• Sitemap
  • Advance Search
Social Welfare

এখন ক্ৰীড়া প্ৰধান ৰাষ্ট্ৰ গঠন

খেলো ইণ্ডিয়া আৰু আন্তঃৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ পথ

Posted On: 03 AUG 2026 5:10PM

কেন্দ্ৰীয় মন্ত্ৰীসভাই সংশোধিত খেলো ইণ্ডিয়া আঁচনি অনুমোদন কৰাটো ভাৰতৰ ক্ৰীড়া যাত্ৰাত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই আঁচনিত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহলৈ বৰ্ধিত সাহাৰ্য অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ বাবে ২০২৬–২৭ৰ পৰা ২০৩০–৩১লৈকে মুঠ ৩৬,৪৪১ কোটি টকাৰ ব্যয় নিৰ্ধাৰণ কৰা হৈছে। অধিক শক্তিশালী প্ৰতিভা চিনাক্তকৰণ, বিস্তৃত সুযোগ-সুবিধা আৰু খেলুৱৈসকলক নিৰন্তৰ সহায় আগবঢ়োৱাৰ জৰিয়তে, এই কাৰ্যসূচীয়ে তৃণমূল পৰ্যায়ৰ অংশগ্ৰহণৰ পৰা বিশ্বমঞ্চত পদক জয় কৰাৰ দিশে এক সুস্পষ্ট পথ গঢ়ি তোলাৰ লক্ষ্য লৈছে। অন্যান্য পদক্ষেপসমূহৰ সৈতে মিলি এই উদ্যোগে প্ৰতিভাসমূহক লালন-পালন কৰি আগন্তুক দিনৰ চেম্পিয়নসকলক গঢ়ি তুলিবলৈ কাম কৰি আছে।

ক্ৰীড়া প্ৰধান ভাৰতৰ উদ্যম

ক্ৰীড়াই এটা জাতিক ৰূপান্তৰিত কৰাৰ অপৰিসীম শক্তি কঢ়িয়াই লৈ ফুৰে, ব্যক্তিক গঢ় দিয়ে আৰু দেশক বিশ্বৰ মঞ্চলৈ উন্নীত কৰে। ই নাগৰিকৰ চৰিত্ৰ আৰু আত্মবিশ্বাস গঢ়ি তোলে, একে সময়তে এটা জাতিৰ ক্ৰীড়া মহাশক্তি হিচাপে আগমনৰ কথা ঘোষণা কৰে। খেলপথাৰত বিজয়ে অপৰিসীম জাতীয় গৌৰৱ কঢ়িয়াই আনে, জাতি, ধৰ্ম আৰু ধৰ্মৰ বাহিৰত মানুহক একত্ৰিত কৰে। এই ভাগ-বতৰা কৰা গৌৰৱেই এখন সুখী, সুস্থ আৰু অধিক সংহত সমাজ গঢ়ি তোলাত সহায় কৰে।

ভাৰতৰ যুৱক-যুৱতী সকলেই হৈছে সৰ্ববৃহৎ ক্ৰীড়া সম্পদ। দেশখনৰ প্ৰায় ৬৫ ​​শতাংশ জনসংখ্যা হৈছে ৩৫-বছৰ-অনূৰ্ধ। এনে অসীম সম্ভাৱনাক স্বীকৃতি জনাই যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে সমগ্ৰ দেশতে যুৱ বিকাশক শক্তিশালী কৰাৰ লগতে ক্ৰীড়া উৎকৰ্ষতাক প্ৰসাৰিত কৰি আহিছে। ২০২৬–২৭ ৰ কেন্দ্ৰীয় বাজেটত এই মন্ত্ৰালয়লৈ অভিলেখ পৰিমাণৰ ৪,৪৭৯.৮৮ কোটি টকা আবন্টন জনোৱা হৈছিল। ইয়াৰ বিপৰীতে ২০১৩–১৪ ত এই পৰিমাণ আছিল ১,২১৯ কোটি টকা।

এই ৰূপান্তৰৰ মূলতে আছে খেলো ইণ্ডিয়া কাৰ্যসূচী।কেন্দ্ৰীয় কেবিনেটে প্ৰতিযোগিতা আৰু আন্তঃগাঁথনিৰ বাহিৰলৈ নিজৰ দৃষ্টিভংগীক বহু ওপৰলৈ লৈ যোৱা এক সম্প্ৰসাৰিত আঁচনিৰ অনুমোদন জনাইছে।

স্কুলৰ খেলপথাৰ আৰু গাঁৱৰ খেলপথাৰৰ পৰা এতিয়া যুৱ খেলুৱৈসকলৰ আগুৱাই যোৱাৰ পথ স্পষ্ট হ’ব। আগতীয়া চিনাক্তকৰণৰ পিছত গুণগত প্ৰশিক্ষণ, বৈজ্ঞানিক সহায় আৰু নিয়মীয়া প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। শক্তিশালী প্ৰতিষ্ঠান আৰু বহল অংশীদাৰিত্বই আশাব্যঞ্জক খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় উৎকৃষ্টতাৰ দিশত অবিৰতভাৱে আগবাঢ়ি যোৱাত সহায় কৰিব। আন কেইবাটাও মূল পদক্ষেপৰ দ্বাৰা পৰিপূৰক হিচাপে খেলো ইণ্ডিয়াই সমগ্ৰ গ্ৰাম্য আৰু নগৰীয়া ভাৰতত গণ অংশগ্ৰহণ আৰু ক্ৰীড়াৰ উৎকৰ্ষতাক প্ৰসাৰিত কৰে। এই প্ৰচেষ্টাসমূহে একেলগে আন্তঃগাঁথনি, বৈজ্ঞানিক প্ৰশিক্ষণ আৰু প্ৰতিটো স্তৰতে প্ৰতিভাক চিনাক্ত আৰু লালন-পালন কৰিবলৈ আৰ্থিক সহায় আগবঢ়ায়। ভূগোল, সীমিত সম্পদ বা সুযোগৰ অভাৱত যাতে প্ৰতিভাক বাধা দিয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব বিচাৰে।

এই দৃষ্টিভংগী ভাৰতে শেহতীয়া বছৰবোৰত সৃষ্টি কৰা ক্ৰীড়া ভেটিৰ ওপৰত নিৰ্মিত। কমনৱেলথ গেমছ ২০২৬ত দেশখনে চতুৰ্থ স্থান দখল কৰাটোৱে সেই ক্ৰমবৰ্ধমান শক্তিৰ আন এক আভাস দিলে। এনে মুহূৰ্তবোৰে কেৱল পদকতকৈও ডাঙৰ কিবা এটা ধৰি ৰাখে।

খেলো ইণ্ডিয়াৰ দৃষ্টিভংগী

ভাৰতীয় ক্ৰীড়াৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিবলৈ ২০১৭-ত শুভাৰম্ভ কৰা খেলো ইণ্ডিয়া আঁচনিখনে বৰ্তমানৰ তিনি কাৰ্যসূচীক একত্ৰিত কৰিছে। এই আঁচনিয়ে ৰাজীৱ গান্ধী খেল অভিযান, নগৰীয়া ক্ৰীড়া আন্তঃগাঁথনি আঁচনি আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিভা অনুসন্ধান আঁচনিক একত্ৰিত কৰি ক্ৰীড়া বিকাশৰ এক ঐক্যবদ্ধ কাঠামো প্ৰৱৰ্তন কৰে।

আঁচনিখনৰ অধীনত ক্ৰীড়া ব্যৱস্থাৰ প্ৰতিটো পৰ্য্যায়কে সুদৃঢ় কৰিবলৈ এক ব্যাপক পন্থা অনুসৰণ কৰা হৈছে। ইয়াৰ পাঁচটা মূল স্তম্ভ হৈছেঃ

  • প্ৰতিভাৱান খেলুৱৈ সকলক চিনাক্ত কৰি তেওঁলোকক পেছাদাৰী উৎকৰ্ষতাৰ দিশত পথ প্ৰদৰ্শন কৰিবলৈ ভিন্ন পৰ্য্যায়ত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা।
  • সমৰ্পিত উন্নয়ন কাৰ্য্যসূচীৰ জৰিয়তে প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰী সকলৰ সামৰ্থ্য গঢ়ি তোলা।
  • খেলুৱৈ সকলৰ প্ৰদৰ্শন উন্নত কৰাৰ বাবে ক্ৰীড়া বিজ্ঞান আৰু উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কাৰ্য্যক সম্প্ৰসাৰণ কৰা।
  • এক স্পন্দনশীল ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰতিযোগিতামূলক সুযোগ প্ৰদানৰ বাবে প্ৰতিযোগিতা আৰু লীগৰ আয়োজন কৰা।
  • প্ৰশিক্ষণ আৰু প্ৰতিযোগিতামূলক কাৰ্য্যসূচী উভয়কে সমৰ্থন কৰিবলৈ ক্ৰীড়া আন্তঃগাঁথনি বিকশিত কৰা।

এই অভিযানৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিকল্পনাৰ জৰিয়তে প্ৰতিখন জিলাতে এটাকৈ খেলো ইণ্ডিয়া প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ কথা কল্পনা কৰা হৈছে। ইয়াৰ উপৰিও এই মিছনে ক্ৰীড়া বিজ্ঞান, মনোবিজ্ঞান আৰু পুষ্টিৰ দ্বাৰা সমৰ্থিত গাঁথনিগত খেলুৱৈ পথসমূহক প্ৰসাৰিত কৰে। ডাটা চালিত প্লেটফৰ্মসমূহে বাস্তৱ সময়ৰ এথলীট অনুসৰণ কাৰ্য প্ৰশস্ত কৰিছে। এই সংহত পদ্ধতিৰ লক্ষ্য হৈছে ২০৩৬-ৰ ভিতৰত ভাৰতক বিশ্বৰ আগশাৰীৰ ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা।

খেলো ইণ্ডিয়াত বৃদ্ধি পোৱা বিনিয়োগ

২০১৭–১৮ চনৰ পৰা ২০১৯–২০ চনলৈ: আঁচনিখন নতুন ৰূপ দিবলৈ তিনি বছৰৰ বাবে ১,৭৫৬ কোটি টকাৰ অনুমোদন।

২০২০–২১: এবছৰৰ বাবে ৩২৮.৭৭ কোটি টকাৰ আবণ্টন ।

২০২১–২২ চনৰ পৰা ২০২৫–২৬ চনলৈ: পাঁচ বছৰৰ বাবে আৰ্থিক ব্যয় ৩,৭৯০.৫০ কোটি টকালৈ বৃদ্ধি পাই কাৰ্যকলাপ সম্প্ৰসাৰণ আৰু ক্ৰীড়াৰ আন্তঃগাঁথনি শক্তিশালী কৰা হয়।

২০২৬–২৭: ৯২৪.৩৫ কোটি টকা আবণ্টন , আঁচনিখনে ফলাফলমুখী ৰূপায়ণৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰাৰ লগে লগে অবিৰত সমৰ্থনক শক্তিশালী কৰি তুলিছে।

খেলো ইণ্ডিয়া আঁচনিৰ মূল কৃতিত্বসমূহ (২০২৬-ৰ জুলাইলৈকে):

  • মুঠ ৩,১৭৬ কোটি টকা বিনিয়োগ সাপেক্ষে ৩৪৯ টা নতুন ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্পত অনুমোদন জনোৱা হৈছে।
  • তৃণমূল পৰ্য্যায়ত প্ৰশিক্ষণ প্ৰদান আৰু খেলুৱৈ সকললৈ আগবঢ়োৱা সমৰ্থন ব্যৱস্থাক সুদৃঢ়কৰণৰ বাবে ১,০৬৭ টা খেলো ইণ্ডিয়া কেন্দ্ৰ (KIC) স্থাপন কৰা হৈছে।
  • শাখাসমূহৰ মাজত ক্ৰীড়া প্ৰতিভাক লালন-পালন কৰিবলৈ ২৬৭ খন একাডেমীলৈ সমৰ্থন আগবঢ়োৱা হৈছে।
  • ২,৭৪৫ গৰাকী খেলো ইণ্ডিয়া এথলীটক (KIA) প্ৰশিক্ষণ, সঁজুলি, চিকিৎসা সেৱা আৰু মাহেকীয়া আউট অৱ পকেট ভাট্টাৰে সহায় কৰা হৈছে।

স্থায়ী বিনিয়োগ আৰু স্পষ্ট দীৰ্ঘ-ম্যাদী দৃষ্টিভংগীৰ জৰিয়তে খেল’ ইণ্ডিয়াই ভাৰতৰ চেম্পিয়ন সকলৰ এক শক্তিশালী পাইপলাইন সৃষ্টি কৰিছে।

পুনৰ সংস্কাৰ কৰা খেলো ইণ্ডিয়া আঁচনি: তৃণমূল পৰ্যায়ৰ পৰা বিশ্বব্যাপী উৎকৃষ্টতাৰ পথ

খেলো ইণ্ডিয়া আঁচনিখনে ২০২৬–২৭ চনৰ পৰা ২০৩০–৩১ চনলৈকে যথেষ্ট সম্প্ৰসাৰিত পৰ্যায়ত প্ৰৱেশ কৰিছে । ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহক বৰ্ধিত সাহাৰ্যৰ সৈতে একেলগে ইয়াৰ মুঠ ব্যয় হৈছে ৩৬,৪৪১ কোটি টকা ৷

ক্ৰীড়াবিদৰ সামগ্ৰিক বিকাশৰ এক সুসংগঠিত পথ

প্ৰথমবাৰৰ বাবে যুৱ ক্ৰীড়াবিদসকলে প্ৰতিটো পৰ্যায়তে গাঁথনিগত সমৰ্থন লাভ কৰিব—প্ৰতিভা চিনাক্তকৰণ আৰু বৈজ্ঞানিক প্ৰশিক্ষণৰ পৰা আৰম্ভ কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰকাশ আৰু অলিম্পিক প্ৰস্তুতিলৈকে। দেশজোৰা পৰিৱেশ তন্ত্ৰই একত্ৰিত কৰিব:

  • ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ
  • খেলো ইণ্ডিয়া উৎকৰ্ষ কেন্দ্ৰসমূহ
  • SAI প্ৰশিক্ষণ কেন্দ্ৰ
  • খেলো ইণ্ডিয়া স্বীকৃতিপ্ৰাপ্ত একাডেমী
  • খেলো ইণ্ডিয়া চেণ্টাৰ
  • সশস্ত্ৰ বাহিনীৰ যুৱ ক্ৰীড়া কোম্পানী

এই প্ৰতিষ্ঠানসমূহে একেলগে সমগ্ৰ দেশতে আধুনিক আন্তঃগাঁথনি, পেছাদাৰী প্ৰশিক্ষণ আৰু ক্ৰীড়া বিজ্ঞানৰ সহায় আগবঢ়াব।

এই আঁচনিৰ জৰিয়তে খেলো ইণ্ডিয়া ফিডাৰ স্কুল আৰু খেলো ইণ্ডিয়া উৎকৃষ্ট বিদ্যালয়ৰো প্ৰৱৰ্তন কৰা হৈছে ৷ এই পদক্ষেপসমূহে ক্ৰীড়াক মূলসুঁতিৰ শিক্ষাৰ সৈতে একত্ৰিত কৰি প্ৰতিভাৱান শিশুসকলৰ আগতীয়া চিনাক্তকৰণ আৰু পদ্ধতিগত বিকাশ সাধন কৰিব।

ভাৰতৰ ক্ৰীড়াবিদৰ ভিত্তি অধিক বিস্তৃত কৰা

নতুন ‘উদীয়মান খেলো ইণ্ডিয়া ক্ৰীড়াবিদ’ শ্ৰেণীৰ জৰিয়তে সুসংগঠিত ক্ৰীড়াবিদৰ ভিত্তি প্ৰায় দহগুণলৈ বিস্তৃত হ’ব। অধিক শক্তিশালী প্ৰতিভা চিনাক্তকৰণ ব্যৱস্থা আৰু তৃণমূল পৰ্যায়ৰ প্ৰতিযোগিতাৰ পৰা খেলো ইণ্ডিয়া আৰু TOPS-লৈকে এক সুস্পষ্ট অগ্ৰগতিৰ পথৰ জৰিয়তে ক্ৰীড়াবিদসকলে প্ৰাথমিক পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় উৎকৰ্ষতা লাভ কৰাৰ সুযোগ পাব।

অধিক প্ৰতিযোগিতা আৰু বিস্তৃত সুযোগ

বিদ্যালয়, বিশ্ববিদ্যালয়, আঞ্চলিক আৰু বিভিন্ন ক্ৰীড়াভিত্তিক লীগসমূহৰ জৰিয়তে নিয়মীয়া প্ৰতিযোগিতামূলক অভিজ্ঞতা নিশ্চিত কৰা হ’ব। মহিলা ক্ৰীড়াবিদ, পেৰা-ক্ৰীড়াবিদ আৰু থলুৱা ক্ৰীড়াৰ বাবে অধিক সুযোগ সৃষ্টি কৰাৰ লগতে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা (National Games) আৰু অন্যান্য বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানসমূহকো অধিক সমৰ্থন আগবঢ়োৱা হ’ব।

ফিটনেছ, প্ৰশিক্ষণ আৰু প্ৰযুক্তি

সম্প্ৰসাৰিত ফিট ইণ্ডিয়া আন্দোলন-এ সক্ৰিয় জীৱনশৈলী আৰু অধিক জনঅংশগ্ৰহণক উৎসাহিত কৰিব। ৰাষ্ট্ৰীয় প্ৰশিক্ষক স্বীকৃতি ব’ৰ্ড (National Coach Accreditation Board)-এ প্ৰশিক্ষণৰ মানদণ্ড অধিক শক্তিশালী কৰিব। এক সমন্বিত ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে ক্ৰীড়াবিদৰ তথ্য, ক্ৰীড়া আন্তঃগাঁথনি, প্ৰতিযোগিতা, মূল্যায়ন আৰু পুঁজিৰ ব্যৱস্থাপনাক একেলগে সংযুক্ত কৰা হ’ব।

ক্ৰীড়াৰ উৎকৰ্ষতাৰ বাবে অংশীদাৰিত্ব

ব্যক্তিগত ক্ৰীড়া একাডেমী আৰু কৰ্প’ৰেট প্ৰতিষ্ঠানসমূহৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে ক্ৰীড়া বিকাশত অধিক বিনিয়োগ আৰু বিশেষজ্ঞতাৰ সংযোজন ঘটোৱা হ’ব। ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনসমূহলৈ উন্নত সহায়ৰ জৰিয়তে প্ৰশিক্ষণ, ক্ৰীড়া বিজ্ঞান, সঁজুলি, অনুশীলন আৰু আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা অধিক শক্তিশালী কৰা হ’ব।

বিশ্ব ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ উচ্চাকাংক্ষা আগবঢ়োৱা

খেলো ইণ্ডিয়া নীতি ২০২৫ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ সৈতে সংগতি ৰাখি এই আঁচনিয়ে শিক্ষা, ফিটনেছ, প্ৰযুক্তি আৰু উচ্চ-প্ৰদৰ্শনমূলক প্ৰশিক্ষণৰ সৈতে ক্ৰীড়াক সমন্বিত কৰিছে। এই আঁচনিয়ে ২০৩০ চনৰ কমনৱেলথ গেমছৰ প্ৰস্তুতি, অলিম্পিক আৰু পেৰা অলিম্পিক আয়োজনৰ ক্ষেত্ৰত ভাৰতৰ উচ্চাকাঙ্ক্ষা, লগতে বিকশিত ভাৰত@২০৪৭-ৰ দৃষ্টিভংগী বাস্তৱায়নত সহায় আগবঢ়াব।

খেলো ইণ্ডিয়া গেমছঃ ভৱিষ্যতৰ চেম্পিয়নসকলৰ বাবে এখনি মঞ্চ

২০১৮-ত খেলো ইণ্ডিয়া স্কুল গেমছৰ শুভাৰম্ভণিৰ লগে-লগে খেল’ ইণ্ডিয়া অভিযানে এক নতুন পৰ্য্যায়ত প্ৰৱেশ কৰিছিল। নতুন দিল্লীত অনুষ্ঠিত এই কাৰ্য্যসূচীত দেশৰ ভিন্ন প্ৰান্তৰ যুৱ ক্ৰীড়া প্ৰতিভা সমূহ এখনি মঞ্চত সমবেত হৈছিল।

সেই বৰ্ষৰে শেষৰ ফালে ভাৰতীয় অলিম্পিক সন্থাই এই পদক্ষেপত যোগদান কৰিছিল। ২০১৯-ৰ পৰা এই কাৰ্য্যসূচীৰ নাম সলনি কৰি খেলো ইণ্ডিয়া ইয়ুথ গেমছ (KIYG) ৰখা হৈছিল। খেলো ইণ্ডিয়াৰ সমগ্ৰ পৰিসৰৰ অধীনত এই কাৰ্য্যসূচী এক ধ্বজাবাহী প্ৰতিযোগিতা হিচাপে পৰিগণিত হৈছে।

খেলো ইণ্ডিয়া গেমছে ক্ৰমাগতভাৱে সম্প্ৰসাৰণ লাভ কৰি ভিন্ন শাখাৰ খেলুৱৈসকলৰ বাবে অধিক সুযোগৰ সৃষ্টি কৰিছে। বাৰ্ষিক প্ৰতিযোগিতাসমূহে এতিয়া সংশ্লিষ্ট ৰাজ্য আৰু বিশ্ববিদ্যালয়সমূহক প্ৰতিনিধিত্ব কৰা অংশগ্ৰহণকাৰীসকলক একত্ৰিত কৰে। একেদৰে তেওঁলোকক প্ৰতিযোগিতাত অংশগ্ৰহণ, উৎকৃষ্টতা অৰ্জন আৰু উচ্চ পৰ্য্যায়ৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰে। ২০১৮-ৰ পৰা খেলো ইণ্ডিয়া গেমছত ৬৩ হাজাৰৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।

২০২০-ত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ (KIUG) আৰু খেলো ইণ্ডিয়া শীতকালীন গেমছ (KIWG) আৰম্ভ হৈছিল। তাৰ পিছত ২০২৩-ত খেলো ইণ্ডিয়া পেৰা গেমছ (KIPG) আৰম্ভ হৈছিল। ২০২৫-ত খেলো ইণ্ডিয়া বিচ গেমছ (KIBG) আৰু খেলো ইণ্ডিয়া জল ক্ৰীড়া মহোৎসৱৰ আৰম্ভণিৰে ইয়াৰ সম্প্ৰসাৰণ কাৰ্য অব্যাহত থাকিছিল। ২০২৬-ত খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছৰ (KITG) অভিষেক ঘটে।

খেলো ইণ্ডিয়া গেমছে যুৱ খেলুৱৈসকলক তেওঁলোকৰ উৎকৃষ্টতাৰ অগ্ৰগতি সাধনৰ বাবে এখনি ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰি ভাৰতৰ ক্ৰীড়া সংস্কৃতিক শক্তিশালী কৰি তুলিছে।

ভাৰতৰ ক্ৰীড়া সফলতাৰ বৰ্ধন

ভাৰতৰ ক্ৰীড়া উত্থান আন্তঃগাঁথনি আৰু প্ৰতিযোগিতাৰ মাজতে সীমাবদ্ধ নহয়। গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপে খেলুৱৈ সকলৰ বিকাশক প্ৰসাৰিত কৰে, উদীয়মান প্ৰতিভা সমূহক চিনাক্ত কৰে আৰু দীৰ্ঘ-ম্যাদী ক্ৰীড়া ক্ষমতা গঢ়ি তোলে। সামূহিকভাৱে এই প্ৰচেষ্টাসমূহে তৃণমূল পৰ্য্যায়ৰ অংশগ্ৰহণৰ পৰা বিশ্বজনীন সফলতালৈ এক সুদৃঢ় পথ গঢ়ি তুলিছে।

টাৰ্গেট অলিম্পিক প'ডিয়াম আঁচনি (TOPS)

অলিম্পিক আৰু পেৰা অলিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শনৰ অগ্ৰগতি সাধনৰ বাবে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ২০১৪-ৰ ছেপ্টেম্বৰত টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিৰ (TOPS) শুভাৰম্ভ কৰিছিল। ২০১৮-ৰ এপ্ৰিলত খেলুৱৈসকলক সামগ্ৰিক সহায় আগবঢ়োৱাৰ নিমিত্তে এক সমৰ্পিত কাৰিকৰী সহায়ক দলৰ সৈতে আঁচনিখনক এক নতুন ৰূপ প্ৰদান কৰা হৈছিল।

TOPS-এ বিদেশত প্ৰশিক্ষণ গ্ৰহণ, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, প্ৰশিক্ষণ শিবিৰ, বিশেষ সঁজুলি আৰু মাহিলী ৫০,০০০ টকাৰ ভাট্টাৰ জৰিয়তে খেলুৱৈসকলক সহায় কৰে। কনিষ্ঠ খেলুৱৈসকলক মাহিলী ২৫,০০০ টকাৰ ভাট্টাৰে সহায় কৰিবলৈ এটা ডেভেলপমেন্ট গ্ৰুপৰো প্ৰৱৰ্তন কৰা হৈছিল।

২০২৬-ৰ এপ্ৰিললৈকে আঁচনিখনে বৰ্তমান ৫১ গৰাকী কৰ এথলীট, ৫২ গৰাকী পেৰা কৰ এথলীট আৰু ১৩০ গৰাকী ডেভেলপমেন্ট এথলীটক সহায় কৰিছে। টকিঅ’, ২০২০ আৰু পেৰিছ, ২০২৪ অলিম্পিক গেমছত ভাৰতৰ পদক বিজয়ী প্ৰদৰ্শনত TOPS-এ এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

কীৰ্তি (KIRTI)

খেলো ইণ্ডিয়া ৰাইজিং টেলেন্ট আইডেন্টিফিকেশন (KIRTI) পদক্ষেপে ৯-ৰ পৰা ১৮ বছৰৰ ভিতৰৰ কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলৰ মাজৰ ক্ৰীড়া প্ৰতিভা সমূহক চিনাক্ত আৰু লালন-পালন কৰিছে। ইয়াত এটি স্বচ্ছ আৰু যোগ্যতা-ভিত্তিক বাছনি প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ প্ৰতিভা মূল্যায়ন কেন্দ্ৰ, প্ৰামাণিক মূল্যায়ন প্ৰট’কল আৰু কৃত্ৰিম বুদ্ধিমত্তা তথা তথ্য বিশ্লেষণকে প্ৰমুখ্য কৰি উন্নত আইটি সঁজুলি ব্যৱহাৰ কৰা হয়।

বৰ্তমান ৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল১৭৪ টা প্ৰতিভা মূল্যায়ন কেন্দ্ৰ কাৰ্য্যক্ষম হৈ আছে। এই কেন্দ্ৰ সমূহত ,৮৭,৯২১ টা মূল্যায়ন সম্পূৰ্ণ হৈছে। কীৰ্তিৰ লক্ষ্য হৈছে ২০৩৬-ৰ ভিতৰত ভাৰতক শীৰ্ষ ১০ খন ক্ৰীড়া ৰাষ্ট্ৰৰ অন্যতম আৰু ২০৪৭-ৰ ভিতৰত শীৰ্ষ ৫ খন ক্ৰীড়া ৰাষ্ট্ৰৰ অন্যতম হিচাপে গঢ়ি তোলাত সহায় কৰিবলৈ এক বহনক্ষম টেলেন্ট পাইপলাইন সৃষ্টি কৰা।

ক্ৰীড়া সামগ্ৰী নিৰ্মাণ

কেন্দ্ৰীয় বাজেট, ২০২৬–২৭ ত ৫০০ কোটি টকা আবন্টন সাপেক্ষে ক্ৰীড়া সামগ্ৰী নিৰ্মাণৰ বাবে এক সমৰ্পিত পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰা হয়। এই পদক্ষেপ গ্ৰহণৰ জৰিয়তে উচ্চমানৰ আৰু সুলভ মূল্যৰ ক্ৰীড়া সামগ্ৰীৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতিক সুদৃঢ় কৰিব খোজা হৈছে।

ইয়াৰ মূল উদ্দেশ্যসমূহৰ ভিতৰত আছে ঘৰুৱা উৎপাদন ক্ষমতাৰ সম্প্ৰসাৰণ, সঁজুলিৰ ডিজাইনৰ গৱেষণা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰা, মেটেৰিয়েল চায়েন্সক আগুৱাই নিয়া, বিশ্বব্যাপী ক্ৰীড়া যোগান শৃংখলত ভাৰতৰ উপস্থিতিক শক্তিশালী কৰা আৰু সমগ্ৰ উৎপাদন তথা সংশ্লিষ্ট খণ্ডত কৰ্মসংস্থাপন সৃষ্টি কৰা।

এই পদক্ষেপসমূহে ভাৰতৰ ক্ৰীড়া ব্যৱস্থাক শক্তিশালী কৰি তুলিছে আৰু খেলুৱৈ সকলক বিশ্বমঞ্চত আত্মবিশ্বাসেৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সাজু কৰি তুলিছে।

বিশ্বব্যাপী ক্ৰীড়া মঞ্চত ভাৰতৰ উত্থান

ভাৰতৰ ক্ৰীড়া ব্যৱস্থাত কৰা বিনিয়োগৰ ফলশ্ৰুতিত বিশ্ব মঞ্চত উন্নত ফলাফল লাভ কৰা হৈছে। বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানত ভাৰতৰ প্ৰদৰ্শনে সমগ্ৰ অলিম্পিক, পেৰা অলিম্পিক আৰু বহু-ক্ৰীড়া শাখাত দেশৰ ক্ৰমবৰ্ধমান শক্তিকে প্ৰতিফলিত কৰিছে। খেলুৱৈ সকলৰ ব্যাপক বিকাশ সাধন, উন্নত প্ৰশিক্ষণ সমৰ্থন আৰু স্থায়ী বিনিয়োগে বিশ্ব মঞ্চত ধাৰাবাহিক অগ্ৰগতি লাভ কাৰ্য্যক প্ৰদৰ্শিত কৰিছে। অংশগ্ৰহণ আৰু পদকৰ সংখ্যাৰ ক্ৰমাগত বৃদ্ধি কাৰ্য্যই ভাৰতৰ ক্ৰমান্বয়ে প্ৰতিযোগিতামূলক ক্ৰীড়া প্ৰধান ৰাষ্ট্ৰ হিচাপে উত্থান ঘটাৰ ওপৰত আলোকপাত কৰিছে।

অলিম্পিক গেমছ

২০১৬-ৰ পৰা ২০২৪-ৰ ভিতৰত ভাৰতৰ অলিম্পিক যাত্ৰাত এক উল্লেখযোগ্য ৰূপান্তৰ ঘটে। ২০১৬-ত ৰিঅ’ত দুটা পদক লাভ কৰাৰ পৰা ২০২০-ত টকিঅ’ত সাতটা পদকলৈ দেশখনে অগ্ৰগতি লাভ কৰিছিল। ২০২৪-ত পেৰিছত ছটা পদক লাভ কৰি ভাৰতে এই গতি অক্ষুণ্ণ ৰাখিছিল। ভাৰতৰ অন্যতম ধাৰাবাহিক অলিম্পিক পদক বিজয়ী। নীৰজ চোপ্ৰাই টকিঅ', ২০২০-ত স্বৰ্ণ পদক লাভ কৰে। মীৰাবাঈ চানুৱেও অলিম্পিকত ভাৰতৰ অন্যতম ধাৰাবাহিক পদক বিজয়ী হিচাপে আত্মপ্ৰকাশ

কৰে।

 

বৰ্ষ

আয়োজক চহৰ

ভাৰতীয় খেলুৱৈ

পদক লাভ

২০১৬

ৰিঅ’ ডি জেনেৰিঅ’

১১৭

২০২০

টকিঅ’

১১৯

২০২৪

পেৰিছ

১১৭

পেৰা অলিম্পিক গেমছ

ভাৰতৰ পেৰা অলিম্পিক প্ৰদৰ্শনত যোৱা তিনিটা সংস্কৰণত অসামান্য বৃদ্ধি পৰিলক্ষিত হৈছে। ২০১৬-ত ৰিঅ’ত পদকৰ সংখ্যা ৪-ৰ পৰা ২০২০-ত টকিঅ’ত ১৯ লৈ বৃদ্ধি পাইছে। পেৰিছ, ২০২৪-ত ২৯ টা পদক লাভেৰে এয়া ভাৰতৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ পেৰা অলিম্পিক অভিযান হিচাপে পৰিগণিত হৈছিল। অৱনী লেখাৰা, সুমিত আন্টিল আৰু প্ৰমোদ ভগত দেশৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হয়। ‘টপছ’ আৰু খেল’ ইণ্ডিয়া পেৰা গেমছৰ দৰে কাৰ্য্যসূচীয়ে পেৰা এথলীটসকলৰ প্ৰতি আগবঢ়োৱা সমৰ্থনক ব্যাপক কৰিছে।

বৰ্ষ

আয়োজক চহৰ

ভাৰতীয় খেলুৱৈ

পদক লাভ

সোণ

ৰূপ

ব্ৰঞ্জ

২০১৬

ৰিঅ’ ডি জেনেৰিঅ’

১৯

২০২০

টকিঅ’

৫৪

১৯

২০২৪

পেৰিছ

৮৪

২৯

১৩

 

এছিয়ান গেমছ

ভাৰতে এছিয়ান গেমছত ধাৰাবাহিকভাৱে বৃহৎ দল হিচাপে অংশগ্ৰহণ আৰু অধিক পদক লাভেৰে নিজৰ প্ৰদৰ্শন বৃদ্ধি কৰি আহিছে। দেশখনে ২০১৪-ত ইঞ্চিয়নত ৫৭ টা পদক লাভ কৰাৰ সমান্তৰালকৈ ২০১৮-ত জাকাৰ্টাত ৬৯ টা পদক লাভ কৰিছিল। হাংঝু, ২০২৩ উল্লেখযোগ্য সংস্কৰণত পৰিণত হৈছিল। ইয়াত ভাৰতে এতিয়ালৈকে সৰ্বাধিক ১০৭ পদক লাভ কৰিছিল। নীৰজ চোপ্ৰা, লাভলীনা বৰগোহাঁই, সাতৱিকসাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টী আদি আছিল অগ্ৰণী প্ৰদৰ্শনকাৰী।

বৰ্ষ

আয়োজক চহৰ

ভাৰতীয় খেলুৱৈ

পদক লাভ

সোণ

ৰূপ

ব্ৰঞ্জ

২০১৪

ইঞ্চিয়ন

৫৪১

৫৭

১১

৩৭

২০১৮

জাকাৰ্টা

৫৭০

৬৯

১৫

২৪

৩০

২০২৩

হাংঝু

৬৫৫

১০৭

২৮

৩৮

৪১

কমনৱেলথ গেমছ

কমনৱেলথ গেমছত ভাৰতৰ অন্যতম শক্তিশালী প্ৰদৰ্শন কাৰ্য্য অব্যাহত আছে। ২০১৪-ত গ্লাছগোত ৬৪ টা পদক লাভ কৰি ভাৰতে ২০১৮-ত গ’ল্ড কোষ্টত ৬৬ টা পদকলৈ অগ্ৰগতি সাধন কৰে। ইয়াৰ পিছতে ভাৰতে ২০২২-ত বাৰ্মিংহামত ৬১ টা পদক লাভ কৰে। মল্লযুঁজ, ভাৰোত্তোলন, টেবুল টেনিছ, বেডমিন্টন আৰু এথলেটিকছে ভাৰতৰ সফলতাত ধাৰাবাহিকভাৱে অৰিহণা যোগাই আহিছে। পিভি সিন্ধু, বিনেশ ফ’গাট আৰু অচিন্তা শ্বেউলি দেশৰ উল্লেখযোগ্য প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হয়।

বৰ্ষ

আয়োজক চহৰ

ভাৰতীয় খেলুৱৈ

পদক লাভ

সোণ

ৰূপ

ব্ৰঞ্জ

২০১৪

গ্লাছগো

২১৫

৬৪

১৫

৩০

১৯

২০১৮

গ’ল্ড কোষ্ট

২১৮

৬৬

২৬

২০

২০

২০২২

বাৰ্মিংহাম

২১০

৬১

২২

১৬

২৩

 

ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী সফলতাই ভাৰতৰ ব্যৱস্থাৰ শক্তি আৰু বিশ্ব মঞ্চত পাৰদৰ্শিতা প্ৰদৰ্শনৰ ক্ষেত্ৰত খেলুৱৈসকলৰ দৃঢ় মনোভাৱকে প্ৰতিফলিত কৰিছে।

কমনৱেলথ গেমছ, ২০২৬

২০২৬ চনৰ কমনৱেলথ গেমছ ২৩ জুলাইৰ পৰা ২ আগষ্টলৈ গ্লাছগোত অনুষ্ঠিত হয়। এই গেমছত ৭৪খন দেশৰ ক্ৰীড়াবিদসকলে ১০টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰে, যাৰ ভিতৰত সম্পূৰ্ণৰূপে সংযুক্ত ৬টা পেৰা ক্ৰীড়াও অন্তৰ্ভুক্ত আছিল। প্ৰতিযোগিতাসমূহ চাৰিটা স্থানত আয়োজন কৰা হৈছিল। ভাৰতে ১৩টা সোণ, ১৭টা ৰূপ আৰু ৯টা ব্ৰঞ্জসহ মুঠ ৩৯টা পদক জয় কৰি সামগ্ৰিকভাৱে চতুৰ্থ স্থান দখল কৰে।

ভাৰতৰ হৈ ১২৪ জনীয়া এটা দল অংশগ্ৰহণ কৰিছিল, যাৰ ভিতৰত ৭৮ জন পুৰুষ আৰু ৪৬ জন মহিলা ক্ৰীড়াবিদ আছিল। এই দলে বিভিন্ন ক্ৰীড়া শাখাত দেশৰ ক্ৰমবৰ্ধমান প্ৰতিভা আৰু সক্ষমতাৰ পৰিচয় বহন কৰিছিল।

ভাৰতৰ হৈ প্ৰথম পদক অৰ্জন কৰে পেৰা পাৱাৰলিফ্টিঙত ব্ৰঞ্জ জয় কৰা ঝাণ্ডু কুমাৰে। তাৰ পিছতে ঋষিকান্ত সিঙে পুৰুষৰ ৬০ কিলোগ্ৰাম ভাৰোত্তোলন শাখাত ৰূপৰ পদক জয় কৰি এই গেমছত পদক লাভ কৰা প্ৰথমগৰাকী সক্ষম (Able-bodied) ভাৰতীয় ক্ৰীড়াবিদ হিচাপে পৰিগণিত হয়। তেওঁ স্নেচ (Snatch) বিভাগতো নতুন কমনৱেলথ গেমছৰ অভিলেখ স্থাপন কৰে।

মীৰাবাই চানুৱে গ্লাছগোত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক জয় কৰি আন এক ঐতিহাসিক সাফল্য অৰ্জন কৰে। এই জয়ে তেওঁক একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছৰ চেম্পিয়ন হিচাপে প্ৰতিষ্ঠা কৰে। আনহাতে, মুথুপাণ্ডি ৰাজাই পুৰুষৰ ৬৫ কিলোগ্ৰাম ভাৰোত্তোলন শাখাত ৰূপৰ পদক জয় কৰি ভাৰতৰ পদক তালিকাত আৰু এটা সংযোজন কৰে।

এইবাৰ বক্সিঙেই ভাৰতৰ অভিযানৰ আটাইতকৈ উজ্জ্বল অধ্যায় হিচাপে পৰিগণিত হয়। ভাৰতীয় বক্সাৰসকলে মুঠ ১০টা পদক লাভ কৰে, যাৰ ভিতৰত অভিলেখসংখ্যক ৭টা সোণৰ পদক আছিল। কমনৱেলথ গেমছৰ এটা সংস্কৰণত যিকোনো এখন দেশে বক্সিঙত কৰা এইটোৱেই সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন। সোণৰ পদক বিজয়ীসকলৰ ভিতৰত সাক্ষী চৌধুৰী অন্যতম আছিল। আনহাতে, অলিম্পিক পদকজয়ী লভলীনা বৰগোহাঁয়ে ৰূপৰ পদক লাভ কৰে।

গ্লাছগো গেমছে ভাৰতীয় ক্ৰীড়াৰ বাবে কেইবাটাও ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হয়। অস্মিতা দে জুডোত কমনৱেলথ গেমছৰ সোণৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰীড়াবিদ হয়। তাৰ পিছতে হৰ্ষ টোকাছে একেটা ক্ৰীড়া শাখাত আন এটা সোণৰ পদক জয় কৰে। গুলবীৰ সিঙে একেটা কমনৱেলথ গেমছত ট্ৰেক এণ্ড ফিল্ডত দুটা ব্যক্তিগত পদক জয় কৰা প্ৰথম ভাৰতীয় ক্ৰীড়াবিদ হিচাপে ইতিহাস গঢ়ে। তেজস্বিন শংকৰে ডেকাথলনত ভাৰতৰ প্ৰথমটো পদক লাভ কৰে। আনহাতে, পুৰুষৰ জেভেলিন থ্ৰ'ত নীৰজ চোপ্ৰাৰ ৰূপৰ পদকে ভাৰতৰ অভিযানত আৰু এক স্মৰণীয় সংযোজন ঘটায়। সামগ্ৰিকভাৱে এই প্ৰদৰ্শনে বিভিন্ন ক্ৰীড়া শাখাত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তি আৰু সামৰ্থ্যৰ স্পষ্ট প্ৰতিফলন দাঙি ধৰে।

খেলো ইণ্ডিয়াৰ পৰা গ্লাছগ'লৈ গৌৰৱৰ যাত্ৰা

অৰুন্ধতীৰ সোণালী যাত্ৰা: খেলো ইণ্ডিয়াৰ পৰা গ্লাছগোলৈ

Profile image

গণিত বিষয়ত বিশেষ দক্ষতা থকা এগৰাকী মেধাৱী ছাত্ৰী অৰুন্ধতী চৌধুৰীয়ে প্ৰচলিত পেছাৰ পথ এৰি বক্সিঙক নিজৰ জীৱনৰ লক্ষ্য হিচাপে বাছি লয়। কোটাৰ এই উদীয়মান বক্সাৰগৰাকীৰ ক্ৰীড়া জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত খেলো ইণ্ডিয়া গেমছ-এ তেওঁক ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ প্ৰদান কৰে। অৰুন্ধতীয়ে সেই সুযোগক সম্পূৰ্ণৰূপে সাৰ্থক কৰি ২০১৮ চনত দিল্লী, ২০১৯ চনত পুনে আৰু ২০২০ চনত গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়া গেমছত একেৰাহে তিনিটা সোণৰ পদক জয় কৰে।

২০২৬ চনত গ্লাছগো কমনৱেলথ গেমছত তেওঁ মহিলাৰ ৭০ কিলোগ্ৰাম বক্সিং শাখাত সোণৰ পদক জয় কৰি নিজৰ ক্ৰীড়া জীৱনত আন এক গৌৰৱময় অধ্যায় সংযোজন কৰে। তেওঁৰ যাত্ৰাই স্পষ্টকৈ দেখুৱাইছে যে প্ৰাথমিক পৰ্যায়তে সঠিক সুযোগ আৰু সহায় লাভ কৰিলে এগৰাকী উদীয়মান প্ৰতিভাই কেনেদৰে কমনৱেলথ গেমছৰ চেম্পিয়নলৈ ৰূপান্তৰিত হ'ব পাৰে।

 

অস্মিতা দে: খেলো ইণ্ডিয়াৰ চেম্পিয়নৰ পৰা জুডোৰ ইতিহাস সৃষ্টিলৈ

GettyImages-2288471687

অস্মিতা দেৰ ক্ৰীড়া যাত্ৰা আৰম্ভ হৈছিল ত্ৰিপুৰাৰ বেলোনিয়াৰ পৰা, যিখন ঠাই আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চৰ পৰা বহু দূৰত। তেওঁৰ পিতৃ এগৰাকী চাইকেল মেৰামতি কৰা কাৰিকৰ আছিল। সীমিত সম্পদৰ মাজতো অস্মিতাই জুডোক সপোন হিচাপে আঁকোৱালি লৈ নীৰৱে নিজৰ লক্ষ্যৰ দিশে আগবাঢ়িছিল।

খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-এ সেই সপোনক ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচয় দিয়াৰ সুযোগ প্ৰদান কৰে। একাধিক সোণৰ পদক জয়ে তেওঁৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে ভাৰতীয় জুডোত তেওঁৰ শক্তিশালী উপস্থিতিৰ ঘোষণা কৰে।

সেই আত্মবিশ্বাসক লগত লৈয়ে অস্মিতাই ২০২৬ চনত গ্লাছগ'ত অংশগ্ৰহণ কৰে। অত্যন্ত প্ৰতিদ্বন্দ্বিতাপূৰ্ণ ফাইনেলত তেওঁ মানসিক দৃঢ়তা বজাই ৰাখি কানাডাৰ হেইডি কুৱাচক পৰাস্ত কৰে। এই ঐতিহাসিক জয়ে তেওঁক কমনৱেলথ গেমছত জুডোত সোণৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰীড়াবিদ হিচাপে প্ৰতিষ্ঠা কৰে।

ক্ৰীড়া উৎকৃষ্টতাৰ সাধনা

ভাৰতৰ ক্ৰীড়া যাত্ৰাৰ গতি অব্যাহত আছে। স্থায়ী বিনিয়োগ, ব্যাপক সমৰ্থন ব্যৱস্থা আৰু সমৰ্পিত খেলুৱৈ বিকাশ কাৰ্য্যসূচীৰ ফলশ্ৰুতিত সফলতাৰ বাবে এক স্থায়ী ভেটি গঢ় লৈ উঠিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বৃদ্ধি পোৱা অংশগ্ৰহণ আৰু উন্নত প্ৰদৰ্শনে এই প্ৰচেষ্টাসমূহৰ প্ৰভাৱকে প্ৰতিফলিত কৰিছে। কমনৱেলথ গেমছ, ২০২৬ এতিয়াও অব্যাহত থকাৰ সময়তে ভাৰতীয় খেলুৱৈসকলে দৃঢ়তা আৰু গৌৰৱেৰে প্ৰতিযোগিতা অব্যাহত ৰাখিছে। তেওঁলোকৰ প্ৰতিটো প্ৰদৰ্শনে পৰৱৰ্তী প্ৰজন্মক ডাঙৰ সপোন দেখিবলৈ আৰু উচ্চ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। ভাৰতে ভৱিষ্যতৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰাৰ সময়তে দেশখন চেম্পিয়ন গঢ়ি তোলা আৰু বিশ্বৰ আগশাৰীৰ ক্ৰীড়া ৰাষ্ট্ৰসমূহৰ মাজত নিজৰ স্থান শক্তিশালী কৰাৰ বাবে অংগীকাৰবদ্ধ হৈ আছে।

তথ্যসূত্ৰসমূহঃ

পিআইবি বেকগ্ৰাউণ্ডাৰ

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

বস্ত্ৰ মন্ত্ৰালয়

কমনৱেলথ স্প’ৰ্ট

অলিম্পিক গেমছ

অন্যান্য

pdf চাবলৈ ইয়াত ক্লিক কৰক 

****

পিআইবি গৱেষণা

 

(Explainer ID: 159431) आगंतुक पटल : 11
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Telugu , Kannada , Malayalam