Social Welfare
বিকাশ ভি, বিৰাছট ভি
ঐতিহ্য সংৰক্ষণেৰে ভাৰতৰ উন্নয়নৰ যাত্ৰা
Posted On:
18 JUN 2026 11:09AM
ভাৰতৰ ঐতিহ্য খণ্ডই “বিকাশ ভি, বিৰাছট ভি”ৰ দৃষ্টিভংগীৰে বিগত ১২ বছৰত শক্তিশালী সম্প্ৰসাৰণৰ সাক্ষী হৈ আহিছে। প্ৰতিষ্ঠানিক শক্তিশালীকৰণ, আৰু ৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন আৰু প্ৰাচীন সামগ্ৰীৰ মিছন (NMMA), জ্ঞান ভাৰতম আৰু বৈদিক ঐতিহ্য পৰ্টেলৰ দৰে পদক্ষেপৰ জৰিয়তে বৃহৎ পৰিসৰৰ ডিজিটেলাইজেশ্যনে নথিপত্ৰ আৰু সাংস্কৃতিক সম্পদৰ প্ৰৱেশৰ উন্নতি সাধন কৰিছে। PRASHAD আৰু HRIDAYৰ দৰে ঐতিহ্য-সংলগ্ন পৰ্যটন আঁচনিসমূহে আন্তঃগাঁথনি উন্নীত কৰিছে আৰু প্ৰধান আধ্যাত্মিক আৰু ঐতিহাসিক স্থানসমূহত দৰ্শনাৰ্থীৰ অভিজ্ঞতাক ৰূপান্তৰিত কৰিছে। ৩১ৰ পৰা ৪৪টালৈ ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও ভাৰতে যোগ, কুম্ভ মেলা, দুৰ্গা পূজা আৰু গৰ্বাৰ দৰে ঐতিহ্যৰ ব্যাপক স্বীকৃতি লাভ কৰিছে। প্ৰাচীন কালৰ প্ৰত্যাৱৰ্তন আৰু সংগ্ৰহালয় উন্নয়নৰ সমান্তৰাল প্ৰচেষ্টাই ভাৰতৰ সভ্যতাবাদী গৌৰৱ আৰু বিশ্ব সাংস্কৃতিক নেতৃত্বক শক্তিশালী কৰি তুলিছে।
ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ পুনৰুজ্জীৱিতকৰণ
ভাৰতৰ হাজাৰ হাজাৰ বছৰৰ ইতিহাস, সংস্কৃতি, পৰম্পৰাক ইয়াৰ বিশাল আৰু বৈচিত্ৰময় ঐতিহ্যই প্ৰতিনিধিত্ব কৰে। জাতিৰ অনন্য সভ্যতাবাদী পৰিচয় ৰক্ষাৰ বাবে এইসমূহক সুৰক্ষিত কৰাটো আমাৰ মুখ্য দায়িত্ব। বিগত ১২ বছৰত চৰকাৰে ভাৰতৰ চহকী সাংস্কৃতিক পৰম্পৰাৰ সংৰক্ষণ, বিকাশ আৰু প্ৰচাৰত নতুনকৈ গুৰুত্ব আৰোপ কৰিছে। সমগ্ৰ দেশতে এই ঐতিহ্যক শক্তিশালী আৰু সংৰক্ষণৰ বাবে ব্যাপক প্ৰচেষ্টা হাতত লোৱা হৈছে।
মূল প্ৰচেষ্টাসমূহে কীৰ্তিমান স্থানসমূহ পুনৰুদ্ধাৰ, দৰ্শনাৰ্থীৰ সুবিধাসমূহ উন্নত কৰা, প্ৰাচীন মন্দিৰ আৰু কীৰ্তিচিহ্নসমূহ সংৰক্ষণ আৰু ঐতিহ্যমণ্ডিত চহৰ আৰু তীৰ্থযাত্ৰা বৰ্তনীসমূহৰ উন্নয়ন আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰসমূহক সজীৱ কৰাৰ লক্ষ্যৰে কৰা কাৰ্যসূচীয়ে ভাৰতৰ ঐতিহাসিক চৰিত্ৰ সংৰক্ষণ কৰাত সহায় কৰাৰ লগতে জনসাধাৰণৰ প্ৰৱেশ আৰু পৰ্যটনৰ সম্ভাৱনাও বৃদ্ধি কৰিছে।
একে সময়তে ঐতিহ্যমণ্ডিত গন্তব্যস্থানসমূহৰ চাৰিওফালে সংযোগ, নগৰ নবীকৰণ, ডিজিটেল আউটৰিচ আৰু পৰ্যটন আন্তঃগাঁথনিৰ বিনিয়োগে স্থানীয় অৰ্থনৈতিক বৃদ্ধি আৰু নিয়োগ সৃষ্টিত অৰিহণা যোগাইছে। ঐতিহ্য নেতৃত্বাধীন উন্নয়ন প্ৰকল্পসমূহে বহনক্ষম পৰ্যটনক উৎসাহিত কৰাৰ লগতে সাংস্কৃতিক সম্পত্তিসমূহ ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰাটো নিশ্চিত কৰিছে।
ঐতিহ্য সংৰক্ষণ
ভাৰতৰ সাংস্কৃতিক দৃশ্যপটত কীৰ্তিচিহ্ন, প্ৰাচীন সামগ্ৰী, পাণ্ডুলিপি, ঐতিহাসিক স্থান আদি অন্তৰ্ভুক্ত। ই কেৱল অতীতৰ অৱশিষ্ট নহয়, বৰঞ্চ প্ৰজন্মৰ পিছত প্ৰজন্মৰ মাজত ভাগ কৰা স্মৃতি আৰু ধাৰাবাহিকতাক প্ৰতিনিধিত্ব কৰে।
২০১৪ চনৰ পৰা চৰকাৰে এই সাংস্কৃতিক সম্পত্তিসমূহ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ভাৰতৰ বিশ্ব সাংস্কৃতিক পৰিচয় শক্তিশালী কৰাৰ সমান্তৰালকৈ ঐতিহ্য উন্নয়নক অৰ্থনৈতিক বিকাশৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ উপৰিও ঐতিহ্য সংৰক্ষণক পৰ্যটন, জীৱিকা আৰু সাংস্কৃতিক কূটনীতিৰ সৈতে ক্ৰমান্বয়ে একত্ৰিত কৰা হৈছে।
ঐতিহ্যৰ গ্ৰহণ
২০১৭ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ কৰা আৰু ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত পুনৰ সংস্কাৰ কৰা Adopt A Heritage 2.0 কাৰ্যসূচীয়ে ব্যক্তিগত কোম্পানী, ৰাজহুৱা খণ্ডৰ ইউনিট, এন জি অ’, ট্ৰাষ্ট আৰু সমাজৰ সৈতে সহযোগিতাৰ বাবে এক কাঠামো সৃষ্টি কৰে। ই ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ সংৰক্ষিত স্মৃতিসৌধসমূহত দৰ্শনাৰ্থীৰ অনুকূল সুবিধাসমূহ বিকাশ আৰু ৰক্ষণাবেক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কৰ্পৰেট সামাজিক দায়বদ্ধতা (CSR) আৰু অন্যান্য অৱদানৰ জৰিয়তে ইয়াক সহায় আগবঢ়োৱা হয়। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে দৰ্শনাৰ্থীৰ অভিজ্ঞতা উন্নত কৰা।

২০২৬ চনৰ মাৰ্চ মাহলৈকে Adopt A Heritage 2.0ৰ কাৰ্যসূচীৰ অধীনত মুঠ ৩০খন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে।
ইতিমধ্যে এই কাৰ্যসূচীয়ে উন্নত স্থান ব্যৱস্থাপনা আৰু জনসাধাৰণৰ সংযোগ বৃদ্ধিৰ ক্ষেত্ৰত দৃশ্যমান ফলাফল প্ৰদৰ্শন কৰিছে। ইয়াৰ প্ৰতিফলন হৈছে গ্ৰহণ কৰা কীৰ্তিচিহ্নসমূহত দৰ্শনাৰ্থীৰ শক্তিশালী অংশগ্ৰহণ, যিয়ে সামূহিকভাৱে ২০২৪–২৫ বিত্তীয় বৰ্ষৰ ভিতৰত মুঠ ১৩.৫৯ মিলিয়ন দৰ্শকৰ সংখ্যা ৰেকৰ্ড কৰিছে।
এই পৰিসংখ্যাই দৰ্শনাৰ্থীৰ প্ৰবল আগ্ৰহৰ ইংগিত দিয়ে আৰু প্ৰকাশ কৰে যে কাৰ্যসূচীৰ অধীনত উন্নত সুবিধা, সেৱা আৰু স্থানীয় সুবিধাই গ্ৰহণ কৰা ঐতিহ্য স্থানসমূহত দৰ্শনাৰ্থীৰ উন্নত অভিজ্ঞতা আৰু অধিক নিয়োজিততাত অৰিহণা যোগাইছে।
তীৰ্থ যাত্ৰা পুনৰুজ্জীৱন আৰু আধ্যাত্মিক, ঐতিহ্য বঢ়োৱা অভিযান (PRASHAD)
২০১৫ চনৰ জানুৱাৰী মাহত Pilgrimage Rejuvenation and Spiritual, Heritage Augmentation Drive (PRASHAD) অৰ্থাৎ তীৰ্থযাত্ৰা পুনৰুজ্জীৱন আৰু আধ্যাত্মিক, ঐতিহ্য বৃদ্ধি অভিযান আঁচনি আৰম্ভ কৰা হৈছিল৷ এই আঁচনিৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ তীৰ্থযাত্ৰা আৰু ঐতিহ্যমণ্ডিত পৰ্যটন স্থলীসমূহৰ বিকাশ ঘটাৰ লগতে ই আন্তঃগাঁথনি, অনাময়, সুৰক্ষা, আৰু দৰ্শনাৰ্থীৰ সুবিধা উন্নত কৰে।
মূল কৃতিত্বসমূহ:
- ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ হিচাপত মন্ত্ৰালয়ে ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰাছাদ আঁচনিৰ অধীনত ৫৪টা প্ৰকল্প অনুমোদন জনাইছে। মুঠ আনুমানিক প্ৰকল্পৰ ব্যয় হৈছে ১,৭২৬.৭৪ কোটি টকা৷
- এই ৫৪টা প্ৰকল্পৰ ভিতৰত ৩২টা প্ৰকল্প ভৌতিকভাৱে সম্পূৰ্ণ হৈছে।
- ৪৭.১২ কোটি টকা ব্যয় সাপেক্ষে সোমনাথ পৰ্যটনস্থল উন্নয়ন প্ৰকল্প৷ সোমনাথক এতিয়া এক প্ৰধান আধ্যাত্মিক পৰ্যটনস্থলী হিচাপে শক্তিশালী হৈছে।
- কেদাৰনাথ PRASHAD প্ৰকল্পই সমগ্ৰ কেদাৰনাথ চাৰ্কিটত তীৰ্থযাত্ৰাৰ সুবিধা, সুলভতা, অনাময়, দৰ্শনাৰ্থী সেৱা আৰু পৰ্যটনৰ আন্তঃগাঁথনিৰ যথেষ্ট উন্নতি সাধন কৰিছে। ইতিমধ্যে চলি থকা বতৰটোতেই ৫ লাখৰো অধিক তীৰ্থযাত্ৰী ভ্ৰমণ কৰিছে ৷
IIM ৰোহতকে ২০২১ চনত প্ৰকাশ কৰা "Evaluation of Central Sector Scheme PRASHAD" শীৰ্ষক প্ৰতিবেদনে আঁচনিখনৰ সাফল্যৰ ওপৰত আলোকপাত কৰে। ইয়াত উল্লেখ কৰা হৈছে যে এই আঁচনিখনে নিৰ্বাচিত ঐতিহ্য ক্ষেত্ৰসমূহৰ দৰ্শনাৰ্থীৰ সন্তুষ্টি, ভ্ৰমণৰ সহজতা আৰু নান্দনিক দিশ বৃদ্ধি কৰাত সহায় কৰিছে। লগতে, প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই আঁচনিৰ ফলত সামগ্ৰিকভাৱে দৰ্শনাৰ্থী ব্যৱহাৰকাৰীৰ ইতিবাচক অভিজ্ঞতা বৃদ্ধি পাইছে।
স্বদেশ দৰ্শন প্ৰথম পৰ্যায় (Swadesh Darshan 1.0)
২০১৪–১৫ চনত আৰম্ভ কৰা স্বদেশ দৰ্শন (Swadesh Darshan) আছিল বিষয়ভিত্তিক পৰ্যটন বৰ্তনীসমূহৰ মাজেৰে পৰ্যটন আন্তঃগাঁথনিৰ সংহত উন্নয়নৰ বাবে ফ্লেগশ্বিপ আঁচনি। এই আঁচনিখনে ঐতিহ্য, আধ্যাত্মিক, উপকূলীয়, মৰুভূমি, বৌদ্ধ, জনজাতীয় আৰু পৰিৱেশ পৰ্যটন গন্তব্যস্থানসমূহ সামৰি সংহত পৰ্যটন বৰ্তনী গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
- ৫,২৯০.৩৩ কোটি টকাৰ বিনিয়োগেৰে মুঠ ৭৬টা পৰ্যটন আন্তঃগাঁথনি প্ৰকল্প অনুমোদন কৰা হয়।
- ২০২৬ চনৰ মাৰ্চ মাহলৈকে ৭৫টা প্ৰকল্প ভৌতিকভাৱে সম্পূৰ্ণ হৈছে ৷
বৰ্তনীভিত্তিক উন্নয়নৰ বাহিৰলৈ গৈ গন্তব্যস্থানকেন্দ্ৰিক পদ্ধতি গ্ৰহণ কৰিবলৈ Swadesh Darshanক Swadesh Darshan 2.0 হিচাপে নতুন ৰূপ দিয়া হৈছিল। এই আঁচনিখনে এতিয়া বহনক্ষম, দায়িত্বশীল আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক পৰ্যটনস্থলী গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে যিয়ে দৰ্শনাৰ্থীক উচ্চমানৰ অভিজ্ঞতা প্ৰদান কৰে।
- Swadesh Darshan 2.0ৰ অধীনত মুঠ ২,২০৮.৩১ কোটি টকা বিনিয়োগেৰে 53 টা প্ৰকল্প অনুমোদন কৰা হৈছে যিবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ৰূপায়ণৰ বিভিন্ন পৰ্যায়ত আছে।
প্ৰত্যাহ্বানভিত্তিক গন্তব্যস্থান উন্নয়ন (CBDD)
২০২৪ চনৰ মাৰ্চ মাহত স্বাধীন দৰ্শন ২.০ৰ অধীনত প্ৰৱৰ্তিত প্ৰত্যাহ্বানভিত্তিক গন্তব্যস্থান উন্নয়নে (CBDD) প্ৰতিযোগিতামূলক, প্ৰত্যাহ্বানভিত্তিক কাঠামোৰ জৰিয়তে পৰ্যটন উন্নয়নক প্ৰসাৰিত কৰে। এই পদক্ষেপে সামগ্ৰিক পৰিকল্পনা, উদ্ভাৱন আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণৰ জৰিয়তে গন্তব্যস্থানসমূহক বহনক্ষম পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব বিচাৰে।
- CBDDৰ অধীনত ৬৯৭.৯৪ কোটি টকা বিনিয়োগেৰে ৩৮টা প্ৰকল্প অনুমোদন কৰা হৈছে।
প্ৰত্নতত্ত্ব আৰু কীৰ্তিচিহ্ন সংৰক্ষণ
ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ (ASI)
ভাৰতৰ প্ৰত্নতাত্ত্বিক জৰীপ (ASI) হৈছে প্ৰত্নতাত্ত্বিক গৱেষণা আৰু ভাৰতৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে দায়বদ্ধ প্ৰধান সংস্থা। ASI-এ প্ৰায় ৩৮টা চক্ৰৰ জৰিয়তে নিজৰ কাম-কাজ সম্পন্ন কৰে, যিয়ে আঞ্চলিক প্ৰশাসনিক একক হিচাপে কাম কৰে।

২০২৬ চনৰ এপ্ৰিল মাহলৈকে ভাৰতত ASIৰ অধীনত ৩,৬৮৬ টা কেন্দ্ৰীয়ভাৱে সংৰক্ষিত কীৰ্তিচিহ্ন আছে।
২০২৪–২৫ বৰ্ষৰ বাবে চৰকাৰে সংৰক্ষিত কীৰ্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু ৰক্ষণাবেক্ষণৰ বাবে প্ৰায় ৩৭৪ কোটি টকা আবণ্টন দিছিল।
কীৰ্তিচিহ্ন আৰু প্ৰাচীন সামগ্ৰীৰ ৰাষ্ট্ৰীয় মিছন (NMMA)
ASIৰ অধীনত কীৰ্তিচিহ্ন আৰু প্ৰাচীন সামগ্ৰীৰ ৰাষ্ট্ৰীয় অভিযান (NMMA) ৰূপায়ণ কৰা হৈছে। ভাৰতৰ নিৰ্মিত ঐতিহ্য আৰু প্ৰাচীন সামগ্ৰীৰ এক নিৰ্ভৰযোগ্য ৰাষ্ট্ৰীয় তথ্যকোষ নিৰ্মাণ কৰি সংৰক্ষণৰ সমৰ্থনত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই মিছনৰ লক্ষ্য হৈছে দেশৰ সকলো কীৰ্তিচিহ্ন আৰু প্ৰাচীন সামগ্ৰীৰ তথ্য নথিভুক্ত আৰু সৃষ্টি কৰা, যিয়ে সংৰক্ষণৰ কামৰ পৰিকল্পনা, অগ্ৰাধিকাৰ আৰু নিৰীক্ষণক প্ৰত্যক্ষভাৱে অৱগত কৰে।
- ২০২৬ চনৰ মাৰ্চ মাহলৈকে NMMAই ১.৮৪ লাখ কীৰ্তিচিহ্নৰ নথিভুক্ত কৰিছে, য'ত নিৰ্মিত ঐতিহ্য আৰু স্থানসমূহো আছে। ইয়াৰ উপৰিও সমগ্ৰ ভাৰততে ১৭.২০ লাখ প্ৰাচীন সামগ্ৰীৰ নথিভুক্ত কৰা হৈছে।

ঐতিহ্য নগৰ উন্নয়ন আৰু বৃদ্ধি যোজনা (HRIDAY)
২০১৫ চনৰ জানুৱাৰী মাহত ঐতিহ্য নগৰ উন্নয়ন আৰু বৃদ্ধি যোজনা (HRIDAY) আৰম্ভ কৰা হৈছিল। এইখন এখন কেন্দ্ৰীয় খণ্ডৰ আঁচনি যাৰ লক্ষ্য আছিল ঐতিহ্য সংৰক্ষণৰ সৈতে নগৰ উন্নয়নক একত্ৰিত কৰা। মৌলিক আন্তঃগাঁথনি উন্নত কৰাৰ লগতে ঐতিহ্যমণ্ডিত চহৰসমূহৰ অনন্য স্বকীয় পৰিচয় সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। প্ৰতিখন চহৰৰ সাংস্কৃতিক পৰিচয় বজাই ৰাখি অনাময়, নিৰাপত্তা, পৰ্যটন আৰু জীৱিকাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছিল। সমগ্ৰ ভাৰতৰ ১২খন চহৰত এই আঁচনি ৰূপায়ণ কৰা হৈছিল।
- আজমীৰ, অমৰাৱতী, বাদামীত পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰ্যটন আৰু সম্প্ৰদায়ৰ বিকাশৰ উন্নতি হৈছিল।
- অমৃতসৰ, গয়া আৰু বাৰাণসীয়ে ঐতিহ্য পুনৰুজ্জীৱিতকৰণ, অন্তৰ্ভুক্তি আৰু অৰ্থনৈতিক বৃদ্ধিৰ অগ্ৰাধিকাৰ দিছিল।
- ৱাৰংগল আৰু পুৰী পৰ্যটন আৰু ৰাজহুৱা সুবিধাৰ বৃদ্ধিৰ সাক্ষী হৈছিল৷
- কাঞ্চীপুৰম আৰু মথুৰাত সুৰক্ষা আৰু আন্তঃগাঁথনিৰ উন্নতি সাক্ষী হৈছিল।
- ভেলাংকানিয়ে পৰিৱেশ বহনক্ষমতা আৰু ঐতিহ্য সংৰক্ষণৰ বাবে থিয় দিছিল।
সামগ্ৰিকভাৱে এই আঁচনিখনে বাসিন্দাসকলৰ জীৱনৰ মানদণ্ডত ইতিবাচক প্ৰভাৱ পেলাইছিল আৰু পৰ্যটনক উন্নীত কৰিছিল।
২০১৯ চনৰ ৩১ মাৰ্চত এই আঁচনিৰ সময়সীমা শেষ হয়।
মুখ্য ঐতিহ্য ক্ষেত্ৰসমূহ পুনৰ বিকাশ
- ২০২১ চনৰ ১৩ ডিচেম্বৰত উদ্বোধন হোৱা কাশী বিশ্বনাথ কৰিড’ৰ হৈছে ৫.৫ একৰ এলেকাত বিকশিত ৩৫৫ কোটি টকাৰ এক পৰিৱৰ্তনশীল প্ৰকল্প। ই বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰক গংগা নদীৰ সৈতে পোনপটীয়াকৈ এটা বহল চাৰিলেনযুক্ত পথৰ জৰিয়তে সংযোগ কৰিছে৷ এই প্ৰকল্পৰ ফলত তীৰ্থযাত্ৰীসকলৰ সুবিধাসমূহ যথেষ্ট উন্নত হৈছে আৰু মন্দিৰ চৌহদত চলাচল সহজ হৈছে যাৰ ফলত দৰ্শনাৰ্থীৰ সামগ্ৰিক অভিজ্ঞতা বৃদ্ধি পাইছে।
২০২১ চনৰ ডিচেম্বৰ মাহত উদ্বোধনৰ পিছৰে পৰা শ্ৰী কাশী বিশ্বনাথ ধাম কৰিডৰত মাত্ৰ ৩.৫ বছৰত ভক্তৰ সংখ্যা ২৫.২৮ কোটিৰো অধিক হৈছে ৷ ইয়াৰ ফলত আনুমানিক ১.২৫ লাখ কোটি টকাৰ অৰ্থনৈতিক প্ৰভাৱ পৰিছে, প্ৰতিজন ব্যক্তিৰ বাবে গড় ব্যয় হৈছে ৪,০০০–৫,০০০ টকা৷ প্ৰায় ৭০% দৰ্শনাৰ্থী দক্ষিণ ভাৰতৰ পৰা অহাৰ বিপৰীতে প্ৰায় ১৫% দৰ্শনাৰ্থী অন্য ৰাজ্যৰ পৰা আহিছে ৷
- সোমনাথত মন্দিৰ চৌহদৰ পুনৰ উন্নয়নে দৰ্শনাৰ্থীৰ অভিজ্ঞতা উন্নত কৰিছে। ১.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা প্ৰমেনেড গঢ়ি তোলা হৈছে আৰু ঠাইখনক উন্নত কৰাৰ বাবে অধিক সাংস্কৃতিক প্ৰকল্পৰ পৰিকল্পনা কৰা হৈছে। ১৯৫১ চনত সোমনাথ মন্দিৰ পুনৰ নিৰ্মাণ আৰু মুকলি কৰাৰ ৭৫ বছৰীয়া জয়ন্তীৰ লগত এই ৰূপান্তৰ ঘটিছে, যিটো অনুষ্ঠান ৰাষ্ট্ৰীয় পৰ্যায়ত সোমনাথ অমৃত মহোৎসৱৰ জৰিয়তে স্মৰণ কৰা হয়। এই বৰ্ষপূৰ্তিটোৱে সোমনাথৰ স্থিতি কেৱল এক প্ৰধান তীৰ্থস্থান হিচাপেই নহয়, ভাৰতৰ সভ্যতাবাদী স্থিতিস্থাপকতা আৰু সাংস্কৃতিক ধাৰাবাহিকতাৰ প্ৰতীক হিচাপেও সুদৃঢ় কৰি তুলিছে।
সোমনাথ মন্দিৰত প্ৰতি বছৰে ৯২–৯৭ লাখ (২০২০ চনত প্ৰায় ৯৮ লাখ) ভক্তৰ আগমন ৰেকৰ্ড আছে য'ত বিলভা পূজাৰ বাবে অহা ভক্তৰ সংখ্যা ১৩.৭৭ লাখ আৰু ২০২৫ চনৰ মহা শিৱৰাত্ৰিৰ সময়ত অহা ভক্তৰ সংখ্যা ৩.৫৬ লাখ। মন্দিৰৰ বহনক্ষমতাৰ ব্যৱস্থাসমূহৰ ভিতৰত আছে মাহিলী ৩০ লাখ লিটাৰ বর্জ্য পানী পৰিশোধন কৰা, বছৰি ৯৩,০০০ কিলোগ্ৰাম কাৰ্বন-ডাই-অক্সাইড শোষণ কৰা ৭,২০০ গছযুক্ত মিয়াৱাকি অৰণ্য, প্লাষ্টিকৰ আৱৰ্জনাক মাহেকীয়া ৪,৭০০ পেভাৰ ব্লক উৎপাদনলৈ ৰূপান্তৰিত কৰা আৰু সোমগংগাজলৰ জৰিয়তে ১.১৩ লাখ পৰিয়ালক উপকৃত কৰা।
- কেদাৰনাথত পুনৰ উন্নয়নৰ প্ৰচেষ্টাসমূহে তীৰ্থযাত্ৰীসকলৰ বাবে সুৰক্ষা আৰু সুলভতা উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাষ্ট্ৰীয় ৰ'পৱে উন্নয়ন কাৰ্যসূচী (পাৰ্বতমালা পৰিযোজন)ৰ অধীনত ৪,০৮১.২৮ কোটি টকা ব্যয় সাপেক্ষে অনুমোদিত ১২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সোণপ্ৰয়াগ–কেদাৰনাথ ৰ'পৱেত প্ৰতি দিশত প্ৰতি ঘণ্টাত ১,৮০০ যাত্ৰীৰ ক্ষমতাৰে উন্নত 3S (Tri-cable Detachable Gondola) প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব।
এই প্ৰকল্পই যাত্ৰাৰ সময় ৮–৯ ঘণ্টাৰ পৰা মাত্ৰ ৩৬ মিনিটলৈ হ্ৰাস কৰিব, ভাৰতৰ ১২ টা জ্যোতিৰ্লিংগৰ ভিতৰত এটালৈ নিৰাপদ, পৰিৱেশ অনুকূল আৰু সৰ্ববতৰৰ বাবে সংযোগ প্ৰদান কৰিব, যিয়ে বছৰি প্ৰায় ২০ লাখ তীৰ্থযাত্ৰী গ্ৰহণ কৰে।
- ২০২৪ চনৰ জানুৱাৰী মাহত প্ৰাণ প্ৰতিষ্ঠা হোৱা অযোধ্যাৰ ৰাম মন্দিৰ বৃহৎ পৰিসৰৰ নগৰ উন্নয়নৰ দ্বাৰা সমৰ্থিত। উন্নত সংযোগ আৰু আন্তঃগাঁথনিৰ সৈতে চহৰখনে এক প্ৰধান আধ্যাত্মিক গন্তব্যস্থানলৈ পৰিণত হৈছে।
২০২৮ চনৰ ভিতৰত অযোধ্যাৰ পৰ্যটনৰ পৰা বছৰি ১৮,০০০ কোটি টকা উপাৰ্জন হ’ব বুলি অনুমান কৰা হৈছে, বৰ্তমান বাৰ্ষিক পৰ্যটন ৰাজহ বছৰি ৮,০০০–১২,৫০০ কোটি টকা৷ পৰ্যটকৰ সংখ্যা উল্লেখনীয়ভাৱে বৃদ্ধি পাইছে। ২০২৩ চনত ৫৭.৫ মিলিয়নৰ পৰা বৃদ্ধি হৈ ২০২৪ চনত ১৬০ মিলিয়নৰো বেছি হৈছে আৰু ২০২৫ চনৰ প্ৰথম ছয় মাহতে ২৩০ মিলিয়নৰো বেছি ভক্তৰ আগমন নথিভুক্ত কৰা হৈছে। ৰাজ্যখনে উন্নয়নৰ বাবেও ৫,০০০ কোটি টকাৰো অধিক বিনিয়োগ কৰিছে। ২০২৮ চনৰ ভিতৰত উত্তৰ প্ৰদেশৰ প্ৰকল্পিত ৭০,০০০ কোটি টকাৰ পৰ্যটন অৰ্থনীতিৰ প্ৰায় ২৫% অযোধ্যাই অৰিহণা যোগাব।
- উজ্জয়নৰ মহাকাল লোক প্ৰকল্পই মন্দিৰ কমপ্লেক্সৰ চাৰিওফালে প্ৰায় ৮৫০ কোটি টকা ব্যয়েৰে নিৰ্মিত বৃহৎ সাংস্কৃতিক কৰিড’ৰ গঢ়ি তুলিছে। ইয়াত ৰাজহুৱা স্থান আৰু তীৰ্থযাত্ৰাৰ সুবিধাসমূহ উন্নীত কৰা হৈছে।
- অসমৰ মা কামাখ্যা দিব্যলোক পৰিযোজনাই কামাখ্যা মন্দিৰত আন্তঃগাঁথনি আধুনিকীকৰণ অব্যাহত ৰাখিছে। ইয়াৰ জৰিয়তে তীৰ্থযাত্ৰীসকলৰ সুবিধা উন্নত কৰাৰ লগতে উত্তৰ-পূব অঞ্চলত পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি কৰা হৈছে।
এই পদক্ষেপসমূহে প্ৰধান ঐতিহ্যসম্পন্ন আৰু তীৰ্থস্থানসমূহৰ আন্তঃগাঁথনি শক্তিশালী কৰিছে। অভিগম্যতা আৰু দৰ্শনাৰ্থীৰ অভিজ্ঞতা যথেষ্ট উন্নত হৈছে। সমগ্ৰ দেশতে আধ্যাত্মিক আৰু সাংস্কৃতিক পৰ্যটনৰ বৃদ্ধিতো এই পদক্ষেপসমূহে অৰিহণা যোগাইছে।
কূটনীতি আৰু দৃঢ়তাৰ জৰিয়তে ঐতিহ্য সংৰক্ষণ
যুগ যুগ ধৰি ঔপনিবেশিক শাসন আৰু বিদেশী দখলৰ সময়ত বিভিন্ন ধৰ্মীয় আৰু ঐতিহাসিক গুৰুত্বপূৰ্ণ বহুতো পবিত্ৰ ধ্বংসাৱশেষ আৰু প্ৰাচীন সামগ্ৰী বিদেশলৈ লৈ যোৱা হৈছিল। ইয়াৰ উপৰিও অবৈধ সৰবৰাহৰ বাবে এনে বহুতো শিল্পকৰ্ম হেৰাই গৈছিল। যোৱা ১২ বছৰত চৰকাৰে এই পবিত্ৰ ধ্বংসাৱশেষ আৰু শিল্পকৰ্মসমূহ পুনৰ উদ্ধাৰৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে।
পবিত্ৰ ধ্বংসাৱশেষসমূহৰ স্বদেশ প্ৰত্যাৱৰ্তন
এই প্ৰত্যাৱৰ্তনৰ মুখ্য কৃতিত্বসমূহৰ ভিতৰত আছে:
- ১২৭ বছৰৰ মূৰত ২০২৫ চনত ঘূৰি আহিছিল ভগৱান বুদ্ধৰ পিপ্ৰ’হোৱা ধ্বংসাৱশেষ
- ১০৮ বছৰৰ মূৰত ২০২১ চনত কানাডাৰ পৰা উভতি আহিছিল দেৱী অন্নপূৰ্ণা মূৰ্তি
- ২০২০ চনত ব্ৰিটেইনৰ পৰা উভতি আহিছিল ৰাম, সীতা আৰু লক্ষ্মণ ব্ৰঞ্জৰ মূৰ্তি
অষ্ট্ৰেলিয়া, আমেৰিকা, ব্ৰিটেইন, জাৰ্মানী, ছিংগাপুৰ আৰু কানাডাৰ পৰাও পবিত্ৰ আৰু সাংস্কৃতিক বস্তু ঘূৰাই দিয়া হৈছে।
পবিত্ৰ ধ্বংসাৱশেষৰ বিশ্বব্যাপ্ত প্ৰদৰ্শনী
সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক শক্তিশালী কৰিবলৈ ভাৰতে পবিত্ৰ বুদ্ধ ধ্বংসাৱশেষৰ আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শন সম্প্ৰসাৰণ কৰিছিল।
- ভিয়েটনাম (২০২৫): ১.৫ কোটিতকৈ অধিক ভক্ত
- কাল্মিকিয়া, ৰাছিয়া (২০২৫): ৯০,০০০ ৰো অধিক দৰ্শনাৰ্থী
- ভূটান (২০২৫): গোলকীয় শান্তি প্ৰাৰ্থনা উৎসৱৰ সময়ত বৰ্ণনা
- শ্ৰীলংকা (২০২৬): কলম্বোৰ গংগাৰামায়া মন্দিৰত প্ৰদৰ্শনী
২০২৬ চনত নতুন দিল্লী আৰু লাডাখতো ঘৰুৱা প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল য’ত পুনৰ একত্ৰিত হোৱা পিপ্ৰ’হৱাৰ ধ্বংসাৱশেষ প্ৰদৰ্শন কৰা হৈছিল।
প্ৰাচীন সামগ্ৰীসমূহৰ স্বদেশ প্ৰত্যাৱৰ্তন
ভাৰতৰ চুৰি হোৱা ঐতিহ্য পুনৰুদ্ধাৰ কৰিবলৈ যোৱা কিছু বছৰত সাংস্কৃতিক শিল্পকৰ্মসমূহ দেশলৈ ঘূৰাই অনাৰ কাম যথেষ্ট শক্তিশালী কৰা হৈছে। ২০১৪ চনৰ পৰা ২০২৬ চনৰ মে’ মাহলৈকে মুঠ ৬৫৩টা প্ৰাচীন সামগ্ৰী উদ্ধাৰ কৰা হৈছে।

যোৱা পাঁচ বছৰত নিজেই ৬১৩টা সাংস্কৃতিক শিল্পকৰ্ম ভাৰতলৈ ঘূৰাই অনা হৈছে, যিয়ে পুনৰুদ্ধাৰৰ প্ৰচেষ্টাত এক বৃহৎ ত্বৰণ প্ৰতিফলিত কৰিছে।
তদুপৰি প্ৰমাণিত মূল থকা ১১বিধ সামগ্ৰী সংশ্লিষ্ট সংস্থা আৰু প্ৰতিষ্ঠানক গতাই দিয়া হৈছে। ইন্দিৰা গান্ধী নেশ্যনেল চেণ্টাৰ ফৰ দ্য আৰ্টছ (IGNCA)ক ঋণত ৯ বিধ সামগ্ৰী প্ৰদৰ্শনৰ বাবে দিয়া হৈছে। ১বিধ সামগ্ৰী ৰাষ্ট্ৰীয় সংগ্ৰহালয়ক দিয়া হৈছে, আনহাতে ১৪বিধ সামগ্ৰী ইণ্ডিয়ান ইনষ্টিটিউট অৱ হেৰিটেজক আবণ্টন দিয়া হৈছে।
সংগ্ৰহালয় আৰু সাংস্কৃতিক আন্তঃগাঁথনি
সংগ্ৰহালয় অনুদান আঁচনি
সংগ্ৰহালয় অনুদান আঁচনিয়ে নতুন সংগ্ৰহালয় স্থাপনৰ বাবে আৰু আঞ্চলিক, ৰাজ্যিক আৰু জিলা পৰ্যায়ত বৰ্তমানৰ সংগ্ৰহালয়সমূহ শক্তিশালী আৰু আধুনিকীকৰণৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰে। ইয়াৰ উপৰিও ই শিল্প বস্তুৰ ডিজিটেলাইজেচন আৰু সংগ্ৰহালয়ৰ পেছাদাৰীসকলক প্ৰশিক্ষণ দিয়াৰ সমৰ্থন কৰে। ২০১৪ চনৰ পৰা চৰকাৰে কেৱল ষ্টেটিক ডিছপ্লে মডেলৰ পৰিৱৰ্তে ইমাৰ্চিভ মিউজিয়াম ফৰ্মেটক ক্ৰমান্বয়ে প্ৰচাৰ কৰিছিল। ইয়াৰ ভিতৰত ভাৰ্চুৱেল আৰু থিম ভিত্তিক সংগ্ৰহালয় আৰু ভাৰ্চুৱেল অভিজ্ঞতা সংগ্ৰহালয় (VEM) আছিল।
ভাৰতৰ প্ৰথম প্ৰত্নতাত্ত্বিক অভিজ্ঞতা সংগ্ৰহালয়
২০২৫ চনৰ জানুৱাৰী মাহত স্থাপিত গুজৰাটৰ ভাডনগৰত থকা প্ৰত্নতাত্ত্বিক অভিজ্ঞতা সংগ্ৰহালয়টোৱেই হৈছে বিশ্বৰ একমাত্ৰ সংগ্ৰহালয় যিয়ে এক নিমজ্জিত প্ৰত্নতাত্ত্বিক অভিজ্ঞতা প্ৰদান কৰে। মুঠ ২৯৮ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই সংগ্ৰহালয়টো ১২,৫০০ বৰ্গমিটাৰ এলেকাত বিস্তৃত হৈ আছে৷
সংগ্ৰহালয়টোত ৫,০০০ৰো অধিক সামগ্ৰী প্ৰদৰ্শন কৰা হৈছে আৰু জৈৱিক অৱশিষ্ট যেনে- খাদ্য শস্য, DNAৰ নমুনা আৰু কংকালৰ অৱশিষ্টও প্ৰদৰ্শিত কৰা হৈছে।
ইয়াৰ প্ৰধান আকৰ্ষণ হৈছে ৪,০০০ বৰ্গ মিটাৰৰ খোলা খনন স্থান, য'ত ১৬–১৮ মিটাৰ গভীৰতাত পুৰাতাত্ত্বিক অৱশিষ দেখা যায়। অভিজ্ঞতাভিত্তিক খোজকাঢ়ি যোৱা পথৰ জৰিয়তে দৰ্শনাৰ্থীসকলে খনন প্ৰক্ৰিয়া আৰু তথ্যসমূহ প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ আৰু বুজিব পাৰে।
যুগে যুগীন ভাৰত ৰাষ্ট্ৰীয় সংগ্ৰহালয়
নতুন দিল্লীত যুগে যুগীন (The timeless and eternal India) ভাৰত ৰাষ্ট্ৰীয় সংগ্ৰহালয়ক এক লেণ্ডমাৰ্ক প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা হৈছে। ইয়াক Central Vista Redevelopment Projectৰ অধীনত ঐতিহাসিক উত্তৰ আৰু দক্ষিণ ব্লকত ৰখা হ’ব।
ই ১,৫৪,০০০ বৰ্গমিটাৰত বিস্তৃত আৰু ভাৰতৰ হাজাৰ হাজাৰ বছৰ ধৰি চলি থকা সভ্যতা আৰু সাংস্কৃতিক যাত্ৰাক উপস্থাপন কৰিব।
ইউনেস্ক’ আৰু বিশ্ব ঐতিহ্য স্বীকৃতি
বিগত দশকত ভাৰতে বিশ্ব ঐতিহ্যৰ স্বীকৃতি বহু পৰিমাণে সম্প্ৰসাৰণ কৰিছে। ভাৰতত এতিয়া ৪৪ টা ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে৷
- ২০১৪ চনৰ পৰা ২০২৬ চনৰ আৰম্ভণিৰ ভিতৰত ভাৰতে ১২টা নতুন বিশ্ব ঐতিহ্য ক্ষেত্ৰ সংযোজন কৰে৷
- ভাৰতত বিশ্বজুৰি ১৫টা ইউনেস্ক’ৰ অমূৰ্ত সাংস্কৃতিক ঐতিহ্যৰ উপাদান তালিকাভুক্ত কৰা হৈছে।
- ভাৰতে নতুন দিল্লীত ৪৬ সংখ্যক ইউনেস্কো বিশ্ব ঐতিহ্য সমিতিৰ অধিবেশন (২০২৪) আয়োজন কৰে।
ভাৰতৰ ইউনেস্ক’ৰ স্বীকৃতিয়ে এতিয়া স্পষ্ট কীৰ্তিচিহ্ন আৰু জীৱন্ত সাংস্কৃতিক পৰম্পৰা দুয়োটাকে প্ৰতিফলিত কৰিছে।
মূল অমূৰ্ত ঐতিহ্য স্বীকৃতিসমূহৰ ভিতৰত যোগ, কুম্ভ মেলা, দীপাৱলী, দুৰ্গা পূজা আৰু গৰ্বা আদি অন্তৰ্ভুক্ত।
এই স্বীকৃতিসমূহে ভাৰতৰ বিশ্বব্যাপী সাংস্কৃতিক কূটনীতি আৰু ঐতিহ্য নেতৃত্বক শক্তিশালী কৰি তুলিছে।

ডিজিটেলাইজেশ্যন আৰু জ্ঞান সংৰক্ষণ
সাংস্কৃতিক ঐতিহ্যৰ ডিজিটেলাইজেশ্যন (জ্ঞান ভাৰতম)
ভাৰতৰ বিশাল পাণ্ডুলিপি ঐতিহ্য সংৰক্ষণ, ডিজিটেলাইজেশ্যন আৰু প্ৰচাৰৰ লক্ষ্যৰে চৰকাৰে ২০২৫ চনত আৰম্ভ কৰা প্ৰধান পদক্ষেপ হ’ল জ্ঞান ভাৰতম মিছন। ইয়াত পাণ্ডুলিপিত লিপিবদ্ধ প্ৰাচীন জ্ঞান ব্যৱস্থা সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰিও ই ডিজিটেল ভঁৰাল আৰু সংৰক্ষণ নেটৱৰ্কৰ জৰিয়তে গৱেষণা আৰু জনসংযোগৰ বাবেও ইয়াক সুলভ কৰি তোলে।
এই পদক্ষেপে এই স্পৰ্শকাতৰ পাণ্ডুলিপিসমূহক সুৰক্ষিত কৰিবলৈ আৰু ইয়াক বিশ্বব্যাপী সুলভ হোৱাটো নিশ্চিত কৰিবলৈ আধুনিক প্ৰযুক্তিসমূহক অধিক একত্ৰিত কৰিছে।
- জ্ঞান ভাৰতম ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (SOP) অনুসৰি বিভিন্ন ফৰ্মেটত ৮ লাখৰো অধিক ডিজিটাইজ কৰা পাণ্ডুলিপি পুনৰ ফৰ্মেট কৰা হৈছে।
- ইয়াৰে ১.২৯ লাখ পাণ্ডুলিপি ৰাষ্ট্ৰীয় ডিজিটেল ভঁৰাল (NDR)ত জনসাধাৰণৰ বাবে উপলব্ধ কৰা হৈছে।
ইয়াৰ উপৰিও পাণ্ডুলিপি চিনাক্তকৰণ, নথিভুক্তকৰণ আৰু পাণ্ডুলিপিৰ এক বিস্তৃত ৰাষ্ট্ৰীয় তথ্যকোষ সৃষ্টিৰ বাবে ২০২৬ চনৰ মাৰ্চ মাহতো ৰাষ্ট্ৰীয় পাণ্ডুলিপি জৰীপ আৰম্ভ কৰা হৈছিল।
প্ৰযুক্তি সমৰ্থিত সংৰক্ষণ
সঠিক নথিপত্ৰৰ বাবে প্ৰয়োজনীয়তা অনুসৰি আধুনিক প্ৰযুক্তি/সঁজুলি ব্যৱহাৰ কৰা হৈছে। ইয়াৰ ভিতৰত লাইট ডিটেকচন এণ্ড ৰেঞ্জিং (LiDAR) স্কেনিং, জিঅ’গ্ৰাফিক ইনফৰ্মেশ্যন চিষ্টেম (GIS)ভিত্তিক মেপিং আৰু ড্ৰোনভিত্তিক জৰীপ ইত্যাদি। সমান্তৰালভাৱে ভাৰতে সঠিক ৰেকৰ্ডিং আৰু সক্ৰিয় সংৰক্ষণ পৰিকল্পনাক সমৰ্থন কৰা ডিজিটেল আৰু স্থানীয় প্ৰযুক্তিৰ প্ৰয়োগ সম্প্ৰসাৰণ কৰিছে।
এই প্ৰযুক্তিসমূহৰ উপৰিও চৰকাৰে বহল সাংস্কৃতিক আৰু ঐতিহ্য পৰিৱেশ তন্ত্ৰৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তা (AI)ক একত্ৰিত কৰিবলৈ আৰম্ভ কৰিছে, বিশেষকৈ ডিজিটেলাইজেচন, নথিপত্ৰ আৰু সাংস্কৃতিক সম্পত্তিৰ সুলভতাৰ দৰে ক্ষেত্ৰত। পাণ্ডুলিপি আৰু সাংস্কৃতিক জ্ঞান ব্যৱস্থাকে ধৰি বৃহৎ পৰিমাণৰ ঐতিহ্য তথ্য প্ৰক্ৰিয়াকৰণ আৰু সংগঠিত কৰিবলৈ AI-সক্ষম মঞ্চ ব্যৱহাৰ কৰা হৈছে।
প্ৰযুক্তিৰ জৰিয়তে সংস্কৃতি সংৰক্ষণ
ভাৰতে ভাষা, পাণ্ডুলিপি আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ বাবে AI ব্যৱহাৰ কৰি আছে আৰু লগতে শিক্ষা আৰু ৰাজহুৱা সেৱাৰ সুবিধা উন্নত কৰিছে।
- ৩৫০তকৈও অধিক AI মডেল আৰু ৪ বিলিয়নতকৈও অধিক ভাষাৰ লেনদেনৰ সৈতে BHASHINI (২০২২ চনত আৰম্ভ কৰা)এ ২২টা ভাষা (কণ্ঠস্বৰ) আৰু ৩৬টা ভাষা (পাঠ) সমৰ্থন কৰে। ই কাশী তামিল সংগম আৰু মহা কুম্ভ ২০২৫ৰ দৰে অনুষ্ঠানত বাস্তৱ সময়ৰ অনুবাদ সক্ষম কৰিছিল ।
- BharatGen-এ ২২টা অনুসূচিত ভাষাৰ বাবে Ai মডেল বিকশিত কৰি আছে , আনহাতে Adi-Vaani-য়ে ডিজিটেল সংৰক্ষণ আৰু অনুবাদৰ জৰিয়তে জনজাতীয় ভাষা যেনে চাওঁতালী, ভিলি, মুণ্ডাৰী আৰু গণ্ডীক সমৰ্থন কৰে।
- জ্ঞান ভাৰতম অভিযানৰ অধীনত ভাৰতৰ পাণ্ডুলিপি ঐতিহ্য ডিজিটেলাইজ আৰু ডিকোড কৰিবলৈ AI ব্যৱহাৰ কৰা হৈছে, ৪৪ লাখতকৈ অধিক পাণ্ডুলিপি নথিভুক্ত কৰা হৈছে আৰু ইয়াৰ ব্যয় হৈছে ৪৮২.৮৫ কোটি (২০২৪–৩১) টকা।
- ই প্ৰাচীন পাণ্ডুলিপি, মেটাডাটা নিষ্কাশন আৰু লিপি আৰু ভাষাসমূহৰ মাজত ইন্টেলিজেন্ট কেটেলগিং আৰু ডিজিটেলাইজ কৰা ঐতিহ্য বিষয়বস্তুৰ উন্নত আৱিষ্কাৰ আৰু প্ৰৱেশৰ বাবে AI-সক্ষম সঁজুলি যেনে হাতেৰে লিখা লিখনি চিনাক্তকৰণ (HTR) আৰু দৃশ্য অক্ষৰ চিনাক্তকৰণ (OCR)ৰ সহায় লয়।
- Adi-Vaani হৈছে ভাৰতৰ জনজাতীয় ভাষাসমূহ সংৰক্ষণ আৰু পুনৰুজ্জীৱিতকৰণৰ বাবে AIভিত্তিক মঞ্চ। ই হিন্দী, ইংৰাজী আৰু জনজাতীয় ভাষাৰ মাজত বাস্তৱ সময়ৰ অনুবাদ, বাক্যৰ পৰা পাঠলৈ লিপিবদ্ধকৰণ, নৱ প্ৰজন্মৰ বাবে ভাষা শিক্ষণ আৰু লোককথা আৰু মৌখিক পৰম্পৰাৰ ডিজিটেলাইজেচন সক্ষম কৰে।
- Anuvadini, e-KUMBH, SPPEL, Sanchika আৰু Gyan-Setuৰ দৰে মঞ্চই বহুভাষিক শিক্ষাৰ সম্প্ৰসাৰণ আৰু বিপন্ন ভাষা আৰু পৰম্পৰাগত জ্ঞান সংৰক্ষণ কৰি আছে।
- ৫ কোটিতকৈ অধিক শিক্ষাৰ্থীক SWAYAMৰ দৰে ডিজিটেল শিক্ষাৰ মঞ্চৰ জৰিয়তে সংযুক্ত কৰা হৈছে ।
বৈদিক ঐতিহ্য পৰ্টেল
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ অধীনত ২০২৩ চনৰ মাৰ্চ মাহত চৰকাৰে বৈদিক ঐতিহ্য পৰ্টেল মুকলি কৰে। পৰ্টেলত ভাৰতৰ প্ৰাচীন বৈদিক জ্ঞান পৰম্পৰাক পদ্ধতিগতভাৱে সংৰক্ষণ, নথিভুক্ত কৰা, পণ্ডিত, অনুশীলনকাৰী আৰু বহল জনসাধাৰণৰ বাবে সুলভ কৰি তোলা হৈছে। এই পৰ্টেলটোৱে বৈদিক ঐতিহ্যৰ ৰাষ্ট্ৰীয় ডিজিটেল ভঁৰাল হিচাপে কাম কৰে, ঋগবেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ পৰম্পৰাক সামৰি লয়। ইয়াত বিস্তৃত দৃশ্য-শ্ৰাব্য সামগ্ৰী, পাণ্ডুলিপি আৰু আচাৰ-অনুষ্ঠান, নথিপত্ৰ অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত ৫০০ ঘণ্টাৰো অধিক ৰেকৰ্ডিং প্লেটফৰ্মত সংযুক্ত কৰা হৈছে, লগতে ডিজিটেল লাৰ্নিং মডিউল আৰু আবৃত্তি আৰ্কাইভ কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত বৈদিক শাখা আৰু মৌখিক পৰম্পৰাৰ নথিভুক্ত কৰা হৈছে, যাৰ ফলত জীৱন্ত জ্ঞান ব্যৱস্থা সংৰক্ষণৰ প্ৰচেষ্টা শক্তিশালী কৰা হৈছে। এই পদক্ষেপে আৰু অধিক বিশ্বব্যাপী তাৎপৰ্য লাভ কৰে কাৰণ বৈদিক মন্ত্ৰোচাৰৰণ পৰম্পৰাক ইউনেস্ক’ৰ দ্বাৰা অমূৰ্তল সাংস্কৃতিক ঐতিহ্য হিচাপে স্বীকৃতি দিয়াৰ বিপৰীতে ঋগবেদ পাণ্ডুলিপিসমূহ ইউনেস্ক’ৰ বিশ্ব পঞ্জীৰ স্মৃতিত অন্তৰ্ভুক্ত কৰা হৈছে, ইয়াৰ সাৰ্বজনীন সাংস্কৃতিক মূল্যৰ ওপৰত আলোকপাত কৰা হৈছে।
চলচ্চিত্ৰ আৰু দৃশ্য-শ্ৰাব্য ঐতিহ্য
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযান (NFHM)
ভাৰতৰ চিনেমাৰ ঐতিহ্য সংৰক্ষণ, ডিজিটেলাইজ, আৰু পুনৰুদ্ধাৰৰ লক্ষ্যৰে ২০১৫ চনত চৰকাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ ঐতিহ্য অভিযান আৰম্ভ কৰে।
এই অভিযানে সকলো ভাৰতীয় ভাষাৰ চলচ্চিত্ৰ নিৰ্মাতাক সহায় কৰে। ই ক্লাছিক কাহিনী-চিত্ৰ, চুটি ছবি আৰু তথ্যচিত্ৰক সুৰক্ষিত কৰে, যাৰ ফলত ভাৰতৰ চিনেমাৰ ঐতিহ্য ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষণ কৰা হয়।
২০২৫ চনৰ ডিচেম্বৰ মাহলৈকে ৪.৩ লাখ মিনিটৰ ছবিৰ সমান ১৪৬৯ টা শিৰোনাম ডিজিটেলাইজ কৰা হৈছে। ইয়াৰ ভিতৰত আছে কাহিনী-চিত্ৰ, চুটি ছবি আৰু তথ্যচিত্ৰ। ডিজিটেলাইজ কৰা আৰু পুনৰুদ্ধাৰ কৰা ছবিসমূহ ভাৰতীয় নেশ্যনেল ফিল্ম আৰ্কাইভ (NFAI)ৰ দ্বাৰা সংৰক্ষণ কৰা হয় আৰু এইসমূহ ইয়াৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে চাহিদা অনুসৰি উপলব্ধ।
ভাৰতীয় চিনেমাৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় (NMIC)
২০১৯ চনত ১৪০.৬১ কোটি টকা ব্যয় সাপেক্ষে ভাৰতীয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় (NMIC)উদ্বোধন কৰা হৈছিল। ই ভাৰতৰ চিনেমাৰ ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰচাৰক শক্তিশালী কৰি তুলিছে।
ই মুম্বাইৰ ফিল্মছ ডিভিছন কেম্পাছত অৱস্থিত, ইয়াত পুনৰুদ্ধাৰ কৰা ১৯শ শতিকাৰ গুলচন মহল(ASI হেৰিটেজ বিল্ডিং)ও অন্তৰ্ভুক্ত।
সংগ্ৰহালয়টোত ভাৰতীয় চিনেমাৰ এক শতিকাৰো অধিক সময়ৰ যাত্ৰা উপস্থাপন কৰা হৈছে৷ এই কামটো শিল্পকৰ্ম, প্ৰাচীন চলচ্চিত্ৰ সঁজুলি, ফটোগ্ৰাফ, স্মৃতিগ্ৰন্থ, ইন্টাৰেক্টিভ প্ৰদৰ্শনী আৰু মাল্টিমিডিয়া প্ৰদৰ্শনৰ জৰিয়তে কৰা হয়। এই প্ৰদৰ্শনীসমূহত ভাৰতীয় চিনেমাৰ মৌন যুগৰ পৰা বৰ্তমানলৈকে বিৱৰ্তন প্ৰদৰ্শন কৰা হৈছে।
সংগ্ৰহালয়টোত জনসাধাৰণৰ প্ৰবল অংশগ্ৰহণো দেখা গৈছে। ২০২৬ চনৰ মে' মাহত ই ১৭,০০০ৰো অধিক দৰ্শনাৰ্থী নথিভুক্ত কৰিছিল যিয়ে মুম্বাইৰ এটা মূল সাংস্কৃতিক আৰু পৰ্যটন স্থলী হিচাপে আত্মপ্ৰকাশ কৰিছিল।
কৃতিত্বৰ সংশ্লেষণ
২০১৪ চনৰ পৰা চৰকাৰে “বিকাশ ভি, বিৰাছট ভি” দৰ্শনত ভিত্তি কৰি ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত এক কেন্দ্ৰীভূত আৰু স্থায়ী পন্থা অৱলম্বন কৰি আহিছে। এই দৃষ্টিভংগীয়ে অতীতৰ নিষ্ক্ৰিয় অভিলেখাগাৰৰ পৰা ঐতিহ্যক জাতীয় পৰিচয়, গৌৰৱ আৰু বিশ্বব্যাপী অংশগ্ৰহণৰ এক সক্ৰিয় স্তম্ভলৈ ৰূপান্তৰিত কৰাত সহায় কৰিছে।
এই সময়ছোৱাত ভাৰতে স্পষ্ট আৰু অস্পষ্ট সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ, নথিপত্ৰ আৰু পুনৰুদ্ধাৰৰ বাবে নিজৰ প্ৰতিষ্ঠানিক আৰু কাৰিকৰী ক্ষমতা শক্তিশালী কৰিছে। একে সময়তে ঐতিহ্য নেতৃত্বাধীন উন্নয়নে মূল সাংস্কৃতিক আৰু তীৰ্থস্থানসমূহত দৰ্শনাৰ্থীৰ অভিজ্ঞতা আৰু সংযোগ উন্নত কৰিছে, ভাৰতৰ বিস্তৃত উন্নয়ন যাত্ৰাৰ সৈতে ইয়াক অধিক ঘনিষ্ঠভাৱে একত্ৰিত কৰিছে।
বিশ্বৰ অন্যতম চহকী সভ্যতাবাদী পৰম্পৰাৰ ৰক্ষক হিচাপে ভাৰতৰ ক্ৰমবৰ্ধমান স্বীকৃতিৰ প্ৰতিফলন ঘটিছে। বিশ্বৰ মঞ্চত ভাৰতৰ সাংস্কৃতিক পদাংক বৃদ্ধি পাইছে। ইয়াৰ সমান্তৰালভাৱে স্থায়ী প্ৰচেষ্টাই গুৰুত্বপূৰ্ণ প্ৰাচীন সামগ্ৰীসমূহ ঘূৰাই আনিছে, যিয়ে এই নীতিক পুনৰ দৃঢ় কৰিছে যে সাংস্কৃতিক ঐতিহ্য কেৱল সংৰক্ষণ কৰাই নহয়, পুনৰ উদ্ধাৰো কৰিব লাগে।
সামগ্ৰিকভাৱে এই প্ৰচেষ্টাসমূহে নীতিগত দিশতকৈও অধিক প্ৰতিফলিত কৰে। এইবোৰে এটা জাতিয়ে নিজৰ শিপাৰ সৈতে ক্ৰমাগতভাৱে পুনৰ সংযোগ স্থাপন কৰি, নিজৰ সাংস্কৃতিক আত্মবিশ্বাস শক্তিশালী কৰি আৰু পৰিচয়, ধাৰাবাহিকতা আৰু বিশ্বব্যাপী সংযোগৰ উৎস হিচাপে নিজৰ ঐতিহ্যক আগুৱাই নিয়াৰ এক সভ্যতাবাদী প্ৰতিশ্ৰুতিক প্ৰতিনিধিত্ব কৰে।
তথ্যসূত্ৰসমূহ-
পি এম ইণ্ডিয়া
https://www.pmindia.gov.in/en/news_updates/cabinet-approves-proposal-for-transitioning-from-north-and-south-blocks-to-seva-teerth-and-kartavya-bhavans-paving-the-way-for-the-yuge-yugeen-bharat/
গৃহ পৰিক্ৰমা মন্ত্ৰালয়
https://www.unesco.org/en/worldheritage/list?fq%5Bsm_unsc_field_ref_countries_label%5D%5B%5D=India&fq%5Bsm_unsc_hierarchical_field_ref_datasets_filters_label%5D%5BCategory+of+site%5D%5B%5D=Category+of+site+%7C%3E+Cultural&fq%5Bsm_unsc_hierarchical_field_ref_datasets_filters_label%5D%5BCategory+of+site%5D%5B%5D=Category+of+site+%7C%3E+Mixed&fq%5Bsm_unsc_hierarchical_field_ref_datasets_filters_label%5D%5BCategory+of+site%5D%5B%5D=Category+of+site+%7C%3E+Natural&date_from=2014&date_to=2026&query=&op=Search#toggle-facets
https://www.unesco.org/en/memory-world/rigveda
https://whc.unesco.org/en/statesparties/in
https://www.google.com/url?sa=t&source=web&rct=j&opi=89978449&url=https://whc.unesco.org/en/statesparties/in&ved=2ahUKEwikq_mMvLqUAxWo2TgGHWPcAuQQFnoECCUQAQ&usg=AOvVaw3SIh1wpG8wfSUwZNVgnenm
https://www.google.com/url?sa=i&source=web&rct=j&url=https://whc.unesco.org/en/list/1342/&ved=2ahUKEwikq_mMvLqUAxWo2TgGHWPcAuQQqYcPegoIAggACAAIARAy&opi=89978449&cd&psig=AOvVaw1CAZC3F14cwV11A7-icON3&ust=1778906188774000
https://whc.unesco.org/en/statesparties/in
ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
https://nfai.nfdcindia.com/introduction.php?rootId=VFZFOVBRPT0=&catId=VG5jOVBRPT0=&patId=VFZFOVBRPT0=
সাংস্কৃতিক মন্ত্ৰালয়
https://culture.gov.in/events/exposition-holy-relics-lord-buddha-vietnam
https://www.instagram.com/p/DYTwj1GTWad/
https://culture.gov.in/memory-world?utm
https://www.instagram.com/p/DYTwj1GTWad/
https://www.myscheme.gov.in/schemes/hriday
https://gyanbharatam.com/
https://www.google.com/url?sa=t&source=web&rct=j&opi=89978449&url=https://culture.gov.in/events/launch-gyan-bharatam-national-manuscript-survey-map-indias-manuscript-heritage&ved=2ahUKEwj1_ZjFu7qUAxWD1jgGHehgMSIQFnoECDgQAQ&usg=AOvVaw3hs2W_9pjRJyeonuWbbao9
https://www.google.com/url?sa=t&source=web&rct=j&opi=89978449&url=https://gyanbharatam.com/faq&ved=2ahUKEwj1_ZjFu7qUAxWD1jgGHehgMSIQFnoECDUQAQ&usg=AOvVaw2qE2WALu7K_biQpphYfz5o
https://culture.gov.in/latest-news/seven-indian-natural-heritage-sites-added-unescos-tentative-list
https://www.google.com/url?sa=t&source=web&rct=j&opi=89978449&url=https://culture.gov.in/files/tender_document/ContentTender.pdf&ved=2ahUKEwiB-oePvbqUAxVBR2wGHaJ5Hv8QFnoECFwQAQ&usg=AOvVaw1N4nKVC_uE4RLG60YjIoQt
লোকসভাৰ প্ৰশ্নাৱলী
https://www.google.com/url?sa=t&source=web&rct=j&url=https%3A%2F%2Fsansad.in%2FgetFile%2Floksabhaquestions%2Fannex%2F184%2FAS453_KIMPcM.pdf%3Fsource%3Dpqals&ved=0CAEQ1fkOahcKEwi4lK2Ij7GUAxUAAAAAHQAAAAAQBQ&opi=89978449
https://sansad.in/getFile/loksabhaquestions/annex/179/AU1488.pdf?source=pqals
https://www.google.com/url?sa=t&source=web&rct=j&opi=89978449&url=https://sansad.in/getFile/loksabhaquestions/annex/179/AU1488.pdf%3Fsource%3Dpqals&ved=2ahUKEwjUkoP6urqUAxU3aHADHTteCrEQFnoECBsQAQ&usg=AOvVaw0CWc-b1iR5ToFIrb5YCMNd
ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰ
https://vedicheritage.gov.in/
PDF চাবলৈ ইয়াত ক্লিক কৰক
***
পিআইবি গৱেষণা
(Explainer ID: 158943)
आगंतुक पटल : 12
Provide suggestions / comments