• Sitemap
  • Advance Search
Energy & Environment

সমুদ্ৰ মন্থন – ৰাষ্ট্ৰীয় অফশ্ব'ৰ অন্বেষণ যোজনা

শক্তিৰ বাবে সাগৰ মন্থন

Posted On: 03 AUG 2026 6:02PM

 সমুদ্ৰ মন্থন হৈছে শক্তি সুৰক্ষা আৰু আত্মনিৰ্ভৰতাৰ দিশত ভাৰতৰ যাত্ৰাৰ এক নিৰ্ণায়ক পদক্ষেপ। ২০৩০–৩১ বিত্তীয় বৰ্ষলৈকে প্ৰথম পৰ্যায়ত ৮৪,০৮৪ কোটি টকাৰ ব্যয়ব্যৱস্থাৰে এই আঁচনিখন ভাৰতৰ বিশাল অফশ্ব'ৰ (উপকূলৰ পৰা দূৰত, সাগৰৰ ভিতৰত অৱস্থিত) হাইড্ৰ'কাৰ্বন সম্ভাৱনাক উন্মোচন কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে। ইয়াৰ মূল গুৰুত্ব হৈছে অনুসন্ধান ত্বৰান্বিত কৰা, আধুনিক প্ৰযুক্তিৰ প্ৰয়োগ, অংশীদাৰী আন্তঃগাঁথনি সৃষ্টি কৰা আৰু ঘৰুৱা উৎপাদন শক্তিশালী কৰা। ইয়াৰ লক্ষ্য হৈছে ৬০০ MMTOE (Million Metric Tonnes of Oil Equivalent)-তকৈ অধিক হাইড্ৰ'কাৰ্বন ভঁৰাল সংযোজন কৰা, ঘৰুৱা উৎপাদন বৃদ্ধি কৰা, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু বিশ্বমানৰ প্ৰতিযোগিতামূলক অফশ্ব'ৰ শক্তি পৰিৱেশ গঢ়ি তোলা।

অফশ্ব' অনুসন্ধানৰ এক নতুন অধ্যায়

শক্তিয়ে আধুনিক জীৱনৰ প্ৰতিটো দিশক চালিত কৰে। ই ঘৰ, কৃষি, উদ্যোগ, পৰিবহণ আৰু সামগ্ৰিক অৰ্থনীতিক শক্তি যোগায়। ভাৰতৰ দ্ৰুত বিকাশ অব্যাহত থকাৰ লগে লগে নিৰ্ভৰযোগ্য, সুলভ আৰু সুৰক্ষিত শক্তি যোগান নিশ্চিত কৰাটো এক ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰত পৰিণত হৈছে। দেশখনৰ শক্তিৰ চাহিদা নিৰন্তৰ বৃদ্ধি পাই থকাৰ সময়তে, দেশৰ খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ প্ৰয়োজনীয়তাৰ এক উল্লেখযোগ্য অংশ আমদানিৰ জৰিয়তে পূৰণ কৰা হয়। সেয়েহে শক্তি সুৰক্ষা শক্তিশালী কৰা, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু মূল্যৱান বৈদেশিক মুদ্ৰা সংৰক্ষণৰ বাবে ঘৰুৱা উৎপাদন বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়।

দেশখনৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি সম্পদ হৈছে হাইড্ৰ'কাৰ্বন—হাইড্ৰ'জেন আৰু কাৰ্বনেৰে গঠিত জৈৱ যৌগ। এইবোৰ ভূমিৰ তলত আৰু সাগৰৰ তলদেশৰ গভীৰতাত অৱস্থিত। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ হৈছে সৰ্বাধিক ব্যৱহৃত হাইড্ৰ'কাৰ্বন। এইবোৰৰ পৰা পেট্ৰ'ল, ডিজেল, এলপিজি, পেট্ৰ'কেমিকেল, সাৰ আৰু অসংখ্য ঔদ্যোগিক সামগ্ৰী উৎপাদনৰ বাবে কেঁচামাল লাভ কৰা হয়।

ভাৰতৰ অফশ্ব'ৰ অৱবাহিকাসমূহত বিশাল পৰিমাণৰ এতিয়াও অনাৱিষ্কৃত হাইড্ৰ'কাৰ্বনৰ সম্ভাৱনা আছে। অৱবাহিকা হৈছে পৃথিৱীৰ এনে এক বৃহৎ প্ৰাকৃতিক অৱনমিত অঞ্চল, য'ত হাইড্ৰ'কাৰ্বন সঞ্চিত হয়। এই সম্পদসমূহ অন্বেষণ কৰিবলৈ আধুনিক অনুসন্ধান, নিৰ্ভৰযোগ্য ভূতাত্ত্বিক তথ্য, উন্নত ড্ৰিলিং সক্ষমতা আৰু এক শক্তিশালী ঘৰুৱা যোগান শৃংখলৰ প্ৰয়োজন। এই প্ৰচেষ্টা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ৩১ জুলাই, ২০২৬ তাৰিখে সমুদ্ৰ মন্থন – ৰাষ্ট্ৰীয় অফশ্ব’ৰ অন্বেষণ যোজনা অনুমোদন কৰা হয়। ২০৩০–৩১ বিত্তীয় বৰ্ষলৈকে প্ৰথম পৰ্যায়ত ৮৪,০৮৪ কোটি টকাৰ ব্যয়ব্যৱস্থাৰে এই আঁচনিখনে হাইড্ৰ'কাৰ্বন অনুসন্ধান আৰু উৎপাদন খণ্ডক অধিক গতি প্ৰদান কৰাৰ লক্ষ্য লৈছে।

ভাৰতৰ বাবে সাগৰ কিয় মূল চাবিকাঠি

ভাৰত হৈছে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ খাৰুৱা তেল ব্যৱহাৰকাৰী দেশ। দেশখনৰ বাৰ্ষিক খাৰুৱা তেল আমদানিৰ ব্যয় প্ৰায় ১৪৪ বিলিয়ন মাৰ্কিন ডলাৰ, অৰ্থাৎ প্ৰায় ১৩ লাখ কোটি টকা। শেহতীয়া বৈশ্বিক ঘটনাসমূহে দেখুৱাইছে যে নিৰবচ্ছিন্ন শক্তি প্ৰাপ্তি কিমান গুৰুত্বপূৰ্ণ। সেয়েহে দ্ৰুতগতিত বিকাশশীল অৰ্থনীতিৰ বাবে ঘৰুৱা উৎপাদন বৃদ্ধি কৰাটো অতি জৰুৰী।

অফশ্ব' সুযোগ

ভাৰতৰ ভৱিষ্যতৰ তেল আৰু গেছৰ সম্ভাৱনাৰ বৃহৎ অংশ অফশ্ব'ৰত অৱস্থিত। গভীৰ জল আৰু অতি গভীৰ জল  অৱবাহিকাসমূহ হৈছে সাগৰৰ এনে অঞ্চল, য'ত পানীৰ গভীৰতা অতি অধিক। ভাৰতৰ পূব আৰু পশ্চিম উপকূলীয় অফশ্ব'ৰ অৱবাহিকাসমূহৰ পানীৰ গভীৰতা ৩,০০০ মিটাৰ পৰ্যন্ত বিস্তৃত। অনুমান কৰা হৈছে যে এই অঞ্চলসমূহত ৫,৬০০ MMTOE (Million Metric Tonnes of Oil Equivalent)-তকৈ অধিক হাইড্ৰ'কাৰ্বনৰ সম্ভাৱনা আছে। কাবেৰী, মহানদী আৰু আন্দামান অৱবাহিকাত শেহতীয়াকৈ হোৱা আৱিষ্কাৰসমূহে এই সম্ভাৱনাক অধিক শক্তিশালী কৰিছে।

গভীৰ জলত অনুসন্ধানৰ প্ৰত্যাহ্বান

অনুসন্ধান এক ব্যয়বহুল আৰু ধৈৰ্যৰ প্ৰয়োজন হোৱা কাৰ্যকলাপ। অনুসন্ধান ব্লক আৱণ্টনৰ পৰা আৰম্ভ কৰি বাণিজ্যিক উৎপাদনলৈ আগবাঢ়িবলৈ সাধাৰণতে ৫–১০ বছৰ সময় লাগে। গভীৰ জলত এটা অন্বেষণমূলক কুঁৱা খননৰ ব্যয় প্ৰায় ১২৫–১৫০ মিলিয়ন মাৰ্কিন ডলাৰ। এনে উচ্চ ব্যয়ে অফশ্ব'ৰ অনুসন্ধানত বিনিয়োগ কৰিবলৈ বহুক্ষেত্ৰত অনীহা সৃষ্টি কৰিব পাৰে।

নিৰন্তৰ অনুসন্ধান প্ৰয়োজন হোৱাৰ আন এটা গুৰুত্বপূৰ্ণ কাৰণো আছে। বৰ্তমানৰ তেল আৰু গেছ ক্ষেত্ৰসমূহত প্ৰতি বছৰে স্বাভাৱিকভাৱে প্ৰায় ৬–৭ শতাংশ উৎপাদন হ্ৰাস পায়। সেয়েহে বৰ্তমানৰ উৎপাদন স্তৰ অক্ষুণ্ণ ৰাখিবলৈও নতুন আৱিষ্কাৰৰ প্ৰয়োজন হয়। সেইবাবে, অবিৰত অনুসন্ধান হৈছে শক্তি ক্ষেত্ৰত দীৰ্ঘম্যাদী আত্মনিৰ্ভৰতাৰ দিশত এক নিশ্চিত পথ।

সমুদ্ৰ মন্থন অভিযানৰ ভিতৰৰ কাহিনী

সমুদ্ৰ মন্থন নীতি-সংস্কাৰৰ পৰা অভিযানভিত্তিক ৰূপায়ণলৈ হোৱা পৰিৱৰ্তনৰ প্ৰতীক। এই আঁচনিখনে সীমান্তৱৰ্তী সাগৰীয় অঞ্চলসমূহত স্থায়ী বিনিয়োগ আকৰ্ষণ কৰিবলৈ বিপদ-ভাগ-বতৰা পদ্ধতি গ্ৰহণ কৰিছে। ইয়াৰ লক্ষ্য হৈছে অফশ্ব'ৰ প্ৰকল্পসমূহৰ বিপদ হ্ৰাস কৰি ব্যক্তিগত মূলধনী বিনিয়োগ উৎসাহিত কৰা আৰু মূল্য শৃংখলৰ প্ৰতিটো স্তৰত স্থায়ী ৰাষ্ট্ৰীয় সক্ষমতা গঢ়ি তোলা। এইদৰে, ই এক দশকৰ নীতি-সংস্কাৰক সাগৰত বাস্তৱ কাৰ্যত ৰূপান্তৰিত কৰিছে।

সমুদ্ৰ মন্থনৰ উপাদানসমূহ

অফশ্ব'ৰ অনুসন্ধান নিৰ্ভৰ কৰে নিৰ্ভৰযোগ্য তথ্য, উন্নত প্ৰযুক্তি, আধুনিক আন্তঃগাঁথনি আৰু এক শক্তিশালী যোগান শৃংখলৰ ওপৰত। সমুদ্ৰ মন্থন-এ এই সকলো উপাদানক একেলগে সংযুক্ত কৰিছে চাৰিটা মুখ্য উপাদানৰ জৰিয়তে।

১. ভূকম্পীয় তথ্য আহৰণ, প্ৰক্ৰিয়াকৰণ আৰু ব্যাখ্যা

সীমিত অফশ্ব'ৰ ভূকম্পীয় তথ্যই ড্ৰিলিঙৰ বাবে উপযোগী তেল আৰু গেছৰ সম্ভাৱনাময় স্থানসমূহ চিনাক্ত কৰাত বাধাৰ সৃষ্টি কৰিছিল। এই আঁচনিখনৰ অধীনত ২৮,৫৩৪ কোটি টকাৰ ব্যয়ৰে বৃহৎ পৰিসৰৰ ২-ডি (২D) আৰু ৩-ডি (৩D) ভূকম্পীয় জৰীপ চলোৱা হ'ব। উন্নত প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI)-ৰ সহায়ত তথ্য প্ৰক্ৰিয়াকৰণ আৰু বিশ্লেষণ অধিক দ্ৰুত কৰা হ'ব। লগতে, ৰাষ্ট্ৰীয় তথ্য ভঁৰাল (National Data Repository - NDR)-ত সংৰক্ষিত পুৰণি তথ্যসমূহো আধুনিক সঁজুলিৰ সহায়ত পুনৰ প্ৰক্ৰিয়াকৰণ কৰা হ'ব।

২. ত্বৰান্বিত অফশ্ব'ৰ অনুসন্ধান

উচ্চ ব্যয় আৰু দীঘলীয়া সময়সীমাই গভীৰ জলত ড্ৰিলিং এক বিপদজনক বিনিয়োগত পৰিণত কৰে। এই বিপদৰ ভাগ-বতৰা কৰাৰ উদ্দেশ্যে আঁচনিখনে ৪৩,২০০ কোটি টকা আৱণ্টন কৰিছে, যাৰ জৰিয়তে ৬০টা গভীৰ জল আৰু অতি গভীৰ জলৰ কুঁৱা খনন কৰা হ'ব। আৰ্থিক সহায় যোগান ধৰা হ'ব যোগ্য ড্ৰিলিং ব্যয়ৰ সৰ্বাধিক ৫০ শতাংশ, অথবা প্ৰতি কুঁৱাত ৬৭৫ কোটি টকা, যিটো কম হ'ব। এই আঁচনি চৰকাৰী আৰু ব্যক্তিগত দুয়ো ধৰণৰ অনুসন্ধান আৰু উৎপাদন (Exploration and Production – E&P) অপাৰেটৰৰ বাবে মুকলি থাকিব, যাতে তেল আৰু গেছৰ ভঁৰাল বৃদ্ধি পায়। ইয়াৰ ফলত ভঁৰাল বৃদ্ধি ত্বৰান্বিত হ'ব আৰু ভাৰতৰ গভীৰ জলৰ সম্ভাৱনা উন্মোচিত হ'ব।

৩. সাধাৰণ অফশ্ব'ৰ আন্তঃগাঁথনি

উচ্চ ব্যয়ৰ আন্তঃগাঁথনিৰ অভাৱৰ বাবে, বিশেষকৈ মহানদী আৰু কচ্ছ অৱবাহিকাত বহু অফশ্ব'ৰ আৱিষ্কাৰ এতিয়াও উৎপাদনত আহিব পৰা নাই। এই আঁচনিখনে নিৰ্বাচিত অৱবাহিকাসমূহত অংশীদাৰী উৎপাদন আৰু স্থানান্তৰণ সুবিধা গঢ়ি তোলাৰ বাবে ১০,০০০ কোটি টকা প্ৰদান কৰিছে। এই সাধাৰণ আন্তঃগাঁথনিয়ে প্ৰকল্পৰ ব্যয় হ্ৰাস কৰিব আৰু অব্যৱহৃত আৱিষ্কাৰসমূহক উৎপাদনক্ষম ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিব।

৪. তেল আৰু গেছ উৎপাদন আৰু সেৱা অঞ্চল

দেশীয় উৎপাদন কম হোৱাৰ ফলত অনুসন্ধানৰ ব্যয় বৃদ্ধি পায়, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা বাঢ়ে আৰু বৈদেশিক মুদ্ৰাৰ বহিঃপ্ৰবাহ বৃদ্ধি পায়। এই কথা লক্ষ্য কৰি ২,০০০ কোটি টকাৰ ব্যয়ৰে এক সমন্বিত তেল আৰু গেছ উৎপাদন আৰু সেৱা অঞ্চল স্থাপন কৰা হ'ব। ইয়াৰ জৰিয়তে উৎপাদন, মেৰামতি, গুদামজাতকৰণ, অভিযান্ত্ৰিক সেৱা আৰু অন্যান্য সেৱাৰ ক্ষেত্ৰত দেশীয় সক্ষমতা গঢ়ি তোলা হ'ব। ইয়াৰ দ্বাৰা সমগ্ৰ যোগান শৃংখলজুৰি মেক ইন ইণ্ডিয়া অভিযানক প্ৰত্যক্ষভাৱে শক্তিশালী কৰা হ'ব। তদুপৰি, ৩৫০ কোটি টকা নিৰীক্ষণ, ডিজিটেল হস্তক্ষেপ, মূল্যায়ন, মানৱ সম্পদ, সজাগতা আৰু জনসংযোগ, অনুষ্ঠান আৰু সংবাদ মাধ্যম-সংক্ৰান্ত কাৰ্যকলাপৰ বাবে আৱণ্টন কৰা হৈছে।

উপাদানভিত্তিক আৱণ্টন

ক্ৰমিক নং

উপাদান

পৰিমাণ

(কোটি টকা)

অফশ্ব’ৰ তথ্য আহৰণ

২৮,৫৩৪

১ক

অৱবাহিকাৰ সামগ্ৰিক আৱৰণৰ বাবে ২D ভূকম্পীয় তথ্য আহৰণ

১২,০০০

১খ

৩D ভূকম্পীয় তথ্য আহৰণ (আৰু অন্যান্য প্ৰযুক্তি)

১২,৫৩৪

১গ

ৰাষ্ট্ৰীয় তথ্য ভঁৰাল (NDR)-ৰ তথ্য পুনঃপ্ৰক্ৰিয়াকৰণ আৰু কৃত্ৰিম বুদ্ধিমত্তা (AI) সঁজুলিৰ প্ৰয়োগ

৪,০০০

অফশ্ব'ৰ অনুসন্ধান আৰু আন্তঃগাঁথনি-নেতৃত্বাধীন উৎপাদন

৫৫,২০০

২ক

অফশ্ব'ৰ অনুসন্ধান ত্বৰান্বিতকৰণ

৪৩,২০০ টকা

২খ

আন্তঃগাঁথনি-নেতৃত্বাধীন গভীৰ জল উৎপাদন আৰু অনুসন্ধান

১০ হাজাৰ টকা

২গ

তেল আৰু গেছ উৎপাদন আৰু সেৱা অঞ্চলৰ বিকাশ

২০০০ টকা

নিৰীক্ষণ আৰু সহায়ক কাৰ্যকলাপ

৩৫০

মুঠ

৮৪,০৮৪

এক সমন্বিত সক্ষমতা-সমৰ্থক পৰিৱেশ

কেৱল পুঁজিৰ যোগান দিয়াতেই এই আঁচনিখন সীমাবদ্ধ নহয়; ই সমগ্ৰ মূল্য শৃংখলৰ বাবে এক সহায়ক পৰিৱেশো সৃষ্টি কৰে। ইয়াৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, যিবোৰৰ ভিতৰত আছে—

  • স্বচ্ছ আৰু কাৰ্যকৰী ৰূপায়ণৰ বাবে ডিজিটেল কাৰ্যসূচী পৰিচালনা।
  • খণ্ডটোৰ পেছাদাৰী ব্যক্তিসকলৰ বাবে ক্ষমতা বিকাশ।
  • অত্যাধুনিক প্ৰযুক্তিৰ গ্ৰহণ।
  • অংশীদাৰসকলৰ সৈতে ধাৰাবাহিক সম্পৃক্ততা।
  • বৈশ্বিক অংশীদাৰ আকৰ্ষণৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় প্ৰচাৰ।

সমুদ্ৰ মন্থনে কি প্ৰদান কৰিব

এই আঁচনিখন অৰ্থনীতি আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে মূল্য সৃষ্টি কৰাৰ লক্ষ্যৰে প্ৰস্তুত কৰা হৈছে। অনুসন্ধানৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি, ইয়াৰ পৰা তলত উল্লেখ কৰা বিস্তৃত লাভসমূহ আশা কৰা হৈছে—

  • বৃহত্তৰ ভঁৰাল: ৬০০ MMTOE-তকৈ অধিক হাইড্ৰ'কাৰ্বন ভঁৰাল বৃদ্ধি পাব। ইয়াৰ ফলত সম্পদৰ আধাৰ ১.৬ বিলিয়ন টন তেল সমতুল্যৰ পৰা ২.২ বিলিয়ন টন তেল সমতুল্যলৈ বৃদ্ধি পাব।
  • অধিক উৎপাদন: বাৰ্ষিক ঘৰুৱা উৎপাদন প্ৰায় ৬২ MMTOE-ৰ পৰা ৮০ MMTOE-লৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। ইয়াৰ ফলত ১০–১৫ MMTOE অতিৰিক্ত উৎপাদন আশা কৰা হৈছে, যাৰ সৰ্বোচ্চ সম্ভাৱনা ২০ MMTOE।
  • আমদানিৰ ব্যয় হ্ৰাস: অতিৰিক্ত উৎপাদনৰ ফলত প্ৰতিবছৰে খাৰুৱা তেল আমদানিৰ ব্যয় প্ৰায় ১ লাখ কোটি টকা পৰ্যন্ত হ্ৰাস পাব পাৰে, যাৰ ফলত উল্লেখযোগ্য পৰিমাণৰ বৈদেশিক মুদ্ৰা সঞ্চয় হ'ব।
  • বিনিয়োগ আৰু অৰ্থনৈতিক বিকাশ: এই আঁচনিখনে সমগ্ৰ মূল্য শৃংখলত বিনিয়োগ উৎসাহিত কৰিব আৰু মুঠ ঘৰুৱা উৎপাদন (GDP)-ৰ শক্তিশালী বৃদ্ধিত অৰিহণা যোগাব।
  • কৰ্মসংস্থাপন: অনুসন্ধান, উৎপাদন আৰু ইয়াৰ সৈতে জড়িত আনুষংগিক কাৰ্যকলাপত বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ'ব।
  • স্বদেশী শক্তি: মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত দেশীয় উৎপাদন অধিক শক্তিশালী হ'ব। ইয়াৰ ফলত অফশ্ব'ৰ প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বমানৰ প্ৰতিযোগিতামূলক এক পৰিৱেশ গঢ়ি উঠিব।

এই সকলো ফলাফলে একেলগে দেশৰ শক্তি স্থিতিস্থাপকতা অধিক শক্তিশালী কৰিব। একে সময়তে, প্ৰযুক্তিগত নেতৃত্ব, উদ্যোগৰ বিকাশ আৰু উদ্ভাৱনৰ বাবে দীৰ্ঘম্যাদী সুযোগো সৃষ্টি কৰিব।

এক ধাৰাবাহিক সংস্কাৰ

শেহতীয়া বছৰসমূহত ভাৰতে নিজৰ হাইড্ৰ'কাৰ্বন অনুসন্ধান আৰু উৎপাদন পৰিৱেশত ধাৰাবাহিকভাৱে পুনৰ গঠন সাধন কৰিছে। একাধিক গাঁথনিগত সংস্কাৰৰ জৰিয়তে এই খণ্ডটোক অধিক উন্মুক্ত, স্বচ্ছ আৰু বিনিয়োগকাৰী-অনুকূল কৰি তোলা হৈছে।

  • অফশ্ব'ৰ ক্ষেত্ৰসমূহ মুকলি কৰা: পূৰ্বৰ “ন'-গ’ (No-Go)” এলেকাসমূহৰ ৯৯ শতাংশতকৈ অধিক অংশৰ নিষেধাজ্ঞা আঁতৰোৱা হৈছে। বৰ্তমান ভাৰতৰ একচেটিয়া অৰ্থনৈতিক অঞ্চল (Exclusive Economic Zone – EEZ)-ৰ ১০ লাখ বৰ্গ কিলোমিটাৰতকৈ অধিক সাগৰীয় এলেকা অনুসন্ধানৰ বাবে মুকলি কৰা হৈছে। এই অঞ্চল হৈছে সাগৰৰ সেই অংশ, য'ত প্ৰাকৃতিক সম্পদৰ ওপৰত ভাৰতৰ অধিকাৰ আছে।
  • নতুন অনুজ্ঞাপত্ৰ ব্যৱস্থা: হাইড্ৰ'কাৰ্বন এক্সপ্ল'ৰেচন এণ্ড লাইচেঞ্চিং নীতি (Hydrocarbon Exploration and Licensing Policy – HELP) ২০১৬ চনত আৰম্ভ কৰা হৈছিল। ইয়াৰ অধীনত মুকলি ক্ষেত্ৰ অনুজ্ঞাপত্ৰ কাৰ্যসূচী (Open Acreage Licensing Programme – OALP) আৰম্ভ কৰা হয়, যিয়ে পূৰ্বৰ মনোনয়ন-ভিত্তিক ব্যৱস্থাক প্ৰতিস্থাপন কৰে। HELP-এ কম হাৰৰ লেভি (Levies), একে ধৰণৰ অনুজ্ঞাপত্ৰ, ৰাজহ ভাগ-বতৰা আৰু হাইড্ৰ'কাৰ্বন অনুসন্ধান আৰু আগতীয়া উৎপাদন উৎসাহিত কৰিবলৈ বিভিন্ন প্ৰোৎসাহন প্ৰদান কৰে।
  • সৰল চুক্তি: ২০১৬ চনত ভাৰতে উৎপাদন ভাগ-বতৰা চুক্তি (Production Sharing Contract – PSC)-ৰ পৰিবৰ্তে ৰাজহ ভাগ-বতৰা চুক্তি (Revenue Sharing Contract – RSC) গ্ৰহণ কৰে। PSC ব্যৱস্থাত ব্যয় উদ্ধাৰৰ পিছত লাভ চৰকাৰ আৰু ঠিকাদাৰৰ মাজত ভাগ কৰা হৈছিল। RSC ব্যৱস্থাত ঠিকাদাৰে সকলো অনুসন্ধানজনিত বিপদ, উৎপাদন আৰু উন্নয়নৰ ব্যয় নিজে বহন কৰে আৰু ইয়াৰ বিনিময়ত চুক্তি অনুসৰি ৰাজহৰ অংশ লাভ কৰে। ফলস্বৰূপে, এই বিত্তীয় কাঠামো অধিক সৰল, স্বচ্ছ আৰু কম প্ৰশাসনিক হস্তক্ষেপযুক্ত হৈ পৰে।
  • আধুনিক আইন: তেলক্ষেত্ৰ (নিয়ন্ত্ৰণ আৰু উন্নয়ন) সংশোধনী আইন, ২০২৫-এ (Oilfields Regulation and Development Amendment Act, 2025) চুক্তিগত স্থিৰতা আৰু অধিক শক্তিশালী বিবাদ নিষ্পত্তি ব্যৱস্থা নিশ্চিত কৰিছে। এই আইনে সমন্বিত পেট্ৰ'লিয়াম কাৰ্যকলাপক স্বীকৃতি প্ৰদান কৰাৰ লগতে এক আধুনিক নিয়ন্ত্ৰণমূলক কাঠামো গঢ়ি তুলিছে।
  • সক্ষম নিয়মাৱলী: পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ নিয়মাৱলী, ২০২৫-এ (Petroleum and Natural Gas Rules, 2025) এই সংস্কাৰসমূহ বাস্তৱায়িত কৰিছে। এই নিয়মাৱলীয়ে ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰাৰ লগতে পেট্ৰ'লিয়াম লীজৰ প্ৰশাসন অধিক সৰল আৰু কাৰ্যকৰী কৰি তুলিছে।
  • সমান সুযোগ: ক্ষমতাপ্ৰাপ্ত সচিব সমিতিৰ গঠন আৰু দায়িত্ব সকলো ধৰণৰ চুক্তি ব্যৱস্থাৰ ক্ষেত্ৰত একে ধৰণে মান্য কৰা হৈছে। ইয়াৰ ফলত, যিকোনো সময়ত চুক্তি স্বাক্ষৰ কৰা হওক বা নহওক, প্ৰতিজন অপাৰেটৰে একে ধৰণৰ ব্যৱহাৰ লাভ কৰে।
  • অধিক কেন্দ্ৰীভূত গুৰুত্ব: তেল আৰু প্ৰাকৃতিক গেছ নিগম (Oil and Natural Gas Corporation - ONGC) আৰু অইল ইণ্ডিয়া (OIL India)-ৰ কাৰ্যসম্পাদনৰ মানদণ্ড পুনৰ অনুসন্ধানমুখী কৰা হৈছে। ইয়াৰ দ্বাৰা দেশীয় সম্পদৰ আধাৰ সম্প্ৰসাৰণৰ প্ৰতি ৰাষ্ট্ৰৰ অংগীকাৰ অধিক সুদৃঢ় হৈছে।

ভাল অনুসন্ধানৰ আৰম্ভণি হয় ভাল তথ্যৰ পৰা। ভূকম্পীয় জৰীপ-ত সাগৰৰ তলদেশৰ শিলাস্তৰৰ গঠন মানচিত্ৰায়ণ কৰিবলৈ পৃথিৱীৰ গভীৰলৈ শব্দ-তৰংগ প্ৰেৰণ কৰা হয়। ভাৰতে একাধিক ৰাষ্ট্ৰীয় পদক্ষেপৰ জৰিয়তে এনে ভূ-বৈজ্ঞানিক তথ্য সংগ্ৰহত ধাৰাবাহিকভাৱে বিনিয়োগ কৰি আহিছে। এই পদক্ষেপসমূহৰ ভিতৰত আছে—

- মিছন অন্বেষণ

- ৰাষ্ট্ৰীয় ভূকম্পীয় কাৰ্যসূচী

- সম্প্ৰসাৰিত মহীসোপান জৰীপ

- ৰাষ্ট্ৰীয় তথ্য ভঁৰাল

- হাইড্ৰ'কাৰ্বন সম্পদ মূল্যায়ন অধ্যয়ন

এই সকলো উদ্যোগে একেলগে বিশ্বৰ অন্যতম বিস্তৃত ভূ-বৈজ্ঞানিক তথ্যভঁৰাল গঢ়ি তুলিছে।

এই সংস্কাৰসমূহে বিনিয়োগকাৰীৰ আস্থা স্পষ্টভাৱে বৃদ্ধি কৰিছে। বৰ্তমান সক্ৰিয় অনুসন্ধান এলেকাৰ প্ৰায় ৮১ শতাংশ ২০১৪ চনৰ পিছত আৱণ্টন কৰা হৈছে। OALP-ৰ অধীনত প্ৰায় ৩.৮ লাখ বৰ্গ কিলোমিটাৰ এলেকা সামৰি ১৭২টা ব্লক আৱণ্টন কৰা হৈছে। এই ব্লকসমূহত প্ৰতিশ্ৰুতিবদ্ধ বিনিয়োগৰ পৰিমাণ ৪.৩ বিলিয়ন মাৰ্কিন ডলাৰ-তকৈ অধিক।

ক্ষেত্ৰ পৰ্যায়তো কাৰ্যকলাপে যথেষ্ট গতি লাভ কৰিছে। কেৱল ২০২৫–২৬ বিত্তীয় বৰ্ষত প্ৰায় ৬৭৪টা কুঁৱা খনন কৰা হৈছে। এই সময়ছোৱাত ৫টা নতুন আৱিষ্কাৰ কৰা হৈছে আৰু ৭টা আৱিষ্কাৰ বাণিজ্যিকভাৱে উৎপাদনৰ বাবে ব্যৱহাৰযোগ্য কৰা হৈছে।

 

মহানদী অৱবাহিকাত এক নতুন অধ্যায়ৰ আৰম্ভণি

২৫ জুলাই, ২০২৬ তাৰিখে ভাৰতৰ হাইড্ৰ'কাৰ্বন অনুসন্ধান সংস্কাৰৰ যাত্ৰাই এক গৌৰৱময় মুহূৰ্তত উপনীত হয়। মহানদী অফশ্ব'ৰ অৱবাহিকাত প্ৰথম মূল্যায়নমূলক কুঁৱাৰ খনন কাৰ্য আৰম্ভ হয়। মূল্যায়নমূলক কুঁৱা হৈছে এনে এটা কুঁৱা, যি হাইড্ৰ'কাৰ্বন আৱিষ্কাৰৰ গুণগত মান আৰু বাণিজ্যিক সম্ভাৱনা অধিক বিস্তৃতভাৱে মূল্যায়ন কৰিবলৈ খনন কৰা হয়।

এই কাৰ্যসূচীত বিশ্বমানৰ গভীৰ জল ড্ৰিলিং প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। MN-DWN18-1-HD কুঁৱাটো পৰিকল্পিত চাৰিটা গভীৰ জলৰ কুঁৱাৰ ভিতৰত প্ৰথমটো। এই কুঁৱাসমূহে ভাৰতৰ আটাইতকৈ সম্ভাৱনাময় অফশ্ব'ৰ অৱবাহিকাসমূহৰ এটাক পৰ্যায়ক্ৰমে আৰু বৈজ্ঞানিকভাৱে মূল্যায়ন কৰিব।

স্পাডিং অৰ্থাৎ নতুন কুঁৱা খননৰ আনুষ্ঠানিক আৰম্ভণিয়ে ভাৰতৰ আটাইতকৈ প্ৰত্যাহ্বানমূলক গভীৰ জল অনুসন্ধান অভিযানসমূহৰ এটাৰ শুভাৰম্ভক সূচায়। মূল্যায়ন কৰা প্ৰতিটো সম্ভাৱনাময় ক্ষেত্ৰ আৰু খনন কৰা প্ৰতিটো কুঁৱাই দেশক শক্তি ক্ষেত্ৰত আত্মনিৰ্ভৰতাৰ অধিক ওচৰলৈ লৈ যাব

এক সুৰক্ষিত শক্তি ভৱিষ্যতৰ দিশে

ভাৰত আজি এক আশাব্যঞ্জক শক্তি যুগৰ দুৱাৰমুখত থিয় দিছে। দেশৰ শক্তিৰ ভৱিষ্যৎ কেৱল এটা আৱিষ্কাৰৰ ওপৰত নিৰ্ভৰশীল নহয়। ই গঢ় লৈ উঠিছে ধাৰাবাহিক সংস্কাৰ, বিজ্ঞান আৰু হাজাৰ হাজাৰ ভূতত্ত্ববিদ, অভিযন্তা আৰু অফশ্ব'ৰ বিশেষজ্ঞৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ভিত্তিত।

সমুদ্ৰ মন্থন-এ তথ্য, বিপদ-ভাগ-বতৰা, অংশীদাৰী আন্তঃগাঁথনি আৰু স্বদেশীয় সক্ষমতাক একেটা অভিযানৰ অধীনত একত্ৰিত কৰিছে। সাগৰ মন্থনৰ এই নতুন যাত্ৰা এখন উদীয়মান ৰাষ্ট্ৰৰ আকাংক্ষা কঢ়িয়াই লৈ গৈছে। সাগৰৰ গভীৰতালৈ আগবঢ়োৱা প্ৰতিটো পদক্ষেপে দেশক অধিক সুৰক্ষিত, শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভৱিষ্যতৰ দিশে আগুৱাই লৈ যাব।

 তথ্যসূত্ৰসমূহ

পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়:

 

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2292841&reg=48&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2292841&reg=48&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2289301&reg=48&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2202520&reg=3&lang=1

https://x.com/PetroleumMin/status/2083261752230154401

https://x.com/HardeepSPuri/status/2083145561335570846

https://x.com/HardeepSPuri/status/2080925544833855843

 

pdf চাবলৈ ইয়াত ক্লিক কৰক 

****

পিআইবি গৱেষণা 

(Explainer ID: 159443) आगंतुक पटल : 12
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Kannada , Malayalam