Social Welfare
প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান
সকলোৰে বাবে অন্তর্ভুক্তিমূলক মাতৃস্বাস্থ্য সেৱা প্রদানৰ এটা দশক
Posted On:
08 JUN 2026 9:47PM
মূল বৈশিষ্ট্য
২০১৬ চনৰ জুন মাহত আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানে অধীনত প্ৰতি মাহৰ ৯ তাৰিখে চৰকাৰী স্বাস্থ্য প্ৰতিষ্ঠানত গৰ্ভৱতী মহিলাৰ বিনামূলীয়া, মানসম্পন্ন প্ৰসৱৰ পূৰ্বে যত্ন প্ৰদান কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে আগতীয়াকৈ বিপদ ধৰা পেলোৱা, সময়মতে চিকিৎসাৰ হস্তক্ষেপ আৰু সুৰক্ষিত গৰ্ভাৱস্থা নিশ্চিত কৰা। ২০২৬ চনত ১০ বছৰ সম্পূৰ্ণ কৰা এই কাৰ্যসূচীৰ অধীনত ৭.৫ কোটিতকৈ অধিক গৰ্ভৱতী মহিলাই নিয়মীয়া এ.এন.চি. পৰীক্ষা সেৱাৰ উপৰিও পি.এম.এছ.এম.এ.ৰ অধীনত প্ৰসৱৰ পূৰ্বে সেৱা লাভ কৰিছে। ২০২২ চনত আৰম্ভ কৰা বৰ্ধিত পি.এম.এছ.এম.এ.য়ে উচ্চ বিপদজনক গৰ্ভাৱস্থাৰ বাবে অনুসৰণমূলক যত্ন আৰু অনুসৰণ শক্তিশালী কৰে।
মাতৃৰ স্বাস্থ্য কিয় গুৰুত্বপূৰ্ণ
প্ৰতিটো গৰ্ভাৱস্থাই কেৱল এটা পৰিয়ালৰ বাবেই নহয়, এটা সম্প্ৰদায় আৰু জাতিৰ ভৱিষ্যতৰ বাবেও আশা কঢ়িয়াই লৈ ফুৰে। সেয়েহে নিৰাপদ গৰ্ভাৱস্থা আৰু সুস্থ প্ৰসৱ নিশ্চিত কৰাটো জনস্বাস্থ্য আৰু মানৱ বিকাশ দুয়োটাৰে বাবে মৌলিক। তথাপিও গৰ্ভাৱস্থাত এনে বিপদো জড়িত হৈ থাকে যিবোৰ সময়মতে চিনাক্ত আৰু পৰিচালনা নকৰিলে মাতৃ আৰু শিশু উভয়ৰে জীৱন বিপন্ন হ’ব পাৰে। মাতৃৰ স্বাস্থ্য এখন দেশৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ শক্তি আৰু সৰ্বাংগীনতাৰ অন্যতম স্পষ্ট সূচক হৈয়েই আছে।
|
মাতৃৰ মৃত্যুৰ অনুপাত (MMR) কি?
এক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত প্ৰতি ১ লাখ জীৱিত জন্মত মাতৃ মৃত্যুৰ সংখ্যাৰূপে ইয়াক সংজ্ঞায়িত কৰা হয়। মাতৃ মৃত্যুৰ অৰ্থ হৈছে গর্ভধাৰণৰ সময়ত বা গর্ভপাতৰ শেষৰ পৰা ৪২ দিনৰ ভিতৰত যিকোনো গৰ্ভাৱস্থাৰ সৈতে জড়িত কাৰণ অথবা গৰ্ভধাৰণ বা তাৰ ব্যৱস্থাপনাৰ দ্বাৰা তীব্ৰ হোৱা কাৰণৰ বাবে এগৰাকী মহিলাৰ মৃত্যু (আকস্মিক বা ঘটনাগত কাৰণক বাদ দি)।
|
প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA) আৰম্ভ হোৱাৰ পূৰ্বে মাতৃৰ মৃত্যুৰ হাৰ জনস্বাস্থ্যৰ এক ডাঙৰ প্ৰত্যাহ্বান হৈয়েই আছিল। ২০১৪–১৬ চনৰ ভিতৰত ভাৰতৰ মাতৃ মৃত্যুৰ অনুপাত (MMR) প্ৰতি লাখ জীৱিত জন্মৰ ১৩০ত আছিল।
এই পৰিস্থিতিয়ে সমগ্ৰ দেশতে মাতৃ স্বাস্থ্যসেৱাক শক্তিশালী কৰাৰ জৰুৰী প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও ভাৰতে ২০৩০ চনৰ ভিতৰত প্ৰতি এক লাখ জীৱিত জন্মৰ ভিতৰত মাতৃৰ মৃত্যুৰ হাৰ ৭০ৰ তললৈ হ্ৰাস কৰাৰ বহনক্ষম উন্নয়ন লক্ষ্য (SDG)ৰ লক্ষ্যত উপনীত হোৱাৰ প্ৰতিশ্ৰুতি দিছিল।ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি, ২০১৭ৰ অধীনত মাতৃ স্বাস্থ্যকো এটা মূল অগ্ৰাধিকাৰ হিচাপে চিনাক্ত কৰা হৈছিল, যাৰ ফলত কেন্দ্ৰীভূত আৰু স্থায়ী হস্তক্ষেপৰ প্ৰয়োজনীয়তাক আৰু অধিক শক্তিশালী কৰা হৈছিল। এই পটভূমিত চৰকাৰে ২০১৬ চনত প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA) আৰম্ভ কৰে।
প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA)
২০১৬ চনৰ ৯ জুনত আৰম্ভ হোৱা PMSMAয়ে প্ৰতি মাহৰ ৯ তাৰিখে নিৰ্দিষ্ট চৰকাৰী স্বাস্থ্য সুবিধাসমূহত গৰ্ভৱতী মহিলাসকলক — বিশেষকৈ দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিকৰ মহিলাসকলক বিনামূলীয়া, বিস্তৃত প্ৰসৱৰ পূৰ্বে যত্ন প্ৰদান কৰে। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে ভাৰতৰ প্ৰতিগৰাকী মহিলা (লাগে তেওঁ য’তেই নাথাকক কিয়)ৰ বাবে আগতীয়াকৈ বিপদ ধৰা পেলোৱা, সময়মতে চিকিৎসাৰ হস্তক্ষেপ আৰু সুৰক্ষিত গৰ্ভাৱস্থা নিশ্চিত কৰা।
PMSMAৰ সেৱা পেকেজত ক্লিনিকেল পৰীক্ষা, পৰীক্ষাগাৰৰ তদন্ত (তেজ আৰু প্ৰস্ৰাৱৰ পৰীক্ষা, আল্ট্ৰাছ’ন’গ্ৰাফী, ঔষধ আৰু পুষ্টি, জন্ম পৰিকল্পনা আৰু নিৰাপদ গৰ্ভাৱস্থাৰ পদ্ধতিৰ ওপৰত পৰামৰ্শ আদি অন্তৰ্ভুক্ত কৰা হৈছে। মূল বৈশিষ্ট্যসমূহৰ ভিতৰত আছে:
- প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ বা বিস্তৃত জৰুৰীকালীন প্ৰসূতি আৰু নৱজাতকৰ যত্ন(CEmONC)ৰ দ্বাৰা নূন্যতম এটা বিস্তৃত আৰু মানসম্পন্ন প্ৰসৱৰ পূৰ্বে পৰীক্ষা কৰা ।
- দ্বিতীয় বা তৃতীয় ত্ৰৈমাসিকৰ সময়ছোৱাত বিস্তৃত জৰুৰীকালীন প্ৰসূতি আৰু নৱজাতকৰ যত্ন (CEmONC)/মৌলিক জৰুৰীকালীন প্ৰসূতি আৰু নৱজাতকৰ যত্ন (BEmONC) প্ৰশিক্ষিত চিকিৎসক।
- নিৰ্দিষ্ট জনস্বাস্থ্য সুবিধাসমূহত বিশেষজ্ঞ প্ৰসৱৰ পূৰ্বে যত্ন সেৱাৰ বাবে গৰ্ভৱতী মহিলাসকলক সংগঠিত কৰা।
- ২৫টা উচ্চ বিপদজনক কাৰকৰ পৰীক্ষা কৰি আৰু প্ৰাৰম্ভিক পৰ্যায়ত ব্যৱস্থাপনা কৰি উচ্চ বিপদজনক গৰ্ভাৱস্থা (HRP) চিনাক্তকৰণ।
- নিৰাপদ প্ৰসৱৰ বাবে HRPসমূহক নিকটতম ফাৰ্ষ্ট ৰেফাৰেল ইউনিট (FRU)ৰ সৈতে সংযোগ কৰা।
- PMSMAৰ সেৱা প্ৰদানৰ বাবে ব্যক্তিগত সেৱা প্ৰদানকাৰীৰ এম্পেনেলিং।
- সেৱা পেকেজত প্ৰয়োজনীয় তেজ আৰু প্ৰস্ৰাৱৰ তদন্ত আৰু আল্ট্ৰাছ’ন’গ্ৰাফী অন্তৰ্ভুক্ত কৰা।
- প্ৰতিগৰাকী গৰ্ভৱতী মহিলাৰ বাবে পুষ্টি, উপযুক্ত জন্ম পৰিকল্পনা আৰু জটিলতাৰ প্ৰস্তুতিৰ ওপৰত পৰামৰ্শ।
|
২৫ উচ্চ বিপদজনক গৰ্ভাৱস্থা (HRP) শ্ৰেণী: এইচ.আই.ভি., চিফিলিছ, গুৰুতৰ ৰক্তহীনতা, গৰ্ভাৱস্থাৰ ফলত হোৱা উচ্চ ৰক্তচাপ, গৰ্ভাৱস্থাৰ ডায়েবেটিছ মেলিটাছ, হাইপোথাইৰয়ডিজম, যক্ষ্মা, মেলেৰিয়া, পূৰ্বৰ নিম্ন খণ্ডৰ চিজাৰিয়ান অস্ত্ৰোপচা, চেফালো-পেলভিক অসমতা, বেয়া প্ৰসূতিৰ ইতিহাস, যমজ সন্তান বা একাধিক গৰ্ভাৱস্থা, হেপাটাইটিছ বি, অস্বাভাৱিক ভ্ৰুণ হৃদস্পন্দন, কৈশোৰ গৰ্ভাৱস্থা, উচ্চ জ্বৰ, প্ৰজনন নলীৰ সংক্ৰমণ/যৌন সংক্ৰমণ(RTI/STI), মৃত জন্মৰ ইতিহাস, জন্মগত বিকৃতি, ঋণাত্মক তেজৰ গোট, আৰম্ভণিৰ প্ৰাইমি(সৰু বয়সত প্ৰথম গৰ্ভাৱস্থা, বয়সস্থ প্ৰাইমি (বৰ্ধিত বয়সত প্ৰথম গৰ্ভাৱস্থা, গ্ৰেণ্ড মাল্টিপেৰা, চুটি উচ্চতা আৰু অন্যান্য নিৰ্দিষ্ট চিকিৎসা বা প্ৰসূতিৰ অৱস্থা।
|
প্ৰতিটো ভ্ৰমণৰ বাবে মাতৃ আৰু শিশু সুৰক্ষা কাৰ্ডত গৰ্ভৱতী মহিলাৰ অৱস্থা আৰু বিপদজনক কাৰক সূচনা কৰা এটা ষ্টীকাৰ যোগ কৰা হয়:

|
PMSMA সেৱাসমূহ কোনে প্ৰৱেশ কৰিব পাৰে:
- গৰ্ভৱতী মহিলাৰ দ্বিতীয় ত্ৰৈমাসিক (১৩–২৭ সপ্তাহ) বা তৃতীয় ত্ৰৈমাসিক (২৮ ৰ পৰা প্ৰসৱৰ সময়লৈকে।
- ভাৰতত বাস কৰা ভাৰতীয় নাগৰিক, প্ৰতি মাহৰ ৯ তাৰিখে নিৰ্দিষ্ট চৰকাৰী স্বাস্থ্য সুবিধাসমূহ পৰিদৰ্শন কৰিবলৈ ইচ্ছুক।
- উচ্চ বিপদজনক গৰ্ভাৱস্থাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ মনোযোগ আৰু অনুসৰণমূলক যত্ন লাভ কৰে।
- নিয়মীয়া প্ৰসৱৰ পূৰ্বে যত্ন লোৱা মহিলাসকলক অংশগ্ৰহণ কৰিবলৈ সক্ৰিয়ভাৱে উৎসাহিত কৰা হয়।
|
চিকিৎসক স্বেচ্ছাসেৱী ব্যৱস্থা
এই কাৰ্যসূচীয়ে প্ৰতিমাহৰ ৯ তাৰিখে স্বেচ্ছাসেৱীভাৱে নিজৰ সময় আগবঢ়াবলৈ ব্যক্তিগত খণ্ডৰ OB-GYN বিশেষজ্ঞ, ৰেডিঅ’লজিষ্ট আৰু চিকিৎসকসকলক সক্ৰিয়ভাৱে আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে নিজেই ‘মন কি বাত’ ভাষণৰ সময়ত চিকিৎসকসকলক বছৰত মাত্ৰ ১২ দিন এই কামত উচৰ্গা কৰিবলৈ আহ্বান জনাইছিল। অফিচিয়েল PMSMA পৰ্টেলৰ জৰিয়তে চিকিৎসকে পঞ্জীয়ন কৰিব পাৰিব৷ স্বেচ্ছাসেৱকসকলক তেওঁলোকৰ অৱদানৰ বাবে IPledgeFor9’ Achievers Awards ৰ জৰিয়তে স্বীকৃতি দিয়া হয়।
সমগ্ৰ ভাৰতত প্ৰসাৰতা

মাতৃ স্বাস্থ্যৰ হস্তক্ষেপ হিচাপে লক্ষ্য নিৰ্ধাৰণ কৰি যিটো আৰম্ভ হৈছিল সেয়া দেশজোৰা আন্দোলনলৈ পৰিণত হৈছে। আৰম্ভণিৰ পৰাই PMSMAই নিজৰ প্ৰসাৰ জিলাসমূহ, স্বাস্থ্য সুবিধাসমূহ আৰু সমাজসমূহত বৃদ্ধি কৰিছে।

উল্লেখযোগ্য যে, ভাৰতে মাতৃৰ মৃত্যুৰ অনুপাত ৪৩ পইণ্ট হ্ৰাস কৰি ২০১৪–১৬ চনৰ পৰা ২০২২–২৪ চনৰ ভিতৰত প্ৰতি লাখ জীৱিত জন্মৰ ভিতৰত ১৩০ৰ পৰা ৮৭লৈ হ্ৰাস পাইছে।
বৰ্ধিত PMSMA: ফ’ল’-আপ কেয়াৰ শক্তিশালী কৰা

উচ্চ বিপদজনক গৰ্ভাৱস্থা চিনাক্ত কৰাটো কেৱল প্ৰথম পদক্ষেপ বুলি স্বীকাৰ কৰি চৰকাৰে ২০২২ চনৰ জানুৱাৰী মাহত অনুসৰণমূলক যত্ন শক্তিশালী কৰাৰ বাবে বৰ্ধিত PMSMA কৌশল আৰম্ভ কৰে। এই পদক্ষেপে নিশ্চিত কৰে যে উচ্চ বিপদজনক হিচাপে চিনাক্ত কৰা মহিলাসকলে সমগ্ৰ গৰ্ভাৱস্থাত অতিৰিক্ত প্ৰসৱৰ পূৰ্বে পৰীক্ষা, নিৰন্তৰ নিৰীক্ষণ আৰু সময়মতে চিকিৎসাৰ সহায় লাভ কৰে। প্ৰতিটো উচ্চ বিপদজনক গৰ্ভাৱস্থাৰ নিৰাপদ প্ৰসৱ নোহোৱালৈকে পৃথকে পৃথকে অনুসৰণ কৰা হয়। আনহাতে, আৰ্থিক ইচেন্টিভে হিতাধিকাৰী আৰু লগত থকা স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্য কৰ্মী (আশা) কৰ্মী দুয়োকে অতিৰিক্ত তিনিটা ভ্ৰমণৰ বাবে সহায় কৰে। হিতাধিকাৰীৰ লগতে আশা কৰ্মীলৈ HRP আৰু ফ'ল'-আপ ভ্ৰমণৰ পঞ্জীয়নৰ বাবে SMS সতৰ্কবাণী প্ৰেৰণ কৰা হয়।
অন্যান্য মাতৃ স্বাস্থ্য পদক্ষেপসমূহৰ সৈতে কাম কৰা
PMSMAয়ে পৃথকে পৃথকে কাম নকৰে। ই চৰকাৰে ৰূপায়ণ কৰা মাতৃ আৰু শিশু স্বাস্থ্য কাৰ্যসূচীৰ বৃহত্তৰ পৰিৱেশ তন্ত্ৰৰ অংশ।
- জননী সুৰক্ষা যোজনাই প্ৰতিষ্ঠানিক প্ৰসৱক প্ৰসাৰিত কৰে। ২০১৪-১৫ চনৰ পৰা ২০২৫ চনৰ মাৰ্চ পৰ্যন্ত ইয়াৰ দ্বাৰা ১১.৯৬ কোটিতকৈ অধিক মহিলা উপকৃত হৈছে।
- জননী শিশু সুৰক্ষা কৰ্মক্ৰমে গৰ্ভৱতী মহিলা আৰু নৱজাতকক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰে। ২০১৪-১৫ চনৰ পৰা এই আঁচনিৰ অধীনত ১৮.০৫ কোটিতকৈ অধিক হিতাধিকাৰীয়ে সহায় লাভ কৰিছে।
- ৯৯,২৯০ টাতকৈও অধিক সুবিধাৰ নেটৱৰ্কৰ জৰিয়তে সুৰক্ষিত মাতৃত্ব আশ্বাসনে (SUMAN) গুণগত মানৰ মাতৃ স্বাস্থ্যসেৱা শক্তিশালী কৰে।
- অন্যান্য পদক্ষেপ যেনে প্ৰধানমন্ত্ৰীৰ সামগ্ৰিক পুষ্টিৰ বাবে সামগ্ৰিক আঁচনি (POSHAN) অভিযান, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা (PMMVY) আৰু শ্ৰমিক কক্ষৰ গুণগত মান উন্নয়ন পদক্ষেপ (LaQshya) আদিয়ে মাতৃৰ পুষ্টি, প্ৰসূতিৰ সুবিধা আৰু প্ৰসৱ কক্ষত যত্নৰ মানদণ্ডৰ বিষয়ে আলোচনা কৰে।
এই কাৰ্যসূচীসমূহে একেলগে মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যৰ বাবে এক বিস্তৃত কাঠামো সৃষ্টি কৰে।
PMSMAৰ ১০ বছৰ উদযাপন
চৰকাৰে PMSMAৰ ১০ বছৰ পূৰ্তি নিম্নোক্ত বিষয়সমূহৰ জৰিয়তে পালন কৰিছে:
১.৮ লাখ আয়ুষ্মান আৰোগ্য মন্দিৰত আয়ুষ্মান আৰোগ্য শিৱিৰঃ দেশৰ ১.৮ লাখ আয়ুষ্মান আৰোগ্য মন্দিৰত গুণগত মানৰ প্ৰসৱৰ পূৰ্বে যত্ন (এএনচি) সেৱা আগবঢ়োৱা হৈছে।
গাঁৱলীয়া স্বাস্থ্য অনাময় আৰু পুষ্টি দিৱস (VHSND), জন আৰোগ্য সমিতি (JAS) আৰু আত্মসহায়ক গোট (SHG)ৰ জৰিয়তে সম্প্ৰদায় সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
সকলো জিলা চিকিৎসালয়/মহকুমা চিকিৎসালয়/ফাৰ্ষ্ট ৰেফাৰেল ইউনিট (FRU) আৰু অন্যান্য নিৰ্দিষ্ট PMSMA সুবিধাসমূহত বিশেষ PMSMA অধিৱেশন অনুষ্ঠিত কৰা হৈছে।
দহ বছৰৰ যাত্ৰা, ভৱিষ্যতৰ লক্ষ্য
বিগত দশকত প্ৰধানমন্ত্ৰী সুৰক্ষা মাতৃত্ব অভিযানে ভাৰতত মাতৃ স্বাস্থ্য সেৱাক অধিক সুলভ আৰু ফলপ্ৰসূ কৰি তুলিছে। উচ্চ বিপদজনক গৰ্ভাৱস্থাৰ আগতীয়া চিনাক্তকৰণ আৰু সময়মতে চিকিৎসাৰ জৰিয়তে নিৰাপদ মাতৃত্ব নিশ্চিত কৰাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।এই কাৰ্যসূচীয়ে সমগ্ৰ দেশতে মাতৃ স্বাস্থ্যসেৱা সেৱা শক্তিশালী কৰাত সহায় কৰিছে আৰু মাতৃ আৰু নৱজাতকৰ স্বাস্থ্যৰ ফলাফল উন্নত কৰাত অৰিহণা যোগাইছে। PMSMAই প্ৰমাণ কৰিছে যে যেতিয়া সঠিক সময়ত গুণগত স্বাস্থ্যসেৱা মহিলাসকলৰ ওচৰলৈ যায়, তেতিয়া ই জীৱন ৰক্ষা কৰে, জটিলতা ৰোধ কৰে আৰু পৰিয়াল আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সুস্থ আৰম্ভণিৰ সৃষ্টি কৰে।
ভাৰতে বিকশিত ভাৰত@২০৪৭ৰ দিশে আগবাঢ়ি যোৱাৰ লগে লগে PMSMAয়ে প্ৰতিটো গৰ্ভাৱস্থা যাতে সুৰক্ষিত হয় আৰু প্ৰতিগৰাকী মাতৃয়ে প্ৰাপ্য যত্ন লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মাতৃৰ স্বাস্থ্যসেৱাৰ পৰিৱেশৰ পৰিৱৰ্তন অব্যাহত ৰাখিব। যোৱা দশকত মাতৃৰ মৃত্যুৰ অনুপাত ১৩০ৰ পৰা ৮৭লৈ উল্লেখযোগ্য হ্ৰাসে প্ৰমাণ কৰে যে কেন্দ্ৰীভূত হস্তক্ষেপে কেনেদৰে হাজাৰ হাজাৰ লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। নিৰন্তৰ দায়বদ্ধতা আৰু সামূহিক কাৰ্যৰ দ্বাৰা PMSMAয়ে এনে এটা যুগৰ সূচনা কৰাত সহায় কৰিব পাৰে য’ত কোনো মহিলাই জন্ম দিওঁতে নিজৰ জীৱন হেৰুৱাব নোৱাৰে, যাৰ ফলত সুস্থ আৰু সমৃদ্ধিশালী ভাৰতৰ ভেটি শক্তিশালী হ’ব পাৰে।
তথ্যসূত্ৰ:
প্ৰেছ ইনফ’ৰমেশ্যন ব্যু’ৰো
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
অন্যান্য
pdf চাবলৈ ইয়াত ক্লিক কৰক
(Explainer ID: 158833)
आगंतुक पटल : 20
Provide suggestions / comments