• Sitemap
  • Advance Search
Farmer's Welfare

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ২৩সংখ্যক কিস্তি

৯.৪৪ কোটি কৃষকলৈ ১৮,৮৮০ কোটি টকাৰ প্ৰত্যক্ষ লাভ হস্তান্তৰ

Posted On: 20 JUN 2026 6:38PM

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN) আঁচনিৰ ২৩সংখ্যক কিস্তি হিচাপে প্ৰধানমন্ত্ৰীয়ে ১৮,৮৮০ কোটিৰো অধিক টকা মুকলি কৰি দিছে। ২০ জুন ২০২৬ তাৰিখে পশ্চিম বংগৰ হুগলীত এই ধন মুকলিৰ কথা ঘোষণা কৰা হৈছিল। এই কিস্তিৰ অধীনত ৯.৪৪ কোটিৰো অধিক কৃষকে আৰ্থিক সাহাৰ্য লাভ কৰিছে য’ত আছে ২.১৮ কোটি মহিলা কৃষক। ভাৰ্চুৱেলী ১ কোটিৰো অধিক কৃষকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। ২০১৯ চনত এই আঁচনিখন আৰম্ভ হোৱাৰ পিছৰে পৰা মুঠ ৪.৪৬ লাখ কোটি টকাৰো অধিক ধন প্ৰদান কৰা হৈছে। ইয়াৰ ফলত PM-KISAN বিশ্বৰ অন্যতম বৃহৎ প্ৰত্যক্ষ লাভ স্থানান্তৰ(DBT) পদক্ষেপ হিচাপে পৰিগণিত হৈছে। এই দিৱসটো ‘পি এম কিষাণ উৎসৱ দিৱস’ হিচাপেও পালন কৰা হয়।

 

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি:কৃষকৰ আয় সুৰক্ষা শক্তিশালী কৰা

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (PM-KISAN)ৰ ২৩ তম কিস্তি ২০২৬ চনৰ ২০ জুনত পশ্চিম বংগৰ হুগলীৰ তাৰকেশ্বৰত প্ৰদান কৰা হয়। ২.১৮ কোটিতকৈ অধিক মহিলাকে ধৰি প্ৰায় ৯.৪৪ কোটি যোগ্য কৃষকে প্ৰায় ১৮,৮৮০ কোটি টকাৰ প্ৰত্যক্ষ আৰ্থিক সাহাৰ্য লাভ কৰিছে। এই ধন তেওঁলোকৰ একাউণ্টলৈ প্ৰত্যক্ষ লাভ স্থানান্তৰ(DBT)ৰ জৰিয়তে ট্ৰেন্সফাৰ কৰা হৈছে। ইয়াৰ ফলত স্বচ্ছতা সুনিশ্চিত হৈছে আৰু মধ্যভোগীৰ ভূমিকাও নাইকিয়া হৈছে। ‘অন্নদাতা সন্মান’ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত এই আঁচনিখনক এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

পশ্চিম বংগৰ কৃষকক সবলীকৰণৰ বাবে নতুন কৃষি পদক্ষেপ

PM-KISANৰ ২৩ সংখ্যক কিস্তিৰ বিতৰণৰ সমান্তৰালকৈ পশ্চিম বংগত কেইবাটাও গুৰুত্বপূৰ্ণ কৃষি পদক্ষেপ আৰম্ভ কৰা হৈছে

  • প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা(PMFBY) আৰু পুনৰ্গঠন বতৰ ভিত্তিক শস্য বীমা আঁচনি (RWBCIS): এই আঁচনিসমূহে প্ৰাকৃতিক দুৰ্যোগ, কীট-পতংগৰ আক্ৰমণ আৰু প্ৰতিকূল বতৰৰ পৰিস্থিতিৰ বিৰুদ্ধে শস্য বীমাৰ আৱৰণ প্ৰদান কৰিব। ২৮,১৪০ কোটি টকাৰ বীমা কভাৰেৰে প্ৰায় ৩০ লাখ হেক্টৰ মাটিত ১.১০ কোটি কৃষকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
  • ডিজিটেল কৃষি অভিযানঃ এগ্ৰিষ্টকে পশ্চিম বংগত ঋণ, বীমা, ডিবিটি আৰু চৰকাৰী ক্ৰয় সেৱাৰ সহজ সুবিধা নিশ্চিত কৰিব।
  • প্ৰাকৃতিক কৃষিৰ ৰাষ্ট্ৰীয় অভিযানঃ ক্লাষ্টাৰ ভিত্তিক গ্ৰহণ আৰু কৃষক প্ৰশিক্ষণৰ জৰিয়তে বহনক্ষম আৰু ৰাসায়নিক মুক্ত কৃষিক প্ৰসাৰ কৰা হ’ব। ৩৪৬টা প্ৰাকৃতিক কৃষি ক্লাষ্টাৰৰ অধীনত ১৭,৩০০ হেক্টৰ মাটি আৰু ৪৩,২৫০ কৃষক উপকৃত হ’ব।
  • প্ৰধানমন্ত্ৰী ধন-ধন্য কৃষি যোজনাঃ পশ্চিম বংগৰ চাৰিখন জিলাত এই আঁচনি আৰম্ভ কৰা হৈছে। এই আঁচনিৰ লক্ষ্য হৈছে উৎপাদনশীলতা বৃদ্ধি, বৈচিত্ৰ্যতা, আন্তঃগাঁথনি শক্তিশালী কৰা আৰু জলসিঞ্চন আৰু প্ৰতিষ্ঠানিক ঋণৰ সুবিধা সম্প্ৰসাৰণ।

PM-KISANৰ অধীনত ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকলৈ প্ৰত্যক্ষ আয়ৰ সহায়

PM-KISAN হৈছে কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনি। ২০১৯ চনৰ ২৪ ফেব্ৰুৱাৰীত আৰম্ভ কৰা এই আঁচনিৰ উদ্দেশ্য হৈছে দেশৰ সকলো খেতিযোগ্য মাটিৰ মালিক কৃষক পৰিয়ালক নিশ্চিত আয়ৰ সহায় আগবঢ়োৱা।

এই আঁচনিৰ অধীনত প্ৰতিটো যোগ্য কৃষক পৰিয়ালে প্ৰতি বছৰে ৬০০০ টকা আৰ্থিক সাহাৰ্য লাভ কৰে। এই ধনৰাশি আধাৰ সংযুক্ত বেংক একাউণ্টত প্ৰত্যক্ষ লাভ স্থানান্তৰ(DBT) ব্যৱস্থাৰ জৰিয়তে ২,০০০ টকাকৈ তিনিটা সমান কিস্তিত জমা কৰা হয়।

সমগ্ৰ দেশৰ যোগ্য কৃষক পৰিয়ালসমূহক এতিয়ালৈকে ২৩টা কিস্তিৰ জৰিয়তে মুঠ ৪.৪৬ লাখ কোটি টকাতকৈ অধিক ধন প্ৰদান কৰা হৈছে। কৃষকসকলে PM-KISAN পৰ্টেলত নিজৰ মাটিৰ তথ্য লিংক কৰি এই আঁচনিৰ সুবিধা লাভ কৰে। একে সময়তে তেওঁলোকে আধাৰৰ সৈতে বেংক একাউণ্ট লিংক কৰি e-KYC সম্পূৰ্ণ কৰিব লাগিব।

কৃষকৰ আয়ৰ সুৰক্ষা আৰু অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰি ২০২৬-২৭ চনৰ কেন্দ্ৰীয় বাজেটত PM-KISAN আঁচনিৰ বাবে ৬০,০০০ কোটি টকা আবণ্টন দিয়া হৈছে।

এই প্ৰকল্পৰ লক্ষ্য হৈছে কৃষি সামগ্ৰী ক্ৰয়ৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰি ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ আয় বৃদ্ধি কৰা। ইয়াৰ ফলত শস্যৰ স্বাস্থ্য আৰু উৎপাদনশীলতা বৃদ্ধি পায়। প্ৰত্যক্ষ আৰ্থিক সাহাৰ্যই কৃষকসকলক অনানুষ্ঠানিক ঋণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰে আৰু খেতিৰ ধাৰাবাহিকতা বজাই ৰখাত সহায় কৰে।

PM-KISAN হৈছে বিশ্বৰ অন্যতম বৃহৎ প্ৰত্যক্ষ লাভ হস্তান্তৰ(DBT) পদক্ষেপ। কৃষকক প্ৰত্যক্ষ আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে ই এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানিক ব্যৱস্থা। আঁচনিখনৰ ২৩ শতাংশতকৈ অধিক হিতাধিকাৰী মহিলা, এই আঁচনিখনৰ সৰ্বাংগীন সম্প্ৰসাৰণৰ ওপৰত আলোকপাত কৰে।

PM-KISAN-এ উত্তৰ প্ৰদেশত কৃষিৰ আয় বৃদ্ধি কৰিছে: এক অধ্যয়ন

এলাহাবাদ বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি গৱেষণা কেন্দ্ৰই ২০২২ চনত এক অধ্যয়ন চলাইছিল।এই অধ্যয়ন কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ তত্বাৱধানত উত্তৰ প্ৰদেশত PM-KISANৰ প্ৰভাৱৰ ওপৰত কৰা হৈছিল।

জৰীপৰ মূল পৰ্যবেক্ষণসমূহ হ’ল-

  • অধিকাংশ গ্ৰাহক আছিল দুহেক্টৰতকৈও কম মাটিৰ মালিক ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষক।
  • গ্ৰাহক কৃষকে PM-KISANৰ অধীনত বছৰি ৬,০০০ টকা নিয়মীয়াকৈ লাভ কৰিছিল।
  • কৃষি ব্যয়ৰ মূল ক্ষেত্ৰ আছিল মাটি প্ৰস্তুত কৰা, সাৰ আৰু বীজ।
  • গ্ৰাহক কৃষকৰ ভূমিত ধানৰ উৎপাদন অগ্ৰাহক কৃষকৰ তুলনাত ৩.০৮ শতাংশ বেছি।
  • গ্ৰাহক কৃষকৰ ভূমিত ঘেঁহুৰ উৎপাদন অগ্ৰাহক কৃষকৰ তুলনাত ১.৯৩ শতাংশ বেছি।
  • গ্ৰাহক পৰিয়ালৰ নিকা কৃষি আয় অগ্ৰাহক পৰিয়ালৰ তুলনাত অধিক আছিল।
  • ফলত ঘৰুৱা কৃষি আয়ৰ ৯.৮৫ শতাংশ বৃদ্ধি পোৱা পৰিলক্ষিত হয়।
  • PM-KISAN- কৃষকসকলৰ নগদ ধনৰ প্ৰবাহ বৃদ্ধি কৰি কৃষি সামগ্ৰী ক্ৰয় কৰাত সহায় কৰে। ফলত কৃষকৰ ৰিস্ক লোৱাৰ ক্ষমতা বৃদ্ধি পালে আৰু কৃষি উৎপাদন আৰু অধিক উৎসাহিত হ’ল।

PM-KISAN পুঁজি হস্তান্তৰ প্ৰক্ৰিয়া

A diagram of a road with text and imagesDescription automatically generated

PM-KISAN পৰ্টেল, মোবাইল এপ বা কমন চাৰ্ভিচ চেণ্টাৰ(CSC)ৰ জৰিয়তে কৃষকৰ পঞ্জীয়নৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হয়। ৰাজ্য চৰকাৰসমূহে হিতাধিকাৰীসকলৰ যোগ্যতা পৰীক্ষা কৰি তেওঁলোকৰ সবিশেষ পৰ্টেলত আপলোড কৰে। তাৰ পিছত ব্যৱস্থা অনুসৰি আধাৰ আৰু বেংক একাউণ্টৰ সবিশেষ পৰীক্ষা কৰি অযোগ্য আবেদনকাৰী বাদ দিয়া হয়।

ৰাজ্যৰ চূড়ান্ত অনুমোদনৰ পিছত তথ্যসমূহ পৰীক্ষণৰ বাবে ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থালৈ প্ৰেৰণ কৰা হয়। যোগ্য হিতাধিকাৰীসকলৰ তথ্যৰ ভিত্তিত ধন হস্তান্তৰ আৰু পেমেণ্ট অৰ্ডাৰৰ বাবে অনুৰোধ সৃষ্টি কৰা হয়। কৃষি আৰু কৃষক কল্যাণ বিভাগে অনুমোদন পত্ৰ জাৰি কৰে। তাৰ পিছত পৃষ্ঠপোষক বেংক আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ধন পৰিশোধ নিগমৰ জৰিয়তে ধন পৰিশোধ সম্পূৰ্ণ কৰা হয়। শেষত সেই ধন পোনপটীয়াকৈ কৃষকৰ বেংক একাউণ্টত জমা হয়। ইয়াৰ ফলত দ্ৰুত, স্বচ্ছ আৰু কাৰ্যক্ষমভাৱে সুবিধাসমূহ প্ৰদান কৰিব পৰা যায়।

হিতাধিকাৰী চিনাক্তকৰণ, লক্ষ্য নিৰ্ধাৰিত নিৰ্বাচন আৰু ডাটাবেছ ব্যৱস্থাপনা

যোগ্য কৃষক পৰিয়াল চিনাক্তকৰণ আৰু গ্ৰাহকৰ এক বিস্তৃত তথ্যকোষ তৈয়াৰ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰসমূহৰ। এই ডাটাবেছত নাম, বয়স, শ্ৰেণী, আধাৰ নম্বৰ, বেংক একাউণ্টৰ সবিশেষ আৰু মোবাইল নম্বৰৰ দৰে গুৰুত্বপূৰ্ণ তথ্য সন্নিবিষ্ট কৰা হৈছে। ৰাজ্যসমূহে এই তথ্যৰ সঠিকতা নিশ্চিত কৰি দুগুণ ধন পৰিশোধ ৰোধ কৰে।

এই তথ্যসমূহ নিয়মিতভাৱে আপডেট, ডিজিটেলাইজড আৰু আধাৰ আৰু বেংক একাউণ্টৰ সৈতে সংযুক্ত কৰা হয় যাতে নিৰৱচ্ছিন্ন প্ৰত্যক্ষ লাভ হস্তান্তৰ(DBT)ৰ সুবিধা হয়।

স্বচ্ছতা নিশ্চিত কৰিবলৈ গাঁও পৰ্যায়ত যোগ্য হিতাধিকাৰীৰ তালিকা ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা হয়। ফলত ভুলতে বাদ পৰা কৃষকসকলে নিৰ্ধাৰিত অভিযোগ নিৰাময় ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰে।

ইয়াৰ উপৰিও ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অযোগ্য ব্যক্তিক প্ৰদান কৰা ধন আদায়ৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত আয়কৰদাতা, চৰকাৰী কৰ্মচাৰী, ৰাজহুৱা খণ্ডৰ উদ্যোগৰ কৰ্মচাৰী আৰু সাংবিধানিক বিষয়ববীয়া আদি অন্তৰ্ভুক্ত। ২০২৫ চনৰ ডিচেম্বৰ পৰ্যন্ত সমগ্ৰ দেশতে অযোগ্য গ্ৰাহকৰ পৰা মুঠ ৪১৬.৭৫ কোটি টকা আদায় কৰা হৈছে।

PM-KISANৰ অধীনত অন্তৰ্ভুক্তি আৰু প্ৰৱেশ অধিক শক্তিশালীকৰ

PM-KISANৰ সুবিধাসমূহ যোগ্য কৃষকৰ বাবে সুলভ কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহৰ লক্ষ্য হৈছে পঞ্জীয়ন, পৰীক্ষণ আৰু অভিযোগ নিৰাময় প্ৰক্ৰিয়াক অধিক কাৰ্যক্ষম, ডিজিটেল আৰু ক্ষেত্ৰ পৰ্যায়ত কৰা।

কৃষকৰ পঞ্জীয়ন আৰু e-KYC সম্পূৰ্ণ কৰাৰ সুবিধাৰ বাবে ৫ লাখৰো অধিক কমন চাৰ্ভিচ চেণ্টাৰ সংযোগ কৰা হৈছে। বিশেষ চেচুৰেচন ড্ৰাইভৰ জৰিয়তেও আঁচনিখনৰ কভাৰেজ বৃদ্ধি কৰা হৈছে।

‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ সময়ত PM-KISANৰ অধীনত ১ কোটিৰো অধিক যোগ্য কৃষক সামৰি লোৱা হৈছে। চৰকাৰৰ ১০০ দিনীয়া বিশেষ কাৰ্যসূচীৰ অধীনত ২৫ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত বিশেষ অভিযানৰ জৰিয়তে বাকী থকা আত্মপঞ্জীয়নৰ আবেদন ক্লিয়াৰিং কৰি ৩০ লাখৰো অধিক কৃষকক সামৰি লোৱা হৈছে।

বহুস্তৰীয় নিৰীক্ষণ আৰু অভিযোগ নিৰাময় ব্যৱস্থা

PM-KISANৰ ৰূপায়ণৰ ওপৰত ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু জিলা পৰ্যায়ত চলি থকা বহুস্তৰীয় প্ৰতিষ্ঠানিক কাঠামোৰ জৰিয়তে নিৰীক্ষণ কৰা হয়। কেবিনেট সচিবে ৰাষ্ট্ৰীয় পৰ্যায়ত এই পৰ্যালোচনা ব্যৱস্থাৰ নেতৃত্ব দিয়ে। ৰাজ্য আৰু জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহে নিজ নিজ এলেকাত প্ৰকল্পটোৰ ৰূপায়ণ নিৰীক্ষণ কৰে।

কৃষকসকলে PM-KISAN পৰ্টেল আৰু কেন্দ্ৰীভূত ৰাজহুৱা অভিযোগ নিৰাময় আৰু নিৰীক্ষণ ব্যৱস্থা (CPGRMS)ৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। ইয়াৰ দ্বাৰা অভিযোগৰ ক্ষিপ্ৰ সমাধান আৰু স্বচ্ছ ব্যৱস্থাপনা নিশ্চিত কৰা হয়। ২০২৪-২৫ বিত্তীয় বৰ্ষত এই পৰ্টেলত মুঠ ২৪,৬০৫টা অভিযোগ পঞ্জীয়ন কৰা হৈছে।

PM-KISANৰ প্ৰযুক্তিভিত্তিক সেৱা প্ৰদান ব্যৱস্থা

PM-KISAN কৃষককেন্দ্ৰিক ডিজিটেল আন্তঃগাঁথনিৰ জৰিয়তে পৰিচালিত হয়, যিয়ে সুবিধা লাভৰ প্ৰক্ৰিয়া সৰল কৰে আৰু সেৱা প্ৰদানৰ স্বচ্ছতা বৃদ্ধি কৰে। আধাৰ ভিত্তিক প্ৰমাণীকৰণ ব্যৱস্থাটোৰ অন্যতম মূল স্তম্ভ। ইয়াৰ জৰিয়তে হিতাধিকাৰী চিনাক্তকৰণ আৰু ধন পৰিশোধৰ পৰীক্ষণ সুৰক্ষিতভাৱে কৰা হয়। কৃষকসকলে তলত উল্লেখ কৰা পদ্ধতিৰে e-KYC সম্পূৰ্ণ কৰিব পাৰিব—

  • OTP-ভিত্তিক প্ৰমাণীকৰণ
  • বায়’মেট্ৰিক প্ৰমাণীকৰণ
  • মুখ-ভিত্তিক প্ৰমাণীকৰণ

PM-KISAN ৱেব পৰ্টেলে হিতাধিকাৰী পঞ্জীয়ন, পৰীক্ষণ আৰু তথ্য ব্যৱস্থাপনাৰ বাবে কেন্দ্ৰীয় ডিজিটেল মঞ্চ হিচাপে কাম কৰে। ই কৃষকৰ একক ৰাষ্ট্ৰীয় তথ্যকোষ ৰক্ষণাবেক্ষণ কৰে আৰু ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা ব্যৱস্থা (PFMS)ৰ সৈতে একত্ৰীকৰণৰ জৰিয়তে ধন হস্তান্তৰ প্ৰক্ৰিয়াটো সহজ কৰি তোলে। ইয়াৰ উপৰিও সমগ্ৰ দেশৰ বিত্তীয় লেনদেনৰ বাস্তৱ সময়ৰ নিৰীক্ষণ প্ৰদান কৰে। এই কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা বৃদ্ধিৰ বাবে এই পৰ্টেলত হিতাধিকাৰী কৃষকৰ অঞ্চলভিত্তিক তালিকাও প্ৰদান কৰা হৈছে।

এই পৰ্টেলৰ পৰিপূৰক হিচাপে ২০২০ চনত PM-KISAN মোবাইল এপ্লিকেচন মুকলি কৰা হৈছিল।এই এপৰ জৰিয়তে মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে বিভিন্ন সেৱা উপলব্ধ কৰা হৈছে। ইয়াৰ সহায়ত কৃষকসকলে স্ব-পঞ্জীয়ন কৰিব পাৰে, সুবিধাসমূহ লাভ কৰাৰ অৱস্থা অনুসৰণ কৰিব পাৰে আৰু e-KYC সম্পূৰ্ণ কৰিব পাৰে।

২০২৩ চনত এপটোত মুখ-ভিত্তিক প্ৰমাণীকৰণ(Face based Authentication) সংযোজন কৰা হৈছিল। ফলত কৃষকসকলে কেৱল মুখখন স্কেন কৰি e-KYC সম্পূৰ্ণ কৰিব পাৰে। অ’টিপি বা ফিংগাৰপ্ৰিণ্ট ভিত্তিক পৰীক্ষণৰ প্ৰয়োজন নাই। এই বৈশিষ্ট্যই আঁচনিখনৰ সুলভতা বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছে।

কৃত্ৰিম বুদ্ধিমত্তা-ভিত্তিক সমৰ্থন ব্যৱস্থা: KISAN-eMitra

২০২৩ চনৰ ছেপ্টেম্বৰ মাহত চৰকাৰে PM-KISANৰ ডিজিটেল আন্তঃগাঁথনিৰ সৈতে সংযুক্ত এআই চালিত চেটবট(ChatBot) ‘KISAN-eMitra’ আৰম্ভ কৰে। ইয়াক EkStep Foundation আৰু BHASHINIৰ কাৰিকৰী সহায়ত নিৰ্মাণ কৰা হৈছে। এই চেটবটে কৃষকসকলক আঁচনিৰ ধন পৰিশোধ, নামভৰ্তি আৰু যোগ্যতাৰ বিষয়ে একাধিক ভাৰতীয় ভাষাত তৎক্ষণাত তথ্য প্ৰদান কৰে।

এই প্লেটফৰ্মে ২৪ ঘণ্টীয়া সেৱা প্ৰদান কৰে আৰু হিন্দী, ইংৰাজী, তামিল, বাংলা, ওডিয়া, মালয়ালম, গুজৰাটী, পাঞ্জাবী, তেলেগু, মাৰাঠী আৰু কানাড়া- এই ১১টা প্ৰধান ভাষাত উপলব্ধ। ইয়াৰ ফলত বিভিন্ন ভাষা কোৱা কৃষকৰ বাবে এই সেৱা অধিক সুলভ হৈ পৰে।

ভয়চ আৰু টেক্সট ভিত্তিক প্ৰশ্নৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ আবেদনৰ অৱস্থা পৰীক্ষা কৰিব পাৰে, পেমেণ্টৰ অগ্ৰগতি অনুসৰণ কৰিব পাৰে, আৰু প্ৰকল্প সম্পৰ্কীয় বিভিন্ন তথ্য সংগ্ৰহ কৰিব পাৰে।

কৃষককেন্দ্ৰিক, কৃষি উন্নয়নৰ ভৱিষ্যত

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি(PM-KISAN) কেৱল আয়-সহায়ক আঁচনি নহয়। কৃষককেন্দ্ৰিক আৰু সৰ্বাংগীন কৃষি উন্নয়নৰ প্ৰতি চৰকাৰৰ বৃহত্তৰ নীতিগত দৃষ্টিভংগীৰ প্ৰতিফলন।

এই প্ৰকল্পই সুবিধাভিত্তিক সাহাৰ্যৰ পৰা সবলীকৰণ ভিত্তিক সাহাৰ্যলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন আৰম্ভ কৰিছে, যিয়ে চৰকাৰী প্ৰতিষ্ঠান আৰু কৃষক সম্প্ৰদায়ৰ মাজৰ সম্পৰ্কক পুনৰ সংজ্ঞায়িত কৰিছে।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিয়ে কেৱল আৰ্থিক সাহাৰ্য প্ৰদান কৰা নাই। ই কৃষকসকলক নতুন পদক্ষেপ গ্ৰহণৰ আত্মবিশ্বাস প্ৰদান কৰিছে। গুণগত বীজত বিনিয়োগ, নতুন শস্যৰ খেতি আৰু কৃষি পদ্ধতিৰ পদ্ধতিগত বিকাশৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত ইয়াৰ ইতিবাচক প্ৰভাৱ দেখা গৈছে।

এই প্ৰকল্পটোৱে ভাৰতৰ গ্ৰাম্য অঞ্চলৰ বহু লোকৰ বাবে গেম-চেঞ্জাৰ হিচাপে প্ৰমাণিত হৈছে। ই কেৱল সহায় আগবঢ়োৱাই নহয়, ভৱিষ্যতৰ বাবে আশা আৰু নিৰাপত্তাৰ মনোভাৱো সৃষ্টি কৰিছে।

তথ্যসূত্ৰ

কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়

https://www.nic.gov.in/project/pm-kisan/

https://sansad.in/getFile/annex/270/AU3226_xbrVz9.pdf?source=pqars

https://www.allduniv.ac.in/upload/file_collection/PM_Kisan_PDF_Final.pdf

পিআইবি বেকগ্ৰাউণ্ডাৰ

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2242295&reg=48&lang=2

pdf চাবলৈ ইয়াত ক্লিক কৰক

***

পিআইবি গৱেষণা

 

(Explainer ID: 158979) आगंतुक पटल : 90
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Tamil , Malayalam