• Sitemap
  • Advance Search
Social Welfare

প্ৰধানমন্ত্ৰী স্বনিধিঃ জীৱন সংগ্ৰামৰ পৰা আত্মনিৰ্ভৰশীলতাৰ পথলৈ

Posted On: 30 MAY 2026 12:05PM

সমগ্ৰ ভাৰতৰ অনানুষ্ঠানিক নগৰীয়া অৰ্থনীতিত কাম কৰা বিক্ৰেতাসকলক সহায় কৰা এক বৃহৎ পদক্ষেপ হিচাপে আত্মপ্ৰকাশ কৰিছে পিএম স্বনিধি। জামিনবিহীন ঋণ প্ৰদানৰ বাহিৰেও এই আঁচনিখনে ডিজিটেল গ্ৰহণক উৎসাহিত কৰিছে, প্ৰতিষ্ঠানিক ঋণৰ সুবিধা উন্নত কৰিছে আৰু সামাজিক সুৰক্ষাৰ কভাৰেজ সম্প্ৰসাৰিত কৰিছে। ২০২০ চনত আৰম্ভ হোৱাৰ পিছৰে পৰা ইতিমধ্যে ১.১২ কোটিৰো অধিক ঋণ প্ৰদান কৰা হৈছে। এই পদক্ষেপে সমগ্ৰ চহৰ আৰু নগৰৰ ৭৫ লাখৰো অধিক হিতাধিকাৰীক উপকৃত কৰিছে। এই আঁচনিৰ অধীনত ১৭,৮০০ কোটি টকাৰো অধিক মূল্যৰ ঋণ প্ৰদান কৰা হৈছে। ইয়াৰ প্ৰভাৱ কেৱল চৰকাৰী সংখ্যাতে নহয়, বিক্ৰেতাসকলে অধিক শক্তিশালী আৰু অধিক বহনক্ষম জীৱিকা গঢ়ি তোলাৰ দৈনন্দিন যাত্ৰাতো দেখা যায়।

ভাৰতৰ পদপথৰ ব্যৱসায়ীসকলৰ পৰিৱৰ্তিত কাহিনী

জনবহুল বজাৰত শাক-পাচলি বিক্ৰেতাজনেই হওক, ব্যস্ত অফিচৰ সন্মুখত চাহ বিক্ৰেতাজনেই হওক, ৰাস্তাৰ কাষত থকা ফল-মূলৰ ঠেলা লগোৱাজনেই হওক, ফুটপাথত জোতা মেৰামতি কৰা মুচীজনেই হওক-এই সকলোবোৰ ভাৰতৰ নগৰীয়া জীৱনৰ এক অবিচ্ছেদ্য অংগ। প্ৰতিদিনে এনে লাখ লাখ পদপথৰ ব্যৱসায়ীসকলে দেশৰ নগৰীয়া অৰ্থনীতি আগুৱাই লৈ যায়। তেওঁলোকে সুলভ মূল্যত সামগ্ৰী আৰু সেৱা প্ৰদান কৰাৰ লগতে স্থানীয় বজাৰ আৰু যোগান শৃংখল শক্তিশালী কৰে।

কিন্তু দীৰ্ঘদিন ধৰি আনুষ্ঠানিক ঋণৰ সুবিধা সীমিত হোৱাৰ বাবে বহু পদপথৰ ব্যৱসায়ীয়ে উচ্চ সুতৰ হাৰত অনানুষ্ঠানিক ঋণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। এই সমস্যাৰ সমাধানৰ বাবে ২০২০ চনৰ জুন মাহত প্ৰধানমন্ত্ৰী স্বনিধি অৰ্থাৎ PM SVANIDHI আঁচনি আৰম্ভ কৰা হৈছিল।এইটো আছিল চৰকাৰী ঋণৰ নিশ্চয়তাৰ দ্বাৰা সমৰ্থিত প্ৰথমটো ক্ষুদ্ৰ বিত্তীয় পদক্ষেপ, যাৰ মূল উদ্দেশ্য আছিল ষ্ট্ৰীট হকাৰসকলৰ বাবে ‘আত্মনিয়োগ, আত্মনিৰ্ভৰশীলতা আৰু আত্মসন্মান’ নিশ্চিত কৰা। আজি প্ৰধানমন্ত্ৰী স্বনিধি কেৱল ঋণৰ আঁচনি নহয়। আৰ্থিক সবলীকৰণ, ডিজিটেল অন্তৰ্ভুক্তি আৰু সামাজিক সুৰক্ষাৰ বাবে এক ৰাষ্ট্ৰীয় আন্দোলনলৈ পৰিণত হৈছে।

যোৱা কেইবছৰমানৰ পৰা দেশৰ বিভিন্ন চহৰ-নগৰত এই আঁচনিৰ যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। দৰাচলতে ৭৫.৫ লাখৰো অধিক গ্ৰাহকে ১.১২ কোটিৰো অধিক ঋণৰ সুবিধা লৈছে। মুঠ ঋণৰ পৰিমাণ ১৭,৮০০ কোটি টকাৰ ওপৰত।

মুঠ ৫৫ লাখৰো অধিক গ্ৰাহকে ডিজিটেল ব্যৱস্থাত যোগদান কৰিছে। তেওঁলোকে সামূহিকভাৱে ৮৪১ কোটিৰো অধিক ডিজিটেল লেনদেন কৰিছে। এই লেনদেনৰ মুঠ মূল্য প্ৰায় ৮.৯৬ লাখ কোটি টকা। ডিজিটেল কেছবেক আৰু সুতৰ ৰাজসাহায্যৰ ৰূপত গ্ৰাহকক প্ৰায় ৮০০ কোটি টকা দিয়া হৈছে।

এই সফলতাৰ ভিত্তিত প্ৰকল্পটোৰ সময়সীমা ২০৩০ চনৰ মাৰ্চ মাহলৈকে বৃদ্ধি কৰা হৈছে।

পিএম স্বনিধি আঁচনিৰ মূল বৈশিষ্ট্য  

 

  1. ৱৰ্কিং কেপিটেল লোন: ১৫,০০০, ২৫,০০০ আৰু ৫০,০০০ টকা পৰ্যন্ত জামিনবিহীন ঋণ তিনিটা ট্ৰেঞ্চত প্ৰদান কৰা হয়। ইয়াৰ লগতে সুতৰ ৰাজসাহাৰ্য আৰু ঋণৰ নিশ্চয়তাৰ সুবিধাও আছে।
  2. ইউপিআই-লিংকড ৰুপে ক্ৰেডিট কাৰ্ড: ঋণৰ দ্বিতীয়টো ট্ৰেঞ্চ সফলতাৰে পৰিশোধ কৰাৰ পিছত গ্ৰাহকে ৩০,০০০ টকা পৰ্যন্ত সীমাৰেখাৰে ইউপিআই-লিংকড ক্ৰেডিট কাৰ্ড লাভ কৰাৰ যোগ্যতা অৰ্জন কৰে।
  3. ডিজিটেল লেনদেনৰ সম্প্ৰসাৰণ: ডিজিটেল লেনদেনক উৎসাহিত কৰিবলৈ পদপথৰ ব্যৱসায়ীসকলক ১৬০০ টকা পৰ্যন্ত কেছবেক দিয়া হয়।
  4. স্বাৱলম্বিতাৰ পৰা ধন: হিতাধিকাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ আৰ্থ-সামাজিক প্ৰফাইলিং কৰি তেওঁলোকক আঠখন নিৰ্বাচিত কেন্দ্ৰীয় কল্যাণমূলক আঁচনিৰ সৈতে সংযোগ কৰি এক সামগ্ৰিক সামাজিক সুৰক্ষাৰ জাল সৃষ্টি কৰা হয়।
  5. সামৰ্থ বিকাশ আৰু উদ্যোগীকৰণ বিকাশ: বিক্ৰেতাসকলক এফ.এছ.এছ.এ.আই.ৰ সহযোগত বিত্তীয় সাক্ষৰতা, ডিজিটেল সাক্ষৰতা, আৰু খাদ্য সুৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়।

 

পিএম স্বনিধি আঁচনিৰ প্ৰভাৱ

২০২৩ আৰু ২০২৫ চনত স্বতন্ত্ৰ মূল্যায়ন অধ্যয়ন কৰা হৈছিল।কেইবাটাও গুৰুত্বপূৰ্ণ তথ্যৰ উন্মেষ ঘটিছিল।

আৰ্থিক সবলীকৰণ

প্ৰায় ৯৫% গ্ৰাহকে প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠানিক ঋণ লাভ কৰিছে। পৰৱৰ্তী সময়ত প্ৰায় ৩০% গ্ৰাহকে পি এম স্বনিধিৰ বাহিৰত অতিৰিক্ত ঋণ ল’বলৈ সক্ষম হৈছে। এইটোৱেই তেওঁলোকৰ ঋণ লোৱাৰ ক্ষমতা বৃদ্ধিৰ প্ৰমাণ। গ্ৰাহকৰ আয় বছৰি গড়ে প্ৰায় ২০% বৃদ্ধি পাইছে।

পৰিয়ালৰ কল্যাণৰ উন্নতি

উন্নত আৰ্থিক অৱস্থাৰ ফলত গৃহ নিৰ্মাণৰ নিৰাপত্তা বৃদ্ধি পাইছে। পুষ্টিকৰ খাদ্য, স্বাস্থ্য সেৱা, শিক্ষাৰ সুবিধাও সহজ হৈ পৰিছে।

পিএম স্বনিধিয়ে দুৰ্বল নগৰীয়া জনগোষ্ঠীৰ মাজত সামাজিক অন্তৰ্ভুক্তিও শক্তিশালী কৰিছে। আঁচনিৰ অধীনত প্ৰায় ৪৬% হিতাধিকাৰী মহিলা, যিয়ে শক্তিশালী লিংগ অন্তৰ্ভুক্তিক প্ৰতিফলিত কৰে। প্ৰায় ৭০% প্ৰান্তীয় সম্প্ৰদায়ৰ, যিয়ে আঁচনিখনৰ সৰ্বাংগীন প্ৰসাৰক উজ্জ্বল কৰি তুলিছে।

স্থিতিস্থাপকতা আৰু সবলীকৰণৰ কণ্ঠ

সংখ্যা আৰু ঋণ প্ৰদানৰ আঁৰত আছে অধ্যৱসায়, সাহস আৰু নৱীকৃত আকাংক্ষাৰ কাহিনী। বহুত বিক্ৰেতাৰ বাবে পিএম স্বনিধিয়ে স্থিৰতা, বিকাশ আৰু উন্নয়নৰ সুযোগসমূহলৈ দুৱাৰ খুলি দিছে যিবোৰ পূৰ্বে অপ্রাপ্য বুলি ধৰা হৈছিল। দেশৰ বিভিন্ন প্ৰান্তৰ এই অভিজ্ঞতাসমূহে সময়োপযোগী সুবিধা প্ৰদানে ক্ষুদ্ৰ ব্যৱসায়ীসকলক কেনেকৈ পুনৰুদ্ধাৰ, খাপ খুৱাই লোৱা আৰু অধিক আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাত সহায় কৰিছে, সেই কথা উজ্জ্বল কৰি তুলিছে।

সৰু দোকানৰ পৰা স্থায়ী দোকানলৈ

উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ নন্দগ্ৰামৰ বাসিন্দা ববিতা শৰ্মাই স্থানীয় মন্দিৰৰ সমীপতে পূজাৰ সামগ্ৰী বিক্ৰী কৰি এখন সৰু দোকান চলাইছিল। সীমিত মূলধনৰ বাবে ব্যৱসায়ৰ সম্প্ৰসাৰণ সম্ভৱ নহ’ল। ২০২০ চনত পিএম স্বনিধিৰ পৰা প্ৰথম ঋণ লাভ কৰাৰ পিছত অতিৰিক্ত সামগ্ৰী ক্ৰয় কৰে। ইয়াৰ ফলত তেখেতৰ বিক্ৰী আৰু উপাৰ্জন বৃদ্ধি পালে। সময়মতে ঋণ পৰিশোধ কৰাৰ পিছত ববিতা শৰ্মাই দ্বিতীয়টো ট্ৰেঞ্চৰ ঋণ পালে। সেই টকাৰে তেখেতে এখন কাৰ্ট কিনি নিজৰ ব্যৱসায়ৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিলে।

উদ্যোগৰ জৰিয়তে নতুন সম্ভাৱনা

তিৰুৱনন্তপুৰমৰ সান্থী আৰে প্ৰায় এটা দশক ধৰি নিজৰ পৰিয়ালৰ শুকান মাছৰ ব্যৱসায় চলাই আহিছে। আগতে তেওঁ উচ্চ সুতৰ ঋণৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল। প্ৰধানমন্ত্ৰী স্বনিধিৰ সহায়ত তেওঁ নিজৰ ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটালে। লগতে পথৰ কাষৰ এখন দোকানৰ পৰা শুকান মাছ পেকেজিং কৰি স্থানীয় দোকানত যোগান ধৰিবলৈ আৰম্ভ কৰে। সান্থীয়ে প্ৰথমতে ১০ হাজাৰ টকা লাভ কৰিছিল আৰু পিছলৈ এই আঁচনিৰ অধীনত ৫০ হাজাৰ টকাৰ তৃতীয় ট্ৰেঞ্চৰ ঋণ পাইছিল। ২০২৬ চনৰ জানুৱাৰী মাহত তেওঁ স্বনিধি ক্ৰেডিট কাৰ্ড লাভ কৰিছিল, যিয়ে তেওঁৰ ক্ৰমবৰ্ধমান ব্যৱসায়িক কাৰ্যকলাপ আৰু অধিক শক্তিশালী কৰি তুলিছিল। সান্থী আৰৰ অভিজ্ঞতাই উজ্জ্বল কৰি তুলিছে যে কেনেদৰে পিএম স্বনিধিয়ে মহিলা উদ্যোগীসকলক ব্যৱসায়ৰ বৈচিত্ৰ্যতা আৰু বহনক্ষম জীৱিকা সৃষ্টি কৰাত সহায় কৰিছে।

সংকটক সুযোগলৈ ৰূপান্তৰ

অসমৰ গুৱাহাটীৰ নুনমাটিৰ বাসিন্দা শেৱালী কলিতাই আগতে এখন সৰু পাণৰ দোকান চলাইছিল। পৰিয়াল চলাবলৈ ওচৰ-চুবুৰীয়াৰ পৰাও ঋণ ল’বলগীয়া হৈছিল। গুৱাহাটী পৌৰ নিগমৰ বিষয়-ববীয়াসকল্ৰ দ্বাৰা প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ সৈতে পৰিচিত হয়। নিজৰ সৰু পাণৰ দোকানখন চলাই নিয়াৰ লগতে তেখেতে প্ৰধানমন্ত্ৰী স্বনিধিৰ পৰা ১০ হাজাৰ টকাৰ ঋণ লৈ প্ৰথমে জৈৱিক শাক-পাচলিৰ ব্যৱসায় আৰম্ভ কৰিছিল। পিছত তেখেতে ২০ হাজাৰ আৰু ৫০ হাজাৰ টকাৰ অতিৰিক্ত ঋণ লাভ কৰে। বৰ্তমান তেওঁ স্বামীৰ সৈতে এটা সফল শাক-পাচলিৰ ব্যৱসায় চলাই আছে। এই ব্যৱসায়ৰ পৰা দুয়োৱে প্ৰতিমাহে প্ৰায় হাজাৰ টকা লাভ হয়।  এই অগ্ৰগতিয়ে অধ্যৱসায় আৰু সুযোগৰ এক শক্তিশালী উদাহৰণ হিচাপে থিয় দিছে।

সৰু ঋণ, ডাঙৰ পৰিৱৰ্তন: এজন পদপথ ব্যৱসায়ী জীৱনৰ ৰূপান্তৰ

যোগৰাজ মালি নামৰ ৩০ বছৰীয়া বি.কম. উত্তীৰ্ণ ছাত্ৰজনে গান্ধীনগৰত চোলাফলী বিক্ৰী কৰি পদপথত খাদ্য ব্যৱসায় চলাইছিল। দুৰ্ভাগ্যজনকভাৱে ক’ভিড-১৯ মহামাৰীয়ে তেওঁৰ ব্যৱসায়ত ভয়াৱহ প্ৰভাৱ পেলাইছিল। অৱশ্যে পি এম স্বনিধি আঁচনিৰ অধীনত ঋণৰ ৰূপত তেখেতৰ জীৱনলৈ আশা আহিল। প্ৰধানমন্ত্ৰী স্বনিধি ঋণে তেওঁৰ ব্যৱসায়ক নতুন জীৱন দিলে। ডিজিটেল লেনদেন গ্ৰহণ কৰি যোগৰাজে কেছবেক বেনিফিট লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা, প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা আৰু শ্রমযোগী মান্ধন যোজনাৰ সুবিধাও লাভ কৰে। এই সমৰ্থনৰ বাবে কৃতজ্ঞ যোগৰাজে স্বীকাৰ কৰে যে কঠিন সময়ত চৰকাৰে সমৰ্থনৰ স্তম্ভ হিচাপে থিয় দিছে, বিশেষকৈ সেইসকলৰ বাবে যিসকলে অৱহেলিত অনুভৱ কৰিব পাৰে।

ঋণৰ বাহিৰেও অধিক পৰিৱৰ্তনৰ কাহিনী                                                                    

দেশৰ ব্যস্ত বজাৰৰ পৰা আৰম্ভ কৰি ৰাজপথৰ সৰু সৰু লেন-সকলোতে পি এম স্বনিধিয়ে অগণন লোকৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন আনিছে। এই আঁচনিখনে ব্যৱসায়ীসকলক পুনৰ ব্যৱসায়ত সোমাবলৈ সহায় কৰিছে। ক্ষুদ্ৰ উদ্যোগসমূহ সম্প্ৰসাৰণ কৰিছে, ডিজিটেল লেনদেন সম্প্ৰসাৰণ কৰিছে আৰু প্ৰতিষ্ঠানিক সমৰ্থনৰ সুবিধা বৃদ্ধি কৰিছে। এই প্ৰকল্পৰ ক্ৰমবৰ্ধমান সফলতাই উন্নয়ন আৰু অন্তৰ্ভুক্তিৰ বহল পৰিৱৰ্তন প্ৰতিফলিত কৰে। অনানুষ্ঠানিক অৰ্থনীতিত কাম কৰা লাখ লাখ লোকৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। আজি ক্ষুদ্ৰ ব্যৱসায়ীসকলক সমাজৰ প্ৰান্তীয় অংশ হিচাপে দেখা নাযায়, বৰঞ্চ ভাৰতৰ অৰ্থনৈতিক বিকাশত তেওঁলোকৰ অৱদানক ক্ৰমান্বয়ে স্বীকৃতি দিয়া হৈছে। সেই পৰিৱৰ্তনৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ প্ৰধানমন্ত্ৰী স্বনিধি।

 

তথ্যসূত্ৰসমূহ                                                                                                       

 

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

https://www.pmsvanidhi.mohua.gov.in/Home/PMSDashboard

https://www.facebook.com/pmsvanidhi/

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2225510&reg=3&lang=1

https://www.pib.gov.in/PressReleasePage.aspx?PRID=2006580&reg=3&lang=2

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

https://www.pib.gov.in/PressReleaseIframePage.aspx?PRID=1984414&reg=3&lang=2

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

https://www.pmindia.gov.in/en/news_updates/cabinet-approves-restructuring-extension-of-lending-period-beyond-31-12-2024-of-pm-street-vendors-atmanirbhar-nidhi-pm-svanidhi-scheme

পিআইবি গৱেষণা

PDF চাবলৈ ক্লিক কৰক

(Explainer ID: 158749) आगंतुक पटल : 10
Provide suggestions / comments
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Gujarati , Tamil , Telugu_Vw , Telugu , Kannada , Malayalam