Social Welfare
ৰোজগাৰ মেলা
Posted On:
19 SEP 2026 2:25PM
ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা হৈছে যুৱক-যুৱতীসকলৰ বাবে নিয়োগৰ সুযোগ সম্প্ৰসাৰণ কৰাৰ লগতে চৰকাৰী পদসমূহত নিযুক্তি ত্বৰান্বিত কৰাৰ ওপৰত গুৰুত্ব দিয়া এক চৰকাৰী উদ্যম। ২০২২ চনৰ অক্টোবৰত ১০ লাখ চৰকাৰী চাকৰিৰ প্ৰাৰম্ভিক লক্ষ্যৰে আৰম্ভ কৰা এই উদ্যমটো দেশজোৰা মিছন-মোড নিযুক্তি প্ৰচেষ্টালৈ বিকশিত হৈছে। এই উদ্যমে ২০ টা সংস্কৰণ সম্পূৰ্ণ কৰিছে আৰু ১২.৭৫ লাখ নিযুক্তিপত্ৰ বিতৰণৰ সুবিধা প্ৰদান কৰিছে। ২০ সংখ্যক সংস্কৰণে ২০২৬ চনৰ ছেপ্টেম্বৰত ৫১,০০০ নিযুক্তিপত্ৰ বিতৰণ কৰিছিল। এই উদ্যমে নিযুক্তি, দক্ষতা বিকাশ, কেৰিয়াৰ কাউন্সেলিং আৰু উদ্যমশীলতাক একত্ৰিত কৰে, যুৱপ্ৰজন্মক বিভিন্ন নিযুক্তিৰ সৈতে সংযোগ কৰে। নিয়োগপ্ৰত্যাশী আৰু নিয়োগকৰ্তাৰ মাজত পোনপটীয়া মত বিনিময়ৰ সুবিধা প্ৰদান কৰি আৰু দক্ষতাৰ-পৰা-নিয়োগ সংযোগক সমৰ্থন কৰি, ৰোজগাৰ মেলাই দক্ষ কৰ্মশক্তি শক্তিশালী কৰাৰ লগতে যুৱচামক ৰাজহুৱা সেৱা আৰু ৰাষ্ট্ৰীয় উন্নয়নত অংশগ্ৰহণ কৰিবলৈ সমৰ্থ কৰাত অৰিহণা যোগায়।
ৰোজগাৰ মেলাঃ চৰকাৰী নিযুক্তি ত্বৰান্বিত কৰা
ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাৰ ২০ সংখ্যক সংস্কৰণ ২০২৬ চনৰ ১৯ ছেপ্টেম্বৰত অনুষ্ঠিত হয়, য’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাষণ দি চৰকাৰী বিভাগ আৰু সংস্থাসমূহত নতুনকৈ নিযুক্তি লাভ যুৱক-যুৱতীসকলক নিযুক্তি পত্ৰ বিতৰণ কৰে।
ৰাষ্ট্ৰীয় ৰোজগাৰ মেলা হৈছে চৰকাৰী পদসমূহত নিযুক্তি ত্বৰান্বিত কৰা আৰু মন্ত্ৰালয়, বিভাগ তথা সংস্থাসমূহত থকা খালী পদ পূৰণত গুৰুত্ব দিয়া এক চৰকাৰী পদক্ষেপ। ই হৈছে যুৱ সবলীকৰণ, সময়োপযোগী নিযুক্তি আৰু ৰাষ্ট্ৰ নিৰ্মাণত চৰকাৰৰ অগ্ৰাধিকাৰৰ এটা অংশ।
২০২২ চনৰ ২২ অক্টোবৰত আৰম্ভ কৰা এই উদ্যমে প্ৰথমতে নিৰ্ধাৰিত সময়ৰ ভিতৰত চৰকাৰী পদত ১০ লাখ লোকক নিযুক্তিৰ সুবিধা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰথম ৰোজগাৰ মেলাত সমগ্ৰ দেশৰ ৫০ টা স্থানত ৭৫,০০০ নিযুক্তিপত্ৰ বিতৰণ কৰা হৈছিল। প্ৰথম ১৯ টা সংস্কৰণত ১২ লাখতকৈও অধিক নিযুক্তিপত্ৰ জাৰি কৰা হৈছে, যি মূল লক্ষ্যতকৈ অধিক।

মন্ত্ৰালয় আৰু বিভাগসমূহে অনুমোদিত পদসমূহৰ বিপৰীতে খালী পদসমূহ পূৰণ কৰাৰ বাবে কাম কৰাৰ সৈতে এক মিছন-মোড পদ্ধতিৰ জৰিয়তে নিযুক্তি অনুসৰণ কৰা হৈছে। এই প্ৰক্ৰিয়াটো প্ৰতিষ্ঠিত নিযুক্তি প্ৰণালী আৰু কেন্দ্ৰীয় লোকসেৱা আয়োগ, কৰ্মচাৰী চয়ন আয়োগ আৰু ৰে’লৱে নিযুক্তি পৰিষদৰ দৰে মনোনীত সংস্থাৰ জৰিয়তে সম্পন্ন কৰা হয়।
নৱনিযুক্ত প্ৰাৰ্থীসকল ৰে’ল মন্ত্ৰালয়, গৃহ মন্ত্ৰালয়, ডাক বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, বিত্তীয় সেৱা বিভাগ, শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়ৰ লগতে অন্যান্য বিভাগত যোগদান কৰিছে।
এই উদ্যমে ৰাজহুৱা নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ লগতে যুৱক-যুৱতীসকলৰ বাবে ৰাজহুৱা সেৱাত কেৰিয়াৰ আৰম্ভ কৰাৰ সুযোগ সৃষ্টি কৰিছে আৰু ৰাষ্ট্ৰৰ উন্নয়নত অৰিহণা যোগাইছে।

ৰোজগাৰ মেলাঃ যুৱপ্ৰজন্মক নিয়োগৰ সৈতে সংযোগ কৰা
ৰোজগাৰ মেলা হৈছে আধা দিনীয়া অনুষ্ঠান যিয়ে নিয়োগকৰ্তা আৰু নিয়োগপ্ৰত্যাশীসকলক উপলব্ধ নিয়োগৰ সুযোগৰ বাবে আবেদন কৰাৰ লগতে সাক্ষাৎকাৰৰ বাবে একত্ৰিত কৰে। ই নিয়োগকৰ্তা আৰু সম্ভাৱ্য প্ৰাৰ্থীসকলৰ মাজত পোনপটীয়া মত বিনিময়ৰ সুবিধা প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে উপযুক্ত নিয়োগৰ সুযোগ অন্বেষণ কৰিবলৈ সক্ষম হয়।
ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (এন.এছ.ডি.চি.)-এ খণ্ড দক্ষতা পৰিষদ (এছ.এছ.চি.) আৰু প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰৰ (পি.এম.কে.কে.) সহযোগিতাত ৰোজগাৰ মেলাৰ আয়োজন কৰে। ব্যক্তিগত খণ্ডৰ নিয়োগকৰ্তাসকলক এই অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰিবলৈ আৰু যোগ্য প্ৰাৰ্থীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰিবলৈ একত্ৰিত কৰা হয়।
- নিয়োগ আৰু দক্ষতা বিকাশৰ সুযোগৰ জৰিয়তে যুৱক-যুৱতীসকলৰ সবলীকৰণ
- নিয়োগপ্ৰত্যাশী আৰু নিয়োগকৰ্তাৰ মাজত পোনপটীয়া মত বিনিময়ৰ সুবিধা প্ৰদান কৰা
- দক্ষ যুৱক-যুৱতীসকলক কৰ্মশক্তিত অংশগ্ৰহণ কৰিবলৈ আৰু ৰাষ্ট্ৰীয় উন্নয়নত অৰিহণা যোগাবলৈ সমৰ্থ কৰা
- সমগ্ৰ দেশতে ন্যায়সংগত উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী প্ৰতিফলিত কৰা
কোনে অংশগ্ৰহণ কৰিব পাৰিব?
ৰোজগাৰ মেলাবোৰে সাধাৰণতে ১৮ৰ পৰা ৩৫ বছৰ বয়সৰ যুৱক-যুৱতীসকলক সেৱা আগবঢ়ায় আৰু বিভিন্ন শৈক্ষিক আৰু দক্ষতাৰ প্ৰাৰ্থীসকলক নিয়োগৰ সুযোগ প্ৰদান কৰে, যাৰ ভিতৰত আছেঃ
- অষ্টম, দশম আৰু দ্বাদশ উত্তীৰ্ণ প্ৰাৰ্থীসকল
- আই টি আই আৰু ডিপ্লোমাধাৰী
- স্নাতক
- ৰাষ্ট্ৰীয় দক্ষতা অৰ্হতা ফ্ৰেমৱৰ্ক (এন.এছ.কিউ.এফ.)-ৰ সৈতে সংলগ্ন প্ৰশিক্ষিত আৰু প্ৰমাণিত প্ৰাৰ্থীসকল
ৰোজগাৰ মেলাৰ বিষয়ে তথ্য ছপা মাধ্যমৰ বিজ্ঞাপন, বাল্ক এছ.এম.এছ. আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে প্ৰচাৰ কৰা হয়। মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত কৰ্মশালাসমূহৰ লগতে মেলাৰ আয়োজন কৰা জিলাসমূহ তথা ইয়াৰ আশে-পাশে লক্ষ্য নিৰ্ধাৰণ কৰি কৰা প্ৰচাৰে যোগ্য প্ৰাৰ্থীসকলক এই নিয়োগৰ সুযোগসমূহৰ সৈতে সংযোগ কৰাত অধিক সহায় কৰে।
ৰোজগাৰ মেলাই কেৰিয়াৰ পৰিকল্পনা, দক্ষতা বিকাশ আৰু উদ্যমশীলতাক সমৰ্থন কৰা পৰিপূৰক সেৱা প্ৰদান কৰি অংশগ্ৰহণকাৰীসকলক তাৎক্ষণিক নিয়োগৰ সুযোগৰ বাহিৰেও নিয়োগ আৰু জীৱিকাৰ পথ অন্বেষণ কৰিবলৈ সক্ষম কৰে।
নিয়োগপ্ৰত্যাশী আৰু প্ৰযোজ্যসাপেক্ষে তেওঁলোকৰ পিতৃ-মাতৃক উপলব্ধ নিয়োগৰ সুযোগৰ বিষয়ে জনাত আৰু তথ্যপূৰ্ণ কেৰিয়াৰ বাছনি কৰাত সহায় কৰাৰ উদ্দেশ্যে বিশেষ সত্ৰ।
যুৱক-যুৱতীসকলে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (পি.এম.কে.ভি.ৱাই.) আৰু প্ৰধানমন্ত্ৰী কৌশল কেন্দ্ৰ (পি.এম.কে.কে.) সম্পৰ্কীয় প্ৰশিক্ষণৰ দৰে কাৰ্যসূচীৰ অধীনত নতুন দক্ষতা বিকাশ প্ৰশিক্ষণৰ বাবে পঞ্জীয়ন কৰিব পাৰে।
সেৱা আগবঢ়োৱা কাউণ্টাৰসমূহে উচ্চাকাংক্ষী উদ্যমীসকলৰ বাবে উপলভ্য ঋণৰ সুযোগৰ বিষয়ে তথ্য আৰু সাহায্য প্ৰদান কৰে। উদ্যোগ স্থাপন বা সম্প্ৰসাৰণ কৰিব বিচৰা দক্ষ প্ৰাৰ্থীসকলৰ বাবে ঋণ লাভৰ সুবিধাৰ বাবে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পি.এম.এম.ৱাই.)-ৰ সৈতে এন.এছ.ডি.চি.-ৰ এক আনুষ্ঠানিক সংযোগ আছে।
খণ্ড দক্ষতা পৰিষদে নিজ নিজ খণ্ডৰ প্ৰশিক্ষণ আৰ্হি, সঁজুলি আৰু নিয়োগৰ ভূমিকা প্ৰদৰ্শন কৰে, অংশগ্ৰহণকাৰীসকলক বিভিন্ন বৃত্তি আৰু উপলব্ধ কেৰিয়াৰৰ পথ বুজি পোৱাত সহায় কৰে।
ৰোজগাৰ মেলাই অংশীদাৰসকলক কেনেদৰে উপকৃত কৰে
- নিয়োগপ্ৰত্যাশীসকলৰ বাবেঃ নিয়োগকৰ্তাৰ সৈতে পোনপটীয়া মত বিনিময় আৰু নিয়োগ তথা উদ্যমশীলতাৰ সুযোগ লাভ কৰা।
- নিয়োগকৰ্তাসকলৰ বাবেঃ সম্ভাৱ্য কৰ্মচাৰীসকলক সাক্ষাৎ কৰা আৰু উপযুক্ত প্ৰাৰ্থীসকলক চিনাক্ত কৰাৰ বাবে এখন সাধাৰণ মঞ্চ।
- দক্ষতা পৰিবেশতন্ত্ৰৰ বাবেঃ প্ৰাৰ্থী, নিয়োগকাৰী, এছএছচি আৰু প্ৰশিক্ষণ প্ৰদানকাৰীসকলক সংযোগ কৰে।
ৰাষ্ট্ৰীয় ৰোজগাৰ মেলাৰ সংস্কৰণ অনুসৰি প্ৰগতি
|
সংস্কৰণ
|
তাৰিখ
|
বিতৰণ কৰা পত্ৰ
|
স্থান আৰু বিশদ বিৱৰণ
|
|
প্ৰথম
|
২২ অক্টোবৰ, ২০২২
|
৭৫,০০০+
|
৫০টা কেন্দ্ৰ, অভিযানৰ শুভাৰম্ভ। কেন্দ্ৰীয় চৰকাৰৰ ১০ লাখ পদৰ বাবে নিযুক্তি অভিযান ঘোষণা কৰা হৈছে।
|
|
দ্বিতীয়
|
২২ নৱেম্বৰ, ২০২২
|
~৭১,০০০
|
৪৫+ চহৰ
|
|
তৃতীয়
|
২০ জানুৱাৰী, ২০২৩
|
৭১,০০০
|
-
|
|
চতুৰ্থ
|
১৩ এপ্ৰিল, ২০২৩
|
~৭১,০০০
|
৪৫ টা স্থান, ৪৫ টা বিভাগ, তিৰুৱন্তপুৰমত অনুষ্ঠিত
|
|
পঞ্চম
|
১৬ মে’, ২০২৩
|
৭১,০০০+
|
মুম্বাই, পুনে আৰু নান্দেড় (মহাৰাষ্ট্ৰ)ৰ ৪৫ টা কেন্দ্ৰত আয়োজন
|
|
ষষ্ঠ
|
১৩ জুন, ২০২৩
|
~৭০,০০০
|
গুৱাহাটীত অনুষ্ঠিত
|
|
সপ্তম
|
২২ জুলাই, ২০২৩
|
৭০,০০০+
|
গোৱাৰ ৪৪ টা স্থানত অনুষ্ঠিত
|
|
অষ্টম
|
২৮ আগষ্ট, ২০২৩
|
৫১,০০০+
|
৪৫ টা স্থান, চি.এ.পি.এফ. (চি.আৰ.পি.এফ., বি.এছ.এফ., এছ.এছ.বি., অসম ৰাইফলছ, চি.আই.এছ.এফ., আই.টি.বি.পি., এন.চি.বি.) আৰু দিল্লী আৰক্ষীত নিযুক্তি। নিযুক্তি লাভ কৰাসকলক ‘অমৃত ৰক্ষক’ বুলি অভিহিত।
|
|
নৱম
|
২৬ ছেপ্টেম্বৰ, ২০২৩
|
~৫১,০০০
|
৪৬ টা স্থান
|
|
দশম
|
২৮ অক্টোবৰ, ২০২৩
|
৫১,০০০+
|
নৱনিযুক্তসকলক কৰ্মযোগী প্ৰাৰম্ভৰ জৰিয়তে তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰাৰ অনুমতি দিয়া হৈছে, যিটো আই.জি.অ’.টি. কৰ্মযোগী প’ৰ্টেলৰ এটা অনলাইন শিক্ষণ মডিউল। ই নমনীয় ‘যিকোনো ঠাই, যিকোনো যন্ত্ৰ’ ফৰ্মেটত ৪০০+ ই-লাৰ্নিং পাঠ্যক্ৰম আগবঢ়ায়।
|
|
একাদশ
|
৩০ নৱেম্বৰ, ২০২৩
|
~৫১,০০০
|
৩৭ টা স্থানত নৱনিযুক্তসকলে শুল্ক আৰু আবকাৰী, চি.জি.এছ.টি., চি.আই.এছ.এফ., সশস্ত্ৰ বাহিনী, আই.টি.বি.পি., কে.ভি.এছ., ডাক বিভাগ, বেংক অব ইণ্ডিয়া, স্বাস্থ্য বিভাগত যোগদান কৰিছিল।
|
|
দ্বাদশ
|
১২ ফেব্ৰুৱাৰী, ২০২৪
|
১ লাখ +
|
নতুন দিল্লীৰ ‘কৰ্মযোগী ভৱন’ৰ আধাৰশিলা স্থাপন
|
|
ত্ৰয়োদশ
|
২৯ অক্টোবৰ, ২০২৪
|
৫১,০০০+
|
৪০ টা স্থান
|
|
চতুৰ্দশ
|
২৩ ডিচেম্বৰ, ২০২৪
|
৭১,০০০+
|
৪৫ টা স্থান
|
|
পঞ্চদশ
|
২৬ এপ্ৰিল, ২০২৫
|
৫১,০০০+
|
-
|
|
ষষ্ঠদশ
|
১২ জুলাই, ২০২৫
|
৫১,০০০+
|
৪৭ টা স্থানত মুঠ সংখ্যা ১০ লাখ অতিক্ৰম। নৱনিযুক্তসকলে ৰে’লৱে, ডাক, গৃহ পৰিক্ৰমা, বিত্তীয় সেৱা, শ্ৰম আৰু নিয়োগত যোগদান কৰিছিল।
|
|
সপ্তদশ
|
২৪ অক্টোবৰ, ২০২৫
|
৫১,০০০+
|
১৭ সংখ্যক ৰোজগাৰ মেলাৰ সময়ত ৪০ টা স্থানৰ প্ৰতিভা সেতু পৰ্টেল ঘোষণা কৰা হৈছিল। ই ইউপিএছচিৰ চূড়ান্ত তালিকাত স্থান লাভ কৰা কিন্তু নিৰ্বাচিত নোহোৱা প্ৰাৰ্থীসকলক ৰাজহুৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানত সম্ভাৱ্য সুযোগৰ সৈতে সংযোগ কৰে।
|
|
অষ্টাদশ
|
২৪ জানুৱাৰী, ২০২৬
|
৬১,০০০+
|
১৮ সংখ্যক ৰোজগাৰ মেলাত ৪৫ টা স্থানত ৮,০০০তকৈও অধিক মহিলাই নিযুক্তিপত্ৰ লাভ কৰে, যাৰ ফলত নিয়োগৰ ক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ শক্তিশালী হয়।
|
|
ঊনবিংশ
|
২৩ মে’, ২০২৬
|
৫১,০০০+
|
৪৭ টা স্থানত মুঠ সংখ্যা প্ৰায় ১২ লাখত উপনীত হয়। ১৯ সংখ্যক ৰোজগাৰ মেলাৰ অধীনত ৫০ শতাংশতকৈও অধিক নিযুক্তি ভাৰতীয় ৰে’লৱেত হৈছিল, যাৰ ফলত এই সংস্কৰণত ৰে’লৱে প্ৰধান নিযুক্তি খণ্ড হিচাপে পৰিগণিত হৈছিল|
|
|
বিংশ
|
১৯ ছেপ্টেম্বৰ, ২০২৬
|
৫১,০০০+
|
৪৫ টা স্থানত ২০ সংখ্যক ৰোজগাৰ মেলাৰ সৈতে মুঠ প্ৰায় ১২.৭৫ লাখ যুৱক-যুৱতীয়ে বিভিন্ন বিভাগ আৰু চৰকাৰী সংস্থাত নিযুক্তিপত্ৰ লাভ কৰিছে।
|
ৰোজগাৰ মেলাই নিয়োগপ্ৰত্যাশী আৰু নিয়োগকৰ্তাৰ মাজত পোনপটীয়া মত-বিনিময়ৰ বাবে এখন মঞ্চ প্ৰদান কৰে, যি ৰাষ্ট্ৰীয় উন্নয়নত অৰিহণা যোগাবলৈ যুৱক-যুৱতীসকলৰ সবলীকৰণৰ লগতে নিবনুৱা প্ৰত্যাহ্বানৰ সৈতে যুঁজ দিয়াত সহায় কৰে। নিয়োগ, দক্ষতা বিকাশ, পৰামৰ্শ আৰু উদ্যমশীলতাৰ সুযোগসমূহক একত্ৰিত কৰাৰ জৰিয়তে ৰোজগাৰ মেলাই যুৱপ্ৰজন্মক সুযোগৰ সৈতে সংযোগ কৰাৰ লগতে দক্ষ কৰ্মশক্তিৰ বিকাশত সহায় কৰি আহিছে। ২০ সংখ্যক সংস্কৰণে নিয়োগৰ সুযোগৰ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণৰ বাবে দেশজোৰা এই প্ৰচেষ্টাক অধিক শক্তিশালী কৰিছে।
তথ্যসূত্রসমূহ
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
http://pib.gov.in/PressReleasePage.aspx?PRID=2311973®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2264076®=48&lang=2
https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=1892383®=48&lang=2
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2143931®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2218036®=3&lang=1
বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2182324®=48&lang=2
দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2069258®=48&lang=2
গৃহ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1877966®=48&lang=2
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1870312®=48&lang=2
পিআইবি বেকগ্ৰাউণ্ডাৰ
https://www.pib.gov.in/PressNoteDetails.aspx?id=154875&NoteId=154875&ModuleId=3®=48&lang=2
pdf চাবলৈ ক্লিক কৰক
***
পিআইবি গৱেষণা/NB/RR
(Explainer ID: 160064)
आगंतुक पटल : 121
Provide suggestions / comments