Social Welfare
উদ্যোগৰ পৰা সবলীকৰণলৈ: এম.এছ.এম.ই.ৰ কাহিনী
পৰিৱৰ্তিত অৰ্থনীতিত বিকাশৰ চালিকাশক্তি
Posted On:
26 JUN 2026 11:44AM
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ অৰ্থাৎ এম.এছ.এম.ই.সমূহে কাৰুশিল্পী আৰু গ্ৰাম্য উদ্যোগৰ পৰা আৰম্ভ কৰি উদ্ভাৱনীমূলক উৎপাদনকাৰী প্ৰতিষ্ঠানলৈকে, ভাৰতৰ বিকাশৰ কাহিনীক শক্তি যোগাই আহিছে। ধাৰাবাহিক সংস্কাৰ, ডিজিটেলকৰণ আৰু লক্ষ্যভিত্তিক সমৰ্থনৰ জৰিয়তে লাখ লাখ উদ্যোগে বিত্ত, প্ৰযুক্তি, দক্ষতা আৰু বজাৰলৈ অধিক প্ৰৱেশাধিকাৰ লাভ কৰি আছে। নিয়োগ, উৎপাদন আৰু ৰপ্তানিত এই খণ্ডৰ বৰ্ধিত অৱদানে ইয়াৰ ক্ৰমবৰ্ধমান গুৰুত্ব স্পষ্টভাৱে প্ৰতিফলিত কৰে। ভাৰতে বিকশিত ভাৰত ২০৪৭ৰ দিশে অগ্ৰসৰ হোৱাৰ লগে লগে, এই খণ্ডই নিয়োগ, উদ্যমিতা আৰু বহনক্ষম অৰ্থনৈতিক উন্নয়ন আগুৱাই নিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব।
ভাৰতৰ এম.এছ.এম.ই.সমূহ: অন্তৰ্ভুক্তিমূলক অৰ্থনৈতিক বিকাশৰ চালিকাশক্তি
ভাৰতৰ প্ৰতিটো কোণত উদ্যোগে বিভিন্ন ৰূপ ধাৰণ কৰে। ই হ'ব পাৰে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা কাৰুকাৰ্য সংৰক্ষণ কৰি থকা এজন তাঁতী, বিশ্ববজাৰলৈ সামগ্ৰী যোগান ধৰা এজন সৰু উৎপাদনকাৰী, ব্যৱসায় গঢ়ি তোলা এগৰাকী মহিলা উদ্যোগী, অথবা এটা ষ্টাৰ্টআপ গঢ়ি তোলা এজন যুৱ উদ্ভাৱক। আকাৰ আৰু খণ্ডৰ দিশৰ পৰা বৈচিত্ৰময় হ'লেও, একে মনোভাৱত একত্ৰিত এই লাখ লাখ উদ্যোগেই ভাৰতৰ এম.এছ.এম.ই. পৰিৱেশতন্ত্ৰৰ ভেটি গঠন কৰিছে।

আজি এম.এছ.এম.ই.সমূহ কেৱল ব্যৱসায়িক উদ্যোগ নহয়। এইসমূহ হৈছে নিয়োগ, উদ্ভাৱন আৰু অন্তৰ্ভুক্তিমূলক বিকাশৰ চালিকাশক্তি, যিয়ে সমানভাৱে গ্ৰাম্য আৰু নগৰীয়া ভাৰতত সুযোগ সৃষ্টি কৰি আছে। আনুষ্ঠানিকীকৰণ, ডিজিটেল ৰূপান্তৰ আৰু ধাৰাবাহিক নীতিগত হস্তক্ষেপৰ ফলত এই খণ্ডটোৱে অবিৰতভাৱে বিস্তাৰ লাভ কৰি আছে। ইয়াৰ জৰিয়তে অৰ্থনীতিলৈ ইয়াৰ অৱদান অধিক শক্তিশালী হৈছে আৰু একে সময়তে আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগীকো আগুৱাই নিয়া হৈছে। উদ্যোগৰ পৰা সবলীকৰণলৈ, এম.এছ.এম.ই.ৰ কাহিনী ক্ৰমাৎ ভাৰতৰ বিকাশ আৰু ৰূপান্তৰৰ কাহিনীত পৰিণত হৈ আহিছে।

ভাৰতৰ এম.এছ.এম.ই. পৰিচিতি: পৰিসৰ, বৈচিত্ৰ্য আৰু প্ৰভাৱ
এম.এছ.এম.ই.সমূহে আজি ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু ঔদ্যোগিক উন্নয়ন আগুৱাই নিয়াত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। অৰ্থনীতিত এই খণ্ডৰ ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতিফলন হিচাপে, চৰকাৰে ১ এপ্ৰিল ২০২৫ৰ পৰা এম.এছ.এম.ই.ৰ সংজ্ঞা সংশোধন কৰে। বিনিয়োগ আৰু বাৰ্ষিক টাৰ্ণঅ'ভাৰৰ ভিত্তিত প্ৰস্তুত কৰা এই নতুন সংজ্ঞাই উদ্যোগসমূহক অধিক বিস্তাৰৰ সুযোগ প্ৰদান কৰে, লগতে নীতিগত সহায়ৰ সুবিধাসমূহ অব্যাহত ৰাখে।


জানুৱাৰী ২০২৬ৰ তথ্য অনুসৰি, এই খণ্ডই জিডিপিত প্ৰায় ৩১.১%, উৎপাদন খণ্ডৰ উৎপাদনত ৩৫.৪%, আৰু ৰপ্তানিত ৪৮.৫৮% অৱদান আগবঢ়াইছে। ৩৮.৯ কোটিতকৈ অধিক লোকক নিয়োগ প্ৰদান কৰি, কৃষিৰ পিছতেই এম.এছ.এম.ই.সমূহ হৈছে দেশৰ দ্বিতীয় বৃহত্তম কৰ্মসংস্থাপন খণ্ড।
অৰ্থনৈতিক সূচকৰ বাহিৰেও, এম.এছ.এম.ই.সমূহে সমগ্ৰ দেশত এক সজীৱ উদ্যোগী সংস্কৃতি গঢ়ি তুলিছে। এই খণ্ডটোৱে বিশেষকৈ অৰ্ধ-নগৰীয়া আৰু গ্ৰাম্য অঞ্চলত প্ৰথম প্ৰজন্মৰ উদ্যোগী, মহিলা-নেতৃত্বাধীন উদ্যোগ আৰু যুৱ-নেতৃত্বাধীন উদ্যোগসমূহৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰৱেশদ্বাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। এই ৰূপান্তৰক একাধিক সক্ষমকাৰী সংস্কাৰে অধিক শক্তিশালী কৰি তুলিছে। ডিজিটেল ক্ৰেডিট মূল্যায়ন মডেল আৰু SIDBI-লৈ বৰ্ধিত ইকুইটি সহায়ৰ দৰে পদক্ষেপসমূহে উদ্যোগসমূহৰ আনুষ্ঠানিক বিত্তীয় ব্যৱস্থালৈ প্ৰৱেশাধিকাৰ অধিক সম্প্ৰসাৰিত কৰি আছে।

ৰূপান্তৰৰ এটা বছৰ
২০২৫-২৬ বৰ্ষটোৱে ভাৰতৰ এম.এছ.এম.ই. বিকাশৰ কাহিনীত এক উল্লেখযোগ্য অধ্যায়ৰ সূচনা কৰে। এই সময়ছোৱাত আনুষ্ঠানিকীকৰণ, ঋণ সুবিধা, প্ৰযুক্তি গ্ৰহণ, অভিযোগ নিষ্পত্তি আৰু বজাৰ উন্নয়ন আদি ক্ষেত্ৰত ভাৰতৰ এম.এছ.এম.ই. পৰিৱেশতন্ত্ৰক অধিক শক্তিশালী কৰা কেইবাটাও ঐতিহাসিক সফলতা অৰ্জন কৰা হয়।
আনুষ্ঠানিকীকৰণে নতুন উচ্চতা স্পৰ্শ কৰিলে
- জুন ২০২৬লৈকে উদ্যম পঞ্জীয়ন প'ৰ্টেল (Udyam Registration Portal) আৰু উদ্যম এছিষ্ট প্লেটফৰ্ম (Udyam Assist Platform)-ত পঞ্জীয়নৰ সংখ্যা ৮.৭ কোটিতকৈ অধিক অতিক্ৰম কৰে।
- আনুষ্ঠানিক উদ্যোগৰ ভিত্তি সম্প্ৰসাৰিত হোৱাৰ ফলত লাখ লাখ অতি ক্ষুদ্ৰ আৰু সৰু ব্যৱসায়ে প্ৰতিষ্ঠানিক বিত্ত, চৰকাৰী আঁচনি আৰু বজাৰৰ সুযোগসমূহলৈ উন্নত প্ৰৱেশাধিকাৰ লাভ কৰে।
ঋণ সুবিধাৰ সম্প্ৰসাৰণ
ক্ষুদ্ৰ আৰু সৰু উদ্যোগৰ বাবে ঋণ গেৰাণ্টি তহবিল ন্যাস (Credit Guarantee Fund Trust for Micro and Small Enterprises - CGTMSE)-এ ইয়াৰ ২৫ বছৰ সম্পূৰ্ণ কৰে।
- ১ জানুৱাৰী পৰা ৩০ নৱেম্বৰ, ২০২৫ সময়ছোৱাত ২৯.০৩ লাখ নিশ্চয়তা অনুমোদন কৰা হয়, যাৰ মুঠ পৰিমাণ ৩.৭৭ লাখ কোটি।
- ঋণৰ উপলব্ধতা বৃদ্ধি কৰাৰ উদ্দেশ্যে, গেৰাণ্টি কভাৰেজৰ সৰ্বোচ্চ সীমা ৫ কোটিৰ পৰা ১০ কোটিলৈ বৃদ্ধি কৰা হয়, যাৰ ফলত এম.এছ.এম.ই.সমূহে অধিক পৰিমাণৰ বন্ধকবিহীন ঋণ সুবিধা লাভ কৰিবলৈ সক্ষম হয়।
খাদী, গ্ৰামোদ্যোগ আৰু কয়ৰ খণ্ডই নতুন উচ্চতা স্পৰ্শ কৰিলে
- বছৰৰ ভিতৰত খাদী আৰু গ্ৰামোদ্যোগৰ বিক্ৰী ১.২৭ লাখ কোটি অতিক্ৰম কৰে।
- এই ধাৰাবাহিক বিকাশে স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ প্ৰতি বৰ্ধিত চাহিদা আৰু গ্ৰাম্য উদ্যোগসমূহৰ নিয়োগ সৃষ্টিত ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতিফলন ঘটায়।
- কয়ৰ (Coir) খণ্ডতো ৰপ্তানি বৃদ্ধি আৰু প্ৰযুক্তি গ্ৰহণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি দেখা যায়। ২০২৫-২৬ বৰ্ষত কয়ৰ ৰপ্তানি ৬,৬১৪.৪০ কোটি টকাত উপনীত হয়।
সঁহাৰিমূলক আৰু প্ৰযুক্তিনিৰ্ভৰ শাসন ব্যৱস্থা
- এম.এছ.এম.ই. সমাধান প'ৰ্টেল (MSME Samadhaan Portal)-এ ক্ষুদ্ৰ আৰু সৰু উদ্যোগসমূহে সন্মুখীন হোৱা বিলম্বিত পৰিশোধ-সংক্ৰান্ত বিবাদসমূহৰ নিষ্পত্তি অব্যাহত ৰাখিছে। জুন ২০২৬লৈকে প'ৰ্টেলখনত ২,৫৬,৮৯২খন আবেদন লাভ কৰা হয়, যাৰ দাবীৰ মুঠ মূল্য ৫৫,২৪৪.২৯ কোটি টকা। ইয়াৰে ৫৮,১৪৮টা গোচৰ এম.এছ.ই. সুবিধা পৰিষদ (MSE Facilitation Councils)-এ সফলতাৰে নিষ্পত্তি কৰে।
- CHAMPIONS Portal-এ উদ্যোগসমূহৰ অভিযোগ নিষ্পত্তি ব্যৱস্থাক অধিক শক্তিশালী কৰে। ২০২৫-২৬ বৰ্ষত ইয়াত ৩৯,৪৯৪টা অভিযোগ লাভ কৰা হয়, যাৰ ভিতৰত ৩৯,৩৮৭টা অভিযোগ নিষ্পত্তি কৰা হয়। ফলস্বৰূপে ৯৯.৭২% নিষ্পত্তিৰ হাৰ অৰ্জন কৰা হয়।
- চৰকাৰে অনলাইন বিবাদ নিষ্পত্তি (Online Dispute Resolution - ODR) Portal-ও মুকলি কৰে। ইয়াৰ উদ্দেশ্য হৈছে এমএছইসমূহৰ ক্ষেত্ৰত বিলম্বিত পৰিশোধৰ ঘটনা হ্ৰাস কৰা আৰু প্ৰযুক্তি-সমৰ্থিত অনলাইন বিবাদ নিষ্পত্তি ব্যৱস্থালৈ অধিক প্ৰৱেশাধিকাৰ নিশ্চিত কৰা।

বজাৰলৈ প্ৰৱেশাধিকাৰ উন্নত কৰা
- কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগ (CPSEs) আৰু চৰকাৰী সংস্থাসমূহৰ ক্ৰয় এম.এছ.এম.ই. সম্বন্ধ প'ৰ্টেল (MSME Samadhaan Portal)-ৰ জৰিয়তে নিৰীক্ষণ কৰা হয়। জুন ২০২৬লৈকে ১১৮টা CPSE-এ ২০২৬-২৭ বিত্তীয় বৰ্ষত ৩১,৪৪৩.৩২ কোটি মূল্যৰ সামগ্ৰী আৰু সেৱা ক্ৰয় কৰে। ইয়াৰে ৫৪.৫১% এমএছইসমূহৰ পৰা ক্ৰয় কৰা হয়, যাৰ ফলত সমগ্ৰ দেশৰ ২৯,৭৬৯তকৈ অধিক উদ্যোগ উপকৃত হয়।
- এম.এছ.এম.ই., খাদী আৰু গ্ৰামোদ্যোগ আয়োগ (KVIC), ৰাষ্ট্ৰীয় অনুসূচিত জাতি-অনুসূচিত জনজাতি হাব (NSSH) আৰু কয়ৰ পেভিলিয়ন-এ ৪৪তম ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলা (India International Trade Fair - IITF) ২০২৫-ত “Vibrant MSMEs, Viksit Bharat” শীৰ্ষক বিষয়বস্তু প্ৰদৰ্শন কৰে। এই প্ৰচেষ্টাৰ বাবে তেওঁলোকে ‘Empowering India’ শাখাত ৰূপৰ পদক (Silver Medal) লাভ কৰে।
- ২৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ এম.এছ.এম.ই. আৰু বিশ্বকৰ্মাসকলক মুঠ ২৯২টা ষ্টল আৱণ্টন কৰা হয়। ইয়াৰে ৬৭%তকৈ অধিক ষ্টল মহিলা উদ্যোগীক, ৩৪%তকৈ অধিক ষ্টল অনুসূচিত জাতি/অনুসূচিত জনজাতি (SC/ST) উদ্যোগীক আৱণ্টন কৰা হয়। ইয়াৰ উপৰিও, প্ৰতিবন্ধী উদ্যোগীসকলৰ বাবে ১৫টা ষ্টল প্ৰদান কৰা হয়।
এই সকলোবোৰ উল্লেখযোগ্য সাফল্যই একেলগে অধিক প্ৰতিযোগিতামূলক, উদ্ভাৱনীমূলক আৰু ভৱিষ্যতমুখী এম.এছ.এম.ই. পৰিৱেশন্ত্ৰ গঢ়ি তোলাৰ বাবে অব্যাহত প্ৰচেষ্টাৰ প্ৰতিফলন ঘটায়।
নীতি আৰু পদক্ষেপৰ জৰিয়তে উদ্যোগীক সবলীকৰণ
ভাৰতৰ এম.এছ.এম.ই. সফলতাৰ কাহিনীৰ অন্তৰালত আছে এক শক্তিশালী নীতিগত সমৰ্থন আৰু প্ৰতিষ্ঠানগত হস্তক্ষেপৰ পৰিৱেশতন্ত্ৰ। উদ্যমিতা আৰু উদ্যোগ বিকাশক কেন্দ্ৰ কৰি গঢ়ি তোলা বিভিন্ন পদক্ষেপৰ জৰিয়তে চৰকাৰে লাখ লাখ ব্যৱসায়ক নতুন সুযোগ উন্মোচন কৰিবলৈ আৰু অৰ্থনৈতিক বিকাশত অৱদান আগবঢ়াবলৈ সক্ষম কৰি তুলিছে।

পি.এম. বিশ্বকৰ্মা (PM Vishwakarma)
পি.এম. বিশ্বকৰ্মা আঁচনিয়ে ১৮টা পৰম্পৰাগত বৃত্তিত নিয়োজিত কাৰিকৰ আৰু হস্তশিল্পীসকলক আৰম্ভণিৰ পৰা অন্তিম পৰ্যায়লৈকে সমগ্ৰ সহায় প্ৰদান কৰে। দক্ষতা প্ৰশিক্ষণ, টুলকিট সহায়, ডিজিটেল লেনদেন আৰু বিপণন সহায়ৰ জৰিয়তে এই আঁচনিখনে কাৰিকৰসকলৰ সশক্তিকৰণৰ এক উল্লেখযোগ্য অনুঘটক হিচাপে আত্মপ্ৰকাশ কৰিছে। মূলতঃ চাৰি বছৰৰ বাবে নিৰ্ধাৰণ কৰা ৩০ লাখ উপভোক্তা পঞ্জীয়নৰ লক্ষ্য মাত্ৰ দুবছৰৰ ভিতৰতে পূৰণ কৰা হয়।
আঁচনিখনৰ বহুমাত্ৰিক ৰূপান্তৰমূলক প্ৰভাৱ
- দক্ষতা উন্নয়ন: ২৪ লাখতকৈ অধিক উপভোক্তাই মৌলিক দক্ষতা প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছে।
- ঋণ সহায়: ৫.৯৮ লাখতকৈ অধিক উপভোক্তাক ৫,১৩৩ কোটি টকাতকৈ অধিক পৰিমাণৰ বন্ধকবিহীন ঋণ ৰেহাইযুক্ত সুতৰ হাৰত অনুমোদন কৰা হৈছে।
- ডিজিটেল প্ৰণোদনা: ৭.৯১ লাখতকৈ অধিক উপভোক্তাক ডিজিটেলভাৱে সক্ষম কৰি তোলা হৈছে।
পি.এম. বিশ্বকৰ্মাই নাগালেণ্ডৰ কাৰিকৰসকলৰ জীৱন সলনি কৰিছে

নাগালেণ্ডৰ জুনহেবোটোৰ এগৰাকী বাঁহৰ টোপোলা নিৰ্মাতা শ্ৰীমতী ভিল্লি (Smt. Villi)এ পি.এম. বিশ্বকৰ্মা আঁচনিৰ অধীনত দক্ষতা প্ৰশিক্ষণ লাভ কৰি নিজৰ পৰম্পৰাগত শিল্পক অধিক শক্তিশালী কৰে। তেওঁ কেঁচামাল ক্ৰয় আৰু নিজৰ উদ্যোগ সম্প্ৰসাৰণৰ বাবে ১ লাখ টকাৰ বন্ধকবিহীন ঋণো লাভ কৰে। ফলস্বৰূপে, তেওঁৰ মাহিলী আয় প্ৰায় ৪০% বৃদ্ধি পাই প্ৰায় ১৫,০০০ টকা হয়। তেওঁৰ যাত্ৰাই স্পষ্টভাৱে দেখুৱাইছে যে পি.এম. বিশ্বকৰ্মাই কেনেদৰে কাৰিকৰসকলক দক্ষতা বৃদ্ধি, ব্যৱসায় সম্প্ৰসাৰণ আৰু উন্নত জীৱিকাৰ সুযোগ সুনিশ্চিত কৰাত সহায় কৰি আছে, লগতে পৰম্পৰাগত শিল্প সংৰক্ষণতো অৰিহণা যোগাইছে।
উদ্ভাৱন, গ্ৰাম্য উদ্যোগ আৰু উদ্যমিতা প্ৰসাৰৰ আঁচনি (ASPIRE)
ASPIRE (A Scheme for Promotion of Innovation, Rural Industry and Entrepreneurship) আঁচনিখনে দক্ষতা উন্নয়ন, ইনকিউবেচন আৰু অতি ক্ষুদ্ৰ উদ্যোগসমূহক সহায়ৰ জৰিয়তে গ্ৰাম্য অঞ্চলত উদ্যমিতা আৰু জীৱিকা সৃষ্টি প্ৰসাৰিত কৰে। জুন ২০২৬লৈকে ১০৯টা অনুমোদিত Livelihood Business Incubators (LBIs)-ৰ জৰিয়তে আঁচনিখনে গ্ৰাম্য উদ্যোগিতা আৰু অন্তৰ্ভুক্তিমূলক বিকাশ অধিক শক্তিশালী কৰিছে। এই আঁচনিখনৰ অধীনত-
- ১.২৩ লাখতকৈ অধিক উপভোক্তাক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
- ৩২,০৮৫ জন উপভোক্তাক উপযুক্তভাৱে নিয়োগ দিয়া হৈছে।
- ১,০০০তকৈ অধিক অতি ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰা হৈছে।
প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টিৰ কাৰ্যসূচী (PMEGP)
এই মুখ্য ঋণ-সংযুক্ত ৰাজসাহাৰ্য আঁচনিখনে অ-কৃষি খণ্ডত অতি ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ জৰিয়তে স্ব-নিয়োগক উৎসাহিত কৰে। এই আঁচনিৰ অধীনত, নতুন উদ্যোগ স্থাপনৰ বাবে বেংকৰ পৰা ঋণ গ্ৰহণ কৰা হিতাধিকাৰীসকলক মাৰ্জিন মানি (ৰাজসাহাৰ্য) প্ৰদান কৰা হয়।
জুন ২০২৫ৰ পৰা, ইংৰাজী আৰু হিন্দীৰ উপৰিও ১৯টা আঞ্চলিক ভাষাত আবেদন কৰাৰ সুবিধা প্ৰৱৰ্তনৰ জৰিয়তে আঁচনিখনৰ পৰিসৰ অধিক সম্প্ৰসাৰিত কৰা হয়। মে ২০২৬লৈকে (আঁচনিখন আৰম্ভ হোৱাৰ পিছৰ পৰা), ইয়াৰ অধীনত—
- ১০.৮৪ লাখতকৈ অধিক অতি ক্ষুদ্ৰ উদ্যোগক সমৰ্থন আগবঢ়োৱা হৈছে।
- ২৯,৬২৩ কোটি টকা মাৰ্জিন মানি ৰাজসাহাৰ্য প্ৰদান কৰা হৈছে; আৰু
- ৯৭ লাখতকৈ অধিক লোকৰ বাবে নিয়োগ সৃষ্টি কৰা হৈছে।
এম.এছ.এম.ই. চেম্পিয়নছ আঁচনি (MSME Champions Scheme)
এম.এছ.এম.ই. চেম্পিয়নছ আঁচনিয়ে উদ্যোগসমূহক অধিক উদ্ভাৱনীমূলক, বহনক্ষম আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক হোৱাত সহায় কৰে। ইয়াৰ জৰিয়তে এম.এছ.এম.ই.সমূহে উৎপাদনশীলতা বৃদ্ধি, বিশ্বমানৰ উত্তম পদ্ধতি গ্ৰহণ আৰু ঘৰুৱা তথা আন্তঃৰাষ্ট্ৰীয় বজাৰত নিজৰ স্থান অধিক শক্তিশালী কৰিবলৈ সক্ষম হয়।
আঁচনিখনৰ প্ৰভাৱ ইয়াৰ তিনিটা স্তম্ভত স্পষ্টভাৱে প্ৰতিফলিত হৈছে—
এম.এছ.এম.ই. Innovative: ইয়াৰ অধীনত তিনিটা উপাদান আছে— Incubation, IPR আৰু Design।
- ‘Incubation’ উপাদানৰ অধীনত, নতুন ধাৰণা আৰু ষ্টাৰ্টআপসমূহক লালন-পালন কৰিবলৈ ৮৩৩টা Host Institute অনুমোদন কৰা হৈছে।
- ‘Design’ উপাদানৰ অধীনত, ২১খন MoU স্বাক্ষৰ কৰা হৈছে আৰু ৬৯টা Professional Design/Student Project অনুমোদন কৰা হৈছে।
- ‘IPR’ উপাদানৰ অধীনত, Intellectual Property Facilitation Centre (IPFCs)-ৰ জৰিয়তে ১৯১টা Patent, ৮০৭টা Trademark, ৯৯টা Design আৰু ০৬টা GI Registration অনুমোদন কৰা হৈছে।
এম.এছ.এম.ই. Sustainable(ZED): Zero Defect Zero Effect (ZED) হৈছে এক প্ৰমাণীকৰণ কাঠামো, যিয়ে ন্যূনতম পৰিৱেশগত প্ৰভাৱৰ সৈতে গুণগত মানসম্পন্ন উৎপাদনক উৎসাহিত কৰে। মে ২০২৬লৈকে—
- ৯৩.৬১ লাখতকৈ অধিক এম.এছ.এম.ই. পঞ্জীয়ন কৰা হৈছে; আৰু
- ৬.৬৮ লাখতকৈ অধিক উদ্যোগ সফলতাৰে প্ৰমাণীকৰণ লাভ কৰিছে।
এম.এছ.এম.ই. Competitive (LEAN): Lean Manufacturing (LEAN) আঁচনিখনে কাৰ্যক্ষমতা বৃদ্ধি আৰু অপচয় হ্ৰাসৰ উদ্দেশ্যে বিশ্বস্বীকৃত Lean পদ্ধতি গ্ৰহণক উৎসাহিত কৰে। মে ২০২৬লৈকে—
- ৬৫,৬৪৭তকৈ অধিক এম.এছ.এম.ই. এই আঁচনিৰ অধীনত পঞ্জীয়ন কৰা হৈছে; আৰু
- প্ৰায় ১৮,৯৬১টা উদ্যোগে প্ৰমাণীকৰণ লাভ কৰিছে।

আত্মনিৰ্ভৰ ভাৰত (SRI) তহবিল
যদিও বহু এম.এছ.এম.ই.ৰ বিকাশৰ যথেষ্ট সম্ভাৱনা আছে, তথাপিও ইকুইটি মূলধন লাভ কৰাটো প্ৰায়ে এক উল্লেখযোগ্য প্ৰত্যাহ্বান হৈ থাকে।
আত্মনিৰ্ভৰ ভাৰত পেকেজৰ অধীনত আৰম্ভ কৰা Self-Reliant India (SRI) Fund হৈছে এক Fund of Funds (FoF) পদক্ষেপ, যাৰ উদ্দেশ্য হৈছে সম্ভাৱনাময় এম.এছ.এম.ই.সমূহক ইকুইটি সমৰ্থন প্ৰদান কৰা। এই পদক্ষেপে তেওঁলোকক পুঁজিৰ সীমাবদ্ধতা অতিক্ৰম কৰি, ব্যৱসায়ৰ পৰিসৰ বৃদ্ধি কৰিবলৈ আৰু অধিক বিনিয়োগ আকৰ্ষণ কৰিবলৈ সহায় কৰি আছে।
২০২৬–২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটত Self-Reliant India Fund অধিক শক্তিশালী কৰাৰ বাবে অতিৰিক্ত ₹২,০০০ কোটি ধাৰ্য কৰা হৈছে। ইয়াৰ ফলত অতি ক্ষুদ্ৰ আৰু সৰু উদ্যোগসমূহৰ বাবে ঝুঁকিপূৰ্ণ মূলধন (Risk Capital)-লৈ অব্যাহত প্ৰৱেশাধিকাৰ নিশ্চিত হ'ব, লগতে তেওঁলোকৰ বিকাশ আৰু সম্প্ৰসাৰণকো সহায় কৰিব।
উল্লেখযোগ্যভাৱে, মে ২০২৬লৈকে SRI Fund-এ ৭৬১টা এম.এছ.এম.ই.ক ২,৮৫১ কোটি টকাৰ বিনিয়োগৰ জৰিয়তে সহায় আগবঢ়াইছে।
উত্তৰ-পূৰ্বাঞ্চল আৰু ছিক্কিমত এম.এছ.এম.ই.ৰ প্ৰচাৰ
উত্তৰ-পূৰ্বাঞ্চল (NER) আৰু ছিক্কিমত এম.এছ.এম.ই.ৰ প্ৰচাৰ আঁচনিখনে উত্তৰ-পূৰ্বাঞ্চলত এম.এছ.এম.ই. পৰিৱেশব্যৱস্থা সম্প্ৰসাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ডিচেম্বৰ ২০২৫লৈকে— উৎপাদন, পৰীক্ষণ, পেকেজিং, দক্ষতা বিকাশ; আৰু উদ্ভাৱনী আন্তঃগাঁথনি উন্নয়নৰ উদ্দেশ্যে ৭৩টা প্ৰকল্প অনুমোদন কৰা হৈছে। ২০২৫ চনত, অসম আৰু মেঘালয়ত আঠটা নতুন আন্তঃগাঁথনি প্ৰকল্প অনুমোদন কৰা হয়।
- এই আঁচনিৰ অধীনত—
- মুঠ প্ৰকল্প ব্যয় হৈছে ১১৪.৩৭ কোটি টকা; আৰু
- চৰকাৰী সহায়ৰ পৰিমাণ ৮৯.৬০ কোটি টকা।
এই বিনিয়োগসমূহে ঔদ্যোগিক এলেকা আৰু পৰ্যটন আন্তঃগাঁথনিত উদ্যোগ-নেতৃত্বাধীন বিকাশৰ বাবে অধিক শক্তিশালী ভেটি গঢ়ি তুলিবলৈ সহায় কৰি আছে।
ৰাষ্ট্ৰীয় অনুসূচিত জাতি–অনুসূচিত জনজাতি হাব (National SC-ST Hub - NSSH)
ৰাষ্ট্ৰীয় অনুসূচিত জাতি–অনুসূচিত জনজাতি হাব (NSSH)-এ অনুসূচিত জাতি (SC) আৰু অনুসূচিত জনজাতি (ST) সম্প্ৰদায়ৰ উদ্যোগীসকলক বজাৰলৈ প্ৰৱেশ, দক্ষতা বিকাশ আৰু ৰাজহুৱা ক্ৰয় ব্যৱস্থাত অধিক সক্ৰিয় অংশগ্ৰহণৰ সুযোগ লাভ কৰাত সহায় কৰি আছে।
আঁচনিখনৰ প্ৰভাৱ ক্ৰমাৎ অধিক স্পষ্ট হৈ উঠিছে—
- ১৯,০০০তকৈ অধিক SC/ST উদ্যোগীক সহায় আগবঢ়োৱা হৈছে (জানুৱাৰী–অক্টোবৰ ২০২৫)।
- ১১১টা বিশেষ Vendor Development Programme আৰু ৩টা মুখ্য Conclave ওড়িশা আৰু বিহাৰত আয়োজন কৰা হৈছে।
- SC/ST-মালিকানাধীন MSEসমূহৰ পৰা ৰাজহুৱা ক্ৰয় ২০১৫–১৬ বৰ্ষৰ প্ৰায় ৯৯ কোটি টকাৰ পৰা বৃদ্ধি পাই ২০২৪–২৫ বৰ্ষত ৩,৭৩১ কোটি টকাতকৈ অধিক হৈছে।
- ২০২৫–২৬ বৰ্ষত ২৩০জন প্ৰাৰ্থীক আতিথ্য (Hospitality) দক্ষতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।
- ডিচেম্বৰ ২০২৫লৈকে SC/ST-মালিকানাধীন MSEসমূহে মুঠ ৰাজহুৱা ক্ৰয়ৰ ১.৯৩% অংশীদাৰিত্ব দখল কৰিছে।
Rigtech Infra-ৰ উত্থান: উদ্ভাৱন, সমৰ্থন আৰু বিকাশৰ এক কাহিনী

NSSHৰ সহায়ত, ৰাঁচীস্থিত Rigtech Infra (OPC) Pvt. Ltd.-এ ২০২৩ চনত নিজৰ উৎপাদন ক্ষমতা উন্নীত কৰাৰ বাবে ২৫ লাখ টকা ৰাজসাহাৰ্য লাভ কৰে। এই বিনিয়োগে উৎপাদনশীলতা আৰু গুণগত মান বৃদ্ধি কৰে, যাৰ ফলত প্ৰতিষ্ঠানটোৱে ২০২৫ চনত Rail Vikas Nigam Limited-ৰ পৰা ১৫.৭৫ লাখ টকা মূল্যৰ চৰকাৰী নিবিদা লাভ কৰিবলৈ সক্ষম হয়।বৰ্তমান, প্ৰতিষ্ঠানটোৰ বাৰ্ষিক টাৰ্ণঅ'ভাৰ ৪–৫ কোটি টকা, আৰু ই ১৬টা নিয়োগৰ সুযোগ সৃষ্টি কৰিছে।
অতি ক্ষুদ্ৰ আৰু সৰু উদ্যোগ ক্লাষ্টাৰ উন্নয়ন কাৰ্যসূচী (Micro and Small Enterprises Cluster Development Programme – MSE-CDP)
এই আঁচনিখনৰ উদ্দেশ্য হৈছে Common Facility Centres (CFCs) স্থাপন আৰু ঔদ্যোগিক এলেকা তথা ক্লাষ্টাৰসমূহৰ আন্তঃগাঁথনি উন্নীত কৰাৰ বাবে চৰকাৰী অনুদান প্ৰদান কৰি ক্লাষ্টাৰ-ভিত্তিক উন্নয়নৰ জৰিয়তে অতি ক্ষুদ্ৰ আৰু সৰু উদ্যোগসমূহৰ (MSEs) উৎপাদনশীলতা আৰু প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰা।
আঁচনিখনে ক্লাষ্টাৰ-ভিত্তিক উন্নয়নৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি সাধন কৰিছে—
- ঔদ্যোগিক ক্লাষ্টাৰ শক্তিশালীকৰণ: জুন ২০২৬লৈকে, এম.এছ.এম.ই.সমূহৰ উৎপাদনশীলতা, প্ৰযুক্তিলৈ প্ৰৱেশাধিকাৰ আৰু আন্তঃগাঁথনি উন্নত কৰাৰ উদ্দেশ্যে ৬১২টা প্ৰকল্প অনুমোদন কৰা হৈছে।
- উমৈহতীয়া আন্তঃগাঁথনি সৃষ্টি: অনুমোদিত প্ৰকল্পসমূহৰ ভিতৰত ৩৬৪টা প্ৰকল্প সম্পূৰ্ণ হৈছে, যাৰ ফলত উদ্যোগসমূহে Common Facility Centres (CFCs) আৰু ঔদ্যোগিক এলেকাসমূহৰ সুবিধা লাভ কৰিছে।
- ২০২৫–২৬ বৰ্ষত অব্যাহত সম্প্ৰসাৰণ: ২০২৫–২৬ বৰ্ষত (২০ নৱেম্বৰ ২০২৫লৈকে), মুঠ ২৫৩.২৩ কোটি ব্যয়ৰ ১১টা প্ৰকল্প অনুমোদন কৰা হৈছে, যাৰ ভিতৰত ২টা প্ৰকল্প ইতিমধ্যে সম্পূৰ্ণ হৈছে।
পৰম্পৰাগত উদ্যোগসমূহৰ পুনৰুজ্জীৱনৰ বাবে তহবিল আঁচনি (Scheme of Fund for Regeneration of Traditional Industries – SFURTI)
ভাৰতৰ পৰম্পৰাগত উদ্যোগসমূহে গভীৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক মূল্য বহন কৰে। কিন্তু কাৰিকৰসকলে প্ৰায়ে আধুনিক সঁজুলিলৈ সীমিত প্ৰৱেশাধিকাৰ আৰু দুৰ্বল বজাৰ সংযোগৰ দৰে প্ৰত্যাহ্বানৰ সন্মুখীন হয়, যিয়ে তেওঁলোকৰ আয় বৃদ্ধি আৰু উদ্যোগৰ বিস্তাৰ সীমিত কৰে। SFURTI-য়ে এই গাঁথনিগত সমস্যাসমূহৰ সমাধানৰ উদ্দেশ্যে কাৰিকৰসকলক সু-সমৰ্থিত ক্লাষ্টাৰত সংগঠিত কৰে। এই আঁচনিখনে পৰম্পৰাগত কাৰিকৰসকলক ক্লাষ্টাৰৰ অন্তৰ্গত কৰি তেওঁলোকৰ প্ৰতিযোগিতামূলক ক্ষমতা, সামগ্ৰী উন্নয়ন আৰু বহনক্ষম আয় সৃষ্টিত সহায় কৰে।
সময়ৰ সৈতে, এই আঁচনিখনে সমগ্ৰ দেশজুৰি এক শক্তিশালী উপস্থিতি গঢ়ি তুলিছে—
- সমগ্ৰ দেশত ৫১৩টা ক্লাষ্টাৰ অনুমোদন কৰা হৈছে;
- ইয়াৰ ফলত ৩.০৩ লাখ পৰম্পৰাগত কাৰিকৰ উপকৃত হৈছে;
- জুন ২০২৬লৈকে ৩৭৬টা ক্লাষ্টাৰ কাৰ্যক্ষম হৈ আছে;
- কেৱল ২০২৩–২৪ বৰ্ষতেই ১৮টা নতুন ক্লাষ্টাৰ কাৰ্যক্ষম কৰা হৈছে, যাৰ ফলত ১১খন ৰাজ্যৰ ১১,৮১০জন কাৰিকৰ উপকৃত হৈছে।
এম.এছ.এম.ই.ৰ কাৰ্যক্ষমতা উন্নীত আৰু ত্বৰান্বিতকৰণ (Raising and Accelerating MSME Performance – RAMP)
বিশ্ব বেংকৰ সমৰ্থিত RAMP আঁচনিখনৰ উদ্দেশ্য হৈছে এম.এছ.এম.ই.সমূহৰ বজাৰ, বিত্ত আৰু প্ৰযুক্তিলৈ প্ৰৱেশাধিকাৰ উন্নত কৰা। এই আঁচনিখনে সংস্কাৰ, প্ৰতিষ্ঠানগত সক্ষমতা বৃদ্ধি আৰু কেন্দ্ৰ-ৰাজ্য সহযোগিতা শক্তিশালী কৰাৰ জৰিয়তে এম.এছ.এম.ই. পৰিৱেশব্যৱস্থাক অধিক মজবুত কৰি তুলিছে-
- ৰাজ্যভিত্তিক সংস্কাৰ আগুৱাই নিয়া: সকলো ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ দ্বাৰা দাখিল কৰা Systematic Investment Plans (SIPs) মূল্যায়ন কৰা হৈছে, যাৰ ফলত ৩,২১১.৭৫ কোটি টকা মূল্যৰ ৩৯৮টা প্ৰস্তাৱ অনুমোদন কৰা হৈছে।
- এম.এছ.এম.ই.ৰ পৰিসৰ সম্প্ৰসাৰণ: জুন ২০২৬লৈকে, এই আঁচনিৰ অধীনত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে সমগ্ৰ দেশৰ ৫৫ লাখতকৈ অধিক এম.এছ.এম.ই.ক প্ৰভাৱিত কৰিছে।
- কাৰ্যসূচীৰ সুস্থিৰ ৰূপায়ণ: চৰকাৰে নিৰ্ধাৰিত Deliverables সম্পূৰ্ণ কৰাৰ ভিত্তিত পৰিশোধ দাবী কৰাৰ ক্ষেত্ৰত কাৰ্যসূচীৰ ৫০% লক্ষ্য সফলতাৰে পূৰণ কৰিছে।
প্ৰযুক্তি কেন্দ্ৰসমূহ (Technology Centres)
প্ৰযুক্তি কেন্দ্ৰসমূহ দক্ষতা বিকাশ, প্ৰযুক্তিগত সহায় আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে কাৰ্য কৰে। Tool Rooms, Technology Centres আৰু Extension Centres-ৰ নেটৱৰ্কৰ জৰিয়তে এইসমূহে উদ্যোগ-উপযোগী দক্ষ জনশক্তি গঢ়ি তোলে। ইয়াৰ মূল লক্ষ্য হৈছে উদীয়মান ঔদ্যোগিক প্ৰয়োজনীয়তা পূৰণৰ বাবে কৰ্মশক্তিক দক্ষ আৰু পুনৰদক্ষ (Upskilling and Reskilling) কৰি তোলা।
- ১৮টা প্ৰযুক্তি কেন্দ্ৰ বিভিন্ন উৎপাদন আৰু প্ৰযুক্তি-নিবিড় খণ্ডত এম.এছ.এম.ই.সমূহক সহায় আগবঢ়াই আছে।
- এই পৰিৱেশব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে Technology Centres and Extension Centres (TCEC) Scheme-ৰ অধীনত ২০টা নতুন Technology Centre আৰু ১০০টা Extension Centre বিকাশ কৰা হৈছে।
- নৱেম্বৰ ২০২৫লৈকে, সমগ্ৰ দেশত ২৫টা Extension Centre কাৰ্যক্ষম হৈ আছে, যিয়ে ৫৩,৯৬৩জন যুৱক-যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ১,৩৫৭টা এম.এছ.এম.ই.ক সহায় আগবঢ়াইছে।
- World Bank-সমৰ্থিত Technology Centre System Programme (TCSP)-ৰ অধীনতো ৯টা নতুন কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহে (জানুৱাৰী–নৱেম্বৰ ২০২৫) ৫৯,৩৫৭জন ব্যক্তিক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ১,৫২০টা এম.এছ.এম.ই.ক সহায় আগবঢ়াইছে।
প্ৰযুক্তি, দক্ষতা বিকাশ আৰু ঔদ্যোগিক সহায় একেলগে সংযুক্ত কৰি, Technology Centre-ৰ নেটৱৰ্কে এম.এছ.এম.ই.সমূহক উদ্ভাৱন, আধুনিকীকৰণ আৰু ক্ৰমবৰ্ধমান প্ৰযুক্তি-চালিত অৰ্থনীতিত প্ৰতিযোগিতা কৰিবলৈ সক্ষম কৰি তুলিছে।
উদ্যোগৰ জৰিয়তে ভৱিষ্যত গঢ় দিয়া
ভাৰতৰ এম.এছ.এম.ই. খণ্ডৰ অগ্ৰগতিয়ে দেশত চলি থকা এক বৃহত্তৰ জাতীয় ৰূপান্তৰৰ প্ৰতিফলন ঘটাইছে। বিত্ত, প্ৰযুক্তি, দক্ষতা, আন্তঃগাঁথনি আৰু বজাৰলৈ সম্প্ৰসাৰিত প্ৰৱেশাধিকাৰে উদ্যোগসমূহক অধিক উৎপাদনশীল, প্ৰতিযোগিতামূলক আৰু স্থিতিস্থাপক কৰি তুলিছে। এই খণ্ডটোৱে ক্ৰমাগতভাৱে বিকাশ লাভ কৰাৰ লগে লগে, নিয়োগ, উদ্ভাৱন আৰু অৰ্থনৈতিক বিকাশত ইয়াৰ বৰ্ধিত অৱদানে ভাৰতৰ উন্নয়নৰ যাত্ৰাক অধিক শক্তিশালী কৰি তুলিব। লগতে, ই অধিক অন্তৰ্ভুক্তিমূলক, আত্মনিৰ্ভৰ আৰু উন্নত ভাৰত গঢ়ি তোলাৰ ভেটিও সুদৃঢ় কৰিব।
তথ্যসূত্ৰসমূহ
বিত্ত মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2216047®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2110404®=3&lang=2#:~:text=Specific%20targets%20for%20lending%20to,registered%20under%20the%20GST%20regime
ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়
https://msme.gov.in/sites/default/files/Scheme-booklet-Eng.pdf
https://msme.gov.in/sites/default/files/MSMEANNUALREPORT2025-26ENGLISH_0.pdf
https://msme.gov.in/sites/default/files/MSME-Connect.htm#:~:text=The%20engineering%20sector%20forms%20the,manufacturing%20across%20diverse%20engineering%20disciplines.
https://zed.msme.gov.in/
https://pmvishwakarma.gov.in/
https://www.india.gov.in/spotlight/pradhan-mantri-vishwakarma-scheme
https://udyamassist.gov.in/
https://aspire.msme.gov.in/ASPIRE/AFHome.aspx
https://www.kviconline.gov.in/pmegpeportal/pmegphome/dashboard.jsp
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2089308
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2204536®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2209712®=3&lang=1
https://www.pib.gov.in/FactsheetDetails.aspx?id=150535&NoteId=150535&ModuleId=16®=37&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2087361®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2265369®=3&lang=1
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
https://www.investindia.gov.in/team-india-blogs/growth-imperative-msme-sector#:~:text=The%20MSME%20sector%20accounts%20for,to%20more%20than%201000%20people.
ৰাষ্ট্ৰসংঘ
https://www.un.org/en/observances/micro-small-medium-businesses-day
কেবিনেট
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2216720®=3&lang=1
ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক (SIDBI)
https://www.sidbi.in/uploads/Understanding_Indian_MSME_sector_Progress_and_Challenges_13_05_25_Final.pdf
ভাৰতীয় ৰিজাৰ্ভ বেংক
https://www.rbi.org.in/commonman/Upload/English/speeches/PDFs/MSME06032020.PDF
নিটি আয়োগ
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2214899®=3&lang=1
https://www.niti.gov.in/sites/default/files/2026-01/Achieving_Efficiencies_in_MSME_Sector_Through_Convergence_of_Schemes.pdf
আই.বি.ই.এফ.
https://www.ibef.org/industry/msme
পিআইবি আৰ্কাইভ
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154772&ModuleId=3®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2192524®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2226828®=48&lang=2
PDF চাবলৈ ইয়াত ক্লিক কৰক
পিআইবি গৱেষণা
(Explainer ID: 159061)
आगंतुक पटल : 11
Provide suggestions / comments