• Sitemap
  • Advance Search
Economy

ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থা

ভাৰতত ব্যৱসায়িক অনুমোদনসমূহৰ ৰূপান্তৰ সাধন

Posted On: 22 SEP 2026 9:37PM

ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থা (National Single Window System - NSWS) হৈছে এক ডিজিটেল মঞ্চ, যিয়ে বিনিয়োগকাৰীসকলক তেওঁলোকৰ ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় অনুমোদনসমূহ চিনাক্ত কৰাত পথপ্ৰদৰ্শন কৰে। ই লগতে তেওঁলোকৰ নিৰ্দিষ্ট ব্যৱসায়িক প্ৰয়োজনীয়তাৰ ভিত্তিত এই অনুমোদনসমূহৰ বাবে আবেদন কৰিবলৈ সক্ষম কৰে। উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ দ্বাৰা ৰূপায়িত এই ব্যৱস্থাই বিনিয়োগকাৰীসকলক এটা একক ইণ্টাৰফেচৰ জৰিয়তে অনুমোদনসমূহ চিনাক্ত, আবেদন আৰু অনুসৰণ কৰিবলৈ সক্ষম কৰে। ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহৰ ভিতৰত আছে আপোনাৰ নিজৰ অনুমোদনসমূহ জানি লওক  মডিউল (Know Your Approvals - KYA Module), সাধাৰণ পঞ্জীয়ন প্ৰ-পত্ৰ (Common Registration Form), আবেদনকাৰীৰ ডেশ্বব’ৰ্ড (Applicant Dashboard), নথি ভঁৰাল (Document Repository) আৰু ই-কমিউনিকেশ্যন মডিউল (E-Communication Module)। এবাৰ তথ্য দাখিল, অনলাইন প্ৰক্ৰিয়াকৰণ আৰু বাস্তৱ-সময় অনুসৰণ সক্ষম কৰাৰ জৰিয়তে ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই পুনৰাবৃত্তি, অনুপালনৰ বোজা আৰু অনুমোদনৰ সময়সীমা হ্ৰাস কৰাৰ লগতে স্বচ্ছতা আৰু সমন্বয় উন্নত কৰে। কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য আৰু নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষসমূহৰ ক্ৰমবৰ্ধমান একত্ৰীকৰণৰ সৈতে ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই ভাৰতৰ ব্যৱসায় কৰাৰ সহজতা শক্তিশালী কৰি তুলিছে আৰু অধিক সৰল বিনিয়োগ পৰিৱেশ গঢ়ি তুলিছে।

ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থা: এক অৱলোকন

বিনিয়োগ আৰু অৰ্থনৈতিক বিকাশৰ প্ৰসাৰৰ বাবে এক দক্ষ নিয়ামক পৰিৱেশ অতি প্ৰয়োজনীয়। চৰকাৰে এক স্বচ্ছ আৰু বিনিয়োগকাৰী-অনুকূল নিয়ামক পৰিৱেশ সৃষ্টি কৰিবলৈ কেইবাটাও ডিজিটেল শাসন সংস্কাৰ গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থা এনে এক সংস্কাৰ। ই বিনিয়োগকাৰীসকলক তেওঁলোকৰ ব্যৱসায়ৰ বাবে প্ৰয়োজনীয় অনুমোদনসমূহ চিনাক্ত আৰু আবেদন কৰাত পথপ্ৰদৰ্শন কৰা এক ডিজিটেল মঞ্চ হিচাপে কাম কৰে।

২২ ছেপ্টেম্বৰ ২০২১ত মুকলি কৰা ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থা বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগৰ দ্বাৰা ৰূপায়িত। এই বছৰ ই সফলতাৰ ৫ বছৰ সম্পূৰ্ণ কৰিছে। ই কেন্দ্ৰীয় মন্ত্ৰালয়, ৰাজ্য চৰকাৰ আৰু নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষসমূহে আগবঢ়োৱা অনুমোদনসমূহ এক উমৈহতীয়া ডিজিটেল মঞ্চত একত্ৰিত কৰে।

ব্যৱসায় কৰাৰ সহজতালৈ অৱদান

ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই তথ্য আৰু নথি এবাৰতে দাখিল কৰাৰ সুবিধা প্ৰদান কৰি অনুমোদন প্ৰক্ৰিয়াটো সৰল কৰে। ই অনুপালন আৰু অনুমোদনৰ সময়সীমা হ্ৰাস কৰাত সহায় কৰে। এই মঞ্চই বাস্তৱ-সময়ত আবেদন অনুসৰণ আৰু নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষসমূহৰ সৈতে অনলাইন যোগাযোগৰ জৰিয়তে স্বচ্ছতাও বৃদ্ধি কৰে। এই বৈশিষ্ট্যসমূহে অনুমোদন প্ৰক্ৰিয়াটো অধিক পূৰ্বানুমানযোগ্য আৰু দক্ষ কৰি তোলে।

ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই বিভাগসমূহৰ মাজত তথ্যৰ পুনৰাবৃত্তি নূন্যতম কৰে আৰু একত্ৰিত ডিজিটেল পৰিৱেশৰ জৰিয়তে চৰকাৰী সংস্থাসমূহৰ মাজত সমন্বয় উন্নত কৰে। সামূহিকভাৱে, এই সংস্কাৰসমূহে ব্যৱসায় কৰাৰ সহজতা শক্তিশালী কৰে, বিনিয়োগ সহজ কৰে আৰু চৰকাৰৰ ‘ন্যূনতম চৰকাৰ, সৰ্বাধিক শাসন’-ৰ দৃষ্টিভংগীক সমৰ্থন কৰে।

ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাৰ মুখ্য কাৰ্যকৰী ব্যৱস্থাসমূহ

ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই অনলাইনভাৱে আবেদন দাখিল আৰু মাচুল পৰিশোধৰ সুবিধা প্ৰদান কৰে। ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাৰ এটা মুখ্য বৈশিষ্ট্য হৈছে আপোনাৰ নিজৰ অনুমোদনসমূহ জানি লওক  (Know Your Approvals - KYA) মডিউল, যি এটা ব্যৱসায়ৰ প্ৰস্তাৱিত কাৰ্যকলাপৰ ভিত্তিত প্ৰযোজ্য অনুমোদনসমূহ চিনাক্ত কৰা এক সঁজুলি। এই প’ৰ্টেলত ৩২টা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগ আৰু ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ অনুমোদনৰ বাবে আবেদনসমূহ উপলব্ধ। ই বিনিয়োগকাৰীসকলক ব্যৱসায়ৰ বাবে নিয়ামক প্ৰয়োজনীয়তাসমূহৰ মাজেৰে আগবাঢ়িবলৈ সহায় কৰে। আপোনাৰ নিজৰ অনুমোদনসমূহ জানি লওক  মডিউলৰ জৰিয়তে প্ৰদান কৰা নিৰ্দেশনা পৰামৰ্শমূলক প্ৰকৃতিৰ আৰু ই আইনী পৰামৰ্শ হিচাপে গণ্য নহয়।

অনুপালন সৰল কৰিবলৈ ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই এক সাধাৰণ পঞ্জীয়ন প্ৰ-পত্ৰ প্ৰদান কৰে, যিয়ে এটা একক ইণ্টাৰফেচৰ জৰিয়তে তথ্য সংগ্ৰহ কৰে আৰু বিভিন্ন আবেদনৰ মাজত তথ্য পুনৰ ব্যৱহাৰ কৰিবলৈ সক্ষম কৰে। এই মঞ্চই এটা নিৰ্দিষ্ট ৰাজ্য পঞ্জীয়ন প্ৰ-পত্ৰৰ জৰিয়তে ৰাজ্যিক একক উইণ্ড' ব্যৱস্থাসমূহত নিৰৱচ্ছিন্ন প্ৰৱেশৰ সুবিধাও প্ৰদান কৰে, যাৰ ফলত ৰাজ্যিক পৰ্যায়ৰ অনুমোদন ব্যৱস্থাসমূহৰ সৈতে একত্ৰীকৰণ নিশ্চিত হয়।

এই মঞ্চত আবেদন দাখিল, ইয়াৰ স্থিতি নিৰীক্ষণ আৰু বিভাগীয় প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে আবেদনকাৰীৰ ডেশ্বব’ৰ্ড অন্তৰ্ভুক্ত কৰা হৈছে। প’ৰ্টেলটোৱে বিনিয়োগকাৰীসকলক প্ৰযোজ্য অনুমোদনসমূহ সহজে নবীকৰণ কৰিবলৈ আৰু আবেদনখনৰ স্থিতি বাস্তৱ-সময়ত অনুসৰণ কৰিবলৈও সক্ষম কৰে। এটা কেন্দ্ৰীভূত নথি ভঁৰালে এবাৰ নথি আপলোড কৰি একাধিক অনুমোদনৰ বাবে পুনৰ ব্যৱহাৰ কৰাৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত দাখিলৰ পুনৰাবৃত্তি হ্ৰাস পায়। ই-কমিউনিশ্যন মডিউল-এ আবেদনকাৰী আৰু সংশ্লিষ্ট মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰসমূহৰ মাজত প্ৰশ্ন আৰু স্পষ্টীকৰণৰ অনলাইন আদান-প্ৰদানৰ সুবিধা প্ৰদান কৰে।

ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাৰ অধীনত অনুমোদন প্ৰক্ৰিয়াৰ ধাৰা

এজন বিনিয়োগকাৰীয়ে ই-মেইল আইডি আৰু মোবাইল নম্বৰ ব্যৱহাৰ কৰি ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাত পঞ্জীয়ন কৰাৰ জৰিয়তে আৰম্ভ কৰে। বিনিয়োগকাৰীয়ে আপোনাৰ নিজৰ অনুমোদনসমূহ জানি লওক মডিউলৰ জৰিয়তে প্ৰযোজ্য অনুমোদনসমূহ চিনাক্ত কৰিব পাৰে অথবা অনুমোদনসমূহৰ তালিকাৰ পৰা প্ৰয়োজনীয় অনুমোদন বিচাৰিব পাৰে। সত্যাপন কৰাৰ পিছত তেওঁলোকে বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক অনুমোদনৰ বাবে আবেদন দাখিল কৰিব পাৰে।

এবাৰ আবেদন দাখিল কৰাৰ পিছত, ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই আবেদনখন ইলেক্ট্ৰনিকভাৱে সংশ্লিষ্ট মন্ত্ৰালয়, বিভাগ অথবা ৰাজ্য চৰকাৰলৈ ইয়াৰ নিজ নিজ বেকএণ্ড ব্যৱস্থাৰ জৰিয়তে প্ৰক্ৰিয়াকৰণৰ বাবে প্ৰেৰণ কৰে। ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাত পঞ্জীয়ন বিনামূলীয়া হ’লেও আবেদনকাৰীসকলে প’ৰ্টেলৰ জৰিয়তে সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা বিধিগত মাচুল পৰিশোধ কৰিব লাগিব।

আবেদনকাৰীসকলে আবেদনকাৰীৰ ডেশ্বব’ৰ্ডৰ জৰিয়তে তেওঁলোকৰ আবেদনৰ স্থিতি নিৰীক্ষণ কৰিব পাৰে। তেওঁলোকে ই-কমিউনিশ্যন মডিউল ব্যৱহাৰ কৰি বিভাগীয় প্ৰশ্নৰ উত্তৰ দিব পাৰে আৰু কেন্দ্ৰীভূত নথি ভঁৰালৰ পৰা আপলোড কৰা সকলো নথি লাভ কৰিব পাৰে।

ডিজিটেল একত্ৰীকৰণৰ সম্প্ৰসাৰণ

ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই স্থায়ী একাউণ্ট নম্বৰ (Permanent Account Number - PAN)-ক একক ব্যৱসায়িক পৰিচয় (Single Business ID) হিচাপে ৰূপায়ণ কৰে, আৰু অনুমোদিত প্ৰতিনিধিসকলৰ ব্যৱহাৰকাৰী প্ৰমাণীকৰণ ডিজিটেল স্বাক্ষৰ প্ৰমাণপত্ৰ (Digital Signature Certificate - DSC) আৰু ডিজিল’কাৰ (DigiLocker)-ৰ জৰিয়তে (একক মালিকানাধীন ব্যৱসায়ৰ ক্ষেত্ৰত) কৰা হয়।

বিদেশী বিনিয়োগ সুবিধা প’ৰ্টেল  ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাৰ সৈতে একত্ৰিত কৰা হৈছে, যাৰ ফলত চৰকাৰী অনুমোদনৰ প্ৰয়োজন হোৱা প্ৰত্যক্ষ বিদেশী বিনিয়োগ আবেদনৰ বাবে একক উইণ্ড' ব্যৱস্থা সক্ষম হৈছে। উদ্যোগী স্মাৰকপত্ৰ (Industrial Entrepreneur Memorandum - IEM) আৰু ঔদ্যোগিক অনুজ্ঞাপত্ৰ (Industrial License - IL) প্ৰক্ৰিয়াসমূহ ক্ৰমে অক্টোবৰ ২০২৫ আৰু মাৰ্চ ২০২৬ৰ পৰা ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থালৈ সম্পূৰ্ণৰূপে স্থানান্তৰ কৰা হৈছে আৰু এতিয়া সম্পূৰ্ণৰূপে ডিজিটেল। ডিজিটেলাইজ কৰা এই প্ৰক্ৰিয়াসমূহে সংশ্লিষ্ট চৰকাৰী ডাটাবেছৰ সৈতে একত্ৰীকৰণৰ জৰিয়তে তথ্য স্বয়ংক্ৰিয়ভাৱে পূৰণৰ সুবিধা প্ৰদান কৰে, অনুমোদনৰ বাবে হস্তচালিত প্ৰয়োজনীয়তা দূৰ কৰে আৰু উদ্যোগসমূহক তাৎক্ষণিকভাৱে স্বীকৃতি-পত্ৰ সৃষ্টি কৰিবলৈ সক্ষম কৰে, যাৰ ফলত দক্ষতা বৃদ্ধি আৰু প্ৰক্ৰিয়াকৰণৰ সময় হ্ৰাস হয়।

ইয়াৰ উপৰি, উৎপাদন বিনিয়োগ ব্যৱসায় পঞ্জীয়ন মডিউল নৱেম্বৰ ২০২৫ত ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাত মুকলি কৰা হৈছিল, যাতে ভাৰতীয় কোম্পানীসমূহে ই-উৎপাদন বিনিয়োগ ব্যৱসায় ভিছা-ৰ অধীনত বিদেশী পেছাদাৰীসকলক আমন্ত্ৰণ জনোৱাৰ বাবে পৃষ্ঠপোষকতা পত্ৰ সৃষ্টি কৰিব পাৰে। এই মডিউলে পঞ্জীয়ন আৰু পৃষ্ঠপোষকতা-সম্পৰ্কীয় নথি জাৰি কৰাৰ বাবে এক সুশৃংখলিত ডিজিটেল ব্যৱস্থা প্ৰদান কৰে।

ইয়াৰ উপৰি, পেট্ৰ’লিয়াম আৰু বিস্ফোৰক সুৰক্ষা সংস্থা-ই ইয়াৰ সকলো ৭৪টা অনুজ্ঞাপত্ৰ মডিউল ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাৰ সৈতে একত্ৰিত কৰিছে, যাৰ ফলত ই সম্পূৰ্ণ লেনদেন-স্তৰৰ একত্ৰীকৰণ লাভ কৰা প্ৰথমটো বিভাগ হিচাপে পৰিগণিত হৈছে।

পৰিসৰ আৰু কাৰ্যদক্ষতা

ইয়াৰ মুকলিৰ পিছৰে পৰা ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই ইয়াৰ পৰিসৰ আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট সম্প্ৰসাৰণ কৰিছে। ২১ ছেপ্টেম্বৰ ২০২৬লৈকে, এই মঞ্চই বছৰি গড়ে ৩.০৬ লাখতকৈ অধিক আবেদন লাভ কৰে আৰু প্ৰতি বছৰে ২.২৬ লাখতকৈ অধিক অনুমোদনৰ প্ৰক্ৰিয়াকৰণত সহায় কৰে। এই মঞ্চই একক মালিকানাধীন ব্যৱসায়, কোম্পানী, সীমিত দায়বদ্ধতা অংশীদাৰিত্ব আৰু বিদেশী সংস্থাকে ধৰি ৫.৬৯ লাখতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠানকো অন্তৰ্ভুক্ত কৰিছে।

ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই বৰ্তমান ৩৪খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ৩২৭টাতকৈ অধিক কেন্দ্ৰীয় অনুমোদন আৰু ৩৪৫২টা ৰাজ্যিক অনুমোদনৰ সুবিধা প্ৰদান কৰে। ই কোম্পানী পঞ্জীয়ন, ঔদ্যোগিক অনুজ্ঞাপত্ৰ, ষ্টাৰ্টআপ স্বীকৃতি, প্ৰত্যক্ষ বিদেশী বিনিয়োগ অনুমোদন আৰু চুক্তিবদ্ধ শ্ৰমিক আইন-ৰ অধীনত পঞ্জীয়নৰ দৰে গুৰুত্বপূৰ্ণ নিয়ামক অনুমোদনসমূহৰ সুবিধা প্ৰদান কৰে। অসম (৩৩৫), কৰ্ণাটক (৩২৭), তামিলনাডু (২২৩) আৰু মণিপুৰে (১৯০) সৰ্বাধিক সংখ্যক একত্ৰিত অনুমোদন আগবঢ়ায়।

এই মঞ্চই ৰাষ্ট্ৰীয় সেউজ হাইড্ৰ’জেন অভিযান, ইথানল নীতি, বাহন স্ক্ৰেপিং নীতি  আৰু ভাৰতীয় জোতা আৰু চামৰা উন্নয়ন কাৰ্যসূচী-কে ধৰি মুখ্য কাৰ্যসূচীসমূহৰ অধীনত অনুমোদনৰ বাবেও এক উমৈহতীয়া প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে।

এক নিৰৱচ্ছিন্ন ব্যৱসায়িক পৰিৱেশৰ দিশে

ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থাই এক স্বচ্ছ আৰু প্ৰযুক্তি-চালিত নিয়ামক পৰিৱেশ সৃষ্টি কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ চিহ্নিত কৰে। মন্ত্ৰালয়, ৰাজ্য আৰু নিয়ন্ত্ৰণকাৰী কৰ্তৃপক্ষসমূহৰ অব্যাহত একত্ৰীকৰণে ইয়াৰ কাৰ্যকাৰিতা অধিক শক্তিশালী কৰিব। ডিজিটেল প্ৰযুক্তি আৰু প্ৰক্ৰিয়া সৰলীকৰণৰ ব্যৱহাৰে বিনিয়োগকাৰীৰ আস্থা বৃদ্ধি কৰিব আৰু ভাৰতৰ ব্যৱসায় কৰাৰ সহজতা উন্নত কৰিব। মঞ্চটোৰ বিকাশ অব্যাহত থকাৰ লগে লগে, ৰাষ্ট্ৰীয় একক উইণ্ড’ ব্যৱস্থা ভাৰতত এক ঐক্যবদ্ধ ব্যৱসায়িক নিয়ামক কাঠামোৰ মূল ভিত্তি হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে।

তথ্যসূত্ৰসমূহ

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

https://www.dpiit.gov.in/static/uploads/2026/03/863a5fef349d79a1bba316c4b51eaacb.pdf

https://www.nsws.gov.in/

https://www.dpiit.gov.in/static/uploads/2026/03/863a5fef349d79a1bba316c4b51eaacb.pdf

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1880251&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1756966&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=1796506&lang=2&reg=3

পিআইবি আৰ্কাইভ

https://www.pib.gov.in/FactsheetDetails.aspx?id=150871&NoteId=150871&ModuleId=16&reg=6&lang=1

pdf চাবলৈ ইয়াত ক্লিক কৰক

***

পিআইবি গৱেষণা

RR

(Explainer ID: 160108) आगंतुक पटल : 14
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Tamil , Telugu , Kannada