Social Welfare
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬
বাৰ্ষিক উদযাপনৰ পৰা দৈনন্দিন সুস্থতালৈ
Posted On:
20 JUN 2026 12:45PM
২০১৫ চনত প্ৰথমবাৰৰ বাবে পালন কৰাৰ পিছৰে পৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস (IDY) ৰাষ্ট্ৰসংঘই নিৰ্ধাৰণ কৰা বাৰ্ষিক অনুষ্ঠানৰ পৰা বিশ্বৰ অন্যতম বৃহৎ অংশগ্ৰহণমূলক সুস্থতা আন্দোলনলৈ বিকশিত হৈছে। ই যোগৰ ভাগ-বতৰা কৰা অনুশীলনৰ জৰিয়তে দেশ, সংস্কৃতি আৰু সম্প্ৰদায়ৰ লাখ লাখ লোকক একত্ৰিত কৰে। ২০২৬ সংস্কৰণৰ বিষয়বস্তু হ’ল- ’সুস্থ বাৰ্ধক্যৰ বাবে যোগ '( आयु योग योग )। এই সংস্কৰণে দেশজোৰা অংশগ্ৰহণ, উদ্ভাৱনী পদক্ষেপ আৰু বছৰজুৰি নিয়োজিত হোৱাৰ জৰিয়তে এই যাত্ৰাক আগুৱাই লৈ যোৱাৰ লগতে প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা আৰু সক্ৰিয় জীৱন-যাপনৰ প্ৰসাৰ ঘটাইছে।
ভাৰতৰ ভাৰতৰ গোলকীয় আৰোগ্য আন্দোলন
ভাৰত আৰু যোগৰ মাজত সহস্ৰাব্দৰ বন্ধন আছে। ভাৰতৰ প্ৰাচীন পৰম্পৰাত শিপাই থকা যোগে আধ্যাত্মিক আৰু দাৰ্শনিক অনুশীলনৰ পৰা শাৰীৰিক, মানসিক আৰু আৱেগিক মংগলৰ বাবে এক বিশ্বব্যাপী আন্দোলনলৈ বিকশিত হৈছে।
ৰাষ্ট্ৰসংঘই যোগৰ সাৰ্বজনীন আকৰ্ষণ আৰু সুবিধাসমূহ স্বীকাৰ কৰি ২০১৪ চনত ২১ জুন তাৰিখক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰে। ৰাষ্ট্ৰসংঘৰ ৬৯ সংখ্যক অধিবেশনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰা এই প্ৰস্তাৱক ১৭৫ খন সদস্য ৰাষ্ট্ৰই সমৰ্থন কৰে। প্ৰথমবাৰৰ বাবে ২০১৫ চনৰ ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় ৷২০১৬ চনত ইউনেস্ক’ৰ মানৱতাৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ প্ৰতিনিধি তালিকাত যোগৰ নাম সন্নিবিষ্ট কৰা হয়।
এই লেণ্ডমাৰ্ক স্বীকৃতিয়ে গোলকীয় আৰোগ্যতাৰ দিশত ভাৰতৰ অৱদানক স্বীকৃতি দিছিল। ইয়াৰ উপৰিও ই যোগৰ যাত্ৰাক এক নতুন পৰ্যায়লৈ লৈ গৈছিল, ইয়াক মহাদেশসমূহৰ মাজত বিশ্বব্যাপী উদযাপনলৈ ৰূপান্তৰিত কৰিছিল। তেতিয়াৰ পৰাই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনে দেশসমূহৰ মাজত সেতু হিচাপে যোগৰ ভূমিকাক শক্তিশালী কৰি তুলিছে, স্বাস্থ্য, সমন্বয় আৰু বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰ ঘটাইছে।
এটা সভ্যতাবাদী উত্তৰাধিকাৰ: যোগৰ ইতিহাস
যোগ বিশ্বৰ আটাইতকৈ পুৰণি জ্ঞান পৰম্পৰাৰ ভিতৰত অন্যতম, ইয়াৰ শিপা সিন্ধু-সৰস্বতী সভ্যতালৈকে (প্ৰায় ২৭০০ খ্ৰীষ্টপূৰ্ব) লাভ কৰা যায় ৷ 'যোগ' শব্দটো সংস্কৃতৰ পৰা উদ্ভৱ হৈছে, যাৰ অৰ্থ হৈছে যোগদান বা একত্ৰিত হোৱা — যিয়ে শৰীৰ আৰু চেতনাৰ মিলনৰ প্ৰতীক।
যোগ পদ্ধতিৰ উল্লেখ বেদ, উপনিষদ, বৌদ্ধ আৰু জৈন পৰম্পৰাৰ লগতে মহাভাৰত আৰু ৰামায়ণত পোৱা যায় ।
যোগ সূত্ৰৰ জৰিয়তে মহৰ্ষি পতঞ্জলিয়ে যোগ পৰম্পৰাক প্ৰণালীবদ্ধ কৰিছিল , ইয়াৰ দাৰ্শনিক আৰু ব্যৱহাৰিক কাঠামোৰ ভেটি স্থাপন কৰিছিল। যুগ যুগ ধৰি ঋষি আৰু যোগৰ গুৰুসকলে এই জ্ঞানক সংৰক্ষণ আৰু সমৃদ্ধ কৰি আহিছে, যাৰ ফলত ইয়াক সমগ্ৰ বিশ্বতে বিয়পি পৰাত সহায় কৰিছে।

সমগ্ৰ ভাৰততে হাজাৰ হাজাৰ অনুষ্ঠানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় যদিও প্ৰতিটো সংস্কৰণ বেলেগ চহৰত আয়োজন কৰা এটা প্ৰধান ৰাষ্ট্ৰীয় উদযাপনৰ দ্বাৰা আধাৰিত হয়। ২০১৫ চনত নতুন দিল্লীৰ ৰাজপথত আৰম্ভ হোৱা এই যাত্ৰাই চণ্ডীগড়, লক্ষ্ণৌ, ডেৰাডুন, ৰাঁচী, মহীচুৰু, জবলপুৰ, শ্ৰীনগৰ, আৰু বিশাখাপট্টনম আদি চহৰৰ মাজেৰে যাত্ৰা কৰি আহিছে।
উমৈহতীয়া যোগ প্ৰট’কল (CYP): আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ভেটি
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক সঁচা অৰ্থত এক সমন্বিত বিশ্বব্যাপী অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ এক উমৈহতীয়া আৰু সুলভ আৰ্হিৰ প্ৰয়োজন আছিল। ইয়াৰ ফলত ২০১৫ চনত আয়ুষ মন্ত্ৰালয়ে ভাৰতৰ কিছুমান বিশিষ্ট যোগ গুৰু আৰু প্ৰতিষ্ঠানৰ লগত আলোচনা কৰি উমৈহতীয়া যোগ প্ৰট’কল (CYP) প্ৰস্তুত কৰে।
CYP হৈছে ৪৫ মিনিটৰ এটা মানক যোগ অনুশীলন যিয়ে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ বাবে মূল কাৰ্যসূচী হিচাপে কাম কৰে, যাৰ ফলত সমগ্ৰ দেশ আৰু সংস্কৃতিৰ লোকসকলে এক ভাগ-বতৰা যোগ অভিজ্ঞতাত অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়। এই প্ৰট’কলত যোগাসন, কপালাভটি, প্ৰাণায়াম, ধ্যান আৰু শিথিলতাৰ কৌশলৰ দৰে ঢিলা কৰা অনুশীলনসমূহক একত্ৰিত কৰি এক সহজ, গাঁথনিগত ৰুটিনত পৰিণত কৰা হৈছে যিটো বিভিন্ন বয়স আৰু পটভূমিৰ লোকে অনুশীলন কৰিব পাৰে।
২০২৬ চনৰ সংস্কৰণত প্ৰতিষ্ঠানসমূহে প্ৰয়োজন সাপেক্ষে প্ৰাণায়াম, যোগ নিদ্ৰা, ধ্যান আৰু সৎসংগৰ দৰে অতিৰিক্ত ১৫ মিনিটৰ যোগাভ্যাস অন্তৰ্ভুক্ত কৰাৰ সুবিধাও প্ৰদান কৰে।

১১টা সংস্কৰণৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস বিশ্বব্যাপী পালনৰ পৰা প্ৰতিৰোধমূলক স্বাস্থ্যসেৱা, সুস্থ জীৱন আৰু আভ্যন্তৰীণ ভাৰসাম্যৰ বাবে জননেতৃত্বাধীন আন্দোলনলৈ বৃদ্ধি পাইছে। আজি ১৯০ খনতকৈও অধিক দেশত ইয়াক পালন কৰা হয়৷
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬: এই বছৰ কি হৈছে
২০২৬ চনৰ ২১ জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ১২তম সংস্কৰণৰ উদ্যোগত কলকাতাত মূল ৰাষ্ট্ৰীয় উদযাপনৰ আয়োজন কৰা হৈছে৷ এই বছৰৰ থিম, ‘সুস্থ বাৰ্ধক্যৰ বাবে যোগ (स्वस्थ आयु के योग )’ যি সমগ্ৰ জীৱনজুৰি সুস্থ আৰু সক্ৰিয় জীৱন যাপনৰ ওপৰত ক্ৰমাৎ বিশ্বব্যাপী গুৰুত্বক প্ৰতিফলিত কৰে। বয়োজ্যেষ্ঠ লোকৰ জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে আৰু অসংক্ৰামক ৰোগ আৰু জীৱনশৈলী সম্পৰ্কীয় স্বাস্থ্যজনিত চিন্তা বিশ্বজুৰি বৃদ্ধি পাইছে, ফলত জীৱনত কেৱল বছৰ যোগ কৰাৰ সলনি স্বাস্থ্যৰ সময়সীমা, জীৱনৰ মানদণ্ড আৰু সামগ্ৰিক মংগল বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
যোগৰ জৰিয়তে সুস্থ বাৰ্ধক্যৰ ভেটি গঢ়ি তোলা
সুস্থ বাৰ্ধক্য বৃদ্ধি বুলিলে এতিয়া ক্ৰমান্বয়ে গোটেই জীৱন কাৰ্য্যক্ষমতা, গতিশীলতা, জ্ঞানমূলক স্বাস্থ্য আৰু সামাজিক অংশগ্ৰহণ বজাই ৰখাৰ ক্ষমতাক বুজা যায়। এই কাঠামোৰ ভিতৰত যোগে শাৰীৰিক কাৰ্যকলাপ, শ্বাস-প্ৰশ্বাস নিয়ন্ত্ৰণ আৰু সচেতনতাৰ সংমিশ্ৰণ ঘটোৱা বহুমাত্ৰিক অনুশীলন আগবঢ়ায়। তাদাসন আৰু ত্ৰিকোণাসনৰ দৰে অভ্যাসে দীৰ্ঘদিন বহি থকাৰ প্ৰভাৱৰ সৈতে মোকাবিলা কৰি ভংগীমা আৰু নমনীয়তা উন্নত কৰাত সহায় কৰে। ভূজাংগাসন আৰু মকৰাসনে মেৰুদণ্ডৰ স্বাস্থ্য আৰু শিথিলতাক সমৰ্থন কৰে; আনহাতে অনুলোমভিলম আৰু ভ্ৰামৰী প্ৰাণায়ামৰ দৰে শ্বাস-প্ৰশ্বাসৰ অভ্যাসে শ্বাস-প্ৰশ্বাসৰ সচেতনতা আৰু মানসিক শান্তিক উৎসাহিত কৰে। ধ্যান-ধাৰণাই মনোযোগ তথা আৱেগিক সুস্থতা গঢ়ি তোলাত আৰু অধিক সহায় কৰে। সেয়েহে এই সকলোবোৰে একেলগে সুস্থ বয়স বৃদ্ধিৰ কেইবাটাও নিৰ্ণায়কক সমৰ্থন কৰে।

২১ জুন ২০২৬ৰ প্ৰস্তুতি
দেশজোৰা কাউন্টডাউন কাৰ্যসূচীৰ এক শৃংখলাৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ প্ৰস্তুতি বহু আগতেই আৰম্ভ হৈছিল। ২০২৬ চনৰ ১৩ মাৰ্চত নতুন দিল্লীৰ বিজ্ঞান ভৱনত এইবাৰৰ উদযাপনৰ আনুষ্ঠানিক আৰম্ভণিতে ১০০ দিনীয়া কাউণ্টডাউন আৰম্ভ কৰা হয়। ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ ল’নাৰত ৭৫ দিনীয়া কাউণ্টডাউন কাৰ্যসূচী, আৰু হায়দৰাবাদৰ কানহা শান্তি ভানামত ৫০ দিনীয়া কাউণ্টডাউন অনুষ্ঠিত হয় । প্ৰতিটো অনুষ্ঠানতে উমৈহতীয়া যোগ প্ৰট’কলৰ বাবে হাজাৰ হাজাৰ অংশগ্ৰহণকাৰীক একত্ৰিত কৰা হৈছিল আৰু সামূহিক অংশগ্ৰহণৰ বাৰ্তাক শক্তিশালী কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ পূৰ্বেও এটা ডাঙৰ মাইলৰ খুঁটি অৰ্জন কৰা হৈছিল।১৪ জুনত আয়োজিত এক বিশেষ দেশব্যাপী লাইভ যোগাসন অধিবেশনত চাৰি লাখতকৈ অধিক ব্যক্তিয়ে একেলগে যোগদান কৰি এক নতুন গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তুলিছিল।

এই উদযাপন ভাৰতৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যৰ সৈতেও জড়িত হৈ পৰিছে। খাজুৰাহো গ্ৰুপ অৱ মনুমেণ্টছত ২৫ দিনীয়া কাউণ্টডাউন অনুষ্ঠানত যোগৰ সৈতে প্ৰতিষ্ঠিত ঐতিহ্যস্থলীৰ সৈতে যুক্ত্ কৰা হৈছিল। এই অনুষ্ঠানসমূহৰ সমান্তৰালকৈ চৰকাৰে ‘১০০ দিন, ১০০ চহৰ, ১০০ সংগঠন’ অভিযানো আৰম্ভ কৰে। ইয়াৰ ফলত সমগ্ৰ দেশৰ প্ৰতিষ্ঠান আৰু সম্প্ৰদায়সমূহে যোগক দৈনন্দিন জীৱনৰ নিয়মীয়া অংশ হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত হৈছে।
বিস্তৃত প্ৰসাৰৰ বাবে নতুন পদক্ষেপ
যোগ ৩৬৫: এদিনৰ পৰা দৈনন্দিন সুস্থতালৈ
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬-এ এদিনীয়া যোগ পালনৰ সলনি ইয়াৰ ধাৰাবাহিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। যোগ ৩৬৫ৰ পদক্ষেপৰ জৰিয়তে চৰকাৰে মানুহক যোগক দৈনন্দিন জীৱনৰ নিয়মীয়া অংশ হিচাপে গঢ়ি তুলিবলৈ উৎসাহিত কৰিছে। ৰাজহুৱা অভিযান, ডিজিটেল প্ৰসাৰ আৰু প্ৰতিষ্ঠানিক অংশগ্ৰহণৰ দ্বাৰা সমৰ্থিত এই পদক্ষেপে সকলো বয়সৰ লোকৰ বাবে যোগাসন সুলভ আৰু ঘৰতে, বিদ্যালয়, কৰ্মক্ষেত্ৰ আৰু সম্প্ৰদায়ত অনুশীলন কৰাত সহজ কৰি তুলিব বিচাৰে। ই বৰ্তমানৰ পদক্ষেপ যেনে উমৈহতীয়া যোগ প্ৰট’কল, চিকিৎসামূলক যোগ কাৰ্যসূচী, আৰু Y-Break (কৰ্মচাৰীসকলক মানসিক চাপমুক্ত কৰাত সহায় কৰিবলৈ ডিজাইন কৰা এটা চমু কৰ্মক্ষেত্ৰ যোগ মডিউলৰ পৰিপূৰক।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ বাবেও কেইবাটাও নতুন পদক্ষেপ আৰম্ভ কৰা হৈছে, যাতে যোগক বৈচিত্ৰময় গোটৰ বাবে অধিক সুলভ আৰু প্ৰাসংগিক কৰি তোলা হয়। ইয়াৰ ভিতৰত আছে বিমান ভ্ৰমণৰ বাবে যোগ- মোৰাৰজী দেশাই ৰাষ্ট্ৰীয় যোগ প্ৰতিষ্ঠানে (MDNIY) দীঘলীয়া যাত্ৰা গ্ৰহণ কৰা ভ্ৰমণকাৰীসকলৰ বাবে প্ৰস্তুত কৰা বিশেষভাৱে ডিজাইন কৰা প্ৰট’কল। এই পদক্ষেপে আধুনিক জীৱনশৈলী আৰু দৈনন্দিন প্ৰয়োজনৰ লগত যোগ কেনেকৈ খাপ খুৱাব পাৰি তাক প্ৰদৰ্শন কৰে।
আন এটা ডাঙৰ উন্নয়ন হৈছে অসংক্ৰামক ৰোগ আৰু লক্ষ্যনিৰ্ধাৰিত গোটৰ বাবে ১০টা যোগ প্ৰট'কল আৰম্ভ কৰা। MDNIYৰ ডব্লিউ এইচ অ’ কল’বেৰেটিং চেণ্টাৰ ফ’ৰ ট্ৰেডিচনেল মেডিচিনে বিকশিত কৰা এই প্ৰট’কলসমূহে ডায়েবেটিছ, উচ্চ ৰক্তচাপ, ব্ৰংকিয়ল হাঁপানী আৰু মানসিক স্বাস্থ্যৰ চিন্তাৰ দৰে অৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। শিশু, কিশোৰ-কিশোৰী, জ্যেষ্ঠ নাগৰিক, মহিলা, গৰ্ভৱতী মহিলা আৰু নিচামুক্ত প্ৰক্ৰিয়াৰ পথত থকা ব্যক্তিৰ বাবেও নিৰ্দিষ্ট মডিউল প্ৰস্তুত কৰা হৈছে। এই প্ৰট’কলসমূহৰ উদ্দেশ্য হৈছে যোগ অনুশীলনক নিৰ্দিষ্ট জনসংখ্যাৰ গোট আৰু স্বাস্থ্যৰ অৱস্থাৰ বাবে অধিক লক্ষ্য আৰু সুলভ কৰি তোলা।
কুইজ, ফটোগ্ৰাফী প্ৰতিযোগিতা, পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা আৰু চুটি ভিডিঅ' প্ৰত্যাহ্বানকে ধৰি MyGov প্লেটফৰ্মত ধাৰাবাহিক কাৰ্যকলাপৰ জৰিয়তেও নাগৰিকৰ সংযোগ সম্প্ৰসাৰিত কৰা হৈছে। এই পদক্ষেপসমূহে ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত জনসাধাৰণৰ বহল অংশগ্ৰহণক উৎসাহিত কৰিছে।
এটা সমগ্ৰ সমাজ আন্দোলন
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ প্ৰস্তুতিয়ে চৰকাৰ আৰু সমাজক একেলগে লৈ আগবঢ়াৰ বহল দৃষ্টিভংগীক প্ৰতিফলিত কৰে। মন্ত্ৰালয়, ৰাজ্য চৰকাৰ, শিক্ষানুষ্ঠান, কৰ্পৰেট সংগঠন, নাগৰিক সমাজৰ গোট আৰু স্থানীয় সংস্থাসমূহক উদযাপনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা হৈছে। উদ্দেশ্য হৈছে- যোগাসন যাতে দূৰৱৰ্তী আৰু অভাৱগ্ৰস্ত সম্প্ৰদায়কে ধৰি সমাজৰ প্ৰতিটো শ্ৰেণীৰ মাজলৈ যায়।
এই প্ৰচাৰত ডিজিটেল প্লেটফৰ্মে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সমগ্ৰ দেশৰ সংগঠন আৰু জনগোষ্ঠীসমূহৰ বাবে পঞ্জীয়ন, অনুষ্ঠান সমন্বয় আৰু অংশগ্ৰহণৰ সুবিধাৰ বাবে যোগ সংগম পৰ্টেল মুকলি কৰা হৈছে। যোগ উদ্যান পৰ্টেলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাহিৰেও নিয়মীয়া অনুশীলনক উৎসাহিত কৰি নিবেদিত যোগ স্থানৰ বিকাশ আৰু মেপিঙক সমৰ্থন কৰে। এই মঞ্চসমূহে একেলগে জনসাধাৰণৰ সংযোগ শক্তিশালী কৰিবলৈ আৰু বছৰটোৰ ভিতৰতে যোগক মানুহৰ বাবে অধিক সুলভ কৰি তুলিবলৈ বিচাৰে।
পূৰ্বৰ সংস্কৰণসমূহ: পৰিসৰ, উদ্ভাৱন আৰু অন্তৰ্ভুক্তিৰ এক দশক
বিশ্বব্যাপী স্বীকৃতিৰ পৰা জনসাধাৰণৰ অংশগ্ৰহণলৈকে
মহামাৰীৰ সময়ত যোগাসন: প্ৰত্যাহ্বানমূলক সময়ত সুস্থতা
ক’ভিড-১৯ মহামাৰীয়ে বিচ্ছিন্নতাৰ সময়ছোৱাত গণ আন্দোলন সংযুক্ত হৈ থকাৰ ক্ষমতা পৰীক্ষা কৰিছিল। ডিজিটেল অংশগ্ৰহণ, ভাৰ্চুৱেল অনুষ্ঠান আৰু ঘৰুৱা অনুশীলনৰ জৰিয়তে আন্তৰ্জাতিক যোগ দিৱস অভিযোজিত, ৰাজহুৱা সমাৱেশত বাধা থকাৰ পিছতো ধাৰাবাহিকতা নিশ্চিত কৰা। "ঘৰত যোগ, পৰিয়ালৰ সৈতে যোগ" (২০২০) আৰু "সুস্থতাৰ বাবে যোগ" (২০২১) বিষয়বস্তুৱে সেই সময়ৰ প্ৰয়োজনীয়তাক প্ৰতিফলিত কৰিছিল, বিশ্ব স্বাস্থ্য সংকটৰ সময়ত শাৰীৰিক ফিটনেছ, মানসিক সুস্থতা আৰু আৱেগিক স্থিতিস্থাপকতাক সমৰ্থন কৰাত যোগৰ ভূমিকাক উজ্জ্বল কৰি তুলিছিল। সেই সময়ছোৱাই পৰিৱৰ্তিত পৰিস্থিতিত যোগৰ অভিযোজন ক্ষমতা আৰু চিৰস্থায়ী প্ৰাসংগিকতা প্ৰদৰ্শন কৰিছিল।
২০১৫ চনৰ ২১ জুনত প্ৰথম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয় আৰু ভাৰতৰ নেতৃত্বত এক নতুন বিশ্বব্যাপী সুস্থতা আন্দোলনৰ আৰম্ভণি হয়। নতুন দিল্লীৰ ৰাজপথত অনুষ্ঠিত হোৱা মূল অনুষ্ঠানত ৮৪খন দেশৰ প্ৰতিনিধিকে ধৰি ৩৫,৯৮৫ জন অংশগ্ৰহণকাৰীয়ে উমৈহতী্যা যোগ প্ৰট’কলৰ গণ প্ৰদৰ্শনৰ বাবে একত্ৰিত হয়।
উদ্বোধনী উদযাপনটোৱে দুটা দিশত গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰে। এটাই একে স্থানত সৰ্বাধিক যোগ পাঠ আৰু আনটোৱে যোগ পাঠত অংশগ্ৰহণ কৰা সৰ্বাধিক ৰাষ্ট্ৰৰ সংখ্যাৰে ৰেকৰ্ড কৰিছিল।
এই উদযাপন কেৱল নতুন দিল্লীতেই সীমিত নাছিল। সমগ্ৰ ভাৰতবৰ্ষত আৰু বিশ্বৰ দেশত যোগাসনৰ আয়োজন কৰা হৈছিল। ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ঘোষণাৰ লগে লগে অভূতপূৰ্ব আন্তঃৰাষ্ট্ৰীয় সমৰ্থনৰ প্ৰতিফলন ঘটিছিল। প্ৰথম সংস্কৰণে গণ অংশগ্ৰহণ, বিশ্বব্যাপী প্ৰচাৰ আৰু স্বাস্থ্য আৰু মংগলৰ প্ৰতি এক ভাগ-বতৰা দায়বদ্ধতাৰ সংমিশ্ৰণেৰে ভৱিষ্যতৰ পালনৰ বাবে আৰ্হিটো স্থাপন কৰিছিল।
সমগ্ৰ ভাৰতত সম্প্ৰসাৰণ
উদযাপন পৰিপক্ক হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় উদযাপনসমূহে সমগ্ৰ দেশ ভ্ৰমণ কৰিছিল। আতিথ্য প্ৰদানকাৰী চহৰ যেনে চণ্ডীগড়, লক্ষ্ণৌ, ডেৰাডুন, ৰাঁচী, মহীশূৰ, জবলপুৰ, শ্ৰীনগৰ আৰু বিশাখাপট্টনমে যোগক বিভিন্ন সম্প্ৰদায় আৰু অঞ্চলৰ ওচৰলৈ লৈ গৈছিল।
প্ৰতিটো সংস্কৰণে যোগৰ সাৰ্বজনীন আবেদনক শক্তিশালী কৰাৰ লগতে স্থানীয় সাংস্কৃতিক প্ৰসংগক প্ৰতিফলিত কৰিছিল।
এই ভৌগোলিক সম্প্ৰসাৰণে জনসাধাৰণৰ অংশগ্ৰহণকো শক্তিশালী কৰি তুলিছিল। বিদ্যালয়, বিশ্ববিদ্যালয়, সশস্ত্ৰ বাহিনী, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান, কৰ্মস্থলী, স্থানীয় সংস্থা আৰু সামূহিক সংগঠনসমূহ ক্ৰমান্বয়ে উদযাপনৰ অংশ হৈ পৰিছিল। যোগাসনক আৰু কেৱল পৰম্পৰাগত প্ৰথা হিচাপেই চোৱা নহ’ল; ইয়াক এক ভাগ কৰা ৰাজহুৱা আন্দোলন হিচাপে আকোৱালি লোৱা হৈছিল।


দশকীয় মাইলৰ খুঁটি: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫
২০২৫ চনত আন্তৰ্জাতিক যোগ দিৱসৰ ১১ সংখ্যক সংস্কৰণে বিশ্বজুৰি পালনৰ এক দশক উদযাপন কৰে। “এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ” শীৰ্ষক বিষয়বস্তুৰ অধীনত উদযাপিত এই সংস্কৰণটোৱে মানৱ, সমাজ আৰু গ্ৰহৰ মংগলৰ আন্তঃসংযোগৰ ওপৰত আলোকপাত কৰে। এই মাইলৰ খুঁটিটোক স্মৰণ কৰিবলৈ চৰকাৰে বহনক্ষমতা, অন্তৰ্ভুক্তি, যুৱক-যুৱতীৰ সংযোগ, স্বাস্থ্যসেৱা সংহতি আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দহটা স্বাক্ষৰমূলক অনুষ্ঠানৰ প্ৰৱৰ্তন কৰে, যাৰ ফলত উদযাপনক অধিক গভীৰতা আৰু বহল প্ৰসাৰ প্ৰদান কৰা হয়।

অংশগ্ৰহণৰ পৰিসৰত আন্দোলনৰ পৰিপক্কতা প্ৰতিফলিত হৈছিল। সমগ্ৰ দেশতে ১৩ লাখৰো অধিক যোগাসন অনুষ্ঠানৰ আয়োজন কৰা হয়, য'ত ২৬ কোটিৰো অধিক লোকে অংশগ্ৰহণ কৰে৷ বিশাখাপট্টনমৰ মূল অনুষ্ঠানত ৩ লাখৰো অধিক অংশগ্ৰহণকাৰীক একত্ৰিত কৰা হৈছিল আৰু দুটা গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িছিল— সৰ্ববৃহৎ যোগাসনৰ পাঠ আৰু সৰ্ববৃহৎ একেলগে সূৰ্য নমস্কাৰ প্ৰদৰ্শন। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৫ সংস্কৰণে প্ৰদৰ্শন কৰিলে যে এই দিৱসটো বাৰ্ষিক উদযাপনৰ পৰা স্বাস্থ্য আৰু মংগলৰ বাবে দেশজোৰা আন্দোলনলৈ কেনেদৰে বিকশিত হৈছে।

বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস
যোৱা দশকত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস সঁচাকৈয়ে বিশ্বব্যাপী পালনত পৰিণত হৈছে, স্বাস্থ্য আৰু মংগলৰ ভাগ-বতৰা উদযাপনৰ জৰিয়তে সমগ্ৰ মহাদেশৰ লোকসকলক একত্ৰিত কৰা হৈছে। প্ৰতি বছৰে বিশ্বৰ ঐতিহ্যমণ্ডিত স্থান, ৰাজহুৱা স্থান, শিক্ষানুষ্ঠান আৰু সাংস্কৃতিক লেণ্ডমাৰ্কত যোগ অধিবেশনৰ আয়োজন কৰা হয়।
২০২৪ চনত নিউয়ৰ্কৰ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত উদযাপন অনুষ্ঠিত হয়, যিয়ে যোগৰ অবিৰত বিশ্বব্যাপী অনুৰণনক পুনৰ দৃঢ় কৰে। জাপানত বৰষুণৰ বতৰৰ মাজতো ঐতিহাসিক চুকিজি হংৱানজী মন্দিৰত যোগাসন অনুৰাগীসকলৰ সমাগম হয় । দক্ষিণ আফ্ৰিকাত জোহান্সবাৰ্গৰ ৱাণ্ডাৰাৰ্ছ ক্ৰিকেট ষ্টেডিয়ামত প্ৰায় ৮,০০০ অংশগ্ৰহণকাৰী একত্ৰিত হৈছিল। ব্ৰাজিলত ইটাইপু বিনাচনেল চেণ্ট্ৰেল ভিউপইণ্টত উদযাপন কৰা হয়, আনহাতে চৌদি আৰবত ৰিয়াদৰ প্ৰিন্স ফাইজল বিন ফাহাদ অলিম্পিক কমপ্লেক্সত উমৈহতী্যা যোগ প্ৰট'কল অধিবেশন অনুষ্ঠিত হয়, যাৰ নেতৃত্বত আছিল এগৰাকী ছৌদি মহিলা প্ৰশিক্ষক। ওমান, ইজিপ্ত, বাংলাদেশ, ভূটান, শ্ৰীলংকা, আৰ্জেণ্টিনা আৰু ক্ৰ'ৱেচিয়াকে ধৰি দেশসমূহতো যোগ দিৱস পালন কৰা হয়।
২০২৫ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দশকীয় উদযাপনৰ সময়ত বিশ্বব্যাপী স্থান আৰু অধিক সম্প্ৰসাৰিত হৈছিল।ভাৰতীয় মিছন আৰু সাংস্কৃতিক কেন্দ্ৰসমূহে অঞ্চলসমূহৰ মাজত অনুষ্ঠানৰ আয়োজন কৰিছিল, আনহাতে আন্তঃৰাষ্ট্ৰীয় সহযোগিতাই বছৰৰ কাৰ্যসূচীসমূহৰ এক গুৰুত্বপূৰ্ণ উপাদান গঠন কৰিছিল।

এই ভাগ-বতৰা কৰা অভিজ্ঞতা সৃষ্টি কৰাত উমৈহতীয়া যোগ প্ৰট’কলৰ মূল ভূমিকা আছে। ৰাষ্ট্ৰসংঘৰ ৬টা চৰকাৰী ভাষা (আৰবী, চীনা, ইংৰাজী, ফৰাচী, ৰাছিয়ান আৰু স্পেনিছ)ত উপলব্ধ- ই সমগ্ৰ দেশৰ অংশগ্ৰহণকাৰীসকলক যোগিক ব্যায়াম আৰু ভংগীমাৰ এক সাধাৰণ গোট অনুশীলন কৰিবলৈ সক্ষম কৰে।

এদিনৰ পৰা ৩৬৫ দিনলৈ: যোগক দৈনন্দিন জীৱনত গ্ৰহণ কৰা
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস দ্বাদশ সংস্কৰণত প্ৰৱেশ কৰাৰ লগে লগে ক্ৰমান্বয়ে উদযাপনৰ পৰা ধাৰাবাহিকতালৈ গুৰুত্ব দিয়া হৈছে। আন্দোলনৰ সফলতা এতিয়া কেৱল ২১ জুনত অংশগ্ৰহণৰ পৰিসৰৰ দ্বাৰা নহয়, বৰঞ্চ গোটেই বছৰজুৰি নিয়মীয়া অনুশীলনক উৎসাহিত কৰাৰ ক্ষমতাৰ দ্বাৰাহে জুখিব পাৰি।
এই পৰিৱৰ্তন যোগ ৩৬৫, উমৈহতীয়া যোগ প্ৰট'কলৰ সম্প্ৰসাৰণ , সম্প্ৰদায়ভিত্তিক কাৰ্যসূচী আৰু বিদ্যালয়, কৰ্মক্ষেত্ৰ আৰু ৰাজহুৱা প্ৰতিষ্ঠানত যোগৰ ক্ৰমবৰ্ধমান একত্ৰীকৰণৰ দৰে পদক্ষেপত প্ৰতিফলিত হয়। সুস্থ বাৰ্ধক্যৰ বাবে যোগ (স্বাস্থ্য आयु के योग ) বিষয়বস্তুৱে এই বাৰ্তাক শক্তিশালী কৰে।
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ২০২৬ৰ বৃহত্তৰ বাৰ্তাটো স্পষ্ট যে যোগাসন মেট, স্থান বা কেলেণ্ডাৰৰ এটা দিনতে আবদ্ধ হৈ থাকিব নালাগে। লাগে ঘৰত, কমিউনিটি পাৰ্কত, কৰ্মক্ষেত্ৰত বা শ্ৰেণীকোঠাত কেইমিনিটমানৰ বাবে অনুশীলন কৰক, ইয়াৰ সুবিধাসমূহ ধাৰাবাহিকতাৰ জৰিয়তে উপলব্ধি কৰিব পাৰিব। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰকৃত উত্তৰাধিকাৰ কেৱল ২১ জুনত অংশগ্ৰহণৰ দ্বাৰা নহয়, ইয়াৰ পিছৰ দিন, মাহ আৰু বছৰবোৰত মানুহে এই অনুশীলন দৈনন্দিন জীৱনলৈ কিমানখিনি কঢ়িয়াই লৈ ফুৰে তাৰ দ্বাৰা জুখিব পৰা যাব।
তথ্যসূত্ৰসমূহ
প্ৰেছ ইনফৰমেশ্যন ব্যুৰো’
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2272997®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2265716®=3&lang=1
https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2116869®=48&lang=2
https://archive.pib.gov.in/yogaday2018/backge.htm
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=151900&ModuleId=3®=48&lang=2
https://www.pib.gov.in/FeaturesDeatils.aspx?id=154688&NoteId=154688&ModuleId=2®=48&lang=2
আয়ুষ মন্ত্ৰালয়
https://yoga.ayush.gov.in/uploads/assets/cyp/CYP_Book_English_2026.pdf
https://yoga.ayush.gov.in/uploads/assets/IDY/IDY-Handbook-English-2026.pdf
https://yoga.ayush.gov.in/uploads/assets/IDY/IDY_2025_Report.pdf
https://yoga.ayush.gov.in/pm-gallery?type=image
https://yoga.ayush.gov.in/uploads/assets/IDY/IDY%202024%20Report.pdf
https://yoga.ayush.gov.in/CYP/un-languages
অন্যান্য
https://www.un.org/en/observances/yoga-day
https://www.presidentofindia.gov.in/photo-gallery?field_field_select_year_target_id=319&page=13
pdf চাবলৈ ইয়াত ক্লিক কৰক
***
পিআইবি গৱেষণা
(Explainer ID: 158970)
आगंतुक पटल : 28
Provide suggestions / comments