• Sitemap
  • Advance Search
Social Welfare

নৱম ৰাষ্ট্ৰীয় পোষণ মাহ

পুষ্টিৰ এক মাহজোৰা উদযাপন

Posted On: 08 SEP 2026 5:10PM

ৰাষ্ট্ৰীয় পোষণ মাহ প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত এক বিশেষ মঞ্চ হিচাপে পালন কৰা হয়, যাৰ জৰিয়তে গৰ্ভৱতী মহিলা, স্তনপান কৰোৱা মাতৃ, শিশু, কিশোৰ-কিশোৰী আৰু তেওঁলোকৰ পৰিয়ালৰ মাজত পুষ্টি, স্বাস্থ্য আৰু যত্নৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ আচৰণসমূহৰ বিষয়ে জনসাধাৰণক সক্ৰিয় কৰা আৰু শক্তিশালী কৰা হয়। নৱম পোষণ মাহ ২০২৬, যি ৯ ছেপ্টেম্বৰ, ২০২৬ত শুভাৰম্ভ কৰা হ’ব, ইয়াত অংগনৱাড়ী কেন্দ্ৰসমূহৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছে। ই গৰ্ভৱতী আৰু স্তনপান কৰোৱা মহিলাৰ বাবে সুষম, প্ৰ’টিনসমৃদ্ধ পুষ্টিৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব। ধাৰাবাহিক পোষণ মাহ অভিযানসমূহৰ জৰিয়তে মাতৃৰ পুষ্টি, কেঁচুৱা আৰু সৰু শিশুক খুৱোৱাৰ পদ্ধতি (Infant and Young Child Feeding - IYCF), বৃদ্ধি নিৰীক্ষণ আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ লগতে দেশজুৰি পুষ্টিৰ ফলাফল উন্নত কৰাৰ বৃহত্তৰ প্ৰচেষ্টাসমূহৰ ক্ষেত্ৰত সজাগতা আৰু ইতিবাচক আচৰণগত পৰিৱৰ্তন শক্তিশালী কৰা হৈছে।

পটভূমি

অপুষ্টি ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ জনস্বাস্থ্যজনিত প্ৰত্যাহ্বান হৈ আছে, যিয়ে সমগ্ৰ জীৱনচক্ৰত মহিলা আৰু শিশুৰ স্বাস্থ্য, বৃদ্ধি, শিক্ষণ আৰু উৎপাদনশীলতাক প্ৰভাৱিত কৰে। এক সমন্বিত সঁহাৰি আগবঢ়োৱাৰ বাবে ভাৰত চৰকাৰে ২০১৮ চনৰ মাৰ্চ মাহত পোষণ অভিযান আৰম্ভ কৰিছিল, যি এক বহুমন্ত্ৰালয়ভিত্তিক অভিসৰণমূলক অভিযান আৰু পুষ্টিক উন্নয়নৰ কাৰ্যসূচীৰ কেন্দ্ৰবিন্দুত স্থাপন কৰিছিল।

কেন্দ্ৰীয় বাজেট ২০২১–২২ত এই হস্তক্ষেপসমূহ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ৰ অধীনত একত্ৰিত কৰি মিছন পোষণ . (Mission Poshan 2.0) ভাৰতৰ একত্ৰিত ৰাষ্ট্ৰীয় পুষ্টি অভিযান হিচাপে ৰূপ দিয়া হয়। পোষণ .-এ তিনিটা মূল আঁচনিক এটা একক কাঠামোৰ অধীনত একত্ৰিত কৰে:

১. পোষণ অভিযান (POSHAN Abhiyaan)— প্ৰযুক্তিনিৰ্ভৰ নিৰীক্ষণ, জন আন্দোলনভিত্তিক গণ-সচেতনতা আৰু আচৰণগত পৰিৱৰ্তন।

২. অংগনৱাড়ী সেৱা/সমন্বিত শিশু বিকাশ সেৱা (Anganwadi Services/Integrated Child Development Services—ICDS)— পৰিপূৰক পুষ্টি, গৰম ৰন্ধা আহাৰ আৰু প্ৰাৰম্ভিক শৈশৱকালীন যত্ন।

৩. কিশোৰীসকলৰ বাবে আঁচনি (Scheme for Adolescent Girls)— বিদ্যালয়ৰ বাহিৰত থকা কিশোৰীসকলৰ বাবে পুষ্টিগত সহায়।

ৰাষ্ট্ৰীয় পোষণ মাহ (National Nutrition Month) প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত পালন কৰা হয়, আৰু ই মিছন পোষণ ২.০ আঁচনি আৰু ইয়াৰ উদ্দেশ্যসমূহৰ বিষয়ে চৰকাৰে সজাগতা প্ৰচাৰ কৰাৰ অন্যতম উপায়।

নৱম ৰাষ্ট্ৰীয় পোষণ মাহ ৯ ছেপ্টেম্বৰ, ২০২৬ত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰত শুভাৰম্ভ কৰা হ’ব, যাৰ জৰিয়তে অংগনৱাড়ী কেন্দ্ৰসমূহৰ গুৰুত্ব স্বীকাৰ কৰা হ’ব। অংগনৱাড়ী কেন্দ্ৰসমূহ হৈছে বিশ্বৰ সৰ্ববৃহৎ শিশু যত্নৰ নেটৱৰ্ক, যিয়ে অতি দুৰ্গম সম্প্ৰদায়সমূহতো শিশুসকলক অত্যাৱশ্যকীয় যত্ন আৰু সহায় আগবঢ়াই আহিছে। এই বছৰৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে “হামাৰী অংগনৱাড়ী, হামাৰী জিম্মেদাৰী (Hamari Anganwadi Hamari Jimmedari)” অৰ্থাৎ “আমাৰ অংগনৱাড়ী, আমাৰ দায়িত্ব, যিয়ে প্ৰতিজন নাগৰিকক অংগনৱাড়ী কেন্দ্ৰসমূহৰ প্ৰতি সামূহিক দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

নৱম ৰাষ্ট্ৰীয় পোষণ মাহ

আমাৰ অংগনৱাড়ী, আমাৰ দায়িত্ব শীৰ্ষক ব্যাপক বিষয়বস্তুৰ অধীনত ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬-এ পুষ্টি, যত্ন আৰু প্ৰাৰম্ভিক শৈশৱকালীন বিকাশৰ বাবে সম্প্ৰদায়ভিত্তিক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দুত অংগনৱাড়ী কেন্দ্ৰসমূহক স্থাপন কৰাৰ লগতে পোষণৰ ক্ষেত্ৰত সামূহিক মালিকীস্বত্ব আৰু জবাবদিহিতা শক্তিশালী কৰাৰ লক্ষ্য লৈছে। ইয়াক পৰস্পৰক শক্তিশালী কৰা পাঁচটা অগ্ৰাধিকাৰৰ ওপৰত আধাৰিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে:

  • খাদ্যৰ বৈচিত্ৰ্যৰ প্ৰচাৰ, পৰ্যাপ্ত প্ৰ’টিন গ্ৰহণ, বিভিন্ন খাদ্যগোট আৰু স্থানীয় খাদ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি;
  • পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ অধীনত সতেজ, বৈচিত্ৰ্যময় গৰম ৰন্ধা আহাৰৰ প্ৰচাৰ, মেনুৰ পৰিৱৰ্তন, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গুণগত মান নিশ্চিতকৰণৰ জৰিয়তে;
  • নতুনকৈ গঠন কৰা অংগনৱাড়ী ব্যৱস্থাপনা সমিতিসমূহৰ জৰিয়তে পোষণৰ ক্ষেত্ৰত সম্প্ৰদায়ৰ মালিকীস্বত্ব আৰু জবাবদিহিতা শক্তিশালী কৰা (নিৰ্দেশনা ২৩ জুন, ২০২৬ত জাৰি কৰা হৈছিল) আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ মেনু ব’ৰ্ড প্ৰদৰ্শন কৰা;
  • প্ৰাৰম্ভিক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ মৌলিক স্তম্ভ হিচাপে জ্ঞানীয় বিকাশ আৰু পৰ্যাপ্ত পুষ্টিৰ প্ৰচাৰ কৰা, শিশুৱে কি খায় আৰু শিশুৱে কেনেকৈ শিকে—এই দুয়োটাৰ মাজৰ অবিচ্ছেদ্য সম্পৰ্কৰ ওপৰত আলোকপাত কৰি;
  • ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬-এ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (Pradhan Mantri Matru Vandana Yojana—PMMVY)-ৰ ১০ বছৰীয়া যাত্ৰাও উদযাপন কৰিব। ই ভাৰতৰ প্ৰধান মাতৃত্বকালীন সুবিধা কাৰ্যসূচী হিচাপে মাতৃৰ পুষ্টিক সহায় কৰা, স্বাস্থ্যৰ সন্ধানী আচৰণৰ প্ৰচাৰ কৰা আৰু গৰ্ভাৱস্থাৰ সময়ত আয়ৰ সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ ওপৰত আলোকপাত কৰিব। লগতে সুস্থ বৃদ্ধি, জ্ঞানীয় বিকাশ আৰু জীৱনজোৰা সুস্থতাৰ বাবে জীৱনৰ প্ৰথম ১,০০০ দিনত মাতৃৰ পুষ্টি আৰু যত্নৰ গুৰুত্বক পুনৰ দৃঢ় কৰা হ’ব।

ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৬ৰ প্ৰস্তাৱিত বিষয়সমূহ

. খাদ্যৰ বৈচিত্ৰ্য আৰু পৰ্যাপ্ত প্ৰটিন: শস্য আৰু মিলেট, দাইল, ফল-মূল আৰু শাক-পাচলি, বাদাম আৰু বীজ, গাখীৰ আৰু গাখীৰজাত সামগ্ৰীৰ লগতে উদ্ভিদ আৰু প্ৰাণী উভয় উৎসৰ পৰা পৰ্যাপ্ত প্ৰ’টিন অন্তৰ্ভুক্ত কৰা এক বৈচিত্ৰ্যময় খাদ্য পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰা, সুস্থ বৃদ্ধি আৰু বিকাশত সহায় কৰা আৰু সকলো ধৰণৰ অপুষ্টি প্ৰতিৰোধ কৰাৰ বাবে অত্যাৱশ্যকীয়। সমগ্ৰ জীৱনচক্ৰত খাদ্যৰ বৈচিত্ৰ্যৰ প্ৰচাৰ, বিশেষকৈ পৰিপূৰক খাদ্য প্ৰদানৰ সময়ছোৱাত, পুষ্টিৰ ফলাফল উন্নত কৰা আৰু সৰুৰে পৰা স্বাস্থ্যকৰ খাদ্যাভ্যাস গঢ়ি তোলাৰ বাবে মৌলিক।

কাৰ্যকলাপসমূহৰ ভিতৰত থাকিব পাৰে—

  • স্বাস্থ্যকৰ আৰু বৈচিত্ৰ্যময় খাদ্যৰ ৰন্ধন প্ৰদৰ্শন: অংগনৱাড়ী কেন্দ্ৰসমূহত সুলভ আৰু স্থানীয়ভাৱে উপলব্ধ বিভিন্ন খাদ্যগোটৰ উপাদান—শস্য আৰু মিলেট, দাইল, শাক-পাচলি আৰু ফল-মূল, বাদাম আৰু বীজ, গাখীৰ আৰু গাখীৰজাত সামগ্ৰী আৰু কণী ব্যৱহাৰ কৰি স্বাস্থ্যকৰ আৰু বৈচিত্ৰ্যময় খাদ্য প্ৰস্তুতৰ প্ৰত্যক্ষ প্ৰদৰ্শন অনুষ্ঠিত কৰা।
  • পোষণ মেলা: স্থানীয় পুষ্টিকৰ খাদ্যসমূহক আন্তঃক্ৰিয়ামূলক প্ৰদৰ্শনী আৰু খাদ্য প্ৰস্তুতৰ প্ৰদৰ্শনৰ জৰিয়তে উপস্থাপন কৰি পোষণ মেলা আয়োজন কৰা, লগতে প্ৰতিটো বয়সৰ লোকৰ বাবে সুষম আৰু বৈচিত্ৰ্যময় আহাৰ প্ৰস্তুতৰ বিষয়ে পৰামৰ্শ প্ৰদান কৰা।
  • প্ৰটিনসমৃদ্ধ খাদ্যঅভিযান: উদ্ভিদ আৰু প্ৰাণী উৎসৰ প্ৰ’টিনসমৃদ্ধ খাদ্য, দাইল, মাহজাতীয় শস্য, বাদাম আৰু বীজ, গাখীৰ আৰু গাখীৰজাত সামগ্ৰী আৰু কণীৰ বিষয়ে সজাগতা কাৰ্যকলাপ অনুষ্ঠিত কৰা আৰু দৈনন্দিন খাদ্যত প্ৰ’টিন অন্তৰ্ভুক্ত কৰাৰ ব্যৱহাৰিক আৰু সুলভ উপায় প্ৰদৰ্শন কৰা।
  • পোষণ বাটিকাৰ উৎপাদন আৰু স্থানীয় খাদ্যৰ প্ৰদৰ্শন: পোষণ বাটিকাত উৎপাদিত সামগ্ৰী আৰু স্থানীয়ভাৱে উপলব্ধ ঋতুভিত্তিক খাদ্য প্ৰদৰ্শন কৰা আৰু ঘৰুৱা আহাৰত তথা সৰু শিশুৰ পৰিপূৰক খাদ্যত ইয়াৰ নিয়মীয়া ব্যৱহাৰৰ প্ৰচাৰ কৰা।

. অংগনৱাড়ী কেন্দ্ৰত সতেজ গৰম ৰন্ধা আহাৰ: হিতাধিকাৰীসকলে নিয়মীয়াকৈ সতেজ, বৈচিত্ৰ্যময় আৰু পুষ্টিকৰ গৰম ৰন্ধা আহাৰ লাভ কৰাটো পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ গুণগত মান, ব্যৱহাৰ আৰু কাৰ্যকৰিতা উন্নত কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় ভূমিকা পালন কৰে আৰু অংগনৱাড়ী কেন্দ্ৰত নিয়মীয়া উপস্থিতি উৎসাহিত কৰে। মিলেট, দাইল আৰু ঋতুভিত্তিক শাক-পাচলিকে ধৰি স্থানীয়ভাৱে উপলব্ধ উপাদানেৰে সদ্য প্ৰস্তুত কৰা, পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু স্বাস্থ্যকৰ আহাৰৰ ওপৰত গুৰুত্ব আৰোপে খাদ্যৰ বৈচিত্ৰ্যৰ গুৰুত্ব পুনৰ দৃঢ় কৰে আৰু ঘৰুৱা পৰ্যায়ত স্বাস্থ্যকৰ খাদ্যাভ্যাস গ্ৰহণত সহায় কৰে। পোষণ মাহ ২০২৬-এ সাপ্তাহিক মেনু পৰিৱৰ্তন, সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু শক্তিশালী গুণগত মান নিশ্চিতকৰণ ব্যৱস্থাৰ জৰিয়তে গৰম ৰন্ধা আহাৰৰ গুণগত মান আৰু গ্ৰহণযোগ্যতা শক্তিশালী কৰাৰ সুযোগ প্ৰদান কৰে।

কাৰ্যকলাপসমূহৰ ভিতৰত থাকিব পাৰে—

  • সাপ্তাহিক মেনু পৰিৱৰ্তন: অংগনৱাড়ী কেন্দ্ৰসমূহত সাপ্তাহিক মেনু পৰিৱৰ্তন কাৰ্যকৰী কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক উৎসাহিত কৰা, যাতে সপ্তাহৰ বিভিন্ন দিনত স্থানীয়ভাৱে উপলব্ধ উপাদান, মিলেট, দাইল আৰু ঋতুভিত্তিক শাক-পাচলি ব্যৱহাৰ কৰি বৈচিত্ৰ্যময় গৰম ৰন্ধা আহাৰৰ মেনু নিশ্চিত হয়।
  • গৰম ৰন্ধা আহাৰ প্ৰদৰ্শন: পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ নিৰ্দেশনা অনুসৰি প্ৰস্তুত কৰা গৰম ৰন্ধা আহাৰৰ প্ৰত্যক্ষ প্ৰদৰ্শন কৰা আৰু উপযুক্ত উপাদান, স্বাস্থ্যকৰ প্ৰস্তুত প্ৰণালী আৰু সুষম আহাৰৰ গঠন সম্পৰ্কে আলোকপাত কৰা।
  • অভিযানভিত্তিক গৰম ৰন্ধা আহাৰৰ গুণগত পৰীক্ষা: খাদ্য সুৰক্ষা আৰু গুণগত মানৰ মানদণ্ড শক্তিশালী কৰাৰ বাবে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণৰ (FSSAI) সহযোগত দেশজুৰি গৰম ৰন্ধা আহাৰৰ পৰীক্ষা কৰা।
  • সম্প্ৰদায়ভিত্তিক গৰম ৰন্ধা আহাৰ সোৱাদ গ্ৰহণ অধিৱেশন: অংগনৱাড়ী কেন্দ্ৰসমূহত অভিভাৱক, পঞ্চায়ত, আত্মসহায়ক গোট আৰু অংগনৱাড়ী ব্যৱস্থাপনা সমিতিৰ অংশগ্ৰহণেৰে গৰম ৰন্ধা আহাৰৰ সোৱাদ গ্ৰহণ অধিৱেশন আয়োজন কৰা।

. সম্প্ৰদায়ৰ মালিকীস্বত্ব আৰু জবাবদিহিতা: ২৩ জুন, ২০২৬ত মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি অংগনৱাড়ী ব্যৱস্থাপনা সমিতিসমূহৰ শেহতীয়া গঠনই পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ ভিতৰত সম্প্ৰদায়ৰ মালিকীস্বত্ব আৰু জবাবদিহিতা শক্তিশালী কৰাৰ সময়োপযোগী সুযোগ প্ৰদান কৰিছে। অংগনৱাড়ী পৰ্যবেক্ষকৰ অধ্যক্ষতাত গঠন কৰা অংগনৱাড়ী ব্যৱস্থাপনা সমিতিসমূহৰ উদ্দেশ্য হৈছে অংশগ্ৰহণমূলক তদাৰকী বৃদ্ধি কৰা, সম্প্ৰদায়ৰ সম্পৃক্ততা শক্তিশালী কৰা আৰু অংগনৱাড়ী কেন্দ্ৰত সেৱা প্ৰদানৰ গুণগত মান আৰু কাৰ্যকৰিতা উন্নত কৰা। পোষণ মাহ ২০২৬-এ এই সমিতিসমূহক সজাগতা সৃষ্টি, হিতাধিকাৰীসকলক সংগঠিত কৰা আৰু পুষ্টি তথা প্ৰাৰম্ভিক শৈশৱকালীন যত্ন সেৱাৰ তদাৰকীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰি এই সমিতিসমূহক কাৰ্যকৰী কৰাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব পাৰে।

ইয়াৰ পৰিপূৰক হিচাপে সকলো অংগনৱাড়ী কেন্দ্ৰত পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ মেনু ব’ৰ্ডৰ সাৰ্বজনীন প্ৰদৰ্শন আৰু ব্যৱহাৰে হিতাধিকাৰীৰ অধিকাৰ আৰু দৈনিক মেনুসমূহ সম্প্ৰদায়ৰ বাবে দৃশ্যমান কৰি স্বচ্ছতা বৃদ্ধি কৰিব পাৰে। একেলগে অংগনৱাড়ী ব্যৱস্থাপনা সমিতি আৰু মেনু ব’ৰ্ডে মেনু অনুসৰণ, আহাৰৰ গুণগত মান আৰু সেৱাৰ নিয়মীয়াতা নিৰীক্ষণত অধিক সম্প্ৰদায়ৰ অংশগ্ৰহণ গঢ়ি তুলিব পাৰে, লগতে পৰিপূৰক পুষ্টি, হিতাধিকাৰীৰ অধিকাৰ আৰু সংবেদনশীল শিশু যত্নৰ পদ্ধতিৰ বিষয়ে সজাগতা বৃদ্ধি কৰিব পাৰে।

কাৰ্যকলাপসমূহৰ ভিতৰত থাকিব পাৰে—

  • অংগনৱাড়ী ব্যৱস্থাপনা সমিতিৰ সক্ৰিয়কৰণ: সকলো অংগনৱাড়ী কেন্দ্ৰত অংগনৱাড়ী ব্যৱস্থাপনা সমিতি সক্ৰিয় কৰি সম্প্ৰদায়ৰ অংশগ্ৰহণৰ নেতৃত্ব দিয়া, পুষ্টি সেৱা প্ৰদানৰ পৰ্যালোচনা কৰা আৰু পোষণ মাহৰ কাৰ্যকলাপত সহায় কৰা। ইয়াৰ উপৰি, পোষণ মাহৰ সময়ছোৱাত অন্ততঃ এখন অংগনৱাড়ী ব্যৱস্থাপনা সমিতি বৈঠক অনুষ্ঠিত হোৱাটো নিশ্চিত কৰা।
  • পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ মেনু ৰ্ড প্ৰদৰ্শন: সকলো অংগনৱাড়ী কেন্দ্ৰত পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ মেনু ব’ৰ্ড প্ৰদৰ্শন কৰিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক নিশ্চিত কৰা, যাতে হিতাধিকাৰীসকলৰ দিনভিত্তিক গৰম ৰন্ধা আহাৰ/ঘৰলৈ লৈ যাব পৰা ৰেচনৰ মেনুৰ বিষয়ে সজাগতা বৃদ্ধি হয় আৰু সেৱা প্ৰদানৰ ক্ষেত্ৰত স্বচ্ছতা আৰু সম্প্ৰদায়ভিত্তিক নিৰীক্ষণ শক্তিশালী হয়।
  • আহাৰৰ গুণগত মানৰ সম্প্ৰদায়ভিত্তিক নিৰীক্ষণ: অংগনৱাড়ী ব্যৱস্থাপনা সমিতি আৰু মাতৃ সমিতিসমূহক আহাৰৰ গুণগত মান, পৰিমাণ, মেনু অনুসৰণ আৰু পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ সময়ে সময়ে সামাজিক নিৰীক্ষণত জড়িত কৰা।

. শিশুৰ বিকাশৰ বাবে পুষ্টি আৰু প্ৰাৰম্ভিক উদ্দীপনা: মুখ্য সচিবসকলৰ সন্মিলনৰ দিশ-নিৰ্দেশ প্ৰতিফলিত কৰি এই বিষয়বস্তুৱে জ্ঞানীয় বিকাশ আৰু পৰ্যাপ্ত পুষ্টি যে প্ৰাৰম্ভিক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ মৌলিক স্তম্ভ, সেই কথাৰ ওপৰত আলোকপাত কৰে। ই শিশুৱে কি খায় আৰু শিশুৱে কেনেকৈ শিকে—এই দুয়োটাৰ মাজৰ অবিচ্ছেদ্য সম্পৰ্কক প্ৰতিফলিত কৰে।

জীৱনৰ প্ৰথম ১,০০০ দিনত সুপুষ্টি আৰু সংবেদনশীল যত্ন সৰ্বোত্তম মগজুৰ বিকাশৰ বাবে অত্যাৱশ্যকীয়, আনহাতে এই গুৰুত্বপূৰ্ণ সময়ছোৱাত অপুষ্টিয়ে জ্ঞানীয়, শাৰীৰিক আৰু সামাজিক-আৱেগিক বিকাশত দীৰ্ঘস্থায়ী প্ৰভাৱ পেলাব পাৰে। ০–৩ বছৰ বয়সৰ শিশুৰ ৩৪টা বিকাশমূলক মাইলষ্টোনৰ এক গাঁথনিবদ্ধ পেকেজেৰে সংশোধিত গৃহ ভ্ৰমণ সময়সূচীয়ে অংগনৱাড়ী কৰ্মীসকলক অভিভাৱকৰ পৰামৰ্শদান শক্তিশালী কৰিবলৈ আৰু প্ৰাৰম্ভিক উদ্দীপনাৰ প্ৰচাৰ কৰিবলৈ এক সঁজুলি প্ৰদান কৰে।

কাৰ্যকলাপসমূহৰ ভিতৰত থাকিব পাৰে—

  • সংশোধিত গৃহ ভ্ৰমণ সময়সূচী: জীৱনৰ প্ৰথম ১,০০০ দিন আৰু প্ৰাৰম্ভিক শৈশৱকালত সমন্বিত পৰামৰ্শ আৰু অনুসৰণ উন্নত কৰাৰ বাবে সংশোধিত গৃহ ভ্ৰমণ সময়সূচীৰ ৰূপায়ণ ত্বৰান্বিত কৰা। নৱচেতনা আৰু আধাৰশিলা পাঠ্যক্ৰমৰ ৰূপায়ণৰ জৰিয়তে গুণগত প্ৰাৰম্ভিক শৈশৱকালীন যত্ন আৰু শিক্ষাৰ প্ৰচাৰ কৰা, যিয়ে বয়স-উপযোগী শিক্ষণ, বিকাশ আৰু বিদ্যালয়ৰ বাবে প্ৰস্তুতি বৃদ্ধি কৰিব।
  • বিকাশজনিত পলম থকা শিশুৰ প্ৰেৰণ: বিকাশজনিত পলম থকা শিশুক চিনাক্তকৰণ আৰু স্বাস্থ্য ব্যৱস্থা তথা ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যসূচী দললৈ প্ৰেৰণৰ পথ আৰু গণ-সজাগতা বৃদ্ধি কৰা।
  • প্ৰাৰম্ভিক উদ্দীপনাত পুষ্টিৰ গুৰুত্বৰ বিষয়ে সজাগতা: সৰ্বোত্তম মগজুৰ বিকাশ আৰু জ্ঞানীয় বিকাশৰ বাবে পৰ্যাপ্ত পুষ্টি আৰু প্ৰাৰম্ভিক শৈশৱকালীন উদ্দীপনাৰ গুৰুত্বৰ বিষয়ে গণ-সজাগতা অভিযান চলোৱা।

. প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (Pradhan Mantri Matru Vandana Yojana—PMMVY): মাতৃৰ স্বাস্থ্যৰ বাবে নগদ ধন হস্তান্তৰ: প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা (PMMVY) ভাৰতৰ প্ৰধান মাতৃত্বকালীন সুবিধা কাৰ্যসূচী হিচাপে ১০ বছৰ সম্পূৰ্ণ কৰিছে। ই মাতৃৰ পুষ্টিক সহায় কৰা, স্বাস্থ্যৰ সন্ধানী আচৰণৰ প্ৰচাৰ কৰা আৰু গৰ্ভাৱস্থাৰ সময়ত আয়ৰ সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পোষণ মাহ ২০২৬-এ সকলো যোগ্য হিতাধিকাৰীৰ মাজত ইয়াৰ পৰিসৰ বৃদ্ধি কৰা, নাগৰিকৰ সজাগতা শক্তিশালী কৰা আৰু মাতৃ আৰু শিশু স্বাস্থ্যৰ উন্নয়নত এক দশকৰ অগ্ৰগতি উদযাপন কৰাৰ সুযোগ প্ৰদান কৰিছে।

কাৰ্যকলাপসমূহৰ ভিতৰত থাকিব পাৰে—

  • ১০০ শতাংশ সম্পৃক্ততা অভিযান: সকলো যোগ্য গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মহিলাক চিনাক্ত কৰি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত পঞ্জীয়ন কৰাৰ বাবে বিশেষ নামভৰ্তি অভিযান চলোৱা। অমীমাংসিত বিষয়সমূহ পৰ্যালোচনা কৰি সত্যাপন, অনুমোদন আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ ত্বৰান্বিত কৰা। প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ ডেশ্বব’ৰ্ডৰ জৰিয়তে নিয়মীয়া অগ্ৰগতি পৰ্যালোচনা নিৰীক্ষণ কৰা।
  • নাগৰিক সজাগতা অভিযান: প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ যোগ্যতা, সুবিধা, কিস্তি আৰু আবেদন প্ৰক্ৰিয়াৰ বিষয়ে সজাগতা অভিযান চলোৱা। সামাজিক আৰু গণমাধ্যমৰ জৰিয়তে হিতাধিকাৰীৰ অভিজ্ঞতা আৰু সফলতাৰ কাহিনী প্ৰচাৰ কৰা।
  • প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা সঁজুলি-পুথি মুকলি: ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ক্ষেত্ৰভিত্তিক ৰূপায়ণৰ বাবে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা সঁজুলি-পুথি মুকলি কৰা। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক সঁজুলি-পুথিৰ সামগ্ৰীসমূহ আঞ্চলিক ভাষাত স্থানীয়কৰণ আৰু প্ৰচাৰ কৰিবলৈ উৎসাহিত কৰা।

A blue and white rectangles with images of people

সম্প্ৰদায়ৰ সম্পৃক্ততা: পুষ্টি এক জন আন্দোলন

পোষণ অভিযানৰ নিৰ্ণায়ক বৈশিষ্ট্য হৈছে পুষ্টি উন্নয়নক এক জন আন্দোলন হিচাপে প্ৰতিষ্ঠা কৰা—চৰকাৰে পৰিচালনা কৰা কাৰ্যসূচীৰ পৰিৱৰ্তে এক প্ৰকৃত জনসাধাৰণৰ আন্দোলন হিচাপে।

এই অভিযানটোৱে স্বীকাৰ কৰে যে কেঁচুৱাক খুৱোৱাৰ পদ্ধতি, খাদ্যৰ বৈচিত্ৰ্য, প্ৰসৱপূৰ্ব যত্ন, হাতৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰতিষ্ঠানিক স্বাস্থ্যসেৱা গ্ৰহণৰ ক্ষেত্ৰত স্থায়ী আচৰণগত পৰিৱৰ্তন কেৱল সক্ৰিয় সম্প্ৰদায়ৰ মালিকীস্বত্ব আৰু তৃণমূল পৰ্যায়ৰ অংশগ্ৰহণৰ জৰিয়তেহে লাভ কৰিব পাৰি। পোষণ মাহ আৰু পোষণ পষেক হৈছে পুষ্টিকেন্দ্ৰিক বৃহত্তম সম্প্ৰদায়ভিত্তিক সংগঠনীকৰণ অভিযানসমূহৰ অন্যতম, আৰু স্বাস্থ্য, সুস্থতা আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিকাৰী পদ্ধতিৰ প্ৰচাৰৰ বাবে প্ৰতি বছৰে নিৰ্ধাৰিত মাহত এইসমূহ অনুষ্ঠিত কৰা হয়।

পোষণ পষেক (এপ্ৰিল ২০২৬)

২০১৮ চনৰ পৰা প্ৰতি বছৰে পালন কৰি অহা পোষণ পষেক হৈছে এপ্ৰিল মাহত অনুষ্ঠিত হোৱা দুসপ্তাহৰ নিবিড় প্ৰচাৰ অভিযান, যাৰ উদ্দেশ্য হৈছে সম্প্ৰদায়ৰ সংগঠনৰ শক্তিশালীকৰণ আৰু পোষণ অভিযানৰ অধীনত গুৰুত্বপূৰ্ণ পুষ্টিগত আচৰণসমূহ পুনৰ দৃঢ় কৰা।

২০২৬ চনত পোষণ পষেকৰ অষ্টম সংস্কৰণ ৯ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিললৈ অনুষ্ঠিত কৰা হৈছে। বৈজ্ঞানিক প্ৰমাণে দেখুৱাইছে যে ছয় বছৰ বয়সৰ ভিতৰতে ৮৫ শতাংশতকৈ অধিক মগজুৰ বিকাশ সম্পূৰ্ণ হয়, আৰু জীৱনৰ প্ৰথম ১,০০০ দিনত ইয়াৰ সৰ্বাধিক দ্ৰুত বিকাশ ঘটে—যি সৰ্বোত্তম মগজুৰ বৃদ্ধি, শাৰীৰিক বিকাশ আৰু সামগ্ৰিক সুস্থতাৰ বাবে এক গুৰুত্বপূৰ্ণ সময়।

জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত শিশুৰ যত্ন আৰু পুষ্টিৰ গুৰুত্ব স্বীকাৰ কৰি অষ্টম পোষণ পষেকৰ লক্ষ্য হৈছে “জীৱনৰ প্ৰথম ছয় বছৰত মগজুৰ বিকাশ সৰ্বাধিক কৰা শীৰ্ষক বৈজ্ঞানিকভাৱে গুৰুত্বপূৰ্ণ আৰু পৰিৱৰ্তনশীল বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰি জন আন্দোলনক অধিক গভীৰ কৰা আৰু স্বাস্থ্যকৰ বৃদ্ধি আৰু মগজুৰ বিকাশক সহায় কৰা পদ্ধতিসমূহৰ বিষয়ে পৰিয়াল আৰু সম্প্ৰদায়ৰ মাজত সজাগতা শক্তিশালী কৰা।

“স্বাস্থ্যৰ বাবে পুষ্টিৰ পৰা “সৰ্বোত্তম মগজুৰ বিকাশৰ বাবে পুষ্টি আৰু প্ৰাৰম্ভিক শৈশৱকালীন উদ্দীপনা”লৈ দৃষ্টিভংগী সলনি কৰাৰ লক্ষ্য লৈছে, যাৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে: জীৱনৰ প্ৰথম ছয় বছৰত মগজুৰ বিকাশ সৰ্বাধিক কৰা।

অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহ

অষ্টম ৰাষ্ট্ৰীয় পোষণ মাহ ১৭ ছেপ্টেম্বৰ, ২০২৫ত মধ্যপ্ৰদেশৰ ধাৰত প্ৰধানমন্ত্ৰীয়ে ‘সশক্ত নাৰী, সশক্ত পৰিবাৰ অভিযান (Swasth Nari, Sashakt Parivar Abhiyaan—SNSPA)’ অৰ্থাৎ সুস্থ নাৰী, সবল পৰিয়াল অভিযান-ৰ সৈতে একেলগে শুভাৰম্ভ কৰিছিল। এই উদ্যোগ মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে যৌথভাৱে ৰূপায়ণ কৰে।

২০২৫ চনৰ ৰাষ্ট্ৰীয় পোষণ মাহত পুষ্টি সাক্ষৰতা আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। মূল বিষয়সমূহৰ ভিতৰত আছিল মাতৃৰ পুষ্টি, কেঁচুৱা আৰু সৰু শিশুক খুৱোৱাৰ পদ্ধতি, প্ৰাৰম্ভিক শৈশৱকালীন যত্ন আৰু শিক্ষা আৰু মেদবহুলতা মোকাবিলা কৰাৰ বাবে চেনি আৰু তেলৰ ব্যৱহাৰ হ্ৰাস কৰা। সমগ্ৰ দেশত ২০টাতকৈ অধিক মন্ত্ৰালয়ৰ সৈতে অভিসৰণ কৰি মুঠ ১৪.৩৩ কোটি কাৰ্যকলাপ সম্পন্ন কৰা হৈছিল।

পোষণ ট্ৰেকাৰ: পুষ্টি শাসনৰ বাবে এক ডিজিটেল মঞ্চ

১ মাৰ্চ, ২০২১ত মুকলি কৰা পোষণ ট্ৰেকাৰ আন্তঃগাঁথনি আৰু সেৱা প্ৰদানৰ নিৰীক্ষণৰ বাবে প্ৰধান শাসন সঁজুলি হিচাপে কাম কৰি আহিছে। এই এপ্লিকেচনে অংগনৱাড়ী সেৱাৰ বাবে প্ৰায় তাৎক্ষণিক তথ্য সংগ্ৰহত সহায় কৰিছে, যাৰ ভিতৰত আছে অংগনৱাড়ী কেন্দ্ৰ মুকলি কৰা, শিশুৰ দৈনিক উপস্থিতি, প্ৰাৰম্ভিক শৈশৱকালীন যত্ন আৰু শিক্ষা কাৰ্যকলাপ আৰু বৃদ্ধি নিৰীক্ষণ। বৰ্তমান এই ব্যৱস্থাই গৰ্ভৱতী মহিলা, স্তনপান কৰোৱা মাতৃ, ৬ বছৰ বয়সলৈকে শিশু আৰু কিশোৰীসকলক সামৰি এক বিস্তৃত ক্ষেত্ৰ নিৰীক্ষণ কৰে।

৩১ জুলাই, ২০২৬লৈ ভাৰতৰ পুষ্টি আন্তঃগাঁথনিৰ পৰিসৰ প্ৰায় ১৩.৯৯ লাখ অংগনৱাড়ী কেন্দ্ৰলৈ বিস্তৃত হৈছে, য’ত ১৩.৩০ লাখ অংগনৱাড়ী কৰ্মীয়ে সেৱা আগবঢ়াই আছে আৰু এই বিশাল তৃণমূল নেটৱৰ্কে প্ৰায় ৮.৯৪ কোটি হিতাধিকাৰীক সামৰি লৈছে।

শিশুসকলেই প্ৰধান কেন্দ্ৰবিন্দু হৈ আছে, য’ত ৬ মাহৰ পৰা ৬ বছৰ বয়সৰ শিশুসকলে মুঠ হিতাধিকাৰীৰ ৭.২ কোটিতকৈ অধিক অংশ গঠন কৰিছে, যিয়ে প্ৰাৰম্ভিক শৈশৱকালীন পুষ্টি আৰু বিকাশৰ ওপৰত দিয়া গুৰুত্বক প্ৰতিফলিত কৰে।

ইফালে, গৰ্ভৱতী মহিলা আৰু স্তনপান কৰোৱা মাতৃৰ সংখ্যা একেলগে প্ৰায় ১.১ কোটি, যিয়ে জীৱনৰ গুৰুত্বপূৰ্ণ প্ৰথম ১,০০০ দিনত মাতৃৰ স্বাস্থ্যৰ প্ৰতি অব্যাহত গুৰুত্বক প্ৰতিফলিত কৰে।

স্বাস্থ্যকৰ পৰিয়াল আৰু ৰাষ্ট্ৰৰ দিশে

প্ৰযুক্তিনিৰ্ভৰ তাৎক্ষণিক তথ্য অনুসৰণৰ সৈতে বৃহৎ পৰিসৰৰ সম্প্ৰদায়ভিত্তিক সংগঠন (জন আন্দোলন) একত্ৰিত কৰি ৰাষ্ট্ৰীয় পোষণ মাহে পুষ্টিক এক ৰাষ্ট্ৰীয় জন আন্দোলনলৈ ৰূপান্তৰিত কৰিছে। একত্ৰিত মিছন পোষণ ২.০-ৰ কাঠামোৰ অধীনত চলি থকা এই বাৰ্ষিক অভিযানে সেৱা প্ৰদানৰ ব্যৱধান দূৰ কৰা, খাদ্যৰ বৈচিত্ৰ্যৰ প্ৰচাৰ কৰা আৰু শিশুৰ জীৱনৰ প্ৰাৰম্ভিক গুৰুত্বপূৰ্ণ বছৰসমূহক অগ্ৰাধিকাৰ দিয়াৰ কাম অব্যাহত ৰাখিছে, যাতে এক অধিক স্বাস্থ্যকৰ আৰু অপুষ্টিমুক্ত ভাৰত গঢ়ি তুলিব পৰা যায়।

তথ্যসূত্ৰসমূহ

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়

https://www.pib.gov.in/Pressreleaseshare.aspx?PRID=1910097&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2180384&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2249920&reg=48&lang=2

https://www.poshantracker.in/aboutus

https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2307291&reg=48&lang=1

https://cdn.poshantracker.in/public-assets/pdf/Resources/Awareness/Navchetana/Navchetana_en.pdf

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

https://www.nfhsiips.in/nfhsuser/assets/National%20Family%20Health%20Survey%20(NFHS-6)%202023-2024%20Fact%20Sheets.pdf

https://www.nfhsiips.in/nfhsuser/publication.php

পিআইবিৰ বেকগ্ৰাউণ্ডাৰ

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2025/sep/doc2025918640501.pdf

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2251769&reg=3&lang=1

ইউনিচেফ

https://www.unicef.org/laos/ensuring-healthy-start-first-1000-days-0

নৱম ৰাষ্ট্ৰীয় পোষণ মাহ

*****

পিআইবি গৱেষণা

RR

(Explainer ID: 159900) आगंतुक पटल : 26
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Telugu , Kannada , Malayalam , हिन्दी , Bengali