• Sitemap
  • Advance Search
Technology

ভাৰতৰ সামুদ্ৰিক সীমান্তৰ প্ৰহৰী

যুদ্ধ, জৰীপ আৰু উপকূলীয় সুৰক্ষাৰ বাবে তিনিটা স্বদেশীয় নৌ-শ্ৰেণী

Posted On: 13 JUL 2026 11:10AM

ভাৰতৰ সামুদ্ৰিক শক্তি সম্পূৰ্ণ পৰিসৰৰ নৌ-অভিযানত ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰা এক সু-সন্তুলিত নৌ-বহৰৰ ওপৰত নিৰ্ভৰশীল। নীলগিৰি, সন্ধায়ক আৰু অৰ্ণালা শ্ৰেণীয়ে এই সামৰ্থৰ তিনিটা গুৰুত্বপূৰ্ণ স্তম্ভক প্ৰতিনিধিত্ব কৰে। শেহতীয়াকৈ আয়োগভুক্ত আই.এন.এছ. দুনাগিৰি, আই.এন.এছ. সংশোধক আৰু আই.এন.এছ. আগ্ৰয়ে এই স্বদেশী যুদ্ধজাহাজ শ্ৰেণীসমূহৰ ধাৰাবাহিক সম্প্ৰসাৰণৰ পৰিচয় দিয়ে। আই.এন.এছ. মহেন্দ্ৰগিৰিয়ে এই সামৰ্থক আৰু অধিক শক্তিশালী কৰিছে। উচ্চ পৰিমাণৰ স্বদেশী উপাদানেৰে নিৰ্মিত এই প্লেটফৰ্মসমূহে আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক বাস্তৱ ৰূপ দিছে আৰু ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন পৰিৱেশতন্ত্ৰক অধিক শক্তিশালী কৰিছে। একেলগে এই জাহাজসমূহে সামুদ্ৰিক সুৰক্ষা বৃদ্ধি কৰে, নীলা অৰ্থনীতিক সমৰ্থন জনায় আৰু ভাৰতক এক আগশাৰীৰ সামুদ্ৰিক শক্তি হিচাপে অধিক সুদৃঢ় কৰি তোলে।

ভাৰতৰ স্তৰভিত্তিক নৌ-সামৰ্থ

ভাৰতীয় নৌসেনা ভাৰত মহাসাগৰীয় অঞ্চলৰ এক মুখ্য সুৰক্ষা প্ৰদানকাৰী। ই প্ৰায় ১১,০৯৮ কিলোমিটাৰ দীঘল উপকূল, প্ৰায় ২৪ লাখ বৰ্গ কিলোমিটাৰ একচেটিয়া অৰ্থনৈতিক অঞ্চল (Exclusive Economic Zone) আৰু পৰিমাণৰ ভিত্তিত ভাৰতৰ প্ৰায় ৯০ শতাংশ বাণিজ্য বহন কৰা সাগৰীয় বাণিজ্য পথসমূহৰ সুৰক্ষা নিশ্চিত কৰে। এই লক্ষ্য পূৰণ কৰিবলৈ এখন সু-সন্তুলিত নৌ-বহৰৰ প্ৰয়োজন, য'ত প্ৰতিটো যুদ্ধজাহাজ শ্ৰেণীয়ে সামুদ্ৰিক সুৰক্ষাৰ একোটা স্বতন্ত্ৰ স্তৰত অৱদান আগবঢ়ায়। ভাৰতত, মাত্ৰ এটা মাহৰ ভিতৰতে সংযোজিত চাৰিটা নতুন প্ৰজন্মৰ স্বদেশী নৌ-প্লেটফৰ্মে এই স্তৰভিত্তিক দৃষ্টিভংগীক বাস্তৱ ৰূপ দিছে।

মহাসাগৰৰ পৃষ্ঠত প্ৰতিহত কৰা আৰু যুদ্ধ পৰিচালনা কৰাৰ ক্ষমতাই এই গাঁথনিৰ অগ্ৰভাগত অৱস্থান কৰে। এই ক্ষেত্ৰৰ শেহতীয়া সংযোজন হৈছে প্ৰজেক্ট 17A-ৰ অধীনত উচ্চ-তীব্ৰতাৰ অভিযানৰ বাবে নিৰ্মিত নীলগিৰি শ্ৰেণীৰ ষ্টেল্থ ফ্ৰিগেট (Nilgiri-class stealth frigates)। ইয়াৰ হ্ৰাসপ্ৰাপ্ত ৰাডাৰ, তাপীয় আৰু শব্দীয় স্বাক্ষৰে যুদ্ধক্ষেত্ৰত জীয়াই থকাৰ সম্ভাৱনা অধিক বৃদ্ধি কৰে।

সামুদ্ৰিক শক্তি সাগৰৰ বিষয়ে গভীৰ জ্ঞানৰ ওপৰতো নিৰ্ভৰশীল। সন্ধায়ক শ্ৰেণীৰ বৃহৎ ছাৰ্ভে জাহাজ (Survey Vessel Large)-সমূহে ভাৰতৰ জলজৰীপ সামৰ্থ অধিক শক্তিশালী কৰে। এই জাহাজসমূহে সাগৰৰ তলদেশৰ মানচিত্ৰ প্ৰস্তুত কৰে, সাগৰীয় তথ্য সংগ্ৰহ কৰে আৰু নিৰাপদ নৌ-চলাচলৰ বাবে সঠিক নৌ-মানচিত্ৰ প্ৰস্তুত কৰে। এই কামে নৌ-অভিযান, সামুদ্ৰিক বাণিজ্য আৰু নীলা অৰ্থনীতিক সমৰ্থন জনায় আৰু সমগ্ৰ ভাৰত মহাসাগৰীয় অঞ্চলত এক বিশ্বাসযোগ্য জলজৰীপ অংশীদাৰ হিচাপে ভাৰতৰ স্থান অধিক সুদৃঢ় কৰে।

উপকূলৰ অধিক ওচৰত ছাবমেৰিন বিৰোধী যুদ্ধ (Anti-Submarine Warfare)-ই প্ৰতিৰক্ষাৰ পৰৱৰ্তী স্তৰ গঠন কৰে। অৰ্ণালা শ্ৰেণীৰ এণ্টি-ছাবমেৰিন ৱাৰফেয়াৰ শ্বেলৱাটাৰ ক্ৰাফ্ট (Anti-Submarine Warfare Shallow Water Craft)-সমূহক উপকূলীয় অগভীৰ জলভাগত কাৰ্যৰত ছাবমেৰিন চিনাক্ত আৰু নিষ্ক্ৰিয় কৰিবলৈ নক্সা কৰা হৈছে। মূল দায়িত্বৰ উপৰিও, এই তিনিওটা শ্ৰেণীয়ে মানৱীয় সহায়তা, দুৰ্যোগ সাহাৰ্য আৰু সন্ধান তথা উদ্ধাৰ অভিযানতো অংশগ্ৰহণ কৰিব পাৰে।

একেলগে এইসমূহে ভাৰতৰ স্বদেশী জাহাজ নিৰ্মাণ কাৰ্যসূচীৰ সফলতাৰ পৰিচয় দিয়ে। ধাৰাবাহিক উৎপাদনত প্ৰৱেশে সামুদ্ৰিক সুৰক্ষা অধিক শক্তিশালী কৰিছে, আত্মনিৰ্ভৰ ভাৰতক আগবঢ়াই নিছে আৰু ভাৰতৰ নিজা যুদ্ধজাহাজ নক্সা আৰু নিৰ্মাণৰ বৰ্ধিত সামৰ্থক প্ৰতিফলিত কৰিছে।

আপুনি জানেনে?

২১ জুন ২০২৬ তাৰিখে কলকাতাত একেলগে তিনিটা স্বদেশীয়ভাৱে নক্সা আৰু নিৰ্মাণ কৰা নৌ-প্লেটফৰ্ম আয়োগভুক্ত কৰা হয়— আই.এন.এছ. দুনাগিৰি, এটা নীলগিৰি শ্ৰেণীৰ ষ্টেল্থ ফ্ৰিগেট; আই.এন.এছ. সংশোধক, এটা সন্ধায়ক শ্ৰেণীৰ বৃহৎ ছাৰ্ভে জাহাজ; আৰু আই.এন.এছ. আগ্ৰয়, এটা অৰ্ণালা শ্ৰেণীৰ অগভীৰ জলভাগৰ ছাবমেৰিনবিৰোধী যুদ্ধজাহাজ। এই তিনিওখন জাহাজ ভাৰতীয় নৌসেনাৰ নিজা যুদ্ধজাহাজ ডিজাইন ব্যুৰো (Warship Design Bureau)-এ ডিজাইন কৰিছিল আৰু কলকাতাস্থিত প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড (GRSE)-এ নিৰ্মাণ কৰিছিল।

১১ জুলাই ২০২৬ তাৰিখে বিশাখাপট্টনমত স্বদেশীয়ভাৱে নক্সা আৰু নিৰ্মাণ কৰা নীলগিৰি শ্ৰেণীৰ ষষ্ঠ ষ্টেল্থ ফ্ৰিগেট আই.এন.এছ. মহেন্দ্ৰগিৰি(INS Mahendragiri) অন্তৰ্ভুক্ত কৰা হয়।

ষ্টেল্থ ফ্ৰিগেটঃ পৃষ্ঠভাগৰ যুদ্ধক্ষমতাৰ অগ্ৰণী শক্তি

ষ্টেল্থ ফ্ৰিগেটসমূহ ভাৰতীয় নৌসেনাৰ পৃষ্ঠভাগৰ যুদ্ধক্ষমতাৰ মেৰুদণ্ড। এই জাহাজসমূহে বিমানবাহী ৰণতৰীক সুৰক্ষা প্ৰদান কৰে, গুৰুত্বপূৰ্ণ সাগৰীয় বাণিজ্য পথসমূহ সুৰক্ষিত ৰাখে আৰু দূৰৱৰ্তী সাগৰীয় অঞ্চলসমূহত শক্তি প্ৰক্ষেপণ কৰে। আধুনিক নৌ-যুদ্ধৰ বাবে নক্সা কৰা এই জাহাজসমূহত উন্নত অস্ত্ৰ-শস্ত্ৰ, চেন্সৰ আৰু বিমান পৰিচালনা সুবিধা সংযুক্ত কৰা হৈছে। লগতে ৰাডাৰ, অৱলোহিত আৰু শব্দীয় স্বাক্ষৰসমূহ সৰ্বনিম্ন কৰি উন্নত ষ্টেল্থ ক্ষমতা নিশ্চিত কৰা হৈছে। ইয়াৰ ফলত এই জাহাজসমূহ চিনাক্ত কৰাটো অত্যন্ত কঠিন হয়, লগতে আক্ৰমণাত্মক আৰু প্ৰতিৰক্ষামূলক দুয়ো ধৰণৰ অভিযান সফলভাৱে চলাব পাৰে।

এই সামৰ্থক অধিক শক্তিশালী কৰি প্ৰজেক্ট 17A-এ স্বদেশী ষ্টেল্থ ফ্ৰিগেটৰ নতুন প্ৰজন্মক প্ৰতিনিধিত্ব কৰে। নীলগিৰি শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে আই.এন.এছ. নীলগিৰি, আই.এন.এছ. হিমগিৰি, আই.এন.এছ. তাৰাগিৰি, আই.এন.এছ. উদয়গিৰি, আই.এন.এছ. দুনাগিৰি, আই.এন.এছ. মহেন্দ্ৰগিৰি আৰু নিৰ্মাণাধীন হৈ থকা বিন্ধ্যগিৰি (INS Nilgiri, INS Himgiri, INS Taragiri, INS Udaygiri, INS Dunagiri, INS Mahendragiri and the under construction Vindhyagiri)। মাজাগাঁও ডক শ্বিপবিল্ডাৰ্ছ লিমিটেড (Mazagon Dock Shipbuilders Limited), মুম্বাই-এ চাৰিখন জাহাজ নিৰ্মাণ কৰিছে, আনহাতে গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড (GRSE), কলকাতা-এ তিনিখন জাহাজ নিৰ্মাণ কৰি আছে। এই শ্ৰেণীৰ শেহতীয়া সংযোজন আই.এন.এছ. দুনাগিৰি, যিখন শেহতীয়াকৈ পঞ্চম জাহাজ হিচাপে অন্তৰ্ভুক্ত হৈছে, আৰু আই.এন.এছ. মহেন্দ্ৰগিৰি, যিখন এই শ্ৰেণীৰ ষষ্ঠ জাহাজ, ১১ জুলাই ২০২৬ তাৰিখে বিশাখাপট্টনমত অন্তৰ্ভুক্ত কৰা হয়। এই যুদ্ধজাহাজসমূহে ভাৰতৰ সামুদ্ৰিক সুৰক্ষাক অধিক শক্তিশালী কৰাৰ লগতে সমগ্ৰ ভাৰত মহাসাগৰত দেশৰ উপস্থিতিক সুদৃঢ় কৰে।

আপুনি জানেনে?

প্ৰকল্প ১৭এ হৈছে ভাৰতীয় নৌসেনাৰ উন্নত ষ্টেল্থ ফ্ৰিগেট কাৰ্যসূচী, যাৰ অধীনত সাতখন পৰৱৰ্তী প্ৰজন্মৰ নিৰ্দেশিত ক্ষেপণাস্ত্ৰ-সজ্জিত যুদ্ধজাহাজ (Guided Missile Warships) নিৰ্মাণ কৰা হৈছে। এই ফ্ৰিগেটসমূহক বহুমুখী অভিযানৰ বাবে নক্সা কৰা হৈছে, যাৰ ভিতৰত আছে বিমানবিৰোধী যুদ্ধ (Anti-Air Warfare), পৃষ্ঠভাগৰ যুদ্ধ (Anti-Surface Warfare) আৰু ছাবমেৰিনবিৰোধী যুদ্ধ (Anti-Submarine Warfare)। প্ৰজেক্ট 17A-এ আত্মনিৰ্ভৰ যুদ্ধজাহাজ নক্সা আৰু নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান সামৰ্থক প্ৰতিফলিত কৰে।

প্ৰজেক্ট 17A নীলগিৰি শ্ৰেণীৰ ষ্টেল্থ ফ্ৰিগেটসমূহৰ মুখ্য বৈশিষ্ট্য-

  • আকাৰ: প্ৰায় ১৪৯ মিটাৰ দীঘল, আৰু প্ৰায় ৬,৬৭০ টন স্থানচ্যুতি ক্ষমতা। স্থানচ্যুতি বুলিলে এখন জাহাজে পানীত সৰি যোৱা পানীৰ ওজনক বুজায়।
  • চালনা ব্যৱস্থা: সংযুক্ত ডিজেল অথবা গেছ (Combined Diesel or Gas – CODOG) প্ৰণালী, য'ত অধিক দূৰত্ব অতিক্ৰম আৰু উচ্চ গতি লাভৰ বাবে ডিজেল ইঞ্জিন আৰু গেছ টাৰ্বাইন একেলগে ব্যৱহাৰ কৰা হয়।
  • গতি: সৰ্বাধিক গতি ২৮ নট। এটা নট প্ৰায় ১.৮৫ কিলোমিটাৰ প্ৰতি ঘণ্টাৰ সমান।
  • আক্ৰমণ ক্ষমতা: অতিধ্বনি গতিৰ পৃষ্ঠভাগৰ পৰা পৃষ্ঠভাগলৈ নিক্ষেপযোগ্য ক্ষেপণাস্ত্ৰ, যিয়ে দূৰৱৰ্তী যুদ্ধজাহাজ আৰু স্থলভাগৰ লক্ষ্যবস্তুত আঘাত হানিব পাৰে।
  • বায়ু প্ৰতিৰক্ষা: এই ফ্ৰিগেটসমূহত ব্ৰাহ্ম’ছ ক্ষেপণাস্ত্ৰ (BrahMos Missiles), মধ্যম-দূৰত্বৰ বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ (Medium-Range Air Defence Missiles) আৰু বিমান তথা আগতীয়াকৈ আহি থকা ক্ষেপণাস্ত্ৰ ধ্বংস কৰিব পৰা নিকট-প্ৰতিৰক্ষা বন্দুক (Close-In Guns) সংযোজিত আছে।
  • চেন্সৰ এণ্ড  এয়াৰ উয়িং: উন্নত ৰাডাৰ, হাল-মাউণ্টেড ছ'নাৰ (Hull-Mounted Sonar) আৰু হেলিকপ্টাৰ। ছ'নাৰ (Sonar)-এ শব্দ-তৰংগ ব্যৱহাৰ কৰি পানীৰ তলত থকা ছাবমেৰিন চিনাক্ত কৰে।

আপুনি জানেনে?

প্ৰকল্প ১৭এ ফ্ৰিগেটৰ উপৰিও ভাৰতীয় নৌসেনাৰ আৰু দুটা ষ্টেল্থ জাহাজ শ্ৰেণী আছে— তালৱাৰ শ্ৰেণী (Talwar-class) আৰু শিৱালিক শ্ৰেণী (Shivalik-class)। তালৱাৰ শ্ৰেণী (প্ৰজেক্ট 1135.6/11356) ৰাছিয়াত নক্সা আৰু নিৰ্মাণ কৰা হৈছিল, যি সময়ত ভাৰতীয় নৌসেনাই নিজৰ অগ্ৰশাৰীৰ যুদ্ধজাহাজ বিদেশৰ পৰা ক্ৰয় কৰিছিল। সেই ধাৰাৰ পৰিৱৰ্তন ঘটে শিৱালিক শ্ৰেণী (প্ৰজেক্ট 17)-ৰ জৰিয়তে। এইখনেই ভাৰতৰ প্ৰথম স্বদেশীয়ভাৱে নক্সা কৰা ষ্টেল্থ ফ্ৰিগেট, যাক ভাৰতীয় নৌসেনাৰ নিজা যুদ্ধজাহাজ ডিজাইণ ব্যুৰো (Warship Design Bureau)-এ ডিজাইন কৰিছিল আৰু মুম্বাইৰ মাজাগাঁও ডকত নিৰ্মাণ কৰা হৈছিল।

প্ৰজেক্ট 17 A (নীলগিৰি শ্ৰেণী)-এ উন্নত চেন্সৰ, অধিক শক্তিশালী অস্ত্ৰ-শস্ত্ৰ আৰু বহু অধিক স্বদেশী উপাদানৰ সৈতে এই ঐতিহ্যক আগুৱাই লৈ গৈছে। ইয়াৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ অধীনত ভাৰতীয় নৌসেনাই "ক্ৰেতা নৌসেনা (Buyer's Navy)ৰ পৰা "নিৰ্মাতা নৌসেনা (Builder's Navy)"লৈ ৰূপান্তৰিত হোৱাৰ স্পষ্ট প্ৰমাণ দাঙি ধৰিছে।

 

ষ্টেল্থ প্ৰযুক্তিয়ে আচলতে কেনেকৈ কাম কৰে?

ষ্টেল্থ প্ৰযুক্তিয়ে এখন যুদ্ধজাহাজক শত্ৰুৰ বাবে চিনাক্ত কৰাটো অধিক কঠিন কৰি তোলে। ই জাহাজখনক অদৃশ্য নকৰে; বৰঞ্চ জাহাজখনক প্ৰকৃত আকাৰতকৈ বহু সৰু আৰু অধিক নীৰৱ যেন দেখুৱায়।

যুদ্ধজাহাজসমূহে এই লক্ষ্য কেইবাটাও উপায়েৰে লাভ কৰে। ইয়াৰ ঢাল খোৱা পৃষ্ঠসমূহে শত্ৰুৰ ৰাডাৰৰ তৰংগসমূহ আন দিশলৈ প্ৰতিফলিত কৰি দিয়ে। আনহাতে, বিশেষ আৱৰণসমূহে ৰাডাৰৰ সংকেত প্ৰতিফলিত নকৰি শোষণ কৰি লয়।

ছাৰ্ভে জাহাজঃ সুৰক্ষা আৰু সমৃদ্ধিৰ বাবে সাগৰৰ মানচিত্ৰ প্ৰস্তুতকৰণ

ছাৰ্ভে জাহাজসমূহে সাগৰৰ তলদেশ আৰু উপকূলীয় জলভাগৰ মানচিত্ৰ প্ৰস্তুত কৰি ভাৰতীয় নৌসেনাৰ জলজৰীপ সামৰ্থক শক্তিশালী কৰে। সঠিক নৌ-মানচিত্ৰ  যুদ্ধজাহাজ আৰু বাণিজ্যিক জাহাজসমূহৰ নিৰাপদ নৌ-চলাচল নিশ্চিত কৰে। এই জাহাজসমূহে সাগৰীয় সম্পদৰ বহনক্ষম ব্যৱহাৰৰ জৰিয়তে নীলা অৰ্থনীতিকো সমৰ্থন জনায়। ইয়াৰ উপৰিও এই জাহাজসমূহে নিয়মিতভাৱে মানৱীয় সহায়তা, দুৰ্যোগ সাহাৰ্য আৰু সন্ধান ও উদ্ধাৰ অভিযান চলায়।

এই গুৰুত্বপূৰ্ণ সামৰ্থক অব্যাহত ৰাখিবলৈ ভাৰতীয় নৌসেনাই স্বদেশীয় সন্ধায়ক(Sandhayak-class survey vessels) শ্ৰেণীৰ ছাৰ্ভে জাহাজ অন্তৰ্ভুক্ত কৰি আছে। এই শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে আই.এন.এছ. সন্ধায়ক, আই.এন.এছ. নিৰ্দেশক, আই.এন.এছ. ইক্ষক আৰু আই.এন.এছ. সংশোধক (INS Sandhayak, INS Nirdeshak, INS Ikshak and INS Sanshodhak)। এই জাহাজসমূহ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড (GRSE), কলকাতা-এ নিৰ্মাণ কৰিছে। আই.এন.এছ. সংশোধক শেহতীয়াকৈ এই শ্ৰেণীৰ চতুৰ্থ তথা অন্তিম জাহাজ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। এই জাহাজসমূহে ভাৰতৰ সামুদ্ৰিক ক্ষেত্ৰ-সচেতনতা (Maritime Domain Awareness) অধিক শক্তিশালী কৰাৰ লগতে সমগ্ৰ ভাৰত মহাসাগৰীয় অঞ্চলত জলজৰীপ সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বক সুদৃঢ় কৰে।

সন্ধায়ক শ্ৰেণীৰ ছাৰ্ভে জাহাজসমূহৰ মুখ্য বৈশিষ্ট্য

  • আকাৰ: প্ৰায় ১১০ মিটাৰ দীঘল, প্ৰায় ৩,৪০০ টন স্থানচ্যুতি ক্ষমতাসম্পন্ন।
  • গতি আৰু পৰিসৰ: সৰ্বাধিক ১৮ নটতকৈ অধিক গতি আৰু ৬,৫০০ নটিকেল মাইল অভিযানিক পৰিসৰ। এই জাহাজসমূহে ভাৰত মহাসাগৰ আৰু ইয়াৰ বাহিৰলৈও দীঘলীয়া দূৰত্বৰ অভিযান চলাব পাৰে।
  • কৰ্মীসংখ্যা: এই জাহাজসমূহত প্ৰায় ১৭৮ জন কৰ্মী থাকে।
  • জৰীপ সঁজুলি: মাল্টি-বিম ইকো ছাউণ্ডাৰ (Multi-beam Echo Sounders), ছাইড-স্কেন ছ'নাৰ (Side-scan Sonar) আৰু স্বায়ত্তশাসিত পানীৰ তলৰ বাহন (Autonomous Underwater Vehicles), যিয়ে সাগৰৰ তলদেশৰ বিস্তৃত মানচিত্ৰ প্ৰস্তুত কৰে।
  • গৌণ ভূমিকা: এই জাহাজসমূহে হেলিকপ্টাৰ পৰিচালনা কৰিব পাৰে আৰু জৰুৰীকালীন পৰিস্থিতিত হাস্পতাল জাহাজ হিচাপেও সেৱা আগবঢ়াব পাৰে।

ভাৰতৰ জলজৰীপ বিশেষজ্ঞসকলে (Hydrographers) পাঁচ বছৰত (২০১৯–২৪) ৮৯,০০০ বৰ্গ কিলোমিটাৰ এলেকাৰ জৰীপ সম্পন্ন কৰিছে আৰু ৯৬খন নৌ-মানচিত্ৰ প্ৰস্তুত কৰিছে, যিয়ে বহু বন্ধুত্বপূৰ্ণ দেশক সহায় কৰিছে।

শ্বেল’ ৱাটাৰ ছাব-হান্টাৰ্ছঃ উপকূলীয় জলভাগৰ সুৰক্ষাকৱচ

এন্টি-ছাবমেৰিন ৱাৰফেয়াৰ শ্বেল’ ৱাটাৰ ক্ৰাফ্ট (Anti-Submarine Warfare Shallow Water Craft)-সমূহে ভাৰতীয় নৌসেনাৰ উপকূলীয় প্ৰতিৰক্ষা সামৰ্থক অধিক শক্তিশালী কৰে। এই জাহাজসমূহে উপকূলৰ ওচৰৰ অগভীৰ জলভাগত কাৰ্যৰত ছাবমেৰিনসমূহ চিনাক্ত আৰু নিষ্ক্ৰিয় কৰে। বৃহৎ যুদ্ধজাহাজসমূহে এই ধৰণৰ জলভাগত ফলপ্ৰসূভাৱে চলাচল কৰিব নোৱাৰে, সেয়েহে এই দ্ৰুতগতি আৰু ক্ষিপ্ৰ জাহাজসমূহ অতি প্ৰয়োজনীয়। ইয়াৰ উপৰিও, এই জাহাজসমূহে মানৱীয় সহায়তা, দুৰ্যোগ সাহাৰ্য আৰু সন্ধান ও উদ্ধাৰ অভিযানতো সহায় কৰে।

এই গুৰুত্বপূৰ্ণ সামুদ্ৰিক সুৰক্ষাৰ স্তৰটোক অধিক শক্তিশালী কৰিবলৈ ভাৰতীয় নৌসেনাই স্বদেশীয় অৰ্ণালা শ্ৰেণীৰ জাহাজসমূহ অন্তৰ্ভুক্ত কৰি আছে। আঠখন জাহাজৰ এই শ্ৰেণীত আছে অৰ্ণালা, আন্দ্ৰোথ, অঞ্জাদীপ, আমিনী, অভয়, আগ্ৰয়, অক্ষয় আৰু অজয়। গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ্ছ লিমিটেড (GRSE)-এ এল. এণ্ড টি. শ্বিপবিল্ডিং (L&T Shipbuilding)-ৰ সৈতে অংশীদাৰিত্বত এই জাহাজসমূহ নিৰ্মাণ কৰিছে। এই জাহাজসমূহে পুৰণি অভয় ক্লাছ কৰ্ভেট(Abhay-class Corvettes)-সমূহৰ স্থান গ্ৰহণ কৰিছে। আই.এন.এছ. আগ্ৰয় শেহতীয়াকৈ এই শ্ৰেণীৰ চতুৰ্থ জাহাজ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। একে সময়তে কোচিন শ্বিপয়াৰ্ড (Cochin Shipyard)-ত মাহে-ক্লাছ (Mahe-class)-ৰ জাহাজসমূহ নিৰ্মাণাধীন আছে, যাৰ ফলত পৰিকল্পিত এন্টি-ছাবমেৰিন ৱাৰফেয়াৰ শ্বেল’ ৱাটাৰ ক্ৰাফ্টৰ জাহাজৰ সংখ্যা ১৬খনলৈ বৃদ্ধি পাব। এই জাহাজসমূহে ভাৰতৰ উপকূলীয় জলভাগ সুৰক্ষিত ৰাখিব আৰু বৃহৎ যুদ্ধজাহাজসমূহক মুক্ত সাগৰত অভিযানত অধিক মনোনিবেশ কৰাৰ সুযোগ প্ৰদান কৰিব।

অৰ্ণালা শ্ৰেণীৰ জাহাজসমূহৰ মুখ্য বৈশিষ্ট্য-

  • আকাৰ: প্ৰায় ৭৭.৬ মিটাৰ দীঘল, প্ৰায় ৯০০ টন স্থানচ্যুতি ক্ষমতাসম্পন্ন।
  • চালনা ব্যৱস্থা: ৱাটাৰজেটৰ ব্যৱস্থা, যিয়ে প্ৰপেলাৰৰ পৰিৱৰ্তে পানীৰ জেটৰ জৰিয়তে জাহাজখন চলায়। ইয়াৰ ফলত অগভীৰ জলভাগত উচ্চ ক্ষিপ্ৰতা লাভ কৰে।
  • গতি: সৰ্বাধিক গতি প্ৰায় ২৫ নট।
  • অস্ত্ৰ-শস্ত্ৰ: ছাবমেৰিন ধ্বংস কৰিবলৈ লাইটৱেইট টৰ্পেডোআৰু ছাবমেৰিনবিৰোধী ৰকেটসমূহ।
  • চেন্সৰ: অগভীৰ জলভাগৰ ছ'নাৰ  আৰু যুদ্ধ ব্যৱস্থাপনা প্ৰণালী, যিয়ে চেন্সৰসমূহক অস্ত্ৰ-শস্ত্ৰৰ সৈতে সংযুক্ত কৰে।

আপুনি জানেনে?

আই.এন.এছ. অৰ্ণালা হৈছে ভাৰতীয় নৌসেনাত এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা সৰ্ববৃহৎ ৱাটাৰজেট-চালিত যুদ্ধজাহাজ (Waterjet-propelled Warship)।

যুদ্ধৰ সীমা অতিক্ৰম কৰা কৌশলগত মূল্য

নীলগিৰি, সন্ধায়ক আৰু অৰ্ণালা শ্ৰেণীয়ে কেৱল আগশাৰীৰ নৌ-যুদ্ধ ক্ষমতাই প্ৰদান নকৰে। এইসমূহে ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী কৰে, আত্মনিৰ্ভৰশীলতাক আগুৱাই নিয়ে আৰু ভাৰতৰ সামুদ্ৰিক আকাংক্ষাক সমৰ্থন কৰে। ইয়াৰ প্ৰভাৱ প্ৰতিৰক্ষা উৎপাদন, কৰ্মসংস্থাপন, সামুদ্ৰিক কূটনীতি, নীলা অৰ্থনীতি আৰু প্ৰতিৰক্ষা ৰপ্তানিলৈ বিস্তৃত। তলৰ তালিকাখনে এই স্বদেশী যুদ্ধজাহাজ শ্ৰেণীসমূহে ভাৰতৰ বহল ৰাষ্ট্ৰীয় লক্ষ্যসমূহত কেনেদৰে অৱদান আগবঢ়ায় সেয়া দাঙি ধৰে।

লক্ষ্য

এই জাহাজসমূহে কেনেদৰে লক্ষ্য পূৰণ কৰে

আত্মনিৰ্ভৰতা (স্বদেশীকৰণ)

তিনিওটা শ্ৰেণী ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰো (নীলগিৰি আৰু সন্ধায়ক শ্ৰেণী) আৰু ভাৰতীয় জাহাজ নিৰ্মাণ প্ৰতিষ্ঠানসমূহে (অৰ্ণালা আৰু মাহে শ্ৰেণী) ডিজাইন কৰিছে আৰু ভাৰতীয় শ্বিপয়াৰ্ডসমূহত নিৰ্মাণ কৰা হৈছে। প্ৰকল্প ১৭এ ফ্ৰিগেটসমূহত ৭৫ শতাংশ আৰু সন্ধায়ক শ্ৰেণীৰ ছাৰ্ভে জাহাজসমূহত ৮০ শতাংশতকৈ অধিক স্বদেশী উপাদান ব্যৱহাৰ কৰা হৈছে। সমগ্ৰ ভাৰতীয় নৌসেনাত বৰ্তমান অৰ্ডাৰত থকা ৬৬খন জাহাজ আৰু ছাবমেৰিনৰ ভিতৰত ৬৪খন ভাৰততেই নিৰ্মাণ কৰা হৈছে।

কৰ্মসংস্থাপন সৃষ্টি

এই শ্ৰেণীসমূহৰ ধাৰাবাহিক নিৰ্মাণে শ্বিপয়াৰ্ডসমূহ আৰু বিস্তৃত বিক্ৰেতা নেটৱৰ্কক সমৰ্থন জনায়। প্ৰকল্প ১৭এ ফ্ৰিগেট নিৰ্মাণ শৃংখলাত ২০০ৰো অধিক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSMEs)-সমূহ জড়িত আছিল আৰু প্ৰায় ,০০০টা প্ৰত্যক্ষ কৰ্মসংস্থাপন সৃষ্টি হৈছিল। ইয়াৰ উপৰিও ১০,০০০ৰো অধিক পৰোক্ষ কৰ্মসংস্থাপন সৃষ্টি হৈছিল, আৰু অৰ্ণালা শ্ৰেণীয়ে GRSE আৰু L&T কাট্টুপল্লীৰ অংশীদাৰিত্বকো শক্তিশালী কৰিছে।

সামুদ্ৰিক সুৰক্ষা (পছন্দৰ সুৰক্ষা সহযোগী)

এই শ্ৰেণীসমূহে স্তৰভিত্তিক সামৰ্থ প্ৰদান কৰেসমুদ্ৰ নিয়ন্ত্ৰণৰ বাবে ফ্ৰিগেট, নিৰাপদ নৌ-চলাচলৰ বাবে ছাৰ্ভে জাহাজ আৰু উপকূলীয় জলভাগৰ বাবে ছাবমেৰিনবিৰোধী জাহাজ। অঞ্চলটোৰ প্ৰথম সঁহাৰি প্ৰদানকাৰী হিচাপে ভাৰতীয় নৌসেনাই এডেন উপসাগৰ দৰে সংকীৰ্ণ সামুদ্ৰিক পথত জলদস্যুতাৰ বিৰুদ্ধে অভিযান চলায়। সকলোৰে বাবে নৌ-চলাচলৰ স্বাধীনতা আৰু বাণিজ্যৰ সুৰক্ষা নিশ্চিত কৰে।

নীলা অৰ্থনীতি

জৰীপ শ্ৰেণীৰ জাহাজসমূহে বন্দৰ, নৌ-চেনেল আৰু একচেটিয়া অৰ্থনৈতিক অঞ্চলৰ মানচিত্ৰ প্ৰস্তুত কৰে। ইয়াৰ ফলত মীন পালন, সাগৰীয় শক্তি আহৰণ আৰু নিৰাপদ নৌ-চলাচলত সহায় হয়, যিবোৰক ফ্ৰিগেট আৰু ছাবমেৰিনবিৰোধী জাহাজসমূহে সুৰক্ষা প্ৰদান কৰে। ভাৰতৰ নীলা অৰ্থনীতিয়ে দেশৰ মুঠ ঘৰুৱা উৎপাদন (GDP)- প্ৰায় শতাংশ অৱদান আগবঢ়ায়।

যুদ্ধজাহাজৰ সামুদ্ৰিক ৰপ্তানি

ভাৰত আমদানিকাৰকৰ পৰা নৌ-প্লেটফৰ্ম ৰপ্তানিকাৰক দেশলৈ ৰূপান্তৰিত হৈ আছে। জৰীপ আৰু ছাবমেৰিনবিৰোধী শ্ৰেণীসমূহৰ নিৰ্মাতা GRSE- বিদেশী অৰ্ডাৰসমূহো সম্পন্ন কৰি আছে। ২০২৪-২৫ বিত্তীয় বৰ্ষত ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ২৩,৬২২ কোটি টকাৰ অভিলেখ স্পৰ্শ কৰে, যি ২০২৩-২৪ বিত্তীয় বৰ্ষৰ ২১,০৮৩ কোটি টকাৰ তুলনাত প্ৰায় ১২ শতাংশ অধিক।

SAGAR আৰু MAHASAGAR দৃষ্টিভংগী

সন্ধায়ক শ্ৰেণীৰ ছাৰ্ভে জাহাজসমূহে নিৰাপদ নৌ-চলাচলৰ বাবে সাগৰৰ মানচিত্ৰ প্ৰস্তুত কৰে। এইসমূহে ভাৰত আৰু মিত্ৰ দেশসমূহৰ সামুদ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰে। ইয়াৰ জৰিয়তে SAGAR (২০১৫) আৰু MAHASAGAR (২০২৫) দৃষ্টিভংগীক আগুৱাই নিয়া হয়, ' যুদ্ধজাহাজসমূহ অংশীদাৰ দেশসমূহলৈ মোতায়েন কৰা হয়।

 

আপুনি জানেনে?

ভাৰতে ২০১৫ চনত SAGAR (Security and Growth for All in the Region) দৃষ্টিভংগী আৰম্ভ কৰিছিল, যাৰ লক্ষ্য আছিল ভাৰত মহাসাগৰীয় অঞ্চলত থকা নিজৰ তৎকালীন সামুদ্ৰিক চুবুৰীয়া অঞ্চলসমূহৰ সুৰক্ষা নিশ্চিত কৰা। পৰৱৰ্তী সময়ত, এই দৃষ্টিভংগীৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰি ২০২৫ চনত MAHASAGAR (Mutual and Holistic Advancement for Security and Growth Across Regions) আৰম্ভ কৰা হয়, যাতে সমগ্ৰ গ্ল’বেল চাউথ (Global South)-ৰ দেশসমূহৰ সৈতে অংশীদাৰিত্ব গঢ়ি তোলা যায়। এই দুয়োটা নীতিয়ে আঞ্চলিক সুৰক্ষা শক্তিশালী কৰা, সাগৰভিত্তিক অৰ্থনীতিৰ বিকাশ সাধন কৰা আৰু দুৰ্যোগৰ সময়ত সঁহাৰি জনোৱাত একেলগে কাম কৰে।

ভাৰতৰ সামুদ্ৰিক ভৱিষ্যত সুৰক্ষিত কৰা

নীলগিৰি, সন্ধায়ক আৰু অৰ্ণালা শ্ৰেণীয়ে ভাৰতৰ নৌ-সামৰ্থৰ ধাৰাবাহিক বিকাশক প্ৰতিফলিত কৰে। একেলগে এই শ্ৰেণীসমূহে পৃষ্ঠভাগৰ যুদ্ধক্ষমতা, জলজৰীপ আৰু ক’ষ্টেল এন্টি-ছাবমেৰিন ৱাৰফেয়াৰ (Coastal Anti-Submarine Warfare) অধিক শক্তিশালী কৰে। প্ৰতিটো শ্ৰেণী ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইণ ব্যুৰো (Warship Design Bureau)-এ ডিজাইন কৰিছে আৰু ভাৰতীয় শ্বিপয়াৰ্ডসমূহত নিৰ্মাণ কৰা হৈছে। এইসমূহে জটিল অগ্ৰশাৰীৰ যুদ্ধজাহাজ নক্সা আৰু নিৰ্মাণৰ ক্ষেত্ৰত ভাৰতৰ ক্ৰমবৰ্ধমান দক্ষতাৰ পৰিচয় দিয়ে। এই জাহাজসমূহৰ ক্ৰমবৰ্ধমান উৎপাদনে প্ৰতিৰক্ষা উৎপাদনত আত্মনিৰ্ভৰশীলতাকো অধিক শক্তিশালী কৰিছে।

এই শ্ৰেণীসমূহৰ অৱদান কেৱল নৌ-অভিযানতে সীমাবদ্ধ নহয়। এইসমূহে ভাৰতীয় শ্বিপয়াৰ্ডসমূহক সমৰ্থন জনায়, শতাধিক ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSMEs)-সমূহক শক্তিশালী কৰে আৰু হাজাৰ হাজাৰ দক্ষ কৰ্মসংস্থাপন সৃষ্টি কৰে। লগতে, শক্তিশালী সামুদ্ৰিক সুৰক্ষা আৰু আঞ্চলিক সহযোগিতাৰ জৰিয়তে SAGAR আৰু MAHASAGAR দৃষ্টিভংগীকো আগুৱাই নিয়ে। ভাৰতৰ সামুদ্ৰিক স্বাৰ্থ যিমানেই সম্প্ৰসাৰিত হৈ যাব, এই স্বদেশী যুদ্ধজাহাজ শ্ৰেণীসমূহে সিমানেই ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ লগতে সমগ্ৰ ভাৰত মহাসাগৰীয় অঞ্চলত ভাৰতৰ স্থান আৰু অধিক সুদৃঢ় কৰি তুলিব।

তথ্যসূত্ৰসমূহ

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰতিৰক্ষা মন্ত্ৰালয়

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়

মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়

PDF চাবলৈ ক্লিক কৰক

***

পিআইবি গৱেষণা

(Explainer ID: 159202) आगंतुक पटल : 8
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Bengali , Kannada