Social Welfare
এখন ক্ৰীড়া প্ৰধান ৰাষ্ট্ৰ গঠন
খেলো ইণ্ডিয়া আৰু আন্তঃৰাষ্ট্ৰীয় উৎকৰ্ষতাৰ পথ
Posted On:
27 JUL 2026 5:08PM

ক্ৰীড়া প্ৰধান ভাৰতৰ উদ্যম

২০২৬-ৰ ২৩ জুলাইৰ পৰা ২ আগষ্টলৈ গ্লাছগোলৈ কমনৱেলথ গেমছৰ প্ৰত্যাৱৰ্তনৰ লগে-লগে ভাৰতে ক্ৰীড়া যাত্ৰাৰ আন এক অধ্যায় আৰম্ভ কৰে। ১৯৩৪-ৰ পৰা আৰম্ভ হোৱা এই উত্তৰাধিকাৰ অব্যাহত ৰাখি ভাৰতৰ এয়া ১৯ সংখ্যক কমনৱেলথ গেমছত (Commonwealth Games - CWG) অংশগ্ৰহণ। ভাৰোত্তোলক মীৰাবাঈ চানুৱে ইতিমধ্যে গ্লাছগোত ভাৰতৰ হৈ সোণৰ পদক লাভেৰে একেৰাহে তৃতীয়বাৰৰ বাবে CWG খিতাপ অৰ্জন কৰিছে।
এনে মুহূৰ্ত সমূহে পদক লাভতকৈয়ো গুৰুত্বপূৰ্ণ ইংগিত বহন কৰে। ক্ৰীড়াই এখন ৰাষ্ট্ৰক ৰূপান্তৰিত কৰাৰ অসীম শক্তি ধাৰণ কৰে, ব্যক্তিক গঢ় দিয়ে আৰু দেশক বিশ্বৰ মঞ্চলৈ লৈ যায়। ই নাগৰিকৰ চৰিত্ৰ আৰু আত্মবিশ্বাস গঢ়ি তোলে, একে সময়তে এখন ৰাষ্ট্ৰৰ ক্ৰীড়া মহাশক্তি হিচাপে আত্মপ্ৰকাশৰ কথা ঘোষণা কৰে। খেলপথাৰত বিজয়ে অসীম ৰাষ্ট্ৰীয় গৌৰৱৰ মনোভাৱৰ সঞ্চাৰ কৰে, জাতি, বৰ্ণ আৰু ধৰ্ম নিৰ্বিশেষে জনসাধাৰণক একত্ৰিত কৰে। এনে উমৈহতীয়া গৌৰৱেই এখন সুখী, সুস্থ আৰু অধিক সংহত সমাজ গঢ়ি তোলাত সহায় কৰে।
ভাৰতৰ যুৱক-যুৱতী সকলেই হৈছে সৰ্ববৃহৎ ক্ৰীড়া সম্পদ। দেশখনৰ প্ৰায় ৬৫ শতাংশ জনসংখ্যা হৈছে ৩৫-বছৰ-অনূৰ্ধ। এনে অসীম সম্ভাৱনাক স্বীকৃতি জনাই যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে সমগ্ৰ দেশতে যুৱ বিকাশক শক্তিশালী কৰাৰ লগতে ক্ৰীড়া উৎকৰ্ষতাক প্ৰসাৰিত কৰি আহিছে। ২০২৬–২৭ ৰ কেন্দ্ৰীয় বাজেটত এই মন্ত্ৰালয়লৈ অভিলেখ পৰিমাণৰ ৪,৪৭৯.৮৮ কোটি টকা আবন্টন জনোৱা হৈছিল। ইয়াৰ বিপৰীতে ২০১৩–১৪ ত এই পৰিমাণ আছিল ১,২১৯ কোটি টকা।
এই ৰূপান্তৰৰ মূলতে আছে খেলো ইণ্ডিয়া কাৰ্যসূচী। আন কেইবাটাও মূল পদক্ষেপে এই ক্ষেত্ৰত পৰিপূৰকৰ ভূমিকা পালন কৰিছে। এই সকলোবোৰ পদক্ষেপে একেলগে ভাৰতৰ সমগ্ৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চল সমূহত গণ অংশগ্ৰহণ কাৰ্য্য আৰু ক্ৰীড়া উৎকৰ্ষতাক প্ৰসাৰিত কৰিছে। প্ৰতিটো পৰ্য্যায়তে প্ৰতিভা সমূহক চিনাক্ত কৰা, তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা আৰু লালন-পালন কৰিবলৈ এই পদক্ষেপৰাজিৰ জৰিয়তে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি আৰু আৰ্থিক সহায় আগবঢ়োৱা হৈছে। এই প্ৰচেষ্টাসমূহে বিশ্বৰ বৃহৎ মঞ্চত গৌৰৱেৰে ভাৰতৰ ৰং সিঁচিবলৈ সাজু হোৱা এটা প্ৰজন্মক গঢ় দিছে।
খেলো ইণ্ডিয়াৰ দৃষ্টিভংগী

ভাৰতীয় ক্ৰীড়াৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিবলৈ ২০১৭-ত শুভাৰম্ভ কৰা খেলো ইণ্ডিয়া আঁচনিখনে বৰ্তমানৰ তিনি কাৰ্যসূচীক একত্ৰিত কৰিছে। এই আঁচনিয়ে ৰাজীৱ গান্ধী খেল অভিযান, নগৰীয়া ক্ৰীড়া আন্তঃগাঁথনি আঁচনি আৰু ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিভা অনুসন্ধান আঁচনিক একত্ৰিত কৰি ক্ৰীড়া বিকাশৰ এক ঐক্যবদ্ধ কাঠামো প্ৰৱৰ্তন কৰে।
আঁচনিখনৰ অধীনত ক্ৰীড়া ব্যৱস্থাৰ প্ৰতিটো পৰ্য্যায়কে সুদৃঢ় কৰিবলৈ এক ব্যাপক পন্থা অনুসৰণ কৰা হৈছে। ইয়াৰ পাঁচটা মূল স্তম্ভ হৈছেঃ
- প্ৰতিভাৱান খেলুৱৈ সকলক চিনাক্ত কৰি তেওঁলোকক পেছাদাৰী উৎকৰ্ষতাৰ দিশত পথ প্ৰদৰ্শন কৰিবলৈ ভিন্ন পৰ্য্যায়ত প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা।
- সমৰ্পিত উন্নয়ন কাৰ্য্যসূচীৰ জৰিয়তে প্ৰশিক্ষক আৰু সহায়ক কৰ্মচাৰী সকলৰ সামৰ্থ্য গঢ়ি তোলা।
- খেলুৱৈ সকলৰ প্ৰদৰ্শন উন্নত কৰাৰ বাবে ক্ৰীড়া বিজ্ঞান আৰু উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কাৰ্য্যক সম্প্ৰসাৰণ কৰা।
- এক স্পন্দনশীল ক্ৰীড়া সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰতিযোগিতামূলক সুযোগ প্ৰদানৰ বাবে প্ৰতিযোগিতা আৰু লীগৰ আয়োজন কৰা।
- প্ৰশিক্ষণ আৰু প্ৰতিযোগিতামূলক কাৰ্য্যসূচী উভয়কে সমৰ্থন কৰিবলৈ ক্ৰীড়া আন্তঃগাঁথনি বিকশিত কৰা।
এই অভিযানৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিকল্পনাৰ জৰিয়তে প্ৰতিখন জিলাতে এটাকৈ খেলো ইণ্ডিয়া প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ কথা কল্পনা কৰা হৈছে। ইয়াৰ উপৰিও এই মিছনে ক্ৰীড়া বিজ্ঞান, মনোবিজ্ঞান আৰু পুষ্টিৰ দ্বাৰা সমৰ্থিত গাঁথনিগত খেলুৱৈ পথসমূহক প্ৰসাৰিত কৰে। ডাটা চালিত প্লেটফৰ্মসমূহে বাস্তৱ সময়ৰ এথলীট অনুসৰণ কাৰ্য প্ৰশস্ত কৰিছে। এই সংহত পদ্ধতিৰ লক্ষ্য হৈছে ২০৩৬-ৰ ভিতৰত ভাৰতক বিশ্বৰ আগশাৰীৰ ক্ৰীড়া ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰা।


খেলো ইণ্ডিয়া আঁচনিৰ মূল কৃতিত্বসমূহ (২০২৬-ৰ জুলাইলৈকে):
- মুঠ ৩,১৭৬ কোটি টকা বিনিয়োগ সাপেক্ষে ৩৪৯ টা নতুন ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্পত অনুমোদন জনোৱা হৈছে।
- তৃণমূল পৰ্য্যায়ত প্ৰশিক্ষণ প্ৰদান আৰু খেলুৱৈ সকললৈ আগবঢ়োৱা সমৰ্থন ব্যৱস্থাক সুদৃঢ়কৰণৰ বাবে ১,০৬৭ টা খেলো ইণ্ডিয়া কেন্দ্ৰ (KIC) স্থাপন কৰা হৈছে।
- শাখাসমূহৰ মাজত ক্ৰীড়া প্ৰতিভাক লালন-পালন কৰিবলৈ ২৬৭ খন একাডেমীলৈ সমৰ্থন আগবঢ়োৱা হৈছে।
- ২,৭৪৫ গৰাকী খেলো ইণ্ডিয়া এথলীটক (KIA) প্ৰশিক্ষণ, সঁজুলি, চিকিৎসা সেৱা আৰু মাহেকীয়া আউট অৱ পকেট ভাট্টাৰে সহায় কৰা হৈছে।
স্থায়ী বিনিয়োগ আৰু স্পষ্ট দীৰ্ঘ-ম্যাদী দৃষ্টিভংগীৰ জৰিয়তে খেল’ ইণ্ডিয়াই ভাৰতৰ চেম্পিয়ন সকলৰ এক শক্তিশালী পাইপলাইন সৃষ্টি কৰিছে।
খেলো ইণ্ডিয়া গেমছঃ ভৱিষ্যতৰ চেম্পিয়নসকলৰ বাবে এখনি মঞ্চ
২০১৮-ত খেলো ইণ্ডিয়া স্কুল গেমছৰ শুভাৰম্ভণিৰ লগে-লগে খেল’ ইণ্ডিয়া অভিযানে এক নতুন পৰ্য্যায়ত প্ৰৱেশ কৰিছিল। নতুন দিল্লীত অনুষ্ঠিত এই কাৰ্য্যসূচীত দেশৰ ভিন্ন প্ৰান্তৰ যুৱ ক্ৰীড়া প্ৰতিভা সমূহ এখনি মঞ্চত সমবেত হৈছিল।
সেই বৰ্ষৰে শেষৰ ফালে ভাৰতীয় অলিম্পিক সন্থাই এই পদক্ষেপত যোগদান কৰিছিল। ২০১৯-ৰ পৰা এই কাৰ্য্যসূচীৰ নাম সলনি কৰি খেলো ইণ্ডিয়া ইয়ুথ গেমছ (KIYG) ৰখা হৈছিল। খেলো ইণ্ডিয়াৰ সমগ্ৰ পৰিসৰৰ অধীনত এই কাৰ্য্যসূচী এক ধ্বজাবাহী প্ৰতিযোগিতা হিচাপে পৰিগণিত হৈছে।

খেলো ইণ্ডিয়া গেমছে ক্ৰমাগতভাৱে সম্প্ৰসাৰণ লাভ কৰি ভিন্ন শাখাৰ খেলুৱৈসকলৰ বাবে অধিক সুযোগৰ সৃষ্টি কৰিছে। বাৰ্ষিক প্ৰতিযোগিতাসমূহে এতিয়া সংশ্লিষ্ট ৰাজ্য আৰু বিশ্ববিদ্যালয়সমূহক প্ৰতিনিধিত্ব কৰা অংশগ্ৰহণকাৰীসকলক একত্ৰিত কৰে। একেদৰে তেওঁলোকক প্ৰতিযোগিতাত অংশগ্ৰহণ, উৎকৃষ্টতা অৰ্জন আৰু উচ্চ পৰ্য্যায়ৰ বাবে প্ৰস্তুতি চলোৱাত সহায় কৰে। ২০১৮-ৰ পৰা খেলো ইণ্ডিয়া গেমছত ৬৩ হাজাৰৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে।
২০২০-ত খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ (KIUG) আৰু খেলো ইণ্ডিয়া শীতকালীন গেমছ (KIWG) আৰম্ভ হৈছিল। তাৰ পিছত ২০২৩-ত খেলো ইণ্ডিয়া পেৰা গেমছ (KIPG) আৰম্ভ হৈছিল। ২০২৫-ত খেলো ইণ্ডিয়া বিচ গেমছ (KIBG) আৰু খেলো ইণ্ডিয়া জল ক্ৰীড়া মহোৎসৱৰ আৰম্ভণিৰে ইয়াৰ সম্প্ৰসাৰণ কাৰ্য অব্যাহত থাকিছিল। ২০২৬-ত খেলো ইণ্ডিয়া ট্ৰাইবেল গেমছৰ (KITG) অভিষেক ঘটে।
খেলো ইণ্ডিয়া গেমছে যুৱ খেলুৱৈসকলক তেওঁলোকৰ উৎকৃষ্টতাৰ অগ্ৰগতি সাধনৰ বাবে এখনি ৰাষ্ট্ৰীয় মঞ্চ প্ৰদান কৰি ভাৰতৰ ক্ৰীড়া সংস্কৃতিক শক্তিশালী কৰি তুলিছে।
ভাৰতৰ ক্ৰীড়া সফলতাৰ বৰ্ধন
ভাৰতৰ ক্ৰীড়া উত্থান আন্তঃগাঁথনি আৰু প্ৰতিযোগিতাৰ মাজতে সীমাবদ্ধ নহয়। গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপে খেলুৱৈ সকলৰ বিকাশক প্ৰসাৰিত কৰে, উদীয়মান প্ৰতিভা সমূহক চিনাক্ত কৰে আৰু দীৰ্ঘ-ম্যাদী ক্ৰীড়া ক্ষমতা গঢ়ি তোলে। সামূহিকভাৱে এই প্ৰচেষ্টাসমূহে তৃণমূল পৰ্য্যায়ৰ অংশগ্ৰহণৰ পৰা বিশ্বজনীন সফলতালৈ এক সুদৃঢ় পথ গঢ়ি তুলিছে।
টাৰ্গেট অলিম্পিক প'ডিয়াম আঁচনি (TOPS)
অলিম্পিক আৰু পেৰা অলিম্পিক গেমছত ভাৰতৰ প্ৰদৰ্শনৰ অগ্ৰগতি সাধনৰ বাবে যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ২০১৪-ৰ ছেপ্টেম্বৰত টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিৰ (TOPS) শুভাৰম্ভ কৰিছিল। ২০১৮-ৰ এপ্ৰিলত খেলুৱৈসকলক সামগ্ৰিক সহায় আগবঢ়োৱাৰ নিমিত্তে এক সমৰ্পিত কাৰিকৰী সহায়ক দলৰ সৈতে আঁচনিখনক এক নতুন ৰূপ প্ৰদান কৰা হৈছিল।
TOPS-এ বিদেশত প্ৰশিক্ষণ গ্ৰহণ, আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা, প্ৰশিক্ষণ শিবিৰ, বিশেষ সঁজুলি আৰু মাহিলী ৫০,০০০ টকাৰ ভাট্টাৰ জৰিয়তে খেলুৱৈসকলক সহায় কৰে। কনিষ্ঠ খেলুৱৈসকলক মাহিলী ২৫,০০০ টকাৰ ভাট্টাৰে সহায় কৰিবলৈ এটা ডেভেলপমেন্ট গ্ৰুপৰো প্ৰৱৰ্তন কৰা হৈছিল।
২০২৬-ৰ এপ্ৰিললৈকে আঁচনিখনে বৰ্তমান ৫১ গৰাকী ক’ৰ এথলীট, ৫২ গৰাকী পেৰা ক’ৰ এথলীট আৰু ১৩০ গৰাকী ডেভেলপমেন্ট এথলীটক সহায় কৰিছে। টকিঅ’, ২০২০ আৰু পেৰিছ, ২০২৪ অলিম্পিক গেমছত ভাৰতৰ পদক বিজয়ী প্ৰদৰ্শনত TOPS-এ এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
কীৰ্তি (KIRTI)
খেলো ইণ্ডিয়া ৰাইজিং টেলেন্ট আইডেন্টিফিকেশন (KIRTI) পদক্ষেপে ৯-ৰ পৰা ১৮ বছৰৰ ভিতৰৰ কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলৰ মাজৰ ক্ৰীড়া প্ৰতিভা সমূহক চিনাক্ত আৰু লালন-পালন কৰিছে। ইয়াত এটি স্বচ্ছ আৰু যোগ্যতা-ভিত্তিক বাছনি প্ৰক্ৰিয়া নিশ্চিত কৰিবলৈ প্ৰতিভা মূল্যায়ন কেন্দ্ৰ, প্ৰামাণিক মূল্যায়ন প্ৰট’কল আৰু কৃত্ৰিম বুদ্ধিমত্তা তথা তথ্য বিশ্লেষণকে প্ৰমুখ্য কৰি উন্নত আইটি সঁজুলি ব্যৱহাৰ কৰা হয়।
বৰ্তমান ৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৭৪ টা প্ৰতিভা মূল্যায়ন কেন্দ্ৰ কাৰ্য্যক্ষম হৈ আছে। এই কেন্দ্ৰ সমূহত ১,৮৭,৯২১ টা মূল্যায়ন সম্পূৰ্ণ হৈছে। কীৰ্তিৰ লক্ষ্য হৈছে ২০৩৬-ৰ ভিতৰত ভাৰতক শীৰ্ষ ১০ খন ক্ৰীড়া ৰাষ্ট্ৰৰ অন্যতম আৰু ২০৪৭-ৰ ভিতৰত শীৰ্ষ ৫ খন ক্ৰীড়া ৰাষ্ট্ৰৰ অন্যতম হিচাপে গঢ়ি তোলাত সহায় কৰিবলৈ এক বহনক্ষম টেলেন্ট পাইপলাইন সৃষ্টি কৰা।
ক্ৰীড়া সামগ্ৰী নিৰ্মাণ
কেন্দ্ৰীয় বাজেট, ২০২৬–২৭ ত ৫০০ কোটি টকা আবন্টন সাপেক্ষে ক্ৰীড়া সামগ্ৰী নিৰ্মাণৰ বাবে এক সমৰ্পিত পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰা হয়। এই পদক্ষেপ গ্ৰহণৰ জৰিয়তে উচ্চমানৰ আৰু সুলভ মূল্যৰ ক্ৰীড়া সামগ্ৰীৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতিক সুদৃঢ় কৰিব খোজা হৈছে।
ইয়াৰ মূল উদ্দেশ্যসমূহৰ ভিতৰত আছে ঘৰুৱা উৎপাদন ক্ষমতাৰ সম্প্ৰসাৰণ, সঁজুলিৰ ডিজাইনৰ গৱেষণা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰা, মেটেৰিয়েল চায়েন্সক আগুৱাই নিয়া, বিশ্বব্যাপী ক্ৰীড়া যোগান শৃংখলত ভাৰতৰ উপস্থিতিক শক্তিশালী কৰা আৰু সমগ্ৰ উৎপাদন তথা সংশ্লিষ্ট খণ্ডত কৰ্মসংস্থাপন সৃষ্টি কৰা।
এই পদক্ষেপসমূহে ভাৰতৰ ক্ৰীড়া ব্যৱস্থাক শক্তিশালী কৰি তুলিছে আৰু খেলুৱৈ সকলক বিশ্ব মঞ্চত আত্মবিশ্বাসেৰে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’বলৈ সাজু কৰি তুলিছে।
বিশ্বব্যাপী ক্ৰীড়া মঞ্চত ভাৰতৰ উত্থান
ভাৰতৰ ক্ৰীড়া ব্যৱস্থাত কৰা বিনিয়োগৰ ফলশ্ৰুতিত বিশ্ব মঞ্চত উন্নত ফলাফল লাভ কৰা হৈছে। বৃহৎ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানত ভাৰতৰ প্ৰদৰ্শনে সমগ্ৰ অলিম্পিক, পেৰা অলিম্পিক আৰু বহু-ক্ৰীড়া শাখাত দেশৰ ক্ৰমবৰ্ধমান শক্তিকে প্ৰতিফলিত কৰিছে। খেলুৱৈ সকলৰ ব্যাপক বিকাশ সাধন, উন্নত প্ৰশিক্ষণ সমৰ্থন আৰু স্থায়ী বিনিয়োগে বিশ্ব মঞ্চত ধাৰাবাহিক অগ্ৰগতি লাভ কাৰ্য্যক প্ৰদৰ্শিত কৰিছে। অংশগ্ৰহণ আৰু পদকৰ সংখ্যাৰ ক্ৰমাগত বৃদ্ধি কাৰ্য্যই ভাৰতৰ ক্ৰমান্বয়ে প্ৰতিযোগিতামূলক ক্ৰীড়া প্ৰধান ৰাষ্ট্ৰ হিচাপে উত্থান ঘটাৰ ওপৰত আলোকপাত কৰিছে।
অলিম্পিক গেমছ
২০১৬-ৰ পৰা ২০২৪-ৰ ভিতৰত ভাৰতৰ অলিম্পিক যাত্ৰাত এক উল্লেখযোগ্য ৰূপান্তৰ ঘটে। ২০১৬-ত ৰিঅ’ত দুটা পদক লাভ কৰাৰ পৰা ২০২০-ত টকিঅ’ত সাতটা পদকলৈ দেশখনে অগ্ৰগতি লাভ কৰিছিল। ২০২৪-ত পেৰিছত ছটা পদক লাভ কৰি ভাৰতে এই গতি অক্ষুণ্ণ ৰাখিছিল। ভাৰতৰ অন্যতম ধাৰাবাহিক অলিম্পিক পদক বিজয়ী। নীৰজ চোপ্ৰাই টকিঅ', ২০২০-ত স্বৰ্ণ পদক লাভ কৰে। মীৰাবাঈ চানুৱেও অলিম্পিকত ভাৰতৰ অন্যতম ধাৰাবাহিক পদক বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰে।
|
বৰ্ষ
|
আয়োজক চহৰ
|
ভাৰতীয় খেলুৱৈ
|
পদক লাভ
|
|
২০১৬
|
ৰিঅ’ ডি জেনেৰিঅ’
|
১১৭
|
২
|
|
২০২০
|
টকিঅ’
|
১১৯
|
৭
|
|
২০২৪
|
পেৰিছ
|
১১৭
|
৬
|
পেৰা অলিম্পিক গেমছ
ভাৰতৰ পেৰা অলিম্পিক প্ৰদৰ্শনত যোৱা তিনিটা সংস্কৰণত অসামান্য বৃদ্ধি পৰিলক্ষিত হৈছে। ২০১৬-ত ৰিঅ’ত পদকৰ সংখ্যা ৪-ৰ পৰা ২০২০-ত টকিঅ’ত ১৯ লৈ বৃদ্ধি পাইছে। পেৰিছ, ২০২৪-ত ২৯ টা পদক লাভেৰে এয়া ভাৰতৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ পেৰা অলিম্পিক অভিযান হিচাপে পৰিগণিত হৈছিল। অৱনী লেখাৰা, সুমিত আন্টিল আৰু প্ৰমোদ ভগত দেশৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হয়। ‘টপছ’ আৰু খেল’ ইণ্ডিয়া পেৰা গেমছৰ দৰে কাৰ্য্যসূচীয়ে পেৰা এথলীটসকলৰ প্ৰতি আগবঢ়োৱা সমৰ্থনক ব্যাপক কৰিছে।
|
বৰ্ষ
|
আয়োজক চহৰ
|
ভাৰতীয় খেলুৱৈ
|
পদক লাভ
|
সোণ
|
ৰূপ
|
ব্ৰঞ্জ
|
|
২০১৬
|
ৰিঅ’ ডি জেনেৰিঅ’
|
১৯
|
৪
|
২
|
১
|
১
|
|
২০২০
|
টকিঅ’
|
৫৪
|
১৯
|
৫
|
৮
|
৬
|
|
২০২৪
|
পেৰিছ
|
৮৪
|
২৯
|
৭
|
৯
|
১৩
|
এছিয়ান গেমছ
ভাৰতে এছিয়ান গেমছত ধাৰাবাহিকভাৱে বৃহৎ দল হিচাপে অংশগ্ৰহণ আৰু অধিক পদক লাভেৰে নিজৰ প্ৰদৰ্শন বৃদ্ধি কৰি আহিছে। দেশখনে ২০১৪-ত ইঞ্চিয়নত ৫৭ টা পদক লাভ কৰাৰ সমান্তৰালকৈ ২০১৮-ত জাকাৰ্টাত ৬৯ টা পদক লাভ কৰিছিল। হাংঝু, ২০২৩ উল্লেখযোগ্য সংস্কৰণত পৰিণত হৈছিল। ইয়াত ভাৰতে এতিয়ালৈকে সৰ্বাধিক ১০৭ পদক লাভ কৰিছিল। নীৰজ চোপ্ৰা, লাভলীনা বৰগোহাঁই, সাতৱিকসাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টী আদি আছিল অগ্ৰণী প্ৰদৰ্শনকাৰী।
|
বৰ্ষ
|
আয়োজক চহৰ
|
ভাৰতীয় খেলুৱৈ
|
পদক লাভ
|
সোণ
|
ৰূপ
|
ব্ৰঞ্জ
|
|
২০১৪
|
ইঞ্চিয়ন
|
৫৪১
|
৫৭
|
১১
|
৯
|
৩৭
|
|
২০১৮
|
জাকাৰ্টা
|
৫৭০
|
৬৯
|
১৫
|
২৪
|
৩০
|
|
২০২৩
|
হাংঝু
|
৬৫৫
|
১০৭
|
২৮
|
৩৮
|
৪১
|
কমনৱেলথ গেমছ
কমনৱেলথ গেমছত ভাৰতৰ অন্যতম শক্তিশালী প্ৰদৰ্শন কাৰ্য্য অব্যাহত আছে। ২০১৪-ত গ্লাছগোত ৬৪ টা পদক লাভ কৰি ভাৰতে ২০১৮-ত গ’ল্ড কোষ্টত ৬৬ টা পদকলৈ অগ্ৰগতি সাধন কৰে। ইয়াৰ পিছতে ভাৰতে ২০২২-ত বাৰ্মিংহামত ৬১ টা পদক লাভ কৰে। মল্লযুঁজ, ভাৰোত্তোলন, টেবুল টেনিছ, বেডমিন্টন আৰু এথলেটিকছে ভাৰতৰ সফলতাত ধাৰাবাহিকভাৱে অৰিহণা যোগাই আহিছে। পিভি সিন্ধু, বিনেশ ফ’গাট আৰু অচিন্তা শ্বেউলি দেশৰ উল্লেখযোগ্য প্ৰদৰ্শনকাৰী হিচাপে পৰিগণিত হয়।
|
বৰ্ষ
|
আয়োজক চহৰ
|
ভাৰতীয় খেলুৱৈ
|
পদক লাভ
|
সোণ
|
ৰূপ
|
ব্ৰঞ্জ
|
|
২০১৪
|
গ্লাছগো
|
২১৫
|
৬৪
|
১৫
|
৩০
|
১৯
|
|
২০১৮
|
গ’ল্ড কোষ্ট
|
২১৮
|
৬৬
|
২৬
|
২০
|
২০
|
|
২০২২
|
বাৰ্মিংহাম
|
২১০
|
৬১
|
২২
|
১৬
|
২৩
|
ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী সফলতাই ভাৰতৰ ব্যৱস্থাৰ শক্তি আৰু বিশ্ব মঞ্চত পাৰদৰ্শিতা প্ৰদৰ্শনৰ ক্ষেত্ৰত খেলুৱৈসকলৰ দৃঢ় মনোভাৱকে প্ৰতিফলিত কৰিছে।
কমনৱেলথ গেমছ, ২০২৬

২০২৬-ৰ ২৩ জুলাইৰ পৰা ২ আগষ্টলৈকে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ, ২০২৬-ত চাৰিটা স্থানত আয়োজন কৰা ছটা সম্পূৰ্ণ সংহত পেৰা স্প’ৰ্টছকে প্ৰমুখ্য কৰি ১০-টা ক্ৰীড়া কাৰ্য্যসূচীত ৭৪ খন দেশৰ খেলুৱৈসকল একত্ৰিত হৈছে।
ইয়াত ভাৰতক ১২৪-জনীয়া এটা দলে প্ৰতিনিধিত্ব কৰিছে। ইয়াত ৭৮ জন পুৰুষ আৰু ৪৬ গৰাকী মহিলা খেলুৱৈ আছে। এই দলটোৱে একাধিক ক্ৰীড়া শাখাত দেশৰ প্ৰতিভাৰ ক্ৰমবৰ্ধমান গভীৰতাকে প্ৰতিফলিত কৰিছে।
২০২৬-ৰ ২৭ জুলাইলৈকে ভাৰতে চাৰিটা পদক লাভ কৰিছে। ইয়াৰে এটা সোণ, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক। ঝাণ্ডু কুমাৰে পেৰা পাৱাৰলিফ্টিঙত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদক একাউন্ট মুকলি কৰে। ঋষিকান্ত সিঙে পুৰুষৰ ৬০ কেজি ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি প্ৰথমগৰাকী ভাৰতীয় পদক বিজয়ী হিচাপে পৰিগণিত হয়। ইয়াৰ উপৰিও তেওঁ ইয়াত কমনৱেলথ গেমছৰ নতুন অভিলেখ গঢ়ে।
গ্লাছগোত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক লাভ কৰি মীৰাবাঈ চানুৱে আন এক ঐতিহাসিক মুহূৰ্তৰ সূচনা কৰে। এই জয়েৰে তেওঁ একেৰাহে তৃতীয়বাৰৰ বাবে কমনৱেলথ গেমছ খিতাপ অৰ্জন কৰে। ইয়াৰ উপৰিও পুৰুষৰ ৬৫ কেজি ভাৰোত্তোলন প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰি ভাৰতৰ পদকত সংযোজন কৰে মুথুপাণ্ডী ৰাজাই।
কেইবাটাও ইভেন্টত এতিয়াও প্ৰতিদ্বন্দ্বিতা কৰিবলৈ থকাৰ সময়তে ভাৰতীয় খেলুৱৈসকলে দৃঢ়তা আৰু আত্মবিশ্বাসেৰে প্ৰতিযোগিতা অব্যাহত ৰাখিছে। গ্লাছগোত ৰাষ্ট্ৰীয় পতাকাখনি ওখকৈ উৰি থকাৰ সময়তে দেশখন অধিক স্মৰণীয় প্ৰদৰ্শনৰ বাবে আগ্ৰহী হৈ উঠিছে।
ক্ৰীড়া উৎকৃষ্টতাৰ সাধনা
ভাৰতৰ ক্ৰীড়া যাত্ৰাৰ গতি অব্যাহত আছে। স্থায়ী বিনিয়োগ, ব্যাপক সমৰ্থন ব্যৱস্থা আৰু সমৰ্পিত খেলুৱৈ বিকাশ কাৰ্য্যসূচীৰ ফলশ্ৰুতিত সফলতাৰ বাবে এক স্থায়ী ভেটি গঢ় লৈ উঠিছে। আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বৃদ্ধি পোৱা অংশগ্ৰহণ আৰু উন্নত প্ৰদৰ্শনে এই প্ৰচেষ্টাসমূহৰ প্ৰভাৱকে প্ৰতিফলিত কৰিছে। কমনৱেলথ গেমছ, ২০২৬ এতিয়াও অব্যাহত থকাৰ সময়তে ভাৰতীয় খেলুৱৈসকলে দৃঢ়তা আৰু গৌৰৱেৰে প্ৰতিযোগিতা অব্যাহত ৰাখিছে। তেওঁলোকৰ প্ৰতিটো প্ৰদৰ্শনে পৰৱৰ্তী প্ৰজন্মক ডাঙৰ সপোন দেখিবলৈ আৰু উচ্চ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। ভাৰতে ভৱিষ্যতৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰাৰ সময়তে দেশখন চেম্পিয়ন গঢ়ি তোলা আৰু বিশ্বৰ আগশাৰীৰ ক্ৰীড়া ৰাষ্ট্ৰসমূহৰ মাজত নিজৰ স্থান শক্তিশালী কৰাৰ বাবে অংগীকাৰবদ্ধ হৈ আছে।
তথ্যসূত্ৰসমূহঃ
পিআইবি বেকগ্ৰাউণ্ডাৰ
যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়
বস্ত্ৰ মন্ত্ৰালয়
কমনৱেলথ স্প’ৰ্ট
The Making of a Sporting Nation
*****
PIB Research/SB
(Explainer ID: 159339)
(Explainer ID: 159345)
आगंतुक पटल : 18
Provide suggestions / comments