদৰ্শন কৰে যে ভাৰতৰ বৰ্ধিত এইচ.পি.চি. আন্তঃগাঁথনিয়ে কিদৰে গৱেষণা শক্তিশালী কৰিছে, প্ৰমাণভিত্তিক সিদ্ধান্ত গ্ৰহণক সমৰ্থন কৰিছে আৰু স্বাস্থ্য, পৰিৱেশ, শক্তি তথা উন্নত বিজ্ঞানৰ জটিল প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিছে।

সফলতা: এন.এছ.এম.-ৰ অধীনত বিকশিত থলুৱা উপাদানসমূহ

এন.এছ.এম.-ৰ অধীনত ছুপাৰকম্পিউটিং খণ্ডত আত্মনিৰ্ভৰশীলতা অর্জনৰ লক্ষ্যৰে এটা সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছে। ইয়াৰ অন্তৰ্গত গুৰুত্বপূৰ্ণ ছুপাৰকম্পিউটিং উপ-উপাদানসমূহৰ ডিজাইন, বিকাশ আৰু উৎপাদন তলত দিয়া ধৰণৰ:

  • ৰুদ্ৰ (Rudra) শৃংখলাৰ চাৰ্ভাৰ: ই এটা গুৰুত্বপূৰ্ণ ছুপাৰকম্পিউটিং উপাদান। জটিল গণনা, ছিমুলেচন আৰু এ.আই. কাৰ্যভাৰ চলাবলৈ প্ৰয়োজনীয় প্ৰক্ৰিয়াকৰণ শক্তি ই প্ৰদান কৰে। চি-ডে’কৰ দ্বাৰা ইয়াক থলুৱাভাৱে ডিজাইন আৰু বিকশিত কৰা হৈছে, যাৰ প্ৰযুক্তি উৎপাদনৰ বাবে ভাৰতীয় ইলেক্ট্ৰনিকছ মেনুফেকচাৰিং ছাৰ্ভিচেছ (ই.এম.এছ.)-ৰ অংশীদাৰসকললৈ হস্তান্তৰ কৰা হৈছে।

পৰম ৰুদ্ৰ  (Rudra) শৃংখলা: থলুৱা ছুপাৰকম্পিউটিং খণ্ডৰ অগ্ৰগতি

থলুৱাভাৱে নিৰ্মিত আৰু ডিজাইন কৰা ৰুদ্ৰ চাৰ্ভাৰ তথা থলুৱা ছিষ্টেম চফটৱেৰ ষ্টেক ব্যৱহাৰ কৰি নিৰ্মিত পৰম ৰুদ্ৰ ছুপাৰকম্পিউটাৰসমূহ এন.এছ.এম.-ৰ এটা উল্লেখযোগ্য মাইলৰ খুটি। জ্যোতিৰ্বিজ্ঞান, পদাৰ্থ বিজ্ঞান, পৰমাণু পদাৰ্থ বিজ্ঞান, আৰু ভূ-বিজ্ঞানৰ উন্নত গৱেষণাৰ দৰে বিভিন্ন প্ৰয়োগক সিহঁতে সমৰ্থন কৰে। ২০২৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে পৰম ৰুদ্ৰ ছুপাৰকম্পিউটাৰত ৬,০০০ টা ৰুদ্ৰ চাৰ্ভাৰ সংযোগ কৰা হৈছে আৰু আন ১,৫০০ টা চাৰ্ভাৰ উৎপাদনৰ পৰ্যায়ত আছে।

  • উচ্চ-গতিৰ আন্তঃসংযোগ নেটৱৰ্ক: কম্পিউটাৰ নোডসমূহৰ মাজত ১০০ জি.বি.পি.এছ. আৰু ২০০ জি.বি.পি.এছ. গতিৰ এটা উচ্চ-গতিৰ আন্তঃযোগাযোগ নেটৱৰ্ক বিকশিত আৰু পৰীক্ষা কৰা হৈছে। ই কম্পিউটিং নোডসমূহৰ মাজত তথ্য স্থানান্তৰ আৰু যোগাযোগ বৃদ্ধি কৰে, যিয়ে ভাৰতৰ ছুপাৰকম্পিউটিং ক্ষমতা শক্তিশালী কৰে।
  • থলুৱা কু্লিং (শীতলীকৰণ) প্ৰযুক্তি: শীতলীকৰণ প্ৰযুক্তি থলুৱাভাৱে বিকশিত আৰু প্ৰদৰ্শন কৰা হৈছে আৰু বৰ্তমান ই নিয়োগৰ পৰ্যায়ত আছে। হাই-পাৰফৰ্মেন্স কম্পিউটিং চিষ্টেমৰ কাৰ্যক্ষম তাপমাত্ৰা বজাই ৰাখিবলৈ আৰু উন্নত শক্তি দক্ষতাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ।
  • হাই-পাৰফৰ্মেন্স কম্পিউটিং ছিষ্টেম চফটৱেৰ: ছুপাৰকম্পিউটিং চিষ্টেমসমূহৰ কাৰ্যক্ষম পৰিচালনা আৰু ব্যৱস্থাপনা সমৰ্থন কৰিবলৈ এটা সম্পূৰ্ণ এইচ.পি.চি. ছিষ্টেম চফটৱেৰ থূপ বিকশিত আৰু অন্তৰ্ভূক্ত কৰা হৈছে।
  • পৰম সাৱক (PARAM Shavak): ইঞ্জিনিয়াৰিং মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলৰ এইচ.পি.চি. আৰু এআই কম্পিউটিং প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ ভাৰততে ডিজাইন, বিকশিত আৰু নিৰ্মাণ কৰা এটা ‘ছুপাৰকম্পিউটিং-ইন-এ-বক্স’ ব্যৱস্থা।
  • ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তাৰ বাবে এইচ.পি.চি.ৰ প্ৰয়োগসমূহ: জেন’মিক্স আৰু ঔষধ আৱিষ্কাৰৰ দৰে খণ্ডত এইচ.পি.চি. প্ৰয়োগসমূহ বিকশিত আৰু নিয়োগ কৰা হৈছে। এই প্ৰয়োগসমূহে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ, কেন্দ্ৰীয় জল আয়োগ, কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, আৰু আয়ুষ মন্ত্ৰালয়কে ধৰি বিভিন্ন প্ৰতিষ্ঠানক সহায় আগবঢ়ায়।

মূল কম্পিউটিং আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় প্ৰয়োজনীয়তা পূৰণ কৰা প্ৰয়োগসমূহলৈকে, এন.এছ.এম.-এ দেশৰ ভিতৰতে উন্নত কম্পিউটিং প্ৰযুক্তিৰ বিকাশ আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ভাৰতৰ ক্ষমতা প্ৰসাৰিত কৰিছে।

ভাৰতত হাই-পাৰফৰ্মেন্স কম্পিউটিংৰ বাবে দক্ষ শ্ৰমিক বাহিনী গঢ়ি তোলা

যিদৰে ছুপাৰকম্পিউটিং আন্তঃগাঁথনিৰ সুবিধা সম্প্ৰসাৰিত হৈছে, তেনেদৰে এন.এছ.এম.-এ এই সম্পদসমূহ কাৰ্যক্ষমভাৱে ব্যৱহাৰ কৰাৰ বাবে প্ৰয়োজনীয় দক্ষতাও বিকাশ কৰিছে। ২০২৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে এন.এছ.এম.-ৰ আন্তঃগাঁথনিয়ে ৪০০ তকৈ অধিক প্ৰতিষ্ঠানৰ ২,৯০০ তকৈ অধিক পি.এইচ.ডি. গৱেষকসহ ১৬,০০০তকৈ অধিক গৱেষকক সহায় আগবঢ়াইছে। এই চিষ্টেমসমূহে ১.৫ কোটিতকৈ অধিক কম্পিউট জব (ছুপাৰকম্পিউটাৰত ন্যস্ত কৰা এটা জটিল কাম বা ছিমুলেচন) সম্পূৰ্ণ কৰিছে আৰু ১,৯৯০ তকৈ অধিক গৱেষণা পত্ৰ প্ৰকাশত অৱদান আগবঢ়াইছে।

দক্ষ ব্যৱহাৰকাৰীৰ বৃত্ত সম্প্ৰসাৰিত কৰিবলৈ মিছনে বিভিন্ন প্ৰশিক্ষণ আৰু শিকনমূলক পদক্ষেপ গ্ৰহণ কৰিছে:

  • এইচ.পি.চি. আৰু ডিপ লাৰ্ণিং সজাগতা কাৰ্যসূচী: ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু শিক্ষকসকলক হাই-পাৰফৰ্মেন্স কম্পিউটিং আৰু ডিপ লাৰ্ণিং (ডি.এল.)- ৰ সৈতে পৰিচয় কৰাই দিবলৈ এন.এছ.এম.-ৰ প্ৰতিষ্ঠানসমূহৰ সহযোগত সমগ্ৰ ভাৰততে কর্মশালা অনুষ্ঠিত কৰা হয়।
  • হেকাথন আৰু বুটকেম্প: এইচ.পি.চি. আৰু ডি এল হেকাথন আৰু বুটকেম্পে হাতে কামে কৰাৰ অভিজ্ঞতা প্ৰদান কৰে আৰু এইচ.পি.চি., কৃত্ৰিম বুদ্ধিমত্তা (এ.আই.) তথা জেনেৰেটিভ এ.আই.-ৰ ক্ষেত্ৰত সমস্যা সমাধানত উৎসাহিত কৰে।
  • ফেকাকল্টি ডেভেলপমেণ্ট আৰু কুৱালিটি ইমপ্রুভমেণ্ট প্ৰগ্ৰেম: সৰ্বভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ সহযোগত কম্পিউটাৰ বিজ্ঞানৰ বাহিৰৰ শিক্ষকসকলকে ধৰি অন্যান্য শিক্ষকসকলক এইচ.পি.চি.,  এ.আই.,  মেচিন লাৰ্নিং (এম.এল.) আৰু ডি.এল.-ৰ প্ৰশিক্ষণ দিয়া হয়।
  • এডু-এইচ.পি.চি. (EduHPC) কৰ্মশালা: এখন বাৰ্ষিক কৰ্মশালাই ভাৰতৰ বিভিন্ন প্ৰতিষ্ঠানৰ শিক্ষকসকলক এইচ.পি.চি.ৰ বিষয়ে সৰ্বাংগীন প্ৰশিক্ষণ প্ৰদান কৰে।
  • হাই-পাৰফৰ্মেন্স চাইন্টিফিক কম্পিউটিং কোৰ্চ: নেচনেল প্ৰগ্ৰেম অন টেকন’লজি এনহেন্সড লাৰ্নিং-ৰ অধীনত স্বয়ম (SWAYAM) প্লেটফৰ্মত থকা এটা কাঠামোগত পাঠ্যক্ৰমে শিকাৰু সকলক এইচ.পি.চি.ৰ এটা শক্তিশালী ভিত্তি গঢ়ি তোলাত সহায় কৰে।
  • এইচ.পি.চি. শিক্ষা পৰ্টেল: এই পৰ্টেলটোৱে এইচ.পি.চি. সম্পদ, ৰেকৰ্ড কৰা বক্তৃতা আৰু শিকন সামগ্ৰীসমূহ ব্যৱহাৰৰ সুবিধা প্ৰদান কৰে, যিয়ে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক ব্যৱহাৰিক অভিজ্ঞতা লাভ কৰাত সমৰ্থ কৰি তোলে।
  • এন.এছ.এম.-ৰ ব্যৱহাৰকাৰী ফ’ৰাম: এই ফ’ৰামে কাৰিকৰী সমস্যাসমূহ আলোচনা কৰিবলৈ, প্ৰশ্নসমূহ সমাধান কৰিবলৈ আৰু জ্ঞান তথা সৰ্বোত্তম পদ্ধতিসমূহ বিনিময় কৰিবলৈ এন.এছ.এম.-ৰ ছাইটসমূহৰ ব্যৱহাৰকাৰীসকলক এটা প্লেটফৰ্ম প্ৰদান কৰে।

 ৰাষ্ট্ৰীয় জ্ঞান নেটৱৰ্ক (এন.কে.এন.)

নেশ্যনেল ছুপাৰ কম্পিউটিং মিছন (এন.এছ.এম.)-ৰ অধীনত এন.কে.এন.-এ ভাৰতৰ ছুপাৰকম্পিউটিং পৰিৱেশ তন্ত্ৰৰ মেৰুদণ্ড হিচাপে কাম কৰে। উচ্চ-গতিৰ ৰাষ্ট্ৰীয় নেটৱৰ্কৰ জৰিয়তে ই শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহৰ ছুপাৰকম্পিউটিং সুবিধাসমূহ সংযোগ কৰে। ইয়াৰ দ্বাৰা গৱেষক আৰু প্ৰতিষ্ঠানসমূহে উন্নত কম্পিউটিং সম্পদসমূহ লাভ কৰিবলৈ আৰু ভৌগোলিক সীমা অতিক্ৰম কৰি সহযোগিতা কৰিবলৈ সমৰ্থ হয়। এই নেটৱৰ্কে গণনামূলক সম্পদ, গৱেষণা ক্ষমতা আৰু বৈজ্ঞানিক জ্ঞানৰ বিনিময় শক্তিশালী কৰে। এই সংহত আন্তঃগাঁথনিৰ জৰিয়তে মিছনে সমগ্ৰ ভাৰততে হাই-পাৰফৰ্মেন্স কম্পিউটিঙৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে।

এই পদক্ষেপসমূহে বিশেষায়িত কম্পিউটিং প্ৰতিষ্ঠানসমূহৰ বাহিৰতো এইচ.পি.চি.ৰ দক্ষতা সম্প্ৰসাৰিত কৰিছে আৰু উন্নত কম্পিউটিং ব্যৱহাৰ কৰিবলৈ সাজু থকা এটা বহল শ্ৰমিক বাহিনী গঢ়ি তুলিছে।

আগলৈ কৰণীয়

কম্পিউটিং ক্ষমতা সম্প্ৰসাৰণ কৰি, দেশৰ ভিতৰতে অধিক উন্নত প্ৰযুক্তি বিকাশ কৰি আৰু গৱেষক, শৈক্ষিক জগত তথা উদ্যোগসমূহৰ বাবে হাই-পাৰফৰ্মেন্স কম্পিউটিং অধিক সুলভ কৰি তুলি ভাৰতৰ ছুপাৰকম্পিউটিং পৰিৱেশ তন্ত্ৰ উল্লেখযোগ্যভাৱে বিকশিত হ’বলৈ সাজু হৈছে। দ্ৰুত, শক্তি-দক্ষ আৰু নিৰ্ভৰযোগ্য চিষ্টেম নিৰ্মাণ কৰা, ভাৰতীয় হাৰ্ডৱেৰ আৰু চফটৱেৰৰ ক্ষমতা শক্তিশালী কৰা আৰু দক্ষ পেছাদাৰী ব্যক্তি বিকাশ কৰাটোৱেই হ’ব মিছনৰ মূল লক্ষ । কৃত্ৰিম বুদ্ধিমত্তা আৰু এইচ.পি.চি.ৰ অধিক সংহতিয়ে বতৰ আৰু জলবায়ু, স্বাস্থ্যসেৱা, কৃষি, শক্তি, ঔষধ আৱিষ্কাৰ, ইঞ্জিনিয়াৰিং আৰু বৈজ্ঞানিক গৱেষণাৰ দৰে খণ্ডত গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাত সহায় কৰিব। চৰকাৰ, শৈক্ষিক জগত, উদ্যোগ, ষ্টাৰ্ট-আপ আৰু গৱেষণা প্ৰতিষ্ঠানসমূহক একত্ৰিত কৰি ভাৰতে উন্নত কম্পিউতিঙক ব্যৱহাৰিক সমাধানলৈ ৰূপান্তৰিত কৰিব পাৰে, উদ্ভাৱন আৰু অর্থনৈতিক বিকাশ ত্বৰান্বিত কৰিব পাৰে, আৰু এটা নিৰাপদ, সুস্থায়ী তথা আত্মনিৰ্ভৰশীল ছুপাৰকম্পিউটিং পৰিৱেশ তন্ত্ৰ গঢ়ি তুলিব পাৰে।

তথ্যসূত্ৰসমূহ

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ

https://nsmindia.in/applications/

https://dst.gov.in/national-supercomputing-mission-1

https://dst.gov.in/pm-launches-country-1st-indigenously-build-supercomputer

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=1709875&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2212885&reg=48&lang=2

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2201437&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2198307&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2198307&reg=48&lang=2

https://dst.gov.in/sites/default/files/NSM%20Achievements%20book%20design%2016725.pdf

ইলেক্ট্ৰনিক্স আৰু আই.টি. মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2158517&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1926942&lang=2&reg=48

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2212879&reg=48&lang=2

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2201437&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2201437&reg=3&lang=2

চেণ্টাৰ ফৰ ডেভেলপমেণ্ট অৱ এডভান্সড কম্পিউটিং

https://www.cdac.in/index.aspx?id=hpc_ss_supercomputing_systems

pdf চাবলৈ ইয়াত ক্লিক কৰক

***

পিআইবি গৱেষণা

SS/RR 

(Explainer ID: 160338) आगंतुक पटल : 18
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Tamil , Telugu , Kannada , Malayalam