Economy
জি.এছ.টি.ৰ ৯ বছৰঃ কৰ ব্যৱস্থাৰ সৰলীকৰণ, ভাৰতৰ শক্তিশালীকৰণ
Posted On:
30 JUN 2026 2:14PM
জি.এছ.টি.য়ে ভাৰতৰ পৰোক্ষ কৰ ব্যৱস্থাত এক বৃহৎ পৰিৱৰ্তন আনিছে, যাৰ জৰিয়তে বিভক্ত কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰসমূহৰ ঠাইত এক সংহত ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে। ই এক সাধাৰণ ৰাষ্ট্ৰীয় বজাৰ গঢ়ি তোলাত সহায় কৰিছে আৰু “এক দেশ, এক কৰ”ৰ দৃষ্টিভংগীক সমৰ্থন কৰিছে। ২০১৭ চনত ৰূপায়ণ হোৱাৰ পিছৰে পৰা জি.এছ.টি.য়ে নিৰন্তৰ সংস্কাৰ, ডিজিটেল ব্যৱস্থা আৰু অধিক শক্তিশালী কেন্দ্ৰ-ৰাজ্য সমন্বয়ৰ জৰিয়তে বিকশিত হৈছে। ২০২৫ চনৰ পৰৱৰ্তী প্ৰজন্মৰ জি.এছ.টি. সংস্কাৰে কম হাৰ, ৰেহাই আৰু সহজ প্ৰক্ৰিয়াৰ জৰিয়তে ব্যৱস্থাটো অধিক সৰল কৰিছে। এই ব্যৱস্থাসমূহৰ লক্ষ্য হৈছে পৰিয়াল, MSME, কৃষক, কাৰিকৰ, ৰপ্তানিকাৰক আৰু বিভিন্ন বাণিজ্য খণ্ডক লাভান্বিত কৰা।
জি.এছ.টি.: ভাৰতৰ কৰ সংস্কাৰ যাত্ৰাৰ এক মাইলৰ খুঁটি
০১ জুলাই ২০১৭ তাৰিখে সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি.এছ.টি.(GST)ৰ আৰম্ভণি ভাৰতৰ সংস্কাৰ যাত্ৰাৰ এক ঐতিহাসিক সফলতা হিচাপে চিহ্নিত হৈছিল। “এক দেশ, এক কৰ”ৰ নীতি এতিয়া বাস্তৱত পৰিণত হৈছে, যিয়ে ভাৰতক এক সংহত কৰ ব্যৱস্থাৰ দিশত আগবাঢ়িবলৈ সহায় কৰিছে।
যোৱা ন বছৰ ধৰি জি.এছ.টি.য়ে ‘এক ভাৰত-শ্ৰেষ্ঠ ভাৰত’ৰ দৃষ্টিভংগীক শক্তিশালী কৰিছে। ই যুক্তিসংগত কৰ হাৰ আৰু মানকীকৃত প্ৰক্ৰিয়াৰ জৰিয়তে স্বচ্ছতা, জবাবদিহিতা আৰু অৰ্থনৈতিক বিকাশ আনিছে।
জি.এছ.টি.য়ে ১৭টা পৃথক কৰ আৰু ১৩টা চেছক এক সাধাৰণ কাঠামোৰ ভিতৰত একত্ৰিত কৰিছে। পূৰ্বতে ভাৰতৰ পৰোক্ষ কৰ ব্যৱস্থাত কেইবাটাও কেন্দ্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কৰ অন্তৰ্ভুক্ত আছিল, যাৰ ফলত কৰ হাৰ আৰু গাঁথনিত পাৰ্থক্য আছিল। ইয়াৰ ফলত বাণিজ্য আৰু উদ্যোগৰ বাবে লুকাই থকা খৰচ বৃদ্ধি পাইছিল আৰু কৰৰ স্তৰবৃদ্ধি হৈছিল, যাক প্ৰায়ে “কৰৰ ওপৰত কৰ” বুলি কোৱা হয়। লগতে, এক শক্তিশালী IT আন্তঃগাঁথনিৰ সহায়ত ই কৰদাতাৰ ভিত্তি বিস্তৃত কৰা আৰু কৰ অনুশাসন উন্নত কৰাৰ লক্ষ্য লৈছিল।
জি.এছ.টি.-ৰ মুখ্য বৈশিষ্ট্যসমূহ
জি.এছ.টি.-ৰ গাঁথনিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বৈশিষ্ট্য একত্ৰিত কৰিছে, যিয়ে কৰ কেনেকৈ আৰোপ আৰু পৰিচালনা কৰা হ’ব তাক নিৰ্ধাৰণ কৰে।
প্ৰযোজ্যতা: জি.এছ.টি.-ৰ অধীনত উৎপাদন, বিক্ৰী বা সেৱাৰ পৃথক পৃথক ভিত্তিৰ পৰিৱৰ্তে পণ্য বা সেৱাৰ “যোগান”ৰ ওপৰত কৰ আৰোপ কৰা হয়।
গন্তব্য-ভিত্তিক উপভোগ কৰ: জি.এছ.টি. হৈছে এক গন্তব্য-ভিত্তিক উপভোগ কৰ। ইয়াৰ অৰ্থ হৈছে যে পণ্য বা সেৱা য’ত শেষত উপভোগ কৰা হয়, সেই ৰাজ্যত কৰৰ অংশ জমা হয়।
কভাৰেজ আৰু একাকাৰীতা: ই প্ৰায় সকলো সামগ্ৰী আৰু সেৱাৰ ওপৰত প্ৰযোজ্য, যদিও মানৱ উপভোগৰ বাবে মদ্যপানীয় ইয়াৰ পৰিসৰৰ বাহিৰত ৰখা হৈছে। ই দেশজুৰি একে কৰ হাৰ প্ৰয়োগ কৰি অধিক একৰূপতা আনে। জি.এছ.টি. পৰিষদৰ অনুমোদন পোৱাৰ পিছত ৫টা পণ্যৰ ওপৰত জি.এছ.টি. আৰোপ কৰিব পাৰি।
জি.এছ.টি. পৰিষদ: পৰিষদে জি.এছ.টি.-ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহৰ দিশ নিৰ্দেশনা দিয়ে আৰু সমগ্ৰ দেশত ইয়াৰ ৰূপায়ণত সহায় কৰে।
সহযোগিতামূলক ফেডাৰেলিজম গঢ়ি তোলা
জি.এছ.টি. পৰিষদে সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত কেন্দ্ৰ আৰু ৰাজ্যসমূহক একেলগে আনি সহযোগিতামূলক ফেডাৰেলিজমক শক্তিশালী কৰিছে। ই এক বিধিগত সংস্থা, যিয়ে নিয়মিতভাৱে বিষয়সমূহ পৰ্যালোচনা কৰি আৰু উদীয়মান প্ৰত্যাহ্বানসমূহৰ প্ৰতি সঁহাৰি জনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এই নমনীয় পদ্ধতিয়ে অৰ্থনীতিক সমৰ্থন কৰিবলৈ কৰ ব্যৱস্থাত সময়োপযোগী পৰিৱৰ্তন আৰু সংশোধন কৰাৰ সুবিধা প্ৰদান কৰিছে।
সামগ্ৰী আৰু সেৱা কৰ নেটৱৰ্ক (GSTN): জি.এছ.টি.এন.(GSTN) হৈছে এক ৫০% কেন্দ্ৰ: ৫০% ৰাজ্য চৰকাৰৰ মালিকানাধীন কোম্পানী, যিয়ে জি.এছ.টি. ব্যৱস্থাৰ বাবে সাধাৰণ ডিজিটেল আন্তঃগাঁথনি প্ৰদান কৰে। ই বিভিন্ন ডিজিটেল সেৱা সক্ষম কৰি কেন্দ্ৰ, ৰাজ্য, কৰদাতা আৰু অন্যান্য অংশীদাৰসকলক সহায় কৰে।
দ্বৈত জি.এছ.টি.: জি.এছ.টি.য়ে এক দ্বৈত গাঁথনি অনুসৰণ কৰে, য’ত আন্তঃৰাজ্যিক যোগানৰ ক্ষেত্ৰত কেন্দ্ৰই কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (চি.জি.এছ.টি.) আৰু ৰাজ্যসমূহে ৰাজ্যিক সামগ্ৰী আৰু সেৱা কৰ (এছ.জি.এছ.টি.) আৰোপ কৰে। আন্তঃৰাজ্যিক সামগ্ৰী আৰু সেৱাৰ যোগানৰ ওপৰত সংহত সামগ্ৰী আৰু সেৱা কৰ (আই.জি.এছ.টি.) আৰোপ কৰা হয়। আই.জি.এছ.টি.-ৰ হাৰ সাধাৰণতে চি.জি.এছ.টি./এছ.জি.এছ.টি.-ৰ ২ গুণ হয়।
পৰৱৰ্তী প্ৰজন্মৰ জি.এছ.টি. সংস্কাৰ
জি.এছ.টি. পৰিষদৰ ৫৬তম বৈঠকে সাধাৰণ লোকৰ জীৱন উন্নত কৰা আৰু ব্যৱসায়ৰ বাবে কৰ প্ৰক্ৰিয়া সৰল কৰাৰ উদ্দেশ্যে পৰৱৰ্তী প্ৰজন্মৰ জি.এছ.টি. সংস্কাৰ অনুমোদন কৰে। এই সংস্কাৰসমূহে কৰ হাৰ আৰু ৰেহাইসমূহ সংশোধন কৰে, যিবোৰ ২২ ছেপ্টেম্বৰ ২০২৫ তাৰিখৰ পৰা কাৰ্যকৰী হয়। জি.এছ.টি. 2.0 হিচাপে প্ৰশংসিত এই সংস্কাৰে কৰ সংস্কাৰৰ এক নতুন পৰ্যায় চিহ্নিত কৰে, যিয়ে বিকাশৰ সম্ভাৱনাক অধিক শক্তিশালী কৰে।
বিশদ বিৱৰণ ইয়াত উপলব্ধ: জিএছটি সংস্কাৰ ২০২৫: সাধাৰণ মানুহৰ বাবে সকাহ, ব্যৱসায়ৰ বাবে বুষ্ট ।
মুখ্য ব্যৱস্থা
সৰলীকৃত কৰ গাঁথনি: কৰ গাঁথনি মূলতঃ দুটা স্লেবলৈ স্থানান্তৰ কৰা হৈছে - ৫% আৰু ১৮%।
বিলাসী আৰু ক্ষতিকাৰক সামগ্ৰীৰ কৰ: ৰাজহৰ ভাৰসাম্য বজাই ৰখাৰ লগতে অধিক ন্যায়সংগত কৰ গাঁথনি নিশ্চিত কৰিবলৈ বিলাসী আৰু ক্ষতিকাৰক সামগ্ৰীৰ ওপৰত ৪০% হাৰ প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ ভিতৰত লটাৰী/অনলাইন গেমিং, ধঁপাত, বায়ুযুক্ত পানীয়, উচ্চমানৰ গাড়ী, ইয়ট আৰু ব্যক্তিগত বিমান অন্তৰ্ভুক্ত।
সহজ অনুপালন: জি.এছ.টি. 2.0-এ পঞ্জীয়ন আৰু ৰিটাৰ্ণ দাখিল প্ৰক্ৰিয়া অধিক সহজ কৰে, লগতে ৰিফাণ্ড দ্ৰুত কৰে আৰু খৰচ হ্ৰাস কৰে। ই বিশেষকৈ MSME আৰু ষ্টাৰ্টআপসমূহৰ বাবে প্ৰক্ৰিয়াগত সুবিধা প্ৰদান কৰে।
কম খৰচ, বিস্তৃত প্ৰভাৱ
কেৱল কৰ হ্ৰাসৰ বাহিৰেও, জি.এছ.টি. 2.0-এ খৰচ হ্ৰাস কৰি, সুলভতা বৃদ্ধি কৰি, অনুপালন উৎসাহিত কৰি আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি কৰি ভাৰতৰ বিকাশ চক্ৰক সমৰ্থন কৰিছে। বিস্তৃত খণ্ডীয় প্ৰভাৱৰ সৈতে জি.এছ.টি. 2.0-এ ৰপ্তানি, কাৰিকৰ, কৃষক আৰু বহনক্ষম উৎপাদনক লাভান্বিত কৰাৰ লক্ষ্য ৰাখিছে।

পৰিয়াল আৰু উপভোক্তাৰ বাবে সকাহ:
- সস্তা সামগ্ৰী আৰু সেৱাই উপভোগ বৃদ্ধি কৰে আৰু সঞ্চয়ক সমৰ্থন কৰে।
- বীমা আৰু অত্যাৱশ্যকীয় ঔষধৰ ওপৰত জি.এছ.টি. ৰেহাইয়ে পৰিয়ালৰ সুৰক্ষা শক্তিশালী কৰে আৰু স্বাস্থ্যসেৱাৰ প্ৰৱেশাধিকাৰ উন্নত কৰে।
MSME আৰু উদ্যোগৰ বাবে উৎসাহ:
- চিমেণ্ট, হস্তশিল্পৰ দৰে গুৰুত্বপূৰ্ণ ইনপুট আৰু খণ্ডসমূহৰ ওপৰত হ্ৰাস কৰা জি.এছ.টি. হাৰে উৎপাদন খৰচ কমায় আৰু ব্যৱসায়িক প্ৰতিযোগিতা বৃদ্ধি কৰে।
- সৰলীকৃত গাঁথনিয়ে শ্ৰেণীবিভাজন সম্পৰ্কীয় বিবাদ হ্ৰাস কৰে আৰু ব্যৱসায়ৰ বাবে কৰ সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ সহজ কৰে। সময়ৰ সৈতে, ই কৰদাতাৰ ভিত্তি বৃদ্ধি কৰাত আৰু ৰাজহ বৃদ্ধিত সহায় কৰে।
- ওলোটা কৰ গাঁথনি (inverted duty structure)-ৰ সংশোধনে ঘৰুৱা মূল্য সংযোজন বৃদ্ধি কৰে আৰু ৰপ্তানি উৎসাহিত কৰে।
MSME আৰু সৰু কৰদাতাসকলৰ বাবে অনুপালন সহজ কৰা
MSME, ষ্টাৰ্টআপ আৰু সৰু কৰদাতাসকলৰ বাবে অনুপালন সহজ কৰিবলৈ সময়ৰ সৈতে কেইবাটাও ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
উচ্চ ৰেহাই সীমা: এপ্ৰিল ২০১৯ৰ পৰা কাৰ্যকৰীভাৱে পণ্য যোগানকাৰীৰ বাবে জি.এছ.টি. পঞ্জীয়নৰ সীমা ২০ লাখ টকাৰ পৰা বৃদ্ধি কৰি ৪০ লাখ টকা কৰা হয়। কম্পোজিচন আঁচনিৰ সীমাও ৭৫ লাখ টকাৰ পৰা বৃদ্ধি কৰি ১.৫ কোটি টকা কৰা হয় (কিছুমান বিশেষ শ্ৰেণীৰ ৰাজ্য বাদ দি)।
কম্পোজিচন আঁচনি
এই আঁচনিখন সৰু কৰদাতাসকলৰ বাবে প্ৰস্তুত কৰা হৈছে, যাৰ অধীনত তেওঁলোকে টাৰ্ণঅ’ভাৰৰ ওপৰত এক নিৰ্ধাৰিত হাৰত জি.এছ.টি. পৰিশোধ কৰিব পাৰে। ইয়াত কম নথিপত্ৰ আৰু সহজ ৰিটাৰ্ণ দাখিলৰ প্ৰয়োজনীয়তা থাকে।
সৰল ৰিটাৰ্ণ দাখিল: ২০২০ চনত ত্ৰৈমাসিক ৰিটাৰ্ণ দাখিল আৰু মাহেকীয়া পৰিশোধ (QRMP) আঁচনি প্ৰৱৰ্তন কৰা হয়, যাৰ জৰিয়তে ত্ৰৈমাসিকভাৱে ৰিটাৰ্ণ দাখিল কৰাৰ সুবিধা প্ৰদান কৰা হয়। ই ৫ কোটি টকা পৰ্যন্ত বাৰ্ষিক টাৰ্ণঅ’ভাৰ থকা কৰদাতাসকলক সামৰি লয়।
ইয়াৰ উপৰিও, কোনো লেনদেন নথকা কৰদাতাসকলেও SMS-ৰ জৰিয়তে NIL মাহেকীয়া জি.এছ.টি. ৰিটাৰ্ণ দাখিল কৰিব পাৰে।
সৰু ব্যৱসায় আৰু ই-কমাৰ্চ বিক্ৰেতাসকলৰ বাবে সহায়: ২০২৩ চনৰ অক্টোবৰ মাহৰ পৰা ই-কমাৰ্চ অপাৰেটৰৰ জৰিয়তে আন্তঃৰাজ্যিক পণ্য যোগান কৰা সৰু কৰদাতাসকলক বাধ্যতামূলক জি.এছ.টি. পঞ্জীয়নৰ পৰা ৰেহাই দিয়া হৈছে।
কম-বিপদজনক আবেদনকাৰীৰ বাবে সহজ-ভিত্তিক পঞ্জীয়ন আঁচনিও প্ৰৱৰ্তন কৰা হৈছে, যাৰ জৰিয়তে তিনি কাৰ্যকৰী দিনৰ ভিতৰত পঞ্জীয়ন সম্পূৰ্ণ কৰিব পাৰি।
বিবাদ আৰু অতীতৰ দাবীৰ ক্ষেত্ৰত সকাহ: জি.এছ.টি. আপীল দাখিলৰ বাবে প্ৰয়োজন হোৱা আগতীয়া জমাৰ পৰিমাণ হ্ৰাস কৰিবলৈ সংশোধনী কৰা হৈছে।
নিৰ্দিষ্ট চৰ্তৰ অধীনত কিছুমান দাবী জাননীৰ বাবে সুত আৰু জৰিমনা মাফ কৰাৰ ব্যৱস্থাও কৰা হৈছে। ইয়াৰ ভিতৰত ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বিত্তীয় বৰ্ষ অন্তৰ্ভুক্ত।
জি.এছ.টি.-ৰ অধীনত তথ্য-ভিত্তিক কৰ প্ৰশাসনৰ উত্থান
জি.এছ.টি. সংস্কাৰসমূহে ক্ৰমান্বয়ে কৰ প্ৰশাসনক প্ৰযুক্তি-চালিত গাঁথনিৰ দিশলৈ স্থানান্তৰ কৰিছে। জি.এছ.টি. নেটৱৰ্ক (জি.এছ.টি.এন.) প’ৰ্টেল আৰু ই-ইনভইচিঙে ইনভইচৰ তথ্য বাস্তৱ সময়ত সংগ্ৰহ কৰিবলৈ সক্ষম কৰি প্ৰশাসনক অধিক স্বচ্ছ কৰি তুলিছে। ইয়াৰ ফলত হাতে-কলমে প্ৰতিবেদনৰ প্ৰয়োজনীয়তা হ্ৰাস পাইছে, সঠিকতা বৃদ্ধি পাইছে আৰু তথ্য দাখিলৰ মাজত থকা অমিল হ্ৰাস কৰাত সহায় কৰিছে।
স্বয়ংক্ৰিয় ব্যৱস্থাই কৰদাতাসকলৰ বাবে দাখিল প্ৰক্ৰিয়াও সহজ কৰি তুলিছে। যোগানকাৰীৰ কৰ দায়বদ্ধতা আৰু গ্ৰহণকাৰীৰ ইনপুট টেক্স ক্ৰেডিট (ITC)-ৰ মিলন প্ৰক্ৰিয়াই ব্যৱস্থাসমূহক অধিক সুশৃংখলিত কৰিছে। পূৰ্ব-পূৰণ কৰা ৰিটাৰ্ণ, সৰলীকৃত মিলন আৰু বাস্তৱ সময়ৰ বৈধতা পৰীক্ষাই ভুল হ্ৰাস কৰিছে আৰু সামগ্ৰিক প্ৰক্ৰিয়াগত প্ৰয়োজনীয়তা কমাইছে।
জি.এছ.টি. শক্তিশালী কৰিবলৈ AI আৰু Data Analytics-ৰ ব্যৱহাৰ
কৃত্ৰিম বুদ্ধিমত্তা (AI), মেচিন লাৰ্নিং আৰু ডাটা এনালিটিক্সৰ দৰে উন্নত প্ৰযুক্তিসমূহ অধিক লক্ষ্যভিত্তিক নিৰীক্ষণৰ বাবে ব্যৱহাৰ কৰা হৈছে। এইবোৰে তথ্যৰ ধৰণ আৰু ঝুঁকিৰ সূচকৰ বিশ্লেষণ কৰি সম্ভাৱ্য কৰ ফাঁকিৰ চিনাক্তকৰণত সহায় কৰে।
এই সঁজুলিসমূহ পঞ্জীয়ন, পৰীক্ষা আদি বিভিন্ন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ফলত ব্যৱস্থাই উচ্চ-ঝুঁকিপূৰ্ণ কৰদাতাসকলৰ ওপৰত গুৰুত্ব দিব পাৰে, আনহাতে অনুপালন কৰা কৰদাতাসকলৰ ওপৰত নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তা সহজ কৰি তোলে।
এই ব্যৱস্থাসমূহৰ প্ৰভাৱ কেৱল প্ৰশাসনিক দক্ষতা উন্নত কৰাত সীমাবদ্ধ নহয়, ই ভাৰতৰ বিস্তৃত সামষ্টিক অৰ্থনৈতিক স্থিৰতাতো সহায় কৰিছে। এইবোৰে সংগ্ৰহক অধিক অনুমানযোগ্য কৰি তুলিছে, যাৰ ফলত অধিক শক্তিশালী ৰাজহ বৃদ্ধি আৰু অধিক বিত্তীয় স্বচ্ছতা নিশ্চিত হৈছে।
জি.এছ.টি. বৃদ্ধিত আনুষ্ঠানিকীকৰণৰ লাভৰ প্ৰতিফলন
জি.এছ.টি. সংগ্ৰহ অৰ্থনৈতিক কাৰ্যকলাপৰ এক উচ্চ-কম্পাঙ্ক সংকেত হিচাপে পৰিগণিত হৈছে। বৃদ্ধি পোৱা ৰাজহে কেৱল অধিক উপভোগ আৰু বাণিজ্যকেই প্ৰতিফলিত নকৰে, বৰঞ্চ অধিক বিস্তৃত কৰদাতাৰ ভিত্তি, শক্তিশালী প্ৰতিবেদন ব্যৱস্থা আৰু উন্নত অনুপালনকো প্ৰতিফলিত কৰে।
জি.এছ.টি. কৰদাতাৰ সংখ্যা ২০১৭ চনৰ ৬৬.৫ লাখৰ পৰা ২০২৬ চনৰ মে’ মাহলৈ ১.৬৫ কোটি লৈ বৃদ্ধি পাইছে। ই অৰ্থনীতিৰ অধিক আনুষ্ঠানিকীকৰণৰ দিশটো দেখুৱাইছে।

মুঠ জি.এছ.টি. সংগ্ৰহ ২০১৭-১৮ চনত প্ৰায় ৭.৪ লাখ কোটি টকা আছিল আৰু বছৰবোৰৰ সৈতে ই ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে।
যোৱা পাঁচ বছৰত সংগ্ৰহ ২০২১-২২ চনৰ ১৩.৭৬ লাখ কোটি টকাৰ পৰা ২০২৫-২৬ চনত ২২.২৭ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। এই গতি ২০২৬-২৭ চনতো অব্যাহত আছে, য’ত ২০২৬ চনৰ এপ্ৰিল-মে’ মাহত জি.এছ.টি. সংগ্ৰহ প্ৰায় ৪.৩৭ লাখ কোটি টকাত উপনীত হৈছে।
জি.এছ.টি.-ৰ অবিৰত সংস্কাৰ যাত্ৰা
জি.এছ.টি. দিৱসৰ গুৰুত্ব কেৱল এক ঐতিহাসিক কৰ সংস্কাৰৰ আৰম্ভণি স্মৰণ কৰাত সীমাবদ্ধ নহয়। ই এক অধিক সৰল, স্বচ্ছ আৰু সংহত পৰোক্ষ কৰ ব্যৱস্থা গঢ়ি তোলাৰ বাবে ভাৰতৰ অব্যাহত প্ৰচেষ্টাক প্ৰতিফলিত কৰে। জি.এছ.টি. 2.0-ৰ অধীনত হোৱা সংস্কাৰসমূহে এই অগ্ৰগতিৰ ওপৰত ভিত্তি কৰি নাগৰিক আৰু ব্যৱসায়ৰ প্ৰয়োজনীয়তাসমূহ সমাধান কৰিছে আৰু ভাৰতৰ বিকশিত ভাৰত (Viksit Bharat)-ৰ দিশত অগ্ৰগতি সমৰ্থন কৰিছে।
তথ্যসূত্ৰসমূহ
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2163986&lang=1®=3
বিত্ত মন্ত্ৰালয়
https://www.indiabudget.gov.in/budget2017-2018/es2016-17/echap01_vol2.pdf
https://www.pib.gov.in/PressNoteDetails.aspx?ModuleId=3&NoteId=155151®=48&lang=2
https://dor.gov.in/concept-note-জি.এছ.টি.
https://cbic-জি.এছ.টি..gov.in/pdf/01012018-জি.এছ.টি.-Concept-and-Status.pdf
https://জি.এছ.টি.council.gov.in/about-us
https://sansad.in/getFile/loksabhaquestions/annex/186/AU2414_pElIGR.pdf?source=pqals
https://sansad.in/getFile/loksabhaquestions/annex/185/AU3545_9tJ3Tw.pdf?source=pqals
https://sansad.in/getFile/loksabhaquestions/annex/183/AU2272_Pzuq3S.pdf?source=pqals
https://sansad.in/getFile/loksabhaquestions/annex/187/AU1430_6jAjKo.pdf?source=pqals
https://tutorial.জি.এছ.টি..gov.in/downloads/news/monthly_জি.এছ.টি._data_for_mar_2026_for_publishing_final.pdf
https://tutorial.জি.এছ.টি..gov.in/downloads/news/final_monthly_জি.এছ.টি._data_for_may_2026_for_publishing.pdf
https://sansad.in/getFile/annex/250/AU233.pdf?source=pqars
https://www.জি.এছ.টি.n.org.in/
বিশ্ব বেংক
https://documents1.worldbank.org/curated/en/348501542614212003/pdf/India-develoment-Update-জি.এছ.টি.-December-2017.pdf
প্ৰেছ ইনফৰমেশ্যন ব্যুৰো
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154789&ModuleId=3®=48&lang=2
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=155151&ModuleId=3®=48&lang=1
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=155156&ModuleId=3®=48&lang=1
https://www.pib.gov.in/PressNoteDetails.aspx?ModuleId=3&NoteId=151915®=48&lang=2
ন বছৰৰ জি এছ টি
***
পিআইবি গৱেষণা
(Explainer ID: 159086)
आगंतुक पटल : 4
Provide suggestions / comments