• Sitemap
  • Advance Search
Social Welfare

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ

ভাৰতৰ অসাধাৰণ শিশুসকলৰ প্ৰতি সন্মান

Posted On: 23 JUN 2026 12:44PM

মূল বিষয়সমূহ

৫ বছৰৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰৰ ব্যতিক্ৰমী শিশু, কিশোৰ-কিশোৰীৰ বাবে আগবঢ়োৱা ভাৰতৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান হৈছে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰএই বঁটাৰ জৰিয়তে তেওঁলোকৰ সাহস, অধ্যৱসায়, সৃষ্টিশীলতা আৰু অদম্য মনোভাৱক স্বীকৃতি দিয়া হয় ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি বছৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে সাহস, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা আৰু সংস্কৃতি, আৰু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা- এই ৬টা ক্ষেত্ৰত অসাধাৰণ কৃতিত্বৰ বাবে এই বঁটা প্ৰদান কৰা হয়বীৰ বাল দিৱাস (২৬ ডিচেম্বৰ) এই সন্মানীয় উপস্থাপনৰ সময়সূচী নিৰ্ধাৰণ কৰিগুৰু গোবিন্দ সিঙৰ কণমানি পুত্ৰসকলৰ ঐতিহাসিক ত্যাগ আৰু নৈতিক ধৈৰ্যক সন্মান জনোৱাৰ বাবে উৎসৰ্গিত দিনভাৰত চৰকাৰে সমসাময়িক যুৱ উৎকৃষ্টতাক এক কালজয়ী প্ৰত্যয়ৰ উত্তৰাধিকাৰৰ সৈতে সেতুবন্ধন কৰিছে

ভাৰতৰ অসাধাৰণ শিশু

ভাৰত হৈছে বীৰসকলৰ ভূমি, যাৰ পৰিচয় বহু প্ৰজন্ম ধৰি ইয়াৰ যুৱসকলৰ সাহস, বৌদ্ধিক প্ৰতিভা আৰু ত্যাগৰ গৌৰৱশালী পৰম্পৰা দ্বাৰা নিৰ্মিত হৈছে। যুৱ বিপ্লৱী খুদিৰাম বসুৰ পৰা অতি কম বয়সতে বেদৰ প্ৰগাঢ় বিদ্বান হোৱা আদি শংকৰাচাৰ্যলৈকে ভাৰতীয় ইতিহাস অসাধাৰণ প্ৰতিভা আৰু দৃঢ়তাৰ নিদৰ্শনেৰে ভৰি আছে।

এই পৰম্পৰাক সন্মান জনাই প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ৫ৰ পৰা ১৮ বছৰ বয়সৰ অসাধাৰণ ল’ৰা-ছোৱালীক প্ৰদান কৰা হয়। বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী কৃতিত্ব অৰ্জন কৰা শিশুসকলক স্বীকৃতি আৰু সন্মান জনোৱাটোৱেই এই বঁটাৰ মূল উদ্দেশ্য। এই বঁটাটোৱে যুৱ প্ৰতিভাক ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকৰ অৱদানক স্বীকাৰ কৰি উৎসাহিত আৰু অনুপ্ৰাণিত কৰাৰ লগতে আনকো উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিবলৈ প্ৰেৰণা যোগায়।

প্ৰতি বছৰে ২৬ ডিচেম্বৰত উদযাপন কৰা বীৰ বাল দিৱস দিনা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰে। এটা পদক, প্ৰশস্তি, আৰু প্ৰমাণ পত্ৰৰে গঠিত এই বঁটাটোৱে ভাৰতৰ যুৱ পৰিৱৰ্তনকাৰীসকলৰ সাহস, সৃষ্টিশীলতা, আৰু অদম্য মনোভাৱক স্বীকৃতি দিয়ে।

২০১৯ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা ২০৩ টা শিশুৱে লাভ কৰিছে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ। এই পদক্ষেপৰ জৰিয়তে চৰকাৰে শিশুসকলক কেৱল শৈক্ষিক দিশত নহয় ব্যক্তিগত আচৰণকে ধৰি অন্যান্য কাম-কাজতো উৎকৃষ্টতাৰ বাবে চেষ্টা কৰিবলৈ উৎসাহিত কৰিছে।

বীৰ বাল দিৱসত প্ৰদান কৰিবলগা বঁটা

চৰকাৰে প্ৰতি বছৰে ২৬ ডিচেম্বৰত বীৰ বাল দিৱস পালন কৰে। এই দিনটোত দশম শিখ গুৰু, গুৰু গোবিন্দ সিংহ পুত্ৰ চাহেবজাদা জোৰাৱৰ সিং আৰু চাহেবজাদা ফতেহ সিঙৰ বলিদানৰ স্মৃতিচাৰণ হয়।

চাহেবজাদা জোৰাৱৰ সিং আৰু চাহেবজাদা ফাতেহ সিঙৰ বয়স যথাক্ৰমে ৯ বছৰ আৰু ৭ বছৰ আছিল। চাপ আৰু প্ৰলোভনৰ সত্বেও নিজৰ ধৰ্ম ত্যাগ নকৰাৰ বাবে ১৭০৪ চনৰ ২৬ ডিচেম্বৰ তাৰিখে তেওঁলোক শ্বহীদ হৈছিল। তেওঁলোকৰ শ্বহীদ হোৱাটোৱে কম বয়সত সাহস, নৈতিক শক্তি আৰু ভক্তিক প্ৰতিনিধিত্ব কৰে। প্ৰতিকূলতাৰ সন্মুখত তেওঁলোকৰ ত্যাগ আৰু সাহস অসাধাৰণ আছিল আৰু আজিও তেওঁলোকে শিশুসকলক অনুপ্ৰাণিত কৰি আহিছে।

বীৰ শিশু দিৱসৰ উপলক্ষত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় শিশু বঁটা প্ৰদান কৰি ভাৰতৰ যুৱসমাজক অতীত আৰু বৰ্তমান- এই দুয়োটাৰ প্ৰতিভা, সৃজনশীলতা আৰু সফলতাৰ সন্মান প্ৰদান কৰে।

বঁটাৰ বিৱৰণ

শিশুসকলক ব্যতিক্ৰমী সাহসৰ বাবে আৰু ৬টা ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে প্ৰায় ২৫টা বঁটা প্ৰদান কৰা হয়:

  • সাহস: সৰু শিশুক নিজৰ জীৱনৰ বিপদৰ সন্মুখীন হৈ নিস্বাৰ্থ সেৱাক স্বীকৃতি দিবলৈ এই বঁটা দিয়া হয়;
    • আৰু/বা প্ৰতিকূল প্ৰাকৃতিক বা মানৱসৃষ্ট পৰিস্থিতিৰ বিৰুদ্ধে অসাধাৰণ সাহস আৰু বীৰতাৰ পৰিচয় দিয়াৰ বাবে;
    • আৰু/বা নিজৰ নাইবা সমাজৰ ওপৰত অহা ভয়াৱহ বিপদৰ সন্মুখত মানসিক শক্তি, দ্ৰুত বুদ্ধিমত্তা আৰু উপস্থিত বুদ্ধিৰ ব্যতিক্ৰমী কাৰ্যৰ বাবে
  • সমাজ সেৱা: মহিলা তথা শিশুসকলৰ অধিকাৰ আৰু আন বিষয়সমূহৰ প্ৰতি সম্প্ৰদায়ক প্ৰেৰণা, সংগঠিত আৰু সক্ৰিয় ৰূপত জড়িত কৰাত নেতৃত্ব প্ৰদৰ্শনৰ বাবে
  • পৰিৱেশ: বিভিন্ন স্তৰত পৰিৱেশ বিষয়ত সামঞ্জস্যপূৰ্ণ প্ৰচেষ্টা/সাফল্য অৰ্জন কৰাৰ বাবে
  • ক্ৰীড়াঃ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াৰ ক্ষেত্ৰত উল্লেখসযোগ্য কৃতিত্ব প্ৰদৰ্শন কৰাৰ বাবে
  • শিল্প আৰু সংস্কৃতি: শিল্প, সংগীত (কণ্ঠ আৰু বাদ্যযন্ত্ৰ), নৃত্য, চিত্ৰকলা বা আন যিকোনো ধৰণৰ শিল্প /সংস্কৃতিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শিল্প আৰু সংস্কৃতিৰ সাংস্কৃতিক ঐতিহ্য আৰু কৃতিত্বক প্ৰসাৰিত কৰাৰ বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰাৰ বাবে।
  • বিজ্ঞান আৰু প্ৰযুক্তি: সমাজত ইতিবাচক প্ৰভাৱ পেলোৱা, জীৱনৰ মানদণ্ড উন্নত কৰা, বা বাস্তৱ জগতৰ প্ৰত্যাহ্বান সমাধানত অৰিহণা যোগোৱা নতুন উন্নয়ন/উদ্ভাৱনৰ বাবে।

প্ৰেৰণাদায়ক বঁটাপ্ৰাপক — পূৰ্বৰ প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বিজয়ীসকল

প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশুৰ বঁটা সেইবোৰ শিশুক সন্মান জনাইছে, যাৰ সাহস, সৃষ্টিশীলতা আৰু মৰমে তেওঁলোকৰ কম বয়সৰ ওপৰতকৈ বহু বেছি পৰিপক্কতাৰ প্ৰদর্শন কৰিছে। সাম্প্ৰতিক বঁটা বিজয়ীসমূহৰ ভিতৰত আছে:

  • অৰ্ণৱ অনুপ্ৰিয়া মহৰ্ষি (বিজ্ঞান আৰু প্ৰযুক্তি, ২০২৫)– মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ এইজন বিশেষভাৱে সক্ষম ১৭ বছৰীয়া যুৱকে হাতৰ পক্ষাঘাতৰ বাবে AI ভিত্তিক পুনৰ্বাসন সঁজুলি প্ৰস্তুত কৰিছিল।
  • কৰীণ থাপা (সাহস, ডিচেম্বৰ ২০২৪)– মহাৰাষ্ট্ৰৰ আমৰাৱতীৰ এইগৰাকী ১৭ কিশোৰীয়ে উদ্ধাৰ অভিযানৰ সময়ত সক্ৰিয় অগ্নিকাণ্ড সংঘটিত স্থানৰ পৰা গেছ চিলিণ্ডাৰ আঁতৰাই ৩৬ জন লোকৰ জীৱন ৰক্ষা কৰিছিল আৰু পৌৰ নিগমৰ ফায়াৰ ব্ৰেণ্ড এম্বেছাদৰ’ হিচাপে স্বীকৃতি লাভ কৰিছিল
  • আদিত্য বিজয় ব্ৰমহানে (সাহস, ২০২৪)– মহাৰাষ্ট্ৰৰ নন্দুৰবাৰৰ এই ১২ বছৰীয়া যুৱকজনে শক্তিশালী সাঁতোৰবিদ নহ’লেও ডুব যোৱা আত্মীয়ক বচাবলৈ নদীত জপিয়াই পৰি উদ্ধাৰৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়ে। মৰণোত্তৰভাৱে তেওঁক সন্মান জনোৱা হয়।
  • অনুষ্কা পাঠক (কলা আৰু সংস্কৃতি, ২০২৪)– বছৰ বয়সৰ পৰাই পাঠ আৰম্ভ কৰিছিল আৰু ২২খনতকৈও অধিক ৰাজ্য আৰু চহৰত শ্ৰীমদ্ভাগৱত কাহিনী আৰু ৰামচৰিতমান পাঠ কৰিছে।
  • আৰমান উভৰাণী (কলা আৰু সংস্কৃতি, ২০২৪)– ছত্তীশগড়ৰ বছৰীয়া এই শিশুটি "গুগল মেথ বয়", ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছৰ ১০০টা গুণন যোগফল সমাধান কৰা আটাইতকৈ কম বয়সীয়া, আৰু কিতাপ ট্ৰাইলজীৰ আটাইতকৈ কম বয়সীয়া লেখক।
  • হেতৱী কান্তিভাই খিমছুৰিয়া (কলা আৰু সংস্কৃতি, ২০২৪) — গুৰুতৰ মস্তিষ্কৰ পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ জীয়াই থকা এই বডোদৰাৰ এই শিল্পীগৰাকীয়ে ২৫০খন ফ্ৰী-হেণ্ড পেইন্টিং তৈয়াৰ কৰিছিল। তেখেতে লাভ নিজৰ দিব্যাংগ পেঞ্চন বিশেষ শিশু যত্ন প্ৰতিষ্ঠানলৈ দান কৰে।
  • চৰবী (ক্ৰীড়া, ২০২৪)– ভাৰতৰ ছোৱালীৰ অনূৰ্ধ্ব-৮ আৰু অনূৰ্ধ্ব-১০ দবাত নম্বৰৰ খেলুৱৈ; ২০২২ চনত বছৰ অনুৰ্ধ বিশ্ব আৰু কমনৱেলথ দবা চেম্পিয়ন।
  • আৰ সূৰ্য প্ৰসাদ (ক্ৰীড়া, ২০২৪)– বছৰ বয়সত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল আৰু ২০২২ চনৰ এপ্ৰিল মাহত মাউণ্ট কিলিমঞ্জাৰত আৰোহণ কৰিছিল; এই সন্মান জনোৱাৰ সময়ত তেওঁৰ বয়স আছিল বছৰ।
  • আদিত্য প্ৰতাপ সিং চৌহান (উদ্ভাৱন, ২০২৩)– খোৱাপানীৰ পৰা মাইক্ৰ’প্লাষ্টিক ধৰা পেলোৱা আৰু ফিল্টাৰ কৰাৰ বাবে "MICROPA" নামৰ এক সুলভ প্ৰযুক্তি বিকশিত কৰিছে।
  • অনুষ্কা জলী (সামাজিক সেৱা, ২০২৩)–"Anti-Bullying Squad Kavach" এপটো তৈয়াৰ কৰিছে যাৰ জৰিয়তে ৪ বছৰ ধৰি ছাত্ৰ-ছাত্ৰীসকলক মানসিক স্বাস্থ্যৰ পৰামৰ্শ আগবঢ়াই আহিছে।
  • অভনীশ তিৱাৰী (সমাজ সেৱা, ২০২৪)– ডাউন চিণ্ড্ৰম আক্ৰান্ত এজন বছৰীয়া শিশু যিয়ে বছৰ বয়সত এভাৰেষ্ট বেছ কেম্পলৈ ট্ৰেকিং কৰিছিল আৰু টেডএক্স(TEDx )ৰ আলোচনাত অংশগ্ৰহণ কৰিছিল, সমাৱেশিতা সম্পৰ্কে ৰাষ্ট্ৰীয় আলোচনাৰ সূচনা হৈছিল।

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ ২০২৬

যোগ্যতা আৰু মনোনয়নৰ বিৱৰণ

এই বঁটাৰ বাবে মনোনীত শিশুসকল অৰ্হতাসমূহ এনেধৰণৰ:

  • ভাৰতীয় নাগৰিক আৰু ভাৰতৰ বাসিন্দা হ’ব লাগিব।
  • বয়স ৫ৰ পৰা ১৮ বছৰৰ ভিতৰত (৩১ জুলাই, ২০২৬ তাৰিখলৈকে) হ’ব লাগিব।
  • কোনো শিতানত পূৰ্বৰ বঁটা লাভ কৰা হ’ব নালাগিব
  • ২০২৬ চনৰ ৩১ জুলাইৰ মনোনয়নৰ সময়সীমাৰ দুবছৰৰ ভিতৰত এই কাৰ্য, সফলতা বা কৃতিত্ব সংঘটিত হ’ব লাগিব।

মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা নহয় যদিও পৰিস্থিতিসাপেক্ষে ব্যতিক্ৰম হ’ব পাৰে।

এটা শিশুক এটাতকৈ অধিক শ্ৰেণীৰ বাবে মনোনীত কৰিব পাৰি, কিন্তু কমিটীৰ মাত্ৰ এটা আবেদন গ্ৰহণ কৰাৰহে অধিকাৰ থাকিব।

যিকোনো ব্যক্তি বা প্ৰতিষ্ঠানে শিশুক মনোনীত কৰিব পাৰে। শিশুসকলেও স্ব-মনোনয়নৰ জৰিয়তে আবেদন কৰিব পাৰে। কিছুমান চৰকাৰী সংস্থা আৰু কাৰ্যালয়ৰ পৰাও পৰামৰ্শ আমন্ত্ৰণ কৰা হয়। ইয়াৰ ভিতৰত আছে:

  • কেন্দ্ৰীয় মন্ত্ৰীসকল
  • মুখ্যমন্ত্ৰীসকল
  • ৰাজ্যপালসকল
  • লেফটেনেণ্ট গৱৰ্ণৰসকল
  • কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসক
  • সংসদৰ সদস্যসকল
  • কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় আৰু বিভাগসমূহ
  • ৰাজ্য চৰকাৰসমূহ
  • কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহ
  • জিলা দণ্ডাধীশ আৰু কালেক্টৰ
  • মহিলা আৰু শিশু উন্নয়ন বা সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব
  • কেন্দ্ৰীয় বিদ্যালয় সংগঠন বা নবোদয় বিদ্যালয় সমিতিৰ অন্তৰ্গত শিক্ষানুষ্ঠান আৰু বিদ্যালয়।

আবেদনকাৰীয়ে তেওঁলোকৰ ব্যক্তিগত তথ্য আৰু বঁটাৰ শ্ৰেণী সম্পূৰ্ণ কৰিব লাগিব আৰু শেহতীয়া ফটো আৰু সহায়ক নথি-পত্ৰসমূহ আপলোড কৰিব লাগিব। লগতে তেওঁলোকে নিজৰ কৃতিত্ব আৰু ইয়াৰ ফলাফলৰ চমু বিৱৰণ, সৰ্বাধিক ১০০০ শব্দত দাখিল কৰিব লাগিব।

সকলো মনোনয়ন পত্ৰ অন্তিম তাৰিখৰ ভিতৰত https://awards.gov.in জমা দিব লাগিব।

বঁটা সমিতি

কেন্দ্ৰীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰীয়ে বঁটা সমিতি গঠন কৰি বঁটা প্ৰদানৰ বাবে চূড়ান্ত অনুমোদন দিয়ে। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত এই কমিটীত বঁটা শাখাৰ ডমেইন বিশেষজ্ঞসকলক সন্নিবিষ্ট কৰা হৈছে। ইয়াত মনোনয়নসমূহ পৰ্যালোচনা কৰা হয় আৰু বঁটাপ্ৰাপকসকলক পৰামৰ্শ দিয়া হয়।

ব্যয় বহন কৰাৰ সুবিধা

মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে বঁটা বিজয়ী আৰু সৰ্বাধিক দুজন অভিভাৱকৰ বাবে ইক’নমি শ্ৰেণীৰ আহা-যোৱা, স্থানীয় পৰিবহন আৰু খাদ্যৰ ব্যৱস্থাৰ বাবে হোৱা খৰচ বহন কৰে। যাত্ৰাৰ খৰচ প্ৰাইজ বিজয়ীৰ আবাসস্থান বা অধ্যয়ন প্ৰতিষ্ঠানৰ পৰা নতুন দিল্লীলৈ ইক'নমি শ্ৰেণীৰ ভাড়াত বা বাস্তৱ খৰচত যি কম, তাৰ অনুযায়ী বহন কৰা হয়। দিব্যাংগ বঁটা বিজয়ীসকলক শাৰীৰিক মানসিক চাপ কম কৰিবলৈ বিজনেছ শ্ৰেণী টিকট প্ৰদান কৰা হ’ব পাৰে।

বঁটা ব্যক্তিগতভাৱে গ্ৰহণ কৰিব লাগিব; যদি বঁটা গ্ৰহণকাৰী উপস্থিত থাকিব নোৱাৰে, বা মৰণোত্তৰ ক্ষেত্ৰত, পিতৃ-মাতৃ বা অভিভাৱকে তেওঁলোকৰ হৈ বঁটা গ্ৰহণ কৰিব পাৰে।

জাতিৰ ভৱিষ্যতৰ প্ৰতি সন্মান

প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বালপুৰস্কাৰ পদক আৰু প্ৰশস্তিতকৈও অধিক। এয়া ৰাষ্ট্ৰই যুৱ নাগৰিকক কোৱাৰ এক উপায় যে তেওঁলোকৰ সাহস, সৃষ্টিশীলতা আৰু সহানুভূতি গুৰুত্বপূর্ণ। এই বঁটাই আমাৰ শিশুবোৰৰ সংকল্প, সক্ষমতা, উৎসাহ আৰু উদ্যমক উদযাপন কৰে।

বীৰ বাল দিৱসত তেওঁলোকক সন্মান জনাই চৰকাৰে আজিৰ কৃতিত্ব অৰ্জনকাৰীসকলক এক কালজয়ী উত্তৰাধিকাৰৰ সৈতে সংযোগ কৰিছে।যদি আপুনি কোনো শিশুক চিনি পায় যিয়ে অসাধাৰণ সাহস, বিজ্ঞান, শিল্প, সমাজসেৱা, বা আন কোনো অনন্য কৃতিত্ব প্ৰদৰ্শন কৰিছে, তেন্তে তেওঁলোকক ৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে মনোনীত কৰক আৰু সেই শিশুটি যদি আপুনি নিজেই, তেন্তে ইয়াতকৈ ভাল আৰু কি হ’ব পাৰে। গতিকে আজিয়েই আবেদন কৰক।

এতিয়াই মনোনীত কৰক

তথ্যসূত্ৰসমূহ

প্ৰেছ ইনফৰমেশ্যন ব্যু’ৰো:

https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=156743&ModuleId=3&reg=48&lang=2

https://static.pib.gov.in/WriteReadData/specificdocs/documents/2025/dec/doc20251226745801.pdf

 অন্যান্য:

https://www.facebook.com/indiainnorway/posts/on-26121704-7-9-year-old-baba-fateh-singh-zorawar-singh-the-sahibzade-of-10th-gu/499570798943757/

https://awards.gov.in/Home/AwardLibrary

pdf ফাইলৰ বাবে ইয়াত ক্লিক কৰক

****

পিআইবি গৱেষণা

(Explainer ID: 159031) आगंतुक पटल : 49
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada