• Sitemap
  • Advance Search
Economy

জন সমৰ্থ পৰ্টেলৰ ৪ বছৰ

নাগৰিকৰ মাজত ঋণৰ আঁচনিসমূহৰ সহজলভ্যতা আৰু প্ৰৱেশ সম্প্ৰসাৰণ

Posted On: 05 JUN 2026 2:25PM

২০২২ চনৰ ৬ জুনত মুকলি কৰা হৈছিল জন সমৰ্থ পৰ্টেল। ডিজিটেল বিত্তীয় অন্তৰ্ভুক্তি আৰু সহজ ঋণ বিতৰণৰ ক্ষেত্ৰত এই পদক্ষেপে চাৰি বছৰ সম্পূৰ্ণ কৰিছে। একক উইণ্ড’ প্লেটফৰ্ম হিচাপে ই প্ৰযুক্তিভিত্তিক আৰু ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ ব্যৱস্থাৰ জৰিয়তে প্ৰতিষ্ঠানিক ঋণ লাভৰ প্ৰক্ৰিয়াটো সৰল কৰি তুলিছে। এই পৰ্টেলৰ অধীনত কৃষি, ব্যৱসায়, গৃহ নিৰ্মাণ, নবীকৰণযোগ্য শক্তি আৰু বিভিন্ন জীৱিকা ভিত্তিক খণ্ড সামৰি লোৱা হৈছে। দেশৰ বিভিন্ন শ্ৰেণীয়ে লাভ কৰিছে ইয়াৰ সুবিধা। একাধিক ভাষাত উপলব্ধ জন সমৰ্থ পৰ্টেল আজি এক সংহত ডিজিটেল আন্তঃগাঁথনিত পৰিণত হৈছে। এই মঞ্চই উদ্যোগী, কৃষক আৰু জীৱিকাৰ ওপৰত নিৰ্ভৰশীল নাগৰিকসকলৰ বাবে ঋণ লাভৰ ক্ষেত্ৰত সহজলভ্যতা, স্বচ্ছতা আৰু ফলপ্ৰসূ সমৰ্থন নিশ্চিত কৰে।

 

জন সমৰ্থ পৰ্টেলৰ যাত্ৰা

ভাৰতৰ বহু ঠাইত উদ্যমী হোৱাৰ সপোন আৰম্ভ হয় সঠিক সময়ত সঠিক সমৰ্থন লাভ কৰাৰ সাধাৰণ প্ৰয়োজনীয়তাৰ পৰা। এজন উদীয়মান উদ্যোগী হওক, মহিলা নেতৃত্বাধীন উদ্যোগ হওক, বা কৃষি ব্যৱসায় খণ্ডত প্ৰৱেশ কৰিব বিচৰা যুৱ পেছাদাৰী হওক, বহুতে নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ সহজ আৰু সময়োপযোগী আৰ্থিক সহায়ৰ প্ৰয়োজন। বিভিন্ন চৰকাৰী আঁচনিৰ অধীনত সুযোগ থাকিলেও একাধিক পৰ্টেল আৰু জটিল প্ৰক্ৰিয়াৰ মাজেৰে নেভিগেট কৰাটো প্ৰায়ে প্ৰত্যাহ্বানজনক হৈয়েই আছিল।

 A blue and white rectangular box with white textAI-generated content may be incorrect.

এই প্ৰয়োজনীয়তাক স্বীকাৰ কৰি চৰকাৰে ক্ৰেডিট-লিংকড আঁচনিৰ বাবে এক অনন্য ডিজিটেল প্লেটফৰ্ম হিচাপে জন সমৰ্থ পৰ্টেল মুকলি কৰে ঋণদাতাক হিতাধিকাৰীৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰা নিজৰ ধৰণৰ প্ৰথমটো মঞ্চ । ২০২২ চনৰ ৬ জুনত আৰম্ভ হোৱাৰ পিছৰে পৰা এই পৰ্টেলে সৰলীকৃত আৰু প্ৰযুক্তি-চালিত কাঠামোৰ জৰিয়তে আৰ্থিক সাহাৰ্যৰ সহজ প্ৰৱেশ শক্তিশালী কৰিছে। চৰকাৰী পৃষ্ঠপোষকতা কৰা আঁচনিসমূহৰ প্ৰসাৰতা বৃদ্ধি আৰু ঋণ প্ৰদান প্ৰক্ৰিয়াক সু-শৃংখলিত কৰাৰ যুটীয়া লক্ষ্যৰে ইয়াৰ ধাৰণা কৰা হৈছিল

জন সমৰ্থে নিজৰ যাত্ৰাৰ ৪ বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে ই নিৰৱচ্ছিন্ন ঋণ প্ৰদানৰ জৰিয়তে বিত্তীয় অন্তৰ্ভুক্তিক শক্তিশালী কৰি আহিছে।

এণ্ড-টু-এণ্ড ডিজিটেল লেণ্ডিং

এটা প্লেটফৰ্ম, এটা প্লেটফৰ্ম, একাধিক ভাষা

ইংৰাজী, হিন্দী, গুজৰাটী, তেলেগু, তামিল, মাৰাঠী, বাংলা আৰু কানাড়া

জন সমৰ্থে এক সংহত আৰু ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰ জৰিয়তে ক্ৰেডিট এপ্লিকেচন যাত্ৰাক সুশৃংখলিত কৰে। দেশৰ গ্ৰাম্য আৰু অসুবিধাগ্ৰস্ত জনসাধাৰণৰ সহজ সুবিধাৰ বাবে ৮টা ভিন্ন ভাষাত উপলব্ধ৷ এই পৰ্টেলটোৱে ১৬টা ক্ৰেডিট-লিংকড কেন্দ্ৰীয় চৰকাৰী আঁচনিৰ আবেদন দাখিলৰ বাবে এক ঐক্যবদ্ধ ডিজিটেল গেটৱে প্ৰদান কৰে। কৃষি আৰু নবীকৰণযোগ্য শক্তিৰ পৰা আৰম্ভ কৰি উদ্যোগীকৰণ আৰু গৃহ নিৰ্মাণলৈকে পৰ্টেলে বিভিন্ন খণ্ড আৰু সম্প্ৰদায়ৰ মাজত অন্তৰ্ভুক্ত ঋণৰ সুবিধা প্ৰদান কৰে।

 

 

ক্ৰমিক নং

ঋণৰ শ্ৰেণীসমূহ

আঁচনি

ক্ৰেডিট নিশ্চয়তা কভাৰেজ

  1. জৰুৰীকালীন ক্ৰেডিট লাইন নিশ্চয়তা আঁচনি ৫.০ (ইচিএলজিএছ)

e-NWR (ইলেক্ট্ৰনিক আলোচনাযোগ্য গুদাম ৰচিদ) বিত্তীয় সাহায্য

  1. ই-কিষাণ উপজ নিধি (EKUN)

হোম লোন

  1. অৰ্থনৈতিকভাৱে দুৰ্বল অংশ (EWS), কম আয়ৰ গোট (LIG) আৰু মধ্যম আয়ৰ গোট (MIG)ৰ বাবে গৃহ ঋণ: নগৰীয়া অঞ্চল (HL-U)

কৃষি ঋণ -কিষাণ ক্ৰেডিট কাৰ্ড

  1. কিষাণ ক্ৰেডিট কাৰ্ড

 

 

  1. কিষাণ ক্ৰেডিট কাৰ্ড – মীন (KCCFIM)

নবীকৰণযোগ্য শক্তি

  1. ছাদৰ ওপৰৰ সৌৰ ব্যৱস্থা স্থাপনৰ বিত্তীয় সাহাৰ্য (SOLAR)

কৃষি আন্তঃগাঁথনি ঋণ

  1. কৃষি ক্লিনিক আৰু কৃষি ব্যৱসায়িক কেন্দ্ৰ আঁচনি (ACABC)

 

 

  1. কৃষি আন্তঃগাঁথনি পুঁজি (AIF)

ব্যৱসায়িক কাৰ্যকলাপ ঋণ

  1. প্ৰধানমন্ত্ৰীৰ নিয়োগ সৃষ্টি কাৰ্যসূচী

 

 

  1. ৱেভাৰ মুদ্ৰা আঁচনি (WMS)

 

 

  1. প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (PMMY)

 

 

  1. প্ৰধানমন্ত্ৰী ষ্ট্ৰীট ভেণ্ডৰ আত্মনিৰ্ভৰ নিধি আঁচনি (PM SVANidhi)

 

 

  1. নেচনেল একচন ফৰ মেকানাইজড চেনিটেচন ইক'চিষ্টেম (NAMASTE)

 

 

  1. ষ্টাৰ্টআপৰ বাবে ঋণ (START)

 

 

  1. ক্ষুদ্ৰ উদ্যোগৰ বাবে ক্ৰেডিট কাৰ্ড (CCME)

জীৱিকা ঋণ

  1. দীনদয়াল অন্ত্যোদয় যোজনা–ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযান (DAY-NRLM)

 

পৰ্টেলটোৱে ২৬৯টা সদস্য ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানকো অনবৰ্ড কৰিছে, য’ত আছে:

  • ১২ টা ৰাজহুৱা খণ্ডৰ বেংক
  • ২০টা ব্যক্তিগত খণ্ডৰ বেংক
  • ১৯ নন-বেংকিং বিত্তীয় কোম্পানী (NBFC)
  • ২৮টা আঞ্চলিক গ্ৰাম্য বেংক
  • ৭ টা ক্ষুদ্ৰ বিত্ত বেংক
  • ১৮০ টা জিলা কেন্দ্ৰীয় সমবায় বেংক (DCCB)
  • ২ টা অনুসূচিত ৰাজ্যিক সমবায় বেংক
  • ১ টা সৰ্বভাৰতীয় বিত্তীয় প্ৰতিষ্ঠান

সৰলীকৃত ডিজিটেল প্ৰয়োগ প্ৰক্ৰিয়া

২৪x৭ ভিত্তিত উপলব্ধ এই পৰ্টেলটোৱে আবেদনকাৰীসকলক সুবিধাজনক আৰু সময়-দক্ষ ডিজিটেল এপ্লিকেচন অভিজ্ঞতা প্ৰদান কৰে।

A diagram of a processAI-generated content may be incorrect.

 

  • কেইটামান প্ৰশ্নৰ উত্তৰ দিয়াৰ লগে লগে পৰ্টেলে আবেদনকাৰীক সৰ্বোত্তম উপযুক্ত আঁচনিৰ সৈতে মিলাই দিয়ে।
  • পৰ্টেলে যোগ্যতা পৰীক্ষা কৰে আৰু উন্নত প্ৰযুক্তিৰ সৈতেও প্ৰয়োজনীয় বিৱৰণসমূহ অট’ -ফিল কৰে।
  • নীতিগত অনুমোদন দিয়ে আৰু ইনবিল্ট স্বয়ংক্ৰিয় ব্যৱসায়িক নিয়ম ইঞ্জিনৰ জৰিয়তে নিৰ্বাচিত বেংক শাখালৈ নথিপত্ৰৰ সৈতে আবেদন প্ৰেৰণ কৰে।
  • ইয়াৰ উপৰিও ই হিতাধিকাৰীসকলক যাত্ৰাৰ প্ৰতিটো পৰ্যায়তে আপডেট কৰি ৰাখে, বেংকৰ শাখাসমূহলৈ একাধিক শাৰীৰিক ভ্ৰমণৰ প্ৰয়োজন নোহোৱাকৈ।
  • বিভিন্ন চৰকাৰী ডাটাবেছৰ মাজেৰে বাস্তৱ সময়ৰ পৰীক্ষাই ঋণৰ প্ৰক্ৰিয়া দ্ৰুত হোৱাটো নিশ্চিত কৰে। মূল সংহতিৰ ভিতৰত স্থানীয় চৰকাৰী ডাইৰেক্টৰী (LGD), UDYAM, ভাৰতৰ একক চিনাক্তকৰণ কৰ্তৃপক্ষ (UIDAI), AgriStack, DPIIT ৰ ষ্টাৰ্টআপ পৰ্টেল, LOKoS ইত্যাদি অন্তৰ্ভুক্ত। কৰ সম্পৰ্কীয় ৰেকৰ্ডৰ বাবে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব'ৰ্ড (CBDT), সামগ্ৰী আৰু সেৱা কৰ (GST) ও সংযুক্ত কৰা হৈছে। বিভিন্ন নিয়ন্ত্ৰণ আৰু বেচৰকাৰী উৎসও পৰ্টেলত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত আছে নেশ্যনেল ছিকিউৰিটিজ ডিপ’জিটৰী লিমিটেড (NSDL), নেশ্যনেল ই-গভৰ্নেন্স চাৰ্ভিচেছ লিমিটেড (NESL),CIBL, নেশ্যনেল ক্ৰেডিট গ্যাৰাণ্টী ট্ৰাষ্টী কোম্পানী (NCGTC) আৰু ক্ৰেডিট গ্যাৰাণ্টী ফাণ্ড ট্ৰাষ্ট ফৰ মাইক্ৰ’ এণ্ড ক্ষুদ্ৰ উদ্যোগ (CGTMSE) ইত্যাদি।

পৰ্টেলে বেংকৰ ব্যৱসায়িক সংবাদদাতা/সহায়ক অংশীদাৰসকলে ঋণৰ আবেদন দাখিলৰ বাবেও সহায়ক পদ্ধতিৰ সুবিধা প্ৰদান কৰে। ইয়াক ৱেবছাইট (www.jansamarth.in) আৰু মোবাইল এপ্লিকেচন (এণ্ড্ৰইড আৰু IOS দুয়োটাতে উপলব্ধ)ৰ জৰিয়তে প্ৰৱেশ কৰিব পাৰি । বাস্তৱ সময়ৰ প্ৰতিবেদন প্ৰৱেশৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেচন উপলব্ধ।

জন সমৰ্থ: পৰিসৰ আৰু প্ৰভাৱ

জন সমৰ্থ পৰ্টেলৰ প্ৰভাৱ ইয়াৰ বৃহৎ পৰিসৰৰ ঋণৰ সুবিধা আৰু সমগ্ৰ দেশতে ইয়াৰ উদ্যোগীকৰণ যাত্ৰা দুয়োটাতে দেখা যায়।

আৰম্ভণিৰ পৰাই পৰ্টেলটোৱে সমগ্ৰ দেশতে প্ৰতিষ্ঠানিক ঋণৰ সুবিধা সম্প্ৰসাৰণৰ বাবে এক মূল ডিজিটেল মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে। ২০২৬ চনৰ ০১ জুন তাৰিখলৈকে পৰ্টেলৰ জৰিয়তে প্ৰায় ৫৪.১০ লাখ ৩,০০,৯৫১ কোটি টকাৰ আবেদন প্ৰক্ৰিয়াকৰণ কৰা হৈছে । ইয়াৰ উপৰিও বেংকসমূহে ৪৯.৫৫ লাখ হিতাধিকাৰীক ২,৭৬,৪৯৩.৭৮ কোটি টকাৰ পৰিমাণৰ ডিজিটেল অনুমোদন প্ৰদান কৰিছে । ইয়াৰ দ্বাৰা দক্ষ ডিজিটেল ঋণ ব্যৱস্থাৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা নিৰ্ভৰশীলতাক প্ৰতিফলিত কৰা হৈছে।

A blue and white rectangular signAI-generated content may be incorrect.

জীৱন আৰু জীৱিকাৰ পৰিৱৰ্তন

 

ৰাজস্থানৰ উদয়পুৰৰ বিনায়ক পেকেজিঙৰ স্বত্বাধিকাৰী নিখিলে নিজৰ ব্যৱসায় বৃদ্ধি কৰাৰ আকাংক্ষা কৰিছিল৷ অৱশ্যে তাৰ বাবে সময়মতে আৰ্থিক সাহায্যৰো প্ৰয়োজন হৈছিল। জন সমৰ্থ পৰ্টেলত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (PMMY)ৰ জৰিয়তে তেওঁ এটা হেঁচামুক্ত আৰু সৰলীকৃত ডিজিটেল ঋণ আবেদন প্ৰক্ৰিয়া লাভ কৰিবলৈ সক্ষম হয় পঞ্জাব এণ্ড সিন্ধ বেংকৰ সহায়ত নিখিলে নিজৰ কাম-কাজ সফলতাৰে সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় সাহাৰ্য লাভ কৰিছিল, যাৰ ফলত তেওঁৰ ব্যৱসায়িক যাত্ৰা শক্তিশালী হৈছিল।

একেদৰে মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ উপকূলীয় গাঁও মহিম কেলভেত বাস কৰি ছোনিয়াই মীন ব্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল উদ্যোগী হোৱাৰ আকাংক্ষা কৰিছিল৷ বেংক অৱ বৰোদাৰ পৰা প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত জন সমৰ্থ পৰ্টেলৰ জৰিয়তে আৰ্থিক সাহাৰ্য লাভ কৰে। এইটোৱে তেওঁক মাছ যোগানৰ উদ্যোগ আৰম্ভ কৰাত সহায় কৰিছিল, তেওঁৰ আকাংক্ষাক এক বহনক্ষম জীৱিকালৈ ৰূপান্তৰিত কৰিছিল আজি তেওঁৰ ব্যৱসায়ে তেওঁৰ পৰিয়ালৰ আয়ক সমৰ্থন কৰে আৰু গ্ৰাম্য মহিলা উদ্যোগীসকলক সবলীকৰণৰ ক্ষেত্ৰত ডিজিটেল ক্ৰেডিটৰ ভূমিকাক উজ্জ্বল কৰি তোলে।

আন এটা উদাহৰণত ৰাজস্থানৰ বুণ্ডী জিলাৰ তালেৰাৰ পৰা অহা নিতেশ বৈৰগাৰীয়ে কৃষি উদ্যোগী হোৱাৰ সপোন দেখিছিল আৰু নিজৰ সমাজৰ ভিতৰত সুযোগ সৃষ্টি কৰাৰ সপোন দেখিছিল। জন সমৰ্থ পৰ্টেলৰ জৰিয়তে তেওঁ কৃষি ক্লিনিক আৰু কৃষি ব্যৱসায়িক কেন্দ্ৰ আঁচনি (ACABC)ৰ অধীনত আৰ্থিক সাহাৰ্যৰ বাবে আবেদন জনায়। ভাৰতীয় ষ্টেট বেংকৰ সহযোগত ঋণ অনুমোদন প্ৰক্ৰিয়াটো হজ আৰু সুসংহত হৈছিল, যাৰ ফলত তেওঁ সফলতাৰে দুগ্ধ ইউনিট স্থাপন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ যাত্ৰাই উজ্জ্বল কৰি তুলিছে যে প্ৰতিষ্ঠানিক ঋণৰ সহজ প্ৰৱেশে গ্ৰাম্য উদ্যোগীসকলক বহনক্ষম জীৱিকা গঢ়ি তুলিবলৈ কিমান শক্তিশালী কৰি তুলিছে

 

এই কাহিনীসমূহে একেলগে প্ৰমাণ কৰে যে কেনেকৈ জন সমৰ্থ পৰ্টেলে বিত্তীয় অন্তৰ্ভুক্তি সম্প্ৰসাৰণ কৰিছে আৰু বিভিন্ন খণ্ড আৰু অঞ্চলত উদ্যোগীকৰণক সক্ষম কৰি তুলিছে।

 

এটা অন্তৰ্ভুক্ত ঋণ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলা

একক উইণ্ড’ ডিজিটেল প্লেটফৰ্ম হিচাপে ডিজাইন কৰা জন সমৰ্থ পৰ্টেলে বিভিন্ন ঋণৰ প্ৰয়োজনীয়তাক সম্বোধন কৰিছে। এই মঞ্চই দক্ষ আৰু প্ৰযুক্তি-চালিত পৰিৱেশ তন্ত্ৰৰ জৰিয়তেও বিভিন্ন খণ্ডত সুযোগ সম্প্ৰসাৰণ কৰি আছে। জন সমৰ্থে উদ্যোগী, কৃষক, ক্ষুদ্ৰ ব্যৱসায় আৰু জীৱিকাৰ সন্ধানীসকলক বিভিন্ন খণ্ডত সহায় কৰে। পদ্ধতিগত জটিলতা হ্ৰাস কৰি আৰু সুলভতা উন্নত কৰি ই দেশজুৰি নাগৰিকসকলৰ বাবে প্ৰতিষ্ঠানিক ঋণৰ সহজ প্ৰৱেশ শক্তিশালী কৰিছে। এই পদক্ষেপে সংযুক্ত চৰকাৰী আঁচনিৰ সৈতে জড়িত সকলো কাম-কাজ আৰু প্ৰক্ৰিয়াৰ শেষৰ পৰা শেষলৈ একত্ৰীকৰণো নিশ্চিত কৰে। ইয়াৰ দ্বাৰা ডিজিটেল বিত্তীয় অন্তৰ্ভুক্তি, দক্ষ ঋণ প্ৰদান আৰু অন্তৰ্ভুক্ত অৰ্থনৈতিক সবলীকৰণৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতা প্ৰতিফলিত হয়।

 

তথ্যসূত্ৰসমূহ

বিত্ত মন্ত্ৰালয়

https://www.jansamarth.in/home

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2247026&reg=3&lang=2

https://www.jansamarth.in/our-partners

https://www.jansamarth.in/home-loan-pradhan-mantri-awas-yojana-urban-2-0-scheme

 

জন সমৰ্থ পৰ্টেল – YouTube

https://www.youtube.com/watch?v=WyFac4PmIYA

https://www.youtube.com/watch?v=YciXtGzjvsw

https://www.youtube.com/watch?v=U55E6ma4MIo

PDF চাবলৈ ইয়াত ক্লিক কৰক

********

পিআইবি গৱেষণা

 

(Explainer ID: 158835) आगंतुक पटल : 40
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Gujarati , Gujarati , Tamil , Kannada , Malayalam