Economy
প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা (PM-VBRY)
আনুষ্ঠানিক নিয়োগৰ সম্প্ৰসাৰণ, ভাৰতৰ কৰ্মশক্তিক সুৰক্ষিত কৰা
Posted On:
01 AUG 2026 10:53AM
ভাৰতৰ কৰ্মশক্তি হৈছে বিকশিত ভাৰত ২০৪৭ৰ যাত্ৰাৰ এক চালিকা শক্তি। গুণগত নিয়োগ অন্তৰ্ভুক্তিমূলক বিকাশৰ কেন্দ্ৰবিন্দু। প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা (PM-VBRY)-এ প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰা ব্যক্তিসকলক উৎসাহিত কৰি আৰু নিয়োগকৰ্তাসকলক নতুন আনুষ্ঠানিক চাকৰি সৃষ্টি কৰিবলৈ প্ৰণোদনা প্ৰদান কৰি এই দৃষ্টিভংগীক সমৰ্থন কৰে। কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (EPFO)-ৰ সৈতে সংযুক্ত, প্ৰযুক্তি-চালিত এক কাঠামোৰ জৰিয়তে এই আঁচনিখনে কৰ্মশক্তিৰ আনুষ্ঠানিকীকৰণক উৎসাহিত কৰে, সামাজিক সুৰক্ষা কভাৰেজৰ সম্প্ৰসাৰণ ঘটায় আৰু কৰ্মচাৰীসকলৰ আৰ্থিক সুৰক্ষা শক্তিশালী কৰে। নিয়োগ সৃষ্টি, বিত্তীয় অন্তৰ্ভুক্তি আৰু স্বচ্ছ ৰূপায়ণক একেলগে সংযুক্ত কৰি PM-VBRY-এ ভাৰতৰ দীৰ্ঘম্যাদী অৰ্থনৈতিক বিকাশক সমৰ্থন কৰিবলৈ এক দক্ষ, সুৰক্ষিত আৰু ভৱিষ্যত-সাজু কৰ্মশক্তি গঢ়ি তুলিছে।
ভাৰতৰ জনগাঁথনিগত লভ্যাংশৰ প্ৰতিশ্ৰুতি
ভাৰতৰ যুৱ আৰু গতিশীল কৰ্মশক্তি দেশখনৰ অন্যতম বৃহৎ শক্তি। ই অৰ্থনৈতিক বিকাশক গতি প্ৰদান কৰাৰ লগতে বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ এক অনন্য সুযোগ প্ৰদান কৰে। প্ৰতিবছৰে লাখ লাখ যুৱক-যুৱতীয়ে শ্ৰম বজাৰত প্ৰৱেশ কৰে। এই জনগাঁথনিগতক সুবিধাক স্থায়ী আৰু অন্তৰ্ভুক্তিমূলক বিকাশলৈ ৰূপান্তৰিত কৰিবলৈ সামাজিক সুৰক্ষাসহ আনুষ্ঠানিক নিয়োগৰ সম্প্ৰসাৰণ অতি প্ৰয়োজনীয়।
প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা (PM-VBRY)-এ প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰা ব্যক্তিসকলক উৎসাহিত কৰি আৰু চাকৰি সৃষ্টি সমৰ্থন কৰি এই ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰক অধিক শক্তিশালী কৰে। স্বচ্ছ, কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (EPFO)-দ্বাৰা পৰিচালিত এক কাঠামোৰ জৰিয়তে ই কৰ্মশক্তিৰ আনুষ্ঠানিকীকৰণক শক্তিশালী কৰাৰ লগতে কৰ্মচাৰী আৰু নিয়োগকৰ্তা উভয়ৰে বাবে সুযোগ সৃষ্টি কৰে।
সুযোগক নিয়োগলৈ ৰূপান্তৰ
২০২৫ চনৰ আগষ্ট মাহত ঘোষণা কৰা PM-VBRY ১ আগষ্ট ২০২৫ৰ পৰা ৩১ জুলাই ২০২৭লৈ দুবছৰীয়া সময়ছোৱাত ৰূপায়ণ কৰা হৈছে, যাৰ মুঠ ব্যয় ৯৯,৪৪৬ কোটি টকা। ১ আগষ্ট ২০২৬ তাৰিখে এই আঁচনিখনে ৰূপায়ণৰ এক বছৰ সম্পূৰ্ণ কৰে, যি ভাৰতৰ আনুষ্ঠানিক নিয়োগ আৰু সামাজিক সুৰক্ষা কভাৰেজৰ সম্প্ৰসাৰণৰ প্ৰচেষ্টাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হয়।
PM-VBRY-ৰ লক্ষ্য হৈছে ৩.৫ কোটিতকৈ অধিক লোকৰ বাবে নিয়োগ সৃষ্টি কৰা, যাৰ ভিতৰত ১.৯২ কোটি প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰা কৰ্মচাৰী অন্তৰ্ভুক্ত। এই আঁচনিখনে EPFO-ত পঞ্জীয়নৰ জৰিয়তে যুৱসকলক সংগঠিত কৰ্মশক্তিত প্ৰৱেশ কৰিবলৈ উৎসাহিত কৰে। ই বিভিন্ন খণ্ডত, বিশেষকৈ অধিক শ্ৰম-নিবিড় উৎপাদন খণ্ডত সামাজিক সুৰক্ষা কভাৰেজৰ সম্প্ৰসাৰণ ঘটায়। নতুন আৰু সম্প্ৰসাৰণশীল উদ্যোগসমূহত নিয়োগ বৃদ্ধিক উৎসাহিত কৰি ই ৰাষ্ট্ৰীয় উৎপাদন অভিযান (National Manufacturing Mission)-ক পৰিপূৰক হিচাপে সহায় কৰে।
কৰ্মচাৰী আৰু নিয়োগকৰ্তা উভয়ৰে বাবে এক লাভজনক ব্যৱস্থা
PM-VBRY-ৰ মূলভাগত আছে দুটা অংশবিশিষ্ট এক প্ৰণোদনা কাঠামো, য'ত কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ বাবে পৃথক ব্যৱস্থা ৰখা হৈছে।
‘ক’ অংশ: প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰা কৰ্মচাৰীসকলৰ বাবে প্ৰণোদনা
- প্ৰতিমাহে ১,০০,০০০ টকা পৰ্যন্ত দৰমহা লাভ কৰা প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰা কৰ্মচাৰীসকল এই অংশৰ বাবে যোগ্য।
- তেওঁলোকে এবাৰেই প্ৰদান কৰা এক প্ৰণোদনা লাভ কৰিব, যি এক মাহৰ EPF মজুৰিৰ সমপৰিমাণ, সৰ্বাধিক ১৫,০০০ টকালৈ সীমাবদ্ধ।
- এই প্ৰণোদনা দুটা কিস্তিত পৰিশোধ কৰা হয়। প্ৰথম কিস্তি ছয় মাহ চাকৰিত সেৱা আগবঢ়োৱাৰ পিছত আৰু দ্বিতীয় কিস্তি বিত্তীয় সাক্ষৰতা কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পিছত, একেৰাহে বাৰ মাহ সেৱা আগবঢ়োৱাৰ ভিত্তিত পৰিশোধ কৰা হয়।
- প্ৰণোদনাৰ এটা অংশ এক নিৰ্ধাৰিত সঞ্চয় ব্যৱস্থাত বিনিয়োগ কৰা হয়, যিয়ে আৰ্থিক সুৰক্ষা আৰু সঞ্চয়ক উৎসাহিত কৰে। কৰ্মচাৰীয়ে পিছত এই ধন উলিয়াব পাৰিব।
‘খ’ অংশ: নিয়োগকৰ্তাসকলৰ বাবে সমৰ্থন
- প্ৰতিমাহে ১,০০,০০০ টকা পৰ্যন্ত দৰমহা লাভ কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত নিয়োগকৰ্তাসকল এই প্ৰণোদনাৰ বাবে যোগ্য।
- কমেও ছয় মাহ ধৰি কৰ্মৰত থকা প্ৰতিজন যোগ্য অতিৰিক্ত কৰ্মচাৰীৰ বাবে নিয়োগকৰ্তাই দুবছৰলৈকে প্ৰতিমাহে সৰ্বাধিক ৩,০০০ টকা লাভ কৰিব।
- এই সমৰ্থনে নিয়োগৰ ব্যয় হ্ৰাস কৰে আৰু স্থায়ীভাৱে নিয়োগ সৃষ্টি কৰিবলৈ উৎসাহিত কৰে।
- উৎপাদন খণ্ডৰ বাবে, অধিক নিয়োগ সৃষ্টি কৰাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, তৃতীয় আৰু চতুৰ্থ বছৰৰ বাবেও এই প্ৰণোদনা বৃদ্ধি কৰা হৈছে।
PM-VBRY-ৰ প্ৰভাৱ
প্ৰথম বছৰৰ ভিতৰতে PM-VBRY-এ প্ৰথমবাৰৰ বাবে নিয়োগ প্ৰদানক উৎসাহিত কৰি আৰু সামাজিক সুৰক্ষা কভাৰেজৰ সম্প্ৰসাৰণ ঘটাই কৰ্মশক্তিৰ আনুষ্ঠানিকীকৰণ শক্তিশালী কৰিছে। এই আঁচনিখনে অধিক সংখ্যক কৰ্মচাৰীক সংগঠিত খণ্ডলৈ আনিবলৈ সহায় কৰাৰ লগতে বিভিন্ন উদ্যোগত নিয়োগকৰ্তাসকলক নতুন চাকৰি সৃষ্টি কৰিবলৈ উৎসাহিত কৰিছে।
- ২০২৫ চনৰ আগষ্ট মাহৰ পৰা ৭২ লাখতকৈ অধিক প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰা কৰ্মচাৰীয়ে আনুষ্ঠানিক কৰ্মশক্তিত যোগদান কৰিছে।
- উপকাৰভোগীসকলৰ প্ৰায় ৩০ শতাংশ মহিলা, যিয়ে আনুষ্ঠানিক নিয়োগত মহিলাসকলৰ অধিক অংশগ্ৰহণক উৎসাহিত কৰিছে।
- আঁচনিৰ অধীনত ১৫ লাখতকৈ অধিক উপকাৰভোগীয়ে ইতিমধ্যে নিয়োগ-সংলগ্ন প্ৰণোদনা লাভ কৰিছে।
- EPFO পঞ্জীয়ন আৰু প্ৰত্যক্ষ লাভ স্থানান্তৰ (DBT)-ৰ সৈতে নিয়োগ সংযুক্ত কৰাৰ জৰিয়তে PM-VBRY-এ ভাৰতৰ সংগঠিত শ্ৰম বজাৰ শক্তিশালী কৰি তুলিছে আৰু অধিক সুৰক্ষিত প্ৰতিভাশালী কৰ্মশক্তিৰ ভঁৰাল গঢ়ি তুলিছে।
PM-VBRY-ৰ ডিজিটেল শাসন ব্যৱস্থা আৰু দক্ষ বিতৰণ
PM-VBRY-এ স্বচ্ছ, দক্ষ আৰু জবাবদিহিমূলক ৰূপায়ণ নিশ্চিত কৰিবলৈ ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ কৰে। এই আঁচনিখনে নিৰৱচ্ছিন্ন সত্যাপন, লাভ প্ৰদান আৰু বাস্তৱ-সময়ৰ নিৰীক্ষণ নিশ্চিত কৰে।
- এই আঁচনিখন সম্পূৰ্ণৰূপে ডিজিটেল, EPFO-সংযুক্ত প্লেটফৰ্মৰ জৰিয়তে ৰূপায়ণ কৰা হয়, যিয়ে নিৰৱচ্ছিন্ন সত্যাপন আৰু দক্ষভাৱে লাভ প্ৰদান নিশ্চিত কৰে।
- ইয়াত আধাৰ-ভিত্তিক প্ৰমাণীকৰণ, সাৰ্বজনীন একাউণ্ট নম্বৰ (UAN) আৰু নিয়মীয়া ইলেক্ট্ৰনিক চালান-সহ-ৰিটাৰ্ণ (ECR) দাখিলৰ ব্যৱস্থা ব্যৱহাৰ কৰা হয়। UMANG App-ত মুখমণ্ডল প্ৰমাণীকৰণ প্ৰযুক্তি (Face Authentication Technology)-ৰ জৰিয়তে UAN প্ৰমাণীকৰণ সম্পূৰ্ণ হোৱাৰ পিছতহে প্ৰণোদনা লাভ কৰিব পাৰি। ইয়াৰ জৰিয়তে নিয়ম-অনুসৰণ নিশ্চিত কৰাৰ লগতে সামাজিক সুৰক্ষা কভাৰেজৰ সম্প্ৰসাৰণ ঘটে।
- প্ৰত্যক্ষ লাভ স্থানান্তৰ (DBT)-ৰ জৰিয়তে আধাৰ-সংযুক্ত বেংক একাউণ্টলৈ পোনপটীয়াকৈ প্ৰণোদনা স্থানান্তৰ কৰা হয়, যিয়ে স্বচ্ছতা আৰু জবাবদিহিতা বৃদ্ধি কৰে।
- PM-VBRY প'ৰ্টেলে আঁচনিৰ আৰম্ভণিৰ পৰা অন্তলৈকে সম্পূৰ্ণ ৰূপায়ণ ব্যৱস্থাপনা সহজ কৰি তোলে আৰু উপকাৰভোগী আৰু খণ্ডভিত্তিক অগ্ৰগতিৰ বাস্তৱ-সময়ৰ নিৰীক্ষণৰ সুবিধা প্ৰদান কৰে।
সমগ্ৰ দেশজুৰি ব্যাপক জনসচেতনতামূলক কাৰ্যসূচীৰ জৰিয়তে আঁচনি আৰু ইয়াৰ বিভিন্ন ব্যৱস্থাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা হয়। কৰ্মচাৰী ভৱিষ্য নিধি সংস্থা (EPFO), কৰ্মচাৰী ৰাজ্যিক বীমা নিগম (ESIC) আৰু মুখ্য শ্ৰম আয়ুক্ত (CLC)-ৰ বিষয়াসকলক লৈ গঠিত আন্তঃকাৰ্যকৰী দলসমূহে (Cross-Functional Teams) তৃণমূল পৰ্যায়ত অধিক অংশগ্ৰহণ নিশ্চিত কৰাৰ বাবে এই প্ৰচেষ্টাসমূহত সহায় আগবঢ়ায়।
ভাৰতৰ কৰ্মশক্তিক সবলীকৰণ
ভাৰতে যেতিয়া স্থায়ী আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ দিশে আগবাঢ়িছে, তেতিয়া গুণগত নিয়োগ জীৱন-জীৱিকা উন্নীতকৰণ আৰু অৰ্থনৈতিক স্থিতিস্থাপকতা শক্তিশালী কৰাৰ কেন্দ্ৰবিন্দু হৈ থাকিব। প্ৰথমবাৰৰ বাবে নিয়োগ লাভ কৰা কৰ্মচাৰীসকলক উৎসাহিত কৰি আৰু চাকৰি সৃষ্টিত সমৰ্থন জনাই PM-VBRY-এ ভাৰতৰ আনুষ্ঠানিক নিয়োগ ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিছে আৰু সামাজিক সুৰক্ষা কভাৰেজৰ সম্প্ৰসাৰণ ঘটাইছে। আঁচনিখনে প্ৰথম বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে ই ভাৰতৰ জনগাঁথনিগতক লভ্যাংশৰ সম্পূৰ্ণ সম্ভাৱনাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অংগীকাৰক পুনৰ দৃঢ়ভাৱে প্ৰতিপন্ন কৰিছে।
তথ্যসূত্ৰসমূহ
শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
https://pmvbry.epfindia.gov.in/
https://pmvbry.epfindia.gov.in/pmvbry-scheme/
https://pmvbry.epfindia.gov.in/wp-content/themes/epfo-child/assets/images/PMVBRY-Final.pdf
https://sansad.in/getFile/annex/270/AU1536_GzvOyc.pdf?source=pqars
https://sansad.in/getFile/loksabhaquestions/annex/187/AU1392_4I7wJ2.pdf?source=pqals
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2275419®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2148270®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2275547®=48&lang=2
অন্যান্য
http://pmindia.gov.in/hi/news_updates/%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%A7%E0%A4%BE%E0%A4%A8%E0%A4%AE%E0%A4%82%E0%A4%A4%E0%A5%8D%E0%A4%B0%E0%A5%80-%E0%A4%B6%E0%A5%8D%E0%A4%B0%E0%A5%80-%E0%A4%A8%E0%A4%B0%E0%A5%87%E0%A4%A8%E0%A5%8D-1154/
https://www.youtube.com/shorts/UMSneQm7H90
https://www.youtube.com/watch?v=GQt75TsuzBI&list=PLNLJCvbS5aqS4h_BsqW9UboJ2N9a5RGKk&index=11
pdf চাবলৈ ইয়াত ক্লিক কৰক
***
পিআইবি গৱেষণ
(Explainer ID: 159400)
आगंतुक पटल : 136
Provide suggestions / comments