• Sitemap
  • Advance Search
Energy & Environment

ব্যাঘ্ৰ সংৰক্ষণত ভাৰতৰ নেতৃত্ব

“বাঘৰ সুৰক্ষা, পৰিবেশ তন্ত্ৰৰ সংৰক্ষণ”

Posted On: 28 JUL 2026 10:54AM

  

বিজ্ঞান ভিত্তিক নীতি আৰু শক্তিশালী প্ৰতিষ্ঠানিক সমৰ্থনৰ জৰিয়তে ভাৰতে ব্যাঘ্ৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। দেশখন এতিয়া বিশ্বৰ প্ৰায় ৭০% বন্য বাঘৰ বিচৰণভূমি প্ৰযুক্তি চালিত নিৰীক্ষণ, ফলপ্ৰসূ শাসন ব্যৱস্থা আৰু সমাজ সমূহৰ অংশগ্ৰহণে সংৰক্ষণৰ ফলাফলক সম্প্ৰসাৰিত কৰিছে। ভাৰতে বাঘ আৰু ইয়াৰ বাসস্থান সমূহৰ ভৱিষ্যতক সুৰক্ষিত কৰাৰ বাবেও বিশ্ব সহযোগিতাক আগবঢ়াই নিছে।

বাঘৰ সমৃদ্ধি, স্থিতিস্থাপক পৰিবেশ তন্ত্ৰ

প্ৰতি বছৰে ২৯ জুলাইৰ দিনা আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালনেৰে বাঘ সংৰক্ষণৰ বিশ্বব্যাপী গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। ভাৰতৰ বাবে এই দিৱসে বিজ্ঞান-ভিত্তিক সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ প্ৰতি চৰকাৰৰ দীৰ্ঘদিনীয়া দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। এই দিৱসত ভাৰতৰ উল্লেখযোগ্য সংৰক্ষণ সাফল্যৰাজিও প্রদর্শন কৰা হয়। আজি ভাৰত হৈছে বিশ্বৰ সৰ্বাধিক বন্য বাঘৰ বিচৰণ ভূমিবিশ্বজুৰি সকলো বন্য বাঘৰ প্ৰায় ৭০% ভাৰতত আছে। এই সফলতাই দশক-দশক আগবঢ়াই অহা নীতিগত সমৰ্থন, বৈজ্ঞানিক ব্যৱস্থাপনা আৰু সমাজৰ অংশগ্ৰহণ কাৰ্যৰ প্ৰতিফলন ঘটাইছে। ইয়াৰ ফলশ্ৰুতিত ভাৰত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত হৈছে।

এই সাফল্য বাঘৰ সৈতে ভাৰতৰ গভীৰ সাংস্কৃতিক আৰু পৰিবেশগত সম্পৰ্কেৰে বদ্ধমূল। যুগ-যুগ ধৰি প্ৰাচীন মুদ্ৰা, ৰজাৰ ছীল আৰু মন্দিৰৰ খোদিত শিল্পকৰ্মই বাঘক শক্তি আৰু সাৰ্বভৌমত্বৰ প্ৰতীক হিচাপে চিত্ৰিত কৰি আহিছে। এই চিৰস্থায়ী উত্তৰাধিকাৰক স্বীকৃতি জনাই চৰকাৰে ১৯৭২-ত ঢেঁকীয়াপতীয়া বাঘক (Royal Bengal Tiger) ৰাষ্ট্ৰীয় জন্তু হিচাপে ঘোষণা কৰিছিল। আজিও এই বাঘে ভাৰতৰ চহকী জৈৱ বৈচিত্ৰ্য, পাৰিপাৰ্শ্বিক সম্পদ আৰু ভিন্ন ভূ-প্ৰকৃতি নিৰ্বিশেষে উমৈহতীয়া প্ৰাকৃতিক ঐতিহ্যক প্ৰতিনিধিত্ব কৰি আছে।

সাংস্কৃতিক তাৎপৰ্য্যৰ বাহিৰেও বাঘে অতিশয় গুৰুত্বপূৰ্ণ পৰিবেশগত ভূমিকা পালন কৰে। এটি চিকাৰী প্ৰাণী আৰু ‘আমব্ৰেলা’ প্ৰজাতি হিচাপে ই সুস্থ বন বাতাবৰণ অক্ষুণ্ণ ৰখাত সহায় কৰে। বাঘৰ বাসস্থান সমূহ সংৰক্ষণ কৰিলে বনাঞ্চল, নদী আৰু আন অগণন প্ৰজাতিৰ জীৱ-জন্তু সমূহ সুৰক্ষিত হয়। এনে অৰণ্যসমূহে জল নিয়ন্ত্ৰণ কৰে, ভূমি সংৰক্ষণ কৰে, পৰাগযোগ আৰু মজলীয়া স্থানীয় জলবায়ুক সমৰ্থন কৰে। ইয়াৰ উপৰিও দুৰ্য্যাগৰ বিপদাশংকা হ্ৰাস কৰে আৰু গ্ৰামাঞ্চলৰ জীৱিকা তথা নগৰীয়া অৰ্থনীতি অক্ষুণ্ণ ৰখা পৰিবেশ তন্ত্ৰৰ সেৱা আগবঢ়ায়। বাঘ আৰু ইয়াৰ বাসস্থান সুৰক্ষিত কৰি চৰকাৰে জৈৱ বৈচিত্ৰ্য সংৰক্ষণক ব্যাপক কৰি তুলিছে, পৰিবেশ সুৰক্ষা বৃদ্ধি কৰিছে তথা বহনক্ষম উন্নয়নৰ জৰিয়তে এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিছে।

আপোনাৰ জ্ঞাত নে?

২০১০- নৱেম্বৰত অনুষ্ঠিত হোৱা চেন্ট পিটাৰ্ছবাৰ্গ ব্যাঘ্ৰ সন্মিলনৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সূচনা হৈছে। ভাৰতকে প্ৰমুখ্য কৰি ১৩ খন টাইগাৰ-ৰেঞ্জ দেশৰ নেতাসকলে ২০২২-ৰ ভিতৰত বিশ্বব্যাপী বন্য বাঘৰ সংখ্যা দুগুণ কৰাৰ অভিলাষী Tx2 লক্ষ্য নিৰ্ধাৰণ কৰিছে। আজি এই দিৱস সংৰক্ষণৰ অগ্ৰগতি সম্পৰ্কে পৰ্যালোচনা, আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বৰ্ধন আৰু সজাগতা বৃদ্ধিৰ বাবে এখনি বিশ্বব্যাপী মঞ্চ হিচাপে পৰিগণিত হৈছে। ২০১০-ত বিশ্বজুৰি মাত্ৰ প্ৰায় ৩,২০০ বন্য বাঘহে থাকিব বুলি অনুমান কৰা হৈছিল। ২০২২-ৰ ভিতৰত উন্নত সংৰক্ষণ আৰু বৈজ্ঞানিক নিৰীক্ষণে এই অনুমান প্ৰায় ৪,৫০০ লৈ বৃদ্ধি কৰে, ইয়াত ৩,৭০০–৫,৬০০ বাঘৰ সম্ভাৱনীয় ৰেঞ্জ আছিল। শেহতীয়া বিশ্ব অনুমান অনুসৰি বিশ্বজুৰি প্ৰায় ৫,৭১১ টা বন্য বাঘ আছে। এই পৰিসংখ্যাই ২০১০-ৰ পৰা প্ৰায় ৭৮% বৃদ্ধিক সূচিত কৰে।

বাঘৰ সংখ্যা বৃদ্ধিঃ সংকটৰ পৰা উদ্ধাৰলৈ

ভাৰতৰ ব্যাঘ্ৰ সংৰক্ষণৰ প্ৰচেষ্টাই বন্যপ্ৰাণী পুনৰুদ্ধাৰৰ বিশ্বব্যাপী আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০০৬-ৰ পৰা দেশখনত বৈজ্ঞানিকভাৱে মূল্যায়ন কৰা বাঘৰ সংখ্যা দুগুণৰো অধিক বৃদ্ধি পাইছে। অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচন (২০২২) অনুসৰি ভাৰতৰ বাঘৰ সংখ্যা ,৬৮২ টা। ২০২২- অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচন অধীনত ২০ খন ৰাজ্যক সামৰি .৪১ লাখ কিমি খোজকাঢ়ি সমীক্ষা চলোৱা হৈছিল। এই সমীক্ষা বিশ্বৰ সৰ্ববৃহৎ আৰু ব্যাপক বন্যপ্ৰাণী মূল্যায়ন প্ৰক্ৰিয়াৰ অন্যতম। এনে উল্লেখযোগ্য পুনৰুদ্ধাৰে স্থায়ী নীতিগত সমৰ্থন, বিজ্ঞানভিত্তিক সংৰক্ষণ আৰু শক্তিশালী প্ৰতিষ্ঠানিক শাসন ব্যৱস্থাকে প্ৰতিফলিত কৰে। দীৰ্ঘম্যাদী বাসস্থান সুৰক্ষা, কঠোৰ নিৰীক্ষণ আৰু সমন্বিত ৰূপায়ণে সমগ্ৰ ভাৰতত বাঘ সংৰক্ষণক সম্প্ৰসাৰিত কৰি তুলিছে।

ব্যাঘ্ৰ সংৰক্ষণৰ বাবে ব্যাপক শাসন ব্যৱস্থা

ব্যাঘ্ৰ সংৰক্ষণৰ বাবে ভাৰতৰ নীতিগত কাঠামোত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ত স্থায়ী প্ৰতিষ্ঠানিক সমৰ্থনৰ সৈতে দীৰ্ঘ-ম্যাদী দৃষ্টিভংগীৰ সংমিশ্ৰণ ঘটিছে। প্ৰজেক্ট টাইগাৰ, ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষ (NTCA) আৰু ব্যাঘ্ৰ সংৰক্ষণ পৰিকল্পনাই একেলগে বাঘৰ বিচৰণভূমিৰ বাবে এক শক্তিশালী, বিজ্ঞান ভিত্তিক শাসন ব্যৱস্থা প্ৰশস্ত কৰিছে।

প্ৰজেক্ট টাইগাৰ

প্ৰজেক্ট টাইগাৰ হৈছে ভাৰত চৰকাৰৰ কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতা কৰা এখনি ধ্বজাবাহী আঁচনি। ইয়াক পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় (MoEFCC)-এ ৰূপায়ণ কৰে। আঁচনিখনৰ লক্ষ্য হৈছে বাঘক নিজৰ প্ৰাকৃতিক বাসস্থানত সুৰক্ষিত কৰা। এই আঁচনিয়ে টাইগাৰ ৰেঞ্জ ৰাজ্যসমূহক সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে আৰ্থিক আৰু কাৰিকৰী সহায় আগবঢ়ায়। এই কাৰ্যসূচীত বাসস্থান সুৰক্ষা, বৈজ্ঞানিক ব্যৱস্থাপনা আৰু নিয়মীয়া ক্ষেত্ৰভিত্তিক নিৰীক্ষণৰ সংমিশ্ৰণ ঘটিছে। এই পদ্ধতিয়ে সময়ৰ লগে-লগে সংৰক্ষণৰ ব্যৱস্থাসমূহক ব্যাপক কৰি তুলিছে।

National Tiger Conservation Authority (NTCA) Report (2023) অনুসৰি, প্ৰজেক্ট টাইগাৰে ১৮ খন টাইগাৰ-ৰেঞ্জ ৰাজ্য৫৮ খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ নেটৱৰ্ক স্থাপন কৰিছে। এই সংৰক্ষিত বনাঞ্চলসমূহ প্ৰায় ৮৪,৫০০ বৰ্গ কিমি ভূমিত বিস্তৃত। এয়া ভাৰতৰ ভৌগোলিক এলেকাৰ প্ৰায় .৫৬%। আজিও প্ৰজেক্ট টাইগাৰ ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণ প্ৰচেষ্টাৰ মূল স্তম্ভ হৈ আছে আৰু এই প্ৰচেষ্টাই বাঘ তথা ইয়াৰ বাসস্থানক সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ দীৰ্ঘ-ম্যাদী দায়বদ্ধতাৰ মনোভাৱকে প্ৰতিফলিত কৰে।

আপোনাৰ জ্ঞাত নে?

বন্যপ্ৰাণী সুৰক্ষা আইন (WPA), ১৯৭২-ৰ দফা 38 V (3) অনুসৰি প্ৰতিখন ৰাজ্য চৰকাৰে প্ৰতিখন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বাবে ব্যাঘ্ৰ সংৰক্ষণ পৰিকল্পনা যুগুত কৰিব লাগিব। এনে পৰিকল্পনাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব আৰু বাঘ, আন চিকাৰী প্ৰাণী তথা চিকাৰৰ বলি হোৱা জীৱৰ জীৱন ধাৰণযোগ্য সংখ্যা অক্ষুণ্ণ ৰাখিবলৈ অনুকূল বাসস্থানৰ ব্যৱস্থা কৰিব লাগিব।

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষ (NTCA)

এনটিচিএ-এ প্ৰজেক্ট টাইগাৰ আৰু আনুষংগিক সংৰক্ষণ পদক্ষেপসমূহৰ ৰূপায়ণ কাৰ্য তদাৰক কৰে। এনটিচিএ-এ টাইগাৰ ৰেঞ্জ ৰাজ্যসমূহক বৈজ্ঞানিক, কাৰিকৰী আৰু আৰ্থিক নিৰ্দেশনা আগবঢ়ায়। এই কৰ্তৃপক্ষই ব্যাঘ্ৰ সংৰক্ষণ পৰিকল্পনাত অনুমোদন জনায় আৰু সংৰক্ষিত বনাঞ্চল ব্যৱস্থাপনাৰ বাবে মানক পৰিচালনা পদ্ধতি জাৰি কৰে। কৰ্তৃপক্ষই সময়ে-সময়ে মূল্যায়নৰ জৰিয়তে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ পৰিচালনা কাৰ্যও নিৰীক্ষণ কৰে। ইয়াৰ বিজ্ঞান ভিত্তিক পদ্ধতিয়ে বাসস্থানৰ সুৰক্ষা বৃদ্ধি কৰে, সংৰক্ষণৰ ফলাফলৰ বৰ্ধন ঘটায় আৰু সমগ্ৰ ভাৰততে বন্য বাঘৰ দীৰ্ঘম্যাদী অস্তিত্বত সহায় কৰে।

আপোনাৰ জ্ঞাত নে? কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰীয়ে এনটিচিএ-ৰ অধ্যক্ষতা কৰে। ইয়াৰ উপৰিও সাংসদ, চৰকাৰী উচ্চপদস্থ বিষয়া আৰু বিশেষজ্ঞসকলো ইয়াত অন্তৰ্ভুক্ত। কৰ্তৃপক্ষই ব্যাঘ্ৰ সংৰক্ষণ কাৰ্যৰ পথ প্ৰদৰ্শন কৰে, ব্ৰাঘ্ৰ সংৰক্ষণ কাৰ্যৰ তদাৰক কৰে আৰু সমগ্ৰ দেশতে প্ৰজেক্ট টাইগাৰৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰে।

 

টাইগাৰ টাস্ক ৰ্চ

ভাৰত চৰকাৰে সংৰক্ষণ নীতিসমূহ পুনৰ পৰীক্ষা কৰি সংস্কাৰ সাধনৰ পৰামৰ্শ আগবঢ়াবলৈ টাইগাৰ টাস্ক ফ’ৰ্চ গঠন কৰিছিল। টাইগাৰ টাস্ক ৰ্চে ভাৰতৰ ব্যাঘ্ৰ সংৰক্ষণ কাঠামো পৰ্যালোচনা কৰি মূল নীতি সংস্কাৰৰ পৰামৰ্শ আগবঢ়ায়। ইয়াত প্ৰশাসনিক বিশেষজ্ঞ, পৰিবেশবিদ আৰু সমাজৰ প্ৰতিনিধিসকলক একত্ৰিত কৰা হৈছিল। টাস্ক ফ’ৰ্চে প্ৰজেক্ট টাইগাৰৰ বাবে স্বচ্ছতা, সমাজৰ অংশগ্ৰহণ আৰু শক্তিশালী প্ৰতিষ্ঠানিক সমৰ্থনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ পৰামৰ্শই অধিক শক্তিশালী সংৰক্ষণ কাঠামো গঢ়ি তোলে। ইয়াৰ ফলশ্ৰুতিত ২০০৬-ত বন্যপ্ৰাণী (সুৰক্ষা) আইনৰ উল্লেখযোগ্য সংশোধনী ঘটে। ইয়াৰ অধীনতে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষ (NTCA) আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ (WCCB) বিধিগত সংস্থা হিচাপে প্ৰতিষ্ঠা কৰা হয়।

ভাৰতৰ ব্যাঘ্ৰ সংৰক্ষণ কাঠামোত প্ৰতিষ্ঠান আৰু সমবায় ফেডাৰেলিজম আধাৰিত এক শক্তিশালী শাসন আৰ্হি প্ৰতিফলিত হয়। এই সংহত পদ্ধতিয়ে ভাৰতৰ জৈৱ বৈচিত্ৰ্যক আগুৱাই নিয়াৰ সমান্তৰালভাৱে বাঘৰ ভৱিষ্যৎ সুৰক্ষিত কৰাত সহায় কৰিছে।

আপোনাৰ জ্ঞাত নে?

ভাৰতৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলসমূহে লেণ্ডস্কেপ-ভিত্তিক সংৰক্ষণ পদ্ধতি অনুসৰণ কৰে। প্ৰতিখন সংৰক্ষিত বনাঞ্চলত এটা এৰিয়া (ক্ৰিটিকেল টাইগাৰ হেবিটেট বুলিও কোৱা হয়) আৰু এটা বাফাৰ এৰিয়া অন্তৰ্ভুক্ত হয়। ক’ৰ এৰিয়াসমূহে সৰ্বোচ্চ পৰ্য্যায়ৰ সুৰক্ষা লাভ কৰে। বাফাৰ এৰিয়াসমূহে সংৰক্ষণৰ সৈতে বহনক্ষম জীৱিকাৰ মাজৰ ভাৰসাম্য ৰক্ষা কৰে। লগতে, বন্যপ্ৰাণী কৰিডৰে ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলসমূহক সংযোগ কৰে। ইয়াৰ ফলশ্ৰুতিত নিৰাপদ গতিবিধি সম্ভৱ হয় আৰু বাঘৰ সংখ্যা অটুত থাকে।

ভাৰতত বাঘৰ নিৰীক্ষণ আৰু মূল্যায়ন

ভাৰতে ইয়াৰ বাঘৰ নিৰীক্ষণ আৰু মূল্যায়নৰ বাবে এক শক্তিশালী, বিজ্ঞানভিত্তিক ব্যৱস্থা গঢ়ি তুলিছে। এই পদ্ধতিত ক্ষেত্ৰ সমীক্ষা, কেমেৰা ট্ৰেপ, ডিজিটেল প্ৰযুক্তি আৰু বৈজ্ঞানিক বিশ্লেষণৰ সংমিশ্ৰণ ঘটিছে। এই ব্যৱস্থাই বাঘৰ সংখ্যা, চিকাৰৰ প্ৰজাতি আৰু বাসস্থানৰ মানদণ্ড সন্দৰ্ভত নিৰ্ভৰযোগ্য তথ্য সৃষ্টি কৰে। এই তথ্যই প্ৰমাণ-ভিত্তিক সংৰক্ষণ পৰিকল্পনা আৰু অভিযোজিত ব্যৱস্থাপনাক পথ প্ৰদৰ্শন কৰে। নিৰন্তৰ নিৰীক্ষণে বাসস্থানৰ সুৰক্ষাক প্ৰসাৰিত কৰে আৰু জ্ঞাত ব্যৱস্থাপনা সিদ্ধান্ত গ্ৰহণৰ পথ প্ৰশস্ত কৰে।

অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচন (AITE): বিশ্বৰ সৰ্ববৃহৎ জৈৱ বৈচিত্ৰ্য সমীক্ষা

এআইটিই(AITE) হৈছে বিশ্বৰ সৰ্ববৃহৎ জৈৱ বৈচিত্ৰ্য সমীক্ষা। এনটিচিএ (NTCA)-এ প্ৰতি চাৰি বছৰৰ মূৰে-মূৰে এই সমীক্ষা সম্পাদন কৰে। ইয়ালৈ ৱাইল্ডলাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াই (WII) সহযোগিতা আগবঢ়ায়। এই সমীক্ষাই সকলো বাঘৰ বিচৰণভূমি ৰাজ্যতে বাঘৰ সংখ্যা, আন চিকাৰী প্ৰাণী, চিকাৰৰ প্ৰজাতি আৰু বাসস্থানৰ মানদণ্ডৰ অনুমান কৰে। ২০২২- এই মূল্যায়নত ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰজোৰা উংগুলেট সমীক্ষাও অন্তৰ্ভুক্ত হৈছিল। এই অনুশীলনত বাঘৰ সংখ্যা অক্ষুণ্ণ ৰাখিবলৈ সুস্থ চিকাৰৰ সংখ্যাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হৈছিল।

আপোনাৰ জ্ঞাত নে?

অল ইণ্ডিয়া টাইগাৰ এষ্টিমেচনে বিশ্বৰ সৰ্ববৃহৎ জৈৱ বৈচিত্ৰ্য সমীক্ষা হিচাপে স্বীকৃতি লাভ কৰিছে। এনটিচিএ- কেমেৰা ট্ৰেপ সমীক্ষাই বিশ্বৰ সৰ্ববৃহৎ কেমেৰা ট্ৰেপ বন্যপ্ৰাণী সমীক্ষা হিচাপেও গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছে। উন্নত প্ৰযুক্তি আৰু বৈজ্ঞানিক নিৰীক্ষণে একেলগে ভাৰতৰ বাঘৰ অনুমানক বিশ্বৰ আটাইতকৈ উল্লেখযোগ্য সমীক্ষা সমূহৰ মাজত স্থান প্ৰদান কৰিছে।

প্ৰযুক্তি চালিত নিৰীক্ষণ ব্যৱস্থা

ভাৰতে বাঘ নিৰীক্ষণৰ প্ৰতিটো পৰ্য্যায়তে উন্নত ডিজিটেল প্ৰযুক্তি সংযুক্ত কৰিছে। বাঘৰ বাবে নিৰীক্ষণ ব্যৱস্থানিবিড় সুৰক্ষা আৰু পৰিবেশগত অৱস্থা (M-STrIPES)-এ ক্ষেত্ৰ নিৰীক্ষণৰ বাবে জিপিএছ, জিপিআৰএছ আৰু ৰিম’ট চেন্সিং প্ৰযুক্তিৰ ব্যৱহাৰ কৰে। জিপিএছ টেগ কৰা ফটোগ্ৰাফে তথ্যৰ সঠিকতা বৃদ্ধি কৰে আৰু মানৱ ক্ৰুটি হ্ৰাস কৰে। এই প্লেটফৰ্মে বৈজ্ঞানিক বিশ্লেষণ আৰু জ্ঞাত সিদ্ধান্ত গ্ৰহণৰ বাবে ক্ষেত্ৰ পৰ্য্যবেক্ষণক কেন্দ্ৰীয় তথ্যকোষত একত্ৰিত কৰে। কৃত্ৰিম বুদ্ধিমত্তাই নিৰীক্ষণক অধিক শক্তিশালী কৰি তুলিছে। কেমেৰা ট্ৰেপ ডাটা ৰিপজিটৰী আৰু বিশ্লেষণ সঁজুলিয়ে (CaTRAT) স্বয়ংক্ৰিয়ভাৱে কেমেৰা ট্ৰেপ ছবিসমূহক প্ৰজাতি অনুসৰি শ্ৰেণীভুক্ত কৰে। এক্সট্ৰেক্টকম্পেয়াৰ-এ এটা বাঘক সিহঁতৰ ইউনিক ষ্ট্ৰিপ পেটাৰ্ণ ব্যৱহাৰ কৰি চিনাক্ত কৰে। সামূহিকভাৱে এই সঁজুলিসমূহে বাঘৰ সংখ্যাৰ অনুমানৰ সঠিকতা আৰু নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিছে।

ব্যৱস্থাপনা ফলপ্ৰসূতা মূল্যায়ন (MEE)

MEE-এ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলসমূহ কিমান উন্নতভাৱে পৰিচালনা কৰা হৈছে তাৰ মূল্যায়ন কৰে। কাঠামোটোৱে পৰিকল্পনা, সুৰক্ষা, পৰিচালনা প্ৰক্ৰিয়া আৰু সংৰক্ষণ ফলাফলৰ মূল্যায়ন কৰে। এই ব্যৱস্থাই পৰিচালনাৰ ব্যৱধান চিনাক্ত কৰাত সহায় কৰে আৰু জবাবদিহিতাক গভীৰ কৰে। ২০২২-লৈকে এই কাঠামোৰ অধীনত ৫১ খন ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ মূল্যায়ন কৰা হৈছিল। ইয়াত বাৰখন ৰিজাৰ্ভে "উৎকৃষ্ট" ৰেটিং লাভ কৰাৰ সমান্তৰালভাৱে গড় পৰিচালনা স্ক'ৰ ৭৮% পৰ্য্যন্ত হয়। এই তথ্যসমূহে নীতিগত সিদ্ধান্তসমূহক পথ প্ৰদৰ্শন কৰে, সংৰক্ষিত বনাঞ্চলৰ ব্যৱস্থাপনাক ব্যাপক কৰে আৰু দীৰ্ঘ-ম্যাদী সংৰক্ষণ পৰিকল্পনাক সমৰ্থন কৰে।

ব্যাঘ্ৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ বিশ্বব্যাপী নেতৃত্ব প্ৰদান

ভাৰতে বাঘ আৰু বন্যপ্ৰাণী সংৰক্ষণক শক্তিশালী কৰাৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ দেশসমূহলৈ সক্ৰিয় সহযোগিতা আগবঢ়াই আহিছে। মূল অংশীদাৰিত্বসমূহৰ ভিতৰত নেপাল আৰু ভূটানৰ সৈতে সীমান্ত অতিক্ৰমি জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কাৰ্য উল্লেখযোগ্য। ম্যানমাৰৰ সৈতে সহযোগিতাই কাঠ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়া আৰু বাঘ তথা আন-আন বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভাৰতে ৰাছিয়াৰ সৈতে কেমেৰা ট্ৰেপ ডাটা মেনেজমেন্টৰ ক্ষেত্ৰত আৰু বাঘ তথা নাহৰফুটুকী (Leopard) সংৰক্ষণৰ অৰ্থে ভাৰত-ৰাছিয়া ৱৰ্কিং ছাব-গ্ৰুপৰ জৰিয়তেও সহযোগ কৰে। বটছৱানা, দক্ষিণ আফ্ৰিকা, গুৱেটামালা, কম্বোডিয়া, কেনিয়া আৰু নামিবিয়াৰ সৈতে অংশীদাৰিত্বই বন্যপ্ৰাণী সংৰক্ষণ, ব্যৱস্থাপনা আৰু বহনক্ষম জৈৱ বৈচিত্ৰ্যৰ ব্যৱহাৰক শক্তিশালী কৰিছে। ভাৰতে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত চীনৰ সৈতেও দ্বিপাক্ষিক সহযোগিতা স্থাপন কৰিছে। এই অংশীদাৰিত্বসমূহে বিজ্ঞান, সহযোগিতা আৰু উমৈহতীয়া কাৰ্যপন্থাৰ জৰিয়তে বিশ্বব্যাপী বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰি তুলিছে।

আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স (IBCA)

 

আইবিচিএ হৈছে ৯৫ খন বিগ কেট ৰেঞ্জ আৰু অংশীদাৰ দেশ, বৈজ্ঞানিক সংস্থা আৰু সংৰক্ষণ অংশীদাৰৰ এক বিশ্বব্যাপী মিত্ৰজোঁট। এই মিত্ৰজোঁটে সাত বিগ কেট—বাঘ, সিংহ, নাহৰফুটুকী, স্ন’ লিঅ’পাৰ্ড, চিতা, জাগুয়াৰ আৰু পুমা সংৰক্ষণৰ বাবে সহযোগিতাক প্ৰসাৰিত কৰে। কেন্দ্ৰীয় কেবিনেটে ২০২৪- ১২ মাৰ্চত ইয়াৰ প্ৰতিষ্ঠাত অনুমোদন জনাইছিল। ভাৰতত ইয়াৰ সচিবালয় সদৰ অৱস্থিত। ভাৰতৰ বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত ব্যাঘ্ৰ সংৰক্ষণ অভিজ্ঞতাৰ আধাৰত আইবিচিএ-এ বিগ কেট আৰু ইয়াৰ বাসস্থানক সুৰক্ষিত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাক গভীৰ কৰি তুলিছে।

গ্ল'বেল টাইগাৰ 'ৰাম (GTF)

জিটিএফ হৈছে বিশ্বৰ একমাত্ৰ আন্তঃচৰকাৰী সংস্থা। এই সংস্থা একান্তভাৱে বাঘ সংৰক্ষণৰ বাবে সমৰ্পিত। নতুন দিল্লীত মুখ্য কাৰ্য্যালয়েৰে এই ফ’ৰামে ১৩ খন টাইগাৰ ৰেঞ্জ দেশ-বাংলাদেশ, ভূটান, কম্বোডিয়া, চীন, ভাৰত, ইণ্ডোনেছিয়া, লাও পিডিআৰ, মালয়েছিয়া, ম্যানমাৰ, নেপাল, ৰাছিয়া, থাইলেণ্ড আৰু ভিয়েটনামক একত্ৰিত কৰিছে। এই মঞ্চই বাঘ, ইয়াৰ চিকাৰ আৰু বাসস্থান সংৰক্ষণৰ এক উমৈহতীয়া পদ্ধতিক প্ৰসাৰিত কৰিছে। এই ফ’ৰামে সমগ্ৰ সদস্য দেশসমূহত বাঘ সংৰক্ষণ কাৰ্যক ব্যাপক কৰিবলৈ লেণ্ডস্কেপ-স্কেল সংৰক্ষণ, আঞ্চলিক সামৰ্থ্য বিকাশ আৰু প্ৰযুক্তিগত উদ্ভাৱনক সমৰ্থন কৰে। জ্ঞান বিনিময় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ জৰিয়তে জিটিএফ-এ বিশ্বব্যাপী বাঘ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বক সুদৃঢ় কৰি তুলিছে।

সংহত বাঘৰ বাসস্থান সংৰক্ষণ কাৰ্যসূচী (ITHCP)

আইটিএইচচিপি হৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ ইউনিয়নৰ (IUCN) ধ্বজাবাহী ব্যাঘ্ৰ সংৰক্ষণ পদক্ষেপ। ইয়াৰ বাবে জাৰ্মান চৰকাৰে কেএফডব্লিউ (KfW) ডেভেলপমেন্ট বেংকৰ জৰিয়তে পুঁজি আগবঢ়ায়। এই কাৰ্যক্ৰমে এছিয়াৰ অগ্ৰাধিকাৰ ব্যাঘ্ৰ বিচৰণভূমি সমূহৰ বিজ্ঞান-ভিত্তিক সংৰক্ষণ প্ৰকল্পসমূহক সমৰ্থন কৰে। ইয়াৰ অধীনত বাসস্থানৰ সুৰক্ষা, ভূ-প্ৰকৃতি পৰ্য্যায়ৰ সংৰক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰসাৰ ঘটোৱা হয়। ভাৰতে ITHCP-ৰ কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। ইয়াৰ ফলশ্ৰুতিত বাঘ আৰু ইয়াৰ বাসস্থান সংৰক্ষণৰ বাবে আঞ্চলিক প্ৰচেষ্টা সুদৃঢ় হৈছে।

আপোনাৰ জ্ঞাত নে?

সংৰক্ষণ নিশ্চিত ব্যাঘ্ৰ মানদণ্ড চিএ।টিএছ (CA|TS) হৈছে এটা বিশ্বব্যাপী প্ৰমাণীকৰণ ব্যৱস্থা। এই ব্যৱস্থাই বিশেষভাৱে বাঘ সংৰক্ষণ এলেকা সমূহৰ ফলপ্ৰসূ ব্যৱস্থাপনা নিশ্চিত কৰিছে। ২০১৩- জাপানত অনুষ্ঠিত হোৱা ১ম এছিয়ান পাৰ্ক কংগ্ৰেছত ইয়াৰ শুভাৰম্ভ কৰা হৈছিল। এই ব্যৱস্থাই সুৰক্ষা, বাসস্থান ব্যৱস্থাপনা, সমাজৰ অংশগ্ৰহণ আৰু বন্যপ্ৰাণী নিৰীক্ষণৰ বাবে মাপকাঠি নিৰ্ধাৰণ কৰে। CA|TS-এ বাঘৰ বাবে নিৰাপদ, বহনক্ষম পৰিৱেশ সৃষ্টি আৰু বিশ্বৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টাক সমৰ্থন কৰে। CA|TS- সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বব্যাপী উত্তম পদ্ধতি নিশ্চিত কৰা ২৩ খন ভাৰতীয় ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলক স্বীকৃতি প্ৰদান কৰিছে।

 

ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বই সীমান্তৰ সিপাৰে বাঘ সংৰক্ষণৰ বাবে সামূহিক পদক্ষেপক ব্যাপক কৰি তুলিছে। জ্ঞান, প্ৰযুক্তি আৰু উত্তম পদ্ধতিৰ আদান-প্ৰদান কৰি ভাৰতে বাঘ আৰু ইয়াৰ বাসস্থান সুৰক্ষিত কৰাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টা গ্ৰহণ কাৰ্য অব্যাহত ৰাখিছে।

বাঘৰ নিৰাপদ ভৱিষ্যতৰ দিশত

ভাৰতৰ বাবে ব্যাঘ্ৰ সংৰক্ষণ এক গতিশীল আৰু বিকাশশীল অগ্ৰাধিকাৰ হৈয়েই আছে। আগন্তুক দিনৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী হৈছে বন্যপ্ৰাণী আৰু মানুহ উভয়কে সমৰ্থন কৰা সংযুক্ত, জলবায়ু স্থিতিস্থাপক ব্যাঘ্ৰ বাতাবৰণক সুৰক্ষিত কৰা। তথ্য চালিত নিৰীক্ষণ, প্ৰযুক্তি-আধাৰিত সুৰক্ষা ব্যৱস্থা আৰু ফ্ৰন্টলাইন কৰ্মী সকলৰ সামৰ্থ্য বিকাশত অব্যাহত বিনিয়োগে এই দৃষ্টিভংগীক সমৰ্থন কৰিব। আন-আন টাইগাৰ ৰেঞ্জ দেশ আৰু বিশ্ব অংশীদাৰৰ সৈতে সহযোগিতা স্থাপন কাৰ্যই জ্ঞান বিনিময় আৰু সামূহিক সংৰক্ষণ লাভক ব্যাপক কৰাত সহায় কৰিব। আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস উদযাপন কাৰ্যই নাগৰিকসকলক বিশেষকৈ যুৱক-যুৱতীসকলক এনে আগন্তুক কাৰ্যসূচীৰে জড়িত কৰাৰ এক উল্লেখযোগ্য সুযোগ প্ৰদান কৰিছে। স্থায়ী ৰূপায়ণৰ সৈতে ব্যাপক নীতি নিৰ্দেশনাৰ সংমিশ্ৰণ ঘটাই ভাৰতে নিজৰ বাঘ সংৰক্ষণ যাত্ৰাক বিশ্ব নেতৃত্বৰ প্ৰতিৰূপ কৰি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

তথ্যসূত্ৰসমূহঃ

পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়

ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষ

গ্ল'বেল টাইগাৰ 'ৰাম

অন্যান্য

Click here to see pdf

***

PIB Research/SB

(Explainer ID: 159343)  

(Explainer ID: 159362) आगंतुक पटल : 22
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Tamil , Telugu , Kannada , Malayalam