• Sitemap
  • Advance Search
Farmer's Welfare

মৰাপাট: ভাৰতৰ সোণালী আঁহ

উদ্ভাৱনীমূলক নীতি-পদক্ষেপৰ জৰিয়তে বহনক্ষম জীৱিকা নিশ্চিত কৰা

Posted On: 07 SEP 2026 6:12PM

 ভাৰতে বিশ্বৰ ভিতৰত কেঁচা মৰাপাট উৎপাদনত নেতৃত্ব দি আহিছে, যিয়ে লাখ লাখ লোকৰ জীৱিকাক সহায় কৰাৰ লগতে বহনক্ষম ঔদ্যোগিক বিকাশক আগুৱাই লৈ গৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতে ৭৬ লাখ বেল কেঁচা মৰাপাট আৰু ১২.৮০ লাখ মেট্ৰিক টন মৰাপাটজাত সামগ্ৰী উৎপাদন কৰিছে। একেটা বছৰত ভাৰতে ২২,৭০০ মেট্ৰিক টন কেঁচা মৰাপাট, যাৰ মূল্য ২২৫.১১ কোটি টকা, আৰু ১,৭১,৩০০ মেট্ৰিক টন মৰাপাটজাত সামগ্ৰী, যাৰ মূল্য ৩,১৫৫.২৭ কোটি টকা, ৰপ্তানি কৰিছে। চৰকাৰৰ হস্তক্ষেপে কৃষকৰ আয় শক্তিশালী কৰা, মূল্য শৃংখল আধুনিকীকৰণ কৰা আৰু পণ্যৰ বৈচিত্ৰ্যকৰণৰ প্ৰসাৰত সহায় কৰিছে। মৰাপাটৰ জৈৱ-বিয়োজ্য প্ৰকৃতি আৰু ইয়াৰ বৰ্ধিত প্ৰয়োগে ইয়াক কৃত্ৰিম সামগ্ৰীৰ এক গুৰুত্বপূৰ্ণ বিকল্প কৰি তুলিছে। উদ্ভাৱন, বজাৰ সম্প্ৰসাৰণ আৰু ডিজিটেল প্ৰযুক্তিয়ে ভাৰতৰ সোণালী আঁহক বিশ্বব্যাপী প্ৰতিযোগিতামূলক আৰু পৰিৱেশগতভাৱে দায়বদ্ধ উদ্যোগ হিচাপে প্ৰতিষ্ঠিত কৰাৰ দিশত আগুৱাই লৈ গৈছে।

ভাৰতৰ সোণালী আঁহ উদ্যোগ

মৰাপাট হৈছে ভাৰতৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰাকৃতিক আঁহ, যাক ইয়াৰ বহুমুখী ব্যৱহাৰ আৰু পৰিৱেশগত বহনক্ষমতাৰ বাবে মূল্য দিয়া হয়। বাণিজ্য আৰু ঔদ্যোগিক পৰিপ্ৰেক্ষিতত, মৰাপাট আৰু মেষ্টাক ইয়াৰ একেধৰণৰ অন্তিম ব্যৱহাৰৰ বাবে সামূহিকভাৱে কেঁচা মৰাপাট হিচাপে শ্ৰেণীবদ্ধ কৰা হয়। মেষ্টা হৈছে মৰাপাটৰ এক কম ব্যয়বহুল বিকল্প হিচাপে, বিশেষকৈ শুকান কৃষি-জলবায়ু অঞ্চলত, খেতি কৰা এবিধ বাকলিযুক্ত আঁহৰ শস্য। ইয়াৰ বৈশিষ্ট্যপূৰ্ণ সোণালী ৰং আৰু ৰেচমী উজ্জ্বলতাৰ বাবে মৰাপাটক সাধাৰণতে “সোণালী আঁহ বুলি কোৱা হয়।

ভাৰত বিশ্বৰ সৰ্ববৃহৎ কেঁচা মৰাপাট উৎপাদক দেশ। খাদ্যশস্য উৎপাদনৰ তৃতীয় অগ্ৰিম অনুমান (২০২৫-২৬)-এ ২০২৪-২৫ বৰ্ষত ৮৮.০২ লাখ বেলৰ পৰা ২০২৫-২৬ বৰ্ষত ৯৪.০৩ লাখ বেললৈ মৰাপাট আৰু মেষ্টাৰ উৎপাদন বৃদ্ধিৰ কথা উল্লেখ কৰিছে। ২০২৬ চনৰ জুলাই মাহলৈকে আনুমানিক বিশ্ব উৎপাদনৰ প্ৰায় ৭৫ শতাংশ উৎপাদন কৰি ভাৰত বিশ্বৰ আগশাৰীৰ মৰাপাটজাত সামগ্ৰী উৎপাদনকাৰী দেশো। ভাৰতৰ পূব অঞ্চলত, বিশেষকৈ পশ্চিম বংগত, মৰাপাট উদ্যোগৰ এক শক্তিশালী ঔদ্যোগিক ভিত্তি আছে। এই উদ্যোগে সংগঠিত কল আৰু বৈচিত্ৰ্যপূৰ্ণ মৰাপাট ইউনিটসমূহত প্ৰায় ৩.৭০ লাখ শ্ৰমিকক প্ৰত্যক্ষ নিয়োগ প্ৰদান কৰে। ইয়াৰ উপৰি ই মৰাপাট খেতিৰ সৈতে জড়িত প্ৰায় ৪০ লাখ কৃষক পৰিয়ালৰ জীৱিকাকো সহায় কৰে। ২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে ভাৰতত ১২০টা সংযুক্ত মৰাপাট কল আছে, ইয়াৰে ৮৯টা পশ্চিম বংগত অৱস্থিত, যি সকলো ৰাজ্যৰ ভিতৰত সৰ্বাধিক।

মৰাপাটজাত সামগ্ৰীৰ উৎপাদনে দেশীয় চাহিদা পৰ্যাপ্তভাৱে পূৰণ কৰাত সক্ষম হোৱাৰ বাবে ভাৰত মৰাপাটজাত সামগ্ৰীৰ উৎপাদনত সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰ হৈ আছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত মৰাপাটজাত সামগ্ৰীৰ ঘৰুৱা ব্যৱহাৰ আছিল ১২.০৫ লাখ মেট্ৰিক টন। এই পৰিমাণ মুঠ মৰাপাটজাত সামগ্ৰীৰ ১২.৮০ লাখ মেট্ৰিক টন উৎপাদনৰ ৯৪ শতাংশ। ইয়াৰ উপৰি, ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতে ১.৭১ লাখ মেট্ৰিক টন মৰাপাটজাত সামগ্ৰী ৩,১৫৫.২৭ কোটি টকা মূল্যত ৰপ্তানি কৰিছে। কেঁচা মৰাপাটৰ ক্ষেত্ৰত, ভাৰতে ২০২৫-২৬ বিত্তীয় বৰ্ষত ২২,৭০০ মেট্ৰিক টন কেঁচা মৰাপাট ২২৫.১১ কোটি টকা মূল্যত ৰপ্তানি কৰিছে।

ভাৰতত মৰাপাট উৎপাদনৰ ইতিহাসৰ সন্ধান

ভাৰতত মৰাপাটৰ ইতিহাস খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকালৈ অনুসৰণ কৰিব পাৰি। অৱশ্যে ব্ৰিটিছ ঔপনিৱেশিক সময়ছোৱাত ইয়াৰ কৌশলগত সামৰিক প্ৰয়োগৰ বাবে ই এক গুৰুত্বপূৰ্ণ বাণিজ্যিক পণ্য হিচাপে আত্মপ্ৰকাশ কৰে। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগত অসংখ্য মৰাপাট কল স্থাপন কৰিছিল, যাৰ ফলত অঞ্চলটো মৰাপাট খেতি আৰু প্ৰক্ৰিয়াকৰণৰ এক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল।

১৯৪৭ চনত ভাৰতৰ স্বাধীনতা আৰু পৰৱৰ্তী বিভাজনে বংগৰ সংহত মৰাপাট অৰ্থনীতিত যথেষ্ট ব্যাঘাত জন্মাইছিল। মৰাপাট উৎপাদনকাৰী অঞ্চলৰ প্ৰায় ৮০ শতাংশ পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)-ৰ অংশ হৈ পৰিছিল। কিন্তু অধিকাংশ মৰাপাট কল ভাৰততে থাকি গৈছিল, যাৰ ফলত এই কলসমূহত প্ৰক্ৰিয়াকৰণৰ বাবে কেঁচা সামগ্ৰীৰ তীব্ৰ অভাৱ দেখা দিছিল। এই ভাৰসাম্যহীনতা দূৰ কৰিবলৈ চৰকাৰে ১৯৪৯ চনৰ ছেপ্টেম্বৰ মাহত “অধিক মৰাপাট উৎপাদন কৰক অভিযান আৰম্ভ কৰিছিল। কৃষকসকলক ধান খেতিৰ পৰা মৰাপাট খেতিলৈ স্থানান্তৰিত হ’বলৈ উৎসাহিত কৰা হৈছিল। ফলস্বৰূপে, ভাৰতৰ কেঁচা মৰাপাটৰ উৎপাদন ১৯৫১-৫২ চনৰ ৬.৭ লাখ টনৰ পৰা ১৯৬১-৬২ চনত ১৪.৫৬ লাখ টনলৈ দুগুণতকৈও অধিক বৃদ্ধি পাইছিল। ১৯৮৭ চনৰ মৰাপাট পেকেজিং আইনেও অত্যাৱশ্যকীয় সামগ্ৰীৰ পেকেজিঙৰ বাবে মৰাপাটৰ বস্তা ব্যৱহাৰ বাধ্যতামূলক কৰি এই খণ্ডটোক অধিক শক্তিশালী কৰিছিল। এই পদক্ষেপে ভাৰতীয় মৰাপাট কৃষকসকলৰ বাবে এক স্থিৰ বজাৰ নিশ্চিত কৰিছিল। সময়ৰ লগে লগে মৰাপাট এক কৌশলগত সেউজ আঁহ হিচাপে আত্মপ্ৰকাশ কৰে, যিয়ে গ্ৰাম্য জীৱিকা আৰু পৰিৱেশগতভাৱে বহনক্ষম ঔদ্যোগিক বিকাশত অৰিহণা যোগাই আহিছে।

বৰ্তমান পশ্চিম বংগই দেশৰ কেঁচা মৰাপাট খেতিৰ সৰ্ববৃহৎ অংশ আগবঢ়ায়, তাৰ পিছতে আছে বিহাৰ, অসম, ওড়িশা আৰু ঝাৰখণ্ড। সাধাৰণতে মৰাপাট মাৰ্চ-এপ্ৰিল মাহত সিঁচা হয় আৰু ১০০–১১০ দিনৰ ভিতৰত চপোৱা হয়। ইয়াৰ খেতিৰ সময়ছোৱাত ৭০০–১,৫০০ মিলিমিটাৰ বৰষুণৰ সৈতে উষ্ণ আৰু আৰ্দ্ৰ পৰিস্থিতিত ই ভালদৰে বৃদ্ধি পায়। এই কৃষি-জলবায়ুগত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ খেতি মূলতঃ পূব আৰু উত্তৰ-পূব ভাৰতত কেন্দ্ৰীভূত আৰু ই প্ৰধানতঃ বৰষুণ-নিৰ্ভৰ। এই শস্যৰ খেতি মূলতঃ ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলে কৰে।

মৰাপাট কিয় এক গুৰুত্বপূৰ্ণ প্ৰাকৃতিক আঁহ?

মৰাপাট হৈছে এক জৈৱ-বিয়োজ্য আৰু পুনঃব্যৱহাৰযোগ্য প্ৰাকৃতিক আঁহ, যাৰ বৈশিষ্ট্য হৈছে দ্ৰুত বৃদ্ধি, ব্যয়-সাশ্ৰয়ীতা আৰু ব্যাপক উপলব্ধতা। ই শক্তিশালী, টেকসই, বায়ু চলাচল কৰিব পৰা আৰু অতি বহুমুখী, যাৰ প্ৰয়োগ পেকেজিং, নিৰ্মাণ, কৃষি আৰু ঔদ্যোগিক বস্ত্ৰলৈকে বিস্তৃত। মৰাপাটৰ অনুকূল কাৰ্যকৰী বৈশিষ্ট্যসমূহৰ ভিতৰত তাপীয় আৰু শব্দৰোধী ক্ষমতা, অধিক আৰ্দ্ৰতা শোষণ আৰু কম স্থিৰ বিদ্যুৎ উৎপাদন উল্লেখযোগ্য। ই প্ৰাকৃতিক আৰু কৃত্ৰিম দুয়োধৰণৰ আঁহৰ সৈতে ভালদৰে মিহলি হয়, যাৰ ফলত বিভিন্ন মূল্য সংযোজিত আৰু বস্ত্ৰ প্ৰয়োগ সম্ভৱ হয়।

মৰাপাট খাদ্য হিচাপে খাব পাৰিনে?

আফ্ৰিকা, মধ্যপ্ৰাচ্য আৰু দক্ষিণ-পূব এছিয়াৰ দৰে অঞ্চলত মৰাপাটৰ পাত বহুদিন ধৰি শাক-পাচলি হিচাপে খোৱা হয়। জাপানত মৰাপাটৰ পাতক স্বাস্থ্যকৰ খাদ্য হিচাপে ব্যাপকভাৱে স্বীকৃতি দিয়া হয় আৰু খোৱা হয়। পুষ্টিৰ দিশৰ পৰা মৰাপাটৰ পাত ভিটামিন, কেৰটিনয়েড, কেলচিয়াম, পটাছিয়াম আৰু খাদ্য আঁহত সমৃদ্ধ, যিয়ে ইয়াৰ কাৰ্যকৰী খাদ্য উৎস হিচাপে মূল্য প্ৰতিপন্ন কৰে। মৰাপাটৰ পাতৰ পৰা অ্যান্টি-অক্সিডেণ্ট ভেষজ পানীয় আৰু স্বাস্থ্যসেৱা সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰমাণিত প্ৰযুক্তিও বিকশিত কৰা হৈছে।

মৰাপাট জিঅ’টেক্সটাইল: বহনক্ষম আন্তঃগাঁথনিৰ কাপোৰ

মৰাপাট জিঅ’টেক্সটাইল (Jute Geotextile—JGT) হৈছে কাৰিকৰী বস্ত্ৰৰ এক শ্ৰেণীৰ অন্তৰ্গত বহুমুখী আৰু বৈচিত্ৰ্যপূৰ্ণ মৰাপাটজাত সামগ্ৰী। ইয়াক অসামৰিক অভিযান্ত্ৰিকী, মাটিৰ খহনীয়া নিয়ন্ত্ৰণ, পথৰ পেভমেণ্ট নিৰ্মাণ আৰু নদীৰ পাৰ সুৰক্ষাৰ দৰে বহু ক্ষেত্ৰত প্ৰয়োগ কৰিব পাৰি। বিশেষ চিকিৎসা আৰু বয়ন প্ৰক্ৰিয়াৰ জৰিয়তে মৰাপাটৰ আঁহৰ পৰা মৰাপাট জিঅ’টেক্সটাইল প্ৰস্তুত কৰিব পাৰি।

ইয়াৰ কাৰ্যকৰী ফলপ্ৰসূতা, পৰিৱেশগত সামঞ্জস্য, অনুকূল প্ৰযুক্তিগত-ভৌতিক বৈশিষ্ট্য আৰু মূল্য-প্ৰতিযোগিতামূলকতাৰ বাবে ইয়াৰ গ্ৰহণযোগ্যতা ক্ৰমাৎ বৃদ্ধি পাইছে। পৰিৱেশগত দৃষ্টিকোণৰ পৰা মৰাপাট জিঅ’টেক্সটাইল সম্পূৰ্ণৰূপে জৈৱ-বিয়োজ্য, যাৰ ফলত মাটিৰ গঠন আৰু উৰ্বৰতা উন্নত হয়। তদুপৰি, অৱক্ষয়প্ৰাপ্ত ভূ-দৃশ্যত মাটি স্থিৰীকৰণ, খহনীয়া নিয়ন্ত্ৰণ আৰু পৰিৱেশগত পুনৰুদ্ধাৰৰ বাবে মৰাপাট জিঅ’টেক্সটাইলক বিশ্বব্যাপী এক ফলপ্ৰসূ প্ৰাকৃতিক সমাধান হিচাপে স্বীকৃতি দিয়া হৈছে। ইয়াৰ কাৰণ হৈছে ই মাটিৰ উষ্ণতা কম কৰি ৰখা আৰু পৃষ্ঠৰ বিঘিনি হ্ৰাস কৰাৰ জৰিয়তে ক্ষুদ্ৰ-পৰিৱেশ নিয়ন্ত্ৰণত সহায় কৰে। সেয়েহে ই বীজৰ অংকুৰণ আৰু উদ্ভিদৰ প্ৰাৰম্ভিক প্ৰতিষ্ঠাপনত সহায় কৰে।

মৰাপাট জিঅ’টেক্সটাইলৰ প্ৰয়োগ

মৰাপাট জিঅ’টেক্সটাইল অসামৰিক অভিযান্ত্ৰিকী, মাটি সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়নৰ বিভিন্ন প্ৰয়োগৰ বাবে এক ফলপ্ৰসূ প্ৰাকৃতিক সামগ্ৰী হিচাপে স্বীকৃতি লাভ কৰিছে:

  • ই মাটিৰ বান্ধ, পাহাৰৰ ঢাল কটা অংশ, নদীৰ পাৰ, খাল আৰু বৰষুণৰ পানী সংৰক্ষণৰ গাঁথনিত ঢাল সুৰক্ষাৰ বাবে ব্যাপকভাৱে ব্যৱহৃত হয়। ইয়াৰ কাৰণ হৈছে ইয়াৰ প্ৰাৰম্ভিক টান-সহন শক্তি অধিক আৰু পৃষ্ঠৰ খহটা গুণে মাটি স্থিৰীকৰণ বৃদ্ধি কৰে আৰু খহনীয়া হ্ৰাস কৰে।
  • পথ আৰু মালবাহী পথ নিৰ্মাণৰ লগতে ৰে’লপথৰ গঠন নিৰ্মাণত JGT-এ বোজা বিতৰণ উন্নত কৰে আৰু বহি যোৱা নিয়ন্ত্ৰণ কৰে। ইয়াৰ ফলত ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয়তা আৰু জীৱনচক্ৰৰ ব্যয় হ্ৰাস পায়।
  • বিশেষকৈ পাহাৰীয়া অঞ্চলৰ আৱৃত নিষ্কাশন ব্যৱস্থাত ইয়াৰ ব্যৱহাৰে মাটিৰ প্ৰব্ৰজন ৰোধ কৰাৰ লগতে নিয়ন্ত্ৰিত পানীৰ প্ৰবাহ সম্ভৱ কৰে। JGT-ৰ ব্যৱহাৰ পূৰ্ব-নিৰ্মিত উলম্ব নিষ্কাশন ব্যৱস্থাৰ জৰিয়তে কোমল মাটি স্থিৰীকৰণৰ বাবেও কৰা হয়, যিয়ে সংহতি প্ৰক্ৰিয়া ত্বৰান্বিত কৰি বহন ক্ষমতা বৃদ্ধি কৰে।

শেহতীয়া বছৰসমূহত ৰাষ্ট্ৰীয় মৰাপাট পৰিষদে অভিযান্ত্ৰিক সামগ্ৰী হিচাপে মৰাপাট জিঅ’টেক্সটাইলৰ বিকাশ আৰু প্ৰসাৰত সক্ৰিয়ভাৱে নিয়োজিত হৈ আহিছে। পৰিষদে ব্যৱহাৰকাৰীসকলক কাৰিকৰী সহায় আগবঢ়ায়, যাৰ ভিতৰত নক্সাৰ নিৰ্দিষ্টকৰণ, ক্ৰয় প্ৰক্ৰিয়া, পৰীক্ষণ পদ্ধতি আৰু স্থাপন পদ্ধতিৰ বিষয়ে নিৰ্দেশনা অন্তৰ্ভুক্ত।

কমনৱেলথ গেমছ ২০২৬ত ভাৰতীয় দলৰ মৰাপাটৰ পোছাক প্ৰদৰ্শন

২০২৬ চনৰ কমনৱেলথ গেমছত ভাৰতীয় খেলুৱৈ আৰু দলৰ সদস্যসকলে মৰাপাট-ভিছকোজ মিশ্ৰিত কাপোৰৰ পোছাক পৰিধান কৰিছিল। এই পোছাক ৰাষ্ট্ৰীয় মৰাপাট পৰিষদে বিকশিত কৰিছিল। পোছাকৰ নক্সা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় ফেশ্বন প্ৰযুক্তি প্ৰতিষ্ঠান (National Institute of Fashion Technology—NIFT)-এ প্ৰস্তুত কৰিছিল। এই পদক্ষেপে ১০০ শতাংশ জৈৱ-বিয়োজ্য মৰাপাট-ভিছকোজ মিশ্ৰিত কাপোৰৰ এক বহনক্ষম আৰু উদ্ভাৱনীমূলক বস্ত্ৰ সমাধান হিচাপে থকা সম্ভাৱনাক উজ্জ্বল কৰি তুলিছে। এই পদক্ষেপে ভাৰতৰ মৰাপাট উদ্যোগক বিশ্বব্যাপী দৃশ্যমানতা প্ৰদান কৰাৰ লগতে ভাৰতীয় নিৰ্মাতাসকলৰ কাৰুকাৰ্যকো উজ্জ্বল কৰি তুলিছে।

পথাৰৰ পৰা বজাৰলৈ: মৰাপাট উদ্যোগৰ বাবে চৰকাৰী হস্তক্ষেপ

চৰকাৰে ভাৰতৰ মৰাপাট খণ্ডক শক্তিশালী কৰাৰ প্ৰতি এক অব্যাহত প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰি ধাৰাবাহিকভাৱে কেইবাটাও নীতিগত পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য (Minimum Support Price—MSP) ঊৰ্ধ্বমুখী সংশোধন অন্যতম। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাবে কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ৫,৯২৫ টকা নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ ফলত সৰ্বভাৰতীয় ওজনযুক্ত গড় উৎপাদন ব্যয়ৰ ওপৰত ৬১.৮ শতাংশ লাভ নিশ্চিত হ’ব। ২০১৪-১৫ বিত্তীয় বৰ্ষত কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য ২,৪০০ টকাৰ পৰা এই বৃদ্ধি প্ৰায় ১৪৭ শতাংশ। মৰাপাট কৃষকসকলক প্ৰদান কৰা ন্যূনতম সমৰ্থন মূল্যৰ পৰিমাণো সময়ৰ লগে লগে বৃদ্ধি পাইছে। ২০০৪-০৫ৰ পৰা ২০১৩-১৪ বিত্তীয় বৰ্ষলৈ এই পৰিমাণ আছিল ৪৪১ কোটি টকা। ২০১৪-১৫ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ ই বৃদ্ধি পাই ১,৩৪২ কোটি টকা হৈছে।

চৰকাৰে মৰাপাট পেকেজিং সামগ্ৰী (পেকিং কৰা সামগ্ৰীৰ ক্ষেত্ৰত বাধ্যতামূলক ব্যৱহাৰ) আইন (Jute Packaging Materials (Compulsory Use in Packing Commodities) Act) ৰূপায়ণ কৰিছে। এই আইনে কোনবোৰ সামগ্ৰী আৰু কিমান পৰিমাণত মৰাপাট পেকেজিং সামগ্ৰীত বাধ্যতামূলকভাৱে পেক কৰিব লাগিব, সেই কথা নিৰ্ধাৰণ কৰে। চৰকাৰে ১০০ শতাংশ খাদ্যশস্য আৰু ২০ শতাংশ চেনি মৰাপাটৰ বস্তাত পেক কৰাটো বাধ্যতামূলক কৰিছে।

ভাৰতীয় মৰাপাট নিগম

ভাৰতীয় মৰাপাট নিগম লিমিটেড (Jute Corporation of India Ltd.—JCI) হৈছে কেঁচা মৰাপাটৰ ন্যূনতম সমৰ্থন মূল্য নীতি ৰূপায়ণৰ একমাত্ৰ নোডেল সংস্থা। বজাৰ মূল্য ন্যূনতম সমৰ্থন মূল্যৰ তললৈ নামিলে কৃষকৰ পৰা পোনপটীয়াকৈ ক্ৰয় কৰি JCI-য়ে মৰাপাট কৃষকসকলৰ স্বাৰ্থ সুৰক্ষিত কৰে। গ্ৰাম্য অঞ্চলত অৱস্থিত JCI-ৰ বিভাগীয় ক্ৰয় কেন্দ্ৰসমূহ (Departmental Purchase Centers—DPCs)-এ কৃষকৰ পৰা পোনপটীয়াকৈ কেঁচা মৰাপাট ক্ৰয় কৰে। পশ্চিম বংগ, অসম, বিহাৰ, অন্ধ্ৰ প্ৰদেশ, ওড়িশা আৰু ত্ৰিপুৰাত JCI-ৰ প্ৰায় ১১০টা DPC আছে।

চৰকাৰে ৰাষ্ট্ৰীয় মৰাপাট উন্নয়ন কাৰ্যসূচীৰ (National Jute Development Programme—NJDP) অধীনত মৰাপাট খেতি আৰু প্ৰক্ৰিয়াকৰণৰ বাবে নিজৰ প্ৰচেষ্টাসমূহ একত্ৰিত কৰিছে।

ৰাষ্ট্ৰীয় মৰাপাট উন্নয়ন কাৰ্যসূচী (National Jute Development Programme—NJDP)

ৰাষ্ট্ৰীয় মৰাপাট উন্নয়ন কাৰ্যসূচী (National Jute Development Programme—NJDP) হৈছে মৰাপাট খণ্ডৰ উন্নয়ন আৰু প্ৰসাৰৰ বাবে এক ছাতি আঁচনি। ইয়াক ৰাষ্ট্ৰীয় মৰাপাট পৰিষদে ২০২১-২২ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈ ৪৮৫.৫৮ কোটি টকাৰ ব্যয়ে ৰূপায়ণ কৰি আছে। ই কৃষি উৎপাদনশীলতা আৰু কৃষকৰ আয় বৃদ্ধি কৰাৰ লগতে দুটা মুখ্য উপাদান—মৰাপাট-আইকেয়াৰ আৰু মৰাপাট বৈচিত্ৰ্যকৰণ আঁচনিৰ জৰিয়তে বৈচিত্ৰ্যকৰণৰ ওপৰত গুৰুত্ব দিয়ে। এই কাৰ্যসূচীয়ে মৰাপাটক প্লাষ্টিকৰ বিকল্প হিচাপে প্ৰসাৰিত কৰিবলৈ আলোচনা সভা, প্ৰদৰ্শনী আৰু সজাগতা অভিযানতো সহায় আগবঢ়ায়।

ৰাষ্ট্ৰীয় মৰাপাট পৰিষদ (National Jute Board—NJB)

ৰাষ্ট্ৰীয় মৰাপাট পৰিষদ (National Jute Board—NJB) হৈছে সমগ্ৰ মূল্য শৃংখলজুৰি মৰাপাট খণ্ডৰ উন্নয়ন, প্ৰসাৰ আৰু বৈচিত্ৰ্যকৰণৰ বাবে নোডেল সংস্থা। ইয়াৰ মুখ্য কাৰ্যসমূহৰ ভিতৰত আছে:

  • খেতি আৰু আঁহৰ গুণগত মান উন্নত কৰা,
  • উৎপাদনশীলতা আৰু মানদণ্ড নিৰ্ধাৰণ বৃদ্ধি কৰা,
  • ঘৰুৱা আৰু ৰপ্তানি বজাৰ প্ৰসাৰ কৰা,
  • গৱেষণা আৰু মূল্য সংযোজিত পণ্যৰ বৈচিত্ৰ্যকৰণত সহায় কৰা, আৰু
  • MSME আৰু কাৰিকৰসকলক দক্ষতা বিকাশ আৰু বজাৰ উন্নয়নৰ জৰিয়তে শক্তিশালী কৰা।

জুট-আইকেয়াৰ (Improved Cultivation and Advanced Retting Exercise—JUTE-ICARE) আঁচনি

জুট-আইকেয়াৰ (Improved Cultivation and Advanced Retting Exercise—JUTE-ICARE) আঁচনিখন ২০১৫-১৬ বিত্তীয় বৰ্ষত আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ লক্ষ্য হৈছে মৰাপাটৰ উৎপাদনশীলতা আৰু আঁহৰ গুণগত মান বৃদ্ধি কৰা। বৈজ্ঞানিক খেতি, যান্ত্ৰিকীকৰণ আৰু উন্নত ৰেটিং পদ্ধতিৰ জৰিয়তে এই লক্ষ্যত উপনীত হোৱা হৈছে। ই ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকসকলক ৰাজসাহায্যযুক্ত প্ৰমাণিত বীজ, পথাৰ প্ৰদৰ্শন আৰু যান্ত্ৰিক হস্তক্ষেপৰ জৰিয়তে সহায় কৰে। এই আঁচনিখন কেন্দ্ৰীয় মৰাপাট আৰু আনুষংগিক আঁহ গৱেষণা প্ৰতিষ্ঠান (Central Research Institute for Jute and Allied Fibers—CRIJAF) আৰু ভাৰতীয় মৰাপাট নিগমৰ সহযোগত ৰূপায়ণ কৰা হয়। এই আঁচনিয়ে প্ৰধানমন্ত্ৰী কৃষি সিঞ্চায়ী যোজনা (Pradhan Mantri Krishi Sinchayee Yojana—PMKSY) আৰু ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (Rashtriya Krishi Vikas Yojana—RKVY)-ৰ সৈতে অভিসৰণৰ জৰিয়তে ৰেটিং পুখুৰী নিৰ্মাণতো সহায় কৰে।

মৰাপাট বৈচিত্ৰ্যকৰণ আঁচনি

মৰাপাট বৈচিত্ৰ্যকৰণ আঁচনিৰ অন্তৰ্গত মৰাপাট প্ৰক্ৰিয়াকৰণ, বিপণন আৰু বিক্ৰীক সহায় কৰা আঁচনিসমূহ অন্তৰ্ভুক্ত আছে।

মৰাপাট প্ৰক্ৰিয়াকৰণৰ বাবে সহায়মূলক হস্তক্ষেপ: মৰাপাট কেঁচা সামগ্ৰী বেংক

মৰাপাট কেঁচা সামগ্ৰী বেংকে অসংগঠিত খণ্ড আৰু ক্ষুদ্ৰ উৎপাদন ইউনিটসমূহৰ বাবে মৰাপাটজাত বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰী নিৰ্মাণৰ উদ্দেশ্যে কেঁচা মৰাপাট সামগ্ৰীৰ উপলব্ধতা নিশ্চিত কৰে। মিল-গেট মূল্যৰ সৈতে প্ৰকৃত পৰিবহণ ব্যয় যোগ কৰি অৰ্থনৈতিক হাৰত কেঁচা মৰাপাট সামগ্ৰী যোগান ধৰাৰ জৰিয়তে এই কাম কৰা হয়। এই আঁচনিয়ে মৰাপাটজাত বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰীৰ সৈতে জড়িত কাৰিকৰ, মহিলা স্ব-সহায়ক গোট আৰু  ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME)-সমূহক মানসম্পন্ন কেঁচা সামগ্ৰীৰ নিয়মীয়া যোগান প্ৰদান কৰি সহায় কৰে। ইয়াৰ ফলত গ্ৰাম্য জীৱিকাৰ অধিক প্ৰসাৰ ঘটে।

নিৰ্মাণ, বিপণন আৰু বিক্ৰীৰ বাবে হস্তক্ষেপ

মৰাপাট বৈচিত্ৰ্যকৰণ আঁচনিয়ে বিভিন্ন উপ-আঁচনিৰ জৰিয়তে মূল্য সংযোজন, আধুনিকীকৰণ আৰু বজাৰ সম্প্ৰসাৰণক প্ৰসাৰিত কৰে:

  • যন্ত্ৰপাতি ক্ৰয়ৰ বাবে মূলধনী ৰাজসাহায্য: মৰাপাট কল আৰু মৰাপাটজাত বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰী উৎপাদন কৰা MSME-সমূহৰ বাবে যন্ত্ৰপাতিৰ ব্যয়ৰ ৩০ শতাংশ ৰাজসাহায্য প্ৰদান কৰে।
  • মৰাপাট সম্পদ-কাম-উৎপাদন কেন্দ্ৰ: কাৰিকৰ, মহিলা স্ব-সহায়ক গোট, উদ্যোগী, বেচৰকাৰী সংস্থা, সমবায় সমিতিৰ সদস্য আদিৰ বাবে গোটভিত্তিক প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ।
  • মৰাপাট খুচুৰা বিপণী: মৰাপাটজাত বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰীৰ খুচুৰা আৰু শ্ব’ৰুম বিক্ৰীক সহায় কৰিবলৈ ২৫ শতাংশ বিক্ৰী সহায়তা (প্ৰতি ইউনিটত সৰ্বাধিক ৯ লাখ টকা)।
  • মৰাপাটজাত বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰী ৰপ্তানিৰ বাবে উৎপাদন-সংযুক্ত প্ৰৰোচনা: ৰপ্তানি কৰা মৰাপাটজাত বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰীত ব্যৱহৃত কেঁচা সামগ্ৰী আৰু ৰপ্তানিৰ পৰা হোৱা মূল্য বাস্তৱায়নৰ সৈতে সংযুক্ত প্ৰৰোচনা ৰপ্তানিকাৰকসকলক প্ৰদান কৰে।

ব্ৰেণ্ডিং, গুণগত নিশ্চয়তা আৰু বজাৰ প্ৰসাৰৰ বাবে হস্তক্ষেপ

জুট মাৰ্ক ইণ্ডিয়া গ’

জুট মাৰ্ক ইণ্ডিয়া ল’গ’-এ মৰাপাট আৰু মৰাপাট-মিশ্ৰিত সামগ্ৰীৰ প্ৰামাণিকতা, গুণগত নিশ্চয়তা আৰু বহনক্ষমতাৰ প্ৰতীক হিচাপে কাম কৰে। এক সুসংগঠিত কাঠামোৰ ভিতৰত থকা মৰাপাটৰ শীহসমূহৰ শৈলীকৃত ৰূপে প্ৰাকৃতিক আঁহৰ শক্তি, কাৰুকাৰ্য আৰু সমগ্ৰ মূল্য শৃংখলত মানদণ্ড নিৰ্ধাৰণক প্ৰতিনিধিত্ব কৰে। জুট মাৰ্ক ইণ্ডিয়া ল’গ’ই গুণগত মানৰ মানদণ্ডসমূহ মানি চলা আৰু মিশ্ৰিত সামগ্ৰীত মৰাপাটৰ পৰিমাণ নিশ্চিত কৰে। ইয়াৰ ফলত গ্ৰাহকৰ আস্থা বৃদ্ধি পায় আৰু ব্ৰেণ্ডৰ পৰিচিতি শক্তিশালী হয়।

ঘৰুৱা বিপণন উদ্যোগ

চৰকাৰে ২০২৫-২৬ বিত্তীয় বৰ্ষত মুখ্য চহৰসমূহত ৫৭টাতকৈও অধিক আঞ্চলিক মৰাপাট মেলা আয়োজন কৰিছিল, যেনে ইণ্ডিয়া ইণ্টাৰনেচনেল ট্ৰেড ফেয়াৰ, সুৰজকুণ্ড মেলা আৰু ভাৰত টেক্স।

মৰাপাট হস্ততাঁত উদ্যোগ: স্ব-সহায়ক গোটৰ পৰা ৰপ্তানি বজাৰলৈ

ব্ৰেণ্ডিং, প্ৰদৰ্শনীভিত্তিক প্ৰসাৰ আৰু গাঁথনিবদ্ধ বজাৰ সংযোগে মৰাপাট উদ্যোগসমূহৰ ক্ষেত্ৰ পৰ্যায়ৰ ফলাফল উন্নত কৰিছে। ইয়াৰ উদাহৰণ হৈছে উত্তৰাখণ্ডৰ ঋষিকেশৰ ভাৰতীয় গ্ৰামোথান সংস্থা, পশ্চিম বংগৰ দাৰ্জিলিঙৰ হেডেন হল ইনষ্টিটিউট, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ জুট আৰ্টিছানছ গিল্ড এছ’চিয়েচন আৰু ওড়িশাৰ কটকৰ ৰুৰেল অৰ্গেনাইজেচন ফৰ ছ’চিয়েল একচন। ৰাষ্ট্ৰীয় মৰাপাট পৰিষদৰ কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণ লাভ কৰি তেওঁলোকে পৰামৰ্শ আৰু বজাৰ সংযোগৰ সুবিধা গ্ৰহণ কৰি সংগঠিত মৰাপাট হস্ততাঁত উৎপাদনত প্ৰৱেশ কৰে। তেওঁলোকে নতুন দিল্লীৰ আই.আই.টি.এফ. (IITF), নতুন দিল্লীৰ টেক্স-ট্ৰেণ্ডছ ইণ্ডিয়া (Tex-Trends India) আৰু মুম্বাইৰ গিফ্টটেক্স (GiftTex Show) শ্ব’-ৰ দৰে বৃহৎ বাণিজ্য মেলাত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত তেওঁলোকৰ বাবে ক্ৰেতাসকলৰ সৈতে প্ৰত্যক্ষ যোগাযোগৰ সুযোগ সৃষ্টি হয়, বৃহৎ পৰিমাণৰ ৰপ্তানি অৰ্ডাৰ লাভ কৰে আৰু তেওঁলোকৰ বিপণন দক্ষতা শক্তিশালী হয়। ফলস্বৰূপে, তেওঁলোকৰ সদস্যসকলে ব্যক্তিগতভাৱে অধিক উপাৰ্জন কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত উৎপাদন ক্ষমতা আৰু সামাজিক স্বীকৃতিত উল্লেখযোগ্য উন্নতি হয়।

সমগ্ৰ যোগান শৃংখলত ডিজিটেল আৰু প্ৰযুক্তিগত হস্তক্ষেপ

জুট-স্মাৰ্ট (JUTE-SMART)

২০১৬ চনৰ পৰা খাদ্যশস্যৰ বাবে মৰাপাটৰ বস্তা ক্ৰয় আৰু যোগানৰ সমগ্ৰ কাৰ্যকলাপ মৰাপাট আয়ুক্তৰ কাৰ্যালয়ে পৰিচালনা কৰি আহিছে। এই কাৰ্যকলাপসমূহ সহজ কৰি তুলিবলৈ মৰাপাট আয়ুক্তৰ কাৰ্যালয়ে এক অন্তিম-প্ৰান্তীয় ই-শাসন ছফ্টৱেৰ প’ৰ্টেল, অৰ্থাৎ জুট-স্মাৰ্ট (JUTE-SMART), বিকশিত কৰি ২০১৬ চনৰ নৱেম্বৰ মাহত ৰূপায়ণ কৰিছিল। ২০২৬ চনৰ আগষ্ট মাহলৈকে এই প’ৰ্টেলৰ জৰিয়তে ২০টাতকৈও অধিক ৰাজ্যিক ক্ৰয় সংস্থা, যাৰ ভিতৰত পঞ্জাব, হাৰিয়ানা, ওড়িশা, তেলেংগানা, পশ্চিম বংগ, বিহাৰ, অন্ধ্ৰ প্ৰদেশ আৰু FCI আদি অন্তৰ্ভুক্ত, ৩.০৩ কোটি মূল্যৰ বি.টুইল (B.Twill) মৰাপাটৰ বস্তা (প্ৰতি বেলত ৫০০টা বস্তা) ক্ৰয় কৰিছে, যাৰ মূল্য ১,০০,০০০ কোটি টকাৰো অধিক (আনুমানিক)।

২০২৬ চনত যোগান শৃংখলৰ বিভিন্ন প্ৰক্ৰিয়া ডিজিটেল কৰাৰ বাবে জুট-স্মাৰ্ট (JUTE-SMART) অধিক উন্নীত কৰা হৈছে। পৰিবহণকাৰী, কেঁচা মৰাপাটৰ ব্যৱসায়ী আৰু আমদানিকাৰকৰ দৰে বিভিন্ন অংশীদাৰক ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে। কেঁচা মৰাপাটৰ ব্যৱসায়ী, আমদানিকাৰক আৰু মৰাপাট কলৰ পঞ্জীয়ন সম্পূৰ্ণৰূপে ডিজিটেল কৰা হৈছে। প্ৰয়োজনীয় ৰিটাৰ্ণসমূহো সম্পূৰ্ণৰূপে অনলাইন কৰা হৈছে, যাৰ ফলত অনুপালন সহজ হৈছে।

মৰাপাট শস্য তথ্য ব্যৱস্থা

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (Indian Space Research Organisation—ISRO)-এ ৰাষ্ট্ৰীয় দূৰসংবেদন কেন্দ্ৰ (National Remote Sensing Centre—NRSC)-ৰ জৰিয়তে ভাৰতীয় মৰাপাট নিগম আৰু ৰাষ্ট্ৰীয় মৰাপাট পৰিষদৰ সহযোগত মৰাপাট শস্য তথ্য ব্যৱস্থা বিকশিত কৰিছে। এই ব্যৱস্থাটো দূৰসংবেদন আৰু ক্ষেত্ৰভিত্তিক তথ্য ব্যৱহাৰ কৰি মৰাপাট খেতি নিৰীক্ষণ কৰাৰ বাবে বিকশিত কৰা হৈছে। এই উদ্যোগৰ অংশ হিচাপে দুটা মুখ্য সঁজুলি বিকশিত কৰা হৈছে:

  • ভুৱন জাম্প (BHUVAN JUMP): পথাৰত মৰাপাট নিৰীক্ষণৰ বাবে এক ম’বাইল এপ, আৰু
  • পাটছান (Prospective Assessment of Jute Using Mobile App-Based Field Observations—PATSAN): এক ৱেব-ভিত্তিক প্লেটফৰ্ম, যিয়ে বিষয়া আৰু অংশীদাৰসকলক জ্ঞাত সিদ্ধান্ত গ্ৰহণত সহায় কৰিবলৈ প্ৰায় তাৎক্ষণিক মৰাপাট নিৰীক্ষণ আৰু বিশ্লেষণ প্ৰদান কৰে।

বজাৰ উন্নয়ন আৰু প্ৰসাৰ আঁচনি

চৰকাৰে ৰাষ্ট্ৰীয় মৰাপাট উন্নয়ন কাৰ্যসূচীৰ অধীনত বজাৰ উন্নয়ন আৰু প্ৰসাৰ ৰূপায়ণ কৰি আহিছে। এই আঁচনিয়ে মৰাপাটজাত বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰীৰ উদ্যোগী/ৰপ্তানিকাৰকসকলক ঘৰুৱা/ৰপ্তানি বজাৰত মৰাপাটজাত বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰীৰ প্ৰসাৰ আৰু বিক্ৰীত সহায় কৰে।

শ্ৰমিক কল্যাণ আঁচনি (বৃত্তি আঁচনি)

ৰাষ্ট্ৰীয় মৰাপাট পৰিষদ আইন, ২০০৮-এ “মৰাপাট উদ্যোগত নিয়োজিত শ্ৰমিকসকলৰ বাবে উন্নত কৰ্ম পৰিস্থিতি আৰু সুবিধা আৰু প্ৰৰোচনাৰ ব্যৱস্থা নিশ্চিত কৰা”ৰ ব্যৱস্থা কৰিছে। ইয়াৰ সৈতে সংগতি ৰাখি, ৰাষ্ট্ৰীয় মৰাপাট পৰিষদে মৰাপাট কল/মৰাপাটজাত বৈচিত্ৰ্যপূৰ্ণ সামগ্ৰী উৎপাদন কৰা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSME) ইউনিটৰ শ্ৰমিকসকলৰ কন্যা সন্তানসকলক মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বৃত্তি/প্ৰৰোচনামূলক সহায় আগবঢ়ায়।

মৰাপাটৰ সৈতে এক বহনক্ষম ভৱিষ্যত

ভাৰতৰ মৰাপাট খণ্ড বহনক্ষম আৰু সামগ্ৰিক উন্নয়নৰ এক গুৰুত্বপূৰ্ণ চালিকাশক্তিলৈ ৰূপান্তৰিত হৈছে। ই সমগ্ৰ মূল্য শৃংখলজুৰি লাখ লাখ কৃষক, শ্ৰমিক, কাৰিকৰ আৰু উদ্যোগীৰ জীৱিকাক সহায় কৰে। নীতিগত সহায়, উদ্ভাৱন আৰু উন্নত উৎপাদনে এই খণ্ডৰ প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰিছে। পাটে গ্ৰাম্য জীৱিকা, পৰিৱেশগত বহনক্ষমতা আৰু ঔদ্যোগিক বিকাশত অৰিহণা যোগায়। ইয়াৰ বৰ্ধিত প্ৰাসংগিকতাই সেউজ আৰু বহনক্ষম সামগ্ৰীৰ দিশত ভাৰতৰ পৰিৱৰ্তনক প্ৰতিফলিত কৰে। অব্যাহত বিনিয়োগ, উদ্ভাৱন আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণে এই খণ্ডৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰিব।

তথ্যসূত্ৰসমূহ

ৰাষ্ট্ৰীয় মৰাপাট ব'ৰ্ড

https://jute.com/jute/

https://jute.com/jute/njb/21

https://jute.dac.gov.in/pdf/StatusPaper.pdf

https://www.nitiforstates.gov.in/public-assets/Policy/policy_files/SNC504A000660.pdf

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়

https://www.ncfc.gov.in/change-jute-area.html

https://agriwelfare.gov.in/Documents/Time_Series_3rdAE_2025_26_En.pdf

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2122016

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2117470

https://www.ibef.org/exports/jute-industry-india

বস্ত্ৰ মন্ত্ৰালয়

https://www.texmin.gov.in/static/uploads/2025/12/c865d599cae0c357c02d247a8a82d24e.pdf

https://www.texmin.gov.in/static/uploads/2026/05/5c48e80d2180ca3194b9e9b01340696d.pdf

https://sansad.in/getFile/loksabhaquestions/annex/182/AU2512_P6JQIu.pdf?source=pqals

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2222478&reg=48&lang=2

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2282076&reg=1&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2200812&reg=3&lang=1

https://sansad.in/getFile/loksabhaquestions/annex/171/AU4409.pdf?source=pqals

https://sansad.in/getFile/annex/259/AU2191.pdf?source=pqars

https://sansad.in/getFile/annex/255/AU2392.pdf?source=pqars

https://www.jutecorp.in/jute-i-care/

অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট সমিতি

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2232106&reg=3&lang=1

বিশ্ব বেংক

https://thedocs.worldbank.org/en/doc/088011224509316922-0560011976/original/WorldBankGroupArchivesfolder30124862.pdf

pdf ফাইলৰ বাবে ইয়াত ক্লিক কৰক

*****

পিআইবি গৱেষণা

RR 

(Explainer ID: 159893) आगंतुक पटल : 6
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Urdu , English , हिन्दी , Bengali , Tamil , Kannada