Energy & Environment
বিশ্ব হস্তী দিৱস
Posted On:
12 AUG 2026 11:35AM
বিশ্ব হস্তী দিৱসে হাতীৰ পাৰিৱেশিক আৰু সাংস্কৃতিক গুৰুত্বৰ ওপৰত আলোকপাত কৰে। ভাৰতত বিশ্বৰ বন্য এছীয় হাতীৰ প্ৰায় ৬০% আছে আৰু প্ৰজেক্ট এলিফেণ্ট (Project Elephant), হাতী সংৰক্ষণ ক্ষেত্ৰ আৰু সংৰক্ষিত কৰিড’ৰৰ জৰিয়তে সংৰক্ষণ ব্যৱস্থা শক্তিশালী কৰা হৈছে। বৈজ্ঞানিক নিৰীক্ষণ, প্ৰযুক্তি-চালিত সংৰক্ষণ আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণে মানুহ আৰু হাতীৰ সহাৱস্থানকো অধিক সহায় কৰিছে। এই ধাৰাবাহিক প্ৰচেষ্টাসমূহে হাতী, পৰিৱেশতন্ত্ৰ আৰু ভাৰতৰ প্ৰাকৃতিক ঐতিহ্য সুৰক্ষিত কৰাৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।
ভাৰতৰ অৰণ্যৰ প্ৰকাণ্ড শান্ত জীৱ
ভাৰতত বিশ্বৰ বন্য এছীয় হাতীৰ প্ৰায় ৬০% আছে, যিয়ে বিশ্বব্যাপী হাতী সংৰক্ষণত দেশখনৰ গুৰুত্বপূৰ্ণ ভূমিকাক উজলাই তোলে। হাতীৰ গভীৰ সাংস্কৃতিক গুৰুত্ব আছে আৰু ই স্বাস্থ্যৱান পৰিৱেশতন্ত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এক মূল প্ৰজাতি হিচাপে হাতীয়ে অৰণ্যৰ স্থায়িত্ব বজাই ৰাখে, জৈৱ-বৈচিত্ৰ্যক সহায় কৰে আৰু পাৰিৱেশিক ভাৰসাম্য ৰক্ষা কৰে। সৰ্বভাৰতীয় সমকালীন হাতী জনসংখ্যা মূল্যায়ন (২০২১–২৫) অনুসৰি ভাৰতত বন্য হাতীৰ সংখ্যা ২২,৪৪৬টা। এই হাতীসমূহক ৩৩টা হাতী সংৰক্ষণ ক্ষেত্ৰ আৰু চিনাক্ত কৰা ১৫০টা কৰিড’ৰত সুৰক্ষা প্ৰদান কৰা হৈছে।

এই সমৃদ্ধ হাতী ঐতিহ্যৰ সৈতে ক্ৰমবৰ্ধমান সংৰক্ষণৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ দায়িত্বও আহে। প্ৰতি বছৰে ১২ আগষ্টত পালন কৰা বিশ্ব হাতী দিৱসে ধাৰাবাহিক বিশ্বব্যাপী পদক্ষেপৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। ভাৰতৰ সংৰক্ষণ প্ৰচেষ্টাসমূহে বাসস্থানৰ ক্ষতি, খণ্ডিতকৰণ, চোৰাং চিকাৰ, অবৈধ বন্যপ্ৰাণী বাণিজ্য আৰু মানৱ-হাতী সংঘাতৰ মোকাবিলা কৰে। দেশখনে ইয়াৰ সংৰক্ষণ প্ৰচেষ্টাৰ অংশ হিচাপে আইনী সুৰক্ষা, বাসস্থান সংৰক্ষণ, বৈজ্ঞানিক নিৰীক্ষণ আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণক একত্ৰিত কৰিছে। প্ৰযুক্তি-চালিত ব্যৱস্থাই এই প্ৰচেষ্টাসমূহক অধিক শক্তিশালী কৰি তোলে আৰু বন্য পৰিৱেশত হাতীৰ দীৰ্ঘম্যাদী অস্তিত্বত সহায় কৰে।
ভাৰতত হাতীৰ চিৰস্থায়ী গুৰুত্ব
হাতী ভাৰতৰ প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্যৰ অবিচ্ছেদ্য অংগ। ইয়াৰ গুৰুত্ব পৰিৱেশতন্ত্ৰৰ স্বাস্থ্য, সাংস্কৃতিক পৰম্পৰা আৰু সম্প্ৰদায়ৰ পৰিচয়লৈকে বিস্তৃত।
পাৰিৱেশিক গুৰুত্ব
হাতী হৈছে বনাঞ্চলৰ গঠন আৰু পৰিৱেশতন্ত্ৰৰ কাৰ্যপ্ৰণালী গঢ় দিয়া মূল প্ৰজাতি। ইহঁত পৰিভ্ৰমণশীল প্ৰকৃতিৰ আৰু ইহঁতৰ বিচৰণ ক্ষেত্ৰ ১০০–৩,০০০ বৰ্গ কিলোমিটাৰলৈ বিস্তৃত। দীঘলীয়া দূৰত্ব অতিক্ৰম কৰাৰ সময়ত ইহঁতে এনে পথ আৰু জলাশয় সৃষ্টি কৰে, যিয়ে আন বন্যপ্ৰাণীকো উপকৃত কৰে। ইহঁতৰ খাদ্য গ্ৰহণৰ অভ্যাসে পুষ্টি চক্ৰত সহায় কৰে আৰু বীজ বিস্তাৰ ঘটায়, যিয়ে বনাঞ্চলৰ পুনৰুৎপাদনত সহায় কৰে। ইয়াৰ ফলত খণ্ডিত অৰণ্যসমূহ সংযোগ স্থাপন হয় আৰু জেনেটিক বৈচিত্ৰ্যৰ বিকাশৰ বাবে অনুকূল পৰিস্থিতিৰ সৃষ্টি হয়। সেয়েহে হাতী সংৰক্ষণে পাৰিৱেশিক সংযোগ, বনাঞ্চলৰ স্বাস্থ্য আৰু ব্যাপক জৈৱ-বৈচিত্ৰ্যক শক্তিশালী কৰে।
সাংস্কৃতিক আৰু সামাজিক গুৰুত্ব

হাতীয়ে শতিকাজুৰি ভাৰতৰ ধৰ্মীয় পৰম্পৰা, সাংস্কৃতিক প্ৰথা আৰু সম্প্ৰদায়ৰ পৰিচয়ক গঢ় দি আহিছে। উত্তৰ ভাৰতীয় পৰম্পৰাত ভগৱান গণেশে প্ৰজ্ঞা আৰু বাধা অপসাৰণৰ প্ৰতীক হিচাপে প্ৰতিনিধিত্ব কৰে। ঐতিহাসিকভাৱে হাতীয়ে ৰাজকীয় প্ৰতীক হিচাপে কৰ্তৃত্ব আৰু প্ৰতিপত্তিৰ প্ৰতীক আছিল। দক্ষিণ ভাৰতত মন্দিৰৰ হাতীসমূহ এতিয়াও ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু উৎসৱৰ অংশ। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন সম্প্ৰদায়ে ভগৱান গণেশক তেওঁলোকৰ দেৱতাসকলৰ এক প্ৰকাশ হিচাপে পূজা কৰে আৰু হাতীক গভীৰ সন্মানৰ দৃষ্টিৰে চায়। কিছুমান সম্প্ৰদায়ে পৰম্পৰাগতভাৱে হাতীক জ্যেষ্ঠ আৰু প্ৰজ্ঞাৰ প্ৰতীক হিচাপে গণ্য কৰে। এই পৰম্পৰাসমূহে ভাৰতৰ সাংস্কৃতিক ঐতিহ্য আৰু সম্প্ৰদায়িক জীৱনত হাতীৰ চিৰস্থায়ী স্থানক উজলাই তোলে।

প্ৰকাণ্ড জীৱৰ গণনা: বৰ্তমান ভাৰতৰ হাতীৰ অৱস্থা
ভাৰতৰ হাতী সংৰক্ষণৰ কাহিনী সংখ্যাৰ জৰিয়তে সৰ্বোত্তমভাৱে প্ৰকাশ কৰিব পাৰি। সংৰক্ষণ ক্ষেত্ৰৰ নেটৱৰ্কৰ পৰা কৰিড’ৰ পুনৰুদ্ধাৰলৈকে প্ৰতিটো সংখ্যাই দশকজোৰা ধাৰাবাহিক প্ৰতিষ্ঠানিক প্ৰচেষ্টাক প্ৰতিফলিত কৰে।
প্ৰজেক্ট এলিফেণ্ট: এক ব্যাপক সংৰক্ষণ কাঠামো
প্ৰজেক্ট এলিফেণ্ট হৈছে ভাৰত চৰকাৰৰ হাতী সংৰক্ষণৰ বাবে মুখ্য পদক্ষেপ। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ৰূপায়ণ কৰা এই কাৰ্যসূচীয়ে হাতীৰ বাসস্থান সুৰক্ষা, বন্দী হাতী সংৰক্ষণ আৰু মানৱ-হাতী সংঘাত হ্ৰাস কৰাৰ বাবে ৰাজ্যসমূহক বিত্তীয় আৰু কাৰিকৰী সহায় আগবঢ়ায়। ইয়াৰ উপৰি কৃত্ৰিম বুদ্ধিমত্তা-সক্ষম নিৰীক্ষণ, ৰেডিঅ’ কলাৰিং, জেনেটিক তথ্যভাণ্ডাৰ আৰু আগতীয়া সতৰ্কীকৰণ ব্যৱস্থাৰ জৰিয়তে বিজ্ঞান-ভিত্তিক সংৰক্ষণকো উৎসাহিত কৰে।
ডি.এন.এ.-ভিত্তিক নমুনা সংগ্ৰহ
প্ৰজেক্ট এলিফেণ্টৰ অধীনত বৈজ্ঞানিক নিৰীক্ষণে হাতীৰ জনসংখ্যা মূল্যায়ন অধিক শক্তিশালী কৰিছে। সৰ্বভাৰতীয় সমকালীন হাতী জনসংখ্যা মূল্যায়ন ২০২১–২৫ত ভাৰতৰ প্ৰথমটো ডি এন এ-ভিত্তিক সমকালীন হাতী গণনা ব্যৱহাৰ কৰা হৈছিল। বিজ্ঞানীসকলে গোবৰৰ নমুনা বিশ্লেষণ কৰি অনন্য জেনেটিক আঙুলিৰ ছাপৰ জৰিয়তে ব্যক্তিগত হাতী চিনাক্ত কৰিছিল। ইয়াৰ ফলত বিভিন্ন ভূ-দৃশ্যত একেটা হাতীৰ পুনৰ সংগৃহীত নমুনা চিনাক্ত কৰা আৰু জনসংখ্যাৰ অনুমান উন্নত কৰা সম্ভৱ হৈছিল। সৰ্বভাৰতীয় সমকালীন হাতী জনসংখ্যা মূল্যায়নত ডি এন এ প্ৰফাইলিং, ব্লক গণনা আৰু ৰেখা-পথ সমীক্ষা একত্ৰিত কৰা হৈছিল, যিয়ে হাতীৰ জনসংখ্যা মূল্যায়নৰ বৈজ্ঞানিক কঠোৰতা শক্তিশালী কৰিছে।
ভাৰতৰ হাতী কৰিড’ৰ সুৰক্ষিতকৰণ
ভাৰতত হাতী সংৰক্ষণত হাতী কৰিড’ৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই কৰিড’ৰসমূহে মানুহৰ উন্নয়ন বা অন্যান্য কাৰণত খণ্ডিত হৈ পৰা পূৰ্বৰ প্ৰাকৃতিক বাসস্থানসমূহক সংযোগ কৰে। হাতী কৰিড’ৰ হৈছে খণ্ডিত বাসস্থানসমূহক সংযোগ কৰাৰ বাবে বিকশিত কৰা বাসস্থান। ইহঁত খণ্ডিত বাসস্থানসমূহৰ মাজত নিৰাপদ চলাচলৰ সুবিধা প্ৰদান কৰি আৰু মানৱ-হাতী সংঘাত হ্ৰাস কৰাত সহায় কৰি স্বাস্থ্যৱান আৰু জেনেটিকভাৱে বৈচিত্ৰ্যপূৰ্ণ হাতীৰ জনসংখ্যা বজাই ৰখাৰ বাবে অত্যাৱশ্যকীয়। ইহঁতে পাৰিৱেশিক সংযোগ বজাই ৰাখি দীৰ্ঘম্যাদী জনসংখ্যাৰ স্থায়িত্বতো সহায় কৰে। প্ৰজেক্ট এলিফেণ্টৰ অধীনত হাতী বিস্তৃত হোৱা ১৪খন ৰাজ্যত হাতী কৰিড’ৰ চিনাক্ত আৰু বৈধতা প্ৰদান কৰা হৈছে।
বন্যপ্ৰাণী প্ৰতিষ্ঠান অৱ ইণ্ডিয়াৰ কাৰিকৰী সহায়ত প্ৰস্তুত কৰা Elephant Corridors of India, 2023 প্ৰতিবেদন অনুসৰি, এই কৰিড’ৰসমূহ চাৰিটা অঞ্চলত বিস্তৃত। পূব-মধ্য অঞ্চলত ৫২টা কৰিড’ৰ, তাৰ পিছত উত্তৰ-পূৰ্বাঞ্চলত ৪৮টা, দক্ষিণাঞ্চলত ৩২টা আৰু উত্তৰাঞ্চলত ১৮টা কৰিড’ৰ আছে। পশ্চিমবংগত সৰ্বাধিক ২৬টা কৰিড’ৰ আছে। এই সংখ্যা ৰাষ্ট্ৰীয় মুঠৰ ১৭%তকৈ অধিক। এই নেটৱৰ্কত ১৯টা আন্তঃৰাজ্যিক কৰিড’ৰ আৰু ভাৰত আৰু নেপালক সংযোগ কৰা ছয়টা আন্তঃৰাষ্ট্ৰীয় সীমান্ত-পাৰ কৰিড’ৰ অন্তৰ্ভুক্ত আছে। নিৰীক্ষণত দেখা গৈছে যে ৫৯টা কৰিড’ৰত (৪০%) হাতীৰ ব্যৱহাৰ বৃদ্ধি পাইছে, ২৯টাত (১৯%) স্থিৰ হৈ আছে, ২৯টাত (১৯%) হ্ৰাস পাইছে আৰু ১৫টা কৰিড’ৰৰ অৱস্থা বিঘ্নিত হৈছে।

এই কৰিড’ৰসমূহ সুৰক্ষিত কৰিলে বাসস্থানৰ সংযোগ শক্তিশালী হয়, সংঘাত হ্ৰাস পায় আৰু ভাৰতৰ হাতীৰ জনসংখ্যাৰ দীৰ্ঘম্যাদী সংৰক্ষণত সহায় কৰে।
ধাৰাবাহিক কৰিড’ৰ সংৰক্ষণ
চৰকাৰে বৈজ্ঞানিক নিৰীক্ষণ, সীমা নিৰ্ধাৰণ আৰু ৰাজ্যিক কাৰ্য পৰিকল্পনা তথা ব্যৱস্থাপনা পৰিকল্পনাত সংহতিৰ জৰিয়তে এই পাৰিৱেশিক জীৱন-ৰেখাসমূহ শক্তিশালী কৰি আহিছে। বৰ্তমান ১৫০টা কৰিডৰে হাতীৰ চলাচলত সহায় কৰিছে। এই ধাৰাবাহিক প্ৰচেষ্টাসমূহে বাসস্থানৰ সংযোগ শক্তিশালী কৰি ভাৰতৰ বনাঞ্চলীয় ভূ-দৃশ্যসমূহত হাতীৰ বাবে অধিক নিৰাপদ চলাচল নিশ্চিত কৰিছে।
সংৰক্ষণ ক্ষেত্ৰৰ বৰ্ধিত নেটৱৰ্ক

২০১৪ চনৰ পৰা হাতী সংৰক্ষণ ক্ষেত্ৰসমূহ ধাৰাবাহিকভাৱে সম্প্ৰসাৰিত হৈছে আৰু বৰ্তমান ১৪খন মুখ্য হাতী-বিস্তৃত ৰাজ্যত ৮০,৭৭৭ বৰ্গ কিলোমিটাৰ এলেকা সামৰি লৈছে। এই সম্প্ৰসাৰণে অতিৰিক্ত ৮,৬১০ বৰ্গ কিলোমিটাৰ এলেকা সুৰক্ষাৰ অধীনলৈ আনিছে, যাৰ ফলত গুৰুত্বপূৰ্ণ বাসস্থান সুৰক্ষিত হৈছে আৰু পাৰিৱেশিক সংযোগ শক্তিশালী হৈছে। ইয়াৰ ফলত বৈজ্ঞানিক ব্যৱস্থাপনাও উন্নত হৈছে আৰু ভাৰতৰ বন্য হাতীৰ জনসংখ্যাৰ দীৰ্ঘম্যাদী অস্তিত্বৰ বাবে অধিক শক্তিশালী ভিত্তি সৃষ্টি হৈছে।
সামগ্ৰিকভাৱে প্ৰজেক্ট এলিফেণ্ট, বৈজ্ঞানিক জনসংখ্যা মূল্যায়ন, সুৰক্ষিত সংৰক্ষণ ক্ষেত্ৰ আৰু সংযুক্ত কৰিড’ৰসমূহে হাতী সংৰক্ষণক এক সংহত ভূ-দৃশ্য-ভিত্তিক কাৰ্যসূচীলৈ ৰূপান্তৰিত কৰিছে। এই পদক্ষেপসমূহে এছীয় হাতীৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে পৰম্পৰাগত সংৰক্ষণ মূল্যবোধক আধুনিক বিজ্ঞানৰ সৈতে সংযুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে।
গণনাৰ বাহিৰত: প্ৰতিটো হাতীক সুৰক্ষা
হাতীৰ জনসংখ্যা অনুমান কৰাটো সংৰক্ষণৰ কেৱল এটা অংশ। দীৰ্ঘম্যাদী সফলতা নিৰাপদ বাসস্থান, শক্তিশালী আইনী সুৰক্ষা আৰু সম্প্ৰদায়ৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। ভাৰত চৰকাৰে বিজ্ঞান, প্ৰযুক্তি, আন্তঃগাঁথনি আৰু জনকল্যাণক একত্ৰিত কৰা এক ব্যাপক সংৰক্ষণ পদ্ধতি গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহে অৰণ্যৰ ভিতৰত আৰু অংশীদাৰী ভূ-দৃশ্যসমূহত হাতীক সুৰক্ষা প্ৰদান কৰে।
ভাৰতে হাতীৰ ভূ-দৃশ্যসমূহৰ ব্যৱস্থাপনা উন্নত কৰাৰ প্ৰচেষ্টা চলাইছে। হাতী সংৰক্ষণ ক্ষেত্ৰৰ ব্যৱস্থাপনা কাৰ্যকাৰিতা মূল্যায়ন কাঠামো ২০২৩ চনত আৰম্ভ কৰা হৈছিল আৰু শিৱালিক, কাজিৰঙা–কাৰ্বি আংলং, ময়ূৰভঞ্জ আৰু নীলগিৰি—এই চাৰিটা প্ৰতিনিধিত্বমূলক সংৰক্ষণ ক্ষেত্ৰত পৰীক্ষা কৰা হৈছিল। পৰীক্ষামূলক অভিজ্ঞতাৰ ভিত্তিত চৰকাৰে কেম্পা পুঁজিৰ সহায়ত এই কাঠামোক দেশৰ সকলো হাতী সংৰক্ষণ ক্ষেত্ৰলৈ সম্প্ৰসাৰণ কৰি আছে। ইয়াৰ ফলত জুখিব পৰা সংৰক্ষণ ফলাফলৰ ওপৰত ভিত্তি কৰি স্বচ্ছ মূল্যায়ন আৰু অভিযোজিত ব্যৱস্থাপনা প্ৰতিষ্ঠানিক ৰূপ লাভ কৰিছে।
শেহতীয়াকৈ মন্ত্ৰালয়ে দেশৰ সকলো হাতী-বিস্তৃত অঞ্চলৰ বাবে আঞ্চলিক কাৰ্য পৰিকল্পনা প্ৰস্তুত কৰি এই ভূ-দৃশ্য-ভিত্তিক পদ্ধতিক আৰু এখোজ আগুৱাই নিছে। এই পৰিকল্পনাসমূহে স্বীকাৰ কৰে যে হাতী ৰাজ্যৰ সীমা অতিক্ৰম কৰি বিচৰণ কৰে আৰু বাসস্থানৰ সংযোগ, মানৱ-হাতী সংঘাত আৰু ভূ-দৃশ্য ব্যৱস্থাপনাৰ সৈতে জড়িত প্ৰত্যাহ্বানসমূহৰ বাবে বিভিন্ন প্ৰশাসনিক এলেকাৰ মাজত সমন্বিত পদক্ষেপৰ প্ৰয়োজন। আঞ্চলিক কাৰ্য পৰিকল্পনাই ৰাজ্যসমূহক ভূ-দৃশ্যৰ পৰিসৰত অগ্ৰাধিকাৰভিত্তিক সংৰক্ষণ আৰু সংঘাত-প্ৰশমনমূলক পদক্ষেপ গ্ৰহণৰ বাবে এক উমৈহতীয়া কাঠামো প্ৰদান কৰে।
হাতীৰ বাবে ৰে’লপথ অধিক নিৰাপদ কৰা

ৰে’লপথৰ কাষত হাতীৰ মৃত্যু হ্ৰাস কৰাৰ বাবে চৰকাৰে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে। যৌথ সমীক্ষাই ৩,৪৫২.৪ কিলোমিটাৰ দৈৰ্ঘ্য সামৰি ১২৭টা সংবেদনশীল ৰে’লপথৰ অংশ সামৰি লৈছিল। ইয়াৰ উপৰি ১৪খন ৰাজ্যত ১,৯৬৫.২ কিলোমিটাৰ দৈৰ্ঘ্য সামৰি ৭৭টা অংশত ৭০৫টা গাঁথনিগত ব্যৱস্থা—যাৰ ভিতৰত আছে আন্দাৰপাছেছ (underpasses) অভাৰপাছেছ overpasses), ৰেম্পছ (ramps), লেভেল ক্ৰছিং (level crossings) আৰু দলঙৰ পৰিৱৰ্তন—গ্ৰহণৰ বাবে পৰামৰ্শ দিয়া হৈছে। এই গাঁথনিগত হস্তক্ষেপসমূহৰ সৈতে অপটিকেল-ফাইবাৰ-ভিত্তিক অনুপ্ৰৱেশ চিনাক্তকৰণ, ভূমিকম্পীয় চেন্সৰ আৰু তাপীয় কেমেৰাৰ দৰে প্ৰযুক্তিও ব্যৱহাৰ কৰা হৈছে।
কৃত্ৰিম বুদ্ধিমত্তা-সক্ষম বিতৰিত ধ্বনি সংবেদন ব্যৱস্থাই এতিয়া ল’ক’ পাইলট, ষ্টেচন মাষ্টাৰ আৰু নিয়ন্ত্ৰণ কক্ষলৈ বাস্তৱ-সময়ৰ সতৰ্কবাণী প্ৰেৰণ কৰে। হাতীৰ সৈতে সংঘটিত প্ৰতিটো ৰে’ল সংঘৰ্ষৰ বিষয়ে সংশ্লিষ্ট ৰাজ্যিক বন বিভাগৰ সৈতে যৌথভাৱে তদন্ত কৰা হয়। এই ধাৰাবাহিক হস্তক্ষেপৰ ফলত ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু ২০১৩ চনৰ ২৬টাৰ পৰা ২০২৪ চনত ১২টালৈ হ্ৰাস পাইছে, অৰ্থাৎ ৫০%তকৈ অধিক হ্ৰাস হৈছে।
জেনেটিক্সৰ জৰিয়তে বন্দী হাতীৰ সুৰক্ষা
চৰকাৰে বিজ্ঞান-ভিত্তিক নিৰীক্ষণৰ জৰিয়তে বন্দী হাতীৰ অবৈধ বাণিজ্য আৰু চলাচলৰ বিৰুদ্ধে সুৰক্ষা অধিক শক্তিশালী কৰিছে। বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ৰ অধীনত বিক্ৰী, পৰিবহন আৰু ক্ৰয়ৰ সৈতে জড়িত বিষয়সমূহ ব্যৱস্থা গ্ৰহণৰ বাবে ৰাজ্যিক মুখ্য বন্যপ্ৰাণী সংৰক্ষকৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। গজ সূচনা মোবাইল এপ্লিকেশ্যনে প্ৰতিটো পঞ্জীয়নভুক্ত বন্দী হাতীৰ ডি এন এ প্ৰফাইল, শাৰীৰিক বৈশিষ্ট্য আৰু মালিকানাৰ তথ্য থকা এটা ৰাষ্ট্ৰীয় জেনেটিক তথ্যভাণ্ডাৰ সৃষ্টি কৰিছে। এই তথ্যভাণ্ডাৰে চলাচলৰ পূৰ্বে পৰিচয় পৰীক্ষা কৰে আৰু আইনী কাৰ্যবিধিৰ সময়ত নিৰ্ভৰযোগ্য ফৰেনছিক প্ৰমাণ প্ৰদান কৰে।
বন্দী হাতী (স্থানান্তৰ বা পৰিবহন) নিয়ম, ২০২৪
বন্দী হাতীৰ চলাচল নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে বন্দী হাতী (স্থানান্তৰ বা পৰিবহন) নিয়ম, ২০২৪ জাৰি কৰিছে। বন্দী হাতীৰ আন্তঃৰাজ্যিক স্থানান্তৰ পৰীক্ষা কৰাৰ বাবে এটা উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে কাম কৰে। এই সমিতি ২০২৩ চনৰ ৩ মাৰ্চত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ অধীনত গঠন কৰা হৈছিল। একেলগে, এপ্লিকেশ্যন, নিয়ম আৰু সমিতিয়ে স্বচ্ছতা শক্তিশালী কৰে আৰু বন্দী হাতীৰ অবৈধ স্থানান্তৰ ৰোধ কৰে।
শান্তিপূৰ্ণ সহাৱস্থানৰ বাবে সম্প্ৰদায়ক সহায়
সম্প্ৰদায়সমূহ বন্যপ্ৰাণী সুৰক্ষাৰ সমান অংশীদাৰ হ’লে সংৰক্ষণ সফল হয়। চৰকাৰে কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা প্ৰজেক্ট টাইগাৰ আৰু এলিফেণ্ট আৰু বন্যপ্ৰাণী বাসস্থানৰ উন্নয়ন আঁচনিৰ অধীনত এক্স-গ্ৰেচিয়া সহায় প্ৰদান কৰে। সহায়ৰ ভিতৰত মৃত্যু বা স্থায়ীভাৱে অক্ষম হোৱাৰ বাবে ১০ লাখ টকা, গুৰুতৰ আঘাতৰ বাবে ২ লাখ টকা, সামান্য আঘাতৰ বাবে ২৫,০০০ টকালৈকে চিকিৎসা ব্যয় আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ নিয়ম অনুসৰি শস্য আৰু সম্পত্তিৰ ক্ষতিৰ বাবে ক্ষতিপূৰণ অন্তৰ্ভুক্ত আছে।
চৰকাৰে মানৱ-বন্যপ্ৰাণী সংঘাত পৰামৰ্শৰ জৰিয়তে সংঘাত ব্যৱস্থাপনাও অধিক শক্তিশালী কৰিছে। ইয়াত সংঘাতৰ হটস্পট চিনাক্তকৰণ, দ্ৰুত সঁহাৰি দল, ৰাজ্য আৰু জিলা পৰ্যায়ৰ পৰ্যালোচনা সমিতি আৰু অধিক দ্ৰুত ক্ষতিপূৰণৰ পৰামৰ্শ দিয়া হৈছে। ২০২৩ চনত জাৰি কৰা হাতী-নিৰ্দিষ্ট সংঘাত-প্ৰশমন নিৰ্দেশনাই অংশীদাৰসকলৰ মাজত সমন্বয় অধিক উন্নত কৰে। একেলগে, এই ব্যৱস্থাসমূহে হাতী আৰু মানুহ দুয়োকে সুৰক্ষা প্ৰদান কৰি ভাৰতৰ হাতী-বিস্তৃত ভূ-দৃশ্যসমূহত নিৰাপদ আৰু বহনক্ষম সহাৱস্থান শক্তিশালী কৰে।
শ্ৰদ্ধাৰ পৰা দায়িত্বলৈ
হাতীৰ সৈতে ভাৰতৰ সম্পৰ্কই সভ্যতাগত মূল্যবোধ আৰু আধুনিক সংৰক্ষণৰ এক অনন্য সমন্বয় প্ৰতিফলিত কৰে। শতিকাজুৰি শ্ৰদ্ধাৰ পাত্ৰ হৈ অহা হাতীয়ে প্ৰকৃতি সুৰক্ষা আৰু পাৰিৱেশিক ভাৰসাম্য বজাই ৰখাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক অনুপ্ৰাণিত কৰি আহিছে। এই ঐতিহ্য এতিয়া বৈজ্ঞানিক গৱেষণা, প্ৰযুক্তি, শক্তিশালী প্ৰতিষ্ঠান আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ জৰিয়তে অধিক শক্তিশালী হৈছে।
ভাৰত চৰকাৰে হাতী সংৰক্ষণৰ বাবে এক ব্যাপক কাঠামো গঢ়ি তুলিছে। ইয়াৰ প্ৰচেষ্টাসমূহৰ ভিতৰত বাসস্থান সুৰক্ষিত কৰা, হাতী সংৰক্ষণ ক্ষেত্ৰ সম্প্ৰসাৰণ কৰা, কৰিড’ৰ সুৰক্ষিত কৰা, ৰে’লপথৰ সুৰক্ষা উন্নত কৰা আৰু বন্দী হাতীৰ চলাচল নিয়ন্ত্ৰণ কৰা অন্তৰ্ভুক্ত আছে। মানৱ-হাতী সংঘাতত ক্ষতিগ্ৰস্ত সম্প্ৰদায়সমূহক সহায় কৰাটোৱেও মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সহাৱস্থান অধিক শক্তিশালী কৰিছে।
বিকশিত ভাৰতৰ অধীনত ভাৰতে ২০২৬ চনৰ বিশ্ব হস্তী দিৱস পালন কৰাৰ সময়ত হাতী সংৰক্ষণৰ প্ৰতি ইয়াৰ দায়বদ্ধতা অটুট আছে। প্ৰতিটো সুৰক্ষিত বাসস্থান, পুনৰুদ্ধাৰ কৰা কৰিড’ৰ আৰু সম্প্ৰদায়ৰ অংশীদাৰিত্বই এছীয় হাতীৰ ভৱিষ্যৎ অধিক শক্তিশালী কৰে। বিকশিত ভাৰতৰ অধীনত ভাৰতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াৰ প্ৰাকৃতিক ঐতিহ্য আৰু সভ্যতাগত ঐতিহ্য দুয়োটাকে সুৰক্ষিত কৰি আহিছে।
তথ্যসূত্ৰঃ
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়
অন্যান্য
বিশ্ব হস্তী দিৱস
*****
পিআইবি গৱেষণা
RR
(Explainer ID: 159535)
आगंतुक पटल : 17
Provide suggestions / comments