• Sitemap
  • Advance Search
Social Welfare

প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনি

ভাৰতত শৈক্ষিক অন্তৰ্ভুক্তিৰ প্ৰসাৰ

Posted On: 29 JUL 2026 1:26PM

  প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনি শিক্ষা মন্ত্ৰালয়ৰ এক মুখ্য আঁচনি, যাৰ লক্ষ্য হৈছে আৰ্থিক বাধাৰ সন্মুখীন হোৱা যোগ্য শিক্ষাৰ্থীসকলৰ বাবে গুণগত উচ্চ শিক্ষা সহজলভ্য কৰি তোলা। এই আঁচনিৰ অধীনত দেশৰ শীৰ্ষস্থানীয় উচ্চ শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰ বাবে এনে শিক্ষাৰ্থীসকলক বন্ধকবিহীন আৰু জামিনদাৰবিহীন শিক্ষা ঋণ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও, পৰিয়ালৰ আয়ৰ ভিত্তিত সুতৰ ওপৰত সুত-অনুদান প্ৰদান কৰি শিক্ষাৰ্থীসকলক সহায় কৰা হয়, যাৰ ফলত শিক্ষা লাভৰ ক্ষেত্ৰত আৰ্থিক বাধা হ্ৰাস পায়। এইদৰে, ২০৩০ চনৰ ভিতৰত সকলোৰে বাবে অন্তৰ্ভুক্তিমূলক আৰু সমতাপূৰ্ণ গুণগত শিক্ষা নিশ্চিত কৰা আৰু আজীৱন শিক্ষাৰ সুযোগ প্ৰসাৰিত কৰাৰ লক্ষ্য থকা বহনক্ষম উন্নয়ন লক্ষ্য (SDG)–৪ লাভৰ ক্ষেত্ৰতো এই আঁচনিয়ে ভাৰতৰ অগ্ৰগতিত অৱদান আগবঢ়ায়।

উচ্চ শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক বাধা দূৰ কৰা

বিগত এটা দশকত ভাৰতত উচ্চ শিক্ষাত নামভৰ্তিৰ ক্ষেত্ৰত দ্ৰুত সম্প্ৰসাৰণ ঘটিছে। মুঠ নামভৰ্তি অনুপাত (Gross Enrolment Ratio – GER) ২০১৪-১৫ বৰ্ষৰ ২৩.৭% ৰ পৰা বৃদ্ধি পাই ২০২৩-২৪ বৰ্ষত ৩০.০% লৈ উপনীত হৈছে। কিন্তু, বহু মেধাৱী শিক্ষাৰ্থীৰ বাবে দেশৰ শীৰ্ষস্থানীয় শিক্ষানুষ্ঠানসমূহত গুণগত উচ্চ শিক্ষা লাভ কৰাটো এতিয়াও আৰ্থিক অসুবিধাৰ বাবে কঠিন হৈ আছে। বহুতে শিক্ষা ঋণৰ জৰিয়তে এই অভাৱ পূৰণ কৰাৰ চেষ্টা কৰে, কিন্তু আন বহুতে এনে ঋণৰ উচ্চ সুতৰ হাৰ বহন কৰিব নোৱাৰে। ফলস্বৰূপে, তেওঁলোকৰ মেধা থকা সত্ত্বেও আই.আই.টি. (IIT), আই.আই.এম. (IIM) আৰু দেশৰ বহু শীৰ্ষস্থানীয় শিক্ষানুষ্ঠানত অধ্যয়নৰ সপোন অপূৰ্ণ হৈ ৰয়।

এনে শিক্ষাৰ্থীসকলৰ সহায়ৰ বাবে ৬ নৱেম্বৰ ২০২৪ তাৰিখে কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন জনাই প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনি আৰম্ভ কৰে। ই এক মিছন-ম'ড হস্তক্ষেপ, যাৰ অধীনত দেশৰ মনোনীত গুণগত উচ্চ শিক্ষানুষ্ঠান (Quality Higher Educational Institutions – QHEIs) সমূহত নিজ মেধাৰ ভিত্তিত নামভৰ্তি লাভ কৰা শিক্ষাৰ্থীসকলক বন্ধকবিহীন আৰু জামিনদাৰবিহীন শিক্ষা ঋণ প্ৰদান কৰা হয়। তদুপৰি, যিসকল শিক্ষাৰ্থীৰ পৰিয়ালৰ বাৰ্ষিক আয় ৮,০০,০০০ টকা পৰ্যন্ত, তেওঁলোকক ৩% সুত-অনুদান প্ৰদান কৰা হয়।

এই ঋণ লাভৰ সমগ্ৰ প্ৰক্ৰিয়াটো সহজ, স্বচ্ছ, শিক্ষাৰ্থী-অনুকূল আৰু সম্পূৰ্ণ ডিজিটেল। ইয়াৰ বাবে এখন একক প'ৰ্টেল আছে, যাৰ জৰিয়তে শিক্ষাৰ্থীসকলে শিক্ষা ঋণৰ বাবে আবেদন কৰিব পাৰে, আবেদনৰ স্থিতি অনুসৰণ কৰিব পাৰে, সুত-অনুদান দাবী কৰিব পাৰে আৰু অভিযোগো দাখিল কৰিব পাৰে।

এই আঁচনি ৰাষ্ট্ৰীয় শিক্ষা নীতি (National Education Policy – NEP), ২০২০ ৰ পৰা উৎসাৰিত, য'ত চৰকাৰী আৰু বেচৰকাৰী উভয় উচ্চ শিক্ষানুষ্ঠান (Higher Education Institutions – HEIs) ত অধ্যয়নৰ বাবে মেধাৱী শিক্ষাৰ্থীসকলক বিভিন্ন ব্যৱস্থাৰ জৰিয়তে আৰ্থিক সহায় আগবঢ়োৱাৰ পৰামৰ্শ দিয়া হৈছে। ইয়াৰ উদ্দেশ্য হৈছে যাতে ধনৰ অভাৱৰ বাবে কোনো মেধাৱী শিক্ষাৰ্থী দেশৰ সৰ্বোত্তম শিক্ষানুষ্ঠানসমূহত অধ্যয়নৰ পৰা বঞ্চিত নহয়।

PM-Vidyalaxmi-এ বহনক্ষম উন্নয়ন লক্ষ্য (SDG)–৪ আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ ৰ লক্ষ্যসমূহ পূৰণত ইতিবাচক অৱদান আগবঢ়ায়। ইয়াৰ জৰিয়তে অন্তৰ্ভুক্তিমূলক আৰু সমতাপূৰ্ণ গুণগত শিক্ষা আগবঢ়োৱাৰ লগতে সকলোৰে বাবে আজীৱন শিক্ষাৰ সুযোগৰো প্ৰসাৰ ঘটে।

বৈশিষ্ট্য, সুবিধা আৰু আওতা

PM-Vidyalaxmi- আঁচনিৰ অধীনত দেশৰ মনোনীত গুণগত উচ্চ শিক্ষানুষ্ঠান (Quality Higher Educational Institutions – QHEIs) সমূহত নিজ মেধাৰ ভিত্তিত নামভৰ্তি লাভ কৰা শিক্ষাৰ্থীসকলক বন্ধকবিহীন (Collateral-free) আৰু জামিনদাৰবিহীন (Guarantor-free) শিক্ষা ঋণ প্ৰদান কৰা হয়। বৰ্তমান এই আঁচনিৰ আওতাত ১,৪২৫খন QHEI অন্তৰ্ভুক্ত কৰা হৈছে, য'ত চৰকাৰী আৰু বেচৰকাৰী দুয়ো ধৰণৰ শিক্ষানুষ্ঠান সন্নিবিষ্ট। মেনেজমেণ্ট কোটা, এন.আৰ.আই. (NRI) কোটা আদিৰ অধীনত নামভৰ্তি লাভ কৰা শিক্ষাৰ্থীসকলে এই সুবিধা লাভ নকৰিব।

৭.৫ লাখ টকা পৰ্যন্ত ঋণৰ ক্ষেত্ৰত বেংকসমূহক সহায় কৰিবলৈ ভাৰত চৰকাৰে ৭৫% ঋণ-জামিন প্ৰদান কৰে, যাতে অধিক সংখ্যক শিক্ষাৰ্থীক ঋণ আগবঢ়াবলৈ বেংকসমূহ উৎসাহিত হয়। যিসকল শিক্ষাৰ্থীৰ পৰিয়ালৰ বাৰ্ষিক আয় ৮ লাখ টকা পৰ্যন্ত, তেওঁলোকৰ বাবে ১০ লাখ টকা পৰ্যন্ত ঋণৰ ওপৰত ৩% সুত-অনুদান প্ৰদান কৰা হয়। এই সুবিধা ইতিমধ্যে ৪.৫ লাখ টকা পৰ্যন্ত পৰিয়ালৰ বাৰ্ষিক আয় থকা শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ সম্পূৰ্ণ সুত-অনুদানৰ উপৰিও প্ৰযোজ্য।

বন্ধকবিহীন, জামিনদাৰবিহীন শিক্ষা ঋণ

যোগ্য QHEI ত নামভৰ্তি লাভ কৰা শিক্ষাৰ্থীসকলে প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মীৰ অধীনত কোনো ধৰণৰ বন্ধক বা তৃতীয় পক্ষৰ জামিন অবিহনে শিক্ষা ঋণ লাভ কৰিব পাৰে।

শিক্ষা ঋণৰ সৰ্বোচ্চ পৰিমাণৰ কোনো সীমা নাই। ঋণৰ পৰিমাণ নিৰ্ধাৰণ কৰা হ'ব সংশ্লিষ্ট পাঠ্যক্ৰমৰ মাচুল, QHEI-এ লোৱা অন্যান্য মাচুল, আৰু আন আন সংশ্লিষ্ট ব্যয়ৰ ভিত্তিত। ইয়াৰ ভিতৰত আছে- মেছৰ মাচুল, ছাত্ৰাবাসৰ মাচুল, QHEI-ৰ অন্যান্য ঘূৰাই দিয়া আৰু অঘূৰাই দিয়া মাচুল, যুক্তিসংগত মানদণ্ডৰ এখন লেপটপৰ ব্যয়, আৰু পাঠ্যক্ৰমৰ সময়ছোৱাত শিক্ষাৰ্থীৰ প্ৰয়োজনীয় যুক্তিসংগত জীৱন-যাপনৰ ব্যয়| সকলো আয়ৰ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে এই ঋণৰ বাবে আবেদন কৰিব পাৰিব।

ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক অধিক সংখ্যক শিক্ষাৰ্থীক ঋণ আগবঢ়াবলৈ উৎসাহিত কৰিবলৈ, চৰকাৰে ৭.৫ লাখ টকা পৰ্যন্ত ঋণৰ ক্ষেত্ৰত ৭৫% ঋণ-জামিন প্ৰদান কৰে। ইয়াৰ ফলত ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ বিপদাশংকা যথেষ্ট হ্ৰাস পায় আৰু শিক্ষাৰ্থীসকলৰ বাবে ঋণ লাভ অধিক সহজ হয়।

এই আঁচনিৰ অধীনত শিক্ষা ঋণৰ ওপৰত লোৱা সুতৰ হাৰ সংশ্লিষ্ট বেংকৰ বাহ্যিক মানদণ্ড-সংলগ্ন ঋণৰ হাৰ (Externally Benchmarked Lending Rate – EBLR) + ০.৫% ত সীমাবদ্ধ থাকিব। এই সুতৰ হাৰ সদায় PM-Vidyalaxmi-ৰ বাহিৰত থকা সাধাৰণ শিক্ষা ঋণৰ সুতৰ হাৰতকৈ কম হ'ব। শিক্ষা ঋণ পৰিশোধৰ সময়সীমা ম'ৰেট'ৰিয়াম সময়—অৰ্থাৎ পাঠ্যক্ৰমৰ সময়কাল + ১ বছৰ—বাদ দি সৰ্বাধিক ১৫ বছৰ হ'ব। এই ঋণ ভাৰতৰ ভিতৰত চলোৱা সকলো ডিগ্ৰী আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ বাবে উপলব্ধ। এই সুবিধা লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যাৰ ক্ষেত্ৰতো কোনো সীমা নাই। শিক্ষা ঋণসমূহ অংশগ্ৰহণকাৰী তফচিলভুক্ত বেংক, আঞ্চলিক গ্ৰাম্য বেংক (Regional Rural Banks – RRBs) আৰু সমবায় বেংকৰ জৰিয়তে প্ৰদান কৰা হয়।

সুত ৰাজসাহায্য

প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী-এ প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰোৎসাহন কেন্দ্ৰীয় খণ্ড সুত ৰাজসাহায্য আঁচনি (Pradhan Mantri Uchchatar Shiksha Protsahan Central Sector Interest Subsidy Scheme - PM-USP CSIS)-ক পৰিপূৰক হিচাপে সমৰ্থন কৰে। PM-USP CSIS ৰ অধীনত, অনুমোদিত NAAC স্বীকৃতিপ্ৰাপ্ত উচ্চ শিক্ষানুষ্ঠান (HEIs) বা NBA স্বীকৃতিপ্ৰাপ্ত পাঠ্যক্ৰমত কাৰিকৰী/পেছাদাৰী পাঠ্যক্ৰম অধ্যয়ন কৰি থকা আৰু যিসকল শিক্ষাৰ্থীৰ পৰিয়ালৰ বাৰ্ষিক আয় ৪.৫ লাখ টকা পৰ্যন্ত, তেওঁলোক ১০ লাখ টকা পৰ্যন্ত শিক্ষা ঋণৰ ওপৰত ম'ৰেট'ৰিয়াম সময়ছোৱাত (পাঠ্যক্ৰমৰ সময়কাল + ১ বছৰ) ১০০% সুত ৰাজসাহায্য লাভৰ বাবে যোগ্য।

প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী সুত ৰাজসাহায্য আঁচনিৰ আওতা অধিক বিস্তৃত আৰু ইয়াত মনোনীত গুণগত উচ্চ শিক্ষানুষ্ঠান (QHEIs) সমূহৰ সকলো পাঠ্যক্ৰম অন্তৰ্ভুক্ত। এই আঁচনিৰ অধীনত, যিসকল মেধাৱী শিক্ষাৰ্থীৰ পৰিয়ালৰ বাৰ্ষিক আয় ৮,০০,০০০ টকাতকৈ কম, তেওঁলোকক ১০ লাখ টকা পৰ্যন্ত ঋণৰ ওপৰত ম'ৰেট'ৰিয়াম সময়ছোৱাত (পাঠ্যক্ৰমৰ সময়কাল + ১ বছৰ) ৩% সুত-অনুদান প্ৰদান কৰা হয়।

যদি শিক্ষা ঋণৰ পৰিমাণ ১০ লাখ টকাতকৈ অধিক হয়, তেন্তে ঋণৰ মুঠ বিতৰণ কৰা মূলধনৰ ১০ লাখ টকা পৰ্যন্ত অংশৰ ওপৰতহে সুত-অনুদান প্ৰদান কৰা হ'ব।

যিসকল শিক্ষাৰ্থীয়ে অন্য কোনো কেন্দ্ৰীয়/ৰাজ্য চৰকাৰী বৃত্তি, অন্য কোনো সুত ৰাজসাহায্য আঁচনি, অথবা মাচুল প্ৰতিদান সুবিধা লাভ কৰিছে, তেওঁলোক CSIS বা প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মীৰ অধীনত সুত ৰাজসাহায্যৰ সুবিধা লাভৰ বাবে যোগ্য নহ'ব।

প্ৰতি বছৰে সৰ্বাধিক ১ লাখ শিক্ষাৰ্থী ৩% সুত ৰাজসাহায্য (ম'ৰেট'ৰিয়াম সময়ছোৱাত) লাভৰ বাবে যোগ্য হ'ব। CSIS-ৰ সুবিধাভোগীসকলৰ ক্ষেত্ৰত এনে কোনো সংখ্যাগত সীমা নাই।

প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰোৎসাহন কেন্দ্ৰীয় খণ্ড সুত ৰাজসাহায্য আঁচনি আৰু প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মীৰ অধীনত সুত-অনুদানৰ তুলনামূলক বিৱৰণ-(প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী 'ৰ্টেলত উপলব্ধ):

 

প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰোৎসাহন কেন্দ্ৰীয় খণ্ড সুত ৰাজসাহায্য আঁচনি

প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী

শিক্ষানুষ্ঠানসমূহ

NAAC/ NBA স্বীকৃতিপ্ৰাপ্ত, জাতীয় গুৰুত্বৰ প্ৰতিষ্ঠান (INIs), ভাৰতীয় চিকিৎসা আয়োগ, নাৰ্চিং কাউন্সিল, বাৰ কাউন্সিল, ফাৰ্মাচী কাউন্সিল, ডেন্টাল কাউন্সিলৰ দৰে নিয়ন্ত্ৰণকাৰী সংস্থাৰ দ্বাৰা অনুমোদিত কাৰিকৰী প্ৰতিষ্ঠান

এন আই আৰ এফত শীৰ্ষ ১০০ – ব্যক্তিগত

ৰাজ্য চৰকাৰ- এন আই আৰ এফত শীৰ্ষ ২০০

বাকী থকা কেন্দ্ৰীয় চৰকাৰ

পাঠ্যক্ৰম

পেছাদাৰী/ কাৰিকৰী পাঠ্যক্ৰম

সকলো ডিগ্ৰী/ডিপ্লমা পাঠ্যক্ৰম

পৰিয়ালৰ বাৰ্ষিক আয়

৪.৫ লাখ টকা

লাখ টকা

সুতৰ ৰাজসাহায্য

মৰেটৰিয়ামৰ সময়ছোৱাত সম্পূৰ্ণ সুতৰ ৰাজসাহায্য

মৰেটৰিয়ামৰ সময়ছোৱাত ৩% সুতৰ ৰাজসাহায্য

স্লটৰ সংখ্যা

কোনো সীমা নাই

বছৰি লাখ সতেজ স্লট

ঋণ পৰিশোধ কৰা

মৰেটৰিয়াম পিৰিয়ডৰ পিছত ১৫ বছৰলৈকে (কোৰ্চ পিৰিয়ড + ১ বছৰ)

এই আঁচনিয়ে বেংকৰ বাহ্যিক মানদণ্ড-সংলগ্ন ঋণৰ হাৰ (EBLR) + ০.৫% ত সীমাবদ্ধ সুতৰ হাৰত সুলভ শিক্ষা ঋণ প্ৰদান কৰে। ইয়াৰ উপৰিও, যদি ঋণগ্ৰহীতাই অধ্যয়নৰ সময়ছোৱা আৰু ম'ৰেট'ৰিয়াম সময়ছোৱাত নিয়মীয়াকৈ সুত পৰিশোধ কৰে, তেন্তে বেংকে অতিৰিক্ত ১% পৰ্যন্ত সুতৰ ৰেহাই দিব পাৰে। এই আঁচনিৰ অধীনত পৰিশোধ কৰা সুতৰ ওপৰত আয়কৰ আইন, ধাৰা 80E অনুসৰি কৰ-সুবিধাও উপলব্ধ।

সুত-অনুদান আৰু ঋণ-জামিনৰ সুবিধা এবাৰহে লাভ কৰিব পাৰিব—স্নাতক, স্নাতকোত্তৰ অথবা সংহত পাঠ্যক্ৰমৰ যিকোনো এটাৰ বাবে। চৰকাৰে ২০২৪-২৫ ৰ পৰা ২০৩০-৩১ লৈ এই আঁচনিৰ বাবে ৩,৬০০ কোটি টকাৰ বাজেট আৱণ্টন কৰিছে। এই সাত বছৰীয়া সময়ছোৱাত ৭ লাখ নতুন শিক্ষাৰ্থী এই সুত-অনুদানৰ সুবিধা লাভ কৰিব বুলি আশা কৰা হৈছে।

শিক্ষাৰ্থীসকলৰ বাবে যোগ্যতাৰ মানদণ্ড

  • এই আঁচনি ভাৰতৰ মনোনীত গুণগত উচ্চ শিক্ষানুষ্ঠান (Quality Higher Education Institutions – QHEIs) সমূহত প্ৰতিযোগিতামূলক পৰীক্ষাৰ জৰিয়তে নিজ মেধাৰ ভিত্তিত নামভৰ্তি লাভ কৰা শিক্ষাৰ্থীসকলৰ বাবে উপলব্ধ।
  • এই আঁচনিৰ অধীনত সকলো ডিগ্ৰী আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ বাবে শিক্ষা ঋণ প্ৰদান কৰা হয়।
  • শিক্ষা ঋণ পৰিশোধৰ সময়সীমা ম'ৰেট'ৰিয়াম সময় (পাঠ্যক্ৰমৰ সময়কাল + ১ বছৰ) বাদ দি সৰ্বাধিক ১৫ বছৰ হ'ব।
  • এই সকলো সুবিধা লাভ কৰিবলৈ শিক্ষাৰ্থীসকলে আধাৰৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব, পাঠ্যক্ৰমত নিয়মীয়াকৈ অধ্যয়ন অব্যাহত ৰাখিব লাগিব আৰু সন্তোষজনক শিক্ষাগত প্ৰদৰ্শন বজাই ৰাখিব লাগিব।

অতিৰিক্ত চৰ্তসমূহ

  • আবেদনকাৰীয়ে পাঠ্যক্ৰম আধাতে এৰি দিব নোৱাৰিব অথবা শৈক্ষিক বা শৃংখলাজনিত কাৰণত শিক্ষানুষ্ঠানৰ পৰা বহিষ্কৃত হ'ব নোৱাৰিব।
  • দ্বিতীয় বৰ্ষৰ পৰা সুত-অনুদানৰ সুবিধা অব্যাহত ৰাখিবলৈ শিক্ষাৰ্থীয়ে সন্তোষজনক শিক্ষাগত প্ৰদৰ্শন বজাই ৰাখিব লাগিব।
  • শিক্ষাৰ্থীয়ে স্নাতক, স্নাতকোত্তৰ অথবা সংহত পাঠ্যক্ৰমৰ যিকোনো এটাৰ বাবে এবাৰহে সুত-অনুদান আৰু ঋণ-জামিনৰ সুবিধা লাভ কৰিব পাৰিব।

উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে যোগ্যতাৰ মানদণ্ড

উচ্চ শিক্ষানুষ্ঠান (HEIs) বাছনি কৰাৰ মানদণ্ড ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং ফ্ৰেমৱৰ্ক (National Institutional Ranking Framework – NIRF) ৰ ৰেংকিঙৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হৈছে।

বৰ্তমান এই আঁচনিৰ আওতাত তলত উল্লেখিত শিক্ষানুষ্ঠানসমূহ অন্তৰ্ভুক্ত—

  • শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া NIRF তালিকাৰ সামগ্ৰিক /শ্ৰেণীভিত্তিক /ক্ষেত্ৰভিত্তিক ৰেংকিঙৰ শীৰ্ষ ১০০ উচ্চ শিক্ষানুষ্ঠান।
  • শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া NIRF তালিকাৰ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰৰ অধীনস্থ শীৰ্ষ ২০০ উচ্চ শিক্ষানুষ্ঠান।
  • ভাৰত চৰকাৰৰ অধীনস্থ অৱশিষ্ট সকলো উচ্চ শিক্ষানুষ্ঠান।

বিদেশী শিক্ষানুষ্ঠানৰ ভাৰতীয় কেম্পাছ, ভাৰতীয় শিক্ষানুষ্ঠানৰ বিদেশস্থিত কেম্পাছ আৰু বিদেশী শিক্ষানুষ্ঠানসমূহ এই আঁচনিৰ আওতাত অন্তৰ্ভুক্ত নহয়।

সমগ্ৰ ভাৰতত উচ্চ শিক্ষানুষ্ঠান বাছনি কৰাৰ এই মানদণ্ডই ৰাজ্যসমূহৰ মাজত সমতাপূৰ্ণ প্ৰতিনিধিত্ব নিশ্চিত কৰে।

এই তালিকা শেহতীয়া NIRF ৰেংকিঙৰ ভিত্তিত সময়ে সময়ে হালনাগাদ কৰা হয়। বৰ্তমান ১,৪২৫খন শিক্ষানুষ্ঠান প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিৰ আওতাত অন্তৰ্ভুক্ত আৰু এই আঁচনি শিক্ষা ঋণৰ বাবে যোগ্য।

সুবিধা লাভ কৰাৰ পদক্ষেপসমূহ

প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মীৰ লক্ষ্য হৈছে শিক্ষাৰ্থীসকলক ব্যৱহাৰকাৰী-অনুকূল ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে সহজে শিক্ষা ঋণ লাভ কৰাৰ সুবিধা প্ৰদান কৰি উচ্চ শিক্ষাক অধিক সহজলভ্য কৰি তোলা।

এই আঁচনিয়ে অনলাইন আবেদন, আবেদনৰ অগ্ৰগতি অনুসৰণ, সময়মতে অনুমোদন আৰু ঋণ বিতৰণৰ সুবিধা প্ৰদান কৰি শিক্ষা ঋণৰ সমগ্ৰ প্ৰক্ৰিয়াটো সৰল কৰি তোলে।

এই আঁচনিখন এক নিৰ্দিষ্ট আঁচনি প'ৰ্টেলৰ জৰিয়তে পৰিচালিত হয়, যিয়ে তলত দিয়া সুবিধাসমূহ প্ৰদান কৰে—

  • সাধাৰণ ঋণ আবেদন
  • বেংক বাছনি
  • আবেদনৰ স্থিতি অনুসৰণ
  • সুত-অনুদানৰ বাবে আবেদন
  • ডিজিটেল প্ৰক্ৰিয়াকৰণ আৰু স্বচ্ছতা

PM Vidyalaxmi Digital Rupee এপ্লিকেচন (CBDC ৱালেট)

শিক্ষা ঋণ অনুমোদিত আৰু বিতৰণ হোৱাৰ পিছত, যোগ্য শিক্ষাৰ্থীসকলে তেওঁলোকৰ পৰিয়ালৰ আয়ৰ ভিত্তিত সুত-অনুদান লাভৰ বাবে আবেদন কৰিব পাৰে। অনুদানৰ ধন সুবিধাভোগীৰ PM Vidyalaxmi Digital Rupee এপ্লিকেচন (CBDC Wallet) ত জমা কৰা হয় আৰু তাৰ পিছত সেই ধন শিক্ষা ঋণ একাউণ্টলৈ স্থানান্তৰ কৰা হয়।

কেন্দ্ৰীয় খণ্ড সুত-সাহায্য আঁচনিৰ অধীনত ভাৰতত কাৰিকৰী/পেছাদাৰী পাঠ্যক্ৰম অধ্যয়নৰ বাবে লোৱা শিক্ষা ঋণৰ ওপৰত ম'ৰেট'ৰিয়াম সময়ছোৱাত সম্পূৰ্ণ সুত-সাহায্য প্ৰদান কৰা হয়। যিসকল শিক্ষাৰ্থীৰ পিতৃ-মাতৃ/পৰিয়ালৰ বাৰ্ষিক মুঠ আয় ₹৪.৫ লাখ পৰ্যন্ত, তেওঁলোক এই আঁচনিৰ বাবে যোগ্য।

বৰ্তমানৰ প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰোৎসাহন কেন্দ্ৰীয় খণ্ড সুত-সাহাৰ্য আঁচনি আঁচনিখন প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী প'ৰ্টেল আৰু PM Vidyalaxmi Digital Rupee ৱালেটৰ জৰিয়তে পৰিচালিত হৈছে। ২২ জুলাই, ২০২৬ তাৰিখলৈকে ৩৫,৭৭৭টা সক্ৰিয় ৱালেট আছে, যাৰ জৰিয়তে ৫৭.৬৬ কোটি টকাৰ সুত-সাহায্য বিতৰণ কৰা হৈছে।

এই ডিজিটেল ব্যৱস্থাই সুবিধা বিতৰণ প্ৰক্ৰিয়াক অধিক সুশৃংখল কৰি তুলিছে, বিলম্ব হ্ৰাস কৰিছে আৰু যোগ্য শিক্ষাৰ্থীসকলৰ ওচৰলৈ সময়মতে আৰ্থিক সহায় নিশ্চিত কৰিছে।

২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে ২০২৪-২৫ বৰ্ষ সম্পৰ্কীয় ৪,১৪,৮৪৪টা দাবী কানাড়া বেংকত লাভ কৰা হৈছে, যাৰ মুঠ পৰিমাণ ৮৯২.৮১ কোটি টকা। ইয়াৰ ফলত সুবিধাভোগী শিক্ষাৰ্থীসকলৰ ঋণ পৰিশোধৰ বোজা উল্লেখযোগ্যভাৱে হ্ৰাস পাব।

প'ৰ্টেলটোৱে শিক্ষাৰ্থীসকলক অভিযোগ দাখিল আৰু তাৰ অগ্ৰগতি নিৰীক্ষণ কৰাৰ সুবিধাও প্ৰদান কৰে, যাৰ ফলত স্বচ্ছতা নিশ্চিত হয় আৰু অভিযোগসমূহৰ সময়মতে নিষ্পত্তি হয়।

প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিৰ প্ৰভাৱ

প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী এক একত্ৰিত, সম্পূৰ্ণ ডিজিটেল আৰু স্বচ্ছ শিক্ষা ঋণ সুবিধা প্ৰদানকাৰী প্লেটফৰ্ম হিচাপে ৰূপায়িত কৰা হৈছে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে একেটা প'ৰ্টেলৰ পৰা প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী শিক্ষা ঋণকে ধৰি সকলো ধৰণৰ শিক্ষা ঋণৰ বাবে বেংকসমূহলৈ আবেদন কৰিব পাৰে আৰু অনলাইনযোগে নিজৰ আবেদনৰ স্থিতি অনুসৰণ কৰিব পাৰে।

প'ৰ্টেলটোৰ ডেশ্বব'ৰ্ডে আবেদন, অনুমোদন আৰু প্ৰক্ৰিয়াকৰণৰ বিভিন্ন পৰ্যায়ৰ বাস্তৱ-সময়ৰ পৰিসংখ্যা প্ৰদৰ্শন কৰে।

২০২৫-২৬ বিত্তীয় বৰ্ষত, প'ৰ্টেলখনত সকলো শিক্ষা ঋণ আঁচনিৰ অধীনত ৬,৪৫,৫১৪ খন শিক্ষা ঋণ আবেদন লাভ কৰা হৈছিল। ইয়াৰে ১,১০,৬৬৭খন আবেদন প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী শিক্ষা ঋণৰ বাবে আছিল।

২০২৫-২৬ বিত্তীয় বৰ্ষত, প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মীৰ অধীনত লাভ কৰা ১,১০,৬৬৭ খন শিক্ষা ঋণ আবেদনৰ ভিতৰত ৭০,৮৫২খন ঋণ অনুমোদন কৰা হৈছে আৰু ৬৭,৭২৮খন ঋণ ইতিমধ্যে বিতৰণ কৰা হৈছে।

লিংগভিত্তিক অন্তৰ্ভুক্তিকৰণ

প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনিয়ে নিশ্চিত কৰে যে, লিংগ নিৰ্বিশেষে সকলো যোগ্য আৰু মেধাৱী শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে আৰ্থিক সহায় লাভ কৰাৰ সুযোগ পায়। মহিলা আৰু তৃতীয় লিংগৰ শিক্ষাৰ্থীসকলেও এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে, যাৰ ফলত উচ্চ শিক্ষা অধিক অন্তৰ্ভুক্তিমূলক আৰু সহজলভ্য হৈ উঠে।

আৰ্থিক বাধা হ্ৰাস কৰাৰ জৰিয়তে এই আঁচনিয়ে শিক্ষাৰ্থীসকলক গুণগত শিক্ষা লাভ, দক্ষতা বৃদ্ধি আৰু উন্নত কৰ্মজীৱনৰ সম্ভাৱনা গঢ়ি তোলাত সহায় কৰে। ইয়াৰ ফলত তেওঁলোকৰ নিয়োগযোগ্যতা বৃদ্ধি পায় আৰু কৰ্মশক্তিত অধিক অংশগ্ৰহণৰ সুযোগ সৃষ্টি হয়, যিয়ে অধিক অন্তৰ্ভুক্তিমূলক সামাজিক আৰু অৰ্থনৈতিক উন্নয়নত অৱদান আগবঢ়ায়।

২০২৫-২৬ বিত্তীয় বৰ্ষত, ৩,৬৮,৭৪২ জন পুৰুষ আৰু ২,৭৬,৭৬৪ গৰাকী মহিলাই শিক্ষা ঋণৰ বাবে আবেদন কৰিছিল। ইয়াৰে ২,০৩,৪৩৮খন ঋণ পুৰুষৰ বাবে আৰু ১,৫৮,৬২৯খন ঋণ মহিলাৰ বাবে অনুমোদন কৰা হৈছিল।

সুবিধাবঞ্চিত শিক্ষাৰ্থীসকলক সবলীকৰণ

এই আঁচনিয়ে আৰ্থিকভাৱে দুৰ্বল পটভূমিৰ শিক্ষাৰ্থীসকলক মূলধাৰাৰ শিক্ষা ব্যৱস্থাৰ সৈতে সংযুক্ত হোৱাত সহায় কৰে, যাৰ ফলত সামগ্ৰিকভাৱে অন্তৰ্ভুক্তিকৰণ বৃদ্ধি পায়।

মুঠ আবেদনসমূহৰ ভিতৰত আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী, সাধাৰণ শ্ৰেণী, নন-ক্ৰীমি লেয়াৰ অন্যান্য পিছপৰা শ্ৰেণী, অন্যান্য পিছপৰা শ্ৰেণী, অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু দিব্যাংগ ব্যক্তি শ্ৰেণীৰ শিক্ষাৰ্থীসকল অন্তৰ্ভুক্ত আছিল।

সকলো প্ৰধান সামাজিক গোটৰ আবেদনকাৰীৰ অংশগ্ৰহণে এই আঁচনিৰ বিস্তৃত প্ৰসাৰ আৰু অন্তৰ্ভুক্তিমূলক কাঠামোক প্ৰতিফলিত কৰে। ইয়াৰ দ্বাৰা স্পষ্ট হয় যে, এই আঁচনিয়ে আৰ্থিক বাধা হ্ৰাস কৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত ন্যায্য আৰু সমতাপূৰ্ণ শৈক্ষিক সুযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে।

প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী আঁচনি: শৈক্ষিক সমতাৰ দিশত এক পদক্ষেপ

প্ৰধানমন্ত্ৰী বিদ্যালক্ষ্মী হৈছে উচ্চ শিক্ষাত সমতাপূৰ্ণ প্ৰৱেশাধিকাৰ সম্প্ৰসাৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই আঁচনিৰ জৰিয়তে মেধাৱী শিক্ষাৰ্থীসকলক বন্ধকবিহীন আৰু জামিনদাৰবিহীন শিক্ষা ঋণ প্ৰদান কৰা হয়, লগতে যোগ্য পৰিয়ালসমূহক লক্ষ্যভিত্তিক সুত-অনুদান আগবঢ়োৱা হয়।

আৰ্থিক বাধা হ্ৰাস কৰাৰ ফলত বিশেষকৈ আৰ্থিকভাৱে অসুবিধাগ্ৰস্ত শিক্ষাৰ্থীসকলৰ বাবে গুণগত উচ্চ শিক্ষাত অংশগ্ৰহণ অধিক সহজ হয়। এইদৰে, আঁচনিখনে ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০-ৰ উদ্দেশ্যসমূহ পূৰণত সহায় কৰে, অন্তৰ্ভুক্তিমূলক আৰু সমতাপূৰ্ণ গুণগত শিক্ষা সম্পৰ্কীয় বহনক্ষম উন্নয়ন লক্ষ্য (SDG)–৪ লাভৰ ক্ষেত্ৰত অৱদান আগবঢ়ায় আৰু দেশৰ বাবে দক্ষ, সক্ষম আৰু ভৱিষ্যৎ-প্ৰস্তুত মানৱ সম্পদ গঢ়ি তোলাত সহায় কৰে।

তথ্যসূত্ৰসমূহ:

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (MeitY)

https://www.myscheme.gov.in/schemes/pmvs

ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক আৰু সামাজিক পৰিক্ৰমা বিভাগ

https://sdgs.un.org/goals/goal4#targets_and_indicators

প্ৰেছ ইনফ’ৰমেশ্যন ব্যুৰো

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154950&ModuleId=3&reg=48&lang=2

নিটি আয়োগ

https://www.niti.gov.in/sites/default/files/2025-08/india-voluntary-national-review.pdf

শিক্ষা মন্ত্ৰালয়

https://cdnbbsr.s3waas.gov.in/s392049debbe566ca5782a3045cf300a3c/uploads/2025/06/202506041473712372.pdf

https://cdnbbsr.s3waas.gov.in/s392049debbe566ca5782a3045cf300a3c/uploads/2026/07/202607131602421770.pdf

https://aicte.gov.in/sites/default/files/nep2020.pdf

https://www.govtschemes.in/sites/default/files/2024-11/PM%20Vidyalaxmi%20Scheme%20Details.pdf?v=1

https://pmvidyalaxmi.co.in/Index.aspx

https://pmvidyalaxmi.co.in/img/UserManual-Student.pdf

https://www.education.gov.in/en/pradhan-mantri-vidyalaxmi-pm-vidyalaxmi-scheme-guidelines

 

PDF চাবলৈ ক্লিক কৰক

 

 ***

পিআইবি গৱেষণা

(Explainer ID: 159367) आगंतुक पटल : 16
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Bengali , Telugu , Kannada