Economy
ভাৰতৰ বস্ত্ৰ ভৱিষ্যতত বহনক্ষমতাৰ বয়ন
ভাৰতৰ বস্ত্ৰ মূল্য শৃংখলাত চক্রীয় অৰ্থনীতিৰ প্ৰসাৰ
Posted On:
12 JUL 2026 1:37PM
মূল বিশেষত্বসমূহ
ভাৰতৰ বস্ত্ৰ আৰু পৰিধান উদ্যোগ দীৰ্ঘদিন ধৰি দেশৰ উৎপাদন শক্তিৰ এক কেন্দ্ৰীয় ভিত্তি হিচাপে পৰিগণিত হৈ আহিছে। ই ভাৰতৰ অৰ্থনীতি, ঔদ্যোগিক উৎপাদন আৰু ৰপ্তানিত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ লগতে বিশ্ব বস্ত্ৰ বাণিজ্যতো এক শক্তিশালী স্থান দখল কৰি আছে। বিশ্বব্যাপী চাহিদাৰ ধাৰণাত পৰিৱৰ্তন অহাৰ লগে লগে বহনক্ষমতা এই খণ্ডৰ বাবে এক গুৰুত্বপূৰ্ণ বিকাশৰ চালিকা শক্তি হিচাপে পৰিগণিত হৈছে। নীতি-আধাৰিত পদক্ষেপসমূহে জৈৱিক আঁহ, অধিক সুৰক্ষিত ৰাসায়নিক পদাৰ্থ, চক্রীয় উৎপাদন, আৱৰ্জনা পুনৰুদ্ধাৰ, পৰিৱেশ-লেবেলিং আৰু অনুসৰণযোগ্যতাক সমৰ্থন কৰি আছে। অধিক পৰিষ্কাৰ প্ৰযুক্তি, পুনঃব্যৱহাৰ, দায়িত্বশীল উৎস সংগ্ৰহ আৰু আৱৰ্জনা হ্ৰাসে ভাৰতীয় বস্ত্ৰ উদ্যোগক আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতিযোগিতামূলক কৰি ৰাখিবলৈ সহায় কৰিব পাৰে।
ভাৰতৰ বস্ত্ৰ খণ্ড আৰু চক্রীয় বৃদ্ধিৰ দিশলৈ অগ্ৰগতি
প্ৰায়ে ভাৰতৰ ঔদ্যোগিক বিকাশৰ ‘যতৰ’ বুলি অভিহিত বস্ত্ৰ আৰু পৰিধান খণ্ডটো উৎপাদনমুখী অৰ্থনীতিৰ এক মুখ্য স্তম্ভ। ৰাষ্ট্ৰীয় হিচাপ পৰিসংখ্যা ২০২৫ (National Account Statistics 2025) অনুসৰি, এই খণ্ডই ভাৰতৰ জিডিপিৰ প্ৰায় ২% আৰু উৎপাদন খণ্ডৰ মুঠ সংযোজিত মূল্যৰ প্ৰায় ১১% অংশীদাৰিত্ব বহন কৰে। ভাৰত বিশ্বৰ ষষ্ঠ বৃহত্তম বস্ত্ৰ আৰু পৰিধান ৰপ্তানিকাৰক দেশ, যাৰ বিশ্ব ৰপ্তানিত প্ৰায় ৪% অংশীদাৰিত্ব আছে। এই খণ্ডই বহু মহিলা আৰু গ্ৰাম্য শ্ৰমিকসহ ৪.৫ কোটিতকৈ অধিক লোকক প্ৰত্যক্ষভাৱে নিয়োজিত কৰি আছে।
ইয়াৰ অৰ্থনৈতিক পৰিসৰ, ৰপ্তানিৰ সৈতে সংযোগ আৰু উচ্চ নিয়োজন সক্ষমতাক লক্ষ্য কৰি বহনক্ষমতা এই খণ্ডৰ বাবে ক্ৰমাৎ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিশ্ব বজাৰসমূহ পৰিৱেশ-দায়িত্বশীল উৎপাদনৰ দিশে আগবাঢ়ি থকাৰ সময়ত, ভাৰতৰ বস্ত্ৰ উদ্যোগৰ সন্মুখত নিজৰ প্ৰতিযোগিতামূলক ক্ষমতা অধিক শক্তিশালী কৰাৰ এক সুযোগ সৃষ্টি হৈছে।
এই পৰিপ্ৰেক্ষিতত, সমগ্ৰ খণ্ডজুৰি চক্রীয় উৎপাদন (Circular Production)-এ গতি লাভ কৰিছে। সম্পদ-সচেতন উৎপাদন আৰু বস্ত্ৰ শিল্পৰ ক্ষেত্ৰত ভাৰতৰ সমৃদ্ধ ঐতিহ্যই অধিক স্বীকৃতি লাভ কৰিছে, কিয়নো বিশ্ব বজাৰে ক্ৰমাৎ কম পৰিৱেশগত প্ৰভাৱ থকা সামগ্ৰীৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিছে।
|
বস্ত্ৰ খণ্ডত চক্রীয় অৰ্থনীতি
চক্রীয় অৰ্থনীতি হৈছে এনে এক অৰ্থনৈতিক ব্যৱস্থা, য'ত সামগ্ৰী আৰু সম্পদ পুনঃব্যৱহাৰ, পুনঃচক্ৰায়ন আৰু অধিক সময় ব্যৱহাৰত ৰাখি ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত আৱৰ্জনা আৰু নিৰ্গমন হ্ৰাস পায় আৰু অধিক বহনক্ষম উৎপাদন পদ্ধতি উৎসাহিত হয়। ইয়াৰ মূল নীতি হৈছে উৎপাদনত ব্যৱহৃত উপাদানসমূহৰ ব্যৱহাৰত চক্রীয়তা নিশ্চিত কৰা।
বস্ত্ৰ খণ্ডত বহনক্ষমতা আৰু চক্রীয়তা যোগান শৃংখলাৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ। বিদ্যমান সামগ্ৰীসমূহৰ মৌলিক গঠন সলনি নকৰাকৈ পুনঃব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত শক্তি, ৰাসায়নিক পদাৰ্থ আৰু পানীৰ ব্যৱহাৰ কমে, লগতে পৰিৱেশগত প্ৰভাৱো হ্ৰাস পায়।
|
ভাৰতৰ বস্ত্ৰ মূল্য শৃংখলাত দৃশ্যমান চক্রীয়তা
ভাৰতৰ বস্ত্ৰ মূল্য শৃংখলাত চক্রীয়তা পৰিমাপযোগ্য পুনৰুদ্ধাৰ, পুনঃচক্ৰায়ন, পুনঃব্যৱহাৰ আৰু জীৱিকাৰ ফলাফলৰ জৰিয়তে প্ৰতিফলিত হৈছে।
- বছৰি পৰিচালিত প্ৰায় ৭.৮ নিযুত টন বস্ত্ৰ আৱৰ্জনাৰ ভিতৰত ৯০%তকৈ অধিক ঘৰুৱা পূৰ্ব-উপভোক্তা (কাৰখানাৰ অৱশিষ্ট) আৰু উত্তৰ-উপভোক্তা (Post-consumer) আৱৰ্জনাৰ পৰা সংগ্ৰহ কৰা হয়।
- মুঠ বস্ত্ৰ আৱৰ্জনাৰ ৭০%তকৈ অধিক বৰ্তমান পুনৰুদ্ধাৰ কৰি পুনঃচক্ৰায়ন, আপ-চাইক্লিং, ডাউন-চাইক্লিং অথবা পুনঃব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা হয়।
- বিশেষকৈ পূৰ্ব-উপভোক্তা স্তৰত পুনৰুদ্ধাৰ অতি শক্তিশালী, য'ত প্ৰায় ৯৫% বস্ত্ৰ আৱৰ্জনা সংগ্ৰহ কৰি প্ৰতিষ্ঠিত মূল্য শৃংখলাৰ জৰিয়তে পুনঃব্যৱহাৰ কৰা হয়।
- সূতা কটাৰ খণ্ডটো বন্ধ-চক্ৰ চক্রীয়তাৰ অন্যতম স্পষ্ট উদাহৰণ। প্ৰায় সমগ্ৰ সূতা কটাৰ আৱৰ্জনাই পুনৰ উৎপাদন প্ৰক্ৰিয়াত সংযুক্ত কৰা হয়।
- চক্রীয়তা উত্তৰ-উপভোক্তা বস্ত্ৰতো দৃশ্যমান। ভাৰতৰ বিস্তৃত সংগ্ৰহ আৰু বাছনি নেটৱৰ্কৰ জৰিয়তে এই আৱৰ্জনাৰ প্ৰায় ৫৫% ভূমি-পূৰণস্থললৈ যোৱাৰ পৰা বিৰত ৰখা হয়।
- এই সমগ্ৰ ব্যৱস্থাই প্ৰায় ৪০–৪৫ লাখ লোকৰ জীৱিকাক সমৰ্থন কৰে, য'ত প্ৰান্তীয় সম্প্ৰদায়ৰ মহিলাসকলে সংগ্ৰহ, বাছনি আৰু পুনৰ্বিতৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
|
ভাৰতৰ স্থানীয় বস্ত্ৰ আৱৰ্জনা পুনৰুদ্ধাৰ মডেলসমূহ
|
|
নৱী মুম্বাইৰ চক্রীয় বস্ত্ৰ পুনৰুদ্ধাৰ মডেল
নৱী মুম্বাইৰ বেলাপুৰত অৱস্থিত ভাৰতৰ প্ৰথম পৌৰ বস্ত্ৰ পুনৰুদ্ধাৰ সুবিধাই বস্ত্ৰ আৱৰ্জনাক চক্রীয় অৰ্থনীতিৰ এক সুযোগ হিচাপে স্বীকৃতি দিছে। এই সুবিধাটোৱে সংগ্ৰহ, বাছনি, আপ-চাইক্লিং, প্ৰযুক্তি আৰু জীৱিকাক একত্ৰিত কৰি এক চক্রীয় পুনৰুদ্ধাৰ পৰিৱেশ সৃষ্টি কৰিছে। ইয়াৰ জৰিয়তে ৩০ মেট্ৰিক টন উত্তৰ-উপভোক্তা বস্ত্ৰ আৱৰ্জনা সংগ্ৰহ, ২৫.৫ মেট্ৰিক টন বাছনি, ৪১,০০০তকৈ অধিক সামগ্ৰী প্ৰক্ৰিয়াকৰণ আৰু ৪০০তকৈ অধিক উন্নীত পুনঃব্যৱহাৰ নমুনা প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপকৃত হৈছে ১.১৪ লাখ পৰিয়াল, লগতে প্ৰদৰ্শনী আৰু বজাৰ সংযোগৰ জৰিয়তে মহিলা শিল্পীসকলক সমৰ্থন আগবঢ়োৱা হৈছে।
|
|
পানিপথ: নিম্নধাৰাৰ বস্ত্ৰ পুনঃচক্ৰায়ন কেন্দ্ৰ হিচাপে
পানিপথ এক মুখ্য বস্ত্ৰ পুনঃচক্ৰায়ন কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বিশেষায়িত নিম্নধাৰাৰ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ হিচাপে ই আন আন বস্ত্ৰ ক্লাষ্টাৰৰ পৰা বৃহৎ পৰিমাণৰ পূৰ্ব-উপভোক্তা বস্ত্ৰ আৱৰ্জনা গ্ৰহণ কৰে। এই ক্লাষ্টাৰটোৱে প্ৰতিদিনে প্ৰায় ৩,৫০০–৫,২৫০ টন আৱৰ্জনা পৰিচালনা কৰে আৰু সংগ্ৰহ, বাছনি, প্ৰক্ৰিয়াকৰণ, বয়ন আৰু পুনঃচক্ৰায়নক সমৰ্থন কৰে। ইয়াৰ ফলত উন্নত সামগ্ৰী পৃথকীকৰণৰ জৰিয়তে অধিক মূল্য সংযোজিত টেস্কটাইল-টু- টেস্কটাইল(Textile-to-Textile) পুনঃচক্ৰায়নৰ যথেষ্ট সম্ভাৱনা সৃষ্টি হৈছে।
|
|
মংগলপুৰীৰ কাটিং আৱৰ্জনা বাছনি নেটৱৰ্ক
দিল্লীৰ মংগলপুৰীৰ কাটৰান বজাৰে দেখুৱাইছে যে অনানুষ্ঠানিক নেটৱৰ্কসমূহে কেনেকৈ বস্ত্ৰ চক্রীয়তাক সমৰ্থন কৰে। পথৰ কাষৰ সংগ্ৰাহকসকলে নয়ডা, গুৰগ্ৰাম, মানেছৰ, জয়পুৰ আৰু দিল্লীৰ পৰা অহা ট্ৰাকসমূহৰ পৰা কাটিং আৱৰ্জনা সংগ্ৰহ কৰে। তাৰ পিছত আৱৰ্জনাবোৰ ৰঙৰ ভিত্তিত বাছনি আৰু পৃথকীকৰণ কৰা হয়, যাৰ ফলত পুনঃচক্ৰায়নৰ বাবে ইয়াৰ মূল্য বৃদ্ধি পায়। এই বজাৰে প্ৰতিদিনে ১০ টনতকৈ অধিক বাছনি কৰা কাটিং আৱৰ্জনা পানিপথৰ আনুষ্ঠানিক পুনঃচক্ৰায়ন ক্লাষ্টাৰলৈ যোগান ধৰে। এইদৰে, ই স্থানীয় সংগ্ৰহ আৰু নিম্নধাৰাৰ বস্ত্ৰ পুনৰুদ্ধাৰৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ গঢ়ি তোলে।
|
বস্ত্ৰ খণ্ডত বহনক্ষমতাক উৎপাদন চক্ৰৰ বিভিন্ন পৰ্যায়ৰ জৰিয়তে অধিক ভালদৰে বুজিব পাৰি। বৰ্তমান ই কেঁচামাল, উৎপাদন প্ৰক্ৰিয়া, গুণগত মানদণ্ড আৰু বজাৰত প্ৰৱেশৰ সৈতে জড়িত সিদ্ধান্তসমূহক সমগ্ৰ মূল্য শৃংখলাজুৰি প্ৰভাৱিত কৰি আছে।
ইনপুট পৰ্যায়: আঁহ, ৰাসায়নিক পদাৰ্থ আৰু সামগ্ৰীৰ বহনক্ষমতা
বস্ত্ৰ উৎপাদনৰ বহনক্ষমতা ইনপুট পৰ্যায়ৰ পৰাই আৰম্ভ হয়। আঁহ আৰু কেঁচামালৰ বাছনিয়ে সমগ্ৰ মূল্য শৃংখলাৰ পৰিৱেশগত প্ৰভাৱ নিৰ্ধাৰণ কৰে। সেইবাবে নীতিগত সমৰ্থন জৈৱিক আঁহ, নতুন প্ৰজন্মৰ প্ৰাকৃতিক আঁহ আৰু ক্ষতিকাৰক উপাদানৰ ব্যৱহাৰ হ্ৰাস কৰাৰ দিশে আগবঢ়োৱা হৈছে।
জৈৱিক আঁহ উৎপাদনৰ প্ৰসাৰ

ভাৰতত জৈৱিক আঁহ উৎপাদনক প্ৰমাণীকৰণ কাঠামো আৰু খেতি সমৰ্থন কাৰ্যসূচীৰ জৰিয়তে অধিক শক্তিশালী কৰা হৈছে।
- জৈৱিক উৎপাদনৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী (National Programme for Organic Production – NPOP): এই কাৰ্যসূচীয়ে প্ৰমাণিত জৈৱিক সামগ্ৰীৰ বিকাশত সমৰ্থন আগবঢ়ায়। ইয়াৰ অন্তৰ্গত হৈছে প্ৰমাণীকৰণ সংস্থাসমূহৰ স্বীকৃতি, জৈৱিক উৎপাদনৰ মানদণ্ড নিৰ্ধাৰণ, আৰু জৈৱিক সামগ্ৰীৰ প্ৰচাৰ আৰু বিপণন। NPOP-ৰ মানদণ্ডসমূহক ইউৰোপীয় আয়োগ আৰু ছুইজাৰলেণ্ডে অ-প্ৰক্ৰিয়াজাত উদ্ভিদজাত সামগ্ৰীৰ বাবে স্বীকৃতি দিছে। বস্ত্ৰ খণ্ডৰ বাবে ই বিশেষভাৱে প্ৰাসংগিক, কিয়নো ই জৈৱিক কৃষিজাত সামগ্ৰীৰ লগতে জৈৱিক কপাহ আঁহকো সামৰি লয়।
|
জৈৱিক উৎপাদন
ইয়াৰ মূল গুৰুত্ব হৈছে উপযুক্ত উদ্ভিদ পুষ্টি আৰু সুস্থ মাটিৰ ব্যৱস্থাপনাৰ জৰিয়তে মাটিৰ উৎপাদনক্ষমতা আৰু পুনৰুৎপাদন ক্ষমতা সংৰক্ষণ কৰা। ই বহনক্ষম খেতিৰ ক্ষেত্ৰত তৃণমূলভিত্তিক দৃষ্টিভংগী অনুসৰণ কৰে।
|
- জুট- ICARE (Jute-ICARE): জুট- ICARE (Improved Cultivation and Advanced Retting Exercise) কাৰ্যসূচী ২০১৫ চনত বহনক্ষম আৰু বৈজ্ঞানিক পাট খেতিৰ প্ৰসাৰৰ উদ্দেশ্যে আৰম্ভ কৰা হৈছিল। এই কাৰ্যসূচীৰ অধীনত কৃষকসকলক উচ্চ ফলনক্ষম প্ৰমাণিত বীজ আৰু ৰেটিং এক্সেলাৰেটৰ (Retting Accelerators) প্ৰদান কৰা হয়। লগতে উৎপাদনক্ষমতা আৰু আঁহৰ গুণগত মান বৃদ্ধিৰ বাবে উন্নত কৃষি পদ্ধতি (Agronomic Practices) প্ৰচাৰ কৰা হয়।
আৰম্ভণিৰ পৰা এই কাৰ্যসূচী ৭খন ৰাজ্যৰ ১৩০টা ব্লকৰ পৰা ১০খন ৰাজ্যৰ ২৮৯টা ব্লকলৈ সম্প্ৰসাৰিত হৈছে। ইয়াৰ আওতা প্ৰায় ১.১১ লাখ হেক্টৰৰ পৰা ২০২৪-২৫ চনত প্ৰায় ২.১৫ লাখ হেক্টৰলৈ বৃদ্ধি পাইছে।
- নতুন যুগৰ আঁহ অভিযান (New Age Fibre Mission – MM-III): কপাহ উৎপাদনক্ষমতা অভিযান (Mission for Cotton Productivity)ৰ অধীনৰ ক্ষুদ্ৰ অভিযানসমূহৰ ভিতৰত অন্যতম এই নতুন যুগৰ আঁহ অভিযান (MM-III)-এ সহযোগী প্ৰাকৃতিক আঁহসমূহৰ প্ৰচাৰ কৰাৰ লক্ষ্য লৈছে।
|
নতুন যুগৰ প্ৰাকৃতিক আঁহ
এইসমূহ উদ্ভিদ-আধাৰিত আঁহ, যিয়ে পৰম্পৰাগত বস্ত্ৰ আৰু কৃত্ৰিম সামগ্ৰীৰ পৰিৱেশ-অনুকূল বিকল্প আগবঢ়ায়। ইয়াৰ অন্তৰ্গত হৈছে উদ্ভিদ আৰু অন্যান্য প্ৰাকৃতিক উৎসৰ পৰা প্ৰাপ্ত উদ্ভাৱনী আৰু বহনক্ষম সামগ্ৰী।
ৰেমি (Ramie), ছিছাল (Sisal) আৰু ফ্লেক্স (Flax)ৰ দৰে প্ৰাকৃতিক আঁহসমূহে ভাৰত আৰু বিশ্ব বজাৰত গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু পৰিৱেশগত মূল্য বহন কৰে। এইসমূহে সমগ্ৰ বস্ত্ৰ মূল্য শৃংখলা, সংযোজিত সামগ্ৰী আৰু অন্যান্য ঔদ্যোগিক ব্যৱহাৰৰ ক্ষেত্ৰত কৃত্ৰিম আঁহৰ বহনক্ষম বিকল্প আগবঢ়ায়।
ইহঁতৰ কম পৰিৱেশগত প্ৰভাৱ আৰু বহুমুখী বৈশিষ্ট্যই বহনক্ষম বস্ত্ৰ উৎপাদনত অধিক ব্যৱহাৰৰ বাবে শক্তিশালী সম্ভাৱনা সৃষ্টি কৰে।
|
এই অভিযানৰ লক্ষ্য হৈছে ভাৰতক বহনক্ষম আৰু উচ্চ গুণগত মানৰ আঁহ উৎপাদনত এক বিশ্বনেতা হিচাপে প্ৰতিষ্ঠা কৰা। ই জলবায়ু-স্মাৰ্ট খেতি, যান্ত্ৰিকীকৰণ আৰু উদ্ভাৱনক উৎসাহিত কৰে। লগতে, খেতি পদ্ধতি অধিক ফলপ্ৰসূ কৰি কৃত্ৰিম সামগ্ৰীৰ পৰিৱেশ-অনুকূল বিকল্প হিচাপে সহযোগী প্ৰাকৃতিক আঁহৰ ব্যৱহাৰকো উৎসাহিত কৰে।
- ৰাষ্ট্ৰীয় আঁহ আঁচনি: এই আঁচনিখনৰ লক্ষ্য হৈছে আঁহ মূল্য শৃংখলাজুৰি আত্মনিৰ্ভৰশীলতা শক্তিশালী কৰা, য'ত প্ৰাকৃতিক আঁহ, মানৱ-নিৰ্মিত আঁহ আৰু নতুন যুগৰ আঁহ অন্তৰ্ভুক্ত। এই আঁচনিখনে ঘৰুৱা আঁহৰ উপলব্ধতা বৃদ্ধি, আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস আৰু উন্নত বস্ত্ৰ সামগ্ৰীত উদ্ভাৱনক উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰাকৃতিক আৰু প্ৰমাণিত ইনপুটসমূহক উৎসাহিত কৰি এই পদক্ষেপসমূহে চক্রীয়তাৰ প্ৰথম পদক্ষেপ—অৰ্থাৎ সামগ্ৰী পৰ্যায়তে পৰিৱেশগত চাপ হ্ৰাস—সমৰ্থন কৰে।
বস্ত্ৰ যোগান শৃংখলাত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ হ্ৰাস
- বহনক্ষম বস্ত্ৰ উৎপাদনৰ বাবে পাইলট প্ৰকল্পসমূহ: বহনক্ষম উৎপাদন আৰু ব্যৱহাৰ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ একাধিক পাইলট প্ৰকল্প ৰূপায়ণ কৰা হৈছে। এইসমূহে বিশ্বমানৰ উত্তম পদ্ধতি সম্পৰ্কে সক্ষমতা বৃদ্ধিতো সহায় কৰে। ইয়াৰ মূল গুৰুত্বৰ ক্ষেত্ৰসমূহ হৈছে অধিক সুৰক্ষিত ৰাসায়নিক পদাৰ্থ, পৰিৱেশ-অনুকূল বস্ত্ৰ আৰু জৈৱিক বস্ত্ৰ।

এনে এটা পাইলট প্ৰকল্প হৈছে “Eliminating Hazardous Chemicals from the Textile Fashion Supply Chain in India”। এই প্ৰকল্পটোৱে আঠটা ক্লাষ্টাৰৰ ৪০০টা কাৰখানা আৰু চাৰিটা ফেশ্বন হাউছ সামৰি লৈছে। এই প্ৰকল্পৰ জৰিয়তে ১,৪৭,০০০ টন CO₂ সমতুল্য (tCO₂eq) হ্ৰাস কৰাৰ লগতে ১০,৫৩০ টন ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ কমোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
এই চলি থকা প্ৰকল্পটোৰ লক্ষ্য হৈছে ভাৰতৰ পৰিধান যোগান শৃংখলাৰ পৰা ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আঁতৰোৱা, বহনক্ষম উৎপাদন পদ্ধতিৰ প্ৰসাৰ আৰু পৰিৱেশগত বিপদ হ্ৰাস কৰা।
- ক্ষতিকাৰক ৰং আৰু স্থায়ী জৈৱ প্ৰদূষকৰ নিয়ন্ত্ৰণ: ৰং আৰু ৰংকৰণ (Dyeing) উদ্যোগত বেনজিডিন-আধাৰিত ৰং আৰু ইয়াৰ লৱণৰ ব্যৱহাৰ সীমাবদ্ধ কৰা হৈছে। ইয়াৰ উপৰিও, ৭০ বিধ এজো ৰং (Azo Dyes)-ৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। ভাৰতে ২০০৬ চনত ষ্টকহোম কনভেনচন (Stockholm Convention)-ত অনুমোদন জনাইছিল। এইখন হৈছে স্থায়ী জৈৱ প্ৰদূষক (Persistent Organic Pollutants-POPs)-ৰ পৰা মানৱ স্বাস্থ্য আৰু পৰিৱেশ সুৰক্ষিত কৰাৰ লক্ষ্যৰে গৃহীত এক বৈশ্বিক চুক্তি।
ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ হ্ৰাস কৰাটো চক্রীয়তাৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো অধিক পৰিষ্কাৰ সামগ্ৰীসমূহক পুনৰ মূল্য শৃংখলাত সহজে অন্তৰ্ভুক্ত কৰিব পাৰি।
উৎপাদন পৰ্যায়: বস্ত্ৰ প্ৰক্ৰিয়াকৰণ আৰু উৎপাদন
উৎপাদন পৰ্যায়টো বস্ত্ৰ খণ্ডৰ পৰিৱেশগত প্ৰভাৱৰ কেন্দ্ৰবিন্দু, কিয়নো ইয়াত বৃহৎ পৰিমাণে পানী, শক্তি আৰু অন্যান্য সম্পদ ব্যৱহাৰ কৰা হয়। বহনক্ষম উৎপাদন ব্যৱস্থাসমূহে অধিক পৰিষ্কাৰ আন্তঃগাঁথনি, সম্পদৰ দক্ষ ব্যৱহাৰ, চক্রীয়তা আৰু কম নিৰ্গমনক উৎসাহিত কৰি আছে।
বহনক্ষম উৎপাদনৰ বাবে সমন্বিত বস্ত্ৰ উদ্যান
PM MITRA (PM Mega Integrated Textile Region and Apparel) উদ্যানসমূহ বিনিয়োগ, নিয়োগ আৰু ৰপ্তানি বৃদ্ধি কৰাৰ উদ্দেশ্যে বিশ্বমানৰ সমন্বিত বস্ত্ৰ কেন্দ্ৰ হিচাপে পৰিকল্পনা কৰা হৈছে। এই উদ্যানসমূহ ‘৫এফ (5F)’ দৃষ্টিভংগী — Farm to Fibre to Factory to Fashion to Foreign (খেতিপথাৰৰ পৰা আঁহলৈ, আঁহৰ পৰা কাৰখানালৈ, কাৰখানাৰ পৰা ফেশ্বনলৈ, ফেশ্বনৰ পৰা বৈদেশিক বজাৰলৈ)ৰ আধাৰত গঢ়ি তোলা হৈছে।
এই দৃষ্টিভংগীৰ অধীনত, আৰম্ভণিৰ পৰা শেষ পৰ্যন্ত উৎপাদন সুবিধাসহ আধুনিক বস্ত্ৰ আন্তঃগাঁথনি গঢ়ি তোলা হৈছে। বহনক্ষমতাক সাধাৰণ বর্জ্যজল শোধনাগাৰ (Common Effluent Treatment Plants – CETPs), বর্জ্যজল পুনঃব্যৱহাৰ, বৈজ্ঞানিক আৱৰ্জনা ব্যৱস্থাপনা আৰু যৌথ উপযোগী সুবিধাৰ জৰিয়তে অন্তৰ্ভুক্ত কৰা হৈছে।
২০২৭-২৮ চনলৈকে ৪,৪৪৫ কোটি টকা ব্যয়ে ৭খন PM MITRA উদ্যান বিকাশৰ অনুমোদন দিয়া হৈছে। এই সাতখন স্থান হৈছে—ভিৰুধুনগৰ, তামিলনাডু; ৱৰাংগল, তেলেংগানা; নৱচাৰী, গুজৰাট; কলাবুৰাগী, কৰ্ণাটক; ধাৰ, মধ্যপ্ৰদেশ; লক্ষ্ণৌ, উত্তৰ প্ৰদেশ আৰু অমৰাৱতী, মহাৰাষ্ট্ৰ।
২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে ২৭,৪৩৪ কোটি টকাতকৈ অধিক সম্ভাৱ্য বিনিয়োগৰ বাবে বুজাবুজি চুক্তি (MoUs) স্বাক্ষৰিত হৈছে। প্ৰয়োজনীয় সকলো ভূমি সম্পূৰ্ণৰূপে অধিগ্ৰহণ কৰি সংশ্লিষ্ট বিশেষ উদ্দেশ্য বাহন (Special Purpose Vehicles – SPVs)-সমূহৰ হাতত অৰ্পণ কৰা হৈছে।
RAMP(Raising and Accelerating MSME Performance)-ৰ অধীনত সেউজ আৰু চক্রীয় অৰ্থনীতিৰ সমৰ্থন
অৰ্থনৈতিক সমীক্ষা ২০২৩-২৪ (Economic Survey 2023-24) অনুসৰি, ভাৰতৰ বস্ত্ৰ আৰু পৰিধান উৎপাদন ক্ষমতাৰ ৮০%তকৈ অধিক অংশ অতি ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ (MSMEs)-ৰ দখলত আছে। সেইবাবে MSME-সমূহৰ অংশগ্ৰহণ শক্তিশালী কৰা, প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰা আৰু বহনক্ষম বিকাশক সমৰ্থন কৰিবলৈ একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছে।
RAMP কাৰ্যসূচীৰ অধীনত চৰকাৰে ২০২৩ চনত অতি ক্ষুদ্ৰ আৰু লঘু উদ্যোগৰ বাবে MSE-GIFT আৰু MSE-SPICE আঁচনি আৰম্ভ কৰিছে। এই আঁচনিসমূহে সুতৰ ৰেহাই (Interest Subvention) আৰু মূলধনী ৰাজসাহায্য (Capital Subsidy)-ৰ দৰে সহায়ৰ জৰিয়তে বহনক্ষম পদ্ধতি গ্ৰহণক উৎসাহিত কৰে।
- MSE-GIFT: এই আঁচনিখনৰ লক্ষ্য হৈছে MSME-সমূহৰ মাজত সেউজ প্ৰযুক্তি আৰু পৰিষ্কাৰ শক্তিৰ গ্ৰহণক সমৰ্থন কৰা। ইয়াৰ উদ্দেশ্য হৈছে আৰ্থিক আৰু সজাগতা সমৰ্থনৰ জৰিয়তে বহনক্ষম পদ্ধতিৰ বাবে এক অনুকূল পৰিৱেশ সৃষ্টি কৰা। ইয়াৰ অন্তৰ্গত সুবিধাসমূহ হৈছে—২ কোটি টকা পৰ্যন্ত মুদতীয়া ঋণৰ ওপৰত বছৰি ২% সুতৰ ৰেহাই, ৭৫% ঋণ গেৰাণ্টি কভাৰেজ আৰু প্ৰচাৰ আৰু সজাগতাৰ বাবে তথ্য, শিক্ষা আৰু যোগাযোগ (IEC) কাৰ্যকলাপ।
- অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ চক্রীয় অৰ্থনীতি প্ৰচাৰ আৰু বিনিয়োগ আঁচনি (MSE-SPICE): এই আঁচনিখনৰ লক্ষ্য হৈছে অতি ক্ষুদ্ৰ আৰু ক্ষুদ্ৰ উদ্যোগসমূহক বহনক্ষম পদ্ধতি গ্ৰহণত সহায় কৰা আৰু সেউজ উন্নয়নত অৱদান আগবঢ়াবলৈ উৎসাহিত কৰা। ই সম্পদ-দক্ষ আৰু চক্রীয় সমাধানসমূহক সমৰ্থন কৰে, যিয়ে পৰিৱেশগত প্ৰভাৱ হ্ৰাস কৰাৰ লগতে দক্ষতা আৰু ব্যয়-সাশ্ৰয়িতা বৃদ্ধি কৰে। ইয়াৰ মুখ্য বৈশিষ্ট্যসমূহৰ ভিতৰত আছে—যোগ্য উদ্ভিদ আৰু যন্ত্ৰপাতিত বিনিয়োগৰ বাবে ২৫% মূলধনী ৰাজসাহাৰ্য, দেশজুৰি সজাগতা বৃদ্ধিৰ কাৰ্যসূচী আদি।
ভাৰতীয় কাৰ্বন বজাৰৰ অধীনত বস্ত্ৰ খণ্ড
কাৰ্বন ক্ৰেডিট বাণিজ্য আঁচনিৰ অধীনত উচ্চ কাৰ্বন নিৰ্গমনকাৰী খণ্ডসমূহৰ বাবে সেউজগৃহ গেছ নিৰ্গমন তীব্ৰতাৰ লক্ষ্যসূচী অধিসূচিত কৰা হৈছে। ইয়াৰ ফলত পেট্ৰ'লিয়াম শোধনাগাৰ, পেট্ৰ'কেমিকেল, বস্ত্ৰ আৰু গৌণ এলুমিনিয়াম খণ্ডক ভাৰতীয় কাৰ্বন বজাৰৰ অনুপালন ব্যৱস্থাৰ অধীনলৈ অনা হৈছে।
এই কাঠামোৰ অধীনত বস্ত্ৰ খণ্ডকে ধৰি বাধ্যতামূলক সংস্থাসমূহে তেওঁলোকৰ Scope-1 আৰু Scope-2 নিৰ্গমনৰ তথ্য প্ৰকাশ কৰিব লাগিব।
- Scope-1 নিৰ্গমন হৈছে কোনো সংস্থাৰ মালিকানাধীন বা নিয়ন্ত্ৰণাধীন উৎসৰ পৰা হোৱা প্ৰত্যক্ষ সেউজগৃহ গেছ নিৰ্গমন।
- Scope-2 নিৰ্গমন হৈছে কোনো সংস্থাই ক্ৰয় কৰা বিদ্যুৎ, বাষ্প, তাপ অথবা শীতলীকৰণ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা পৰোক্ষ নিৰ্গমন।
যিসকল সংস্থাই তেওঁলোকক নিৰ্ধাৰণ কৰি দিয়া লক্ষ্যতকৈ উত্তম প্ৰদৰ্শন কৰে, তেওঁলোক কাৰ্বন ক্ৰেডিট প্ৰমাণপত্ৰ লাভ কৰিবলৈ যোগ্য হয়। এই প্ৰমাণপত্ৰসমূহ তাৰ পিছত নিজৰ লক্ষ্য পূৰণ কৰিব নোৱাৰা সংস্থাসমূহৰ সৈতে বাণিজ্য কৰিব পাৰে, যাৰ ফলত নিৰ্গমন হ্ৰাসৰ বাবে বজাৰ-ভিত্তিক এক প্ৰেৰণা সৃষ্টি হয়।
|
কাৰ্বন ক্ৰেডিট বাণিজ্য আঁচনি (Carbon Credit Trading Scheme – CCTS)
২০২৩ চনত অধিসূচিত এই আঁচনিখনে ভাৰতীয় কাৰ্বন বজাৰ পৰিচালনাৰ বাবে কাঠামো প্ৰদান কৰে। ইয়াৰ লক্ষ্য হৈছে কাৰ্বন ক্ৰেডিট প্ৰমাণপত্ৰৰ বাণিজ্যৰ জৰিয়তে নিৰ্গমনৰ মূল্য নিৰ্ধাৰণ কৰি সেউজগৃহ গেছ নিৰ্গমন হ্ৰাস কৰা।
নিৰ্গমন হ্ৰাসক অৰ্থনৈতিক মূল্য প্ৰদান কৰি এই আঁচনিখনে উদ্যোগসমূহক দক্ষতা বৃদ্ধি, অধিক পৰিষ্কাৰ প্ৰযুক্তিলৈ স্থানান্তৰ আৰু সময়ৰ লগে লগে তেওঁলোকৰ কাৰ্বন তীব্ৰতা হ্ৰাস কৰিবলৈ উৎসাহিত কৰে।
|
বহনক্ষম বস্ত্ৰ উৎপাদনৰ ৰোডমেপ
চৰকাৰে অধিক পৰিষ্কাৰ বস্ত্ৰ উৎপাদনক সমৰ্থন কৰিবলৈ একাধিক অধ্যয়ন আৰু প্ৰকল্প গ্ৰহণ কৰিছে। এইসমূহে পানী আৰু শক্তিৰ দক্ষ ব্যৱহাৰ, ৰাসায়নিক ব্যৱস্থাপনা আৰু সংশ্লিষ্ট উৎপাদন প্ৰক্ৰিয়াৰ উন্নতিৰ বাবে উত্তম পদ্ধতি নিৰ্ধাৰণ আৰু দিক্-নিৰ্দেশনা প্ৰদান কৰে।
এই পদক্ষেপসমূহৰ অন্তৰ্গত হৈছে সৰ্বশ্ৰেষ্ঠ উপলব্ধ প্ৰযুক্তি ৰেফাৰেন্স / বিস্তৃত উদ্যোগ নথি (Best Available Techniques Reference / Comprehensive Industry Document- BREF/COINDS) প্ৰস্তুত কৰা আৰু সেউজ ৰূপান্তৰৰ বাবে এক পথনক্সা (Roadmap) প্ৰস্তুত কৰা।
টেক্স ইক' (Tex Eco) পদক্ষেপ
এই পদক্ষেপে বিশ্বমানৰ প্ৰতিযোগিতামূলক আৰু পৰিৱেশ-অনুকূল বস্ত্ৰ আৰু পৰিধান উৎপাদনক উৎসাহিত কৰে। ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ বস্ত্ৰ উদ্যোগক আন্তঃৰাষ্ট্ৰীয় বহনক্ষমতাৰ মানদণ্ড আৰু উদীয়মান সেউজ বজাৰৰ সুযোগৰ সৈতে সামঞ্জস্যপূৰ্ণ কৰি তোলা।
উৎপাদনোত্তৰ পৰ্যায়: আৱৰ্জনা ব্যৱস্থাপনা
বস্ত্ৰ উৎপাদনৰ উৎপাদনোত্তৰ পৰ্যায়ে নিৰ্ধাৰণ কৰে যে বস্ত্ৰ আৱৰ্জনা কেনেদৰে সংগ্ৰহ, পুনঃচক্ৰায়ন আৰু পুনৰ মূল্য শৃংখলাত অন্তৰ্ভুক্ত কৰা হয়। সেইবাবে এই খণ্ডত চক্রীয়তাক শক্তিশালী কৰাৰ প্ৰচেষ্টা ক্ৰমাৎ উন্নত আৱৰ্জনা মানচিত্ৰণ, পুনঃচক্ৰায়ন আৰু সম্পদ পুনৰুদ্ধাৰৰ ওপৰত কেন্দ্ৰিত হৈছে।।
|
ভাৰতৰ বস্ত্ৰ আৱৰ্জনা পুনঃচক্ৰায়নৰ সম্ভাৱনা
বহনক্ষম ফেশ্বনৰ চাহিদা বৃদ্ধিৰ সৈতে ভাৰতৰ বস্ত্ৰ পুনঃচক্ৰায়ন খণ্ডত উল্লেখযোগ্য বিকাশৰ সম্ভাৱনা দেখা গৈছে। ২০৩০ চনৰ ভিতৰত এই খণ্ডৰ মূল্য ৩.৫ বিলিয়ন আমেৰিকান ডলাৰলৈ বৃদ্ধি পোৱাৰ অনুমান কৰা হৈছে।
এই দ্ৰুত বিকাশে নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো বৃহৎ সম্ভাৱনা প্ৰকাশ কৰিছে। অহা পাঁচ বছৰত এই খণ্ডত প্ৰায় ১ লাখ সেউজ চাকৰি (Green Jobs) সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
|
কঠিন আৱৰ্জনা ব্যৱস্থাপনা আৰু সম্পদ পুনৰুদ্ধাৰ

পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬-ৰ অধীনত কঠিন আৱৰ্জনা ব্যৱস্থাপনা নিয়ম, ২০২৬ (Solid Waste Management Rules, 2026) ১ এপ্ৰিল, ২০২৬-ৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হৈছে।
সংশোধিত নিয়মসমূহে চক্রীয় অৰ্থনীতিৰ নীতি আৰু বিস্তৃত উৎপাদক দায়িত্ব (Extended Producer Responsibility – EPR)-ক অন্তৰ্ভুক্ত কৰিছে। ইয়াত অধিক দক্ষ আৱৰ্জনা পৃথকীকৰণ আৰু ব্যৱস্থাপনা ব্যৱস্থাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে।
ইয়াৰ উপৰিও, পুনঃচক্ৰায়নযোগ্য নোহোৱা শুকান আৱৰ্জনাৰ বাবে এক সুসংগঠিত অন্তিম ব্যৱহাৰৰ পথ সৃষ্টি কৰা হৈছে। ঠোছ ইন্ধন ব্যৱহাৰ কৰা ঔদ্যোগিক প্ৰতিষ্ঠানসমূহ—যেনে চিমেণ্ট উদ্যোগ আৰু আৱৰ্জনাৰ পৰা শক্তি উৎপাদন কেন্দ্ৰসমূহে ৬ বছৰৰ ভিতৰত ক্ৰমান্বয়ে আৱৰ্জনা আহৰণ কৰা ইন্ধন (Refuse Derived Fuel (RDF))-ৰ ব্যৱহাৰ ৫%ৰ পৰা ১৫%লৈ বৃদ্ধি কৰিব লাগিব।
RDF বুলিলে উচ্চ তাপ উৎপাদনক্ষম পৌৰ ঠোছ আৱৰ্জনাৰ পৰা প্ৰস্তুত কৰা ইন্ধনক বুজায়, য'ত বস্ত্ৰ আৱৰ্জনাও অন্তৰ্ভুক্ত থাকে। ইয়াৰ ফলত উচ্চ তাপ উৎপাদনক্ষম আৱৰ্জনা, বিশেষকৈ বস্ত্ৰ আৱৰ্জনা, নিষ্পত্তিৰ পৰিবৰ্তে উৎপাদনশীল ব্যৱহাৰৰ দিশে প্ৰেৰণ কৰা হয়।
NTTM-ৰ অধীনত বস্ত্ৰ আৱৰ্জনাৰ ৰূপান্তৰৰ সমৰ্থন
ৰাষ্ট্ৰীয় প্ৰযুক্তিগত বস্ত্ৰ অভিযান (National Technical Textiles Mission – NTTM)-ৰ অধীনত বহনক্ষম প্ৰযুক্তি আৰু সামগ্ৰীৰ বাবে একাধিক গৱেষণা আৰু উন্নয়ন প্ৰকল্প অনুমোদন কৰা হৈছে।ইয়াৰ অন্তৰ্গত আছে বস্ত্ৰ আৱৰ্জনা, জৈৱ-পদাৰ্থ আৰু জৈৱ অৱশিষ্টক উন্নত সেউজ সামগ্ৰীত ৰূপান্তৰ কৰাৰ প্ৰকল্পসমূহ। ইয়াৰ মুখ্য ক্ষেত্ৰ হৈছে কাৰ্বন আঁহ আৰু কাৰ্যকৰী বস্ত্ৰ।
বস্ত্ৰ খণ্ডৰ বাবে বর্জ্যজল নিৰ্গমন মানদণ্ড
উদ্যোগসমূহৰ, বস্ত্ৰ উদ্যোগকে ধৰি, নিৰ্গমন আৰু বর্জ্যজল নিষ্কাশনৰ বাবে পৰিৱেশগত মানদণ্ডসমূহ পৰিৱেশ (সুৰক্ষা) নিয়ম, ১৯৮৬ৰ অধীনত অধিসূচিত কৰা হৈছে।
এই নিয়মসমূহৰ অধীনত বস্ত্ৰ উদ্যোগ আৰু বস্ত্ৰ ক্লাষ্টাৰসমূহে বর্জ্যজল শোধনাগাৰ (Effluent Treatment Plants – ETPs) অথবা সাধাৰণ বর্জ্যজল শোধনাগাৰ (Common Effluent Treatment Plants – CETPs) স্থাপন আৰু পৰিচালনা কৰাটো বাধ্যতামূলক। ইয়াৰ জৰিয়তে বর্জ্যজল নিষ্কাশনে নিৰ্ধাৰিত পৰিৱেশগত মানদণ্ড পূৰণ কৰাটো নিশ্চিত কৰা হয়।
ভাৰতৰ বস্ত্ৰ আৱৰ্জনা মূল্য শৃংখলাৰ মানচিত্ৰণ
২০২৬ চনত প্ৰকাশিত “ভাৰতৰ বস্ত্ৰ আৱৰ্জনা মূল্য শৃংখলাৰ মানচিত্ৰণ” (Mapping of Textile Waste Value Chain in India) শীৰ্ষক প্ৰতিবেদনখনত বস্ত্ৰ আৱৰ্জনা উৎপাদনৰ এক তথ্য-আধাৰিত মূল্যায়ন আগবঢ়োৱা হৈছে।
এই প্ৰতিবেদনত সমগ্ৰ বস্ত্ৰ মূল্য শৃংখলাজুৰি চক্রীয়তাক অধিক শক্তিশালী কৰাৰ সুযোগসমূহ চিহ্নিত কৰা হৈছে। লগতে, পুনঃচক্ৰায়ন, আপ-চাইক্লিং আৰু সম্পদ পুনৰুদ্ধাৰৰ জৰিয়তে বস্ত্ৰ আৱৰ্জনাক এক অৰ্থনৈতিক সম্পদলৈ ৰূপান্তৰ কৰাৰ বাবে এক ব্যৱহাৰিক নক্সাও আগবঢ়োৱা হৈছে।
প্ৰচাৰ পৰ্যায়: বজাৰ আৰু উদ্যোগ সমৰ্থন
বস্ত্ৰ খণ্ডত বহনক্ষমতা কেৱল উৎপাদন আৰু আৱৰ্জনা ব্যৱস্থাপনাতেই সীমাবদ্ধ নহয়। ইয়াক মানদণ্ড, অনুসৰণযোগ্যতা, বজাৰ সমৰ্থন, ৰাজহুৱা ক্ৰয় আৰু সজাগতা বৃদ্ধিৰ পদক্ষেপসমূহৰ জৰিয়তো সমৰ্থন আগবঢ়োৱা হৈছে।
এই ব্যৱস্থাসমূহে সমগ্ৰ বস্ত্ৰ মূল্য শৃংখলাজুৰি বহনক্ষম পদ্ধতি অন্তৰ্ভুক্ত কৰাত সহায় কৰে।
মানদণ্ড আৰু বহনক্ষমতাৰ মাপকাঠি
- বহনক্ষম বস্ত্ৰ সামগ্ৰীৰ বাবে পৰিৱেশ-লেবেলিং: ইকো-মাৰ্ক আঁচনি, ২০২৪ৰ অধীনত ভাৰতীয় মানদণ্ডৰ ভিত্তিত বস্ত্ৰ সামগ্ৰীক ইকো-মাৰ্ক (Eco Mark) প্ৰমাণীকৰণৰ বাবে যোগ্য সামগ্ৰীৰ এটা শ্ৰেণী হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। বস্ত্ৰ খণ্ডৰ বাবে ১৩টা ভাৰতীয় মানদণ্ড অধিসূচিত কৰা হৈছে। নিৰ্ধাৰিত পৰিৱেশগত মানদণ্ড পূৰণ কৰা সামগ্ৰীসমূহক ইকো-মাৰ্ক প্ৰদান কৰা হয়। এই মানদণ্ডসমূহত সম্পদৰ ব্যৱহাৰ, জলবায়ুৰ ওপৰত প্ৰভাৱ, জৈৱ বৈচিত্ৰ্য, শক্তিৰ ব্যৱহাৰ, আৱৰ্জনা, নিৰ্গমন আৰু ক্ষতিকাৰক পদাৰ্থ আদি অন্তৰ্ভুক্ত।
- ভাৰতীয় বস্ত্ৰৰ গুণগত প্ৰমাণীকৰণ আৰু অনুসৰণযোগ্যতা: বিশ্ব বজাৰত ব্ৰেণ্ড ইণ্ডিয়াৰ বস্ত্ৰ খণ্ডৰ স্থান অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে কস্তুৰী কটন আৰু ছিল্ক মাৰ্কৰ দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এই পদক্ষেপসমূহে উন্নত মানৰ ভাৰতীয় কপাহক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত এক স্বকীয় পৰিচয় প্ৰদান কৰে। অনুসৰণযোগ্যতা ব্যৱস্থাই দায়িত্বশীল উৎস সংগ্ৰহ আৰু বিশ্বব্যাপী ক্ৰেতাসকলৰ বাবে যোগান শৃংখলাৰ অধিক স্বচ্ছতা নিশ্চিত কৰাত সহায় কৰে।
এইধৰণৰ মানদণ্ডসমূহে সম্পদ-দক্ষ আৰু পৰিৱেশ-দায়িত্বশীল উৎপাদন পদ্ধতিৰ জৰিয়তে নিৰ্মিত সামগ্ৰীৰ ওপৰত বজাৰৰ আস্থা বৃদ্ধি কৰিব পাৰে।
ৰাজহুৱা ক্ৰয়ৰ জৰিয়তে আপ-চাইক্লড সামগ্ৰীৰ প্ৰচাৰ
২০২৪ চনত, টেক্সটাইলছ কমিটি (Textiles Committee), চৰকাৰী ই-মাৰ্কেটপ্লেছ (Government e-Marketplace – GeM) আৰু ষ্টেণ্ডিং কনফাৰেন্স অৱ পাব্লিক এণ্টাৰপ্ৰাইজেছ (Standing Conference of Public Enterprises – SCOPE)-ৰ মাজত এক ত্ৰিপাক্ষিক বুজাবুজি চুক্তি (MoU) স্বাক্ষৰিত হয়।
ইয়াৰ লক্ষ্য হৈছে আপ-চাইক্লড কৰা সামগ্ৰীৰ ৰাজহুৱা ক্ৰয়ক উৎসাহিত কৰা আৰু প্ৰতিষ্ঠানিক ৰূপ দিয়া। ইয়াৰ ফলত বস্ত্ৰ খণ্ডত চক্রীয়তাক সমৰ্থন কৰাৰ লগতে এইধৰণৰ সামগ্ৰীৰ বাবে অধিক বিস্তৃত বজাৰ সুবিধা সৃষ্টি কৰাৰ উদ্দেশ্য ৰখা হৈছে।
বহনক্ষম বস্ত্ৰৰ বাবে সজাগতা বৃদ্ধিৰ পদক্ষেপসমূহ
- SURE (Sustainable Resolution): ই ভাৰতীয় পৰিধান উদ্যোগৰ অন্যতম বৃহৎ স্বেচ্ছাসেৱী বহনক্ষমতা প্ৰতিশ্ৰুতি। এই পদক্ষেপৰ নেতৃত্ব দিছে ক্ল'দিং মেনুফেকচাৰাৰ্ছ এছ'চিয়েশ্যন অৱ ইণ্ডিয়া (Clothing Manufacturers Association of India – CMAI), ৰিলায়েন্স ব্ৰেণ্ডছ লিমিটেড (Reliance Brands Limited – RBL), ভাৰতত ৰাষ্ট্ৰসংঘ (United Nations in India) আৰু বস্ত্ৰ মন্ত্ৰালয়ে। এই পদক্ষেপৰ লক্ষ্য হৈছে উদ্যোগটোক অধিক বহনক্ষম পদ্ধতিৰ দিশে ৰূপান্তৰিত কৰা। ইয়াৰ জৰিয়তে ভাৰতীয় ফেশ্বন উদ্যোগক অধিক পৰিষ্কাৰ আৰু পৰিৱেশ-দায়িত্বশীল পথত আগবঢ়াই নিয়াৰ এক সামূহিক প্ৰতিশ্ৰুতি প্ৰতিফলিত হৈছে।
- চাৰ্কল বেক (Circle Back) অভিযান: চৰকাৰে সমগ্ৰ বস্ত্ৰ মূল্য শৃংখলাজুৰি বহনক্ষমতা উৎসাহিত কৰিবলৈ একাধিক পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত চাৰ্কল বেক (Circle Back) অভিযান অন্যতম, যিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বস্ত্ৰ পুনঃচক্ৰায়ন সম্পৰ্কে সজাগতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও, ভাৰত টেক্স ২০২৪ (Bharat Tex 2024) আৰু ভাৰত টেক্স ২০২৫ (Bharat Tex 2025)-ত আয়োজন কৰা "বস্ত্ৰ কথা (Vastra Katha)" প্ৰদৰ্শনীয়ে বহনক্ষম বস্ত্ৰ পদ্ধতি প্ৰদৰ্শন কৰাত সহায় কৰিছে।
- বহনক্ষম বস্ত্ৰ পদ্ধতিৰ বাবে ESG মঞ্চ: বহনক্ষম উৎপাদন, প্ৰমাণীকৰণ, ৰপ্তানি আৰু সংশ্লিষ্ট বিষয়সমূহৰ ওপৰত আলোচনা কৰাৰ উদ্দেশ্যে এক পৰিৱেশ, বহনক্ষমতা আৰু সুশাসন (Environment, Sustainability and Governance – ESG) টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে।
এই টাস্ক ফ'ৰ্চে উদ্যোগ-কেন্দ্ৰিক কাৰ্যসূচী যেনে চাৰ্কুলাৰ সংবাদ (Circular Samvaad) আৰু ক্লাষ্টাৰ এক্সেঞ্জ মেকানিজম (Cluster Exchange Mechanism)ৰ জৰিয়তে জ্ঞান বিনিময় আৰু উত্তম পদ্ধতিৰ প্ৰসাৰক উৎসাহিত কৰিছে।
ভাৰত টেক্স (Bharat Tex): বস্ত্ৰ খণ্ডত বহনক্ষমতা আৰু উদ্ভাৱনক আগবঢ়াই নিয়া
ভাৰত টেক্স (Bharat Tex) হৈছে ভাৰতৰ মুখ্য বৈশ্বিক বস্ত্ৰ অনুষ্ঠান। ই বিশ্ব বস্ত্ৰ অৰ্থনীতিত ভাৰতৰ ক্ৰমবৰ্ধমান ভূমিকাক প্ৰতিফলিত কৰে। এই অনুষ্ঠানটোৱে আঁহ আৰু সূতাৰ পৰা আৰম্ভ কৰি কাপোৰ, পৰিধান, প্ৰযুক্তিগত বস্ত্ৰ (Technical Textiles) আৰু বহনক্ষমতা-ভিত্তিক উদ্ভাৱনলৈকে সমগ্ৰ বস্ত্ৰ মূল্য শৃংখলাক একক সমন্বিত মঞ্চত একত্ৰিত কৰে।
২০২৪ আৰু ২০২৫ চনৰ প্ৰথম দুটা সংস্কৰণৰ সফলতাৰ পাছত, ভাৰত টেক্স ২০২৬-ক অধিক বিস্তৃত উদ্যোগভিত্তিক মঞ্চ হিচাপে গঢ়ি তোলা হৈছে। এই অনুষ্ঠানত প্ৰদৰ্শনী, জ্ঞান-বিনিময় অধিবেশন, ৰিভাৰ্ছ বায়াৰ-চেলাৰ মিট (Reverse Buyer-Seller Meets) আৰু পলিচি ডায়’লগ অন্তৰ্ভুক্ত থাকিব।
এই অনুষ্ঠানত বিশেষভাৱে বহনক্ষম আৰু চক্রীয় বস্ত্ৰ, প্ৰযুক্তিগত বস্ত্ৰ, MSME-সমূহৰ অংশগ্ৰহণ, উদ্ভাৱন আৰু বিশ্ব বজাৰত প্ৰৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।
ভাৰতৰ বস্ত্ৰ খণ্ডৰ এক বহনক্ষম ভৱিষ্যত
ভাৰতৰ সৈতে বস্ত্ৰৰ সম্পৰ্ক যিমানখিনি গভীৰভাৱে ইয়াৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে জড়িত, সিমানেই গভীৰভাৱে ই দেশৰ অৰ্থনৈতিক ভেটিৰ সৈতেও সংযুক্ত। শতিকাজুৰি ভাৰতীয় পৰিয়াল আৰু শিল্পী-কাৰিগৰ সম্প্ৰদায়সমূহে পুনঃব্যৱহাৰ (Reuse), মেৰামতি আৰু সম্পদ-সচেতন উৎপাদনৰ অভ্যাস অনুসৰণ কৰি আহিছে। এই পৰম্পৰাসমূহে বৰ্তমান চক্রীয়তা বুলি অভিহিত ধাৰণাটোৰ সৈতে ঘনিষ্ঠভাৱে মিল খায়।
বৰ্তমান, বহনক্ষম ইনপুট, দায়িত্বশীল উৎপাদন, উন্নত আৱৰ্জনা ব্যৱস্থাপনা আৰু অনুসৰণযোগ্যতাৰ বাবে নীতিগত সমৰ্থনৰ জৰিয়তে এই পৰম্পৰাসমূহ অধিক শক্তিশালী কৰা হৈছে।
এই পদক্ষেপসমূহে দেখুৱাইছে যে কেনেদৰে বহনক্ষমতা আৰু চক্রীয়তা ভাৰতৰ বস্ত্ৰ খণ্ডত ক্ৰমাৎ অধিক ঘনিষ্ঠভাৱে সংযুক্ত হৈ পৰিছে। ই পৰম্পৰাগত জ্ঞানক আধুনিক ঔদ্যোগিক ৰূপান্তৰৰ সৈতে সংযোগ স্থাপন কৰিছে। ইয়াৰ ফলত দেশৰ অন্যতম গুৰুত্বপূৰ্ণ খণ্ডত একেলগে প্ৰতিযোগিতামূলক সক্ষমতা আৰু পৰিৱেশগত স্থিতিস্থাপকতা অধিক শক্তিশালী হৈছে।
তথ্যসূত্ৰ:
বস্ত্ৰ মন্ত্ৰালয়
https://www.texmin.gov.in/static/uploads/2026/03/407c2f186a2044a4497c9c9803d16a2c.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2208051&lang=1®=6
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2244420®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2222481®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2152544®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2227424®=3&lang=2
https://www.texmin.gov.in/static/uploads/2025/12/b56180fbde3114759a80f793979efe32.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2221486®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2241104®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2244420®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2237705®=3&lang=2
https://www.texmin.gov.in/offerings/schemes-and-services/details/pm-mitra-MzNzMTMtQWa
https://www.texmin.gov.in/static/uploads/2025/12/c865d599cae0c357c02d247a8a82d24e.pdf
https://www.texmin.gov.in/offerings/schemes-and-services/details/integrated-processing-development-scheme-ipds-YjN0MTMtQWa
https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2237779®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2200825®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2204546&lang=2®=3
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2238148®=3&lang=2
https://www.texmin.gov.in/static/uploads/2026/03/407c2f186a2044a4497c9c9803d16a2c.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2263024®=48&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2155461&lang=2®=3
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2208051®=48&lang=2
বিত্ত মন্ত্ৰালয়
https://www.indiabudget.gov.in/economicsurvey/doc/echapter.pdf
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=2009892®=3&lang=2
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়
https://ramp.msme.gov.in/ramp/about-ramp.php
https://ramp.msme.gov.in/ramp/gift-scheme.php
https://ramp.msme.gov.in/ramp/spice-scheme.php
পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2217239&lang=1®=3
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2219676&lang=1®=3
https://moef.gov.in/storage/tender/1727787383.pdf
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2249256®=48&lang=2
ই.এ.চি.-পি.এম.
https://eacpm.gov.in/wp-content/uploads/2023/07/17-Indias-Tryst-with-a-Circular-Economy.pdf
প্ৰেছ ইনফ’ৰ্মেশ্যন ব্যুৰো
https://blogs.pib.gov.in/iframeblogs.aspx?feaid=291
এ.পি.ই.ডি.এ.
https://organic.apeda.gov.in/npop
ভাৰতীয় মানক ব্যুৰো
https://www.services.bis.gov.in/php/BIS_2.0/bisconnect/knowyourstandards/ecomark/isdetails/MTY=
অন্যান্য
https://cdn.climatepolicyradar.org/navigator/IND/2023/eliminating-hazardous-chemicals-from-textile-fashion-supply-chains-in-india_e3453b045394a53488885461edb58f44.pdf
https://www.mckinsey.com/featured-insights/mckinsey-explainers/what-are-scope-1-2-and-3-emissions
https://www.sustainableresolution.com/about
pdf চাবলৈ ইয়াত ক্লিক কৰক
***
পিআইবি গৱেষণা
(Explainer ID: 159195)
आगंतुक पटल : 10
Provide suggestions / comments