Social Welfare
মধ্যবিত্তীয় যাত্ৰা: নীতিৰ দ্বাৰা পৰিচালিত প্ৰগতি
Posted On:
03 JUN 2026 10:55AM

ভাৰতৰ আৰ্থ-সামাজিক ছবিখন ক্ৰমাৎ পৰিৱৰ্তিত হৈ আছে আৰু ইয়াৰ মূলতে আছে এটা ক্ৰমবৰ্ধমান, আত্মবিশ্বাসী মধ্যবিত্ত শ্ৰেণী। এসময়ত সাৱধানে খৰচ কৰা আৰু সীমিত পছন্দৰ দ্বাৰা সংজ্ঞায়িত হোৱা মধ্যবিত্তীয় পৰিয়ালসমূহে আজি অধিক নিৰাপত্তা, সুযোগ আৰু আকাংক্ষাৰ সন্মুখীন হৈছে। বিগত ১২ বছৰত কৰ, স্বাস্থ্যসেৱা, গৃহ নিৰ্মাণ, ডিজিটেল সেৱা, আন্তঃগাঁথনি, শিক্ষা, উদ্যোগীকৰণৰ সংস্কাৰে দৈনন্দিন জীৱনক অধিক সুলভ আৰু সুবিধাজনক কৰি তুলিছে। উন্নত সংযোগ, সেৱাসমূহৰ সহজ প্ৰৱেশ, সুলভ মূল্যৰ ঘৰ, শক্তিশালী সামাজিক সুৰক্ষা আৰু ডিজিটেল সবলীকৰণে আৰাম আৰু আত্মবিশ্বাস দুয়োটাকে উন্নত কৰিছে। আয় বৃদ্ধি আৰু সুযোগ সম্প্ৰসাৰণৰ লগে লগে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীয়ে এতিয়া কেৱল পৰিৱৰ্তনৰ লগত খাপ খুৱাই লোৱা নাই- ই সক্ৰিয়ভাৱে জাতিটোৰ বৃদ্ধি, উচ্চাকাংক্ষা আৰু ভৱিষ্যতৰ সমৃদ্ধিক আগুৱাই লৈ গৈছে।
শক্তিশালী আৰু ৰূপান্তৰিত: ভাৰতৰ নতুন মধ্যবিত্ত শ্ৰেণী
সময়ত ভাৰতৰ মধ্যবিত্ত শ্ৰেণীটোক সাৱধানে ব্যয় কৰা, সীমিত পছন্দ আৰু সামান্য আকাংক্ষাৰ দ্বাৰা সংজ্ঞায়িত কৰা হৈছিল। আজি এই বাস্তৱতা সলনি হৈছে। বৃদ্ধি পোৱা আয়, ডিজিটেল প্ৰৱেশ আৰু সম্প্ৰসাৰণৰ সুযোগৰ সৈতে আকাংক্ষাসমূহ কৃতিত্বলৈ ৰূপান্তৰিত হৈছে। ভাৰতীয় সমাজৰ এই খণ্ডটো চৰকাৰী সহযোগত ক্ৰমাগতভাৱে ক্ষমতাশালী হৈ আহিছে। ২০১৪ চনৰ পৰা আয়কৰ ৰেহাইৰ সীমা অভিলেখ বৃদ্ধিৰ পৰা জি.এছ.টি. সংস্কাৰলৈকে সঞ্চয় আৰু ব্যৱহাৰযোগ্য আয় বৃদ্ধি পাইছে। এতিয়া অধিক আত্মবিশ্বাসেৰে শক্তিশালী এই মধ্যবিত্ত শ্ৰেণীয়ে ভাৰতৰ বৃদ্ধিৰ কাহিনীৰ কেন্দ্ৰবিন্দুত থিয় দিছে।
মধ্যবিত্ত শ্ৰেণীক কি বুলি কোৱা হয়?
ক্ৰয় ক্ষমতা, শিক্ষাৰ স্তৰ, সমাজ সেৱা আৰু ধনৰ ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি মধ্যবিত্ত শ্ৰেণীৰ সংজ্ঞা দেশভেদে ভিন্ন হয়। বিশ্ব বেংকৰ স্কেল বহুলভাৱে ব্যৱহাৰ কৰা হয়। বিশ্ব বেংকে বছৰি জনমূৰি মুঠ ৰাষ্ট্ৰীয় আয় (জি.এন.আই.)ৰ ওপৰত ভিত্তি কৰি অৰ্থনীতিৰ শ্ৰেণীবিভাজন কৰে। ২০২৬ চনৰ বিত্তীয় বৰ্ষৰ বাবে দেশসমূহৰ আয়ৰ শ্ৰেণীবিভাজন তলত দিয়া ধৰণৰ-
কম আয়ঃ ১১৩৫ ডলাৰ বা তাতকৈ কম
মধ্যম আয় কমঃ ১,১৩৬ ডলাৰৰ পৰা ৪,৪৯৫ ডলাৰ
উচ্চ মধ্যম আয়ঃ ৪,৪৯৬ ডলাৰৰ পৰা ১৩,৯৩৫ ডলাৰ
উচ্চ আয়ঃ ১৩,৯৩৫ ডলাৰতকৈ অধিক
এই শ্ৰেণীবিভাজনে বিশ্ব অৰ্থনীতিৰ ভিতৰত মধ্যবিত্ত শ্ৰেণীকে ধৰি আয়ৰ গোটসমূহ নিৰ্ধাৰণৰ বাবে এক কাঠামো প্ৰদান কৰে।
ভাৰতীয় মধ্যবিত্ত শ্ৰেণীৰ পৰিৱৰ্তিত মুখ
২০১০ চনত বিশ্বৰ গৰিষ্ঠসংখ্যক মধ্যবিত্ত শ্ৰেণীয়ে অৰ্গেনাইজেচন ফৰ ইকনমিক কো-অপাৰেচন এণ্ড ডেভেলপমেণ্ট (অ’.ই.চি.ডি.) অৰ্থনীতিত বাস কৰিছিল যদিও ইয়াৰ দ্ৰুত পৰিৱৰ্তন হৈছে। ২০০৯ চনৰ পৰা ২০১৭ চনৰ ভিতৰত মধ্যবিত্ত শ্ৰেণীৰ জনসংখ্যা ১.৮ বিলিয়নৰ পৰা ৩.৫ বিলিয়নলৈ বৃদ্ধি পাইছে। এই জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ এছিয়া, মূলতঃ ভাৰত আৰু চীনত কেন্দ্ৰীভূত হৈ আছে। ২০১১ চনৰ পৰা ২০১৯ চনৰ ভিতৰত ভাৰতৰ জনমূৰি মুঠ ঘৰুৱা উৎপাদন (জি.ডি.পি.) ৫৩ শতাংশ বৃদ্ধি পাইছে। ইফালে ভাৰতীয় মধ্যবিত্ত শ্ৰেণীৰো বছৰি ৬.৩% (১৯৯৫ চনৰ পৰা ২০২১ চনৰ ভিতৰত) বৃদ্ধি পাইছে। বৰ্তমান দেশৰ মধ্যবিত্ত শ্ৰেণীৰ সংখ্যা মুঠ জনসংখ্যাৰ প্ৰায় ৩১ শতাংশ৷
এই ধাৰা অব্যাহত থাকিব বুলি আশা কৰা হৈছে। ২০৩০ চনৰ পৰা ২০৩৫ চনৰ ভিতৰত মধ্যবিত্তীয় জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতে চীনক অতিক্ৰম কৰিব বুলি অ’.ই.চি.ডি.ৰ পূৰ্বাভাসে ইংগিত দিয়ে। ইয়াৰ উপৰিও ই গ্ৰাহকৰ প্ৰবল চাহিদা, বৃদ্ধি পোৱা ব্যয় শক্তি আৰু বিশ্ব অৰ্থনীতিত ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ সংকেত দিয়ে।
এই ক্ৰমবৰ্ধমান মধ্যবিত্ত শ্ৰেণীয়ে বিশ্বৰ চাহিদাক নতুন ৰূপ দিছে। ই নগৰায়ন আৰু উদীয়মান চহৰৰ উত্থানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, যিয়ে বিশ্বৰ জি.ডি.পি. বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে। সুস্থ অৰ্থনীতি আৰু সংহত সমাজৰ বাবে শক্তিশালী মধ্যবিত্ত শ্ৰেণী অতি গুৰুত্বপূৰ্ণ। ই উপভোগক পৰিচালিত কৰে আৰু শিক্ষা, স্বাস্থ্য আৰু গৃহ নিৰ্মাণত বিনিয়োগ কৰে। ই কৰ অৱদান আৰু উন্নত সেৱাৰ দাবী কৰি ৰাজহুৱা ব্যৱস্থাক শক্তিশালী কৰে। শিক্ষাক অগ্ৰাধিকাৰ দি মধ্যবিত্ত শ্ৰেণীয়ে মানৱ পুঁজি গঢ়ি তোলাত সহায় কৰে; দীৰ্ঘম্যাদী উৎপাদনশীলতা আৰু আয় বৃদ্ধি কৰে। ইয়াৰ উপৰিও ই উদ্যোগীকৰণ, উদ্ভাৱন আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ বৃদ্ধিৰ ক্ষেত্ৰত সহায় কৰে।
এই সন্দৰ্ভত বিশ্ব অৰ্থনৈতিক মঞ্চই ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ খোৱাৰ ধৰণৰ পৰিৱৰ্তনৰ দিশটো আঙুলিয়াই দিছে। দেশৰ শীৰ্ষ পাঁচখন চহৰ (নতুন দিল্লী , কলকাতা , মুম্বাই , বেংগালুৰু, আৰু চেন্নাই)ৰ বাহিৰত নগৰীয়া গ্ৰাহকৰ ৯৩ শতাংশ বৃদ্ধিৰ আশা কৰা হৈছে। ইয়াৰ ফলত প্ৰায় ৫০০ খন “গ্ৰাহক চহৰ”ৰ উত্থান হ'ব বুলি আশা কৰা হৈছে, যাৰ ফলত আয় বৃদ্ধি আৰু মধ্যবিত্ত শ্ৰেণীৰ সম্প্ৰসাৰণ হ'ব। ডব্লিউ ই এফে এইটোও মতামত আগবঢ়ায় যে ২০৩৬ চনৰ ভিতৰত ভাৰতৰ মধ্যবিত্ত শ্ৰেণী (আৰু ধনী গ্ৰাহক) সকলো খৰচৰ ৯৩% হ’ব। ইয়াৰ ফলত ব্যৱসায়ীসকলে বহু বয়সৰ লোকক আকৰ্ষণ কৰা সামগ্ৰী আৰু সেৱাসমূহ বিকশিত কৰাৰ সুযোগ সৃষ্টি কৰে।
অৰ্থনীতিৰ বাহিৰলৈ চালে মধ্যবিত্ত শ্ৰেণীয়ে আত্মবিশ্বাসৰ পোষকতা কৰে, বৈষম্য হ্ৰাস কৰে আৰু এখন সুস্থিৰ আৰু সুশাসিত সমাজ প্ৰতিষ্ঠা কৰাত সহায় কৰে। সামগ্ৰিকভাৱে, শক্তিশালী মধ্যবিত্ত শ্ৰেণী থকা দেশসমূহে অধিক সৰ্বাংগীন আৰু বহনক্ষম অৰ্থনৈতিক বৃদ্ধি লাভ কৰে।
মধ্যবিত্ত শ্ৰেণীক শক্তিশালী কৰা: ১২ বছৰীয়া পৰিৱৰ্তনশীল শাসন
বিগত ১২ বছৰত চৰকাৰে সৰ্বাংগীন সংস্কাৰৰ জৰিয়তে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীক সবল কৰি তুলিছে। সৰলীকৃত কৰ আৰু শক্তিশালী বেংকিং, বীমা আৰু পেঞ্চন ব্যৱস্থাই আৰ্থিক সুৰক্ষা বৃদ্ধি কৰিছে। নগৰ উন্নয়ন সম্প্ৰসাৰণ, উন্নত সংযোগ আৰু উন্নত আন্তঃগাঁথনিয়ে নতুন সুযোগৰ সৃষ্টি কৰিছে। মৌলিক সুবিধাসমূহৰ উন্নত প্ৰৱেশ, সুলভ স্বাস্থ্যসেৱা, শক্তিশালী শিক্ষা আৰু দক্ষতা বিকাশ তথা অতুলনীয় ডিজিটেল শাসনে দৈনন্দিন সুবিধা বৃদ্ধি কৰিছে। এই পদক্ষেপসমূহে একেলগে সম্পদ সৃষ্টি আৰু দীৰ্ঘম্যাদী স্থিতিশীলতাৰ এক সুৰক্ষিত পথ প্ৰদান কৰে।

কৰ হ্ৰাস, বেংকিং আৰু বীমাৰ সংস্কাৰ আৰু পেঞ্চনৰ সম্প্ৰসাৰণ
বিগত ১২ বছৰত চৰকাৰে ভাৰতীয় মধ্যবিত্ত শ্ৰেণীৰ আৰ্থিক নিৰাপত্তা সুদৃঢ় কৰি তুলিছে। কৰ হ্ৰাস, বেংকিংৰ সুবিধা উন্নত, ব্যাপক বীমা কভাৰেজ আৰু পেঞ্চনৰ সম্প্ৰসাৰণে আৰ্থিক চাপ হ্ৰাস কৰিছে। সুলভ সুতৰ হাৰ আৰু ডিজিটেল সংস্কাৰে সঞ্চয়, ঋণ আৰু বিত্তীয় পৰিকল্পনাক অধিক সুলভ আৰু সুবিধাজনক কৰি তুলিছে।
কৰ সৰলীকৰণ – ২০২৪ চনৰ জুলাই মাহত চৰকাৰে আয়কৰ আইন, ১৯৬১ৰ ব্যাপক পৰ্যালোচনাৰ কথা ঘোষণা কৰে। এইটো অভিলেখ সময়ত সম্পূৰ্ণ হয় আৰু আয়কৰ আইন, ২০২৫ এপ্ৰিল, ২০২৬ৰ পৰা কাৰ্যকৰী হয়। লক্ষনীয়ভাৱে এই কৰ সংস্কাৰসমূহে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত আৰ্থিক বোজা যথেষ্ট লাঘৱ কৰিছে। ২০১৪চনত২.৫লাখ পৰ্যন্ত বাৰ্ষিক আয় থকা ব্যক্তিসকলক কৰ ৰেহাই দিয়া হৈছিল।২০২৩চনত প্ৰৱৰ্তন কৰা নতুন কৰ ব্যৱস্থাৰ অধীনত১২দৰমহাপ্ৰাপ্ত ব্যক্তিৰ বাবে মানক কৰ্তনৰ সৈতে১২.৭৫) থকা ব্যক্তিসকল এতিয়া কৰ ৰেহাই দিয়া হৈছে। এইটোৱে ব্যক্তিৰ সঞ্চয়,ব্যৱহাৰযোগ্য আয়, আৰু বিত্তীয় বিকল্প বৃদ্ধি কৰিছে।

সামগ্ৰী আৰু সেৱা কৰ (জি.এছ.টি.)– ২০১৭ চনৰ জুলাইত প্ৰৱৰ্তন হোৱা সামগ্ৰী আৰু সেৱা কৰ (জি.এছ.টি.) হৈছে স্বাধীনোত্তৰ ভাৰতৰ আটাইতকৈ উল্লেখযোগ্য পৰোক্ষ কৰ সংস্কাৰ। ই বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক কৰ একক ব্যৱস্থাত একত্ৰিত কৰি এক উমৈহতীয়া ৰাষ্ট্ৰীয় বজাৰৰ সৃষ্টি কৰিছিল। বিশেষকৈ মধ্যবিত্ত শ্ৰেণীক জি.এছ.টি.য়ে কৰ সৰলীকৰণেৰে দৈনন্দিন খৰচ হ্ৰাস কৰি কেইবাটাও স্পষ্ট সুবিধা প্ৰদান কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে কম হাৰ আৰু যুক্তিসংগত স্তৰে দৈনন্দিন ব্যৱহাৰ অধিক সুলভ কৰি তুলিছে। প্ৰায় ৯ বছৰত হাৰ যুক্তিসংগতকৰণ আৰু ডিজিটেলাইজেশ্যনে জি.এছ.টি.ক পৰোক্ষ কৰ সংগ্ৰহৰ মেৰুদণ্ডলৈ ৰূপান্তৰিত কৰিছে। ২০১৭ চনত জি.এছ.টি. কৰদাতাৰ ভিত্তি ৬৬.৫ লাখৰ পৰা ২০২৬ চনৰ এপ্ৰিললৈকে ১.৬৪ কোটিলৈ বৃদ্ধি পাইছে।
ইউনিফাইড পেঞ্চন আঁচনি (ইউ.পি.এছ.) – ২০২৫ চনৰ এপ্ৰিল মাহৰ পৰা কাৰ্যকৰী হোৱা ইউ.পি.এছ.এ ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ অৱসৰৰ নিৰাপত্তা শক্তিশালী কৰে- যি মধ্যবিত্ত শ্ৰেণীৰ এক উল্লেখযোগ্য অংশ। ই এটা অৱদানমূলক গাঁথনিৰ অধীনত কৰ্মচাৰী আৰু চৰকাৰী অৱদানসমূহ একত্ৰিত কৰে আৰু অৱসৰৰ পিছত নিশ্চিত, মুদ্ৰাস্ফীতিৰ সৈতে জড়িত পেঞ্চন সুবিধা প্ৰদান কৰে। অৱসৰৰ পিছত (কমেও ১০ বছৰৰ সেৱাৰ সৈতে) প্ৰতিমাহে নূন্যতম ১০,০০০ টকা পেঞ্চনৰ নিশ্চয়তা ইউ.পি.এছ.এ দিয়াৰ লগতে অৱসৰৰ পিছৰ আয় আৰু আৰ্থিক স্থিতিশীলতাৰ বিষয়ে অনিশ্চয়তা হ্ৰাস কৰে, বিশেষকৈ কম দৰমহা আৰু কম সেৱাৰ সময় থকা কৰ্মচাৰীসকলক সহায় কৰে। এই আঁচনিৰ জৰিয়তে পেঞ্চনাৰসকলক ডিয়াৰনেছ ৰিলিফো প্ৰদান কৰা হয়। ই অৱসৰপ্ৰাপ্তসকলৰ বৃদ্ধি পোৱা জীৱন-যাপনৰ খৰচ আৰু মুদ্ৰাস্ফীতি পৰিচালনা কৰাত সহায় কৰে। ইয়াৰ উপৰিও পৰিয়ালৰ পেঞ্চনৰ সুবিধাই পেঞ্চনাৰৰ মৃত্যুৰ পিছত পত্নীক সহায় কৰে। ইয়াৰ দ্বাৰা নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলৰ বাবে অবিৰত আৰ্থিক সুৰক্ষা নিশ্চিত কৰা হয়।
বীমা - ভাৰতে প্ৰিমিয়ামৰ পৰিমাণৰ হিচাপত বিশ্বজুৰি দশম বৃহত্তম বীমা বজাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। বীমাত ব্যাপকভাৱে জীৱন বীমা (মৃত্যুৰ, অক্ষমতা, অৱসৰৰ বিপদ সামৰি লোৱা) আৰু আজীৱন বীমা (স্বাস্থ্য, সম্পত্তি, সম্পত্তিক অভাৱনীয় পৰিঘটনাৰ পৰা সুৰক্ষা দিয়া) অন্তৰ্ভুক্ত কৰা হয়।
বীমাৰ গুৰুত্ব বৃদ্ধি পোৱাটো ঘৰুৱা বিত্তীয় ক্ষেত্ৰত দেখা গৈছে। বীমা আৰু পেঞ্চন পুঁজিৰ অংশ ২০১৮–১৯ বিত্তীয় বৰ্ষত ২৮.৬%ৰ পৰা ২০২৪–২৫ বিত্তীয় বৰ্ষত ২৯.৬%লৈ বৃদ্ধি পাইছে। ইয়াৰ দ্বাৰা আৰ্থিক সজাগতা বৃদ্ধি আৰু পৰিয়ালৰ মাজত দীৰ্ঘম্যাদী নিৰাপত্তাৰ দিশত পৰিৱৰ্তন হোৱাৰ ইংগিত পোৱা যায়।
মধ্যবিত্তীয় দৃষ্টিকোণৰ পৰা ভাৰতৰ বীমা নিয়ন্ত্ৰণ আৰু উন্নয়ন কৰ্তৃপক্ষ (আই.আৰ.ডি.এ.আই.) “২০৪৭ চনৰ ভিতৰত সকলোৰে বাবে বীমা ”ৰ দৃষ্টিভংগীৰ প্ৰতি দায়বদ্ধ। ইয়াৰ লক্ষ্য হৈছে প্ৰতিজন নাগৰিকৰ জীৱন, স্বাস্থ্য, সম্পত্তিৰ বীমা যাতে পৰ্যাপ্ত হয়; প্ৰতিটো উদ্যোগে উপযুক্ত বিপদ সুৰক্ষাৰ সুবিধা লাভ কৰে।
চৰকাৰী সমৰ্থিত কেইবাখনো আঁচনিয়ে এই সম্প্ৰসাৰণৰ আধাৰত থিয় দিছে। ২০১৫ চনত আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাই ২৬.৮৮ কোটি নামভৰ্তিৰ অভিকেখ কৰিছে আৰু ১০ লাখৰো অধিক দাবী নিষ্পত্তি হৈছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাত ৫৭.১১ কোটি নামভৰ্তি হৈছে, সুলভ মূল্যৰ দুৰ্ঘটনা কভাৰেজ প্ৰদান কৰিছে। ইফালে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই ৪৩.৫২ কোটি স্বাস্থ্য কাৰ্ড সক্ষম কৰি স্বাস্থ্যসেৱা সুৰক্ষাৰ সুবিধা সম্প্ৰসাৰিত কৰিছে।
কৰ্মচাৰীৰ ৰাজ্যিক বীমা আঁচনিখনে ৩.২৪ কোটি কৰ্মচাৰীক সামৰি সামাজিক সুৰক্ষাক আৰু অধিক শক্তিশালী কৰে, পৰিয়ালকে ধৰি ~১৪.৯১ কোটি ব্যক্তিক উপকৃত কৰে।
২০২৫ চনত ‘সবকা বীমা, সবকী ৰক্ষা’ সংশোধনীৰ দৰে সংস্কাৰে নিয়ন্ত্ৰণৰ উন্নতি সাধন কৰিছে, গ্ৰাহকৰ সুৰক্ষা বৃদ্ধি কৰিছে আৰু বিদেশী বিনিয়োগৰ সীমা বৃদ্ধি কৰিছে। এই প্ৰচেষ্টাসমূহে একেলগে বীমাৰ প্ৰৱেশ গভীৰ কৰিছে, আৰ্থিক স্থিতিস্থাপকতা উন্নত কৰিছে আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে বিপদ সুৰক্ষা অধিক সুলভ কৰি তুলিছে।

ঋণৰ সুতৰ হাৰ কম- ২০১৫ চনৰ পৰা ২০২৫ চনৰ ভিতৰত ভাৰতত গৃহ ঋণৰ সুতৰ হাৰ যথেষ্ট হ্ৰাস পাইছে। ২০১৫ চনত এই হাৰ বছৰি ৯.৫%ৰ পৰা ১০.৫%ৰ ভিতৰত আছিল। ২০২৫ চনৰ ভিতৰত ই প্ৰায় ৭.৩৫%ৰ পৰা ৮.৭৫%লৈ হ্ৰাস পায়, যাৰ ফলত ব্যয়সাধ্যতা আৰু গৃহৰ মালিকীস্বত্বৰ সুবিধা উন্নত হয়। এই হ্ৰাসৰ কাৰণ আছিল নিয়ন্ত্ৰণ সংস্কাৰ আৰু বহল অৰ্থনৈতিক পৰিৱৰ্তন। এটা মূল কাৰক আছিল ভাৰতৰ কেন্দ্ৰীয় বেংক ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতিগত স্থিতি। ৰেপ'ৰ হাৰ ২০১৫ চনত ৮%ৰ পৰা যথেষ্ট হ্ৰাস পাই ২০২৬ চনত ৫.২৫%লৈ হৈছে। বেংকসমূহে ক্ৰমান্বয়ে এই সুবিধাসমূহ ঋণগ্ৰহণকাৰীলৈ প্ৰেৰণ কৰিছিল, যাৰ ফলত ঋণৰ হাৰ হ্ৰাস পাইছিল।
গৃহ ঋণৰ দৰেই ব্যক্তিগত ঋণৰ হাৰ ১৪.২৫% (২০১৪)ৰ পৰা ১২.৫% (২০২৬)লৈ হ্ৰাস পাইছে। শিক্ষা ঋণৰ হাৰ ১৪.২৫%ৰ পৰা ৯.৪%লৈ হ্ৰাস হৈছে। এই কম হাৰে মধ্যবিত্ত শ্ৰেণীৰ বাবে ঋণ লোৱাটো অধিক সুলভ কৰি তোলে, ই.এম.আই. হ্ৰাস কৰে আৰু আৰ্থিক চাপ কমায়। ঘৰ, শিক্ষা, ব্যক্তিগত প্ৰয়োজনীয়তাৰ বাবেও খৰচ কৰাত সহায় কৰে।
প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা (পি.এম.এম.ৱাই.)- ২০১৫ চনৰ এপ্ৰিল মাহত আৰম্ভ হোৱা পি.এম.এম.ৱাই.য়ে সমগ্ৰ উৎপাদন, ব্যৱসায়, সেৱা আৰু সংশ্লিষ্ট কৃষি কাৰ্যকলাপত ২০ লাখ টকা পৰ্যন্ত জামিনবিহীন ঋণ প্ৰদান কৰে। ই সৱলীকৰণৰ এক শক্তিশালী আহিলালৈ বিকশিত হৈছে, ৫৭ কোটিতকৈও ঋণ প্ৰদান কৰিছে যাৰ পৰিমাণ ৪০.০৭ লাখ কোটি টকা(মাৰ্চ ২০২৬)। ই তৃণমূল পৰ্যায়ৰ উদ্যোগীকৰণক শক্তিশালী কৰিছে, বিত্তীয় অন্তৰ্ভুক্তিক গভীৰ কৰিছে আৰু ভাৰতৰ স্থানীয় অৰ্থনীতিৰ স্থায়ী বৃদ্ধিত সহায় কৰিছে। মধ্যবিত্ত শ্ৰেণীৰ বাবে পি.এম.এম.ৱাই.য়ে ক্ষুদ্ৰ ব্যৱসায় সৃষ্টি সক্ষম কৰে, আত্মনিয়োগক সমৰ্থন কৰে আৰু অনানুষ্ঠানিক ঋণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰে, যাৰ ফলত আৰ্থিক স্থিতিশীলতা উন্নত হয়।
২০২১ চনত যেতিয়া ভোপালৰ পৰা লাভকুশ মেহৰাই প্ৰথমবাৰৰ বাবে ₹৫ লাখ মুদ্ৰাৰ ঋণ লৈছিল, তেতিয়া তেওঁ কিছু সংকোচেৰে কৰিছিল। কেইবছৰমানৰ ভিতৰতে সেই একক পদক্ষেপটোৱেই আছিল এক উল্লেখযোগ্য যাত্ৰাৰ আৰম্ভণি- তেওঁৰ ঔষধ ব্যৱসায় ₹১২ লাখ টাৰ্ণঅভাৰৰ পৰা ₹৫০ লাখৰ ওপৰলৈ বৃদ্ধি পালে, তেওঁৰ আয় দুগুণতকৈও অধিক বৃদ্ধি পালে, আৰু তেওঁ এজন গৃহস্বত্বাধিকাৰী হৈ পৰিল। তেওঁৰ কাহিনীয়ে পিএমএমৱাই কি অৰ্জন কৰিবলৈ ডিজাইন কৰা হৈছিল সেই কথা প্ৰতিফলিত কৰে-যুৱ উদ্যোগীসকলক নিজৰ চৰ্তত জীৱিকা গঢ়ি তোলাৰ বাবে আৰ্থিক ভেটি দিয়া।
|
২০২১ চনত যেতিয়া ভোপালৰ পৰা লাভকুশ মেহৰাই প্ৰথমবাৰৰ বাবে ৫ লাখ টকা মুদ্ৰাৰ ঋণ লৈছিল, তেতিয়া তেওঁ কিছু সংকোচেৰে কৰিছিল। কেইবছৰমানৰ ভিতৰতে সেই একক পদক্ষেপটোৱেই আছিল এক উল্লেখযোগ্য যাত্ৰাৰ আৰম্ভণি। তেওঁৰ ঔষধ ব্যৱসায় ১২ লাখ টকা টাৰ্ণঅভাৰৰ পৰা ৫০ লাখ টকাৰ ওপৰলৈ বৃদ্ধি পালে, তেওঁৰ আয় দুগুণতকৈও অধিক বৃদ্ধি পালে আৰু তেওঁ এজন গৃহৰ স্বত্বাধিকাৰী হৈ পৰিল। তেওঁৰ কাহিনীয়ে পি.এম.এম.ৱাই.এ কি অৰ্জন কৰিবলৈ ডিজাইন কৰা হৈছিল সেই কথা প্ৰতিফলিত কৰে।
|
নগৰ উন্নয়ন আৰু সংযোগৰ সম্প্ৰসাৰণ
বিগত ১২ বছৰত চৰকাৰে সমগ্ৰ ভাৰততে নগৰীয়া আন্তঃগাঁথনি আৰু সংযোগ সম্প্ৰসাৰণ কৰিছে। উন্নত গৃহ নিৰ্মাণ, দ্ৰুত পৰিবহণ আৰু আধুনিক ৰাজহুৱা আন্তঃগাঁথনিয়ে দৈনন্দিন নগৰীয়া জীৱন উন্নত কৰিছে। সম্প্ৰসাৰিত মেট্ৰ' নেটৱৰ্ক, উন্নীতকৃত ৰে'লপথ আৰু বৃদ্ধি পোৱা বিমান সংযোগে মধ্যবিত্ত শ্ৰেণীৰ বাবে ভ্ৰমণ সুৰক্ষিত, দ্ৰুত আৰু অধিক সুলভ কৰি তুলিছে।
প্ৰধানমন্ত্ৰী আৱাস যোজনা- নগৰীয়া (পি.এম.এ.ৱাই.-ইউ)- ২০১৫ চনত আৰম্ভ হোৱা ই কোটি কোটি লোকৰ জীৱনক সুৰক্ষিত গৃহ প্ৰদান কৰি ৰূপান্তৰিত কৰিছে ৷ পি.এম.এ.ৱাই.-ইউ ২.০ আঁচনিখনে অধিক শক্তিশালী ভেটিৰ ওপৰত নিৰ্মাণ কৰে। ইয়াক ‘হাউছিং ফৰ অল’ মিছনৰ অধীনত আৰম্ভ কৰা হৈছিল(ছেপ্টেম্বৰ ২০২৪ৰ পৰা কাৰ্যকৰী হৈছে)। ইয়াৰ লক্ষ্য হৈছে নগৰ অঞ্চলত অহা পাঁচ বছৰত ১ কোটি অতিৰিক্ত যোগ্য হিতাধিকাৰীক সহায় কৰা। মধ্যবিত্ত শ্ৰেণীৰ বাবে ঘৰ সুনিশ্চিত কৰিবলৈ ৮.৭৬ লাখ কোটি টকা আবণ্টন দিয়া হৈছে।
মুঠ ১২৫.৩১ লাখ অনুমোদিত ঘৰৰ ভিতৰত ৯৮.১ লাখ ঘৰ সমগ্ৰ দেশতে (মে’ ২০২৬) হিতাধিকাৰীক সম্পূৰ্ণ/ডেলিভাৰী কৰা হয়। সমগ্ৰ দেশতে (২০০৫-১৪) নিৰ্মাণ কৰা ৮.০৪ লাখ ঘৰৰ বিপৰীতে ১১২০% যথেষ্ট বৃদ্ধি পাইছে। এই আঁচনিখনে অন্যান্যৰ মাজত মধ্য আয় গোটৰ নগৰীয়া পৰিয়ালসমূহৰ বাবে মৰ্যাদাপূৰ্ণ, সুলভ মূল্যৰ গৃহ নিশ্চিত কৰাৰ বাবে চৰকাৰৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰে।
ইয়াৰ উপৰিও SWAMIH (Special Window for Affordable and Mid-Income Housing) পুঁজি বিশেষভাৱে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ বাবে ডিজাইন কৰা হৈছে, যাৰ লক্ষ্য হৈছে স্থবিৰ হৈ থকা আৱাসিক প্ৰকল্প সম্পূৰ্ণ কৰা। ২০১৯ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা ১৪৬টা প্ৰকল্পত ৫৮ হাজাৰৰো অধিক ঘৰ সম্পূৰ্ণ হৈছে। এই পুঁজিয়ে দেশজুৰি এই প্ৰকল্পসমূহৰ মাজেৰে ৪৯,৫০০ কোটি টকাতকৈ অধিক মূলধন মুকলি কৰিছে, যিয়ে ৯ কোটি বৰ্গফুটতকৈও অধিক উন্নয়ন এলেকা সামৰি লৈছে। ইয়াৰে ৪৪% কম আয়ৰ গোট আৰু মধ্যম আয়ৰ গোটৰ গৃহ নিৰ্মাণৰ বাবে উৎসৰ্গিত।
|

চেন্নাইৰ এলিট একৰত বিনিয়োগ কৰা পৰিয়ালসমূহে নিজৰ সপোনৰ ঘৰৰ বাবে বছৰ বছৰ ধৰি অপেক্ষা কৰিছিল। ২০১৭ চনত আৰম্ভ হোৱা এই প্ৰকল্পটোৱে অনুমোদন আৰু আৰ্থিক প্ৰত্যাহ্বানৰ বাবে বাৰে বাৰে পলমৰ সন্মুখীন হ’বলগীয়া হৈছিল। বহু ক্ৰেতাৰ বাবে দখলৰ তাৰিখ সলনি হৈ যোৱাৰ লগে লগে অনিশ্চয়তা বাঢ়ি গৈ থাকিল।
২০২০ চনৰ ভিতৰত SWAMIHয়ে স্থবিৰ হৈ পৰা প্ৰকল্পটোক পুনৰ সজীৱ কৰি তুলিলে। দুবছৰৰ ভিতৰতে নিৰ্মাণ সম্পূৰ্ণ হ’ল আৰু বাকী থকা বাবদ ধন মুকলি কৰি দিয়া হ’ল। অৱশেষত ২৫০ টাতকৈও অধিক পৰিয়ালে নিজৰ ঘৰ লাভ কৰিলে, যাৰ ফলত ঘৰ ক্ৰেতাসকলৰ বাবে সকাহ, স্থিতিশীলতা আৰু নৱীকৃত আত্মবিশ্বাস আহিল।
|
মেট্ৰ' ৰেল সম্প্ৰসাৰণ- লাখ লাখ লোকৰ দৈনিক ভ্ৰমণৰ ৰূপান্তৰেৰে ভাৰতত এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম মেট্ৰ' নেটৱৰ্ক আছে। ২০১৪ চনৰ আগতে প্ৰতিমাহে ০.৬৮ কিলোমিটাৰৰ পৰা আজি প্ৰায় ৬ কিলোমিটাৰলৈ মেট্ৰ’ সম্প্ৰসাৰণ ত্বৰান্বিত হৈছে৷ যোৱা ১২ বছৰত সমগ্ৰ দেশতে মেট্ৰ’ সংযোগ সম্প্ৰসাৰণৰ বাবে প্ৰায় ৩.৭ লাখ কোটি টকা বিনিয়োগ কৰা হৈছে।সংখ্যা ২০১৪ চনত মাত্ৰ ৫ খনৰ পৰা ২০২৫ চনত ২৬ খনলৈ বৃদ্ধি পাইছে, যেতিয়া দৈনিক যাত্ৰীসংখ্যা ২০১৩-১৪ চনৰ ২৮ লাখৰ পৰা আজিৰ দিনে ১.১৫ কোটিৰ ওপৰলৈ বৃদ্ধি পাইছে। মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দিল্লী, জয়পুৰ, কলকাতা, বেংগালুৰু আৰু মুম্বাইকে ধৰি চহৰসমূহৰ বাবে বি.ই.এম.এল.য়ে ঘৰুৱাভাৱে ২১০০ৰো অধিক মেট্ৰ’ ডবা নিৰ্মাণ কৰিছে। মধ্যবিত্ত শ্ৰেণীৰ বাবে মেট্ৰ’ সম্প্ৰসাৰণৰ ফলত দ্ৰুত যাতায়ত, কম ভ্ৰমণ খৰচ, নিৰ্ভৰযোগ্য ৰাজহুৱা পৰিবহণ - যাৰ ফলত চহৰৰ জীৱন অধিক সুলভ হৈ পৰিছে।

ৰে’লৱে সম্প্ৰসাৰণ- বিগত ১২ বছৰত ভাৰতত ৰে’ল যাত্ৰা নিৰাপদ, দ্ৰুত, সেউজীয়া আৰু আৰামদায়ক হৈ পৰিছে। ভাৰতীয় ৰে’লৱেৰ বাজেট সমৰ্থন ২০১৪-১৫ চনত ৩২,০০০ কোটিৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষত ২.৭৮ লাখ কোটিলৈ বৃদ্ধি পাইছে। কৱচ- স্বয়ংক্ৰিয় ব্ৰেকিঙৰ জৰিয়তে সংঘৰ্ষ ৰোধ কৰা থলুৱা ব্যৱস্থাৰ জৰিয়তে সুৰক্ষাৰ উন্নতি হৈছে। ঘণ্টাত ১৩০ কিলোমিটাৰৰ ওপৰৰ গতিবেগ সমৰ্থন কৰা তীব্ৰবেগী ৰে’লপথ ২০১৪ চনত ৫,০৩৬ কিলোমিটাৰৰ পৰা ২০২৬ চনত ২৩,৭১৩ কিলোমিটাৰলৈ সম্প্ৰসাৰিত হয়। ভাৰতেও ২০২৬ চনৰ জানুৱাৰী মাহত বন্দে ভাৰত শ্লীপাৰ ৰে’লসেৱা আৰম্ভ কৰে, আনহাতে এতিয়া দেশজুৰি ৬০খন অমৃত ভাৰত ৰে’ল কাৰ্যক্ষম হৈ আছে।
ৰে’ল ব্যৱহাৰ বৃদ্ধি পাইছে, ২০২৪-২৫ চনত যাত্ৰীৰ যাত্ৰা ৭১৬ কোটিৰ পৰা ২০২৫-২৬ চনত ৭৪১ কোটিলৈ বৃদ্ধি পাইছে। প্ৰতিদিনে ভাৰতীয় ৰে’লৱেই দেশজুৰি দুই কোটিৰো অধিক যাত্ৰী কঢ়িয়াই লৈ ফুৰে। ইফালে ২০২৬ চনৰ এপ্ৰিল মাহলৈকে ২০৮টা ৰে’লৱে ষ্টেচন আধুনিক যাত্ৰীবাহী সুবিধাৰে উন্নীত কৰা হৈছে। মধ্যবিত্ত শ্ৰে ণীৰ বাবে ইয়াৰ অৰ্থ হ’ল দ্ৰুত ৰে’ল, উন্নত সুৰক্ষা, উন্নত ষ্টেচন- যাৰ ফলত দীৰ্ঘ দূৰত্বৰ যাত্ৰা অধিক আৰামদায়ক, নিৰ্ভৰযোগ্য হৈ পৰে।
বিমানবন্দৰ সম্প্ৰসাৰণ- ভাৰতত বিমান যাত্ৰা মধ্যবিত্ত পৰিয়ালৰ বাবে অধিক সুলভ আৰু সুবিধাজনক হৈ পৰিছে। ২০১৪ চনত থকা ৭৪টা বিমানবন্দৰৰ পৰা ২০২৬ চনত ১৬৫ টালৈ বৃদ্ধি পাইছে। কাৰ্যকৰী বিমানবন্দৰৰ সংখ্যা৷ দেশজুৰি আধুনিক বিমানবন্দৰৰ আন্তঃগাঁথনিত ১.৪ লাখ কোটি টকাতকৈ অধিক বিনিয়োগ কৰা হৈছে। মোপা, কান্নুৰ, হোলংগী, নৱী মুম্বাই আৰু নয়ডা (জেৱাৰ)কে ধৰি নতুন বিমানবন্দৰসমূহে আঞ্চলিক সংযোগৰ উন্নতি সাধন কৰিছে।
দ্ৰুত অভিযোগ নিৰাময় আৰু সুলভ মূল্যৰ বিমানবন্দৰৰ সুবিধাৰ জৰিয়তেও যাত্ৰীসকলৰ অভিজ্ঞতা উন্নত হৈছে। UDAN যাত্ৰী কেফে এতিয়া ভ্ৰমণকাৰীৰ বাবে বাজেট-বন্ধুত্বপূৰ্ণ খাদ্যৰ বিকল্প আগবঢ়াইছে। ডিজি যাত্ৰাই ৩৮টা বিমানবন্দৰত নিৰৱচ্ছিন্ন, কাগজবিহীন আৰু সংস্পৰ্শবিহীন যাত্ৰা সক্ষম কৰে। ২০২২ চনৰ ডিচেম্বৰৰ পৰা ৯.৩ কোটিৰো অধিক যাত্ৰীয়ে এই ডিজিটেল সুবিধা ব্যৱহাৰ কৰিছে। ই –বি.চি.এ.এছ. প্লেটফৰ্মে ডিজিটেলাইজড নিৰীক্ষণ আৰু প্ৰশিক্ষণ ব্যৱস্থাৰ জৰিয়তে বিমান পৰিবহণৰ সুৰক্ষা আৰু অধিক শক্তিশালী কৰিছে।
UDAN আঁচনিৰ জৰিয়তে সৰু চহৰ আৰু প্ৰথমবাৰৰ বাবে বিমান যাত্ৰা কৰা লোকৰ বাবে বিমান যাত্ৰা সুলভ কৰি তোলা হৈছে। ২০১৬ চনৰ পৰা ৬৬৫টা পথে ৯৫টা বিমানবন্দৰ, হেলিপ’ৰ্ট আৰু জল বিমানবন্দৰ সংযোগ কৰিছে। এই আঁচনিৰ অধীনত ৩.৪৫ লাখতকৈ অধিক বিমানে ১৬৪ লাখৰো অধিক যাত্ৰীক সেৱা আগবঢ়াইছে। দেশজুৰি অভাৱগ্ৰস্ত বিমানবন্দৰসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে ৪,৮০০ কোটিতকৈ অধিক ধন বিনিয়োগ কৰা হৈছে। ২০২৬ চনত অনুমোদিত হোৱা সংশোধিত UDAN আঁচনিখনে অহা দশকত ১২০টা নতুন গন্তব্যস্থানক সংযোগ কৰিব। মুঠতে সুলভ মূল্যৰ বিমান সেৱা, উন্নত আঞ্চলিক সংযোগ, আধুনিক বিমানবন্দৰে মধ্যবিত্ত পৰিয়ালৰ বাবে বিমান যাত্ৰা সহজ, অধিক সুবিধাজনক কৰি তুলিছে।

মৌলিক সুবিধাসমূহৰ উপলব্ধতা সূচকীয়ভাৱে বৃদ্ধি পাইছে
অনাময় ব্যৱস্থা, বিদ্যুৎ, টেপৰ পানী, বিশুদ্ধ ৰন্ধন ইন্ধনৰ সম্প্ৰসাৰণে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ সুবিধা আৰু জীৱনৰ মান উন্নত কৰিছে। ইয়াৰ উপৰিও বিগত ১২ বছৰত শক্তিশালী ৰাজহুৱা আন্তঃগাঁথনিয়ে সমগ্ৰ ভাৰত চহৰ আৰু গ্ৰাম্য উভয়তে জীৱন ধাৰণৰ মানদণ্ড বৃদ্ধি কৰিছে।
টেপৰ পানীৰ সংযোগ- ৩৯০%তকৈ অধিক বৃদ্ধিৰ সূচনাৰে ভাৰতত টেপৰ পানীৰ সংযোগ ২০১৯ চনত ৩.২৩ কোটিৰ পৰা ২০২৬ চনৰ মে’ মাহত ১৫.৮৫ কোটিলৈ বৃদ্ধি পাইছে। এই দ্ৰুত সম্প্ৰসাৰণে মৌলিক সুবিধাসমূহৰ উন্নতি আৰু পৰিয়ালৰ বাবে অত্যাৱশ্যকীয় সেৱাসমূহৰ বহল সুবিধা নিশ্চিত কৰাৰ ওপৰত চৰকাৰৰ শক্তিশালী মনোনিৱেশক প্ৰতিফলিত কৰে।
জাবৰ, আৱৰ্জনা আৰু নলা-নৰ্দমাৰ ব্যৱস্থাপনা- দ্ৰুত নগৰায়নে ফলপ্ৰসূ আৱৰ্জনা, জাবৰ আৰু নলা-নৰ্দমা ব্যৱস্থাপনাৰ চাহিদা বৃদ্ধি কৰিছে। ইয়াৰ সমাধানৰ বাবে চৰকাৰে ২০১৪ চনৰ অক্টোবৰ মাহত স্বচ্ছ ভাৰত অভিযান-নগৰীয়া আৰম্ভ কৰে। ইয়াৰ লক্ষ্য আছিল নগৰীয়া ভাৰতক মুকলি শৌচৰ পৰা মুক্ত কৰা আৰু পৌৰসভাৰ কঠিন আৱৰ্জনা ১০০% বৈজ্ঞানিক ব্যৱস্থাপনা লাভ কৰা। স্বচ্ছ ভাৰত মিছন-নগৰীয়া ২.০ দ্বাৰা ইয়াক আৰু অধিক বৃদ্ধি কৰিছিল। ২০১৪ চনত আৱৰ্জনা প্ৰক্ৰিয়াকৰণ প্ৰায় নগণ্য মাত্ৰাৰ পৰা ২০২৬ চনত প্ৰায় ৯৭% লৈ বৃদ্ধি পায় , যিয়ে নগৰীয়া অনাময়ৰ পৰিৱৰ্তনশীল উন্নতিৰ চিহ্নিত কৰে।
এই প্ৰচেষ্টাৰ পৰিপূৰক হিচাপে চৰকাৰে পানী আৰু নলা-নৰ্দমা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে ২০১৫ চনত অটল মিছন ফৰ ৰিজুভেনেচন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেচন (AMRUT) আৰম্ভ কৰে। ইয়াত চহৰসমূহক আত্মনিৰ্ভৰশীল আৰু পানী সুৰক্ষিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ২০২১ চনত আৰম্ভ হোৱা AMRUT 2.0 ৰ অধীনত ৫৮৩টা প্ৰকল্পত অনুমোদন জনোৱা হৈছে, যাৰ ফলত ৬,৬৪৯ এম.এল.ডি.ৰ নলা পৰিশোধন ক্ষমতা সংযোজন কৰা হৈছে। যোৱা দশকত AMRUT & AMRUT 2.0 ৰ অধীনত ২.৫৩ কোটি টেপ সংযোগ আৰু ১.৫০ কোটিতকৈ অধিক নলা সংযোগ প্ৰদান কৰা হৈছে।
বিদ্যুৎ কভাৰেজ আৰু শক্তিৰ নাটনি- বিদ্যুৎ উৎপাদন আৰু সংবহনৰ ক্ষেত্ৰত উল্লেখযোগ্য সংযোজনে সমগ্ৰ দেশতে বিদ্যুতৰ উপলব্ধতা শক্তিশালী কৰিছে। ফলত ২০১৩–১৪ বিত্তীয় বৰ্ষত শক্তিৰ নাটনি ৪.২%ৰ পৰা ২০২৫–২৬ বিত্তীয় বৰ্ষত মাত্ৰ ০.০৩%লৈ তীব্ৰভাৱে হ্ৰাস পায়, যিয়ে এক বৃহৎ উন্নতিৰ সূচনা কৰে। এই অগ্ৰগতিৰ ফলত পৰিয়ালসমূহৰ বাবে দৈনিক বিদ্যুৎ যোগান বৃদ্ধি পাইছে। ২০১৪ চনত ১২.৫ ঘণ্টাৰ তুলনাত এতিয়া গ্ৰাম্য অঞ্চলত প্ৰায় ২২.৬ ঘণ্টা বিদ্যুৎ লাভ কৰা হয়। এই লাভসমূহে একেলগে অধিক নিৰ্ভৰযোগ্য আৰু ব্যাপক বিদ্যুতৰ সুবিধা প্ৰতিফলিত কৰে।
দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা আৰু সংহত শক্তি উন্নয়ন আঁচনি- ২০১৪ চনৰ ডিচেম্বৰ মাহত আৰম্ভ হোৱা দুয়োখন আঁচনিৰ অধীনত শক্তি বিতৰণৰ আন্তঃগাঁথনি শক্তিশালী আৰু আধুনিকীকৰণৰ বাবে উল্লেখযোগ্য প্ৰচেষ্টা চলোৱা হৈছে। এইবোৰক আৰু অধিক পৰিপূৰক হিচাপে বিশ্বৰ অন্যতম বৃহৎ সাৰ্বজনীন বিদ্যুৎকৰণৰ পদক্ষেপ প্ৰধানমন্ত্ৰী সহজ বিজলী হৰ ঘৰ যোজনা (সৌভাগ্য)য়ে কাম কৰিছিল। ইয়াৰ জৰিয়তে দেশৰ সকলো বিদ্যুৎবিহীন পৰিয়ালক শেষ মাইলৰ সংযোগ আৰু বিদ্যুৎ সংযোগ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
সামূহিকভাৱে এই পদক্ষেপসমূহৰ লগত ~ ১.৮৫ লাখ কোটি টকা বিনিয়োগ জড়িত আছিল। ফলস্বৰূপে মধ্যবিত্ত শ্ৰেণীৰ বিদ্যুৎ যোগান নিৰ্ভৰযোগ্য, দৈনন্দিন জীৱনত কম বিঘিনি, ঘৰুৱা, শিক্ষা, কৰ্মৰ বাবে অধিক সুবিধা।

জনমূৰি বিদ্যুতৰ ব্যৱহাৰ- ভাৰতত জনমূৰি বিদ্যুতৰ ব্যৱহাৰ ২০১৩–১৪ চনত ৯৫৭ কিলোৱাট ঘণ্টাৰ পৰা ২০২৪–২৫ চনত ১,৪৬০ কিলোৱাট ঘণ্টালৈ বৃদ্ধি পাইছে, যিটো ৫২.৬% বৃদ্ধি। ইয়াৰ দ্বাৰা বৃদ্ধি পোৱা চাহিদা আৰু নিৰ্ভৰযোগ্য শক্তিৰ বহল সুবিধা প্ৰতিফলিত হৈছে। মধ্যবিত্ত শ্ৰেণীৰ বাবে ইয়াৰ ফলত ঘৰুৱা সঁজুলি আৰু ডিজিটেল ডিভাইচৰ ব্যৱহাৰ বৃদ্ধিৰ পৰা আৰম্ভ কৰি উন্নত শীতলতা, পোহৰ, সংযোগলৈকে অধিক দৈনন্দিন সুবিধা হৈছে। উন্নত বিদ্যুতৰ সুবিধাই সমগ্ৰ চহৰীয়া, অৰ্ধ-নগৰীয়া ভাৰতত দূৰৱৰ্তী কাম, অনলাইন শিক্ষা, ক্ষুদ্ৰ ব্যৱসায়, উচ্চ জীৱন ধাৰণৰ মানদণ্ডকো সহায় কৰিছে।
ইয়াৰ উপৰিও ভৱিষ্যতৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে চৰকাৰে ২০২৩–২০৩২ চনৰ বাবে ৰাষ্ট্ৰীয় বিদ্যুৎ পৰিকল্পনা চূড়ান্ত কৰিছে । ইয়াৰ লক্ষ্য হৈছে ২০৩২ চনৰ ভিতৰত ৪৫৮ গিগাৱাটৰ শীৰ্ষ চাহিদা সমৰ্থন কৰা।এই পৰিকল্পনাই নবীকৰণযোগ্য শক্তিৰ সংহতিও সক্ষম কৰিব আৰু সেউজ হাইড্ৰজেনৰ দৰে উদীয়মান প্ৰয়োজনীয়তাক সমৰ্থন কৰিব, শক্তি ব্যৱস্থা শক্তিশালী কৰিব।
সুলভ আৰু সুলভ স্বাস্থ্যসেৱা
সমগ্ৰ দেশৰ লাখ লাখ পৰিয়ালৰ বাবে সুলভ মূল্যৰ স্বাস্থ্যসেৱাৰ সুবিধা যথেষ্ট সম্প্ৰসাৰিত হৈছে। ঔষধৰ খৰচ কম, বহল বীমা কভাৰেজ, আৰু চিকিৎসাৰ উন্নত সুবিধাই যোৱা বাৰ বছৰত স্বাস্থ্যসেৱাৰ বোজা হ্ৰাস কৰিছে। প্ৰতিৰোধমূলক যত্ন, ৰোগ নিয়ন্ত্ৰণ, আৰু শক্তিশালী জনস্বাস্থ্য আন্তঃগাঁথনিয়েও মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্য সুৰক্ষা বৃদ্ধি কৰিছে।
ইট-ৰাইট-ইণ্ডিয়া- মেদবহুলতা আৰু খাদ্য সম্পৰ্কীয় ৰোগ মোকাবিলা কৰিবলৈ চিকিৎসালয়ৰ বাহিৰেও ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন। FSSAI- ভাৰতৰ খাদ্য সুৰক্ষা নিয়ন্ত্ৰক- খাদ্য উৎপাদন, বিক্ৰী আৰু ব্যৱহাৰ কেনেকৈ হয় তাৰ পুনৰ গঠন কৰি উৰ্ধমুখী কাম কৰি আহিছে। ২০১৮ চনৰ জুলাই মাহত আৰম্ভ হোৱা ইট ৰাইট ইণ্ডিয়া আন্দোলনে নিৰাপদ, স্বাস্থ্যকৰ আৰু বহনক্ষম খাদ্যৰ প্ৰচাৰ কৰিছে। ২০২৫ চনৰ জুলাই মাহলৈকে ১৭.৭৬ লাখ ফুড হেণ্ডলাৰক প্ৰশিক্ষণ দিয়া হৈছে আৰু ১৭৯টা ক্লিন ষ্ট্ৰীট ফুড হাব প্ৰমাণিত হৈছে। ৰে’লৱে ষ্টেচনত প্ৰমাণিত ৪০৬ টা ইট ৰাইট ষ্টেচনৰ লগতে ৫১৭ টা প্ৰমাণিত ফলমূল আৰু শাক-পাচলিৰ বজাৰ আছে। ইয়াৰ ফলত মধ্যবিত্ত শ্ৰেণীয়ে খাদ্য সম্পৰ্কীয় স্বাস্থ্যজনিত বিপদ আৰু চিকিৎসাৰ খৰচ হ্ৰাস কৰাত সহায় কৰে। বজাৰ, ৰাজপথৰ খাদ্যৰ কেন্দ্ৰ আৰু ষ্টেচনৰ বহল প্ৰমাণীকৰণে দৈনন্দিন জীৱনত খাদ্যৰ মান আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা উন্নত কৰে।
প্ৰধানমন্ত্ৰী ভাৰতীয় জনৌষধি পৰিযোজনা আঁচনি- ২০১৫ চনৰ পিছত এই আঁচনিখন যথেষ্ট পৰিমাণে সংস্কাৰ কৰা হয়।এই আঁচনিখনে জনৌষধি কেন্দ্ৰ (জে.এ.কে.)ৰ জৰিয়তে যথেষ্ট কম মূল্যত গুণগত মান নিশ্চিত জেনেৰিক ঔষধ প্ৰদান কৰিব বিচাৰে। বৰ্তমান ১৮,০০০তকৈও অধিক জনৌষধি কেন্দ্ৰই ৫০-৮০% কম দামত গুণগত মানৰ জেনেৰিক ঔষধ যোগান ধৰে। গড়ে দৈনিক প্ৰায় ১০ৰ পৰা ১২ লাখ ব্যক্তি এই কেন্দ্ৰসমূহলৈ যায়। পৰৱৰ্তী সময়ত স্বাস্থ্যসেৱাৰ ব্যয় যথেষ্ট হ্ৰাস পোৱাৰ ফলত ভাৰতৰ মধ্যবিত্ত শ্ৰেণীয়ে লাভৱান হয়। ২,১১০টা ঔষধ, ৩১৫টা অস্ত্ৰোপচাৰ সামগ্ৰী আদিৰ প্ৰডাক্ট পৰ্টফলিঅ’ই চিকিৎসাৰ সুবিধা উন্নত কৰে। বিগত ১১ বছৰত জনৌষধিৰ সামগ্ৰীয়ে পৰিয়ালৰ বাবে পকেটৰ পৰা ওলোৱা ঔষধৰ খৰচ হ্ৰাস কৰি ৪০,০০০ কোটি টকা ৰাহি কৰাত সহায় কৰিছে।

প্ৰধানমন্ত্ৰী সুৰক্ষা মাতৃত্ব অভিযান(পি.এম.এছ.এম.এ.) - এই আঁচনিখনে প্ৰতি মাহৰ ৯ তাৰিখে গৰ্ভৱতী মহিলাক (২য়, ৩য় ত্ৰিমাসিকত) নিৰ্দিষ্ট দিনৰ, মানসম্পন্ন প্ৰসৱৰ পূৰ্বে যত্ন প্ৰদান কৰে। পি.এম.এছ.এম.এ.ৰ বাবে এটা ৰাষ্ট্ৰীয় পৰ্টেল আৰু এটা মোবাইল এপ্লিকেচনে ব্যক্তিগত/ স্বেচ্ছাসেৱী খণ্ডৰ চিকিৎসকসকলক নিয়োজিত কৰাত সহায় কৰে।
২০১৬ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা ৭.৪৬ কোটিতকৈ অধিক গৰ্ভৱতী মহিলাক পৰীক্ষা কৰা হৈছে আৰু ২২,০০০ৰো অধিক সুবিধাই দেশজুৰি (২৯ মে’, ২০২৬ লৈকে) পিএমএছএমএ সেৱা আগবঢ়াইছে।
আয়ুষ্মান ভাৰত- প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা- ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হোৱা এইখন বিশ্বৰ সৰ্ববৃহৎ জনস্বাস্থ্যসেৱা আঁচনি। এই আঁচনিখনে এম্পেনেলযুক্ত চৰকাৰী পুঁজিৰে চলি থকা আৰু ব্যক্তিগত চিকিৎসালয়সমূহত নগদবিহীন চিকিৎসা প্ৰদান কৰে। ই মধ্যবিত্তীয় পৰিয়ালকে ধৰি সমগ্ৰ ভাৰতৰ জ্যেষ্ঠ নাগৰিকসকলক উপকৃত কৰিছে, ৭০ বছৰৰ ওপৰৰ ৮৬.৫১ লাখ+ জ্যেষ্ঠ নাগৰিকে আয়ুষমান ভায় বন্দনা কাৰ্ড আগবঢ়াইছে।
আয়ুষ্মান আৰোগ্য মন্দিৰ- জনস্বাস্থ্যৰ ইতিহাসৰ এইটো আছিল এক উল্লেখযোগ্য আৰু সংজ্ঞায়িত মুহূৰ্ত যিয়ে ভাৰতত সাৰ্বজনীন স্বাস্থ্য কভাৰেজ লাভৰ দিশত এক পৰিৱৰ্তনশীল পদক্ষেপ চিহ্নিত কৰিছিল। ই সমগ্ৰ গ্ৰাম্য, চহৰ আৰু জনজাতীয় অঞ্চলৰ প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ যিয়ে তেওঁলোকে বাস কৰা ঠাইৰ ওচৰৰ লোকসকলক ব্যাপক, সাৰ্বজনীন আৰু বিনামূলীয়া সেৱা প্ৰদান কৰে। ২০১৮ চনত আৰম্ভ কৰা চৰকাৰৰ ফ্লেগশ্বিপ স্বাস্থ্যসেৱাৰ পদক্ষেপ আয়ুষ্মান ভাৰতৰ চাৰিটা উপাদানৰ ভিতৰত অন্যতম ।
এই কাৰ্যসূচীয়ে সমগ্ৰ ভাৰততে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱাৰ সুবিধাৰ যথেষ্ট উন্নতি সাধন কৰিছে। ইয়াৰ চাৰিটা উপাদানৰ লক্ষ্য হৈছে প্ৰাথমিক, মাধ্যমিক আৰু তৃতীয় পৰ্যায়ত গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰা। আন উপাদানসমূহৰ ভিতৰত আছে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান আৰু আয়ুষ্মান ভাৰত ডিজিটেল অভিযান৷
ইয়াৰ অধীনত হোৱা সংস্কাৰে সাৰ্বজনীন স্বাস্থ্য কভাৰেজৰ দিশত অগ্ৰগতি শক্তিশালী কৰিছে। ইউ.এইচ.চি. সূচকাংক ২০১৫ চনত ৫৭ ৰ পৰা ২০২১ চনত ৬৩ লৈ বৃদ্ধি পাইছে। পকেটৰ বাহিৰৰ খৰচ ৬০.৬% (২০১৪–১৫)ৰ পৰা ৩৯.৪% (২০২১–২২)লৈ হ্ৰাস পাইছে। ২০২৬ চনৰ ২৮ এপ্ৰিললৈকে ১,৮৫,৫৫৫ টা কাৰ্যকৰী আয়ুষ্মান আৰোগ্য মন্দিৰ। এইসমূহে ৫৪০ কোটিৰো অধিক (জুন ২০২৬) সঞ্চিত ফুটফল ৰেকৰ্ড কৰিছে। উল্লেখযোগ্য যে, আয়ুষ্মান আৰোগ্য মন্দিৰত মুখ, স্তন আৰু ছাৰ্ভাইকেল কেন্সাৰৰ বাবে ৬০ কোটিৰো অধিক পৰীক্ষা কৰা হৈছে।
যক্ষ্মা (টি.বি.), মেলেৰিয়া, কৰ্কট আদি ৰোগৰ বাবে আঁচনি- ৰাষ্ট্ৰীয় টিবি নিৰ্মূল কাৰ্যসূচীৰ জৰিয়তে ২০১৫-২০২৪ চনৰ ভিতৰত প্ৰতি লাখ জনসংখ্যাৰ ভিতৰত ২৩৭ৰ পৰা ১৮৭জনলৈ টিবিৰ প্ৰাদুৰ্ভাৱ ২১% হ্ৰাস পাইছে। ৫৩%ৰ পৰা ৯২%লৈ চিকিৎসাৰ কভাৰেজ তীব্ৰভাৱে বৃদ্ধি পাইছে, যিটো বিশ্বৰ গড় ৭৮%ৰ বহু ওপৰত।
২০১৬ চনত চৰকাৰে মেলেৰিয়া নিৰ্মূলৰ বাবে ৰাষ্ট্ৰীয় কাঠামো আৰম্ভ কৰে, যিয়ে ২০২৭ চনৰ ভিতৰত মেলেৰিয়া নিৰ্মূলৰ বাবে এটা ৰোডমেপ প্ৰদান কৰে। ইয়াৰ উপৰিও ই ৰিয়েল-টাইম ডাটা ট্ৰেকিং বিকশিত কৰিছিল। ২০১৫ চনৰ পৰা ২০২৩ চনলৈকে মেলেৰিয়াৰ ৰোগী আৰু মৃত্যুৰ সংখ্যা প্ৰায় ৮০% হ্ৰাস পাইছে। ২০২৪ চনত ভাৰতে মেলেৰিয়াৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাৰ হাই বাৰ্ডেন টু হাই ইমপেক্ট গ্ৰুপৰ পৰা ওলাই আহিছিল।
ডেংগু নিৰ্ণয়ৰ ক্ষমতা উন্নত হৈছে আৰু চেণ্টিনেল চাৰ্ভিলেন্স হাস্পতালসমূহ ১১০ (২০০৭)ৰ পৰা ৮৬৯ (২০২৫)লৈ বৃদ্ধি পাইছে। ২০১৮ চনত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় ভাইৰেল হেপাটাইটিছ নিয়ন্ত্ৰণ কাৰ্যসূচীয়ে ১১৪০ টা স্থানত বিনামূলীয়া নিদান আৰু চিকিৎসা প্ৰদান কৰে। ১৮.২৩ কোটি ব্যক্তিক ক্ৰমবৰ্ধমানভাৱে (২০১৮-ছেপ্টেম্বৰ ২০২৫) পৰীক্ষা কৰা হৈছে।
ভাৰতে সম্প্ৰসাৰিত চোৰাংচোৱাগিৰি, তৃতীয় পৰ্যায়ৰ আন্তঃগাঁথনি আৰু জিলা পৰ্যায়ৰ চিকিৎসাৰ সুবিধাৰ জৰিয়তে কৰ্কট ৰোগৰ যত্ন শক্তিশালী কৰি তুলিছে। ২০১৪-১৫ চনৰ পৰা চৰকাৰে তৃতীয় পৰ্যায়ত কৰ্কট ৰোগ যত্নৰ সুবিধাসমূহ বৃদ্ধি কৰাৰ উদ্দেশ্যে তৃতীয় পৰ্যায়ৰ কৰ্কট ৰোগ যত্ন কেন্দ্ৰসমূহৰ সুবিধাসমূহ শক্তিশালীকৰণ আঁচনি ৰূপায়ণ কৰিছিল। এই আঁচনিৰ অধীনত ১৯টা ৰাজ্যিক কেন্সাৰ ইনষ্টিটিউট (এছ.চি.আই.) আৰু ২০টা টাৰ্চিয়েৰী কেন্সাৰ কেয়াৰ চেণ্টাৰ (টি.চি.চি.চি.)ত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ অধীনত এছ.চি.আই.ৰ বাবে ১২০ কোটি টকা পৰ্যন্ত আৰু ৰাজ্যিক অংশীদাৰিত্বকে ধৰি টি.চি.চি.চি.ৰ বাবে ৪৫ কোটি পৰ্যন্ত এককালীন অনুদান প্ৰদানৰ ব্যৱস্থা আছে। বৰ্তমান ২০টা এছ.চি.আই., ১৯টা টি.চি.চি.চি. আৰু ৪৩৯টা ডি.চি.চি.চি. কাৰ্যক্ষম হৈ আছে আৰু ৰোগীৰ যত্ন সেৱা আগবঢ়াইছে।
শক্তিশালী শিক্ষা, উদ্যোগীকৰণ আৰু দক্ষতা বিকাশ
যোৱা ১২ বছৰত সমগ্ৰ দেশতে শিক্ষা, দক্ষতা আৰু উদ্যোগীকৰণৰ সুযোগ যথেষ্ট সম্প্ৰসাৰিত হৈছে। শক্তিশালী প্ৰতিষ্ঠান, ঋণৰ বিস্তৃত সুবিধা আৰু উদ্যোগকেন্দ্ৰিক প্ৰশিক্ষণে কেৰিয়াৰৰ সুযোগ উন্নত কৰিছে। এই প্ৰচেষ্টাসমূহে উদ্ভাৱনক সমৰ্থন কৰিছে, আত্মনিয়োগক উৎসাহিত কৰিছে আৰু ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ বাবে উৰ্ধমুখী গতিশীলতা শক্তিশালী কৰিছে।
স্কুলীয়া শিক্ষা- ভাৰতবৰ্ষই ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত হোৱাৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে সামাজিক আৰু অৰ্থনৈতিক প্ৰগতিৰ বাবে গুণগত শিক্ষা কেন্দ্ৰীয় হৈয়েই আছে। ভাৰতৰ ১৪.৭১ লাখ বিদ্যালয়ে ২৪.৬৯ কোটিতকৈ অধিক ছাত্ৰ-ছাত্ৰী আৰু ১.০১ কোটি শিক্ষকক সহায় কৰে (২০২৪-২৫)।
তদুপৰি ২০১৮ চনত সমগ্ৰ শিক্ষাৰ আৰম্ভণিয়ে সকলো স্তৰতে বিদ্যালয় শিক্ষাৰ এক ঐক্যবদ্ধ দৃষ্টিভংগীৰ সৃষ্টি কৰিলে। ই এক সংহত কাঠামোৰ জৰিয়তে পৰিকল্পনা, সম্পদ আবণ্টন, আৰু শিক্ষণ ফলাফলৰ উন্নতি সাধন কৰিছিল। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ (NEP 2020)য়ে সামগ্ৰিক, দক্ষতামুখী আৰু ভৱিষ্যতৰ বাবে প্ৰস্তুত শিক্ষণক প্ৰসাৰিত কৰি এই দৃষ্টিভংগীক আৰু অধিক শক্তিশালী কৰি তুলিলে। মধ্যবিত্তীয় পৰিয়ালৰ বাবে এই সংস্কাৰসমূহে গুণগত শিক্ষা আৰু উন্নত কেৰিয়াৰৰ সুযোগৰ সুবিধা সম্প্ৰসাৰিত কৰে। ইয়াৰ উপৰিও শৈক্ষিক ব্যৱধান হ্ৰাস কৰে আৰু ওপৰলৈ গতিশীলতাৰ পথ শক্তিশালী কৰে।

আই.আই.টি. সম্প্ৰসাৰণ- ২০১৪ চনত ভাৰতত ১৬ টা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আই.আই.টি.) আছিল। পৰৱৰ্তী বছৰবোৰত ৭ খন নতুন আই.আই.টি. সংযোজন হোৱাৰ লগে লগে ২০২৫ লৈকে ইয়াৰ মুঠ সংখ্যা ২৩ লৈ বৃদ্ধি পাইছে। বিগত দশকত (২০২৫-২৬ চনলৈকে) ছাত্ৰ শক্তি ৬৫,০০০ৰ পৰা ১.৩৫ লাখলৈ অৰ্থাৎ দুগুণ বৃদ্ধি পাইছে। ইয়াৰ উপৰিও চৰকাৰে নতুন আই.আই.টি.ত আন্তঃগাঁথনি সম্প্ৰসাৰণ কৰি অতিৰিক্ত ৬৫০০ ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ অনুমোদন জনাইছে। তিৰুপতি, ভিলাই, জম্মু, ধৰৱাদ আৰু পলাক্কাডত নতুন সামৰ্থৰ সৃষ্টি হ’ব। ১৩০টা জ্যেষ্ঠ অধ্যাপক পদ সংযোজনে শৈক্ষিক মানদণ্ড আৰু অধিক শক্তিশালী কৰে।
মধ্যবিত্ত শ্ৰেণীৰ বাবে এই সম্প্ৰসাৰণে গুণগত শিক্ষা আৰু শীৰ্ষ প্ৰতিষ্ঠানৰ সুবিধাৰ উন্নতি সাধন কৰে। ই উন্নত চাকৰি, অধিক আয় আৰু উৰ্ধমুখী গতিশীলতাৰ পথ মুকলি কৰে। ইয়াৰ উপৰিও ই শৈক্ষিক বৈষম্য হ্ৰাস কৰে আৰু অধিক দক্ষ, উদ্ভাৱন-চালিত অৰ্থনীতিক সমৰ্থন কৰে।
বিদ্যা লক্ষ্মী আঁচনি- ২০২৪ চনত আৰম্ভ হোৱা এই পদক্ষেপে আৰ্থিকভাৱে উচ্চ শিক্ষাৰ প্ৰৱেশত বাধা নিদিয়াটো নিশ্চিত কৰি মেধাৱী ছাত্ৰ-ছাত্ৰীক সহায় কৰে। ই এক সহজ, স্বচ্ছ, ডিজিটেল প্ৰক্ৰিয়াৰ জৰিয়তে জামিনবিহীন, নিশ্চয়তাবিহীন শিক্ষা ঋণ প্ৰদান কৰে। ৮ টকা লাখ পৰ্যন্ত উপাৰ্জন কৰা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে ৩% সুতৰ ৰাজসাহাৰ্য লাভ কৰে। ৮৬০ টা নিৰ্দিষ্ট মানসম্পন্ন প্ৰতিষ্ঠানৰ ভিতৰত কোনো এটাত মেধা অনুসৰি নামভৰ্তি লাভ কৰিব লাগিব। মধ্যবিত্ত পৰিয়ালৰ বাবে ইয়াৰ ফলত আৰ্থিক চাপ হ্ৰাস পায় আৰু গুণগত শিক্ষাৰ সুবিধা সম্প্ৰসাৰিত হয়। ই ছাত্ৰ-ছাত্ৰীসকলক গধুৰ আগধন খৰচ বা ঋণ লোৱাৰ বাধা নোহোৱাকৈ আকাংক্ষাক অনুসৰণ কৰিবলৈ সক্ষম কৰে। ২০২৫ চনৰ ফেব্ৰুৱাৰী- ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৬০,৬০০ৰো অধিক ঋণ অনুমোদন কৰা হৈছে, যাৰ পৰিমাণ ৭,৭৫০ কোটি টকাৰো অধিক; প্ৰথম ষান্মাসিক/বছৰৰ বাবে ১,৪০০ কোটি টকা প্ৰদান কৰা হৈছে।
ভাৰতত বিদেশী বিশ্ববিদ্যালয়ৰ প্ৰবাহ- ডিকিন ইউনিভাৰ্চিটি আৰু ইউনিভাৰ্চিটি অৱ ৱলংগংঙৰ দৰে আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ে গুজৰাটৰ গিফ্ট চিটিত কেম্পাছ মুকলি কৰাৰ বিপৰীতে ইউনিভাৰ্চিটি অৱ চাউথমপটনে গুৰুগ্ৰামত কেম্পাছ স্থাপন কৰিছে। এই কেম্পাছসমূহে বিশ্বব্যাপী পাঠ্যক্ৰম, অধ্যাপক আৰু পাঠদান পদ্ধতিক ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ ওচৰলৈ আনে। মধ্যবিত্ত শ্ৰেণীৰ বাবে ইয়াৰ ফলত বিদেশত পঢ়াৰ উচ্চ খৰচ হ্ৰাস পায় আৰু বৈদেশিক মুদ্ৰাৰ বহিঃপ্ৰবাহ সীমিত হয়। ইয়াৰ উপৰিও দেশৰ ভিতৰতে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ডিগ্ৰীৰ সুবিধাও সম্প্ৰসাৰিত কৰে। সামগ্ৰিকভাৱে ইয়াৰ দ্বাৰা ব্যয়সাধ্যতা উন্নত হয়, পছন্দসমূহ বিস্তৃত হয় আৰু বিশ্ব শিক্ষাৰ কেন্দ্ৰ হিচাপে ভাৰতৰ স্থিতি শক্তিশালী হয়। ২০২৫ চনত অষ্ট্ৰেলিয়া, ইটালী, ইউনাইটেড-কিংডম, আমেৰিকাৰ পৰা ৮ টা বিদেশী উচ্চ শিক্ষানুষ্ঠানলৈ উদ্দেশ্য পত্ৰ জাৰি কৰিছে। ভাৰতৰ বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউ.জি.চি.)য়ে এই প্ৰতিষ্ঠানসমূহক সমগ্ৰ বেংগালুৰু, মুম্বাই আৰু চেন্নাইত কেম্পাছ মুকলি কৰিবলৈ আদৰণি জনাইছে।
চিকিৎসা শিক্ষা- চিকিৎসা আন্তঃগাঁথনিৰ সম্প্ৰসাৰণে মধ্যবিত্ত শ্ৰেণীৰ বাবে গুণগত স্বাস্থ্যসেৱা অধিক সুলভ আৰু সুলভ কৰি তুলিছে। ২০২৬ চনৰ ৩১ মাৰ্চলৈকে ৮১৮খন এল’পেথী, ৩২৩খন ডেণ্টেল আৰু ৯৪২খন আয়ুষ কলেজকে ধৰি ২০৪৫খনতকৈও অধিক চিকিৎসা মহাবিদ্যালয় মুকলি হৈছে। এইমছৰ সংখ্যা তিনিগুণ বৃদ্ধি পাইছে আৰু সমগ্ৰ দেশতে ২৩খন এইমছ কাৰ্যক্ষম বা অনুমোদিত হৈছে। ইয়াৰ ফলত ভ্ৰমণৰ খৰচ, অপেক্ষাৰ সময় আৰু ব্যয়বহুল ব্যক্তিগত যত্নৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পায়।

নাৰ্চিঙৰ ক্ষেত্ৰতো সমানেই মনোযোগ পোৱা গৈছে। নতুন চিকিৎসা মহাবিদ্যালয়সমূহৰ সমান্তৰালভাৱে ১৫৭খন নতুন নাৰ্চিং কলেজ স্থাপন কৰা হৈছে আৰু বছৰি ১৫,৭০০ নাৰ্চিং স্নাতক যোগ কৰা হৈছে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত উত্তৰ ভাৰতত NIMHANS-2 (National Institute of Mental Health and Neuro Sciences) স্থাপন কৰা হ’ব, যাৰ ফলত তৃতীয় পৰ্যায়ৰ মনোৰোগ চিকিৎসাৰ দীৰ্ঘদিনীয়া ব্যৱধান পূৰণ কৰা হ’ব। ৰাঁচী আৰু তেজপুৰৰ প্ৰতিষ্ঠানসমূহ আঞ্চলিক শিখৰ প্ৰতিষ্ঠান হিচাপে উন্নীত কৰা হ’ব। জিলা চিকিৎসালয়সমূহত জৰুৰীকালীন আৰু আঘাতৰ যত্নৰ ক্ষমতা ৫০% শক্তিশালী কৰা হ'ব। ২০২৬-২৭ চনৰ বাজেটত ১৭টা নতুন ঔষধৰ ওপৰত শুল্ক ৰেহাই দিয়া হৈছে, শুল্কমুক্ত ব্যক্তিগত আমদানিৰ তালিকাত অতিৰিক্ত ৭টা বিৰল ৰোগ সংযোজন কৰা হৈছে। ইয়াৰ উপৰিও পাঁচটা আঞ্চলিক চিকিৎসা মূল্য পৰ্যটন হাবে চিকিৎসা, শৈক্ষিক, আয়ুষ আৰু পুনৰ্বাসন সেৱাসমূহ একত্ৰিত কৰিব—ভাৰতক সামগ্ৰিক যত্নৰ বাবে বিশ্বব্যাপী গন্তব্যস্থান হিচাপে স্থান দিব।
তদুপৰি ২০২৬-২৭ চনৰ বাজেটত লিবাৰেলাইজড ৰেমিটেন্স আঁচনি (এল.আৰ.এছ.)ৰ অধীনত শিক্ষা গ্ৰহণৰ বাবে আৰু চিকিৎসাৰ উদ্দেশ্যে টি.চি.এছ. (উৎসত সংগ্ৰহ কৰা কৰ)ৰ হাৰ ৫%ৰ পৰা ২%লৈ হ্ৰাস কৰাৰ প্ৰস্তাৱো দিয়া হৈছিল। বিদেশত শিক্ষা আৰু চিকিৎসাৰ খৰচৰ টি.চি.এছ. হ্ৰাস পালে মধ্যবিত্ত শ্ৰেণীৰ আৰ্থিক বোজা লাঘৱ হয়।
ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান (আই.টি.আই.)- ভাৰতৰ দীৰ্ঘম্যাদী বৃত্তিমূলক শিক্ষাৰ মেৰুদণ্ড হৈছে আই.টি.আই.। উদ্যোগটোলৈ দক্ষ কৰ্মীৰ অবিৰত প্ৰবাহ নিশ্চিত কৰাৰ উদ্দেশ্যেৰে এইবোৰ স্থাপন কৰা হৈছে।

এই পৰিৱেশ তন্ত্ৰক অধিক শক্তিশালী কৰিবলৈ ২০২৫ চনৰ অক্টোবৰ মাহত কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনি হিচাপে পি.এম.–এছ.ই.টি.ইউ. (উন্নতকৃত আইটিআইৰ জৰিয়তে প্ৰধানমন্ত্ৰী দক্ষতা আৰু নিয়োগযোগ্যতা পৰিৱৰ্তন) আৰম্ভ কৰা হৈছিল আৰু ইয়াৰ আনুমানিক ব্যয় হৈছে ৬০,০০০ কোটি টকা। ই ব্যয়বহুল ডিগ্ৰীৰ প্ৰয়োজন নোহোৱাকৈ সুস্থিৰ চাকৰি, উন্নত আয় আৰু কেৰিয়াৰ বৃদ্ধিৰ পথ মুকলি কৰে।
স্কিল ইণ্ডিয়অ মিছন - ২০১৫ চনত আৰম্ভ হোৱা এই অভিযান ভাৰতক ‘আত্মনিৰ্ভৰ’ (আত্মনিৰ্ভৰশীল) হোৱাত সহায় কৰাৰ চৰকাৰৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখিছে। এই পদক্ষেপে এপ্ৰেণ্টিছশ্বিপ প্ৰশিক্ষণ, কাৰিকৰী ইন্টাৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচী, অনলাইন দক্ষতা আদি প্ৰদান কৰে। মূল আঁচনিসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা (পি.এম.কে.ভি.ৱাই.), জন শিক্ষা সংস্থা (জে.এছ.এছ.), প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় এপ্ৰেণ্টিছশ্বিপ প্ৰচাৰ আঁচনি (এন.এ.পি.এছ.)আৰু শিল্পী প্ৰশিক্ষণ আঁচনি (চি.টি.এছ.) আদি অন্তৰ্ভুক্ত। ২০২২–২০২৬ চনৰ বাবে পুনৰ্গঠন কৰা এই পদক্ষেপে মধ্যবিত্ত শ্ৰেণীৰ বাবে উপযুক্ত কেইবাটাও পথ প্ৰদান কৰে, উদ্যোগ-সংলগ্ন, হ্ৰস্বম্যাদী আৰু ডিজিটেল-বন্ধুত্বপূৰ্ণ দক্ষতা উন্নীতকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এ.আই., আই.অ’.টি. আৰু উচ্চমানৰ সেৱাৰ দৰে ক্ষেত্ৰত নিয়োগযোগ্যতা বৃদ্ধি কৰে। এই কাৰ্যসূচী স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছ.আই.ডি.এইচ.)ত বহু পৰিমাণে প্ৰতিষ্ঠিত কৰা হৈছে, যিয়ে পাঠ্যক্ৰম, চাকৰিৰ সুযোগ আৰু এপ্ৰেণ্টিছশ্বিপ কাৰ্যসূচীৰ সুবিধা প্ৰদান কৰে।
২০২৬ চনৰ মাৰ্চ মাহলৈকে পি.এম.কে.ভি.ৱাই. ৪.০ৰ অধীনত ২৭.৭৪ লাখ প্ৰাৰ্থী, জে.এছ.এছ.ৰ অধীনত ৩৬.৪৮ লাখ হিতাধিকাৰী আৰু এন.এ.পি.এছ.ৰ জৰিয়তে নিয়োজিত ৫৪.৪১ লাখ এপ্ৰেণ্টিছক প্ৰশিক্ষণ দিয়া হৈছে, যাৰ ফলত বিভিন্ন খণ্ডত নিয়োগযোগ্যতা শক্তিশালী হৈছে।

ষ্টাৰ্টআপ ইণ্ডিয়া- ষ্টাৰ্টআপ ইণ্ডিয়াৰ পদক্ষেপৰ অধীনত চৰকাৰে ফাণ্ড অৱ ফাণ্ডছ ফৰ ষ্টাৰ্টআপ (এফ.এফ.এছ.), ষ্টাৰ্টআপ ইণ্ডিয়া ছিড ফাণ্ড আঁচনি (এছ.আই.এছ.এফ.এছ.) আৰু ষ্টাৰ্টআপৰ বাবে ক্ৰেডিট নিশ্চয়তা আঁচনি (চি.জি.এছ.এছ.)-এই তিনিটা ফ্লেগশ্বিপ আঁচনি ৰূপায়ণ কৰি আছে। এইবোৰে ব্যৱসায়িক চক্ৰৰ বিভিন্ন পৰ্যায়ত বিভিন্ন খণ্ডৰ ষ্টাৰ্টআপৰ বাবে পুঁজিৰ সুযোগ প্ৰদান কৰে। ২০১৬ চনত মাত্ৰ ৫০২টা ষ্টাৰ্টআপক স্বীকৃতি দিয়া হৈছিল, যাৰ ফলত ৩০৮টা প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি হৈছিল। ২০২৬ চনৰ মাৰ্চ মাহলৈকে ২.২৩ লাখতকৈ অধিক ষ্টাৰ্টআপক স্বীকৃতি দিয়া হৈছে, যাৰ ফলত ২৩.৩ লাখ প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি হৈছে। এই দ্ৰুত বৃদ্ধিয়ে মধ্যবিত্ত শ্ৰেণীৰ বাবে কৰ্মসংস্থাপন আৰু উদ্যোগীকৰণৰ সুযোগ সম্প্ৰসাৰিত কৰিছে। ইয়াৰ উপৰিও, এই ষ্টাৰ্টআপসমূহৰ ৪৮% সমূহত অন্ততঃ এগৰাকী মহিলা পৰিচালক বা অংশীদাৰ থাকে, যিয়ে বৃদ্ধি পোৱা অন্তৰ্ভুক্তিক প্ৰতিফলিত কৰে।
অধিক সুবিধাৰ বাবে নিৰৱচ্ছিন্ন ডিজিটেল শাসন
ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডি.পি.আই.) পৰিচয়, বেংকিং আৰু সংযোগৰ ইচ্ছাকৃত সংহতিৰ জৰিয়তে বিকশিত হৈছিল। এইটোৱে জেম ত্ৰিত্ব- জন ধন একাউণ্ট, আধাৰ, আৰু ব্যাপক মোবাইল প্ৰৱেশৰ ৰূপ ল’লে । তেওঁলোকে একেলগে নাগৰিক আৰু ৰাজ্যৰ মাজত প্ৰত্যক্ষ আৰু পৰীক্ষাযোগ্য সংযোগ সক্ষম কৰি ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ ভেটি গঢ়ি তুলিছিল।

প্ৰায় এটা দশক পূৰ্বে গোৱাৰ ৰেবেকা মেথিউৱে পলমকৈ পেঞ্চন পৰিশোধৰ সৈতে যুঁজিছিল। টকা আহি পোৱাৰ লগে লগে অনিশ্চিত আৰু মধ্যভোগীৰ ওপৰত নিৰ্ভৰশীল যেন লাগিল। জন ধন যোজনাই সেই অভিজ্ঞতাক সম্পূৰ্ণৰূপে সলনি কৰি দিলে। আজি তেখেতৰ পেঞ্চন প্ৰতিমাহে পোনে পোনে নিজৰ বেংক একাউণ্টত সোমাই যায়। ইয়াত কোনো ধৰণৰ কমিচন, পলম বা বাৰে বাৰে কাৰ্যালয়লৈ যোৱাৰ দৰকাৰ নাই। বেংকৰ এটা সাধাৰণ বাৰ্তাই এতিয়া তেখেতৰ মৰ্যাদা, আত্মবিশ্বাস আৰু আৰ্থিক নিৰাপত্তা কঢ়িয়াই আনে। ৰেবেকাই কোৱাৰ দৰে, “মই কেতিয়াবা পাহৰি যাওঁ, কিন্তু পেঞ্চনে আহিবলৈ নাপাহৰিব।”
|
JAM Trinity- প্ৰধানমন্ত্ৰী জন ধন যোজনা ২০১৪ চনত ৰাষ্ট্ৰীয় আৰ্থিক অন্তৰ্ভুক্তিৰ অভিযান হিচাপে আৰম্ভ কৰা হৈছিল। ইয়াৰ লক্ষ্য হৈছে ভাৰতৰ প্ৰতিজন বেংকবিহীন প্ৰাপ্তবয়স্কক বেংক একাউণ্ট, আৰ্থিক পৰিচয় আৰু ক্ৰেডিট, বীমা আৰু পেঞ্চনৰ দৰে অত্যাৱশ্যকীয় সেৱাসমূহৰ সুবিধা প্ৰদান কৰা। যোৱা ১২ বছৰত ই বিশ্বৰ অন্যতম বৃহৎ বিত্তীয় অন্তৰ্ভুক্তিৰ পদক্ষেপলৈ পৰিণত হৈছে। ২০১৫ চনত ১৪.৭২ কোটিৰ পৰা ২০২৬ চনৰ মে’ মাহলৈকে এই একাউণ্টৰ সংখ্যা ৫৮.২৬ কোটিলৈ বৃদ্ধি পাইছে৷ ২০১৫ চনৰ মাৰ্চ মাহত ১৫,৬৭০ কোটি টকাৰ পৰা ২০২৬ চনৰ মে’ মাহলৈকে জমা ধন ৩.০১ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। যাৰ ফলত মধ্যবিত্তীয় পৰিয়ালসমূহে লাভৱান হয় কাৰণ তেওঁলোকে নিৰাপদে সঞ্চয় কৰিব পাৰে, সুবিধা লাভ কৰিব পাৰে আৰু ক্ৰেডিট, বীমা আৰু পেঞ্চন লাভ কৰিব পাৰে।
আধাৰে সমগ্ৰ দেশৰ বাসিন্দাসকলৰ বাবে বায়’মেট্ৰিক ভিত্তিক ডিজিটেল পৰিচয় মঞ্চৰ প্ৰৱৰ্তন কৰে। ই দক্ষ সেৱা প্ৰদানৰ বাবে অনন্য চিনাক্তকৰণ আৰু সুৰক্ষিত প্ৰমাণীকৰণ সক্ষম কৰিছে। ২০২৬ চনৰ মে’ মাহলৈকে ১৪৪ কোটিতকৈ অধিক আধাৰ নম্বৰ সৃষ্টি হৈছে৷ ব্যৱহাৰে দৈনন্দিন ব্যৱস্থাসমূহৰ সৈতে গভীৰ সংহতি প্ৰতিফলিত কৰে। কেৱল ২০২৪-২৫ চনত ২,৭০৭ কোটিৰো অধিক প্ৰমাণীকৰণ লেনদেন কৰা হৈছিল। ইয়াৰ ফলত পৰিচয় পৰিবহনযোগ্য হৈ পৰিল, ভেৰিফিকেচন প্ৰায় তৎক্ষণাত সম্পন্ন হয়। সেৱাৰ সুবিধা অধিক নিৰ্ভৰযোগ্য আৰু স্বচ্ছ হৈ পৰিল।
৮৫.৫% ভাৰতীয় পৰিয়ালৰ অন্ততঃ এটা স্মাৰ্টফোনৰ মালিক হোৱাৰ লগে লগে মোবাইল ফোন এতিয়া বেংকিং, শ্ৰেণীকোঠা আৰু ৰাজহুৱা সেৱাসমূহ লাভ কৰাৰ এক মাধ্যমত পৰিণত হৈছে। উল্লেখযোগ্য যে, ২০২৫ চনৰ ডিচেম্বৰৰ শেষত বেতাঁৰ টেলিফোন গ্ৰাহকৰ সংখ্যা ১২৫.৮৭ কোটি হয়, যিটো ২০১৪ চনৰ নৱেম্বৰ মাহত ৯৩৭ মিলিয়ন আছিল। ইয়াৰ উপৰিও মোবাইল ফোন উৎপাদন ২৮ গুণ বৃদ্ধি পাইছে (২০১৪-১৫ চনত ০.১৮ লাখ কোটি টকা আৰু ২০২৪-২৫ চনত ৫.৫ লাখ কোটি টকা)।
মধ্যবিত্ত শ্ৰেণীৰ বাবে জে.এ.এম. ট্ৰিনিটিৰ অৰ্থ সামূহিকভাৱে কম মধ্যস্থতাকাৰী, দ্ৰুত সেৱা প্ৰদান, লিকেজ হ্ৰাস আৰু বিত্তৰ ওপৰত অধিক নিয়ন্ত্ৰণ। ই জীৱন-যাপনৰ সহজতা বৃদ্ধি কৰে, আৰ্থিক সুৰক্ষা উন্নত কৰে আৰু ডিজিটেল অৰ্থনীতিত অংশগ্ৰহণক সমৰ্থন কৰে।

DigiLocker - ২০১৫ চনত আৰম্ভ হোৱা DigiLockerৰ লক্ষ্য হৈছে নাগৰিকৰ ডিজিটেল নথি-পত্ৰৰ মানিবেগত প্ৰামাণিক ডিজিটেল নথিপত্ৰ প্ৰৱেশাধিকাৰ প্ৰদান কৰি নাগৰিকৰ 'ডিজিটেল সবলীকৰণ'। ই মধ্যবিত্ত শ্ৰেণীক গুৰুত্বপূৰ্ণ নথি-পত্ৰসমূহ ডিজিটেলভাৱে, যিকোনো সময়তে আৰু যিকোনো ঠাইতে সংৰক্ষণ আৰু প্ৰৱেশ কৰাত সহায় কৰে। ই কাগজ-পত্ৰ হ্ৰাস কৰে, ভৌতিক নথি-পত্ৰ হেৰুৱাৰ আশংকা দূৰ কৰে, আৰু নামভৰ্তি, বেংকিং, চাকৰিৰ আবেদনৰ দৰে প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰে। ইয়াৰ ফলত সুবিধা বৃদ্ধি পায়, সময় ৰাহি হয় আৰু দৈনন্দিন জীৱন-যাপনৰ সহজতা বৃদ্ধি পায়। মুঠ ব্যৱহাৰকাৰীৰ সংখ্যা ৬৯৯ হৈছে,যি টো ২০১৫ চনত মাত্ৰ ৯৯৮ মিলিয়ন ব্যৱহাৰকাৰীৰ তুলনাত যথেষ্ট বৃদ্ধি পাইছে।২০২৬ চনৰ মে’ মাহলৈকে ইয়াৰ জৰিয়তে ৯.৫ বিলিয়নতকৈ অধিক নথি-পত্ৰ জাৰি কৰা হৈছে।
UMANG App- ২০১৭ চনত মুকলি কৰা UMANG (Unified Mobile Application for New age Governance) ভাৰতত মোবাইল গভৰ্নেন্সক আগুৱাই নিয়াৰ বাবে ডিজাইন কৰা হৈছিল। ই কেন্দ্ৰীয়, ৰাজ্যিক আৰু স্থানীয় চৰকাৰী সংস্থাসমূহৰ পৰা সেৱাসমূহ লাভ কৰিবলৈ একক উইণ্ড’ মোবাইল আৰু ৱেব প্লেটফৰ্ম প্ৰদান কৰে। নাগৰিকসকলে বিস্তৃত পৰিসৰৰ সেৱাসমূহ লাভ কৰিবলৈ UMANG ব্যৱহাৰ কৰে। ই.পি.এফ.অ'.ৰ বেলেঞ্চ আৰু ক্লেইম, পেন-আধাৰ সেৱা, DigiLockerৰ সুবিধা, বিল পৰিশোধ , পেঞ্চন সেৱা, পাছপ'ৰ্ট সেৱা, ড্ৰাইভিং লাইচেন্স সেৱা, পৰীক্ষাৰ ফলাফল ইত্যাদিকে ধৰি বিভিন্ন সেৱাৰ বাবে নাগৰিকে UMANG এপটো ব্যৱহাৰ কৰে। ২০১৭ চনত ০.২৪ কোটিৰ পৰা ১১.৩৯ কোটি (২ জুন ২০২৬) হৈছে।
মধ্যবিত্তীয় সবলীকৰণ: বৃদ্ধিৰ বাবে এক ভেঁটি
বিগত ১২ বছৰত চৰকাৰে মধ্যবিত্ত শ্ৰেণীক উন্নীত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। ইয়াৰ নীতি আৰু সংস্কাৰে লাখ লাখ পৰিয়ালৰ বাবে দৈনন্দিন প্ৰত্যাহ্বানসমূহ লাঘৱ কৰিছে। তেওঁলোকে আৰ্থিক সুৰক্ষা, গৃহৰ সুবিধা, স্বাস্থ্যসেৱা আৰু দক্ষতা বিকাশৰ সুযোগ শক্তিশালী কৰিছে। এই প্ৰচেষ্টাসমূহে ভাৰতৰ বৃদ্ধিৰ কাহিনীত মধ্যবিত্ত শ্ৰেণীৰ গুৰুত্বপূৰ্ণ ভূমিকাক প্ৰতিফলিত কৰে। ন্যায় আৰু সুলভতাক প্ৰসাৰিত কৰি চৰকাৰে মধ্যম আয়ৰ পৰিয়ালসমূহৰ মাজত অধিক আত্মবিশ্বাস গঢ়ি তুলিছে। এই স্থায়ী পন্থাই জীৱন উন্নত কৰিছে আৰু ভৱিষ্যতৰ প্ৰগতিৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিছে।
তথ্যসূত্ৰ
বিত্ত মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2098352®=3&lang=2
www.indiabudget.gov.in/doc/budget_speech.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2212593®=3&lang=2
https://www.pib.gov.in/PressReleseDetailm.aspx?PRID=2221439®=6&lang=1
জল শক্তি মন্ত্ৰালয়
https://ejalshakti.gov.in/jjmreport/JJMIndia.aspx
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
sansad.in/getFile/loksabhaquestions/annex/187/AU2133_IaL9i8.pdf?source=pqals
শক্তি মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2215187®=3&lang=2
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
sansad.in/getFile/annex/270/AS325_mzQ0A3.pdf?source=pqars
https://pmay-urban.gov.in/
ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
https://www.myscheme.gov.in/schemes/pmbjp
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2224503®=3&lang=1
https://www.digilocker.gov.in/web/statistics
https://web.umang.gov.in/landing/dashboard
ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়
https://janaushadhi.gov.in/
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2242928®=3&lang=1#:~:text=for%20GLP%20compliance
স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2189415®=46&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2165607®=3&lang=2
https://eatrightindia.gov.in/streetfoodhub/home
https://aam.mohfw.gov.in/
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2236917®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2124334®=3&lang=2
chrome-extension://efaidnbmnnnibpcajpcglclefindmkaj/https://ncvbdc.mohfw.gov.in/Doc/National-Strategic-Plan-Malaria-2023-27.pdf
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2087878®=3&lang=2
https://aam.mohfw.gov.in/
দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2222122®=3&lang=1
বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleaseDetail.aspx?PRID=2227597®=6&lang=1
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়
https://dst.gov.in/anusandhan-national-research-foundation-anrf
শিক্ষা মন্ত্ৰালয়
https://sansad.in/getFile/annex/268/AU373_8QLBR4.pdf?source=pqars
আয়ুষ মন্ত্ৰালয়
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2221485®=3&lang=2
যোগাযোগ মন্ত্ৰালয়
https://www.trai.gov.in/sites/default/files/2024-09/PR-TSD-Nov-07_01_15.pdf
কেবিনেট
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2127411®=3&lang=2
অৰ্থনৈতিক পৰিক্ৰমা কেবিনেট সমিতি
https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1919985®=3&lang=2
বিশ্ব বেংক
https://blogs.worldbank.org/en/opendata/understanding-country-income--world-bank-group-income-classifica
বিশ্ব অৰ্থনৈতিক মঞ্চ
https://www.weforum.org/stories/2026/02/massive-urban-shift-in-india-consumer-growth-decentralizing/
নিটি আয়োগ
https://niti.gov.in/sites/default/files/2025-08/Electric-Vehicles-WEB-LOW-Report.pdf
https://niti.gov.in/sites/default/files/2026-01/Trade_Watch_Quarterly_April_June_Q1_FY26.pdf
www.niti.gov.in/sites/default/files/2023-02/Health-Insurance-for-India%E2%80%99s-Missing-Middle_08-12-2021.pdf
https://niti.gov.in/sites/default/files/2026-05/School-Education-System-in-India.pdf
এছ.বি.আই.
sbi.bank.in/documents/13958/14472/19012026_India+to+become+Upper+Middle+Income+country+soon_SBI+Research.pdf/a7c2377b-b58f-0bb6-21e0-af032519e73f?t=1768802982522
অ.ই.চি.ডি.
www.oecd.org/content/dam/oecd/en/publications/reports/2019/05/under-pressure-the-squeezed-middle-class_f3fa7167/689afed1-en.pdf
https://oecd-development-matters.org/2019/05/07/look-east-instead-of-west-for-the-future-global-middle-class/
ৰাষ্ট্ৰীয় চিকিৎসা পুথিভঁৰাল
https://pmc.ncbi.nlm.nih.gov/articles/PMC12975087/
আই.বি.ই.এফ.
https://www.ibef.org/government-schemes/skill-india
টুইটাৰ
https://x.com/PIB_India/status/1930216032368767432
ইউটিউব
https://www.youtube.com/watch?v=gc7WZkS7ObM
https://www.youtube.com/watch?v=HplYaTTWY78
অন্যান্য
https://ddnews.gov.in/en/indias-health-insurance-premiums-cross-%E2%82%B91-2-lakh-crore-sector-grows-at-9/
https://ddnews.gov.in/en/a-decade-of-change-healthcare-access-improves-for-millions-in-the-middle-class/
https://ddnews.gov.in/en/inflation-tamed-unified-pension-scheme-launched-middle-class-sees-tangible-benefits/
https://ddnews.gov.in/en/indias-ev-sales-cross-2-3-million-in-2025-market-share-rises-to-8/
https://www.kotak.bank.in/en/stories-in-focus/loans/home-loan/home-loan-interest-rate-history-india.html
https://www.asianstudies.org/publications/eaa/archives/the-middle-class-in-india-from-1947-to-the-present-and-beyond/
chrome-extension://efaidnbmnnnibpcajpcglclefindmkaj/https://docs.iza.org/dp15410.pdf
https://www.price360.in/expertview/the-rise-of-indias-middle-class-a-force-to-reckon-with/
পিআইবি আৰ্কাইভ
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=157872&ModuleId=3®=3&lang=2
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=155151&ModuleId=3®=3&lang=2
https://www.pib.gov.in/PressNoteDetails.aspx?id=158466&NoteId=158466&ModuleId=3®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2254950®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2239597®=3&lang=1
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=157711&ModuleId=3®=5&lang=16
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=155855&ModuleId=3®=3&lang=2
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2256476®=3&lang=2
https://www.pib.gov.in/PressNoteDetails.aspx?id=158056&NoteId=158056&ModuleId=3®=3&lang=2
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154950&ModuleId=3®=3&lang=1
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=157296&ModuleId=3®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2235812®=3&lang=2
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154635&ModuleId=3®=3&lang=1
https://www.pib.gov.in/PressReleasePage.aspx?PRID=2239597®=3&lang=1#:~:text=Launched%20in%202019%2C%20SWAMIH%20provides,benefiting%20over%202.38%20lakh%20people
https://www.pib.gov.in/PressNoteDetails.aspx?NoteId=154588&ModuleId=3®=3&lang=2
পিআইবি গৱেষণা
(Explainer ID: 158775)
आगंतुक पटल : 44
Provide suggestions / comments