• Sitemap
  • Advance Search
Security

কাৰ্গিল বিজয় দিৱস, ২০২৬

ভাৰতৰ শৌৰ্য্য, ত্যাগ আৰু উদ্যমৰ প্ৰতি শ্ৰদ্ধাঞ্জলি

Posted On: 24 JUL 2026 3:39PM

কাৰ্গিল বিজয় দিৱস পালনেৰে অপাৰেচন বিজয়ৰ নিৰ্ভীক জোৱান সকলৰ সাহসিকতা, ত্যাগ আৰু অটল সংকল্পক সন্মান জনোৱা হয়। কাৰ্গিল যুদ্ধত ভাৰতৰ ঐতিহাসিক বিজয়ৰ স্মৃতি ৰোমন্থন আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ মনোভাৱক উদযাপনাৰ্থে এই দিৱস পালন কৰা হয়। এই দিৱসে কাৰ্গিলৰ স্থায়ী উত্তৰাধিকাৰকো প্ৰতিফলিত কৰিছে। এই দিৱসে ভাৰতৰ সামৰিক প্ৰস্তুতিক সুদৃঢ় কৰিছে, প্ৰজন্ম সমূহক অনুপ্ৰাণিত কৰিছে আৰু ৰাষ্ট্ৰৰ নিৰাপত্তাৰ প্ৰতি অটল দায়বদ্ধতাক গভীৰ কৰিছে।

শৌৰ্য্য শিখৰত উপনীত হোৱাৰ মুহূৰ্তত

কাৰ্গিল যুদ্ধ ভাৰতৰ সামৰিক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ অধ্যায়সমূহৰ অন্যতম। এই যুদ্ধই অতুলনীয় সাহস, দৃঢ় সংকল্প আৰু দৃঢ়তাকে প্ৰতিফলিত কৰে। এই যুদ্ধ ৰাষ্ট্ৰীয় গৌৰৱ আৰু প্ৰেৰণাৰ চিৰস্থায়ী প্ৰতীক হৈ আহিছে।

এইবাৰ ৰাষ্ট্ৰই কৃতজ্ঞচিত্ত আৰু শ্ৰদ্ধা সহকাৰে ২৭ সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰিছে। এই দিৱস পালনেৰে ১৯৯৯-ত ভাৰতৰ ঐতিহাসিক বিজয়ৰ স্মৃতি ৰোমন্থন কৰা হয়। ভাৰতীয় সৈন্য বাহিনীয়ে অসামান্য সাহস আৰু অদম্য সংকল্পৰ জৰিয়তে কাৰ্গিলৰ বৰফেৰে আবৃত শিখৰ পুনৰ উদ্ধাৰ কৰিছিল। ২৬ জুলাইত পুনৰবাৰ ৰাষ্ট্ৰীয় পতাকাখনি লাডাখৰ ঠেক পাহাৰৰ ওপৰত সগৌৰৱেৰে উত্তোলিত হৈছিল। এই দৃশ্য হৈ পৰিছিল ত্যাগ, বীৰত্ব আৰু ভাৰতৰ অখণ্ড মনোভাৱৰ এক কালজয়ী প্ৰতীক।

১৯৯৯-ৰ মে’-ৰ পৰা কাৰ্গিল সংঘাত আৰম্ভ হৈছিল। অনুপ্ৰৱেশকাৰীয়ে নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ কমাণ্ডিং হাইটত ভাৰতীয় স্থান দখল কৰিছিল। সিহঁতৰ লক্ষ্য আছিল কাশ্মীৰ আৰু লাডাখৰ মাজৰ সংযোগ বিচ্ছিন্ন কৰা। সিহঁতৰ বৃহত্তৰ উদ্দেশ্য আছিল ভাৰতক কাশ্মীৰ বিবাদক লৈ আলোচনাত বহিবলৈ বাধ্য কৰোৱা। কিন্তু সিহঁতে এখন ৰাষ্ট্ৰৰ ইচ্ছাক তুচ্ছজ্ঞান কৰিছিল। ভাৰতে অপাৰেচন বিজয়ৰ জৰিয়তে ইয়াৰ প্ৰত্যুত্তৰ জনাইছিল। এই অভিযানত নিখুঁত পৰিকল্পনা, অদম্য দৃঢ়তা আৰু ভাৰতীয় সৈনিক সকলৰ অদম্য মনোভাৱ প্ৰতিফলিত হৈছিল। দুমাহৰো অধিক কালৰ তীব্ৰ যুঁজৰ অন্তত প্ৰতিটো অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱা হৈছিল। সিহঁতে দখল কৰা প্ৰতিটো স্থান ভাৰতৰ নিয়ন্ত্ৰণলৈ ঘূৰি আহিছিল।

কাৰ্গিল বিজয় দিৱস পালনেৰে মাতৃভূমিৰ বাবে সৰ্বস্ব ত্যাগ কৰা প্ৰতিজন সেনানীক সন্মান জনোৱা হয়। তেওঁলোকৰ ত্যাগৰ ফলশ্ৰুতিত ভাৰতৰ ভূখণ্ডৰ প্ৰতিটো স্থানক সুৰক্ষিত কৰাৰ সংকল্প অধিক দৃঢ় হৈ উঠিছিল। এই সংঘাতে আগন্তুক বছৰ সমূহৰ বাবে ৰাষ্ট্ৰৰ সামৰিক প্ৰস্তুতি আৰু প্ৰতিৰক্ষা দৃষ্টিভংগীক পুনৰ গঢ় দিছিল। ইয়াৰ অভিজ্ঞতাৰে ভাৰত শক্তিশালী আৰু অধিক আত্ম-নিৰ্ভৰ ভৱিষ্যতৰ দিশত অগ্ৰসৰ হৈছে। এই যুদ্ধই প্ৰতিজন ভাৰতীয়কে সাহস, ত্যাগ, ঐক্য, সাৰ্বভৌমত্ব চিৰদিনৰ বাবে ৰাষ্ট্ৰৰ সৰ্বোচ্চ শক্তি হৈ থাকিব বুলি সোঁৱৰাই দিয়ে।

অপাৰেচন বিজয়ৰ পন্থা

লাহোৰ ঘোষণাৰ পিছতেই ১৯৯৯-ৰ গ্ৰীষ্মকালত কাৰ্গিল যুদ্ধ আৰম্ভ হৈছিল। কাৰ্গিলৰ বৰফাবৃত শিখৰত তীব্ৰ যুদ্ধৰ সূচনা হৈছিল। পাকিস্তানী বাহিনীয়ে ভাৰতৰ ভূখণ্ডত অনুপ্ৰৱেশ কৰি কমাণ্ডিং ৰিজত শীতকালত খালী হৈ থকা প’ষ্টসমূহ দখল কৰিছিল। এই সংঘাতে বিশ্বৰ অন্যতম কঠিন যুদ্ধক্ষেত্ৰত সাহস, সহনশীলতা আৰু ত্যাগৰ পৰীক্ষা কৰিছিল। দুখন পাৰমাণৱিক সশস্ত্ৰ ৰাষ্ট্ৰৰ মাজত হোৱা একমাত্ৰ গতানুগতিক যুদ্ধ হৈয়েই থাকিছিল।

অনুপ্ৰৱেশ

পাকিস্তানৰ অপাৰেচন বদৰৰ অংশ আছিল এই অনুপ্ৰৱেশ। কাশ্মীৰী সন্ত্ৰাসবাদীৰ বেশত পাকিস্তানী বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি ভাৰতীয় স্থান দখল কৰিছিল। সিহঁতৰ লক্ষ্য আছিল কাশ্মীৰ আৰু লাডাখৰ মাজৰ সংযোগ বিচ্ছিন্ন কৰা। ছিয়াচেন হিমবাহত ভাৰতীয় সেনাৰ সৈন্যক বিচ্ছিন্ন কৰি ৰাখিবলৈয়ো অপচেষ্টা চলাইছিল। সিহঁতৰ চূড়ান্ত উদ্দেশ্য আছিল ভাৰতক কাশ্মীৰ বিবাদক লৈ আলোচনা কৰিবলৈ বাধ্য কৰোৱা।

১৯৯৯-ৰ ৩ মে’-ত স্থানীয় বাসিন্দাসকলে প্ৰথমে কাৰ্গিল খণ্ডত সন্দেহজনক গতিবিধিৰ খবৰ দিছিল। এই খবৰৰ সত্যাসত্য পৰীক্ষা কৰিবলৈ তৎক্ষণাত গোপন টহলদাৰী বাহিনী প্ৰেৰণ কৰা হৈছিল। ব্যাপক টহল আৰু আকাশী চোৰাংচোৱাগিৰিৰ দ্বাৰা অতি সোনকালেই তেনে দখলৰ কথা পোহৰলৈ আহিছিল। অনুপ্ৰৱেশকাৰীবোৰে শ্ৰীনগৰৰ পৰা লেহ ঘাইপথলৈকে আধিপত্য বিস্তাৰ কৰিছিল। একাধিক স্থান ৫,০০০ মিটাৰ উচ্চতাত আছিল। এনে পৰিস্থিতিত প্ৰতিটো সামৰিক অভিযান ব্যতিক্ৰমীভাৱে প্ৰত্যাহ্বানজনক হৈ পৰিছিল।

অপাৰেচন বিজয়ৰ সূচনা

ভাৰতে সংযম, সংকল্প আৰু দৃঢ়তাৰে প্ৰত্যুত্তৰ জনাইছিল। চৰকাৰে নিয়ন্ত্ৰণ ৰেখা পাৰ নহ’বলৈ নিৰ্দেশনা আগবঢ়াইছিল। অভিযানটো স্পষ্ট আছিল। দখল কৰা প্ৰতিটো প’ষ্ট পুনৰ দখল কৰা হৈছিল।

ভাৰতীয় সেনাই অনুপ্ৰৱেশকাৰীক উৎখাত কৰিবলৈ অপাৰেচন বিজয় আৰম্ভ কৰিছিল। ভাৰতীয় বায়ুসেনাই ১৯৯৯-ৰ ২৬ মে’-ত অপাৰেচন চফেদ সাগৰৰ জৰিয়তে এই অভিযানত যোগদান কৰিছিল। ভাৰতীয় নৌসেনাও পূৰ্ণ শক্তিৰে নিয়োজিত হৈছিল। এই কাৰ্য্যই প্ৰতিটো ডমেইনতে ভাৰতৰ সংকল্পক প্ৰদৰ্শিত কৰিছিল। তিনিও সেৱাই একেলগে এক সমন্বিত অভিযান চলাইছিল।

অপাৰেচন বিজয়ত দমন (contain), উচ্ছেদ আৰু অস্বীকাৰৰ কৌশল অনুসৰণ কৰা হৈছিল। শ্ৰীনগৰৰ পৰা লেহ ঘাইপথলৈকে আধিপত্য বিস্তাৰ কৰা শিখৰ সমূহ পুনৰ দখল কৰাত অগ্ৰাধিকাৰ প্ৰদান কৰা হৈছিল। ক্ষীপ্ৰতাৰে অতিৰিক্ত সৈন্য, আৰ্টিলাৰী, অভিযন্তা, বিশেষ সঁজুলি আৰু লজিষ্টিক মোতায়েন কৰা হৈছিল। শত্ৰু পক্ষৰ অদম্য গুলীচালনাৰ মাজতো জোৱানসকলে প্ৰচণ্ড শীত, পাতলীয়া বতাহ আৰু প্ৰতিকূল ভূখণ্ডত যুঁজ দিছিল।

যুদ্ধৰ গতিপথ সলনি কৰা যুঁজ

টললিঙৰ যুদ্ধ এই অভিযানৰ প্ৰথম বৃহৎ অগ্ৰগতিসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈছিল। ১৯৯৯-ৰ মে’-ৰ অন্তিমটো সপ্তাহত ভাৰতীয় সৈন্যই আক্ৰমণ আৰম্ভ কৰিছিল। ১৩ জুনত পইন্ট ৪৫৯০ আৰু টললিঙ সম্পূৰ্ণৰূপে পুনৰ দখল কৰা হৈছিল, ইয়াৰ ফলশ্ৰুতিত অধিক অগ্ৰগতিৰ পথ প্ৰশস্ত হৈছিল।

টাইগাৰ হিলৰ যুঁজ এই যুদ্ধৰ অন্যতম নিৰ্ণায়ক মুহূৰ্ত হৈ পৰিছিল। টাইগাৰ হিল দ্ৰাস খণ্ডৰ সৰ্বোচ্চ শিখৰ সমূহৰ অন্যতম আৰু এয়া ভাৰতীয় সেনাৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্দেশ্য আছিল। সাহসী আক্ৰমণৰ অন্তত ১৯৯৯-ৰ ৪ জুলাইত এই শিখৰটো পুনৰ দখল কৰা হৈছিল। ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ পক্ষত ফলাফল যথেষ্ট আগবাঢ়িছিল।

পইন্ট ৪৮৭৫, বাটালিক, মুছকোহ ভেলী আৰু কাকছাৰতো তয়াময়া ৰণ হৈছিল। ভাৰতীয় সৈন্যই দখল কৰা প্ৰতিটো স্থান পুনৰ দখল কৰিবলৈ যুঁজিছিল। প্ৰায় তিনিমাহজোৰা অদম্য অভিযানৰ অন্তত দখল কৰা প্ৰতিটো ভাৰতীয় প’ষ্ট পুনৰ উদ্ধাৰ কৰা হৈছিল। ভাৰতে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম নকৰাকৈয়ে বিজয় নিশ্চিত কৰিছিল। স্বকীয় সংযম, পেছাদাৰিত্ব আৰু অটল সংকল্পৰ বাবে বিশ্বজনীন সন্মান অৰ্জন কৰিছিল।

ৰাষ্ট্ৰক অনুপ্ৰাণিত কৰা বিজয়

কাৰ্গিল যুদ্ধ ভাৰতৰ ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায় হৈ পৰিল। এই যুদ্ধই ভাৰতীয় জোৱান সকলৰ অসাধাৰণ সাহসিকতাক প্ৰদৰ্শন কৰি সমগ্ৰ ৰাষ্ট্ৰখনক গৌৰৱেৰে একত্ৰিত কৰিছিল। ১৯৯৯-ৰ ১৪ জুলাইত তেতিয়াৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপায়ীয়ে ৰাষ্ট্ৰক সম্বোধন কৰি অপাৰেচন বিজয়ক সফল ঘোষণা কৰিছিল। তেওঁ সশস্ত্ৰ বাহিনীৰ সাহস, ত্যাগ, অটল সংকল্পক শ্ৰদ্ধা জনাইছিল।

এই জয়ে যিকোনো মূল্যৰ বিনিময়ত ভাৰতীয় ভূখণ্ডৰ প্ৰতিটো স্থান সুৰক্ষিত কৰা হ’ব বুলি সংকল্পক সুদৃঢ় কৰিছিল। এই জয় ৰাষ্ট্ৰৰ সশস্ত্ৰ বাহিনীৰ প্ৰতি বিশ্বাস গভীৰ কৰি তুলিছিল আৰু ভাৰতীয় প্ৰজন্ম সমূহক অনুপ্ৰাণিত কৰিছিল।

কাৰ্গিলক সংজ্ঞায়িত কৰা সাহস

অগণন সাহসিকতা পূৰ্ণ কাৰ্য্যৰ দ্বাৰা কাৰ্গিলত জয়লাভ সম্ভৱ হৈ উঠিছিল। পুনৰ উদ্ধাৰ কৰা প্ৰতিটো শিখৰেই ভাৰতৰ সশস্ত্ৰ বাহিনীৰ দৃঢ়তা আৰু ত্যাগক প্ৰতিফলিত কৰিছিল। প্ৰতিজন সৈনিকে অপাৰেচন বিজয়ত অৰিহণা যোগোৱাৰ সমান্তৰালকৈ কেইবাটাও ব্যতিক্ৰমী বীৰত্বপূৰ্ণ কাৰ্য্য এই সংঘাতৰ সংজ্ঞায়িত মুহূৰ্ত হৈ পৰিছিল। গ্ৰেনেডিয়াৰ যোগেন্দ্ৰ সিং যাদৱ, কেপ্তেইন বিক্ৰম বাত্ৰা, কেপ্তেইন বিজয়ন্ত থাপাৰ আদি ভালে কেইগৰাকী বীৰ সাহস আৰু নিস্বাৰ্থ সেৱাৰ প্ৰতীক হৈ পৰিছিল।

ৰাষ্ট্ৰখনে তেওঁলোকৰ অসাধাৰণ বীৰত্বক সৰ্বোচ্চ সামৰিক অভিধাৰে সন্মান জনাইছে। ৪ জন জোৱানক ভাৰতৰ সৰ্বোচ্চ বীৰত্ব বঁটা পৰম বীৰ চক্ৰৰে সন্মানিত কৰা হয়। ৯ জনে মহা বীৰ চক্ৰ লাভ কৰাৰ সমান্তৰালভাৱে ৫৫ জনক বীৰ চক্ৰৰে সন্মানিত কৰা হৈছে। এজন জোৱানক সৰ্বোত্তম যুদ্ধ সেৱা পদক প্ৰদান কৰা হৈছে। ছজনে উত্তম যুদ্ধ সেৱা পদক লাভ কৰিছে আৰু ৮ জনক যুদ্ধ সেৱা পদক প্ৰদান কৰা হৈছে। ৮৩ গৰাকী জোৱানক সেনা পদক প্ৰদান কৰাৰ সমান্তৰালকৈ ২৪ গৰাকীয়ে বায়ু সেনা পদক লাভ কৰিছে। উক্ত সন্মানৰাজিয়ে কাৰ্গিল যুদ্ধৰ সময়ত প্ৰদৰ্শিত অসাধাৰণ সাহসিকতা, নেতৃত্ব আৰু ত্যাগৰ মনোভাৱৰ প্ৰতিফলন ঘটায়।

এইসকল যোদ্ধাৰ প্ৰেৰণাদায়ক কাহিনী পঢ়ক Click To Read More Here.

যুদ্ধক্ষেত্ৰৰ অভিজ্ঞতাৰ পৰা শক্তিশালী প্ৰতিৰক্ষা ব্যৱস্থালৈ

কাৰ্গিল যুদ্ধ ভাৰতৰ প্ৰতিৰক্ষা যাত্ৰাৰ এক টাৰ্নিং পইন্ট হৈ পৰিছিল। এই যুদ্ধই অধিক গভীৰ সমন্বয়, দ্ৰুত আধুনিকীকৰণ আৰু অধিক আত্ম-নিৰ্ভৰতাৰ প্ৰয়োজনীয়তাত আলোকপাত কৰিছিল। বছৰ-বছৰ ধৰি ভাৰতে নিজৰ প্ৰতিৰক্ষা ব্যৱস্থাক শক্তিশালী কৰাৰ লগতে থলুৱা সামৰ্থ্য গঢ়ি তোলাৰ বাবে ব্যাপক সংস্কাৰ সাধন কৰিছে। আজি এই প্ৰচেষ্টাসমূহৰ ফলশ্ৰুতিত অধিক শক্তিশালী, অধিক সক্ষম আৰু ক্ৰমান্বয়ে আত্ম-নিৰ্ভৰ সামৰিক বাহিনী গঢ় লৈ উঠিছে।

তলত সাধন কৰা কেতবোৰ মূল সংস্কাৰ আৰু গ্ৰহণ কৰা পদক্ষেপৰ সবিশেষ উল্লেখ কৰা হৈছেঃ

সামৰিক পৰিক্ৰমা বিভাগ প্ৰতিষ্ঠা

উচ্চ প্ৰতিৰক্ষা ব্যৱস্থাপনা সংস্কাৰৰ অংশ হিচাপে সামৰিক পৰিক্ৰমা বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল। এই বিভাগে চিডিএছ-ৰ অধীনত কাম কৰে। চিডিএছ হৈছে ইয়াৰ সচিব। বিভাগটোৱে সেনা, নৌসেনা আৰু বায়ুসেনাৰ মাজত যৌথ সহযোগিতাক প্ৰসাৰিত কৰে। ইয়াৰ উপৰিও এই বিভাগে তিনিও সেৱাৰ মাজৰ সমন্বিত প্ৰতিৰক্ষা মতবাদ, পৰিকল্পনা আৰু পদ্ধতিসমূহলৈ সমৰ্থন আগবঢ়ায়।

প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান পদ সৃষ্টি

ইয়াৰে অন্যতম উল্লেখযোগ্য সংস্কাৰ আছিল প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান (CDS) পদ সৃষ্টি। চিডিএছে চৰকাৰৰ ছিংগল পইন্ট সামৰিক উপদেষ্টা হিচাপে কাৰ্য্যনিৰ্বাহ কৰে। এই ভূমিকাই সেনা, নৌসেনা আৰু বায়ুসেনাৰ মাজৰ অধিক সহযোগিতাক প্ৰসাৰিত কৰে। ২০২০-ত জেনেৰেল বিপিন ৰাৱট ভাৰতৰ প্ৰথমগৰাকী চিডিএছ হিচাপে অধিষ্ঠিত হৈছিল। বৰ্তমান এই পদত জেনেৰেল এন. এছ. ৰাজা সুব্ৰমণীয়ে কাৰ্য্যনিৰ্বাহ কৰি আছে।

প্ৰতিৰক্ষা খণ্ডত প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ

প্ৰতিৰক্ষা উদ্যোগক ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণৰ বাবে মুকলি কৰা হৈছে। নতুন প্ৰতিৰক্ষা ঔদ্যোগিক অনুজ্ঞাৰ বাবে স্বয়ংক্ৰিয় পথৰ জৰিয়তে প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ সীমা ৭৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ উপৰিও চৰকাৰী পথৰ জৰিয়তে ১০০ শতাংশ পৰ্য্যন্ত অনুমতি প্ৰদানেৰে আধুনিক প্ৰযুক্তিৰ প্ৰৱৰ্তন কৰা হৈছে। ২০২৬-ৰ মাৰ্চলৈকে এই খণ্ডই ৬,৬৭০.৫৯ কোটি টকাৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগ প্ৰলুব্ধ কৰিছে। উন্নত প্ৰতিৰক্ষা উৎপাদনক ব্যাপক কৰিবলৈ চৰকাৰে বিদেশী মূল সঁজুলি নিৰ্মাতাসকলৰ সৈতে সহ-বিকাশ আৰু সহযোগিতামূলক উৎপাদনকো প্ৰসাৰিত কৰিছে।

বৰ্ধিত প্ৰতিৰক্ষা বাজেট

ভাৰতৰ প্ৰতিৰক্ষা আবন্টন ২০১৩–১৪ ত ২.৫৩ লাখ কোটি টকাৰ পৰা ২০২৬–২৭ ত ৭.৮৫ লাখ কোটি টকালৈ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। মূলধনী ব্যয়ো ২০১৪–১৫ ত ৯৪,৫৮৭.৯৫ কোটি টকাৰ পৰা ২০২৬–২৭ ত ২.১৯ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। এই বিনিয়োগসমূহে আধুনিক সঁজুলি, আন্তঃগাঁথনি আৰু কৌশলগত সম্পত্তিৰ জৰিয়তে দীৰ্ঘম্যাদী সামৰিক সামৰ্থ্যক শক্তিশালী কৰিছে।

প্ৰতিৰক্ষা উৎপাদন আৰু ৰপ্তানি বৃদ্ধি

ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন ২০২৫–২৬ ত সৰ্বকালৰ সৰ্বাধিক ১.৭৮ লাখ কোটি টকাত উপনীত হয়, যি পৰিমাণ ২০১৪–১৫ ত ৪৬,৪২৯ কোটি টকাতকৈ প্ৰায় চাৰিগুণ অধিক।

প্ৰতিৰক্ষা ৰপ্তানি ২০১৩–১৪ ত ৬৮৬ কোটি টকাৰ পৰা ২০২৫–২৬ ত ৩৮,৪২৪ কোটি টকালৈ বৃদ্ধি পাইছে। এয়া ৫৬ গুণৰো অধিক বৃদ্ধি। আজি ভাৰতীয় প্ৰতিৰক্ষা সামগ্ৰী ৮০ খনৰো অধিক দেশলৈ ৰপ্তানি কৰা হয়। মেক ইন ইণ্ডিয়া আৰু আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দ্বাৰা পৰিচালিত হৈ ভাৰতে প্ৰতিৰক্ষা উৎপাদনকাৰী ৰাষ্ট্ৰ হিচাপে ক্ৰমাগতভাৱে আত্মপ্ৰকাশ কৰিছে। পূৰ্বে আমদানিৰ ওপৰত নিৰ্ভৰশীলতা ৬৫-ৰ পৰা ৭০ শতাংশৰ তুলনাত এতিয়া দেশতে প্ৰায় ৬৫ ​​শতাংশ প্ৰতিৰক্ষা সঁজুলি উৎপাদন কৰা হয়।

থলুৱা প্ৰতিৰক্ষা উৎপাদনক ত্বৰান্বিতকৰণ

প্ৰতিৰক্ষা মন্ত্ৰালয়ে সৃজন ডিফেন্স পৰ্টেল মুকলি কৰিছে। এই পৰ্টেলে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু সেৱা মুখ্য কাৰ্য্যালয়ক থলুৱাকৰণৰ বাবে উদ্যোগ, এমএছএমই আৰু ষ্টাৰ্টআপ সমূহৰ সৈতে সংযোগ কৰিছে। আত্মনিৰ্ভৰ ভাৰতৰ পদক্ষেপৰ অধীনত ২০২১-ত পজিটিভ ইণ্ডিজেনাইজেচন লিষ্ট প্ৰৱৰ্তন কৰা হৈছিল।

২০২৬-ৰ মে’ পৰ্য্যন্ত ডিপিএছইউ-ৰ ৫,০১২ টা আইটেমক সামৰি পাঁচ পজিটিভ ইণ্ডিজেনাইজেচন লিষ্ট অধিসূচিত কৰা হৈছে। যোৱা পাঁচ বছৰৰ ভিতৰত ৩২০৪ টা পজিটিভ ইণ্ডিজেনাইজেচন লিষ্ট আইটেমকে প্ৰমুখ্য কৰি ১৫,৭০০-ৰো অধিক প্ৰতিৰক্ষা সামগ্ৰীক থলুৱা কৰা হৈছে। ডিপিএছইউ সমূহে ৯,৭৮২ কোটি টকাৰ ঘৰুৱা অৰ্ডাৰ প্ৰদানেৰে এমএছএমই, ষ্টাৰ্টআপ, গৱেষণা প্ৰতিষ্ঠান আৰু ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন ব্যৱস্থাক শক্তিশালী কৰিছে।

আঞ্চলিক উৎপাদনক পৰিচালিত কৰা প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰ

প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰসমূহে প্ৰতিৰক্ষা উৎপাদন, আঞ্চলিক যোগান শৃংখলক সুদৃঢ় কৰা আৰু সংহত ঔদ্যোগিক ব্যৱস্থাক লাভান্বিত কৰণৰ ক্ষেত্ৰত মূল বিকাশ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২৬-ৰ এপ্ৰিললৈকে উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰে ৪২,০৫৭ কোটি টকাৰ বিনিয়োগ প্ৰতিশ্ৰুতি প্ৰলুব্ধ কৰিছিল। ইয়াত ৪,৪০৯ কোটি টকাৰ গ্ৰাউণ্ড বিনিয়োগ আছিল। পৰীক্ষণ আৰু উদ্ভাৱনৰ ক্ষমতা বৃদ্ধিৰ বাবে প্ৰতিৰক্ষা প্ৰযুক্তি আৰু পৰীক্ষা কেন্দ্ৰ (DTTC) স্থাপন কাৰ্য্যই ইয়াক সমৰ্থন জনাইছিল। একে সময়ছোৱাতে তামিলনাডু প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰে ৩২,৬৯৯ কোটি টকাৰ বিনিয়োগ প্ৰলুব্ধ কৰিছিল। প্ৰকৃত বিনিয়োগৰ পৰিমাণ ৬,৪৪৬ কোটি টকা হৈছিল। এই কৰিডৰসমূহে একেলগে ঔদ্যোগিক আন্তঃগাঁথনি উন্নয়নক ত্বৰান্বিত কৰিছে, ঘৰুৱা উৎপাদন ক্ষমতাক সম্প্ৰসাৰিত কৰিছে আৰু নতুন নিয়োগৰ সুযোগ সৃষ্টি কৰিছে।

অগ্নিপথ আঁচনি

যুৱক-যুৱতী সকলক সশস্ত্ৰ বাহিনীত চাৰি-বছৰীয়া সেৱাৰ বাবে অগ্নিবীৰ হিচাপে নিযুক্তি প্ৰদান কৰিবলৈ অগ্নিপথ আঁচনিৰ শুভাৰম্ভ কৰা হৈছিল। এই আঁচনিৰ লক্ষ্য হৈছে আধুনিক দৃষ্টিভংগীৰে যুৱ সুলভ, প্ৰযুক্তি-দক্ষ আৰু যুদ্ধৰ বাবে সাজু সামৰিক বাহিনী গঠন কৰা। অগ্নিবীৰসকলে ইগন’ (IGNOU) আৰু এনআইঅ’এছ-ৰ দৰে শিক্ষানুষ্ঠান সমূহৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে সামৰিক প্ৰশিক্ষণ, বিশেষ দক্ষতা বিকাশ আৰু শৈক্ষিক সুযোগ লাভ কৰে। আঁচনিখনে ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত দক্ষতা প্ৰমাণপত্ৰ আৰু সেৱাৰ পিছত কেৰিয়াৰ পথো প্ৰদান কৰে।

কাৰ্গিলৰ উত্তৰাধিকাৰে ভাৰতৰ সশস্ত্ৰ বাহিনীক শক্তিশালী কৰা আৰু ৰাষ্ট্ৰৰ নিৰাপত্তা সুদৃঢ় কৰা সংস্কাৰ সাধন কাৰ্য্যক প্ৰেৰণা যোগাই আহিছে।

ভৱিষ্যতৰ বাবে সাজু সামৰিক বাহিনীৰ অভিমুখে

কাৰ্গিল যুদ্ধৰ পিছৰে পৰা যুদ্ধক্ষেত্ৰৰ চৰিত্ৰৰ যথেষ্ট পৰিৱৰ্তন হৈছে। আধুনিক সংঘাতত উন্নত প্ৰযুক্তি, উন্নত ফায়াৰপাৱাৰ আৰু দ্ৰুত সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজন হয়। আধুনিক প্লেটফৰ্মৰ প্ৰৱৰ্তন আৰু পৰৱৰ্তী প্ৰজন্মৰ প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিকাশৰ জৰিয়তে ভাৰতে নিজৰ সামৰিক সামৰ্থ্যক শক্তিশালী কৰিছে। এই ক্ষমতাসমূহে স্থলভাগ, আকাশ, সাগৰ, মহাকাশ আৰু উদীয়মান ডমেইনসমূহত কাৰ্য্যকৰী প্ৰস্তুতি বৃদ্ধি কৰিছে।

তলত এই ৰূপান্তৰক আগুৱাই নিয়া কেতবোৰ মূল মঞ্চ আৰু উদীয়মান প্ৰযুক্তিৰ ৰূপৰেখা দাঙি ধৰা হৈছে।

সেৱাত আধুনিক মঞ্চ

যুদ্ধৰ সামৰ্থ্য শক্তিশালী কৰা আৰু কাৰ্য্যকৰী ফলপ্ৰসূতা বৃদ্ধিৰ বাবে ভাৰতে তিনিও সেৱাতে উন্নত মঞ্চৰ প্ৰৱৰ্তন কৰিছে।

  • অৰ্জুন এমকে আইএ যুদ্ধ টেংকঃ ২০২১-ৰ ফেব্ৰুৱাৰীত ভাৰতীয় সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা অৰ্জুন এমকে আইএ (Mk IA) যুদ্ধ টেংকে ভাৰতৰ থলুৱা সশস্ত্ৰ সামৰ্থ্যক শক্তিশালী কৰি তুলিছে।
  • আইএনএছ বিক্ৰান্তঃ ২০২২-ৰ ২ ছেপ্টেম্বৰত ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্তক মোতায়েন কৰা হৈছিল। ই সামুদ্ৰিক সামৰ্থ্য আৰু আত্ম-নিৰ্ভৰতাৰ ক্ষেত্ৰত এক বৃহৎ মাইলৰ খুঁটি স্থাপন কাৰ্য্যক সূচিত কৰিছিল।
  • ৰাফেল যুদ্ধ বিমানঃ ২০৩০-ৰ ভিতৰত ভাৰতে ২৬ খন ৰাফেল এম বিমানকে প্ৰমুখ্য কৰি ৬২ খন ৰাফেল যুদ্ধ বিমান চলাব। ইয়াৰ লগে-লগে ফ্ৰান্সৰ পিছত ভাৰত উভয় ভেৰিয়েন্ট চলোৱা প্ৰথমখন দেশ হিচাপে পৰিগণিত হ’ব।
  • আপাচী আৰু চিনক হেলিকপ্টাৰঃ আপাচী এটেক হেলিকপ্টাৰ আৰু চিনক হেভী লিফ্ট হেলিকপ্টাৰ মোতায়েনৰ ফলশ্ৰুতিত যুদ্ধ ক্ষমতা আৰু কৌশলগত এয়াৰলিফ্ট ক্ষমতা বৃদ্ধি পাইছে।
  • ড্ৰোন ৱাৰফেয়াৰৰ একত্ৰীকৰণঃ ভাৰতে নিজৰ সামৰিক লক্ষ্যত ড্ৰোন ৱাৰফেয়াৰক একত্ৰিত কৰিছে। ড্ৰোনে এতিয়া চোৰাংচোৱা, অনুসন্ধান, নিখুঁত অভিযান আৰু যুদ্ধক্ষেত্ৰৰ ফলপ্ৰসূতাক প্ৰসাৰিত কৰিছে।
  • ব্ৰহ্মছ ক্ৰুজ মিছাইলঃ ২০০১-ৰ ১২ জুনত প্ৰথম সফল ব্ৰহ্মছ উৎক্ষেপণ সম্পন্ন হৈছিল। এই বহু-প্লেটফৰ্ম ছুপাৰছনিক ক্ৰুজ মিছাইলক স্থল, সাগৰ আৰু আকাশৰ পৰা নিক্ষেপ কৰিব পাৰি। ইয়াৰ ৰেঞ্জ ২৯০ কিমি পৰ্য্যন্ত আৰু ই প্ৰায় মেক ২.৮ বেগত যাত্ৰা কৰে।
  • প্ৰজেক্ট ১৭এ ষ্টেলথ ফ্ৰিগেটঃ প্ৰজেক্ট ১৭এ হৈছে ভাৰতীয় নৌসেনাৰ উন্নত ষ্টেলথ ফ্ৰিগেট প্ৰগ্ৰেম। ইয়াৰ জৰিয়তে পৰৱৰ্তী প্ৰজন্মৰ সাত গাইডেড মিছাইল যুদ্ধ জাহাজ নিৰ্মাণ কৰা হয়। এই ফ্ৰিগেটসমূহক এন্টি-এয়াৰ, এন্টি-চাৰফেছ আৰু এন্টি-চাবমেৰিন ৱাৰফেয়াৰৰ বাবে ডিজাইন কৰা হৈছে।
  • সন্ধায়ক ক্লাছ চাৰ্ভে জাহাজঃ সন্ধায়ক ক্লাছ চাৰ্ভে জাহাজে সাগৰৰ তলৰ আৰু উপকূলীয় জলভাগৰ মেপিং কৰি ভাৰতীয় নৌসেনাৰ হাইড্ৰগ্ৰাফিক ক্ষমতাক শক্তিশালী কৰিছে। এই থলুৱা শ্ৰেণীত আইএনএছ সন্ধায়ক, আইএনএছ নিৰ্দেশক, আইএনএছ ইক্ষক আৰু আইএনএছ সংশোধকক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ফলশ্ৰুতিত ভাৰতৰ সামুদ্ৰিক জৰীপ আৰু নৌ পৰিবহণ ক্ষমতা বৃদ্ধি পাইছে।
  • অৰ্ণলা ক্লাছ এন্টি-চাবমেৰিন ৱাৰফেয়াৰ শ্বেল্ল ৱাটাৰ ক্ৰাফ্টঃ অৰ্ণলা ক্লাছে ভাৰতীয় নৌসেনাৰ উপকূলীয় প্ৰতিৰক্ষা আৰু এন্টি-চাবমেৰিন ৱাৰফেয়াৰ ক্ষমতাক শক্তিশালী কৰিছে। থলুৱা আঠ জাহাজ ক্লাছত আছে আইএনএছ অৰ্ণলা, আইএনএছ এণ্ড্ৰথ, আইএনএছ অঞ্জদীপ, আইএনএছ আমিনি, আইএনএছ অভয়, আইএনএছ আগৰয়, আইএনএছ অক্ষয় আৰু শেহতীয়াভাৱে কমিচন হোৱা আইএনএছ অজয়। আইএনএছ অৰ্ণলা হৈছে ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হোৱা সৰ্ববৃহৎ ৱাটাৰজেট চালিত যুদ্ধ জাহাজ। Click To Read More: Guardians of India's Maritime Frontiers

উদীয়মান প্ৰযুক্তি আৰু কৌশলগত ক্ষমতা

ভাৰতে আগন্তুক যুদ্ধক্ষেত্ৰৰ বাবে নিজৰ সশস্ত্ৰ বাহিনীক সাজু কৰিবলৈ উন্নত প্ৰযুক্তিত বিনিয়োগ কৰিছে।

  • মিছন শক্তিঃ ২০১৯-ৰ ২৭ মাৰ্চত ভাৰতে ডঃ এপিজে আব্দুল কালাম দ্বীপৰ পৰা মিছন শক্তি নামেৰে এটি এন্টি-চেটেলাইট মিছাইলৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। এই সাফল্যৰ লগে-লগে ভাৰতে এন্টি-চেটেলাইট ক্ষমতা সম্পন্ন ৰাষ্ট্ৰ সমূহৰ আছুতীয়া গ্ৰুপত যোগদান কৰে।
  • প্ৰতিৰক্ষাত কৃত্ৰিম বুদ্ধিমত্তাঃ ২০২২-ত ভাৰতে তদাৰকী, চাইবাৰ সুৰক্ষা, লজিষ্টিক, স্বায়ত্তশাসিত ব্যৱস্থা আৰু যুদ্ধক্ষেত্ৰত সহায়ৰ বাবে ৭৫ কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক প্ৰযুক্তি প্ৰৱৰ্তন কৰে।
  • মিছন দিব্যাস্ত্ৰঃ ২০২৪-ৰ ১১ মাৰ্চত ভাৰতে মিছন দিব্যাস্ত্ৰৰ অধীনত ভিন্ন লক্ষ্যত একাধিক ৱাৰহেড কঢ়িয়াই নিয়া এটা দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষণ কৰিছিল।
  • পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটঃ ২০২৫-ৰ ২৯ ডিচেম্বৰত পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা হৈছিল। ৰকেটটোৱে সৰ্বাধিক ১২০ কিমি দূৰত্ব প্ৰদৰ্শন কৰিছিল।
  • উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাঃ ২০২৫-ৰ ২৩ আগষ্টত ডিআৰডিঅ’-এ এটা উন্নত বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সফলতাৰে পৰীক্ষা কৰিছিল। ইয়াত মিছাইল ইন্টাৰচেপ্টৰ, চমু দূৰত্বৰ বায়ু প্ৰতিৰক্ষা অস্ত্ৰ আৰু লেজাৰ ভিত্তিক প্ৰযুক্তিৰ সংমিশ্ৰণ ঘটিছে।
  • হাইপাৰছনিক মিছাইল প্ৰযুক্তিঃ ভাৰতত হাইপাৰছনিক মিছাইলৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ প্ৰপালচন ব্যৱস্থাৰ উন্নতি সাধন কৰা হৈছে। ২০২৬-ৰ জানুৱাৰীত ডিআৰডিঅ’-এ সফলতাৰে দীৰ্ঘকালীন স্ক্ৰেমজেট কম্বষ্টাৰ গ্ৰাউণ্ড টেষ্ট সম্পূৰ্ণ কৰে। হায়দৰাবাদত এটা নতুন হাইপাৰছনিক ৱাইণ্ড টানেলে এতিয়া ফিউছাৰ হাই স্পীড মিছাইলৰ বিকাশ সাধনত সহায় কৰিছে।
  • কুছা লং ৰেঞ্জ ছাৰ্ফেচ টু এয়াৰ মিছাইলঃ ২০২৬-ৰ জুলাইত ডিআৰডিঅ’-এ কুছা মিছাইলৰ প্ৰথম উৰণ পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। ই এটা চিমুলেটেড হাই স্পীড এৰিয়েল ভাবুকিক বাধা প্ৰদান কৰিছিল। এই ব্যৱস্থাই যুদ্ধ বিমান, মিছাইল, মানৱবিহীন বিমান আৰু শত্ৰুৰ বৃহৎ বিমানক বিস্তৃত পৰিসৰ আৰু উচ্চতাত নিষ্ক্ৰিয় কৰিব পাৰে। ডিআৰডিঅ’ৰ পৰীক্ষাগাৰ আৰু উদ্যোগৰ অংশীদাৰসকলে ইয়াক থলুৱাভাৱে বিকশিত কৰিছে।
  • লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলঃ ২০২৬-ৰ জুনত ডিআৰডিঅ’-এ ডঃ এপিজে আব্দুল কালাম দ্বীপৰ পৰা লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলৰ সফলতাৰে উৰণ পৰীক্ষা সম্পন্ন কৰিছিল। এই ক্ষেপণাস্ত্ৰ সফলতাৰে সকলো পৰীক্ষাৰ লক্ষ্যত উপনীত হৈছিল। ই হৈছে ডিআৰডিঅ’ৰ পৰীক্ষাগাৰ আৰু ভাৰতীয় উদ্যোগৰ অংশীদাৰসকলে বিকশিত কৰা সকলো প্ৰধান উপ-ব্যৱস্থাৰ সৈতে থলুৱাভাৱে বিকশিত ব্যৱস্থা।
  • নেত্ৰা এয়াৰবৰ্ণ আগতীয়া সতৰ্কবাণী আৰু নিয়ন্ত্ৰণ ব্যৱস্থাঃ ২০২৬-ৰ জুনত ডিআৰডিঅ’-এ থলুৱা নেত্ৰা এয়াৰবৰ্ণ আগতীয়া সতৰ্কবাণী আৰু নিয়ন্ত্ৰণ (AEW&C) ব্যৱস্থাৰ বাবে চূড়ান্ত অপাৰেচনেল ক্লিয়াৰেন্স প্ৰমাণপত্ৰ প্ৰদান কৰিছিল। এই ব্যৱস্থাটোক ডিআৰডিঅ’, ভাৰতীয় বায়ুসেনা আৰু উদ্যোগৰ অংশীদাৰসকলে যৌথভাৱে বিকশিত কৰিছিল। ই বায়ুমণ্ডলীয় চোৰাংচোৱা, পৰিস্থিতি সজাগতা আৰু যুদ্ধ পৰিচালনাৰ ক্ষমতা যথেষ্ট বৃদ্ধি কৰিছে।

আধুনিক যুদ্ধ মঞ্চৰ পৰা পৰৱৰ্তী প্ৰজন্মৰ প্ৰযুক্তিলৈকে ভাৰতে ভৱিষ্যতৰ বাবে সাজু সামৰিক বাহিনী গঢ়ি তুলিছে। এই সামৰ্থ্যসমূহে প্ৰতিৰোধক শক্তিশালী কৰিছে, কাৰ্য্যকৰী প্ৰস্তুতি বৃদ্ধি কৰিছে আৰু ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক সুৰক্ষাৰ ক্ষমতাক শক্তিশালী কৰিছে।

কাৰ্গিলৰ চিৰস্থায়ী উত্তৰাধিকাৰ

অটল সংকল্পৰ সামঞ্জস্য থকা মাত্ৰেকে শক্তিশালী সামৰিক বাহিনী এটা আটাইতকৈ অৰ্থপূৰ্ণ হৈ উঠে। কাৰ্গিলৰ পিছৰে পৰা ভাৰতে নিজৰ প্ৰতিৰক্ষা ক্ষমতা আৰু ক্ৰমবৰ্ধমান নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি উভয়কে ক্ৰমাগতভাৱে শক্তিশালী কৰি তুলিছে। এই পদ্ধতিয়ে ৰাষ্ট্ৰৰ নিৰাপত্তা মতবাদ আৰু কাৰ্য্যকৰী অৱস্থাক গঢ় দি আহিছে।

চাৰ্জিকেল ষ্ট্ৰাইক আৰু বালাকোট এয়াৰ ষ্ট্ৰাইক

সীমান্ত অতিক্ৰমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সঁহাৰিয়ে যোৱা দশকটোত নতুন পৰ্য্যায়ত প্ৰৱেশ কৰিছে। উৰিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত ভাৰতে ২০১৬-ৰ ২৮ আৰু ২৯ ছেপ্টেম্বৰত চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল। এই অভিযানত নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে সন্ত্ৰাসবাদী আৰু সিহঁতৰ ৰক্ষক বোৰৰ যথেষ্ট লোকচান হৈছিল। এই অভিযানে সীমান্ত অতিক্ৰমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে অধিক সক্ৰিয় পন্থা গ্ৰহণ কাৰ্য্যক সূচিত কৰিছিল।

ইয়াৰ কেইটামান বছৰৰ পাছতে অৰ্থাৎ ২০১৯-ৰ ১৪ ফেব্ৰুৱাৰীত পুলৱামাত সন্ত্ৰাসবাদীৰ আক্ৰমণত চিআৰপিএফ-ৰ ৪০ জন জোৱানে শ্বহীদবৰণ কৰিছিল। ভাৰতে ইয়াৰো ক্ষীপ্ৰ প্ৰত্যুত্তৰ জনাইছিল। ২০১৯-ৰ ২৬ ফেব্ৰুৱাৰীত চোৰাংচোৱা-ভিত্তিক অভিযানত বালাকোট এয়াৰ ষ্ট্ৰাইকত বহু সংখ্যক জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক নিধন কৰা হৈছিল। লক্ষ্য কৰি লোৱা এই সুবিধাটো অসামৰিক অঞ্চলৰ পৰা বহু দূৰত অৱস্থিত আছিল আৰু ইয়াৰ নেতৃত্বত আছিল জেইএম-ৰ মুৰব্বী মাছুদ আজহাৰৰ সম্পৰ্কীয় মৌলানা ইউছুফ আজহাৰ। এই পূৰ্ব-নিৰ্ধাৰিত কাৰ্য্যৰ জৰিয়তে বিশ্বক ভাৰতে আৰু সন্ত্ৰাসবাদৰ জৰিয়তে প্ৰক্সি যুদ্ধ সহ্য নকৰে বুলি দেখুৱাই দিছিল।

অপাৰেচন সিন্দূৰ

২০২৫-ৰ মে’-ত চলোৱা অপাৰেচন সিন্দূৰৰ সময়ত ভাৰতৰ বিৱৰ্তনশীল সামৰিক মতবাদ অধিক প্ৰতিফলিত হৈছিল। পেহেলগামত সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছত এই অভিযান হাতত লোৱা হৈছিল। পাকিস্তানৰ ৯ টা সন্ত্ৰাসবাদী শিবিৰ আৰু পাক-অধিকৃত জম্মু-কাশ্মীৰত সশস্ত্ৰ বাহিনীয়ে আক্ৰমণ সংঘটিত কৰিছিল।

এই অভিযানত সঠিক চোৰাংচোৱা তথ্য, ড্ৰোন, ল’টাৰিং মিউনিচন আৰু স্তৰীয় বিমান প্ৰতিৰক্ষাৰ ওপৰত নিৰ্ভৰ কৰা হৈছিল। ইয়াৰ জৰিয়তে মূল জইছ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবা কমাণ্ড চেন্টাৰ ধ্বংস কৰা হৈছিল। এই আক্ৰমণৰ ফলত ১০০-ৰো অধিক সন্ত্ৰাসবাদী নিধন হৈছিল। নিধন কৰা বোৰৰ ভিতৰত আছিল আইচি-৮১৪ হাইজেক আৰু পুলৱামা বিস্ফোৰণৰ সৈতে জড়িত ইউছুফ আজহাৰ, আব্দুল মালিক ৰাউফ আৰু মুদাছিৰ আহমেদ।

৭ আৰু ৮ মে’-ত পাকিস্তানে ড্ৰোন আৰু মিছাইল আক্ৰমণ চলাইছিল। ভাৰতৰ সংহত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইয়াক ক্ষীপ্ৰতাৰে বাধা প্ৰদান কৰিছিল। এই সঁহাৰিয়ে ভাৰতৰ নেট চেন্ট্ৰিক যুদ্ধ ক্ষমতা আৰু সংহত কাউন্টাৰ আনমেনেড এৰিয়েল চিষ্টেম গ্ৰীড প্ৰদৰ্শিত কৰে।

কাৰ্গিলৰ পৰা অপাৰেচন সিন্দূৰলৈকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ প্ৰত্যুত্তৰ ক্ৰমান্বয়ে সক্ৰিয়, নিখুঁত আৰু নিৰ্ণায়ক হৈ পৰিছে।

কাৰ্গিলৰ উদ্যম উদযাপন

কাৰ্গিলৰ উত্তৰাধিকাৰে ভাৰতৰ সামৰিক সংকল্পক উদ্দীপিত কৰি থকাৰ সময়তে এয়া ৰাষ্ট্ৰৰ সামূহিক স্মৃতিতো সজীৱ হৈ আছে। প্ৰতি বছৰে কাৰ্গিল বিজয় দিৱসে দেশখনক একত্ৰিত কৰি ১৯৯৯-ৰ বীৰ জোৱান সকলৰ সাহস আৰু ত্যাগক সন্মান জনাইছে। সমগ্ৰ দেশতে তেওঁলোকৰ পৰম ত্যাগৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই পদক্ষেপসমূহে সাহস, কৰ্তব্যবোধ আৰু দেশপ্ৰেমৰ প্ৰমূল্যবোধেৰে ভৱিষ্যৎ প্ৰজন্ম সমূহক অনুপ্ৰাণিত কৰাৰ সমান্তৰালকৈ স্বকীয় উত্তৰাধিকাৰক উদযাপন কৰে।

শৌৰ্য্য বিজয় যাত্ৰা

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ২০২৬-ৰ ১৪ জুলাইত ১৩-দিনীয়া শৌৰ্য্য বিজয় যাত্ৰাৰ ফ্লেগ অফ কৰে। ইয়াৰ লগে-লগে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা মটৰ চাইকেল অভিযান আৰম্ভ হয়। ১,৯০০ কিমি দূৰত্ব অতিক্ৰম কৰি দ্ৰাসৰ কাৰ্গিল যুদ্ধ স্মাৰকত ইয়াৰ সামৰণি পৰিব। ইয়াত সেৱা আগবঢ়াই থকা আৰু অৱসৰপ্ৰাপ্ত প্ৰতিৰক্ষা জোৱানকে প্ৰমুখ্য কৰি তেওঁলোকৰ পৰিয়ালৰ ২৮ জন ৰাইডাৰে অংশগ্ৰহণ কৰিছে। এই অভিযানৰ মূলমন্ত্ৰ হৈছে "ওৱান ৰাইড, ওৱান নেচন, ওৱান চেলুট"

হুইলছ অৱ ভেল’ৰঃ সঞ্চাৰ শক্তি

দেশজোৰা হুইলছ অৱ ভেল’ৰঃ সঞ্চাৰ শক্তি অভিযানৰ অংশ হিচাপে কৰ্পছ অৱ চিগনেলছ ডেয়াৰ ডেভিলছে ২০২৬-ৰ ১ জুলাইত এক নতুন বিশ্ব অভিলেখ গঢ়ে। অটল সুৰংগৰ ভিতৰত দুখন মটৰ চাইকেলত দহজন আৰোহীয়ে প্ৰদৰ্শন আগবঢ়ায়। তেওঁলোকে ৯.৮-কিমি দৈৰ্ঘ্যৰ সুৰংগটো ৯ মিনিট ৪৭.৯৭ ছেকেণ্ডত সম্পূৰ্ণ কৰে। এই কৃতিত্বই সামৰিক দক্ষতা, সহনশীলতা আৰু টীমৱৰ্ক প্ৰদৰ্শন কৰাৰ সমান্তৰালভাৱে কাৰ্গিল বিজয় দিৱসৰ উদ্যমক সন্মান জনায়।

 

টাইগাৰ হিল অভিযান, ২০২৬

ভাৰতীয় সেনা আৰু দ্ৰাসৰ অসামৰিক প্ৰশাসনে ২০২৬-ৰ ১৭ জুলাইত টাইগাৰ হিল অভিযানৰ আয়োজন কৰিছিল। এই পদক্ষেপে কাৰ্গিল যুদ্ধৰ উত্তৰাধিকাৰ ৰক্ষা কৰাৰ সমান্তৰালভাৱে সামৰিক পৰ্যটনক প্ৰসাৰিত কৰিছিল। এঘাৰজন প্ৰশিক্ষণপ্ৰাপ্ত স্থানীয় ট্ৰেকিং গাইডেও ইয়াত অংশগ্ৰহণ কৰে।

প্ৰবীণ আৰু নিৰ্ভীক সৈনিকসকলক সন্মান জ্ঞাপন

২০২৬-ৰ ১৬ জুলাইত ট্ৰাই চাৰ্ভিচেছ এক্স চাৰ্ভিচমেন আৰু তেওঁলোকৰ পৰিয়ালে কাৰ্গিল যুদ্ধ স্মাৰক আৰু হেৰিটেজ হাট মিউজিয়াম পৰিদৰ্শন কৰে। এই ভ্ৰমণে কাৰ্গিলৰ সাহসী সৈনিক সকলক সন্মান জনোৱাৰ সমান্তৰালভাৱে প্ৰবীণ সৈনিক, সেৱা আগবঢ়াই থকা জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ মাজৰ চিৰস্থায়ী বন্ধনক শক্তিশালী কৰে।

২০২৬-ৰ ১০ জুলাইত খালুবৰ যুদ্ধ স্মাৰকত প্ৰাক্তন সৈনিক, স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু গাঁওবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

স্মাৰক ট্ৰেক আৰু সামৰিক প্ৰদৰ্শন

২০২৬-ৰ ১৩ জুলাইত ১৩৭ জন সৈনিকে পইন্ট ৫১৪০-লৈ স্মাৰক ট্ৰেক আৰম্ভ কৰিছিল। পইন্ট ৫১৪০-ক গান হিল বুলিও কোৱা হয়। এই ট্ৰেকে অপাৰেচন বিজয়ৰ সময়ত ৰেজিমেণ্ট অৱ আৰ্টিলাৰীয়ে আগবঢ়োৱা নিৰ্ণায়ক অৱদানকো সন্মান জনায়।

ভাৰতীয় সেনাই হানলেত অস্ত্ৰ আৰু সঁজুলি প্ৰদৰ্শনীৰো আয়োজন কৰে। প্ৰদৰ্শনীত আধুনিক অস্ত্ৰ-শস্ত্ৰ, ড্ৰোন আৰু নিৰীক্ষণ ব্যৱস্থা প্ৰদৰ্শিত হৈছিল। ইয়াত ভাৰতীয় সেনাৰ প্ৰযুক্তিগত সামৰ্থ্য আৰু অধিক উচ্চ অঞ্চলত কাৰ্য্যকৰী প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰা হয়।

 

লেহৰ পৰা ড্ৰাসলৈ মটৰ চাইকেল অভিযান

২০২৬-ৰ ১২ আৰু ১৩ জুলাইত ভাৰতীয় সেনাৰ ৰাইডাৰে লেহৰ পৰা দ্ৰাসৰ কাৰ্গিল যুদ্ধ স্মাৰকলৈ মটৰ চাইকেল অভিযান আৰম্ভ কৰিছিল। ৰাইডাৰসকলে প্ৰত্যাহ্বানমূলক ফটু লা, নামিকা লা আৰু উম্বা লা পাছ অতিক্ৰম কৰে। এই অভিযানত অপাৰেচন বিজয়ৰ সাহসী সৈনিক সকলক সন্মান জনোৱাৰ সমান্তৰালভাৱে সহনশীলতা, সতীৰ্থতা আৰু সামৰিক মনোভাৱক প্ৰদৰ্শন কৰা হয়।

এনে স্মাৰক অনুষ্ঠানসমূহে কাৰ্গিলৰ উত্তৰাধিকাৰে সাহস, ত্যাগ আৰু ৰাষ্ট্ৰ সেৱাৰ কালজয়ী আদৰ্শেৰে প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থকা কাৰ্য্য নিশ্চিত কৰিছে।

সজীৱ হৈ থকা জয়

সাতাইশ বছৰৰ পাছতো সমগ্ৰ ৰাষ্ট্ৰতে কাৰ্গিলৰ প্ৰতিধ্বনিৰ অনুৰণন ঘটিছে। এই বিজয় সাহস, ত্যাগ আৰু অটল দেশপ্ৰেমৰ চিৰস্থায়ী প্ৰতীক হিচাপে মূৰ্ত হৈ উঠিছে। পুনৰ দখল কৰা প্ৰতিটো শিখৰে আমাক ভাৰতৰ সাৰ্বভৌমত্বক যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰা হ’ব বুলি সোঁৱৰাই দিয়ে। সৈনিক সকলৰ বীৰত্বৰ পৰা অনুপ্ৰাণিত হৈ ভাৰত শক্তিশালী, অধিক সাজু আৰু ক্ৰমান্বয়ে আত্ম-নিৰ্ভৰ হৈ উঠিছে। ৰাষ্ট্ৰই কাৰ্গিলৰ বীৰসকলক প্ৰণাম জনোৱাৰ লগে-লগে তেওঁলোকৰ উত্তৰাধিকাৰ ৰক্ষাৰ গম্ভীৰ সংকল্পকো সুদৃঢ় কৰে। তেওঁলোকৰ সাহসিকতাৰ গাথাই চিৰদিনৰ বাবে প্ৰজন্ম সমূহক সন্মান, কৰ্তব্যবোধ আৰু অটল দায়বদ্ধতাৰে ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰি থাকিব।

প্ৰসংগঃ

পিআইবি বেকগ্ৰাউণ্ডাৰঃ

প্ৰতিৰক্ষা মন্ত্ৰালয়ঃ

Click here to see pdf

***

PIB Research/SB

(Explainer ID: 159325) आगंतुक पटल : 10
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Bengali , Punjabi , Kannada