Rural Prosperity

স্বচ্ছতাৰ বাৰ্তা প্ৰচাৰ আৰু আচৰণৰ পৰিৱৰ্তন

স্বচ্ছ ভাৰত অভিযানৰ সামাজিক আৰু আচৰণৰ পৰিৱৰ্তনমূলক যাত্ৰা

Posted On: 02 OCT 2026 2:12PM

স্বচ্ছ ভাৰত মিছনে (এছ বি এম) আচৰণ পৰিৱৰ্তনক অনাময়ৰ মূখ্য স্থানত ৰাখিছিল, আন্তঃগাঁথনিৰ ঊৰ্ধ্বলৈ গৈ দীৰ্ঘম্যাদী আচৰণ আৰু সামাজিক নীতি-নিয়মৰ দিশত আগবাঢ়িছিল। সামাজিক আৰু আচৰণ পৰিৱৰ্তন যোগাযোগে (এছ বি চি চি) যোগাযোগক ৰূপান্তৰিত কৰিলে; ই কেৱল তথ্য প্ৰদানৰ পৰা আলোচনা, অংশগ্ৰহণ আৰু সামূহিক কাৰ্য্যলৈ ৰপান্তৰিত কৰিলে। মহাত্মা গান্ধী আৰু তেওঁৰ স্বচ্ছতা আৰু আত্মসেৱাৰ আদৰ্শই এছ বি এমৰ পথ প্ৰদৰ্শক নীতি হিচাপে পৰিগণিত হৈছিল। স্বচ্ছগ্ৰহৰ দৰে সামূহিক সংগঠন আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে (সচ্ছগ্ৰহী) ব্যক্তিগত অনাময় ব্যৱস্থাক ভাগ-বতৰা সম্প্ৰদায়ৰ নীতিলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছিল। একাধিক যোগাযোগ মাধ্যমে পৰিয়াল, সম্প্ৰদায়, ৰাজহুৱা স্থান আৰু ডিজিটেল প্লেটফৰ্মত স্বচ্ছতা বাৰ্তাক শক্তিশালী কৰি তুলিছিল। মহিলা আৰু শিশুসকল স্বচ্ছতাৰ অভ্যাস বিয়পোৱা আৰু বৰ্তাই ৰখাৰ ক্ষেত্ৰত হিতাধিকাৰী আৰু সক্ৰিয় অংশগ্ৰহণকাৰী হৈ পৰিল। উদগনি, স্বীকৃতি, পুৰস্কাৰ আৰু অংশগ্ৰহণমূলক নিৰীক্ষণে স্বচ্ছতা ব্যৱস্থাক কেৱল অভিযানৰ পৰা বহনক্ষম সম্প্ৰদায়ৰ অভ্যাসলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছিল।

 

স্বচ্ছ ভাৰতৰ আচৰণ ভেটি

স্বচ্ছ ভাৰত মিছনে (এছ বি এম) অনাময় ব্যৱস্থাক আচৰণ, অংশগ্ৰহণ আৰু সামূহিক দায়বদ্ধতাৰ বিষয় হিচাপে গণ্য কৰিছে। এই অভিযানে স্বীকাৰ কৰিছিল যে কেৱল আন্তঃগাঁথনিয়ে স্থায়ী অনাময়ৰ ফলাফল সৃষ্টি কৰিব নোৱাৰে। সেয়েহে এছ বি এম-এ আচৰণ পৰিৱৰ্তন যোগাযোগক ইয়াৰ ৰূপায়ণ পদ্ধতিৰ কেন্দ্ৰবিন্দুত ৰাখিছিল। এছ বি এম-জিৰ অধীনত কেৱল শৌচাগাৰ নিৰ্মাণতে গুৰুত্ব দিয়া হোৱা নাই। ই সম্প্ৰদায়সমূহক নিৰাপদ আৰু বহনক্ষম অনাময় ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে। একেদৰে এছ বি এম-ইউৰ অধীনত কেৱল আৱৰ্জনা প্ৰক্ৰিয়াকৰণৰ ওপৰত গুৰুত্ব দিয়া হোৱা নাই। ইয়াত উৎসত আৱৰ্জনা পৃথকীকৰণক ৰাজহুৱা অভ্যাস হিচাপে গঢ়ি তোলা আৰু সম্পূৰ্ণ নগৰীয়া অনাময় আৰু ৰাজহুৱা পৰিষ্কাৰ-পৰিচ্ছন্নতা লাভ কৰাত গুৰুত্ব দিয়া হৈছে। গতিকে তথ্য, শিক্ষা, যোগাযোগ (আইইচি) কৌশল, আচৰণ শক্তিশালীকৰণ, আৰু নিৰীক্ষণ সেয়েহে এছবিএম ৰূপায়ণ কৌশলৰ গুৰুত্বপূৰ্ণ উপাদান। এছ বি এমে অনাময় সম্পদ গঢ়ি তোলাৰ পৰা অনাময় আচৰণ বৰ্তাই ৰখাৰ দিশত অগ্ৰসৰ হৈছে। এই ৰূপান্তৰৰ কেন্দ্ৰবিন্দু হৈছে সামাজিক আৰু আচৰণ পৰিৱৰ্তন যোগাযোগ (এছ বি চি চি)।

স্বচ্ছ ভাৰত অভিযান (এছ বি এম)

২০১৪ চনৰ ২ অক্টোবৰত আৰম্ভ হোৱা এছ বি এম ভাৰতৰ অন্যতম বৃহৎ চৰকাৰী অনাময় অভিযানত পৰিণত হৈছে। এই অভিযান দুটা ভাগত অব্যাহত আছে : এছ বি এম-গ্ৰাম্য আৰু এছ বি এম-নগৰীয়া। এছ বি এম-গ্ৰাম্যই গ্ৰাম্য অনাময়, শৌচাগাৰৰ সুবিধা, ইয়াৰ ব্যৱহাৰ, আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এছ বি এম-আৰ্বানে নগৰীয়া অনাময়, আৱৰ্জনা ব্যৱস্থাপনা  আৰু ৰাজহুৱা স্থানৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াত এছ বি এমৰ সাফল্যৰ বিষয়ে পঢ়ক-

তথ্যৰ পৰা আচৰণৰ পৰিৱৰ্তনলৈ

সামাজিক আৰু আচৰণ পৰিৱৰ্তন যোগাযোগে (এছ বি চি চি) আলোচনা আৰু যোগাযোগৰ সহায় লৈ ইতিবাচক সামাজিক পৰিৱৰ্তন আনে। ই একাধিক পদ্ধতিৰ সংমিশ্ৰণেৰে তথ্য, মনোভাব, ৰীতি-নীতি আৰু অভ্যাসক প্ৰভাৱিত কৰে। ইয়াৰ ভিতৰত মুখামুখি আলোচনা, জনসংযোগ, গণমাধ্যম আদি অন্যতম। ইয়াৰ উপৰি ইয়াত ছ’চিয়েল মিডিয়া, মনোৰঞ্জন, পোষকতা, আৰু কৌশলগত অংশীদাৰিত্ব অন্তৰ্ভুক্ত কৰা হৈছে।

এছ বি এমৰ অধীনত এছ বি চি চিয়ে কেৱল তথ্য প্ৰচাৰতো অধিক কাম কৰে। ইয়াৰ লক্ষ্য হৈছে মানুহৰ চিন্তাধাৰা, সামাজিক ৰীতি-নীতি, দৈনন্দিন অভ্যাসক প্ৰভাৱিত কৰা। এছ বি এমৰ অধীনত এই পদ্ধতিত আলোচনা, সংগঠন, সজাগতা বৃদ্ধি আৰু সহযোগিতামূলক কাৰ্য জড়িত হৈ থাকে। ইয়াৰ দীৰ্ঘম্যাদী লক্ষ্য হৈছে মুকলি শৌচ আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ সৈতে জড়িত সামাজিক ৰীতি-নীতি সলনি কৰা। ই স্বীকাৰ কৰে যে মানুহৰ আচৰণ তেওঁলোকৰ সামাজিক পৰিৱেশৰ দ্বাৰা প্ৰভাৱিত হয়। পৰিয়াল, ওচৰ-চুবুৰীয়া, সম্প্ৰদায়ৰ গোট, স্থানীয় প্ৰতিষ্ঠান, আৰু বিশ্বাসযোগ্য নেতাই কিছুমান অভ্যাসক প্ৰসাৰিত বা প্ৰতিৰোধ কৰিব পাৰে। সেয়েহে সম্পৰ্ক আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে যোগাযোগে কাম কৰে।

 

 

মহাত্মা গান্ধী : এছ বি এমৰ অধীনত এছ বি চি চিৰ বাবে এক নৈতিক আধাৰ

মহাত্মা গান্ধীয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময় ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়াটোৱে এছ বি এমৰ যোগাযোগ কৌশলৰ এক শক্তিশালী ভেটি গঢ়ি তুলিছিল। ২০১৯ চনত গান্ধীজীৰ ১৫০ সংখ্যক  জয়ন্তীৰ দ্বাৰা ‘স্বচ্ছ ভাৰত’ৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্য ২০১৪ চনৰ ২ অক্টোবৰত আৰম্ভ কৰা এই অভিযানত এছ বি এমৰ ল’গ’ত মহাত্মা গান্ধীৰ চশমা অংকন কৰা হৈছে। ইয়াৰ ফলত ব্ৰেণ্ড ভেলু গঢ়ি তোলাত সহায় কৰা হৈছে আৰু বিশ্বজুৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ গুৰুত্বৰ বিষয়ে যোগাযোগ কৰা হৈছে। ইয়াৰ উপৰি সাধাৰণ মানুহক মিছনৰ সৈতে সহজ আৰু ক্ষিপ্ৰতাৰে সংযোগ স্থাপন কৰাত সহায় কৰিছে। ফলত ভাৰতৰ গ্ৰাম্য অঞ্চল ২০১৯ চনৰ ২ অক্টোবৰত মুকলিত শৌচৰ পৰা মুক্ত (ODF) অঞ্চল ঘোষণা কৰা হয়।

 

ছবি ১: এছ বি এমৰ ল'গ

মহাত্মা গান্ধীয়ে সত্যাগ্ৰহ আন্দোলনৰ সময়তে চম্পাৰণত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে অভিযান আৰম্ভ কৰিছিল। এখন আদৰ্শ গাঁৱৰ প্ৰতি তেওঁৰ দৃষ্টিভংগী আছিল, য’ত উৎকৃষ্ট অনাময় ব্যৱস্থা থাকিব আৰু ৰাস্তা-ঘাটবোৰ ধূলি-মাটিৰ পৰা মুক্ত হব। " আশ্ৰম অবজাৰ্ভেতন ইন একশ্যন" নামৰ গ্ৰন্থখনত গান্ধীয়ে লিখিছে যে অনাময় সেৱা এক অপৰিহাৰ্য আৰু পবিত্ৰ সেৱা। তেওঁৰ সেৱাগ্ৰাম আশ্ৰমত তেওঁ এই কামৰ বাবে বাহিৰৰ শ্ৰমিক নিয়োগ নকৰাৰ ওপৰত জোৰ দিছিল। আশ্ৰমৰ সদস্যসকলে পাল পাতি চৌহদ চাফা কৰে। আশ্ৰমৰ নিয়ম অনুসৰি সদস্যসকলে হাত ধুব লাগিব আৰু পৰিষ্কাৰ নেপকিনেৰে মচিব লাগিব। এছ বি এমৰ বাৰ্তাসমূহে এই উত্তৰাধিকাৰৰ ওপৰত আধাৰিত হৈ নিজৰ মনোভাবক জগাই তুলিছিল আৰু আচৰণ পৰিৱৰ্তনত অংশগ্ৰহণক উৎসাহিত কৰিছি

এই সংযোগে আচৰণ পৰিৱৰ্তন আন্দোলনৰ ভাষা আৰু প্ৰতীককো গঢ় দিছিল। "স্বচ্ছগ্ৰাহী" শব্দটো ইচ্ছাকৃতভাৱে গান্ধীৰ সত্যাগ্ৰহ পৰম্পৰাৰ পৰা ধাৰ কৰা হৈছিল, নাগৰিক আৰু অনাময় স্বেচ্ছাসেৱকসকলক সামূহিক "স্বচ্ছগ্ৰহ"ৰ অংশীদাৰ হিচাপে কল্পনা কৰা হৈছিল। এইদৰে এছ বি এম-এ মহাত্মা গান্ধীক কেৱল স্মৰণীয় ব্যক্তি হিচাপেই নহয়, অনাময়ক সামূহিক কাৰ্য, নাগৰিকত্ব আৰু স্থায়ী আচৰণ পৰিৱৰ্তনৰ সৈতে সংযোগ কৰা যোগাযোগ মাধ্যম হিচাপে সন্মান জনায়।

ঘৰে ঘৰে আচৰণ পৰিৱৰ্তন : ব্যক্তিগত অভ্যাস সলনি কৰা

এছ বি এম নীতিসমূহক এ এছ বি চি চিৰ প্ৰত্যক্ষ সম্প্ৰদায় পৰ্যায়ৰ অংশগ্ৰহণলৈ অনুবাদ কৰিলে। আন্তঃব্যক্তিগত যোগাযোগ (আই পি চি) অনাময় আচৰণক প্ৰভাৱিত কৰাৰ বাবে এক মূল আহিলা হৈ পৰিল। একমুখী বাৰ্তা প্ৰেৰণ কৰাৰ পৰিৱৰ্তে আইপিচিয়ে আলোচক আৰু সম্প্ৰদায়ৰ সদস্যসকলৰ মাজত আলোচনাৰ সুবিধা প্ৰদান কৰে, স্থানীয় পৰ্যায়ত উদ্বেগ, ধাৰণা আৰু ব্যৱহাৰিক বাধাসমূহৰ বিষয়ে আলোচনা কৰাৰ সুযোগ প্ৰদান কৰে। চৰকাৰে আগশাৰীৰ কৰ্মী, অনাময় কৰ্মী, সম্প্ৰদায়ৰ নেতা, আত্মসহায়ক গোট (এছ এইচ জি) আৰু বৰ্তমানৰ সামাজিক নেটৱৰ্কৰ সহায় লৈ আই পি চি (মুখামুখি কথা-বতৰা)ৰ সুবিধা লাভ কৰিছিল। এই পদ্ধতিসমূহৰ ভিতৰত আছিল প্ৰতিটো ঘৰলৈ যোৱা, এজন এজনকৈ পৰামৰ্শ দিয়া, সৰু গোটৰ অধিবেশন পতা, সমনীয়া আৰু পৰিয়াল, স্বাস্থ্য কেন্দ্ৰ, সম্প্ৰদায়ৰ স্থান, ধৰ্মীয় সমাৱেশত আলোচনা।

 

এছ বি এম-জিৰ অধীনত অনাময় কৰ্মীসকল তৃণমূল পৰ্যায়ৰ নেতা আৰু প্ৰেৰণাদায়ক ব্যক্তি হৈ পৰিছিল। তেওঁলোকৰ ভূমিকা কেৱল শৌচাগাৰ নিৰ্মাণৰ প্ৰসাৰত সীমাবদ্ধ নাছিল। তেওঁলোকে পৰিয়ালসমূহক নিৰাপদ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পদ্ধতি গ্ৰহণ আৰু এয়া বৰ্তাই ৰখাত সহায় কৰিছিল। স্বচ্ছগ্ৰাহীয়ে মানুহক প্ৰেৰণা যোগোৱা, ঘৰলৈ যোৱা, অনাময় সম্পৰ্কে আলোচনা কৰাত সহায় কৰিছিল। লগতে মানুহক সংগঠিত কৰাৰ লগতে নিৰীক্ষণ সমিতিসমূহ শক্তিশালী কৰাত সহায় কৰিছিল। আনকি মুকলিত শৌচ মুক্ত (অ’ডিএফ) অঞ্চল ঘোষণা কৰাৰ পিছতো তেওঁলোকে ব্যক্তি আৰু পৰিয়ালৰ মাজত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পদ্ধতি আৰু অধিক শক্তিশালী কৰাৰ বাবে কাম কৰি গৈছিল।

 

ফটো ২ : বিহাৰত স্বচ্ছগ্ৰাহী আৰু এছ এইচ জি দিদিৰ বৈঠক

 

 

ফটো ৩: নিগ্ৰানী (নিৰীক্ষণ) সমিতিয়ে পাৰস্পৰিক ক্ৰিয়াৰ জৰিয়তে স্বচ্ছতাৰ বাৰ্তা বিয়পাইছে

 

 

নিগ্ৰানী সমিতিৰ জৰিয়তে সম্প্ৰদায়ৰ নেতৃত্বত নিৰীক্ষণলৈও পাৰস্পৰিক ক্ৰিয়া-কলাপ সম্প্ৰসাৰিত হৈছিল। মুকলি শৌচমুক্ত (অ’ডিএফ) লক্ষ্যত উপনীত হোৱা আৰু সেয়া বৰ্তাই ৰখাত সহায়ক হোৱাকৈ এই সমিতিসমূহ শক্তিশালী কৰা হৈছিল। তেওঁলোকৰ কাৰ্যকলাপৰ ভিতৰত আছিল নিয়মীয়াকৈ পুৱা আৰু গধূলি গাঁৱবোৰৰ নিৰীক্ষণ। নিৰীক্ষণ কাৰ্যকলাপসমূহে বিশেষকৈ সেই অঞ্চলসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল য’ত মানুহে সঘনাই মুকলি ঠাইত শৌচ কৰিছিল। সমাজৰ ভিতৰত ধাৰাবাহিক উপস্থিতি আৰু অনুসৰণৰ জৰিয়তে তেওঁলোকে অনাময় বাৰ্তাক আৰু অধিক শক্তিশালী কৰি তুলিছিল। নিয়মীয়া নিৰীক্ষণ অভিযান, গ্ৰাম সভা আৰু ৰাত্ৰি চৌপালে অ’ডিএফৰ আচৰণ বৰ্তাই ৰখাত সহায় কৰিছিল। স্বচ্ছগ্ৰাহীসকলক সম্প্ৰদায়ৰ নিৰীক্ষণৰ সময়ত  নিজৰ কৰ্তব্য ফলপ্ৰসূভাৱে পালন কৰিবলৈ টৰ্চ আৰু হুইচেলকে ধৰি এটা সঁজুলিৰ ব্যৱস্থা কৰা হৈছিল।

এইদৰে এই পদ্ধতিসমূহে অনাময় ব্যৱস্থাক ব্যক্তিগত অভ্যাসৰ পৰা ভাগ-বতৰা কৰা সম্প্ৰদায়ৰ নিয়মলৈ ৰূপান্তৰিত কৰিলে। আচৰণ পৰিৱৰ্তন শক্তিশালী আৰু বৰ্তাই ৰখাৰ ক্ষেত্ৰত সম্প্ৰদায়টো নিজেই এক সক্ৰিয় অংশীদাৰ হৈ পৰিছিল।

 

ব্যক্তিগত কথোপকথনৰ পৰা সামূহিক কাৰ্যকলাপলৈ

আন্তঃব্যক্তিগত কথোপকথনে ঘৰুৱা আৰু সম্প্ৰদায় পৰ্যায়ত আলোচনাৰ সুযোগ সৃষ্টি কৰিছিল। সম্প্ৰদায়ৰ সংগঠনে এই প্ৰক্ৰিয়াটোক আগুৱাই লৈ গৈছিল; ই মানুহক একত্ৰিত কৰি ভাগ-বতৰা কৰা অনাময়ৰ চিন্তাৰ বিষয়ে আলোচনা কৰিছিল আৰু সামূহিক সমাধান বিচাৰিছিল। স্বচ্ছ ভাৰত মিছন (এছ বি এম)ৰ অধীনত ই সম্প্ৰদায়সমূহক তেওঁলোকৰ দৈনন্দিন অনাময় ব্যৱস্থাত প্ৰভাৱ পেলোৱা সিদ্ধান্তসমূহত অংশগ্ৰহণৰ বাবে এখন মঞ্চ প্ৰদান কৰিছিল। গ্ৰাম সভা, ৰাত্ৰি চৌপাল, সম্প্ৰদায়ৰ সভা, আৰু অন্যান্য স্থানীয় মাধ্যমে অনাময় বিষয়সমূহৰ ওপৰত আলোচনাৰ সুবিধা প্ৰদান কৰিছিল আৰু সম্প্ৰদায়সমূহক উমৈহতীয়া অগ্ৰাধিকাৰৰ ওপৰত এক্যমতত উপনীত হোৱাত সহায় কৰিছিল।

সামূহিক সংগঠনে অনাময় ব্যৱস্থাৰ কথোপকথনত বিভিন্ন গোটকো জড়িত কৰিছিল। সম্প্ৰদায়ৰ নেতা, পঞ্চায়তীৰাজৰ প্ৰতিষ্ঠান, স্বেচ্ছাসেৱক, ধৰ্মীয় নেতা আৰু মহিলা গোটে স্থানীয় আলোচনা আৰু কাৰ্যসূচীক আগুৱাই নিব পাৰিছিল। এই পদ্ধতিয়ে ব্যক্তিগত আচৰণক সামূহিক দায়বদ্ধতাৰ সৈতে সংযোগ কৰিছিল। নিৰাপদ অনাময় ব্যৱস্থা গ্ৰহণ কৰা এটা পৰিয়াল বহল সম্প্ৰদায়ৰ প্ৰচেষ্টাৰ অংশ হৈ পৰিল। সম্প্ৰদায়ৰ আলোচনাই স্থানীয় উদ্বেগ চিনাক্তকৰণ, অভিজ্ঞতা ভাগ-বতৰা আৰু প্ৰয়োজনীয় হস্তক্ষেপৰ ওপৰত একমতত উপনীত হোৱাৰ সুযোগ সৃষ্টি কৰিছিল। এই পন্থাৰ প্ৰতিফলন ঘটিছিল ‘চলো চম্পাৰণ’, ‘স্বচ্ছ শক্তি’, ‘স্বচ্ছ সুন্দৰ শৌচালয়’, ‘স্বচ্ছতা হী সেৱা’, ‘স্বচ্ছ সুন্দৰ সমাজিক শৌচালয়’, ‘স্বচ্ছ ভাৰত দিৱস’, ‘স্বচ্ছতা মহোৎসৱ’ আৰু ‘স্বচ্ছ পখোৱাড়া’ আদি অভিযানত। এই অভিযানসমূহে অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত গণ অংশগ্ৰহণৰ মঞ্চ প্ৰদান কৰিছিল।

 

ছবি ৪ : অনাময়ৰ বাৰ্তা প্ৰেৰণ কৰা অসমৰ স্থানীয় ভাষাত এখন দেৱাল চিত্ৰ

মিড মিডিয়া আৰু বাহিৰৰ যোগাযোগৰ জৰিয়তে সম্প্ৰদায়ৰ সংগঠনক আৰু অধিক শক্তিশালী কৰা হৈছিল। এই মাধ্যমসমূহে ব্যক্তিগত পাৰস্পৰিক ক্ৰিয়াৰ বাহিৰেও সম্প্ৰদায়ৰ সদস্যসকলে সঘনাই গোট খোৱা ঠাইসমূহলৈ অনাময় বাৰ্তাসমূহ সম্প্ৰসাৰিত কৰিছিল। পুতলা শ্ব', মেজিক শ্ব', নাটক  আৰু বাটৰ নাট স্থানীয় আৰু পৰম্পৰাগত মিড মিডিয়াৰ কিছুমান উদাহৰণ। বহিঃ সংবাদ মাধ্যমে অনাময় বাৰ্তা প্ৰেৰণৰ বাবে ৰাজহুৱা স্থান যেনে- বিলবোৰ্ড আৰু অনুমোদিত ৰাজহুৱা দেৱালত দেৱাল চিত্ৰ ব্যৱহাৰ কৰে। বিশেষকৈ অনাময় বাৰ্তা প্ৰেৰণৰ বাবে দেৱাল চিত্ৰ আৰু গ্ৰেফিটি আৰ্ট ব্যৱহাৰ কৰা হৈছে, লগতে স্থানীয় পৰিচয় প্ৰদৰ্শন কৰা হৈছে আৰু চহৰখনৰ সৌন্দৰ্যবৰ্ধন কৰা হৈছে। এনে মাধ্যমৰ গুৰুত্ব কেৱল বাৰ্তাৰ দৃশ্যগত আবেদনতেই নহয়, ইয়াৰ দ্বাৰা অনাময় ব্যৱস্থাক দৈনন্দিন সামাজিক পৰিৱেশত কেনেকৈ একত্ৰিত কৰা হয় তাৰ ওপৰতো নিহিত হৈ আছে। কোনো সামূহিক অনুষ্ঠান, ৰাজপথৰ প্ৰদৰ্শন বা ৰাজহুৱা সমাৱেশৰ সময়ত অনাময় বাৰ্তা বিয়পাই ঘৰ আৰু স্থানীয় গোটৰ ভিতৰত কথা-বতৰা শক্তিশালী কৰিব পাৰে।

নাগৰিকৰ প্ৰসাৰ সৰ্বাধিক কৰিবলৈ ডিজিটেল সঁজুলি ব্যৱহাৰ কৰাটো এছ বি এম-ইউৰ অধীনত এটা মূল কেন্দ্ৰবিন্দু হৈ আহিছে। উদাহৰণস্বৰূপে, গুগল মেপৰ সহায়ত ৩,৩০০ৰো অধিক চহৰৰ ৬৭,০০০ৰো অধিক ৰাজহুৱা শৌচাগাৰ ব্লকৰ স্থান আপলোড কৰা হৈছিল। ইয়াৰ ফলত সকলো নাগৰিকৰ বাবে অনাময় ব্যৱস্থা সহজ হৈ পৰিছে। স্বচ্ছতা এপৰ জৰিয়তে নাগৰিকসকলৰ বাবে পঞ্জীয়ন আৰু অনাময়ৰ যিকোনো দিশৰ অভিযোগৰ সমাধানৰ বাবে এক ষ্টপ ডিজিটেল প্লেটফৰ্মৰ ব্যৱস্থা কৰা হৈছে।

 

ছবি ৫ এন্ড্ৰয়ড আৰু আই এ এছ ব্যৱহাৰকাৰীৰ বাবে স্বচ্ছতা এপ উপলব্ধ

গণমাধ্যমে এই অভিযানক আৰু অধিক শক্তিশালী কৰি তুলিলে। ইয়াৰ ভিতৰত আছিল টেলিভিছন, ৰেডিঅ’, ছপা আৰু অনলাইন মিডিয়া চেনেল। কমিউনিটি ৰেডিঅ' সম্প্ৰচাৰ আলোচনা, মানুহৰ অভিজ্ঞতা, কাহিনী আৰু অনাময়ৰ সৈতে জড়িত জনসেৱাৰ ঘোষণা। টুইটাৰ, ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মে গুৰুত্বপূৰ্ণ বাৰ্তা বিয়পোৱা আৰু ভাৰ্চুৱেল নেটৱৰ্ক আৰু সম্প্ৰদায় গঢ়ি তোলাত অতি সহায়ক বুলি প্ৰমাণিত হয়। মোবাইল ফোন সেৱাই বাল্ক এছএমএছ, হোৱাটছএপ, প’ডকাষ্টৰ জৰিয়তে সজাগতা বৃদ্ধিত সহায় কৰিছিল।

ছবি ৬ : এছ এইচ এছ ২০২৬ অভিযানৰ বিষয়ে ছ’চিয়েল মিডিয়া পোষ্ট

স্বচ্ছ টকছে এছ বি এম-ইউৰ ভিতৰত ডিজিটেল সংযোগৰ উদাহৰণ দাঙি ধৰে। স্বচ্ছতাৰ সৈতে জড়িত ক্ষেত্ৰ অভিজ্ঞতা আৰু উত্তম পদ্ধতিসমূহ ভাগ-বতৰা কৰাৰ বাবে ই এক সমনীয়াৰ শিক্ষণ ৱেবিনাৰ শৃংখলা। এনে মঞ্চই গতানুগতিক অনাময় ব্যৱস্থাৰ বাহিৰেও প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা আৰু বৃত্তাকাৰ অৰ্থনীতিৰ প্ৰসাৰৰ দৰে বিষয়লৈকে কথোপকথন সম্প্ৰসাৰিত কৰে।

ব্যক্তিগত যোগাযোগ (আইপিচি)ৰ পৰা সম্প্ৰদায় সংগঠনলৈ পৰিৱৰ্তনে আচৰণ পৰিৱৰ্তন কেনেকৈ সম্ভৱ হয় তাৰ এক আৰ্হি পৰিৱৰ্তনক প্ৰতিনিধিত্ব কৰে। এই উন্নয়ন এছ বি এমৰ অধীনত এছ বি চি চিৰ পদ্ধতিৰ বাবে অতি গুৰুত্বপূৰ্ণ। কোনো ব্যক্তিৰ ওচৰলৈ বাৰ্তা আহিলে যোগাযোগ শেষ নহয়। যেতিয়া মানুহে ইয়াৰ ওপৰত আলোচনা কৰে, নিজৰ স্থানীয় পৰিস্থিতিৰ লগত খাপ খায়, সামূহিক কাৰ্যত অংশগ্ৰহণ কৰে তেতিয়া ই আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। এই প্ৰক্ৰিয়াত অংশগ্ৰহণ নিজেই যোগাযোগৰ এটা প্ৰকাৰ হৈ পৰে।

 

এছ বি চি চিৰ মাধ্যম হিচাপে চেলিব্ৰিটিৰ সমৰ্থন আৰু জনপ্ৰিয় সংস্কৃতি

 

ছবি ৭ : শৌচাগাৰ ব্যৱহাৰক প্ৰসাৰিত কৰিবলৈ চেলিব্ৰিটিৰ সমৰ্থন

স্বচ্ছ ভাৰতেও চেলিব্ৰিটি সমৰ্থনৰ সহায় লৈ নিজৰ এছ বি চি চিৰ প্ৰচেষ্টাক শক্তিশালী কৰে। ২০১৬ চনত অমিতাভ বচ্চন আৰু শচীন তেণ্ডুলকাৰে এছ বি এম-জিৰ ৰাষ্ট্ৰীয় দৃশ্য-শ্ৰাব্য অভিযানত যোগদান কৰে। এই অভিযানসমূহ যোগাযোগক অধিক জনকেন্দ্ৰিক কৰি তুলিবলৈ আৰু আচৰণ পৰিৱৰ্তন আৰু নাগৰিকৰ অংশগ্ৰহণক প্ৰসাৰিত কৰিবলৈ ৰচনা কৰা হৈছিল। দুয়োগৰাকীয়ে তৃণমূল কৰ্মী আৰু অনাময় তাৰকাসকলক উৎসাহিত কৰাৰ স্বচ্ছ ভাৰত কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। ইয়াৰ পিছতে অমিতাভ বচ্চনে ২০১৭ চনত "দৰৱাজা বেণ্ড" অভিযানৰ নেতৃত্ব দিয়ে।এই অভিযানে শৌচাগাৰৰ সুবিধা থকা তথাপি মুকলিত শৌচ কৰা লোকসকলৰ মাজত শৌচাগাৰ ব্যৱহাৰৰ প্ৰসাৰ ঘটায়। অনুষ্কা শৰ্মাও ইয়াত জড়িত আছিল, তেওঁ মহিলাসকলক নিজৰ গাঁৱৰ অনাময় বিষয়ত নেতৃত্ব ল’বলৈ উৎসাহিত কৰিছিল। এই অভিযানত আইইচি (তথ্য, শিক্ষা, আৰু যোগাযোগ) আৰু তৃণমূল পৰ্যায়ত "স্বচ্ছগ্ৰাহী"সকলে কৰা পাৰস্পৰিক ক্ৰিয়াকলাপক সমৰ্থন কৰিবলৈ গণমাধ্যমৰ ব্যৱহাৰ কৰা হৈছিল।

 

অনাময়ৰ লগত জড়িত সামাজিক ৰীতি-নীতিৰ আলোচনাৰ মাধ্যমতো চলচ্চিত্ৰ নিৰ্মাণ হৈছিল। অক্ষয় কুমাৰ আৰু ভূমি পেডনেকাৰৰ "শৌচাগাৰ– এক প্ৰেম কথা" ছবিখনে অনাময় আৰু শৌচাগাৰ ব্যৱহাৰক সাধাৰণ মানুহৰ সংস্কৃতিৰ অংগ কৰি তুলিছিল। ২০১৮ চনত অক্ষয় কুমাৰ আৰু ভূমি পেডনেকাৰে এছ বি এম-জি অভিযানত টুইন পিট টয়লেট টেকনলজিৰ প্ৰচাৰ কৰিছিল। ৰাজ্যিক আৰু জিলা এছ বি এম-জিৰ গোটসমূহেও ছবিখন গাঁৱে-ভূঞে অবাণিজ্যিকভাৱে প্ৰদৰ্শনৰ  ব্যৱস্থা কৰিছিল। এই অভিযানে চেলিব্ৰিটিৰ প্ৰভাৱৰ সহায় লৈ শৌচাগাৰৰ গাঁত খালী কৰাৰ লগত জড়িত দ্বিধা দূৰ কৰিবলৈ আৰু নিয়মীয়াকৈ শৌচাগাৰ ব্যৱহাৰক উৎসাহিত কৰে। বিদ্যা বালানে "যাহা চৌচ ৱাহা শৌচালয়" (য'তেই চিন্তা, তাতেই শৌচাগাৰ) শ্লোগানেৰে এটা ভিডিঅ'ত উপস্থিত হয়। এই ভিডিঅ'টোত শৌচাগাৰ ব্যৱহাৰৰ স্বাস্থ্যসন্মত উপকাৰিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। ইয়াৰ উপৰি গ্ৰাম্য পৰিয়ালত মহিলাৰ নেতৃত্বত শৌচাগাৰ নিৰ্মাণৰ পদক্ষেপক প্ৰসাৰিত কৰা হৈছিল। এইদৰে জনপ্ৰিয় সংবাদ মাধ্যমে এছ বি চি চি (সামাজিক আৰু আচৰণ পৰিৱৰ্তনৰ যোগাযোগ)ৰ অতিৰিক্ত উপাদান হিচাপে কাম কৰিছিল, দূৰদৰ্শন, চিনেমা আৰু সাধাৰণ কথা-বতৰাৰ জৰিয়তে চৰকাৰী অভিযানৰ অনাময় বাৰ্তাসমূহক বৃদ্ধি কৰিছিল।

 

মহিলা আৰু শিশু : অনাময়ক গঢ় দিয়া আৰু অভিজ্ঞতা লাভ কৰা

অনাময় ব্যৱস্থাই দৈনন্দিন অভিজ্ঞতাক ৰূপান্তৰিত কৰিব পাৰে আৰু অংশগ্ৰহণৰ বাবে নতুন স্থান সৃষ্টি কৰিব পাৰে। মহিলাসকলৰ বাবে সুৰক্ষা, সুবিধা আৰু আত্মসন্মান এই পৰিৱৰ্তনৰ তিনিটা মূল দিশ। সুৰক্ষা, সুবিধা, আৰু আত্মসন্মানে অনাময় ব্যৱস্থাক মহিলাৰ দৈনন্দিন জীৱনত একত্ৰিত কৰে। এই প্ৰভাৱ মহিলাসকলে ৰিপ’ৰ্ট কৰা অভিজ্ঞতাসমূহত প্ৰতিফলিত হয়। জলশক্তি মন্ত্ৰালয়ৰ সহযোগত কৰা এক অধ্যয়নত দেখা গৈছে যে ৯৩ শতাংশ মহিলাই শৌচ কৰাৰ সময়ত মানুহ বা জীৱ-জন্তুৰ আঘাত বা ক্ষতিৰ আশংকা আৰু নাথাকে। ৯১ শতাংশই এঘণ্টা পৰ্যন্ত ৰাহি কৰাৰ লগতে এক কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিবলগীয়া হোৱা নাই বুলি কয়। ৯৩ শতাংশয়ো কয় যে তেওঁলোকৰ অনাময়ৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে খাদ্য বা পানীৰ পৰিমাণ আৰু হ্ৰাস কৰিব নালাগে।

আমোদজনক কথাটো হ'ল বিহাৰত মানুহে শৌচাগাৰক "ইজ্জাতঘৰ" বুলি ক'বলৈ আৰম্ভ কৰিছে, যিয়ে মহিলাৰ মৰ্যাদাৰ সৈতে তেওঁলোকৰ সংযোগক প্ৰতিফলিত কৰিছে। এইদৰে শৌচাগাৰ নিৰ্মাণে এক বৃহৎ সামাজিক ভাৰসাম্যহীনতা দূৰ কৰাত সহায় কৰিছে। ই অৰ্থনৈতিক আৰু সামাজিক সবলীকৰণতো অৰিহণা যোগাইছে। সম্প্ৰদায় পৰ্যায়ত অনাময় কামত মহিলাসকলে অৰিহণা যোগাইছে। মহিলা গোট আৰু এছ এইচ জি (আত্মসহায় গোট)সমূহ সম্প্ৰদায়ৰ নেটৱৰ্কৰ অংশ যাৰ জৰিয়তে অনাময়ৰ তথ্য প্ৰচাৰ কৰিব পাৰি। ইয়াৰ দ্বাৰা অনাময়ৰ তথ্যসমূহ বৰ্তমানৰ সম্প্ৰদায়ৰ প্ৰতিষ্ঠান আৰু নেটৱৰ্কৰ সৈতে সংযোগ কৰা হয়।

চিত্ৰ ৮ : শিশুসকলক স্বচ্ছতাৰ বিষয়ে জ্ঞান দিয়া বিদ্যালয়

অনাময় তথ্য আৰু দৈনন্দিন আচৰণৰ মাজত শিশু আন এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ। বিদ্যালয়সমূহ এনে ঠাই হ’ব পাৰে য’ত অনাময় ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়, প্ৰদৰ্শন কৰা হয় আৰু প্ৰচাৰ কৰা হয়। এছ বি এম-এ ছাত্ৰ-ছাত্ৰীক পৰিৱৰ্তনৰ অংশীদাৰ আৰু এজেণ্ট হিচাপে লয়। এছ বি এম-এ পাঠ্যক্ৰম সংহতি, সজাগতা অভিযান, স্বেচ্ছাসেৱী কাম, মোবাইল ভ্যান শিক্ষা, আৰু আৱৰ্জনা ব্যৱস্থাপনা সুবিধাসমূহ ভ্ৰমণকে ধৰি বিদ্যালয়ভিত্তিক পদ্ধতিসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। অংশগ্ৰহণ আৰু মনোৰঞ্জনৰ সৈতে শিক্ষণৰ সংমিশ্ৰণ ঘটোৱা পদ্ধতিৰ জৰিয়তেও শিশুসকলক তথ্য প্ৰদান কৰা হয়। ইয়াৰ ভিতৰত আছে শিক্ষামূলক ভিডিঅ’, ফ্লিপচাৰ্ট আৰু সৰু গোটৰ সৈতে জড়িত হোৱাৰ বাবে অন্যান্য সামগ্ৰী। ইয়াৰ উপৰি ই স্থানীয় আৰু পৰম্পৰাগত পদ্ধতি, যেনে পুতলা প্ৰদৰ্শন, যাদু প্ৰদৰ্শন, নাটক আৰু ৰাজপথৰ নাটক, অনাময় বাৰ্তা প্ৰেৰণৰ বাবে স্বীকৃতি দিয়ে।

মহিলা আৰু শিশুসকলে একেলগে অনাময় আচৰণৰ পৰিৱৰ্তনৰ দুমুখীয়া স্বৰূপ প্ৰদৰ্শন কৰে। তেওঁলোকে উন্নত অনাময় ব্যৱস্থাৰ সুবিধা অনুভৱ কৰে আৰু পৰিয়াল, বিদ্যালয়, আৰু সম্প্ৰদায়ৰ জৰিয়তে ইয়াৰ প্ৰচাৰতো অৰিহণা যোগায়। মহিলা গোটে সম্প্ৰদায়ৰ নেটৱৰ্ক শক্তিশালী কৰিব পাৰে, আনহাতে শিশুৱে ঘৰৰ ভিতৰত আৰু দৈনন্দিন কথা-বতৰাত অনাময় বাৰ্তা বিয়পাব পাৰে। এইদৰে অনাময় এতিয়া কেৱল আন্তঃগাঁথনি বা ব্যক্তিগত অভ্যাসৰ বিষয় নহয়, বৰঞ্চ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি থকা এক ভাগ-বতৰা কৰা সম্প্ৰদায়ৰ আচৰণ।

পুৰস্কাৰ আৰু স্বীকৃতিৰ জৰিয়তে সঠিক স্বচ্ছতা আচৰণক প্ৰসাৰ কৰা

পৰিস্কাৰ-পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ কেৱল প্ৰাৰম্ভিক সজাগতা আৰু জনসংযোগতকৈও অধিক প্ৰয়োজন। এছ বি এম পদ্ধতিত প্ৰমাণীকৰণ, স্বীকৃতি, মানুহ-প্ৰেৰণা ব্যৱস্থা আৰু সম্প্ৰদায়ৰ উদগনি আদি অন্তৰ্ভুক্ত কৰা হৈছে। এই পদ্ধতিসমূহে জনসাধাৰণৰ অংশগ্ৰহণ অটুট ৰখাত সহায় কৰে আৰু সঠিক অনাময় পদ্ধতিসমূহ অব্যাহত ৰখাত উৎসাহিত কৰে।

চহৰ আৰু গাঁওসমূহলৈ জাৰি কৰা প্ৰমাণীকৰণ প্ৰট’কলসমূহে অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ফলাফলৰ বাবে জুখিব পৰা মান প্ৰদান কৰে। এছ বি এমৰ অধীনত অ'ডিএফ, অ'ডিএফ+, অ'ডিএফ++, পানী+ আৰু ষ্টাৰ ৰেটিং প্ৰট'কলসমূহে নাগৰিকৰ অংশগ্ৰহণৰ সৈতে এই ফলাফলসমূহ প্ৰামাণিককৰণত সহায় কৰিছে। অ’ডিএফ প্ৰট’কলত সকলো নাগৰিকৰ বাবে শৌচাগাৰৰ সুবিধা নিশ্চিত কৰাত গুৰুত্ব দিয়া হৈছে। অ’ডিএফ+ এ এই গুৰুত্ব কাৰ্যক্ষম আৰু ব্যৱহাৰযোগ্য সম্প্ৰদায় আৰু ৰাজহুৱা শৌচাগাৰলৈ সম্প্ৰসাৰিত কৰে। সঠিক পৰিচালনা আৰু ৰক্ষণাবেক্ষণে শৌচাগাৰৰ ব্যৱহাৰ অব্যাহত ৰখাত সহায় কৰে আৰু মুকলিত শৌচ কৰাৰ পুনৰাবৃত্তি ৰোধ কৰে। অ’ডিএফ++ এ মলৰ নিৰাপদ সংগ্ৰহ, নিষ্কাশন, পৰিবহণ আৰু প্ৰক্ৰিয়াকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ লক্ষ্য হৈছে অপৰিশোধিত মল মুকলি নলা, জলভাগ বা পথাৰলৈ বৈ যোৱাত বাধা দিয়া। জল + এ অপৰিশোধিত ক’লা আৰু ধূসৰ পানীৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। ইয়াৰ উপৰি ই পৰিশোধিত বর্জ্য পানীৰ এটা অংশৰ পুনৰ ব্যৱহাৰক প্ৰসাৰিত কৰে। কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে, জাবৰমুক্ত চহৰৰ ষ্টাৰ ৰেটিং প্ৰট’কলে এখন চহৰৰ আৱৰ্জনা ব্যৱস্থাপনাৰ অৱস্থা মূল্যায়নৰ বাবে এটা মাপকাঠী প্ৰদান কৰে। ইয়াৰ মানসমূহৰ ভিতৰত আছে ঘৰে ঘৰে আৱৰ্জনা সংগ্ৰহ আৰু উৎস পৃথকীকৰণ। ইয়াৰ উপৰি পুৰণি ডাম্পছাইটৰ বৈজ্ঞানিক আৱৰ্জনা প্ৰক্ৰিয়াকৰণ আৰু সংশোধন কৰাটোও অন্তৰ্ভুক্ত কৰা হৈছে। এই প্ৰট’কলসমূহে একেলগে এনে মাপকাঠী সৃষ্টি কৰে যাৰ বিপৰীতে অনাময়ৰ ফলাফল মূল্যায়ন কৰিব পাৰি।

স্বীকৃতি বা প্ৰশংসাই সমাজৰ ভিতৰত ভাল আচৰণৰ ওপৰত আলোকপাত কৰি অংশগ্ৰহণক প্ৰসাৰিত কৰিব পাৰে। এছ বি এম-এ শীৰ্ষ প্ৰদৰ্শনকাৰী কৰ্মচাৰী, সমনীয়া নেতা আৰু স্থানীয় চেম্পিয়নসকলক সমনীয়াৰ স্বীকৃতি আৰু চৰকাৰী প্ৰশংসাৰে সন্মান জনায়। স্বীকৃতিয়ে আনৰ বাবেও আদৰ্শৰ সৃষ্টি কৰিব পাৰে। এই পদ্ধতিয়ে ব্যক্তিগত অৱদানক সামূহিক স্বীকৃতি আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ সৈতে সংযোগ কৰে।

ছবি ৯ : "পলিথিন দিয়ক, সোণ লওক" অভিযানৰ এজন বিজয়ী

স্থানীয় পৰ্যায়ত অনাময় আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ ক্ষেত্ৰত থকা নিৰ্দিষ্ট প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈও উদগনিমূলক আঁচনিসমূহ ডিজাইন কৰিব পাৰি। স্বচ্ছতা ক্ৰনিকলে জম্মু-কাশ্মীৰৰ পঞ্চায়ত হালকা হিলাৰৰ পৰা এটা উদাহৰণ দাঙি ধৰিছে। এই পদক্ষেপে সম্প্ৰদায়সমূহক প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহ কৰিবলৈ উৎসাহিত কৰাৰ বাবে "পলিথিন দিয়ক, সোণ লওক" অভিযান আৰম্ভ কৰিছিল। স্থানীয় অঞ্চলসমূহক পলিথিনৰ আৱৰ্জনাসমূহৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে যুৱক-যুৱতী আৰু মহিলাসকলে এই অভিযানত সমৰ্থন আগবঢ়ায়। নিৰ্দিষ্ট পৰিমাণৰ প্লাষ্টিকৰ আৱৰ্জনা সংগ্ৰহৰ বাবে দুটা সোণৰ মুদ্ৰা প্ৰদান কৰা হয়। এই পদক্ষেপে সজাগতা, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু কাৰ্যৰ বাবে উদগনিসমূহ একত্ৰিত কৰিছিল। এই অভিযানত পৰিয়ালৰ বাবে কাপোৰৰ বেগ বিতৰণ আৰু সম্প্ৰদায়ভিত্তিক শ্ৰমিক দান কাৰ্যসূচীও অনুষ্ঠিত কৰা হয়।

এইদৰে স্বচ্ছতা ব্যৱস্থাৰ ভিতৰত উদগনিয়ে একাধিক স্তৰত কাম কৰে। প্ৰট'কলসমূহে মান নিৰ্ধাৰণ কৰে, প্ৰশংসা বা মৃদু প্ৰৰোচনাই ভাল আচৰণক উৎসাহিত কৰে, স্বীকৃতিয়ে সামঞ্জস্যপূৰ্ণ অংশগ্ৰহণক উদযাপন কৰে আৰু সম্প্ৰদায়ৰ উদগনিয়ে স্থানীয় পৰ্যায়ত দায়িত্ববোধৰ সৃষ্টি কৰিব পাৰে। এই পদ্ধতিসমূহে অনাময় ব্যৱস্থাক কেৱল অভিযান ভিত্তিক কাৰ্য্যকলাপৰ পৰা বহনক্ষম আচৰণৰ অভ্যাসলৈ ৰূপান্তৰিত কৰাত সহায় কৰে।

স্বচ্ছতা বৰ্তাই ৰাখিবলৈ আচৰণৰ নিৰীক্ষণ

স্বচ্ছতা বৰ্তাই ৰাখিবলৈ এনে পদ্ধতিৰ প্ৰয়োজন, যিয়ে অগ্ৰগতিৰ মূল্যায়ন কৰিব পাৰে আৰু অধিক কামৰ প্ৰয়োজন হোৱা ক্ষেত্ৰসমূহ চিনাক্ত কৰিব পাৰে। গতিকে নিৰীক্ষণ কেৱল আন্তঃগাঁথনিৰ ভিত্তিত জুখিব পৰাৰ উপৰি ই নাগৰিকৰ অংশগ্ৰহণ, স্থানীয় মূল্যায়ন আৰু নিৰন্তৰ উন্নতিৰ সুযোগ সৃষ্টি কৰে।

বিশ্বৰ সৰ্ববৃহৎ নগৰীয়া অনাময় জৰীপ হিচাপে আত্মপ্ৰকাশ কৰিছে স্বচ্ছ সুৰক্ষাই। ই চহৰ আৰু ৰাজ্যসমূহক অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ পৰিমাপসমূহৰ ওপৰত মূল্যায়ন কৰে। এই জৰীপটোও এছ বি এম-ইউৰ অধীনত এক গুৰুত্বপূৰ্ণ শাসন সঁজুলিত পৰিণত হৈছে। স্বচ্ছ সুৰক্ষাই চহৰ আৰু ৰাজ্যসমূহৰ মাজত সুস্থ প্ৰতিযোগিতাক লালন-পালন কৰি অনুঘটক হিচাপে কাম কৰে, স্থানীয় প্ৰশাসনসমূহক তেওঁলোকৰ অনাময় ব্যৱস্থা উন্নত কৰিবলৈ উৎসাহিত কৰে। এই সমীক্ষাৰ জৰিয়তে নাগৰিকৰ অংশগ্ৰহণো যথেষ্ট বৃদ্ধি পাইছে। ২০১৬ চনত ইয়াৰ প্ৰথম ৰাউণ্ডৰ সময়ছোৱাত প্ৰায় এক লাখ নাগৰিকে মতামত আগবঢ়াইছিল। ২০২১ চনৰ ষষ্ঠ ৰাউণ্ডৰ সময়ত এই সংখ্যা বৃদ্ধি পাই প্ৰায় পাঁচ কোটি নাগৰিকলৈ পৰিণত হয়। গতিকে এই জৰীপে কেৱল অনাময়ৰ ফলাফলৰ মূল্যায়ন কৰাতকৈও অধিক কাম কৰে। ই নাগৰিক, স্থানীয় চৰকাৰ আৰু অনাময় ব্যৱস্থাৰ মাজত এক পদ্ধতিগত সহযোগিতা সৃষ্টি কৰে।

সম্প্ৰদায় পৰ্যায়ত নিৰীক্ষণে আচৰণৰ পৰিৱৰ্তন অটুট ৰখাতো সহায় কৰে। এছ বি এম-জিৰ নিৰ্দেশনাত এখন চহৰক অ’ডিএফ (মুকলিত শৌচমুক্ত) অঞ্চল ঘোষণা কৰাৰ পিছতো নিৰীক্ষণ সমিতি, সম্প্ৰদায়ৰ নেতা আৰু পঞ্চায়ত প্ৰতিনিধিৰ অংশগ্ৰহণ অব্যাহত ৰখাৰ ব্যৱস্থা কৰা হৈছে।

স্বচ্ছতাৰ অবিৰত যাত্ৰা

স্বচ্ছ ভাৰত অভিযান (এছ বি এল)ৰ যাত্ৰাই অনাময় ব্যৱস্থা আৰু যোগাযোগ পদ্ধতি দুয়োটাতে এক নিৰন্তৰ ৰূপান্তৰ প্ৰদৰ্শন কৰে। প্ৰথম অৱস্থাত সজাগতা বৃদ্ধি আৰু ঘৰুৱা শৌচাগাৰৰ চাহিদা সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল, তাৰ পিছত ইয়াৰ নিয়মীয়া ব্যৱহাৰৰ প্ৰসাৰ আৰু মুকলিত শৌচ মুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। এই কৃতিত্বসমূহ একত্ৰিত হোৱাৰ লগে লগে অ’ডিএফৰ মৰ্যাদা বৰ্তাই ৰখা আৰু কঠিন আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা উন্নত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰা হয়। এই অগ্ৰাধিকাৰসমূহৰ লগতে যোগাযোগ পদ্ধতিও সলনি হ’ল; ই সজাগতা বৃদ্ধিৰ বাহিৰলৈ গৈ গভীৰ অংশগ্ৰহণ আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণলৈ আগবাঢ়িল।

সামগ্ৰিকভাৱে এই অভিজ্ঞতাসমূহে এক নিৰন্তৰ প্ৰক্ৰিয়া প্ৰদৰ্শন কৰে : তথ্যৰ পৰা নিয়োজিত হোৱালৈকে, নিয়োজিত হোৱাৰ পৰা অংশগ্ৰহণলৈকে আৰু অংশগ্ৰহণৰ পৰা স্থায়ী সম্প্ৰদায়ৰ অংশগ্ৰহণলৈকে। ফলত এছ বি এমৰ অধীনত যোগাযোগ সমগ্ৰ অনাময় ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে, যিয়ে মানুহক আন্তঃগাঁথনি, প্ৰতিষ্ঠান আৰু সামূহিক কাৰ্যকলাপৰ সৈতে সংযোগ কৰিছে। ইয়াৰ সামগ্ৰিক উদ্দেশ্য কেৱল স্বচ্ছতাৰ বাৰ্তা প্ৰেৰণ কৰাই নহয়, ইয়াক দৈনন্দিন সামূহিক জীৱনত নিহিত হৈ থকা এক স্থায়ী অভ্যাস হিচাপে গঢ়ি তোলা।

 

তথ্যসূত্ৰসমূহ

 

জল শক্তি মন্ত্ৰালয়

 

https://swachhbharatmission.ddws.gov.in/

https://www.youtube.com/watch?v=5PUCdLSN0dY

https://sbmurban.org/swachh-bharat-mission-progress

https://sbm.gov.in/sbmgdashboard/statesdashboard.aspx

https://swachhbharatmission.ddws.gov.in/communication-material

https://www.pib.gov.in/newsite/printrelease.aspx?lang=1&reg=3&relid=163260

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1533609&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1533609&reg=48&lang=2

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2021/sep/doc202191721.pdf

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=160036&ModuleId=3&reg=3&lang=1

https://swachhbharatmission.ddws.gov.in/sites/default/files/Technical-Notes/IEC_Manual_English.pdf

https://swachhbharatmission.ddws.gov.in/sites/default/files/Guidelines/SBMG-IEC-Guidelines.pdf

https://swachhbharatmission.ddws.gov.in/sites/default/files/Guidelines/Swachhagrahi_Guidelines_2018.pdf

https://swachhbharatmission.ddws.gov.in/sites/default/files/communication-material/Voices_of_Change_Sarpanches_at_the_Forefront.pdf

https://swachhbharatmission.ddws.gov.in/sites/default/files/communication-material/Swachhata-Chronicles-Transformative-Tales-from-India.pdf

https://swachhbharatmission.ddws.gov.in/sites/default/files/Technical-Notes/Voices-from-the-States-29-April-2023.pdf

https://swachhbharatmission.ddws.gov.in/sites/default/files/Studies-and-surveys/Safety-security-and-dignity-of-women.pdf

Ministry of Housing and Urban Affairs

https://sbmurban.org/

https://sbmurban.org/swachh-talk

https://sbmurban.org/storage/app/media/pdf/Swachh-Survekshan-2025-26-Toolkit.pdf

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1909611&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1846448&reg=48&lang=2

https://sbmurban.org/storage/app/media/pdf/National-Behaviour-Change-Communication-Framework.pdf

Prime Minister's Office

https://archive.pib.gov.in/newsite/erelcontent.aspx?relid=178574

PIB Special Services Features

https://www.pib.gov.in/newsite/printrelease.aspx?relid=171247&reg=48&lang=2

United Nations

https://www.sbcguidance.org/understand/social-and-behaviour-change-communication

PIB Backgrounders

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=160036&ModuleId=3&reg=3&lang=2

Click here for pdf file

 

 

****

 

 

PIB Research/KD

(Explainer ID: 160305) आगंतुक पटल : 3
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali