Economy

পি.এম.-সেতু: ভাৰতৰ আই.টি.আই.-সমূহৰ ৰূপান্তৰৰ এবছৰ

Posted On: 03 OCT 2026 3:22PM

পি.এম.-সেতু-এ হাব-এণ্ড-স্প’ক আৰ্হি আৰু উদ্যোগৰ সৈতে সংগতিপূৰ্ণ প্ৰশিক্ষণৰ জৰিয়তে চৰকাৰী ১০০০ খন আই.টি.আই. উন্নীতকৰণ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। এই আঁচনিখনে ৰাষ্ট্ৰীয় উৎকর্ষ কেন্দ্রৰ জৰিয়তে ৫ টা এন.এছ.টি.আই.-ৰ ক্ষমতা বৃদ্ধিৰ ব্যৱস্থাও কৰে। কৌশলগত বিনিয়োগ পৰিকল্পনা, বিশেষ উদ্দেশ্যৰ বাহন আৰু প্ৰধান উদ্যোগিক সহযোগীৰ জৰিয়তে উদ্যোগৰ অংশগ্ৰহণ অন্তৰ্ভুক্ত কৰা হৈছে। এই আঁচনিখনে বিকাশশীল প্ৰযুক্তি আৰু পেছাসমূহ সামৰি নতুন যুগৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰে। আন্তঃৰাষ্ট্ৰীয় অংশীদাৰীত্বই নিৰ্বাচিত এন.এছ.টি.আই.সমূহত উন্নত দক্ষতা প্ৰশিক্ষণক সমৰ্থন কৰে। এই উদ্যোগটোৱে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত ৰাজ্যিক চালিকা সমিতি আৰু উদ্যোগৰ অংশগ্ৰহণৰ জৰিয়তে ইয়াৰ ৰূপায়ণ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ এবছৰীয়া অগ্ৰগতিৰ ভিতৰত ৮৫০ খন আই.টি.আই. চিনাক্তকৰণ আৰু ১৪ খন আই.টি.আই.  ক্লাষ্টাৰৰ অনুমোদন অন্তৰ্ভুক্ত আছে। পৰিকল্পিত দক্ষতা পৰীক্ষাগাৰসমূহে ছাত্ৰ-ছাত্ৰীসকলৰ পেছাদাৰী পৰিচয় আৰু অধিক সম্প্ৰসাৰিত কৰে।

দক্ষ শ্ৰমিক বাহিনীৰ বাবে আই.টি.আই.-সমূহৰ ৰূপান্তৰণ

ভাৰতৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই.টি.আই.)-সমূহে দেশৰ পেছাদাৰী প্ৰশিক্ষণ পৰিৱেশ তন্ত্ৰৰ এটি গুৰুত্বপূৰ্ণ অংশ গঠন কৰে, যিয়ে যুৱক-যুৱতীসকলক কর্মসংস্থাপন আৰু উদ্যোগৰ বাবে ব্যৱহাৰিক দক্ষতা প্ৰদান কৰে। শ্ৰমিক বাহিনীৰ প্ৰয়োজনীয়তা বৃদ্ধি হোৱাৰ লগে লগে, পেছাদাৰী প্ৰশিক্ষণৰ মান, প্ৰাসঙ্গিকতা আৰু উদ্যোগ-মুখী দিশটো শক্তিশালী কৰাটো ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ পৰিছে।

এনে পটভূমিত, প্ৰধানমন্ত্ৰী স্কিলিং এণ্ড এমপ্ল’য়েবিলিটি ট্ৰান্সফৰ্মেশ্যন থ্ৰু আপগ্ৰেডেড আই.টি.আই. (Pradhan Mantri Skilling and Employability Transformation through Upgraded ITIs) চমুকৈ পি.এম.-সেতু (PM-SETU) ৪ অক্টোবৰ ২০২৫ ত মুকলি কৰা হৈছিল। এই আঁচনিখনে চৰকাৰী আই.টি.আই.-সমূহক আধুনিক, উদ্যোগ-সংগতিপূৰ্ণ প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰি পেছাদাৰী প্ৰশিক্ষণৰ সামগ্ৰিক মান আৰু প্ৰাসঙ্গিকতা বৃদ্ধি কৰে। এই পদক্ষেপে উদ্যোগ-নিয়ন্ত্রিত প্ৰশাসন ব্যৱস্থা শক্তিশালী কৰা, প্ৰশিক্ষণৰ আন্তঃগাঁথনি উন্নত কৰা আৰু শ্ৰমিক বাহিনীৰ বৰ্দ্ধিত প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি চাহিদাভিত্তিক পাঠ্যক্ৰমসমূহক প্ৰসাৰিত কৰাৰ লক্ষ্য লৈছে। এই আঁচনিৰ মুঠ ব্যয় ৬০,০০০ কোটি টকা ,ইয়াত কেন্দ্ৰৰ ৩০,০০০ কোটি টকা, ৰাজ্যসমূহৰ পৰা ২০,০০০ কোটি টকা আৰু উদ্যোগৰ পৰা ১০,০০০ কোটি টকা অন্তৰ্ভুক্ত হৈ আছে। এই আঁচনিখনে ৪ অক্টোবৰ ২০২৬ ত এবছৰ সম্পূৰ্ণ কৰে।

আই.টি.আই.-সমূহ : দক্ষ কৰ্মশক্তিৰ বাবে ভেটি গঢ়ি তোলা

আই.টি.আই.সমূহে যুৱক-যুৱতীসকলক কৰ্মসংস্থান আৰু উদ্যোগৰ বাবে ব্যৱহাৰিক দক্ষতাৰে সজাই তুলিবলৈ পেছাদাৰী প্ৰশিক্ষণ প্ৰদান কৰে। কাৰিকৰী প্ৰশিক্ষণ আঁচনিৰ (চি.টি.এছ.) অধীনত, অভিযান্ত্ৰিক আৰু অনাযান্ত্ৰিক ব্যৱসায়সমূহত চৰকাৰী আৰু ব্যক্তিগত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানসমূহৰ জৰিয়তে প্ৰশিক্ষণ দিয়া হয়। ব্যৱসায়ৰ ওপৰত ভিত্তি কৰি পাঠ্যক্ৰমৰ সময়সীমা ছমাহৰ পৰা দুবছৰলৈ হয়। দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ (এম.এছ.ডি.ই.) প্ৰশিক্ষণ মহানিৰ্দেশালয় (ডি.জি.টি.) হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত পেছাদাৰী প্ৰশিক্ষণৰ উন্নয়ন আৰু সমন্বয়ৰ বাবে দায়িত্বশীল শীৰ্ষ সংস্থা।ইয়াৰ কাৰ্যসমূহৰ ভিতৰত নীতি, নিয়ম আৰু মান নিৰ্ধাৰণ, পাঠ্যক্ৰমৰ বিকাশ, স্বীকৃতি, প্ৰশিক্ষক প্ৰশিক্ষণ আৰু বাণিজ্য পৰীক্ষণ কৰা হয়। আই.টি.আই.-সমূহ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চল প্ৰশাসনৰ, প্ৰশাসনিক আৰু বিত্তীয় নিয়ন্ত্ৰণৰ অধীন। দেশত চৰকাৰী আৰু ব্যক্তিগত দুয়োটা খণ্ডকে ধৰি আই.টি.আই.ৰ মোঠ সংখ্যা ২০১৪ চনৰ ৯,৭৭৬ ৰ পৰা বৃদ্ধি পাই ২০২৬ চনত ১৩,৮৮৮ হৈছেগৈ, যি ৪২% বৃদ্ধি সূচায়। ইয়াৰ উপৰিও, ২০১৪-১৫ শৈক্ষিক বৰ্ষত দেশৰ আই.টি.আই.-সমূহত নামভৰ্তি ৯.৫১ লাখৰ পৰা বৃদ্ধি পাই ২০২৫-২৬ শৈক্ষিক বৰ্ষত ১৪.৭০ লাখ হৈছেহি, যি ৫৪% বৃদ্ধি সূচায়। এই সম্প্ৰসাৰিত নেটৱৰ্কে পেছাদাৰী প্ৰশিক্ষণ শক্তিশালী কৰিবলৈ আৰু ইয়াক বিভিন্ন খণ্ডৰ বিকশিত দক্ষতাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতিপূৰ্ণ কৰি তুলিবলৈ এক বহল প্ৰতিষ্ঠানিক ভিত্তি প্ৰদান কৰে।

আই.টি.আই.-সমূহক পি.এম.-সেতু-এ কেনেদৰে ৰূপান্তৰিত কৰিছে

পি.এম.-সেতু-এ পেছাদাৰী শিক্ষাৰ মান শক্তিশালী কৰিবলৈ আন্তঃগাঁথনি আধুনিকীকৰণ, উদ্যোগৰ অংশগ্ৰহণ আৰু নতুন যুগৰ প্ৰশিক্ষণ একেলগে সাধন কৰে। এই ৰূপান্তৰটো দুটা সুকীয়া উপাদানত বিভক্ত, য’ত প্ৰথমটো চৰকাৰী আই.টি.আই. আৰু দ্বিতীয়টো এন.এছ.টি.আই.ৰ ওপৰত কেন্দ্ৰীভূত।

  • প্ৰথম উপাদানে হাব-এণ্ড-স্প'ক আৰ্হিৰ জৰিয়তে আধুনিক আন্তঃগাঁথনি আৰু উদ্যোগ-সংগতিপূৰ্ণ প্ৰশিক্ষণেৰে উন্নত কৰা ১৭২ টা হাব আই.টি.আই. আৰু ৬৭৮ টা স্প'ক আই.টি.আই.কে ধৰি ১০০০ টা চৰকাৰী আই.টি.আই. সামৰি লয়। প্ৰতিটো হাবে চাৰিটা স্প’কৰ সৈতে সংযোগ স্থাপন কৰে, যিয়ে উন্নত আন্তঃগাঁথনি, আধুনিক ব্যৱসায়, ডিজিটেল শিকন ব্যৱস্থা আৰু ইনকিউবেচন সুবিধাৰ বিনিময় কৰাত সহায় কৰে। হাবসমূহে উদ্ভাৱন কেন্দ্ৰ, প্ৰশিক্ষক-প্ৰশিক্ষণ আন্তঃগাঁথনি, উৎপাদন গোট আৰু নিয়োগ সেৱাৰ দৰে সুবিধাসমূহ প্ৰদান কৰে। স্প’কসমূহে প্ৰশিক্ষণৰ প্ৰৱেশদ্বাৰ সম্প্ৰসাৰিত কৰে আৰু শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজ নিজ ক্লাষ্টাৰৰ উপলব্ধ সম্পদসমূহৰ সৈতে সংযোগ কৰে। এই আৰ্হিয়ে স্মাৰ্ট ক্লাছৰুম, আধুনিক লেবৰেটৰী, ডিজিটেল সমল আৰু উদ্যোগ-সংগতিপূৰ্ণ পাঠ্যক্ৰমেৰে আই.টি.আই. উন্নীতকৰণত সহায় কৰিছে।
  • দ্বিতীয় উপাদানে ভুৱনেশ্বৰ, চেন্নাই, হায়দৰাবাদ, কানপুৰ আৰু লুধিয়ানাৰ ৫ টা ৰাষ্ট্ৰীয় দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ ক্ষমতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। ইয়াৰ ভিতৰত খণ্ডভিত্তিক ৰাষ্ট্ৰীয় উৎকর্ষ কেন্দ্ৰ স্থাপন আৰু বৈশ্বিক অংশীদাৰীত্বৰ জৰিয়তে প্ৰশিক্ষকসকলৰ উন্নত প্ৰশিক্ষণ অন্তৰ্ভুক্ত কৰা হৈছে।

পি.এম.-সেতু ৰূপায়ণ: ৰাজ্য, উদ্যোগ আৰু কেন্দ্ৰীয় সমন্বয়

  • স্বতন্ত্র ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহে উদ্যোগৰ সৈতে পৰামর্শ কৰি পি.এম.-সেতু-ৰ অধীনত আই.টি.আই. নিৰ্বাচনৰ নেতৃত্ব দিয়ে। তেওঁলোকে উদ্যোগিক অংশীদাৰসকলৰ সহযোগত আই.টি.আই. উন্নীতকৰণৰ প্ৰস্তাৱ দাখিল কৰে। এই প্ৰক্ৰিয়াত উদীয়মান দক্ষতাৰ প্ৰয়োজনীয়তা আৰু সংশ্লিষ্ট অঞ্চলসমূহৰ উদ্যোগিক সম্ভাৱনাৰ দিশটো বিবেচনা কৰা হয়।
  • ৰাষ্ট্ৰীয় পৰ্যায়ত, দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ে  আঁচনিখনৰ বাবে সামগ্ৰিক দিক নিৰ্দেশনা প্ৰদান কৰিবলৈ, মন্ত্ৰালয়ৰ সচিবৰ অধ্যক্ষতাত এখন ৰাষ্ট্ৰীয় চালিকা সমিতি (এন.এছ.চি.) গঠন কৰিছে। এন.এছ.চি.-এ বিস্তৃত নীতিগত দিক নিৰ্দেশনা সহজলভ্য কৰে, কাৰ্যকৰী নিৰ্দেশনাসমূহ চূড়ান্ত কৰে, ৰূপায়ণ নিৰীক্ষণ কৰে আৰু প্ৰয়োজনীয় স্থানত সংশোধন কৰে।
  • উদ্যোগৰ অংশগ্ৰহণো নিৰ্বাচন প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হৈছে, য’ত সম্ভাৱ্য অংশীদাৰসকলে কৌশলগত বিনিয়োগ পৰিকল্পনা (এছ.আই.পি.) দাখিল কৰাটো বাধ্যতামূলক।

বিশেষ উদ্দেশ্যৰ বাহনৰ জৰিয়তে উদ্যোগ-নিয়ন্ত্রিত প্ৰশাসন ব্যৱস্থা

পি.এম.-সেতু-এ উন্নীত আই.টি.আই. ক্লাষ্টাৰসমূহৰ বাবে এছ.পি.ভি.-ৰ জৰিয়তে উদ্যোগ-নিয়ন্ত্রিত শাসন ব্যৱস্থাৰ ব্যৱস্থা কৰে। প্ৰস্তাৱিত গাঁথনিটোৱে এংকৰ উদ্যোগ অংশীদাৰক ৫১% মালিকীস্বত্ব প্ৰদান কৰে, য’ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে প্ৰতিটোৱে ২৪.৫% দায়িত গ্ৰহণ কৰে। এছ.পি.ভি.সমূহে স্থানীয় উদ্যোগৰ প্ৰয়োজনীয়তাৰ উপযোগী হস্তক্ষেপৰ প্ৰস্তাৱ দি ক্লাষ্টাৰ বিকাশ আৰু কাৰ্যকলাপ পৰিচালনাৰ নেতৃত্ব দিয়ে। এই হস্তক্ষেপসমূহে পাঠ্যক্ৰম, প্ৰশিক্ষণ প্ৰদান, আন্তঃগাঁথনি আৰু উদ্যোগিক পৰিচয় সামৰি ল’ব পাৰে।

এবছৰত পি.এম.-সেতু: পৰিকল্পনাৰ পৰা ৰূপায়ণলৈ

পি.এম.-সেতু-ৰ প্ৰথম বছৰৰ ভিতৰত, ৰূপায়ণ প্ৰক্ৰিয়াই প্ৰতিষ্ঠানিক প্ৰস্তুতি আৰু আই.টি.আই. চিনাক্তকৰণৰ পৰা আগবাঢ়ি গৈ আই.টি.আই. ক্লাষ্টাৰ আৰু এছ.আই.পি. ৰ অনুমোদন লাভ কৰিছে। মুঠ ৮৫০ খন আই.টি.আই. চিনাক্ত কৰা হৈছে, য’ত ১৭২ খন হাব আই.টি.আই. আৰু ৬৭৮ খন স্প’ক আই.টি.আই. অন্তৰ্ভুক্ত আছে। ৩৬ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে ক্লাষ্টাৰ চিনাক্ত কৰিছে আৰু উৎসৰ্গিত ৰাজ্যিক বাজেট তৈয়াৰ কৰিছে। ইফালে, ৩৫ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলে ৰূপায়ণ পথ প্ৰদৰ্শন আৰু তদাৰক কৰিবলৈ ৰাজ্যিক চালিকা সমিতি গঠন কৰিছে। ২৬ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলেও উদ্যোগৰ অংশগ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

এন.এছ.চি.-এ ২০০ খন চিনাক্ত আই.টি.আই. ক্লাষ্টাৰজুৰি পি.এম.-সেতু-ৰ পৰিকল্পনা পৰ্যায়ৰ পৰা দেশজোৰা সম্প্ৰসাৰণলৈ পৰিৱৰ্তনত অনুমোদন কৰিছে। এই সম্প্ৰসাৰণে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক উদ্যোগৰ প্ৰস্তুতি আৰু ৰূপায়ণ ক্ষমতাৰ ভিত্তিত কাম হাতত ল’বলৈ ক্ষমতা প্ৰদান কৰে। পি.এম.-সেতু-ৰ অধীনত ৩,৪৪৬ কোটি টকা বিনিয়োগেৰে ১৪ খন আই.টি.আই. ক্লাষ্টাৰৰ বাবে এছ.আই.পি.সমূহলৈ অনুমোদন দিয়া হৈছে।

ৰাষ্ট্ৰীয় ষ্টিয়াৰিং কমিটিৰ দ্বাৰা ৮খন ৰাজ্য আৰু ১খন কেন্দ্ৰীয় শাসিত অঞ্চলত ১৪টা এছ.আই.পি. অনুমোদিত

ক্ৰমিক নং

ৰাজ্য

ক্লাষ্টাৰ

এংকৰ উদ্যোগ অংশীদাৰ

খণ্ড

মূল্য (কোটি টকা)

১

অন্ধ্ৰ প্ৰদেশ

কানচাৰাপালেম

আৰ্চেলৰ মিট্টাল নিপ্পন ষ্টীল ইণ্ডিয়া

ষ্টীল আৰু ধাতু

২০০

২

ওড়িশা

কেওনঝৰ-বাৰবিল

জিন্দাল নবীন অৱসৰ লিমিটেড

বৈচিত্ৰ্যপূৰ্ণ উৎপাদন

২৪০

৩

গুজৰাট

ছুৰাট

আৰ্চেলৰ মিট্টাল নিপ্পন ষ্টীল ইণ্ডিয়া

ষ্টীল আৰু ধাতু

২৪০

৪

তেলেংগানা

পুৰণি চহৰ

এপ’ল’ মেডস্কিলছ লিমিটেড

স্বাস্থ্যসেৱা আৰু জীৱন বিজ্ঞান

২৪১

৫

তেলেংগানা

ছাংগাৰেড্ডী

নিউলেণ্ড ফাউণ্ডেচন

ঔষধ আৰু ৰাসায়নিক

২৪১

৬

তেলেংগানা

পাটানচেৰু

শ্ৰী সিদ্ধাৰ্থ ইনফ্ৰাটেক আৰু ছাৰ্ভিচেছ

বৈচিত্ৰ্যপূৰ্ণ উৎপাদন

২৭৫

৭

ৰাজস্থান

ভিৱাড়ী

এইচ.জি. ইনফ্ৰা ইঞ্জিনিয়াৰিং লিমিটেড

আন্তঃগাঁথনি আৰু নিৰ্মাণ

২৪১

৮

উত্তৰ প্ৰদেশ

মেৰুঠ

ৰাষ্ট্ৰীয় দক্ষতা উন্নয়ন নিগম

দক্ষতা উন্নয়ন

২৪০

৯

তেলেংগানা

মেডচাল

জেন টেকন’লজিছ লিমিটেড

প্ৰতিৰক্ষা আৰু ইলেক্ট্ৰনিক্স

২৫৪

১০

হাৰিয়ানা

কুৰুক্ষেত্ৰ

জিন্দাল নবীন অৱসৰ লিমিটেড

বৈচিত্ৰ্যপূৰ্ণ উৎপাদন

৩২০

১১

মহাৰাষ্ট্ৰ

ছত্ৰপতি সম্ভাজীনগৰ

বেলৰাইজ ইণ্ডাষ্ট্ৰিজ

অটোমোটিভ উদ্যোগ

২৩৮

১২

মহাৰাষ্ট্ৰ

পুনে

বি.ভি.জি. গ্ৰুপ

সমন্বিত সুবিধা ব্যৱস্থাপনা

২৪১

১৩

জম্মু আৰু কাশ্মীৰ

শ্ৰীনগৰ

ইন্দৰদীপ ইনফ্ৰা ইণ্ডিয়া লিমিটেড

আন্তঃগাঁথনি আৰু নিৰ্মাণ

২৩৫

১৪

জম্মু আৰু কাশ্মীৰ

জম্মু

 

আন্তঃগাঁথনি আৰু নিৰ্মাণ

২৪০

মুঠ:                                                                                 ৩,৪৪৬ কোটি টকা

দক্ষতাৰ সুযোগৰ সম্প্ৰসাৰণ

উদীয়মান শ্ৰমিক বাহিনীৰ প্ৰয়োজনীয়তাৰ বাবে নতুন যুগৰ পাঠ্যক্ৰম

আন্তঃগাঁথনি আৰু প্ৰতিষ্ঠানিক সংস্কাৰক পৰিপূৰক হিচাপে, পি.এম.-সেতু-এ পেছাদাৰী প্ৰশিক্ষণক উদীয়মান প্ৰযুক্তি আৰু পেছাসমূহৰ প্ৰতি প্ৰতিক্ৰীয়াশীল কৰি তোলাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। প্ৰশিক্ষণ মহানিৰ্দেশালয়ে কৃত্রিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা, বৈদ্যুতিক বাহন, ছেমিকনডাক্টৰ প্ৰযুক্তি, ৰবটিক্স, সেউজ হাইড্ৰ’জেন, ড্ৰ’ন, আই.অ’.টি., সৌৰ শক্তি, ৫জি আৰু চফটৱেৰ টেষ্টিং আদি খণ্ডক সামৰি কাৰিকৰী প্ৰশিক্ষণ আঁচনিৰ অধীনত ৩২ টা নতুন যুগৰ পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিছে। ৰাজ্যসমূহে নিজৰ প্ৰশাসনিক আৰু বিত্তীয় নিয়ন্ত্ৰণাধীন আই.টি.আই.-সমূহত এই পাঠ্যক্ৰমসমূহ গ্ৰহণ কৰিব পাৰে।

উন্নত দক্ষতাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰীত্ব

ৰাষ্ট্ৰীয় উৎকর্ষ কেন্দ্ৰসমূহৰ ক্ষমতা শক্তিশালী কৰিবলৈ আৰু বিশ্বমানৰ সৈতে প্ৰশিক্ষণ সংগতিপূৰ্ণ কৰিবলৈ পি.এম.-সেতু আৰ্হিয়ে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰীত্বৰ ব্যবস্থাও কৰে। এন.এছ.টি.আই. চেন্নাইৰ বাবে ছিংগাপুৰ, এন.এছ.টি.আই. কানপুৰৰ বাবে ফ্ৰান্স, এন.এছ.টি.আই. ভুৱনেশ্বৰৰ বাবে অষ্ট্ৰেলিয়াৰ সৈতে এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে আৰু এন.এছ.টি.আই. হায়দৰাবাদৰ বাবে জাৰ্মানীৰ সৈতে সন্মতিৰ যুটীয়া ঘোষণাপত্ৰ প্ৰকাশ কৰা হৈছে।

দক্ষতাৰ পৰা কৰ্মসংসংস্থানৰ পথ শক্তিশালীকৰণ

পি.এম.-সেতু-এ আধুনিক আন্তঃগাঁথনি, উদ্যোগৰ অংশগ্ৰহণ আৰু চাহিদাভিত্তিক প্ৰশিক্ষণৰ জৰিয়তে ভাৰতৰ পেছাদাৰী প্ৰশিক্ষণ পৰিৱেশ তন্ত্ৰ শক্তিশালী কৰিছে। ইয়াৰ ৰূপায়ণৰ জৰিয়তে চৰকাৰী আই.টি.আই. আৰু এন.এছ.টি.আই.সমূহক শ্ৰমিক বাহিনীৰ বিকশিত প্ৰয়োজনীয়তাৰ অধিক নিকটৱৰ্তী কৰি তোলা হৈছে। এই পদক্ষেপে নতুন যুগৰ দক্ষতা, আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা আৰু প্ৰাৰম্ভিক পেছাদাৰী পৰিচয় লাভৰ পথো প্ৰসাৰিত কৰিছে। এই সকলো ব্যৱস্থাই মিলি ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে অধিক সংযুক্ত আৰু উদ্যোগ-প্ৰতিস্পৰ্ধী দক্ষতাৰ পথক সমৰ্থন কৰিছে।

তথ্যসূত্ৰসমূহ

দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়

https://dgt.gov.in/sites/default/files/2025-01/NCVT_Affiliation_norms_ITIs.pdf

https://pmsetu.nimi.co.in/about-us

https://pm-setu.skillindiadigital.gov.in/

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2246879&lang=1&reg=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2286584&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2222121&reg=3&lang=1

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2208158&reg=6&lang=1

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2238234&reg=6&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2246879&lang=1&reg=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2291100&lang=1&reg=3

https://sansad.in/getFile/lsapps/loksabhaquestions/annex/188/AS206_AQ2o13.pdf?source=lsapps

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2281937&reg=6&lang=1

https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2307775&lang=1&reg=3

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2312980&reg=6&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2174932&reg=48&lang=2

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

https://www.pmindia.gov.in/en/news_updates/pm-to-unveil-various-youth-focused-initiatives-worth-more-than-rs-62000-crore-on-4th-october

PM-SETU: ভাৰতৰ আই টি আইৰ ৰূপান্তৰৰ এবছৰ

******

পিআইবি গৱেষণা

SS/RR

(Explainer ID: 160323) आगंतुक पटल : 17
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Tamil , Telugu , Kannada , Malayalam