• Sitemap
  • Advance Search
Rural Prosperity

ষ্টাৰ্ট-আপ ভিলেজ এণ্টাৰপ্ৰেনিউৰশ্বিপ প্ৰগ্ৰেম

তৃণমূল পৰ্য্যায়ৰ উদ্যমিতাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতিৰ অনুঘটক

Posted On: 25 JUL 2026 10:02AM

ষ্টাৰ্ট-আপ গাঁও উদ্যমিতা কাৰ্য্যক্ৰমে প্ৰশিক্ষণ প্ৰদান, বিত্ত যোগান, তত্বাৱধান আৰু সমাজ-চালিত প্ৰতিষ্ঠানিক সহায়ৰ জৰিয়তে অ-কৃষি উদ্যোগসমূহক সহায় কৰিছে। ২০২৬-ৰ ৩০ জুনলৈকে  ষ্টাৰ্ট-আপ ভিলেজ এণ্টাৰপ্ৰেনিউৰশ্বিপ প্ৰগ্ৰেম (এছভিইপি)-এ সমগ্ৰ দেশৰ ৪.৩২ লাখ গ্ৰামোদ্যোগক সহায় আগবঢ়াইছে। এই কাৰ্য্যক্ৰমে সামাজিক অন্তৰ্ভুক্তি আৰু উদ্যমিতা সুযোগৰ ন্যায্য প্ৰৱেশৰ ওপৰত গভীৰভাৱে গুৰুত্ব আৰোপ কৰিছে। প্ৰায় ৮৬% উদ্যোগী অনুসূচিত জাতি, অনুসূচীত জনজাতি, সংখ্যালঘু আৰু অন্যান্য পিছপৰা সমাজৰ। আত্মসহায়ক গোট, চিআৰপি-ইপি, বেংক সংযোগ আৰু প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ দৰে আঁচনিৰ সৈতে অভিসৰণৰ জৰিয়তে এছভিইপি-এ নিজৰ প্ৰসাৰক সম্প্ৰসাৰিত কৰিছে। দৰিদ্ৰতা হ্ৰাস, স্থানীয় নিয়োগ সৃষ্টি আৰু গ্ৰাম্য অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত এছভিইপি-এ এক ফলপ্ৰসূ তৃণমূল পৰ্য্যায়ৰ আৰ্হি হিচাপে আত্মপ্ৰকাশ কৰিছে।

 

ভাৰতত উদ্যোগ-চালিত গ্ৰাম্য ৰূপান্তৰ

ভাৰতত বিশ্বৰ ভিতৰতে তৃতীয় সৰ্ববৃহৎ ষ্টাৰ্ট-আপ ব্যৱস্থা আছে। অনুকূল চৰকাৰী নীতিৰ সমৰ্থনত ই উদ্ভাসিত হৈ উঠিছে আৰু অৰ্থনীতিৰ বিকাশৰ বাবে অতিশয় উপযোগী বুলি প্ৰমাণিত হৈছে। কিন্তু ভাৰতীয় ষ্টাৰ্ট-আপ ব্যৱস্থাৰ অধিকাংশই চহৰ অঞ্চলক ভিত্তি কৰি গঢ় লৈ উঠিছে। সেয়েহে চৰকাৰে গ্ৰামাঞ্চল সমূহত উদ্যমিতা আৰু উদ্ভাৱনক প্ৰসাৰিত কৰাৰ বাবে একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ অন্যতম মূল পদক্ষেপটো হৈছে ষ্টাৰ্ট-আপ গাঁও উদ্যমিতা কাৰ্য্যক্ৰম (SVEP)।

২০১৬-ত শুভাৰম্ভ হোৱা এছভিইপি হৈছে দীনদয়াল অন্ত্যোদয় যোজনা – ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ (DAY-NRLM) এক উপ-আঁচনি। এই কাৰ্য্যক্ৰমে আত্মসহায়ক গোট (SHG) আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক অ-কৃষি খণ্ডত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰাত সহায় কৰে। এই কাৰ্য্যক্ৰমে আৰ্থিক সহায়, প্ৰতিষ্ঠানিক সহায়, ব্যৱসায় পৰিচালনা প্ৰশিক্ষণ, “ছফ্ট স্কিল” বিকাশ আৰু বাণিজ্য বিকাশ সেৱা প্ৰদান কৰে। ইয়াৰ দ্বাৰা গ্ৰামাঞ্চল সমূহত বহনক্ষম জীৱিকা আৰু স্ব-নিয়োজনৰ সুযোগ প্ৰসাৰিত হৈছে।

এছভিইপি-এ বেংকিং সংযোগ আৰু চৰকাৰী আঁচনি সমূহৰ সৈতে অভিসৰণৰ সুবিধাও প্ৰদান কৰে। ইয়াৰ অধীনত দীৰ্ঘ-ম্যাদী অৰ্থনৈতিক বিকাশ আৰু বিস্তৃত সামাজিক সুবিধা লাভৰ ওপৰত কৌশলগত গুৰুত্ব আৰোপ কৰা হৈছে। এছভিইপি-ৰ এটা মূল বৈশিষ্ট্য হৈছে স্থানীয়ভাৱে উদ্যোগসমূহক পুঁজি যোগান আৰু সহায় কৰাৰ বাবে সমাজ-ভিত্তিক সিদ্ধান্ত গ্ৰহণ কাৰ্য্য।

দীনদয়াল অন্ত্যোদয় যোজনা – ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান

দীনদয়াল অন্ত্যোদয় যোজনা–ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান (DAY-NRLM) হৈছে বিশ্বৰ অন্যতম বৃহৎ জীৱিকা পদক্ষেপ। এই পদক্ষেপে মহিলা সকলকে প্ৰমুখ্য কৰি গ্ৰামাঞ্চলৰ দৰিদ্ৰ পৰিয়ালসমূহক আত্ম-সহায়ক গোটৰ জৰিয়তে সংগঠিত কৰিছে। এই সমূহক বহনক্ষম জীৱিকা, বিত্তীয় সেৱাৰ সুবিধা আৰু দক্ষতা বিকাশৰ সুবিধা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। ২০২৬-ৰ জুনৰ মাজভাগলৈকে দীনদয়াল অন্ত্যোদয় যোজনা–ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ১০.২৯ কোটিৰো অধিক গ্ৰাম্য পৰিয়ালক আত্ম-সহায়ক গোটৰ জৰিয়তে সংগঠিত কৰা হৈছে।

সমগ্ৰ ভাৰততে গ্ৰাম্য উদ্যমিতাৰ বিকাশ

এছভিইপি-এ সৰ্বাংগীন পদ্ধতিৰ অভিযোজনা কৰিছে। ইয়াত মহিলা, প্ৰান্তীয় সমাজ আৰু সীমিত শৈক্ষিক অৰ্হতা সম্পন্ন ব্যক্তিসকলক সহায় কৰাত ব্যাপক গুৰুত্ব প্ৰদান কৰা হৈছে। আৰম্ভণিৰে পৰা ২০২৬-ৰ ১৫ জুনলৈকে এই কাৰ্যসূচীয়ে ৪.৩২ লাখৰো অধিক গ্ৰাম্য উদ্যোগক সহায় কৰিছে। ইয়াৰ অধীনত অসম, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ আৰু মধ্যপ্ৰদেশৰ উদ্যোগসমূহে সৰ্বাধিক সহায় লাভ কৰিছে।

এছএইচজি সদস্যৰ পৰা গ্ৰাম্য ব্যৱসায়িক নেতৃত্বলৈ

মহাৰাষ্ট্ৰৰ জাহানপুৰৰ শ্ৰীমতী ভাগ্যশ্ৰী লন্ধ্যা-এ ২০১৪-ত আত্ম-সহায়ক গোটত যোগদানেৰে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল। এছএইচজি আৰু গাঁও সংগঠনৰ (VO) ক্ৰিয়া-কলাপত অংশগ্ৰহণৰ ফলশ্ৰুতিত তেওঁৰ নেতৃত্ব আৰু ব্যৱসায়িক দক্ষতাক সুদৃঢ় কৰিছিল। সামান্য পৰিমাণৰ মছলা, পাপৰ আৰু আচাৰ উৎপাদনেৰে তেওঁৰ উদ্যমিতা যাত্ৰা আৰম্ভ হৈছিল। এছভিইপি-ৰ অধীনত ৪৫,০০০ টকাৰ কমিউনিটি এন্টাৰপ্ৰাইজ ফাণ্ডৰ ঋণে তেওঁক স্থানীয় উৎসৰ কেঁচামালৰ সহায় লৈ উৎপাদন বৃদ্ধি কৰিবলৈ সক্ষম কৰি তুলিছিল। তেওঁৰ এনে উদ্যমিতা প্ৰচেষ্টাই মহালক্ষ্মী সৰস, ২০১৯-২০ ত স্বীকৃতি লাভ কৰিছিল। ইয়াত তেওঁ দহ দিনৰ ভিতৰতে ৫ লাখ টকাৰ ৰাজহ অৰ্জন কৰিছিল।

শিকাৰ আগ্ৰহ আৰু শ্ৰীবৃদ্ধিৰ আকাংক্ষাই তেওঁক ব্যৱসায়িক জ্ঞান আৰু দক্ষতাক প্ৰসাৰিত কৰিবলৈ সক্ষম কৰি তুলিছিল। তেওঁ উদ্যোগটো পৰিচালনা কৰি থকাৰ সময়তে মুক্ত বিশ্ববিদ্যালয়ৰ জৰিয়তে দশম শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ কৰিছিল। এনআৰএলএম আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ অধীনত প্ৰশিক্ষণ গ্ৰহণে তেওঁৰ ব্যৱসায়িক সাক্ষৰতা আৰু কাৰিকৰী ক্ষমতা বৃদ্ধি কৰিছিল। ফলস্বৰূপে তেওঁৰ উদ্যোগটোৱে দৈনিক বৃহৎ পৰিমাণৰ উৎপাদন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ লগে-লগে নিয়মীয়াকৈ আয় আহৰণ, গ্ৰাম্য মহিলাসকলৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি হৈছিল। তেওঁৰ এই যাত্ৰাই উদ্যমিতা, নিৰন্তৰ শিক্ষণ আৰু প্ৰতিষ্ঠানিক সমৰ্থনে কেনেকৈ উচ্চাকাংক্ষী মহিলাসকলক সফল ব্যৱসায়িক নেত্ৰীলৈ ৰূপান্তৰিত কৰিব পাৰে, সেই নিৰ্দৰ্শন দাঙি ধৰিছিল।

এছভিইপি-ৰ অবিৰত সম্প্ৰসাৰণক সমৰ্থন কৰিবলৈ চৰকাৰে ২০২৬-ৰ ফেব্ৰুৱাৰীলৈকে ৯৪২.০৯ কোটি টকাৰ সঞ্চিত কেন্দ্ৰীয় অংশ মুকলি কৰিছে। ২০১৬-ত এই কাৰ্য্যক্ৰম আৰম্ভ হোৱাৰে পৰা ২০১৮-ৰ জানুৱাৰীলৈকে মুকলি কৰা সঞ্চিত ১১২.৩৯ কোটি টকাৰ তুলনাত এয়া প্ৰায় ৭৩৮% অধিক।

 

গ্ৰাম্য উদ্যোগসমূহক লালন-পালন আৰু ইয়াৰ বিকাশৰ ৰূপৰেখা

ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ (SRLM) জৰিয়তে এছভিইপি ৰূপায়ণ কৰা হৈছে। ইয়াৰ অধীনত প্ৰতিটো ব্লকতে ৬.৫০ কোটি টকাৰ ব্যৱস্থা আৰু প্ৰতিটো উদ্যোগৰ বাবে গড়ে ২৭,০৮৩ টকা বিনিয়োগ কৰা হৈছে।

ব্লক পৰ্য্যায়ত ব্লক সমল কেন্দ্ৰ–উদ্যোগ প্ৰসাৰে (BRC-EP) কাৰ্য্যক্ৰম ৰূপায়ণৰ ক্ষেত্ৰত সমন্বয় সাধন কৰিছে। প্ৰশিক্ষিত সমাজ সমল ব্যক্তি–উদ্যোগ প্ৰসাৰে (CRP-EP) উদ্যোগ প্ৰসাৰৰ ক্ষেত্ৰত ব্লক সমল কেন্দ্ৰসমূহক কাৰিকৰী সহায় আগবঢ়াইছে। বেংকসমূহে যোগ্য উদ্যোগীসকললৈ আৰ্থিক সহায় আগবঢ়াইছে। আত্ম-সহায়ক গোট (SHG) আৰু এই সমূহৰ ফেডাৰেচনে সম্ভাৱ্য উদ্যোগী সকলক চিনাক্ত কৰাত সহায় কৰিছে। সামূহিক প্ৰতিষ্ঠানসমূহে উদ্যোগ স্থাপনৰ সুবিধা প্ৰদান কৰিছে আৰু সহায় আগবঢ়াইছে। এইসমূহে কমিউনিটি এন্টাৰপ্ৰাইজ ফাণ্ডৰ (CEF) জৰিয়তে ঋণ পৰিচালনাও কৰে। সামূহিক প্ৰতিষ্ঠানসমূহে উদ্যোগৰ কাম-কাজ আৰু বিকাশ নিয়মিতভাৱে নিৰীক্ষণো কৰে। ডিজিটেল সঁজুলিসমূহে ব্যৱসায়িক পৰিকল্পনা, ঋণ মূল্যায়ন আৰু উদ্যোগ অনুসৰণ কাৰ্য্যক সমৰ্থন কৰিছে। এনে সংহত ব্যৱস্থাই ফলপ্ৰসূ ৰূপায়ণ আৰু উদ্যোগ বিকাশক নিশ্চিত কৰিছে।

চিআৰপি-ইপি সমূহক এছআৰএলএম আৰু প্ৰকল্প ৰূপায়ণ সংস্থাসমূহে পৰীক্ষণ, প্ৰশিক্ষণ আৰু প্ৰমাণীকৰণৰ জৰিয়তে যৌথভাৱে বাছনি কৰে। মৌলিক ব্যৱসায় আৰু গাণিতিক দক্ষতা সম্পন্ন স্থানীয় বাসিন্দা সকলক অগ্ৰাধিকাৰ প্ৰদান কৰা হয়। কমেও ৯০% চিআৰপি-ইপি এছএইচজি-ত অন্তৰ্ভুক্ত পৰিয়ালৰ পৰা বাছনি কৰা হয়। ইয়াত মহিলাসকলে ন্যূনতম ৬০% কেডাৰ গঠন কৰিছে। প্ৰতি চিআৰপি-ইপি এ ৫০ টা পৰ্য্যন্ত উদ্যোগক তত্বাৱধান, প্ৰশিক্ষণ আৰু ঋণ সুবিধা প্ৰদানৰ সহায় আগবঢ়ায়।

আত্ম-সহায়ক গোটৰ সদস্যৰ পৰা শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী চিআৰপি-ইপি লৈ

উত্তৰ প্ৰদেশৰ শ্ৰীমতী পুনমে সামাজিক আৰু আৰ্থিক বাধা অতিক্ৰম কৰি এগৰাকী সফল চিআৰপি-ইপি হিচাপে পৰিগণিত হয়। আত্মসহায়ক গোটত যোগদান কৰাৰ পিছত তেওঁক এছভিইপি-ৰ সৈতে পৰিচয় কৰাই দিয়া হৈছিল আৰু তেওঁ ৫৪-দিনীয়া চিআৰপি-ইপি প্ৰশিক্ষণ কাৰ্য্যসূচী সম্পূৰ্ণ কৰিছিল। এই প্ৰশিক্ষণে তেওঁক উদ্যোগ প্ৰসাৰ আৰু জীৱিকা বিকাশৰ দক্ষতাৰে সমৃদ্ধ কৰি তুলিছিল। প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ব্যৱসায়িক পৰিকল্পনাত সহায়, ঋণৰ সুবিধা প্ৰদান, বজাৰৰ সংযোগ স্থাপন আৰু অব্যাহত তত্বাৱধান আগবঢ়াই প্ৰায় ৪০ টা উদ্যোগক সহায় কৰিবলৈ আৰম্ভ কৰিছিল। পুনমে তেওঁৰ এনে আৰ্থিক স্বাধীনতাৰ বাবে এছভিইপি-ক কৃতিত্ব প্ৰদান কৰিছে আৰু এনে স্বীকৃতিয়ে এছভিইপি-এ তেওঁক আনক তেওঁলোকৰ ব্যৱসায় স্থাপন আৰু বিকাশত সহায় কৰাৰ সুযোগক মূল্য প্ৰদান কৰে। তেওঁৰ যাত্ৰাই সমাজ-ভিত্তিক প্ৰতিষ্ঠান আৰু উদ্যমিতা সমৰ্থনে গ্ৰাম্য জীৱিকাক যে প্ৰসাৰিত কৰিব পাৰে তথা মহিলাৰ অৰ্থনৈতিক সবলীকৰণক যে আগুৱাই নিব পাৰে তাকে প্ৰতিফলিত কৰিছে।

উদ্যোগীসকলক প্ৰয়োজন, দৰিদ্ৰতাৰ অৱস্থা আৰু উদ্যমিতাৰ সম্ভাৱনাৰ ওপৰত ভিত্তি কৰি সামাজিক প্ৰতিষ্ঠানসমূহে চিনাক্ত কৰে। হিতাধিকাৰীসকলে উদ্যোগৰ জীৱনমুখিতা (viability) মূল্যায়নৰ পিছত প্ৰশিক্ষণ, তত্বাৱধান আৰু আৰ্থিক সহায় লাভ কৰে। সমাজ-ভিত্তিক সংস্থাসমূহে চূড়ান্ত ঋণৰ অনুমোদন জনায়। এই কাৰ্য্যক্ৰমে কমেও ৬০% হিতাধিকাৰী মহিলা হ’ব লাগে তথা একে সময়তে বিশেষভাৱে সক্ষম ব্যক্তি আৰু এছচি/এছটি/সংখ্যালঘু সমাজৰ প্ৰতিনিধিত্ব নিশ্চিত হ’ব লাগে বুলি আদেশ প্ৰদান কৰিছে।

ত্ৰৈমাসিক পৰ্য্যালোচনা আৰু সময়ে-সময়ে কৰা মূল্যায়নৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয় পৰ্য্যায়ত এছভিইপি-ক নিৰীক্ষণ কৰা হয়। ইয়াৰ উপৰিও উদ্যোগৰ প্ৰদৰ্শন, পুঁজিৰ ব্যৱহাৰ আৰু কাৰ্য্যক্ৰমৰ অগ্ৰগতি অনুসৰণৰ বাবে এটা কেন্দ্ৰীভূত এমআইএছ ব্যৱস্থা আছে।

গ্ৰাম্য জীৱিকা আৰু উদ্যমিতাৰ ক্ষেত্ৰত এছভিইপি-ৰ প্ৰভাৱ

ভাৰতীয় গুণমান পৰিষদে (QCI) গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ বাবে এছভিইপি-ৰ মধ্য-কালীন মূল্যায়ন চলাইছিল। ইয়াৰ অধীনত ২০১৯-ত গুৰুত্বপূৰ্ণ ক্ষেত্ৰভিত্তিক মূল্যায়ন সম্পন্ন কৰা হৈছিল। পৰ্য্যালোচনাত গ্ৰামোদ্যোগ, জীৱিকা আৰু সামাজিক অন্তৰ্ভুক্তিৰ ওপৰত এই কাৰ্য্যক্ৰমৰ প্ৰভাৱ সম্পৰ্কে মূল্যায়ন কৰা হৈছিল।

এই তথ্যসমূহে আয় সৃষ্টি, উদ্যোগ বিকাশ আৰু দুৰ্বল সমাজ সমূহক সবলীকৰণৰ ক্ষেত্ৰত ইতিবাচক ফলাফল লাভৰ ইংগিত বহন কৰিছেঃ

  • এছভিইপি-সমৰ্থিত উদ্যোগ সমূহৰ ৯৯% লাভজনক আছিল।
  • এছভিইপি উদ্যোগসমূহে মুঠ পৰিয়ালৰ আয়ৰ ৫৭% অৰিহণা যোগাইছিল।
  • গড় মাহিলী উদ্যোগ ৰাজহৰ পৰিমাণ আছিল প্ৰায় ৩৯,০০০ টকা।
  • উৎপাদন উদ্যোগসমূহে প্ৰতিমাহে সৰ্বাধিক ৪৭,৮০০ টকা গড় ৰাজহ সংগ্ৰহ কৰিছে।
  • ৯৬% উদ্যোগীয়ে সঞ্চয় বৃদ্ধি পোৱাৰ কথা জনাইছে।
  • ৭৫% উদ্যোগ মহিলাৰ মালিকানাধীন বা তেওঁলোকৰ দ্বাৰা পৰিচালিত আছিল।

এছভিইপি-এ উদ্যোগীসকলক তেওঁলোকৰ প্ৰাৰম্ভিক আকাংক্ষাৰ অধিক আয় অৰ্জনত সহায় কৰিছিল। বিত্তীয় সাহায্যৰ উন্নত সুবিধাই উদ্যোগীসকলক উদ্যোগ স্থাপন কৰা আৰু ইয়াৰ শ্ৰীবৃদ্ধি ঘটাবলৈ সক্ষম কৰি তুলিছিল। নিৰন্তৰ তত্বাৱধানে উদ্যোগ পৰিচালনা আৰু বহনক্ষমতাক শক্তিশালী কৰি তুলিছিল।

তদুপৰি এছভিইপি-এ মহিলা আৰু বঞ্চিত সমাজ সমূহক প্ৰথম-প্ৰজন্মৰ উদ্যোগী হ’বলৈ উৎসাহিত কৰিছিল। হিতাধিকাৰীসকলে আত্মবিশ্বাস আৰু জীৱিকাৰ সুৰক্ষা প্ৰসাৰিত হোৱাৰ কথা জনাইছে। বহু পৰিয়ালে উন্নত শিক্ষা, পুষ্টি, স্বাস্থ্য আৰু অনাময় ফলাফলৰ অভিজ্ঞতা লাভ কৰিছিল। উদ্যোগীসকলে অধিক শক্তিশালী বাণিজ্য পৰিচালনা আৰু বিত্তীয় দক্ষতা আহৰণ কৰিছিল। বৰ্ধিত সঞ্চয় আৰু পুনৰ বিনিয়োগে উদ্যোগৰ দীৰ্ঘ-ম্যাদী বিকাশত সহায় কৰিছিল। এই কাৰ্য্যক্ৰমে হিতাধিকাৰীসকলৰ নিজৰ সমাজত সামাজিক স্থিতিকো সুদৃঢ় কৰে।

কল্যাণৰ পৰা উদ্যোগ-চালিত উন্নয়নলৈকে

এছভিইপি-এ শক্তিশালী সামূহিক প্ৰতিষ্ঠানৰ দ্বাৰা সমৰ্থিত হ’লে গ্ৰাম্য উদ্যমিতাই অন্তৰ্ভুক্ত অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত এক শক্তিশালী চালিকা শক্তি হিচাপে কাম কৰিব পাৰে বুলি প্ৰমাণিত কৰিছে। মহিলা, অনুসূচীত জাতি/অনুসূচীত জনজাতি সমাজ আৰু প্ৰথম প্ৰজন্মৰ উদ্যোগীসকলক সবলীকৰণ কৰি এই কাৰ্য্যক্ৰমে স্থানীয় আকাংক্ষাক বহনক্ষম উদ্যোগলৈ ৰূপান্তৰিত কৰিছে। ইয়াৰ ফলশ্ৰুতিত অধিক আয়, সঞ্চয় বৃদ্ধি আৰু পৰিয়ালৰ মংগলৰ অগ্ৰগতি ঘটিছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই কাৰ্যসূচীয়ে উদ্যমিতা প্ৰতিভা যে প্ৰতিখন গাঁৱতে বিদ্যমান আৰু সঠিক বাতাবৰণৰ ব্যৱস্থা কৰিলে যে তেওঁলোকৰ বিকাশ ঘটিব পাৰে তাকে প্ৰদৰ্শিত কৰিছে। ভাৰত বিশ্বব্যাপী ষ্টাৰ্ট-আপ হাব হোৱাৰ দিশত আগবাঢ়ি যোৱাৰ লগে-লগে এছভিইপি-ৰ দৰে কাৰ্যসূচীয়ে এক স্পন্দনশীল গ্ৰাম্য ষ্টাৰ্ট-আপ ব্যৱস্থাৰ ভেটি স্থাপন কৰিছে। এই কাৰ্য্যক্ৰমে নিয়োগ সৃষ্টি কৰিছে, স্থানীয় অৰ্থনীতিক শক্তিশালী কৰিছে আৰু লক্ষ-লক্ষ গ্ৰাম্য পৰিয়ালৰ বাবে নতুন সুযোগৰ উন্মেষ ঘটাইছে। সামগ্ৰিকভাৱে এই কাৰ্যসূচীয়ে এখন আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীত অৰিহণা যোগাইছে।

তথ্যসূত্ৰসমূহঃ

গ্ৰামোন্নয়ন মন্ত্ৰালয়

https://svep.nrlm.gov.in/landing

https://svep.nrlm.gov.in/pdf/Final_Mid_Term_Report.pdf

https://nrlm.gov.in/dashboardForOuter.do?methodName=dashboard

https://lakhpatididi.gov.in/wp-content/uploads/2024/02/SVEP_updated_Master_Circular.pdf

https://sansad.in/getFile/loksabhaquestions/annex/13/AU2824.pdf?source=pqals

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1651525&reg=48&lang=2

https://sansad.in/getFile/loksabhaquestions/annex/187/AU3940_Wamd8p.pdf?source=pqals

বাণিজ্য মন্ত্ৰালয়

https://www.ibef.org/blogs/svep-start-up-village-entrepreneurship-programme

নাগালেণ্ড চৰকাৰ

https://nsrlm.nagaland.gov.in/wp-content/uploads/2020/07/guidelines-CRP-EP.pdf

পিআইবি বেকগ্ৰাউণ্ডাৰ

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2195990&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2267960&reg=3&lang=1

https://www.pib.gov.in/FeaturesDeatils.aspx?NoteId=156719&ModuleId=2&reg=3&lang=1

 

Click to See PDF

***

PIB Research/SB

(Explainer ID: 159317)

(Explainer ID: 159332) आगंतुक पटल : 7
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Kannada , Malayalam